Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি

Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি and select needs one.

Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি Solutions for All Subject, You can practice these here…

দ্বিতীয়ক খণ্ডৰ বৃত্তি

অধ্যায় – ৬

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলৰ চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। তলৰ কোনবিধ উদ্যোগে আন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে ? 

( i ) বুনিয়াদী উদ্যোগ ।

( ii ) লঘু উদ্যোগ ।

( iii ) পদস্খলন উদ্যোগ । আৰু 

( iv ) কুটীৰ উদ্যোগ ।

উত্তৰঃ ( iii ) পদস্খলন উদ্যোগ ।

২। তলৰ কোন প্রকাৰৰ অর্থনীতি ব্যক্তিগত উৎপাদনৰ কাৰক হয় ? 

( i ) সমাজবাদী ।

( ii ) পুঁজিবাদী ।

( iii ) মিশ্র অর্থনীতি । আৰু 

( iv ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ ( ii ) পুঁজিবাদী ।

৩। তলৰ কোনটো যােৰ শুদ্ধ 

( i ) লাে – তীখা উদ্যোগ ……. ভিলাই ।

( ii ) অট’ ম’বাইল উদ্যোগ ………লচু এঞ্জেলছ । 

( iii ) জাহাজ নির্মাণউদ্যোগ …….লুচাকা । আৰু

( iv ) আকাশী যান নির্মাণ উদ্যোগ … ফ্ল’ৰেন্স । 

উত্তৰঃ ( i ) লাে – তীখা উদ্যোগ … ভিলাই ।

৪। পদস্খলন উদ্যোগ কি ?

উত্তৰঃ কেঁচামাল , শক্তি , বজাৰ প্রভৃতি কাৰকবােৰৰ লগত প্রায় সম্পর্কচ্ছিন্ন হৈ একমাত্র । প্রযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবােৰ উদ্যোগ গঢ় লৈ উঠিছে সেইবােৰ উদ্যোগকে পদস্খলন উদ্যোগ বােলা হয় । এই শ্রেণীৰ উদ্যোগক ‘ হাইটেক উদ্যোগ ’ বুলিও কোৱা হয় । 

৫। কৃষি ভিত্তিক উদ্যোগ কি ? 

উত্তৰঃ কৃষিজাত উৎপাদিত দ্রব্যৰ পৰিশােধন , অৱস্থান্তৰণ আৰু ৰূপায়ন পৰিক্ৰমাৰ লগত জড়িত সৰু বৰ সকলােবােৰ উদ্যোগকে কৃষি ভিত্তিক উদ্যোগ বােলা হয় । যেনেঃ চেনি উদ্যোগ । 

৬। ‘হুৱাইট কুলাৰ জব’ কি ? 

উত্তৰঃ চতুর্থক খণ্ডৰ বৃত্তিক হুৱাইট কুলাৰ জব বুলি কোৱা হয় । জ্ঞান , বুদ্ধি আৰু অভিজ্ঞতা চতুর্থক খণ্ডৰ কাম – কাজবােৰৰ প্ৰধান চালিকা শক্তি । উচ্চ মানৰ , তথ্য প্রযুক্তিৰ জ্ঞান , কাৰিকৰী কৌশল আৰু প্রশাসনিক দক্ষতা জনিত কাম-কাজবােৰই হোৱাইট কুলাৰ জবৰ অন্তৰ্গত । 

৭। ‘ব্লু কুলাৰ জব ’ কি ? 

উত্তৰঃ দ্বিতীয়ক খণ্ডৰ বৃত্তিক ব্লু কুলাৰ জব বুলি কোৱা হয় । সকলাে প্ৰকাৰৰ ঔদ্যোগিক ক্ষেত্ৰৰ লগত জড়িত , পৰিশােধন , ৰূপান্তৰণ আৰু ৰূপায়ণৰ লগত জড়িত কাম-কাজবােৰ ব্লু কুলাৰ জবৰ অন্তৰ্গত । 

৮। অর্থনৈতিক কাম-কাজবােৰৰ উদ্দেশ্য কি ? 

উত্তৰঃ অর্থনৈতিক কাম-কাজবােৰৰ প্রধান উদ্দেশ্য হ’ল অর্থ উপার্জন কৰা বা আয় সৃষ্টি কৰা আৰু তাৰ জৰিয়তে জীৱিকা নির্বাহ কৰা । 

৯। উপভােগী উদ্যোগ কি ? 

