Class 12 Geography Unit 27 নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপাত

Class 12 Geography Unit 27 নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপাত The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 27 নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপাত and select needs one.

Class 12 Geography Unit 27 নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপাত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 27 নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপাত Solutions for All Subject, You can practice these here…

নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপাত

অধ্যায় – ২৭

তৃতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ 

১। তলৰ নদীসমূহৰ পৰা ভাৰতবৰ্ষৰ সবাতােকৈ প্ৰদূষিত নদীখন চিনাক্ত কৰা । 

( i ) যমুনা ।

( ii ) ব্রহ্মপুত্র । 

( iii ) শতদ্রু । আৰু

( iv ) গােদাবী । 

উত্তৰঃ ( i ) যমুনা ।

২৷ জল প্রদূষণৰ দ্বাৰা তলৰ কোনবিধ বেমাৰ বিয়পে ? 

( i ) শ্বাস ৰােগ ।

( ii ) স্নায়ুতন্ত্রৰ ৰোগ ।

( ii ) কলেৰা । আৰু

( iv ) হাড়ৰ বেমাৰ ।

উত্তৰঃ ( ii ) কলেৰা ।

৩। আকর্ষণ আৰু বিকর্ষণ কাৰক তলৰ কোনটো ঘটনাৰ লগত জড়িত ? 

( i ) বস্তি অঞ্চল । 

( ii ) প্ৰৱজন । 

( iii ) ভূমি অৱক্রমন । আৰু

( iv ) জল প্ৰদূষণ ।

উত্তৰঃ ( ii ) প্ৰৱজন । 

৪। তলৰ কোনটো এছিড বৰষুণৰ কাৰণ — 

( i ) বায়ু প্ৰদূষণ । 

( ii ) পানী প্রদূষণ ।

( ii ) মাটি দূষণ । আৰু 

( iv ) শব্দ প্ৰদূষণ ।

উত্তৰঃ ( ii ) পানী প্ৰদূষণ ।

৫। বিভিন্ন প্রকাৰৰ প্ৰদূষণবােৰ কি কি ? 

উত্তৰঃ বিভিন্ন প্রকাৰৰ প্ৰদুষণসমূহ হ’ল – পৰিবেশ প্ৰদুষণ , মাটি প্ৰদুষণ, জল প্ৰদূষণ , বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ । 

৬। জল প্ৰদূষণৰ দ্বাৰা বিয়পা বেমাৰ কি কি ? 

উত্তৰঃ জল প্ৰদূষণৰ দ্বাৰা কলেৰা , জণ্ডিচ , টাইফয়ড প্রভৃতি ৰােগ বিয়পে । 

৭। কোনবিলাক কাৰণৰ বাবে মাটি অৱনমিত হয় ? 

উত্তৰঃ ভৌতিক , ৰাসায়নিক , জৈৱিক আৰু জলবায়ৱীয় কাৰক আৰু ঔদ্যোগিকৰণৰ ফলস্বৰূপে মাটি অৱনমিত অথবা প্ৰদূষিত হয় । 

৮। প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পার্থক্য কি ? 

উত্তৰঃ ঘাইকৈ মানুহৰ কাম – কাজৰ ফলত মাটি , পানী , বায়ু আৰু জীৱমণ্ডলৰ অন্ততঃ এটা উপাদানৰ গুণগত মানদণ্ড স্থানীয় অথবা আঞ্চলিক পৰিসৰত চকুত লগা মাত্রা কমি যােৱা অৱস্থাটোকে প্ৰদূষণ বােলে ৷ আনহাতে , যিবােৰ অনাৱশ্যকীয় পদার্থ অথবা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰে সেইবােৰক প্ৰদূষক বােলা হয় । 

৯। চহৰৰ আৱৰ্জনা নিষ্কাশনে ভাৰতত কি সমস্যাৰ সৃষ্টি কৰিছে লিখা । 

উত্তৰঃ চহৰৰ আৱৰ্জনা নিষ্কাশনে ভাৰতত বায়ু , পানী আৰু মাটি প্ৰদূষণৰ সমস্যাৰ সৃষ্টি কৰিছে । 

চমুউত্তৰ দিয়া

১০। গাঁৱৰ পৰা চহৰমুখী প্রব্রজনৰ কাৰণ কি ? 

