Class 12 Geography Unit 14 জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব

Class 12 Geography Unit 14 জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 14 জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব and select needs one.

Class 12 Geography Unit 14 জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 14 জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব Solutions for All Subject, You can practice these here…

জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব

অধ্যায় – ১৪

দ্বিতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰকসমূহ লিখা । 

উত্তৰঃ অসমত জনসংখ্যা বৃদ্ধিৰ কাৰকসমূহ হলঃ 

ক ) জন্মহাৰ অপৰিৱর্তিত থকা অৱস্থাত মৃত্যুহাৰ হ্রাস 

খ ) অসমত লাহে লাহে বৃদ্ধি পােৱা শিল্প উদ্যোগসমূহলৈ সুদক্ষ শ্রমিকৰ আগমন ঘটাৰ বিপৰীতে অসমৰ পৰা ভাৰতৰ আন ৰাজ্যলৈ নিয়ােগ সূত্রে প্রৱজন ঘটা প্রবাসী অসমীয়াৰ সংখ্যা নিচেই নগণ্য । 

২। অসমত কিমান সংখ্যক গাঁও আছে ? 

উত্তৰঃ অসমত সৰ্বমুঠ ২৬,২৪৭ খন গাঁও আছে । 

৩। অসমৰ ভিতৰত সর্বনিম্ন নগৰীকৰণ জিলাখন কি ? 

উত্তৰঃ অসমৰ ভিতৰত সর্বনিম্ন নগৰীকৰণ জিলাখন হ’ল নলবাৰী । 

৪। অসমত নগৰৰ সংখ্যা কিমান ? 

উত্তৰঃ অসমত নগৰৰ সংখ্যা ১২৫ খন । 

৫। অসমৰ কিমান শতাংশ লােক চহৰত বাস কৰে ? 

উত্তৰঃ অসমত ১৩ শতাংশ লােক চহৰত বাস কৰে ।

৬। অসমৰ কোনখন জিলাত জনসংখ্যা ঘনত্ব বেছি ? 

উত্তৰঃ অসমৰ নগাঁও জিলাত জনসংখ্যা ঘনত্ব সর্বাধিক । 

চমু উত্তৰৰ প্ৰশ্ন

৭। অসমৰ গ্ৰাম্য বসতিৰ প্ৰকাৰ । 

উত্তৰঃ অসমত মুঠতে তিনি প্রকাৰৰ গ্ৰাম্য বসতি আছে । পার্বত্য এলেকাৰ অনেক ঠাইত পল্লী শ্রেণীভুক্ত ক্ষুদ্র গাঁও কিছুমানৰ জনসংখ্যা অতি কম । তদুপৰি এনেবােৰ গাঁৱৰ অধিবাসীসকল নির্দিষ্ট একোটা ফৈদৰ অন্তর্ভুক্ত আৰু ফৈদটোৰ গাইগুটীয়া সংস্কৃতিৰ বাহক । এওঁলােকে সচৰাচৰ নিজস্ব প্ৰণালীৰ ঝুমখেতি , চিকাৰ আৰু সংগ্রহ কার্যৰ দ্বাৰা জীৱিকা অর্জন কৰে । গতিকে , এনে শ্ৰেণীৰ বসতিক নিগাজী গাওঁ বুলিব নােৱাৰি । কৃষি , কুটীৰ শিল্প অথবা মাছধৰা আদি স্থিৰ অৰ্থনীতিৰ লগত জড়িত দ্বিতীয়টো শ্ৰেণীৰ গাওঁসমূহক নিগাজী গাওঁ বুলি কোৱা হয় । 

