Class 12 Geography Unit 4 মানৱ সম্পদৰ বিকাশ

Class 12 Geography Unit 4 মানৱ সম্পদৰ বিকাশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 4 মানৱ সম্পদৰ বিকাশ and select needs one.

Class 12 Geography Unit 4 মানৱ সম্পদৰ বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 4 মানৱ সম্পদৰ বিকাশ Solutions for All Subject, You can practice these here…

মানৱ সম্পদৰ বিকাশ

অধ্যায় – ৪

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। তলৰ কোনটো অৱস্থাই উন্নয়নৰ স্বৰূপ আটাইতকৈ ভালদৰে ব্যক্ত কৰে ? 

( i ) আকাৰ বৃদ্ধি ।

( ii ) সুসংবদ্ধ আকাৰ ।

( ii ) ধনাত্মক গুণগত পৰিৱর্তন । আৰু

( iv ) গুণমানৰ সাধাৰণ পৰিবর্তন ।

উত্তৰঃ ( iii ) ধনাত্মক গুণগত পৰিৱৰ্তন ।

২। তলৰ কোনখন দেশে মানব উন্নয়নশীর্ষ স্থান লাভ কৰিছে ? 

( i ) জাপান ।

( ii ) নৰৱে ’ ।

( ii ) আর্জেন্টিনা । আৰু

( iv ) ইজিপ্ত ।

উত্তৰঃ ( ii ) নৰৱে ’ ।

৩। মানৱ সম্পদ উন্নয়ন মানে কি ? 

উত্তৰঃ নির্দিষ্ট সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনক অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় । 

৪। মানব সম্পদ উন্নয়নৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল ? 

উত্তৰঃ ড° মেহবুব উল – হকে উদ্ভাৱন কৰিছিল । 

৫। অর্থপূর্ণ জীৱন বুলিলে কি বুজা ? 

উত্তৰঃ সুস্বাস্থ্য , অৰ্হতা বিকাশৰ সামর্থ , সমাজ পৰিক্ৰমাত অংশ গ্রহণ আৰু লক্ষ্যত উপনীত হাৱাৰ যােগ্যতা সম্পন্ন উদ্দেশ্যধর্মী জীৱনকে অর্থপূর্ণ জীৱন বুলি কোৱা হয় ।

৬। মানৱ সম্পদ উন্নয়নৰ মূল উপাদানকেইটা কি কি ? 

উত্তৰঃ মানৱ সম্পদ উন্নয়ন সাধাৰণতে চাৰিটা উপাদানৰ দ্বাৰা নিৰ্ধাৰিত হয় । সেইকেইটা হ’ল– 

( ক ) সাম্য অথবা সমতা । 

( খ ) স্থায়িত্ব । 

( গ ) উৎপাদন । আৰু 

( ঘ ) অধিকাৰ অথবা ক্ষমতা ।

সমাজ অথবা দেশ এখনত উপলব্ধ সম্পদ তথা সা – সুবিধাসমূহ সমাজখন অথবা দেশ সকলাে শ্ৰেণীৰ প্ৰতিজন – লােকে ভােগ কৰিব পৰা অৱস্থাটোকে সাম্য অথবা সমতা বােলা হয় । বহু সমাজত পুৰুষ আৰু নাৰী , জাতি , বর্ণ , ধর্ম , ধনী , দুখীয়া আদি অনুসৰি সম্পদ বিতৰণ ভিন্ ভিন্ হােৱাত বৈষম্যৰ সৃষ্টি হয় । 

উপলব্ধ সুবিধাসমূহৰ ধাৰাবাহিকতাক স্থায়িত্ব শব্দৰে বুজোৱা হয় । বিত্তীয় , পৰিস্থিতি আৰু মানৱ সম্পদ সমূহ উন্নয়নৰ হকে প্রয়ােগ কৰােতে ভৱিষ্যৎ প্রজন্মৰ স্বাৰ্থৰ প্রতি ধৃৰ ৰাখিব লাগিব । কাৰণ , এইবােৰৰ অপব্যৱহাৰৰ ফলত ভৱিষ্যৎ প্রজন্ম এনেবােৰ সম্পদৰ পৰা বঞ্চিত হ’বও পাৰে । অর্থাৎ , উন্নয়নৰ হকে সম্পদৰ অপব্যৱহাৰৰ ফলত মানৱ উন্নয়ন প্রক্রিয়াটোৱেই ক্ষণস্থায়ী হৈ পৰিব পাৰে । 

