Class 12 Geography Unit 17 ভাৰতৰ জনসংখ্যা

Class 12 Geography Unit 17 ভাৰতৰ জনসংখ্যা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 17 ভাৰতৰ জনসংখ্যা and select needs one.

Join Telegram channel

Class 12 Geography Unit 17 ভাৰতৰ জনসংখ্যা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 17 ভাৰতৰ জনসংখ্যা Solutions for All Subject, You can practice these here…

ভাৰতৰ জনসংখ্যা

অধ্যায় – ১৭

তৃতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা

১। ভাৰতবৰ্ষৰ মাটিকালি পৃথিৱীৰ মুঠ আয়তনৰ 

( i ) ২.২ শতাংশ ।

( ii ) ৪.৩১ শতাংশ ।

( iii ) ১৬ শতাংশ । আৰু

( iv ) ২২ শতাংশ ।

উত্তৰঃ ( i ) ২.২ শতাংশ । 

২ । ২০০১ চনৰ লােকপিয়ল মতে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হল – 

( i ) ১০২৭ নিযুত ।

( ii ) ২০১৭ নিযুত ।

( iii ) ৭২০১ নিযুত । আৰু

( iv ) ১২৭ নিযুত ।

উত্তৰঃ ( i ) ১০২৭ নিযুত ।

৩। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত জনসংখ্যা ঘনত্ব বেছি 

( i ) অসম ।

( ii ) পশ্চিমবংগত ।

( iii ) পাঞ্জাৱ । আৰু 

( iv ) কেৰেলাত । 

উত্তৰঃ ( ii ) পশ্চিমবংগত ।

৪। তলৰ কোনখন ৰাজ্যত পৌৰ জনসংখ্যাৰ অনুপাত সর্বাধিক 

( i ) অৰুণাচল প্রদেশ ।

( ii ) বিহাৰত ।

( i ) মহাৰাষ্ট্ৰত । আৰু 

( iv ) গুজৰাটত ।

উত্তৰঃ ( iii ) মহাৰাষ্ট্ৰত ।

৫। তলৰ কোনটো ভাৰতবৰ্ষৰ সর্ববৃহৎ ভাষিক গােট ? 

( i ) অষ্ট্রিক ।

( ii ) আর্যমূলীয় ।

( iii ) চীন তিব্বতীয় । আৰু 

( iv ) দ্রাবিড় ।

উত্তৰঃ ( ii ) আমূলীয় । 

৬। ৩০খনতকৈ অধিক জিলা থকা ভাৰত বৰ্ষৰ দুখন ৰাজ্যৰ নাম লিখা । 

উত্তৰঃ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ । 

৭। ভাৰতবৰ্ষৰ দুখন অতি শীতল অঞ্চলৰ নাম লিখা । 

উত্তৰঃ কাশ্মীৰ আৰু টাৱাং । 

৮। ১০০০ বর্গ কিঃমিঃতকৈ অধিক আয়তনৰ ভাৰতবৰ্ষৰ দুখন কেন্দ্রীয় শাসিত অঞ্চলৰ নাম লিখা । 

উত্তৰঃ দিল্লী আৰু গােৱা । 

৯। ২০০ বর্গ কিঃমিঃতকৈ কম আয়তনৰ দুখন ৰাজ্যৰ নাম লিখা । 

উত্তৰঃ চণ্ডীগড় , দমন আৰু দিউ । 

চমু উত্তৰৰ প্রশ্ন

 ১০। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ পৃথিৱীৰ প্ৰায়বােৰ দেশৰ তুলনাত বেছি । কুৰি শতিকাৰ সময়ছােৱাত ভাৰতৰ জনসংখ্যা বৃদ্ধি হৈছিল ৪.৩১ গুণ । জনসংখ্যাৰ এই বৃদ্ধি হাৰ অৱশ্যে বিভিন্ন সময়ত বেলেগ – বেলেগ হােৱা দেখা যায় । ১৯০১-২১ চনৰ দশক দুটাত দেশৰ জনসংখ্যা বৃদ্ধিহাৰ যথেষ্ট কম আছিল । ১৯০১-১১ চনৰ দশকত জনসংখ্যা মুঠতে ৫.৭৫ শতাংশ বৃদ্ধি পাইছিল যদিও পৰৱৰ্তী দশকত দেশৰ জনসংখ্যা ০.৩১ শতাংশ হ্রাস ঘটাৰ ফলত সমগ্ৰ কালছােৱাত জনসংখ্যা বৃদ্ধি আছিল মাত্র ৫.৪২ শতাংশ । বিভিন্ন ধৰণৰ মহামাৰী আৰু দুর্ভিক্ষৰ কবলত পৰি বিগত শতিকাৰ দ্বিতীয় দশকত দেশৰ জনসংখ্যা বৃদ্ধি হােৱাৰ সলনি হ্রাস পাইছিল । দ্বিতীয় পর্যায়ত অর্থাৎ , ১৯২১-৫১ চনৰ সময়ছােৱাত দেশৰ জনসংখ্যাৰ বৃদ্ধিহাৰ আছিল প্রতি দশকত ১০-১৫ শতাংশ । কিন্তু , স্বাধীনতা লাভৰ পাছৰ আটাইকেইটা দশকতেই দেশত জনসংখ্যা বৃদ্ধি হাৰ ২০-২৫ শতাংশলৈ বৃদ্ধি পাইছে । চলিত হাৰত জনসংখা বৃদ্ধি অব্যাহত থাকিলে পৰৱর্তী ৩৬ বছৰৰ ভিতৰত ভাৰতৰ জনসংখ্যা বৰ্তমানৰ দুগুণলৈ বৃদ্ধি পাব । 

