Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা

Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা and select needs one.

Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা Solutions for All Subject, You can practice these here…

প্রাথমিক খণ্ডৰ জীৱিকা

অধ্যায় – ৫

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। তলৰ কোনটো ৰোপণ শস্য নহয় ?

( i ) ৰবৰ ।

( ii ) কফি ।

( iii ) কুঁহিয়াৰ । আৰু 

( iv ) ধান ।

উত্তৰঃ ( iv ) ধান । 

২। তলৰ কোনখন ৰাষ্ট্ৰই সমবায় পদ্ধতিৰ কৃষি ব্যৱস্থাত আটাইতকৈ বেছি সুফল লাভ কৰিছে – 

( i ) ভাৰত ।

( ii ) নেডাৰলেণ্ড ।

( iii ) ডেনমাৰ্ক । আৰু 

( iv ) ৰাছিয়া । 

উত্তৰঃ ( iii ) ডেনমার্ক । 

৩। ফুলৰ উৎপাদনক কোৱা হয় –

( i ) ট্রাক ফার্মিং ।

( ii ) মিশ্র কৃষি ।

( ii ) ৰোপণ কৃষি । আৰু

( iv ) ফ্ল’ৰিকালচাৰ ।

উত্তৰঃ ( iv ) ফ্ল’ৰিকালচাৰ ।

৪। ইউৰোপীয় ঔপনিবেশিকসকলে তলৰ কোন প্রকাৰৰ কৃষিকাৰ্যৰ প্ৰসাৰ ঘটাইছিল-

( i ) অস্থায়ী কৃষি ।

( ii ) মিশ্র কৃষি ।

( iii ) ভিতিকালচাৰ । আৰু

( iv ) ৰােপণ কৃষি ।

উত্তৰঃ ( iv ) ৰােপণ কৃষি ।

৫। তলৰ কোনটো অঞ্চলত বিস্তৃত বাণিজ্যিক কৃষিৰ প্ৰচলন দেখা নাযায় ? 

( i ) আমেৰিকাৰ প্রেইৰি অঞ্চল ।

( ii ) আর্জেন্টিনাৰ পাম্পাছ অঞ্চল ।

( iii ) ইউৰােপৰ ষ্টেপচ অঞ্চল । আৰু 

( iv ) আমাজান অৱবাহিকা ।

উত্তৰঃ ( iv ) আমাজান অৱবাহিকা ।

৬। তলৰ কোনবিধ কৃষি অস্থায়ী কৃষিৰ অন্য নাম ? 

( i ) বাণিজ্যিক পশুপালন ।

( ii ) আত্মনিৰ্ভৰশীল কৃষি ।

( iii ) মিশ্র কৃষি । আৰু

( iv ) সমবায় কৃষি ।

উত্তৰঃ ( ii ) আত্মনিৰ্ভৰশীল কৃষি ।

৭। তলৰ কোনবিধ কৃষি এক শস্যৰ নহয় ? 

( i ) ৰোপণ কৃষি ।

( ii ) মিশ্র কৃষি ।

( iii ) বাণিজ্যিক মাহজাতীয় শস্যৰ খেতি । আৰু

( iv ) দুগ্ধ পাম ।

উত্তৰঃ ( ii ) মিশ্র কৃষি ।

৮। তলৰ কোনটো কৃষি পদ্ধতি উত্তৰ – পূৱ ভাৰতৰ পার্বত্য অঞ্চলত পৰিচালিত হয় ? 

( i ) ট্রাক ফার্মিং । 

( ii ) মিশ্র কৃষি ।

( iii ) বাণিজ্যিক মাহজাতীয় শস্যৰ কৃষি । আৰু

( iv ) অস্থায়ী কৃষি ।

উত্তৰঃ ( iv ) অস্থায়ী কৃষি ।

৯। প্রাথমিক বৃত্তি কোনবােৰ ? 

উত্তৰঃ প্রাকৃতিক পৰিবেশত নিহিত সম্ভাৱনাসমূহক আধাৰ ৰূপে লৈ তেনেবােৰ আধাৰৰ পৰা সম্পদ আহৰণত জড়িত বৃত্তিসমূহক প্রাথমিক বৃত্তি বােলা হয় । যেনে– চিকাৰ আৰু সংগ্রহ , মৎস্য পালন , বনজ সম্পদ আহৰণ , কৃষিকাৰ্য্য ইত্যাদি । 

১০। কি স্তৰত পশুপালন কৰা হয় ? 

