Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ

Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ and select needs one.

Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ Solutions for All Subject, You can practice these here…

অসমৰ কৃষিখণ্ড আৰু উদ্যোগ

অধ্যায় – ১৫

দ্বিতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। তলৰ কোনবিধ খাদ্য শস্য – 

( i ) নাৰিকল ।

( ii ) কমলা টেঙা ।

( iii ) পিয়াজ । আৰু

( iv ) ধান ।

উত্তৰঃ ( iv ) ধান । 

২। তলৰ কোনবিধ বাণিজ্যিক শস্যৰ অন্তৰ্গত ? 

( i ) তৈলবীজ ।

( ii ) শাক – পাচলি ।

( iii ) ঘেঁহু । আৰু 

( iv ) চাহ ।

উত্তৰঃ ( iv ) চাহ ।

৩। তলৰ কোনবিধ ৰােপন কৃষিৰ অন্তৰ্গত ?

( i ) ঘেঁহু ।

( ii ) তৈলবীজ ।

( iii ) চাহ । আৰু

( iv ) মাহ জাতীয় শস্য ।

উত্তৰঃ ( iii ) চাহ ।

৪। কোন চনত অসমত চাহ আৱিষ্কাৰ হৈছিল ?

( i ) ১৮১৩ ।

( i ) ১৮২৩ ।

( iii ) ১৮৩৩ । আৰু

( iv ) ১৮৪৩ ।

উত্তৰঃ ( iii ) ১৮৩৩ চনত ।

৫। অসমত কিমানটা তেল শােধনাগাৰআছে ? 

( i ) দুটা ।

( ii ) তিনিটা ।

( iii ) চাৰিটা । আৰু

( iv ) ছটা ।

উত্তৰঃ ( iii ) চাৰিটা ।

৬। অসমৰ সর্বপ্রথম তেল শােধানাগাৰ কোনটো ? 

উত্তৰঃ ডিগবৈ তেল শােধানাগাৰ ।

৭। অসমত কোন ধৰণৰ ধান খেতি বেছি হয় ? 

উত্তৰঃ গ্রীষ্মকালীন খেতি অথাৎ শালি ধানৰ খেতি । 

৮। আঞ্চলিক কৃষি গবেষণা কেন্দ্র অসমৰ কোনখন জিলাত অৱস্থিত ? 

উত্তৰঃ যােৰহাটত ।

৯। ২০০২-০৩ চনৰ তথ্য অনুসৰি অসমত কিমানখন চাহ বাগিচা আছে ? 

উত্তৰঃ ৪০,৭৯৫ খন । 

১০৷ চাহ খেতি কৰিবলৈ কি ধৰণৰ মাটিৰ প্ৰয়ােজন ? 

উত্তৰঃ ৰঙা আলতীয়া বা লেটাৰাইট মাটি । 

১১। অসমৰ কোনখন জিলাত চাহ বাগান দেখা নাযায় ? 

উত্তৰঃ উত্তৰ কাছাৰ জিলাত ।

১২৷ চাহ খেতিৰ বাবে কেনে ধৰণৰ জলবায়ুৰ প্ৰয়ােজন ? 

উত্তৰঃ ২০° -৩৫° চেঃ উত্তাপৰ জলবায়ু । 

১৩। অসমত প্ৰধানকৈ কোন কেইবিধ ফলমূলৰ খেতি কৰা হয় ? 

উত্তৰঃ কল , নাৰিকল , অমিতা , কঁঠাল , মাটি কঠাল , কমলা , লিচু , আম , মধুৰী ইত্যাদি । 

১৪। অসমৰ কেইটামান ক্ষুদ্র উদ্যোগৰ নাম লিখা । 

উত্তৰঃ বয়ন শিল্প , অলংকাৰ গঢ়ন , ধাতু আৰু মাটিৰ সামগ্রী নির্মাণ , বাঁহ – বেতৰ সজুলি নির্মাণ আদিৰ উদ্যোগ সমূহ । 

১৫। অসমৰ কোন ঠাইত উৎকৃষ্টমানৰ সুমথিৰা টেঙা উৎপন্ন হয় ? 