১১। ভাৰতবৰ্ষৰ কৰ্মৰত জনসংখ্যাৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ অর্থদায়ী নিযুক্তি লাভৰ লেখেৰে ভাৰতৰ জনসংখ্যাক মুখ্য কৰ্মৰত , প্রান্তীয় কৰ্মৰত আৰু নিযুক্তিহীন শীর্ষক তিনিটা শ্ৰেণীত বিভক্ত কৰা হয় । ইয়াৰে মূখ্য কৰ্মৰত শ্রেণীৰ লােকসকলে বছৰত কমেও ১৮৩ দিনৰ বাবে উপার্জন ক্ষম কাম – কাজত নিযুক্ত হৈ থাকে । প্রান্তীয় কৰ্মৰত সকলে আকৌ ১৮৩ দিনতকৈ কম সংখ্যক দিনৰ বাবেহে উপাৰ্জনৰ সুবিধা পায় । নিযুক্তিহীন শ্রেণীটোৰ ভিতৰত নিযুক্তি লাভৰ অপেক্ষাৰত কৰ্মৰ্থ লােককে ধৰি বয়স অথবা যােগ্যতাৰ পৰিসৰত নিযুক্তিৰ বাবে অবিবেচিত সকলােখিনি মানুহেই অন্তর্ভূক্ত । 

ভাৰতত মুঠ জনসংখ্যাৰ ৩৯ শতাংশহে উপার্জনকাৰীৰ শ্ৰেণীত পৰে । অর্থাৎ , দেশখনৰ দুই – তৃতীয়াংশ লােকেই আর্থিকভাৱে পৰনিৰ্ভৰশীল । কৰ্মৰত শ্ৰেণীটোৰৰ যথেষ্ট সংখ্যক লােকেই আংশিক ভাৱেহে নিজৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে । মুঠ জনসংখ্যা অনুপাতে কৰ্মৰত লােকৰ সংখ্যা মিজোৰামত সর্বাধিক ৫৩ শতাংশ হােৱাৰ বিপৰীতে গােৱাত ২৫ শতাংশ মাত্র । হিমাচল প্রদেশ , চিকিম , ছত্তিচগড় , আন্ধ্র প্রদেশ , কর্ণাটক , অৰুণাচল প্রদেশ , নাগালেণ্ড , মণিপুৰ আৰু মিজোৰামত কৰ্মৰত লােকৰ অনুপাত ৰাষ্ট্ৰীয় অনুপাত ৩৯ শতাংশৰ অধিক । কেন্দ্রীয় শাসিত দমন আৰু ডিউ , দাদৰা নগৰ হাভেলিত এই অনুপাত উচ্চ । 

১২। ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্ব সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ ২০০১ চনৰ জনগণনা ভিত্তিক ভাৰতত জনবসতিৰ ঘনত্ব হৈছে প্রতি বর্গ কিলােমিটাৰত ৩১৩ জন । এছিয়াৰ জনবহুল দেশবােৰৰ ভিতৰত ভাৰতৰ স্থান এই ক্ষেত্ৰত বাংলাদেশ আৰু জাপানৰ পাছতেই । তদুপৰি , ভাৰতত জনবসতিৰ এই পৰিসংখ্যা বিগত অর্ধ শতিকাৰ পৰিসৰত প্রায় তিনি জোখ বৃদ্ধি পাইছে । এই অনুক্রমে ১৯৫১ চনত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলােমিটাৰত ১১৭ জন আছিল যদিও ১৯৭১ চনত এই পৰিসংখ্যা ১৬৭ জন আৰু ১৯৯১ চনত ২৫৭ জনলৈ বৃদ্ধি পাই ২০০১ চনত ৩১৩ জন হৈছেহি । ভাৰতবৰ্ষৰ ৰাজ্য বিশেষে জনসংখ্যা ঘনত্ব ভিন্ ভিন্ হােৱা পৰিলক্ষিত হয় । দিল্লীত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলােমিটাৰত সর্বাধিক ৯,৩৪০ জন হােৱাৰ বিপৰীতে অৰুণাচল প্রদেশৰ ঘনত্ব প্রতি বর্গ কিলােমিটাৰত মাত্র ১৩ জন । 

