Class 12 Geography Unit 26 আন্তর্জাতিক বাণিজ্য

Class 12 Geography Unit 26 আন্তর্জাতিক বাণিজ্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 26 আন্তর্জাতিক বাণিজ্য and select needs one.

Class 12 Geography Unit 26 আন্তর্জাতিক বাণিজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 26 আন্তর্জাতিক বাণিজ্য Solutions for All Subject, You can practice these here…

আন্তর্জাতিক বাণিজ্য

অধ্যায় – ২৬

তৃতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱা :

১ তলৰ কোনটো পােতাশ্রয় স্থলভাগৰ মাজত অৱস্থিত ? 

( i ) মুম্বাই ।

( ii ) বিশাখাপট্টনম ।

( iii ) এন্দুৰ । আৰু

( iv ) হালদিয়া ।

উত্তৰঃ ( ii ) বিশাখাপট্টনম । 

২৷ দুখন ৰাষ্ট্রৰ মাজত সম্পন্ন হােৱা বাণিজ্য হ’ল– 

( i ) আভ্যন্তৰীণ বাণিজ্য ।

( ii ) আন্তর্জাতিক বাণিজ্য ।

( iii ) বহি:বাণিজ্য । আৰু

( iv ) স্থানীয় বাণিজ্য ।

উত্তৰঃ ( ii ) আন্তর্জাতিক বাণিজ্য । 

৩। ভাৰতবৰ্ষৰ সর্বাধিক বৈদেশিক বাণিজ্য চলাচল হ’ল — 

( i ) স্থল আৰু আকাশী পথেৰে ।

( ii ) স্থল আৰু জলভাগেৰে ।

( iii ) জল আৰু আকাশী পথেৰে । আৰু

( iv ) জল পথেৰে ।

উত্তৰঃ ( iii ) জল আৰু আকাশী পথেৰে ।

৪। ২০০৪-০৫ চনৰ মতে ভাৰতবৰ্ষৰ সবাতােকৈ বৃহৎ বাণিজ্যিক অংশীদাৰ হ’ল— 

( i ) ব্রিটিছ যুক্ত ৰাষ্ট্র । 

( ii ) আমেৰিকা যুক্তৰাষ্ট্র ।

( iii ) চীন দেশ । আৰু

( iv ) জার্মানী ।

উত্তৰঃ ( ii ) আমেৰিকা যুক্তৰাষ্ট্র ।

৫। ভাৰতবৰ্ষৰ আন্তর্জাতিক বাণিজ্যৰ মুখ্য বৈশিষ্ট্য কি ? 

উত্তৰঃ ভাৰতবৰ্ষৰ আন্তর্জাতিক বাণিজ্যৰ ক্ষেত্ৰত ৰপ্তানিৰ তুলনাত আমদানিৰ পৰিমাণ যথেষ্ট বেছি । 

৬। পশ্চাৎভূমি কি ? 

উত্তৰঃ বন্দৰ এটাৰে ৰপ্তানি হােৱা সামগ্রীবােৰ যিটো অঞ্চলৰ পৰা সংগ্ৰহ কৰা হয় আৰু আমদানি কৰা সামগ্রীবােৰ যিটো অঞ্চলত বিতৰণ কৰা হয় সেই অঞ্চলটোকে বন্দৰটোৰ পশ্চাৎভুমি বােলে । 

৭৷ ভাৰতৰ পূৱ উপকুলত থকা বন্দৰৰ নাম লিখা । 

উত্তৰঃ ভাৰতৰ পূৱ উপকূলত থকা বন্দৰসমূহ হ’ল— চেন্নাই , এন্নড় , বিশাখাপট্টনম , পাড়াদ্বীপ , হলদিয়া আৰু কলিকতা । 

৮। বন্দৰ আৰু পােতাশ্ৰয়ৰ পার্থক্য কি ? 

