Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board AHSEC Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি and select needs one.
Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি Solutions for All Subject, You can practice these here.
দ্বিতীয়ক খণ্ডৰ বৃত্তি
অধ্যায় – ৬
প্ৰথম খণ্ড
অতি চমু প্ৰশ্নোত্তৰ
তলৰ চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
১। তলৰ কোনবিধ উদ্যোগে আন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে ?
( i ) বুনিয়াদী উদ্যোগ ।
( ii ) লঘু উদ্যোগ ।
( iii ) পদস্খলন উদ্যোগ । আৰু
( iv ) কুটীৰ উদ্যোগ ।
উত্তৰঃ ( iii ) পদস্খলন উদ্যোগ ।
২। তলৰ কোন প্রকাৰৰ অর্থনীতি ব্যক্তিগত উৎপাদনৰ কাৰক হয় ?
( i ) সমাজবাদী ।
( ii ) পুঁজিবাদী ।
( iii ) মিশ্র অর্থনীতি । আৰু
( iv ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ ( ii ) পুঁজিবাদী ।
৩। তলৰ কোনটো যােৰ শুদ্ধ
( i ) লাে – তীখা উদ্যোগ ……. ভিলাই ।
( ii ) অট’ ম’বাইল উদ্যোগ ………লচু এঞ্জেলছ ।
( iii ) জাহাজ নির্মাণউদ্যোগ …….লুচাকা । আৰু
( iv ) আকাশী যান নির্মাণ উদ্যোগ … ফ্ল’ৰেন্স ।
উত্তৰঃ ( i ) লাে – তীখা উদ্যোগ … ভিলাই ।
৪। পদস্খলন উদ্যোগ কি ?
উত্তৰঃ কেঁচামাল , শক্তি , বজাৰ প্রভৃতি কাৰকবােৰৰ লগত প্রায় সম্পর্কচ্ছিন্ন হৈ একমাত্র । প্রযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবােৰ উদ্যোগ গঢ় লৈ উঠিছে সেইবােৰ উদ্যোগকে পদস্খলন উদ্যোগ বােলা হয় । এই শ্রেণীৰ উদ্যোগক ‘ হাইটেক উদ্যোগ ’ বুলিও কোৱা হয় ।
৫। কৃষি ভিত্তিক উদ্যোগ কি ?
উত্তৰঃ কৃষিজাত উৎপাদিত দ্রব্যৰ পৰিশােধন , অৱস্থান্তৰণ আৰু ৰূপায়ন পৰিক্ৰমাৰ লগত জড়িত সৰু বৰ সকলােবােৰ উদ্যোগকে কৃষি ভিত্তিক উদ্যোগ বােলা হয় । যেনেঃ চেনি উদ্যোগ ।
৬। ‘হুৱাইট কুলাৰ জব’ কি ?
উত্তৰঃ চতুর্থক খণ্ডৰ বৃত্তিক হুৱাইট কুলাৰ জব বুলি কোৱা হয় । জ্ঞান , বুদ্ধি আৰু অভিজ্ঞতা চতুর্থক খণ্ডৰ কাম – কাজবােৰৰ প্ৰধান চালিকা শক্তি । উচ্চ মানৰ , তথ্য প্রযুক্তিৰ জ্ঞান , কাৰিকৰী কৌশল আৰু প্রশাসনিক দক্ষতা জনিত কাম-কাজবােৰই হোৱাইট কুলাৰ জবৰ অন্তৰ্গত ।
৭। ‘ব্লু কুলাৰ জব ’ কি ?
উত্তৰঃ দ্বিতীয়ক খণ্ডৰ বৃত্তিক ব্লু কুলাৰ জব বুলি কোৱা হয় । সকলাে প্ৰকাৰৰ ঔদ্যোগিক ক্ষেত্ৰৰ লগত জড়িত , পৰিশােধন , ৰূপান্তৰণ আৰু ৰূপায়ণৰ লগত জড়িত কাম-কাজবােৰ ব্লু কুলাৰ জবৰ অন্তৰ্গত ।
৮। অর্থনৈতিক কাম-কাজবােৰৰ উদ্দেশ্য কি ?
উত্তৰঃ অর্থনৈতিক কাম-কাজবােৰৰ প্রধান উদ্দেশ্য হ’ল অর্থ উপার্জন কৰা বা আয় সৃষ্টি কৰা আৰু তাৰ জৰিয়তে জীৱিকা নির্বাহ কৰা ।
৯। উপভােগী উদ্যোগ কি ?
উত্তৰঃ যিবােৰ উদ্যোগত মানুহৰ পােনপটীয়া অভাৱ পূৰণৰ অৰ্থে দ্রব্য উৎপাদন কৰা হয় , সেইবােৰ উদ্যোগকে উপভােগী উদ্যোগ বােলে ।
১০। প্রযুক্তিগ্রাম বুলিলে কি বুজা ?
উত্তৰঃ আত্মনিৰ্ভৰশীল পৰিসৰত একোটা অঞ্চলত গঢ়ি উঠা বিশেষীকৃত দ্রব্য উৎপাদনকাৰী উচ্চ প্রযুক্তিৰ উদ্যোগ পুঞ্জ একোটাক প্রযুক্তিগ্রাম অথবা ‘টেকন’ পলিচ বােলে ।
১১। উচ্চ প্রযুক্তি উদ্যোগৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ সাম্প্রতিক যুগৰ শেহতীয়া পৰ্য্যায়ত উদ্ভাৱন ঘটা অত্যাধুনিক প্রযুক্তিৰ সহায়ত পৰিচালিত উদ্যোগসমূহক উচ্চ প্রযুক্তি বা হাইটেক উদ্যোগ বুলি কোৱা হয় । বিগত প্রায় দুটামান দশকৰপৰা উচ্চ প্রযুক্তিৰ উদ্যোগসমূহে সমগ্র বিশ্বতে প্রাধান্যতা লাভ কৰা পৰিলক্ষিত হৈছে । অন্যান্য বৃহৎ উদ্যোগসমূহ স্থাপনৰ বাবে কেঁচা সামগ্রী বা শক্তিৰ উৎসৰ আৱশ্যকতা যিমান গুৰুত্বপূর্ণ , এই শ্রেণীৰ উদ্যোগ স্থাপনৰ বাবে তাতকৈ অধিক গুৰুত্বপূৰ্ণ কাৰকটো হ’ল — উচ্চ পৰ্য্যায়ৰ গৱেষণাহে ।
কম খৰচত উন্নত মানৰ দ্ৰব্য প্রস্তুত কৰাই এনে শ্রেণীভূক্ত উদ্যোগসমূহৰ প্রধান লক্ষণ । এনে উদ্যোগসমূহত নিয়োগ কৰা শ্ৰমিকসকল অতিকৈ সুদক্ষ হােৱাৰ লগতে অত্যাধুনিক ক্রিয়া – কৌশল সম্পন্ন হােৱাটো অতিকৈ জৰুৰী । এনে উদ্যোগ ক্ষেত্ৰসমূহত সম্পাদন কৰিব লগা গলন , পৰিশােধন , ৰাসায়নিক সংযােজন অথবা বিভাজন প্রভৃতি কাম – কাজসমূহ বৈদ্যুতিক প্রণালীৰে সম্পন্ন কৰা হয় । এই উদ্যোগসমূহ কেঁচামাল , শক্তি , বজাৰ প্রভৃতি কাৰকসমূহৰ লগত প্রায় সম্পর্কচ্ছিন্ন হৈ একমাত্র প্রযুক্তিৰ ওপৰত নিশীল হয় । উল্লেখযােগ্য যে , উচ্চ প্রযুক্তিৰ উদ্যোগবােৰত দ্বিতীয়ক খণ্ডৰ কাম – কাজৰ তুলনাত তৃতীয়ক আৰু চতুর্থক খণ্ডৰ কাম – কাজৰ মাত্ৰাহে অধিক । অত্যাধুনিক প্রযুক্তি আৰু কাৰিকৰী কৌশলেৰে প্রতিষ্ঠিত এই উচ্চ প্রযুক্তি উদ্যোগবিলাকে সদায়ে অতি উন্নতমানৰ সামগ্রী যেনেঃ ঔষধ , অত্যাধুনিক যন্ত্রপাতি , ৰাসায়নিক সামগ্রী , বৈদ্যুতিক সামগ্রী আদি উৎপাদন কৰে ।
১২। পদস্খলন উদ্যোগৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ কেঁচামাল , শক্তি , বজাৰ প্রভৃতি কাৰকবােৰৰ লগত প্রায় সম্পর্কচ্ছিন্ন হৈ একমাত্র প্রযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবােৰ উদ্যোগ গঢ় লৈ উঠিছে , সেইবােৰকে পদস্খলন উদ্যোগ বােলা হয় । সাম্প্রতিক যুগৰ শেহতীয়া পৰ্যায়ত উদ্ভাৱন ঘটা অত্যাধুনিক প্রযুক্তিৰ সহায়ত এই উদ্যোগসমূহ পৰিচালিত । আধুনিক বিজ্ঞান আৰু প্রযুক্তি ক্ষেত্ৰৰ ব্যাপক গৱেষণাসমূহৰ উমৈহতীয়া ফচল হিচাপে উদ্ঘাটন হােৱা সূত্র আৰু কৌশলসমূহ দক্ষতাসহকাৰে প্রয়ােগ কৰাৰ ফলত কম খৰচতে এই উদ্যোগসমূহত উন্নত মানৰ দ্ৰব্য সম্ভাৰৰ উৎপাদন সম্ভৱ হয় । সেয়েহে এনে উদ্যোগত শাৰীৰিক শ্ৰমৰ তুলনাত বৌদ্ধিক শ্রমদানকাৰী কুশলী কর্মচাৰীৰ সংখ্যাহে অধিক হয় । এনেবোৰ উদ্যোগ ক্ষেত্ৰত সম্পাদন কৰিব লগা গলন , পৰিশােধন , ৰাসায়নিক সংযােজন অথবা বিভাজন প্রভৃতি কাম – কাজসমূহ বৈদ্যুতিক প্রণালীৰেই সম্পন্ন কৰা হয় ।
১৩। বনজ উদ্যোগ সম্পর্কে চমু টোকা লিখা ।
উত্তৰঃ বিশ্বৰ বিভিন্ন বনাঞ্চলসমূহ হৈছে বাঁহ , কাঠ , লা – ধূনা , ৰবৰ ঘাঁহ প্রভৃতি বিচিত্র , পৰিসৰৰ কেঁচামালৰ উৎস । এনেবােৰ উৎসৰ পৰা দ্রব্যসমূহ সংগ্রহ কৰি , সেইবােৰৰ পৰিশােধন , ৰূপায়ন আৰু ৰাসায়নিক পৰিৱৰ্তন পৰিক্ৰমাক আশ্রয় কৰি যিবােৰ উদ্যোগ গঢ় লৈ উঠে সেইবােৰকে বনজ উদ্যোগ বােলা হয় । কাগজ উদ্যোগ , লা উদ্যোগ , প্লাইউদ উদ্যোগ , দিয়াচলাই উদ্যোগ আদি বনজ উদ্যোগৰ অন্তৰ্গত । ইয়াৰ উপৰিও বনজ উদ্যোগসমূহত কাঠৰ বিভিন্ন সাঁ সৰঞ্জাম , বাঁহ – বেতৰ আচবাব আদি প্রস্তুত কৰা হয় ।
