Class 12 Geography Unit 7 তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board AHSEC Class 12 Geography Unit 7 তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ and select needs one.
Class 12 Geography Unit 7 তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given SEBA AHSEC Class 12 Geography Unit 7 তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ Solutions for All Subject, You can practice these here.
তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
অধ্যায় – ৭
প্ৰথম খণ্ড
অতি চমু প্ৰশ্নোত্তৰ
তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :
১। তলত দিয়া কোনবিধ তৃতীয়ক শ্ৰেণীৰ জীৱিকা ?
( i ) কৃষিকাৰ্য্য ।
( ii ) বয়ন কাৰ্য্য ।
( iii ) চিকাৰ । আৰু
( iv ) বেপাৰ-বাণিজ্য ।
উত্তৰঃ ( iv ) বেপাৰ-বাণিজ্য ।
২। তলত দিয়া কোনবিধ দ্বিতীয়ক খণ্ডৰ কাৰ্য্য নহয় ?
( i ) লাে-গলন কাৰ্য্য ।
( ii ) বােৱা-কটা ।
( iii ) ৰেডিমেড কাপােৰ তৈয়াৰ । আৰু
( iv ) মাছ ধৰা ।
উত্তৰঃ ( iv ) মাছ ধৰা ।
২। তলত দিয়া কোনবিধ জীৱিকাৰ পৰা দিল্লী , মুম্বাই , কলকতা , চেন্নাই আদি মহানগৰবােৰত সর্বাধিক সুবিধা পােৱা যায় ।
( i ) প্রাথমিক ।
( ii ) দ্বিতীয় ।
( iii ) চতুর্থক । আৰু
( iv ) সেৱা কাৰ্য্য ।
উত্তৰঃ ( ii ) চতুর্থক ।
৩৷ তলত দিয়া কোনবিধ জীৱিকা চতুর্থক শ্রেণীৰ অন্তৰ্গত ?
( i ) গৃহ নির্মাণ কর্মী ।
( ii ) কম্পিউটাৰ নির্মাণকাৰী ।
( iii ) বিশ্ববিদ্যালয়ৰ শিক্ষক । আৰু
( iv ) প্রকাশক ।
উত্তৰঃ ( iii ) বিশ্ববিদ্যালয়ৰ শিক্ষক ।
৪। দুটা মূখ্য বাণিজ্যিক কেন্দ্রৰ নাম লিখা ।
উত্তৰঃ দুটা মুখ্য বাণিজ্যিক কেন্দ্র হলঃ
( ক ) সমসাময়িক বাণিজ্যিক কেন্দ্র । ( হাট – বজাৰ ) আৰু
( খ ) পৌৰ বাণিজ্যিক কেন্দ্র ।
৫। তৃতীয় খণ্ডৰ দুবিধ কাৰ্যৰ উদাহৰণ দিয়া ।
উত্তৰঃ তৃতীয় খণ্ডৰ দুবিধ কার্য হ’লঃ
( ক ) পৰিবহণ সেৱা । আৰু
( খ ) বীমা সেৱা ।
৬। দুবিধ দ্বিতীয় খণ্ডৰ কাৰ্যৰ উদাহৰণ দিয়া ।
উত্তৰঃ দ্বিতীয় খণ্ডৰ দুবিধ কার্য হ’লঃ
( ক ) আকৰিক লােৰ পৰা অধিক উপযােগী তীখা উৎপাদন কৰা কাৰ্য । আৰু
( খ ) গমৰ পৰা আটা বা ময়দা তৈয়াৰ কৰা কাৰ্য ।
৭। তৃতীয় শ্রেণীৰ জীৱিকাসমূহ কোনবােৰ খণ্ডৰ লগত জড়িত ?
উত্তৰঃ তৃতীয় শ্রেণীৰ জীৱিকাসমূহ পর্যটন খণ্ডৰ লগত জড়িত ।
৮। C.B. D. মানে কি ?
উত্তৰঃ C.B.D. ৰ সম্পূৰ্ণৰূপ হ’ল –Central Business District । এইটো এটা ৰাজ্যৰ চৰকাৰী বাণিজ্যিক সংস্থা ।
৯। খুচুৰা বাণিজ্য সেৱা কি ?
উত্তৰঃ খুচুৰা বাণিজ্য সেৱা হৈছে নির্দিষ্ট অৱস্থানৰ একোটা বিক্রিকেন্দ্ৰৰ যােগেদি আগবঢ়োৱা সেৱা য’ত বিভিন্ন পণ্য সামগ্রীসমূহ প্রকৃত উপভােক্তাৰ হাতত পৰে ।
১০। চতুর্থ খণ্ডৰ জীৱিকা বুলিলে কি বুজা ?
উত্তৰঃ উদ্যোক্তা , পৰিচালক , প্রশাসক প্রভৃতি পর্যায়ৰ কাৰ্যবাহী আৰু নীতি নির্ধাৰক লক্ষণৰ আর্থিক কাম-কাজসমূহক চতুর্থক খণ্ডৰ জীৱিকা বােলে ।
১১। চিকিৎসা পর্যটন বুলিলে কি বুজা ?
উত্তৰঃ কিছুমান অঞ্চলত উপলব্ধ উন্নত চিকিৎসা সেৱাই বহু পর্যটকক আকর্ষিত কৰে । উন্নত চিকিৎসা গ্রহণৰ তাৰণাত বহু লােকৰ সেই অঞ্চললৈ আগমন ঘটে । এই ব্যৱস্থাকে চিকিৎসা পর্যটন বােলে । ভাৰতবৰ্ষৰ ভেলােৰ চিকিৎসা পর্যটনৰ এক আকর্ষণীয় স্থল ।
চমু উত্তৰৰ প্ৰশ্ন
১২। পৰিবহণ আৰু যােগাযােগৰ পার্থক্য লিখা ।
উত্তৰঃ পৰিবহণ আৰু যােগাযােগৰ পার্থক্যঃ
( ক ) সাধাৰণ অৰ্থত কোনাে ব্যক্তি বা সা – সামগ্রী কোনাে উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ স্থানান্তৰ কৰা ব্যৱস্থাটোকে পৰিবহণ বােলা হয় । আনহাতে , যিকোনাে ধৰণৰ অর্থযুক্ত ভাৱ এটা এঠাইৰ পৰা আন ঠাইলৈ অর্থাৎ , উৎস স্থানৰ পৰা লক্ষ্য স্থানলৈ যিকোনাে মাধ্যমত স্থানান্তৰ কৰাকে যােগাযােগ বােলে ।
( খ ) যাতায়াত ব্যৱস্থাত মানুহ বা সা – সামগ্ৰীৰ সােশৰীৰে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ ঘটে । কিন্তু যােগাযােগ ব্যৱস্থাত কেৱল মানুহ , জীৱজন্তু অথবা দ্রব্যৰ সলনি ভাবহে স্থানান্তৰ ঘটে ।
১৩। মানৱ শক্তি কিয় সেৱাখণ্ডৰ মূল চালিকা শক্তি ?