১৩। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ প্ৰতিৰূপ ব্যাখ্যা কৰা । 

উত্তৰঃ ১৯৯১-২০০১ চনৰ দশকটোত ভাৰতত জনসংখ্যা বৃদ্ধিৰ সামগ্রিক হাৰ আছিল ২১.৪৭ শতাংশ । ৰাজ্যৰ পৰিসৰত নাগালেণ্ডত দেশৰ ভিতৰতে সর্বাধিক ৬৪.৪১ শতাংশ হাৰত জনসংখ্যা বৃদ্ধি পাইছিল । ইয়াৰ পিছত ক্রমে ছিকিম আৰু মণিপুৰে স্থান লাভ কৰিছে । কেৰেলাত জনসংখ্যা বৃদ্ধিৰ হাৰ দেশৰ ভিতৰতে সর্বনিম্ন ৯.৪২ শতাংশ । কেন্দ্রীয় শাসিত দাদৰা নগৰ হাভেলি , দমন আৰু দিউ , দিল্লী , চণ্ডীগড় আদিত জনসংখ্যা বৃদ্ধি ঘাইকৈ প্ৰৱজনৰ ফলতে ঘটিছে । ত্ৰিপুৰা, অসম , পশ্চিমবংগ , উৰিষ্যা , ছত্তিচগড় , অন্ধ্রপ্রদেশ , কর্ণাটক আৰু তামিলনাড়ু , কেৰেলা আদিত জনসংখ্যা বৃদ্ধি হাৰ ৰাষ্ট্ৰীয় গড় বৃদ্ধিতকৈ কম । কিন্তু , ঝাৰখণ্ড , বিহাৰ , উত্তৰপ্ৰদেশ , মধ্যপ্রদেশ , মহাৰাষ্ট্র , গুজৰাট , ৰাজস্থান আৰু হাৰিয়ানাত জনসংখ্যা বৃদ্ধি হাৰ ৰাষ্ট্ৰীয় গড় বৃদ্ধি হাৰতকৈ বেছি । 

১৪। ৰাজ্য অনুসৰি কৰ্মৰত লােকৰ পৰিমাণৰ ওপৰত এটি টোকা লিখা ।

উত্তৰঃ ভাৰতৰ বিভিন্ন আর্থিক খণ্ডত নিযুক্তিৰ অনুপাত ৰাজ্যভেদে পৃথক হােৱা দেখা যায় । সর্বভাৰতীয় নিৰিখত কৃষকৰ অনুপাত মুঠ কৰ্মৰত জনবলৰ ৩১.৭ শতাংশ হােৱাৰ বিপৰীতে হিমাচল প্রদেশ ( ৬৫.৩ % ) , নাগালেণ্ড ( ৬৪.৭ % ) , ৰাজস্থান ( ৫৫.৩ % ) আৰু মিজোৰাম ( ৫৪.৯ % ) ৰাজ্যত ইয়াৰ অনুপাত বহুত বেছি । সেইদৰে কৃষি শ্রমিকৰ সংখ্যাধিক্য আকৌ অন্ধ্রপ্রদেশ ( ৩৯.৬ % ) , উৰিষ্যা ( ৩৫ % ) , ছত্তিছগড় ( ৩১.৯ % ) , তামিলনাডু ( ৩০.৯ % ) , মধ্যপ্রদেশ ( ২৮.৭ % ) আৰু ঝাৰখণ্ড ( ২৮.২ % ) ৰাজ্যত সর্বভাৰতীয় নিৰিখ ২৬.৫ শতাংশৰ ওপৰত হােৱা দেখা যায় । কৃষক আৰু কৃষি শ্রমিক , অর্থাৎ যিকোনাে প্রকাৰে কৃষি খণ্ডটোত নিযুক্ত লােৰ সামগ্রিক অনুপাত আকৌ ছত্তীচগড় ৰাজ্যতে সর্বাধিক ( ৭৬.৪ % ) । 