এই শ্ৰেণীৰ উদ্যোগ স্থাপনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল কেঁচামালৰ সাম্ভাব্যতা । যি অঞ্চলত এই বনজ সম্পদসমূহ অর্থাৎ , উদ্যেগটো স্থাপনৰ বাবে প্রয়ােজনীয় কেঁচা সামগ্ৰীবিধ প্ৰচুৰ পৰিমাণে পােৱা যায় তেনে অঞ্চলত এই উদ্যোগসমূহ গঢ় লৈ উঠা দেখা যায় । উদাহৰণ স্বৰূপে , অসমত প্ৰচুৰ বাঁহৰ গঢ় উপলব্ধতাৰ বাবে জাগীবােড় , পঞ্চগ্রাম আৰু আমিন গাঁৱত একোটাকৈ কাগজকল লৈ উঠা দেখা যায় । সেইদৰে , অসমত প্ৰচুৰ পৰিমাণে পােৱা শিমলু গছৰ বাবে কৰিমগঞ্জ , যােৰহাট আৰু উত্তৰ গুৱাহাটীত একোটাকৈ দিয়াচলাই উদ্যোগ গঢ় লৈ উঠা দেখা যায় ।
১৪। আকাৰৰ ওপৰত ভিত্তি কৰি উদ্যোগৰ শ্রেণী বিভাজন কৰা ।
উত্তৰঃ ঔদ্যোগিক প্রতিষ্ঠানবােৰৰ আকাৰ ভিন্ ভিন্ হােৱা দেখা যায় । বিনিয়ােগকৃত মূলধন , নিযুক্তি প্রাপ্ত শ্রমিক কর্মচাৰীৰ সংখ্যাৰ লগতে উৎপাদিত সামগ্ৰীৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি এই ঔদ্যোগিক প্রতিষ্ঠানবােৰক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি —
( ক ) কুটীৰশিল্প :- সকলাে ধৰণৰ কাৰিকৰী উদ্যোগৰ ভিতৰতে ক্ষুদ্র পৰিসৰত গঢ়ি উঠা এই শ্ৰেণীৰ উদ্যোগত একোজন কাৰিকৰে হাততে পােৱা কেঁচামাল ব্যৱহাৰ কৰি সৰল হাথিয়াৰৰ সহায়তে নিজা বাসগৃহৰ পৰিবেশতে কিছুমান নিত্য ব্যৱহাৰ্য আচবাব প্রস্তুত কৰিব পাৰে । খাদ্য প্রস্তুতকৰণ , বাঁহ – বেতৰ কাম – কাজ , ঘৰুৱা বয়ন শিল্প , কমাৰশাল , শিল অথবা মাটিৰ আচবাব প্রস্তুত , লােৰ লঘু সামগ্রী প্রস্তুত আদিৰ দৰে প্রস্তুত কার্য এই শ্ৰেণীৰ উদ্যোগত সংঘটিত হয় ।
( খ ) লঘু উদ্যোগ :- কুটীৰ শিল্পতকৈ কিছু বৃহৎ কলেবৰত কোনাে একোটা চৌহদত গঢ়ি উঠা বাণিজ্যিক পৰিসৰৰ ক্ষুদ্র উদ্যোগৰ গােটসমূহক লঘু উদ্যোগ বােলা হয় । ঘাইকৈ স্থানীয় কেঁচামাল , অর্ধপ্রশিক্ষিত শ্রমিক আৰু শক্তি চালিত সৰু সুৰা যন্ত্রপাতিৰ সহায়ত লঘু উদ্যোগসমূহ চলি থাকে । এই উদ্যোগসমূহ ঘাইকৈ শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল । ইয়াত উৎপাদিত সামগ্ৰীৰ তুলনাত নিয়ােগৰ চাহিদা অতি বেছি । সেয়েহে ভাৰত আৰু চীনৰ দৰে দেশত এই শ্রেণী উদ্যোগৰ সমাদৰ অতি বেছি ।
( গ ) গুৰু উদ্যোগ :- বৃহৎ পৰিমাণৰ মূলধনৰ বিনিয়োগ আৰু সুসংগঠিত পৰিচালনাৰ পৰিসৰত বিস্তীর্ণ বজাৰৰ চাহিদা পূৰণার্থে বিশাল পৰিমাণৰ কেঁচামাল , ভৌতিক শক্তিৰে পৰিচালিত প্রযুক্তি আৰু প্রশিক্ষিত শ্ৰমিকৰ সমন্বয়ত নিয়মিতভাৱে বিশাল পৰিমাণৰ পৰিসজ্জিত উপকৰণ প্ৰস্তুত কৰা উদ্যোগসমূহকে লঘু উদ্যোগ বােলা হয় । অষ্টাদশ শতিকাৰ ঔপনিবেশিক অর্থনীতি আৰু ইয়াৰ সমান্তৰাল ভাৱে যান্ত্রিক আৰু কাৰিকৰী প্ৰযুক্তিৰ বিকাশৰ লগে লগে বিশ্বত এই শ্রেণীৰ উদ্যোগৰ আৰম্ভ হয় ।
১৫। মালিকী স্বত্ত্বৰ ওপৰত ভিত্তি কৰি উদ্যোগৰ শ্রেণী বিভাজন কৰা ।
উত্তৰঃ মালিকীস্বত্ত্ব অনুসৰি ঔদ্যোগিক প্রতিষ্ঠানবােৰক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত সেইবােৰৰ বিষয়ে তলত আলােচনা কৰা হৈছেঃ
( ক ) ৰাজহুৱা খণ্ডৰ উদ্যোগ :- চৰকাৰ অথবা চৰকাৰৰ দ্বাৰা অনুমােদিত কোনাে এক ৰাজহুৱা অনুষ্ঠানৰ মালিকানাত পৰিচালিত উদ্যোগসমূহকে ৰাজহুৱা খণ্ডৰ বা চৰকাৰীখণ্ডৰ উদ্যোগ বােলা হয় । উদাহৰণস্বৰূপে হিন্দুস্থান ষ্টীল লিমিটেড নামৰ লাে – তীখা উৎপাদনকাৰী উদ্যোগটো ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এটা চৰকাৰীখণ্ডৰ উদ্যোগ । সেইদৰে , অসম চাহ নিগম হৈছে চৰকাৰৰ অনুমােদন অথবা পৃষ্ঠপােষকতাত উদ্ভৱ হােৱা একোটা অর্ধচৰকাৰী পৰিচালনা কক্ষৰ দ্বাৰা পৰিচালিত ৰাজহুৱা খণ্ডৰ উদ্যোগ ।
( খ ) ব্যক্তিগত খণ্ডৰ উদ্যোগ :- একোজন ব্যক্তিৰ গাইগুটীয়া প্ৰচেষ্টাত গঢ়ি উঠাৰ পাছত প্রতিষ্ঠাপক ব্যক্তিজনে নিজে অথবা আন যিকোনাে ব্যক্তিৰ দায়িত্বত পৰিচালিত হােৱা উদ্যোগসমূহক ব্যক্তিগত উদ্যোগ বােলা হয় । উদাহৰণস্বৰূপে , টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী লিমিটেড এক ব্যক্তিগত খণ্ডৰ উদ্যোগ ।
( গ ) যৌথ উদ্যোগ :- কেইবাজনাে ব্যক্তিৰ আর্থিক অৱদানৰ আধাৰত গঢ় লােৱা উদ্যোগসমূহ যৌথ খণ্ডৰ উদ্যোগ বােলা হয় । কিছুমান যৌথখণ্ডৰ উদ্যোগত ব্যক্তিগত খণ্ডৰ প্রায় সমান নিৰিখত চৰকাৰীখণ্ডৰ অংশও থাকে । যেনেঃ শিলঘাটৰ মৰাপাট উদ্যোগ ।
১৬। আধুনিক অর্থনীতিত যান্ত্রিকীকৰণৰ প্ৰয়ােজনীয়তা সম্পর্কে এটি টোকা লিখা ।
উত্তৰঃ আধুনিক অর্থনীতিৰ অধিক সংখ্যক কাম যান্ত্রিক পদ্ধতিৰে সমাধান কৰা হয় । যাৰ ফলত কম সময়তে অধিক কার্য সম্পন্ন কৰিব পৰা হৈছে । আধুনিক বৃহৎ উদ্যোগসমূহত উৎপাদন প্রক্রিয়া পৰিচালনাকাৰী শ্ৰমিকসকলে উৎপাদিত দ্রব্যৰ পৰিমাণ অথবা গুণগত মানৰ গতিধাৰা যান্ত্রিক পদ্ধতিৰেহে নিয়ন্ত্রণ কৰা দেখা যায় । উৎপাদন গােটৰ লগত সংযুক্ত কম্পিউটাৰৰ সহায়তেই সচৰাচৰ এই কাম সমাধান কৰা হয় । উদাহৰণস্বৰূপে , কাপােৰৰ কল এটাৰ তাতশাল এখন চলি থকাৰ সময়ত ইয়াৰ লগত সংলগ্ন কৰি ৰখা কম্পিউটাৰৰ পৰাই তাঁতশালৰ পৰিচালকজনে শালত ব্যৱহৃত সূতাৰ গুণাগুণ , প্রস্তুত হৈ থকা বস্তুৰ দোষ – ত্রুটি অথবা উৎপাদন কার্যৰ ক্ষিপ্রতাৰ সকলােবােৰ সম্ভেদ পাব পাৰে । এই উৎপাদন কার্যৰ গতিধাৰাৰ কিবা সাল সালনি কৰিব লগা হ’লেও তেওঁৰ কম্পিউটাৰ যােগেদি অনায়াসে এই কাম সমাধা কৰিব পাৰে । অর্থাৎ , এনে যান্ত্রিকৰণ অথবা যান্ত্রিকীকৰণৰ ফলত উৎপাদন কার্যত শ্ৰমিকসকলে উৎপাদিত দ্রব্যৰ গুণ আৰু পৰিমাণ অটুট ৰখাৰ উদ্দেশ্যে তাৎক্ষণিক সমস্যাসমূহৰ লগত হাবাথুৰি খােৱাৰ প্ৰয়ােজন নহয় । এনে ক্ষেত্ৰত সেই পৰিচালক কর্মীজনৰ হৈ যন্ত্ৰ একোটাইহে । উৎপাদন কার্যৰ সমস্যা বাচি উলিওৱাৰ লগতে এনেবােৰ সমস্যাৰ সমাধান ব্যৱস্থা কার্যকৰী কৰে ।
দীঘল প্ৰশ্নোত্তৰ
১৭। প্রাথমিক আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজৰ পার্থক্যসমূহ আলােচনা কৰা ।
উত্তৰঃ প্রাথমিক খণ্ডৰ বৃত্তি আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ হলঃ
( ক ) মানুহে যি কাৰ্যৰ দ্বাৰা প্রাকৃতিক পৰিবেশৰ পৰা প্রত্যক্ষ বা পৰােক্ষভাৱে কিবা বস্তু আহৰণ কৰি জীৱিকা অর্জন কৰে বা অর্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰে তাকে প্রাথমিক বৃত্তি বােলা হয় । আনহাতে, যিবােৰ কাৰ্যৰ দ্বাৰা প্রাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্রব্যবােৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভােগৰ বাবে উপযােগী কৰি তুলিবলৈ বিভিন্ন প্রকাৰে পৰিৱৰ্তন , পৰিশােধন , পৰিবর্ধন , সংযােজন বা সংশােধন কৰা হয় , তাকে দ্বিতীয় খণ্ডৰ বৃত্তি বােলা হয় ।