উত্তৰঃ সাম্প্রতিক সময়ৰ আর্থ – সামাজিক ব্যৱস্থাৰ পৰিসৰত বিভিন্ন পর্যায়ৰ বিভিন্ন ধৰণৰ সেৱা কাৰ্যৰ সমাৱেশ দেখা যায় । এই সেৱাসমূহৰ কিছুমান সেৱা উদ্যোগমুখী আৰু আন কিছুমান জনমূখী সেৱা ৰূপে চিহ্নিত কৰিব পাৰি । পৰিবহণ , বেংকিং প্রভৃতি সেৱাসমূহ উদ্যোগ আৰু ব্যক্তিগত পর্যায়ৰ দুয়ােধৰণৰ সেৱা কার্যত সমানে ভাগ লয় ।
ইফালে পণ্য দ্রব্যৰ খুচুৰা পৰিসৰৰ বিপণন , ধুবী , নাপিত , সৰু-সুৰা যন্ত্রপাতিৰ মেৰামতি প্রভৃতি বহু ধৰণৰ শাৰীৰিক শ্রম নিৰ্ভৰ সেৱা প্রায় সকলাে ঠাইতে বিস্তৃতভাৱে পােৱা যায় । ইয়াৰ বিপৰীতে চিকিৎসক , আয়কৰৰ পৰামৰ্শ দাতা , আইন জীৱি প্রভৃতি বৌদ্ধিক শ্রম নির্ভৰ বৈশিষ্ট্যপূর্ণ সেৱাসমূহ সকলাে ঠাইতে সমানে পােৱা নাযায় । নির্দিষ্ট লক্ষণ নির্বিশেষে এই সকলাে ধৰণৰ সেৱা গ্ৰহণৰ বিনিময়ত গ্রহণকাৰীয়ে নির্ধাৰিত সেৱা মূল্য প্রদান কৰিব লাগে । এই সকলাে ধৰণৰ সেৱা মানুহৰ অবিহনে অসম্ভৱ । সেয়েহে মানৱ শক্তিক সেৱাখণ্ডৰ মূল চালিকা শক্তি বুলি কোৱা হয় ।
১৪। বিকশিত অর্থনীতিৰ পৰিবেশত তৃতীয় খণ্ডৰ স্থান কি ?
উত্তৰঃ সাম্প্রতিক সময়ত পৃথিৱীত প্রাথমিক আৰু দ্বিতীয়ক খণ্ডৰ জীৱিকাসমূহৰ তুলনাত তৃতীয় খণ্ডৰ জীৱিকা গ্ৰহণ কৰা মানুহৰ সংখ্যা ক্রমশঃবাঢ়ি অহা দেখা যায় । উন্নয়ন পর্যায় নির্বিশেষে সকলাে ধৰণৰ সমাজতেই সেৱাখণ্ডৰ আৱশ্যকতা এৰাই যাব পৰা নাযায় । তথাপিও মন্থৰ গতিত অগ্ৰসৰ হৈ থকা তৃতীয় বিশ্বৰ প্ৰায়বােৰ দেশতে মুঠ কর্মীৰ ১০ শতাংশ এইটো খণ্ডত নিযুক্তি হৈ থকাৰ বিপৰীতে উন্নত দেশসমূহত এই খণ্ডত নিযুক্তি হৈ থকা কর্মীৰ সংখ্যা যথেষ্ট বেছি । উদাহৰণস্বৰূপে , আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠকর্মীৰ ৭৫ শতাংশই তৃতীয় খণ্ডত নিযুক্ত হৈ আছে । পৃথিৱীৰ প্রায় সকলোবােৰ দেশতে সামগ্রিকভাৱে প্রাথমিক আৰু দ্বিতীয়ক খণ্ডত নিযুক্তিপ্রাপ্ত লােকৰ সংখ্যা ক্রমে সংকোচন ঘটিছে অথবা বৃদ্ধি নেপােৱা অৱস্থাত ৰৈ গৈছে । কিন্তু এনেবােৰ দেশত তৃতীয়ক খণ্ডত নিযুক্ত লােকৰ সংখ্যা অবিৰত ভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।
১৫। বাণিজ্যিক কেন্দ্ৰবােৰে কেনেদৰে কার্যকৰে ?
উত্তৰঃ পাইকাৰী আৰু খুচুৰা এই দুয়াে প্ৰকাৰৰ লেনদেন অনুষ্ঠিত হােৱা অৱস্থানক বাণিজ্য কেন্দ্র বােলা হয় । গ্রামাঞ্চলৰ আৰু চহৰাঞ্চল দুয়াে ঠাইতে এনে বাণিজ্য কেন্দ্ৰবােৰ বেলেগ বেলেগ ৰূপত গঢ় লয় ।
গ্রামাঞ্চলৰ প্ৰায়বােৰ বাণিজ্য কেন্দ্রক সংশ্লিষ্ট এলেকাটোৰ বাবে উৎপাদিত সামগ্ৰীৰ সংগ্রহ আৰু কিছুমান প্রয়ােজনীয় সামগ্রীৰ বিতৰণ কাৰ্যৰ উমৈহতীয়া ক্ষেত্ৰ বুলিব পাৰি । গ্রামাঞ্চল একোটাৰ অর্থনৈতিক কার্যৰ পৰিসৰ চহৰাঞ্চলৰ তুলনাত তেনেই সীমিত । সেয়েহে প্রায়বােৰ গ্রামীণ বাণিজ্যিক কেন্দ্ৰত সপ্তাহৰ প্ৰতিটো দিনৰ সলনি দুটা দিনতহে বিনিময় কার্য ঘটে । কিছুমান ক্ষেত্ৰত , একোটা গ্রামীণ বাণিজ্যিক কেন্দ্ৰৰ সীমিত সংখ্যক স্থায়ী দোকানৰ মাধ্যনত অঞ্চলটোৰ বাণিজ্যিক লেনদেন স্থায়ী অৱস্থা এটা প্রতিষ্ঠিত হয় ।
চহৰ অঞ্চলৰ বাণিজ্যিক কেন্দ্রৰ পৰিসৰ অতি ব্যাপক । সেয়েহে এনে বাণিজ্য কেন্দ্রত অৱস্থিত লেনদেনৰ ক্ষেত্র অথাৎ , দোকান সমূহত এনে জাতীয় সামগ্ৰীৰহে লেনদেন হয় । তদুপৰি , বহু সময়ত এনে কিছুমান লেনদেন স্থলীত সামগ্ৰীৰ পােনপটীয়া লেনদেনৰ সলনি কেবল লেনদেন চুক্তিহে সম্পন্ন হয় । এনে শ্রেণীভূক্ত বাণিজ্য কেন্দ্ৰত দ্রব্য অথবা সামগ্ৰীৰ উপৰিও চিকিৎসা , আইন , শ্রম , প্রযুক্তি কৌশল প্রভৃতি বহু ধৰণৰ সেৱা কাৰ্যসমূহৰাে বাণিজ্যিক লেনদেন ঘটে । .
১৬। পাইকাৰী বিক্রেতা আৰু খুচুৰা বিক্রেতাৰ মাজত থকা প্ৰভেদটো কি ?
