Class 12 Geography Unit 22 ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ

Class 12 Geography Unit 22 ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 22 ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ and select needs one.

Class 12 Geography Unit 22 ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 22 ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ Solutions for All Subject, You can practice these here…

ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ

অধ্যায় – ২২

তৃতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। তলৰ কোনখন ৰাজ্যত খনিজ তেলৰ বৃহৎ ভাণ্ডাৰ আছে 

( i ) বিহাৰ ।

( ii ) অসম ।

( iii ) মিলনাডুত । আৰু

( iv ) ৰাজস্থানত ।

উত্তৰঃ ( ii ) অসম । 

২। তলৰ কোনবিধ খনিজ পদার্থক “ মুগা হীৰা ” বুলি জনা যায় – 

( i ) মেংগানিজ ।

( ii ) লাে ।

( iii ) লিগনাইট । আৰু

( iv ) তাভ্র ।

উত্তৰঃ ( ii ) লো । 

৩। তলৰ কোনবিধ অনবীকৰণযােগ্য শক্তি সম্পদ 

( i ) কয়লা ।

( ii ) সৌৰশক্তি ।

( iii ) বতাহ । আৰু

( iv ) জলবিদ্যুৎ ।

উত্তৰঃ ( i ) কয়লা । 

৪। তলৰ কোনখন ঠাইত ভাৰতবৰ্ষৰ সর্বপ্রথম পাৰমাণৱিক শক্তি উৎপাদন কেন্দ্ৰটো স্থাপন কৰা হৈছিল— 

( i ) নৰোৰাত ।

( ii ) কলপক্কমত ।

( iii ) ৰাণা প্রতাপ সাগৰত । আৰু

( iv ) তাৰাপুৰত ।

উত্তৰঃ ( iv ) তাৰাপুৰত । 

৫। কেনেকৈ শক্তি সম্পদ আৰু খনিজ সম্পদবােৰ মানৱ জীৱনৰ বাবে অতিকৈ প্রয়ােজনীয় হৈ পৰে ? 

উত্তৰঃ খনিজ পদার্থ আৰু শক্তিসম্পদসমূহে মানুহৰ জীৱনৰ বহুতাে অভাৱ পূৰণ কৰিবলৈ সক্ষম হােৱা হেতুকে এই সম্পদসমূহ মানুহৰ বাবে অতিকৈ প্ৰয়ােজনীয় । 

৬। ধাতবীয় খনিজ পদার্থ কি ? 

উত্তৰঃ ধাতুৰ খনিজ পদার্থবােৰকে ধাতৱ খনিজ পদার্থ বােলে । যেনেঃ আকৰিক লাে , মেংগানিজ । 

৭। কোনবিলাক অধাতবীয় খনিজ পদার্থ ? 

উত্তৰঃ অধাতৱীয় পদার্থৰ খনিজসমূহক অধাতৱ খনিজ পদার্থ বােলে । যেনেঃ হীৰা , গ্রেফাইট , চুণশিল । 

৮। নবীকৰণযােগ্য সম্পদ কোনবােৰ ? 

উত্তৰঃ যিবােৰ প্রাকৃতিক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰুদ্ধাৰ কৰিব পাৰি বা পুনৰ ব্যৱহাৰৰ উপযােগী কৰিব পাৰি তেনেবােৰ সম্পদকেন ৱীকৰণযােগ্য সম্পদ বােলে । যেনেঃ পানী । 

৯। ভূগর্ভীয় তাপশক্তি কি ?

 উত্তৰঃ ভূ – গর্ভৰ উৎসৰ পৰা ওলাই অহা সকলাে প্ৰকাৰৰ তাপ শক্তিক ভূগর্ভীয় তাপ শক্তি বােলে ৷ যেনে :- আগ্নেয়গিৰি উগ্ৰীৰণৰ সময়ত ভূগৰ্ভৰ পৰা ওলাই অহা মেগমাসমূহে যথেষ্ট পৰিমাণৰ শক্তি ভূ – পৃষ্ঠলৈ তুলি আনে । 

চমু উত্তৰ

১০। ভাৰতবৰ্ষৰ মেংগানিজ বিতৰণৰ বিষয়ে চমুকৈ বর্ণনা কৰা । 

উত্তৰঃ মেংগানিজ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয় । প্রায় সকলাে প্রকাৰৰ ভূতাত্বিক সংৰচনাৰ ক্ষেত্ৰত মেংগানিজ পােৱা যায় যদিও ভাৰতৰ ক্ষেত্ৰত ধাৰৱাড় যুগীয় প্রধান গেদীয় শিলাস্তৰত ইয়াক অধিক পৰিমাণে পােৱা যায় । দেশৰ ভিতৰতে উৰিষ্যা প্ৰদেশত সর্বাধিক মেংগানিজৰ খনি আছে । বনাই , কেন্দুঝাড় , গাংপুৰ , কোবাপুট , সুন্দৰগড় , কলহান্দি আৰু বলংগীড় জিলাৰ বিভিন্ন অৱস্থানত মেংগানিজৰ খনি দেখা যায় । দেশৰ দ্বিতীয় প্রধান মেংগানিজ উৎপাদনকাৰী প্রদেশ কর্ণাটকৰ ধাৰৱাড় , বেলাড়ী , বেলগাওঁ , উত্তৰ কানাড়া , চিকমাগালুড় , চিমােগা , চিত্রদুৰ্গা আদি জিলাত মেংগানিজৰ উৎপাদন কেন্দ্রীভূত । এইবিধ খনিজ সম্পদৰ তৃতীয় প্রধান উৎপাদনকাৰী প্রদেশ মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা , ৰত্নগিৰি আৰু নাগপুৰ জিলাৰ নাম বিশেষভাৱে উল্লেখযোেগ্য । মধ্যপ্রদেশ , অন্ধ্রপ্রদেশ, ঝাৰখণ্ড আদিতো মেংগানিজৰ উৎপাদন লেখত ল’বলগীয়া । 

