Class 12 Geography Unit 1 মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ

Class 12 Geography Unit 1 মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 1 মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ and select needs one.

Class 12 Geography Unit 1 মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 1 মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ Solutions for All Subject, You can practice these here…

মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ

অধ্যায় – ১

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া বিকল্প চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। তলৰ কোনটো মানুহ আৰু পৰিবেশৰ মাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰস্পৰিক ক্রিয়া ?  

( i ) মানুহৰ জ্ঞান ।

( ii ) মানুহৰ উপলব্ধি ।

( iii ) প্রযুক্তিবিদ্যা ।

( iv ) মানৱ ভ্রাতৃত্ববোধ ।

উত্তৰঃ ( ii ) মানুহৰ উপলব্ধি ।

২৷ তলৰ কোনটো ভৌগােলিক সম্ভেদৰ উৎস নহয় ? 

( i ) ভ্ৰমণকাৰীৰ টোকা ।

( ii ) প্রাচীন মেপ ।

( iii ) চন্দ্ৰৰ পৰা সংগ্রহ কৰা শিলা ।

( iv ) প্রাচীন মহাকাব্যবোৰ ।

উত্তৰঃ ( iii ) চন্দ্ৰৰ পৰা সংগ্ৰহ কৰা শিলা ।

৩। নদীৰ কোন অংশক নদীমূখ বুলি জনা যায় ? 

( i ) নদীবােৰ যি ঠাইৰ পৰা উৎপত্তি হয় ।

( ii ) নদীবােৰ যি ঠাইত বিভক্ত হৈ পৰে ।

( ii ) নদীবােৰ যি ঠাইত হ্রদ , সাগৰমহাসাগৰৰ লগত মিলিত হয় । 

( iv ) নদীয়ে গতিপথৰ যি ঠাইত আন এখন নদীৰ লগত মিলিত হয় । 

উত্তৰঃ ( ii ) নদীবােৰ যি ঠাইত হ্রদ , সাগৰ – মহাসাগৰৰ লগত মিলিত হয় । 

৪। মানৱ সমাজ আৰু ভূ – পৃষ্ঠৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্ক সংশ্লেষণাত্মক অধ্যয়ন পৰিক্ৰমাই মানৱভূগােল । ” মানৱভূগােল এই সংজ্ঞাটো আগবঢ়াইছিল—

( i ) ৰাটজেলে ।

( i ) এলেন চার্চিল চেম্পলে ।

( iii ) ভাইডেল – ডি – লা – ব্লেচে ।

( iv ) গ্রীফিট টেইলৰে ।

উত্তৰঃ ( i ) ৰাটজেলে 

৫৷ ২১ শতিকাৰ আৰম্ভণিতে পৃথিৱীৰ জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ ২১ শতিকাৰ আৰম্ভণিতে পৃথিৱীৰ মুঠ জনসংখ্যা ৬২৩ কোটি আছিল । 

৬। মানৱ ভূগােলৰ এটা সংজ্ঞা দিয়া । 

উত্তৰঃ ভাইডেল – ডি – লা ব্লাচিয়ে আগবঢ়োৱা সংজ্ঞা অনুসৰি , “ মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পর্ক তথা আন্তঃক্রিয়াৰ ধৰণ কৰণ সম্পর্কীয় ভৌগােলিক অধ্যয়নৰ পৰিক্রমাটোক মানৱ ভোগােল বুলিব পাৰি । ” 

৭। পৃথিৱীৰ প্ৰধান উপাদান দুটা কি কি ? 

উত্তৰঃ পৃথিৱীৰ প্ৰধান উপাদান দুটা হলঃ 

( ক ) স্থলভাগ । আৰু 

( খ ) জলভাগ ।

৮। মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা । 

উত্তৰঃ মানৱ ভূগােলৰ দুটা উপ – শাখা হলঃ 

( ক ) কৃষি ভূগােল । আৰু 

( খ ) ৰাজনৈতিক ভূগােল ।

৯।পাৰিপাৰ্শ্বিক নির্ণয়বাদ বুলিলে কি বুজা ? 