উত্তৰঃ বন্দৰসমূহত নানাবিধ সা – সামগ্ৰী আৰু মানুহ জাহাজত উঠানমা কৰে । আনহাতে , পােতাশ্রয়সমূহত যাত্রী আৰু সা – সামগ্রী উঠানামা কৰাৰ উপৰিও সাগৰীয় জাহাজবােৰ দীর্ঘ দিনৰ বাবে ৰখা হয় । 

৯। ভাৰতবৰ্ষই বিভিন্ন দেশৰ পৰা আমদানি কৰা গুৰুত্বপূর্ণ সামগ্ৰীসমূহ লিখা । 

উত্তৰঃ ভাৰতবৰ্ষই বিভিন্ন দেশৰ পৰা আমদানি কৰা সামগ্ৰীসমূহৰ ভিতৰত ট্রেলিয়া আৰু ট্রেলজাত দ্রব্যৰ আমদানিয়েই সর্বাধিক । ইয়াৰ উপৰিও যান – বাহনৰ যন্ত্রাংশু , ধাতুৰ সা – সামগ্ৰী আৰু অ – বৈদ্যুতিক সৰঞ্জাম আমদানি কৰা হয় । 

চমু উত্তৰ লিখা

১০। ভাৰতবৰ্ষৰ আমদানি বাণিজ্যৰ পৰিবৰ্তনৰ ওপৰত এটি টোকা যুগুত কৰা ৷ 

উত্তৰঃ ১৯৫০ আৰু ১৯৬০ দশক দুটাত ভাৰতত খাদ্যশস্যৰ ব্যাপক নাটনি ঘটিছিল । সেয়েহে , দুয়ােটা দশকতে যন্ত্রপাতি , ঔদ্যোগিক সৰঞ্জাম আৰু শিল্পজাত পৰিসজ্জিত দ্রব্যসমূহ উপৰিও বুজন পৰিমাণৰ খাদ্য – শস্য আমদানি কৰাৰ বিপৰীতে সমমূল্যৰ দ্ৰব্য দেশখনৰ পৰা ৰপ্তানি কৰা সম্ভৱ নহৈছিল । 

সত্তৰৰ দশকটোৰ পাছত দেশখনত সেউজ বিপ্লৱৰ সফলতাৰ , কাৰণেই খাদ্য শস্যৰ আমদানি কালক্ৰমত সম্পূর্ণ বন্ধ হ’ল । কিন্তু , একে সময়তে খনিজ তেলৰ মূল্যবৃদ্ধি ঘটাৰ ফলত ১৯৭৩ চনৰ পাছৰ পৰা খনিজ তেল আমদানি কার্য নিয়মীয়াভাৱেই ৰপ্তানিৰ সীমা চেৰাই যােৱা পৰিসৰৰ আমদানি অব্যাহত ৰাখিলে । ইফানে খাদ্য – শস্যৰ পৰিৱৰ্তে ৰাসায়নিক সাৰৰ আমদানি বৃদ্ধি পাবলৈ ধৰিলে । তদুপৰি দেশৰ পৰম্পৰাগত আমদানি সম্ভাৰ হিচাবে নানাবিধ যন্ত্রপাতি , বিশেষ জাতৰ তীখা , খােৱা তেল , ৰাসায়নিক দ্রব্য প্রভৃতিৰ আমদানি প্রায় পূর্বৰ গতিত অব্যাহত থাকিল । 

