Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ and select needs one.
Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ Solutions for All Subject, You can practice these here.
পৰিবহণ আৰু যােগাযােগ
অধ্যায় – ৮
প্ৰথম খণ্ড
অতি চমু প্ৰশ্নোত্তৰ
তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰ বাচি উলিওৱাঃ
১। ট্রেন্সছাইবেৰিয়ান ৰেলপথটো ক’ৰ পৰা ক’লৈ প্ৰসাৰিত ?
( i ) হালিফেক্সৰ পৰা ৱেংক’ৱাৰলৈ ।
( ii ) পিটছবার্গৰ পৰা ব্লাডিভষ্টকলৈ ।
( iii ) পাৰ্থৰ পৰা ছিডনীলৈ । আৰু
( iv ) ডাউইৰ পৰা মেলবর্ণলৈ ।
উত্তৰঃ ( ii ) পিটছবাৰ্গৰ পৰা ব্লাডিভষ্টকলৈ ।
২। ট্রেন্স-কানাডিয়ান ৰেলপথে তলৰ কোন দুখন ঠাইক সংযােগ কৰিছে ?
( i ) হালিফেক্সৰ পৰা ৱেনকুভাৰক ।
( ii ) পিটছবার্গৰ পৰা ব্লাডিভষ্টকক ।
( iii ) পাৰ্থৰ পৰা ছিডনিক । আৰু
( iv ) ডাৰউইন আৰু মেলবর্ণ ।
উত্তৰঃ ( i ) হালিফেক্স আৰু ৱেনকুভাৰক ।
৩। ট্রেন্স-কানাডিয়ান হাইৱেপ্ৰসাৰিত হৈছে –
( i ) হালিফেক্সৰ পৰা বেংকৱাৰলৈ ।
( ii ) বেংকুৱাৰৰ পৰা চেন্ট জোনচ চিটিলৈ ।
( iii ) পাৰ্থৰ পৰা ছিডনীলৈ । আৰু
( iv ) ডাৰউইনৰ পৰা মেলবর্ণলৈ ।
উত্তৰঃ ( ii ) ৱেংকুভাৰৰ পৰা চেন্ট জোনচ চিটিলৈ ।
৪। তলত দিয়া কোনখন দেশত ৰেলপথৰ ঘনত্ব বেছি
( i ) আমেৰিকা যুক্তৰাষ্ট্ৰত ।
( ii ) কানাডাত ।
( iii ) ব্রাজিলত । আৰু
( iv ) ৰাহিয়াত ।
উত্তৰঃ ( ii ) কানাডাত ।
৫। পৃথিৱীৰ প্ৰধান সাগৰীয় পথটো অৱস্থিত –
( i ) উত্তৰ প্রশান্ত মহাসাগৰত ।
( ii ) ভূমধ্য সাগৰত ।
( iii ) উত্তৰ আটলান্টিক মহাসাগৰত । আৰু
( iv ) দক্ষিণ আটলান্টিক মহাসাগৰত ।
উত্তৰঃ ( iii ) উত্তৰ আটলান্টিক মহাসাগৰত ।
৬। ‘বিগ ইঞ্চ’ নামৰ নলিকা পথেৰে তলৰ কোনবিধ দ্রব্য সৰবৰাহ কৰা হয় ?
( i ) পানী ।
( i ) গাখীৰ ।
( iii ) খাৰুৱা তেল । আৰু
( iv ) ইন্ধন জাতীয় গেছবােৰ ।
উত্তৰঃ ( ii ) খাৰুৱা তেল ।
৭। পথৰ ঘনত্ব মানে হ’ল পথৰ দৈর্ঘ্য
( i ) প্রতি ১ বর্গ কি.মি.আয়তনত ।
( ii ) প্রতি ১০ বর্গ কি.মি.আয়তনত ।
( ii ) প্রতি ১০০ বর্গ কি.মি.আয়তনত । আৰু
( iv ) প্রতি ১০০০ বর্গ কি.মি.আয়তনত ।
উত্তৰঃ ( iii ) প্রতি ১০০ বর্গ কি.মি. আয়তনত ।
৮। ৰেলপথৰ ঘনত্ব মানে হ’ল ৰেলপথৰ দৈর্ঘ্য
( i ) প্রতি ১ বর্গ কি.মি.আয়তনত ।
( ii ) প্রতি ১০ বর্গ কি.মি.আয়তনত ।
( iii ) প্রতি ১০০ বর্গ কি.মি.আয়তনত । আৰু
( iv ) প্রতি ১০০০ বর্গ কি.মি.আয়তনত ।
উত্তৰঃ ( iii ) প্রতি ১০০ বর্গ কি.মি. আয়তনত ।
৯। তলৰ কোনখন দেশত ৰাষ্ট্ৰীয় ঘাইপথৰ ঘনত্ব সর্বাধিক
( i ) আমেৰিকা যুক্তৰাষ্ট্ৰত ।
( ii ) ভাৰতবৰ্ষত ।
( iii ) ফ্রলত ।
( iv ) জাপানত ।
উত্তৰঃ ( i ) আমেৰিকা যুক্তৰাষ্ট্ৰত ।
১০। পৰিবহণ ব্যৱস্থা মানে কি ?
উত্তৰঃ বিভিন্ন ধৰণৰ পেশীবল আৰু যান্ত্রিক বলৰ দ্বাৰা পৰিচালিত বিভিন্ন আৰ্হিৰ যান বাহনৰ সহায়ত নির্ধাৰিত উৎসৰ পৰা লক্ষ্যস্থান অভিমুখী যাত্ৰী আৰু সামগ্ৰীৰ স্থানান্তকৰণ কার্যৰ সামগ্ৰিক ব্যৱস্থাটোক পৰিবহণ ব্যৱস্থা বুলি কোৱা হয় ।
১১। পৰিবহণৰ মাধ্যমবােৰ কি কি ?
উত্তৰঃ পবিৰহণৰ মাধ্যমবােৰ হ’লঃ
( ক ) পথ পৰিবহণ ।
( খ ) ৰেল পৰিবহণ ।
( গ ) জল পৰিবহণ ।
( ঘ ) বিমান পৰিবহণ ।
( ঙ ) নলিকা পৰিবহণ । আৰু
( চ ) ৰঞ্জু পথ ।
১২৷ পৃথিৱীৰ দীর্ঘতম ৰেলপথ কোনটো ?
উত্তৰঃ পৃথিৱীৰ দীর্ঘতম ৰেলপথটো হ’ল–ষ্টেন্স-ছাইবেৰিয়ান ৰেলপথ ।
১৩। জল পৰিবহণৰ প্ৰকাৰ দুবিধ কি কি ?
উত্তৰঃ জল পৰিবহণ দুবিধ হ’ল –
( ক ) আভ্যন্তৰীণ জল পৰিবহণ । আৰু
( খ ) সামুদ্রিক পৰিবহণ ।
১৪। মানৱ জীৱনত উচ্চস্তৰীয় জীৱনশৈলী কিহৰ ভিত্তিত হয় ?
উত্তৰঃ মানৱ জীৱনত উচ্চস্তৰীয় জীৱনশৈলী পৰিবহণ আৰু যােগাযােগৰ ভিত্তিত হয় ।
১৫৷ পৰিবহণ , যােগাযােগ ব্যবস্থা আৰু বাণিজ্যই পৃথিৱীত কি পৰিৱৰ্তন আনিছে ?
উত্তৰঃ পৰিবহণ , যােগাযােগ ব্যৱস্থা আৰু বাণিজ্যই পৃথিৱীখনক এখন গােলকীয় গাঁৱলৈ পৰিণত কৰিছে ।
চমু উত্তৰৰ প্ৰশ্ন
১৬। সীমান্ত পথ কি ? ইয়াৰ মূখ্য বৈশিষ্ট্যসমূহ আলােচনা কৰা ।
উত্তৰঃ দুখন দেশৰ মাজৰ ব্যৱধানক ৰাষ্ট্ৰীয় ভাৱে যি পথেৰে চিনাক্ত কৰা হয় বা সীমা নির্ধাৰণ কৰা হয় তাকে সীমান্ত পথ বােলে ।
সীমান্ত অঞ্চলসমূহক দেশৰ মূলসুঁতিৰ লগত ৰাজনৈতিক , অর্থনৈতিক আৰু সাংস্কৃতিক ভাৱে সংযােগ কৰাৰ বেলিকা সীমান্ত পথৰ গুৰুত্ব অপৰিসীম । তদুপৰি এনেবােৰ পথক সীমান্তৰ প্ৰতি ৰক্ষাৰ স্বাৰ্থত ব্যাপক উদ্দেশ্যত ব্যৱহাৰ হয় । সীমান্ত পথে দেশৰ সীমাক চিনাক্ত কৰে । এখন দেশে যাতে আন এখন দেশৰ ভূমি দখল কৰিব নােৱাৰে তাৰ বাবে এনে অঞ্চলত সীমান্ত নিৰাপত্তাৰক্ষী নিয়ােগ কৰা হয় । সীমান্ত অঞ্চল চোৱাচিতা কৰাৰ কাৰণে সীমান্ত পথবােৰ যথেষ্ট উন্নতমানৰ হয় । এনে সীমান্তপথ নাথাকিলে নিৰাপত্তা ব্যৱস্থাত ব্যাঘাত জন্মিলহেঁতেন । অবৈধ প্রব্রজনৰ আৰু অবৈধ ভূমি দখলৰ লগতে বিদেশী ৰাষ্ট্ৰই আক্রমণৰ সুযােগ পায় ।
১৭। জল পৰিবহণ ব্যবস্থাটো কেনেকৈ আন যাতায়াত ব্যৱস্থাতকৈ কম ব্যয়বহুল ?
