Class 12 Geography Unit 7 তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ

Class 12 Geography Unit 7 তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 7 তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ and select needs one.

Class 12 Geography Unit 7 তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 7 তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ Solutions for All Subject, You can practice these here…

দীঘল উত্তৰৰ প্রশ্ন

২২। আধুনিক অর্থনৈতিক উন্নয়নত সেৱা খণ্ডৰ বৈশিষ্ট্য সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ সাম্প্রতিক সময়ৰ আর্থ – সামাজিক ব্যৱস্থাত বিভিন্ন ধৰণৰ সেৱাকাৰ্যৰ সমাৱে ঘটা দেখা যায় । এই সেৱাসমূহৰ কিছুমান উদ্যোগমুখী আৰু আন কিছুমান জনমূখী সেৱা হিচাপে চিহ্নিত কৰিব পাৰি । পৰিবহণ , বেংকিং প্রভৃতি সেৱাসমূহে উদ্যোগ আৰু ব্যক্তিগ পর্যায়ৰ দুয়ােধৰণৰ সেৱা কাৰ্য আগবঢ়ায় । পণ্য দ্রব্যৰ খুচুৰা বিপনী , ধুবী , নাপিত , সৰুসুব যন্ত্রপাতিৰ মেৰামতি প্রভৃতি বিভিন্ন ধৰণৰ শাৰীৰিক শ্রম নির্ভৰ সেৱা প্রায় সকলাে ঠাইতে বিস্তৃতভাৱে পােৱা যায় । কিন্তু চিকিৎসক , আয়কৰ পৰামৰ্শদাতা , আইনজীৱি , গাণনিক প্রভৃতি বৌদ্ধিক শ্রম নির্ভৰ সেৱাসমূহ সকলাে ঠাইতে সমানে পােৱা নাযায় । 

ৰাস্তা – ঘাট আৰু দলং প্রভৃতি নির্মাণ আৰু অনুৰক্ষণ , অগ্নিনির্বাপন , শান্তি – শৃংখলা ৰক্ষা শিক্ষা , গ্রাহক সুৰক্ষা প্রভৃতি কিছুমান বুনিয়াদী সেৱা সামগ্রিক ৰাষ্ট্ৰীয় স্বার্থত চৰকাৰী উদ্যোগ সকলােৰে বাবে আগবঢ়োৱা হয় । অর্থাৎ , এনেবােৰ সেৱাৰ সম্প্ৰসাৰণ আৰু সম্পাদনৰ খৰচ চৰকাৰেই বহন কৰে । তদুপৰি বিভিন্ন পথ পৰিবহণ নিগম , ৰেল – পৰিবহণ , দূৰ সংযােগ , শক্তি আৱণ্টন , পানী যােগান প্রভৃতি কিছুমান অত্যাবশকীয় সেৱাৰ সম্প্ৰসাৰণ , বিনিময় দৰ আৰু ধিক্য প্রভৃতি দিশসমূহ নিয়ন্ত্রণ আৰু পৰিচালনাৰ উদ্দেশ্যে চৰকাৰে কিছুমান নিগম অথবা সকায় পাতি দিয়ে । চিকিৎসা সেৱা , আইন সেৱা স্থপতি অথবা অন্যান্য ধৰণৰ কাৰিকৰী সেৱা অনুষ্ঠান – প্ৰতিষ্ঠানৰ পৰিচালনা সেৱা কৰকাটল বিষয়ক পৰামর্শমূলক সেৱা প্রভৃতি সেৱাসমূহ যক্তিগত অথবা আনুষ্ঠানিক পর্যায়ত নিধৰিত মূল্যৰ বিনিময়ত গ্ৰহণ কৰিব পাৰি । 

