Class 12 Geography Unit 20 ভাৰতৰ জনবসতি

Class 12 Geography Unit 20 ভাৰতৰ জনবসতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 20 ভাৰতৰ জনবসতি and select needs one.

Class 12 Geography Unit 20 ভাৰতৰ জনবসতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 20 ভাৰতৰ জনবসতি Solutions for All Subject, You can practice these here…

ভাৰতৰ জনবসতি

অধ্যায় – ২০

তৃতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

১। তলৰ কোনখন চহৰ নদীৰ পাৰত অৱস্থিত নহয় –

( i ) আগ্রা ।

( ii ) কলকতা ।

( iii ) পাটনা । আৰু

( iv ) ভূপাল ।

উত্তৰঃ ( iv ) ভূপাল । 

২। ভাৰতৰ লােকপিয়লত তলৰ কোনটো উদ্ধৃত চহৰৰ সংজ্ঞাৰ অংশ নহয়— 

( i ) জনসংখ্যাৰ পৰিমাণ ৫০০০ জনৰ অধিক হ’ব লাগে । 

( ii ) নগৰপালিকা , নিগম , সেনাচাউনী থাকিব লাগে । 

( iii ) জনসংখ্যা ঘনত্ব ৫০০০ জনৰ অধিক হ’ব লাগে । আৰু

( iv ) ৭৫ শতাংশ লােক প্রাথমিক খণ্ডৰ কামত নিয়ােজিত হ’ব লাগে । 

উত্তৰঃ ( iv ) ৭৫ শতাংশ লােক প্রাথমিক খণ্ডৰ কামত নিয়ােজিত হ’ব লাগে । 

৩। তলৰ কোনটো পৰিৱেশত বিৰল বসতিৰ প্রাধান্যতা দেখা যায় – 

( i ) গংগাৰ প্লাৱন ভূমিত ।

( ii ) ৰাজস্থানৰ মৰুভূমি আৰু অৰ্ধৰ্মৰুময় অঞ্চলত ।

( iii ) হিমালয়ৰ নিম্নউপত্যকাবােত । আৰু

( iv ) উত্তৰ – পূৱ ভাৰতৰ অৰণ্যভূমি আৰু পাৰ্বতীয়া ঠাইবােৰত ।

উত্তৰঃ ( ii ) ৰাজস্থানৰ মৰুভূমি আৰু অৰ্ধৰ্মৰুময় অঞ্চলত ।

৪। তলৰ কোনটো পৌৰ এলেকাত জনসংখ্যাৰ পৰিমাণ সর্বাধিক –

( i ) কলকতা ।

( ii ) বৃহত্তৰ মুম্বাই ।

( iii ) দিল্লী । আৰু 

( iv ) বাংগালােৰ ।

উত্তৰঃ ( ii ) বৃহত্তৰ মুম্বাই ।

৫। দুৰ্গা চহৰ কোনবােৰ ? সিহঁতৰ কামবােৰ কি ? 

উত্তৰঃ সামৰিক ছাউনিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা চহৰবােৰকে দুৰ্গা চহৰ বােলে । যেনেঃ আম্বালা , পাঠানকোট ইত্যাদি । 

৬। মেট্ৰ’পলিটান চিটি কোনবােৰ ? এই চিটিসমূহ কিদৰে সন্নিহিত চহৰপুঞ্জৰ পৰা পৃথক । 

উত্তৰঃ এক নিযুতৰ পৰা পাঁচ নিযুতাধিক জনসংখ্যাৰ চহৰসমূহক মেট্র’পলিটান চহৰ বা বৃদ্ধ চহৰ বােলা হয় । 

মেট্রপলিটান চহৰসমূহ এখন বৃহৎ জনবহুল চহৰ হােৱাৰ বিপৰীতে সন্নিহিত চহৰপুঞ্জসমূহ একোখন চহৰৰ নগৰ নিগমৰ অধীনস্থ এলেকাৰ পৰিধি চুই যােৱা অৱস্থানত পৃথক প্রশাসনাধীন কিছুমান চহৰকণা । 

৭। সন্নিহিত চহৰপুঞ্জ এটা কেনেকৈ চিনাক্ত কৰিব পাৰি ? 

উত্তৰঃ লােকপিয়ল সহায়ত সন্নিহিত চহৰপুঞ্জ এটাক চিনাক্ত কৰিব পাৰি জনসংখ্যাৰ ভত্তিত এই চহৰসমূহ গঠিত হয় । 

৮। মৰুভূমি অঞ্চলত গাওঁ থকাৰ প্ৰধান কাৰণসমূহ কি কি ? 