উত্তৰঃ নিয়ােগৰ সুবিধা , যাতায়াত সুযােগ , বাণিজ্যিক সুব্যৱস্থা আৰু জীৱনৰ মান উন্নয়ন প্রভৃতি উদ্দেশ্যত গ্রামাঞ্চলৰ পৰা চহৰাঞ্চলৰ বাৰলৈ জনপ্ৰৱজন ঘটে । এনে পৰিসৰত হােৱা জনপ্ৰৱজনৰ ফলতে ভাৰতৰ প্ৰায়বােৰ চহৰতে অতিশয় ক্ষিপ্র গতিত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । সৰু – সুৰা চহৰসমূহত নিয়ােগৰ সুবিধাকে ধৰি আত্মৰক্ষা অথবা আত্মবিকাশমূলক সুবিধা নিচেই কম । তদুপৰি শেহতীয়াভাৱে চহৰসমূহত খােজ দিয়া দুর্বল ব্যক্তি এজনৰ এই দুয়াে পর্যায়ৰ সুবিধা ভাগত পৰাৰ সম্ভাৱনাও ক্ষীণ । সেয়েহে , গাঁৱৰ পৰা চহৰমুখী হােৱা বেছি সংখ্যক প্ৰৱজনকেই সৰু – সুৰা চহৰৰ পৰিৱর্তে ডাঙৰ চহৰ অভিমুখে প্ৰৱজন কৰিবলৈ আগ্রহ কৰে ।

১১। ঔদ্যোগিক প্ৰদূষণৰ কাৰণ ব্যাখ্যা কৰা । 

উত্তৰঃ উদ্যোগ আৰু খনিৰ কাম – কাজসমূহ মাটি প্ৰদূষণৰ প্রধান উৎস । কাগজ কল , চামৰা উদ্যোগ , চেনী কল প্রভৃতি জৈৱিক সম্পদৰ লগত সম্পর্ক জড়িত উদ্যোগসমূহ আৰু তেল শোধনাগাৰ , শক্তি উৎপাদনস্থলী, ৰাসায়নিক উদ্যোগ প্রভৃতি ঘাইকৈ খনিজ সম্পদপুষ্ট উদ্যোগসমূহৰ পৰা নিয়মিত ৰূপত বৃহৎ পৰিমাণৰ আৱৰ্জনা বাহিৰ হয় । এনেবােৰ আৱৰ্জনাই উদ্যোগ কেন্দ্ৰৰ চৌপাশৰ মাটি আৱৰি ধৰি এই মাটি গছ বন গজাৰ বাবে অনুপযােগী কৰি তােলে । তদুপৰি কয়লা , পেট্ৰ’লিয়াম , চুণশিল প্রভৃতি প্রায় সকলােধৰণৰ খনিসমূহতে নিষ্কাশন কৰা খনিজ সম্পদৰ একোটা বুজন অংশ ভাগি – ছিগি মাটিৰ লগত মিহলি হয় । 

১২। বায়ু প্ৰদূষণৰ কাৰণবােৰ কি কি ? 

উত্তৰঃ সকলাে ধৰণৰ কল – কাৰখানা চলােৱাৰ উদ্দেশ্যে শক্তি উৎপাদন কাৰ্য্যও বায়ুৰ দ্বাৰাহে সম্ভৱ হয় । এই বায়ুত নানাবিধ প্ৰদূষক মিহলি হােৱাৰ ফলত ই দূষিত হয় । বায়ু প্ৰদূষণবােৰ বিভিন্ন উৎসৰ পৰা উৎপত্তি হয় । এনে উৎসসমূহ হ’ল — 

( ক ) আগ্নেয়গিৰি উৰ্গীৰণ ।

( খ ) নানা ধৰণৰ কল – কাৰখানা , ঔদ্যোগিক প্রতিষ্ঠান , সাৰ কাৰখানা , তেল শােধনাগাৰ আদিৰ পৰা নির্গত হােৱা গেছ , ধোঁৱা , তাপ আদিয়ে উচ্চ হাৰত বায়ু প্ৰদূষিত কৰে । 

( গ ) জনসংখ্যা বিস্ফোৰণ , নির্বনানীকৰণ , আনৱিক বিস্ফোৰণ , জীৱাশ্ম ইন্ধনৰ দহন আদিৰ দ্বাৰাও বায়ু দূষিত হয় । 