উত্তৰঃ পৰিবেশৰ ভাৰসাম্যতাৰ ওপৰত নিৰ্ভৰ কৰি পশুপালন কৰা হয় । যি পৰিবেশৰ লগত কোনাে জন্তু খাপ খাব পাৰে , তেনে পৰিবেশতে পশুপালন কৰা হয় । 

১১। খনিজ পদার্থ আহৰণৰ পদ্ধতি দুটা লিখা । 

উত্তৰঃ খনিজ পদার্থ আহৰণৰ পদ্ধতি দুটা হলঃ 

( ক ) মুক্ত খনন । আৰু 

( খ ) ভূগর্ভীয় খনন । 

১২। দুটা প্রাথমিক পর্যায়ৰ কাম উল্লেখ কৰা । 

উত্তৰঃ প্রাথমিক পৰ্যায়ৰ দুটা কাৰ্যহলঃ 

( ক ) কৃষিকার্য । আৰু 

( খ ) মৎস্য পালন ।

১৩। পােষক কৃষি কি ? 

উত্তৰঃ একো একোটা অঞ্চলৰ ভৌগােলিক পৰিবেশৰ লগত খাপ – খােৱাকৈ আৰু একোটা হত জনগােষ্ঠীৰ পূর্বাপৰ ঐতিহ্যৰ অভিজ্ঞতাৰে ঘাইকৈ খাদ্যশস্য উৎপাদনত প্রাধান্য আৰােপ কৰি স্ব – নিৰ্ভৰশীল হােৱা লক্ষ্যৰে সম্পাদন কৰা কৃষি কাৰ্যক পােষক কৃষি বােলে । 

১৪। যৌথ কৃষি বুলিলে কি বুজা ? 

উত্তৰঃ কৃষি ভূমিকে ধৰি কৃষিকাৰ্যৰ উপকৰণ সমূহৰ মালিকানা আৰু কৃষিকার্যত সামূহিক শ্রম বিনিয়ােগ কার্যক মূল আধাৰ হিচাপে লৈ যি কৃষি ব্যবস্থা গঢ়ি উঠে তাকে যৌথ কৃষি বােলে । 

১৫। গ্রাম্য অঘৰীবাদ বুলিলে কি বুজা ? 

উত্তৰঃ পশু-পালনক জীৱিকা হিচাপে গ্রহণ বহু সংখ্যক মানুহে লগত তৃণভােজী প্রাণীসমূহ লৈ এঠাইৰ পৰা আন এঠাইলৈ যােৱাকে গ্রাম্য অঘৰীবাদ বােলে । এই প্রক্রিয়াত মানুহে তৃণভােজী প্রাণীসমূহৰ পৰা গাখীৰ , মাংস , ঊণ , চামৰা , প্রভৃতি দ্রব্যসমূহ সংগ্ৰহ কৰাৰ লগতে বহুসময়ত এই জন্তুবােৰক পৰিবহণৰ আহিলা হিচাপেও ব্যৱহাৰ কৰে । 

১৬। উদ্যান কৃষিৰ প্ৰচলন চহৰৰ নিকটবর্তী অঞ্চলত সীমাবদ্ধ হােৱাৰ কাৰণ দর্শোৱা ৷ 

উত্তৰঃ উদ্যান কৃষি পদ্ধতিত উৎপাদিত শস্যসমূহ যেনেঃ পাচলি , ফলমূল আৰু ফুল আদিৰ চাহিদা চহৰ অঞ্চলসমূহত অধিক দেখা যায় । এই শ্রেণীৰ শস্যবােৰ কম সময়ৰ ভিতৰতে নষ্ট হােৱাৰ সম্ভাৱনা থকা হেতুকে দূৰ দূৰণিৰ পৰা আনি বিক্ৰী কৰিবলৈ যথেষ্ট সময়ৰ প্রয়ােজন হয় আৰু সামগ্ৰীসমূহ গেলি – পচি যােৱাৰ সম্ভাৱনাও বৃদ্ধি পায় । এনে কাৰণত , সাধাৰণতে চহৰৰ পৰা ২০-২০০ কিল’মিটাৰ দূৰত্বৰ পৰিসৰত উদ্যান কৃষিৰ ক্ষেত্রসমূহ গঢ়ি উঠা দেখা যায় । 

১৭। অঘৰী পশু-পালনৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ অঘৰী পশুপালনৰ বৈশিষ্ট্যসমূহ হ’ল– 