১১৷ ভাৰতৰ শক্তি সম্পদবােৰৰ বিষয়ে লিখা । 

উত্তৰঃ ভাৰতৰ বিভিন্ন শক্তি সম্পদৰ বিষয়ে তলত আলােচনা কৰা হ’লঃ 

( ক ) পাৰমাণৱিক শক্তিঃ ১৯৪৮ চনতেই ভাৰতত পাৰমাণৱিক শক্তি আয়ােগ গঠন হয় । ‘ বর্তমান পর্যায়লৈকে এই দেশত তাৰাপুৰ , ৰাৱতভাটা , কলপক্কম , নৰােৰা , কৈগা আৰু কাৰপাৰা প্রভৃতি অৱস্থানত পৰমাণু উৎসৰ পৰা শক্তি উৎপাদন কেন্দ্র আছে । 

( খ ) সৌৰশক্তিঃ বর্তমান সময়ত ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰদীপন কার্যত সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিছে । ১৯৯০ চনৰ হাসান মাংগালােৰ ৰেলপথত অৱস্থিত য়েডাকুমাৰী ষ্টেচনটোত প্ৰদীপন আৰু সংকেতন কার্যত সর্বপ্রথম সৌৰশক্তিৰ ব্যৱহাৰ হয় । বর্তমান ভাৰতীয় বেলৰ সৌৰশক্তি চালিত ষ্টেচনৰ সংখ্যা সহস্রাধিক হৈছেগৈ । শেহতীয়া ভাৱে গুজৰাটৰ মুখ্যমন্ত্রী নৰেন্দ্ৰ মােডীয়ে সৌৰ শক্তি উৎপাদনৰ উদ্দেশ্যে এখন সৌৰ পাৰ্ক মুকলি কৰিছে । 

( গ ) বায়ু শক্তিঃ ভাৰতৰ উপকূল ক্ষেত্রকে ধৰি সৰ্বমুঠ ১২ টা সুবিধাজনক স্থানত ২৫০ টা বতাহ চালিত টার্বাইন স্থাপন কৰি ৪৫ মেগাৱাট পৰিমাণৰ বিদ্যুৎশক্তি উৎপাদন কৰাৰ অভিলাষী আঁচনি ইতিমধ্যে লােৱা হৈছে । দেশৰ শক্তি মন্ত্রণালয়ে সম্পাদন কৰা জৰীপ প্রতিবেদন অনুসৰি ভাৰতত বায়ুবলৰ পৰা অতি শীঘ্ৰে ৩০০০ মেগাৱাট বিজুলী শক্তি আহৰণ কৰাৰ সম্ভাৱনা আছে । সমগ্ৰ দেশৰ ভিতৰত গুজৰাট , মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক উপকূলক বায়ু শক্তি উৎপাদন কৰাৰ পক্ষে সর্বোৎকৃষ্ট অঞ্চল বুলিব পাৰি । ভাৰতত এতিয়ালৈকে স্থাপন কৰা বায়ু শক্তি উৎপাদন কেন্দ্রসমূহৰ ভিতৰত গুজৰাটৰ কচ্ছজিলাৰ লম্বানামৰ ঠাইত থকা উৎপাদন গােটটো এছিয়াৰ ভিতৰতে সর্ববৃহৎ ।

( ঘ ) সামুদ্রিক তৰংগ আৰু জোৱাৰ :- ভাৰতৰ পশ্চিম উপকূলীয় ক্ষেত্ৰখনত জোৱাৰ সৃষ্ট তংগৰ মাত্রা পূর্ব উপকূলৰ তুলনাত বেছি । সেয়েহে , দেশৰ এই উপকূল ৰেখাক শক্তি উৎপাদনৰ অন্যতম সম্ভাৱনাপূর্ণ অঞ্চল বুলিব পাৰি । কিন্তু , এতিয়ালৈকে এই ক্ষেত্ৰত চৰকাৰে কোনাে কার্যকৰী ব্যৱস্থা হাতত লােৱা দেখা নাযায় ।

( ঙ ) ভূগর্ভীয় তাপশক্তিঃ সাধাৰণতে আগ্নেয়গিৰি উৰ্গীৰণৰ জৰিয়তে ওলাই তাপ শক্তিৰ সংগ্ৰহণ কৰিবলৈ ভাৰতত উল্লেখযােগ্য কোনাে আগ্নেয়গিৰি নাই । হিমাচল প্রদেশৰ কিছুসংখ্যক ক্ষুদ্ৰকৃতিৰ অগ্নোৎপাতস্থলী আছে । এই প্রদেশৰে মনিকর্ণ নামৰ ঠাইত ইতিমধ্যে এটা ভূ গভীয় শক্তি প্রকল্প স্থাপন কৰা হৈছে । 

( চ ) জৈৱ নিষ্কাশিত শক্তিঃ পৌৰ এলেকাৰ আৱৰ্জনা ব্যৱহাৰ কৰি শক্তি উৎপাদন কৰাৰ এনে এটা প্রকল্প ইতিমধ্যে দিল্লীৰ ওখােত স্থাপন কৰা হৈছে । 

১২। ভাৰতবৰ্ষৰ উৎপাদনস্থলী ভিত্তিক আৰু বাণিজ্যিক ভিত্তিক শােধনাগাৰবােৰৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ খনিজ তেল শােধনৰ উদ্দেশ্যে ভাৰতৰ ভিন্ ভিন্ অৱস্থানত ২০ টা শোধনাগাৰ আছে । এই শােধানাগাৰসমূহৰ কিছুসংখ্যক খনিজ উৎপাদন স্থলীত গঢ় লৈ উঠিছে আৰু আন কিছুসংখ্যক বজাৰ ক্ষেত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে । উদাহৰণস্বৰূপে , ডিগবৈ আৰু কোয়ালি উৎপাদনস্থলীক কেন্দ্ৰ কৰি গঢ় লৈ উঠাৰ বিপৰীতে মথুৰা , বাউনী , পানিপথ প্রভৃতি শােধানাগাৰসমূহ বাণিজ্য ক্ষেত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে । 