উত্তৰঃ জল পৰিবহণ ব্যবস্থাটো আটাইতকৈ কম ব্যয়বহুল হােৱাৰ কাৰণসমূহ হ’লঃ
( ক ) জলপৃষ্ঠৰ ওপৰেৰে নাও – জাহাজ চলাচলৰ উদ্দেশ্যে ৰাস্তা – ঘাট নির্মাণ অথবা মেৰামতি কৰাৰ প্ৰয়ােজন নাই ।
( খ ) বিভিন্ন মহাদেশৰ মাজত বিস্তৃত সাগৰ – মহাসাগৰসমূহ সৰু – ডাঙৰ জাহাজ চলাচলৰ বাবে উপযুক্ত পৃথিৱীব্যাপী পৰিসৰৰ এটা প্রাকৃতিক পৰিবহণ পথতন্ত্ৰৰ দৰেই ।
( গ ) জলপৃষ্ঠৰ ওপৰত যাতায়াত সম্পাদনৰ উদ্দেশ্যে প্রয়ােজন হােৱা ইন্ধনৰ পৰিমাণ অন্যান্য যাতায়াত ব্যৱস্থাৰ তুলনাত যথেষ্ট কম ।
( ঘ ) জলপৃষ্ঠত যাত্রা উৎসৰ পৰা লক্ষ্যস্থান অভিমূখী জাহাজ এখনে আটাইতকৈ চমু পথ অনুসৰণ কৰিব পাৰে ।
১৮। নলিকা পৰিবহণ ব্যৱস্থাটো কেনেকৈ বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা হয় আলােচনা কৰা ।
উত্তৰঃ নলিকা পৰিবহণৰ সহায়ত ব্যাপকভাৱে তৰল পদার্থ আৰু গেছীয় পদার্থসমূহ স্থানান্তৰিত কৰা হয় । ইয়াৰ ভিতৰত খনিজ তেল আৰু প্রাকৃতিক গেছ আদিয়েই প্রধানকৈ এই পৰিবহণৰ মাধ্যমত স্থানান্তৰিত কৰা হয় । আমি ৰন্ধা বঢ়া কৰিবলৈ যি গেছ ( লিপিজি ) ব্যৱহাৰ কৰাে, সেই গেছাে নলিকা পৰিবহণৰ দ্বাৰাই বিভিন্ন ঠাইলৈ যােগান ধৰা হয় । কিছু কিছু অঞ্চলত মানুহে গেছ চিলিণ্ডাৰৰ পৰিৱর্তে এনে নলিকা পৰিবহণ দ্বাৰা ঘৰত ৰন্ধন গেছৰ ব্যৱহাৰ কৰে । নলিকা পৰিবহণৰ দ্বাৰাই কোনাে অঞ্চলৰ পৰা খনিজ তেল সংগ্রহ কৰি আকৌ এই পৰিবহণৰ মাধ্যমতে সংশােধনৰ বাবে পঠোৱা হয় আৰু পুনৰ এই নলিকা পৰিবহণৰ দ্বাৰাই ব্যৱহাৰৰ বাবে যােগান ধৰা হয় ।
১৯ ৷ ট্রেন্স-ছাইবেৰিয়ান ৰেলপথৰ মূখ্য বৈশিষ্ট্যসমূহ কি ?
উত্তৰঃ ট্ৰেন্স-ছাইবেৰিয়ান পথৰ মূখ্য বৈশিষ্ট্যসমূহ হ’লঃ
( ক ) ট্রেন্স-ছাইবেৰিয়ান ৰেলপথটো হৈছে পৃথিৱীৰ দীর্ঘতম ৰেলপথ । এই ৰেলপথৰ দৈর্ঘ্য হ’ল ৯,৩৩২ কিলােমিটাৰ ।
( খ ) এই ৰেলপথটোৰ সমগ্ৰ দৈর্ঘ্যই যুটীয় বৈদ্যুতিকৃত ।
( গ ) ইউক্রেইনৰ ওডেছা , কাস্পিয়ান উপকূলৰ বাকু , উজবেকিস্তানৰ টাছাখণ্ড , মংগােলিয়াৰ উলন-বাটোৰ , মুকদেনৰ শ্যেন্যাং আৰু চীনৰ বেইজিং প্রভৃতি চুবুৰীয়া কেইবাখনাে দেশৰ গুৰুত্বপূৰ্ণ চহৰলৈকে এই ৰেলপথৰ শাখা – প্রশাখা আগবাঢ়ি গৈছে ।
( ঘ ) এছিয়াৰ অন্তৰ্গত ৰাছিয়াৰ কেঁচামাল আৰু ইউৰােপীয় ৰাছিয়াৰ উদ্যোগখণ্ডক এই ট্রেন্স ছাইবেৰিয়ান ৰেলপথটোৱে সংযােগ ঘটাইছে ।
২০। ট্রেন্স-কানাডিয়ান ৰেলপথৰ মূখ্য বৈশিষ্টসমূহ কি কি ?
উত্তৰঃ ট্ৰেন্স-কানাডিয়ান ৰেলপথৰ বৈশিষ্ট্যসমূহ হলঃ
( ক ) সৰ্বমুঠ ৭০৫০ কিলােমিটাৰ দৈৰ্ঘ্যৰ ট্ৰেন্স কানাডিয়ান ৰেলপথটো ১৮৮৬ চনত নির্মাণ কৰা হয় ।
( খ ) কানাডাৰ প্রেইৰী অঞ্চলৰ ঘেঁহু , সৰলবর্গীয় অৰণ্য বলয়ৰ কাঠ আৰু মন্ট্রিল কুইবেক ঔদ্যোগিক বলয়ৰ শিল্পজাত দ্রব্যসমূহ এইটো ৰেলপথেৰে সৰবৰাহ কৰা হয় ।
( গ ) কানাডাৰ অর্থনৈতিক ধমনী সদৃশ এই ট্রেন্স কানাডিয়ান পথটোৰে ঘেঁহু আৰু মাংস ৰপ্তানি কৰা হয় ।
( ঘ ) এই ৰেলপথটোৱে কানাডাৰ পূব উপকূলৰ হালিফেক্স বন্দৰৰ পৰা কুইবেক , মন্ট্রিল , উটুৱা , উইনিপেগ আৰু কোগেৰি প্রভৃতি চহৰসমূহৰ মাজেৰে পশ্চিমমুৱা হৈ প্রশান্ত উপকূৰ ৱেংকৰলৈকে বিস্তৃত হৈ আছে ।
২১৷ পৰিবহণৰ মাধ্যম হিচাপে সামুদ্রিক পৰিবহণৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ প্রায় তিনি চুতুর্থাংশই সমুদ্রপৃষ্ঠ আৰু স্থলাবয়বসমূহ এই মহাসাগৰীয় পৃষ্ঠত কিছুমান সৰু – ডাঙৰ দ্বীপৰ দৰে সিঁচৰিত হৈ আছে । সেয়েহে , আন্তঃমহাদেশীয় পৰিসৰৰ পৃষ্ঠ – পৰিবহণ ঘাইকৈ সমুদ্র পৃষ্ঠৰ ওপৰেদিহে সম্ভৱ হয় । সামুদ্রিক পথসমূহ বিশ্বৰ সকলাে দেশে ব্যৱহাৰ কৰিব পাৰে । এই পথ পৰিবহণত যাতায়াতৰ খৰচ অতি কম । এই পৰিবহণ ব্যৱস্থাত যাত্ৰাৰ উৎসৰ পৰা লক্ষ্যস্থল অভিমুখী জাহাজ এখনে সমুদ্রপৃষ্ঠত চমু পথ অনুসৰণ কৰিব পাৰে । বিশ্বৰ প্ৰধান সমুদ্র পথসমূহ হ’ল —উত্তৰ আটলান্টিক পথ , চুৱেজ খাল , অন্তৰীপ পথ , দক্ষিণ আটলান্টিক পথ , উত্তৰ প্রশান্ত পথ আৰু দক্ষিণ প্রশান্ত পথ ।
২২। উপকূলীয় নৌ – পৰিবহণৰ প্রকৃতি বর্ণনা কৰা ।
উত্তৰঃ আন্ত:ৰাষ্ট্ৰীয় অথবা পাৰ মহাদেশীয় সমুদ্র পথৰ উপৰিও সচৰাচৰ একোখন ৰাষ্ট্রৰ পৰিসৰত উপকুলীয় সাগৰ পৃষ্ঠত উপকূলীয় নৌ – পৰিবহণ নামৰ আন এক শ্রেণীৰ সমুদ্র পৰিবহণ প্রণালী গঢ় লয় । আমেৰিকা যুক্তৰাষ্ট্র , চীন , ভাৰত প্রভৃতি দীঘলীয় উপকূল ভূমিৰ জনবহুল দেশসমূহত উপকূলীয়া তবাং জলৰাশিক পৰিবহণ কাৰ্যৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয় । উদাহৰণস্বৰূপে , ভাৰতত মুম্বাই – গােৱা , গােৱা – কোচিন , বিশাখাপট্টনম – চেন্নাই প্রভৃতি উপকূলীয় সামুদ্রিক পথসমূহ পর্যটন আৰু সামগ্রী পৰিবহণৰ আকর্ষণীয় পথৰূপে বিবেচিত হৈছে । উপযুক্ত পৰিচালনা সম্ভৱপৰ হ’লে এনেবােৰ উপকূলীয় নৌ – পৰিবহণ পথ ব্যৱহাৰ কৰি স্থল পৰিবহণ খণ্ডৰ ওপৰত যাতায়াতৰ হেঁচা বহু পৰিমাণে লাঘৱ কৰিব পাৰি ।