উত্তৰঃ তিনিচুকীয়া জিলাত । 

১৬। ডিগবৈ তেল শােধানাগাৰটো কোন চনত স্থাপন কৰা হৈছিল ? 

উত্তৰঃ ১৯০১ চনত । 

১৭। বঙাইগাঁও শােধানাগাৰ আৰু পেট্রোকেমিকলচ প্রকল্প কেতিয়া স্থাপন কৰা হৈছিল ? 

উত্তৰঃ ১৯৭৯ চনত । 

১৮। নুমলীগড় তেল শােধানাগাৰ কোন চনত স্থাপন কৰা হয় ? 

উত্তৰঃ ১৯৯৩ চনত । 

১৯। অসমৰ দুটা তেল শােধানাগাৰৰ নাম লিখা । 

উত্তৰঃ ডিগবৈ তেল শােধানাগাৰ আৰু নুনমাটি শােধানাগাৰ ।

২০। অসমৰ পূৰ্ণাংগ মৰাপাট কলটো কোন ঠাইত অৱস্থিত ? 

উত্তৰঃ নগাঁও জিলাৰ শিলঘাটত । 

২১। অসমত উৎপন্ন হােৱা দুবিধ সুঁতাৰ নাম লিখা । 

উত্তৰঃ মুগা সূতা আৰু এড়ী সূতা । 

২২। অসমৰ প্ৰধান সুতা উৎপাদনকাৰী উদ্যোগটো ক’ত অবস্থিত ? 

উত্তৰঃ কামৰূপ জিলা । 

২৩। বাঁহেৰে তৈয়াৰী তিনিবিধ হস্ত শিল্পৰ নাম লিখা । 

উত্তৰঃ জুৱলি , জাকৈ আৰু চেপা । 

২৪। বেতৰ পৰা তৈয়াৰী দুটা সৰঞ্জামৰ নাম লিখা । 

উত্তৰঃ চকী আৰু টেবুল ।

চমু উত্তৰৰ প্ৰশ্ন

২৫। অসমৰ কৃষি ব্যৱস্থাৰ বেছিভাগেই কিয় বতৰৰ লগত জড়িত ? 

উত্তৰঃ অসমৰ কৃষিখণ্ড পৰিয়ালকেন্দ্রীক আৰু ইয়াৰ অর্থনীতি ঘাইকৈ ৰাজ্যখনৰ পৰম্পৰাগত কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল । চাহ খেতিৰ বাহিৰে বাকী সকলাে শস্য অসংগঠিত কৃষকৰ নিজা পৰিচালিত কৃষি । গতিকে কৃষকৰ এনে কৃষিত সফলতা ঘাইকৈ নিৰ্ভৰ কৰে কৃষকৰ দক্ষতা আৰু আর্থিক ক্ষেত্ৰৰ ওপৰত । আনহাতে , ভাৰতৰ প্ৰায় প্ৰতিখন কৃষি অর্থনীতি ৰাজ্যৰ তুলনাত অসমত কৃষক পৰিচালিত কৃষি খণ্ডটো জলসিঞ্চনৰ অব্যৱস্থা , কৃষি ঋণদানৰ সীমাবদ্ধতা তথা প্রাপ্ত ঋণৰ অপপ্রয়ােগ , উন্নত যন্ত্রপাতি , বীজ আৰু সাৰ প্ৰয়ােগৰ ব্যর্থতা আদি বিভিন্ন ধৰণৰ মানৱ সৃষ্ট সমস্যাৰে ভাৰাক্ৰান্ত । সেয়েহে ব্যক্তিগতভাৱে পৰিচালিত কৃষিখণ্ডটোৱে সীমিত চৰকাৰী সুবিধা আৰু জলসিঞ্চনৰ অব্যৱস্থাৰ বাবে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় । 

২৬। উজনি অসমত চাহ উৎপাদন কিয় বেছি হয় ? 

