Class 12 Geography Unit 24 ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন

Class 12 Geography Unit 24 ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 24 ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন and select needs one.

Class 12 Geography Unit 24 ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 24 ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন Solutions for All Subject, You can practice these here…

ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন

অধ্যায় – ২৪

তৃতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱা :

১। দেশৰ পৰিকল্পনাৰ সম্বন্ধ আছে –

( i ) অর্থনৈতিক ক্ষেত্ৰত বিভিন্ন উন্নয়ন ।

( ii ) কোনাে বিশেষ অঞ্চলৰ উন্নতি ।

( iii ) বিভিন্ন অঞ্চলত পৰিবহণৰ ব্যৱস্থা । আৰু

( iv ) গ্রাম্য অঞ্চলৰ উন্নতি ।

উত্তৰঃ  ( i ) অর্থনৈতিক ক্ষেত্ৰত বিভিন্ন উন্নয়ন । 

২৷ তলত দিয়া কোনটোৱে ITDP অর্থ প্রকাশ কৰিছে –

( i ) পৰিভ্রমণ উন্নয়নৰ কাৰ্য একগােট কৰা ।

( ii ) ভ্রমণ উন্নয়ক কাৰ্য্য একগােট কৰা । 

( iii ) একেলগে জাতিৰ উন্নয়ন । আৰু

( iv ) যােগাযােগ ব্যৱস্থাৰ উন্নয়ন কৰা ।

উত্তৰঃ ( iii ) একেলগে জাতিৰ উন্নয়ন ।

৩। ইন্দিৰা গান্ধী নহৰ প্ৰকল্পৰ ঠাইখিনিৰ উন্নয়নৰ তলৰ কোনটো কাৰক বিশেষভাৱে উল্লেখযােগ্য– 

( i ) কৃষি উন্নয়ন ।

( ii ) অর্থনৈতিক উন্নয়ন ।

( iii ) যােগাযােগৰ উন্নয়ন । আৰু

( iv ) উপনিবেশ স্থাপন ।

উত্তৰঃ ( i ) কৃষি উন্নয়ন । 

৪। বহন ক্ষমতা উন্নয়নৰ এটি ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ ভৱিষ্যৎ প্রজন্মৰ প্ৰয়ােজন পূৰণ কোনাে প্রকাৰে বাধাগ্রস্ত নােহােৱাৰ পৰিসৰত বৰ্তমানৰ অভাৱ পূৰণ সীমাৱদ্ধ ৰখা পর্যায়ৰ উন্নয়নকেই বহনক্ষম উন্নয়ন বােলা হয় । 

৫। ইন্দিৰা গান্ধী নহৰ প্ৰকল্প অঞ্চলৰ পানী যােগান আঁচনিৰ সুফল কি ? 

উত্তৰঃ ইন্দিৰা গান্ধী নহৰ নিৰ্দেশাত্মক অঞ্চলত পানী যােগানৰ ফলত ৰাজস্থানত পূর্বতে বাহাল থকা কৃষিকাৰ্যৰ একমাত্ৰ অন্তৰায় কাৰক ভূমিৰ শুষ্কতা আঁতৰ হােৱাৰ লগে লগে এই সমগ্ৰ এলেকাটো দেশৰ অন্যতম গহন কৃষি বলয়ত পৰিণত হয় । 

৬। পৰিকল্পনা কিয় উন্নয়নত সােমাই পৰে ? 

উত্তৰঃ পৰিকল্পনাই একোটা কার্য সুচাৰুৰূপে সম্পন্ন হােৱাত সহায় কৰে । একোটা কার্য ভালদৰে সম্পন্ন হােৱাই উন্নয়নৰ দিশটো উন্মােচন কৰে সেয়েহে পৰিকল্পনা উন্নয়নত সােমাই পৰে । 