২৩। চুৱেজ খাল সম্পর্কে এটি টোকা লিখা ।
উত্তৰঃ ভূমধ্য সাগৰীয় পৰ্ট চৈয়দ বন্দৰক লােহিত সাগৰৰ উত্তৰ সীমান্তৰ চুৱেজ বন্দৰৰ লগত সংযােগ কৰি ১৮৬৯ চনত চুৱেজ খাল খন্দা হয় । আটলান্টিক আৰু ভাৰত মহাসাগৰক এই পথেৰে সংযােগ কৰাৰ ফলত পশ্চিম ইউৰােপ আৰু শ্রীলংকাৰ মাজৰ দূৰত্ব প্রায় ৩,৫০০ কিলােমিটাৰ হ্রাস পায় । প্রায় ১৬০ কিলােমিটাৰ দীঘল চুৱেজ খালৰ গভীৰতা ১০-১৫মিটাৰ পর্যন্ত আৰু ইয়াৰ জলপৃষ্ঠ সমুদ্রপৃষ্ঠৰ উচ্চতাত থাকে । দৈনিক প্রায় ১০০ খন জাহাজে এই খাল অতিক্রম কৰে ।

২৪। ছেন্ট লৰেন্স সমুদ্রপথৰ হ্রদ অঞ্চলৰ ওপৰত এটি চমু টোকা লিখা ।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাক সামৰি এই হ্রদ অঞ্চলৰ সৃষ্টি হৈছে । চুপিৰিয়ৰ , মিচিগান , হিউন , ইৰি আৰু ওন্টেৰিও প্রভৃতি পৰস্পৰ সংযুক্ত সুবৃহৎ হ্রদসমূহক কেন্দ্ৰ কৰি উত্তৰ – পূবে ছেন্ট লৰেন্স নদীয়েদি আটলান্টিক মহাসাগৰলৈকে আৰু দক্ষিণেই লিয়নইজ খালেৰে মিছিছিপি নদীৰ নিম্ন ভাগলৈ মেক্সিকো উপসাগৰলৈকে ধাৰাবাহিক ভাৱে কিছুমান জলাশয় আছে । এই জলাশয়সমূহক আশ্রয় কৰি সমগ্ৰ উত্তৰ আমেৰিকা মহাদেশত মুঠতে ১৯,২০০ কিলােমিটাৰ আভ্যন্তৰীণ জলপথৰ সৃষ্টি হয় ।
২৫। উপগ্রহ যােগাযােগ ব্যৱস্থাৰ ওপৰত এটি বিস্তৃত বিৱৰণ দিয়া ।
উত্তৰঃ পৃথিৱীৰ প্রায় ১০০ কোটি লােকেই বর্তমান সময়ত যােগাযােগ সেৱাৰ ক্ষেত্ৰত উপগ্রহ পৰিচালিত ইন্টাৰনেট ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল । আকাশত নিক্ষেপ কৰা উপগ্রহসমূহত তথ্যৰ গ্রাহক আৰু প্ৰতিফলক যন্ত্র সংস্থাপন কৰি এই কাম অতি কম খৰচত সহজে সমাধা কৰা হয় । যােগাযােগ সেৱাৰ উদ্দেশ্যে উপগ্রহ ব্যৱস্থাৰ ব্যাপক প্রচলনৰ ক্ষেত্ৰত ভাৰতবৰ্ষও বিশ্বৰ এখন আগশাৰীৰ দেশ । ভাৰতৰ এনেধৰণৰ কৃত্রিম উপগ্রহসমূহৰ ভিতৰত আর্যভট্ট , ভাস্কৰ -১ , ৰােহিণী , ইনছেট -১ খ প্রভৃতি উল্লেখযােগ্য । এইভিন্ন শ্রেণীৰ উপগ্রহসমূহে দূৰদূৰণিৰ পৰিসৰত ব্যক্তিগত পর্যায়ৰ যােগাযােগকে ধৰি অনাতাঁৰ , দূৰদৰ্শন , ৰেল আৰু বিমান চলাচল , প্রতিক্ষা , প্রাকৃতিক দুর্যোগ প্রভৃতি বিভিন্ন বিষয়ৰ লগত জড়িত বহু ধৰণৰ যােগাযােগ প্রণালী পৰিচালনা কৰে ।
২৬। বান প্রৱণ অঞ্চলত পথ পৰিবহণৰ অসুবিধাসমূহ আলােচনা কৰা ।
উত্তৰঃ বান প্রৱণ অঞ্চলত পথ পৰিবহণৰ অসুবিধাসমূহ হ’ল —
( ক ) বানপানীত ৰাস্তাসমূহ ডুব যােৱাৰ ফলত গাড়ী মটৰৰ চলাচল ব্যাহত হয় ।
( খ ) বানপানীৰ কবলত পৰি ৰাস্তাসমূহ বেয়া হয় ।
( গ ) বহু সময়ত বানপানীৰ ফলত ৰাস্তা ছিগি যায় যাৰ ফলত দুখন ঠাইৰ মাজৰ পথ যােগাযােগ বহুকেইদিনলৈ ব্যাহত হয় ।
২৭। পর্বতাঞ্চলত পথ পৰিবহণৰ অসুবিধাসমূহ আলােচনা কৰা ।
উত্তৰঃ পর্বতাঞ্চলত পথ পৰিবহণৰ অসুবিধাসমূহ হ’ল—
( ক ) পর্বতাঞ্চলত পথ নির্মাণ ব্যৱস্থা অতি ব্যয়বহুল ।
( খ ) এনে অঞ্চলত ভূমিস্খলনৰ ফলত বহু সময়ত পথ পৰিবহণ ব্যৱস্থা ব্যাহত হয় ।
( গ ) পবর্তাঞ্চলত পথ পৰিবহন ব্যৱস্থা সাধাৰণতে অতি দুর্গম হয় ।
২৮। সামুদ্রিক পৰিবহণৰ বিকাশৰ কাৰণসমূহ উল্লেখ কৰা ।
উত্তৰঃ সামুদ্রিক পৰিবহণৰ বিকাশৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল–
( ক ) সামুদ্রিক পথসমূহ বিশ্বৰ সকলাে দেশে ব্যৱহাৰ কৰিব পাৰে ।
( খ ) সমুদ্র পথেৰে যাতায়াত কৰােতে ইন্ধনৰ খৰচ অতি কম হয় ।
( গ ) যাত্ৰাৰ উৎসৰ পৰা লক্ষ্যস্থল অভিমূখে যাত্রা কৰােতে জাহাজ এখনে আটাইতকৈ চমু পথ অনুসৰণ কৰিব পাৰে ।
( ঘ ) গধুৰ সামগ্রী সৰবৰাহৰ বাবে এই পৰিবহণ ব্যৱস্থা অতি উত্তম ।
২৯। খনিজ তেল আৰু গেছ সৰবৰাহৰ বাবে নলিকা পথ বিস্তীর্ণভাৱে ব্যৱহাৰ কৰা হয় কিয় ?
উত্তৰঃ খনিজ তেল আৰু গেছ সৰবৰাহৰ বাবে নলিকা পথ বিস্তীর্ণভাৱে ব্যৱহাৰ কৰা হয় কিয় কাৰণসমূহ তলত উল্লেখ কৰা হ’ল–
( ক ) খনিজ তেল আৰু গেছ সৰবৰাহৰ বাবে নলিকা পথ পৰিবহণ ব্যৱস্থাই আটাইতকৈ কম খৰচী ।
( খ ) এই পৰিবহণ ব্যৱস্থা অধিক নিৰাপদ ।
( গ ) জুলীয়া আৰু গেছীয় পদার্থ সৰবৰাহৰ বাবে অন্যান্য পৰিবহণ ব্যৱস্থাতকৈ নলিকা পৰিবহন ব্যৱস্থা অধিক সুবিধাজনক ।
৩০। পৰিবহন ব্যৱস্থাটোক কিদৰে অৱস্থাপক স্বৰূপ সেৱাদায়ী উদ্যোগ বুলিব পাৰি ?
