Class 12 Geography Unit 18 ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম

Class 12 Geography Unit 18 ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 18 ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম and select needs one.

Class 12 Geography Unit 18 ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 18 ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম Solutions for All Subject, You can practice these here…

ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম

অধ্যায় – ১৮

তৃতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা –

১। তলত দিয়া কোনখন ৰাজ্যলৈ সর্বাধিক পৰিমাণৰ প্ৰৱজন ঘটে । 

( i ) বিহাৰ ।

( ii ) দিল্লী ।

( iii ) মহাৰাষ্ট্র । আৰু 

( iv ) উত্তৰপ্ৰদেশ ।

উত্তৰঃ ( iii ) মহাৰাষ্ট্র ।

২। তলত দিয়া কোনটো ভাৰতবৰ্ষত পুৰুষ প্ৰজনৰ মূল কাৰণ — 

( i ) শিক্ষা ।

( ii ) নিয়ােগৰ সুবিধা ।

( iii ) বেপাৰ বাণিজ্য । আৰু 

( iv ) বিবাহ ।

উত্তৰঃ ( ii ) নিয়ােগৰ সুবিধা ।

৩। তলত দিয়া কোনখন পৌৰ এলেকালৈ সর্বাধিক পৰিমাণৰ আন্তঃপ্রব্রজন ঘটে 

( i ) মুম্বাই পৌৰ এলেকা ।

( ii ) বাংগালােৰ পৌৰ এলেকা ।

( iii ) দিল্লী পৌৰ এলেকা । আৰু

( iv ) চেন্নাই পেীৰ এলেকা ।

উত্তৰঃ ( i ) মুম্বাই পৌৰ এলেকা ।

৪। ২০০১ চনৰ লােকপিয়ল মতে ভাৰতবৰ্ষলৈ প্ৰৱজন ঘটা লােকৰ সংখ্যা হল – 

( i ) ৫ লাখ ।

( ii ) ৬ লাখ ।

( iii ) ২২ লাখ । আৰু

( iv ) ৫০ লাখ ।

উত্তৰঃ ( iv ) ৫০ লাখ । 

৫। বয়স আৰু লিংগ অনুপাতে নির্দিষ্ট উদ্দেশ্য লৈ গাঁৱৰ পৰা চহৰলৈ হােৱা প্ৰব্ৰজনৰ প্ৰভাৱ কি হয় ? 

উত্তৰঃ জনদৃশ্য পটৰ পৰিৱৰ্তন হয় । 

৬। ভাৰতবৰ্ষলৈ সর্বাধিক পৰিমাণৰ প্ৰৱজন ঘটা বিদেশী ৰাষ্ট্র ২ খন কি কি ? 

উত্তৰঃ বাংলাদেশ আৰু পাকিস্তান । 

৭। আভ্যন্তৰীণ জনপ্ৰৱজন বুলিলে কি বুজা ? 

উত্তৰঃ দেশৰ চাৰিসীমাৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ ঘটা প্ৰৱজনক আভ্যন্তৰীণ প্ৰব্ৰজন বােলা হয় । 

৮। প্ৰব্ৰজন কিদৰে আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হয় ? 

উত্তৰঃ একেজন মানুহেই নিজ নিজ জীৱনকালৰ বিভিন্ন পর্যায়ত কর্মসূত্রে অথবা অন্যান্য কাৰণত ভিন্ ভিন ঠাইত বাস কৰিব লগা হ’ব পাৰে । ঠিক তেনেকৈ একে কাৰণতে একেটা পৰিয়ালৰ কেইবাজনাে সদস্যই একেসময়তে দেশ – বিদেশৰ নানা ঠাইত স্থায়ী , অস্থায়ী অথবা অর্ধস্থায়ীভাৱে বসবাস কৰিব লগা হ’ব পাৰে । এনেবােৰ কাৰণতে প্ৰব্ৰজন আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে । 

৯। ভাৰতৰ পৰা হােৱা প্ৰব্ৰজনৰ তৃতীয় তৰংগৰ বিষয়ে লিখা । 

উত্তৰঃ যােৱাটো শতিকাৰ দ্বিতীয়ার্ধত থাইলেণ্ড , মালয়েছিয়া ছিংগাপুৰ , ব্রুণীপ্রভৃতি দক্ষিণ পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ উপৰিও মধ্য প্রাচ্যৰ খনিজ তেল উৎপাদনকাৰী ৰাষ্ট্ৰ আৰু ভালেকেইখন আফ্রিকীয় ৰাষ্ট্ৰলৈ উদ্যোগ , খনি , বাণিজ্য , পৰিবহণ প্রভৃতি খণ্ডৰ উচ্চ প্রশিক্ষিত আৰু অর্ধ প্রশিক্ষিত কর্মীৰ প্ৰব্ৰজন হয় । এইটোৱেই হৈছে – ভাৰতৰ পৰা হােৱা প্ৰব্ৰজনৰ তৃতীয় তৰংগ । 

১০। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা ? 