২৩। পৰিবহণ আৰু যােগাযােগৰগুৰুত্ব সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ পৰিবহণ পৰিক্রমাটোৱে সম্পদৰ উৎপাদনকাৰী আৰু উপভােজাৰ মাজত সম্পর্ক প্ৰতিষ্ঠা কৰে । তদুপৰি পৰিবহণ সেৱাৰ সহায়ত অঞ্চল এটাৰ অতিৰিক্ত উৎপাদনৰ বাণিজ্যিক লেনদেন আৰম্ভ হয় । ঠিক সেইদৰে এটা অঞ্চলৰ পৰিবহণ আৰু যােগাযোগ ব্যৱস্থাৰ উন্নতিয়ে অঞ্চলটোৰ আর্থিক , সামাজিক আৰু সাংস্কৃতিক জীৱন – যাত্ৰাৰ মানদণ্ড উর্ধগামী কৰে । প্রাচীন কালত পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ মাধ্যমসমূহ অভিন্ন আছিল । 

কিন্তু বর্তমান সময়ৰ অধিকাংশ যােগাযােগ ব্যৱস্থাই পৰিবহণ ব্যৱস্থাৰ লগত সম্পর্কহীন কিছুমান ক্ষিপ্ৰ আৰু স্বতন্ত্র প্রণালীত পৰিণত হৈছে । এই যােগাযােগ ব্যৱস্থাৰ মাধ্যমত তথ্য বার্তা আৰু নির্দেশনা প্রভৃতি সম্প্ৰসাৰণ ঘটে । পৰিবহণ প্রণালী এটাক এখন দেশৰ সকলাে ধৰণৰ আর্থিক , সামাজিক , সাংস্কৃতিক আৰু প্ৰতি ৰক্ষামূলক কার্যৰ উমৈহতীয়া অৱস্থাপক স্বৰূপ এক প্ৰকাৰৰ সেৱাদায়ী উদ্যোগ ৰূপে বিবেচনা কৰা হয় । 

পৃথিৱীৰ প্ৰতিখন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় অথবা আঞ্চলিক পৰিসৰৰ আর্থ – সামাজিক উন্নয়ন , আন্তৰাষ্ট্ৰীয় বাণিজ্য , প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ শান্তি শৃংখলা প্রভৃতি বহু ধৰণৰ ক্রিয়াকাণ্ড পৰিচালনা কৰাৰ ক্ষেত্ৰত এই পৰিবহণ প্রণালীটোৰ ওপৰত বহু পৰিমাণে নৰ্ভৰশীল হৈ থাকে । পৰিবহণ আৰু যােগাযােগ খণ্ডৰ উন্নয়নৰ ঠিক সমানুপাতিক গতিৰেই একোখন ৰাষ্ট্ৰৰ সামগ্রিক উন্নয়নৰ প্ৰক্ৰিয়াটোও আগুৱাই গৈ থাকে । 

২৪। আধুনিক যােগাযােগ ব্যৱস্থাসমূহে কিদৰে পৃথিৱীখনক এখন গােলকীয় গাঁৱত পৰিণত কৰিছে — উদাহৰণসহ বুজাই লিখা । 

উত্তৰঃ সাম্প্রতিক সময়ত যােগাযােগ ব্যৱস্থাই সমগ্র বিশ্বকে প্রভাৱিত কৰিছে । এই ব্যৱস্থাৰ দ্বাৰা মিনিটতে দূৰণি ঠাইৰ লগত সংযােগ স্থাপন কৰিব পৰা গৈছে , যিটো নেকি যাতায়াত ব্যৱস্থাৰ দ্বাৰা ইমান কম সময়তে সংযােগ সাধন কৰিব নােৱাৰি । ইলেক্ট্রনিক যােগাযােগ মাধ্যমসমূহ ইমান দ্রুত যে ইয়াক এঠাইত বুটাম টিপাৰ লগে লগেই আন ঠাইৰ লগত সংযােগ ঘটে । 