১৩। ভাৰতৰ তেল শােধন প্রক্রিয়াৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ খনিজ তেল শােধনৰ উদ্দেশ্যে ভাৰতৰ ভিন ভিন অৱস্থানত ২০ টা তেল শােধানাগাৰ স্থাপন কৰা হৈছে । ইয়াৰে কিছুমান খনিজ তেলৰ উৎপাদনস্থলীত গঢ় লৈ উঠাৰ বিপৰীতে কিছুসংখ্যক শােধনাগাৰ বজাৰ ভিত্তিক গঢ় লৈ উঠাৰ লগতে আন কিছুমান আকৌ আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠিছে । 

১৪। বর্তমান অবস্থাত ভাৰতবৰ্ষত বতাহ শক্তি আৰু সৌৰ শক্তিৰ সম্ভাৱনা কেনেধৰণৰ ? 

উত্তৰঃ বতাহশক্তিঃ ভাৰতৰ উপকূল ক্ষেত্রকে ধৰি সৰ্বমুঠ ১২ টা সুবিধাজনক স্থানত ২৫০ টা বতাহ চালিত টার্বাইন স্থাপন কৰি ৪৫ মেগাৱাট পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন কৰাৰ অভিলাষী আঁচনি ইতিমধ্যে লােৱা হৈছে । দেশৰ শক্তি মন্ত্রণালয়ে সম্পাদন কৰা জৰীপ প্রতিবেদন অনুসৰি ভাৰতত বায়ুবলৰ পৰা অতিশীঘ্ৰে ৩০০০ মেগাৱাট বিজুলীশক্তি আহৰণ কৰাৰ সম্ভাৱনা আছে । সমগ্ৰ দেশৰ ভিতৰত গুজৰাট , মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক উপকূলক বায়ু শক্তি উৎপাদন কৰাৰ পক্ষে সর্বোৎকৃষ্ট অঞ্চল বুলিব পাৰি । ভাৰতত এতিয়ালৈকে স্থাপন কৰা বায়ু শক্তি উৎপাদন কেন্দ্রসমূহৰ ভিতৰত গুজৰাটৰ কচ্ছ জিলাৰ লম্বা নামৰ ঠাইত থকা উৎপাদন গােটটো এছিয়াৰ ভিতৰতে সর্ববৃহৎ । 

সৌৰশক্তিঃ বর্তমান সময়ত ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰদীপন কার্যত সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিছে । ১৯৯০ চনৰ হাসান মাংগালােৰ ৰেলপথত অৱস্থিত ডােকুমাৰী ষ্টেচনটোত প্রদীপন আৰু সংকেতন কার্যত সর্বপ্রথম সৌৰশক্তিৰ ব্যৱহাৰ হয় । বর্তমান ভাৰতীয় ৰেলৰ সৌৰশক্তি চালিত ষ্টেচনৰ সংখ্যা সহস্রাধিক হৈছেগৈ । শেহতীয়া ভাৱে গুজৰাটৰ মুখ্যমন্ত্রী নৰেন্দ্ৰ মােডীয়ে সৌৰ শক্তি উৎপাদনৰ উদ্দেশ্যে এখন সৌৰ পাৰ্ক মুকলি কৰিছে । 

১৫। তাম আৰু বক্সাইট আঞ্চলিক বিতৰণ সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ ধাতু ঝাৰখণ্ডৰ সিংভূম , মধ্যপ্রদেশৰ বালাঘাট আৰু ৰাজস্থানৰ ক্ষেত্ৰী , ঝুনঝুন আৰু অলৱাড়া জিলাত উল্লেখযােগ্য পৰিমাণত নিষ্কাশন কৰা হয় । অন্ধ্র প্রদেশৰ অগ্নিগুশুলা , কর্ণাটকৰ হাসান আৰু চিত্ৰদূর্গ জিলা আৰু তামিলনাডুৰ দক্ষিণ আড়বাট জিলাতে এইবিধ খনিজ সম্পদ কিছু পৰিমাণে পােৱা যায় । 

বক্সাইটৰ স্তৰসমূহ দাক্ষিণাত্য মালভূমিৰ উচ্চভূমিৰ অৱস্থানৰ বাৰত পােৱাৰ লগতে উপকূলীয় বলয়টোৰ কিছুমান এলেকাতে পােৱা যায় । ভাৰতৰ ভিতৰত উৰিষ্যাৰ সম্বলপুৰ আৰু কলহান্দি জিলা দুখনতে অধিকাংশ বক্সাইটৰ খনি আছে । ৰাজ্যখনত বক্সাইট উৎপাদনকাৰী আন দুখন উল্লেখযােগ্য জিলা হৈছে বলংগীৰ আৰু কোড়াপুট । ঝাৰখণ্ডৰ লােহাৰ ভাগ অঞ্চলটো লৌহ আকৰৰ ওচৰে – পাজৰেও অলপ – অচৰপ বক্সাইট নিষ্কাশন কৰা হয় । বক্সাইট উৎপাদনকাৰী আন কেইখন উল্লেখযোগ্য ৰাজ্য হ’ল গুজৰাট , ছত্তিচগড় , মধ্যপ্রদেশ , মহাৰাষ্ট্ৰ আৰু গুজৰাট । আকৌ তামিলনাড়ু , গােৱা আৰু কৰ্ণাটক প্রদেশৰ ঠায়ে ঠায়ে বক্সাইট পােৱা যায় । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