উত্তৰঃ এখন দেশৰ পৰা আন এখন দেশলৈ হােৱা প্ৰব্ৰজন অর্থাৎ দেশৰ বাহিৰলৈ হােৱা প্ৰৱজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বােলে । 

চমু উত্তৰৰ প্ৰশ্ন

১১। ভাৰতবৰ্ষৰ পৰা অন্য ৰাষ্ট্ৰলৈ জন প্ৰৱজন ঘটাৰ কাৰণসমূহ লিখা । 

উত্তৰঃ ঘাইকৈ ধর্ম প্রচাৰ আৰু কৃষি , বাণিজ্য প্রভৃতি অর্থনৈতিক কার্যৰ লগত জড়িত ভালেসংখ্যক ভাৰতীয় লােকৰ মৌয যুগ আৰু গুপ্তযুগত ইণ্ডোনেচিয়া , মালয়েছিয়া , শ্রীলংকা প্রভৃতি দেশলৈ প্ৰৱজন কৰিছিল । পৰৱর্তী পর্যায়ত অর্থাৎ ভাৰতত ইউৰােপীয় শাসনকালত ব্রিটিছ , ফৰাচী আৰু পতুর্গীজসকলৰ পৃষ্ঠপােষকতাত ইউৰােপীয় ঔপনিবেশসমূহৰ অন্তৰ্গত বহুকেইখন দেশলৈ ৰােপণ কৃষিখণ্ডৰ শ্রমিক হিচাপে বহু ভাৰতীয়ৰ প্ৰৱজন ঘটিছিল । যােৱাটো শতিকাত থাইলেণ্ড , মালয়েছিয়া , ছিংগাপুৰ , ব্রুনীপ্রভৃতি দক্ষিণ – পূর্ব এছিয়াৰ দেশসমূহৰ উপৰিও মধ্যপ্রাচ্যৰ তেল উৎপাদনকাৰী দেশসমূহলৈ আৰু আফ্রিকীয় ৰাষ্ট্ৰলৈ উদ্যোগ , খনি , বাণিজ্য , পৰিবহণ প্রভৃতি খণ্ডৰ উচ্চ প্রশিক্ষিত আৰু অর্ধপ্রশিক্ষিত কর্মীৰ প্ৰৱজন হয় । 

কুৰি শতিকাৰ ষাঠিৰ দশকত আৰম্ভ হােৱা চিকিৎসা , অভিযন্তা , ব্যৱস্থাপন , পৰামৰ্শ আৰু বিত্ত পৰিচালনা প্রভৃতি কার্যৰ বিশেষজ্ঞ , সংবাদসেৱী প্রভৃতি উচ্চবর্গীয় সেৱাৰ লগত জড়িত লােকসকলৰ প্ৰৱজন বৰ্ত্তমান অধিক প্ৰৱল হােৱা দেখা যায় । ঘাইকৈ নিজ দেশৰ তুলনাত অধিক অর্থোপার্জনৰ উদ্দেশ্যপ্রণােদিত ভাৱে এই সকল লােকৰ প্ৰবজন হয় । 

১২। ভাৰতবৰ্ষৰ পৰা জন প্ৰৱজন সংঘটিত হােৱা তৃতীয় তৰংগটো কি ? 