উত্তৰঃ একাংশ ভূগােলবিদৰ মতে , প্রাকৃতিক পৰিবেশৰ দ্বাৰা জীৱজগত নিয়ন্ত্রিত হৈ আহিছে । পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্রিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্রভেদ দেখা যায় তাৰ মূলতে প্রাকৃতিক পৰিবেশৰ আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ । ” — এই চিন্তাচর্চাৰ ধাৰাটোকে পাৰিপাৰ্শ্বিক নির্ণয়বাদ বােলে ।

১০। মানৱ পৰিচালিত পৰিবেশ কি ? 

উত্তৰঃ একাংশ ভূগােলবিদৰ মতে , মানুহ প্রাকৃতিক পৰিবেশক নিজৰ অনুকূলে গঢ় দি ল’ব পৰা যােগ্যতাৰ এক অসাধাৰণ জীৱ প্রজাতি । তেওঁলােকৰ মতে , মানুহ যথেষ্ট জ্ঞান আৰু কৌশলৰ অধিকাৰী হােৱা হেতু মানুহৰ সংস্কৃতিক অর্থাৎ বৌদ্ধিক কর্মকাণ্ডই প্রাকৃতিক পৰিবেশৰ ওপৰত পেলােৱা প্ৰভাৱ উলাই কৰিব নােৱাৰি । মানুহে প্রয়ােজন অনুসৰি প্ৰকৃতিৰ ওপৰত আধিপত্য বিস্তাৰ কৰি প্রাকৃতিক পৰিবেশ ভঙা – পতা কৰিব পাৰে । এই ধাৰণাটোকে মানৱ পৰিচালিত পৰিবেশ বুলি কোৱা হয় ।

১১। ঔপনিবেশিক যুগে কি বুজায় ? 

উত্তৰঃ পঞ্চদশ শতিকাৰ দ্বিতীয়ার্ধৰ পৰা পর্তুগাল , ফ্রান্স , স্পেইন প্রভৃতি পশ্চিম ইউৰােপীয় দেশসমূহত সামুদ্রিক অভিযানৰ এক পৰম্পৰা আৰম্ভ হয় । এনেবােৰ অভিযানৰ ফলস্বৰূপে , দুয়ােখন আমেৰিকা , অষ্ট্রেলিয়া , এন্টার্কটিকা প্রভৃতি মহাদেশীয় ভূ – ভাগৰ আৱিস্কাৰ হােৱাৰ উপৰিও আফ্রিকাৰ দুৰ্গম অঞ্চলত ইউৰোপীয় লােকৰ প্ৰৱেশ ঘটে । সীমাবদ্ধ সম্পদৰ ওপৰত নিৰ্ভৰশীল হৈ থকা কেইবাখনাে ইউৰােপীয় ৰাষ্ট্ৰই নতুনকৈ আৱিস্কাৰ হােৱা মহাদেশসমূহত ঔপনিবেশীয় সম্পদ প্রকৰণ প্ৰকাৰ্য আৰম্ভ কৰে । সেয়েহে পঞ্চদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ মাজৰ সময়চোৱাক ঔপনিবেশিক যুগ বােলা হয় । 

১২। মানৱ ভূগােল সমাজ বিজ্ঞানৰ আনবােৰ বিষয়ৰ লগত কেনেকৈ জড়িত ? 

