Class 12 Geography Unit 11 উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি

Class 12 Geography Unit 11 উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 11 উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি and select needs one.

Class 12 Geography Unit 11 উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 11 উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি Solutions for All Subject, You can practice these here…

উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি

অধ্যায় – ১১

দ্বিতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। অসমৰ মুঠ আয়তনৰ কিমান শতাংশ নদী উপত্যকাৰবাৰে আগুৰি আছে ? 

( i ) ৫ শতাংশ ।

( ii ) ১৩ শতাংশ ।

( iii ) ৬০ শতাংশ । আৰু

( iv ) ৮০ শতাংশ ।

উত্তৰঃ ( iv ) ৮০ শতাংশ ।

২। উত্তৰ – পূৰ্ব ভাৰতৰ ৰাজ্যবােৰৰ সৰ্বমুঠ ভৌগলিক আয়তন কিমান ? 

উত্তৰঃ ২,৫৫,০৮৩ বর্গকিল’মিটাৰ । 

৩। উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যবােৰৰ সীমা স্পর্শ কৰা বিদেশী ৰাষ্ট্ৰবােৰৰ নাম লিখা । 

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যবােৰৰ সীমা স্পর্শ কৰা বিদেশী ৰাষ্ট্ৰ কেইখন হ’ল — চীনদেশ , ম্যানমাৰ , ভূটান আৰু বাংলাদেশ । 

৪। অসমৰ ভৌগলিক আয়তন কিমান ? 

উত্তৰঃ অসমৰ ভৌগােলিক আয়তন ৭৮,৪৩৮ বর্গকিলােমিটাৰ । 

৫। কুণ্ডিল বজাৰ এলেকাৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ চালৰ গড় উচ্চতা কিমান ? 

( ক ) ১.২৮ মিটাৰ প্ৰতি কিল’মিটাৰত ।

( খ ) ৮.১২ চেন্টিমিটাৰ প্ৰতি কিল’মিটাৰত ।

( গ ) ১২.০৮ চেন্টিমিটাৰ প্ৰাত কিল’মিটাৰত । আৰু

( ঘ ) ২১.০৮ চেন্টিমিটাৰ প্রতি কিল’মিটাৰত । 

উত্তৰঃ ( গ ) ১২.০৮ চেন্টিমিটাৰ প্ৰতি কিল’মিটাৰত । 

৬। অসমৰ কোন অংশত আন্তঃলৈ জালাহ দেখিবলৈ পােৱা যায় । 

উত্তৰঃ অসমৰ বৰাক উপত্যকাত আন্তঃলৈ জালাহ দেখিবলৈ পােৱা যায় । 

৭। অসমৰ গড় বার্ষিক তাপমান কিমান ? 

উত্তৰঃ অসমৰ গড় বার্ষিক তাপমান ৩০°-৩৩° চেলচিয়াছ ।

৮৷ অসমক কিয় এখন সৰু ভাৰতবৰ্ষ বুলি কোৱা হয় ? 

উত্তৰঃ অসমক সমগ্ৰ ভাৰতৰ এক ক্ষুদ্র অনুকৃতি বুলি কোৱা হয় । কাৰণ , ইয়াৰ অধিবাসীসকলৰ মাজত অষ্ট্রিক , মংগােলীয় আৰু নর্ডিকে গােষ্ঠীয় উপাদানসমূহ সুস্পষ্ট । বিগত দুশ বছৰৰ ভিতৰত দ্রাবিড় , প্রশস্ত মস্তক আৰু কিছু সংখ্যক হ’লেও নেগ্রিট’ উপাদানধাৰী লােকে ভাৰতৰ ভিন ভিন এলেকাৰ পৰা কর্মসূত্রে আহি এই অঞ্চলত থিতাপি লৈছেহি । ভাষা , ধর্ম আৰু অর্থনৈতিক দৃষ্টিকোণৰ পৰাও এই অঞ্চলৰ অধিবাসীসকলৰ মাজত বৈচিত্র্যৰ অন্ত নাই । 

৯। অসমক কিয় উত্তৰ – পূৱৰ আন ৰাজ্যবােৰৰ পক্ষে ভাৰত সংযােগী ৰাজপথ বােলা হয় ?