চমু উত্তৰ দিয়া

৭। পাহাৰীয়া অঞ্চলৰ উন্নয়নৰ আঁচনিসমূহ বহলাই আললাচনা কৰা । 

উত্তৰঃ পার্বত্য এলেকা উন্নয়ন আঁচনিৰ পৰিসৰত অষ্টম পঞ্চবার্ষিক পৰিকল্পনা কালত সমূলাংশে পার্বত্য ভূমিত অৱস্থিত দেশৰ সৰ্বমুঠ ১৫ খন জিলাৰ আর্থিক উন্নয়নৰ এক বিস্তীর্ণ কার্যসূচী গ্রহণ কৰা হয় । ৰাষ্ট্ৰীয় অনুন্নত এলেকা উন্নয়ন সমিতিৰ ১৯৮১ চনৰ অনুমােদন অনুসৰি ৬০০ মিটাৰতকৈ অধিক উচ্চতাত অৱস্থিত দেশৰ জনজাতি উন্নয়ন আঁচনিয়ে স্পর্শ নকৰা সকলােবােৰ পার্বত্য এলেকাক অনুন্নত পার্বত্য এলােক ৰূপে চিহ্নিত কৰি এই আঁচনিৰ অন্তর্ভুক্ত কৰা হৈছিল । ভূ – আকৃতিক , পৰিস্থিতিক , সামাজিক আৰু অর্থনৈতিক পটভূমিৰ প্ৰতি দৃষ্টি ৰাখি এনেবােৰ পার্বত্য এলেকাৰ অনুপুংখ উন্নয়ন আঁচনিসমূহ যুগুত কৰা হৈছিল – 

( ক ) খৰাংপ্ৰৱণ অঞ্চল উন্নয়ন আঁচনি :- খৰাংপ্রৱণ অঞ্চলসমূহত নিয়োগ সৃষ্টিৰ লগতে সম্পদৰ উৎপাদন উর্ধ্বমুখী কৰাৰ লক্ষ্যৰে চতুর্থ পঞ্চবার্ষিক পৰিকল্পনাত এই আঁচনি গ্রহণ কৰা হয় । ৰাষ্ট্ৰীয় অনুন্নত এলেকা উন্নয়ন সমিতিৰ পুনৰীক্ষণ প্রতিবেদনৰ মতে এই আঁচনিখন ঘাইকৈ খৰাংপ্ৰৱণ অঞ্চলত কৃষিকার্য উন্নয়নৰ লগতে কৃষিকাৰ্যৰ লগত সম্পর্ক জড়িত আন কিছুমান অর্থনৈতিক কাম – কাজ উন্নতি সাধনৰ পৰিসৰত সফল হ’ব পাৰিছে । 

( খ ) ব্রহ্মৌৰ একত্ৰ জনজাতি উন্নয়ন প্রকল্প :- হিমাচল প্রদেশৰ চুম্বা জিলাৰ অন্তৰ্গত ব্রহ্মেীৰ এলেকাৰ ক্ষেত্রফল ১৮১৮ বর্গমিটাৰ । গােটেই শীতকাল বৰফেৰে ঢাক খাই থকা এইটো অঞ্চলৰ জানুৱাৰী মাহৰ গড় উষ্ণতা ৪° ছেলচিয়াছ আৰু জুলাই মাহৰ উষ্ণতা ২৬° ছেলচিয়াছ । ১৯৭৫ চনৰ ২১ নৱেম্বৰ তাৰিখে ব্রহ্মৌৰ এলেকাটোক জনজাতি অঞ্চলৰূপে ঘোষণা হয় । একত্ৰ জনজাতি উন্নয়ন আঁচনিৰ সামাজিক সুফল হিচাপে জনজাতীয় সমাজত পুৰুষৰ অনুপাতে তিৰােতাৰ সংখ্যা আগৰ তুলনাত বৃদ্ধি , সাক্ষৰতা বৃদ্ধি আৰু শিশুৰ মৃত্যুৰ হাৰ নিম্নগামী হয় । 