১১। ভাৰতৰ আন্তর্জাতিক বাণিজ্যৰ পৰিবৰ্তনৰ ওপৰত এটি আলােচনা কৰা ৷ 

উত্তৰঃ ১৯৫০-৫১ চনত ভাৰতৰ মুঠ বৈদেশিক বাণিজ্যৰ পৰিসৰ মাত্র ১২১৪ কোটি টকা আছিল যদিও ২০০৬-০৭ চনত ইয়াৰ পৰিমাণ ১,৩৮৪,৩৬৮ কোটি টকালৈ বৃদ্ধি পাইছে । ১৯৯০-৯১ চনৰ পৰাই দেশৰ আমদানি আৰু ৰপ্তানি দুয়ােটাৰে পৰিমাণ ক্রমশঃ বৃদ্ধি পাই আহিছে যদিও আমদানিৰ সমান নিৰিখত দেশৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পােৱা নাই । ফলত , বৈদেশিক বাণিজ্যৰ ক্রমবর্ধমান গতিত ঘাটিৰ সৃষ্টি হৈছে । ১৯৯০-৯১ চনত দেশৰ এনে বাণিজ্যিক ঘাটিৰ পৰিমাণ ১০৬৩৫ কোটি টকা আছিল যদিও ২০০৬-০৭ চন বৰ্ষটোত উক্ত ৰাশি ২৫৬,৭৬৪ কোটি টকালৈ বৃদ্ধি হৈছে । দেশখনলৈ কৃষিজাত দ্রব্য আৰু কৃষিখণ্ডৰ অন্যান্য আহিলা – পাতি আমদানিৰ পৰিমাণ কমি অহাৰ বিপৰীতে খনিজ তেল আমদানি ক্ষিপ্র গতিত বৃদ্ধি পাবলৈ ধৰিছে । 

১২৷ ভাৰতৰ বিমান বন্দৰৰ সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ আন্তৰাষ্ট্ৰীয় বাণিজ্যত বিমান বন্দৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । ভাৰতত সৰ্বমুঠ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু ১১৪ টা আভ্যন্তৰীণ বিমান বন্দৰ আছে । আহমেদাবাদ , অমৃতসৰ , বাংগালুৰ , চেন্নাই , দিল্লী , ডাবলি , গুৱাহাটী , হায়দাবাদ , কোচিন , কলিকতা , মুম্বাই আৰু তিৰুৱনন্তপুৰম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় পৰিসৰৰ সেৱাদায়ী বিমান বন্দৰ । দেশৰ আনবােৰ বিমান  বন্দৰ দেশখনৰ প্ৰায় সকলাে এলেকাৰে সিচৰিত অৱস্থাত পােৱা যায় । 

১৩। ভাৰতৰ পূর্ব উপকূলৰ দুটা প্রধান বন্দৰৰ নাম লিখা । 

উত্তৰঃ কাণ্ডালা বন্দৰ আৰু মুম্বাই বন্দৰ ।

১৪৷ সামুদ্রিক বন্দৰসমূহ কেনেকৈ আন্তর্জাতিক বাণিজ্যৰ প্ৰৱেশদাৰ হয় ? 

উত্তৰঃ ভাৰতৰ অধিকাংশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেন সমুদ্রপথ আৰু বিমানপথেৰে সম্পাদন কৰা হয় । পাকিস্তান , নেপাল , ভূটান আৰু বাংলাদেশৰ লগত অতিশয় নগণ্য পৰিমাণৰ বাণিজ্যহে স্থলপথেৰে সম্ভৱপৰ হয় । গতিকে , পৃথিৱীৰ বাকীবােৰ দেশৰ লগত বৈদেশিক লেনদেনৰ বেলিকা ভাৰতে ঘাইকৈ দেশৰ মূল ভূভাগৰ ৬,১০০ কিলােমিটাৰ দীঘল উপকূল ৰেখাৰ ওপৰত অৱস্থিত বিভিন্ন বন্দৰ গাহৰ সুবিধা গ্রহণ কৰে । 

ভাৰতৰ উপকূল অৱস্থানত ১২ টা বৃহৎ বন্দৰৰ উপৰি প্রায় ২০০ টা ক্ষুদ্র আৰু মজলীয়া আকাৰৰ বন্দৰ আছে । ভাৰতৰ উপকূল অৱস্থানত বন্দৰ গঢ়ি উঠাৰ পৰম্পৰা প্ৰাক ঐতিহাসিক গিতে আৰম্ভ হৈছে । 