সমাজ এখনৰ উৎপাদন মানে হৈছে সমাজখনৰ প্ৰতিজন সদস্যই নিজ নিজ শাৰীৰিক আৰু বৌদ্ধিক শ্ৰমৰ বিনিময়ত সৃষ্টি কৰা মুঠ সম্পদ ৰাজি । 

বিকল্প পথ নির্বাচনৰ পৰিসৰেই হৈছে ক্ষমতা । ব্যক্তিগত যােগ্যতা আৰু স্বাধীনতাৰ পৰা ক্ষমতাৰ সৃষ্টি হয় । মানুহে নিজ নিজ যােগ্যতাৰ পৰিসৰতহে বিকল্প কর্ম বাছি ল’ব পাৰে । 

৭। মানব সম্পদ উন্নয়ন সূচাংকৰ ভিত্তিত দেশসমূহক কিদৰে শ্রেণীবিভক্ত কৰ হৈছে ? 

উত্তৰঃ মানৱ সম্পদ উন্নয়ন সূচাংকৰ দ্বাৰা বিশ্বৰ দেশসমূহক তিনিটা শ্ৰেণীৰ অন্তৰ্ভু কৰা হৈছে । শ্ৰেণীসমূহ হলঃ 

( ক ) উচ্চ সূচাংকৰ দেশ :- যিবােৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ সূচকাংক ০৮ অথবা তাতকৈ অধিক তেনে দেশসমূহ এই শ্ৰেণীৰ অন্তৰ্গত । পৃথিৱীৰ ৫৭ খন দেশ এই শ্রেণীৰ অন্তর্গত । বিশ্বৰ প্ৰথম দহটা স্থানত থকা এই শ্ৰেণীৰ দেশসমূহ হ’ল – একাদিক্রমে নৰৱে , ৱাইচলেণ্ড , অষ্ট্রেলিয়া , লাক্সেমবার্গ , কানাডা , ছুইডেন , ছুইজাৰলেণ্ড , আয়াৰলেণ্ড, বেলজিয়াম আৰু আমেৰিকা যুক্তৰাষ্ট্র । 

( খ ) মধ্য সূচকাংকৰ দেশঃ যিবােৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ সূচকাংক ০.৫ ৰ পৰা ০.৮ ৰ ভিতৰত তেনে দেশসমূহ এই শ্ৰেণীৰ অন্তৰ্গত । সাধাৰণতে , দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ‘ গঢ় লােৱা ৰাষ্ট্রসমূহ এই শ্ৰেণীৰ অন্তৰ্গত হােৱা দেখা যায় । ১৯৯০ চনত ছােভিয়েট ৰাছিয়াৰ বিভাজনৰ পৰা উদ্ভৱ হােৱা ভালেমান নতুন ৰাষ্ট্রও ইয়াৰ অন্তৰ্গত হােৱা দেখা যায় । বিশ্বত , এই শ্ৰেণীৰ অন্তৰ্গত দেশৰ সংখ্যা ৮৮ খন । 

( গ ) নিম্ন সূচকাংকৰ দেশ :-  যিবােৰ দেশৰ মানৱ – সম্পদ উন্নয়নৰ সূচকাংকৰ মান ০.৫ কৈ কম , তেনে দেশসমূহ এই শ্রেণীৰ অন্তৰ্গত । দুর্ভিক্ষ , মাৰী – মৰক আদি সমস্যাৰে জৰ্জৰিত দিশসমূহ ইয়াৰ অন্তর্ভূক্ত । বিশ্বত এনে দেশৰ সংখ্যা ৩২ খন । 

৮। মানব সম্পদ উন্নয়নৰ মাপকাঠি কি ? 

উত্তৰঃ দেশ এখনৰ স্বাস্থ্য , শিক্ষা আৰু সম্পদৰ সান্নিধ্য প্রাপ্তিৰ লেখেৰে দেশখনৰ মানৱ ম্পদ উন্নয়নৰ সূচকাংক নিৰূপন কৰা হয় । মানৱ – সম্পদ উন্নয়নৰ এই তিনিটা ক্ষেত্ৰত হােৱা গ্রগতিৰ তথ্য অনুসৰি দেশ একোখনে প্ৰতিটো শিতানত ন্যূনতম শূণ্যৰ পৰা অধিকতম কৰ ভিতৰত অগ্রগতিৰ সমানুপাতিক গণনাংক লাভ কৰে । এনেদৰে , তিনিওটা শিতানত পাৱা গণনাংকৰ ৰাশিটোৱেই ৰাষ্ট্ৰখনৰ মানৱ সম্পদ উন্নয়নৰ সামগ্রিক সূচকাংক ৰূপে গ্রহণ ৰা হয় । এই অনুসৰি সূচকাংক ১ সংখ্যাৰ ওচৰ চাপি যােৱা দেশ এখনত মানৱ সম্পদ উন্নয়নৰ পৰ্য্যায় উচ্চ হােৱাৰ বিপৰীতে শূণ্যৰ ওচৰত থকা সূচকাংকই সংশ্লিষ্ট দেশখনৰ উন্নয়ন পৰিক্ৰমা নিম্ন পৰ্য্যায়ত থকা অর্থ বহন কৰে । 