উত্তৰঃ চাহ গছৰ ক্ষীপ্র বৃদ্ধি আৰু পত্রন কার্যৰ উদ্দেশ্যে আদর্শ পৰিবেশ হ’ল ২০° -৩৫ চে . উত্তাপ আৰু এৰা ধৰাকৈ প্রায় প্রতিদিনে হােৱা কিনকিনীয়া বৰষুণৰ বতৰ । আলসুৱা স্বভাৱৰ এই গছবিধৰ বাবে ১০-৩৫° চে.পৰিসৰৰ বাহিৰৰ তাপমান অত্যন্ত ক্ষতিকৰ । ৰঙা আলতীয়া বা লেটাৰাইট মাটিৰ হেলনীয়া পৃষ্ঠ চাহ খেতিৰ বাবে উপযােগী । সঘনাই বৰষুণ বিচৰা চাহ গছৰ গুৰিত পানী জমা হলেই বিপদ । উজনি অসমত চাহ খেতিৰ বাবে উপযুক্ত পৰিবেশ পােৱা যায় । এই অঞ্চলৰ উত্তাপ চাহ খেতিৰ উপযােগী হােৱাৰ লগতে সঘনাই হােৱা কিনকিনিয়া বৰষুণে চাহ গছৰ পত্ৰণত সহায় কৰে । আৰু তৰংগাকৃতিক পৃষ্ঠসমূহত এই খেতি কৰা বাবে গছৰ গুৰিত পানী জমা হ’বলৈ নাপায় । মুঠতে , উজনি অসমত চাহ খেতিৰ বাবে এক উপযুক্ত । ভৌগােলিক পৰিবেশ পােৱা যায় বাবে এই অঞ্চলত চাহৰ উৎপাদনৰ পৰিমাণে বেছি ।

২৭। নামনি অসমত মৰাপাটৰ খেতি কিয় বেছি হয় ? 

উত্তৰঃ সচৰাচৰ পানী জমা হােৱা পলসুৱা মাটিত মার্চ – এপ্রিল মাহত মৰাপাটৰ বীজ সিঁচা হয় । চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত এই গছবােৰ গুৰিতে কাটি পানীত বুৰাই বাকলি গুচাই ইয়াৰ পৰা আঁহ উলিয়াব পাৰি । কটাৰ পিছত অহ উলিয়াবৰ কাৰণে গােৰাই থ’বলৈ মৰাপাট – খেতিৰ অঞ্চলত বিস্তীর্ণ পৰিসৰৰ গভীৰ জলাশয় থকা উচিত । ইয়াৰ আঁহ নিষ্কাষণৰ পৰ্যায়টো অতি কষ্টসাধ্য আৰু স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক । সচৰাচৰ পূৰ্ব বংগৰ পৰা আহি অসমত থিতাপি মুছলমানধর্মী লােকসকলেই এই কৃষিকার্যত অধিক অভ্যস্ত । 

নামনি অসমৰ সমতল ভুমিত বিস্তীর্ণ পৰিসৰত গভীৰ জলাশয় পােৱা যায় , যিটো মৰাপাটৰ খেতিৰ বাবে অত্যন্ত আবশ্যকীয় । দ্বিতীয়তে , ওপৰত উল্লেখ কৰাৰ দৰে এই কৃষিকার্যত অভ্যস্ত লােকসকলে প্ৰধানকৈ নামনি অসমতে বসতি স্থাপন কৰিছে । অর্থাৎ ক’ব পাৰি যে , মৰাপাট খেতিৰ বাবে নামনি অসমত উপযুক্ত ভৌগােলিক পৰিবেশ থকাৰ লগতে এই অঞ্চলৰ কৃষকসকল এইবিধ কষ্টসাধ্য কৃষিকার্যত অভ্যস্ত যিয়ে অঞ্চলটোত মৰাপাটৰ উৎপাদন বৃদ্ধিত সহায়ক হৈছে । 