১৩। ধড়াবী বস্তি অঞ্চলৰ এটি বর্ণনা দিয়া । 

উত্তৰঃ ধড়াবী বস্তি মধ্য মুম্বাইত অৱস্থিত । এইটো বস্তি অঞ্চল এছিয়াৰ সর্ববৃহৎ বস্তি এলেকা । অঞ্চলটোৰ মাজেৰে পাৰ হৈ যােৱা একালৰ মূল পথটো ৯০ ফুট অর্থাৎ ২৭ মিটাৰৰাে অধিক বহল আছিল যদিও এতিয়া ঠায়ে ঠায়ে চাইকেল এখন চোচোৰাই নিয়াৰ জোখৰাে বহল নহয় । ৰাস্তাৰ ওপৰত কেউফালে বেদখল প্লাষ্টিক , থৈলা , মামৰে ধৰা টিন যাৰ যি যত আছে পােনাই পজৰাই গৰাল সদৃশ একোটা জুপুৰী ওখই হয়তাে পাঁচ ফুটমান বা তাতকৈও কম । ওচৰে – পাঁজৰে কিছুমান উৱলি যােৱা বিধৰ দুই – তিনি মহলীয়া ঘৰৰ নােহােৱা নহয় । মামৰে ধৰা লােহাৰ চিৰিৰে বগাই ওপৰৰ মহলাবােৰত কিছুমান ভাড়াঘৰ আছে । একেটাহঁত কোঠালী ভাড়া কৰি তাত দহ – বাৰটালৈকে মানুহ থাকে । 

ধড়াবীৰ এই বৃক্ষহীন , ছায়াহীন , আবর্জনাময় আৰু গেলা পানীৰ ভােবাসমূহৰ কদর্মময় বস্তি এলেকাটোৱেই কিছুমান আটক ধুনীয়া সৃষ্টিৰৰ প্রসূতিগৃহ । মুম্বাই চহৰৰ মুঠ সমৃদ্ধিৰ ওপৰত ধড়াবীৰ অৱদান অস্বীকাৰ কৰিব পৰা নাযায় । এই যন্ত্রণাময় দৃষ্টিকটু এলেকাটোৰ পৰাই দেশৰ ভিতৰতে ৰমক – জমক আৰু নামী – দামী বুলি ধৰিব পৰা কেইবাবিধোঁ উচ্চ বিলাসী পর্যায়ৰ সৰঞ্জাম পােহৰ বিচাৰি ওলাই আহে । মুম্বাই চহৰৰ এইটো এলেকাতে প্রস্তুত হয় দেশ – বিদেশৰ ৰাজন্য শ্ৰেণীৰ মুখত তৃপ্তিৰ হাঁহি বিৰিঙাব পৰা কিছুমান চীনা মাটিৰ আচবাব , এন্ত্রইডাৰী কৰা কাপােৰ , চামড়াৰ সামগ্রী , সাজ – পােচাক , ধাতুৰ সৰঞ্জাম , ৰমক – জমক অলংকাৰ , কাঠৰ সৰঞ্জাম আৰু বহুতাে । শামুকৰ পেটত জগা মণিক সদৃশ এনেবােৰ সৰঞ্জামেই আটক ধুনীয়া বাকচত সােমাই ৰেল – জাহাজত উঠি বিশ্ব বিজয়ৰ পথ ধৰে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

দীঘল প্রশ্ন

১৪। গংগা আৰু যমুনা নদীৰ পানী প্রদূষণ হােৱাৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ চহৰ আৰু চহৰৰ উপকণ্ঠ এলেকাৰ উদ্যোগ খণ্ডৰ অপদ্রব্যবােৰ সচৰাচৰ নলা নর্দমা যােগে নদীত পৰা দেখা যায় । এনে অপদ্রব্যৰ সংযােগৰ ফলত নদীৰ পানী প্ৰদূষিত হয় । উদ্যোগস্থলীৰ পৰা নিৰ্গত জুলীয়া আৰু পানীত দ্ৰৱণীয় লক্ষণৰ গােটা পদার্থসমূহেই নদীৰ পানীৰ প্ৰদূষণৰ বাবে সর্বাধিক দায়ী । দিল্লী চহৰৰ সমুদায় উদ্যোগৰ আৱৰ্জনাৰ লগতে মথুৰা তেল শােধনাগাৰৰ অপদ্রব্য আৰু আগ্রা চহৰখনক প্রক্ষালন কৰি নিয়াৰ বাবেই যমুনা নদীখন সর্বাধিক প্ৰদূষিত প্রবাহত পৰিণত হৈছে । এই নদীখন ইমানেই প্ৰদূষিত হৈছে যে ইয়াৰ পানী স্নানযােগ্যও নহয় । দেশৰ বহুকেইখন চহৰৰ মাজেৰে বৈ যােৱা গংগা নৈৰ পানীও একে কাৰণতে প্ৰদূষিত হৈছে বুলিব পাৰি । কাৰণ এই চহৰসমূহৰ কল – কাৰখানাৰ অপদ্রব্যৰ ভাৰ গংগাই বহন কৰি আহিছে । 

১৫। শব্দ প্ৰদূষণ কেনেদৰে হয় ? 