( ক ) অঘৰী পশু-পালনত পশু-পালকসকলে পালিত প্রাণীসমূহৰ বাবে ঘাঁহ আৰু পানীৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰৱজন কৰে । 

( খ ) অঘৰী পশু-পালকসকলে পৰম্পৰাগত ভাৱে একোটা নির্দিষ্ট ভৌগােলিক পৰিসৰৰ ভিতৰত বাসস্থানৰ পৰিৱৰ্তন কৰি থাকে । 

( গ ) অঘৰী পশু-পালন বৃত্তি সম্পূর্ণৰূপে আত্মনিৰ্ভৰশীল জীৱিকা । 

( ঘ ) অঘৰী পশু-পালক সকলৰ আর্থিক অভাৱ পােহনীয়া পশুৰ দ্বাৰা পূৰণ কৰে । 

( ঙ ) অঘৰী পশু-পালনত মাটিত ঘাঁহৰ খেতি কৰা নহয় । 

( চ ) অঘৰী পশু-পালক সকলে সৰু সৰু গােষ্ঠী নাইবা জনজাতীয় গােটত দলবদ্ধ হৈ থাকে । 

১৮। তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ তৃতীয় খণ্ডৰ বৃত্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ হলঃ 

( ক ) তৃতীয় খণ্ডৰ বৃত্তিত মানুহে প্ৰকৃতিৰ পৰা বস্তু আহৰণ নকৰে । 

( খ ) তৃতীয়ক খণ্ডৰ বৃত্তিত দ্রব্য উৎপাদনৰ সলনি মানুহৰ কামত অহা বিভিন্ন সেৱা কাৰ্য্যসমূহ অন্তর্গত হয় । ব্যৱসায়ী , পুলিচ , উকীল , ডাক্তৰ , গাড়ীচালক , প্রশাসক , বেংকাৰ আদি তৃতীয়ক খণ্ডৰ বৃত্তিধাৰী হয় । 

( গ ) প্রাথমিক আৰু দ্বিতীয় খণ্ডৰ দৰে তৃতীয় খণ্ডৰ বৃত্তিত অধিক সংখ্যক কর্মী নিযুক্তি কৰাটো সম্ভৱ নহয় । 

১৯। ভাৰতবৰ্ষত চিকাৰ কার্য কিয় নিষিদ্ধ কৰা হৈছে ? 

উত্তৰঃ প্রাচীন কালত মানুহৰ আর্থিক কাম-কাজ চিকাৰ আৰু সংগ্রহ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল । মাংসৰ উদ্দেশ্যে বন্য প্রাণী ধৰি বধ কৰা কাৰ্য চিকাৰ আৰু আন খাদ্য হিচাপে গ্রহণীয় উদ্ভিদৰ বীজ , ফল প্রভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্রহ বােলে । বর্তমান কালত এই বৃত্তিসমূহ ঘাইকৈ উচ্চ অক্ষাংশৰ তুন্দ্রা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ুৰ অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চল দুটাতে পােৱা যায় । ভাৰতবৰ্ষত ঘন বসতিসহ বহুমূখী আর্থিক কাম – কাজৰ ফলত অৰণ্যৰ সংকোচন ঘটাত চিকাৰ বৃত্তি নিচেই সীমিত হৈ আহিছে । তদুপৰি , পশু – পক্ষীৰ সংখ্যাও দ্রুত গতিত হ্রাস পাই অহাৰ লগতে বহুতাে প্রাণীৰ প্ৰজাতিয়েই বিলুপ্ত অথবা বিলুপ্তপ্রায় হৈ পৰিছে । সেয়েহে , ভাৰতবৰ্ষত চিকাৰ কার্য নিষিদ্ধ কৰা হৈছে । 

২০। ৰােপন কৃষি প্রধান বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ বাণিজ্যিক কৃষি পদ্ধতিৰ ভিতৰত ৰােপন কৃষি অন্যতম । বর্ষানুবর্ষী প্রজাতিৰ বৃক্ষ অথবা গুল্ম শ্ৰেণীৰ উদ্ভিদৰ ৰােপন তথা প্রতিপালনৰ মাধ্যমত সম্পন্ন কৰা বাণিজ্যিক কৃষি কার্যকে ৰোপন কৃষি বােলে ।