অসমত এনেবােৰৰ গাঁৱৰ সংখ্যাই সৰহ । অসমৰ গ্ৰাম্যবসতিৰ তৃতীয়টো প্ৰকাৰ চাহ বাগিছাসমূহত পােৱা যায় । চাহ বাগিছাকে ধৰি সু – সংগঠিত বৃহৎ এলেকাব্যাপী পৰিচালনা কৰা ৰােপণ , কৃষি অঞ্চলত পৰিকল্পিতভাৱে গঢ় দিয়া গ্রাম্য বসতিৰ নাম বাগান বসতি বা লেটিফুন্দিয়াম বসতি । আর্থিক আৰু সামাজিকভাৱে সমপর্যায়ৰ শ্রমিক কর্মচাৰীসকল এনে বসতি এলেকাত লগালগিকৈ বাস কৰে । এনে এলেকাৰ বাসিন্দাসকলে কর্মস্থলীৰ মর্যাদা অনুসৰি কিছুমান সা – সুবিধা বহুতৰ মাজত উমৈহতীয়া আৰু আন কিছুমান সুবিধা গাইগুটীয়া পর্যায়ত উপভােগ কৰে ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

দীঘল প্রশ্নৰ উত্তৰ লিখা

৮। অসমত পৌৰ জনসংখ্যাৰ বিতৰণ সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ ২০০১ চনৰ জনগণনা অনুসৰি অসমত মুঠ অধিবাসীৰ ১৩ শতাংশ পৌৰ এলেকাৰ বাসিন্দা । অসমত সৰ্বমুঠ ১২৫ টা পৌৰ এলেকাৰ সিৰ্চৰিত হৈ আছে । প্রাথমিক খণ্ডৰ পৰিবর্তে দ্বিতীয় অথবা উচ্চতৰ খণ্ডৰ কামকাজৰ লগত জড়িত লােকসকলেই এনেবােৰ পৌৰ এলেকাৰ অধিবাসী । অসমত ২৩ খন জিলাৰ ভিতৰত মাত্র কামৰূপ আৰু উত্তৰ কাছাৰ জিলাৰ বাহিৰে আটাইকেইখন জিলাতে পৌৰ জনসংখ্যা ২৮.৭ % তকৈ কম । উত্তৰ কাছাৰ জিলাত গ্রাম্য বসতি অভাৱনীয় ভাৱে কম হােৱাৰ কাৰণে পৌৰ জনসংখ্যাৰ অনুপাত বৃদ্ধি পাইছে । 

কামৰূপ জিলাই ভাৰতৰ গড় চহৰবাসীৰ অনুপাততকৈ অধিক হাৰত পৌৰ জনসংখ্যা থকা অসমৰ একমাত্র জিলা । পৌৰকৰণত ৰাজ্যিক আৰু সর্ব ভাৰতীয় গড় সংখ্যাৰ মাজত জনসংখ্যাৰ জিলা অসমত মাত্ৰ চাৰিখন তিনিচুকীয়া , ডিব্ৰুগড় , যােৰহাট আৰু কাছাৰ জিলা । আঞ্চলিক পৰিসৰত হ’লেও কিছু সংখ্যক ক্ষুদ্র আৰু মজলীয়া উদ্যোগ প্রতিষ্ঠান এই চাৰিখন জিলাৰ আপেক্ষিক উচ্চ নগৰীকৰণৰ প্ৰধান কাৰক । 

আনহাতে অসমৰ ১৪ খন জিলাত নগৰীকৰণৰ পর্যায় ৰাজিক্য গড় মাপ ১৩ % আৰু ইয়াৰ অর্ধাংশৰ ভিতৰত দেখা গৈছে । এই জিলাকেইখনৰ ভিতৰত সর্বাধিক বঙাইগাওঁ জিলাত আৰু সর্বনিম্ন ধেমাজী জিলাত নগৰীয়া জনসংখ্যা পােৱা যায় । আকৌ দৰং , মৰিগাওঁ আৰু নলবাৰী জিলাত ৰাজ্যৰ ভিতৰতে নিম্নতম নগৰবাসী লােক পােৱা যায় । 