প্রাচীনকালৰে পৰা এই ভাৰতৰ উপকূলত ভালেমান বন্দৰ গঢ়ি উঠিছিল যদিও আধুনিক নাচৰ প্ৰতিটো বন্দৰেই বিগত তিনিশ বছৰৰ ভিতৰত বৃটিছ ঔপনিবেশীয় আৰ্হিৰে পুনৰ গঠন হাৱা বুলিয়েই ক’ব পাৰি ৷ বৃটিছসকলে ভাৰতৰ বন্দৰসমূহক ইহঁতৰ নিজ নিজ পশ্চাৎভূমি লেকাৰ সম্পদ সংগ্রহ কেন্দ্ৰৰূপে গঢ়ি তুলিছিল । সেয়েহে প্ৰতিটো প্রধান বন্দৰৰ পৰা বৃক্ষৰূপী মাৰ্হিত ৰে’লপথৰ সম্প্ৰসাৰণ ঘটোৱা হৈছিল । ভাৰতৰ সৰ্বমুঠ ১২ টা বৃহৎ বন্দৰেদি কার্যতঃ দশৰ ৭৫ শতাংশ সামুদ্রিক যাতায়ত সম্পাদন হােৱা দেখা যায় । এনে স্থলত এনেবােৰ বন্দৰৰ প্ৰকাৰ্যৰ পৰিসৰ বৃদ্ধি পাইছে । 

ওপৰৰ আলােচনাৰ পৰা দেখা যায় যে ঐতিহাসিক কালৰ পৰা বৰ্তমান সময়লৈকে ভাৰতৰ আন্তর্জাতিক বাণিজ্যসমূহ সমুদ্র পথেৰেই সম্পাদন হৈ আহিছে । সেয়েহে সামুদ্রিক বন্দৰ সমূহক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

দীঘল প্রশ্নৰ উত্তৰ

১৫। ভাৰতবৰ্ষৰ আমদানি আৰু ৰপ্তানী বাণিজ্য সম্পর্কে আলােচনা কৰা ৷ 

উত্তৰঃ দেশৰ আমদানিকৃত দ্রব্যসমূহৰ ভিতৰত পেট্রলিয়াম অথবা পেট্রলজাত দ্রব্যৰ আমদানি সর্বাধিক মাত্রা বৃদ্ধি পােৱা দেখা গৈছে । দেশত ৰপ্তানিযােগ্য সম্পদ সৃষ্টি আৰু বিশ্বমানৰ ঔদ্যোগিক সম্পদ উৎপাদন কৰাৰ উদ্দেশ্যে মূলধনী সম্পদৰ আমদানিও বৃদ্ধি পাই আছে । এই মূলধনী সম্পদসমূহৰ ভিতৰত আছে যান – বাহনৰ যন্ত্রাংশ , ধাতুৰ সামগ্ৰী আৰু কিছুমান অ – বৈদ্যুতিক সৰঞ্জাম । খােৱা তেলৰ আমদানি হ্রাস ঘটাৰ লগে লগেই দেশত মুঠ খাদ্য সম্ভাৰৰ আমদানিও যথেষ্ট কমি যােৱা দেখা যায় । দেশৰ আনবােৰ উল্লেখযােগ্য আমদানি দ্রব্যসমূহ হ’ল — কাগজৰ মণ্ড , অলৌহ ধাতু , মাহ জাতীয় শস্য , ঔষধ আৰু ঔষধৰ কেঁচামাল । কপাহ ভিন্ন আঁহ , বৈদ্যুতিক আহিলা , সােণ , ৰূপ , কাঠৰ সামগ্রী , মূল্যবান পাথৰ , মুকুতা আৰু বিশেষ জাতৰ তীখা আদি । 