৮। ইন্দিৰা গান্ধী নহৰ প্ৰকল্পৰ দুটা পর্যায় বহলাই আলােচনা কৰা । 

উত্তৰঃ ইন্দিৰা গান্ধী নহৰ প্ৰকল্পৰ প্রথম পর্যায়ৰ সম্প্ৰসাৰণৰ পৰিসৰত শ্ৰী গংগা নগৰ , হনুমানগড় আৰু বিকানেৰ জিলাৰ উত্তৰ অংশৰ সৰ্বমুঠ ৫.৫৩ লাখ হেক্টৰ কৃষিভূমিক সামৰি লােৱা হয় । উত্তৰ – পশ্চিম ৰাজস্থানৰ এইটো এলেকা মৃদু ঢালবিশিষ্ট হােৱা কাৰণে এলেকাটোৰ বেছিভাগ কৃষিক্ষেত্রলৈকে খালসমূহৰ স্বাভাৱিক প্রৱাহ আগুৱাই নিব পাৰি । এই প্রকল্পৰ দ্বিতীয় পর্যায়টোৱে পশ্চিম , ৰাজস্থানৰ চুক , বিকানেৰ , জয়চালমিৰ , বাৰমেৰ , নাগৌৰ আৰু জোধপু জিলাৰ সৰ্বমুঠ ১৪.১০ লাখ হেক্টৰ কৃষিভূমি জলসিঞ্চনৰ আওতালৈ আনে । ইন্দিৰা গান্ধী  নহৰ প্ৰকল্পৰ প্রথম পর্যায়ৰ কাম – কাজ ষাঠি দশকৰ মাজভাগতে সম্পূর্ণ হােৱাৰ লগতে কাৰ্য্যকৰীও হৈ উঠে । কিন্তু দ্বিতীয় পর্যায়ৰ কার্যক্রম আশী দশকতহে সম্পূর্ণ হয় । 

৯। Bhanmaun অঞ্চলৰ পৰিবেশৰ শাৰীৰিক অবয়বৰ বিষয়ে লিখা । 

উত্তৰঃ হিমাচল প্রদেশৰ চুম্বা জিলাৰ অন্তৰ্গত বৰ্ম্মৰ এলেকাৰ ক্ষেত্রফল ১৮১৮ বর্গমিটাৰ ৩২° ১১ / -৩২° ৪১ / উত্তৰ অক্ষাংশ আৰু ৭৬° ২২ / – ৭৬° ৫৩ পূর্ব দ্রাঘিমাংশৰ মাজত অৱস্থিত এই অঞ্চলটো সমুদ্রপৃষ্ঠৰ পৰা ১৫০০-৩৭০০ মিটাৰ উচ্চতাত অৱস্থিত । পীড়পজ্ঞল আৰু ধৌলাধাৰ পর্বত মালাৰে পৰিবেষ্টিত এইটো অঞ্চলৰ মাজেৰে বুধিল আৰু তুন্দ্রাহেন নামৰ দুই উপ নদীসহ ইৰাৱতী অথবা ৰাবি নৈ বৈ গৈছে । সমগ্র শীতকাল বৰফেৰে ঢক খাই থকা এই অঞ্চলৰ জানুৱাৰী মাহৰ গড় উষ্ণতা ৪° ছেলচিয়াছ আৰু জুলাই মাহৰ উষ্ণতা ২৬ চেলছিয়াছ । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

দীঘল প্রশ্নৰ উত্তৰ

১০। ভাৰতৰ পৰিকল্পনাসমূহৰ এটি সামগ্রিক আলােচনা আগবঢ়োৱা । 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পৰিসৰৰ পৰিকল্পনাসমূহ পৰিকল্পনা আয়ােগ ’ সংস্থাটোৰ দ্বাৰা পৰিচালিত হয় । দেশৰ প্ৰধান মন্ত্রীজন এই আয়ােগৰ পদেন অধ্যক্ষ । আন এজন উপাধ্যক্ষ আৰু কিছুসংখ্যক সদস্যক লৈ এই আয়ােগ গঠন কৰা হয় । ভাৰতৰ প্রায়বােৰ উন্নয়ন প্রকল্পই পঞ্চবার্ষিক পৰিকল্পনাৰ মাধ্যমত এই পৰিকল্পনা আয়ােগৰ নেতৃত্ব আৰু তদাৰকীত আগবঢ়াই নিয়া হয় । এই অনুক্রমে ২০০৭ চনৰ ১ এপ্রিলৰ পৰা ২০১২ চনৰ ৩১ মাৰ্চৰ মাজৰ সময়চোৱা ভাৰতৰ লেখত একাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ ৰূপায়নকাল ৰূপে চিহ্নিত হয় । 