দীঘল প্রশ্নৰ উত্তৰ

১৬। নবীকৰণযােগ্য শক্তিৰ সমল কোনবােৰ ? এই নবীকৰণ যােগ্য শক্তিৰ সমলৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ প্ৰকৃতিত অবিৰতভাৱে উৎপাদিত হৈ থকা শক্তিৰ উৎসসমূহেই হ’ল নৱীকৰণযােগ্য শক্তিৰ উৎস । সৌৰশক্তি , বতাহ শক্তি , জলশক্তি , জৈৱ গেছ , জৈৱ ইন্ধন , ভূ – তাপীয় শক্তি হাইড্রজেন আৰু পাৰমাণৱিক শক্তি আদি নৱীকৰণযােগ্য শক্তিৰ উদাহৰণ । এই শক্তিসমূহৰ উৎপাদন আৰু ব্যৱহাৰ কৌশল নতুনকৈ আৰু অতি কম দিনৰ ভিতৰত গঢ় লৈ উঠাত এইবােৰক নতুন বা অপৰম্পৰাগত শক্তিৰ উৎস বুলিও কোৱা হয় । নৱীকৰণযােগ্য শক্তিৰ উৎসসমূহৰ বৈশিষ্ট্য হলঃ 

( ক ) নৱীকৰণযােগ্য শক্তিৰ উৎসসমূহ বাস্তৱ অৰ্থত অফুৰন্তই বুলিব পাৰি । 

( খ ) এইবােৰ প্ৰকৃতিত অতি ক্ষিপ্রতাৰে পুনঃউৎপাদিত হয় । 

( গ ) এই নৱীকৰণযােগ্য শক্তি পৰম্পৰাগত শক্তিৰ বিকল্প ৰূপে ব্যৱহাৰ হয় । 

( ঘ ) এনে শক্তিৰ উৎসৰ প্ৰতিষ্ঠাপন খৰচ কিছু বেছি হলেও উৎপাদন গােট এটা স্থাপন কৰি লােৱাৰ পাছত এই উৎসৰ পৰা শক্তি উৎপাদনৰ খৰচৰ মাত্রা কমি যায় ।

( ঙ ) এনে শক্তি উৎসৰ পৰা আহৰণ কৰা শক্তিক অন্তহীনভাৱে পুনঃপুনঃ ব্যৱহাৰ কৰিব পৰা যায় । 

১৭৷ ভাৰতৰ খনিজ পদার্থৰ অঞ্চল আৰু শক্তি উৎপন্ন অঞ্চলসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ ভিন্ ভিন্ অঞ্চলত ভিন্ ভিন্ ধৰণৰ খনিজ সম্পদ আৰু শক্তি সম্পদ পােৱা যায় যদিও এইবােৰৰ বিতৰণ সকলােতে সমান নহয় আৰু কিছুমান নির্দিষ্ট অঞ্চলতহে এই সম্পদসমূহ ঘনীভূত হৈ থকা দেখা যায় । খনিজসম্পদ ঘনীভূত অঞ্চলসমূহ হ’ল— 

( ক ) দাক্ষিণাত্য মালভূমিৰ উত্তৰ পূৰ্বাঞ্চল ।

( খ ) দক্ষিণ – পশ্চিম মালভূমি অঞ্চল ।

( গ ) উত্তৰ – পশ্চিম অঞ্চল । 

( ক ) দাক্ষিণাত্য মালভূমিৰ উত্তৰ – পূৰ্বাঞ্চল :- ভাৰতৰ খনিজ সম্পদৰ ভঁৰালৰ ক্ষেত্ৰত এই অঞ্চলটোৱেই আটাইতকৈ চহকী । ছােটনাগপুৰ মালভূমি , উৰিষ্যা মালভূমি পশ্চিমবংগ আৰু ছত্তীছগড় প্রায় সমুদায় এলেকা ব্যাপ্ত এইটো অঞ্চলত আকৰিক লাে , কয়লা , মেংগানিজ , বক্সাইট , তাম প্রতি বিভিন্ন খনিজ দ্রব্য পােৱা যায় ।

( খ ) দক্ষিণ – পশ্চিম মালভূমি অঞ্চলঃ মহাৰাষ্ট্ৰ পৰা আৰম্ভ কৰি গােৱা, কর্ণাটক , কেৰেলা আৰু তামিলনাডু ৰাজ্যৰ ভৌগােলিক পৰিবেশত বিস্তৃত এইটো খনিজ সম্পদ চহকী দ্বিতীয়টো অঞ্চল । এই অঞ্চলৰ প্রধান সম্পদ সমূহ আকৰিক লাে , মেংগানিজ , বক্সাইট আৰু চুণশিল । ছােটনাগপুৰ কেন্দ্রীক খনিজ অঞ্চলটেৰ দৰে এইটো অঞ্চলত বৈচিত্র্যপূর্ণ খনিজ সম্পদৰ সহঃ অৱস্থান পােৱা নাযায় । বৰঞ্চ একোটা অৱস্থানত প্ৰচুৰ মাত্ৰাত একেবিধ খনিজৰ সমাৱেশ এই অঞ্চলৰ ভৌগােলিক বৈশিষ্ট্য । কেৱল উপকূলৰ বালিচৰত পােৱা ইউৰেনিয়াম আৰু থৰিয়াম উপাদানপুষ্ট মােনাজাইট বালুকা এইটো অঞ্চলৰ ব্যতিক্রমী খনিজৰ ভিতৰত পৰে । 

( গ ) উত্তৰ – পশ্চিম অঞ্চল :- ভাৰতৰ তৃতীয়টো খনিজ সম্পদৰ ভাণ্ডাৰ গুজৰাটৰ কাম্বে উপসাগৰৰ পৰা ৰাজস্থানৰ আৰাৱলী পর্বত পর্যন্ত প্রসাৰিত হৈ আছে । এইটো অঞ্চল খনিজ তেল আৰু প্রাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰৰ অৱস্থান । ইয়াৰােপৰি নানাবিধ অলৌহযুক্ত ধাতৱীয় খনিজ পদার্থতো এই অঞ্চল চহকী । ভাৰতত উৎপাদিত বিভিন্ন তাপ শক্তি আৰু এইবােৰৰ বিতৰণ তলত আলােচনা কৰা হ’লঃ 