উত্তৰঃ খুচুৰা বিত্তীয় সেৱাই পােনপটীয়াভাৱে গ্ৰাহকৰ লগত সংযােগ স্থাপন কৰে । বেছি সংখ্যক খুচুৰা বিত্তীয়ই কোনাে ঠাইত স্থায়ীভাৱে স্থাপিত কৰা হয় । এইসমূহ সম্পূর্ণভাৱে বিক্ৰীৰ বাবে নিয়ােজিত । খুচুৰা বাণিজ্য দোকানৰ মাধ্যমত সংঘটিত হয় । এনে দোকানত পাইকাৰী বাণিজ্য কেন্দ্রকে ধৰি আন বহুত উৎসৰ পৰা অহা পণ্যৰ স্থানীয় চাহিদা ভিত্তিক পণ্যৰ সমাবেশ ঘটে ।
ফুটপাথৰ ক্ষুদ্ৰ দোকানী , ফেৰীৱালা , ট্রাক অথবা ঠেলাত সুসজ্জিত চলমান বিক্রীকেন্দ্র প্রভৃতিৰ বেলিকা সংশ্লিষ্ট বিক্রেতাই নির্দিষ্ট সময়ৰ ব্যৱধানত পাইকাৰী ভাণ্ডাৰৰ পৰা পণ্য সংগ্রহ কৰি গ্ৰাহকৰ সন্মুখত পােহাৰ মেলে । সাম্প্রতিক সময়ত চহৰ অঞ্চলত কিছুমান খুচুৰা বেপাৰীয়ে টেলিফোন , ইন্টাৰনেট আদি যােগাযােগ মাধ্যমত গ্রাহকৰ নির্দেশ অনুসৰি ঘৰে ঘৰে অথবা কোনাে নির্দিষ্ট স্থানত পণ্যৰ যােগান ধৰে । অর্থাৎ , খুচুৰা বাণিজ্যৰ পৰিসৰ স্থাৱৰ বিক্রীকেন্দ্র , চলমান বিক্রি কেন্দ্ৰ আৰু নির্দেশমূলক যােগান — এই তিনিটা পৰিবেশন পদ্ধতি পােৱা যায় ।
পাইকাৰী বিত্তীয় সেৱা বা বাণিজ্য সেৱা হ’ল বৃহৎ আকাৰৰ গঠন প্রক্রিয়াৰ বাণিজ্য । এনে বাণিজ্যৰ ক্ষেত্ৰত বেচা – কিনাৰ লগত জড়িত টকা – পইচাৰ লেনদেন বেংক অথবা তেনে জাতীয় প্রতিষ্ঠানৰ মাধ্যমতহে ঘটে । এনে পর্যায়ৰ বজাৰৰ পণ্যসমূহ বহুসময়ত বেচা – কিনা কৰা লােকসকলে পােনপটীয়াকৈ স্পর্শ কৰিবলৈ নাপায় । পাইকাৰী বজাৰৰ বিক্রেতা সকলে বহুক্ষেত্ৰত খুচুৰা বিক্রেতাক বাকী সূত্রে পণ্যৰ যােগান কৰে অথবা খুচুৰা বিক্রেতাৰ পৰা আগতীয়া ধন জমা লােৱাৰ বেলিকা বিশেষ ৰেহাই দৰটো বিক্ৰী কৰে ।
১৭। পৰিবহণ সেৱাক প্ৰভাৱিত কৰা কাৰকবােৰ কি কি ?
উত্তৰঃ পৰিবহণ সেৱাক প্ৰভাৱিত কৰা কাৰক প্ৰধানতঃ দুবিধ । সেয়া হ’ল — চাহিদা আৰু নির্দিষ্টপথ । এই দুটা কাৰকে পৰিবহণ ব্যৱস্থাৰ উন্নতিত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায় । তলত এই কাৰক দুটাৰ বিষয়ে আলােচনা কৰা হ’লঃ
( ক ) চাহিদা :- কোনাে এখন ঠাইৰ পৰিবহণ সেৱাৰ চাহিদা নির্ভৰ কৰে সেই ঠাইখনত বাস কৰা জনসংখ্যাৰ পৰিমাণ আৰু তেওঁলােকৰ জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰত । ঠাই এখনত জনসংখ্যাৰ পৰিমাণ যিমানে বাঢ়ে পৰিবহণৰ চাহিদাও সিমানে বাঢ়ে । সেইবাবে ঘন জনসংখ্যাৰ ঠাইবােৰত পৰিবহণ ব্যৱস্থা সােনকালে গঢ়ি উঠাৰ লগতে উন্নত মানবিশিষ্টও হয় । মানুহৰ জীৱন ধাৰণৰ মানদণ্ড যিমানে উন্নত হয় , পৰিবহণৰ সা – সুবিধাও সিমানে উন্নত হয় ।
( খ ) নির্দিষ্ট পথঃ পৰিবহণ সেৱাৰ উন্নতিৰ লগত বিশেষভাৱে জড়িত আন এবিধ কাৰক হ’ল নির্দিষ্ট পথ । পৰিবহণ পথবােৰ জনসাধাৰণে আকৃষ্ট হােৱাৰ প্রতি লক্ষ্য ৰাখি নিৰ্মাণ কৰিব
লাগে যাতে পথটোৱ নগৰ চহৰ , ঔদ্যোগিক কেন্দ্র , বজাৰ , প্রাকৃতিক সম্পদেৰে ভৰি থকা অঞ্চল আৰু কেতবােৰ বসতিপূর্ণ ঠাই আদিক স্পর্শ কৰি যায় । সাধাৰণতে তেনে পথসমূহেদি ভ্ৰমণ কৰিবলৈ পর্যটক সকলক আকৃষ্ট কৰে । ফলত অঞ্চলটোৰ পৰিবহণ সেৱাই আর্থিক দিশত যথেষ্ট লাভৱান হয় ।
১৮। যােগাযােগৰ সেৱাসমূহৰ ওপৰত এটি টোকা লিখা ।
উত্তৰঃ যােগাযােগ সেৱাৰ মাধ্যমত শব্দ , বার্তা , তথ্য আৰু ধাৰণা প্রভৃতি ধ্বনি , চিত্র , লিখনি অথবা আন যিকোনাে ধৰণৰ সংকেত ৰূপত নির্দিষ্ট লক্ষ্য অভিমূখে প্ৰেৰণ কৰা হয় । আগৰ দিনত কেবল লিখনি অথবা চিত্ৰৰ মাধ্যমত ডাক ব্যৱস্থাৰ যােগেদি এঠাইৰ পৰা আন , কোনাে লক্ষ্য স্থানলৈ কিছুমান বাতৰি অথবা সম্ভেদ প্ৰেৰণ কৰা হৈছিল । সময়ৰ সোঁতত যােগাযােগ প্রযুক্তিসমূহৰ ক্ষিপ্ৰ পৰিৱর্তন ঘটিছে । ফলস্বৰূপে পূৰ্বতে ডাকযােগে প্ৰেৰণ কৰা সম্ভেদসমূহ সপ্তাহ অথবা মাহৰ হিচাপত প্রয়ােজন হােৱা সময়ৰ দূৰত্ব অতিক্রম কৰিবলৈ আজিৰ যােগাযােগ প্রণালীটোক টেলিফোন যােগে