উত্তৰঃ ভাৰতবৰ্ষৰ পৰা প্ৰবজন ঘটা তৃতীয় তৰংগটো হ’ল — কুৰি শতিকাৰ দ্বিতীয়ার্ধত থাইলেণ্ড , মালয়েছিয়া , ছিংগাপুৰ , ব্রুনী প্রভৃতি দক্ষিণ পূর্ব এছিয়াৰ দেশসমূহৰ উপৰিও মধ্যপ্রাচ্যৰ তেল উৎপাদনকাৰী দেশসমূহ আৰু বহুকেইখন আফ্রিকীয় দেশলৈ ঘটা প্ৰৱজন । এই তৰংগত প্রধানতঃ উদ্যোগ , খনি , বাণিজ্য , পৰিবহণ প্রভৃতি খণ্ডৰ উচ্চ প্রশিক্ষিত আৰু অর্ধপ্রশিক্ষিত কর্মীৰ প্ৰৱজন ঘটিছিল । ঘাইকৈ নিজৰ দেশৰ তুলনাত অধিক অর্থোপার্জনৰ উদ্দেশ্য প্রণােদিত ভাৱে এইসকল লােকৰ প্ৰৱজন ঘটে । 

১৩। পুৰুষ আৰু মহিলা প্ৰব্ৰজনৰ কাৰণবােৰ উল্লেখ কৰা ।

উত্তৰঃ সকলাে ধৰণৰ প্ৰৱজনৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ প্ৰৱজন পৃথক পৃথক কাৰণত হােৱা দেখা যায় । ভাৰতবৰ্ষৰ সৰ্বমুঠ প্ৰবজনৰ ৬৮.৪৩ শতাংশই মহিলা । এইসকলৰ ৬৫ শতাংশ অর্থাৎ দেশখনৰ মুঠ প্ৰৱজনকৰ ৪৪.৪৮ শতাংশৰ প্ৰৱজনৰ কাৰণ বিবাহযােগ্য স্বামীগৃহ গমন । ইফালে ৰােজগাৰ , শিক্ষা , বাণিজ্য প্রভৃতি কাৰকসমূহৰ ক্ষেত্ৰত মহিলাতকৈ পুৰুষৰ প্ৰৱজনহে অধিক হােৱা দেখা যায় । ২০০১ চনৰ লােকপিয়ল অনুসৰি পুৰুষ আৰু নাৰীৰ প্ৰৱজনৰ পৰিসৰ দেখুওৱা হ’ল –

কাৰকপুৰুষৰ প্ৰৱজন ( %)নাৰীৰপ্ৰৱজন ( %)
১। কর্মক্ষেত্র৩৮%৩%
২। বাণিজ্য৩%
৩। শিক্ষা লাভ৬%১%
৪। বিবাহ ২%৬৫%
৫। জন্মস্থানৰ পৰা গৃহ যাত্রা১০%৫%
৬। ঘৰ সলনি২৫%১৯%
৭। অন্যান্য১৬%৭%

১৪। প্রজনৰ আঞ্চলিক প্রতিৰূপ বহলাই আলােচনা কৰা । 

উত্তৰঃ বিহাৰ , উত্তৰপ্ৰদেশ , মধ্যপ্রদেশ , ৰাজস্থান প্রভৃতি ৰাজ্যসমূহৰ পৰা মহাৰাষ্ট্র , গুজৰাট , দিল্লী , হাৰিয়ানা প্রভৃতি ৰাজ্যলৈ ব্যাপক সংখ্যক আন্তঃৰাজ্যিক প্ৰৱজন ঘটা দেখা যায় । ১৯৯১ ২০০১ চনৰ দশকটোত ২.৩ নিযুত প্ৰৱজকে নতুনকৈ থিতাপি লােৱা মহাৰাষ্ট্ৰক দেশৰ সর্বাধিক আন্তঃপ্ৰৱজকৰ লক্ষ্য এলেকা ৰূপে চিহ্নিত কৰা হৈছে । ইয়াৰ পিছতে দিল্লী , গুজৰাট আৰু হাৰিয়ানা ক্রমে দ্বিতীয় , তৃতীয় আৰু চতুর্থ স্থান দখল কৰিছে । আনহাতে , বহির্গামী আন্তঃৰাজ্যিক প্ৰৱজনৰ উৎস অঞ্চল হিচাপে উত্তৰ প্ৰদেশ আৰু বিহাৰ ৰাজ্য দুখন আগশাৰীত আছে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