উত্তৰঃ যিবােৰ উদ্যোগত মানুহৰ পােনপটীয়া অভাৱ পূৰণৰ অৰ্থে দ্রব্য উৎপাদন কৰা হয় , সেইবােৰ উদ্যোগকে উপভােগী উদ্যোগ বােলে । 

১০। প্রযুক্তিগ্রাম বুলিলে কি বুজা ? 

উত্তৰঃ আত্মনিৰ্ভৰশীল পৰিসৰত একোটা অঞ্চলত গঢ়ি উঠা বিশেষীকৃত দ্রব্য উৎপাদনকাৰী উচ্চ প্রযুক্তিৰ উদ্যোগ পুঞ্জ একোটাক প্রযুক্তিগ্রাম অথবা ‘টেকন’ পলিচ বােলে । 

১১। উচ্চ প্রযুক্তি উদ্যোগৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ সাম্প্রতিক যুগৰ শেহতীয়া পৰ্য্যায়ত উদ্ভাৱন ঘটা অত্যাধুনিক প্রযুক্তিৰ সহায়ত পৰিচালিত উদ্যোগসমূহক উচ্চ প্রযুক্তি বা হাইটেক উদ্যোগ বুলি কোৱা হয় । বিগত প্রায় দুটামান দশকৰপৰা উচ্চ প্রযুক্তিৰ উদ্যোগসমূহে সমগ্র বিশ্বতে প্রাধান্যতা লাভ কৰা পৰিলক্ষিত হৈছে । অন্যান্য বৃহৎ উদ্যোগসমূহ স্থাপনৰ বাবে কেঁচা সামগ্রী বা শক্তিৰ উৎসৰ আৱশ্যকতা যিমান গুৰুত্বপূর্ণ , এই শ্রেণীৰ উদ্যোগ স্থাপনৰ বাবে তাতকৈ অধিক গুৰুত্বপূৰ্ণ কাৰকটো হ’ল — উচ্চ পৰ্য্যায়ৰ গৱেষণাহে । 

কম খৰচত উন্নত মানৰ দ্ৰব্য প্রস্তুত কৰাই এনে শ্রেণীভূক্ত উদ্যোগসমূহৰ প্রধান লক্ষণ । এনে উদ্যোগসমূহত নিয়োগ কৰা শ্ৰমিকসকল অতিকৈ সুদক্ষ হােৱাৰ লগতে অত্যাধুনিক ক্রিয়া – কৌশল সম্পন্ন হােৱাটো অতিকৈ জৰুৰী । এনে উদ্যোগ ক্ষেত্ৰসমূহত সম্পাদন কৰিব লগা গলন , পৰিশােধন , ৰাসায়নিক সংযােজন অথবা বিভাজন প্রভৃতি কাম – কাজসমূহ বৈদ্যুতিক প্রণালীৰে সম্পন্ন কৰা হয় । এই উদ্যোগসমূহ কেঁচামাল , শক্তি , বজাৰ প্রভৃতি কাৰকসমূহৰ লগত প্রায় সম্পর্কচ্ছিন্ন হৈ একমাত্র প্রযুক্তিৰ ওপৰত নিশীল হয় । উল্লেখযােগ্য যে , উচ্চ প্রযুক্তিৰ উদ্যোগবােৰত দ্বিতীয়ক খণ্ডৰ কাম – কাজৰ তুলনাত তৃতীয়ক আৰু চতুর্থক খণ্ডৰ কাম – কাজৰ মাত্ৰাহে অধিক । অত্যাধুনিক প্রযুক্তি আৰু কাৰিকৰী কৌশলেৰে প্রতিষ্ঠিত এই উচ্চ প্রযুক্তি উদ্যোগবিলাকে সদায়ে অতি উন্নতমানৰ সামগ্রী যেনেঃ ঔষধ , অত্যাধুনিক যন্ত্রপাতি , ৰাসায়নিক সামগ্রী , বৈদ্যুতিক সামগ্রী আদি উৎপাদন কৰে । 