( খ ) প্রাথমিক খণ্ডৰ বৃত্তি ও দ্ৰব্যৰ কোনাে ধৰণৰ পৰিৱৰ্তন ঘটোৱা নহয় । আনহাতে , দ্বিতীয় খণ্ডৰ বৃত্তিত দ্রব্যৰ পৰিৱৰ্তন ঘটোৱা হয় ।
( গ ) প্রাথমিক খণ্ডৰ বৃত্তিত দ্রব্যৰ মূল্যমান কম থকাৰ বিপৰীতে দ্বিতীয় খণ্ডৰ বৃত্তিত দ্রব্যৰ ৰূপান্তৰ ঘটোৱাৰ ফলত মূল্যমান বৃদ্ধি পায় ।
( ঘ ) প্রাথমিক খণ্ডৰ শ্রেণীভূক্ত আর্থিক কাম – কাজসমূহত প্রাকৃতিক পৰিবেশ আৰু মানুহৰ প্রযত্নৰ দুয়ােটা দিশ সমানেই জড়িত হৈ থাকে । আনহাতে , দ্বিতীয় খণ্ডৰ উদ্যোগত প্রাকৃতিক পৰিবেশতকৈ মানুহৰ প্ৰযত্নৰ দিশটোহে অধিক গুৰুত্বপূর্ণ ।
১৮। আফ্রিকা মহাদেশখন প্রাকৃতিক সম্পদত যথেষ্ট চহকী হােৱা স্বত্বেও ঔদ্যোগিক ভাৱে কিয় পিছপৰা ? আলােচনা কৰা ।
উত্তৰঃ আফ্রিকা এখন প্রাকৃতিক পৰিবেশত চহকী দেশ । বিভিন্ন আপুৰুগীয়া গছ – গছনি , জীৱ – জন্তুৰে ভৰপূৰ হােৱাৰ লগতে খনিজ সম্পদেৰেও পৰিপূৰ্ণ । ইমানবােৰ প্রাকৃতিক সম্পদেৰে চহকী হােৱা স্বত্বেও এই দেশ ঔদ্যোগিক দিশত একেবাৰে পিছপৰা । ইয়াৰ হাজাৰ হাজাৰ কিল’মিটাৰ জুৰি বিস্তৃত অতব্য অৰণ্য আৰু হিংস্র জন্তুৰ বাবে বসতি স্থাপনৰ বাবে বহ অঞ্চল সুবিধাজনক নহয় । মানুহৰ বসতিৰ অবিহনে উদ্যোগ স্থাপনাে অসম্ভৱ । তদুপৰি ইয়াৰ বহু অঞ্চলত বর্তমানেও আদিম আদিবাসী থকা পৰিলক্ষিত হয় ।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতাে এইসকলে শিক্ষাৰ পােহৰেই দেখা পােৱা নাই । আফ্রিকাৰ অন্যান্য বসতি প্রধান অঞ্চলবােৰ তেনেই অনগ্রসৰ । ইয়াৰ প্ৰধান কাৰণ হৈছে উপযুক্ত শিক্ষাৰ অভাৱ । তাৰােপৰি এই অঞ্চল ঔদ্যোগিকভাৱে আগবাঢ়িব নােৱাৰাৰ আন এটা প্রধান কাৰণ হ’ল ইয়াৰ জলবায়ু । অতি উষ্ণ জলবায়ুৰ হােৱা হেতুকে এই অঞ্চলৰ লােকসকলে অধিক শ্ৰম কৰিব নােৱাৰে আৰু সততে বিভিন্ন ৰােগত আক্রান্ত হয় ।
ওপৰৰ আলােচনাৰ পৰা জানিব পাৰি যে , শিক্ষাৰ অনগ্ৰসৰতা আৰু উষ্ণ জলবায়ুৰ অঞ্চল হােৱা হেতুকে প্রাকৃতিক সম্পদৰ প্ৰাচুৰ্য্যতা থকা স্বত্বেও আফ্রিকা ঔদ্যোগিক ক্ষেত্ৰত আগবাঢ়িব পৰা নাই ।
১৯। পৃথিৱীৰ উন্নত দেশসমূহ ঔদ্যোগিক বিকাশৰ মূখ্য কাৰণ আলােচনা কৰা ।
উত্তৰঃ বার্ষিক ৰাষ্ট্ৰীয় আয় , শিক্ষা , যাতায়াত – যােগাযােগ , উদ্যোগ , স্বাস্থ্য আদি সকলাে দিশৰ ওপৰত ভিত্তি কৰি দেশসমূহক উন্নত , উন্নয়নশীল আৰু দৰিদ্ৰ দেশ হিচাপে চিনাক্ত কৰা হয় । দেশ এখন উন্নতিৰ জখলাত আগুৱাবলৈ বিভিন্ন কাৰকে ক্রিয়া কৰে । যেনে — জলবায়ু , শিক্ষা , মানুহৰ কর্মদক্ষতা , বিভিন্ন প্রাকৃতিক সম্পদ ইত্যাদি । এই কাৰকসমূহৰ ওপৰত ভিত্তি কৰিয়ে ঔদ্যোগিক বিকাশ সম্ভৱ হয় । এনে দেশসমূহত শিক্ষাৰ প্ৰসাৰতাৰ বাবে বিজ্ঞানৰ নন আৱিষ্কাৰ সম্ভৱ হৈছে ।
যাৰ ফলত কম খৰচত বহু পৰিমাণৰ সামগ্রী উৎপাদন কৰিব পৰা হৈছে । তাৰােপৰি যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতিৰ ফলত উদ্যোগৰ বাবে প্রয়ােজনীয় কেচাসামগ্রী আমদানী কৰাৰ লগতে উৎপাদিত সামগ্রী বিধ বিক্ৰীৰ বাবে বজাৰলৈ নিয়াতে সহায়ক হয় । এই সকলােবােৰ ব্যৱস্থা থকাৰ উপৰি উদ্যোগটো পৰিচালনাৰ বাবে এজন সুদক্ষ ব্যক্তিৰ দৰকাৰ , তেতিয়াহে এটা উদ্যোগ স্থাপন কৰিব পাৰি আৰু পৰিচালকৰ ওপৰত নিৰ্ভৰ কৰিয়েই উদ্যোগ এটাৰ উন্নতি স্থাৱৰ কৰিব পাৰি । এই সকলাে সুবিধা উন্নত দেশসমূহত উপলব্ধ হােৱা হেতুকে এনে দেশসমূহত ঔদ্যোগিক বিকাশ সম্ভৱ হৈছে ।
২০। দ্বিতীয় পর্যায়ক পৰ্য্যায়ৰ কাৰ্য্য কি ? ইয়াৰ কেইটামান উদাহৰণ আগবঢ়োৱা ।
উত্তৰঃ যিবােৰ কাৰ্যৰ দ্বাৰা প্রাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্রব্যবােৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভােগৰ বাবে উপযােগী কৰি তুলিবলৈ বিভিন্ন প্রক্রিয়াৰে পৰিৱৰ্তন , পৰিবর্ধন , সংযােজন বা সংশােধন কৰা হয় , এনে কাৰ্য্যসমূহক দ্বিতীয়ক খণ্ডৰ কার্য বা বৃত্তি বােলা হয় ।
দ্বিতীয় খণ্ডৰ কার্য হৈছে শিল্পোদ্যোগ , শক্তি উৎপাদন আৰু ঘৰ নিৰ্মাণ । দ্বিতীয় খণ্ডৰ কার্যত মূল পদার্থ বা বস্তুৰ ৰূপান্তৰ ঘটে আৰু সাধাৰণতে সেইবােৰৰ মূল্যমান বৃদ্ধি পায় । শিল্পোদ্যোগে হস্তশিল্প আৰু কাৰখানাৰ উৎপাদন উভয়কে বুজায় । উদাহৰণস্বৰূপে , মিলত গমৰ দানা ভাঙি গুৰি কৰি আটা বা ময়দা প্রস্তুত কৰা হয় আৰু মানুহে এই আটা বা ময়দাৰ পৰা ৰুটি বনাই খায় । গমৰ গুটি বা দানা মানুহে পােনপটীয়াকৈ নাখায় । গতিকে গমৰ , উৎপাদন প্রাথমিক বৃত্তি , কিন্তু আটা বা ময়দা তৈয়াৰ কৰা কাৰ্যক দ্বিতীয় বৃত্তি বােলা হয় । ঠিক সেইদৰে , তীখা কাৰখানাত লােৰ আকৰিকৰ পৰা অধিক উপযােগী তীখা উৎপাদন কৰাটো দ্বিতীয় খণ্ডৰ বৃত্তি ।
২১ পৃথিৱীৰ কপাহী বয়ন উদ্যোগ সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ কপাহী বয়ন উদ্যোগ হ’ল এক কৃষি ভিত্তিক উদ্যোগ । কিয়নাে এই উদ্যোগৰ বাবে প্রয়ােজনীয় কপাহ কৃষিৰ জৰিয়তে উৎপাদন হয় । হস্তচালিত তাঁতশাল , যন্ত্রচালিত তাঁতশাল আৰু বৃহৎ আকাৰৰ কাপােৰৰ কল পর্যায়ৰ তিনিটা প্রশাখাত বয়ন উদ্যোগৰ উপ বিভাজন কৰিব পাৰি । এই তিনিটা উপশ্রেণীৰ ভিতৰত প্রথম দুটা অধিক মাত্রাত শ্রম নির্ভৰশীল হােৱাৰ বিপৰীতে বৃহৎ কাপােৰৰ কলসমূহ ঘাইকৈ যান্ত্রিক শক্তিৰ ওপৰত নিৰ্ভৰশীল হােৱা দেখা যায় । শ্রমকেন্দ্রীকৰ পৰা প্রযুক্তিকেন্দ্রীক হৈ অহাৰ লগে লগে এই উদ্যোগত বিনিয়ােগ কৰা মূলধনৰ পৰিমাণ বাঢ়ি যায় । সেয়েহে , আর্থিক দিশত আপেক্ষিকভাৱে অগ্রগণ্য অঞ্চলবােৰত প্রযুক্তিচালিত কাপােৰৰ কল প্রতিষ্ঠা হােৱাৰ বিপৰীতে আর্থিকভাৱে অনগ্রসৰ অঞ্চলবোৰত হস্ত তাঁতৰ প্ৰচলন অধিক হােৱা দেখা যায় ।
কপাহী বয়ন উদ্যোগৰ বিকাশ বহু পৰিমাণে ইয়াৰ কেঁচামাল অর্থাৎ , উন্নতমানৰ কপাহ যােগানৰ ওপৰত নিৰ্ভৰ কৰে । ভাৰতবৰ্ষ , চীন , যুক্তৰাষ্ট্র , পাকিস্তান , উজবেকিস্তান , ইজিপ্ত প্রভৃতি পৃথিৱীৰ প্ৰধান কপাহ উৎপাদনকাৰী দেশসমূহক ধৰি পৃথিৱীৰ সৰ্বমুঠ ৪০ খন দেশত কপাহীবয়ন উদ্যোগৰ অগ্রগতি দেখা যায় । ইয়াৰ ভিতৰত বস্ত্র সম্ভাৰৰ উৎপাদনত একাদিক্রমে যুক্তৰাষ্ট্র , চীন , ভাৰত , জাপান , জার্মানী , ফ্রান্স , ৰাছিয়া আৰু ইটালী অগ্রগণ্য । যুক্তৰাষ্ট্র , জাপান আৰু প্রায়বােৰ ইউৰােপীয় দেশত অৱস্থিত এই উদ্যোগৰ গােটসমূহে উত্তৰ আফ্রিকা আৰু এছিয়াৰ পৰা কেঁচা সামগ্রী অর্থাৎ , কপাহৰ আঁহ সংগ্রহ কৰে ।