১৫। ভাৰতবৰ্ষত প্ৰব্ৰজনৰ সাধাৰণ প্ৰতিৰূপৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষত বিহাৰ , উত্তৰ প্ৰদেশ , মধ্যপ্রদেশ , ৰাজস্থান প্রভৃতি ৰাজ্যসমূহৰ পৰা মহাৰাষ্ট্র , গুজৰাট , দিল্লী , হাৰিয়ানা প্রভৃতি ৰাজ্যসমূহলৈ ব্যাপক সংখ্যক আন্তঃৰাজ্যিক প্ৰব্ৰজন হােৱা দেখা যায় । ১৯৯১-২০০১ চনৰ দশকটোত ২.৩ নিযুত প্রব্রজকে নতুনকৈ থিতাপি লােৱা মহাৰাষ্ট্র ৰাজ্যখনক দেশৰ সৰ্বাধিক সংখ্যক আন্তঃ প্ৰব্ৰজনৰ লক্ষ্য এলেকাৰূপে চিহ্নিত কৰা হৈছে । ইয়াৰ পিছতেই যথাক্রমে দিল্লী , গুজৰাট আৰু হাৰিয়ানাই দ্বিতীয় , তৃতীয় আৰু চতুর্থ স্থান দখল কৰিছে । 

আনহাতে বহিগামী আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ উৎস অঞ্চল হিচাপে । উত্তৰ প্ৰদেশ আৰু বিহাৰ ৰাজ্য দুখন আগশাৰীত আছে । ইফালে দেশৰ প্ৰবৃদ্ধ চহৰসমূহৰ ভিতৰত মুম্বাই চহৰতে সর্বাধিক আন্তঃপ্রজকৰ সমাবেশ পােৱা যায় । এই চহৰ এলেকালৈ প্ৰব্ৰজন কৰা অধিকাংশ লােকেই মহাৰাষ্ট্ৰ ৰাজ্যৰে ভিন্ ভিন্ অঞ্চলৰ পৰা অহা প্রকৃততে মহাৰাষ্ট্র এখন আর্থ – সাংস্কৃতিক বৈচিত্র্যপূর্ণ বিশাল প্রদেশ হােৱা বাবে এইখন প্রবৃদ্ধ চহৰলৈ প্ৰবজন কৰা লােকসকলৰ অধিকাংশ গৃহৰাজ্যখনৰ হােৱাটো সম্ভৱ হৈছে । ইয়াৰ বিপৰীতে ভাৰতৰ দ্বিতীয় বৃহৎ প্রবৃদ্ধ চহৰ দিল্লীৰ বেলিকা আন্তঃপ্ৰব্ৰজন প্রায় সমূলাংশেই আন্তঃৰাজ্যিক পৰিসৰৰ হয় । 

দীঘল উত্তৰৰ প্ৰশ্ন

১৬। জনপ্ৰজনৰ কাৰণ আৰু ইয়াৰ পৰিণতিৰ বিষয়ে একটি টোকা লিখা ।

উত্তৰঃ প্ৰৱজনৰ কাৰণঃ জন প্ৰৱজনৰ কাৰক অনেক হ’ব পাৰে যদিও এই কাৰকসমূহক প্রধানকৈ দুটা শ্ৰেণীত বিভক্ত কৰা হৈছে । সেয়া হ’ল — বিকর্ষক কাৰক আৰু আকর্ষক কাৰক । 

বাসভূমিৰ ভৌতিক অথবা যিকোনাে ধৰণৰ সাংস্কৃতিক পৰিবেশ বসবাসৰ অনুপযােগী হৈ পৰিলে তেনেবােৰ পৰিবেশ জনিত সমস্যাই সেই ঠাই এৰি আন ঠাইলৈ আঁতৰি যােৱাৰ বাবে প্রকাৰন্তে হেঁচা প্রয়ােগ কৰে । প্ৰজনৰ হেঁচা সৃষ্টিকাৰী যিকোনাে ধৰণৰ আর্থিক , সামাজিক , ৰাজনৈতিক অথবা প্রাকৃতিক কাৰকক জন প্ৰৱজনৰ বিকর্ষক কাৰক বােলে । আনহাতে , মনেৰে ঢুকি পােৱা দূৰত্বৰ পৰিসৰত কোনাে ঠাইত জীৱন যাপন অথবা অর্থ উপাজর্নৰ সুবিধাজনক বিকল্প বিচাৰি পালে নিজ স্থান ত্যাগ কৰিও মানুহে সুবিধাজনক ঠাইলৈ নিজকে স্থানান্তৰ কৰে । মানুহৰ স্ব – স্থান ত্যাগৰ অন্তৰালত থকা আন যিকোনাে স্থানৰ সা – সুবিধাৰ আকর্ষণসমূহক জনপ্ৰৱজনৰ আকৰ্ষক কাৰক বােলে । 