বাদবাকী আন ১০ খন অতিমাত্রা কৃষি নির্ভৰ ৰাজ্যৰ ভিতৰত মধ্যপ্রদেশ ( ৭১.৫ % ) , হিমাচল প্রদেশ ( ৬৮.৫ % ) , নাগালেণ্ড ( ৬৮.৩ % ) আৰু ঝাৰখণ্ড ( ৬৬.৭ % ) অগ্রগণ্য । ইফালে চণ্ডীগঢ় ( ৯৮ % ) , দিল্লী ( ৯৫.৭ % ) , পণ্ডিচেৰী ( ৭৩.৯ % ) প্রভৃতি প্রশাসন তথা বাণিজ্য প্রধান এলেকাসমূহত প্রাথমিক খণ্ডৰ তুলনাত তৃতীয় খণ্ডত নিয়ােজিত লােকৰ সংখ্যা অধিক । গােৱা প্ৰদেশৰ অধিকাংশ লােকৰ জীৱিকা পর্যটন উদ্যোগৰ লগত জড়িত । তেনেকৈয়ে কেৰেলাৰ প্রধান জীৱিকা ক্ষেত্র মীন , পৰিবহন আৰু নাৰিকল ভিত্তিক উদ্যোগসমূহ । পঞ্জাবৰ বেলিকা আকৌ কৃষিখণ্ডটো অধিক পৰিমাণে প্রযুক্তি নির্ভৰ আৰু ৰাজ্যখনৰ যথেষ্ট সংখ্যক লােকেই প্রাথমিক কাৰিকৰী দক্ষতা সম্পন্ন হােৱাৰ বাবে মজলীয়া উদ্যোগসমূহত বহু লােকৰ মকৰল সম্ভৱ হৈছে । সেয়েহে গােৱা ( ৮০.৭ % ) , কেৰেলা ( ৭৩.৬ % ) আৰু পঞ্জাব ( ৫৭.৪ % ) প্রদেশৰ কৰ্মৰত লােকসকলৰ ভিতৰত কৃষিভিন্ন খণ্ডসমূহত মকৰলপ্রাপ্ত লােকৰ সংখ্যা যথেষ্ট বেছি ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

দীঘল উত্তৰৰ প্ৰশ্ন

১৫। ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্বৰ তাৰতম্য ব্যাখ্যা কৰা । 

উত্তৰঃ ২০০১ চনৰ জনগণনা ভিত্তিক ভাৰতত জনবসতিৰ ঘনত্ব হৈছে প্রতি বর্গ কিলােমিটাৰত ৩১৩ জন । এছিয়াৰ জনবহুল দেশবােৰৰ ভিতৰত ভাৰতৰ স্থান এই ক্ষেত্ৰত বাংলাদেশ আৰু জাপানৰ পাছতেই । তদুপৰি , ভাৰতত জনবসতিৰ এই পৰিসংখ্যা বিগত অর্থ শতিকাৰ পৰিসৰতপ্রায় তিনি জোখ বৃদ্ধি পাইছে । এই অনুক্রমে ১৯৫১ চনত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলােমিটাৰত ১১৭ জন আছিল যদিও ১৯৭১ চনত এই পৰিসংখ্যা ১৬৭ জন আৰু ১৯৯১ চনত ২৫৭ জনলৈ বৃদ্ধি পাই ২০০১ চনত ৩১৩ জন হৈছেহি । ভাৰতবৰ্ষৰ ৰাজ্য বিশেষে জনসংখ্যা ঘনত্ব ভিন ভিন হােৱা পৰিলক্ষিত হয় । দিল্লীত জনসংখ্যা ঘনত্ব প্রতি বর্গকিলােমিটাৰত সর্বাধিক ৯,৩৪০ জন হােৱাৰ বিপৰীতে অৰুণাচল প্রদেশৰ ঘনত্ব প্রতি বর্গ কিলােমিটাৰত মাত্র ১৩ জন । 

উত্তৰঃ ভাৰতৰ সমভূমি ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগ , বিহাৰ , উত্তৰ প্ৰদেশ , পাঞ্জাৱ আৰু হাৰিয়ানা ; উপদ্বীপীয় ভাৰতৰ কেৰেলা , তামিলনাড়ু , গােৱা , ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ আৰু ব্রহ্মপুত্র উপত্যকাৰ একমাত্ৰ অসমৰ জনসংখ্যা ঘনত্ব ৰাষ্ট্ৰীয় গড় ঘনত্বতকৈ বেছি । ত্রিপুৰা , উপদ্বীপীয় ভাৰতৰ কেউখন ৰাজ্য আৰু উত্তৰাঞ্চলত জনসংখ্যা ঘনত্ব হ’ল ১৫০-৩১০ জনৰ ভিতৰত , অর্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘনত্ব আৰু ইয়াৰ অর্ধেক অৱস্থাৰ পৰিসৰত । আনহাতে জম্মু – কাশ্মীৰৰ পৰা অৰুণাচল হৈ উত্তৰ – পূর্বাঞ্চল পর্যন্ত সিঁচৰিত হৈ থকা প্ৰান্তীয় অৱস্থানৰ পার্বত্য ৰাজ্যসমূহত জনসংখ্যা ঘনত্ব নিচেই কম । 