৯। মানব সম্পদ উন্নয়ন প্রতিবেদন কি ? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কার্যক্রমণিকা অনুসৰি ১৯৯০ চনৰ পৰা প্ৰতি বছৰে মানৱ ম্পদ উন্নয়নৰ ওপৰত একোটা প্রতিবেদন প্রকাশ কৰা হয় । এই প্রতিবেদনকে মানৱ সম্পদ উন্নয়নৰ প্রতিবেদন বুলি কোৱা হয় । এই প্রতিবেদনত মানৱ সম্পদ উন্নয়নৰ স্থান অনুসৰি ষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ একোখন তালিকা সন্নিবিষ্ট কৰা হয় । এনে তালিকাত উন্নয়নৰ স্থান নিৰূপণৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ উন্নয়ন সূচকাংকৰ লগতে দৰিদ্ৰতা সূচকাংকও নিৰূপণ কৰা হয় । 

১০। মানৱ উন্নয়ন প্রয়ােজনীয়তাৰ কাৰণ দৰ্শোৱা । 

উত্তৰঃ মানুহক কেন্দ্ৰ কৰিয়ে উন্নয়ন যােগান ৰচনা কৰা হয় । স্বাস্থ্য , শিক্ষা আৰু সম্পদ পৰিক্ৰমাৰ লগত জড়িত হােৱা সুবিধাসমূহৰ উন্নয়নে যিদৰে মানৱ উন্নয়নক সূচায় সেইদৰে এইবােৰে দেশ এখন উন্নয়নতাে বিশেষ ভূমিকা গ্রহণ কৰে । উদাহৰণস্বৰূপে , অপুষ্টিত ভােগা অশিক্ষিত শিশুৱে কোনােপধ্যেই সেনাবিষয়া , বিমান চালক বা শিল্প উদ্যোগৰ পৰিচালক হােৱাৰ বিষয়ে ভাবিব নােৱাৰি । ঠিক সেইদৰে সামাজিকভাৱে একাষৰীয়া হৈ প্ৰত্নকালীন জীৱন যাপন কৰা সমাজৰ মানুহ এজনেও দেশৰ মূৰব্বী হােৱাৰ আশা কৰিব নােৱাৰি । মহিলাসকলক কর্মত নিযুক্তি দি দেশ এখন উন্নয়ন যথেষ্ট সহায় কৰে । আকৌ সমাজৰ বহুতাে দৰিদ্ৰ লােকে খাবলৈ নাপাই অপুষ্টিত ভােগাৰ লগতে বহুতাে ধনৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব নােৱাৰি মৃত্যুক আঁকোৱালি লয় । ইয়াৰ পৰা জানিব পাৰি যে মানব উন্নয়নৰ অবিহনে দেশ এখনৰ উন্নয়ন সম্ভৱ নহয় । সেয়েহে , মানৱ উন্নয়নৰ প্ৰয়ােজন আছে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

দীঘল প্ৰশ্নোত্তৰ

১১। মানৱ উন্নয়নৰ ধাৰণাটো বর্ণনা কৰা । মানৱ উন্নয়নৰ সূচকাংক গণনা কৰােতে ব্যৱহাৰ হােৱা চিহ্নসমূহ আলােচনা কৰা । 