গ্রামাঞ্চলৰ দৰিদ্ৰতা , কৃষি অথবা বাসভূমিৰ সীমাবদ্ধতা , শিক্ষা আৰু স্বাস্থ্য সেৱাৰ দুৰৱস্থা , জাতিভেদৰ আতিশয় প্রভৃতি আর্থ – সামাজিক সমস্যাৰ লগতে বহুতাে গাঁৱত সঘনাই উদ্ভৱ হােৱা বানপানী , নদীৰ খহনীয়া , খৰাংপীড়ন , ঘূর্ণিবতাহ প্রভৃতি দুর্যোগসমূহৰ বাবে গাওঁবাসীয়ে নিজ নিজ গাওঁ এৰি চহবলৈ বা আন সুবিধাজনক স্থানলৈ প্ৰৱজন কৰে । আনহাতে কৃষি ভিন্ন আন কামৰ যােগ্যতা সম্পন্ন সীমিত শ্রেণীৰ লােকক চহৰৰ কিছুমান আকর্ষক কাৰকে চহৰমুখী বিকল্পৰ সন্ধান দিয়ে । গ্রামাঞ্চলৰ তুলনাত চহৰসমূহত শ্রমিক মজুৰি বেছি । চাকৰিয়ালকে ধৰি স্থিৰ অৰ্থনীতিৰ মাজত জীৱিকা নির্বাহকাৰী গ্রামাঞ্চলৰ লােকে শিক্ষা , স্বাস্থ্যসেৱা প্রভৃতি জীৱন যাপনৰ মানদণ্ড উন্নতকাৰী কিছুমান সুবিধাৰ আকৰ্ষণত চহৰমুখী হয় । 

জনপ্ৰৱজনৰ পৰিণতিঃ সকলােধৰণৰ প্ৰৱজনৰ পৰিণতি স্বৰূপে প্ৰৱজনৰ উৎস আৰু লক্ষ্য এলেকাৰ অর্থনৈতিক , সামাজিক , সাংস্কৃতিক , ৰাজনৈতিক আৰু জনগাঁথনি জনিত একো একোলানি সমস্যা আৰু সম্ভাৱনাৰ সৃষ্টি কৰে । 

অর্থনৈতিক পৰিণতিঃ নিয়ােগসূত্রে প্রৱজন কৰা লােকসকলে সময়ে সময়ে তেওঁলােকৰ প্ৰৱজনৰ উৎসলৈ সময়ে সময়ে ধন – সম্পদ প্ৰেৰণ কৰি থকাৰ ফলত উৎস অঞ্চলবােৰ আর্থিকভাবে শক্তিশালী হয় । আমাৰ দেশত আন্তঃৰাষ্ট্ৰীয় বহিঃপ্ৰৱজনক সকলক বৈদেশিক মুদ্রা অর্জনৰ অন্যতম শক্তিশালী উৎস হিচাপে গণ্য কৰা হয় । বিভিন্ন কর্মসূত্রে নানা দেশত বসবাস কৰি থকা প্রবাসী ভাৰতীয় সকলে ২০০২ চনত ভাৰতলৈ পঠোৱা বৈদেশিক মুদ্ৰাৰ পৰিমাণ আছিল ১,১০০ কোটি ডলাৰ , অর্থাৎ ভাৰতীয় লেখেৰে প্ৰায় ৫৩,০০০ কোটি টকা । 

জনদৃশ্যপটৰ পৰিৱৰ্তন :- জনপ্ৰৱজনৰ ফলত দেশৰ জনসংখ্যাৰ পুণঃবিতৰণ ঘটে । গ্রামাঞ্চলৰ পৰা চহৰমুখী প্রজনৰ ফলত চহৰসমূহৰ প্ৰকার্য পৰিসৰ বৃদ্ধি পায় যদিও এনে প্ৰৱৰ্জনৰ মাত্ৰাধিকাৰ ফলত চহৰৰ আর্থিক , সামাজিক আৰু সাংস্কৃতিক পৰিবেশ বিধস্ত হয় । চহৰসমূহে বহুক্ষেত্ৰত আঞ্চলিক বৈশিষ্ট্যসমূহ হেৰুৱাই পেলায় । গ্রামাঞ্চলৰ কৰ্মকুশলী শ্রমিক শ্ৰেণীটোৰ বহিপ্ৰৱজনৰ ঘটাৰ ফলত গাওঁসমূহৰ জনগাঁথনিৰ ভালেমান অনভিপ্রেত পৰিৱৰ্তন আৰম্ভ হয় । 