যােৱাটো দশকত ভাৰতৰ কৃষিজাত দ্রব্যকে ধৰি কিছুমান ৰপ্তানিৰ পৰিমাণ কমি অহা দেখা যায় । মুঠ উৎপাদন জনসংখ্যা বৃদ্ধি অনুপাতে বাঢ়ি নােযােৱাৰ কাৰণেই মাহ জাতীয় শস্যৰ ৰপ্তানি কমিছে । কিন্তু , ইয়াৰ মাজতে ফলমূল , ফুল , চেনী আৰু মাছ প্রভৃতি সামুদ্রিক সম্পদৰ ৰপ্তানি বৃদ্ধি পাই আছে । ভাৰতৰ পৰা ৰপ্তানি কৰা অভিযান্ত্রিক সৰঞ্জামৰ বৈচিত্র্য আৰু মুঠ পৰিমাণ ক্ষিপ্রগতিত বৃদ্ধি হােৱা দেখা যায় । 

চীন দেশকে ধৰি পূৱ এছিয়াৰ কেইবাখনাে ৰাষ্ট্ৰই কপাহী কাপােৰৰ ৰপ্তানি আৰম্ভ কৰাৰ লগে লগে ভাৰতৰ পৰা এইবিধ সামগ্ৰীৰ ৰপ্তানি কিছু হলেও বাধাগ্রস্ত হৈছে । মণি – মুকুতা আৰু অলংকাৰ প্ৰভৃতি দ্ৰব্য ৰপ্তানিৰ ক্ষেত্ৰত অৱশ্যে ভাৰতে কম বেছি পৰিমাণে পৰম্পৰাগত স্থিতি বাহাল ৰাখিছে । ভাৰতৰ ৰপ্তানি দ্রব্যসমূহৰ ভিতৰত অভিযান্ত্রিক সৰঞ্জাম , মুকুতা আৰু অলংকাৰ , ৰাসায়নিক দ্রব্য , বস্ত্রসম্ভাৰ , ট্রেলজাত দ্রব্য , কৃষিজাত দ্রব্য , ধাতব আকৰ আৰু চামৰাৰ সামগ্ৰীয়েই প্রধান । ইয়াৰ উপৰিও আন আন দ্রব্যসমূহৰ ভিতৰত চাহ , কফি , মাছ, মাছৰ চর্বি , খেলা সামগ্রী , বৈদ্যুতিক সৰঞ্জাম , খাদী আৰু কুটীৰ শিল্পৰ সম্ভাৰ , দলিচা , কপাহ প্রভৃতি দ্রব্যসমূহ । 

১৬। ভাৰতৰ আন্তর্জাতিক বাণিজ্যৰ দিশ সম্পর্কে বর্ণনা কৰা ৷

উত্তৰঃ পৃথিৱীৰ বহু সংখ্যক ৰাষ্ট্ৰ আৰু বাণিজ্য গােটৰ লগত ভাৰতৰ দ্বিপাক্ষিক অথবা বহুপাক্ষিক বাণিজ্যিক সম্পর্ক স্থাপিত হৈছে । ভাৰতৰ সৈতে আমদানিৰ সম্পৰ্ক ৰক্ষাকাৰী পৃথিৱীৰ প্রধান অঞ্চলবােৰ হ’ল – পশ্চিম ইউৰোপ , ৰাছিয়া আৰু বাল্টিক সাগৰীয় দেশসমূহ , এছিয়া আৰু অষ্টেলিয়া , আফ্রিকা , উত্তৰ আমেৰিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহ । আমদানি সংযােগৰ ক্ষেত্ৰত দেখা যায় যে ভাৰতৰ মুঠ আমদানিৰ ৪৮.১৪ শতাংশই এছিয়া আৰু অষ্ট্রেলিয়া দেশসমূহৰ পৰা অহা । পশ্চিম ইউৰােপৰ ওপৰত ভাৰত মুঠ ৰাষ্ট্ৰীয় আমদানি ৩০.৭৩ শতাংশ নির্ভৰশীল হৈ থকা দেখা যায় । ৰপ্তানিৰ ক্ষেত্ৰত দেশৰ মুঠ ৰপ্তানিৰ ৪৭.৪১ শতাংশ এছিয়া আৰু অষ্ট্রেলিয়ামুখী , ২৩.৮০ শতাংশ পশ্চিম ইউৰােপ গামী আৰু ২০.৪২ শতাংশ উত্তৰ আমেৰিকা অভিমূখী হােৱা দেখা যায় । 