উত্তৰঃ শব্দ প্ৰদূষণ এক প্ৰকাৰৰ শক্তি প্রদূষণ । বিভিন্ন উৎসৰ পৰা উৎপত্তি হােৱা শব্দই মানুহকে ধৰি জীৱসমূহৰ অস্বস্তি আৰু শাৰীৰিক ক্ষতি উদ্ভৱ কৰা অৱস্থাটোক শব্দ প্ৰদূষণ বোলে ।

প্রধানতঃ কল – কাৰখানাকে ধৰি যিকোনাে প্রযুক্তি ক্ষেত্রসমূহেই শব্দ প্ৰদূষণৰ উৎসস্থল । বিভিন্ন ধৰণৰ কল – কাৰখানা , যান্ত্রিক প্রণালীৰ নির্মাণকার্য , অট্টালিকা প্রভৃতিৰ ভাঙোন কার্য , যানবাহন , আকাশীযান, বিস্ফোৰণ কার্য প্রভৃতি এই শব্দ প্ৰদূষণৰ নিয়মীয়া উৎস । তদুপৰি , উৎসৱ – পাৰ্বন , সভা – সমিতি অথবা অপৰিকল্পিতভাৱে পৰিচালিত হাট – বজাৰ প্রভৃতিৰ হাই উৰুমিও শব্দ প্ৰদূষণৰ আন এলানি উৎস । শব্দৰ তীব্রতা ডেচিবল এককৰ সহায়ত নির্ধাৰণ কৰা হয় ।

ঘাইকৈ যাতায়াত আৰু পৰিবহণ ক্ষেত্রসমূহৰ পৰাই শব্দ প্ৰদূষণৰ সৃষ্টি হয় । ৰেল – মটৰ , উৰাজাহাজ প্রভৃতি যান-বাহনবােৰে ইয়াৰ যান্ত্রিক দক্ষতা , গতিবেগ আৰু অতিক্ৰম কৰা পথছােৱাৰ অৱস্থাৰ পার্থক্য অনুক্রমে ভিন ভিন মূহুৰ্তত ভিন্ ভিন্ ধৰণৰ শব্দ সৃষ্টি কৰে । আকৌ বিভিন্ন ধৰণৰ কল-কাৰখানা অথবা উদ্যোগস্থলীসমূহত কাম – কাজৰ ধৰণ অনুসৰি বিভিন্ন ধৰণৰ শব্দ প্ৰদূষণৰ সৃষ্টি হয় ।

১৬। পৰিবেশ প্ৰদুষণ হয় ভূমি আবর্জনাৰ কাৰণে , আলােচনা কৰা । 

উত্তৰঃ ক্রমবর্ধমান চহৰ এখনত চহৰখনৰ প্ৰকার্য পৰিসৰ অনুপাতে অপদ্রব্যৰ সমাবেশ যাঢ়ি গৈ থাকে যদিও নিষ্কাশনৰ ব্যৱস্থাটো সাধাৰণতে স্থিতাৱস্থাতে থাকি যায় । সেয়েহে , এনে অপদ্ৰৱাসমূহে চহৰৰ বায়ু , পানী আৰু মাটি ধাৰাবাহিক গতিত প্ৰদূষিত কৰে । চহৰৰ আৱৰ্জনাসমূহৰ ভিতৰত মামৰে ধাৰা অথবা ভগা – ছিগা ধাতুৰ আচবাব , চিচা , প্লাষ্টিক , ছাই ৰাসায়নিক দ্রব্য , বৰ , কাঠৰ টুকুৰা , বিভিন্ন প্রাণীৰ মৃতদেহ , ভগা – ছিগা চিনামাটিৰ টুকুৰা , খাদ্য সামগ্ৰীৰ পেলনীয়া অংশ প্রভৃতি বিভিন্ন ধৰণৰ অপদ্রব্য গােট খায় । এনেবােৰ অপদ্রব্যত ধাতু , অজৈৱ বিঘটনীয় দ্রব্য , জৈৱ উৎসৰ দ্ৰব্য প্রভৃতি একাকাৰ অৱস্থাত থাকে । 