ইলেক্টনিক মাধ্যমৰ দ্রুত উন্নতিৰ ফলস্বৰূপে , কোনাে এঠাইত ঘটা ঘটনাবােৰ ঘটনাৰ লগে লগেই টেলিভিছনৰ দ্বাৰা আমি প্রত্যক্ষ কৰিব পাৰো । ইয়াৰ দ্বাৰা মানুহে দেখি নােপােৱা আৰু গৈ নােপােৱা অঞ্চলৰ বিষয়ে ঘৰত থাকিয়েই জানিব আৰু প্ৰত্যক্ষ কৰিব পাৰে । সমগ্ৰ পৃথিৱীখনৰ বিষয়ে জনা আৰু দেখাটো সকলাে মানুহৰ বাবে সম্ভৱ নহয় । কিন্তু এই নজনা, আৰু নেদেখা অঞ্চলৰ মানুহৰ আচাৰ আচৰণ , ৰীতি – নীতি , ধ্যান – ধাৰণা , জীৱন নির্বাহ পদ্ধ আদিৰ বিষয়ে জনাত যােগাযােগ মাধ্যমে সহায় কৰে । 

গতিকে , ঘূৰি – ফুৰি পৃথিৱীৰ যিকোতে ঠাইৰ বিষয়ে জানিব নােৱাৰিলেও ঘৰত বহিয়েই যােগাযােগ মাধ্যমৰ সহায়ত সমগ্র পৃথি বিষয়ে জনাত সহায়ক হৈছে । সেয়েহে , ক’ব পাৰি যে যােগাযােগ ব্যৱস্থাই পৃথিৱীখনক এক গােলকীয় গাঁৱত পৰিণত কৰিছে । 

২৫। পৃথিৱীত অর্থনৈতিক উন্নয়নত সেৱা কাৰ্যৰ গুৰুত্ব সম্পর্কে উদাহৰণসহ বুজাই লিখা । 

উত্তৰঃ বিত্তীয় সেৱাই সমগ্র বিশ্বকে আর্থিকভাৱে আগবাঢ়ি যােৱাত যথেষ্ট সহায় কৰে অর্থনৈতিক বিকাশত বিত্তীয় প্রতিষ্ঠানসমূহে বিত্তীয় সেৱাৰ যােগান ধৰে । উদাহৰণস্বৰূণে কোনাে এটা উদ্যোগে লােকচানৰ সন্মুখীন হােৱাত উৎপাদনৰ হাৰ কমি গৈছে , তেনে ক্ষেত্ৰত উদ্যোগটোক সহায় কৰিবৰ বাবে বিত্তীয় প্রতিষ্ঠানসমূহ আগবাঢ়ি যায় আৰু বিত্তীয় সাহক আগবঢ়ায় । যেতিয়া উদ্যোগটোৱে উৎপাদন বৃদ্ধি কৰি লাভ পায়, তাৰ পৰাই বিত্তীয় প্রতিষ্ঠান ধাৰ মাৰে । বিত্তীয় সেৱা অবিহনে অর্থনৈতিক বিকাশ সম্ভৱ নহয় । বর্তমান বিভিন্ন বিত্তীয় প্রতিষ্ঠানৰ উদ্ভৱ হৈছে । এই প্রতিষ্ঠানৰ প্ৰগতিৰ ফলস্বৰূপে মানৱ সমাজ যথেষ্ট উপক হৈছে । বিত্তীয় সেৱাৰ অংশস্বৰূপে উদ্যোগেও যথেষ্ট সহায় কৰিছে । এই উদ্যোগসমূহৰ বিকাশ ফলস্বৰূপে , পুৰণি কুটীৰ শিল্পৰ পৰিৱর্তে বয়ন উদ্যোগ স্থাপন হ’ল । ফলত আগৰ তুলনা উৎপাদনৰ পৰিমাণ বৃদ্ধি পালে । এই উৎপাদিত সামগ্রী প্রয়ােজনীয়খিনি ব্যৱহাৰ কৰি অতিথি উৎপাদিত দ্রব্যসমূহ বিদেশলৈ ৰপ্তানি কৰা হয় ফলত উৎপাদিত সামগ্ৰীসমূহো লােক নহয় আৰু বিদেশৰ পৰাও যথেষ্ট পৰিমাণে বিদেশী মুদ্রাও অর্জন কৰিব পৰা যায় আৰু ইযাৰ দ্বাৰা আন দেশৰ পৰা প্রয়ােজনীয় সামগ্রী আমদানি কৰিব পৰা যায় । এনেদৰে , আমদানী ৰপ্তানিৰ দ্বাৰা দেশীয় অভাৱ পূৰণ কৰিব পৰা যায় আৰু এই সকলােবােৰ সম্ভৱ হয় বিত্তীয় প্রতিষ্ঠানৰ সহযােগিতাৰ দ্বাৰাহে । 