১৬। ভাৰতবৰ্ষত জনসংখ্যাৰ জীৱিকাৰ গঠন সম্পর্কে লিখা । 

উত্তৰঃ ভাৰতবৰ্ষৰ অধিকাংশ লােকেই প্রাথমিক খণ্ডৰ কাৰ্যসমূহক জীৱিকা হিচাপে গ্রহণ কৰে ।ইয়াৰ পিছতে ক্রমে তৃতীয় খণ্ড আৰু দ্বিতীয় খণ্ডৰ কাৰ্যসমূহক তেওঁলােকে জীবিকা হিচাপে গ্রহণ কৰে । ভাৰতৰ কৰ্মৰত লােকসকলক আকৌ নিয়ােগ ক্ষেত্রৰ ধৰণকৰণ অনুসৰি কৃষক , কৃষি শ্রমিক , কুটীৰ শিল্পৰ শ্ৰমিক আৰু অন্যান্য ক্ষেত্ৰৰ কৰ্মী শীর্ষক চাৰিটা শ্ৰেণীত বিভক্ত কৰা হয় । এই শ্রেণী বিভাজন কাৰ্যৰ পৰাই দেশৰ অধিকাংশ শ্রমবল কৃষিকেন্দ্রীক প্রাথমিক খণ্ডটোত সােমাই থকাৰ কথা স্পষ্ট হৈ পৰে । দেশখনৰ ৫৮.২ শতাংশ কর্মৰত লােকেই কৃষক অথবা কৃষি শ্রমিক । কুটীৰ শিল্পত নিযুক্ত লােকৰ সংখ্যা মাত্র ৪.২ শতাংশ । অৱশিষ্ট ৩৭.৬ শতাংশ লােক অন্যান্য পর্যায়ৰ উদ্যোগ , বাণিজ্য , বিনির্মাণ আৰু মেৰামতি , পৰিবহণ অথবা আন যিকোনাে ধৰণৰ সেৱা খণ্ডসমূহত কৰ্মৰত হৈ আছে । তলত দিয়া তালিকাত বিভিন্ন নিয়ােগ খণ্ডত নিয়ােজিত হৈ থকা মহিলা আৰু পুৰুষ কর্মীৰ সংখ্যা দেখুওৱা হ’ল — 

১৮। ভাৰতবৰ্ষৰ জনসংখ্যাৰ গ্ৰাম্য গাঁথনি সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ ৭২ শতাংশ লােকেই গ্রামাঞ্চলত বসবাস কৰে । দেশৰ সমুঠ ৬,৩৮,৫৮৮ খন ৰাজহ আর্জিত গাঁৱৰ ভিতৰত ৫,৯১,৭৩১ খন গাঁৱত জনবসতি ৯৩ % পােৱা যায় । দেশৰ এই গাওঁসমূহৰ আকাৰ , অৱস্থান আৰু জনসংখ্যাৰ দৃশ্যপটৰ মাজত যথেষ্ট আঞ্চলিক পার্থক্য আছে । হিমাচল প্রদেশ , বিহাৰ , ছিকিম , অসম , উৰিষ্যা , ত্ৰিপুৰা , নাগালেণ্ড আৰু মেঘালয় প্রভৃতি ৰাজ্যসমূহত গাওঁবাসীৰ অনুপাত অস্বাভাৱিকভাৱে বেছি । আনহাতে , গােৱা , মিজোৰাম , তামিলনাড়ু , মহাৰাষ্ট্ৰ আৰু গুজৰাট আদি ৰাজ্যত গাওঁবাসীৰ সংখ্যা তুলনামূলকভাৱে কম । বাকী ৰাজ্যসমূহৰ গ্ৰাম্য জনসংখ্যা নিজ নিজ ৰাজ্যৰ মুঠ জনসংখ্যাৰ ২০-৩৫ শতাংশ , অর্থাৎ ৰাষ্ট্ৰীয় গড় ৰাশিৰ ওচৰে – পাজৰে পােৱা যায় । ভাৰতৰ কেন্দ্রীয় শাসিত এলেকাবােৰত গাওঁবাসীৰ সংখ্যা ৰাষ্ট্ৰীয় অনুপাতৰ ৭২ শতাংশতকৈ কম । দিল্লী আৰু চণ্ডীগড় কেন্দ্রীয় শাসিত অঞ্চল দুটাত গাওঁবাসীৰ সংখ্যা ক্রমান্বয়ে ৭ % আৰু ১০.৩ % । আনহাতে , দাদৰা নগৰ হাভেলিত গাওঁবাসীৰ অনুপাত ৭৭.১ শতাংশ । 