উত্তৰঃ পৰিবহন ব্যৱস্থাটোৱে সম্পদ উৎপাদনকাৰী আৰু উপভোক্তাৰ মাজত সম্পর্ক স্থাপন কৰে । এই ব্যৱস্থাৰ জৰিয়তে অঞ্চল এটাৰ অতিৰিক্ত উৎপাদনৰ বাণিজ্যিক লেনদেন আৰম্ভ হয় । পৰিবহন প্রণালীটোক এখন ৰাষ্ট্ৰৰ সকলাে ধৰণৰ আর্থিক , সামাজিক , সাংস্কৃতিক আৰু প্ৰতিৰক্ষামূলক কাম কাজৰ উমৈহতীয়া অৱস্থাপক স্বৰূপ সেৱাদায়ী উদ্যোগ বুলিব পাৰি । কাৰণ , পৃথিৱীৰ প্ৰতিখন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় অথবা আঞ্চলিক পৰিসৰৰ আর্থ – সামাজিক উন্নয়ন , আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য , প্রতিক্ষা আৰু আভ্যন্তৰীণ শান্তি শৃংখলা প্রভৃতি কার্যসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰিবহন প্রণালীটোৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল হৈ থাকে । পৰিবহন খণ্ডৰ উন্নয়নৰ ঠিক সমানুপাতিকভাৱে এখন ৰাষ্ট্রৰ সামগ্রিক উন্নয়ন প্রক্রিয়াও আগুৱাই গৈ থাকে ।
৩১। প্রধান পথৰ মুখ্য বৈশিষ্ট্যসমূহ আলােচনা কৰা ।
উত্তৰঃ প্রধান পথৰ মুখ্য বৈশিষ্ট্যসমূহ তলত আলােচনা কৰা হ’ল–
( ক ) প্রধান পথসমুহে দূৰ – দূৰণিৰ গুৰুত্বপূৰ্ণ ঠাইসমূহক সংযােগ কৰে ।
( খ ) এনে পথসমূহত অগ্রগামী আৰু প্ৰতিগামী যান-বাহনৰ দুই বিপৰীতমূখী লিকৰ মাজত পথ বিভাজক থাকে ।
( গ ) এই পথসমূহত গতিৰােধক আৰু লেভেল ক্রচিং আদি প্রতিবন্ধকসমূহ নাথাকে ।
( ঘ ) দেশৰ গুৰুত্বপূৰ্ণ নগৰ – চহৰ আৰু বন্দৰ সমূহক এই পথসমূহে সংলগ্ন কৰে ।
| Sl. No. | সূচী-পত্ৰ |
| প্ৰথম খণ্ড | |
| Chapter 1 | মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ |
| Chapter 2 | জনসংখ্যা আৰু উন্নয়ন |
| Chapter 3 | জনসংখ্যাৰ গাঁথনি |
| Chapter 4 | মানৱ সম্পদৰ বিকাশ |
| Chapter 5 | প্রাথমিক খণ্ডৰ জীৱিকা |
| Chapter 6 | দ্বিতীয়ক খণ্ডৰ বৃত্তি |
| Chapter 7 | তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ |
| Chapter 8 | পৰিবহণ আৰু যােগাযােগ |
| Chapter 9 | আন্তৰ্জাতিক বাণিজ্য |
| Chapter 10 | জনবসতিৰ প্ৰকাৰ |
| দ্বিতীয় খণ্ড | |
| Chapter 11 | উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি |
| Chapter 12 | অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু |
| Chapter 13 | জনসংখ্যাৰ গাঁথনি |
| Chapter 14 | জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব |
| Chapter 15 | অসমৰ কৃষিখণ্ড আৰু উদ্যোগ |
| Chapter 16 | অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা |
| তৃতীয় খণ্ড | |
| Chapter 17 | ভাৰতৰ জনসংখ্যা |
| Chapter 18 | ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম |
| Chapter 19 | মানৱ সম্পদ উন্নয়ন |
| Chapter 20 | ভাৰতৰ জনবসতি |
| Chapter 21 | ভূমি সম্পদ আৰু কৃষিকাৰ্য |
| Chapter 22 | ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ |
| Chapter 23 | ভাৰতৰ কাৰিকৰী উদ্যোগ |
| Chapter 24 | ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন |
| Chapter 25 | ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা |
| Chapter 26 | আন্তর্জাতিক বাণিজ্য |
| Chapter 27 | নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপাত |
৩২ ৷ ডাঙৰ মহানগৰ সমূহত পৰিবহণৰ প্রধান সামাধানবােৰ কি কি ?
উত্তৰঃ ডাঙৰ মহানগৰ সমূহত পৰিবহণৰ প্রধান সামাধানবােৰ তলত উল্লেখ কৰা হ’ল–
( ক ) পথ পৰিবহণ ।
( খ ) ৰে’ল পৰিবহণ ।
( গ ) জল পৰিবহণ ।
( ঘ ) বিমান পৰিবহণ । আৰু
( ঙ ) নলিকা পৰিবহণ ।
৩৩। এটা সুন্দৰভাৱে পৰিচালিত পৰিবহণ ব্যবস্থাত বিভিন্ন মাধ্যমবােৰ পৰম্পৰে পৰম্পৰৰ পৰিপূৰক হয় ’ — এই মন্তব্যটো ব্যাখ্যা কৰা ।
উত্তৰঃ পৰিবহণৰ প্ৰধান মাধ্যমসমূহ হ’ল — পথ পৰিবহণ , ৰেল পৰিবহণ , আভ্যন্তৰীণ জল পৰিবহণ , সামুদ্রিক পৰিবহণ , বিমান পৰিবহণ আৰু নলিকা পৰিবহণ । ইয়াৰে নলিকা পৰিবহণৰ বাহিৰে বাকী সকলােবােৰ পৰিবহণেই আন্তঃআঞ্চলিক অথবা আন্তঃৰাষ্ট্ৰীয় পৰিসৰত যাত্রী অথবা সামগ্রী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা হয় । নলিকা পৰিবহণক একদিশগামী তৰল বা গেছীয় পণ্যদ্রব্য সৰবৰাহৰ উদ্দেশ্যেহে ব্যৱহাৰ কৰিব পাৰি । কম দূৰত্বৰ পৰিসৰত সীমিত সংখ্যক যাত্রী আৰু কম পৰিমাণৰ পণ্যদ্রব্য দুৱাৰে দুৱাৰে যােগান ধৰাৰ ক্ষেত্ৰত পথ পৰিবহণ সবাতােকৈ সুবিধাজনক ।
আনহাতে , আন্তঃৰাষ্ট্ৰীয় অথবা আন্তঃমহাদেশীয় ভৌগােলিক পৰিসৰত বৃহৎ আয়তনৰ পণ্যদ্রব্য সৰবৰাহৰ উদ্দেশ্য সমুদ্র পৰিবহণক ব্যৱহাৰ কৰা হয় । আকৌ , একোখন ৰাষ্ট্ৰৰ ৰাজনৈতিক চাৰিসীমাৰ ভিতৰত বৃহৎ পৰিমাণৰ দূৰগামী যাত্রী আৰু – মাল বস্তুৰ সৰবৰাহ কার্য সম্পাদন কৰাৰ বেলিকা ৰেলৈ পৰিবহণৰ সমান সুবিধাজনক মাধ্যম আন একোৱেই হ’ব নােৱাৰে । ইফালে কম ওজনৰ মূল্যৱান দ্রব্যকে ধৰি জৰুৰীভাবে পৰিবহণযােগ্য যাত্রী আৰু সামগ্রী সৰবৰাহৰ বেলিকা কিমান পৰিবহণ এক অবিকল্প মাধ্যম । একোটা সুপৰিচালিত পৰিবহণ ব্যৱস্থাৰ পৰিসৰত অন্তর্ভুক্ত সকলাে ধৰণৰ মাধ্যমৰ মাজত পাৰস্পৰিক সমন্বয়মূলক সম্পর্ক গঢ়ি উঠিলেই পৰিবহণ সেৱাৰ পৰা আশানুৰূপ সুফল লাভ কৰিব পৰা যায় ।
দীঘল উত্তৰৰ প্ৰশ্ন
৩৪। পৃথিৱীৰ কোনকেইটা মুখ্য অঞ্চলত আকাশী পৰিবহণ ব্যবস্থাই বেছি গুৰুত্ব লাভ কৰিছে ?