১২। পদস্খলন উদ্যোগৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ কেঁচামাল , শক্তি , বজাৰ প্রভৃতি কাৰকবােৰৰ লগত প্রায় সম্পর্কচ্ছিন্ন হৈ একমাত্র প্রযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবােৰ উদ্যোগ গঢ় লৈ উঠিছে , সেইবােৰকে পদস্খলন উদ্যোগ বােলা হয় । সাম্প্রতিক যুগৰ শেহতীয়া পৰ্যায়ত উদ্ভাৱন ঘটা অত্যাধুনিক প্রযুক্তিৰ সহায়ত এই উদ্যোগসমূহ পৰিচালিত । আধুনিক বিজ্ঞান আৰু প্রযুক্তি ক্ষেত্ৰৰ ব্যাপক গৱেষণাসমূহৰ উমৈহতীয়া ফচল হিচাপে উদ্ঘাটন হােৱা সূত্র আৰু কৌশলসমূহ দক্ষতাসহকাৰে প্রয়ােগ কৰাৰ ফলত কম খৰচতে এই উদ্যোগসমূহত উন্নত মানৰ দ্ৰব্য সম্ভাৰৰ উৎপাদন সম্ভৱ হয় । সেয়েহে এনে উদ্যোগত শাৰীৰিক শ্ৰমৰ তুলনাত বৌদ্ধিক শ্রমদানকাৰী কুশলী কর্মচাৰীৰ সংখ্যাহে অধিক হয় । এনেবোৰ উদ্যোগ ক্ষেত্ৰত সম্পাদন কৰিব লগা গলন , পৰিশােধন , ৰাসায়নিক সংযােজন অথবা বিভাজন প্রভৃতি কাম – কাজসমূহ বৈদ্যুতিক প্রণালীৰেই সম্পন্ন কৰা হয় । 

১৩। বনজ উদ্যোগ সম্পর্কে চমু টোকা লিখা । 

উত্তৰঃ বিশ্বৰ বিভিন্ন বনাঞ্চলসমূহ হৈছে বাঁহ , কাঠ , লা – ধূনা , ৰবৰ ঘাঁহ প্রভৃতি বিচিত্র , পৰিসৰৰ কেঁচামালৰ উৎস । এনেবােৰ উৎসৰ পৰা দ্রব্যসমূহ সংগ্রহ কৰি , সেইবােৰৰ পৰিশােধন , ৰূপায়ন আৰু ৰাসায়নিক পৰিৱৰ্তন পৰিক্ৰমাক আশ্রয় কৰি যিবােৰ উদ্যোগ গঢ় লৈ উঠে সেইবােৰকে বনজ উদ্যোগ বােলা হয় । কাগজ উদ্যোগ , লা উদ্যোগ , প্লাইউদ উদ্যোগ , দিয়াচলাই উদ্যোগ আদি বনজ উদ্যোগৰ অন্তৰ্গত । ইয়াৰ উপৰিও বনজ উদ্যোগসমূহত কাঠৰ বিভিন্ন সাঁ সৰঞ্জাম , বাঁহ – বেতৰ আচবাব আদি প্রস্তুত কৰা হয় । 

এই শ্ৰেণীৰ উদ্যোগ স্থাপনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল কেঁচামালৰ সাম্ভাব্যতা । যি অঞ্চলত এই বনজ সম্পদসমূহ অর্থাৎ , উদ্যেগটো স্থাপনৰ বাবে প্রয়ােজনীয় কেঁচা সামগ্ৰীবিধ প্ৰচুৰ পৰিমাণে পােৱা যায় তেনে অঞ্চলত এই উদ্যোগসমূহ গঢ় লৈ উঠা দেখা যায় । উদাহৰণ স্বৰূপে , অসমত প্ৰচুৰ বাঁহৰ গঢ় উপলব্ধতাৰ বাবে জাগীবােড় , পঞ্চগ্রাম আৰু আমিন গাঁৱত একোটাকৈ কাগজকল লৈ উঠা দেখা যায় । সেইদৰে , অসমত প্ৰচুৰ পৰিমাণে পােৱা শিমলু গছৰ বাবে কৰিমগঞ্জ , যােৰহাট আৰু উত্তৰ গুৱাহাটীত একোটাকৈ দিয়াচলাই উদ্যোগ গঢ় লৈ উঠা দেখা যায় । 

১৪। আকাৰৰ ওপৰত ভিত্তি কৰি উদ্যোগৰ শ্রেণী বিভাজন কৰা । 

উত্তৰঃ ঔদ্যোগিক প্রতিষ্ঠানবােৰৰ আকাৰ ভিন্ ভিন্ হােৱা দেখা যায় । বিনিয়ােগকৃত মূলধন , নিযুক্তি প্রাপ্ত শ্রমিক কর্মচাৰীৰ সংখ্যাৰ লগতে উৎপাদিত সামগ্ৰীৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি এই ঔদ্যোগিক প্রতিষ্ঠানবােৰক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি — 