১৮। ভাৰতীয় জনসংখ্যাৰ পৌৰ গাঁথনি সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ২০০১ চনৰ লােকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ ২৭.৮ শতাংশ লােক পৌৰ এলেকাত বাস কৰে । কিন্তু , দেশব্যাপী এই পৌৰ বসতিৰ বিস্তৃতিৰ নিৰিখ একে নহয় । কলকাতা , চেন্নাই , মুম্বাই হাইদৰাবাদ , য়ানম , মাহী , পণ্ডিচেৰী , শ্রীনগৰ , চণ্ডীগড় , দিল্লী , গান্ধীনগৰ , হাওড়া , কানপুৰ , হুগলী প্রভৃতি জিলাসমূহত পৌৰ বাসিন্দাৰ সংখ্যা ৮০ শতাংশৰ অধিক । আনহাতে , সিন্ধু গাংগেয় সমভূমিৰ কৃষিপ্রধান অর্থনীতিৰ অঞ্চলসমূহত পৌৰবাসী লােকৰ সংখ্যা তুলনামূলক ভাৱে কম হােৱা দেখা যায় । 

হিমালয় পার্বত্য এলেকাত , গুজৰাট আৰু ৰাজস্থানৰ অন্তৰ্গত তিনিখন জিলা ক্রমে মল্লানি , জালােৰ আৰু বসনকণ্ঠ আৰু দাক্ষিণাত্য মালভূমিৰ পাঁচ মহল , মান্দাচ’ৰ , চন্দ্ৰপুৰ , চাওতাল পৰাগণা প্রভৃতি জিলাসমূহত পৌৰবাসীৰ সংখ্যা মুঠ জনসংখ্যাৰ প্রায় পাঁচ শতাংশহে পােৱা যায় । হিমাচল প্রদেশৰ লাহৌল স্পিটি আৰু কিন্নৌৰ , অৰুণাচল প্রদেশৰ টাৱাং , পূৱ কামেং , উজনি সােৱণশিৰি , চাংলাং আৰু মণিপুৰৰ টামেংলং , সেনাপতি , পূৱ মণিপুৰ প্রভৃতি জিলাসমূহত এতিয়ালৈকে পৌৰ বসতি গঢ় লােৱাই নাই । আনহাতে , মিজোৰামৰ একেবাৰে দক্ষিণ সীমাত অৱস্থিত চাইহা আৰু লংগটাই নামৰ জিলা দুখনৰ বাহিৰে ৰাজ্যখনৰ বাকী ছখন জিলাৰ প্ৰতি খনতেই ৪০-৫০ শতাংশ লােকেই পৌৰ অঞ্চলত বসবাস কৰে । 

২০০১ চনৰ লােকপিয়ল অনুসৰি দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ ভিতৰত নগৰীকৰণৰ প্রথম আঠটা স্থানত আছিল একাদিক্রমে দিল্লী , চণ্ডীগড় , পণ্ডিচেৰী , গােৱা , মিজোৰাম , লাক্ষাদ্বীপ, তামিলনাড়ু আৰু মহাৰাষ্ট্র । 

১৯। ভাৰতীয় জনসংখ্যাৰ ভাষিক গাঁথনি সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ ভাৰতবৰ্ষ এখন বহুভাষিক দেশ । এই দেশত বৰ্ত্তমান ১৬০০-১৭০০ টা কথিত ভাষা আছে । কিন্তু , ইয়াৰে কিছুমান ভাষা – ভাষী লােকৰ সংখ্যা এশতকৈও কম । ১০০০ জনতকৈ

কম লােকৰ মাজত প্রচলিত ভাষা আমাৰ দেশত ৯৪ টা আছে । আনহাতে , ৭৭ % লােকে মাতৃভাষা হিচাপে মাত্র ২৩ টা ভাষাহে ব্যৱহাৰ কৰে । দেশত প্রচলিত সৰু বৰ ভাষাসমূহ মূলতঃ ৪ টা শ্ৰেণীত বিভক্ত কৰা হৈছে । 