গতিকে , এনে অপদ্রব্যৰ সমাবেশস্থলীত দ্রব্যসমূহৰ মাজত ভৌতিক , ৰাসায়নিক আৰু জৈৱিক পর্যায়ত ক্রিয়াকাণ্ড আৰম্ভ হয় । ফলস্বৰূপে , ইয়াৰ পৰা ধূলি – বালি , দুর্গন্ধ আৰু সংক্রামক ৰােগৰ বীজাণু প্রভৃতি বতাহ , বৰষুণ অথবা মহ ডাঁহ , মাখি প্রভৃতি বাহক জীৱৰ মাধ্যমত চৌদিশে বিয়পি পৰে । সেয়েহে এনে পৰিবেশৰ সংসর্গই মেলেৰিয়া , টাইফয়ড , ডিপথেৰিয়া , গ্রহণী , হাইজা প্রভৃতি বিভিন্ন ধৰণৰ ৰােগ সৃষ্টি কৰে । তদুপৰি এনে উৎসৰ পৰা বাহিৰ হােৱা ভৌতিক আৰু ৰাসায়নিক প্ৰদূষণৰ সংস্ৰৱত শ্বাস – প্রশ্বাস , ৰক্ত সঞ্চালন অথবা স্নায়বিক পর্যায়ৰ নানা ৰোগ সৃষ্টি হয় । 

চহৰ আৰু চহৰৰ উপকণ্ঠ এলেকাৰ উদ্যোগখণ্ডৰ অপদ্রব্যবােৰ সচৰাচৰ নলা – নদর্মা যােগে নদীত পৰা দেখা যায় । এনে অপদ্রব্য সংযােগৰ ফলত নদীৰ পানী প্ৰদূষিত হয় । উদাহৰণস্বৰূপে , দিল্লী চহৰৰ সমুদায় উদ্যোগৰ আৱৰ্জনাৰ লগতে মথুৰা তেল শােধনাগাৰৰ অপদ্রব্য আৰু আগ্রা চহৰখনক প্রক্ষালন কৰি নিয়াৰ পাছত যমুনাৰ নৈৰ পানী প্ৰদূষিত হৈছে । সেইদৰে , চহৰসমূহত ৰাস্তাৰ কাষত পুনঃপৌণিকভাৱে আৱৰ্জনা জমা হৈ ৰয় । এই আৱৰ্জনাবােৰ অতিশয় মন্থৰ গতিত যােৱাৰ সময়ত ইয়াৰ পৰা মিথেন গেছকে ধৰি বহুতাে জৈৱিক গেছ নির্গত হৈ বায়ু প্ৰদূষণ বৃদ্ধি কৰে । 

১৭। বস্তি অঞ্চলৰ পৰিবেশৰ সমস্যাসমূহ আলােচনা কৰা । 

উত্তৰঃ ঘাইকৈ গ্রামাঞ্চলৰ পৰা চহৰমূখী হােৱা কিছুমান অদক্ষ শ্রমিক প্ৰৱজকে নিম্নমান আয়ৰ বাবে উপযুক্ত ঘৰ এটা বসবাসৰ বাবে যােগাৰ কৰাত ব্যর্থ হয় । ইয়াৰ ফলত এনে বহুতাে লােকে অতি কম ঠাইত গাতে গা লগা জৰাজীর্ণ জুপুৰী , গেলা – পচা আৱৰ্জনা আৰু নলা – নর্দমাহীন গেৰেকনি অথবা ধোঁৱা , ছাই , ধূলি বালিৰে সৈতে বস্তি এলেকা এটাত নিঃকিন জীৱন যাপন কৰে । এই বস্তিসমূহত আর্থিকভাৱে দুৰৱস্থা সম্পন্ন শ্রেণীটোৱে থিতাপি লয় । এই অঞ্চলসমূহ ৰ’দ – বতাহ নােসােমােৱা বা কোনাে ক্ষেত্ৰত ৰ’দ বতাহেৰে আক্রান্ত আৰু খােৱাপানী , পােহৰ , শৌচাগাৰ প্ৰভৃতি নূন্যতম সা – সুবিধাখিনিৰ অভাৱ ঘটা ঠুহামৰা জুপুৰীৰ সমাৱেশ । এনে বস্তি এলেকাৰ মাজত সচৰাচৰ গাড়ী – মটৰ চলাচলযােগ্য বাট – পথ নাথাকে । সেয়েহে চিকিৎসা , অগ্নিনির্বাপন সেৱাৰ পৰাও এনেবােৰ এলেকা বহু সময়ত বঞ্চিত হ’ব লগা হয় । 