এক ছেকেণ্ড সময়ৰৰ প্ৰয়ােজন নহয় । ৰেডিঅ ‘ , দূৰদৰ্শন , ফেক্স প্রভৃতি একে পর্যায়ৰ আনবােৰ মাধ্যমৰ সহায়তাে যথাক্রমে ধ্বনি , চিত্রসহ ধ্বনি আৰু চিত্রসহ লেখনি ৰূপত একেই গতিবেগত পৃথিৱীৰ যিকোনাে দুখন স্থানৰ মাজত যােগাযােগ প্রতিষ্ঠিত হৈছে । তদুপৰি , পূর্বৰ শতিকাটোৰ অবিসম্বাদী পৰ্যায়ৰ যােগাযােগৰ মাধ্যম বাতৰি কাকতসমূহৰ স্থানত সাম্প্রতিক কালত বিম’ট ছেনছিঙৰ ওপৰত নিৰ্ভৰশীল । আন্তঃতন্ত্র অথবা ইন্টাৰনেট ব্যৱস্থাৰে পৰিচালিত গােলকীয় যােগাযোগ ব্যৱস্থাৰ পূর্ণ প্রতিষ্ঠা ঘটিছে ।
১৯৷ অনানুষ্ঠানিক খণ্ডৰ সেৱা সম্পর্কে এটি টোকা লিখা ।
উত্তৰঃ বহুতো সেৱা পৰিৱেশকে ব্যক্তিগত অথবা সমষ্টিগত ভাৱে নিজ নিজ সূত্র অনুসৰি কিছুমান বৈশিষ্ট্যহীন অথবা বৈশিষ্ট্যপূর্ণ লক্ষণৰ অনানুষ্ঠানিক সেৱা আগবঢ়াই থকা দেখা যায় । ফেৰীৱালা , ঘৰে ঘৰে নানা প্রকাৰৰ গৃহস্থালি কর্মত স্থায়ী অথবা অস্থায়ীভাৱে নিযুক্তি শ্ৰমিকসকল , কাঠমিস্ত্রি , পকামিস্ত্রি প্রভৃতি নির্মাণ আৰু মেৰামতি কার্যৰ লগত জড়িত শ্রমিক শ্ৰেণী আৰু দিন হাজিৰা কৰা সকলাে শ্ৰেণীৰ লােককেই এইটো শ্ৰেণীত হয় ।
এই সেৱাখণ্ডত নিযুক্ত লােকসকল অদক্ষৰ পৰা অর্ধদ পৰ্যায়ৰ হােৱা দেখা যায় । এইসকল শ্রমিকে ভিন ভিন অর্থনৈতিক খণ্ডত অপৰিহাৰ্য সেৱা আগবঢ়াই আহিছে । মুঠ সংখ্যাৰ লেখেৰেও এনে লােকৰ সংখ্যা নগণ্য নহয় । উদাহৰণস্বৰূপে , অসমত বসবাস কৰা সৰ্ব মুঠ কাঠমিস্ত্রি , পকামিস্ত্রি , যােগালি , ঘৰুৱা খণ্ডত বৈদ্যুতিকৰণৰ অনুজ্ঞাপত্ৰধাৰী শ্রমিককে ধৰি নিৰ্মাণ খণ্ডলৈ সেৱা আগবঢ়াই অহা মুঠ শ্ৰমিকৰ সংখ্যা সর্বমুঠ চাহ শ্ৰমিকৰ আধাতকৈও বেছি ।
২০। মানুহে কিদৰে তৃতীয় খণ্ডৰ বৃত্তিত নিয়ােজিত হৈছে তাৰ ওপৰত এটি টোকা লিখা ।
উত্তৰঃ সাম্প্রতিক সময়ত বিশ্বত প্রাথমিক আৰু দ্বিতীয়ক খণ্ডৰ জীৱিকাসমূহৰ তুলনাত তৃতীয়ক খণ্ডৰ জীৱিকা গ্ৰহণ কৰা মানুহৰ সংখ্যা ক্রমশঃ বৃদ্ধি পাবলৈ ধৰিছে । উন্নয়ন পর্যায় নির্বিশেষে সকলাে ধৰণৰ সমাজতেই সেৱাখণ্ডৰ আৱশ্যকতা এৰাই যাব পৰা নাযায় যদিও তৃতীয় বিশ্বৰ দেশসমূহতকৈ উন্নত দেশসমূহত তৃতীয় খণ্ডত নিয়ােজিত লােকৰ সংখ্যা অধিক হােৱা দেখা যায় । উদাহৰণস্বৰূপে , অনুন্নত দেশসমূহৰ প্ৰায়বােৰ দেশতে মুঠ কর্মীৰ ১০ শতাংশ এই খণ্ডত নিয়ােজিত হৈ থকাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠকর্মীৰ ৭৫ শতাংশই এইখণ্ডত নিয়ােজিত । পৃথিৱীৰ সর্ববৃহৎ তৃতীয় খণ্ডৰ জীৱিকাৰূপে চিহ্নিত পর্যটন উদ্যোগত সমগ্র বিশ্বতে ২৫ কোটি মানুহৰ প্রত্যক্ষ সংস্থাপনৰ সম্ভৱ হৈছে ।
এই উদ্যোগৰ বিশ্বব্যাপী পৰিক্ৰমাটোত ২৫ কোটি পঞ্জীকৃত কর্মীৰ উপৰিও , হােটেল , ভােজন , যাতায়াত , মনােৰঞ্জন , চিন্তাকর্ষক পণ্যৰ বিশেষ ধৰণৰ দোকান প্রভৃতি পর্যটনৰ আনুসাংগিক সেৱাসমূহৰ লগত জড়িত লােকৰ সংখ্যাও পঞ্জীকৃত কৰ্মীৰ তুলনাত কম বুলিব নােৱাৰি । এই পর্যটন উদ্যোগক আশ্ৰয় কৰি বহুধৰণৰ অৱস্থাপক উদ্যোগ , খুচুৰা বাণিজ্য , পৰম্পৰাবাহী পণ্য উৎপাদন , বিনির্মাণ প্রভৃতি কাম – কাজৰ একোটা পৰিবেশ গঢ় লয় । এনেদৰে তৃতীয় খণ্ডত সংস্থাপন বাট মুকলি হৈছে আৰু উপযুক্ত জনে সংস্থাপনৰ সুযােগ গ্রহণ কৰিব পাৰিছে ।
| Sl. No. | সূচী-পত্ৰ |
| প্ৰথম খণ্ড | |
| Chapter 1 | মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ |
| Chapter 2 | জনসংখ্যা আৰু উন্নয়ন |
| Chapter 3 | জনসংখ্যাৰ গাঁথনি |
| Chapter 4 | মানৱ সম্পদৰ বিকাশ |
| Chapter 5 | প্রাথমিক খণ্ডৰ জীৱিকা |
| Chapter 6 | দ্বিতীয়ক খণ্ডৰ বৃত্তি |
| Chapter 7 | তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ |
| Chapter 8 | পৰিবহণ আৰু যােগাযােগ |
| Chapter 9 | আন্তৰ্জাতিক বাণিজ্য |
| Chapter 10 | জনবসতিৰ প্ৰকাৰ |
