Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ

Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ and select needs one.

Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ Solutions for All Subject, You can practice these here…

পৰিবহণ আৰু যােগাযােগ

অধ্যায় – ৮

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰ বাচি উলিওৱাঃ 

১। ট্রেন্সছাইবেৰিয়ান ৰেলপথটো ক’ৰ পৰা ক’লৈ প্ৰসাৰিত ? 

( i ) হালিফেক্সৰ পৰা ৱেংক’ৱাৰলৈ ।

( ii ) পিটছবার্গৰ পৰা ব্লাডিভষ্টকলৈ ।

( iii ) পাৰ্থৰ পৰা ছিডনীলৈ । আৰু

( iv ) ডাউইৰ পৰা মেলবর্ণলৈ । 

উত্তৰঃ ( ii ) পিটছবাৰ্গৰ পৰা ব্লাডিভষ্টকলৈ ।

২। ট্রেন্স-কানাডিয়ান ৰেলপথে তলৰ কোন দুখন ঠাইক সংযােগ কৰিছে ? 

( i ) হালিফেক্সৰ পৰা ৱেনকুভাৰক ।

( ii ) পিটছবার্গৰ পৰা ব্লাডিভষ্টকক ।

( iii ) পাৰ্থৰ পৰা ছিডনিক । আৰু

( iv ) ডাৰউইন আৰু মেলবর্ণ ।

উত্তৰঃ ( i ) হালিফেক্স আৰু ৱেনকুভাৰক ।

৩। ট্রেন্স-কানাডিয়ান হাইৱেপ্ৰসাৰিত হৈছে –

( i ) হালিফেক্সৰ পৰা বেংকৱাৰলৈ ।

( ii ) বেংকুৱাৰৰ পৰা চেন্ট জোনচ চিটিলৈ ।

( iii ) পাৰ্থৰ পৰা ছিডনীলৈ । আৰু

( iv ) ডাৰউইনৰ পৰা মেলবর্ণলৈ ।

উত্তৰঃ ( ii ) ৱেংকুভাৰৰ পৰা চেন্ট জোনচ চিটিলৈ । 

৪। তলত দিয়া কোনখন দেশত ৰেলপথৰ ঘনত্ব বেছি 

( i ) আমেৰিকা যুক্তৰাষ্ট্ৰত ।

( ii ) কানাডাত ।

( iii ) ব্রাজিলত । আৰু 

( iv ) ৰাহিয়াত ।

উত্তৰঃ ( ii ) কানাডাত ।

৫। পৃথিৱীৰ প্ৰধান সাগৰীয় পথটো অৱস্থিত –

( i ) উত্তৰ প্রশান্ত মহাসাগৰত ।

( ii ) ভূমধ্য সাগৰত ।

( iii ) উত্তৰ আটলান্টিক মহাসাগৰত । আৰু

( iv ) দক্ষিণ আটলান্টিক মহাসাগৰত ।

উত্তৰঃ ( iii ) উত্তৰ আটলান্টিক মহাসাগৰত ।

৬। ‘বিগ ইঞ্চ’ নামৰ নলিকা পথেৰে তলৰ কোনবিধ দ্রব্য সৰবৰাহ কৰা হয় ? 

( i ) পানী ।

( i ) গাখীৰ ।

( iii ) খাৰুৱা তেল । আৰু

( iv ) ইন্ধন জাতীয় গেছবােৰ ।

উত্তৰঃ ( ii ) খাৰুৱা তেল ।

৭। পথৰ ঘনত্ব মানে হ’ল পথৰ দৈর্ঘ্য 

( i ) প্রতি ১ বর্গ কি.মি.আয়তনত ।

( ii ) প্রতি ১০ বর্গ কি.মি.আয়তনত ।

( ii ) প্রতি ১০০ বর্গ কি.মি.আয়তনত । আৰু

( iv ) প্রতি ১০০০ বর্গ কি.মি.আয়তনত ।

উত্তৰঃ ( iii ) প্রতি ১০০ বর্গ কি.মি. আয়তনত । 

৮। ৰেলপথৰ ঘনত্ব মানে হ’ল ৰেলপথৰ দৈর্ঘ্য 

( i ) প্রতি ১ বর্গ কি.মি.আয়তনত ।

( ii ) প্রতি ১০ বর্গ কি.মি.আয়তনত ।

( iii ) প্রতি ১০০ বর্গ কি.মি.আয়তনত । আৰু

( iv ) প্রতি ১০০০ বর্গ কি.মি.আয়তনত ।

উত্তৰঃ ( iii ) প্রতি ১০০ বর্গ কি.মি. আয়তনত । 

৯। তলৰ কোনখন দেশত ৰাষ্ট্ৰীয় ঘাইপথৰ ঘনত্ব সর্বাধিক 

( i ) আমেৰিকা যুক্তৰাষ্ট্ৰত ।

( ii ) ভাৰতবৰ্ষত ।

( iii ) ফ্রলত ।

( iv ) জাপানত ।

উত্তৰঃ ( i ) আমেৰিকা যুক্তৰাষ্ট্ৰত । 

১০। পৰিবহণ ব্যৱস্থা মানে কি ? 

উত্তৰঃ বিভিন্ন ধৰণৰ পেশীবল আৰু যান্ত্রিক বলৰ দ্বাৰা পৰিচালিত বিভিন্ন আৰ্হিৰ যান বাহনৰ সহায়ত নির্ধাৰিত উৎসৰ পৰা লক্ষ্যস্থান অভিমুখী যাত্ৰী আৰু সামগ্ৰীৰ স্থানান্তকৰণ কার্যৰ সামগ্ৰিক ব্যৱস্থাটোক পৰিবহণ ব্যৱস্থা বুলি কোৱা হয় । 

১১। পৰিবহণৰ মাধ্যমবােৰ কি কি ? 

উত্তৰঃ পবিৰহণৰ মাধ্যমবােৰ হ’লঃ 

( ক ) পথ পৰিবহণ ।

( খ ) ৰেল পৰিবহণ ।

( গ ) জল পৰিবহণ । 

( ঘ ) বিমান পৰিবহণ ।

( ঙ ) নলিকা পৰিবহণ । আৰু

( চ ) ৰঞ্জু পথ ।

১২৷ পৃথিৱীৰ দীর্ঘতম ৰেলপথ কোনটো ? 

উত্তৰঃ পৃথিৱীৰ দীর্ঘতম ৰেলপথটো হ’ল–ষ্টেন্স-ছাইবেৰিয়ান ৰেলপথ । 

১৩। জল পৰিবহণৰ প্ৰকাৰ দুবিধ কি কি ? 

উত্তৰঃ জল পৰিবহণ দুবিধ হ’ল –

( ক ) আভ্যন্তৰীণ জল পৰিবহণ । আৰু

( খ ) সামুদ্রিক পৰিবহণ ।

১৪। মানৱ জীৱনত উচ্চস্তৰীয় জীৱনশৈলী কিহৰ ভিত্তিত হয় ? 

উত্তৰঃ মানৱ জীৱনত উচ্চস্তৰীয় জীৱনশৈলী পৰিবহণ আৰু যােগাযােগৰ ভিত্তিত হয় । 

১৫৷ পৰিবহণ , যােগাযােগ ব্যবস্থা আৰু বাণিজ্যই পৃথিৱীত কি পৰিৱৰ্তন আনিছে ? 

উত্তৰঃ পৰিবহণ , যােগাযােগ ব্যৱস্থা আৰু বাণিজ্যই পৃথিৱীখনক এখন গােলকীয় গাঁৱলৈ পৰিণত কৰিছে । 

চমু উত্তৰৰ প্ৰশ্ন

১৬। সীমান্ত পথ কি ? ইয়াৰ মূখ্য বৈশিষ্ট্যসমূহ আলােচনা কৰা । 

উত্তৰঃ দুখন দেশৰ মাজৰ ব্যৱধানক ৰাষ্ট্ৰীয় ভাৱে যি পথেৰে চিনাক্ত কৰা হয় বা সীমা নির্ধাৰণ কৰা হয় তাকে সীমান্ত পথ বােলে । 

সীমান্ত অঞ্চলসমূহক দেশৰ মূলসুঁতিৰ লগত ৰাজনৈতিক , অর্থনৈতিক আৰু সাংস্কৃতিক ভাৱে সংযােগ কৰাৰ বেলিকা সীমান্ত পথৰ গুৰুত্ব অপৰিসীম । তদুপৰি এনেবােৰ পথক সীমান্তৰ প্ৰতি ৰক্ষাৰ স্বাৰ্থত ব্যাপক উদ্দেশ্যত ব্যৱহাৰ হয় । সীমান্ত পথে দেশৰ সীমাক চিনাক্ত কৰে । এখন দেশে যাতে আন এখন দেশৰ ভূমি দখল কৰিব নােৱাৰে তাৰ বাবে এনে অঞ্চলত সীমান্ত নিৰাপত্তাৰক্ষী নিয়ােগ কৰা হয় । সীমান্ত অঞ্চল চোৱাচিতা কৰাৰ কাৰণে সীমান্ত পথবােৰ যথেষ্ট উন্নতমানৰ হয় । এনে সীমান্তপথ নাথাকিলে নিৰাপত্তা ব্যৱস্থাত ব্যাঘাত জন্মিলহেঁতেন । অবৈধ প্রব্রজনৰ আৰু অবৈধ ভূমি দখলৰ লগতে বিদেশী ৰাষ্ট্ৰই আক্রমণৰ সুযােগ পায় । 

১৭। জল পৰিবহণ ব্যবস্থাটো কেনেকৈ আন যাতায়াত ব্যৱস্থাতকৈ কম ব্যয়বহুল ? 

উত্তৰঃ জল পৰিবহণ ব্যবস্থাটো আটাইতকৈ কম ব্যয়বহুল হােৱাৰ কাৰণসমূহ হ’লঃ 

( ক ) জলপৃষ্ঠৰ ওপৰেৰে নাও – জাহাজ চলাচলৰ উদ্দেশ্যে ৰাস্তা – ঘাট নির্মাণ অথবা মেৰামতি কৰাৰ প্ৰয়ােজন নাই ।

( খ ) বিভিন্ন মহাদেশৰ মাজত বিস্তৃত সাগৰ – মহাসাগৰসমূহ সৰু – ডাঙৰ জাহাজ চলাচলৰ বাবে উপযুক্ত পৃথিৱীব্যাপী পৰিসৰৰ এটা প্রাকৃতিক পৰিবহণ পথতন্ত্ৰৰ দৰেই । 

( গ ) জলপৃষ্ঠৰ ওপৰত যাতায়াত সম্পাদনৰ উদ্দেশ্যে প্রয়ােজন হােৱা ইন্ধনৰ পৰিমাণ অন্যান্য যাতায়াত ব্যৱস্থাৰ তুলনাত যথেষ্ট কম । 

( ঘ ) জলপৃষ্ঠত যাত্রা উৎসৰ পৰা লক্ষ্যস্থান অভিমূখী জাহাজ এখনে আটাইতকৈ চমু পথ অনুসৰণ কৰিব পাৰে । 

১৮। নলিকা পৰিবহণ ব্যৱস্থাটো কেনেকৈ বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা হয় আলােচনা কৰা । 

উত্তৰঃ নলিকা পৰিবহণৰ সহায়ত ব্যাপকভাৱে তৰল পদার্থ আৰু গেছীয় পদার্থসমূহ স্থানান্তৰিত কৰা হয় । ইয়াৰ ভিতৰত খনিজ তেল আৰু প্রাকৃতিক গেছ আদিয়েই প্রধানকৈ এই পৰিবহণৰ মাধ্যমত স্থানান্তৰিত কৰা হয় । আমি ৰন্ধা বঢ়া কৰিবলৈ যি গেছ ( লিপিজি ) ব্যৱহাৰ কৰাে, সেই গেছাে নলিকা পৰিবহণৰ দ্বাৰাই বিভিন্ন ঠাইলৈ যােগান ধৰা হয় । কিছু কিছু অঞ্চলত মানুহে গেছ চিলিণ্ডাৰৰ পৰিৱর্তে এনে নলিকা পৰিবহণ দ্বাৰা ঘৰত ৰন্ধন গেছৰ ব্যৱহাৰ কৰে । নলিকা পৰিবহণৰ দ্বাৰাই কোনাে অঞ্চলৰ পৰা খনিজ তেল সংগ্রহ কৰি আকৌ এই পৰিবহণৰ মাধ্যমতে সংশােধনৰ বাবে পঠোৱা হয় আৰু পুনৰ এই নলিকা পৰিবহণৰ দ্বাৰাই ব্যৱহাৰৰ বাবে যােগান ধৰা হয় । 

১৯ ৷ ট্রেন্স-ছাইবেৰিয়ান ৰেলপথৰ মূখ্য বৈশিষ্ট্যসমূহ কি ? 

উত্তৰঃ ট্ৰেন্স-ছাইবেৰিয়ান পথৰ মূখ্য বৈশিষ্ট্যসমূহ হ’লঃ 

( ক ) ট্রেন্স-ছাইবেৰিয়ান ৰেলপথটো হৈছে পৃথিৱীৰ দীর্ঘতম ৰেলপথ । এই ৰেলপথৰ দৈর্ঘ্য হ’ল ৯,৩৩২ কিলােমিটাৰ । 

( খ ) এই ৰেলপথটোৰ সমগ্ৰ দৈর্ঘ্যই যুটীয় বৈদ্যুতিকৃত । 

( গ ) ইউক্রেইনৰ ওডেছা , কাস্পিয়ান উপকূলৰ বাকু , উজবেকিস্তানৰ টাছাখণ্ড , মংগােলিয়াৰ উলন-বাটোৰ , মুকদেনৰ শ্যেন্যাং আৰু চীনৰ বেইজিং প্রভৃতি চুবুৰীয়া কেইবাখনাে দেশৰ গুৰুত্বপূৰ্ণ চহৰলৈকে এই ৰেলপথৰ শাখা – প্রশাখা আগবাঢ়ি গৈছে । 

( ঘ ) এছিয়াৰ অন্তৰ্গত ৰাছিয়াৰ কেঁচামাল আৰু ইউৰােপীয় ৰাছিয়াৰ উদ্যোগখণ্ডক এই ট্রেন্স ছাইবেৰিয়ান ৰেলপথটোৱে সংযােগ ঘটাইছে । 

২০। ট্রেন্স-কানাডিয়ান ৰেলপথৰ মূখ্য বৈশিষ্টসমূহ কি কি ? 

উত্তৰঃ ট্ৰেন্স-কানাডিয়ান ৰেলপথৰ বৈশিষ্ট্যসমূহ হলঃ 

( ক ) সৰ্বমুঠ ৭০৫০ কিলােমিটাৰ দৈৰ্ঘ্যৰ ট্ৰেন্স কানাডিয়ান ৰেলপথটো ১৮৮৬ চনত নির্মাণ কৰা হয় । 

( খ ) কানাডাৰ প্রেইৰী অঞ্চলৰ ঘেঁহু , সৰলবর্গীয় অৰণ্য বলয়ৰ কাঠ আৰু মন্ট্রিল কুইবেক ঔদ্যোগিক বলয়ৰ শিল্পজাত দ্রব্যসমূহ এইটো ৰেলপথেৰে সৰবৰাহ কৰা হয় । 

( গ ) কানাডাৰ অর্থনৈতিক ধমনী সদৃশ এই ট্রেন্স কানাডিয়ান পথটোৰে ঘেঁহু আৰু মাংস ৰপ্তানি কৰা হয় । 

( ঘ ) এই ৰেলপথটোৱে কানাডাৰ পূব উপকূলৰ হালিফেক্স বন্দৰৰ পৰা কুইবেক , মন্ট্রিল , উটুৱা , উইনিপেগ আৰু কোগেৰি প্রভৃতি চহৰসমূহৰ মাজেৰে পশ্চিমমুৱা হৈ প্রশান্ত উপকূৰ ৱেংকৰলৈকে বিস্তৃত হৈ আছে ।

২১৷ পৰিবহণৰ মাধ্যম হিচাপে সামুদ্রিক পৰিবহণৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ প্রায় তিনি চুতুর্থাংশই সমুদ্রপৃষ্ঠ আৰু স্থলাবয়বসমূহ এই মহাসাগৰীয় পৃষ্ঠত কিছুমান সৰু – ডাঙৰ দ্বীপৰ দৰে সিঁচৰিত হৈ আছে । সেয়েহে , আন্তঃমহাদেশীয় পৰিসৰৰ পৃষ্ঠ – পৰিবহণ ঘাইকৈ সমুদ্র পৃষ্ঠৰ ওপৰেদিহে সম্ভৱ হয় । সামুদ্রিক পথসমূহ বিশ্বৰ সকলাে দেশে ব্যৱহাৰ কৰিব পাৰে । এই পথ পৰিবহণত যাতায়াতৰ খৰচ অতি কম । এই পৰিবহণ ব্যৱস্থাত যাত্ৰাৰ উৎসৰ পৰা লক্ষ্যস্থল অভিমুখী জাহাজ এখনে সমুদ্রপৃষ্ঠত চমু পথ অনুসৰণ কৰিব পাৰে । বিশ্বৰ প্ৰধান সমুদ্র পথসমূহ হ’ল —উত্তৰ আটলান্টিক পথ , চুৱেজ খাল , অন্তৰীপ পথ , দক্ষিণ আটলান্টিক পথ , উত্তৰ প্রশান্ত পথ আৰু দক্ষিণ প্রশান্ত পথ । 

২২। উপকূলীয় নৌ – পৰিবহণৰ প্রকৃতি বর্ণনা কৰা । 

উত্তৰঃ আন্ত:ৰাষ্ট্ৰীয় অথবা পাৰ মহাদেশীয় সমুদ্র পথৰ উপৰিও সচৰাচৰ একোখন ৰাষ্ট্রৰ পৰিসৰত উপকুলীয় সাগৰ পৃষ্ঠত উপকূলীয় নৌ – পৰিবহণ নামৰ আন এক শ্রেণীৰ সমুদ্র পৰিবহণ প্রণালী গঢ় লয় । আমেৰিকা যুক্তৰাষ্ট্র , চীন , ভাৰত প্রভৃতি দীঘলীয় উপকূল ভূমিৰ জনবহুল দেশসমূহত উপকূলীয়া তবাং জলৰাশিক পৰিবহণ কাৰ্যৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয় । উদাহৰণস্বৰূপে , ভাৰতত মুম্বাই – গােৱা , গােৱা – কোচিন , বিশাখাপট্টনম – চেন্নাই প্রভৃতি উপকূলীয় সামুদ্রিক পথসমূহ পর্যটন আৰু সামগ্রী পৰিবহণৰ আকর্ষণীয় পথৰূপে বিবেচিত হৈছে । উপযুক্ত পৰিচালনা সম্ভৱপৰ হ’লে এনেবােৰ উপকূলীয় নৌ – পৰিবহণ পথ ব্যৱহাৰ কৰি স্থল পৰিবহণ খণ্ডৰ ওপৰত যাতায়াতৰ হেঁচা বহু পৰিমাণে লাঘৱ কৰিব পাৰি ।

২৩। চুৱেজ খাল সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ ভূমধ্য সাগৰীয় পৰ্ট চৈয়দ বন্দৰক লােহিত সাগৰৰ উত্তৰ সীমান্তৰ চুৱেজ বন্দৰৰ লগত সংযােগ কৰি ১৮৬৯ চনত চুৱেজ খাল খন্দা হয় । আটলান্টিক আৰু ভাৰত মহাসাগৰক এই পথেৰে সংযােগ কৰাৰ ফলত পশ্চিম ইউৰােপ আৰু শ্রীলংকাৰ মাজৰ দূৰত্ব প্রায় ৩,৫০০ কিলােমিটাৰ হ্রাস পায় । প্রায় ১৬০ কিলােমিটাৰ দীঘল চুৱেজ খালৰ গভীৰতা ১০-১৫মিটাৰ পর্যন্ত আৰু ইয়াৰ জলপৃষ্ঠ সমুদ্রপৃষ্ঠৰ উচ্চতাত থাকে । দৈনিক প্রায় ১০০ খন জাহাজে এই খাল অতিক্রম কৰে ।

২৪। ছেন্ট লৰেন্স সমুদ্রপথৰ হ্রদ অঞ্চলৰ ওপৰত এটি চমু টোকা লিখা ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাক সামৰি এই হ্রদ অঞ্চলৰ সৃষ্টি হৈছে । চুপিৰিয়ৰ , মিচিগান , হিউন , ইৰি আৰু ওন্টেৰিও প্রভৃতি পৰস্পৰ সংযুক্ত সুবৃহৎ হ্রদসমূহক কেন্দ্ৰ কৰি উত্তৰ – পূবে ছেন্ট লৰেন্স নদীয়েদি আটলান্টিক মহাসাগৰলৈকে আৰু দক্ষিণেই লিয়নইজ খালেৰে মিছিছিপি নদীৰ নিম্ন ভাগলৈ মেক্সিকো উপসাগৰলৈকে ধাৰাবাহিক ভাৱে কিছুমান জলাশয় আছে । এই জলাশয়সমূহক আশ্রয় কৰি সমগ্ৰ উত্তৰ আমেৰিকা মহাদেশত মুঠতে ১৯,২০০ কিলােমিটাৰ আভ্যন্তৰীণ জলপথৰ সৃষ্টি হয় । 

২৫। উপগ্রহ যােগাযােগ ব্যৱস্থাৰ ওপৰত এটি বিস্তৃত বিৱৰণ দিয়া ।

উত্তৰঃ পৃথিৱীৰ প্রায় ১০০ কোটি লােকেই বর্তমান সময়ত যােগাযােগ সেৱাৰ ক্ষেত্ৰত উপগ্রহ পৰিচালিত ইন্টাৰনেট ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল । আকাশত নিক্ষেপ কৰা উপগ্রহসমূহত তথ্যৰ গ্রাহক আৰু প্ৰতিফলক যন্ত্র সংস্থাপন কৰি এই কাম অতি কম খৰচত সহজে সমাধা কৰা হয় । যােগাযােগ সেৱাৰ উদ্দেশ্যে উপগ্রহ ব্যৱস্থাৰ ব্যাপক প্রচলনৰ ক্ষেত্ৰত ভাৰতবৰ্ষও বিশ্বৰ এখন আগশাৰীৰ দেশ । ভাৰতৰ এনেধৰণৰ কৃত্রিম উপগ্রহসমূহৰ ভিতৰত আর্যভট্ট , ভাস্কৰ -১ , ৰােহিণী , ইনছেট -১ খ প্রভৃতি উল্লেখযােগ্য । এইভিন্ন শ্রেণীৰ উপগ্রহসমূহে দূৰদূৰণিৰ পৰিসৰত ব্যক্তিগত পর্যায়ৰ যােগাযােগকে ধৰি অনাতাঁৰ , দূৰদৰ্শন , ৰেল আৰু বিমান চলাচল , প্রতিক্ষা , প্রাকৃতিক দুর্যোগ প্রভৃতি বিভিন্ন বিষয়ৰ লগত জড়িত বহু ধৰণৰ যােগাযােগ প্রণালী পৰিচালনা কৰে । 

২৬। বান প্রৱণ অঞ্চলত পথ পৰিবহণৰ অসুবিধাসমূহ আলােচনা কৰা । 

উত্তৰঃ বান প্রৱণ অঞ্চলত পথ পৰিবহণৰ অসুবিধাসমূহ হ’ল — 

( ক ) বানপানীত ৰাস্তাসমূহ ডুব যােৱাৰ ফলত গাড়ী মটৰৰ চলাচল ব্যাহত হয় । 

( খ ) বানপানীৰ কবলত পৰি ৰাস্তাসমূহ বেয়া হয় । 

( গ ) বহু সময়ত বানপানীৰ ফলত ৰাস্তা ছিগি যায় যাৰ ফলত দুখন ঠাইৰ মাজৰ পথ যােগাযােগ বহুকেইদিনলৈ ব্যাহত হয় । 

২৭। পর্বতাঞ্চলত পথ পৰিবহণৰ অসুবিধাসমূহ আলােচনা কৰা । 

উত্তৰঃ পর্বতাঞ্চলত পথ পৰিবহণৰ অসুবিধাসমূহ হ’ল— 

( ক ) পর্বতাঞ্চলত পথ নির্মাণ ব্যৱস্থা অতি ব্যয়বহুল ।

( খ ) এনে অঞ্চলত ভূমিস্খলনৰ ফলত বহু সময়ত পথ পৰিবহণ ব্যৱস্থা ব্যাহত হয় । 

( গ ) পবর্তাঞ্চলত পথ পৰিবহন ব্যৱস্থা সাধাৰণতে অতি দুর্গম হয় । 

২৮। সামুদ্রিক পৰিবহণৰ বিকাশৰ কাৰণসমূহ উল্লেখ কৰা । 

উত্তৰঃ সামুদ্রিক পৰিবহণৰ বিকাশৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল–

( ক ) সামুদ্রিক পথসমূহ বিশ্বৰ সকলাে দেশে ব্যৱহাৰ কৰিব পাৰে । 

( খ ) সমুদ্র পথেৰে যাতায়াত কৰােতে ইন্ধনৰ খৰচ অতি কম হয় । 

( গ ) যাত্ৰাৰ উৎসৰ পৰা লক্ষ্যস্থল অভিমূখে যাত্রা কৰােতে জাহাজ এখনে আটাইতকৈ চমু পথ অনুসৰণ কৰিব পাৰে । 

( ঘ ) গধুৰ সামগ্রী সৰবৰাহৰ বাবে এই পৰিবহণ ব্যৱস্থা অতি উত্তম । 

২৯। খনিজ তেল আৰু গেছ সৰবৰাহৰ বাবে নলিকা পথ বিস্তীর্ণভাৱে ব্যৱহাৰ কৰা হয় কিয় ? 

উত্তৰঃ খনিজ তেল আৰু গেছ সৰবৰাহৰ বাবে নলিকা পথ বিস্তীর্ণভাৱে ব্যৱহাৰ কৰা হয় কিয় কাৰণসমূহ তলত উল্লেখ কৰা হ’ল–

( ক ) খনিজ তেল আৰু গেছ সৰবৰাহৰ বাবে নলিকা পথ পৰিবহণ ব্যৱস্থাই আটাইতকৈ কম খৰচী । 

( খ ) এই পৰিবহণ ব্যৱস্থা অধিক নিৰাপদ । 

( গ ) জুলীয়া আৰু গেছীয় পদার্থ সৰবৰাহৰ বাবে অন্যান্য পৰিবহণ ব্যৱস্থাতকৈ নলিকা পৰিবহন ব্যৱস্থা অধিক সুবিধাজনক । 

৩০। পৰিবহন ব্যৱস্থাটোক কিদৰে অৱস্থাপক স্বৰূপ সেৱাদায়ী উদ্যোগ বুলিব পাৰি ? 

উত্তৰঃ পৰিবহন ব্যৱস্থাটোৱে সম্পদ উৎপাদনকাৰী আৰু উপভোক্তাৰ মাজত সম্পর্ক স্থাপন কৰে । এই ব্যৱস্থাৰ জৰিয়তে অঞ্চল এটাৰ অতিৰিক্ত উৎপাদনৰ বাণিজ্যিক লেনদেন আৰম্ভ হয় । পৰিবহন প্রণালীটোক এখন ৰাষ্ট্ৰৰ সকলাে ধৰণৰ আর্থিক , সামাজিক , সাংস্কৃতিক আৰু প্ৰতিৰক্ষামূলক কাম কাজৰ উমৈহতীয়া অৱস্থাপক স্বৰূপ সেৱাদায়ী উদ্যোগ বুলিব পাৰি । কাৰণ , পৃথিৱীৰ প্ৰতিখন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় অথবা আঞ্চলিক পৰিসৰৰ আর্থ – সামাজিক উন্নয়ন , আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য , প্রতিক্ষা আৰু আভ্যন্তৰীণ শান্তি শৃংখলা প্রভৃতি কার্যসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰিবহন প্রণালীটোৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল হৈ থাকে । পৰিবহন খণ্ডৰ উন্নয়নৰ ঠিক সমানুপাতিকভাৱে এখন ৰাষ্ট্রৰ সামগ্রিক উন্নয়ন প্রক্রিয়াও আগুৱাই গৈ থাকে ।

৩১। প্রধান পথৰ মুখ্য বৈশিষ্ট্যসমূহ আলােচনা কৰা । 

উত্তৰঃ প্রধান পথৰ মুখ্য বৈশিষ্ট্যসমূহ তলত আলােচনা কৰা হ’ল–

( ক ) প্রধান পথসমুহে দূৰ – দূৰণিৰ গুৰুত্বপূৰ্ণ ঠাইসমূহক সংযােগ কৰে । 

( খ ) এনে পথসমূহত অগ্রগামী আৰু প্ৰতিগামী যান-বাহনৰ দুই বিপৰীতমূখী লিকৰ মাজত পথ বিভাজক থাকে । 

( গ ) এই পথসমূহত গতিৰােধক আৰু লেভেল ক্রচিং আদি প্রতিবন্ধকসমূহ নাথাকে । 

( ঘ ) দেশৰ গুৰুত্বপূৰ্ণ নগৰ – চহৰ আৰু বন্দৰ সমূহক এই পথসমূহে সংলগ্ন কৰে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

৩২ ৷ ডাঙৰ মহানগৰ সমূহত পৰিবহণৰ প্রধান সামাধানবােৰ কি কি ? 

উত্তৰঃ ডাঙৰ মহানগৰ সমূহত পৰিবহণৰ প্রধান সামাধানবােৰ তলত উল্লেখ কৰা হ’ল–

( ক ) পথ পৰিবহণ ।

( খ ) ৰে’ল পৰিবহণ ।

( গ ) জল পৰিবহণ ।

( ঘ ) বিমান পৰিবহণ । আৰু 

( ঙ ) নলিকা পৰিবহণ । 

৩৩। এটা সুন্দৰভাৱে পৰিচালিত পৰিবহণ ব্যবস্থাত বিভিন্ন মাধ্যমবােৰ পৰম্পৰে পৰম্পৰৰ পৰিপূৰক হয় ’ — এই মন্তব্যটো ব্যাখ্যা কৰা । 

উত্তৰঃ পৰিবহণৰ প্ৰধান মাধ্যমসমূহ হ’ল — পথ পৰিবহণ , ৰেল পৰিবহণ , আভ্যন্তৰীণ জল পৰিবহণ , সামুদ্রিক পৰিবহণ , বিমান পৰিবহণ আৰু নলিকা পৰিবহণ । ইয়াৰে নলিকা পৰিবহণৰ বাহিৰে বাকী সকলােবােৰ পৰিবহণেই আন্তঃআঞ্চলিক অথবা আন্তঃৰাষ্ট্ৰীয় পৰিসৰত যাত্রী অথবা সামগ্রী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা হয় । নলিকা পৰিবহণক একদিশগামী তৰল বা গেছীয় পণ্যদ্রব্য সৰবৰাহৰ উদ্দেশ্যেহে ব্যৱহাৰ কৰিব পাৰি । কম দূৰত্বৰ পৰিসৰত সীমিত সংখ্যক যাত্রী আৰু কম পৰিমাণৰ পণ্যদ্রব্য দুৱাৰে দুৱাৰে যােগান ধৰাৰ ক্ষেত্ৰত পথ পৰিবহণ সবাতােকৈ সুবিধাজনক । 

আনহাতে , আন্তঃৰাষ্ট্ৰীয় অথবা আন্তঃমহাদেশীয় ভৌগােলিক পৰিসৰত বৃহৎ আয়তনৰ পণ্যদ্রব্য সৰবৰাহৰ উদ্দেশ্য সমুদ্র পৰিবহণক ব্যৱহাৰ কৰা হয় । আকৌ , একোখন ৰাষ্ট্ৰৰ ৰাজনৈতিক চাৰিসীমাৰ ভিতৰত বৃহৎ পৰিমাণৰ দূৰগামী যাত্রী আৰু – মাল বস্তুৰ সৰবৰাহ কার্য সম্পাদন কৰাৰ বেলিকা ৰেলৈ পৰিবহণৰ সমান সুবিধাজনক মাধ্যম আন একোৱেই হ’ব নােৱাৰে । ইফালে কম ওজনৰ মূল্যৱান দ্রব্যকে ধৰি জৰুৰীভাবে পৰিবহণযােগ্য যাত্রী আৰু সামগ্রী সৰবৰাহৰ বেলিকা কিমান পৰিবহণ এক অবিকল্প মাধ্যম । একোটা সুপৰিচালিত পৰিবহণ ব্যৱস্থাৰ পৰিসৰত অন্তর্ভুক্ত সকলাে ধৰণৰ মাধ্যমৰ মাজত পাৰস্পৰিক সমন্বয়মূলক সম্পর্ক গঢ়ি উঠিলেই পৰিবহণ সেৱাৰ পৰা আশানুৰূপ সুফল লাভ কৰিব পৰা যায় ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top