উত্তৰঃ সাধাৰণ অৰ্থত মানৱ ভূগােলে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পর্ক অধ্যয়ন কৰে । সেয়ে , মানৱ ভূগােলৰ অধ্যয়ন ক্ষেত্ৰত মানৱ জীৱনৰ লগত জড়িত সকলাে ধৰণৰ আর্থিক , সামাজিক , সাংস্কৃতিক , ৰাজনৈতিক , বৌদ্ধিক আৰু জৈৱিক কাম-কাজ সমূহৰ লগত এনে কাম কাজৰ সংঘটন স্থলীৰ পাৰস্পৰিক সম্বন্ধ পৰ্যালােচনা কৰা হয় । সেইবাবে , মানৱ ভূগােলৰ অধ্যয়ন প্রক্রিয়াৰ লগত বিভিন্ন ধৰণৰ শৈক্ষিক আৰু প্ৰায়ােগিক বিষয় জড়িত হৈ থাকে । বিশেষকৈ মানুহৰ কাম – কাজৰ লগত জড়িত হােৱা হেতুকে মানৱ ভূগােলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতাে তত্ত্ব , সূত্র আৰু ব্যাখ্যা আদি পােনপটীয়াকৈ জড়িত হৈ পৰে । মানৱ ভূগােলৰ সৈতে জড়িত সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়সমূহ হ’ল – সমাজতত্ত্ব , নৃতত্ব , ৰাজনীতি বিজ্ঞান , সম্পদ , অর্থনীতি , বুৰঞ্জী , জনসংখ্যা বিজ্ঞান , পর্যটন আদি । এনেদৰেই মানৱ ভূগােল সমাজবিজ্ঞানৰ বিভিন্ন বিষয়ৰ লগত জড়িত হয় । 

১৩। মানৱ ভূগােলে কি অধ্যয়ন কৰে ? 

উত্তৰঃ মানৱ ভূগােলৰ অধ্যয়নৰ যােগেদি যি জ্ঞান আহৰণ কৰা হয় সেই জ্ঞানক মানুহৰ হিত সাধনৰ অর্থে ব্যৱহাৰ কৰা হয় । মানৱ ভূগােল বিভিন্ন প্রাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল । কাৰণ , এই কাৰকবােৰে মানুহৰ কাৰ্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় আৰু মানৱ জীৱনৰ উন্নয়নৰ সীমাৰেখা নির্ধাৰণ কৰে । বিভিন্ন অঞ্চলৰ মানুহৰ কার্যকলাপ , জীৱন – নিবাহ প্রক্রিয়া , ধর্ম , শিক্ষা , বেপাৰ , বাণিজ্য , সামাজিক প্রথা , জনপ্ৰবজন জনবসতি আদিৰ লগতে এইবােৰৰ লগত জড়িত আনুষাংগিক বিষয়সমূহে মানৱ ভূগােলে অধ্যয়ন কৰে ।

১৪। প্রকৃতি কিদৰে মানৱ পৰিচালিত হয় ? 

উত্তৰঃ ভূগােল বিজ্ঞানৰ অধ্যয়নৰ ধাৰণা সময়ৰ পৰিবৰ্তনৰ লগে লগে ক্রমশঃ সলনি হৈ আহিছে । বর্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহক বহু দূৰলৈ আগুৱাই নিবলৈ সক্ষম হৈছে । যাৰ ফলত মানুহে প্রাকৃতিক আবেষ্টনিৰ পৰা নিজকে মুক্ত কৰি বিজ্ঞানৰ সহায়ত প্রতিকূল প্রাকৃতিক পৰিবেশক অনুকুল অৱস্থালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে । প্রাকৃতিক পৰিবেশক আৱশ্যক অনুসৰি সাল-সলনি কৰা এই ধাৰণাটোক মানৱ ভূগােলত সাম্ভাব্যবাদ বুলি জনা যায় । 

১৫৷ এটা বিষয় হিচাপে ভূগােল বিজ্ঞানৰ বিচার্য বিষয়বােৰ কি ? 