উত্তৰঃ আর্থিক ভাৱে অনগ্ৰসৰ আৰু যাতায়াত ব্যৱস্থা পিছ পৰি ৰােৱা এলেকাত বিৰল সতি গঢ় লৈ উঠা দেখা যায় । 

৯। বিৰল বসতি কেনেকুৱা পৰিবেশত গঢ়ি উঠে ? 

উত্তৰঃ আর্থিকভাৱে অনগ্ৰসৰ আৰু যাতায়াত ব্যৱস্থা পিছ পৰি ৰােৱা এলেকাত বিৰল সতি গঢ় লৈ উঠা দেখা যায় । 

১০। বিখণ্ডিত বসতি কি ? 

উত্তৰঃ দেশৰ বহুতাে অঞ্চলত একে নামৰ একেখন গাঁৱৰ বাসিন্দাসকল সমাজ অংস্কৃতিকভাৱে অভিন্ন হৈ থকাৰ স্বত্বেও তেওঁলােক বিভিন্ন ফৈদত বিভক্ত হৈ প্রতিটো ফৈদেই পৰস্পৰ দূৰে দূৰে বসতি স্থাপন কৰে । এনে বসতিকে বিখণ্ডিত বসতি বােলা হয় । 

১১। সুসংহত বসতি বুলিলে কি বুজা ? 

উত্তৰঃ কৃষি নাইবা বিস্তীর্ণ ভূমিকেন্দ্রীক অন্যান্য অর্থনীতিৰ গ্ৰাম্য এলেকাৰ সুবিধাজনক অংশ এটাত প্রায় সমুদায় গাওঁবাসীয়ে পৰস্পৰ লগালগিকৈ ঘৰ – দুৱাৰ সাজি বসতি গঢ়ি তােলে । যাতায়াত পথ , নদী অথবা আন কোনাে প্রাকৃতিক জলাশয় প্রভৃতি বিস্তৃতি অনুসৰি সুসংহতভাৱে ভাঢ় লােৱা এনে বসতিকে সুসংহত বসতি বােলে । 

চমু উত্তৰ দিয়া

১২৷ ভাৰতবৰ্ষৰ গ্ৰাম্য বসতিৰ প্ৰকাৰবােৰ কি কি ? 

উত্তৰঃ ভাৰতবৰ্ষৰ গ্ৰাম্য বসতিৰ মুঠ প্রতিৰূপ চাৰিটা প্ৰকাৰৰ সেয়া হলঃ 

ক ) সুসংহত বসতি ।

খ ) অর্ধসংহত বসতি ।

গ ) বিখণ্ডিত বসতি । আৰু 

ঘ ) বিৰল বসতি ।

( ক ) সুসংহত বসতিঃ কৃষি নাইবা বিস্তীর্ণ ভূমিকেন্দ্রীক অন্যান্য অর্থনীতিৰ গ্ৰাম্য এলেকাৰ সুবিধাজনক অংশ এটাত প্রায় সমুদায় গাওঁবাসীয়ে পৰস্পৰ লগালগিকৈ ঘৰ – দুৱাৰ সাজি এটি বসতি প্রতিৰূপ গঢ়ি তােলে । যাতায়াত পথ , নদী অথবা আন কোনাে প্রাকৃতিক জলাশয় প্রভৃতিৰ বিস্তৃতি অনুসৰি প্ৰতিধৰণৰ সুসংহত গ্রাম্য বসতিৰ নিজস্ব একোটা জ্যামিতিক আকাৰ গঢ় লয় । উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অধিকাংশ গ্রাম্য বসতি বাট – পথ অথবা নদীৰ কাষত ৰৈখিক আৰ্হিত গঢ় লয় । 

( খ ) অর্ধসংহতি বসতিঃ ঘাইকৈ গুজৰাট আৰু ৰাজস্থানৰ সমতল ক্ষেত্ৰত অর্ধসংহত বসতি পােৱা যায় । কিছুমান প্রাকৃতিক অথবা সাংস্কৃতিক কাৰণত একোখন গাঁৱৰ সকলাে বাসিন্দা একেলগে বাস কৰিব নােৱাৰে । উদাহৰণস্বৰূপে , ৰাজস্থানত উৎকৃষ্ট জলাশয় এটাক কেন্দ্র কৰি গাঁৱৰ প্ৰভাৱশালী শ্ৰেণীৰ লােকসকলে একত্রে বসতি স্থাপন কৰে যদিও সীমাবদ্ধ অহাৰ বাকীসকল গাওঁবাসীয়ে মূল জলাশয়ৰ নিতিদূৰত অৱস্থিত আন কিছুমান ক্ষুদ্র জলাশয়ক কেন্দ্র কৰি বসতি স্থাপন কৰে । 