উত্তৰঃ উন্নয়ন বুলিলে অৱয়ব বা ৰাশিৰ গুণগত ধনাত্মক দিশৰ ঘটনা বৃদ্ধিকে বুজায় । নির্ধাৰিত সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিবৰ্তনক অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বােলে । মানৱ সম্পদ উন্নয়নৰ ধাৰণাটোৰ প্রৱর্তক হৈছে ড ° মেহবুব – উল – হক । তেওঁৰ সংজ্ঞা অনুসৰি , প্ৰতিজন মানুহে নিজ নিজ ইচ্ছা আৰু অৰ্হতা অনুসৰি নিজ নিজ জীৱন যাপন পদ্ধতিৰ উন্নতি সাধনৰ উদ্দেশ্যে বিভিন্ন সামাজিক , অর্থনৈতিক , সাংস্কৃতিক ক্ষেত্ৰসমূহত বাধাহীন অংশ গ্রহণৰ সুযােগ উপভােগ কৰাকহে উন্নয়ন বােলা হয় । তেওঁৰ এই সংজ্ঞাত মানুহক কেন্দ্ৰ কৰিহে , অর্থাৎ , সমাজৰ বৃহৎ অংশটোৰ স্বার্থ আগত ৰাখিহে উন্নয়ন লক্ষ্য স্থিৰ কৰাৰ কথা কোৱা হৈছে । 

স্বাস্থ্য , শিক্ষা আৰু সম্পদৰ সান্নিধ্য প্রাপ্তিৰ লেখেৰে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ সুচকাংক নিৰূপন কৰা হয় । সুস্বাস্থ্য আৰু দীর্ঘ জীৱনে অধিক জ্ঞান আহৰণ আৰু অধিক কর্মদক্ষতাৰ ইংগিত বহন কৰাৰ লগতে উন্নত মানৱ জীৱন যাপনৰ পথ সূচল কৰে । তদুপৰি , স্বাস্থ্যৱান লােক এজনে তেওঁৰ মুঠ জীৱনকালৰ তুলনাত তেওঁৰ কর্মময় তথা স্বতন্ত্র জীৱন যাপন কৰিব পাৰে । 

শিক্ষাৰ মাধ্যমত ৰাষ্ট্ৰৰ জনসম্পদ ৰাজিৰ বৌদ্ধিক অৰ্হতা আৰু কর্মকুশলতাৰ আভাস পােৱা যায় । শিক্ষানুষ্ঠান সমূহত ভর্তিকৰণ আৰু পাঠ্যক্রম অসম্পূর্ণ অৱস্থাত শিক্ষানুষ্ঠান ত্যাগৰ পৰিসংখ্যাই আমাক দেশখনত জ্ঞানৰ প্ৰসাৰৰ সুবিধা আৰু অসুবিধাসমূহ চিত্রায়ন কৰে । ঠিক সেইদৰে , সাক্ষৰতাকে ধৰি বিভিন্ন ক্ষেত্ৰত পােৱা উচ্চ শিক্ষিত আৰু কাৰিকৰী জ্ঞানপ্রাপ্ত লােকসকলৰ পৰিসংখ্যাই দেশখনৰ অধিবাসীসকলৰ দক্ষতাক চিত্রায়ণ কৰে । দেশবাসীৰ মাজত সম্পদৰ সান্নিধ্য , অর্থাৎ নিজ নিজ অভাৱ পূৰণৰ উদ্দেশ্যে তেওঁলােকে কিমান পৰিমাণৰ সম্পদ ব্যৱহাৰ কৰিব পাৰিছে সেই কথা ক্রয় ক্ষমতাৰ লেখেৰে জানিব পাৰি । আন্তঃৰাষ্ট্ৰীয় হিচাপত মার্কিন ডলাৰৰ নিৰিখত এই ক্রয় ক্ষমতাৰ জোখ লােৱা হয় । 

১২। মানবসম্পদ উন্নয়নৰ ধাৰণাটো কোনে আগবঢ়াইছিল ? তেওঁ এই ধাৰণাটো কেনেদৰে বর্ণনা কৰিছিল ? 

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো ড° মেহবুব – উল – হক নামৰ সমাজবিজ্ঞানীজনে আগবঢ়াইছিল । 

মেহবুব – উল – হকৰ সংজ্ঞা অনুসৰি , প্ৰতিজন মানুহে নিজ নিজ ইচ্ছা আৰু অৰ্হতা অনুসৰি নিজ নিজ জীৱন যাপন পদ্ধতিৰ উন্নতি সাধনৰ উদ্দেশ্যে বিভিন্ন সামাজিক , অর্থনৈতিক , সাংস্কৃতিক ক্ষেত্ৰসমূহত বাধাহীন অংশ গ্ৰহণৰ সুযােগ উপভােগ কৰাকহে উন্নয়ন বােলা হয় । 