( ক ) পাৰমাণৱিক শক্তিঃ ১৯৪৮ চনতেই ভাৰতত পাৰমাণৱিক শক্তি আয়ােগ গঠন হয় । বর্তমান পর্যায়লৈকে এই দেশত তাৰাপুৰ , ৰাৱতভাটা , কলপক্কম , নবােৰা , কৈ আৰু কাকৰ পাৰা প্রভৃতি অৱস্থানত পৰমাণু উৎসৰ পৰা শক্তি উৎপাদন কেন্দ্র আছে । 

( খ ) সৌৰশক্তি :- বর্তমান সময়ত ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰদীপন কার্যত সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিছে । ১৯৯০ চনৰ হাসান মাংগালােৰ ৰেলপথত অৱস্থিত য়েডাকুমাৰী ষ্টেচনটোত প্রদীপন আৰু সংকেতন কার্যত সর্বপ্রথম সৌৰশক্তি বব্যৱহাৰ হয় । বর্তমান ভাৰতীয় ৰেলৰ সৌৰশক্তি চালিত ষ্টেচনৰ সংখ্যা সহস্রাধিক হৈছেগৈ । শেহতীয়া ভাৱে গুজৰাটৰ মুখ্যমন্ত্রী নৰেন্দ্ৰ মােডীয়ে সৌৰ শক্তি উৎপাদনৰ উদ্দেশ্যে এখন সৌৰ পাৰ্ক মুকলি কৰিছে । 

( গ ) বায়ু শক্তিঃ ভাৰতৰ উপকূল ক্ষেত্রকে ধৰি সৰ্বমুঠ ১২ টা সুবিধাজনক স্থানত ২৫০ টা বতাহ চালিত টার্বাইন স্থাপন কৰি ৪৫ মেগাৱাট পৰিমাণৰ বিদ্যুৎশক্তি উৎপাদন কৰাৰ অভিলাষী আঁচনি ইতিমধ্যে লােৱা হৈছে । দেশৰ শক্তি মন্ত্রণালয়ে সম্পাদন কৰা জৰীপ প্রতিবেদন অনুসৰি ভাৰতত বায়ুবলৰ পৰা অতি শীঘ্ৰে ৩০০০ মেগাৱাট বিজুলী শক্তি আহৰণ কৰাৰ সম্ভাৱনা আছে । সমগ্র দেশৰ ভিতৰত গুজৰাট , মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক উপকূলক বায়ু শক্তি উৎপাদন কৰাৰ পক্ষে সর্বোৎকৃষ্ট অঞ্চল বুলিব পাৰি । ভাৰতত এতিয়ালৈকে স্থাপন কৰা বায়ু শক্তি উৎপাদন কেন্দ্রসমূহৰ ভিতৰত গুজৰাটৰ কচ্ছজিলাৰ লম্বা নামৰ ঠাইত থকা উৎপাদন গােটটো এছিয়াৰ ভিতৰতে সর্ববৃহৎ । 

( ঘ ) ভূগর্ভীয় তাপ শক্তিঃ সাধাৰণতে আগ্নেয়গিৰি উদগীৰণৰ জৰিয়তে ওলাই তাপ শক্তিৰ সংগ্ৰহণ কৰিবলৈ ভাৰতত উল্লেখযােগ্য কোনাে আগ্নেয়গিৰি নাই । হিমাচল প্রদেশৰ কিছুসংখ্যক ক্ষুদ্ৰকৃতিৰ অগ্নোৎপাতস্থলী আছে । এই প্রদেশৰে মনিকর্ণ নামৰ ঠাইত ইতিমধ্যে এটা ভূ গভীয় শক্তি প্রকল্প স্থাপন কৰা হৈছে ।

( ঙ ) জৈৱ নিষ্কাশিত শক্তিঃ পৌৰ এলেকাৰ আৱৰ্জনা ব্যৱহাৰ কৰি শক্তি উৎপাদন কৰাৰ এনে এটা প্রকল্প ইতিমধ্যে দিল্লীৰ ওখলাত স্থাপন কৰা হৈছে । 

১৮। ভাৰতবৰ্ষৰ আকৰিক লােৰ বিতৰণ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ভাৰতৰ বিভিন্ন অৱস্থানত আকৰিক লাে , মেংগানিজ , অভ্র , চূণশিল , মাবর্ল , ড’ল মাইট , কয়লা , খনিজ তেল আৰু প্রাকৃতিক গেছ আদি বিভিন্ন লক্ষণযুক্ত খনিজ সম্পদ বুজন পৰিমাণে পােৱা যায় । লৌহ আকৰৰ গুণাগুণ , ভাণ্ডাৰ আৰু আহৰণ প্ৰক্ৰিয়াৰ তুলনাত ভাৰত পৃথিৱীৰ অন্যতম আগশাৰীৰ দেশ । ভাৰতৰ লৌহ খনিসমূহত জুমেটাইট আৰু মেগনেটাইট শ্ৰেণীৰ আন্তর্জাতিক চাহিদাসম্পন্ন দুবিধ লৌহ আকৰ উদঘাটন কৰা হয় । ২০০৪-০৫ বৰ্ষৰ হিচাপ অনুযায়ী সমগ্ৰ দেশত সঞ্চিত সৰ্বমুঠ ২০০ কোটি টন আকৰিক লােহাৰ ৯৫ শতাংশই উৰিষ্যা , ঝাৰখণ্ড , ছত্তীচগড় , কর্ণাটক , গােৱা , অন্ধ্রপ্রদেশ আৰু তামিলনাড়ু প্রদেশত জমা হৈ আছে । উৰিষ্যাৰ লৌহ আকৰসমূহ সুন্দৰগড় , ময়ূৰভক্ত আৰু কেন্দুঝাড় পার্বত্য ক্ষেত্রত কেন্দ্রীভূত অৱস্থাত পােৱা যায় । উৰিষ্যা আৰু ঝাড়খণ্ড কেন্দ্রিক অঞ্চলটোৰ কিছু পশ্চিম ছত্তীশগড়ৰ দুৰ্গ আৰু মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত প্রখ্যাত অপ্ৰখাৰ কেইটাও লৌহখনি আছে । দান্তেৱাড়ী , বৈলাদিশা , ৰাজনন্দ গাওঁ , নৱগাওঁ আদি দুর্গত জিলাৰ প্ৰধান লৌহ খনন কাৰ্যৰ কেন্দ্র । মহাৰাষ্ট্ৰৰ লৌহ আকৰ আহৰণকাৰী দুখন অন্যতম উল্লেখযােগ্য জিলা হৈছে চন্দ্রপুৰ আৰু ৰত্নগিৰি । 