উত্তৰঃ ভূগােল বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰটো অতি ব্যাপক । গতিকে , ইয়াৰ বিচার্য বিষয়সমূহো ব্যাপক পৰিসৰতে বিস্তৃত । পৃথিৱীৰ জন্মৰ ৰহস্যৰ সম্ভেদ দিয়াৰ পৰা পৃথিৱীত থকা স্থলভাগ , আৰু জলভাগৰ লগতে পৃথিৱীক আগুৰি থকা বায়ুমণ্ডলৰ বিষয়েও ভূগােল বিজ্ঞানত সূক্ষ্মভাৱে অধ্যয়ন কৰা হয় । ধৰাপৃষ্ঠত দেখিবলৈ পােৱা বিভিন্ন ধৰণৰ ভূ – প্রাকৃতিক অৱয়বৰ লগতে মানৱ সৃষ্ট বিভিন্ন অৱয়বসমূহৰ বিষয়েও সূক্ষ্ম ভাৱে অধ্যয়ন কৰা আৰু এইবােৰৰ কাৰণ আৰু ফলাফল বিশ্লেষণ কৰা ভূগােল বিজ্ঞানৰ মূখ্য আলােচ্য বিষয় হিচাপে বিবেচনা কৰা হৈছে । ইয়াৰ উপৰিও বর্তমান সময়ত ভূগােল বিজ্ঞানে পৃথিৱীৰ ভিন্ ভিন্ অৱয়ববােৰৰ স্থান , কাল , অৱস্থা আদিৰ বিষয়ে বিজ্ঞানসন্মত ভাৱে বিশ্লেষণ কৰি এইবােৰৰ সত্যতা নিৰূপণ কৰিছে । পৃথিৱীত বাস কৰা মানুহ আৰু বিভিন্ন ভৌগােলিক পৰিবেশৰ মাজত কেনেধৰণৰ সম্বন্ধ স্থাপন হৈছে সেই কথাও মানৱ ভূগোলৰ আলােচ্য বিষয় হিচাপে গণ্য কৰা হয় ।

দীঘল প্ৰশ্নোত্তৰ :

১৬। পৰিবেশ পৰিচালিত মানৱৰ ধাৰণাটো ব্যাখ্যা কৰা ।

উত্তৰঃ পৰিবেশ – পৰ্চিালিত মানৱৰ ধাৰণাটোক পাৰিপাৰ্শ্বিক নির্ণয়বাদ ( environmental determinism ) বুলি জনা যায় । এই ধাৰণাত বিশ্বাসী সকলৰ ভিতৰত ফ্রেডৰিক ৰাটজেল , ৰবাৰ্ট মিল , ষ্ট্রেব ’ , হান্টিংটন , মন্টেচকু , মেকিণ্ডাৰ , কান্ট আদি বিশেষভাৱে উল্লেখযােগ্য । 

‘পাৰিপাৰ্শ্বিক নির্ণয়বাদ ’ ধাৰণা অনুসৰি , জীৱজগত প্রাকৃতিক পৰিবেশৰ দ্বাৰা নিয়ন্ত্রিত হৈ আহিছে । প্রাকৃতিক পৰিবেশৰ ভিন্নতাৰ বাবেই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্রিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত পার্থক্য পৰিলক্ষিত হয় । প্রাকৃতিক পৰিবেশ মানে বন্ধুৰতা , জলবায়ু নদ-নদী , প্রাকৃতিক সম্পদ ইত্যাদি । কোনাে এক অঞ্চলৰ উন্নতিৰ মূল হ’ল সেই অঞ্চলৰ প্রাকৃতিক পৰিবেশ । অর্থাৎ কোনাে এক অঞ্চলৰ মানুহৰ অর্থনৈতিক তথা সামাজিক কর্মৰাজি  নিয়ন্ত্রণ কৰে সেই অঞ্চলৰ প্ৰাকৃতিক পৰিবেশে । 