তেওঁৰ এই সংজ্ঞাত মানুহক কেন্দ্ৰ কৰিহে , অর্থাৎ সমাজৰ বৃহৎ অংশটোৰ স্বাৰ্থ আগত ৰাখিহে উন্নয়ন লক্ষ্য স্থিৰ কৰাৰ কথা কোৱা হৈছে । মানুহৰ ৰুচি , ইচ্ছা অথবা যােগ্যতাসমূহ সময় অনুসৰি সলনি হয় । এনে পৰিৱৰ্তনশীল ৰুচিবােধৰ লগত সংগতিপূর্ণ গতিশীল আর্থ সামাজিক ব্যৱস্থা এটাইহে আচল অর্থত উন্নয়নৰ সােপান ৰচিব পাৰে । ড° হকৰ সংজ্ঞাত অর্থপূর্ণ জীবন উন্নয়নৰ আধাৰ বুলি কোৱা হৈছে । সুস্বাস্থ্য , অৰ্হতা , বিকাশৰ সামৰ্থ্য , সমাজ পৰিক্ৰমাত অংশ গ্রহণ আৰু লক্ষ্যত উপনীত হােৱাৰ যোগ্যতা সম্পন্ন উদ্দেশ্যধর্মী জীৱনক এই ক্ষেত্ৰত অর্থপূর্ণ জীৱন বুলি ধৰা হৈছে । 

১৩। আন্তঃৰাষ্ট্ৰীয় ৰিজনিত মানৱ সম্পদ উন্নয়নৰ মূল্যায়ন কৰা । 

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ আন্তঃৰাষ্ট্ৰীয় ৰিজনিৰ ক্ষেত্ৰত দেশ এখনৰ কলেবৰ অথবা জনমূৰি আয়ৰ ওপৰত গুৰুত্ব দিয়া নহয় । সেয়েহে , তুলনামূলকভাৱে কম সমৃদ্ধিশালী আৰু ক্ষুদ্র কলেবৰৰ দেশ এখনেই ওচৰতে থকা বৃহৎ কলেবৰৰ চহকী দেশ এখনতকৈ মানৱ সম্পদ উন্নয়নৰ লেখেৰে আগস্থান পাব পাৰে । উদাহৰণস্বৰূপে , ভাৰতৰ তুলনাত সীমিত অর্থ সম্পদৰ গৰাকী হােৱা স্বত্বেও শ্রীলংকাৰ দৰে ক্ষুদ্র কলেবৰৰ দ্বীপ ৰাষ্ট্ৰখনে মানৱ সম্পদ উন্নয়নৰ তালিকাত আগ স্থান লাভ কৰিছে । সেইদৰে , ভাৰতৰ ভিতৰতে জনমূৰি আয় কম হােৱাৰ পাছতাে কেৰেলাৰ স্থান গুজৰাট অথবা পাঞ্জাৱতকৈ ওপৰত । মানৱ সম্পদ উন্নয়ন সূচকাংক অনুসৰি ৰাষ্ট্রসমূহক তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে — উচ্চ পর্যায়ৰ ৰাষ্ট্র , মধ্যম পর্যায়ৰ ৰাষ্ট্ৰ আৰু নিম্ন পর্যায়ৰ ৰাষ্ট্র । 

উচ্চ পর্যায়ৰ ৰাষ্ট্রঃ মানৱ , সম্পদ উন্নয়নৰ সূচকাংক ০.৮ অথবা তাতকৈ অধিক অৱস্থানত থকা ৰাষ্ট্ৰসমূহক এইটো শ্ৰেণীত ধৰা হয় । ৰাষ্ট্ৰসংঘৰ মানৱ সম্পদ উন্নয়ন প্রতিবেদন অনুসৰি ২০০৫ চনত পৃথিৱীৰ সৰ্বমুঠ ৫৭ খন দেশ ইয়াৰ শ্রেণীভুক্ত হৈছিল । এই দেশসমূহৰ ভিতৰত প্রথম দহটা স্থানত আছিল একাদিক্রমে –

( ১ ) নৰৱে ।

( ২ ) আইচলেণ্ড 

( ৩ ) অষ্ট্রেলিয়া ।

( ৪ ) লাক্সেমবার্গ ।

( ৫ ) কানাডা ।

( ৬ ) ছুইডেন ।

( ৭ ) ছুইজাৰলেণ্ড ।

( ৮ ) আয়াৰলেণ্ড ।

( ৯ ) বেলজিয়াম । আৰু 

( ১০ ) যুক্তৰাষ্ট্র । 

ঘাইকৈ শিক্ষা আৰু স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত চৰকাৰী ভাৱে সর্বোচ্চ অগ্রাধিকাৰ দিয়াৰ ফলতেই এইসমূহ ৰাষ্ট্ৰত মানৱ সম্পদ উন্নয়নৰ গতি ক্ষিপ্র হােৱা দেখা যায় । 