উত্তৰঃ বিমানসমূহৰ নিৰ্মাণ আৰু পৰিচালন প্রক্রিয়াটো অতিশয় সূক্ষ্ম প্রযুক্তিৰ ওপৰত নিৰ্ভৰশীল তথা ব্যয়বহুল । সেয়েহে বিশ্বৰ আগশাৰীৰ উদ্যোগ সমৃদ্ধ আৰু অৱস্থাপন্ন ৰাষ্ট্রসমূহেই বিমান পৰিবহণ খণ্ডত আগভাগ লৈ অহা দেখা যায় । মূলতঃ সংযুক্ত গণৰাজ্যত বিমান পৰিবহণৰ বাণিজ্যিক সেৱা আৰম্ভ হৈছিল যদিও বৰ্ত্তমান পৃথিৱীৰ প্রায় ৬০ শতাংশ বিমান সেৱাই আমেৰিকা যুক্তৰাষ্ট্রৰ দ্বাৰাহেপৰিচালিত হৈ আছে । বর্তমান পৃথিৱীত ২৫০ টাৰাে অধিক বিমান পৰিবহণ প্রতিষ্ঠানে তেওঁলােকৰ নিয়মীয়া উৰণৰ সহায়ত দেশ বিদেশৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ অৱস্থানকে সংযােগ কৰা দেখা যায় ।
পৃথিৱীৰ উত্তৰ গােলার্ধত পূৱা – পশ্চিমাকৈ আন্তঃমহাদেশীয় বিমান সেৱাৰ কিছু সংখ্যক মূখ্যপথ আছে । যুক্তৰাষ্ট্রৰ পূর্বাঞ্চল , পশ্চিম ইউৰােপ আৰু দক্ষিণ পূর্ব এছিয়াৰ দেশসমূহক সামৰি এনেধৰণৰ ভালেমান আন্তঃমহাদেশীয় বিমানপথ পােৱা যায় । নিউয়র্ক , লণ্ডন , পেৰিছ , আমষ্টাৰম , ফ্রাংকফুট , বােম , মস্কো , কৰাচী , দিল্লী , মুম্বাই , বেংকক , ছিংগাপুৰ , টকিঅ ’ , ছাঁ ফ্রান্সিক্স ’ , লছ – এঞ্জেলছ , আৰু চিকাগাে প্রভৃতি বিমান বন্দৰ সমূহৰ পৰা পৃথিৱীৰ প্রায়বােৰ দেশলৈকে বিমান যােগাযােগ পােৱা যায় ।
৩৫। পথ আৰু ৰেল পৰিবহণ ব্যৱস্থাৰ মূখ্য সুবিধা আৰু অসুবিধাসমূহ কি কি ?
উত্তৰঃ পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ হলঃ
( ক ) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু বৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আৱাসিক অৱস্থান আৰু সকলাে ধৰণৰ আর্থিক কাম – কাজৰ এলেকাকে চুই গৈছে ।
( খ ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী ।
( গ ) পথৰ ওপৰত চলাচল কৰা ট্রাক , বাছ , ৰিক্সা , চাইকেল প্রভৃতি বাহনসমূহো অতি বেছি দামী নহয় কাৰণে যিকোনাে আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে ।
( ঘ ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্রী বা মালবস্তু উঠা – নমা কৰাৰ বাবে অতিৰিক্ত সেৱান্তক সুবিধা বহু সময়ত নহ’লেও চলে ।
পথ পৰিবহণ ব্যৱস্থাৰ অসুবিধাসমূহঃ
( ক ) পথ পৰিবহণৰ মাধ্যমেৰে সৰহীয়াকৈ যাত্রী কঢ়িয়াওতে আৰু অধিক দূৰত্বলৈ সামগ্রী সৰবৰাহ কৰােতে খৰচৰ মাত্রা অত্যাধিক হাৰত বাঢ়ি যায় ।
( খ ) একেটা পথত বিভিন্ন আকৃতি – প্রকৃতিৰ অসংখ্য গাড়ী – মটৰৰ একে সময়তে চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহত দূৰ্ঘটনাৰ সম্ভাৱনা দিনে দিনে বৃদ্ধি পাই আহিছে ।
ৰেল পৰিবহণৰ সুবিধাসমূহঃ
( ক ) পথসমূহৰ তুলনাত ৰেলপথসমূহ অধিক সুপ্রতিষ্ঠিত আৰু স্থায়ী ।
( খ ) বৃহৎ পৰিমাণৰ যাত্রী অথবা সামগ্রী কম খৰচত তীব্রবেগে দূৰদূৰণিলৈ পৰিবহণ কৰাৰ উপযােগী ।
( গ ) পথ পৰিবহণৰ তুলনাত ৰেল পৰিবহণত ইন্ধনৰ খৰচ ১৫-২০ শতাংশ মাত্র ।
( ঘ ) ৰেল পৰিবহণ এবিধ দূৰগামী সুবিধা প্রদানকাৰী পৰিবহণ ব্যৱস্থা । অর্থাৎ , যাতায়াত কৰিব লগা যাত্রী আৰু সামগ্ৰীৰ পৰিমাণ আৰু গন্তব্য স্থানৰ দূৰত্ব বাঢ়ি যােৱাৰ লগে লগে প্রতি কিলােমিটাৰ দূৰত্বৰ বাবদ প্রতিজন যাত্রী অথবা প্রতি টন সামগ্ৰীৰ ৰেলভাড়া কমি গৈ থাকে ।
পথ পৰিবহণৰ অসুবিধাসমূহঃ
( ক ) পথ পৰিবহণৰ তুলনাত ৰেল পৰিবহণৰ প্রতিস্থাপন আৰু পৰিচালনা কার্য অত্যন্ত খৰচী ।
( খ ) পথ পৰিবহণৰ দৰে ৰেল পথসমূহে পার্বত্য ভূমি আৰু অত্যন্ত এটা বেঁকা পথত ইয়াৰ পৰিবহণ ক্ষমতা সমানে বজাই ৰাখিব নােৱাৰে ।
৩৬। চুৱেজ খালৰ মুখ্য বৈশিষ্ট্যসমূহ লিখা ।
উত্তৰঃ ভূমধ্য সাগৰীয় পৰ্ট চৈয়দ বন্দৰক লােহিত সাগৰৰ উত্তৰসীমা চুৱেজ বন্দৰৰ লগত সংযােগ কৰি ১৮৬৯ চনত চুৱেজ খাল খন্দা হয় । আটলান্টিক আৰু ভাৰত মহাসাগৰক এই পথেৰে সংযােগ কৰাৰ ফলত পশ্চিম ইউৰােপ আৰু শ্ৰীলংকাৰ মাজৰ দূৰত্ব প্রায় ৩,৫০০ কিলােমিটাৰ হ্রাস পায় । প্রায় ১৬০ কিলােমিটাৰ দীঘল চুৱেজ খালৰ গভীৰতা ১০-১৫ মিটাৰ পর্যন্ত আৰু ইয়াৰ জলপৃষ্ঠ সমুদ্রপৃষ্ঠৰ উচ্চতাত থাকে । দৈনিক প্রায় ১০০ খন জাহাজে এই খাল অতিক্রম কৰে । এই খালৰ প্ৰৱেশ মাচুল অতি বেছি ।

৩৭। পানামা খালৰ মুখ্য প্রকৃতিৰ বিষয়ে লিখা ।
উত্তৰঃ পানামা খালে আটলান্টিক আৰু প্রশান্ত মহাসাগৰক সংযােগ কৰিছে । এই খালৰ দৈর্ঘ্য ৭২ কিলােমিটাৰ । পানামা খালটোৰ সমগ্র পথছােৱাত সৰ্বমুঠ ছখন জলপৃষ্ঠ নিয়ন্ত্রণকাৰী কপাট আছে । এই কপাটসমূহৰ সহায়ত খালৰ জলপৃষ্ঠ অৱস্থানভেদে ২৬ মিটাৰ পর্যন্ত উঠা নমা কৰিব পাৰি । পানামা খাল মুকলি কৰাৰ ফলত নিউয়ৰ্ক আৰু চাঁ – ফ্রান্সি’ চহৰৰ সামুদ্রিক দূৰত্ব প্রায় ১৩,০০০ কিলােমিটাৰ হ্রাস পাইছে । ঠিক সেইদৰে , পশ্চিম ইউৰােপ আৰু প্রশান্ত মহাসাগৰীয় উত্তৰ আমেৰিকাৰ মাজত সমুদ্র পথসমূহৰ দূৰত্বও বহুখিনি হ্রাস পাইছে । উত্তৰ আমেৰিকা আৰু পশ্চিম ইউৰােপৰ আটলান্টিক মহাসাগৰীয় বন্দৰ সমূহৰ লগত এছিয়াৰ পূব প্রান্তীয় চীন , জাপান , ফিলিপাইন প্রভৃতি দেশসমূহৰ উপৰিও অষ্ট্রেলিয়াৰ বাণিজ্যিক লেনদেন বহু পৰিমাণে সূচল হৈছে ।
৩৮। আকাশী পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ মূখ্য বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰঃ অসাধাৰণ ক্ষিপ্র গতিৰে আটাইতকৈ চমু পথ অনুসৰণ কৰি দুখন ঠাইৰ মাজত জৰুৰীকালীন পৰিবহণ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আকাশী পৰিবহণৰ তুলনা নাই । এই পৰিবহণ অত্যন্ত খৰচী হােৱাৰ লগতে বৃহৎ পৰিমাণৰ গধুৰ সামগ্ৰী কঢ়িওৱাৰ বাবে উপযুক্ত নহয় । স্থল পৰিবহণে সহজে ঢুকি নেপােৱা দুর্গম অঞ্চললৈ আৰু প্রাকৃতিক দুর্যোগৰ ফলত স্থল – পৰিবহণ প্রকার্য বিধস্ত হােৱাৰ সময়ত উদ্ধাৰ আৰু সাহাজ্য অভিযানৰ বেলিকা এই পৰিবহণ সেৱা অতি গুৰুত্বপূৰ্ণ হৈ উঠে । আকাশীযান অর্থাৎ বিমানসমূহৰ নিৰ্মাণ আৰু পৰিচালন প্রক্রিয়াটো অতিশয় সূক্ষ্ম প্রযুক্তিৰ ওপৰত নিৰ্ভৰশীল তথা ব্যয়বহুল । সেয়েহে , বিশ্বৰ আগশাৰীৰ উদ্যোগ সমৃদ্ধ আৰু অৱস্থাপন্ন ৰাস্তাসমূহেই এই পৰিবহণ খণ্ডত আগভাগ লৈ অহা দেখা যায় ।
৩৯। আকাশী পৰিবহণ ব্যৱস্থাৰ পৰা হােৱা মূখ্য লাভসমূহ কি কি ?