এৰিষ্টটলৰ মতে , এখন দেশৰ নাগৰিকসকলে উন্নতি কৰাৰ মূলতে সুন্দৰ প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থা । প্রাকৃতিক পৰিবেশৰ পৰা মানুহেই হওক বা অন্যান্য জীৱজন্তুৱেই হওক কোনাে মুক্ত নহয় । প্রাকৃতিক পৰিবেশৰ প্ৰভাৱতে মৌচুমী জলবায়ুৰ অন্তৰ্গত অঞ্চলৰ লােকসকলে সহজসাধ্য প্রণালীৰে কৃষিকাৰ্য্যৰ মাধ্যমেৰে জীৱিকা নির্বাহ কৰাৰ বিপৰীতে শুকান মৰুময় অঞ্চলত থকা লােকসকলে অঘৰী বৃত্তিৰ অংশীদাৰ হ’ব লগাত পৰে । সেইদৰে নৈ কাষৰীয়া অঞ্চলৰ মানুহে মৎস্য উৎপাদনক জীৱিকা হিচাপে লােৱাৰ বিপৰীতে পাহাৰীয়া অঞ্চলৰ লােকসকলে পশু – পালনক বৃত্তি হিচাপে গ্ৰহণ কৰা দেখা যায় । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

১৭। মানৱ ভূগােলৰ পৰিসৰ সম্পকে এটি টোকা লিখা । 

উত্তৰঃ মানৱ ভূগােলৰ পৰিসৰ অতি ব্যাপক । মানুহৰ বাসস্থান হিচাপে ধৰাপৃষ্ঠৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে বায়ুমণ্ডলকো মানৱ ভূগােলৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত অন্তর্গত কৰা হৈছে । মানৱ ভূগােল প্রাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল । কাৰণ , এই কাৰকসমূহে মানুহৰ কাৰ্য্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় । প্রাকৃতিক পৰিবেশক বাদ দি মানৱ সমাজবর্তি থাকিব নােৱাৰে । মানুহ আৰু প্রাকৃতিক পৰিবেশৰ মাজত গঢ়ি উঠা সম্পর্ক পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰূপত পােৱা যায় । পৃথিৱীৰ বিভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ বিভিন্ন প্রাকৃতিক পৰিৱেশত বিভিন্ন সমস্যাই দেখা দিয়ে । তেনে সমস্যাসমূহ বিভিন্ন কৌশলৰ সহায়ত সমাধান কৰাই মানৱ ভূগােলৰ অধ্যয়নৰ প্ৰধান উদ্দেশ্য । 

প্রাকৃতিক পৰিবেশৰ দ্বাৰা মানুহৰ অর্থনৈতিক আৰু সামাজিক ক্রিয়াকলাপ প্ৰভাৱান্বিত হয় । এই বিষয়সমূহ মানৱ ভূগােলে যুক্তিসংগতভাৱে অধ্যয়ন কৰে । মানুহৰ ক্রিয়াকলাপ আৰু প্রাকৃতিক পৰিবেশৰ মাজৰ সম্পর্কই মানৱ ভূগােলৰ মূখ্য বিষয়বস্তু । এই বিষয়ে বিতংভাৱে জানিবলৈ মানুহৰ বিভিন্ন কাৰ্য্যাৱলী , জীৱন – ধাৰণ প্ৰণালী, জীৱিকা , মানুহৰ বসতি , জনসংখ্যাৰ বিতৰণ আদিৰ বিষয়ে ব্যাপক অধ্যয়ন কৰাটো অপৰিহাৰ্য । মানৱ ভূগােল হৈছে গতিশীল , মানুহ আৰু পৰিবর্তনশীল প্রাকৃতিক পৰিবেশৰ মাজৰ সম্পৰ্কৰ অধ্যয়ন । আৰু এই সম্পর্কৰ অধ্যয়নেই মানৱ ভূগােলৰ কেন্দ্রীয় পৰিসৰ । 

১৮। সময়ৰ সোঁতত মান ভূগােল কিদৰে আগবাঢ়িছে আলােচনা কৰা । 

উত্তৰঃ গতিশীল সময়ৰ লগে লগে ভূগােল বিজ্ঞানৰ অন্যান্য শাখাৰ লগতে মানৱ ভূগােলৰ অধ্যয়ন আৰু চিন্তা – চৰ্চাৰাে যথেষ্ট পৰিৱৰ্তন ঘটিছে । প্রাকৃতিক পৰিবেশৰ লগত মানুহৰ অভিযােজন আৰু সমযােজন প্রক্রিয়া আৰম্ভ হােৱাৰ পৰা মানৱ ভূগােলৰ আৰম্ভনি হােৱা বুলি অনুমান কৰিব পাৰি । সেয়েহে , মানৱ আৰু পৰিবেশৰ মাজত গঢ় লােৱা পৰিৱৰ্তনশীল সম্পর্কটোক কেন্দ্ৰ কৰি মানৱ ভূগােলৰ চৰ্চাৰো যুগানুক্রমিক পৰিৱৰ্তন হৈ আহিছে । 