| দ্বিতীয় খণ্ড | |
| Chapter 11 | উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি |
| Chapter 12 | অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু |
| Chapter 13 | জনসংখ্যাৰ গাঁথনি |
| Chapter 14 | জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব |
| Chapter 15 | অসমৰ কৃষিখণ্ড আৰু উদ্যোগ |
| Chapter 16 | অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা |
| তৃতীয় খণ্ড | |
| Chapter 17 | ভাৰতৰ জনসংখ্যা |
| Chapter 18 | ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম |
| Chapter 19 | মানৱ সম্পদ উন্নয়ন |
| Chapter 20 | ভাৰতৰ জনবসতি |
| Chapter 21 | ভূমি সম্পদ আৰু কৃষিকাৰ্য |
| Chapter 22 | ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ |
| Chapter 23 | ভাৰতৰ কাৰিকৰী উদ্যোগ |
| Chapter 24 | ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন |
| Chapter 25 | ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা |
| Chapter 26 | আন্তর্জাতিক বাণিজ্য |
| Chapter 27 | নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপাত |
২১। পঞ্চমক খণ্ডৰ জীৱিকা সম্পর্কে এটি চমু টোকা লিখা ।
উত্তৰঃ নীতি নির্দেশনা আৰু সিদ্ধান্ত গ্রহণ বিষয়ক উচ্চ স্তৰীয় সেৱা আগবঢ়োৱা কৌশল আৰু অভিজ্ঞতাপুষ্ট শ্রেণীটোক পঞ্চমক খণ্ডৰ জীৱিকা আখ্যা দিয়া হয় । জীৱিকাৰ এইখণ্ড সম্পূর্ণৰূপে জ্ঞানৰ দ্বাৰা পৰিচালিত হয় । নিত্য নতুন ধ্যান – ধাৰণাৰ উপস্থাপন , সংস্কাৰ সাধু আৰু পর্যালােচনা , তথ্য বিশ্লেষণ আৰু নতুনকৈ আৱিষ্কাৰ হােৱা কলা – কৌশলসমূহৰ কৰ্মকাৰিতা মূল্যায়ন প্রভৃতি পঞ্চমক খণ্ডৰ অন্তর্ভূক্ত কার্যসমূহৰ ঘাই পৰিসৰ ।
বাণিজ্য খণ্ডৰ উচ্চ বর্গ কাৰ্যবাহী বিষয়া , চৰকাৰী আমােলা , গৱেষক পর্যায়ৰ বিজ্ঞানী , বিত্ত আৰু আইন বিষয়ক সচি পর্যায়ৰ বিষয়া অথবা উপদেষ্টা সকলকে ধৰি তৃতীয়ক আৰু চতুর্থক খণ্ডৰ অন্তৰ্গত কার্যসমূহ নির্ণায়ক ভূমিকাত আৱৰ্ত্তীন হােৱা লােকসকলক পঞ্চমক খণ্ডৰ জীৱিকাধাৰী আখ্যা দিয়া হয় । এই সেৱাসমূহৰ উপৰিও একো একোটা অর্থবাহী খণ্ডৰ কার্য পৰিসৰ অথবা অর্থনৈতিক দৃশ্যপটৰ ক্ষিপ্ৰ পৰিৱৰ্তন সাধনকাৰী কিছুমান তথ্য প্রযুক্তিমূলক সেৱাও পঞ্চমক খণ্ডৰ পৰিসৰত সন্নিবিষ্ট কৰা হয় । উদাহৰণস্বৰূপে , এনেধৰণৰ তথ্য প্রযুক্তি সহায়ত ভাৰতৰ চিকিৎসা খণ্ডটোৱে বছৰি হাজাৰ হাজাৰ চিকিৎসা পর্যটকক দেশখনৰ অৰ্থ ব্যৱস্থাটোলৈ আকষর্ণ কৰিব পাৰিছে ।
দীঘল উত্তৰৰ প্রশ্ন
২২। আধুনিক অর্থনৈতিক উন্নয়নত সেৱা খণ্ডৰ বৈশিষ্ট্য সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ সাম্প্রতিক সময়ৰ আর্থ – সামাজিক ব্যৱস্থাত বিভিন্ন ধৰণৰ সেৱাকাৰ্যৰ সমাৱে ঘটা দেখা যায় । এই সেৱাসমূহৰ কিছুমান উদ্যোগমুখী আৰু আন কিছুমান জনমূখী সেৱা হিচাপে চিহ্নিত কৰিব পাৰি । পৰিবহণ , বেংকিং প্রভৃতি সেৱাসমূহে উদ্যোগ আৰু ব্যক্তিগ পর্যায়ৰ দুয়ােধৰণৰ সেৱা কাৰ্য আগবঢ়ায় । পণ্য দ্রব্যৰ খুচুৰা বিপনী , ধুবী , নাপিত , সৰুসুব যন্ত্রপাতিৰ মেৰামতি প্রভৃতি বিভিন্ন ধৰণৰ শাৰীৰিক শ্রম নির্ভৰ সেৱা প্রায় সকলাে ঠাইতে বিস্তৃতভাৱে পােৱা যায় । কিন্তু চিকিৎসক , আয়কৰ পৰামৰ্শদাতা , আইনজীৱি , গাণনিক প্রভৃতি বৌদ্ধিক শ্রম নির্ভৰ সেৱাসমূহ সকলাে ঠাইতে সমানে পােৱা নাযায় ।