আন্ত:ৰাষ্ট্ৰীয় বজাৰত লেনদেন ঘটা ৫০ শতাংশ কপাহৰ ক্রেতা হৈছে ইউৰােপ মহাদেশ । গ্রাহক চাহিদা অনুসৰি উপযুক্ত মাত্ৰাৰ গৱেষণা আৰু প্ৰযুক্তিগত উন্নয়ন অব্যাহত ৰাখিবলৈ সক্ষম হােৱাৰ বাবেই বিশ্বযুদ্ধৰ পৰা আজি কোপতি জার্মান দেশীয় কপাহী বয়ন উদ্যোগটোৱে নিজ অগ্রগতি অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । চীন দেশত ১৮৯০ চনত স্থাপন হােৱা কপাহী উদ্যোগৰ অগ্ৰগতিত আন আন সা – সুবিধাৰ লগতে জনবহুল চীনৰ বৃহৎ ঘৰুৱা বজাৰখনাে এক প্রধান কাৰক । চীনৰ বস্ত্র শিল্প প্রধান কেন্দ্রসমূহ ইয়াংছি উপত্যকা , হােৱাংহাে উপত্যকা আৰু দক্ষিণ চীন অঞ্চলত অৱস্থিত ।
আধুনিক বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ কপাহী বস্ত্ৰৰ আদৰ তীব্ৰ গতিত বৃদ্ধি পাইছে । ১৮৫৪ চনত মুম্বাই চহৰত দেশৰ প্ৰথমটো যন্ত্রচালিত কাপােৰৰ কল প্রতিষ্ঠা হয় । বর্তমান ভাৰতৰ আশীখন চহৰত ১৬০০ ৰাে অধিক কাপােৰৰ কল আছে । গুজৰাটৰ আহমেদাবাদত দেশৰ ভিতৰতে সর্বাধিক কাপােৰৰ কল আছে । এই চহৰক প্ৰাচ্যৰ মানচেষ্টাৰ বুলিও কোৱা হয় ।
প্রচুৰ কপাহ উৎপাদন , সাগৰীয় প্ৰভাৱৰ সেমেকা জলবায়ু , আভ্যন্তৰীণ আৰু আন্ত:ৰাষ্ট্ৰীয় পৰিবহণৰ সুবিধা , শক্তি , শ্ৰম আৰু মূলধন প্রভৃতি কাৰকসমূহৰ সুবিধাজনক অৱস্থিতিৰ হেতুকে মহাৰাষ্ট্ৰ আৰু গুজৰাট দুয়ােখন ৰাজ্যতে কপাহী বয়ন শিল্পৰ চমকপ্রদ উন্নতি ঘটিছে । সম্প্রতি , পঞ্জাৱ , হাৰিয়ানা , উত্তৰ প্ৰদেশ , কর্ণাটক আৰু তামিলনাড়ু প্রভৃতি ৰাজ্যসমূহত এই উদ্যোগৰ প্রসাৰ ঘটিছে । জাপানত কপাহৰ উৎপাদন নহয় যদিও সাগৰীয় সেমেকা জলবায়ু , সুদক্ষ শ্রমিক , উন্নত প্রযুক্তি , জলবিদ্যুৎ শক্তিৰ প্রাচুর্য , দেশ – বিদেশৰ বজাৰ প্রভৃতি কাৰকসমূহৰ বাবে এই দেশত কপাহী বয়ন শিল্পৰ বিকাশ সম্ভৱ হৈছে ।
বর্তমান জাপানেই বিশ্বৰ সর্বাধিক কপাহী বস্ত্ৰৰ প্তানীকাৰী দেশ । জাপানৰ কপাহী বয়ন উদ্যোগ কেন্দ্রীভূত হৈ থকা অঞ্চলসমূহ হ’ল— ওচাকা – কোবে অঞ্চল , টকিঅ ’ – য়াকোহামা অঞ্চল আৰু নাগয়া অঞ্চল । ছোভিয়েট ৰাছিয়াৰ বস্ত্ৰ উদ্যোগসমূহে উন্নত মানৰ কপাহী বস্ত্র উৎপাদন কৰে । কয়লা , কেঁচামাল , সস্তীয়া বনূৱা , যাতায়াত , প্রযুক্তিৰ ব্যৱহাৰ আদিয়েই এই উদ্যোগসমূহৰ উন্নতিৰ প্ৰধান কাৰণ । ৰাছিয়াত এই উদ্যোগ কেন্দ্রীভূত হৈ থকা অঞ্চলসমূহ হ’ল মস্কো ইভানােভা অঞ্চল , লেনিনগ্রেড অঞ্চল আৰু দক্ষিণ অঞ্চল ।
২২। আধুনিক বৃহৎ উদ্যোগৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা ।
উত্তৰঃ আধুনিক বৃহৎ উদ্যোগৰ বৈশিষ্ট্যসমূহ হলঃ
( ক ) বিশিষ্ট নৈপুণ্যৰ প্ৰয়ােগঃ আধুনিক যুগৰ বৃহৎ উদ্যোগসমূহত উৎপাদিত দ্রব্যৰ বিভিন্ন অংশসমূহ উদ্যোগটোৰ বিভিন্ন গােটত পৃথক ভাৱে প্ৰস্তুত কৰা হয় । তাৰ পাছত আন এটা গােটত এনেবােৰ অংশক সুসংঘবদ্ধ কৰি একোটা শ্ৰেণীৰ পৰিসজ্জিত দ্রব্য প্রস্তুত কৰা হয় । অর্থাৎ, এনে এক বৃহৎ উদ্যোগৰ পৰিসৰত ভালে সংখ্যক অংশীদাৰ উদ্যোগ থাকে । এনে প্রতিটো অংশীদাৰ উদ্যোগত বৃহৎ পৰিমাণৰ মূলধন , প্রযুক্তি আৰু তুলনামূলক ভাৱে কম পৰিমাণৰ , কিন্তু উন্নত গুণ সম্পন্ন শ্রম বিনিয়ােগ কৰি বৃহৎসংখ্যক হুবহু একে লক্ষণৰ অর্থাৎ , সমগুণী দ্রব্য উৎপাদন কৰা হয় । পাছৰ পৰ্য্যায়ত এনােবােৰ সম্ভাৰ একত্ৰিত কৰি পৰিসজ্জিত ৰূপ দিয়া হয় ।
( খ ) যান্ত্রিকীকৰণঃ আধুনিক বৃহৎ উদ্যোগবােৰত উৎপাদন প্রক্রিয়া পৰিচালনাকাৰী শ্রমিক সকলে উৎপাদিত দ্রব্যৰ পৰিমাণ অথবা গুণগত মানৰ গতিধাৰা যান্ত্রিক পদ্ধতিৰেহে নিয়ন্ত্রণ কৰা দেখা যায় ।
( গ ) কাৰিকৰী নতুনত্বঃ আধুনিক যুগৰ বৃহৎ উদ্যোগত উৎপাদনৰ মানদণ্ড ক্রমে উন্নত কৰি নিয়াৰ লগতে উৎপাদন ব্যয় পার্যমানে হ্ৰাস কৰি লাভৰ পৰিমাণ বৃদ্ধি কৰাৰ উদ্দেশ্যে অহৰহ ভাৱে এলনি গৱেষণা কার্য অব্যাহত ৰখা হয় । কাৰণ বৰ্তমান বিশ্ব বজাৰত বহুসংখ্যক প্রতিযােগী প্রতিষ্ঠানত উৎপাদিত প্রতিদ্বন্দ্বী সম্ভাৱৰ লগত ফেৰ মাৰি গ্ৰাহকৰ মন আকর্ষণ কৰাৰ উদ্দেশ্যে কম দামত উচ্চ মানৰ দ্ৰব্যৰ যােগান ধৰাৰ উপৰিও এই দ্ৰব্যৰ প্রতি সাম্ভাব্য গ্রাহক শ্ৰেণীৰ হাবিয়াস বৃদ্ধিৰ প্ৰচেষ্টা উলাই কৰিব পৰা নাযায় । সেয়েহে , দ্ৰব্যৰ গুণগত উৎকর্য , উদ্যোগত উৎপাদিত অপদ্রব্যৰ পৰিমাণ নিয়ন্ত্রণ অথবা এনে অপদ্রব্যৰ বাণিজ্যিকৰণ , উৎপাদন ব্যয়ৰ সংকোচন আৰু গ্ৰাহকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে প্রচাৰ , বিজ্ঞাপন , উপঢৌকা প্রভৃতি কাৰিকৰী আৰু গ্ৰাহক মনস্তত্ত্ব সম্পর্কীয় অনেক গৱেষণা কার্যসমূহ আধুনিক বৃহৎ উদ্যোগসমূহৰ এক অপৰিহার্য অংগ হৈ পৰিছে ।
( ঘ ) বহুস্তৰীয় সাংগঠনিক সংৰচনাঃ আধুনিক কালৰ বৃহৎ উদ্যোগসমূহৰ বেছিভাগ কামেই জনবল অথবা পেশীবলৰ পৰিৱর্তে যান্ত্রিক বলৰ দ্বাৰা পৰিচালিত । তদুপৰি অতিমাত্রা শ্রম বিভাজন ভিত্তিক শ্ৰমৰ বিশেষীকৰণ কাৰ্যৰ সহায়ত এনেবোৰ উদ্যোগত তুলনামূলকভাৱে কম কষ্টৰ বিনিময়ত সীমিত খৰচত অধিক পৰিমাণৰ উৎপাদন সম্ভৱ হয় । এনে শ্ৰেণীৰ উদ্যোগ প্রতিষ্ঠা আৰু পৰিচালনাত বৃহৎ পৰিমাণৰ যান্ত্রিক আৰু অর্থকাৰী মূলধনৰ বিনিয়ােগ অপৰিহার্য । এই শ্ৰেণীৰ উদ্যোগৰ সামগ্রিক পৰিক্ৰমা একোটাত প্রযুক্তি , অর্থনীতি , বাণিজ্য , যাতায়াত সঞ্চয়ন , পৰিচালনা প্রভৃতি ভালেমান প্রশাখা যুক্ত অনেক কাম – কাজৰ সমাৱেশ ঘটে ।
( ঙ ) বিষম ভৌগােলিক বিস্তাৰ :- পৃথিৱীৰ প্ৰায় সমুদায় বৃহৎ উদ্যোগৰ ক্ষেত্ৰসমূহ মুঠ স্থল মণ্ডলৰ মাত্র দহ শতাংশ এলেকাতে সীমাবদ্ধ হৈ আছে । এনে বৃহৎ ঔদ্যোগিক প্রকল্প ৰাজনৈতিক তথা অর্থনৈতিক ভাৱে শীর্ষ ৰাষ্ট্ৰসমূহতে সীমাবদ্ধ বুলিব পাৰি । সমগ্র বিশ্ব খাদ্য শস্যৰ যােগান ধৰি অহা দেশ – বিদেশৰ সৰ্বমুঠ কৃষি ভূমিৰ তুলনাত পৃথিৱীৰ প্ৰতিটো অঞ্চলকে শিল্পজাত দ্রব্যৰে আগুৰা এনেবােৰ উদ্যোগৰ অধিকৃত ভূমি নিচেই নগণ্য পৰিসৰৰহে ।
| Sl. No. | সূচী-পত্ৰ |
| প্ৰথম খণ্ড | |
| Chapter 1 | মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ |
| Chapter 2 | জনসংখ্যা আৰু উন্নয়ন |
| Chapter 3 | জনসংখ্যাৰ গাঁথনি |
| Chapter 4 | মানৱ সম্পদৰ বিকাশ |
| Chapter 5 | প্রাথমিক খণ্ডৰ জীৱিকা |
| Chapter 6 | দ্বিতীয়ক খণ্ডৰ বৃত্তি |
| Chapter 7 | তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ |
| Chapter 8 | পৰিবহণ আৰু যােগাযােগ |
| Chapter 9 | আন্তৰ্জাতিক বাণিজ্য |
| Chapter 10 | জনবসতিৰ প্ৰকাৰ |
| দ্বিতীয় খণ্ড | |
| Chapter 11 | উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি |
| Chapter 12 | অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু |
| Chapter 13 | জনসংখ্যাৰ গাঁথনি |
| Chapter 14 | জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব |
| Chapter 15 | অসমৰ কৃষিখণ্ড আৰু উদ্যোগ |
| Chapter 16 | অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা |
| তৃতীয় খণ্ড | |
| Chapter 17 | ভাৰতৰ জনসংখ্যা |
| Chapter 18 | ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম |
| Chapter 19 | মানৱ সম্পদ উন্নয়ন |
| Chapter 20 | ভাৰতৰ জনবসতি |
| Chapter 21 | ভূমি সম্পদ আৰু কৃষিকাৰ্য |
| Chapter 22 | ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ |
| Chapter 23 | ভাৰতৰ কাৰিকৰী উদ্যোগ |
| Chapter 24 | ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন |
| Chapter 25 | ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা |
| Chapter 26 | আন্তর্জাতিক বাণিজ্য |
| Chapter 27 | নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপাত |
২৩। উদ্যোগ স্থাপনত প্ৰভাৱ পেলােৱা কাৰকসমূহ আলােচনা কৰা ।
উত্তৰঃ কোনাে ঠাইত যিকোনাে এটা উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত কেতবােৰ কাৰক জড়িত হৈ থাকে সেই কাৰকবােৰ তলত আলােচনা কৰা হ’ল ।
( ক ) কেঁচা সামগ্রী :- উদ্যোগ স্থাপনৰ বাবে আটাইতকৈ প্ৰয়ােজনীয় উপাদানটো হ’ল কেঁচা সামগ্রী । কেঁচামাল বনজ , খনিজ , কৃষিজ বা জলজ সম্পদৰ পৰা আহিব পাৰে । কেঁচা সামগ্ৰীৰ পৰাই বিভিন্ন দ্রব্য প্রস্তুত কৰা হয় । যেনে— আকৰিক লােৰ পৰা তীখা , বিভিন্ন যন্ত্রপাতি, দৈনিক প্রয়ােজনীয় সামগ্রী ইত্যাদি তৈয়াৰ কৰা হয় । সেইদৰে কপাহ উল , ৰেশম আদি বয়ন উদ্যোগৰ কেঁচামাল , গধুৰ হ’লে বা আয়তনত ডাঙৰ হ’লে পৰিবহণ ব্যয় অধিক হয় বাবে বেছিভাগ উদ্যোগ কেঁচামাল পােৱা অঞ্চলতে স্থাপন কৰা হয় । তাৰােপৰি , কিছুমান কেঁচা সামগ্রী সংগ্রহ কৰাৰ মূহুৰ্তৰ পৰা একোটা নির্ধাৰিত সময় অতিক্রম কৰাৰ লগে লগে নষ্ট হয় । সেয়েহে এনেবােৰ কৃষিভিত্তিক উদ্যোগ সংশ্লিষ্ট কেঁচামালৰ উৎপাদন ক্ষেত্ৰৰ ওচৰতে প্রতিষ্ঠা হয় ।
( খ ) শক্তি সম্পদ :- উদ্যোগ প্রতিষ্ঠাৰ বাবে আন এবিধ প্রয়ােজনীয় উপাদান হ’ল শক্তি সম্পদ । কেঁচামালৰ পৰা ব্যৱহাৰােপযােগী বস্তু যি যন্ত্ৰৰ সহায়ত তৈয়াৰ কৰা হয় তাক চলাবলৈ শক্তিৰ প্ৰয়ােজন । কয়লা , পেট্রলিয়াম , প্রাকৃতিক গেছ , জলবিদ্যুৎ আদি শক্তিৰ উৎস । সাধাৰণতে , শক্তিৰ উৎস থকা ঠাইতহে উদ্যোগ গঢ়ি উঠে । উন্নত পৰিবহণ ব্যৱস্থা নহ’লে শক্তিৰ উৎস দূৰলৈ নিয়াত অসুবিধা হয় ।
( গ ) জলবায়ু :- কোনাে উদ্যোগৰ অৱস্থান নির্ণয়ত জলবায়ুয়ে প্রত্যক্ষ বা পৰােক্ষ ভাৱে প্ৰভাৱ বিস্তাৰ কৰে । তদুপৰি উদ্যোগৰ বাবে ব্যৱহৃত কৃষিজ , বনজ আৰু প্রাণীজ সম্পদবােৰৰ বিতৰণাে জলবায়ুৰ দ্বাৰা নিয়ন্ত্রিত হয় । গৰম জলবায়ুৰ অঞ্চলত শ্রমিক সােনকালে ভাগৰি পৰে আৰু ৰােগত আক্রান্ত হয় । মৃদু আৰু সমভাবাপন্ন জলবায়ুৰ কাৰণে নাতিশীতােষ্ণ মণ্ডলত প্রধানকৈ উদ্যোগসমূহগঢ়ি উঠিছে । সেমেকা জলবায়ুত সূতা নিচিগে আৰু মিহি হয় । মানচেষ্টাৰ অঞ্চলৰ সেমেকা জলবায়ুৰ কাৰণে ইয়াত বয়ন শিল্পই প্ৰসাৰতা লাভ কৰিছে ।
( ঘ ) পৰিবহণ ব্যবস্থা :- উন্নত পৰিবহণ ব্যৱস্থা উদ্যোগ প্রতিষ্ঠাৰ বাবে অতি প্রয়ােজনীয় । কেঁচামাল আৰু শক্তি সম্পদ উদ্যোগ কেন্দ্ৰলৈ আনিবৰ কাৰণে আৰু উৎপাদিত শিল্পজাত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে বজাৰলৈ নিবৰ কাৰণে পৰিবহণ ব্যৱস্থা উন্নত হােৱাটো জৰুৰী । কেঁচামাল আৰু শক্তিৰ যােগান আৰু পণ্যৰ বজাৰ সুপৰিবহণ ব্যৱস্থাৰ দ্বাৰা নিয়ন্ত্রিত হয় । উৎপাদনকাৰী আৰু উপভােগকাৰী দেশসমূহৰ মাজত উন্নত পৰিবহণ ব্যৱস্থা থাকিলেহে সামগ্ৰীসমূহৰ সৰবৰাহ কৰিব পাৰি ।
( ঙ ) শ্রমিক :– উদ্যোগৰ বাবে শ্ৰমিকৰ প্রয়ােজন । শ্ৰমিকৰ দক্ষতা আৰু কার্য ক্ষমতা উদ্যোগৰ উন্নতিৰ অন্যতম কাৰক । যান্ত্রিক যুগতাে যন্ত্ৰৰ দ্বাৰা বহুতাে কাম কৰিবলৈ শ্ৰমিকৰ প্রয়ােজন । শ্রমিক সংখ্যা , গুণ আৰু মজুৰীৰ ওপৰত উদ্যোগসমূহ বহু পৰিমাণে নিৰ্ভৰশীল । মৰাপাট আৰু কপাহী বয়ন উদ্যোগসমূহপৰিচালনা কৰিবলৈ প্ৰচুৰ কম মজুৰীৰ বনুৱাৰ প্রয়ােজন । জাপান , চীন , ভাৰত আদি দেশত শ্রমিক মজুৰী কম বাবে উদ্যোগ স্থাপনত সহজ সাধ্য । আনহাতে , অষ্ট্রেলিয়াত , জনসংখ্যা কম বাবে উদ্যোগ স্থাপনত ই এক অন্তৰায় । এনে দেশত অৱশ্যে বেলেগ দেশৰ পৰা সুদক্ষ শ্রমিক আমদানি কৰি অনা হয় ।
( চ ) বজাৰঃ উৎপাদিত সামগ্রীৰ বিক্ৰীৰ বাবে বজাৰৰ আৱশ্যক । বজাৰ স্থানীয় , দেশীয় বা আন্তর্জাতিক হ’ব পাৰে । নিজৰ দেশৰ বাহিৰে আন্তর্জাতিক চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি বস্তুৰ উৎপাদনৰ পৰিমাণ নির্ধাৰিত হয় । ইংলেণ্ডৰ যন্ত্রপাতি , জার্মান আৰু জাপানৰ ইলেকট্রনিক সামগ্রী , পশ্চিমবংগৰ মৰাপাটৰ সামগ্ৰী আদিৰ উৎপাদন স্থানীয় বজাৰতকৈ আন্তর্জাতি ওপৰতহে বেছি নিৰ্ভৰশীল ।
( ছ ) মূলধন :- উদ্যোগ প্রতিষ্ঠাৰ বাবে প্ৰচুৰ মূলধনৰ প্রয়ােজন হয় । ঘৰ দুৱাৰ সঁজা , যন্ত্রপাতি কিনা আৰু স্থাপন কৰা , শক্তি যােগানৰ ব্যৱস্থা কৰা , কেঁচা সামগ্রী ক্রয় কৰা , বনুৱাক মজুৰী দিয়া , পৰিবহণৰ ব্যৱস্থা কৰা আদি বিভিন্ন কামৰ বাবে বহু পৰিমাণৰ মূলধনৰ আৱশ্যক হয় ।
( জ ) দেশীয় উদ্যোগ নীতিঃ এখন দেশৰ উদ্যোগ দেশীয় উদ্যোগ নীতিৰ ওপৰত নিৰ্ভৰ কৰে । স্বাধীনতাৰ আগলৈকে ইংৰাজ চৰকাৰৰ ঔপনিবেশিক নীতি অনুসৰি ভাৰতবৰ্ষৰ কেঁচা সামগ্রী ইংলেণ্ডলৈ নি তাত তৈয়াৰী বস্তু ভাৰতলৈ আনি বিক্ৰী কৰা হৈছিল । ফলত ভাৰতত শিল্প উদ্যোগৰ প্ৰতিষ্ঠা আৰু সম্প্ৰসাৰণ একেবাৰেই কম হৈছিল । স্বাধীনােত্তৰ কালত চৰকাৰী নীতি সলনি হােৱাৰ বাবে ভাৰত উদ্যোগীকৰণত কিছু দূৰ আগবাঢ়িবলৈ সক্ষম হ’ল ।
( ঝ ) বৈজ্ঞানিক প্রচেষ্টাঃ বৈজ্ঞানিক প্রচেষ্টা আৰু কাৰিকৰী শিক্ষাদানৰ ব্যৱস্থা নাথাকিলে সেই দেশে উদ্যোগ স্থাপনত বিশেষ সফলতা লাভ কৰিব নােৱাৰিব । উপৰােক্ত কাৰকসমূহৰ উপৰিও ঠাইখনৰ ভৌগােলিক অৱস্থান উদ্যোগ স্থাপনৰ আন এটা উল্লেখযােগ্য কাৰক ।
২৪। কেঁচা সামগ্ৰীৰ ভিত্তিত উদ্যোগবােৰৰ শ্রেণী বিভাজন কৰা ।
উত্তৰঃ কেঁচামালৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক প্রধানকৈ পাঁচটা ভাগত বিভক্ত কৰা হৈছে । সেইবােৰৰ বিষয়ে তলত আলােচনা কৰা হলঃ
( ক ) কৃষিভিত্তিক উদ্যোগ :- কৃষিজাত উৎপাদিত দ্রব্যৰ পৰিশােধন , অৱস্থান্তৰণ আৰু ৰূপায়ণ পৰিক্ৰমাৰ লগত জড়িত সৰু – ডাঙৰ সকলাে উদ্যোগ এই শ্ৰেণীৰ অন্তর্ভূক্ত । এনে উদ্যোগসমূহ চহৰ আৰু গাওঁ অঞ্চলত প্রায় সমানে সিচৰিত হৈ থাকে । অধিকাংশ কৃষি ভিত্তিক উদ্যোগেই খাদ্য প্রস্তুত কৰণৰ লগত জড়িত । উদাহৰণস্বৰূপে , ধানকল অথবা আটা প্রস্তুত কৰা কলসমূহকে ধৰি চেনী , খােৱাতেল , বিস্কুট , চাহ , কফি প্রভৃতি বিভিন্ন উদ্যোগৰ কথা ক’ব পাৰি । কপাহী বয়ন উদ্যোগ , ৰবৰ, মৰাপাট উদ্যোগ প্রভৃতি কিছুমান কৃষি ভিত্তিক উদ্যোগে . অন্যান্য প্রয়ােজনীয় দ্রব্য উৎপাদন কৰে ।