আমেৰিকা যুক্তৰাষ্ট্ৰ হ’ল ভাৰতৰ সর্ববৃহৎ বাণিজ্যিক লেনদেনকাৰী ৰাষ্ট্ৰ । ভাৰতৰ অধিকাংশ ৰপ্তানি দ্রব্যই যুক্তৰাষ্ট্রগামী হােৱা দেখা যায় । আনবােৰ ৰাষ্ট্ৰৰ ভিতৰত যথাক্রমে যুক্তৰাজ্য , বেলজিয়াম , জামানী , জাপান , ছুইজাৰলেণ্ড , হংকং , সংযুক্ত আৰৱ এমিটেছ , চীন , ছিংগাপুৰ আৰু মালয়েছিয়াৰ লগতেই ভাৰতৰ মুঠ , আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেন প্রায় অর্ধেক অংশ সম্পাদন কৰা হয় । ভাৰতৰ প্রধান বাণিজ্যিক সহযােগী ৰাষ্ট্ৰসমূহৰ লগত আমদানি ৰপ্তানিৰ পৰিমাণ তলৰ তালিকাত দেখুওৱা হ’ল— 

তালিকা -২১,৭ঃভাৰতৰ প্ৰধান বাণিজ্য সহযােগী ৰাষ্ট্ৰসমূহ (আমদানি+ৰপ্তানি ) 

১৭। আন্তর্জাতিক বাণিজ্যত ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত বন্দৰসমূহে কিদৰে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে আলোচনা কৰা ।

উত্তৰঃ আন্তর্জাতিক বাণিজ্যত ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত বন্দৰসমূহৰ ভূমিকাৰ বিষয়ে তলত আলােচনা কৰা হ’ল — 

( ক ) কাণ্ডালা বন্দৰঃ কচ্ছ উপসাগৰৰ শীর্ষ অবস্থান গুজৰাটৰ কচ্ছ জিলাত এই বন্দৰ অৱস্থিত । ভাৰতৰ পশ্চিম আৰু উত্তৰ – পশ্চিম এলেকা দুটাৰ স্বাৰ্থপূৰণৰ উদ্দেশ্যে এই বন্দৰটোৰ স্থান নির্ণয় কৰা হৈছিল যদিও কার্যতঃ বন্দৰটোৰ আঞ্চলিক পৰিসৰৰ বিপৰীতে ৰাষ্ট্ৰীয় পৰিসৰৰ যাতায়াত সেৱাত অধিক জড়িত হয় । এই বন্দৰৰ মূল প্রকার্য হৈছে বৃহৎ পৰিমাণত খাৰুৱা তেল , পেট্র’লজাত দ্রব্য আৰু ৰাসায়নিক সাৰ আমদানি । 

( খ ) মুম্বাই বন্দৰঃ ভাৰতৰ বৃহত্তম বন্দৰ মুম্বাই হৈছে মধ্য প্রাচ্য , ভূমধ্য সাগৰীয় , আফ্রিকীয় আৰু আটলান্টিকৰ পূৱ উপকূলৰ লগত ভাৰতক সংযােগকাৰী সুবিধাজনক অৱস্থানৰ বন্দৰ । সেয়েহে , দেশৰ সর্বাধিক আন্তর্জাতিক বাণিজ্য এই বন্দৰেৰ সম্পাদন কৰা হয় । এই বন্দৰত একে সময়তে ৫৪ খন জাহাজ প্রৱেশ কৰিব পাৰে । কিছুমান বিশেষ দ্ৰব্যৰ আন্তঃৰাষ্ট্ৰীয় বিপণনৰ বেলিকা পঞ্জাৱ , হাৰিয়ানা প্রভৃতি ৰাজ্যৰ কিছুমান খণ্ডও এই বন্দৰৰ ওপৰত নিৰ্ভৰশীল । 