( ক ) কুটীৰশিল্প :- সকলাে ধৰণৰ কাৰিকৰী উদ্যোগৰ ভিতৰতে ক্ষুদ্র পৰিসৰত গঢ়ি উঠা এই শ্ৰেণীৰ উদ্যোগত একোজন কাৰিকৰে হাততে পােৱা কেঁচামাল ব্যৱহাৰ কৰি সৰল হাথিয়াৰৰ সহায়তে নিজা বাসগৃহৰ পৰিবেশতে কিছুমান নিত্য ব্যৱহাৰ্য আচবাব প্রস্তুত কৰিব পাৰে । খাদ্য প্রস্তুতকৰণ , বাঁহ – বেতৰ কাম – কাজ , ঘৰুৱা বয়ন শিল্প , কমাৰশাল , শিল অথবা মাটিৰ আচবাব প্রস্তুত , লােৰ লঘু সামগ্রী প্রস্তুত আদিৰ দৰে প্রস্তুত কার্য এই শ্ৰেণীৰ উদ্যোগত সংঘটিত হয় । 

( খ ) লঘু উদ্যোগ :- কুটীৰ শিল্পতকৈ কিছু বৃহৎ কলেবৰত কোনাে একোটা চৌহদত গঢ়ি উঠা বাণিজ্যিক পৰিসৰৰ ক্ষুদ্র উদ্যোগৰ গােটসমূহক লঘু উদ্যোগ বােলা হয় । ঘাইকৈ স্থানীয় কেঁচামাল , অর্ধপ্রশিক্ষিত শ্রমিক আৰু শক্তি চালিত সৰু সুৰা যন্ত্রপাতিৰ সহায়ত লঘু উদ্যোগসমূহ চলি থাকে । এই উদ্যোগসমূহ ঘাইকৈ শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল । ইয়াত উৎপাদিত সামগ্ৰীৰ তুলনাত নিয়ােগৰ চাহিদা অতি বেছি । সেয়েহে ভাৰত আৰু চীনৰ দৰে দেশত এই শ্রেণী উদ্যোগৰ সমাদৰ অতি বেছি । 

( গ ) গুৰু উদ্যোগ :- বৃহৎ পৰিমাণৰ মূলধনৰ বিনিয়োগ আৰু সুসংগঠিত পৰিচালনাৰ পৰিসৰত বিস্তীর্ণ বজাৰৰ চাহিদা পূৰণার্থে বিশাল পৰিমাণৰ কেঁচামাল , ভৌতিক শক্তিৰে পৰিচালিত প্রযুক্তি আৰু প্রশিক্ষিত শ্ৰমিকৰ সমন্বয়ত নিয়মিতভাৱে বিশাল পৰিমাণৰ পৰিসজ্জিত উপকৰণ প্ৰস্তুত কৰা উদ্যোগসমূহকে লঘু উদ্যোগ বােলা হয় । অষ্টাদশ শতিকাৰ ঔপনিবেশিক অর্থনীতি আৰু ইয়াৰ সমান্তৰাল ভাৱে যান্ত্রিক আৰু কাৰিকৰী প্ৰযুক্তিৰ বিকাশৰ লগে লগে বিশ্বত এই শ্রেণীৰ উদ্যোগৰ আৰম্ভ হয় । 

১৫। মালিকী স্বত্ত্বৰ ওপৰত ভিত্তি কৰি উদ্যোগৰ শ্রেণী বিভাজন কৰা । 

উত্তৰঃ মালিকীস্বত্ত্ব অনুসৰি ঔদ্যোগিক প্রতিষ্ঠানবােৰক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত সেইবােৰৰ বিষয়ে তলত আলােচনা কৰা হৈছেঃ 

( ক ) ৰাজহুৱা খণ্ডৰ উদ্যোগ :-  চৰকাৰ অথবা চৰকাৰৰ দ্বাৰা অনুমােদিত কোনাে এক ৰাজহুৱা অনুষ্ঠানৰ মালিকানাত পৰিচালিত উদ্যোগসমূহকে ৰাজহুৱা খণ্ডৰ বা চৰকাৰীখণ্ডৰ উদ্যোগ বােলা হয় । উদাহৰণস্বৰূপে হিন্দুস্থান ষ্টীল লিমিটেড নামৰ লাে – তীখা উৎপাদনকাৰী উদ্যোগটো ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এটা চৰকাৰীখণ্ডৰ উদ্যোগ । সেইদৰে , অসম চাহ নিগম হৈছে চৰকাৰৰ অনুমােদন অথবা পৃষ্ঠপােষকতাত উদ্ভৱ হােৱা একোটা অর্ধচৰকাৰী পৰিচালনা কক্ষৰ দ্বাৰা পৰিচালিত ৰাজহুৱা খণ্ডৰ উদ্যোগ । 