( খ ) খনিজ ভিত্তিক উদ্যোগ :- খনিৰ পৰা নিষ্কাশন কৰা বিভিন্ন দ্রব্যক কেঁচামাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগসমূহ এইটো শ্ৰেণীত পৰে । লৌহ আকৰ অথবা ইয়াৰ পৰা প্ৰস্তুত কৰা তীখাক কেঁচামাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগক লৌহ বর্গীয় খনিজ উদ্যোগ বােলে । তাম , এলুমিনিয়াম , দস্তা , সীহ , টিন প্রভৃতি আনবােৰ ধাতৱ খনিজ ব্যৱহাৰকাৰী উদ্যোগক অনা লৌহ বর্গীয় ধাতৱ খনিজ উদ্যোগ বােলে । অভ্র , মাৰ্বল , পাথৰ , গ্রেফাইট , কয়লা , চীনামাটি প্রভৃতি খনিৰ পৰা আহৰণ কৰা অধাতৱ মৌল অথবা যৌগক কেঁচামাল হিচাপে গ্রহণ কৰা উদ্যোগসমূহক ধাতৱ খনিজ উদ্যোগৰ শাৰীত ধৰা হয় ।
( গ ) ৰাসায়নিক উদ্যোগ :- বিভিন্ন কেঁচামাল ৰাসায়নিক কৌশলেৰে পৰিশােধন আৰু ৰূপান্তৰণ কৰি অধিক মূল্যৱান দ্রব্য সম্ভাৰ প্ৰস্তুত কৰা উদ্যোগসমূহেই ৰাসায়নিক উদ্যোগ । কেঁচামাল , শক্তি অথবা শ্ৰমিকৰ তুলনাত এনেবােৰ উদ্যোগৰ প্ৰধান চালিকা শক্তি হৈছে নিত্য নতুন গৱেষণা কর্মৰ ফচল শেহতীয়া জ্ঞান বিজ্ঞান ।
( ঘ ) বনজ উদ্যোগ :- বিভিন্ন বনজ উৎসৰ পৰা সংগৃহীত দ্ৰব্যৰ পৰিশােধন , ৰূপায়ন আৰু ৰাসায়নিক পৰিৱৰ্তন পৰিক্ৰমাক আশ্ৰয় কৰি গঢ় লােৱা উদ্যোগসমূহক সাধাৰণ অৰ্থত বনজ উদ্যোগ বুলি কোৱা হয় । কাঠৰ সা – সৰঞ্জাম প্রস্তুতকৰণ , কাগজ উদ্যোগ প্রভৃতি বনজ উদ্যোগৰ উদাহৰণ ।
( ঙ ) পশুজ উদ্যোগ :– নির্বাচিত পােহনীয়া প্ৰাণীৰ পৰা আহৰণ কৰা চর্ম , উন , মাংস , দুগ্ধ প্রভৃতি দ্রব্যসমূহ আৰু ইয়াৰ লগতে হাতীৰ দাঁত প্রভৃতি দ্রব্যক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি গঢ়ি উঠা উদ্যোগসমূহেই পশুজ উদ্যোগৰ প্ৰকৃত পৰিসৰ । এনে উদ্যোগত উৎপাদিত দুগ্ধ আৰু মাংস খাদ্য প্রস্তুতকৰণৰ ভিতৰত ধৰা হয় ।
আনহাতে , উন হৈছে বয়ন উদ্যোগৰ অংশ বিশেষ । পশুৰ ছাল পৰিশােধন কৰাৰ পাছত ইয়াত জোতা , বেগ , চর্মবস্ত্র , বাদ্যযন্ত্র নির্মাণ প্রভৃতি বিভিন্ন কামত ব্যৱহাৰ কৰা হয় ।
২৫। পৃথিৱীৰ লাে – তীখা উদ্যোগ সম্পর্কে এটি টোকা লিখা ।
উত্তৰঃ আজিৰ এই যান্ত্রিক যুগত লাে – তীখা উদ্যোগ হৈছে আটাইতকৈ গুৰুত্বপূর্ণ । যন্ত্রপাতি , কল কাৰখানা , ঘৰ – দুৱাৰ , দলং , গাড়ী , ঘৰুৱা সামগ্রী আদি সকলােতে লাে – তীখা ব্যৱহাৰ কৰা হয় । এই শিল্প এখন দেশৰ উন্নতি আৰু সভ্যতাৰ মাপকাঠি । আকৰিক লাে আৰু চূণশিল এই উদ্যোগৰ প্ৰধান কেঁচামাল আৰু কয়লা ইয়াৰ প্ৰধান শক্তিৰ উৎস ।
তলত পৃথিৱীৰ প্ৰধান লাে – তীখা উৎপাদন কাৰী দেশসমূহৰ বিষয়ে বর্ণনা কৰা হলঃ
ৰাছিয়া পৃথিৱীৰ সৰ্বাধিক লাে – তীখা উৎপাদনকাৰী দেশ । দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা এই দেশত লাে – তীখা উদ্যোগৰ সম্প্ৰসাৰণ দ্রুত গতিত হৈছে । ইউক্রেইন আৰু ডনেটজ উপত্যকাৰ আশে – পাশে থকা ডনেৎস্ক , মেকিভকা, ক্রামার্টস্ক , ভৰছিলভগ্রেডত লাে – তীখা উদ্যোগবােৰ গঢ়ি উঠিছে । মস্কো অঞ্চলত তুলা , লিপেৎস্ক আৰু গৰ্কী প্রধান লাে – তীখা কেন্দ্র । এইবােৰ কেন্দ্ৰত ডনেৎজ উপত্যকাৰ কয়লা , স্থানীয় আকৰিক লােৰ লগতে ইউক্রেইন আৰু ইউৰাইল অঞ্চলৰ আকৰিক লাে ব্যৱহৃত হয় ।
আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ দ্বিতীয় প্রধান লাে – তীখা উৎপাদনকাৰী দেশ । ইয়াত সর্বপ্রথমে আটলান্টিক মহাসাগৰীয় উপকূলৰ মেৰিলেণ্ড আৰু পেনচিলভেনিয়াত এই শিল্পৰ আৰম্ভণি হয় । পিটছবার্গ অঞ্চল লাে – তীখাৰ প্রধান কেন্দ্র । চুপিৰিয়ৰ হ্রদ অঞ্চলৰ মেচাবি পাহাৰৰ লাে খনিৰ পৰা আহৰণ কৰা আকৰিক লােৰে এই অঞ্চলৰ লাে – তীখা উদ্যোগসমূহ পৰিচালিত হয়। ইৰি হ্রদৰ পাৰত বাফেল ’ ক্লিভলেণ্ড , মিচিগান হ্ৰদৰ দক্ষিণ পাৰত চিকাগাে , গেৰি , চেন্টলুইচ আৰু চুপিৰিয়ৰ হ্ৰদৰ কাষত থকা ডুলুথ প্রধান লাে – তীখাৰ কেন্দ্র । কেঁচামালৰ সুবিধা আৰু উন্নত যাতায়াত ব্যৱস্থাৰ বাবে এই অঞ্চলত যুক্তৰাষ্ট্রৰ শতকৰা ৩৪ ভাগ লাে উৎপাদিত হয় ।
গ্রেটব্রিটেইনৰ নর্থহাম্বাৰলেণ্ড আৰু ডাৰহামত লাে – তীখা উৎপাদন যথেষ্ট পৰিমাণে হয় । ডাৰহামৰ কয়লা , মধ্য অংশৰ আকৰিক লাে আৰু পেনাইন পর্বত চূণশিল এই তিনিটা ওচৰা ওচৰিকৈ পােৱা যায় বাবে পৰিবহণ ব্যয় কম হয় । গ্রেটব্রিটেইনৰ ব্রেককান্ট্রি অঞ্চলৰ বার্মিংহাম , কভেন্ট্রি , ভাডলে , ৰেডডিছ আদি প্রধান লাে – তীখা কেন্দ্র ।
ইউৰোপৰ জার্মানী আন এখন লাে – তীখা উৎপাদনকাৰী দেশ । এই দেশৰ ৰাইনৰ উপনদী কঢ় নৈৰ উপত্যকা পৃথিৱীৰ এক শ্রেষ্ঠ তীখা উৎপাদনকাৰী অঞ্চল । ৰুঢ় নৈৰ দুয়ােপাৰে প্রায় ৮০ কিল’মিটাৰ ঠাই জুৰি ইচেন দুচেলডর্ফ । বচাম , ডর্টমুণ্ড , চলিনগেন , ক্রেফেল্ড , ডুইচবাৰ্গ আদি প্রধান লাে – তীখা কেন্দ্ৰবােৰ বিস্তৃত হৈ আছে । ৰুঢ় উপত্যকাত উচ্চ মান বিশিষ্ট কয়লা খনি আছে , তদুপৰি জল পৰিবহণৰ আৰু ৰেল পৰিবহণৰ সুবিধায় এই উদ্যোগৰ অগ্রগতি অৰিহণা যােগাইছে ।
চীন দেশত প্ৰচুৰ আকৰিক লো আৰু কয়লা খনি আছে । আনপিন অঞ্চল, ছানছি ইয়াংছুৱান , ইয়াংছি উপত্যকাৰ হাস্কাও ইউহান , পিকিঙৰ , টাইখুৱান চীনৰ প্ৰধান লাে – তীখা কেন্দ্র ।
জাপানৰ নিজা কয়লা নাই আৰু আকৰিক লােৰ পৰিমাণ কম বাবে ব্রাজিল , ভাৰত ফিলিপাইন , মাঞ্চুৰিয়া আদিৰ পৰা আকৰিক লাে আৰু চীন , কোৰিয়া , অষ্ট্রেলিয়া আদিৰ পৰা কয়লা আমদানি কৰি এই দেশে লাে – তীখা উদ্যোগ স্থাপন কৰিছে । ইয়াৰ উত্তৰ কিউছুৰ আৱাটাত স্থাপিত লােৰ কাৰখানা প্রসিদ্ধ । ইয়াক প্ৰাচ্যৰ পিটছবার্গ বুলিও কোৱা হয় ।
ভাৰতবৰ্ষত লাে – তীখা উদ্যোগৰ বাবে কেঁচা সামগ্রী আকৰিক লাে যথেষ্ট পৰিমাণে পোৱা যায় । কয়লা , চূণশিল , ডল’মাইট , মেংগানিজ আদি লাে – তীখা উদ্যোগৰ বাবে লাগতিয়ান সামগ্ৰীৰ উৎপাদনত ভাৰতবর্ষ আত্ম নিৰ্ভৰশীল যদিও লাে – তীখা উৎপাদনত বিশেষ আগবাঢ়ি পৰা নাই । ভাৰতৰ পূব উপকূলীয় অৱস্থানসহ দাক্ষিণাত্য মালভূমি অঞ্চলত সৰ্বমুঠ ১০ টা লাে – তীখা উদ্যোগৰ প্ৰধান গােট সিচৰিত অৱস্থাত পােৱা যায় । জামছেদপুৰ , দুর্গাপুৰ , ৰুৰেকেল্লা ভিলাই , বােকাৰৰ আদি প্রধান লাে – তীখা কেন্দ্র ।
২৬৷ বেছিভাগ ৰাষ্ট্ৰতে সৰহ সংখ্যক উচ্চ প্রযুক্তিৰ উদ্যোগেই প্রধান মহানগৰীয়া কেন্দ্রস্থলৰ উপকণ্ঠ অঞ্চলত স্থাপন কৰা হয় কিয় ?
উত্তৰঃ উচ্চ প্রযুক্তিৰ উদ্যোগৰ চৌহদত বহুস্তৰীয় ঘন ফেক্টৰী , গুদান ঘৰ অথবা পৰিচালন কক্ষৰ ঠুহা মৰা পৰিৱেশৰ সলনি সেৰেঙা আৰু পৰি পাটিকৈ সজোৱা অত্যাধুনিক আৰ্হি প্রয়ােগশালা , কার্যালয় আৰু উৎপাদন গােটসমূহৰ নিৰিবিলি পৰিৱেশ এটাহে পােৱা যায় । এনেবােৰ চৌহদৰ ভিতৰত খান পানৰ আটকধুনীয়া ব্যৱস্থাৰ লগতে দুই একোখন উদ্যান গঢ় লােৱাও দেখা যায় । তদুপৰি বহুতাে উদ্যোগৰ উৎপাদন গােটসমূহত পােৱা উষ্ণ , ঈষৎ আলােকিত শ্বাসৰুদ্ধ আৱহাৱাৰ সলনি উচ্চ প্রযুক্তি উদ্যোগৰ প্রায় সকলােবােৰ ভৱনেই বাতানুকূলিত হয় ।
আত্মনিৰ্ভৰশীল পৰিসৰত গঢ়ি উঠা বিশেষীকৃত দ্রব্য উৎপাদনকাৰী এই উদ্যোগসমূহে একোটা বৃহৎ এলেকাজুৰি বিস্তৃত হৈ থকা দেখা যায় । সেইবাবেই এই উদ্যোগসমূহ প্রধান চহৰ সমূহৰ কেন্দ্রস্থলৰ বিপৰীতে উপকণ্ঠ অঞ্চলত গঢ়ি উঠা দেখা যায় ।
২৭। অত্যাধুনিক নির্মাণউদ্যোগৰ বৈশিষ্ট্যসমূহৰ এটা টোকা লিখা ।
উত্তৰঃ ( ক ) বিশিষ্ট নৈপুণ্যৰ প্ৰয়ােগঃ আধুনিক যুগৰ বৃহৎ উদ্যোগসমূহত উৎপাদিত দ্ৰব্যৰ বিভিন্ন অংশসমূহ উদ্যোগটোৰ বিভিন্ন গােটত পৃথকভাৱে প্রস্থত কৰা হয় । তাৰ পিছত অন্য এটা গােটত এনেবােৰ অংশক সুসংঘৱদ্ধ কৰি একোটা শ্ৰেণীৰ পৰিসজ্জিত দ্রব্য প্রস্তুত কৰা হয় ।
( খ ) যান্ত্রিকীকৰণঃ আধুনিক বৃহৎ উদ্যোগসমূহত উৎপাদন প্রক্রিয়া পৰিচালনাকাৰী , শ্ৰমিকসকলে উৎপাদিত দ্ৰৱ্যৰ পৰিমাণ অথবা গুণগত মানৱ গতিধাৰা যান্ত্রিক পদ্ধতিৰেহে নিয়ন্ত্রণ কৰা দেখা যায় । উৎপাদন গােটৰ লগত কম্পিউটাৰৰ সহায়ত সচৰাচৰ এই কাম সমাধা কৰা হয় ।
( গ ) কাৰিকৰী নতুনত্ব :- আধুনিক যুগৰ বৃহৎ উদ্যোগত উৎপাদনৰ মানদণ্ড ক্রমে উন্নত কৰি নিয়াৰ লগতে উৎপাদন ব্যয় পাৰ্যমানে হ্ৰাস কৰি লাভৰ পৰিমাণ বৃদ্ধি কৰাৰ উদ্দেশ্য সৰহভাৱে এলানি গৱেষণা কার্য অব্যাহত ৰখা হয় ।
( ঘ ) বহুস্তৰীয় সাংগঠনিক সংৰচনা :- আধুনিক কলাৰ উদ্যোগসমূহৰ বেছিভাগ কামেই নবল অথবা পেশী বলৰ পৰিৱর্তে যান্ত্রিক বলৰ দ্বাৰা পৰিচালিত । তদুপৰি অতিমাত্রা শ্রম বিভাজন ভিত্তিক শ্ৰমৰ বিশেষীকৰণ ,কাৰ্যৰ সহায়ত এনেবােৰ উদ্যোগত তুলনামূলকভাৱে কম কষ্টৰ বিনিময়ত সীমিত খৰচত অধিক পৰিমাণৰ উৎপাদন সম্ভৱ হয় । এনে উদ্যোগৰ তিষ্ঠা আৰু পৰিচালনা কার্যত বৃহৎ পৰিমাণৰ যান্ত্রিক আৰু অর্থকাৰী মূলধনৰ বিনিযােগ অপৰিহার্য ।
( ঙ ) বিষম ভৌগােলিক বিস্তাৰ :- পৃথিৱীৰ প্রায়বােৰ বৃহৎ উদ্যোগৰ ক্ষেত্ৰসমূহ মুঠ স্থলভাগৰ দহ শতাংশ এলেকাতে সীমাৱদ্ধ হৈ আছে । বাস্তৱ ক্ষেত্ৰত পৃথিৱীৰ এনেবােৰ বৃহৎ উদ্যোগিক প্ৰকল্প ৰাজনৈতিক তথা অর্থনৈতিকভাৱে শীর্ষ স্থানীয় ৰাষ্ট্রসমূহতে সীমাবদ্ধ বুলিব পৰি । ইয়াৰ কাৰণ—
১/ বজাৰৰ সান্নিধ্য :- উপযুক্ত পৰিসৰৰ বজাৰৰ অবিহনে বৃহৎ উদ্যোগ এটাৰ পক্ষে বৃহৎ পৰিমাণৰ উৎপাদন ব্যয়বহুল প্রক্রিয়া এটা চলাই ৰখা কোনােপধ্যে সম্ভৱ নহয় । সেয়েহে , উদ্যোগ ক্ষেত্ৰৰ লগত পােনপটীয়া সম্পর্ক থকা একোখন বজাৰেহে বৃহৎ উদ্যোগ একোটা প্রতিষ্ঠা আৰু কৰ্ম – সম্পাদনত সর্বাধিক প্ৰভাৱ পেলায় ।
২/ কেঁচামালৰ সান্নিধ্যঃ বৃহৎ উদ্যোগ একোটাত ব্যৱহৃতে কেঁচামালসমূহ কমদামী হােৱা উপৰি এনেবােৰ কেঁচামাল সহজ আৰু নিয়মীয়াভাৱে উৎস অৱস্থানৰ পৰা উদ্যোগ ক্ষেত্ৰলৈ পৰিবহণক্ষম হ’লেহেউদ্যোগটো কার্যক্ষম হৈ থাকিব পাৰে ।
৩/ শ্ৰমিকৰ যােগানঃ বহু সময়ত উপযুক্ত জোখৰ শ্ৰমিকৰ যােগান উদ্যোগ প্রতিষ্ঠাৰ সহায়ৰ হৈ উঠে । উদ্যোগৰ ধৰণ কৰণ অনুসৰি কিছুমান ক্ষেত্ৰত উচ্চ প্রশিক্ষিত কমসংখ্যক কম আৰু আন কিছুক্ষেত্ৰত বৃহৎসংখ্যক নিম্ন প্রশিক্ষিত সস্তীয়া শ্ৰমিকৰ প্ৰয়ােজন হয় ।
৪/ শক্তিৰ উৎস :- লাে – তীখা , এলুমিনিয়াম প্রভৃতি ধাতুভিত্তিক গুৰু উদ্যোগসমূহত সকলােধৰণৰ কাম – কাজত বৃহৎ পৰিমাণৰ শক্তিৰ সহায়তহে পৰিচালনা কৰিব পাৰি । সেয়েহে শক্তি সম্পদৰ উল্লেখযােগ্য উৎসৰ পৰা নীতিদূৰৰ অৱস্থানতহে এনে উদ্যোগ গঢ় লৈ উঠে ।
৫/ যাতায়াত আৰু যােগাযােগঃ গুৰু উদ্যোগ এটালৈ প্রয়ােজনীয় বৃহৎ পৰিমাণৰ কেঁচামাল আৰু ইয়াত উৎপাদিত বৃহৎ মাত্রাৰ পৰিসজ্জিত সামগ্ৰীসমূহে বজাৰ অভিমূখে সৰবৰাহ কৰাৰ উপৰি উদ্যোগস্থলীলৈ প্রয়ােজন সাপেক্ষে ভিন্ ভিন্ স্থানৰ পৰা যন্ত্রপাতি , শ্রমিক আৰু ইন্ধন সৰবৰাহৰ উদ্দেশ্যে ক্ষিপ্র তথা সুদক্ষ পৰিবহণ ব্যৱস্থা নিতান্ত অপৰিহার্য ।
৬/ চৰকাৰী নীতিঃ একোখন ৰাষ্ট্ৰৰ চৰকাৰে ৰাষ্ট্ৰখনৰ সামগ্রিক উন্নয়ন লক্ষ্যৰে ৰাষ্ট্ৰীয় অথবা আঞ্চলিক পৰিসৰত সময়ে সময়ে কিছুমান উদ্যোগ নীতি গ্রহণ কৰা দেখা যায় । ইয়াৰ ফলস্বৰূপে কিছুমান অঞ্চলত কিছুমান বিশেষ শ্রেণীভুক্ত উদ্যোগ গঢ় লােৱাত একোলনি সমস্যাৰ সৃষ্টি হয় ।
৭/ ঔদ্যোগিক পুঞ্জীভবনঃ ভিন্ন লক্ষণৰ ভালেমান উদ্যোগ ওচৰা – ওচৰিকৈ গঢ়ি উঠা অৱস্থানত মূল উদ্যোগ একোটাৰ প্ৰত্যক্ষ অথবা পৰােক্ষ পৃষ্ঠপােষকতাত আন কিছুমান আপেক্ষিক ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠে ।
২৮। কষি ব্যৱসায় বুলিলে কি বুজা ?