উন্নয়ন পৰিকল্পনাসমূহ ঘাইকৈ দুটা পৃথক দৃষ্টিভংগীৰে আগুৱাই নিয়া হয় । উন্নয়নৰ একো একোটা খণ্ড অথবা শিতানৰ পৰিসৰত গ্ৰহণ কৰা কাৰ্যসূচী আৰু সেই কাৰ্যসূচীৰ ৰূপায়নৰ খণ্ড পৰিকল্পনা অথবা ভাৰতৰ কোনাে কোনাে অঞ্চলত ইয়াক ক্ষেত্রীয় পৰিকল্পনা বােলে । কৃষি পৰিকল্পনা , গৃহ নির্মাণ , জলবিদ্যুৎ শক্তি , ৰেল পৰিবহণ , উদ্যোগ , জলসিঞ্চন , নদীবান্ধ , বান নিয়ন্ত্রণ , ৰপ্তানি বৃদ্ধি , যােগাযােগ প্রভৃতি ব্যৱস্থাসমূহৰ উন্নয়নমর্মে হাতত লােৱা পৰিকল্পনাসমূহ এইটো শিতানৰ ভিতৰত পৰে । এনে পৰিকল্পনাসমূহ হাতত লােৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ কোন কোন অঞ্চল লাভৱান হ’ব অথবা নহ’ব সেই বিষয়ে চিন্তা নকৰি সমগ্ৰ দেশখনৰ এক অভিন্ন গােট ৰূপে বিচাৰ কৰা হয় । 

১১। খৰাংপ্ৰৱণ অঞ্চলৰ উন্নয়ন আঁচনিৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ খৰাংপ্ৰৱণ অঞ্চলসমূহত নিয়ােগ সৃষ্টিৰ লগতে সম্পদৰ উৎপাদন উর্ধ্বমুখী কৰাৰ লক্ষ্যৰে চতুর্থ পঞ্চবার্ষিক পৰিকল্পনা কালত এই আঁচনি গ্ৰহণ কৰা হয় । প্রথম অৱস্থাত এই আঁচনিখনে কিছুমান শ্রমকেন্দ্রিক ৰাজহুৱা কামৰ যােগেদি জনসাধাৰণৰ মাজত ৰােজগাৰ বৃদ্ধি কৰাত আগভাগ লৈছিল । কিন্তু , পৰৱর্তী অৱস্থাত খৰাংপ্রৱণ অঞ্চলৰ দীৰ্ঘম্যাদী উন্নয়ন লগত জড়িত জলসিঞ্চন , ভূমি উদ্ধাৰ আৰু বিজুলী যােগান , ৰাস্তা – ঘাট , বজাৰ , ঋণ ব্যৱস্থা প্রভৃতি এলানি সেবামূলক প্রকল্পও এই আঁচনিত সন্নিৱিষ্ট কৰা হয় । 

ৰাষ্ট্ৰীয় অনুন্নত এলেকা উন্নয়ন সমিতিৰ পুনৰীক্ষণৰ প্রতিবেদন অনুসৰি এই উন্নয়ন আঁচনিখন ঘাইকৈ খৰাং প্রৱণ অঞ্চলত কৃষিকাৰ্যৰ লগত সম্পর্ক জড়িত আন কিছুমান অর্থনৈতিক কাম – কাজ উন্নতি সাধন পৰিসৰত সফল হ’ব পাৰিছে । এই আঁচনিখনে সংশ্লিষ্ট অঞ্চলবােৰত অনাবৃষ্টিজনিত পৰিবেশৰ পৰা হােৱা ক্ষয় – ক্ষতি কিছু পৰিমাণে হ’লেও পুনৰুদ্ধাৰ কৰিছে । ১৯৬৭ চনত পৰিকল্পনা আয়ােগে দেশৰ সৰ্বমুঠ ৬৭ খন জিলাক খৰাংপ্ৰৱণৰূপে চিহ্নিত কৰিছিল । দেশৰ খৰাংপ্ৰৱণ এলেকাসমূহ ঘাইকৈ ৰাজস্থান , গুজৰাট আৰু মধ্যপ্রদেশৰ পশ্চিমাংশত বিস্তৃত মৰু অথবা মৰুপ্ৰায় এলেকাসমূহৰ উপৰিও মহাৰাষ্ট্ৰৰ মৰাঠৱাড়া অঞ্চল , অৰ্জৰ তেলেংগানা আৰু ৰায়লসীমা মালভূমি , কর্ণাটক মালভূমি আৰু তামিলনাডু ৰনালয়মলয় পার্বত্য অঞ্চলত বিস্তৃত হৈ আছে । 

আনহাতে , পঞ্জাৱ , হাৰিয়ানা আৰু উত্তৰ – পশ্চিম ৰাজস্থানৰ খৰাংপ্ৰৱণ এলেকাসমূহত উচ্চ নিৰিখত জলসিঞ্চন ব্যৱস্থাৰে খৰাংপ্ৰৱণ জনিত ক্ষতিৰ পৰা ৰক্ষা কৰা হৈছে । 