মধ্যম পর্যায়ৰ ৰাষ্ট্রঃ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত মধ্যম শ্রেণীভূক্ত অথাৎ , ০.৫ ৰ পৰা ০.৮ ভিতৰত সূচকাংক লাভ কৰা দেশৰ সংখ্যা পৃথিৱীত প্রায় ৮৮ খন । সাধাৰণতে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গঢ় লােৱা ৰাষ্ট্ৰসমূহ এই শ্ৰেণীৰ অন্তর্ভূক্ত হােৱা দেখা যায় । 

নিম্ন পর্যায়ৰ ৰাষ্ট্রঃ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত তুলনামূলক ভাৱে পিছুৱাই থকা ৰাষ্ট্ৰৰ সংখ্যা সর্বমুঠ ৩২ খন । ঘাইকৈ ৰাজনৈতিক সংঘাত , দুর্ভিক্ষ , মাৰী – মৰক , গৃহকল প্রভৃতি সমস্যাৰে জৰ্জৰিত ক্ষুদ্রাকৃতিক ৰাষ্ট্রসমূহ এই শ্রেণীৰ অন্তর্ভূক্ত । 

১৪। মানৱ উন্নয়নৰ মৌলিক ক্ষেত্ৰবােৰ কি কি ? 

উত্তৰঃ মানৱ উন্নয়নৰ মৌলিক ক্ষেত্ৰবােৰ হ’ল – 

( ক ) আয়ৰ পথ ।

( খ ) কল্যাণকৰ পথ ।

( গ ) নুন্যতম প্রয়ােজন পথ । আৰু 

( ঘ ) কর্ম দক্ষতাৰ পথ । 

কোনাে এজন লােকৰ আয়ৰ ওপৰত তেওঁৰ স্তৰ নিৰ্ভৰ কৰে । উচ্চস্তৰৰ আয়ে মানৱ বিকাশৰ স্তৰৰ উচ্চ কৰে । 

শিক্ষা , স্বাস্থ্য , সামাজিক বিষয়ক আদি কল্যাণকামী কামৰ দ্বাৰা মানৱ উন্নয়ন কৰিব পাৰি । ইয়াৰ বাবে চৰকাৰ দায়বদ্ধ । 

মানৱ উন্নয়নৰ বাবে প্রয়ােজনীয় ছয়টা মৌলিক প্রয়ােজন যেনে – স্বাস্থ্য, শিক্ষা , খাদ্য , পানীৰ যোগন , স্বাস্থ্যসম্মত পৰিৱেশ আৰু গৃহনির্মাণ আদি কার্যত গুৰুত্ব আৰােপ কৰা । 

মানৱ উন্নয়নৰ এটা প্রধান মৌলিক ক্ষেত্র হ’ল কর্ম দক্ষতাৰ পথ । মানুহৰ কর্ম দক্ষতা গঢ়ি তুলিব পাৰিলে মানৱ সম্পদ উন্নয়ন সম্ভৱ হয় । 

১৫। বিস্তৃত বাণিজ্যিক খাদ্য শস্যৰ খেতিৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা । 

উত্তৰঃ বিস্তৃত বাণিজ্যিক খাদ্য শস্যৰ প্ৰধান বৈশিষ্ট্যবােৰ হ’ল — 

( ক ) এনে পদ্ধতিৰ খেতি সাধাৰণতে আমেৰিকা , অষ্ট্রেলিয়া , আর্জেন্টিনা , ব্রাজিল আদি মধ্য আক্ষাংশীয় অঞ্চলত কৰা হয় । 

( খ ) এনে কৃষি এক বিস্তৃত অঞ্চলত কৰা হয় । যিবােৰ অঞ্চলত কৃষিভূমি অধিকত এনে কৃষি সম্ভৱ । 

( গ ) কৃষি কার্যত আধুনিক যন্ত্রপাতি আৰু শস্য ব্যৱহাৰ হয় । 

( ঘ ) এই কৃষি মূলতঃ বিক্ৰীৰ বাবে কৰা হয় । সেয়ে ইয়াৰ জনমূৰি উৎপাদনৰ পৰিমাণ বেছি । 

( ঙ ) এই কৃষি মূলধন ভিত্তিক । কাৰণ ইয়াত শ্রমিকো অত্যাধিক পৰিমাণে নিয়ােজিত কৰিবলগীয়া হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top