চমু টোকা লিখা

২৮। অসমৰ বিভিন্ন প্রকাৰৰ কৃষি ব্যবস্থা ।

উত্তৰঃ অসমত পৰম্পৰাগতভাৱে তিনি ধৰণৰ কৃষি পদ্ধতিৰ প্ৰচলন দেখা যায় । অন্তৰণ কৃষি , কৃষক পৰিচালিত পােষক কৃষি আৰু ৰােপন কৃষি অসমৰ পার্বত্য এলেকাসমূহত বছৰি প্রায় ৭০০ বর্গ কিঃমিঃ অর্থাৎ ৭০,০০০ হেক্টৰ অৰণ্যভূমি অন্তৰণ কৃষি অথবা ঝুম খেতিৰ কাৰণে মুকলি কৰা হয় । কৃষক পৰিচালিত কৃষি ভূমিৰ পৰিমাণ অসমত মুঠতে ৩৪.৩২ লাখ হেক্টৰ ৰাজ্যখনৰ ২,৬৮,৯৮৩ হেক্টৰ ভূমি চাহ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় । পৰম্পৰাগত পােষক কৃষিৰ ক্ষেত্ৰখনত দেখা যায় যে ২০০১-০২ চনৰ পৰিসংখ্যা অনুসৰি মুঠ কৃষিভূমিৰ ৮০.২৭ শতাংশ । অর্থাৎ ২৭.৫৫ লাখ হেক্টৰ ভূমি কেৱল অনুশস্য আৰু মাহজাতীয় শস্য উৎপন্ন কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছে । আনবােৰ শস্যৰ ভিতৰত তৈলবীজ , মৰাপাট আৰু ফলমূল , পাচলি আদিৰ খেতি অতি সীমিত পৰিমাণৰ ভূমিতহে কৰা হয় । মুঠ কৃষি ভূমিৰ ৬৬.১৩ শতাংশত ধান খেতি , ৭.০ শতাংশ চাহ আৰু ১.৯৫ শতাংশ ভূমিত মৰাপাটৰ খেতি কৰা হয় । 

২৯। অসমত শস্য উৎপাদন ।

উত্তৰঃ ২০০২ – ০৩ বৰ্ষৰ পৰিসংখ্যা অনুসৰি অসমত ৩৪৩২ হাজাৰ হেক্টৰ অর্থাৎ ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৪৩.৭৫ শতাংশ ভূমি কৃষি উৎপাদনৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছিল আৰু বিভিন্ন শস্য উৎপাদনৰ মুঠ পৰিমাণ আছিল ৭৫২৮ হাজাৰ টন । তদুপৰি একেটা বর্ষতে ৰাজ্যখনত প্রায় ১৪ কোটি ৪০ লাখ নাৰিকল উৎপাদন কৰা হৈছিল । অসমত উৎপাদিত শস্যসমূহৰ ভিতৰত অনুশস্য যেনেঃ ধান , মাকৈ , ঘেঁহু , জোৱাৰ ; দাইল , যেনেঃ বুট , ৰহৰ , মাটিমাহ , তৈলবীজ যেনে – তিল , সৰিয়হ , এড়াগুটি , নাৰিকল ; আঁহ জাতীয় শস্য যেনেঃ কপাহ , মৰাপাট ; শাক – পাচলি , যেনেঃ অমিতা , আলু , ৰঙা আলু , পিয়াজ আৰু অন্যান্য পাচলি । ফলমূল যেনেঃ আম , সুমথিৰা , মাটিকঠাল ; অন্যান্য কিছুমান শস্য যেনেঃতামােল , জলকীয়া , কুঁহিয়াৰ , ধপাত , আদা , হালধি প্রভৃতি উল্লেখযােগ্য । চাহ অসমৰ এক সংগঠিত খণ্ডৰ বাণিজ্যিক কৃষি । 