প্রাচীন কালত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মাজত পৰিবহণ আৰু যােগাযােগ ব্যবস্থা দুর্বল থকা হেতুকে এটা অঞ্চলৰ মানুহৰ আচাৰ – ব্যৱহাৰ , ৰীতি-নীতি , ধ্যান – ধাৰণাৰ বিষয়ে আন এটা অঞ্চলৰ মানুহে খুব কমেইহে জানিব পাৰিছিল । যেতিয়াৰ পৰা মানুহে পর্যটক হিচাপে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে আৰু আক্ৰমণকাৰীয়ে দিগ্বিজয়ৰ পাতনি মেলিবলৈ ল’লে সেই সময়ৰ পৰাই একাধিক অঞ্চলৰ মাজত সামাজিক , সাংস্কৃতিক আৰু অর্থনৈতিক ভাৱধাৰাৰ বিনিময় হৈছে । উদাহৰণস্বৰূপে , আলেকজেণ্ডাৰৰ দিগ্বিজয়ৰ ফলস্বৰূপে গ্ৰীচ আৰু মধ্যপ্রাচ্যৰ লগত ভাৰতবৰ্ষৰ সাংস্কৃতিক যােগসূত্র স্থাপন হৈছিল । 

সেইদৰে , আলবেৰুণীয়ে ভাৰত ভ্ৰমণৰ অভিজ্ঞতাসমূহ সন্নিবিষ্ট কৰি কিতাব – অল – হিন্দ ৰচনা কৰিছিল । আৰু হিউৱেন চ্যাঙে ভাৰতবর্ষ ভ্রমণ কৰি বিভিন্ন টোকা লিখি থৈ যােৱাৰ লগতে ‘ চি-উ – কি’ গ্রন্থখনাে লিখিছিল । পঞ্চদশ শতিকাৰ দ্বিতীয়ার্ধৰ পৰা পতুর্গাল , ফ্রান্স , স্পেইন প্রভৃতি দেশসমূহৰ সামুদ্রিক অভিযানৰ ফলস্বৰূপে আমেৰিকা , অষ্ট্রেলিয়া, এন্টার্কটিকা প্রভৃতি মহাদেশীয় ভূ ভাগৰ আৱিষ্কাৰ হয় । পৃথিৱীৰ প্ৰধান সমুদ্রপথবােৰ এনে অভিযানসমূহৰ ফলতেই আৱিষ্কাৰ হৈছিল । এনেবােৰ অভিযানৰ ফলতেই সদ্য আৱিস্কৃত দেশ সম্বন্ধীয় ভৌগােলিক বিৱৰণ ৰচনাৰ পৰম্পৰা আৰম্ভ হয় । তদুপৰি , সীমাবদ্ধ সম্পদত নিৰ্ভৰশীল হৈ থকা কেইবাখনাে ইউৰােপীয় ৰাষ্ট্ৰই নতুনকৈ আৱিষ্কাৰ হােৱা মহাদেশসমূহত ঔপনিৱেশ স্থাপন কৰি সম্পদ প্রকৰণ কাৰ্য্য আৰম্ভ কৰে । এনেদৰেই মানৱ ভূগােলৰ বিকাশৰ সূচনা হয় । শেহতীয়াভাৱে , বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ উন্নতিয়ে মানৱ ভূগােলৰ গতিধাৰাৰ উন্নতি আৰু বিকাশত যথেষ্ট অৰিহণা যােগাইছে । 