২৫। দ্বিতীয় খণ্ডৰ গুৰুত্বপূর্ণ চৰিত্ৰ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ পৃথিৱীৰ প্ৰাকৃতিক পৰিবেশৰ পৰা আহৰণ কৰা বেছিভাগ সম্পদেই আহৰণ ব্যৱস্থাতে ব্যৱহাৰ কৰিব নােৱাৰি । সেয়েহে দ্বিতীয় খণ্ডৰ কার্যত এনেদৰে প্ৰকৃতিৰ পৰা আহৰণ কৰা দ্রব্যসমূহ পৰিশােধন , ৰূপান্তৰণ আৰু ৰূপায়ণৰ যােগেদি মানুহৰ অভাৱ পূৰণৰ বাবে ব্যৱহাৰৰ উপযােগী কৰি তােলে । উদাহৰণস্বৰূপে , আকৰিক লাে এবিধ প্রাকৃতিক বিবেশৰ পৰা আহৰণ কৰা প্রাথমিক খণ্ডত উৎপাদিত সম্পদ । 

কিন্তু এই আকৰিক লাে পানপটীয়াকৈ আমাৰ বিশেষ কামত নালাগে । এই যৌগত ( Fe₂ O₃ ) নিহিত অক্সিজেন আৰু অন্যান্য উপাদানসমূহ পৰিশােধন কৰাৰ পাছত এনে পৰিশােধিত লােহাৰৰ লগত কার্বন , নিকেল ভূতি সংযােগ কৰি ইয়াক তীখালৈ ৰূপান্তৰিত কৰা হয় । তাৰ পাছত এই তীখাৰ পৰা আমাৰ ৱহাৰযােগ্য বিভিন্ন সা – সৰঞ্জাম প্রস্তুত কৰা হয় । দ্বিতীয় খণ্ডৰ কাৰ্য হৈছে শিল্পোদ্যোগ , শক্তি উৎপাপাদন আৰু ঘৰ নিৰ্মাণ । দ্বিতীয় খণ্ডৰ কার্যত মূল পদার্থ বা দ্রব্যৰ ৰূপান্তৰ ঘটে আৰু ধাৰণতে সেইবােৰৰ মূল্যমান বৃদ্ধি পায় । ইয়াত সাধাৰণতে নিম্নমান বিশিষ্ট সম্পদক প্রযুক্তি কৌশল প্রয়ােগ কৰি উচ্চ মানব সম্পদলৈ ৰূপান্তৰিত কৰা হয় । 

২৬। পর্যটন যে এটা অতি গুৰুত্বপূৰ্ণ সেৱা কাৰ্য্য বর্ণনা কৰা । 

উত্তৰঃ অৱসৰ বিনােদনৰ বাবে সম্পাদন কৰা ভ্রমণক পর্যটন বােলা হয় । ইয়াৰ ভিত্তিত কিছুমান সেৱাও গা কৰি উঠিছে যাৰ ভিত্তিত গঢ় লৈ উঠিছে পর্যটন উদ্যোগে । সাম্প্রতিক পৰ্য্যায়ত সমগ্ৰ বিশ্বৰ প্ৰতিটো কোণতে এই পর্যটন উদ্যোগে গা কৰি উঠিছে । এই উদ্যোগত থষ্ট সংখ্যক লােকে সংস্থাপনৰ বাট মুকলি কৰিব পাৰিছে । পর্যটন খণ্ডত নিয়ােজিত সকলে পর্যটকক থকাৰ লগতে আহাৰৰ সুব্যৱস্থা দিয়াৰ লগতে তেওঁলােকৰ বাবে বহণ আৰু অন্যান্য আমােদৰ ব্যৱস্থা কৰিব লাগে । 

