Class 12 Geography Unit 12 অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু

Class 12 Geography Unit 12 অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 12 অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু and select needs one.

Class 12 Geography Unit 12 অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 12 অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু Solutions for All Subject, You can practice these here…

উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি

অধ্যায় – ১২

দ্বিতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। কোন ধৰণৰ জলবায়ু অসমত পােৱা যায় –

( i ) Caw on Cwg . 

( ii ) বৃষ্টি প্রধান মধ্যতাপী ।

( ii ) ক্রান্তীয় মৰুভূমি । আৰু 

( iv ) ক্রান্তীয় মৌচুমী ।

উত্তৰঃ ( ii ) বৃষ্টিপ্রধান মধ্যতাপী ।

২৷ তলৰ কোনখন ঠাইৰ বৰষুণৰ পৰিমাণ সর্বনিম্ন ? 

( i ) ডিব্ৰুগড়ত ।

( ii ) লামডিঙত ।

( iii ) শিলচৰত । আৰু 

( iv ) ধুবুৰীত ।

উত্তৰঃ ( ii ) লামডিঙত ।

৩। ধনশিৰি আৰু কপিলি নদীৰ মাজত তলত দিয়া কোন ধৰণৰ উচ্চভূমি অৱস্থিত ।

( i ) স্তুপপর্বত ।

( ii ) দাক্ষিণাত্য মালভূমিৰ অংশ ।

( iii ) ভংগিল পর্বত । আৰু

( iv ) নদীৰ ক্ষয়কাৰ্য্যৰ ফলত গঠিত ভূমি ।

উত্তৰঃ( i ) স্তুপ পর্বত ।

৪। অসমত ব্ৰহ্মপুত্র নদীৰ গুৰুত্বপূর্ণ উপনদীৰ সংখ্যা হ’ল –

( i ) ১১০ খন ।

( ii ) ৯০ খন ।

( iii ) ৫৭ খন । আৰু 

( iv ) ৩৩ খন ।

উত্তৰঃ ( ii ) ৯০ খন ।

৫। তলৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা হােৱা নাই– 

( i ) সোৱনশিৰি ।

( ii ) মানাই ।

( iii ) সােনকোষ । আৰু 

( iv ) বুঢ়িদিহিং । 

উত্তৰঃ ( iv ) বুঢ়িদিহিং ।

৬। তলৰ কোনখন ব্রহ্মপুত্র প্রধান উপনদী ? 

( i ) জীয়া ধনশিৰি ।

( ii ) চম্পাবতী ।

( iii ) দৈয়াং । আৰু

( iv ) জাঁজী ।

উত্তৰঃ ( iv ) দৈয়াং ।

৭। ব্ৰহ্মপুত্ৰ উপত্যকাৰ আয়তন কিমান ? 

উত্তৰঃ ৫৮,৩১৫ বর্গকিলােমিটাৰ । 

৮৷ অসমৰ দ্রাঘিমাংশ আৰু তাপাংশৰ বিস্তৃতি কিমান ? 

উত্তৰঃ অসম ২৪° ৬-২৮° ০ উত্তৰ অক্ষাংশ আৰু ৮৯° ৫১-৯৬° ১ পূর্ব দ্রাঘিমাংশৰ মাজত অৱস্থিত । 

৯৷ উত্তৰ – পূৱ ভাৰতৰ দ্রাঘিমাংশ আৰু অক্ষাংশৰ বিস্তৃতি কিমান ? 

উত্তৰঃ ভাৰতৰ উত্তৰ – পূর্বাঞ্চল ২২° ১’ৰপৰা ২৯° ২৬ উত্তৰ অক্ষাংশ আৰু ৮৯° ৪৯ ৰ পৰা ৯৭° ২৬ পূর্ব দ্রাঘিমাংশৰ মাজত অৱস্থিত । 

১০। ২০০১ চনৰ লােকপিয়ল অনুসৰি উত্তৰ – পূৱ ভাৰতৰ জনসংখ্যা কিমান ? 

উত্তৰঃ ২০০১ চনৰ লােকপিয়ল অনুসৰি উত্তৰ পূৱ ভাৰতৰ জনসংখ্যা ৩,১৫,৪৭,৩১৪ জন ।

১১। কার্বি মালভূমিৰ দুটা শৃংগৰ নাম লিখা । 

উত্তৰঃ কার্বি মালভূমিৰ শৃংগ দুটা হ’ল —ডামবাকচু আৰু সিংহাসন ।

১২। হামৰেণ মালভূমি ক’ত অৱস্থিত ? 

উত্তৰঃ হামৰেণ মালভূমি কপিলী নদীৰ পশ্চিম দিশত অৱস্থিত । 

১৩। কার্বি মালভূমিৰ নৈ সমূহ কোন শ্রেণীৰ ? 

উত্তৰঃ কার্বি মালভূমিৰ নদীসমূহ অপকেন্দ্রীক শ্রেণীৰ ।

১৪। কার্বি মালভূমিত থকা ব্ৰহ্মপুত্ৰৰ দুখন উপনৈৰ নাম লিখা । 

উত্তৰঃ কার্বি মালভূমিত থকা ব্ৰহ্মপুত্ৰৰ দুখন উপনৈ হ’ল – ডিফলু আৰু নামবৰ ।

১৫। বৰাইল পাহাৰৰ মূখ্য শৃংগটোৰ নাম কি ? 

উত্তৰঃ বৰাইল পাহাৰৰ মূখ্য শৃংগটো হ’ল — ঠেইপিবাং । 

১৬। ব্ৰহ্মপুত্ৰ আৰু বৰাক অববাহিকাক পৃথক কৰা অসমৰ পৰ্বত শ্ৰেণীৰ নাম কি ? 

উত্তৰঃ বৰাইল পাহাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকা দুটাক পৃথক কৰিছে । 

১৭। ব্ৰহ্মপুত্ৰ উপত্যকাৰ দীঘলে আৰু বহলে বিস্তৃতি কিমান ? 

উত্তৰঃ ব্রহ্মপুত্র উপত্যকাৰ দৈর্ঘ্য ৭২০ কিঃমিঃ আৰু বহলে এই সমভূমি ঠায়ে ঠায়ে ৩০-১০০ কিলােমিটাৰ ।

১৮। ব্রহ্মপুত্র নদীৰ উত্তৰ পাৰৰ দুখন উপনদীৰ নাম কি ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ দুখন উপনৈ হ’ল সােৱণশিৰি আৰু জীয়াভৰলী । 

১৯। ব্রহ্মপুত্র নদীৰ দক্ষিণ পাৰৰ দুখন উপনদীৰ নাম কি ? 

উত্তৰঃ দিখৌ আৰু ধনশিৰি । 

২০। মানুহৰ বসতিপূর্ণ পৃথিৱীৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি ? 

উত্তৰঃ মানুহৰ বসতিপূর্ণ পৃথিৱীৰ বৃহত্তম নদী দ্বীপটো হ’ল —মাজুলী । 

২১। অসমৰ গড় হিচাপত বার্ষিক বৃষ্টিপাত কিমান ? 

উত্তৰঃ অসমত গড় হিচাপত বার্ষিক বৃষ্টিপাত ২৩০ ছেন্টিমিটাৰকৈ হয় । 

২২। বৰাকৰ তিনিখন উপনদীৰ নাম লিখা । 

উত্তৰঃ ৰাকৰ তিনিখন উপনৈ হ’ল — জাতিংগা , জিৰি আৰু চিৰি । 

২৩। অসমৰ ভৌগলিক পৰিসীমাৰ ভিতৰত ব্রহ্মপুত্র নদী কিমান দীঘল ? 

উত্তৰঃ অসমৰ ভৌগােলিক পৰিসীমাৰ ভিতৰত ব্রহ্মপুত্র নদীখন প্রায় ৬৫০ কিলােমিটাৰ দীঘল । 

২৪। গড় হিচাপত ব্রহ্মপুত্র নদীৰ বহল কিমান ? 

উত্তৰঃ গড় হিচাপত ব্রহ্মপুত্র নদীৰ প্ৰস্থ অৱস্থানভেদে ১.২-১৫.৬ কিলােমিটাৰ । 

২৫। বৰাক নদীৰ উৎপত্তি স্থলৰ নাম কি ? 

উত্তৰঃ মণিপুৰ ৰাজ্যৰ সীমান্তত অৱস্থিত সেনাপতি জিলাৰ অন্তৰ্গত প্রায় ৩০০০ মিটাৰ পার্বত্য ভূ – ভাগৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে । অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু 

২৬। অসমৰ ভৌগােলিক আয়তন দেশৰ মুঠ মাটিকালিৰ 

( ক ) ৩.২৯ ।

( খ ) ৯.২৩ ।

( গ ) ২.৯৩ । আৰু

( ঘ ) ২.৩৯ 

উত্তৰঃ ( ঘ ) ২.৩৯ শতাংশ ।

২৭। অসমৰ কোনখন জিলাৰ পাহাৰ দক্ষিণাত্য মালভূমিৰ দূৰস্থ খণ্ড ? 

( ক ) কাৰ্বি আংলং ।

( খ ) উত্তৰ কাছাৰ ।

( গ ) কাছাৰ । আৰু

( ঘ ) কামৰূপ । 

উত্তৰঃ ( ক ) কাৰ্বি আংলং । 

২৮। ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈৰ সংখ্যা –

( ক ) ৩৩ ।

( খ ) ৫৭ ।

( গ ) ৭৫ । আৰু 

( ঘ ) ৯০ ।

উত্তৰঃ ( ঘ ) ৯০ ।

২৯। তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ 

( ক ) কপিলি ।

( খ ) দিচাং ।

( গ ) ডিখৌ । আৰু 

( ঘ ) সােৱণশিৰি ।

উত্তৰঃ ( ঘ ) সােৱণশিৰি । 

৩০। অসমৰ বার্ষিক গড় বৃষ্টিপাত –

( ক ) ১৫০ ছে.মি. ।

( খ ) ২০৩ ছে.মি. ।

( গ ) ২৩০ ছেমি . । আৰু

( ঘ ) ৩২০ ছেমি ।

উত্তৰঃ ( গ ) ২৩০ ছেমি . ।

৩১। লামডিং – লংকা – হােজাই অঞ্চল অসমৰ 

( ক ) সেমেকা অঞ্চল ।

( খ ) বৃষ্টিপ্রধান অঞ্চল । 

( গ ) শুকান অঞ্চল । আৰু 

( ঘ ) গৰম অঞ্চল ।

উত্তৰঃ ( গ ) শুকান অঞ্চল । 

৩২। অসমৰ ভূ – প্রাকৃতিক অবয়ৱসমূহ উল্লেখ কৰা । 

উত্তৰঃ অসমৰ ভূ – প্রাকৃতিক অবয়ৱসমূহ তলত উল্লেখ কৰা হ’ল–

( ক ) মালভূমি অবয়ৱ ।

( খ ) ভংগিল পাহাৰ । আৰু

( গ ) নদী গঠিত সমভূমি ।

৩৩। কোন দুখন নদীৰ মাজত কার্বি মালভূমি অৱস্থিত ? 

উত্তৰঃ ধনশিৰি আৰু কপিলী নদীৰ মাজত । 

৩৪। কার্বি মালভূমিৰ উচ্চতম শৃংগটোৰ উচ্চতা কিমান ? 

উত্তৰঃ ১৩৬৩ মিটাৰ । 

৩৫। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ উষ্ণতাৰ পার্থক্যৰ প্ৰধান কাৰণ কি ? 

উত্তৰঃ অক্ষাংশজনিত কাৰণত ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত উষ্ণতাৰ পার্থক্য দেখা যায় । 

চমু প্রশ্নোত্তৰ

৩৬। বৰাইল পাহাৰ শ্ৰেণীৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ হিমালয় পর্বত শ্ৰেণীৰ অন্তৰ্গত পূর্বাঞ্চল উচ্চভূমিৰ নগা পাহাৰৰ এটা ঠেঙুলি অসমৰ উত্তৰ কাছাৰ জিলাত সােমাই পশ্চিমে কপিলী নদীলৈকে আগুৱাই গৈছে মেঘালয় মালভূমি স্পর্শ কৰিছে । এই পাহাৰ শ্ৰেণীয়েই হৈছে বৰাইল পাহাৰ । বৰাইল পাহাৰৰ আন কিছুমান সৰু ঠাল – ঠেঙুলি নাগালেণ্ডৰ দক্ষিণ – পশ্চিমে অৱস্থিত ডিমাপুৰ আৰু কহিমা জিলাৰ পৰা ধনশিৰী নৈ পাৰ হৈ কাৰ্বি আংলং জিলাৰ দক্ষিণ আৰু দক্ষিণ পূর্ব অঞ্চলতাে প্রৱেশ কৰিছে । এই পাহাৰসমূহৰ উচ্চতা উত্তৰ কাছাৰ জিলাৰ দক্ষিণ মধ্য অঞ্চলত আটাইতকৈ বেছি ৰাইল পাহাৰ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক । বৰাইল পাহাৰ শিলাসমূহ অলিগ’চিন যুগ সেয়েহে এই পাহাৰৰ শিলাসমূহ কঠিন নহয় । 

৩৭। অসমৰ অন্যান্য উচ্চভূমিৰ তুলনাত বৰাইল পাহাৰত নদী ক্ষয়চক্র অধিক হােৱা কাৰণ দৰ্শোৱা । 

উত্তৰঃ বৰাইল পাহাৰৰ শিলাসমূহ ইয়চিন আৰু অলিগ’চিন যুগৰ । অর্থাৎ প্রায় ৩০-৪০ নিযুত বছৰৰ পূর্বে এই পাহাৰৰ উত্থান হৈছিল । সেয়ে এই পাহাৰৰ শিলাসমূহ দাক্ষিণাত্য মালভূমি শিলাৰ সমান কঠিন নহয় । তদুপৰি অসমৰ এইটো অঞ্চলত গৰম আৰু সেমেকা জলবা বিৰাজমান । সেয়েহে সমগ্র বৰাইল পাহাৰ অঞ্চলত নদীৰ ক্ষয়চক্র অত্যন্ত সক্রিয় । সেই কাৰনে , এই অঞ্চলত নদীৰ ক্ষয়চক্ৰৰ পৰিমাণ অধিক হােৱা দেখা যায় । 

৩৮। নদীৰ ক্ষয়চক্ৰৰ ফলত বৰাইল পাহাৰ অঞ্চলত সৃষ্টি হােৱা ভূ-অৱসমূহ কি কি ? 

উত্তৰঃ বৰাইল পাহাৰ অঞ্চলত নদীৰ ক্ষয়চক্ৰৰ ফলত সৃষ্টি হােৱা অৱয়ব সমূহৰ ভিতৰ থিয় ঢাল , গভীৰ উপত্যকা আৰু গিৰিখত আদিয়েই প্রধান । 

৩৯। ব্রহ্মপুত্র নদীৰ চাপৰিসমূহৰ বৈশিষ্ট্য কি ? 

উত্তৰঃ ব্ৰহ্মপুত্র নদীৰ বুকুত প্রায় ৬০০ টা মান চাপৰি আছে । ইয়াৰে কিছুমান চাপৰি কৃষিক্ষেত্ৰৰ উপৰিও স্থায়ী জনবসতিও দেখা যায় । আৰু বহুতাে চাপৰিৰ পৃষ্ঠভাগ নদীৰ উচ্চত বন্যাপৃষ্ঠৰ ওপৰত থকা দেখা যায় । 

৩৯। হিমালয়ভেদী নদীসমূহৰ বৈশিষ্ট্য কি ? 

উত্তৰঃ হিমালয়ভেদী নদীসমূহ বৃষ্টিপাতৰ উপৰিও বৰফগলা পানীৰে পুষ্ট । অতি তীক্ষ্ণ ঢালবিশিষ্ট এনেবােৰ নদী আন নদীসমূহৰ তুলনাত অধিক শক্তিশালী হয় । এই নদীসমূহ , হিমালয় পর্বতলানি খান্দি-কুৰুকি নিজৰ গতিপথ তৈয়াৰ কৰি লৈছে । এই নদীসমূহ বছৰৰ ১২ মাহেই পানীৰে পৰিপুষ্ট হৈ থাকে । 

৪১। বৰাক উপত্যকাৰ ভৌগলিক পৰিবেশৰ এটা টোকা লিখা । 

উত্তৰঃ বৰাক উপত্যকা বাংলাদেশৰ মাজেৰে আগুৱাই আহি ৯২° ৩০ পূর্ব দ্রাঘিমাৰ কাষৰীয়া অৱস্থানেদি অসম সােমাই কৰিমগঞ্জ , হাইলাকান্দি আৰু কাছাৰ জিলাৰ ভূ – ভাগ সামৰি লৈ মণিপুৰ সীমান্তৰে বৈ অহা বৰাক আৰু ইয়াৰ উপনৈ জিৰি পর্যন্ত বিস্তৃত হৈ আছে । এই উপত্যকাৰ উত্তৰে বৰাইল পাহাৰ , পূৱে মণিপুৰ উচ্চভূমি , দক্ষিণে মিজোৰাম পার্বত্যভূমি আৰু পশ্চিমে ভাৰত বাংলাদেশ আন্তর্জাতিক সীমান্তৰ সিপাৰে থকা উন্মুক্ত বাংলাদেশ সমতল । বৰাক উপত্যকাৰ ভৌগােলিক আয়তন ৬৯৬২ বর্গ কিঃমিঃ আৰু উচ্চতা ৫০-১০০ মিটাৰ ।

৪২। ব্ৰহ্মপুত্র নদীৰ তিনিটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ ব্রহ্মপুত্র নদীৰ তিনিটা বৈশিষ্ট্য হলঃ 

( ক ) জলপ্ৰৱাহৰ লেখেৰে আমাজান আৰু কংগােনদীৰ পাছতে ব্রহ্মপুত্ৰ পৃথিৱীৰ তৃতীয় বৃহৎ নদী । 

( খ ) জলপ্রবাহ আৰু খনন তথা পৰিবহণ ক্ষমতা অনুপাতে ব্রহ্মপুত্র নদীখনৰ দৈর্ঘ্য নিচেই কম ।

( গ ) ব্ৰহ্মপুত্ৰৰ উত্তৰ সীমা প্রায় সৰল ৰৈখিক হােৱাৰ বিপৰীতে দক্ষিণ সীমা অত্যন্ত একা বেকা ? 

৪৩। অসমত বৰষুণৰ বিতৰণ সম্পর্কে লিখা । 

উত্তৰঃ অসমত গড় হিচাপে বার্ষিক ২৩০ ছেন্টিমিটাৰকৈ বৰষুণ হয় । ইয়াৰে শীতকালত অর্থাৎ ডিচেম্বৰ – ফেব্ৰুৱাৰী মাহত ৬ ছেন্টিমিটাৰ , বসন্ত অর্থাৎ মার্চ – মে’ মাহত ৬৪ ছেন্টিমিটাৰ , বর্ষা কালত , অর্থাৎ জুন – ছেপ্তেম্বৰ মাহত ১৮৬ ছেণ্টিমিটাৰ আৰু অক্টোবৰ – নৱেম্বৰ মাহত ১৪ ছেণ্টিমিটাৰ বৃষ্টিপাত হয় । 

বার্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি সমগ্ৰ অসমত চাৰিটা বৃষ্টি বলয় পােৱা যায় । লক্ষীমপুৰ , ধেমাজী , ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি উজনি অসমৰ পূৱ সীমান্ত অঞ্চল ; নামনিৰ ব্রহ্মপুত্র উপত্যকাৰ কোকৰাঝাৰ আৰু চিৰাং জিলা আৰু বৰাক উপত্যকাৰ তিনিওখন জিলাত গড়ে বার্ষিক ৩০০ ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় । উজনি অসমৰ শিৱসাগৰ জিলাৰ পৰা নামনিৰ ধুবুৰী পর্যন্ত ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে বিস্তৃত সুবৃহৎ অঞ্চলটোত বার্ষিক বৃষ্টিপাত হৈছে ২০০-৩০০ ছেণ্টিমিটাৰ ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

৪৫। অসমৰ বায়ুমণ্ডলীয় উষ্ণতা সম্পকে এটি টোকা লিখা । 

উত্তৰঃ জুলাই আৰু আগষ্ট মাহৰ ভিতৰত একেলেঠাৰিয়ে সাত – আঠদিন বৃষ্টিহীন হৈ পৰা সময়ছােৱাতহে অসমৰ জলবায়বীয় পৰিবেশত বছৰটোৰ উধ্বর্তম উষ্ণতা অনুভৱ কৰা যায় । অৱস্থানভেদে একেটা বছৰৰ ভিন ভিন তাৰিখত এই উর্ধ্বতম উষ্ণতা উদ্ভৱ হয় । ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ক্ষেত্ৰত জুলাই আৰু আগষ্ট মাহৰ গঢ় বার্ষিক উর্ধ্বতম তাপমান ৩০° ৩৩° ছেলছিয়াছৰ ভিতৰত হােৱা দেখা যায় । অক্ষাংশজনিত কাৰণত ব্ৰহ্মপুত্ৰ উপত্যকাৰ তুলনাত বৰাক উপত্যকাৰ উষ্ণতা সামান্য বেছি হয় । ব্রহ্মপুত্র উপত্যকাৰ অন্তৰ্গত ধুবুৰী , তেজপুৰ আৰু ডিব্ৰুগড় চহৰৰ সর্বোচ্চ অভিলেখ তাপমান হৈছে যথাক্রমে ৩৭° , ৩৬° আৰু ৩৭° ছেলছিয়াচ । 

অসমৰ ভিন্ ভিন্ ঠাইত গড় বার্ষিক নূন্যতম উষ্ণতা ৮-১৫° ছেলছিয়াচ । আনহাতে , ধুবুৰী , তেজপুৰ আৰু ডিব্ৰুগড় চহৰত এই নুন্যতম উষ্ণতাৰ অভিলেখ হৈছে যথাক্রমে ৬° ৭°, আৰু ৮° ছেলছিয়াচ । অর্থাৎ , ব্ৰহ্মপুত্ৰ উপত্যকাত পূৱৰ পৰা পশ্চিম দিশলৈ শীতৰ প্রাবল্য ক্রমে বৃদ্ধি পায় । আনহাতে , বৰাক উপত্যকাৰ শীতকালীন উষ্ণতা ব্ৰহ্মপুত্ৰ উপত্যকাৰ তুলনাত প্রায় ২° ছেলছিয়াচ অধিক হােৱা দেখা যায় । 

চমু টোকা লিখা

৪৬। ডুৱার্স সমভূমি ।

উত্তৰঃ উত্তৰ – পূৱ ভাৰতৰ ভূ – ভাগক দেশৰ বাকী অংশৰ সৈতে উত্তৰ বংগৰ ভুৱার্স সমতলে সংযােগ কৰি ৰাখিছে । ভাৰতৰ চাৰিসীমাৰ ভিতৰত এই ডুৱার্স সমতলখন সাধাৰণভাৱে ১৮-৬০ কিল’মিটাৰ বহল । এই সমতলৰ গুৰুত্ব ভাৰতৰ উত্তৰ – পূৰ্বাঞ্চলৰ বাবে যথেষ্ট বেছি । কাৰণ এই সংকীর্ণ অঞ্চলক বাদ দি সমগ্ৰ উত্তৰ – পূর্বাঞ্চলক চীন , ভূটান, ম্যানমাৰ , বাংলাদেশ আদি বিদেশী ৰাষ্ট্ৰই আগুৰি আছে । 

৪৭। কার্বি মালভূমি ।

উত্তৰঃ কাৰ্বি মালভূমিৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে উত্তৰ কাছাৰৰ ভংগিল পর্বতমালা অৱস্থিত । এই মালভূমিৰ সর্বাধিক উচ্চতা হৈছে ১৩৬৩ মিটাৰ আৰু ই আয়তন প্রায় ৭৪০০ বর্গকিলােমিটাৰ । ঠিক মধ্যভাৰতৰ বিন্ধ্যা পর্বৰ উপৰিভাগৰ দৰেই কাৰ্বি মালভূমিৰ উপৰিভাগ প্রায় সমান ডামবাকচু আৰু সিংহাসন এলেকা দুটা কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতাত অৱস্থিত । কার্বি মালভূমি ভূ – আকৃতিক ভাৱে উপ – পর্বত সদৃশ । সেয়েহে , এই মালভূমিৰ পৰা ওলােৱা নৈসমূহ অপকেন্দ্রীক দিশত বৈ যােৱা দেখা যায় । 

৪৮। ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল ।

উত্তৰঃ অসমৰ উত্তৰ অংশত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত ব্ৰহ্মপুত্ৰ উপত্যকা সমভূমিখন ৰাজ্যৰ সর্ববৃহৎ ভূ – আকৃতিক অৱয়ব । এই সমভূমিৰ আয়তন ৫৮,৩১৫ বর্গ কিল’মিটাৰ অর্থাৎ সমগ্ৰ ৰাজ্যৰ প্ৰায় চাৰি ভাগৰ তিনি ভাগ । এই সমভূমিৰ দৈর্ঘ্য ৭২০ কিল’মিটাৰ আৰু প্রস্থ ঠায়ে ঠাযে ৩০-১০০ কিলােমিটাৰ । এই সমভূমিৰ উত্তৰে ভূটান আৰু অৰুণাচলৰ হিমালয় পর্বতমালা , পূৱ আৰু দক্ষিণ – পূৱে পূর্বাঞ্চল উচ্চভূমিৰ অন্তৰ্গত মিছিমি পাটকাই আৰু নগাপাহাৰ , দক্ষিণ সীমাত ৯৪° পূৱ দ্রাঘিমাৰ পৰা পশ্চিম দিশলৈ ক্রমে কার্বি আৰু মেঘালয় মালভূমি অৱস্থিত । ইয়াৰ পশ্চিমত আছে পশ্চিমবংগৰ ভুৱার্স সমভূমি । অসমৰ এই সমভূমি অঞ্চলক বিশ্বৰ ভিতৰতে অন্যতম নদীবহুল অঞ্চল বুলি জনা যায় । 

৪৯। বৰাক উপত্যকা ।

উত্তৰঃ বৰাক উপত্যকা বাংলাদেশৰ মাজেৰে আগুৱাই আহি ৯২° ৩০ পূর্ব দ্রাঘিমাৰ কাষৰীয়া অৱস্থানেদি অসম সােমাই কৰিমগঞ্জ , হাইলাকান্দি আৰু কাছাৰ জিলাৰ ভূ – ভাগ সামৰি লৈ মণিপুৰ সীমান্তৰে বৈ অহা বৰাক আৰু ইয়াৰ উপনৈ জিৰি পর্যন্ত বিস্তৃত হৈ আছে । এই উপত্যকাৰ উত্তৰে বৰাইল পাহাৰ , পূৱে মণিপুৰ উচ্চভূমি , দক্ষিণে মিজোৰাম পার্বত্যভূমি আৰু পশ্চিমে ভাৰত বাংলাদেশ আন্তর্জাতিক সীমান্তৰ সিপাৰে থকা উন্মুক্ত বাংলাদেশ সমতল । বৰাক উপত্যকাৰ ভৌগােলিক আয়তন ৬৯৬২ বর্গ কিঃমিঃ আৰু উচ্চতা ৫০-১০০ মিটাৰ । 

৫০। অসমৰ অধিক বৃষ্টিপাত অঞ্চল ।

উত্তৰঃ বার্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি সমগ্ৰ অসমত চাৰিটা বলয় পােৱা যায় । লক্ষিমপুৰ , ধেমাজী , ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি উজনি অসমৰ পূৱ সীমান্ত অঞ্চল , নামনিৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোকৰাঝাৰ আৰু চিৰাং জিলা আৰু বৰাক উপত্যকাৰ তিনিওখন জিলাতে গড়ে বার্ষিক ৩০০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় । উজনি অসমৰ শিৱসাগৰ জিলাৰ পৰা নামনিৰ ধুবুৰী পর্যন্ত ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে বিস্তৃত সুবৃহৎ অঞ্চলটোত বার্ষিক বৃষ্টিপাত হৈছে ২০০-৩০০ ছেণ্টিমিটাৰ । গােলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাসহ নগাঁও আৰু মৰিগাঁও জিলা হৈ কামৰূপ জিলাৰ মেঘালয় পাদদেশ পর্যন্ত ৰাজ্যখনৰ তৃতীয়টো বৃষ্টি বলয়ৰ বার্ষিক বৃষ্টিপাত ১৫০-২০০ ছেণ্টিমিটাৰ । এই তিনিটা বৃষ্টিবলয়ৰ তুলনাত চতুর্থটো বৃষ্টিবলয়ত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ মাত্র ১২৫-১৫০ ছেণ্টিমিটাৰ । 

৫১। ব্ৰহ্মপুত্ৰৰ মাজত থকা নদী দ্বীপটো । 

উত্তৰঃ ব্ৰহ্মপুত্র নদীৰ মাজত থকা দ্বীপটো হ’ল – মাজুলী । এইটো হৈছে পৃথিৱীৰ সর্ববৃহৎ নদীদ্বীপ । মাজুলীৰ আয়তন বর্তমান ৬৪৫ বর্গকিলােমিটাৰ । ১৯৯১ চনৰ লােকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১,৩৫,৩৭৮ জন আৰু ইয়াৰ গাঁৱৰ সংখ্যা ১৫৫ খন । যােৰহাট জিলাৰ অধীনত মাজুলী এটা মহকুমা । বানপানী আৰু গৰাখহনীয়াই প্রত্যেক বছৰে ইয়াৰ প্ৰচুৰ ক্ষতি কৰি আহিছে । বর্তমান সময়ত ইয়াক বিশ্ব ঐতিহ্য হিচাপে ঘােষণা কৰাৰ দাবী উঠিছে । 

৫২। বৰাকৰ উপনৈ সমূহ ।

উত্তৰঃ অসমৰ চাৰিসীমাৰ ভিতৰত বৰাক নদীৰ প্রধান প্রধান দক্ষিণবাহিনী উপনদীসমূহৰ ভিতৰত জিৰি , চিৰি মধুৰা , জাটিংগা আৰু লাৰাং আদি উল্লেখযােগ্য । ইফালে , সােণাই ধলেশ্বৰী আৰু কাটাখাল বৰাকৰ বাওঁপাৰাৰ উত্তৰবাহিনী উপনৈ । 

৫৩। ডিমা হাচাও জিলাত কিয় মহিলা জনসংখ্যা কম ? 

উত্তৰঃ উত্তৰ কাছাৰ পার্বত্য জিলাত ৰাজ্যখনৰ ভিতৰতে সর্বনিম্ন লিংগানুপাত পােৱা যায় । প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মাত্র ৮৮৪ গৰাকী নাৰীৰ বসতিস্থল এইখন জিলাত নিগাজী বাসিন্দাৰ তুলনাত অস্থায়ী বাসিন্দাৰ সংখ্যাই বেছি । জিলাখনৰ সৰু – সুৰা আর্থিক অথবা প্রশাসনীয় কাম-কাজসমূহত অন্যান্য অঞ্চলৰ পুৰুষ প্রব্রজক প্রাধান্যই জিলাখনত পুৰুষ অনুপাতে মুঠ নাৰী জনসংখ্যা কম হােৱাৰ কাৰণ । 

৫৪৷ অসমৰ স্বাক্ষৰতাৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ ২০০১ চনৰ জনগণনা অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ ৬৩.২৫ শতাংশ । এই মুঠ সাক্ষৰতাৰ পৰিসৰত পুৰুষ আৰু নাৰী সাক্ষৰতাৰ হাৰ আছিল যথাক্রমে ৭১.৯৩ % আৰু ৫৬.০৩ % ।পৰিতাপৰ কথা যে একেটা জনগণনাৰ ভিত্তিত সমগ্ৰ ভাৰতত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুঠ সাক্ষৰতা আৰু পুৰুষ সাক্ষৰতাৰ নিৰীখৰ তুলনাত অসমত অনুৰূপ সাক্ষৰতা হাৰ কিছু হলেও নিম্ন পর্যায়ত আছিল । অৱশ্যে নাৰী সাক্ষৰতাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰিসংখ্যাতকৈ অসমৰ স্থান কিছু ওপৰত আছিল । ১৯৯১-২০০১ চনৰ দশকত সৰ্বভাৰতীয় নিৰীখ ১৩.২৮ শতাংশ সাক্ষৰতাৰ বৃদ্ধি হাৰৰ বিপৰীতে অসমৰ সাক্ষৰতা বৃদ্ধি হাৰ আছিল ১০.৩৬ শতাংশহে । গতিকে সাক্ষৰতা বৃদ্ধিৰ গতিও অসমৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ তুলনাত মন্থৰ হােৱা দেখা যায় । 

৫৫। অসমত ৰেচম শিল্পৰ গুৰুত্ব সম্পর্কে লিখা । 

উত্তৰঃ আধুনিক যুগৰ অসমত প্ৰসাৰ লাভ কৰা সীমিত শিল্পখণ্ডসমূহৰ ভিতৰত ৰেচম শিল্পই ৰাজ্যখনৰ প্রাচীনতম বয়ন শিল্পৰ নমুনা বহন কৰি আছে । অসমৰ কুটীৰ শিল্পখণ্ডটোৰ ভিতৰত ৰেচমী সূতাৰ বয়ন শিল্পক বিশ্ববিখ্যাত বুলিব পাৰি । অসমৰ ন হাজাৰৰাে অধিক সংখ্যক গাঁৱক ৰেচম শিল্পকেন্দ্রিক অর্থনীতিৰ গাওঁৰূপে চিহ্নিত কৰা হৈছে । অসমত ভাৰতবৰ্ষৰ প্রায় ১০% পাট সূতা উৎপন্ন হয় । 

৫৬। অসমৰ বায়ুমণ্ডলীয় তাপমানৰ ওপৰত বতৰীয়া বৃষ্টিপাতৰ প্ৰভাৱ আলোচনা কৰা । 

উত্তৰঃ উত্তৰ ভাৰতৰ গ্ৰীষ্ম ঋতুৰ অনুৰূপ মে’ আৰু জুন মাহৰ কালছােৱাক অসমৰ গ্ৰীষ্ম ঋতু বুলিব নােৱাৰি । জুলাই আৰু আগষ্ট মাহৰ ভিতৰত একে লেথাৰিয়ে সাত – আঠ দিন বৃষ্টিহীন হৈ পৰা সময়ছােৱাতহে অসমৰ জলবায়বীয় পৰিৱেশত বছৰটোৰ উৰ্ধতম উষ্ণতা অনুভৱ হয় । অৱস্থানভেদে একেটা বছৰৰ ভিন ভিন তাৰিখত এই উর্ধ্বতম উষ্ণতা অনুভৱ হয় । বিভিন্ন বছৰত পােৱা উধ্বতম উষ্ণতা আকৌ বছৰটোত এপ্রিল – ছেপ্তেম্বৰ মাহৰ কালছােৱাত ঘটা বৃষ্টিপাতৰ ব্যস্তপাতত উঠা – নমা হয় । ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ক্ষেত্ৰত জুলাই আৰু আগষ্ট মাহৰ গড় বার্ষিক উর্ধ্বতম তাপমান ৩০° -৩৩° চেলচিয়াছৰ ভিতৰত হােৱা দেখা যায় । 

অসমৰ বিভিন্ন অৱস্থানত ভাৰতৰ অন্যান্য অঞ্চলসমূহৰ অনুৰূপ ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ কালছােৱাতে বছৰৰ নূন্যতম তাপমানৰ সৃষ্টি হয় । সূৰ্যৰ দক্ষিণায়নৰ পৰিপূৰক হিচাপে ভূমধ্য সাগৰীয় অস্থিৰতা কাৰকৰ ফলেত উদ্ভৱ হােৱা পাতলীয়া ৰষুণ আৰু মেঘাচ্ছন্ন আকাশৰ পৰিৱেশক অসমত বায়ুমণ্ডলীয় উষ্ণতাৰ সর্বাধিক পতনৰ কাৰণৰূপে চিহ্নিত কৰা হয় । সেয়েহে উপক্রান্তীয় গুৰুতাপী গাংগেয় জলবায়ু অঞ্চলৰ শুকান শীতৰ পৰিৱর্তে অসমত নুন্যতম উষ্ণতাৰ লগত সেমেকা ।

৫৭। চমুটোকাঃ 

( ক ) অসমৰ বৃষ্টিছায়া অঞ্চলসমূহ । 

উত্তৰঃ বার্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি সমগ্ৰ অসমত চাৰিটা বৃষ্টিবলয় পােৱা যায় । লখিমপুৰ , ধেমাজি , ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি উজনি অসমৰ পূব সীমান্ত অঞ্চল , নামনিৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোকৰাঝাৰ আৰু চিৰাং জিলা আৰু বৰাক উপত্যকাৰ তিনিওখন জিলাতে গড়ে বার্ষিক ৩০০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় । ইফালে উজনি অসমৰ শিৱসাগৰ জিলাৰ পৰা নামনিৰ ধুবুৰী পর্যন্ত ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে বিস্তৃত সুবৃহৎ অঞ্চলটোত বার্ষিক বৃষ্টিপাত হৈছে ২০০-৩০০ চেন্টিমিটাৰ । গােলাঘাট জিলাৰ ধনশিৰী মহকুমাৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাসহ নগাঁও আৰু মৰিগাঁও জিলা হৈ কামৰূপ জিলাৰ মেঘালয় পদাদেশ পর্যন্ত ৰাজ্যখন তৃতীয়টো বৃষ্টি বলয়ৰ বার্ষিক বৃষ্টিপাত ১৫০-২০০ চেন্টিমিটাৰ । এইটো বৃষ্টিবলয়ৰ মাজতে কাৰ্বি আংলঙৰ বােকাজান মহকুমাৰ পৰা একাদিক্রমে । ডিফু আৰু নগাঁও জিলাৰ লামডিং লংকা হােজাই এলেকাৰ মাজেৰে মেঘালয় মালভূমিৰ পূবপ্রান্তীয় বৃষ্টিছায়া অঞ্চলটোৰে গুৱাহাটীপর্যন্ত বিস্তৃত ৰাজ্যখনৰ চতুর্থটো বৃষ্টিবলয়ত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ১২৫-১৫০ চেন্টিমিটাৰ মাত্র । 

৫৮। অসমৰ মালভূমি অঞ্চলৰ বৈশিষ্ট্যৰবাৰৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ মেঘালয় মালভূমিখনেই মেঘালয় ৰাজ্যৰ ৰাজনৈতিক সীমা অতিক্রম কৰি আহি । অসমৰ ধনশিৰী নৈৰ দিশত আগবাঢ়ি থকা দেখা যায় । কপিলী আৰু কিছু উপনৈয়ে যুগ যুগ ধৰি কৰা খননৰ ফলত ৯৩° পূর্ব দ্রাঘিমা ৰেখাৰ ওচৰে পাজৰে এই মালভূমিখন দ্বিখণ্ডিত হৈ পৰিছে । ফলস্বৰূপে একেখন মালভূমিয়েই ধনশিৰী আৰু কপিলী নৈৰ মাজত কার্বি মালভূমি অথবা বেংমা পাহাৰ নামেৰে এটা স্তুপ পর্বত আকৃতিৰ অৱয়ব গঠন কৰিছে । এই মালভূমিৰ সর্বাধিক উচ্চতা ১৩৬৩ মিটাৰ আৰু আয়তন প্রায় ৭৪০০ বর্গ কিল’মিটাৰ । 

কার্বি মালভূমিৰ উপৰিভাগ প্রায় সমান । সেয়ে ইয়াৰ উপৰিভাগত কোনাে শৃংগ নাই । ডামবাকচু আৰু সিংহাসন এলেকা দুটা কার্বি মালভূমিৰ সর্বাধিক উচ্চতাত অৱস্থিত । কপিলীৰ পশ্চিমে অৱস্থিত কার্বি মালভূমিৰ বাকী অংশক হামৰেণ মালভূমি নামে জনা যায় । এই মালভূমিৰ আয়তন প্রায় ৩০০০ বর্গকিল’মিটাৰ । এই মালভূমিৰ গড় উচ্চতা ৩০০-৬০০ মিটাৰ । কার্বি মালভূমি ভূ আকৃতিকভাৱে স্তুপ পর্বত সদৃশ । সেয়েহে এই মালভূমিৰ পৰা ওলােৱা নৈসমূহ অপকেন্দ্রিক দিশত বৈ যােৱা দেখা যায় । 

৫৯৷ বৰাক উপত্যকাৰ পাহাৰ আৰু টিলাসমূহৰ বৈশিষ্ট্যবােৰ আলােচনা কৰা । 

উত্তৰঃ বৰাক উপত্যকা সমভূমিৰ উত্তৰে বৰাইল পাহাৰ , পূবে মণিপুৰ উচ্চভূমি , দক্ষিণে মিজোৰাম পার্বত্য ভূমি আৰু পশ্চিমে ভাৰত বাংলা আন্তর্জাতিক সীমান্তৰ সীপাৰৰ বাংলাদেশ সমতল । বৰাক উপত্যকাৰ দক্ষিণাংশত মিজো পাহাৰৰ ( মিজোৰাম ) পৰা আগুৱাই অহা কিছুমান উখিত ভূ – অৱয়ব উত্তৰ – দক্ষিণাকৈ শাৰী পাতি থকা দেখা যায় । এনে অৱয়বসমূহে চৌপাশৰ সমভূমি পৃষ্ঠতকৈ সচৰাচৰ ৫০ মিটাৰ মান ওখ । এই উপত্যকা সমতলখনৰ উত্তৰ আৰু পৃথক সীমান্ত অৱস্থানতাে কিছুমান টিলা সিচৰিত হৈ আছে । কিন্তু এই টিলাসমূহ ব্রহ্মপুত্র উপত্যকাত অৱস্থিত অনুৰূপ আকৃতিৰ টিলাৰ দৰে কঠিন শিলাৰে গঠিত নহয় । বৰঞ্চ এনেবােৰ টিলা ঘাইকৈ মাটি আৰু গােলাশ্মৰেহে গঠিত । বৰাক উপত্যকাৰ তিনিফালে ( উত্তৰ , পূব , দক্ষিণ ) অৱস্থিত পাহাৰসমূহ সমভূমিক্ষেত্ৰত সীমাৰ পৰা থিয় চালেৰে উঠি যােৱা ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top