উত্তৰঃ অসম উত্তৰ – পূৱ ভাৰতৰ একমাত্র সমভূমিৰ প্রাধান্য থকা ৰাজ্য । তদুপৰি উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যৰ লগত দেশৰ বাকী অংশৰ স্থলসংযােগ একমাত্র অসমৰ মাজেৰেহে সম্ভৱপৰ হয় । উত্তৰ – পূৱ ভাৰতৰ কেন্দ্রীয় অৱস্থানত অৱস্থিত হােৱাৰ বাবে অসমৰ মাজেৰেহে অঞ্চলটোৰ আন যিকোনাে দুখন ৰাজ্যৰ মাজত যােগাযােগ সুবিধাজনক হয় । সেয়েহে , অসমক উত্তৰ – পূৱৰ বাকীবােৰ ৰাজ্যৰ পক্ষে ভাৰত সংযােগী ৰাজপথ বুলি কোৱা হয় ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

দীঘল প্ৰশ্নৰ উত্তৰ লিখা

১০। অসমৰ অৱস্থানিক বৈচিত্র্যতাৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ উত্তৰ – পূৱ ভাৰতৰ কেন্দ্রীয় অৱস্থানত ২৪° ৬ / – ২৮° ০ / উত্তৰ অক্ষাংশ আৰু ৮৯° ৫১ / -৯৬° ১ / পূঃ দ্রাঘিমাংশৰ মাজত অৱস্থিত অসম ৰাজ্যৰ আয়তন ৭৮,৪৩৮ বর্গ কিঃমিঃ । বাকীখিনি ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা ।

১১। উত্তৰ পূৱ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসম কিয় সকলাে ক্ষেত্রতে আগবঢ়া ঠাই হৈছে ? 

উত্তৰঃ অসম উত্তৰ – পূৱ ভাৰতৰ একমাত্র সমভূমিৰ প্রাধান্য থকা ৰাজ্য । তদুপৰি উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যৰ লগত দেশৰ বাকী অংশৰ স্থল সংযােগ একমাত্র অসমৰ মাজেৰেহে সম্ভৱপৰ হয় । এই অর্থত অসম ৰাজ্যখনকে উত্তৰ – পূৱৰ বাকীবােৰ ৰাজ্যৰ পক্ষে ভাৰত সংযােগী ৰাজপথ বুলিব পাৰি । উত্তৰ – পূৱ ভাৰতৰ কেন্দ্ৰীয় অৱস্থানত অৱস্থিত হােৱাৰ বাবে অসমৰ মাজেৰেহে অঞ্চলটোৰ অন্য যিকোনাে দুখন ৰাজ্যৰ মাজত যােগাযােগ সুবিধাজনক হয় । 

অসমৰ গােলাঘাট জিলাৰ নুমলীগড়ৰ পৰা মণিপুৰ প্ৰদেশৰ ম্যানমাৰ সীমান্তত অৱস্থিত মূৰে পর্যন্ত যােৱা ৩৯ নং ৰাষ্ট্ৰীয় পথটোৱে নাগাৰাজ্য আৰু মণিপুৰৰ ৰাজধানী চহৰ যথাক্রমে ক’হিমা আৰু ইম্ফল পােনপটীয়াভাৱে সংযোগ কৰিছে । বা বাকী উত্তৰ – পূৱৰ আন যিকোনাে দুখন ৰাজধানী চহৰৰ মাজত অসমৰ ভু – ভাগ স্পর্শ নকৰাকৈ যাতায়াত কৰিব পৰা কোনাে স্থল সংযােগ নাই । তদুপৰি শ্বিলং – তুৰা , ইটানগৰ – খুনচা , পাছিঘাট – টাৱাং টুৱেনচাং – ক’হিমা প্রভৃতি একেখন প্রদেশৰ ভিতৰতে অৱস্থিত দুখন গুৰুত্বপূৰ্ণ ঠাইৰ স্থলসংযােগ কার্যও অসমৰ মাজেৰেহে সম্ভৱপৰ হয় । গতিকে অসম উত্তৰ – পূৱ ভাৰতৰ বাকী ছখন ৰাজ্যৰ মাজৰ সাংস্কৃতিক আৰু অর্থনৈতিক যােগসূত্ৰৰ প্ৰকৃত সূত্ৰধাৰ । 

কৃষি , খনি , শিল্প – উদ্যোগ আৰু বেহা – বেপাৰ প্রভৃতি অর্থনৈতিক কাম – কাজৰ লেখেৰেও অসম উত্তৰ – পূৱ ভাৰতৰ বাকী কেইখন ৰাজ্যৰ তুলনাত এক সুবিধাজনক স্থিতিত থকা দেখা যায় । সেয়েহে অঞ্চলটোৰ প্রায় প্রতিখন পার্বত্য ৰাজ্যই অর্থনৈতিকভাৱে অসমৰ ওপৰত কিছু পৰিমাণে হলেও নির্ভৰ কৰিব লাগে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্থল পৰিবহণ , অর্থাৎ ৰে’ল পৰিবহণ সেৱা গ্ৰহণ কৰাৰ ক্ষেত্ৰত উত্তৰ – পূৱ ভাৰতৰ প্ৰতিখন ৰাজ্যই অসমৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰিব লাগে ।