এই শ্রেণীকেইটা হ’ল ক্রমে – অষ্ট্ৰিক মূলৰ ভাষা দ্রাবিড় গােষ্ঠীয় ভাষা , চীন – তিব্বতীয় ভাষাগােষ্ঠী আৰু ইণ্ড ’ ইউৰােপীয় অথবা আর্যমূলীয় ভাষা । ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত দেশৰ প্ৰচলিত ১৯ টা ভাষাক স্বীকৃত ভাষাৰ মান্যতা দিয়া হৈছে । এই স্বীকৃত ভাষাকেইটা হ’ল অসমীয়া , বাংলা , গুজৰাটী , হিন্দী , কন্নাড় , কাশ্মীৰী , মালায়ালম , কোংকণী , মণিপুৰী , মাৰাঠী , নেপালী , উৰিয়া , পাঞ্জাৱী , সংস্কৃত , তামিল , তেলেগু , উর্দু আৰু সিন্ধি । আমাৰ দেশত বহুত ভাৱে প্ৰচলিত ইংৰাজী ভাষা কাৰৰ মাতৃভাষা নহয় । এই ভাষাক আনুষ্ঠানিক ভাষা আৰু দেশী – বিদেশী আন ভাষাৰ সংযােগী হিচাপে ব্যৱহাৰ কৰা হয় ।

২০। ভাৰতীয় জনসংখ্যাৰ ধর্মীয় গাঁথনিৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ ভাৰতবৰ্ষ এখন বহুধর্মীয় আৰু ধৰ্মনিৰপেক্ষ দেশ । হিন্দু , মুছলমান , খ্রীষ্টিয়ান , শিখ , বৌদ্ধ আৰু জৈন ধৰ্মাৱলম্বী লােকৰ উপৰিও সূর্য উপাসক পাৰ্চীসকল আৰু আন বহুতাে বিভিন্ন ধর্মীয় মতাদৰ্শৰ অনুগামী লােক এই দেশত পােৱা যায় । দেশত সকলাে ধৰ্মৰ লােকৰে জনসংখ্যা কম – বেছি পৰিমাণে বৃদ্ধি পাই আহিছে আৰু ৰাজ্য অনুসৰি বিভিন্ন ধর্মীয় লােকৰ সংখ্যাৰ বিতৰণত বিভিন্নতা দেখা যায় । অন্ধ্রপ্রদেশ , গুজৰাট , হাৰিয়ানা , হিমাচল প্রদেশ , কর্ণাটক , মধ্যপ্রদেশ, উৰিষ্যা , ৰাজস্থান , তামিলনাড়ু আৰু ত্ৰিপুৰা ৰাজ্যৰ উপৰিও কেন্দ্রীয় শাসিত অঞ্চল দাদৰা নগৰ হাভেলি । দমন – ডিউ আৰু পণ্ডিচেৰীত হিন্দু – ধৰ্মীৰ সংখ্যাৰ ৰাষ্ট্ৰীয় অনুপাত ৮২.৪ শতাংশৰ অধিক । আনহাতে , জম্মু কাশ্মীৰ , অসম , বিহাৰ , কর্ণাটক , কেৰেলা , উত্তৰ প্ৰদেশ , পশ্চিমবংগ আৰু কেন্দ্রীয় শাসিত লাক্ষাদ্বীপত মুছলমানৰ সংখ্যা ৰাষ্ট্ৰীয় অনুপাত ১১.৭ শতাংশ । আকৌ , দেশৰ ৫৪.১৪ শতাংশ মুছলমান ধর্মী লােক জম্মু – কাশ্মীৰ , বিহাৰ , উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ বাসিন্দা । তামিলনাড়ু , কেৰেলা আৰু অন্ধ্রপ্রদেশতে অর্ধেক সংখ্যক খ্রীষ্টান ধর্মী লােকেবসবাস কৰে । 

কিন্তু , মুঠ জনসংখ্যাৰ হিচাপত নাগালেণ্ড , মিজোৰাম , মেঘালয় , মণিপুৰ , গােৱা আৰু আন্দামান নিকোবৰৰ জনগাঁথনিত এই ধর্মী লােকক উচ্চ অনুপাতত পােৱা যায় । ৯৫ শতাংশ শিখ ধর্মী লােকৰ বাসভূমি হৈছে পাঞ্জাৱ , ৰাজস্থান , হাৰিয়ানা , দিল্লী , উত্তৰপ্ৰদেশ আৰু চণ্ডীগড় । বিশেষকৈ পঞ্জাৱৰ ৬২.৯৫ শতাংশ লােকেই শিখ ধর্মী । দেশৰ ৮৮.৩১ শতাংশ বৌদ্ধ ধর্মীয়েই মহাৰাষ্ট্রৰ বাসিন্দা । অৰুণাচল , চিকিম , মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশততা ঠায়ে ঠায়ে এই ধৰ্মৰ লােক পােৱা যায় । গুজৰাট , মধ্যপ্রদেশ , মহাৰাষ্ট্র আৰু ৰাজস্থানত দেশৰ তিনি – চতুর্থাংশ জৈন ধর্মাৱলম্বীৰ বসতি । বাকীবােৰ দেশৰ বিভিন্ন ৰাজ্যত সিচঁৰিত হৈ আছে । 

২১। এক সবল অর্থনৈতিক শক্তি হিচাপে ভাৰতে মূৰ দাঙি উঠিব পৰা নাই কিয় ? 