৩০৷ অসমৰ ধান খেতি ।

উত্তৰঃ অসমৰ মুঠ কৃষিক্ষেত্ৰৰ ৬৬.১৩ শতাংশ এলেকাত ধান খেতি কৰা হয় । বর্তমান সময়ত অধিক উৎপাদনক্ষম জয়া , পুসা , আই আৰ -৮ , পাইজা প্রভৃতি সংকৰ প্ৰজাতিৰ ধানবােৰহে অসমৰ পথাৰত অধিক পৰিমাণে দেখা যায় যদিও বৰা , চকোৱা , কণজহা প্রভৃতি কিছু সংখ্যক উচ্চ মানবিশিষ্ট পৰম্পৰাগত প্ৰজাতিৰ ধানৰ উৎপাদন ৰাজ্যখনত এতিয়াও অব্যাহত আছে । শস্য চপােৱাৰ ঋতুভিত্তিক অসমত তিনি প্রকাৰৰ ধানৰ খেতি কৰা দেখা যায় । শৰৎকালীন , শীতকালীন আৰু গ্রীষ্ম কালীন ধানৰ খেতি ৰাজ্যখনত ধান খেতিৰ পৰিসৰ লক্ষ্য কৰিলে দেখা যায় যে ১৯৬০-৬১ চনৰ পৰা ২০০৩-০৪ চনৰ সময়চোৱাত সৰ্বভাৰতীয় পৰিসৰত ধানৰ উৎপাদন ২.৫১ গুণ বৃদ্ধি পােৱাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত এই বৃদ্ধি ২.৩৮ গুণ । আনহাতে, একে সময়তে ধান খেতিত ব্যৱহৃত কৃষি ভূমিৰ পৰিসৰ সৰ্বভাৰতীয় ক্ষেত্ৰত ৭.৪ শতাংশৰ বিপৰীতে অসমত এই বৃদ্ধি আছিল ৪৭.৩৮ শতাংশ । অর্থাৎ অসমত কৃষি ব্যৱস্থাৰ উন্নতিৰ সলনি কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণৰ দ্বাৰাহে ধানৰ উৎপাদন বৃদ্ধি পাইছে । 

৩১। অসমৰ চাহ খেতি ।  

উত্তৰঃ চাহ অসমৰ প্রধান বাণিজ্যিক ৰােপণ শস্য । আৰু ৰাজ্যখনৰ সংগঠিত খণ্ডৰ একমাত্র কৃষি বুলিব পাৰি । সমগ্ৰ ভাৰতৰ ভিতৰত অসমত সর্বাধিক চাহ উৎপাদন হয় । সাধাৰণভাৱে ক’বলৈ হ’লে ভাৰতে পৃথিৱীৰ ৪০ % চাহ উৎপাদন কৰে আৰু অসমত ভাৰতৰ মুঠ উৎপাদনৰ ৫৫ % চাহ উৎপাদন হয় । গতিকে , অসমত হােৱা চাহৰ উৎপাদন পৃথিৱীৰ মুঠ উৎপাদন কম পক্ষেও বিশ শতাংশ । ২০০২ – ০৩ বিত্তীয় বৰ্ষৰ পৰিসংখ্যা অনুসৰি উজনি অসম অর্থাৎ তিনিচুকীয়াৰ পৰা গােলাঘাট জিলাৰ বন্যামুক্ত এঢলীয়া পৃষ্ঠৰ অঞ্চলসমূহতে অসমৰ ৬২ শতাংশ চাহ উৎপাদন হয় । 

ৰাজ্যখনৰ দ্বিতীয় উল্লেখযােগ্য চাহ উৎপাদনকাৰী অঞ্চলটো ভূটান আৰু অৰুণাচল সীমান্তৰ টেৰাই ভাবৰ কটিবন্ধৰ কিছু দক্ষিণে বন্যামুক্ত সু – প্রতিষ্ঠিত সমতলৰ পৰিসৰত ৯২° – ৯৫° পূৱ দ্রাঘিমাংশৰ মাজত পােৱা যায় । হেক্টৰে প্রতি উৎপাদন হােৱা চাহৰ পৰিমাণ এই অঞ্চলত দুই মেট্রিক টনতকৈও অধিক হােৱা দেখা যায় । বৰাক উপত্যকাৰ উত্তৰ পূৱ আৰু দক্ষিণৰ ওখােৰা – মােখােৰা ভূমি ভাগতাে দুশখন মান চাহ বাগিছা পােৱা যায় । উল্লেখ্য যে , অসমৰ এই তিনিওটা অঞ্চলৰ বাহিৰে অসমৰ আন আন ঠাইত মুঠতে ৫২৪ খন সৰু ডাঙৰ চাহ বাগিছা আছে । নগাওঁ আৰু মৰিগাওঁ জিলাত সৰ্বমুঠ ২১৩ খন চাহ বাগিছা আছে ।