তলত মানৱ ভুগােল পর্যায়ক্রমিক অগ্রগতিৰ এটি সমীক্ষা দাঙি ধৰা হ’ল – 

সময়বিষয়বস্তুৰ চিন্তাধাৰা 
১। প্রাচীন যুগঅনুসন্ধান আৰু বর্ণনাত্মক 
২। মধ্যযুগআঞ্চলিক বিশ্লেষণ পদ্ধতিৰ উদ্ভাৱন 
৩। আধুনিক যুগ :-x
( ক ) ১৯২০-১৯৪০ চনলৈ আঞ্চলিক বৈচিত্রায়ন 
( খ ) ১৯৫০ ৰ পৰা ১৯৭০ চনলৈক্ষেত্রীয় সংঘটন 
( গ ) ১৯৭০ ৰ পৰা ১৯৭৯ চনলৈমানৱতাবাদী , পৰিৱৰ্তনবাদী আৰু আচৰণাত্মক মতাদৰ্শৰ উত্থান 
( ঘ ) ১৯৯০ চনৰ পৰা বৰ্তমানলৈকেউত্তৰ আধুনিক ভূগােল

১৯। মানৱ ভূগােলৰ ক্ষেত্ৰ আৰু উপক্ষেত্ৰবােৰৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ মানৱ ভূগােলৰ অধ্যয়ন ক্ষেত্ৰখনত মানৱ জীৱনৰ লগত জড়িত সকলােধৰণৰ আর্থিক , সামাজিক , সাংস্কৃতিক , ৰাজনৈতিক , বৌদ্ধিক আৰু জৈৱিক কার্যসমূহৰ লগত এনেবােৰ মানৱীয় কার্যৰ সংঘটনস্থলীৰ পাৰস্পৰিক সম্বন্ধৰ পর্যালােচনা কৰা । 

সেয়েহে , মানৱ ভূগােল অধ্যয়ন পৰিক্ৰমাৰ লগত বিভিন্ন ধৰণৰ শৈক্ষিক আৰু প্রায়ােগিক বিষয় জড়িত হৈ থকা দেখা যায় । বিশেষকৈ মানুহৰ কাম – কাজৰ লগত জড়িত হােৱা হেতুকে মানৱ ভূগােলৰ অধ্যয়ন কার্যৰ লগত সমাজ বিজ্ঞানৰ বিভিন্ন তত্ত্ব , সূত্ৰ আৰু ব্যাখ্যা আদি পােনপটীয়াকৈ জড়িত থাকে । সেইদৰে , সমৃদ্ধি লাভৰ উদ্দেশ্যে মানুহে হাতত লােৱা সম্পদ প্ৰকৰণৰ কাৰ্যসমূহ প্রাকৃতিক পৰিবেশৰ ওপৰত নিৰ্ভৰশীল । সেইবাবেই , ভৌতিক বিজ্ঞানকে ধৰি প্রাকৃতিক ভূগােল অনেক বিষয়বস্তু সম্পর্কীয় জ্ঞানসমূহ মানৱ ভূগােলৰ অধ্যয়নৰ প্ৰাথমিক উপকৰণ হৈ পৰিছে । তলত মানৱ ভূগোলৰ বিভিন্ন ক্ষেত্র আৰু উপক্ষেত্ৰৰ তালিকা আগবঢ়োৱা হলঃ 

২০। মানৱ ভূগােলৰ কল্যাণকামী মতাদৰ্শৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ কল্যাণকামী অথবা মানৱতাবাদী মতাদৰ্শৰ অনুগামীসকলে মানৱ ভূগােলৰ অধ্যয়ন ক্ষেত্ৰত সামাজিক কল্যাণ পৰিক্ৰমাৰ লগত প্রত্যক্ষভাৱে জড়িত গৃহসংস্থান , জনস্বাস্থ্য , শিক্ষা , মনৱ অধিকাৰ প্রভৃতি সমস্যাসমূহৰ প্রক্ষেপণ তথা ভৌগােলিক সমাধানৰ ওপৰত প্রাধান্য দিবলৈ লয় ।