পর্যটনস্থলসমূহ চোৱা – চিতা কৰাৰ সত্ততেই এড়ােখৰ ঠাইত পর্যটন উদ্যোগ একোটা গঢ় লৈ উঠে । পর্যটকসকলে কোনাে বন্ধৰ এঠাইত ভাল জলবায়ুৰ ঠাই নাইবা কোনাে আকর্ষণীয় সম্পদসমূহ চাবলৈ সকলাে সময়ত টিকসকলৰ আগমন ঘটে । ফলস্বৰূপে , এই উদ্যোগে দেশ এখনৰ অর্থনৈতিক দিশত যথেষ্ট তাৱ পেলায় আৰু দেশখনে যথেষ্ট লাভৱান হ’ব পাৰে । সেয়েহে বৰ্তমান সময়তে পৃথিৱীৰ প্ৰতিখন দেশেই পর্যটন উদ্যোগৰ সম্প্ৰসাৰণ আৰু পৰ্যটকক আকষর্ণৰ বাবে সকলাে ব্যৱস্থা গ্ৰহণ কৰিছে । ছুইজাৰলেণ্ড , গ্রীচ আদিৰ দৰে দেশে দেশৰ মুঠ আয়ৰ অধিকাংশ উদ্যোগৰ জৰিয়তেই আহৰণ কৰে । 

২৭। পর্যটকক আকর্ষিত কৰিব পৰা কাৰকবােৰ কি কি উল্লেখ কৰা । 

উত্তৰঃ পৰ্যটন উদ্যোগৰ বিকাশ নির্ভৰ কৰে পৰ্যটকৰ সংখ্যাৰ ওপৰত । অর্থাৎ , এখন দেশলৈ অহা পৰ্যটকৰ সংখ্যা যিমানে বাঢ়ে সিমানে এই বিভাগো লাভৱান হয় আৰু লগতে বিকাশো হয় । দেশ এখনৰ পৰ্যটন উদ্যোগৰ বিকাশ ঘটাবলৈ হ’লে দেশ এখনত পর্যটকক আকৃষ্ট কৰিব পৰা নানা সা – সুবিধা থকাটো নিতান্তই আৱশ্যক । পর্যটকক আকর্ষিত কৰিব পৰা কাৰকবােৰ হ’ল । 

( ক ) মনােম জলবায়ুঃ মনােৰম তথা স্বাস্থ্যকৰ জলবায়ুয়েহে পর্যটকক আকর্ষিত কৰিব পাৰে । কাৰণ , ব্যস্ততাৰ পৰা আঁতৰি সকলােৱে নিৰিবিলি , স্বাস্থ্যপৰিবেশত অৱসৰৰ সময়খিনি কটাব বিচাৰে । 

( খ ) মােহনীয় ভূ – প্রকৃতিঃ সকলাে ধৰণৰ ভ্ৰমণকাৰীক আকর্ষণ কৰিব পৰা নানা প্রকাৰৰ মােহনীয় প্রাকৃতিক দৃশ্যাৱলীৰে পৰিপূৰ্ণ ভূ – প্রকৃতিয়েও পর্যটকক আকর্ষিত কৰিব পাৰে । 

( গ ) ঐতিহাসিক সমলঃ ঐতিহাসিক সমল অথবা বৈশিষ্ট্যপূর্ণ সুকুমাৰ কলাৰ অৱস্থানসমূহ জ্ঞানান্বেষী পর্যটকৰ লগতে আন বহুতো সাধাৰণ শ্রেণী পর্যটকৰাে আকর্ষণস্থলী হ’ব পাৰে । সেয়েহে দূর্গ , ৰাজপ্রসাদ , ধর্মস্থান প্রভৃতি অৱয়বপূর্ণ স্থানসমূহলৈ পৰ্যটকৰ নিয়মীয়া সোঁত বয় । উপৰুক্ত কাৰকসমূহৰ উপৰিও পর্যটন স্থলীসমূহৰ কৃষ্টি সংস্কৃতিও পর্যটকৰ অনুকূল অৱস্থাত থাকিলেহে সেই স্থানে পর্যটকক আকর্ষিত কৰিব পাৰে । উদাহৰণস্বৰূপে ৰাজস্থান আৰু তামিলনাড়ুৰ অন্তৰ্গত পর্যটন স্থলীসমূহ কম খৰচী । গতিকে এই দুখন ৰাজ্য পর্যটকৰ বাবে আকর্ষণীয় হােৱাৰ ইয়াে এটা অন্যতম কাৰণ বুলি ক’ব পাৰি । 