সামাজিক পৰিণতিঃ ঘাইকৈ চহৰাঞ্চলৰ পৰা গ্রামাঞ্চলৰ মুখীজন প্ৰবজনৰ ফলত গ্রামাঞ্চলত উৎপাদনৰ নতুন কৌশল , শিক্ষা সম্প্ৰসাৰণ পৰিয়াল কল্যাণ , স্ত্রী , শিক্ষা , ৰাস্তা – ঘাট উন্নয়ন প্রভৃতি উন্নয়নমূলক কর্মসূচীৰ পৰিবেশ গঠিত হয় । প্ৰৱজনৰ ফলতে বিভিন্ন অঞ্চল , জাতি , ধর্ম , নির্বিশেষে সাজ – পােছাক , বন্ধন – প্ৰকৰণ , উৎপাদন কৌশল , সামাজিক আচৰণ , ভাষা অথবা কথােপকথন ভংগী আদি আর্থ – সামাজিক উপকৰণৰ পৰিৱৰ্তন আৰম্ভ হয় । প্রজনৰ ফলত বহুত শ্ৰেণীৰ মানুহৰ মাজত সাংস্কৃতিক বিনিময়ৰ যােগেদি সার্বজনীন সমাজ প্রতিষ্ঠাৰ পথ সুচল হয় । 

প্ৰৱজনৰ পৰা উদ্ভৱ হােৱা সামাজিক সমস্যাৱলীৰ পৰিসৰৰ নিচেই কম নহয় । বিভিন্ন উৎসৰ পৰা অহা বিভিন্ন সংস্কৃতিৰ বাহক প্ৰৱজকসকলৰ মাজত উমৈহতীয়া ধৰণৰ শক্তিশালী সমস্যা উদয় নােহােৱা পর্যন্ত নতুনকৈ থিতাপ লােৱা এলেকাত এওঁলােক গাইগুটীয়া চিন্তাধাৰাৰে পৰিচালিত হৈ থাকে । এনে স্থলত প্ৰৱজনৰ লক্ষ্যস্থল সমূহতন – পুৰণি অথবা একাধিক শ্রেণীৰ নৱাগতৰ মাজত সমাজ – সাংস্কৃতিক প্রাচীৰ গঢ় লয় । বহুসময়ত এনে সামাজিক বিচ্ছেদকসমূহক আশ্ৰয় কৰি গােষ্ঠীসংঘর্ষ আদিয়ে দেখা দিয়ে । 

নৈসর্গিক পৰিণতিঃ গ্রামাঞ্চলৰ পৰা অবিৰত প্ৰৱজনৰ ফলত ভাৰতৰ চহৰসমূহত জনসংখ্যা বৃদ্ধিৰ ফলােৱ চহৰৰ ভৌতিক আৰু সামাজিক অৱস্থাপক সমূহৰ চকুত লগা নাটনিৰ উদ্ভৱ হৈছে । ফলস্বৰূপে , প্রায় প্রতিখন চহৰতে নিম্নমানৰ জীৱনযাত্ৰাৰ লগত জড়িত কামকাজক কেন্দ্ৰ কৰি ভালেমান বস্তি অঞ্চল গঢ়ি উঠিছে । 

তদুপৰি ক্রমবর্ধিত চহৰবাসীৰ তাৎক্ষণিক অভাৱ পূৰণৰ উদ্দেশ্যে ভূমিগত জলকে ধৰি উপৰিভাগৰ উদ্ভিদ আৱৰণ প্রভৃতি প্রাকৃতিক সম্পদসমূহ লুণ্ঠন ক্ষিপ্রতৰ হৈছে । লগতে বর্জিত দূষিত পদার্থৰ প্রকোপত বায়ু পানী আৰু মাটি সমানে প্ৰদূষিত হৈছে । অন্যান্য পৰিণতি প্ৰৱজনৰ ফলত উৎস অঞ্চললৈ ধনাগমন ঘটে যদিও কর্মর্থ শ্রেণীটোৰ বহির্গমনৰ ফলত এনেবােৰ উৎস এলেকাৰ সামাজিক আৰু সাংস্কৃতিক মঞ্চসমূহ বিপন্ন হয় । তদুপৰি গৃহ এলেকাত গঢ় লােৱা মানৱ সম্পদৰ অমূল্য সেৱাৰ পৰা কেইটামান টকাৰ বিনিময়ত সেই সম্পদ সৃষ্টিকাৰী অঞ্চলটো সম্পূর্ণ বঞ্চিত হৈয় । 