( গ ) বিখণ্ডিত বসতিঃ দেশৰ বহুতাে অঞ্চলত একে নামৰ একেখন গাঁৱৰ বাসিন্দাসকল সমাজ সাংস্কৃতিকভাৱে অভিন্ন হৈ থকা স্বত্বেও তেওঁলােক বিভিন্ন ফৈদত বিভক্ত হৈ প্ৰতিটো ফৈদেই পৰস্পৰ দূৰে দূৰে বসতি স্থাপন কৰে । গ্রাম্য বসতিৰ এনে ক্ষুদ্র গােট একোটাক পান্না , পাৰা , চুবা , পল্লী , নাল্লা , ধানী প্রভৃতি ভিন্ ভিন্ অঞ্চলত ভিন্ ভিন নামেৰে জনা যায় । 

( ঘ ) বিৰল বসূতি :- আর্থিক ভাৱে অনগ্ৰসৰ আৰু যাতায়াত ব্যৱস্থা পিচ পৰি ৰােৱা এলেকাত বিৰল বসতি দেখা যায় । ঘাইকৈ প্রাকৃতিক অবয়বজনিত বিচ্ছিন্নতাই ভাৰতত এনে বসতি গঢ়ি উঠাৰ ঘাই কাৰণ ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

১৩। গ্রাম্য আৰু পৌৰ বসতিৰ মূল প্রভেদ কি ? 

উত্তৰঃ কৃষি , মীন , পশুপালন , অৰণ্য আৰু খনি প্রভৃতি প্রাথমিক পর্যায়ৰ আর্থিক কাম-কাজৰ লগত গ্রাম্য অঞ্চলৰ লােকসকল জড়িত । এওঁলােকৰ অর্থনৈতিক কাম – কাজ বহু দূৰলৈকে প্রাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল । আনহাতে , প্রাথমিক খণ্ডৰ উৎপাদনসমূহ ব্যৱহাৰৰ উপযােগী কৰাৰ লগতে এইবােৰৰ বিপণন আৰু গুণগত মান উন্নয়ন প্রভৃতিৰ লগত জড়িত । কাম-কাজসমূহ নগৰকেন্দ্রীক হয় । অর্থাৎ , নগৰৰ অধিবাসীসকল প্রাথমিক খণ্ডৰ পৰিৱর্তে উদ্যোগ , বাণিজ্য আৰু সেৱাকেন্দ্রীক অর্থনীতিৰ লগতহে পােনপটীয়াভাৱে জড়িত হৈ থাকে । গ্রাম্য বসতিৰ প্ৰতিৰূপ ভিন্ন লক্ষণাক্রান্ত হােৱাৰ বিপৰীতে পৃথিৱীৰ প্ৰতিখন চহৰৰ বসতিক বৃহৎ আকাৰৰ একোটা সুসংহত বসতি বুলিয়েই ক’ব পাৰি । শিল্প , বাণিজ্য , প্রশাসন , যাতায়াত , যােগাযােগ , শিক্ষা , পর্যটন প্রভৃতি নানা তৰহৰ কৃষিভিন্ন অর্থাৎ , ভূমি নিৰ্ভৰশীলতা কম হােৱা ধৰণৰ অর্থকাৰী কাম-কাজত জড়িত চহৰ বাসীসকল নিচেই কম এলেকাৰ পৰিসৰতে থুপ খাই থাকে । ইয়াৰ বিপৰীতে গ্রাম্য বসতি বিস্তৃত অঞ্চল জুৰি থকা দেখা যায় । 

১৪। ভাৰতবৰ্ষৰ নগৰীকৰণ প্রক্রিয়া সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ পৃথিৱীৰ অন্যান্য দেশৰ নগৰীকৰণ প্ৰক্ৰিয়াৰ ফলত ভাৰতবৰ্ষতো দিনে দিনে নগৰৰ সংখ্যা তথা আয়তন আৰু নগৰত বসবাস কৰা লােকৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে । ইয়াৰ বিপৰীতে দেশখনত প্রাথমিক বৃত্তিধাৰী বা গ্রামাঞ্চলত বসবাস কৰা লােকৰ সংখ্যা লাহে লাহে হ্রাস পাবলৈ লৈছে । ২০০১ চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা ১০২৭ নিযুত । উল্লেখযােগ্য যে , জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতবর্ষ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ । গ্রাম্য অর্থনীতি হােৱা হেতুকে ভাৰতবৰ্ষৰ সৰহভাগ লােক কৃষিখণ্ডত নিয়ােজিত বাবে এই দেশৰ সৰহভাগ লোক গ্রাম্য অঞ্চলতে বসবাস কৰিবলগীয়া হয় । 