৯। অসমত বিভিন্ন ধৰণে বৃদ্ধি পােৱা জনসংখ্যাৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ অসমৰ জিলাসমূহত জনসংখ্যা বৃদ্ধিহাৰ লক্ষ্য কৰিলে দেখা যায় যে কামৰূপ জিলাতেই ১৯৯১ – ২০০১ চনৰ দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ ৰাজ্যৰ ভিতৰতে সর্বাধিক ২৬.১১ শতাংশ । বিভিন্ন জিলাৰ পৰা হােৱা গুৱাহাটীমুখী আন্তঃস্থানীয় প্রব্রজন আৰু অসমৰ বাহিৰৰ অন্যান্য ৰাজ্যৰ পৰা হােৱা আন্তঃৰাজ্যিক প্ৰৱজনেই কামৰূপ জিলাত দ্রুত হাৰত জনসংখ্যা বৃদ্ধিৰ ঘাই কাৰণ । একেদৰেই পার্বত্য জিলা দুখনতাে ২২-২৫ শতাংশ বৃদ্ধি হােৱাৰ কাৰণ হিচাবে উন্মুক্ত ভূমিলৈ আন অঞ্চলৰ পৰা ঘটা প্ৰৱজনৰ কথা উল্লেখ কৰিব পাৰি । ধুবুৰী , গােৱালপাৰা , নগাওঁ , কৰিমগঞ্জ , মৰিগাঁও আৰু হাইলাকান্দি জিলাত একে সময়তে ঘটা কুৰি শতাংশৰ ওপৰৰ বৃদ্ধিৰ হাৰ ৰাজ্যখনলৈ ঘটা সন্দেহজনক অনুপ্ৰৱেশৰ ফল বুলিব পাৰি ।

আকৌ বৰপেটা , দৰং , শােণিতপুৰ , লক্ষিমপুৰ , ধেমাজী , শিৱসাগৰ , তিনিচুকীয়া , কাছাৰ প্রভৃতি ৰাজ্যৰ স্থিৰ অর্থনীতিৰ আঠখন জিলাত বিগত দশকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৫-২০ শতাংশ । অর্থাৎৰাজ্যিক বৃদ্ধি হাৰৰ প্রায় সমান । আনহাতে , কোকৰাঝাৰ , বঙাইগাওঁ , নলবাৰী , গােলাঘাট , যােৰহাট আৰু ডিব্ৰুগড় জিলাত এই সময়ছােৱাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১২-১৫ শতাংশ মাত্র । 

১০। অসমৰ জনসংখ্যা ঘনত্বৰ তাৰতম্যৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ সামগ্ৰিক ৰূপত অসমত জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃ ভূ – ভাগৰ বিপৰীতে ৩৪০ জন । কিন্তু , অঞ্চল নির্বিশেষে এই ঘনত্ব একে নহয় । অসমৰ নগাঁও জিলাত জনসংখ্যাৰ ঘনত্ব ৰাজ্যখনৰ ভিতৰতে সর্বাধিক , প্রতি বর্গ কিল’মিটাৰত ৬০৪ জন । ইয়াৰ পাছত যথাক্রমে ধুবুৰী , কামৰূপ , কৰিমগঞ্জ , নলবাৰী আৰু বৰপেটা জিলাত প্রতি বর্গ কিঃমিঃ এলেকাত ৫০০ জনৰ অধিক লােকে বসবাস কৰা দেখা যায় । মৰিগাওঁ , গােৱালপাৰা , দৰং আৰু হাইলাকান্দি জিলাত জনসংখ্যা ঘনত্ব ৪০১-৫০০ জনৰ পৰিসৰত পােৱা যায় । অসমৰ আঠখন জিলাত জনসংখ্যা ঘনত্ব ৰাজ্যখনৰ সামগ্রিক ঘনত্বৰ ওচৰে – পাজৰে হােৱা দেখা যায় । এই জিলাসমূহ হৈছে যথাক্রমে শিৱসাগৰ , লক্ষিমপুৰ , কাছাৰ , বঙাইগাওঁ , ডিব্ৰুগড় , যােৰহাট , শোণিতপুৰ আৰু তিনিচুকীয়া । বাকী কেইখন জিলাৰ ভিতৰত কোকৰাঝাৰ , গােলাঘাট আৰু ধেমাজী জিলাৰ জনবসতি সেৰেঙা হােৱা দেখা যায় । অসমৰ দুখন পার্বত্য জিলা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাক এতিয়াও বিৰল জনবসতিৰ এলেকা ৰূপে গণ্য কৰিব পাৰি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top