উত্তৰঃ আকাশী পৰিবহণত অতি ক্ষিপ্র গতিৰে আটাইতকৈ চমু পথ অনুসৰণ কৰি দুখন ঠাইৰ মাজত জৰুৰীকালীন পৰিবহণ সেৱা আগবঢ়াব পাৰি , যিটো আন কোনাে পৰিবহণ মাধ্যমতে সম্ভৱ নহয় । আন্তঃমহাদেশীয় অথবা আন্তঃৰাষ্ট্ৰীয় দূৰত্বৰ যাত্ৰী আৰু জৰুৰী তথা মূল্যৱান সামগ্রী সৰবৰাহৰ ক্ষেত্ৰত এই পৰিবহণ মাধ্যমেই আটাইতকৈ সুবিধাজনক । স্থল পৰিবহণে সহজে ঢুকি নােপােৱা দুর্গম স্থানলৈ আৰু প্রাকৃতিক দুর্যোগৰ ফলত স্থল – পৰিবহণ প্রকার্য বিধ্বস্ত হােৱাৰ সময়ত উদ্ধাৰ আৰু সাহাৰ্য্য অভিযানৰ বেলিকা এই পৰিবহণ সেৱা অতি গুৰুত্বপূর্ণ হয় । আকাশী পৰিবহণ ব্যৱস্থাত পথ নির্মাণ আৰু পথ মেৰামতিৰ আদিৰ সমস্যাৰ সম্মুখীন হ’ব লগা নহয় , সেয়ে পৰিবহণ ব্যৱস্থাটোও কোনাে সমস্যাৰ সৃষ্টি নহয় ।
৪০। আন্তঃমহাদেশীয় আকাশী পৰিবহণ ব্যৱস্থাৰ ওপৰত এটি বিস্তৃত বিৱৰণ দিয়া ।
উত্তৰঃ আকাশী পৰিবহণৰ বাণিজ্যিক সেৱা মূলতঃ সংযুক্ত গণৰাজ্যত আৰম্ভ হৈছিল যদিও বর্তমান বিশ্ব প্রায় ৬০ শতাংশ বিমান সেৱাই আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দ্বাৰাহে পৰিচালিত হৈ আছে । বর্তমান পৃথিৱীত ২৫০ টাৰাে অধিক বিমান পৰিবহণ প্রতিষ্ঠানে তেওঁলােকৰ নিয়মীয়া উৰণৰ সহায়ত দেশ – বিদেশৰ প্ৰায়বােৰ গুৰুত্বপূৰ্ণ অৱস্থানকে সংযােগ কৰা দেখা যায় । বর্তমান প্রচলন হ’ব লগীয়া ছুপাৰচনিক পৰ্য্যায়ৰ বিমান সেৱাই মাত্র তিনি ঘণ্টাৰ ভিতৰতে লণ্ডন আৰু নিউয়কৰ মাজৰ দূৰত্ব অতিক্রম কৰিবলৈ সক্ষম হােৱাৰ আশা আছে ।
পৃথিৱীৰ উত্তৰ গােলার্ধত পূৱা পশ্চিমলৈকে আন্তঃমহাদেশীয় বিমান সেৱাৰ কিছুসংখ্যক মূখ্য পথ আছে । যুক্তৰাষ্ট্ৰৰ পূৰ্বাঞ্চল , পশ্চিম ইউৰােপ আৰু দক্ষিণ পূর্ব এছিয়াৰ দেশসমূহক সামৰি এনেধৰণৰ ভালেমান আন্তঃমহাদেশীয় বিমানপথ পােৱা যায় । নিউয়র্ক , লণ্ডন , পেৰিছ , আমষ্টাৰডাম , ফ্রাংকফুট , ৰোম , মস্কো , কৰাচী , দিল্লী , মুম্বাই , বেংকক , ছিংগাপুৰ , টকিঅ ‘ , ছাঁ-ফ্রান্সিক্স’ লছ এঞ্জেলছ আৰু চিকাগাে প্রভৃতি আদর্শ বিমান বন্দৰ সমূহৰ পৰা পৃথিৱীৰ প্ৰায়বােৰ দেশলৈকে বিমান যােগাযােগ পােৱা যায় ।
৪১। পথ পৰিবহণ ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা ।
উত্তৰঃ পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ হলঃ
( ক ) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰবৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আবাসিক অৱস্থান আৰু সকলাে ধৰণৰ আর্থিক কাম – কাজৰ এলেকাকে চুই গৈছে ।
( খ ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী ।
( গ ) পথৰ ওপৰত চলাচল কৰা ট্রাক , বাছ ৰিক্সা , চাইকেল প্রভৃতি বাহনসমূহাে অতি বেছি দামী নহয় কাৰণে যিকোনাে আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে ।
( ঘ ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহন সমূহ ৰখাই যাত্রী বা মালবস্তু উঠা-নমা কৰাৰ বাবে অতিৰিক্ত সেৱান্তক সুবিধা বহু সময়ত নহ’লেও চলে ।
পথ পৰিবহণ ব্যৱস্থাৰঅসুবিধাসমূহঃ ( ক ) পথ পৰিবহণৰ মাধ্যমেৰে সৰহীয়াকৈ যাত্রী কঢ়িয়াওতে আৰু অধিক দূৰত্বলৈ সামগ্রী সৰবৰাহ কৰােতে খৰচৰ মাত্রা অত্যাধিক হাৰত বাঢ়ি যায় ।
( খ ) একেটা পথত বিভিন্ন আকৃতি – প্রকৃতিৰ অসংখ্য গাড়ী – মটৰৰ একে সময়তে চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহত দূর্ঘটনাৰ সম্ভাৱনা দিনে দিনে বৃদ্ধি পাই আহিছে ।
৪২। কোনবিলাক কাৰণৰ বাবে প্রাচীন কালৰ পৰা বৰ্তমানলৈকে পথ পৰিবহণ ব্যৱস্থাটোৰ বিকাশ ঘটি সহজলব্ধ আৰু জনপ্রিয় পৰিবহণ ব্যৱস্থা হৈছে ?