( গ ) জৱাহৰলাল নেহৰু বন্ধৰ :- মুম্বাই মূল বন্দৰৰ উপগ্রহ বন্দৰ হিচাপে নৱসেৱা নামৰ অৱস্থানত এই বন্দৰটো স্থাপন কৰা হৈছে । মুম্বাই বন্দৰৰ ওপৰত যাতায়াতৰ হেঁচা লাঘৱকাৰী এইটো বন্দৰেদি কণ্টেৰ যােগে ৰপ্তানি কৰা দ্রব্যসমূহ জাহাজত তােলা হয় । 

( ঘ ) মার্মাগাওঁ :- ঘাইকৈ জাপানলৈ আকৰিক লাে ৰপ্তানি কৰাৰ উদ্দেশ্যে ১৯৬১ চনত এইটো বন্দৰ নতুনকৈ গঢ়ি তোলা হয় । আকৰিক লােৰ উপৰিও এই বন্দৰেদি মধ্য প্রাচ্য অভিমুখে নানাবিধ ফল , পাচলি আৰু মাছ ৰপ্তানি কৰা হয় । 

( ঙ ) নিউ মাংগালােৰঃ কর্ণাটক ৰাজ্যৰ নেত্ৰাৱতী নদীৰ মােহনাত অৱস্থিত এই বন্দৰেদি আমদানি আৰু ৰপ্তানি এই দুয়াে প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ লেনদেন হয় । এই বন্দৰৰ প্রধান ৰপ্তানি দ্রব্য হৈছে আকৰিক লাে আৰু পৰিশােধিত লৌহপিণ্ড । আনবােৰ ৰপ্তানি দ্ৰব্যৰ ভিতৰত চাহ , কফি , গ্রেনাইট পাথৰ , পেট্রলজাত সামগ্রী , গুড় , পাচলি আৰু শুকান ফল উল্লেখযােগ্য । এই বন্দৰটোৰে সম্পাদন কৰা আমদানি দ্ৰব্যৰ ভিতৰত ৰাসায়নিক সাৰ , খােৱা তেল , কাগজৰ মণ্ড আৰু কৃত্রিম আঁহ প্রধান । 

( চ ) কোচিনঃ ছুয়েজ খাল হৈ কলম্বাে অভিমুখী সমুদ্র পথৰ নাতিদূৰত অৱস্থান কৰা কাৰণে এই বন্দৰৰ আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব বৃদ্ধি পাইছে । গৃহৰাজ্য কেৰেলাৰ উপৰিও কর্ণাটকৰ দক্ষিণ আৰু তামিলনাডুৰ পশ্চিমৰ এলেকাসমূহ এইবন্দৰৰ পশ্চাৎভূমিৰ ভিতৰত পৰে । 

১৮। ভাৰতৰ পূৱ উপকূলত অৱস্থিত বন্দৰসমূহৰ বিষয়ে এটি টোকা যুগুত কৰা ৷

উত্তৰঃ ভাৰতৰ পূৱ উপকূলত অৱস্থিত বন্দৰসমূহৰ বিষয়ে তলত আলােচনা কৰা হ’ল–

( ক ) টুটি কোৰিণঃ চেন্নাই বন্দৰত কামৰ হেঁচা পাতলাবৰ বাবে এই বন্দৰ গঢ়ি তােলা হৈছিল । কয়লা , খােৱা তেল , ৰাসায়নিক সাৰ আৰু পেট্র’লজাত সামগ্রী আদি এই বন্দৰটোৰ প্রধান আমদানি সামগ্ৰীৰ ভিতৰত পৰে । আনহাতে , ৰপ্তানি সামগ্রীৰ ভিতৰত চেনী নিমখ , খাদ্য শস্য , নাৰিকল তেল আৰু মচলা আদিয়েই প্রধান । . 