১৯। ভাৰতবৰ্ষৰ কয়লা খনিৰ বিতৰণ সম্পর্কে লিখা । 

উত্তৰঃ ভূতাত্ত্বিক গঠনৰ ওপৰত ভিত্তি কৰি ভাৰতৰ কয়লা খনিবােৰক প্ৰধানকৈ দুটা ভাগত বিভক্তি কৰা হৈছেঃ 

ক ) গাণ্ডোৱানা যুগৰ কয়লা । আৰু

খ ) টাৰছিয়াৰি যুগৰ কয়লা ।

( ক ) গাণ্ডোৱানা যুগৰ কয়লাঃ গাণ্ডোৱানা যুগৰ কয়লাসমূহ তুলনামূলকভাৱে অতি প্রাচীন আৰু উৎকৃষ্ট মানৰ । ভাৰতবৰ্ষত সঞ্চিত কয়লাৰ প্রায় ৯৬ শতাংশ আৰু উৎপাদিত কয়লাৰ প্রায় ৯৯ শতাংশ গাণ্ডোৱানা যুগৰ । এই শ্রেণীৰ কয়লা খনি পশ্চিমবংগৰ ৰাণীগঞ্জ , বিহাৰৰ ঝেৰিয়া , বােকাৰাে , গিৰিধি , কৰণপুৰ , উৰিষ্যৰ তালচেৰু , মধ্যপ্রদেশৰ উমৰীয়া , ক’ৰবা আৰু মােহপানী , মহাৰাষ্ট্রৰ বাধা আৰু অন্ধ্রপ্রদেশৰ চিংগৰানীত পােৱা যায় । দেশৰ উৎপাদিত মুঠ কয়লাৰ ১/৩ ভাগেই এই খনিসমূহৰ পৰা আহে । ঝেৰিয়া কয়লা ক্ষেত্রই দেশৰ উৎপাদিত মুঠ কয়লাৰ ৫০ শতাংশ যােগান ধৰে । বােকাৰৰ ক্ষেত্ৰত কয়লাৰ বার্ষিক উৎপাদন ১ নিযুত টন গিৰিধিৰ কয়লা অতি উৎকৃষ্ট । 

( খ ) টাৰছিয়াৰি যুগৰ কয়লা :- টাৰছিয়াৰি যুগৰ কয়লা সাধাৰণতে ভংগিল পার্বত্য অঞ্চলত পােৱা যায় । ৰাজস্থান , জম্মু আৰু কাশ্মীৰ , পশ্চিম বংগৰ দার্জিলিং আৰু উত্তৰ – পূৱ ভাৰতৰ মেঘালয়ৰ গাৰাে আৰু খাছি পাহাৰ ডফলা পাহাৰ অসমৰ টিকক পাহাৰ , নামচিক , মাকুম আৰু জয়পুৰত এই শ্রেণীৰ কয়লা পােৱা যায় । ৰাজস্থান আৰু অসমে ভাৰতৰ উৎপাদিত মুঠ কয়লাৰ ৩ শতাংশ যােগান ধৰে । 

২০। ভাৰতত প্রাকৃতিক গেছৰ উত্তোলন আৰু বিতৰণ সম্পর্কে বহলাই আলােচনা কৰা । 

উত্তৰঃ সাধাৰণতে খাৰুৱা তেলৰ অঞ্চলবােৰতে প্রাকৃতিক গেছ পােৱা যায় । পাঞ্জাৱৰ জ্বালামুখী , গুজৰাটৰ মেহুভেজ , ঘােঘা , বাদেশাৰ আৰু উত্তৰ – পূৱ ভাৰতৰ প্ৰায়বােৰ তৈলক্ষেত্ৰতে প্রাকৃতিক গেছ পােৱা যায় । এইকেইটা অঞ্চলত প্ৰচুৰ পৰিমাণৰ প্রাকৃতিক গেছ সঞ্চিত হৈ আছে । তেল আৰু প্রাকৃতিক গেছ নিগমে মুম্বাই হাইৰ পশ্চিমাংশত গােদাবৰী নদীৰ উপকূলীয় অঞ্চলত , উত্তৰ তাপ্তী অঞ্চল , ত্ৰিপুৰাৰ বাৰমুৰা আৰু বিন্ধ্য সাতপুৰা অঞ্চল আদিত প্রাকৃতিক গেছৰ সন্ধান পাইছে । বিজ্ঞানীসকলৰ মতে , কেৱল নাহৰকটীয়া আৰু মৰাণ ক্ষেত্ৰতে ১,১৪০,০০০ নিযুত ঘনফুট গেছ সঞ্চিত হৈ আছে । এই অঞ্চল দুটাত দৈনিক গেছ আহৰণৰ পৰিমাণ ১০০ নিযুত টন । ৰাজস্থানৰ ৪ খন জিলাত প্রাকৃতিক গেছ পােৱা গৈছে । তাত ১৫ মেগাৱাট শক্তি সম্পন্ন গেছ ভিত্তিক প্রকল্প এটা তৈয়াৰ কৰা হৈছে । ৰাজস্থানৰ ডাওেৱালাতে প্রাকৃতিক গেছ পােৱা গৈছে । ১৯৯০-৯১ চনত ভাৰতবৰ্ষত মুঠতে ১,৮০,০০,০০০০ ঘন মিটাৰ প্ৰাকৃতিক গেছ আহৰণ কৰা হৈছিল । বর্তমান গেছ সৰবৰাহৰ বাবে বহুতাে গেছনলী স্থাপন কৰা হৈছে । 

২১। ভাৰতবৰ্ষৰ পৰম্পৰাগত শক্তি আৰু অপৰম্পৰাগত শক্তিক কিদৰে পৃথক কৰিণ পাৰি ? 