এনেবােৰ বস্তি এলেকাৰ বেছিভাগ লােকেই অধিক কষ্ট সাধ্য আৰু বিপদ সংকুল কম উপার্জনক্ষম অসংগঠিত খণ্ডত কাম – কাজ কৰি জীৱিকা নির্বাহ কৰে । সেয়েহে , এই এলেকাত বসবাস কৰা লােকসকল পুষ্টিহীন আৰু ৰােগপ্ৰৱণ । এনে এক পৰিবেশত জন্ম আৰু লালন পালন ঘটা শিশু শ্ৰেণীটোৰ পক্ষেন্নতম পর্যায়ৰ বিদ্যা শিক্ষা আহৰণাে সহজ নহয় । ইফালে চৰম দৰিদ্ৰতাৰ হেঁচাত আদর্শভ্রষ্ট হৈ পৰা এনে এক পৰিবেশত চুৰি , ডকাইতি , মাৰপিট , নিচাসক্তি অথবা আন  যিকোনাে ধৰণৰ অবৈধ বা অসামাজিক কাম – কাজেই দৈনন্দিন ঘটনাত পৰিণত হয় । 

১৮। ৰাষ্ট্ৰীয় দূৰ সংবেদন অভিকৰণে দেশৰ নষ্টপ্রায় ভূমিক কিদৰে শ্রেণী বিভাজন কৰিছে লিখা । 

উত্তৰঃ যিবােৰ ভূমি বা মাটি নানা প্রকাৰৰ কামৰ ফলত ব্যৱহাৰৰ অনুপযােগী হৈ পৰে , সেই ভূমিবােৰকে পৰিত্যক্ত ভূমি বা নষ্টপ্রায় ভূমি বুলি জনা যায় । ৰাষ্ট্ৰীয় দূৰ সংবেদন অভিকৰণে দেশৰ নষ্টপ্রায় অথবা পৰিত্যক্ত ভূমিসমূহক কেইবাটাও ভাগত বিভক্ত কৰিছে । অৱনলিকা কর্ষণ , মৰুকৰণ , সমুদ্রতটীয় বালুকা , পার্বত্য শিলাপৃষ্ঠ , থিয় গৰা অথবা হিমাকৃত এলেকাসমূহ কিছুমান প্রাকৃতিক কাৰণবশতঃ পৰিত্যক্ত ভূমি হৈ থাকে । আনহাতে , জলমগ্নতা , ক্ষাৰকৰণ , লৱণীকৰণ প্রভৃতি ভূমি অৱক্ৰমণৰ ঘটনাবােৰ আকৌ প্রাকৃতিক আৰু মানৱীয় কাম – কাজৰ যৌথ প্রতিফল বুলিব পাৰি । আনহাতে , অন্তৰণ কৃষি , ৰােপণ কৃষি , অৰণ্য উচ্ছেদন তৃণাঞ্চল ধ্বংস খনিজ অথবা উদ্যোগ এলেকাত অপদ্রব্যৰ বিস্তৰণ প্রভৃতি কার্যৰ ফলত ঘটা ভূমি অৱক্রমণসমূহ মানৱসক্তৃত প্ৰকৃতিৰ হােৱা দেখা যায় । তলৰ তালিকাত ৰাষ্ট্ৰীয় দূৰ সংবেদন অভিকৰণে শ্রেণীভুক্ত কৰা দেশৰ নষ্টপ্রায় ভূমিসমূহৰ পৰিমাণ দেশৰ মুঠ ভূ – ভাগৰ শতাংশত আগবঢ়োৱা হ’ল । 

       তালিকা- ২২.১ : ভাৰতত নষ্টপ্রায় ভূমিৰ পৰিমাণ

শ্রেণী – উপশ্রেণীদেশৰ মুঠ ভূভাগৰ %
১।কৃষি – অযােগ্য নগ্ন ভূমি ২.১৮
২।প্রাকৃতিক অৱক্রমিত ভূমি২.৪০
৩।মানৱ – প্রাকৃতিক যৌথ অৱক্রমিত ভূমি৭.৫১
৪।মানৱসম্ভূত অৱক্রমণ৫.৮৮
৫।মুঠ অৱক্রমণ ( ১ + ২ + ৩ + ৪ )১৫.৮১
৬।অন্যান্য কাৰণত নাশ ঘটা ভূমি২.১৭
মুঠ নষ্টপ্রায় ভূমি১৭.৯৮

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top