উত্তৰঃ প্রাচীনকালৰ পৰা বৰ্তমানলৈকে পথপৰিবহণ ব্যৱস্থাটো সহজলভ্য আৰু জলপ্রিয় হােৱাৰ কাৰণসমূহ হ’লঃ
( ক ) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু বৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আবাসিক অৱস্থান আৰু সকলাে ধৰণৰ আর্থিক কাম – কাজৰ এলেকাকে চুই গৈছে ।
( খ ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী ।
( গ ) পথৰ ওপৰত চলাচল কৰা ট্রাক , বাছ , ৰিক্সা , চাইকেল প্রভৃতি বাহনসমূহো অতি বেছি দামী নহয় কাৰণে যিকোনাে আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে ।
( ঘ ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্রী বা মালবস্তু উঠা-নমা কৰাৰ বাবে অতিৰিক্ত সেৱান্তক সুবিধা বহু সময়ত নহ’লেও চলে ।
( ঙ ) বহু ক্ষেত্ৰত এই পথ পৰিবহণৰ সহায় নােলােৱাকৈ আন কোনাে পৰিবহণ ব্যৱস্থা চলি থাকিব নােৱাৰে । কাৰণ উৎপাদন , বসতি , উদ্যোগ আৰু যিকোনাে ধৰণৰ কর্মস্থলীৰ সৰহভাগ ঠাই কেৱল পথ পৰিবহণেহে চুই যাব পাৰে ।
৪৩। পৃথিৱীৰ ৰেল পৰিবহণ ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা ।
উত্তৰঃ মহাদেশীয় পৰিসৰত মাটিকালি অনুপাতে ইউৰােপ মহাদেশতেই অধিক ৰেলপথ আছে । মহাদেশ খনৰ সৰ্বমুঠ ৰেলপথৰ দৈর্ঘ্য ৪.৪ লাখ কিলােমিটাৰ । বেলজিয়ামকে ধৰি মহাদেশখনৰ ভালেমান অঞ্চলত ৰেলপথৰ ঘনত্বও প্রতি এশ বর্গকিলােমিটাৰ ভূমিৰ বিপৰীতে ১৫.৩৮ কিলােমিটাৰ পর্যন্ত হােৱা দেখা যায় । সমগ্র ইউৰােপ মহাদেশতে ৰেল পৰিবহণ ব্যৱস্থাত সামগ্রী সৰবৰাহৰ তুলনাত যাত্রী সৰবৰাহৰ প্রতি অধিক মনােনিৱেশ কৰা দেখা যায় । ইউৰােপৰ আনবােৰ দেশৰ লগত ব্যতিক্রমী বুলিব পৰাকৈ ৰাছিয়াৰ ৰেলপথসমূহৰ ওপৰত যাত্রী পৰিবহণৰ সমান্তৰাল ভাৱেই বৃহৎ পৰিমাণৰ দূৰগামী পণ্য সামগ্রীৰ পৰিবহণ কার্যত অগ্রাধিকাৰ দিয়া হয় । এই দেশত লৌহ , আকৰ , খাদ্য – শস্য , কাঠ আৰু যন্ত্রপাতি প্রভৃতি দ্রব্যসমূহ সহকার্য প্রধানভাৱে ৰেলকেন্দ্রিক ।
উত্তৰ আমেৰিকা মহাদেশৰ ৰেল পৰিবহণ পৰিক্ৰমাটো অধিক মাত্ৰাত মাল পবিহণকেন্দ্রীক । ইয়াৰে কনাডাত মহাদেশখনৰ ভিতৰতে ৰেলপথৰ ঘনত্ব সর্বাধিক কানাডাৰ ৰেল পৰিবহণ পৰিক্ৰমাটো ভাৰতৰ অনুৰূপ ৰাজহুৱা খণ্ডৰ উদ্যোগ । ঘাইকৈ দেশখনৰ বিৰল বসতিৰ এলেকাসমূহৰ মাজেৰে আগুৱাই যােৱা এইসমূহ ৰেলপথেৰে কয়লা আৰু ঘেঁহু সৰবৰাহ কৰা হয় । দক্ষিণ আমেৰিকা মহাদেশৰ পাম্পাছ অঞ্চলৰ লগতে ব্রাজিলৰ কফি খেতিৰ অঞ্চলসমূহৰ মাজত মহাদেশখনৰ ৪০ শতাংশ ৰেলপথ সিচৰিত হৈ আছে ।
পৃথিৱীৰ দ্বিতীয় বৃহৎ মহাদেশ আফ্রিকাত সৰ্বমুঠ ৪০,০০০ কিলােমিটাৰ ৰেলপথহে পোৱা যায় । ইয়াৰ ভিতৰতে দক্ষিণ আফ্রিকাৰ সােণ , হীৰা , আৰু তামৰ খনিসমূহক সংযােগ কৰা ৰেলপথৰ মুঠ দৈর্ঘ্যই হৈছে ১৮,০০০ কিলােমিটাৰ ।
এছিয়া মহাদেশৰ চীন , জাপান , ভাৰত , বাংলাদেশ প্রভৃতি দেশসমূহত ৰেলপথৰ ঘন জালিকা পোৱা যায় । পাকিস্তান , ম্যানমাৰ , আফগানিস্তান , শ্রীলংকা , মধ্য প্রাচ্যৰ দেশসমূহ আৰু মহাদেশীয় এক্ষিণ – পূৱ এছিয়া আৰু এছিয়াৰ অন্তৰ্গত ৰাছিয়াৰ ভূ – ভাগত কম – বেছি পৰিমাণে ৰেল পৰিবহণৰ প্রচলন দেখা যায় । এই সমূহ দেশৰ ভিতৰত চীন আৰু ভাৰতৰ বাবে ৰেল পৰিবহণ হৈছে একেধাৰে যাত্ৰী , সামগ্ৰী আৰু সামৰিক পৰিবহণৰ মাধ্যম । জাপানৰ অতি বেগী ৰেলসমূহ যাত্ৰী পৰিবহণৰ শক্তিশালী মাধ্যম । বাংলাদেশ , শ্রীলংকা , ম্যানমাৰ আৰু পাকিস্তানৰ ৰেল সৰিবহণ প্রণালীসমূহ আশানুৰূপ সবল অথবা আধুনিক নহয় যদিও কম – বেছি পৰিমাণে ভাৰতীয় আৰ্হিপুষ্ট।
৩৫। পৃথিৱীৰ বিভিন্ন সাগৰীয় পথসমূহৰ মূখ্য বৈশিষ্ট্যসমূহ আলােচনা কৰা ।
উত্তৰঃ বিশ্বৰ প্ৰধান সাগৰীয় পথসমূহৰ বৈশিষ্ট্যসমূহ তলত আলােচনা কৰা হ’লঃ
( ক ) উত্তৰ আটলান্টিক সমুদ্র পথ :- এই সমুদ্র পথটো বিশ্বৰ ভিতৰতে ব্যস্ততম বাণিজ্যিক পথৰূপে বিবেচিত । কাৰণ , এইটো সমুদ্রপথে পশ্চিম ইউৰােপৰ উদ্যোগ প্রধান দেশসমূহত অবস্থিত গ্লাচগ ’ , লিভাৰপুল , মানচেষ্টাৰ , ছাউথাম্পটন , লণ্ডন , লিচবন , লেনিনগ্রেড , হামবার্গ , আমষ্টাৰডাম , ব্রাডেক্স প্রভৃতি বন্দৰ সমূহক উত্তৰ আমেৰিকাৰ ছেন্টজন । হালিফক্স , ব’ষ্টন , ‘ নউয়ক , ব্লাটিমােৰ , উইলিংটন প্রভৃতি কৃষিজাত , খনিজাত আৰু শিল্পজাত দ্রব্যৰে সমৃদ্ধ পশ্চাদভূমিৰ বহুসংখ্যক বন্দৰৰ সৈতে পােনপটীয়াকৈ সংযােগ কৰিছে ।
( খ ) ভূমধ্য সাগৰীয় চুৱেজ এছিয়াগামী পথঃ বিশ্বৰ প্ৰায় আশী শতাংশ লােকৰ বাসভূমি তথা প্ৰাগ ঐতিহাসিক যুগৰ পৰা নিৰৱিছিন্ন ভাৱে প্ৰৱাহিত মানৱ সভ্যতাৰ বাহক দেশসমূহক এই সমুদ্র পথটোৱে সংযােগ কৰিছে । এথেন্স , আলেক জেন্দ্রিয়া , এডেন , কৰাচী , মুম্বাই , কলম্বাে , ইংগাপুৰ , হংকং , চাংহাই , য়াকোহামা আৰু ব্লাডিভষ্টক এই ভূমধ্য সাগৰীয় চুৱেজ এছিয়াগামী প্ৰথৰ উল্লেখযােগ্য বন্দৰ । পাশ্চাত্য আৰু সুদূৰ প্ৰাচ্য সংযােগী এইটো সমুদ্র পথে সমগ্র পুৰণি পৃথিৱীক এক অবিচ্ছেদ্য আর্থ – সামাজিক মণ্ডলৰূপে বান্ধি ৰাখিছে ।
( গ ) অন্তৰীপ পথঃ চুৱেজ খাল মুকলি হােৱাৰ আগলৈকে এই উত্তৰমাশা অন্তৰীপ পথেই বাচ্য – পাশ্চাত্য সংযােগী একমাত্র সমুদ্রপথ আছিল । অষ্ট্রেলিয়াৰ ছিডনি , মেলবর্ণ প্রভৃতি বন্দৰ সমূহৰ লগত নিউজিলেণ্ড উপকূল আৰু ইউৰােপীয় দেশসমূহৰ মাজৰ বাণিজ্যিক পৰিবহণ উদ্দেশ্যে এতিয়াও চুৱেজখাল পথতকৈ অধিক সুবিধাজনক বিবেচিত হৈ আছে । অষ্ট্রেলিয় সুদূৰ প্ৰাচ্য অথবা ভাৰত উপমহাদেশ আৰু পশ্চিম ইউৰােপৰ মাজত যাতায়াত কৰা বৃহ পৰিমাণৰ বােজাবাহী ডাঙৰ জাহাজবােৰ সংকীর্ণ খাল পথেৰে অহা যােৱা কৰা সম্ভৱ নহয় সেয়েহে এনে ক্ষেত্ৰত এই অন্তৰীপ পথেই সুবিধাজনক হয় ।