ৰাস্তা – ঘাট আৰু দলং প্রভৃতি নির্মাণ আৰু অনুৰক্ষণ , অগ্নিনির্বাপন , শান্তি – শৃংখলা ৰক্ষা শিক্ষা , গ্রাহক সুৰক্ষা প্রভৃতি কিছুমান বুনিয়াদী সেৱা সামগ্রিক ৰাষ্ট্ৰীয় স্বার্থত চৰকাৰী উদ্যোগ সকলােৰে বাবে আগবঢ়োৱা হয় । অর্থাৎ , এনেবােৰ সেৱাৰ সম্প্ৰসাৰণ আৰু সম্পাদনৰ খৰচ চৰকাৰেই বহন কৰে । তদুপৰি বিভিন্ন পথ পৰিবহণ নিগম , ৰেল – পৰিবহণ , দূৰ সংযােগ , শক্তি আৱণ্টন , পানী যােগান প্রভৃতি কিছুমান অত্যাবশকীয় সেৱাৰ সম্প্ৰসাৰণ , বিনিময় দৰ আৰু ধিক্য প্রভৃতি দিশসমূহ নিয়ন্ত্রণ আৰু পৰিচালনাৰ উদ্দেশ্যে চৰকাৰে কিছুমান নিগম অথবা সকায় পাতি দিয়ে । চিকিৎসা সেৱা , আইন সেৱা স্থপতি অথবা অন্যান্য ধৰণৰ কাৰিকৰী সেৱা অনুষ্ঠান – প্ৰতিষ্ঠানৰ পৰিচালনা সেৱা কৰকাটল বিষয়ক পৰামর্শমূলক সেৱা প্রভৃতি সেৱাসমূহ যক্তিগত অথবা আনুষ্ঠানিক পর্যায়ত নিধৰিত মূল্যৰ বিনিময়ত গ্ৰহণ কৰিব পাৰি ।
২৩। পৰিবহণ আৰু যােগাযােগৰগুৰুত্ব সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ পৰিবহণ পৰিক্রমাটোৱে সম্পদৰ উৎপাদনকাৰী আৰু উপভােজাৰ মাজত সম্পর্ক প্ৰতিষ্ঠা কৰে । তদুপৰি পৰিবহণ সেৱাৰ সহায়ত অঞ্চল এটাৰ অতিৰিক্ত উৎপাদনৰ বাণিজ্যিক লেনদেন আৰম্ভ হয় । ঠিক সেইদৰে এটা অঞ্চলৰ পৰিবহণ আৰু যােগাযোগ ব্যৱস্থাৰ উন্নতিয়ে অঞ্চলটোৰ আর্থিক , সামাজিক আৰু সাংস্কৃতিক জীৱন – যাত্ৰাৰ মানদণ্ড উর্ধগামী কৰে । প্রাচীন কালত পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ মাধ্যমসমূহ অভিন্ন আছিল ।
কিন্তু বর্তমান সময়ৰ অধিকাংশ যােগাযােগ ব্যৱস্থাই পৰিবহণ ব্যৱস্থাৰ লগত সম্পর্কহীন কিছুমান ক্ষিপ্ৰ আৰু স্বতন্ত্র প্রণালীত পৰিণত হৈছে । এই যােগাযােগ ব্যৱস্থাৰ মাধ্যমত তথ্য বার্তা আৰু নির্দেশনা প্রভৃতি সম্প্ৰসাৰণ ঘটে । পৰিবহণ প্রণালী এটাক এখন দেশৰ সকলাে ধৰণৰ আর্থিক , সামাজিক , সাংস্কৃতিক আৰু প্ৰতি ৰক্ষামূলক কার্যৰ উমৈহতীয়া অৱস্থাপক স্বৰূপ এক প্ৰকাৰৰ সেৱাদায়ী উদ্যোগ ৰূপে বিবেচনা কৰা হয় ।
পৃথিৱীৰ প্ৰতিখন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় অথবা আঞ্চলিক পৰিসৰৰ আর্থ – সামাজিক উন্নয়ন , আন্তৰাষ্ট্ৰীয় বাণিজ্য , প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ শান্তি শৃংখলা প্রভৃতি বহু ধৰণৰ ক্রিয়াকাণ্ড পৰিচালনা কৰাৰ ক্ষেত্ৰত এই পৰিবহণ প্রণালীটোৰ ওপৰত বহু পৰিমাণে নৰ্ভৰশীল হৈ থাকে । পৰিবহণ আৰু যােগাযােগ খণ্ডৰ উন্নয়নৰ ঠিক সমানুপাতিক গতিৰেই একোখন ৰাষ্ট্ৰৰ সামগ্রিক উন্নয়নৰ প্ৰক্ৰিয়াটোও আগুৱাই গৈ থাকে ।
২৪। আধুনিক যােগাযােগ ব্যৱস্থাসমূহে কিদৰে পৃথিৱীখনক এখন গােলকীয় গাঁৱত পৰিণত কৰিছে — উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ সাম্প্রতিক সময়ত যােগাযােগ ব্যৱস্থাই সমগ্র বিশ্বকে প্রভাৱিত কৰিছে । এই ব্যৱস্থাৰ দ্বাৰা মিনিটতে দূৰণি ঠাইৰ লগত সংযােগ স্থাপন কৰিব পৰা গৈছে , যিটো নেকি যাতায়াত ব্যৱস্থাৰ দ্বাৰা ইমান কম সময়তে সংযােগ সাধন কৰিব নােৱাৰি । ইলেক্ট্রনিক যােগাযােগ মাধ্যমসমূহ ইমান দ্রুত যে ইয়াক এঠাইত বুটাম টিপাৰ লগে লগেই আন ঠাইৰ লগত সংযােগ ঘটে ।
ইলেক্টনিক মাধ্যমৰ দ্রুত উন্নতিৰ ফলস্বৰূপে , কোনাে এঠাইত ঘটা ঘটনাবােৰ ঘটনাৰ লগে লগেই টেলিভিছনৰ দ্বাৰা আমি প্রত্যক্ষ কৰিব পাৰো । ইয়াৰ দ্বাৰা মানুহে দেখি নােপােৱা আৰু গৈ নােপােৱা অঞ্চলৰ বিষয়ে ঘৰত থাকিয়েই জানিব আৰু প্ৰত্যক্ষ কৰিব পাৰে । সমগ্ৰ পৃথিৱীখনৰ বিষয়ে জনা আৰু দেখাটো সকলাে মানুহৰ বাবে সম্ভৱ নহয় । কিন্তু এই নজনা, আৰু নেদেখা অঞ্চলৰ মানুহৰ আচাৰ আচৰণ , ৰীতি – নীতি , ধ্যান – ধাৰণা , জীৱন নির্বাহ পদ্ধ আদিৰ বিষয়ে জনাত যােগাযােগ মাধ্যমে সহায় কৰে ।
গতিকে , ঘূৰি – ফুৰি পৃথিৱীৰ যিকোতে ঠাইৰ বিষয়ে জানিব নােৱাৰিলেও ঘৰত বহিয়েই যােগাযােগ মাধ্যমৰ সহায়ত সমগ্র পৃথি বিষয়ে জনাত সহায়ক হৈছে । সেয়েহে , ক’ব পাৰি যে যােগাযােগ ব্যৱস্থাই পৃথিৱীখনক এক গােলকীয় গাঁৱত পৰিণত কৰিছে ।