১২। ব্রহ্মৌৰ অঞ্চলৰ জনজাতি উন্নয়ন আঁচনিখনৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ ১৯৭৫ চনৰ ২১ নৱেম্বৰ তাৰিখে ব্রহ্মৌৰ এলেকাটোক জনজাতি অঞ্চলৰূপে ঘোষণা কৰা হয় । ১৯৭০ দশকত এই অঞ্চলৰ বাসিন্দা গদ্দীসকলক অনুসূচীত জনজাতিৰ স্বীকৃতি দিয়া হয় । ১৯৭৪ চনত পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনত হাতত লােৱা একত্ৰ জনজাতি উন্নয়নৰ সৰ্বমুঠ ৫ টা প্রকল্পৰে অন্যতম প্রকল্পক্ষেত্ৰ হিচাপে হিমাচল প্ৰকাশৰ এই ব্রহ্মৌৰ এলেকাটো বাচনিত উঠে । ব্রহ্মৌৰ এলেকাৰ অধিবাসী গদ্দীসকলৰ জীৱন – যাপনৰ মান উন্নত কৰাৰ লগতে এইটো অঞ্চলত উন্নয়নৰ গতিবেগ ৰাজ্যখনৰ আনবােৰ এলেকাৰ উন্নয়ন মাত্রা সমপর্যায়লৈ বৃদ্ধি কৰাই প্ৰকল্পটোৰ প্রধান উদ্দেশ্য আছিল । এই উদ্দেশ্যে এই প্রকল্পৰ অধীনত অঞ্চলটোৰ কৃষি । যাতায়াত আৰু আন কিছুমান সেবামূলক কার্যক্রমৰ মান উন্নত কৰাৰ প্ৰতি বিশেষ মনােযােগ দিয়া হৈছিল।ব্রহ্মৌৰ অঞ্চলকেন্দ্রীক এই জনজাতি উন্নয়ন প্রকল্পৰ অধীনত অঞ্চলটোৰ স্বাস্থ্য শিক্ষা , খােৱাপানী , বাট – পথ , যােগাযােগ আৰু বিজুলী যােগান প্রভৃতি ভালেমান সেৱাৰ যথেষ্ট উন্নতি ঘটিছিল । একত্ৰ জনজাতি উন্নয়ন আঁচনিৰ সামাজিক সুফল হিচাপে জনজাতীয় সমাজত পুৰুষৰ অনুপাতে মহিলাৰ সংখ্যা আগৰ তুলনাত বৃদ্ধি , সাক্ষৰতা বৃদ্ধি আৰু শিশুৰ মৃত্যুহাৰ নিম্নগামী হয় । ব্রহ্মৌৰ অঞ্চলত এই আঁচনিৰ ফলত স্ত্রী সাক্ষৰতাৰ হাৰ ১৯৭১ চনত ১.৮৮ শতাংশ পৰা ২০০১ চনত ৪২.৮৩ শতাংশটো বৃদ্ধি পােৱা দেখা গৈছে । 

১৩। পার্বত্য এলেকা উন্নয়ন আঁচনি সম্পর্কে লিখা । 

উত্তৰঃ পার্বত্য এলেকা উন্নয়ন আঁচনিৰ পৰিসৰত অষ্টম পঞ্চম বার্ষিক পৰিকল্পনা কালত ( ১৯৯২-৯৭ ) সমূলাংশে পার্বত্য ভূমিত অৱস্থিত দেশৰ সৰ্বমুঠ ১৫ খন জিলাৰ আর্থিক উন্নয়ন এক বিস্তীর্ণ কাৰ্যসূচী গ্রহণ কৰা হয় । এই উন্নয়ন আঁচনিৰ অন্তর্ভুক্ত জিলাসমূহ হৈছে বর্তমান উত্তৰাঞ্চলৰ কেউখন জিলা ; অসমৰ উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং , পশ্চিমবঙ্গ দার্জিলিং আৰু তামিলনাডুৰ নীলগিৰি জিলা ৰাষ্ট্ৰীয় অনুন্নত এলেকা উন্নয়ন সমিতিৰ ১৯৮১ চনৰ অনুমােদন অনুসৰি ৬০০ মিটাৰতকৈ অধিক উচ্চতাত অৱস্থিত দেশৰ জনজাতি উন্নয়ন আঁচনিয়ে স্পর্শ নকৰা সকলোবােৰ পার্বত্য এলেকাক অনুন্নত পার্বত্য এলেকাৰূপে চিহ্নিত কৰি এই আঁচনিৰ অন্তর্ভুক্ত কৰা হৈছিল । 