১৭। জনপ্ৰৱজনৰ সামাজিক আৰু ভৌগলিক পৰিণতি বিলাক আলােচনা কৰা । 

উত্তৰঃ জনপ্ৰৱজনৰ সামাজিক আৰু ভৌগােলিক পৰিণতিসমূহৰ বিষয়ে তলত আলােচনা কৰা হ’ল –

সামাজিক পৰিণতি :- ঘাইকৈ চহৰাঞ্চলৰ পৰা গ্রামাঞ্চলৰ মুখীজন প্ৰবজনৰ ফলত গ্রামাঞ্চলত উৎপাদনৰ নতুন কৌশল , শিক্ষা সম্প্ৰসাৰণ পৰিয়াল কল্যাণ , স্ত্রী , শিক্ষা , ৰাস্তা – ঘাট উন্নয়ন প্রভৃতি উন্নয়নমূলক কর্মসূচীৰ পৰিবেশ গঠিত হয় । প্ৰৱজনৰ ফলতে বিভিন্ন অঞ্চল , জাতি , ধর্ম , নির্বিশেষে সাজ – পােছাক , বন্ধন – প্ৰকৰণ , উৎপাদন কৌশল , সামাজিক আচৰণ , ভাষা অথবা কথােপকথন ভংগী আদি আর্থ – সামাজিক উপকৰণৰ পৰিৱৰ্তন আৰম্ভ হয় । প্রজনৰ ফলত বহুত শ্ৰেণীৰ মানুহৰ মাজত সাংস্কৃতিক বিনিময়ৰ যােগেদি সার্বজনীন সমাজ প্রতিষ্ঠাৰ পথ সুচল হয় । 

ভৌগােলিক পৰিণতিঃ ভাৰতৰ চহৰসমূহত জনসংখ্যা বৃদ্ধিৰ ফলত উদ্যোগ , যাতায়াত , খুচুৰা বাণিজ্যৰ ক্ষেত্ৰসমূহ অতিৰিক্ত প্ৰৱজনৰ হেঁচাত বহু প্রকাৰে বিধ্বস্ত হােৱা দেখা গৈছে । বিশেষতঃ এনেবােৰ এলেকাৰ আগশাৰীৰ চহৰবােৰত নিয়ন্ত্রণহীনভাৱে গঢ় উঠা বস্তি এলেকা, নানা প্রকাৰৰ অবৈধ বসতি , যানজট , শৌচাগাৰ প্রভৃতি সমস্যাৱলীও বহু পৰিমাণে প্রবজন জনিতই বুলিব পাৰি । তদুপৰি ক্রমবর্ধিক জনসংখ্যাৰ তাৎক্ষনিক অভাৱ পূৰণৰ উদ্দেশ্যে ভূমিগত জলকে ধৰি উপৰিভাগৰ উদ্ভিদ প্রভৃতি প্রাকৃতিক সম্পদসমূহৰ লুণ্ঠন ক্ষিপ্রতৰ হৈছে । লগতে বর্জিত দূষিত পদাৰ্থৰ প্ৰকোপত বায়ু , পানী আৰু মাটি সমানে দূষিত হয় ।