২০০১ চনৰ লােকপিয়ল অনুসৰি ২৭.৮ শতাংশ লােক নগৰ অঞ্চলত বাস কৰে । কিন্তু পৃথিৱীৰ উন্নত দেশবােৰৰ লগত তুলনা কৰিলে ভাৰতবৰ্ষৰ নগৰীয়া জনসংখ্যাৰ পৰিমাণ অতি কম । কিন্তু , বর্তমান এই সংখ্যা ক্রমশঃ বৃদ্ধি পাবলৈ ধৰিছে । ১৯০১ চনত ভাৰতবৰ্ষত মুঠনগৰৰ সংখ্যা আছিল মাত্র । ১,৯১৬ খন আৰু মুঠ জনসংখ্যা মাত্র ১০.৮ শতাংশহে পৌৰ অঞ্চলত বাস কৰিছিল । কিন্তু , যােৱা প্রায় ১০০ বছৰৰ ভিতৰত এই সংখ্যা বাঢ়ি গৈ ১৯৯১ চনতনগৰৰ সংখ্যা আৰু নাগৰীয়া জনসংখ্যাৰ পৰিমাণ হয়গৈ যথাক্রমে ৩,৬৯৬ আৰু ২৫.৭ শতাংশ । উল্লেখ্য যে এই সময়ছােৱাত নগৰৰ সংখ্যা আৰু নগৰীয়া জনসংখ্যা বৃদ্ধিৰ লগতে নগৰবােৰৰ আয়তনাে বৃদ্ধি পাই আহিছে ।

দীঘল প্ৰশ্নৰ উত্তৰ

১৫। জনসংখ্যাৰ ভিত্তিত ভাৰতবৰ্ষৰ চহৰবােৰক কিদৰে শ্রেণী বিভাজন কৰিছে লিখা । 

উত্তৰঃ ২০০১ চনৰ লােকপিয়ল অনুসৰি ভাৰতবৰ্ষত সৰু বৰ সৰ্বমুঠ চহৰৰ সংখ্যা ৫১৬১ খন । উল্লেখ্য যে , দেশখনৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা চহৰসমূহত বসবাস কৰা লােকৰ সংখ্যা একে নহয় । কোনাে চহৰত ১ নিযুততকৈও অধিক লােকে বাস কৰে যদিও আন কিছুমান চহৰত মাত্র ৫০০০ জন মান মানুহে বাস কৰে । সেইবাবে জনসংখ্যাৰ ভিত্তিত ভাৰতবৰ্ষৰ চহৰসমূহক ৬ টা শ্ৰেণীত বিভক্ত কৰা হৈছে । 

সাধাৰণতে ভাৰতত একো একোখন ঠায়ে নগৰৰ মৰ্যদা পাবলৈ হ’লে ঠাইখনত কমে ৫০০০ জন মানুহে বসবাসৰ লগতে এই সকল লােকৰ ৭৫ শতাংশ অনাকৃষি খণ্ডত নিয়ােজিত হ’ব লাগে । যিবােৰ চহৰৰ জনসংখ্যাৰ পৰিমাণ এক নিযুত বা তাতকৈ অধিক সেইবােৰ চহৰক মেট্র’পলিটান চিটি বা প্রবৃদ্ধ চহৰ হিচাপে জনা যায় । ভাৰতীয় লােকপিয়ল বিভাগে জনসংখ্যাৰ ভিত্তিত শ্রেণী বিভাজন কৰা দেশৰ চহৰবােৰৰ সংখ্যা তলৰ তালিকাত উল্লেখ কৰা হ’ল – 

শ্রেণীজনসংখ্যাৰ পৰিমাণনগৰৰ সংখ্যা
I১,০০,০০০ বা তাতকৈ অধিক লােক থকা৪২৩
II৫০,০০০-৯৯,৯৯৯৪৯৮
III২০,০০০-৪৯,৯৯৯১৩৮৬
IV১০,০০০-১৯,৯৯৯১৫৬০
V৫০০০-৯,৯৯৯১০৫৭
VI৫০০০ তকৈ কম জনসংখ্যা থকা সৰ্বমুঠ – ৫১৬১২২৭

১৬। কোনবিলাক কাৰণৰ বাবে ভাৰতবৰ্ষত বিভিন্ন প্রাকৃতিক পৰিবেশত বিভিন্ন ধৰণৰ জনবসতি গঢ় লৈ উঠিছে ? 