৩২। অসমত ফলমূল উৎপাদন ।

উত্তৰঃ অসমৰ মাটি , জলবায়ু বিভিন্ন ফল – মূলৰ গছ গজাৰ অনুকুল যদিও বাণিজ্যিক ভিত্তিত ফলৰ উৎপাদন ৰাজ্যখনত এতিয়াও অসংগঠিত আৰু চালুকীয়া অৱস্থাত আছে । অসমত পৰম্পৰাগতভাৱে উৎপন্ন হােৱা ফলসমূহৰ ভিতৰত কল , নাৰিকল , অমিতা , আম , সুমথিৰা , মাটিকঁঠাল , কঠাল , মধুৰী , লিচু আদি উল্লেখযােগ্য । এইবােৰৰ লগতে ৰাজ্যৰ প্রায় সকলাে ঠাইতে বিভিন্ন প্রজাতিৰ নেমু জাতীয় ফল , জামু , বগৰী , নৰা বগৰী , আহােম বগৰী ইত্যাদি ফল অ-বাণিজ্যিক পৰিসৰত উৎপন্ন হয় । কৃষি ভূমিৰ আয়তনৰ ফালৰ পৰা অসমত যথাক্রমে কল , কঠাল , মাটিকঠাল আৰু অমিতা আৰু উৎপাদনৰ লেখেৰে কল , মাটিকঁঠাল , কঠাল আৰু অমিতাই বিভিন্ন ফলৰ ভিতৰত প্রথম চাৰিটা স্থান অধিকাৰ কৰি আছে । 

কল অসমৰ সকলাে ঠাইতে উৎপাদন কৰা হয় যদিও বাণিজ্যিক পৰিসৰত এই খেতি নামনি অসমত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে মেঘালয় সীমান্ত এলেকাতে অধিক । আনহাতে নগাওঁ , মৰিগাওঁ , কামৰূপ , নলবাৰী আৰু বৰপেটা জিলাত নাৰিকল খেতি সুফলদায়ক । কঠাল , অমিতা , মাটিকঠাল আৰু সুমথিৰা বন্যামুক্ত অঞ্চলৰ খেতি তিনিচুকীয়া, ডিব্ৰুগড় , যােৰহাট , গােলাঘাট , কামৰূপ আদি জিলাত সুমথিৰা , কাৰ্বি আংলং , উত্তৰ কাছাৰ আৰু কাছৰ জিলাত মাটিকঁঠাল অধিক পৰিমাণত উৎপন্ন হয় । আম আৰু মধুৰী ৰাজ্যৰ সকলাে অঞ্চলতে উৎপন্ন হয় । নগাওঁ , দৰং , শােণিতপুৰ , যােৰহাট জিলাত লিচু উৎপাদন সুফলদায়ক । এই সকলোবােৰ ফলৰ ৰ ভিতৰত কল , মাটিকঠাল আৰু সুমথিৰা উৎপাদনত অসমৰ একোটা স্বকীয় বৈশিষ্ট্য পােৱা যায় । অসমত কল , নাৰিকল , সুমথিৰা আৰু মাটি কঠাল প্রভৃতি সর্বত্র আদৰ পােৱা ফলৰ উৎপাদন ক্রমে বৃদ্ধি পাইছে আৰু ৰাজ্যত এনেবােৰ ফলৰ উৎপাদন বৃদ্ধিয়ে আন্তঃৰাজ্যিক বজাৰ দখলৰ লগতে ফলভিত্তিক কুঠীৰ শিল্পৰ সম্ভাৱনাও ক্রমে উজ্জ্বল কৰি আনিছে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