উত্তৰঃ কৃষিক যেতিয়া ব্যৱসায় হিচাপে লৈ বিস্তৃত আকাৰত কৰা হয় তেতিয়া তাক কৃষি বসায় বােলে । আন উদ্যোগৰ দৰে ইয়াকো উদ্যোগিক ভিত্তিত কৰা হয় । উদাহৰণস্বৰূপে চাহ যাপন উদ্যোগ , কফি ৰােপন আদি ( এই কৃষি ব্যৱসায়ত বিনিয়োগকাৰীৰে তেওঁলােকৰ লধন বিনিয়ােগ কৰে , অসংখ্য শ্রমিক জড়িত থাকে আৰু উৎপাদিত সামগ্রীসমূহ বজাৰলৈ লৈ যােৱা হয় । ইয়াৰ কৃষি ক্ষেত্ৰবােৰ আকাৰত ডাঙৰ হােৱাৰ লগতে এইবােৰ যন্ত্রচালিত আৰু উচ্চ গঠন সম্পন্ন হয় । )
২৯। মুক্ত উদ্যোগৰ বিষয়ে এটি ব্যাখ্যামূলক টোকা লিখা ।
উত্তৰঃ আমি উদ্যোগক বিভিন্ন ধৰণে বিভক্ত কৰিব পাৰাে । উদাহৰণস্বৰূপে আকাৰ হিচাপে , ব্যৱহাৰ হােৱা দ্ৰব্যৰ ভিত্তিত , উৎপাদনৰ ভিত্তিত , মালিকীস্বত্বৰ ভিত্তিত , কেচাসামগ্ৰীৰ ভত্তিত আদি ধৰণে । তাৰে মাজৰে এটা ভাগ হ’ল মুক্ত উদ্যোগ । যিবােৰ উদ্যোগৰ উৎপাদিত মগ্ৰীৰ বজাৰ দেশৰ ভিতৰতে সীমাৱদ্ধ , তাকে মুক্ত উদ্যোগ বােলে । এই উদ্যোগৰ সমগ্ৰী দেশলৈ নাযায় আৰু ইয়াৰ মালিকীস্বত্বও দেশৰ ভিতৰতে থাকে ।
৩০। বিপুল প্রাকৃতিক সম্পদ থকা সত্বেও আফ্রিকা ঔদ্যোগিকভাৱে পিছপৰা কিয় ব্যাখ্যা কৰা ।
উত্তৰঃ আমি জানো যে উদ্যোগ এটা স্থাপনৰ বাবে প্রাকৃতিক সম্পদৰ লগতে কেইবাটাও কাৰকৰ প্ৰয়ােজন হয় । সেইবােৰ হ’ল বজাৰ , বিজ্ঞান – প্রযুক্তি বিদ্যাৰ উন্নয়ন , শ্রমিক , শক্তি , পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা , চৰকাৰৰ নীতি আদি । আফ্রিকাত বহুতাে আপুৰুগীয়া সম্পদ সিংহ , গড় , জেব্রা , নান ধৰণৰ উদ্ভিদৰ লগতে সােণ , ৰূপ , দস্তা , তাম , ৰেডিয়াম , ফছফেট আদি পাৱা যায় । কিন্তু ইয়াৰ ভৌগােলিক পৰিৱেশ উদ্যোগ স্থাপনৰ বাবে সুবিধাজনক নহয় । অধিকতৰ অঞ্চল হাবি – বননি , পাহাৰে আৱৰা হােৱা বাবে পৰিৱহন আৰু যােগাযােগ ব্যৱস্থা সকলাে অঞ্চলতে সুচল নহয় । আফ্রিকা এখন অনুন্নত দেশ হােৱা বাবে দেশখনৰ প্ৰযুক্তিবিদ্যাইও যথেষ্ট উন্নয়ন লাভ কৰিব পৰা নাই । অধিকতৰ অঞ্চল এতিয়াও শিক্ষাৰ পােহৰৰ পৰা বঞ্চিত । প্ৰাকৃতিক দুর্যোগ , দুর্ভিক্ষৰে দেশখন যথেষ্ট জুৰুলা । এনে সমস্যা সমাধানৰ জৰ্জৰিত হৈ থকা ৰকাৰ এখনৰ বাবে উদ্যোগ স্থাপনৰ চিন্তা বহু নিলগত । বিনিয়ােগকাৰীসকলে বিনিয়োগৰ বাবে ইচ্ছুক নহয় । ইয়াৰােপৰি দেশখনৰ জলবায়ু অতি উষ্ণ । এনে জলবায়ুৰ দেশৰ লােকসকল অধিকতৰ ৰােগাকান্ত হােৱা দেখা যায় । এনেবোৰ বহু কাৰণতে আফ্রিকাই ঔদ্যোগিক ক্ষেত্ৰত আগবাঢ়িব পৰা নাই ।
৩১। সমকাল ৰেখা কি ?
উত্তৰঃ এখন নির্দিষ্ট ঠাইৰপৰা অন্যান্য যিবােৰ ঠাইলৈ অহা – যােৱা কৰােতে একে সময়ৰ প্রয়ােজন হয় , তেনেবােৰ ঠাইৰ সংযােগ কৰি মানচিত্র যি ৰেখা অংকন কৰা হয় তাক সমকাল ৰেখা বােলে ।
৩২৷ পৰিবহনৰ নেটৱৰ্ক আৰু সুচলতাৰ অর্থ উদাহৰণসহ দঙি ধৰা ।
উত্তৰঃ পৰিবহন ব্যবস্থা উন্নয়নৰ লগে লগে বিভিন্ন স্থান কেইবা প্ৰকাৰে বিভিন্ন স্থানৰ সতে সংযােজিত হয় আৰু ই এখন জালিকাৰ দৰে । ইয়াকে পৰিবহন নেটৱৰ্ক বােলে । যেনে ৰাষ্ট্ৰীয় ঘাইপথৰ সতে ৰাজ্যিত পথবােৰ, অন্যান্য গড়কাপ্তানি পথবােৰ সংযােজিত হয় ।
পৰিবহনৰ সুচলতা হ’ল যেতিয়া যােগাযােগ ব্যৱস্থাটোত কোনাে ধৰণৰ বাধা বিঘিনি নাথাকে , সেই অৱস্থা । উদাহৰণস্বৰূপে যিকোনাে বাধা বিঘিনি আতৰ কৰিবলৈ চৰকাৰে বিত্তৰ যােগান ধৰে ।
৩৩৷ দুৰসংযােগ সেৱাৰ বিষয়ে এটা চমু ব্যাখ্যা আগবঢ়োৱা ।
উত্তৰঃ বর্তমান আধুনিক যুগৰ উন্নত প্রযুক্তিবিদ্যাৰ এক যােগাযােগ ব্যৱস্থা হ’ল দূসংযােগ । এই ব্যৱস্থা বৈদ্যুতিক প্রযুক্তিৰ সতে জড়িত । ইয়াৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে গন্তব্য স্থানলৈ বার্তা প্ৰেৰণ কৰিব পাৰি আৰু অত্যন্ত নির্ভৰযােগ্য । এই ব্যৱস্থাই ইমান জনপ্রিয়তা লাভ কৰিছে যে টেলিগ্রাম , টেলেক্স আদি পুৰণি ব্যৱস্থাৰ প্রতি এক প্রত্যাহ্বানৰূপে চিহ্নিত হৈছে । এই ব্যৱস্থাৰ এক জনপ্রিয় প্রথা হ’ল ইন্টাৰনেট ব্যৱস্থা । সাম্প্রতিক সময়ৰ ই এক গুৰুত্বপূর্ণ সংযােগ ব্যৱস্থাৰূপে সর্বজনবিদিত হৈছে ।
৩৪। সবলীকৃত কর্মীৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ যিসকল লােক তথ্যভিত্তিক , গৱেষণা আৰু উন্নয়নৰ বিভিন্ন কার্যত জড়িত , তেওঁলােক সবলীকৃত কর্মী বােলে । এওঁলােক চতুর্থক বৃত্তিৰ সতে জড়িত লােক । এওঁলােকক তথ্যজ্ঞান ব্যৱসায়ীও বােলে । এনে কর্মীয়ে এজন ব্যক্তিৰ বাবে কার্য নকৰে , কোনাে সংগঠিত কাৰ্যৰ বাবে কৰ্ম কৰে । এওঁলােকৰ কার্য সবলীকৃততাৰে সম্পন্ন হয় । পর্যটকক বিভিন্ন তথ্য যােগান ধৰাৰ লগতে পাছুতীয়া কাৰ্যকৰা , পাহাৰীয়া অঞ্চল বা অন্যান্য দুর্ঘটনাগ্রস্থ অঞ্চলত সেৱা আগবঢ়োৱা আদি সৱলীকৃত কর্মী কার্য । সেৱাৰ মনােভাৱ এই কাৰ্যৰ প্রধান বৈশিষ্ট্য ।
৩৫। চাইবাৰ স্পেচ সম্পৰ্কত এটা ব্যাখ্যামূলক টোকা লিখা ।
উত্তৰঃ শেহতীয়াকৈ যােগাযোগ ব্যৱস্থাত সংযােজিত এটা ব্যৱস্থা হ’ল চাইবাৰ স্পেচ ইন্টাৰনেট । চাইবাৰ স্পেচ হ’ল বিশ্বজুৰি বৈদ্যুতিকভাৱে কম্পিউটাৰ সংযােজিত স্থান । ই হ’ল কম্পিউটাৰ মাধ্যমত বিভিন্ন ঠাইৰ লগত কৰা যােগাযােগ ব্যৱস্থা যত যােগাযােগকাৰীৰ মাজত সোশৰীৰে সম্পর্ক নােহােৱাকৈ ইলেকট্রনিক মাধ্যমৰ জৰিয়তে সুন্দৰ আদান – প্রদান সম্ভৱ । ইন্টাৰনেটৰ ব্যৱহাৰে সাম্প্রতিক সময়ত যথেষ্ট সময় ৰাহি কৰিছে । অর্থনৈতিক আৰু সামাজিক যােগাযোগৰ ব্যৱধান হ্রাস কৰিছে । কার্যালয় , শিক্ষানুষ্ঠান , জাহাজ , উৰাজাহাজ , ব্যৱসায় – বাণিজ্য , প্রশাসন সকলােতে ইয়াক সংযােজিত কৰা সম্ভৱ । ই পৃথিৱীখনক এখন গােলকীয় গাওঁলৈ পর্যবসিত কৰিছে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



Lower Koyla khooni ansulor bikhoya bornonar kora