উত্তৰঃ জনবসতিৰ ক্ষেত্ৰত প্ৰভাৱিত কৰা নানা প্রকাৰৰ কাৰকৰ ভিতৰত প্রাকৃতিক কাৰকৰ প্ৰভাৱ অন্যতম । প্রাকৃতিক কাৰকবােৰৰ ভিতৰত ভৌগােলিক অৱস্থান , জলবায়ু , নদ-নদী , পানীৰ সহজলভ্যতা, মৃত্তিকাৰ গুণাগুণ আদি অন্যতম । অসমান আৰু ওখােৰা – মােখােৰা ভূ – প্রকৃতিৰে গঠিত হােৱা বাবে ভাৰতবৰ্ষৰ সমগ্ৰ উত্তৰাঞ্চলৰ হিমালয় পার্বত্য ভূমি আৰু পশ্চিমঘাট পার্বত্য অঞ্চলকে ধৰি দাক্ষিণাত্য মালভূমিৰ পার্বত্য শিলাময় অঞ্চলত জনবসতিৰ ঘনত্ব যথেষ্ট পাতল হােৱাৰ বিপৰীতে যথেষ্ট সাৰুৱা তথা কৃষি উপযােগী হােৱাৰ লগতে পানীৰ সুবিধাৰ বাবে গংগা আৰু ব্ৰহ্মপুত্ৰৰ দৰে নদীসমূহৰ উপত্যকাবােৰত আৰু উপকূলীয় সমভূমিত জনসংখ্যা ঘনত্ব যথেষ্ট বেছি হয় । 

১৭। প্রকাৰ্য্য অনুসৰি চহৰৰ শ্রেণীবিভাজনৰ এটি আলােচনা দাঙি ধৰা । 

উত্তৰঃ প্ৰকাৰ্যৰ আধাৰত ভাৰতবৰ্ষৰ চহৰসমূহক প্রধানকৈ নটা ভাগত বিভক্ত কৰা হৈছে । সেয়া হ’ল – 

( ক ) প্রশাসনিক চহৰঃ নতুন দিল্লী , চণ্ডীগড় , ভূৱনেশ্বৰ , দিছপুৰ , গান্ধীনগৰ প্রভৃতি ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পর্যায় প্রশাসন পৰিচালনাক ঘাই উদ্দেশ্যৰূপে লৈ গঢ়ি উঠা চহৰবােৰ প্ৰশাসনীয়  চহৰৰ অন্তৰ্গত ৷

( খ ) ঔদ্যোগিক চহৰ উদ্যোগ প্রকৰণক প্রধান প্রকার্যৰূপে প্রতিষ্ঠা কৰি গঢ়ি উঠা সৰু বৰ সকলাে চহৰক ঔদ্যোগিক চহৰ বােলে । টাটা নগৰ , বিশাখাপট্টনম , ডিগবৈ আদি এই । শ্রেণীভূক্ত চহৰ । 

( গ ) যাতায়াত চহৰঃ কাণ্ডালা , কোচিন , মাংগালােৰ প্রভৃতি বন্দৰ চহৰ ; মােগল চৰাই , বাউনী , লামডিং প্রভৃতি জংছন ৰে’ল নগৰী ; অথবা দীঘলীয়া যাত্রাপথক বিৰাম অৱস্থানত যাত্রী আৰু যাতায়াত কর্তৃপক্ষক অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ ফলস্বৰূপে মুৰ দাঙি উঠা বােকাখাত , মৰিয়নি প্রভৃতি চহৰবােৰ এই শ্ৰেণীৰ অন্তৰ্গত । 

( ঘ ) বাণিজ্যিক চহৰঃ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি অনা বাণিজ্যিক সম্পদসমূহৰ ব্যাপক বিপণন কার্যই মূল প্রকার্য হিচাপে পৰিগণিত চহৰবােৰ বাণিজ্যিক চহৰৰ শাৰীত পৰে । কলকতা , কানপুৰ , তিনিচুকীয়া প্রভৃতি চহৰ এই শ্রেণীৰ অন্তৰ্গত । 