উত্তৰঃ পৰম্পৰাগত শক্তিঃ পৰম্পৰাগত শক্তি সম্পদবােৰক অনবীকৰণযােগ্য শক্তি উৎস বুলি কোৱা হয় । যিবােৰ শক্তি সম্পদ আহৰণ আৰু দীর্ঘদিন ব্যৱহাৰৰ ফলত এইবােৰ মজুত ভাণ্ডাৰ ক্ৰমাৎ নিঃশেষ হয় আৰু পুনঃউৎপাদন প্রক্রিয়াও অতিমাত্রা লেহেমীয়া আৰু পূৰণ কৰিবলৈ হাজাৰ হাজাৰ বছৰৰ প্ৰয়ােজন হয় । বহু যুগৰ আগৰ পৰাই আৰু বহুল ভায়ে ব্যৱহাৰ কৰি অহা বাবে এইবােৰ শক্তি সম্পদৰ উৎসসমূহক পৰম্পৰাগত বুলি জনা যায় । কয়লা , প্রাকৃতিক গেছ , খনিজ তেল আদি পৰম্পৰাগত শক্তি । 

অপৰম্পৰাগত শক্তিঃ অপৰম্পৰাগত শক্তিক নৱীকৰণযােগ্য শক্তি সম্পদ বুলিও জয় যায় । সাধাৰণ অৰ্থত প্ৰকৃতিত অবিৰত ভাৱে উৎপাদিত হৈ থকা শক্তিবােৰক নৱীকৰণযােণ সম্পদ বুলি কোৱা হয় । এই শ্ৰেণীৰ শক্তিসমূহ প্ৰকৃতিত অতি ক্ষিপ্রতাৰে পুনঃউৎপাদিত হয় । এইবােৰ শক্তি সম্পদৰ উৎপাদন তথা ব্যৱহাৰ কৌশল নতুন অপৰাম্পৰাগত শক্তিবােৰ অন্তহীন ভাৱে পুনঃ পুনঃ ব্যৱহাৰ কৰিব পাৰি । সৌৰ শক্তি , বতাহ শক্তি , জৈৱ নিষ্কাষিত শড়ি আদি অপৰাম্পৰাগত শক্তিৰ উদাহৰণ ।

২২। ভাৰতৰ অপৰম্পৰাগত শক্তি উৎসৰ বিষয়ে বর্ণনা কৰা । 

উত্তৰঃ ভাৰতৰ অপৰম্পৰাগত শক্তিৰ উৎসমূহৰ বিষয়ে তলত আলােচনা কৰা হ’ল –

( ক ) সৌৰশক্তিঃ সাম্প্রতিক সময়ত ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰদীপন কার্যত সৌৰশক্তি ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিছে । ১৯৯০ চনৰ হাসান – মাংগালােৰ ৰেলপথত অৱস্থিত য়েডাকুমা ষ্টেচনটোত প্ৰদীপন আৰু সংকেতন কার্যত সর্বপ্রথম সৌৰশক্তিৰ ব্যৱহাৰ হয় । বর্তমান ভাৰতী ৰেলৰ সৌৰশক্তি চালিত ষ্টেচনৰ সংখ্যা সহস্রাধিক হৈছেগৈ । দেশৰ বৃষ্টিমুখৰ অথবা মেঘাচ্ছ এলেকাবােৰৰ সলনি গুজৰাট আৰু ৰাজস্থানৰ মেঘমুক্ত আকাশৰ পৰিবেশত সৌৰশক্তি প্রয়ােগ অধিক সুফলদায়ক । 

( খ ) বায়ুশক্তিঃ ভাৰতৰ উপকূল ক্ষেত্রকে ধৰি সৰ্বমুঠ ১২ খন সুবিধাজনক স্থানত ২৫০ বতাহ চালিত টার্বাইন স্থাপন কৰি ৪৫ মেগাৱাট পৰিমাণৰ বিদ্যুৎশক্তি উৎপাদনৰ অভিলা আঁচনি এখন ইতিমধ্যে হাতত লােৱা হৈছে । দেশৰ শক্তি মন্ত্রালয়ে ইতিমধ্যে সম্পাদনক জৰীপ প্রতিবেদন অনুসৰি ভাৰতত বায়ুবলৰ পৰা অতি শীঘ্ৰে ৩০০০ মেগাৱাট বিজু শক্তি আহৰণৰ সম্ভাৱনা আছে । ইফালে ভাৰতৰ মুঠ বায়ু শক্তি সম্প্রসাৰণ সম্ভাৱনা ৫০,০০০ মেগাৱাটৰাে অধিক । ইয়াৰে কম পক্ষেও এক চতুর্থাংশ অর্থাৎ ১২,৫০০ মেগাৱাট পৰিমাৎ শক্তি অতি সহজতে উৎপন্ন কৰিব পৰা যায় । সমগ্ৰ দেশৰ ভিতৰতে গুজৰাট , মহাৰাষ্ট্র অঙ্গ কর্ণাটক উপকূলক বায়ু শক্তি উৎপন্ন কৰাৰ পক্ষে সর্বোৎকৃষ্ট অঞ্চল বুলিব পাৰি । ভাৰত এতিয়ালৈকে স্থাপন কৰা বায়ুশক্তি উৎপাদন কেন্দ্রসমূহৰ ভিতৰত গুজৰাটৰ কচ্ছ জিলহ লম্বনামৰ ঠাইত থকা উৎপাদন গােটটো এছিয়াৰ সর্ববৃহৎ । তামিলনাড়ু প্রদেশৰ টুটিকোটি বন্দৰৰ ওচৰত বৃহৎ কলেৱৰৰ আন এটা বতাহ বিদ্যুৎ কেন্দ্র আছে । 

( গ ) সামুদ্রিক তৰংগ আৰু জোৱাৰঃ সামুদ্রিক তৰংগ , জোৱাৰ আৰু সোঁতসমূহত নিহিত গতিশক্তিক উৎপাদনমূলক কামত প্রয়ােগ কৰাৰ উদ্দেশ্যে সপ্তদশ শতিকাৰ আৰম্ভণিৰে পৰাই মানুহৰ প্ৰযত্ন অব্যাহত আছে । ভাৰতৰ পশ্চিম উপকূলীয় ক্ষেত্ৰখনত জোৱাৰসৃষ্ট তৰংগৰ মাত্রা পূর্ব উপকূলৰ তুলনাত বেছি । সেয়েহে দেশৰ এই উপকূল ৰেখাক শক্তি উৎপাদনৰ অন্যতম সম্ভাৱনাপূর্ণ অঞ্চল বুলিব পাৰি । 

( ঘ ) ভূগভীয় তাপশক্তি :- আগ্নেয়গিৰি উদগীৰণৰ সময়ত ভূগৰ্ভৰ পৰা উঠি অহা মেগমাসমূহে যথেষ্ট পৰিমাণৰ তাপশক্তিও ভূপৃষ্ঠলৈ তুলি আনে । ভূগৰ্ভৰ পৰা উথিত এই তাপশক্তিকো সহজতে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পৰা যায় । তদুপৰি উষ্ণ – প্ৰৱন সমূহকো অনুৰূপ উদ্দেশ্যৰে ব্যৱহাৰ কৰিব পাৰি । ভূগর্ভ উৎসৰ পৰা ওলাই অহা সকলাে প্ৰকাৰৰ তাপশক্তিক একেলগে ভূগর্ভীয় তাপ শক্তি বােলে । ভাৰতত উল্লেখযােগ্য কোনাে আগ্নেয়গিৰি নাই যদিও হিমাচল প্রদেশৰ জ্বালামুখী প্রভৃতি কোনাে কোনাে অৱস্থানত কিছুসংখ্যক ক্ষুদ্রাকৃতিক অগ্নোৎপাতস্থলী আছে । এই প্রদেশৰে মণিকর্ণ নামৰ ঠাইত ইতিমধ্যে এটা ভূগভীয় শক্তি প্রকল্প স্থাপিত হৈছে । 

( ঙ ) জৈৱ নিষ্কাশিত শক্তিঃ কৃষিজাত উপজ , চহৰ আৰু ঔদ্যোগিক ক্ষেত্ৰত পেলনীয়া প্ৰব্য প্রভৃতিৰ পৰা আহৰণ কৰা শক্তিক এই শ্রেণীভূক্ত কৰা হয় । উদ্ভিদ আৰু প্রাণী দেহৰ বভিন্ন পৰিত্যক্ত কলাসমূহত নিহিত শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰাৰ উপৰিও ক্ষেত্রভেদে ‘ য়াকতাপ শক্তি অথবা ৰন্ধন – গেছপ্রভৃতি অৱস্থাতাে ব্যৱহাৰ কৰা হয় । পৌৰ এলেকাৰ আৱৰ্জনা ব্যৱহাৰ কৰি শক্তি উৎপাদন কৰাৰ এনে এটা প্রকল্প ইতিমধ্যে দক্ষিণ দিল্লীৰ ওখলাত স্থাপন কৰা হৈছে । 

২৩। খনিজ সম্পদ সংৰক্ষণৰ বাবে কি পৰামৰ্শ আগবঢ়াবা ? 

উত্তৰঃ ধাৰণক্ষম উন্নয়নৰ ধাৰণা অনুসৰি সীমিত সম্পদৰ পূর্ণ প্রয়ােগ ঘটাই ৰাহি সম্পদৰাজিক ভৱিষ্যতৰ উদ্দেশ্যে সংৰক্ষণ কৰিব লাগে । সৌৰশক্তি , বতাহ , ভূগৰ্ভৰ তাপ , বাগৰৰ তৰংগ প্রভৃতি অপৰম্পৰাগত শক্তিৰ উৎসসমূহ অফুৰন্ত শ্রেণীৰ হােৱাৰ লগতে গনেবােৰ অপৰম্পৰাগত শক্তিৰ উৎসসমূহ পৰিবেশক্ষয়ী নহয় ৷ সেয়েহে এনেবোৰ উৎসৰ পৰা শক্তি আহৰণৰ পৰিমাণ বৃদ্ধি কৰি জীৱাশ্ম প্রজ্জালকৰ ব্যৱহাৰ পাৰ্যমাণে কমােৱা উচিত । 

অন্যান্য খনিজ সম্পদবােৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতাে নতুনকৈ উত্তোলন কৰা আকৰৰ পৰিশােধন চার্যৰ তুলনাত পুৰণা ভঙা – চিঙা আৰু অনাৱশ্যকীয় অৱস্থাত পৰি ৰােৱা দ্রব্যসমূহ পুনৰ ওলাই লৈ কম খৰচতে বুজন পৰিমাণৰ নতুন কেঁচামাল প্রস্তুত কৰি ল’ব পাৰি । আকৌ , কলাে ধৰণৰ খনিজৰ বিকল্প হিচাপে জৈৱিক উৎসৰ সম্পদৰ ব্যাপক ব্যৱহাৰৰ দিশটোও এচাৰযােগ্য । দেশৰ দুষ্প্রাপ্য খনিজসমূহ কোনাে কাৰণতে ৰপ্তানি কৰা উচিত নহয় । কাৰণ , প্রানিৰ লক্ষ্য আগত লৈ অবাধ গতিত আহৰণ কৰি যােৱাৰ ফলত এনেবােৰ সম্পদৰ ভাণ্ডাৰ তিশীঘ্ৰেই উদং হ’ব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top