ভূ – আকৃতিক , পৰিস্থিতিক , সামাজিক আৰু অর্থনৈতিক পটভূমিৰ প্রতি দৃষ্টি ৰাখি এনেবােৰ পার্বত্য জিলাৰ অনুপুংখ উন্নয়ন আঁচনিসমূহ যুগুত কৰা হৈছিল । তদুপৰি উদ্যান কৃষি , ৰােপণ কৃষি , পশুপালন , হাঁহ – কুকুৰা পালন , অৰণ্য আৰু গ্ৰাম্য কুটিৰ শিল্প প্রভৃতি নিজ নিজ অঞ্চলৰ পৰম্পৰাগত সম্পদসমূহৰ প্রকার্য পৰিসৰ বৃদ্ধিৰ মাধ্যমত অর্থনৈতিক উন্নয়ন খৰতকীয়া কৰাৰ ক্ষেত্ৰত এই পার্বত্য এলেকা উন্নয়ন আঁচনিখনে অগ্রাধিকাৰ দিছিল । 

১৪। পৰিকল্পনাত সুসংহত লক্ষ্য আৰু লক্ষ্য এলেকাৰ অন্তর্ভুক্তিৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতৰ কিছুসংখ্যক এলেকা এতিয়াও অর্থনৈতিকভাৱে অত্যন্ত পিছপৰা অৱস্থাতে ৰৈ আছে । অর্থনৈতিক উন্নয়নৰ উদ্দেশ্যে একোটা অঞ্চলক কমপক্ষেও কিছুমান সম্পদ প্রয়ােজন । কিন্তু বহু ক্ষেত্ৰতে যথেষ্ট পৰিমাণৰ সম্পদেৰে সমৃদ্ধ হৈ থকাৰ সত্বেও দেশৰ ভালেমান অঞ্চল আজিও অত্যন্ত পিছপৰি ৰােৱা দেখা যায় । কাৰণ এটা অঞ্চলৰ অর্থনৈতিক উন্নয়নৰ অৱস্থাপক হিচাপে অঞ্চলটোত যথেষ্ট সম্পদ জমা হৈ থকাৰ উপৰিও সঞ্চিত সম্পদ , কামত লগােৱাৰ উদ্দেশ্যে উপযুক্ত প্রযুক্তি কৌশল নহ’লেই নহয় । 

আকৌ সম্পদ সমৃদ্ধি আৰু প্রযুক্তিৰ পাছতো মূলধন বিনিয়োগৰ অভাৱত অঞ্চল এটাৰ উন্নয়ন স্তব্ধ হৈ থাকিব পাৰে । এনে স্থলত দেশৰ আর্থিক উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি ৰােৱা এলেকাসমূহৰ উন্নয়নৰ স্বাৰ্থত পৰিকল্পনা আয়ােগে সময়ে সময়ে এলানি বিশেষ পৰিকল্পনা হাতত ল’ব লগা হয় । ১৯৫০-৫১ চনত প্ৰথমটো পঞ্চবার্ষিক পৰিকল্পনাৰ কার্যকাল আৰম্ভ হােৱাৰে পৰা তৃতীয়টো পঞ্চবার্ষিক পৰিকল্পনাৰ সামৰণিৰ ( ১৯৬৬ চনৰ মার্চ ) মাজৰ কালছােৱাত ভাৰতত উন্নয়নৰ আঞ্চলিক  বৈষম্য ক্রমশঃ বৃদ্ধি পাই অহাৰ অৱস্থাটো পৰিকল্পনা আয়ােগৰ দৃষ্টিগােচৰ হয় । উন্নয়ন প্রক্রিয়াৰ নে এক ক্রমবর্ধমান আঞ্চলিক বৈষম্য নিয়ন্ত্রণ কৰাৰ লক্ষ্য আগত ৰাখি পৰিকল্পনা আয়ােগে লক্ষ্য এলেকা পৰিকল্পনা আৰু সুসংহত লক্ষ্য দৃষ্টিভংগীৰ পৰিকল্পনা হাতত লয় । 