( খ ) ব্যক্তিগত খণ্ডৰ উদ্যোগ :- একোজন ব্যক্তিৰ গাইগুটীয়া প্ৰচেষ্টাত গঢ়ি উঠাৰ পাছত প্রতিষ্ঠাপক ব্যক্তিজনে নিজে অথবা আন যিকোনাে ব্যক্তিৰ দায়িত্বত পৰিচালিত হােৱা উদ্যোগসমূহক ব্যক্তিগত উদ্যোগ বােলা হয় । উদাহৰণস্বৰূপে , টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী লিমিটেড এক ব্যক্তিগত খণ্ডৰ উদ্যোগ । 

( গ ) যৌথ উদ্যোগ :- কেইবাজনাে ব্যক্তিৰ আর্থিক অৱদানৰ আধাৰত গঢ় লােৱা উদ্যোগসমূহ যৌথ খণ্ডৰ উদ্যোগ বােলা হয় । কিছুমান যৌথখণ্ডৰ উদ্যোগত ব্যক্তিগত খণ্ডৰ প্রায় সমান নিৰিখত চৰকাৰীখণ্ডৰ অংশও থাকে । যেনেঃ শিলঘাটৰ মৰাপাট উদ্যোগ । 

১৬। আধুনিক অর্থনীতিত যান্ত্রিকীকৰণৰ প্ৰয়ােজনীয়তা সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ আধুনিক অর্থনীতিৰ অধিক সংখ্যক কাম যান্ত্রিক পদ্ধতিৰে সমাধান কৰা হয় । যাৰ ফলত কম সময়তে অধিক কার্য সম্পন্ন কৰিব পৰা হৈছে । আধুনিক বৃহৎ উদ্যোগসমূহত উৎপাদন প্রক্রিয়া পৰিচালনাকাৰী শ্ৰমিকসকলে উৎপাদিত দ্রব্যৰ পৰিমাণ অথবা গুণগত মানৰ গতিধাৰা যান্ত্রিক পদ্ধতিৰেহে নিয়ন্ত্রণ কৰা দেখা যায় । উৎপাদন গােটৰ লগত সংযুক্ত কম্পিউটাৰৰ সহায়তেই সচৰাচৰ এই কাম সমাধান কৰা হয় । উদাহৰণস্বৰূপে , কাপােৰৰ কল এটাৰ তাতশাল এখন চলি থকাৰ সময়ত ইয়াৰ লগত সংলগ্ন কৰি ৰখা কম্পিউটাৰৰ পৰাই তাঁতশালৰ পৰিচালকজনে শালত ব্যৱহৃত সূতাৰ গুণাগুণ , প্রস্তুত হৈ থকা বস্তুৰ দোষ – ত্রুটি অথবা উৎপাদন  কার্যৰ ক্ষিপ্রতাৰ সকলােবােৰ সম্ভেদ পাব পাৰে । এই উৎপাদন কার্যৰ গতিধাৰাৰ কিবা সাল সালনি কৰিব লগা হ’লেও তেওঁৰ কম্পিউটাৰ যােগেদি অনায়াসে এই কাম সমাধা কৰিব পাৰে । অর্থাৎ , এনে যান্ত্রিকৰণ অথবা যান্ত্রিকীকৰণৰ ফলত উৎপাদন কার্যত শ্ৰমিকসকলে উৎপাদিত দ্রব্যৰ গুণ আৰু পৰিমাণ অটুট ৰখাৰ উদ্দেশ্যে তাৎক্ষণিক সমস্যাসমূহৰ লগত হাবাথুৰি খােৱাৰ প্ৰয়ােজন নহয় । এনে ক্ষেত্ৰত সেই পৰিচালক কর্মীজনৰ হৈ যন্ত্ৰ একোটাইহে । উৎপাদন কার্যৰ সমস্যা বাচি উলিওৱাৰ লগতে এনেবােৰ সমস্যাৰ সমাধান ব্যৱস্থা কার্যকৰী কৰে ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top