১৮। ভাৰতত প্ৰব্ৰজনৰ আকৰ্ষণ আৰু বিকর্ষণ কাৰকবােৰৰ এটা বিশ্লেষণ কৰা । 

উত্তৰঃ বাসভূমিৰ ভৌতিক অথবা যিকোনাে ধৰণৰ সাংস্কৃতিক পৰিৱেশ বসবাসৰ অনপুযােগী হৈ পৰিলে তেনেবােৰ পৰিৱেশ জনিত সমস্যাই অধিবাসীসকলক সেই ঠাই ত্যাগ কৰি আন ঠাইলৈ আঁতৰি যােৱাৰ বাবে প্ৰকাৰন্তে হেঁচা সৃষ্টি কৰে । প্ৰব্ৰজনৰ হেঁচা সৃষ্টিকাৰী যিকোনাে ধৰণৰ আর্থিক , সামাজিক , ৰাজনৈতিক অথবা প্রাকৃতিক কাৰক জনপ্ৰব্ৰজনৰ বিকর্ষক শ্ৰেণীৰ কাৰক বােলা হয় । আনহাতে , মনেৰে ঢুকি পােৱা দূৰত্বৰ পৰিসৰত কোনাে ঠাইত জীৱন যাপন অথবা অর্থ উপার্জনৰ সুবিধাজনক বিকল্প বিচাৰি পালে নিজ স্থান ত্যাগ কৰিও মানুহে সুবিধাজনক স্থানলৈ নিজকে স্থানান্তৰ কৰে । মানুহৰ স্ব – স্থান ত্যাগ কামৰ অন্তৰালত থকা আন যিকোনাে স্থানৰ সা – সুবিধাৰ আকৰ্ষণসমূহক জনপ্ৰব্ৰজনৰ আকৰ্ষক কাৰক বােলে । 

ভাৰতত গ্রামাঞ্চলৰ পৰা যিকোনাে অঞ্চললৈ ঘটা প্ৰব্ৰজনসমূহৰ আঁৰত যথেষ্ট সংখ্যক বিকর্ষক কাৰকৰ প্ৰভাৱ সুস্পষ্টৰূপত পােৱা যায় । গ্রামাঞ্চলৰ দৰিদ্ৰতা , কৃষি অথবা বাসভূমিৰ সীমাৱদ্ধতা , শিক্ষা আৰু স্বাস্থ্য সেৱাৰ দুৰৱস্থা জাতিভেদৰ আতিশৰ্ম প্রভৃতি আর্থ – সামাজিক সমস্যাৰ লগতে বহুতাে গাঁৱত সঘনাই উদ্ভৱ হােৱা বানপানী , গৰাখহনীয়া , খৰাং পৰিস্থিতি , ঘূর্ণীবতাহ প্রভৃতি প্রাকৃতিক দুর্যোগসমূহক গাওঁবাসীয়ে নিজ নিজ গাওঁ এৰি আন ঠাইলৈ উঠি যােৱাৰ বিকর্ষক কাৰক বুলিব পাৰি । 

এনেবােৰ বিকর্ষক কাৰকৰ প্রাবল্যই পােষক অর্থব্যৱস্থাৰ মাজত আৱদ্ধ গাওঁবাসীক আন কোনাে গাঁৱলৈ প্ৰব্ৰজন কৰােৱাৰ বিপৰীতে কৃষিভিন্ন আন কামৰ যােগ্যতাসম্পন্ন লােকক চহৰমুখী কৰে । আকৌ কৃষিভিন্ন অন্য কামৰ যােগ্যতাসম্পন্ন সীমিত শ্ৰেণীৰ লােকক চহৰৰ কিছুমান আকর্ষক কাৰকে চহৰমুখী বিকল্পৰ সন্ধান দিয়ে । উদাহৰণস্বৰূপে , গ্রামাঞ্চলৰ তুলনাত চহৰসমূহত অর্ধপ্রশিক্ষিত শ্ৰমিকৰ চাহিদা কিছু হলেও বেছি । তদুপৰি গ্রামাঞ্চলৰ তুলনাত চহৰত এইসকল শ্রমিকৰ মজদুৰিও কিছু বেছি । ইফালে বিভিন্ন চাকৰিয়ালকে ধৰি স্থিৰ অর্থনীতিৰ মাজত জীৱিকা নির্বাহকাৰী গ্রামাঞ্চলৰ লােকে শিক্ষা , স্বাস্থ্যসেৱা প্রভৃতি জীৱন যাপনৰ মানদণ্ড উন্নতকাৰী কিছুমান সুবিধাৰ আকৰ্ষণত চহৰমুখী হয় । ঠিক সেইদৰে ব্যক্তিগত প্রমত্নত সেৱা অথবা উদ্যোগ আদি মুকলি কৰা শ্ৰেণীটোৱেও নিজ নিজ উদ্যোগৰ পৰিসৰ বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি সৰু চহৰৰ পৰা ডাঙৰ চহৰ অভিমুখে প্ৰব্ৰজন আৰম্ভ হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top