১২। উত্তৰ – পূব ভাৰতৰ প্ৰধান ভূঅবয়বৰ বৰ্গসমূহৰ বিষয়ে টোকা লিখা । 

উত্তৰঃ ( ক ) মালভূমি অবয়বঃ মেঘালয় মালভূমিখন মেঘালয় ৰাজ্যৰ ৰাজনৈতিক সীমা অতিক্ৰম কৰি অসমৰ চাৰিসীমাৰ ভিতৰত ধনশিৰী নদীলৈকে পূর্ব দিশত আগবাঢ়ি থকা দেখা যায় । কপিলী আৰু ইয়াৰ কিছুমান উপনৈয়ে যুগ যুগ ধৰি চলােৱা সংক্রমণ কার্য ফলত ৯০° পূর্ব দ্রাঘিমা ৰেখাৰ কাষে পাজৰে এই মালভূমিখন দ্বিখণ্ডিত হৈ পৰিছে । ফলস্বৰূপে একেখন মালভূমিয়েই ধনশিৰী আৰু কপিলী নৈৰ মাজত মালভূমি অথবা ৰেখা পাহাৰ নামেৰে এটা স্তুপ পর্বত সদৃশ অৱয়ব গঠন কৰিছে । কার্বি মালভূমিৰ সর্বাধিক উচ্চতা ১৩৬৩ মিটাৰ আৰু ই আয়তন প্রায় ৭৪০০ বর্গ কিল’মিটাৰ । কপিলীৰ পশ্চিমে অৱস্থিত কার্বি মালভূমিৰ বাকী অংশক হাৰমেণ মালভূমি নামে জনা যায় । ই আয়তন প্রায় ৩০০ বর্গ কিলােমিটাৰ । এই মালভূমিৰ গড় উচ্চতা ৩০০-৬০০ মিটাৰ । 

( খ ) ভংগিন পাহাৰঃ হিমালয় পর্বত শ্রেণীৰ অন্তৰ্গত পূর্বাঞ্চল উচ্চ ভূমিৰ নগা পাহাৰৰ এটা ঠেঙুলি অসমৰ উত্তৰ কাছাৰ জিলাত সােমাইছে । পশ্চিমে কপিলী নৈলৈকে আগুৱাই গৈ মেঘালয় মালভূমি স্পর্শ কৰি থকা এই পাহাৰ শ্রেণীৰ নাম বৰাইল পাহাৰ । বৰাইল পাহাৰৰ শিলাসমূহ ইয়চিন আৰু অলিগ’চিন যুগৰ । অর্থাৎ আজিৰ পৰা ৩০-৪০ নিযুত বছৰৰ পূর্বে এই পাহাৰৰ উত্থান হৈছিল । 

( গ ) নদীগঠিত সমভূমিঃ ইল পাহাৰক জলচ্ছেদ হিচাপে লৈ ইয়াৰ উত্তৰ আৰু দক্ষিণ ফালে অসমত দুখন বিস্তৃত নদী গঠিত সমভূমি আছে । এই দুখন সমভূমিক ক্ৰমে ব্রহ্মপুত্র উপত্যকা আৰু বৰাক অথবা সুমা উপত্যকা বােলে । 

( ঘ ) ব্রহ্মপুত্র সমভূমিঃ অসমৰ উত্তৰ অংশত বিস্তৃত ব্ৰহ্মপুত্ৰ উপত্যকা সমভূমিখন ৰাজ্যখনৰ সর্ববৃহৎ ভূ – আকৃতিক অবয়ব । এই সমভূমিৰ আয়তন ৫৮,৩১৫ বর্গকিল’মিটাৰ , অর্থাৎ সমগ্র ৰাজ্যৰ প্ৰায় চাৰিভাগৰ তিনিভাগ ইয়াৰ দৈর্ঘ্য ৭২০ কিলােমিটাৰ আৰু প্রস্থ ৩০-১০০ কিলমিটাৰ এই সমভূমি অঞ্চলক বিশ্বৰ ভিতৰতে অন্যতম নদীবহুল অঞ্চল বুলি জনা যায় । 

( ঙ ) বৰাক উপত্যকাঃ উত্তৰ ভাৰতৰ বৃহৎ সমভূমি খনেই বাংলাদেশ সমতল নামেৰে বাংলাদেশৰ মাজেৰে আগুৱাই আহি ৯২° ৩০ পূর্ব দ্রাঘিমাৰ কাষৰীয়া অৱস্থানেদি অসম সােমাই কৰিমগঞ্জত , হাইলাকান্দি আৰু কাছাৰ জিলাৰ ভূ – ভাগ সামৰি লৈ মণিপুৰ সীমান্তৰে বৈ অহা বৰাক আৰু ইয়াৰ উপনৈ জিৰিপর্যন্ত বিস্তৃত হৈ আছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top