২১। মানৱ ভূগােলৰ প্রচেষ্টা আৰু বিকাশ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ মানৱ ভূগােলে প্রাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশৰ মাজত গঢ়ি উঠা আন্তঃসম্পর্ক মধ্যয়ন কৰে । পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ ঘাইকৈ মাটি , পানী , বায়ু আৰু জীৱ মণ্ডলীয় উপাদানসমূহৰ সংযােগ স্থান , কাল অনুসৰি ভিন ভিন ৰূপত গঢ় লয় । এনেবােৰ উপাদান পুষ্ট সামগ্রিক প্রাকৃতিক পৰিৱেশৰ পটভূমিত অঞ্চল বিশেষে ভিন ভিন লক্ষণৰ মানৱীয় কাম কাজৰ বিকাশ অথবা ৱির্তন ঘটে । প্রাকৃতিক পৰিৱেশল সম্পদ আৰু সুবিধা অসুবিধাৰ লগত সম্পর্ক ৰক্ষা কৰিয়েই ঠায়ে ঠায়ে গাওঁ ভূঁই , চহৰ , উদ্যোগ , বাণিজ্য , পৰিবহণ প্রভৃতি নানাবিধ সাংস্কৃতিক অৱয়বে , মূৰ দাঙি উঠে । আনহাতে , একেবােৰ সাংস্কৃতিক অৱয়ব আৰু এইবােৰৰ প্ৰকাৰ্যৰ পৰিণতি স্বৰূপে স্থানীয় , আঞ্চলিক অথবা গােলকীয় পৰিসৰত পৃথিৱীৰ প্রাকৃতিক পৰিৱেশৰ ৰদ-বদল আৰম্ভ হয়।প্রাকৃতিক পৰিৱেশৰ এনেবােৰ মানৱ সদ্ভুত পৰিৱর্তনে ঘূৰি ঘূৰি মানুহৰ কর্ম কাওঁৰ ওপৰত নতুন এলানি প্রভাৱ আৰম্ভ কৰে । এনেদৰেই মানৱ আৰু পৰিৱেশৰ মাজত সম্পৰ্কৰ পৰিক্রমাটো ক্রমে জটিল আৰু বহুলস্তৰীয় হৈ গৈ থাকে ।

মানৱ সম্প্রদায়ৰ বৌদ্ধিক আৰু সামাজিক উন্নয়নৰ ঠিক সমান্তৰাল গতিত মানৱ আৰু পৰিৱেশৰ মাজত প্রতিষ্ঠিত সম্পৰ্কৰ ধাৰণাৰাে পৰিৱৰ্তন ঘটি আহিছে । সেয়েহে মানৱ – ভূগােল মধ্যয়নৰ গতিধাৰাত এতিয়ালৈকে ছটা একানুক্রমিক পর্যায় স্পষ্টৰূপত পােৱা যায় । বিষয়বস্তুৰ পৰিসৰ বৃদ্ধি আৰু ইয়াৰ লগে লগে ভূগােলৰ সামগ্রিক অধ্যয়ন ক্ষেত্ৰখনত ব্যাপক প্রণালীবন্ধন এটাৰ যুগ্ম প্রতিফলন হিচাপে মানৱ ভূগােলৰ অধ্যয়ন পৰিসৰতাে বহুসংখ্যক ক্ষেত্র উপক্ষেত্ৰক আশ্রয় কৰি ভালেমান শাখা প্রশাখাই মূৰ দাঙি উঠিছে । এনেবােৰ শাখা প্রশাখাই আকৌ নিজ নিজ বিষয়বস্তুৰ লগত সাদৃশ্য থকা নির্বাচিত ভূগােলভিন্ন আন কিছুমান অধ্যয়ন ক্ষেত্ৰৰ লগত বিয়জনিত সম্পর্ক স্থাপন কৰি আহিছে ।

1 thought on “Class 12 Geography Unit 1 মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top