১৫। অনুন্নত অঞ্চলৰ আচনিসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ ভাৰতৰ কিছুসংখ্যক এলেকা এতিয়াও অর্থনৈতিকভাৱে অত্যন্ত পিছপৰা অৱস্থাতে ৰৈ আছে । অর্থনৈতিক উন্নয়নৰ উদ্দেশ্যে একোটা অঞ্চলক কমপক্ষেও কিছুমান সম্পদৰ প্রয়ােজন । কিন্তু বহু ক্ষেত্ৰতে যথেষ্ট পৰিমাণৰ সম্পদেৰে সমৃদ্ধ হৈ থকাৰ সত্বেও দেশৰ লেমান অঞ্চল আজিও অত্যন্ত পিছপৰি ৰােৱা দেখা যায় । কাৰণ এটা অঞ্চলৰ অর্থনৈতিক উন্নয়নৰ অৱস্থাপক হিচাপে অঞ্চলটোত যথেষ্ট সম্পদ জমা হৈ থকাৰ উপৰিও সঞ্চিত সম্পদ কামত লগােৱাৰ উদ্দেশ্যে উপযুক্ত প্রযুক্তি কৌশল নহ’লেই নহয় । 

আকৌ সম্পদ সমৃদ্ধি আৰু প্রযুক্তিৰ পাছতো মূলধন বিনিয়ােগৰ অভাৱত অঞ্চল এটাৰ উন্নয়ন স্তব্ধ হৈ থাকিব পাৰে । এনেস্থলত দেশৰ আর্থিক উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি বােৱা এলেকাসমূহৰ উন্নয়নৰ স্বাৰ্থত পৰিকল্পনা আয়ােগে সময়ে সময়ে এলানি বিশেষ পৰিকল্পনা হাতত ল’ব লগা হয় । ১৯৫০-৫১ নত প্ৰথমটো পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল আৰম্ভ হােৱাৰে পৰা তৃতীয়টো পঞ্চবার্ষিক ৰিকল্পনাৰ সামৰণিৰ ( ১৯৬৬ চনৰ মার্চ ) মাজৰ কালছােৱাত ভাৰতত উন্নয়নৰ আঞ্চলিক বষম্য ক্রমশঃবৃদ্ধি পাই অহাৰ অৱস্থাটো পৰিকল্পনা আয়ােগৰ দৃষ্টিগােচৰ হয় । 

উন্নয়ন প্রক্রিয়াৰ এনে এক ক্রমবর্ধমান আঞ্চলিক বৈষম্য নিয়ন্ত্রণ কৰাৰ লক্ষ্য আগত ৰাখি পৰিকল্পনা আয়ােগে লক্ষ্য এলেকা পৰিকল্পনা আৰু সুসংহত লক্ষ্য দৃষ্টিভংগীৰ পৰিকল্পনা হাতত লয় । নির্দেশাত্মক মাঞ্চলিক উন্নয়ন কার্যসূচী , খৰাংপ্ৰৱণ অঞ্চল উন্নয়ন কার্যসূচী , মৰুস্থলী উন্নয়ন কার্যসূচী , পার্বত্য এলেকা উন্নয়ন কার্যসূচী প্রভৃতি পৰিকল্পনা কার্যসূচীসমূহ বিশেষভাবে উল্লেখযােগ্য । লক্ষ্য এলেকা পৰিকল্পনা কার্যক্রমৰ ভিতৰত পৰে । আনহাতে সুসংহত লক্ষ্য আঁচনিভুক্ত পৰিকল্পনাৰ ভিতৰত ক্ষুদ্র কৃষক উন্নয়ন অভিকৰণ আৰু প্ৰান্তীয় কৃষক উন্নয়নে অভিকৰণ নামৰ আঁচনি দুখনৰ কথা উল্লেখ কৰিব পাৰি । 

অষ্টম পঞ্চবার্ষিক পৰিকল্পনা কালত ( ১৯৯২-৯৭ ) বিশেষ এলেকা আঁচনিৰ ভিতৰত উত্তৰ পূৱ ভাৰতৰ পার্বত্য প্রদেশসমূহকে ধৰি দেশৰ জনজাতি অধ্যুষিত অনুন্নত এলেকাসমূহৰ মৱস্থাপক উন্নয়ন লক্ষ্যৰে হাতত লােৱা আঁচনিসমূহৰ কথা উল্লেখ কৰিব পাৰি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top