( খ ) চেন্নাইঃ ভাৰতৰ অন্যতম পুৰণি সুবৃহৎ বন্দৰ চেন্নাই । ১৮৫৯ চনত ইয়াত কৃত্রিম পােটাশ্রয় নির্মাণ কৰা হয় । উপকূলীয় জলৰাশি তৰাং হােৱাৰ কাৰণে এই বন্দৰত সুবৃহৎ জাহাজৰ সঘন সমাগম সুবিধাজনক নহয় । তামিলনাড়ু ৰাজ্য আৰু পণ্ডীচেৰী কেন্দ্রীয় শাসিত এলেকা এই বন্দৰৰ ঘাই পশ্চাভূমি । 

( গ ) এন্নুড় :- চেন্নাই বন্দৰৰ ২৫ কিঃমি উত্তৰে এই সুবৃহৎ বন্দৰটো শেহতীয়াকৈ গঢ়ি তােলা হৈছে । ই এক স্বাভাৱিক বদৰ । চেন্নাই বন্দৰৰ কৃত্রিম পৰিবেশৰ সলনি ইয়াত মুকলি আৰু স্বাভাৱিক পৰিবেশত যাতায়ত সম্পাদন কৰা হয় । 

( ঘ ) বিশাখাপট্টনমঃ বিশাখাপট্টনম ভাৰতৰ এটা স্থলাবয়বৰ মাজত অৱস্থিত পােটাশ্রয় । পােটাশ্রয়টোৱে অৱস্থান কৰা জলাশয়ক শিলাখণ্ড আৰু বালুকাপৃষ্ঠৰ মাজেৰে খান্দি উলিওৱা এটা কৃত্রিম খালেৰে সমুদ্রৰ লগত সংযােগ কৰা হৈছে । এই বন্দৰটোৱেদি লৌহ আকৰ , পৰিশােধিত লােহাৰ , মেংগানিজ , পেট্রলজাত সামগ্ৰী আৰু অস্ত্র ৰপ্তানি কৰা হয় । এই বন্দৰটোৰেদি কৰা আমদানি সামগ্ৰীৰ ভিতৰত মাহ জাতীয় শস্যই প্রধান । 

( ঙ ) পাড়াদ্বীপঃ মহানদীৰ মােহনাত অৱস্থিত উৰিষ্যা ৰাজ্যৰ এই বন্দৰটো কটক চহৰৰ পৰা ১০০ কিঃমি নিলগত অৱস্থিত । ঘাইকৈ বৃহৎ পৰিমাণত আকৰিক লাে ৰপ্তানি আৰু পেট্রলজাত সামগ্রী আমদানিৰ উদ্দেশ্যে এই বন্দৰক গঢ় দিয়া হৈছে । গৃহৰাজ্য উৰিষ্যাৰ লগতে ছত্তীছগড় আৰু ঝাৰখণ্ড ৰাজ্য এই বন্দৰৰ পাশ্চাৎভূমিৰ ভিতৰত পৰে ।

( চ ) হলদিয়া :- কলকাতা বন্দৰৰ পৰা ১০৫ কিঃমিঃ দক্ষিণে হুগলী নৈৰ মােহনাত অৱস্থিত এই বন্দৰটো সুবৃহৎ বন্দৰসমূহৰ শ্রেণীভুক্ত নহয় যদিও অতি গুৰুত্বপূর্ণ । আকৰিক লাে , কয়লা পেট্রলজাত সামগ্ৰী আৰু মৰাপাট সামগ্রী প্রভৃতি এই বান্দৰৰ প্ৰধান ৰপ্তানি সামগ্রী । আনহাতে , আমদানি সামগ্ৰীৰ ভিতৰত আছে খাৰুৱা তেল , ৰাসায়নিক সাৰ , মৰাপাট আৰু কৃত্রিম আঁহ । বৃহৎ আকাৰৰ জাহাজসমূহ কলকাতা বন্দৰলৈ আগুৱাই যােৱাৰ অসুবিধাৰ বাবেই কলকাতাৰ উপগ্রহ বন্দৰ ৰূপত এই বন্দৰক গঢ় দিয়া হৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top