২৮। পঞ্চমক খণ্ড জীৱিকাৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ নীতি – নির্দেশনা আৰু সিদ্ধান্ত গ্রহণ বিষয়ক উচ্চস্তৰীয় সেৱা আগবঢ়োৱা কৌশল আৰু অভিজ্ঞতাপুষ্ট শ্রেণীটোকে পঞ্চমক খণ্ডৰ জীৱিকা বােলা হয় । এই খণ্ডটো সম্পূর্ণৰূপে জ্ঞানৰ দ্বাৰা পৰিচালিত হৈ থাকে । নিত্য – নতুন , ধ্যান – ধাৰণাৰ উপস্থাপন , সংস্কাৰ সাধন আৰু পর্যালােচনা , তথ্য বিশ্লেষণ আৰু নতুনকৈ আৱিস্কাৰ হােৱা কলা – কৌশলসমূহৰ কাৰ্যকাৰীতাৰ মূল্যায়ন প্রভৃতি পঞ্চমক খণ্ডৰ অন্তর্ভুক্ত অর্থকাৰী কাম-কাজসমূহৰ ঘাই পৰিসৰ । উচ্চবর্গীয় কাৰ্যবাহী বিষয়া , চৰকাৰী আমােলা , গৱেষক পর্যায়ৰ বিজ্ঞানী , বিত্ত আৰু আইন বিষয়ক সচিব পর্যায়ৰ বিষয়া অথবা উপদেষ্টাসকলকে ধৰি তৃতীয়ক আৰু চতুর্থক খণ্ডৰ অন্তৰ্গত কাম কাজৰ নির্ণেয়ক ভূমিকাত অৱতীৰ্ণ লােকসকলক পঞ্চমক খণ্ডৰ জীৱিকাধাৰী আখ্যা দিয়া হয় ।

২৯। গ্রাম্য বাণিজ্যিক কেন্দ্রৰ এটি বর্ণনা আগবঢ়োৱা । 

উত্তৰঃ গ্রাম্য বাণিজ্যিক কেন্দ্ৰবােৰ এইবােৰৰ চুবুৰীয়া এলেকা একোটাৰ বাবে উৎপাদিত সামগ্রী সংগ্ৰহ আৰু কিছুমান প্রয়ােজনীয় সামগ্রীৰ বিতৰণ কাৰ্যৰ উমৈহতীয়া ক্ষেত্র । গ্রাম্য অঞ্চল একোটাৰ অর্থনৈতিক কাম – কাজৰ পৰিসৰ চহৰাঞ্চলৰ তুলনাত অতি সীমিত । সেয়েহে প্রায়বােৰ গ্ৰাম্য বাণিজ্য কেন্দ্ৰত সপ্তাহত প্ৰতিটো দিনৰ সলনি নির্বাচিত এটা বা দুটা দিনতহে বিনিময় অথবা লেনদেন কার্য সম্পাদন ঘটে । কেতিয়াবা আকৌ একোটা গ্রামীণ বাণিজ্য কেন্দ্ৰৰ সীমিত সংখ্যক স্থায়ী দোকান পােহাৰৰ মাধ্যমত অঞ্চলটোৰ বাণিজ্যিক লেনদেন স্থায়ী অৱস্থা এটা প্রতিস্থিত হয় । একেখন ক্ষেত্ৰত অথবা বহু সময়ত একেখন দোকানতে অঞ্চলটোৰ প্ৰয়ােজনীয় প্রায় সকলােবােৰ দ্ৰব্যৰ লেনদেন কাম সম্পাদন হােৱাটো এনে বাণিজ্য কেন্দ্রসমূহৰ উমৈহতীয়া লক্ষণ বুলিব পাৰি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top