২৫। পৃথিৱীত অর্থনৈতিক উন্নয়নত সেৱা কাৰ্যৰ গুৰুত্ব সম্পর্কে উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ বিত্তীয় সেৱাই সমগ্র বিশ্বকে আর্থিকভাৱে আগবাঢ়ি যােৱাত যথেষ্ট সহায় কৰে অর্থনৈতিক বিকাশত বিত্তীয় প্রতিষ্ঠানসমূহে বিত্তীয় সেৱাৰ যােগান ধৰে । উদাহৰণস্বৰূণে কোনাে এটা উদ্যোগে লােকচানৰ সন্মুখীন হােৱাত উৎপাদনৰ হাৰ কমি গৈছে , তেনে ক্ষেত্ৰত উদ্যোগটোক সহায় কৰিবৰ বাবে বিত্তীয় প্রতিষ্ঠানসমূহ আগবাঢ়ি যায় আৰু বিত্তীয় সাহক আগবঢ়ায় । যেতিয়া উদ্যোগটোৱে উৎপাদন বৃদ্ধি কৰি লাভ পায়, তাৰ পৰাই বিত্তীয় প্রতিষ্ঠান ধাৰ মাৰে । বিত্তীয় সেৱা অবিহনে অর্থনৈতিক বিকাশ সম্ভৱ নহয় । বর্তমান বিভিন্ন বিত্তীয় প্রতিষ্ঠানৰ উদ্ভৱ হৈছে । এই প্রতিষ্ঠানৰ প্ৰগতিৰ ফলস্বৰূপে মানৱ সমাজ যথেষ্ট উপক হৈছে । বিত্তীয় সেৱাৰ অংশস্বৰূপে উদ্যোগেও যথেষ্ট সহায় কৰিছে । এই উদ্যোগসমূহৰ বিকাশ ফলস্বৰূপে , পুৰণি কুটীৰ শিল্পৰ পৰিৱর্তে বয়ন উদ্যোগ স্থাপন হ’ল । ফলত আগৰ তুলনা উৎপাদনৰ পৰিমাণ বৃদ্ধি পালে । এই উৎপাদিত সামগ্রী প্রয়ােজনীয়খিনি ব্যৱহাৰ কৰি অতিথি উৎপাদিত দ্রব্যসমূহ বিদেশলৈ ৰপ্তানি কৰা হয় ফলত উৎপাদিত সামগ্ৰীসমূহো লােক নহয় আৰু বিদেশৰ পৰাও যথেষ্ট পৰিমাণে বিদেশী মুদ্রাও অর্জন কৰিব পৰা যায় আৰু ইযাৰ দ্বাৰা আন দেশৰ পৰা প্রয়ােজনীয় সামগ্রী আমদানি কৰিব পৰা যায় । এনেদৰে , আমদানী ৰপ্তানিৰ দ্বাৰা দেশীয় অভাৱ পূৰণ কৰিব পৰা যায় আৰু এই সকলােবােৰ সম্ভৱ হয় বিত্তীয় প্রতিষ্ঠানৰ সহযােগিতাৰ দ্বাৰাহে ।
২৫। দ্বিতীয় খণ্ডৰ গুৰুত্বপূর্ণ চৰিত্ৰ সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ পৃথিৱীৰ প্ৰাকৃতিক পৰিবেশৰ পৰা আহৰণ কৰা বেছিভাগ সম্পদেই আহৰণ ব্যৱস্থাতে ব্যৱহাৰ কৰিব নােৱাৰি । সেয়েহে দ্বিতীয় খণ্ডৰ কার্যত এনেদৰে প্ৰকৃতিৰ পৰা আহৰণ কৰা দ্রব্যসমূহ পৰিশােধন , ৰূপান্তৰণ আৰু ৰূপায়ণৰ যােগেদি মানুহৰ অভাৱ পূৰণৰ বাবে ব্যৱহাৰৰ উপযােগী কৰি তােলে । উদাহৰণস্বৰূপে , আকৰিক লাে এবিধ প্রাকৃতিক বিবেশৰ পৰা আহৰণ কৰা প্রাথমিক খণ্ডত উৎপাদিত সম্পদ ।
কিন্তু এই আকৰিক লাে পানপটীয়াকৈ আমাৰ বিশেষ কামত নালাগে । এই যৌগত ( Fe₂ O₃ ) নিহিত অক্সিজেন আৰু অন্যান্য উপাদানসমূহ পৰিশােধন কৰাৰ পাছত এনে পৰিশােধিত লােহাৰৰ লগত কার্বন , নিকেল ভূতি সংযােগ কৰি ইয়াক তীখালৈ ৰূপান্তৰিত কৰা হয় । তাৰ পাছত এই তীখাৰ পৰা আমাৰ ৱহাৰযােগ্য বিভিন্ন সা – সৰঞ্জাম প্রস্তুত কৰা হয় । দ্বিতীয় খণ্ডৰ কাৰ্য হৈছে শিল্পোদ্যোগ , শক্তি উৎপাপাদন আৰু ঘৰ নিৰ্মাণ । দ্বিতীয় খণ্ডৰ কার্যত মূল পদার্থ বা দ্রব্যৰ ৰূপান্তৰ ঘটে আৰু ধাৰণতে সেইবােৰৰ মূল্যমান বৃদ্ধি পায় । ইয়াত সাধাৰণতে নিম্নমান বিশিষ্ট সম্পদক প্রযুক্তি কৌশল প্রয়ােগ কৰি উচ্চ মানব সম্পদলৈ ৰূপান্তৰিত কৰা হয় ।
২৬। পর্যটন যে এটা অতি গুৰুত্বপূৰ্ণ সেৱা কাৰ্য্য বর্ণনা কৰা ।
উত্তৰঃ অৱসৰ বিনােদনৰ বাবে সম্পাদন কৰা ভ্রমণক পর্যটন বােলা হয় । ইয়াৰ ভিত্তিত কিছুমান সেৱাও গা কৰি উঠিছে যাৰ ভিত্তিত গঢ় লৈ উঠিছে পর্যটন উদ্যোগে । সাম্প্রতিক পৰ্য্যায়ত সমগ্ৰ বিশ্বৰ প্ৰতিটো কোণতে এই পর্যটন উদ্যোগে গা কৰি উঠিছে । এই উদ্যোগত থষ্ট সংখ্যক লােকে সংস্থাপনৰ বাট মুকলি কৰিব পাৰিছে । পর্যটন খণ্ডত নিয়ােজিত সকলে পর্যটকক থকাৰ লগতে আহাৰৰ সুব্যৱস্থা দিয়াৰ লগতে তেওঁলােকৰ বাবে বহণ আৰু অন্যান্য আমােদৰ ব্যৱস্থা কৰিব লাগে ।
পর্যটনস্থলসমূহ চোৱা – চিতা কৰাৰ সত্ততেই এড়ােখৰ ঠাইত পর্যটন উদ্যোগ একোটা গঢ় লৈ উঠে । পর্যটকসকলে কোনাে বন্ধৰ এঠাইত ভাল জলবায়ুৰ ঠাই নাইবা কোনাে আকর্ষণীয় সম্পদসমূহ চাবলৈ সকলাে সময়ত টিকসকলৰ আগমন ঘটে । ফলস্বৰূপে , এই উদ্যোগে দেশ এখনৰ অর্থনৈতিক দিশত যথেষ্ট তাৱ পেলায় আৰু দেশখনে যথেষ্ট লাভৱান হ’ব পাৰে । সেয়েহে বৰ্তমান সময়তে পৃথিৱীৰ প্ৰতিখন দেশেই পর্যটন উদ্যোগৰ সম্প্ৰসাৰণ আৰু পৰ্যটকক আকষর্ণৰ বাবে সকলাে ব্যৱস্থা গ্ৰহণ কৰিছে । ছুইজাৰলেণ্ড , গ্রীচ আদিৰ দৰে দেশে দেশৰ মুঠ আয়ৰ অধিকাংশ উদ্যোগৰ জৰিয়তেই আহৰণ কৰে ।
২৭। পর্যটকক আকর্ষিত কৰিব পৰা কাৰকবােৰ কি কি উল্লেখ কৰা ।
উত্তৰঃ পৰ্যটন উদ্যোগৰ বিকাশ নির্ভৰ কৰে পৰ্যটকৰ সংখ্যাৰ ওপৰত । অর্থাৎ , এখন দেশলৈ অহা পৰ্যটকৰ সংখ্যা যিমানে বাঢ়ে সিমানে এই বিভাগো লাভৱান হয় আৰু লগতে বিকাশো হয় । দেশ এখনৰ পৰ্যটন উদ্যোগৰ বিকাশ ঘটাবলৈ হ’লে দেশ এখনত পর্যটকক আকৃষ্ট কৰিব পৰা নানা সা – সুবিধা থকাটো নিতান্তই আৱশ্যক । পর্যটকক আকর্ষিত কৰিব পৰা কাৰকবােৰ হ’ল ।
( ক ) মনােম জলবায়ুঃ মনােৰম তথা স্বাস্থ্যকৰ জলবায়ুয়েহে পর্যটকক আকর্ষিত কৰিব পাৰে । কাৰণ , ব্যস্ততাৰ পৰা আঁতৰি সকলােৱে নিৰিবিলি , স্বাস্থ্যপৰিবেশত অৱসৰৰ সময়খিনি কটাব বিচাৰে ।
( খ ) মােহনীয় ভূ – প্রকৃতিঃ সকলাে ধৰণৰ ভ্ৰমণকাৰীক আকর্ষণ কৰিব পৰা নানা প্রকাৰৰ মােহনীয় প্রাকৃতিক দৃশ্যাৱলীৰে পৰিপূৰ্ণ ভূ – প্রকৃতিয়েও পর্যটকক আকর্ষিত কৰিব পাৰে ।
( গ ) ঐতিহাসিক সমলঃ ঐতিহাসিক সমল অথবা বৈশিষ্ট্যপূর্ণ সুকুমাৰ কলাৰ অৱস্থানসমূহ জ্ঞানান্বেষী পর্যটকৰ লগতে আন বহুতো সাধাৰণ শ্রেণী পর্যটকৰাে আকর্ষণস্থলী হ’ব পাৰে । সেয়েহে দূর্গ , ৰাজপ্রসাদ , ধর্মস্থান প্রভৃতি অৱয়বপূর্ণ স্থানসমূহলৈ পৰ্যটকৰ নিয়মীয়া সোঁত বয় । উপৰুক্ত কাৰকসমূহৰ উপৰিও পর্যটন স্থলীসমূহৰ কৃষ্টি সংস্কৃতিও পর্যটকৰ অনুকূল অৱস্থাত থাকিলেহে সেই স্থানে পর্যটকক আকর্ষিত কৰিব পাৰে । উদাহৰণস্বৰূপে ৰাজস্থান আৰু তামিলনাড়ুৰ অন্তৰ্গত পর্যটন স্থলীসমূহ কম খৰচী । গতিকে এই দুখন ৰাজ্য পর্যটকৰ বাবে আকর্ষণীয় হােৱাৰ ইয়াে এটা অন্যতম কাৰণ বুলি ক’ব পাৰি ।
২৮। পঞ্চমক খণ্ড জীৱিকাৰ বৈশিষ্ট্যসমূহ লিখা ।
উত্তৰঃ নীতি – নির্দেশনা আৰু সিদ্ধান্ত গ্রহণ বিষয়ক উচ্চস্তৰীয় সেৱা আগবঢ়োৱা কৌশল আৰু অভিজ্ঞতাপুষ্ট শ্রেণীটোকে পঞ্চমক খণ্ডৰ জীৱিকা বােলা হয় । এই খণ্ডটো সম্পূর্ণৰূপে জ্ঞানৰ দ্বাৰা পৰিচালিত হৈ থাকে । নিত্য – নতুন , ধ্যান – ধাৰণাৰ উপস্থাপন , সংস্কাৰ সাধন আৰু পর্যালােচনা , তথ্য বিশ্লেষণ আৰু নতুনকৈ আৱিস্কাৰ হােৱা কলা – কৌশলসমূহৰ কাৰ্যকাৰীতাৰ মূল্যায়ন প্রভৃতি পঞ্চমক খণ্ডৰ অন্তর্ভুক্ত অর্থকাৰী কাম-কাজসমূহৰ ঘাই পৰিসৰ । উচ্চবর্গীয় কাৰ্যবাহী বিষয়া , চৰকাৰী আমােলা , গৱেষক পর্যায়ৰ বিজ্ঞানী , বিত্ত আৰু আইন বিষয়ক সচিব পর্যায়ৰ বিষয়া অথবা উপদেষ্টাসকলকে ধৰি তৃতীয়ক আৰু চতুর্থক খণ্ডৰ অন্তৰ্গত কাম কাজৰ নির্ণেয়ক ভূমিকাত অৱতীৰ্ণ লােকসকলক পঞ্চমক খণ্ডৰ জীৱিকাধাৰী আখ্যা দিয়া হয় ।
২৯। গ্রাম্য বাণিজ্যিক কেন্দ্রৰ এটি বর্ণনা আগবঢ়োৱা ।
উত্তৰঃ গ্রাম্য বাণিজ্যিক কেন্দ্ৰবােৰ এইবােৰৰ চুবুৰীয়া এলেকা একোটাৰ বাবে উৎপাদিত সামগ্রী সংগ্ৰহ আৰু কিছুমান প্রয়ােজনীয় সামগ্রীৰ বিতৰণ কাৰ্যৰ উমৈহতীয়া ক্ষেত্র । গ্রাম্য অঞ্চল একোটাৰ অর্থনৈতিক কাম – কাজৰ পৰিসৰ চহৰাঞ্চলৰ তুলনাত অতি সীমিত । সেয়েহে প্রায়বােৰ গ্ৰাম্য বাণিজ্য কেন্দ্ৰত সপ্তাহত প্ৰতিটো দিনৰ সলনি নির্বাচিত এটা বা দুটা দিনতহে বিনিময় অথবা লেনদেন কার্য সম্পাদন ঘটে । কেতিয়াবা আকৌ একোটা গ্রামীণ বাণিজ্য কেন্দ্ৰৰ সীমিত সংখ্যক স্থায়ী দোকান পােহাৰৰ মাধ্যমত অঞ্চলটোৰ বাণিজ্যিক লেনদেন স্থায়ী অৱস্থা এটা প্রতিস্থিত হয় । একেখন ক্ষেত্ৰত অথবা বহু সময়ত একেখন দোকানতে অঞ্চলটোৰ প্ৰয়ােজনীয় প্রায় সকলােবােৰ দ্ৰব্যৰ লেনদেন কাম সম্পাদন হােৱাটো এনে বাণিজ্য কেন্দ্রসমূহৰ উমৈহতীয়া লক্ষণ বুলিব পাৰি ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