উত্তৰঃ ক্ষিপ্র গতিৰ জনসংখ্যা বৃদ্ধিয়ে ভাৰতৰ উন্নয়নমূলক কাম – কাজৰ প্রধান অন্তৰায় হৈ আহিছে । ধাৰাবাহিক জনসংখ্যা বৃদ্ধিয়ে ৰাষ্ট্রৰ আর্থিক আৰু বৌদ্ধিক যােত্ৰৰ বুজন অংশ এটাক কেৱল বর্ধিত জনসংখ্যাৰ ন্যূনতম অভাৱ পূৰণৰ পৰিসৰত আৱদ্ধ ৰাখিছে । ফলত বশ্বমানৰ প্ৰতিযােগিতাত ভাৰতৰ জনসম্পদ আৰুপণ্য সম্পদৰ অগ্রগতি বহুক্ষেত্ৰত বাধাগ্রস্ত হৈছে ।  এনেবােৰ কাৰণতেই এক সৱল অর্থনৈতিক শক্তি হিচাপে ভাৰতে মূৰ দাঙি উঠিব পৰা নাই ।

২২। ভাৰতক গ্রাম্য ভূমি বুলি কোৱা হয় । ইয়াৰ তাৎপর্য কি ?

উত্তৰঃ ভাৰত এখন কৃষি প্রধান দেশ । কৃষিক কেন্দ্ৰ কৰিয়েই ইয়াত গ্রাম্য জনবসতি গঢ় লৈ উঠিছে । সেয়ে ভাৰতক গ্রাম্য ভূমি বুলি কোৱা হয় । 

২৩। ভাৰতৰ নগৰীয়া বিকাশত আঞ্চলিক পার্থক্যৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ২০০১ চনৰ জনগণনা অনুসৰি দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্রিয় শাসিত অঞ্চলসমূহৰ ভিতৰত নগৰীকৰণৰ প্ৰথম আঠটা স্থানত আছিল একাদিক্রমে দিল্লী , চত্তীগড় , পণ্ডিচেৰী , গােৱা , মিজোৰাম , লাক্ষাদ্বীপ , তামিলনাড়ু আৰু মহাৰাষ্ট্র । বাদবাকী গুজৰাট , পঞ্জাৱ , কর্ণাটক , হাৰিয়ানা , পশ্চিমবংগ আৰু কেন্দ্রীয়শাসিত অঞ্চল আন্দামান নিকোবৰ দ্বীপসমূহত পৌৰ বসতিৰ নিৰীখ ৰাষ্ট্ৰীয় পৰিসংখ্যা ২৭.৮ শতাংশতকৈ ওপৰত আছিল । ইফালে অন্ধ্রপ্রদেশ , মধ্যপ্রদেশ , কেৰালা , উত্তৰাঞ্চল প্রভৃতি ৰাজ্যসমূহৰ পৌৰ বসতি ৰাষ্ট্ৰীয় গড় পৰিসংখ্যাৰ সামান্য তলত আছিল । দেশৰ আন সাতখন ৰাজ্য অথবা কেন্দ্রীয় শাসিত অঞ্চলত পৌৰ বসতিৰ নিৰীখ ২০-২৫ শতাংশৰ ভিতৰত । এই ভূ – খণ্ডসমূহ হৈছে একাদিক্রমে জন্মু কাশ্মীৰ , মণিপুৰ , ৰাজস্থান , দাদৰা – নগৰ – হাফেলী , ঝাৰখণ্ড , উত্তৰ প্ৰদেশ আৰু অৰুণাচল প্রদেশ, ছত্তীশগড় , মেঘালয় , নাগালেণ্ড , ত্ৰিপুৰা , উৰিষ্যা , অসম , ছিকিম , বিহাৰ আৰু হিমাচল প্রদেশত পৌৰবসৰি নিৰিখ সৰ্বভাৰতীয় নিৰিখৰ ভালেখিনি তলত ৰৈ যােৱা দেখা যায় ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising