Class 12 Geography Unit 10 জনবসতিৰ প্ৰকাৰ

Class 12 Geography Unit 10 জনবসতিৰ প্ৰকাৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 10 জনবসতিৰ প্ৰকাৰ and select needs one.

Class 12 Geography Unit 10 জনবসতিৰ প্ৰকাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 10 জনবসতিৰ প্ৰকাৰ Solutions for All Subject, You can practice these here…

জনবসতিৰ প্ৰকাৰ

অধ্যায় – ১০

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। ১৯৯১ চনৰ লােকপিয়ল অনুসৰি তলৰ কোনটো ভাৰতবৰ্ষৰ পৌৰ জনবসতিৰ বাবে অপৰিহাৰ্য্য অৱস্থা ? 

( i ) প্রতি বর্গ কিল’মিটাৰত জনসংখ্যা ঘনত্ব ৪০০ জন । 

( ii ) মুঠ জনসংখ্যাৰ পৰিমাণ ১০০০ জন ।

( iii ) অনা – কৃষকৰ সংখ্যা মুঠ জনসংখ্যাৰ ৯০ শতাংশ । আৰু

( iv ) ঔদ্যোগিক কৰ্মীৰ সংখ্যা মুঠ জনসংখ্যাৰ ৫০ শতাংশ ।

উত্তৰঃ ( i ) প্রতি বর্গ কিল’মিটাৰত জনসংখ্যা ঘনত্ব ৪০০ জন । 

২। ৰাস্তা , নদী বা জলসিঞ্চনৰ নলাৰ দুয়ােপাৰে গঢ়ি উঠা জনবসতিক কোৱা হয় 

( i ) বর্গক্ষেত্র আকৃতিৰ ।

( ii ) ঘূৰণীয়া আকৃতিৰ ।

( iii ) ৰৈখিক আকৃতিৰ । আৰু

( iv ) বিৰল আকৃতিৰ ।

উত্তৰঃ ( iii ) ৰৈখিক আকৃতিৰ । 

৩। পৃথিৱীৰ প্রাচীনতম পৌৰ বসতি স্থাপন হৈছিল— 

( i ) নীল নদীৰ পাৰত ।

( ii ) হােৱাংহাে নদীৰ পাৰত ।

( iii ) ইউফ্রেটিচ আৰু টাইগ্রিচ নদীৰ পাৰত । আৰু

( iv ) সিন্ধু উপত্যকাত ।

উত্তৰঃ ( iv ) সিন্ধু উপত্যকাত ।

৪। গ্রাম্য বসতি অঞ্চলত প্রাধান্য বিস্তাৰ কৰা আর্থিক কাম – কাজবোৰ 

( i ) প্রাথমিক খণ্ডৰ ।

( ii ) দ্বিতীয় খণ্ডৰ ।

( iii ) তৃতীয় খণ্ডৰ । আৰু

( iv ) চতুর্থ খণ্ডৰ ।

উত্তৰঃ ( i ) প্রাথমিক খণ্ডৰ ।

৫। জনবসতিৰ সংজ্ঞা দিয়া । 

উত্তৰঃ একোটা পৰিয়াল অথবা পাৰস্পৰিক সম্পর্কযুক্ত কিছুসংখ্যক মানুহে একেলগে বাস কৰা কাৰ্যক জনবসতি বােলে । 

৬। জনবসতিৰ প্ৰধান ভাগ দুটা কি কি ? 

উত্তৰঃ জনবসতিৰ প্ৰধান ভাগ দুটা হলঃ 

( ক ) গ্রাম্য বসতি । আৰু 

( খ ) পৌৰ বসতি ।

৭। কেন্দ্রীভূত বসতি মানে কি ? 

উত্তৰঃ বহু সংখ্যক আবাস গৃহ একে ঠাইতে প্রায় গাতে গা লগাকৈ গঢ়ি উঠা বসতিক কেন্দ্রীভূত বসতি বােলে । 

৮। ক’ত কেন্দ্রীভূত জনবসতি বেছি হয় ? 

উত্তৰঃ উৰ্বৰ নদী – উপত্যকা অঞ্চল আৰু প্ৰায়বােৰ চহৰৰ আবাসিক এলেকাত কেন্দ্রীভূত বসতি দেখা যায় । কৃষি ভিন্ন যিকোনাে উমৈহতীয়া জীৱিকাক আশ্রয় কৰি এনেকুৱা কেন্দ্রীভূত গ্রাম্য বসতি পােৱা যায় । 

৯। কেন্দ্রীভূত জনবসতিৰ দুটা প্রধান বৈশিষ্ট্য কি ? 

উত্তৰঃ কেন্দ্রীভূত বসতিৰ বৈশিষ্ট্যঃ 

( ক ) কেন্দ্রীভূত বসতিত বহুসংখ্যক আবাস গৃহ একে ঠাইতে প্রায় গাতে গা লগাকৈ গঢ়ি উঠে । 

( খ ) কৃষি ভিন্ন যিকোনাে উমৈহতীয়া জীৱিকাক আশ্ৰয় কৰি এনে বসতি গঢ় লৈ উঠে । 

১০। বিৰল বসতি বুলিলে কি বুজা ? 

উত্তৰঃ ভুমিৰ উৎপাদিকা শক্তি নিম্নমানৰ হ’লে অথবা বাসযােগ্য ভূমি খণ্ডবােৰ দূৰে দূৰে সিচৰিত হৈ থকা পৰিবেশত গ্রাম্য পৰিসৰৰ কিছুমান বসতিয়ে গঢ় লয় । এনে বসতিকে বিৰল বসতি বােলে । 

১১। চহৰ পুঞ্জৰ সংজ্ঞা দিয়া । 

উত্তৰঃ পৌৰ বিজ্ঞানী পেট্রিক গেডছৰ মতে , ওচৰা – উচৰিকৈ থকা মূলতঃ পৃথক নগৰ ৰূপে গঢ় লােৱা কেইবাখনাে নগৰ অথবা মহানগৰ একাকাৰ হৈ সৃষ্টি কৰা পৌৰ গােটক চহৰপুঞ্জ বােলা হয় । 

১২। মেগাল’পলিচ বুলিলে কি বুজা ? 

উত্তৰঃ মেগাল’পলিচ শব্দই ক্রমাগতভাৱে বৃদ্ধিপ্রাপ্ত বৃহৎ মহানগৰক বুজায় । 

১৩। বিৰল বসতিত বাসস্থানসমূহ কেনেদৰে গঢ় লয় ? 

উত্তৰঃ বিৰল বসতিত বাসস্থানসমূহ দূৰে দূৰে সিৰ্চৰিত হৈ থাকে । 

চমু উত্তৰৰ প্রশ্ন

১৪। গ্রাম্য বসতিৰ মূখ্য বৈশিষ্ট্যসমূহ বিতংভাৱে আলােচনা কৰা । 

উত্তৰঃ ঘাইকৈ প্রাথমিক খণ্ডৰ জীৱিকাৰ লগত জড়িত লােকসকলক কেন্দ্ৰ কৰি বিস্তাৰ লাভ কৰাৰ কাৰণে গ্রাম্য বসতিৰ ওপৰত ভূমিৰ অৱস্থান আৰু গুণাগুণৰ প্ৰভাৱ সুস্পষ্ট হৈ থাকে । কৃষি , পশুপালন , মাছ ধৰা , বন্য সম্পদ সংগ্রহ প্রভৃতি কামকাজবােৰ অব্যাহত গতিত চলাই নিয়াৰ উদ্দেশ্যে ক্ষুদ্র ভূমিতকৈ আপেক্ষিকভাৱে বিশাল ক্ষেত্ৰ একোখনহে পৰিয়াল এটা পােহপাল নিয়াৰ বাবে উপযােগী হয় । সেয়ে গ্রাম্য বসতিৰ গােটবােৰ তুলনামূলক ভাৱে সৰু হয়। ।

পানীৰ উৎসসমূহ গ্রাম্য বসতি বিস্তাৰণৰ উল্লেখযােগ্য কাৰক বুলিব পাৰি । নদী , বিল , হ্রদ , নিজৰা প্রভৃতি ব্যৱহাৰযােগ্য পানীৰ জলাশয়সমূহৰ পাৰে পাৰে গ্ৰাম্য বসতি গঢ় লৈ উঠে । 

প্রাথমিক খণ্ডৰ জীৱিকাসমূহৰ ভিতৰত কৃষিকার্য আটাইতকৈ সুবিধাজনক বৃত্তি । সেয়েহে , নদী উপত্যকা অথবা আন যিকোনাে অৱস্থানৰ জীপাল – সাৰুৱা মাটিৰ বিস্তীর্ণ এলেকাবােৰ গ্রাম্য বসতিৰ ঘাই অঞ্চল ৰূপে যুগ যুগ ধৰি চিনাক্ত হৈ আহিছে । 

গৃহ নির্মাণৰ বাবে প্রয়ােজনীয় প্রাকৃতিক ক্ষেত্ৰত উৎপন্ন হােৱা সামগ্রীৰ উপলব্ধতায়াে অনেক সময় গ্রাম্য বসতিৰ অৱস্থান নির্ধাৰণ কৰে । 

গ্রাম্য বসতিৰ লােকসকল কৃষি , মীন , পশুপালন , অৰণ্য আৰু খনি প্রভৃতি প্রাথমিক পর্যায়ৰ আর্থিক কাম – কাজৰ লগত জড়িত । এওঁলােক অর্থনৈতিক কাম-কাজ বহুদূৰলৈকে প্রাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল । 

১৫। নগৰ আৰু মহানগৰক শ্রেণী বিভাজন কৰি দেখুওৱা । 

উত্তৰঃ জনসংখ্যাৰ আকাৰ আৰু কাৰ্যৰ পৰিসৰৰ ভিত্তিত নগৰ মহানগৰ সমূহক ভালেমান শ্ৰেণীত বিভক্ত কৰা হয় । ইয়াৰ ভিতৰত আটাইতকৈ কম জনসংখ্যা আৰু সীমিত প্রকার্যত পৌৰ এলেকাবােৰক নগৰ বােলা হয় । এনে এখন নগৰৰ জনসংখ্যা এক লাখতকৈ কম আৰু এনে নগৰসমূহত শিল্প বাণিজ্য অথবা আন ধৰণৰ তৃতীয়ক আৰু উচ্চতৰ শ্ৰেণীৰ কামকাজৰ পৰিসৰৰ অতিশয় সীমিত । ভাৰতৰ মানক অনুসৰি এক লাখৰ অধিক জনসংখ্যা বিশিষ্ট পৌৰ গােট এটাক মহানগৰ আখ্যা দিয়া হয় । এনেবােৰ মহানগৰ সচৰাচৰ উদ্যোগ , বাণিজ্য , পৰিবহণ , শিক্ষা , প্রশাসন , চিকিৎসা , বিত্তীয় প্রতিষ্ঠান আদিৰো কেন্দ্রস্থলত পৰিণত হয় । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

দীঘল প্রশ্নৰ উত্তৰ

 ১৬৷ গ্রাম্য বসতিৰ প্ৰতিৰূপৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ গ্ৰাম্য পৰিবেশত গঢ় লৈ উঠা জনবসতিবােৰৰ আৰ্হি সকলাে ঠাইতে এক নহয় । গ্রাম্য বসতিৰ প্ৰতিৰূপ কেইবাটাও আধাৰৰ ভিত্তিত বিচাৰ কৰা হয় । 

( ক ) অৱস্থানিক আধাৰ :- গাওঁসমূহক প্রাথমিক প্রাকৃতিক পৰিবেশৰ অৱস্থান ভিত্তিক সমভূমিৰ গাওঁ । মালভূমিৰ গাওঁ , উপকূল ভূমিৰ গাওঁ, মৰুভূমিৰ গাওঁ , অৰণ্যভূমিৰ গাওঁ প্রভৃতি শ্ৰেণীত বিভক্ত কৰিব পাৰি । 

( খ ) প্রকার্য আধাৰ :- গাওঁবাসীৰ প্ৰধান জীৱিকা বৃত্তিৰ আধাৰত গাওঁসমূহক কৃষিকেন্দ্রীক গাওঁ , মাছমৰীয়া গাওঁ , পশুপালক গাওঁ , সােণাৰী গাওঁ , কুমাৰ গাওঁ প্রভৃতি শ্ৰেণীত বিভক্ত কৰিব পাৰি । 

( গ ) বসতিৰ জ্যামিতিক আকৃতিঃ বসতি গৃহৰ অৱস্থানৰ পৰা উদ্ভৱ হােৱা বসতি এলেকাৰ জ্যামিতিক প্রতিৰূপৰ প্রতি লক্ষ্য ৰাখি গ্রামাঞ্চল সমূহক তলত দিয়াৰ দৰে বিভক্ত কৰিব পাৰিঃ 

১। ৰৈখিক বসতিঃ নদীৰ পাৰে পাৰে অথবা একোটা অকলশৰীয়া ৰাস্তাৰ দুয়ােকাষে দীঘলীয়া শাৰী পাতি থকা বাসগৃহৰ গ্ৰাম্য বসতিক ৰৈখিক বসতি বােলে । 

২। চক্ৰকাৰ বসতিঃ পর্বত শৃংগ , মালভূমি আৰু কিছুমান জলাশয়ৰ চাৰিওকাষে বাসগৃহ নির্মাণৰ ফলত বাসগৃহৰ শাৰীটোৱে একোটা উপবৃত্তৰ আৰ্হি লয় । এনে আৰ্হিৰ বসতিক চক্রাকাৰ বসতি বােলে । 

৩। বগাকৃতিক বসতিঃ বর্গাকৃতিক পুখুৰী প্রভৃতি অবয়ৱৰ চাৰিওকাষে অথবা চাৰি আলি প্রভৃতিক কেন্দ্ৰ কৰি বর্গাকৃতিক গ্রাম্যবসতি গঢ়ি উঠে । 

৪। কেন্দ্রীভূত বসতিঃ গ্ৰাম্যাঞ্চলত বসবাসৰ উপযুক্ত মাটি সীমিত হ’লে সমুদায় গাওঁবাসী পৰস্পৰ লগালগি অৱস্থানত ঘৰ সাজি বসবাস কৰে । এনে বসতিক কেন্দ্রীভূতবসতি বােলে । 

৫। তাৰকাকৃতিক বসতিঃ একোখন পুৰণি গাঁৱক কেন্দ্ৰ কৰি কেইবাটাও দিশত ৰৈখিক ভাৱে নতুনকৈ বসতি সম্প্ৰসাৰণ ঘটি তাৰকাকৃতিক বসতি গঠন কৰে । 

৬। বিৰল বসতি :-  ভূমিৰ উৎপাদিকা শক্তি নিম্নমানৰ হােৱা অৱস্থাত একোখন গাঁৱত ওচৰা – ওচৰিকৈ বহুসংখ্যক মানুহ বসবাস কৰি আর্থিক স্বচ্ছলতা বজাই ৰাখিব নােৱাৰে । এনে পৰিবেশত দুই – তিনি ঘৰ মানুহৰ একোটা ক্ষুদ্র বসতি গােট বহুত দূৰে দূৰে গঢ় লােৱাত বিৰল বসতিৰ সৃষ্টি হয় । 

১৭। গ্রাম্য বসতি বুলিলে কি বুজা ? গ্রাম্য বসতিৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ সাধাৰণতে গাঁৱৰ পৰিবেশত গঢ় লৈ উঠা জনবসতিকে গ্রাম্য বসতি বােলে । কৃষি , মীনপালন , অৰণ্য আৰু খনি প্রভৃতি প্রাথমিক পর্যায়ৰ আর্থিক কাম – কাজৰ লগত জড়িত লােকসকল ঘাইকৈ গ্রামাঞ্চলৰ বাসিন্দা । গ্রামাঞ্চলৰ লােকসকলৰ আর্থিক কাম – কাজ বহুদূৰলৈকে প্রাকৃতিক পৰিবেশৰ ওপৰত নিৰ্ভৰশীল । 

১৮। পৌৰ প্ৰকাৰ্য্য বুলিলে কি বুজা আলােচনা কৰা । 

উত্তৰঃ চহৰসমূহত পৰিচালনা কৰা বৌদ্ধিক কাম – কাজৰ সমষ্টিকেই সাধাৰণ অৰ্থত পৌৰ প্রকার্য বােলে । শিল্প উদ্যোগ , বাণিজ্য , পৰিবহণ , যােগাযােগ , চিকিৎসা , প্রশাসন , শিক্ষা তথা গৱেষণা , বিজুলী যােগান, পানী যােগান , পর্যটন , উন্নয়ন প্রভৃতি বহু ধৰণৰ কাম-কাজ পৰিচালনাৰ কক্ষসমূহ পৌৰ এলেকাবােৰত ঘূপীকৃত হৈ থকা দেখা যায় । পৌৰ এলেকাৰ অধিকাংশ বাসিন্দাই শিল্প উদ্যোগ , বিভিন্ন প্ৰকাৰৰ সেৱা অথবা গৱেষণা , উদ্ভাৱনা প্রভৃতি কাম – কাজৰ লগতহে পােনপটীয়াকৈ জড়িত হৈ থাকে । অর্থাৎ প্রাথমিক খণ্ডৰ কাম-কাজৰ পৰিৱর্তে দ্বিতীয়ক , তৃতীয়ক আৰু চতুর্থক খণ্ডৰ কাম-কাজসমূহহে পৌৰ প্ৰকাৰ্যৰ অন্তৰ্গত হয় । একোখন চহৰত কেন্দ্রীভূত হােৱা শিল্প উদ্যোগ আৰু বিভিন্ন লক্ষণৰ সেৱাসমূহৰ সামগ্রিক কার্য সম্পাদনক চহৰখনৰ পৌৰ প্ৰকার্য বােলে ।

১৯। প্রকাৰ্যৰ ভিত্তিত নগৰসমূহক শ্রেণী বিভাজন কৰা । 

উত্তৰঃ চহৰসমূহক প্রকাৰ্যৰ ভিত্তিত তলত দিয়া ধৰণে শ্রেণীবিভাজন কৰিব পাৰিঃ 

( ক ) প্রশাসনিক চহৰঃ নতুন দিল্লী , চণ্ডীগড় , পানাজী , ভুবনেশ্বৰ , ৱাশিংটন প্রভৃতি চহৰসমূহৰ 

পৌৰ প্রকার্য প্রধানভাৱে ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পর্যায়ৰ শাসন ব্যৱস্থাৰ লগত জড়িত চহৰ সমূহক প্রশাসনিক চহৰ বােলে । 

( খ ) ঔদ্যোগিক চহৰঃ জাপানৰ য়াকোহামা , নাগাছাকি প্রভৃতি ভাৰতৰ টাটানগৰ , দুর্গাপুৰ প্রভৃতি তীখানগৰ সমূহ অথবা মহাৰাষ্ট্রৰ আকোলা , শোলাপুৰ প্ৰভৃতি বস্ত্ৰ উদ্যোগৰ কেন্দ্ৰসমূহ এই শ্ৰেণীত পৰে । 

( গ ) বাণিজ্যিক চহৰঃ ছিংগাপুৰ , এডেন , মুম্বাই প্রভৃতি আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বাণিজ্যিক কেন্দ্ৰসমূহৰ পৰা আৰম্ভ কৰি উত্তৰ বংগৰ শিলিগুৰি, অথবা নাগালেণ্ডৰ ডিমাপুৰ প্রভৃতি চহৰসমূহৰ প্ৰধান পৌৰ প্ৰকার্য বাণিজ্যিক লেনদেন । 

( ঘ ) পৰিবহণকেন্দ্রীক চহৰঃ মােগলচৰাই , নাগপুৰ , কেপটাউন , আলেকজেণ্ডিয়া প্রভৃতি চহৰসমূহ একাধিক স্থলপথৰ সংযােগ স্থানত অথবা বিশিষ্ট বন্দৰগাহ অৱস্থানত গঢ় লােৱা হেতুকে এইসমূহ চহৰৰ প্ৰকাৰ্যও পৰিবহণ সেৱাৰ লগত সম্পর্ক জড়িত হােৱা দেখা যায় ।

( ঙ ) সাংস্কৃতিক চহৰঃ প্রধানভাৱে ধর্মীয় চিন্তা – চৰ্চাৰ কেন্দ্ৰসমূহ আৰু আন কিছুমান ব্যতিক্রমী সাংস্কৃতিক মণ্ডলৰ কেন্দ্ৰত গঢ়ি উঠা এই শ্ৰেণীৰ চহৰসমূহৰ প্রধান প্রকার্য হৈছে সংশ্লিষ্ট সংস্কৃতিৰ ৰক্ষণা বেক্ষণ আৰু পৰিবেশন । ভেটিকান চিটি , জেৰুজালেম , অমৃতসৰ প্ৰভৃতি চহৰ এই শ্ৰেণীৰ অন্তৰ্গত । 

( চ ) পর্যটন চহৰঃ সাংস্কৃতিক অথবা প্রাকৃতিক পৰিবেশ সৃষ্ট আকষর্ণৰ ফলত নিয়মীয়াকৈ বহুসংখ্যক পর্যটকৰ সমাৱেশ ঘটাৰ ফলত যিকোনাে শ্রেণীৰ চহৰ একোখনৰে পূৰ্বৰ প্ৰকাৰ্যসমূহ ক্ৰমে গৌণ হৈ পৰ্যটকৰ সা – সুবিধা বৃদ্ধিয়েই প্রধান প্রকার্য হৈ উঠে । শ্রীনগৰ , দার্জিলিং প্রভৃতি চহৰ এই শ্রেণীৰ অন্তৰ্গত । ওপৰত উল্লেখ কৰা শ্রেণীবিভাজনৰ উপৰিও শিক্ষা আৰু প্ৰতিৰক্ষা প্রভৃতি প্রকাৰ্যৰ লগত জড়িত কাম – কাজক প্রাথমিক প্রকার্য ৰূপে লৈও কিছুমান চহৰ গঢ় লৈ উঠা দেখা যায় । 

২০। উন্নয়নশীল ৰাষ্ট্রৰ জনবসতিৰ সমস্যাসমূহ আলােচনা কৰা ।

উত্তৰঃ উন্নয়নশীল দেশসমূহত জনবসতিৰ ক্ষেত্ৰত অর্থনৈতিক , সামাজিক , নৈসর্গিক প্রভৃতি সমস্যাই দেখা দিয়ে । তলত এইবােৰৰ বিষয়ে আলােচনা কৰা হলঃ

( ক ) অর্থনৈতিক সমস্যা :- গ্রামাঞ্চলৰ ঘাইকৈ প্রাথমিক খণ্ডত নিযুক্তিহীন হৈ পৰা অধিকাংশ লােকেই নিযুক্তিৰ আশাত চহৰমুখী হয় । গ্রামাঞ্চলৰ পৰা প্ৰব্ৰজন কৰা এই সকল চহৰমুখী লােক অপ্রশিক্ষিত অথবা অর্ধ প্রশিক্ষিত পর্যায়ৰ শ্রমিক শ্রেণীতহে পৰে । প্ৰতিখন জনবহুল চহৰতে এনে অপ্রশিক্ষিত শ্রেণীৰ শ্ৰমিকৰ নিয়ােগৰ সম্ভাৱনা নােহােৱাত এক নতুন সমস্যাৰ সৃষ্টি হয় । শ্ৰমিকৰ যােগান আৰু চাহিদাৰ ভাৰসাম্যহীন অৱস্থাত শ্ৰমিকসকল প্রাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ পৰিছে । 

( খ ) সমাজ সাংস্কৃতিক সমস্যা :- উন্নয়নশীল দেশসমূহত জনসংখ্যাৰ অহৰহ বৃদ্ধি অনুপাতে উপযুক্ত পৰিসৰৰ সামাজিক অৱস্থাপক সেৱাসমূহ সম্প্ৰসাৰণৰ উদ্দেশ্যে পুঁজিৰ অভাৱ ঘটাৰ পৰাই এনে সমস্যাবােৰ উদয় হােৱা যেন লাগে । এনে মহানগৰ এখনত উপলব্ধ শিক্ষা , স্বাস্থ্য , পানী যােগান , বিজুলীৰ লগতে শৌচাগাৰ অথবা স্নানাগাৰ পৰ্যায়ৰ নূন্যতম সুবিধাসমূহেও ইয়াৰ নিঃকিন বাসিন্দা শ্রেণীক ঢুকি নাপায় । এনে দেশসমূহত উপযুক্ত শিক্ষা আৰু যতনৰ অভাৱত উঠি অহা প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতাও অতি বেছি । মহিলাৰ অনুপাতত পুৰুষৰ প্ৰব্ৰজন অধিক হােৱাত লিংগ বৈষম্যকে ধৰি আন – এলানি সামাজিক সমস্যাৰ উদ্ভৱ হয় । 

( গ ) নৈসর্গিক সমস্যা :- বৃহৎ জনপুঞ্জ একোটাই কেৱল মাত্র বৃহৎ পৰিমাণৰ সম্পদ উপভােগ কৰিয়েই ক্ষান্ত নাথাকে । এই উপভােগ কৰা দ্রব্যবােৰৰ কম বেছি পৰিমাণৰ দূষিত পদার্থসহ নানা ধৰণৰ অপদ্রব্য তেওঁলােকে একেটা পটভূমিতে ত্যাগ কৰাৰ গত্যন্তৰাে নাই । সেয়েহে এনে পৰিবেশত নানা তৰহৰ প্ৰদূষক দ্রব্যৰ পৰিমাণে ক্রমশঃ বৃদ্ধি পাই আহিছে । এনেবােৰ প্ৰদূষক দ্ৰব্যৰ ভিতৰত চিচা , প্লাষ্টিক , নানাবিধ অনাৱশ্যকীয় ধাতুৰ সামগ্ৰী , ৰাসায়নিক দ্রব্য প্রভৃতি ভালেমান অজৈৱ বিঘটনীয় দ্রব্যৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাই অহাটো নিতান্তই উদ্বেগজনক । যানবাহন , যন্ত্রপাতি , বাণিজ্যিক প্রতিষ্ঠান প্রভৃতিৰ পৰা নিৰ্গত অপদ্রব্য সমূহৰ দ্বাৰা বায়ু , পানী আৰু মাটিৰ প্ৰদূষণ হােৱাৰ লগতে ইয়াৰ ফলােৱ আন কিছুমান সমস্যাৰ সৃষ্টি হােৱা দেখা যায় । 

উন্নয়নশীল দেশৰ প্ৰতিখন চহৰতে ঘৰুৱা , বাণিজ্যিক অথবা উদ্যোগ ক্ষেত্ৰত ব্যৱহাৰৰ উদ্দেশ্যে অপর্যাপ্ত পৰিমাণে যথােচিত মানদণ্ডৰ পানী পােৱা নাযায় । দোষপূর্ণ জল নিষ্কাষন ব্যৱস্থাৰ হেতু এনেবােৰ এলেকাৰ পৃষ্ঠজল আৰু ভূগভীয় জলভাণ্ডাৰ প্ৰদূষণ গ্রস্ত হয় । 

২১। মানৱীৰ বসতিৰ অধ্যয়ন কিয় মানৱ ভূগােলৰ বুনিয়াদ ? 

উত্তৰঃ ভূগােলত জনবসতি মানে ওচৰা ওচৰিকৈ থকা বাসগৃহ সমূহৰ এনে একোটা অৱস্থানিক , জ্যামিতিক আৰু প্ৰকার্যগত চৰিত্ৰৰ সামগ্রিক প্রতিৰূপক বুজায় । বাসগৃহৰ সমষ্টি অথবা আবাদী অঞ্চলসমূহে মুঠ স্থলপৃষ্ঠৰ নগন্য পৰিসৰ এটাহে অধিকাৰ কৰিছে । কিন্তু এই আৱাস ভূমিক কেন্দ্ৰ কৰিয়েই , অর্থাৎ বাসস্থান সমূহত থিতাপি লৈয়ে ই মানৱ জাতিয়ে তেওঁলােকৰ জৈৱিক আৰু বৌদ্ধিক কর্মকাণ্ড পৰিচালনা কৰি আহিছে । সেয়ে মানৱীয় বসতিৰ অধ্যয়নক মানৱ ভূগােলৰ বুনিয়াদ বুলিব পাৰি । 

২২। আয়তক্ষেত্রাকাৰ বসতিৰ আহিটো আলােচনা কৰা । 

উত্তৰঃ চাৰিআলি অথবা আয়তাকাৰ পুখুৰী প্রভৃতিক কেন্দ্ৰ কৰি গঢ়ি উঠা বসতিৰ প্রতিপক আয়তক্ষেত্রাকাৰ বসতি বােলা হয় । এনে বসতি সাধাৰণতে গ্রামাঞ্চলত দেখা যায় । 

২৩। গ্রাম্য বসতিৰ আৰ্হিটো আলােচনা কৰা । 

উত্তৰঃ ঘাইকৈ প্রাথমিক খণ্ডৰ জীৱিকাৰ লগত জড়িত লােকসকল কেন্দ্ৰ কৰি বিস্তাৰ লাভ কৰাৰ কাৰণে গ্রাম্য বসতিৰ ওপৰত ভূমিৰ অৱস্থান আৰু গুণাগুণৰ প্ৰভাৱ সুস্পষ্ট হৈ থাকে । পানীৰ উৎসসমূহ গ্রাম্য বসতি বিস্তাৰ উল্লেখযােগ্য কাৰক বুলিব পাৰি । নদী , বিল , হ্রদ , নিজৰা প্রভৃতি ব্যৱহাৰযােগ্য পানীৰ জলাশয়সমূহৰ পাৰে পাৰে গ্ৰাম্য বসতি গঢ়ি উঠে । প্রাথমিক খণ্ডৰ জীৱিকাসমূহৰ ভিতৰত কৃষিকার্য আটাইতকৈ সুবিধাজনক বৃত্তি । সেয়েহে নদী উপত্যকা বা আন যিকোনাে অৱস্থানৰ জীপাল সাৰুৱা মাটিৰ বিস্তীর্ণ এলেকাবােৰ গ্ৰাম্য বসতিৰ ঘাই অঞ্চল ৰূপে যুগ যুগ ধৰি চিনাক্ত হৈ আহিছে । গৃহ নির্মাণৰ বাবে প্রয়ােজনীয় প্রাকৃতিক ক্ষেত্ৰত উৎপন্ন হােৱা সামগ্ৰীৰ উপলব্ধতায়ো অনেক সময়ত গ্রাম্য বসতিৰ অৱস্থান নির্ধাৰণ কৰে । 

প্ৰতিৰক্ষাৰ খাতিৰত বহুধৰণৰ জনবসতি পাহাৰ ৰচূড়া ইনচেলবার্গ প্রভৃতি অৱস্থানত গঢ় লয় । সাধাৰণতে সীমাৱদ্ধতা সম্পদৰ অঞ্চলবােৰত চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি যুঁজ বাগৰলৈকে বিভিন্ন পর্যায়ৰ মনোমালিন্যও বৃদ্ধি পায় । এনে এক পৰিৱেশত নিৰাপত্তা হৈছে বাসস্থানসমূহৰ অধিকাৰযােগ্য প্রয়ােজন । গতিকে , এই নিৰাপত্তা অথবা প্ৰতিৰক্ষাৰ খাতিৰতেই সীমিত সম্পদ সমৃদ্ধ মৰুভূমি , মালভূমি অথবা পার্বত্যভূমি এলেকাবােৰত উচ্চভূমিৰ চূড়া অবস্থানত জনবসতি গঢ় লয় । কিছুমান ক্ষেত্ৰত চৰকাৰী পৃষ্ঠপােষকতাত পৰিকল্পিতভাৱে কিছুমান গ্রাম্য বসতি গঢ়ি তােলা হয় । বিভিন্ন ৰাজনৈতিক আৰু অর্থনৈতিক কাৰণত পূর্বতে এৰাপৰলীয়া বুলি বিবেচিত অঞ্চল কিছুমানত চৰকাৰী উদ্যোগত আর্থ – সাংস্কৃতিক সম্ভাৱনা সৃষ্টি কৰাৰ সমান্তৰালভাৱে পৰিকল্পিত আহিত গঢ়ি তােলা এনেবােৰ বসতি এলেকাত গৃহনির্মাণ , যাতায়াত , পানীযােগান , স্বাস্থ্য বিজুলী সেৱাসমূহ প্রথম অৱস্থাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top