( ঘ ) দক্ষিণ আটলান্টিক পথঃ এই পথে সংযােগ কৰা আফ্রিকা আৰু দক্ষিণ আমেৰিকা কোনােটো ভূখণ্ডই জলবহুল অথবা উল্লেখযােগ্যভাৱে সম্পদ সমৃদ্ধ নােহােৱা বাবে এই সমুদ্ৰ পথত যাতায়াতৰ পৰিমাণ নিচেই সীমিত ।
( ঙ ) উত্তৰ প্রশান্ত মহাসাগৰীয় পথ :- এই পথে উত্তৰ আমেৰিকাৰ পশ্চিম উপকূল অৱস্থিত ৱেংকুৰ , চিট’ল , প’ৰ্টলেণ্ড , ছ – ফ্রান্সিক্স ’ , লছ এঞ্জেলচ প্রভৃতি বন্দৰ সমূহক পূৱ এছিয়াৰ য়াকোহামা , কোবে , ছাংহাই , হংকং , মেনিলা , ছিংগাপুৰ প্রভৃতি বন্দৰ সমূহৰ লগত সংযােগ কৰে ।
( চ ) দক্ষিণ প্রশান্ত মহাসাগৰীয় পথ :- এই পথত ন্ত্রত পানামা খালৰ মাজেৰে উত্তৰ আমেৰিকাৰ পূব উপকূল আৰু পশ্চিম ইউৰােপৰ বন্দৰ সমূহক প্রশান্ত মহাসাগৰৰ দক্ষিণ এলেকাৰে অষ্ট্রেলিয়া , নিউজিলেণ্ড আৰু প্রশান্ত মহাসাগৰীয় সৰু সৰু দ্বীপ – দ্বীপপুঞ্জৰ লগ সংযােগ কৰিছে । হংকং, ফিলিপাইন আৰু ইণ্ডোনেছিয়াৰ লগত পানামা খালেৰে আটলান্টি উপকূলক সংযােগ কৰাৰ ক্ষেত্ৰত এইটো পথ অন্তৰীপ পথৰ বিকল্প যেন হৈ উঠে ।
৩৬। আভ্যন্তৰীণ জল পৰিবহণৰ ওপৰত এটি টোকা লিখা ।
উত্তৰঃ নদ – নদী , হ্রদ আদি প্রাকৃতিক জলাশয় সমূহৰ উপৰিও মানুহে খান্দি উলিওৱ খালসমূহৰ জলপৃষ্ঠ নাও , জাহাজ আদি চলাচলৰ বাবে ব্যৱহাৰ কৰা হয় । স্থলভাগৰ মাজত অৱস্থিত এনেবােৰ জলাশয়ক আশ্রয় কৰি গঢ়ি উঠা জল পৰিবহণ ব্যৱস্থাক আভ্যন্তৰীণ জল পৰিবহণ বুলি কোৱা হয় । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাক সামৰি লােৱা হ্রদ অঞ্চল নামে প্রখ্যাত চুপিৰিয়ৰ , মিচিগান , হিউন , ইৰি আৰু ওন্টেৰিও প্রভৃতি পৰস্পৰ সংযুক্ত সুবৃহৎ , হ্রদ সমূহক কেন্দ্ৰ কৰি উত্তৰ – পূৱে ছেন্ট লেৰেন্স নদীয়েদি আটলান্টিক লৈকে আৰু দক্ষিণে ইলিনইজ খালেৰে মিছিছিপি নদীৰ নিম্ন ভাগকলৈ মেক্সিকো উপসাগৰলৈকে ধাৰাবাহিক ভাবে কিছুমান জলাশয় আছে ।
এই জলাশয় সমূহক আশ্রয় কৰি সমগ্ৰ উত্তৰ আমেৰিকা মহাদেশত মুঠতে ১৯,২০০ কিলােমিটাৰ আভ্যন্তৰীণ জলপথ সৃষ্টি হৈছে । এই জলপথ ব্যৱস্থাটোকে বর্তমান পৃথিৱীৰ একমাত্র সুবিধাজনক আভ্যন্তৰীণ জল – পৰিবহণ ব্যৱস্থা বুলি ক’ব পাৰি । আমাজান , গংগা , ব্রহ্মপুত্র নিম্নগতি অঞ্চল , ইৰাৱতী নদী প্রভৃতি নদ-নদী সমূহক কেন্দ্ৰ কৰি আভ্যন্তৰীণ দল পৰিবহণ ব্যৱস্থা এতিয়াও বহুতাে অঞ্চলত বর্তি আছে যদিও দেখা যায় যে বিশ্বৰ প্রায় তিটো অঞ্চলতে স্থল পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ লগে লগে সেইবােৰ অঞ্চলত আগৰে পৰা হাল থকা আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা ক্রমান্বয়ে দুর্বল হৈ পৰিছে । অতিপাত মন্থৰ প্ৰতি সকলাে ধৰণৰ যাতায়াতৰ সম্ভাৱনা থকা ঠাইবােৰ স্পৰ্শ কৰাৰ অক্ষমতা আৰু সেৱান্তক কাম – কাজ পৰিচালনা কৰাৰ খৰচ অতি মাত্রা হােৱাটোৱেই এই পৰিবহণ ব্যৱস্থাৰ অনগ্ৰসৰতাৰ ঘাই কাৰণ।
৩৭। উপগ্রহ যােগাযােগ ব্যৱস্থাই যােগাযােগৰ ক্ষেত্ৰখনত কিদৰে বৈপ্লৱিক পৰিৱৰ্তন আনিছে আলােচনা কৰা ।
উত্তৰঃ পৃথিৱীৰ অতি কমেও ১০০ কোটি লােকেই বর্তমান সময়ত যােগাযােগ সেৱাৰ ক্ষত্ৰত উপগ্রহ পৰিচালিত ইণ্টাৰনেট ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে । আকাশত নিক্ষেপ কৰা কৃত্রিম উপগ্রহ সমূহত তথ্যৰ গ্ৰাহক আৰু প্ৰতিফলক যন্ত্র সংস্থাপন কৰি এই কাম অতি কম খৰচতে সহজে সমাধান কৰা হয় । উপগ্রহ যােগাযােগ ব্যৱস্থাৰ সহায়ত অনাতাৰ , দূৰভাষ , দূৰদর্শন , ইণ্টাৰনেট প্রভৃতি মাধ্যমসমূহৰ যােগেদি বার্তা , তথ্য , অনুভূতি প্রভৃতি যিকোনাে ধৰণৰ ভাৱকে শব্দ , চিত্র প্রভৃতিৰ মাধ্যমত প্ৰেৰক সকলে সুনির্দিষ্ট গ্রাহকক উদ্দেশ্য কৰি প্রেৰণ কৰিব পাৰে । এনেবােৰ পদ্ধতিৰ যােগাযােগত দূৰত্ব অতিক্রম কৰাৰ কাৰণে কোনাে ধৰণৰ সময়ৰ প্ৰয়ােজন নহয় । প্রেৰক যন্ত্রই প্রেৰণ কৰা চিত্র , শব্দ , বর্ণ প্রভৃতি সংকেত সমূহ তৎমহুর্ততে সুনির্দিষ্ট গ্রাহক যন্ত্রৰ যোগদি যথাযথ ৰূপত প্রকৃত গ্রাহকজনে লাভ কৰিব পাৰে ।
৩৮৷ উত্তৰ আটলান্টিক সমুদ্রপথৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ পৃথিৱীৰ সকলোবােৰ সমুদ্রপথৰ ভিতৰত উত্তৰ আটলান্টিক সমুদ্র পথটোৱেই হৈছে ব্যস্ততম বাণিজ্যিক পথৰূপে বিবেচিত । কাৰণ , এইটো সমুদ্র পথে পশ্চিম ইউৰোপৰ উদ্যোগ প্রধান দেশসমূহত অৱস্থিত গ্লাচগ ’ , লিভাৰপুল , মানচেণ্টাৰ , চাউথাম্পটন , লণ্ডন , লিচবন , লেনিনগ্রেড , হামবার্গ , আমষ্টাৰডাম , ব্রডেক্স প্রভৃতি বন্দৰ সমূহক উত্তৰ আমেৰিকাৰ ছেণ্টজন , হালিফক্স , কেষ্ট , নিউয়র্ক , ক্লটিমােৰ , উইলিংটন প্রভৃতি কৃষিজাত , খনিজাত আৰু শিল্পজাত দ্রব্যৰে সমৃদ্ধ পশ্চাদ ভূমিৰ বহু সংখ্যক বন্দৰৰ সৈতে পােনপটীয়াকৈ সংযােগ কৰিছে । সেয়েহে , এইটো সমুদ্রপথৰ ওপৰত যাতায়ত কৰা মুঠ বৈদেশিক বাণিজ্যৰ পৰিমাণ আন যিকোনো বাণিজ্য পথৰ তুলনাত বহুত বেছি । পৃথিৱীৰ মুঠ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অতি কমেও এক চতুর্থাংশ সামগ্ৰীৰ এই সমুদ্র পথেৰে সৰবৰাহ ঘটে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