( ঙ ) খনিজ চহৰঃ খনিজ সম্পদেৰে সমৃদ্ধ অঞ্চলবােৰত খনিকেন্দ্রীক প্রযুক্তি , বিপণন আৰু কল্যাণমূলক সেৱা সম্পাদনৰ লক্ষ্যৰে এনেবােৰ চহৰ মূৰ দাঙি উঠে । ৰাণীগঞ্জ , ধনবাদ প্রভৃতি চহৰ এই শ্রেণীৰ অন্তৰ্গত । 

( চ ) দুৰ্গা তথা প্রতিক্ষা চহৰঃ সামৰিক ছাউনীক কেন্দ্ৰ কৰি এই চহৰসমূহ গঢ়ি উঠে । জলন্ধৰ , ফিৰােজপুৰ প্ৰভৃতি চহৰ এই শ্রেণীৰ চহৰৰ উদাহৰণ । 

( ছ ) শৈক্ষিক চহৰঃ প্রসিদ্ধ শিক্ষানুষ্ঠান একোটা অথবা একাধিক শিক্ষা প্রতিষ্ঠানৰ পুঞ্জীভূত অৱস্থানত গঢ়ি উঠা চহৰবােৰ এই শ্ৰেণীত পৰে । বােলপুৰ , পুণে প্রভৃতি চহৰ এই শ্রেণী চহৰৰ অন্তর্গত । 

( জ ) ধর্মীয় আৰু সাংস্কৃতিক চহৰঃ বাৰানসী , গয়া , হদ্বিাৰ প্ৰভৃতি তীর্থস্থানসমূহ অমৃতসৰ , আজমীৰ প্ৰভৃতি ধর্মীয় সংস্কৃতিৰ কেন্দ্ৰসমূহ ধর্মীয় আৰু সাংস্কৃতিক চহৰৰূপে চিহ্নিত কৰা হয় । 

( ঝ ) পর্যটন চহৰঃ নাইনিতাল , চিমলা , যােধপুৰ , উদয়পুৰ প্ৰভৃতি মহাদেশীয় অৱস্থানৰ চহৰ পানাজী , কন্যাকুমাৰী , পুৰী , দীঘা প্রভৃতি সমুদ্র চৈকতৰ চহৰসমূহ আৰু জয়পুৰ ইলােৰা প্রভৃতি সংস্কৃতি বাহী ইতিহাস প্রসিদ্ধ চহৰসমূহ দেশ – বিদেশৰ পৰ্যটকৰ ঘাই আকষর্ণস্থলী । পর্যটন সেৱাৰ লগত জড়িত এই চহৰসমূহক পর্যটন চহৰ বােলা হয় । 

১৮। গ্রাম্য বসতি কি ? 

উত্তৰঃ কৃষি , মীন , পশুপালন , অৰণ্য আৰু খনি প্রভৃতি প্রাথমিক পর্যায়ৰ আর্থিক কাম কাজৰ লগত লােকসকল ঘাইকৈ গ্রামাঞ্চলৰ বাসিন্দা । এওঁলোক অর্থনৈতিক কাম-কাজ ঘাইকৈ প্রাকৃতিৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল । পৃথিৱীৰ এনে সকলােবােৰ গ্রামাঞ্চলৰ জনবসতি পৰিক্ৰমাটোক গ্রাম্য বসতি বােলা হয় । 

১৯। গ্রাম্য আৰু নগৰীয়া বসতিৰ মাজত যােগসূত্র স্থাপন কৰা । 

উত্তৰঃ গ্রাম্য বসতি কৃষিত , বনজ , খনিজ , আৰু পশুজ আদি প্রাথমিক খণ্ডৰ উৎপাদনৰ লগত জড়িত । নগৰীয়া বসতিত প্রাথমিক খণ্ডৰ উৎপাদনসমূহ ব্যৱহাৰৰ উপযােগী কৰা হয় । গাওঁ আৰু নগৰসমূহৰ আৰ্থ সাংস্কৃতিক পটভূমি সম্পূর্ণ পৃথক ৰূপত দেখুওৱা হয় যদিও বহুতাে গ্রামাঞ্চলত ভালেমান নগৰীয়া লক্ষণ প্রকাশ পায় । ঠিক তেনে ধৰণেই কোনাে এখন নগৰত গাওঁসদৃশ কিছুমান লক্ষণ একেবাৰে নথকা নহয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top