ৰোপন কৃষি প্রধান বৈশিষ্ট্যসমূহ হলঃ 

( ক ) এই শ্রেণীৰ কৃষিত একো একোখন বাগিছা পাতি মাত্ৰ এবিধ শস্যৰ উৎপাদন হয় । 

( খ ) ইউৰােপীয় সংস্কৃতিৰ প্ৰভাৱ থকা অঞ্চলবােৰত ৰােপন কৃষি দেখা যায় । ভাৰতবৰ্ষৰ লগতে আমেৰিকা , কানাডা , অষ্ট্রেলিয়া , আর্জেন্টিনা , দক্ষিণ আফ্রিকা , নিউজিলেণ্ড , ছােভিয়েট ৰাছিয়াত ইউৰােপীয় সংস্কৃতিৰ প্ৰভাৱত এইবিধ কৃষিৰ প্ৰচলন হয় । 

( গ ) এই কৃষি পদ্ধতিত , ঘাইকৈ আঞ্চলিক পৰ্যায়ৰ প্রাকৃতিক পৰিবেশ আৰু শ্ৰমিকৰ লণত আন্তঃআঞ্চলিক পৰিসৰৰ মূলধন , পৰিচালনা আৰু কৃষি প্রযুক্তিৰ সংযােগত উৎপাদিত শস্যসমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰত বেচা – কিনা কৰা হয় । 

২১। প্রাথমিক বৃত্তি হিচাপে চিকাৰ আৰু সংগ্ৰহ কাৰ্য্যৰ বিষয়ে বর্ণনা কৰা ৷ 

উত্তৰঃ চিকাৰ আৰু সংগ্রহ কাৰ্য্য হৈছে মানুহৰ প্রাচীনতম জীৱিকা । মাংসৰ উদ্দেশ্যে বন্য প্রাণী ধৰি বধ কৰা কাৰ্যক চিকাৰ আৰু আন খাদ্য হিচাপে গ্রহণীয় উদ্ভিদৰ বীজ , ফল – মূল প্রভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্রহ বােলে । পূর্বতে , চিকাৰ আৰু সংগ্রহ কার্য কেৱল খাদ্যৰ আহৰণৰ বাবে কৰা হৈছিল । কিন্তু , সাম্প্রতিক সময়ত এই কাৰ্যৰ মাধ্যমত আহৰণ কৰা দ্রব্যসমূহ খাদ্যৰ উপৰিও উদ্যোগৰ কেঁচামাল , বিপণন দ্রব্য , বস্ত্ৰ আৰু গৃহ নির্মাণ প্রভৃতি বহুমুখী উদ্দেশ্যত ব্যৱহাৰ কৰা হয় । তদুপৰি , আধুনিক মানৱৰ দ্বাৰা পৰিচালিত চিকাৰ আৰু সংগ্রহ বৃত্তিত পেশীবলৰ উপৰিও উচ্চ মানৰ অস্ত্র – শস্ত্ৰৰাে ব্যাপক প্রয়ােগ কৰা হয় । ঘাইকৈ আদিম অর্থ ব্যৱস্থাৰ লগত জড়িত পৃথিৱীৰ বহুতাে অঞ্চলৰ লােকেই খাদ্য , বস্ত্ৰ আৰু গৃহ নির্মাণৰ আহিলা অথবা ইন্ধন দ্রব্যসমূহ এই পদ্ধতিৰে সংগ্ৰহ কৰে । গছৰ ফলমূল , জীৱ-জন্তুৰ ছাল , বাঁহ – বেত অথবা খেৰ , লা , ধূনা , তুলা প্রভৃতি বিভিন্ন ধৰণৰ দ্ৰব্য পৃথিৱীৰ বহুতাে অঞ্চলত প্রকৃতিৰ পৰা পােন পটীয়াকৈ সংগ্রহ কৰা হয় । 

২২। সমবায় কৃষি প্রধান লক্ষণসমূহ বর্ণনা কৰা । 

উত্তৰঃ সমবায় কৃষিৰ প্রধান লক্ষণসমূহ হলঃ 

( ক ) সমবায় কৃষিত কেইবাজনাে কৃষকৰ ভূমি , শ্ৰম আৰু মূলধন স্বেচ্ছাই একত্র কৰি অধিক দক্ষতাৰে লাভজনক ভাৱে পৰিচালনা কৰা হয় । 

( খ ) এই কৃষি ব্যৱস্থাত ব্যক্তিগত কৃষিভূমিৰ খণ্ডসমূহৰ অক্ষুন্নতা ৰক্ষা কৰা হয় । 

( গ ) সমবায় কৃষি ব্যৱস্থাত , এই কাৰ্য্যৰ অংশীদাৰসকলক লৈ গঠন কৰা সমিতি এখনে সমগ্ৰ কাম – কাজ তদাৰক কৰে । এই সমিতি উৎপাদন ব্যৱস্থাৰ লগত জড়িত সাৰ , পানী , বীজ , যন্ত্রপাতি আদিৰ যােগান ধৰাৰ উপৰিও উৎপাদিত দ্রব্যৰ উচিত বিপণনৰ কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

২৩। বাণিজ্যিক পশু-পালনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ বাণিজ্যিক পশু-পালনৰ বৈশিষ্ট্যসমূহ হ’ল– 

( ক ) বাণিজ্যিক পশু-পালনত বিস্তীর্ণ অঞ্চলব্যাপী উন্নত মানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেঢ়ি লােৱা হয় । 

( খ ) বাণিজ্যিক পশু-পালনত বেৰামুক্ত তৃণভূমি খণ্ড একোটাত তাৰ ধাৰণ ক্ষমতা অনুসৰি নির্বাচিত প্রজাতিৰ পােহনীয়া পশু মেলি দিয়া হয় । 

( গ ) ইয়াত শ্ৰমৰ ক্ষেত্ৰত মাত্র এজাতি পােহনীয়া পশু লালন – পালন কৰা হয় । 

( ঘ ) এই পদ্ধতি লালন – পালন কৰা পশুসমূহৰ স্বাস্থ্য , পুষ্টি আৰু বৃদ্ধিৰ বাবে বিশেষ যতন লােৱাৰ উপৰিও বংশগতি জনিত উকর্য লক্ষ্যৰে বৰ্ণসংকৰ অথবা তদনুৰূপ কাৰ্যসূচী গ্রহণ কৰা হয় । 

২৪। বিভিন্ন প্রকাৰৰ খনন বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ খনন সমূহক প্রধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি । সেয়া হ’ল – মুক্ত খনন ,আৰু ভূগর্ভীয় খনন । 

মুক্ত খননৰ বৈশিষ্ট্যসমূহ হ’ল –

( ক ) মুক্ত খনন পদ্ধতিত কম খৰচত সহজতে খনিজ দ্রব্যসমূহ আহৰণ কৰিব পাৰি ।

( খ ) এই পদ্ধতি ভূ – পৃষ্ঠৰ অগভীৰ অংশৰ পৰাহে খনিজ সম্পদসমূহ উদঘাটন কৰিব পাৰি । 

ভূ – গভীয় খননৰ বৈশিষ্ট্যসমূহ হ’ল–

( ক ) ভূপৃষ্ঠৰ অতি গভীৰ অংশৰ পৰা এই পদ্ধতিৰে খনিজ সম্পদসমূহ আহৰণ কৰা হয় । 

( খ ) এই পদ্ধতি অতি ব্যয় বহুল , বিপদ সংকুল আৰু জটিল । 

( গ ) এই পদ্ধতিত খনন স্থলীত অক্সিজেন , পােহৰ আৰু পৰিবহনৰ কৃত্রিম ব্যৱস্থা গ্রহণ কৰিব লগা হয় । 

২৫৷ চতুর্থক খণ্ডৰ জীৱিকাৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ চতুর্থক খণ্ডৰ জীৱিকাৰ বৈশিষ্ট্যসমূহ হ’ল — 

( ক ) চতুর্থক খণ্ডৰ জীৱিকাধাৰীসকলে তেওঁলােকৰ কাম – কাজৰ মাজেৰে উদ্যোগ অথবা আর্থিক প্ৰকৰণৰ ক্ষেত্র এখনৰ উত্থান – পতনৰ গতিধাৰা নিৰ্ধাৰণ কৰে । 

( খ ) জ্ঞান , বুদ্ধি আৰু অভিজ্ঞতা হৈছে চতুর্থ খণ্ডৰ আর্থিক কাম-কাজবােৰৰ চালিকা শক্তি 

( গ ) আর্থিক দৃষ্টিভংগীৰে গুৰুত্বপূর্ণ বিবেচিত তথ্যসমূহৰ উপাদান , সংগ্রহ আৰু সম্প্ৰসাৰণৰ লগত চতুর্থক জীৱিকা খণ্ডটো জড়িত হৈ থাকে । 

( ঘ ) উচ্চমানৰ তথ্য , কাৰি-কৰী , কৌশল আৰু প্রশাসনিক দক্ষতাজনিত কাম-কাজ বােৰক তুর্থক খণ্ডৰ ভিতৰত ধৰা হয় । 

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top