৩৩। অসমত চাহ উদ্যোগ ।

উত্তৰঃ চাহ প্রধানত কৃষিজাত দ্রব্য যদিও ইয়াক ব্যৱহাৰ আৰু ৰপ্তানিযােগ্য অৱস্থালৈ নিয়াৰ উদ্দেশ্যে নির্দিষ্ট কিছুমান ঔদ্যোগিক কার্য পালন কৰিবলগা হয় । সাধাৰণতে , এই ঔদ্যোগিক পর্যায়টো অতিক্রম কৰাৰ উদ্দেশ্য অসমৰ প্ৰায়বােৰ বৃহৎ চাহ বাগিছাতে একোটা কাৰখানা আছে । যিটোক সচৰাচৰ কলঘৰ শব্দৰে বুজোৱা হয় । অসমৰ বিভিন্ন বাগিছাত প্রায় ৬০০ টা কলঘৰ আছে । ২০০২ – ০৩ বৰ্ষৰ পৰিসংখ্যা অনুসৰি এই সকলােবােৰ শ্ৰমিকৰ সংখ্যা আছিল ৬,০২,৫৩১ জন । অর্থাৎ , ৰাজ্যৰ মুঠ কৰ্মৰত জনশক্তিৰ ৬.৩২ শতাংশই এই শিল্পত নিযুক্ত হৈ আছে । এই চাহ উদ্যোগৰ লগত আনুষাংগিকভাৱে গঢ়ি উঠা অসমৰ আন এটা উদ্যোগ হ’ল চাহ বাকচ নির্মাণ । অতি মিহি প্লাইউদেৰে ঘনক আকৃতিত প্রস্তুত কৰা এবিধ বিশেষ বাকচ চাহপাত সৰবৰাহৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয় । সাধাৰণতে , চাহ উৎপাদনৰ প্রধান কেন্দ্রসমূহত এনে উদ্যোগ দেখা যায় ।

৩৪। অসমৰ ৰেচম শিল্প ।

উত্তৰঃ অসমৰ কুটীৰ শিল্প খণ্ডটোৰ ভিতৰত ৰেচমী সূতাৰ বয়ন শিল্পক বিশ্ব বিখ্যাত বুলিব পাৰি । পৰম্পৰাগতভাৱে অসমত এড়ী , মুগা আৰু পাট এই তিনি প্রকাৰৰ ৰেচমী সূতা আৰু বয়ন শিল্পৰ প্ৰচলন আছে । মুগা উৎপাদনৰ ক্ষেত্ৰত অসমেই ভাৰতৰ একমাত্ৰ ৰাজ্য ।

অসমৰ ন হাজাৰৰাে অধিক সংখ্যক গাঁৱক ৰেচম শিল্পকেন্দ্রীক অর্থনীতিৰ গাঁওৰূপে চিহ্নিত কৰা হৈছে । এড়ী , মুগা অথবা পাট পলু পালন কৰাৰ পৰা সূতা কটা আৰু সদৌ শেষত বয়ন কার্য সম্পন্ন কৰালৈকে বিভিন্ন পর্যায়ৰ কাম এনেবােৰ গাঁৱতে সম্পন্ন কৰা হয় । অসমত উৎপাদিত এড়ী সূতাৰ প্রায় আধা অংশৰ উৎপাদন হয় ধেমাজী, কাৰ্বি আংলং আৰু যােৰহাট জিলাত । অসমত মুগা সূতা উৎপাদনৰ মুঠ পৰিমাণ হৈছে বার্ষিক ৯৪ টন । অসমৰ আঠখন জিলাত ৰাজ্যৰ প্রায় ৯০ শতাংশ মুগা সূতাৰ উৎপাদন হয় । সেই কেইখন হ’ল যথাক্রমে লক্ষীমপুৰ , শিৱসাগৰ , ডিব্ৰুগড় , যােৰহাট , গােলাঘাট , কামৰূপ , গােৱালপাৰা , আৰু তিনিচুকীয়া জিলা । অসমত ভাৰতবৰ্ষৰ প্ৰায় ১০ শতাংশ পাত সূতাৰ উৎপাদন হয় । ৰেচমী সূতা উৎপাদন ক্ষেত্ৰত ধেমাজী আৰু লক্ষীমপুৰসহ উজনি অসমৰ জিলাকেইখনেই সৰ্বমুঠ ৩১২.৩৯ টন । অর্থাৎ ৰাজ্যৰ মুঠ উৎপাদনৰ ৫২.৭৩ শতাংশ উৎপাদন কৰি আহিছে । 

আনহাতে , ৰেচম বয়ন শিল্পৰ অধিকাংশই কামৰূপ আৰু কাছাৰ জিলাতে অৱস্থিত । কুটীৰ শিল্পৰ পৰিসৰ অতিক্রমী লঘু উদ্যোগৰ পৰ্যায়ত সােমােৱা ৰেচমী বয়ন শিল্প প্রতিষ্ঠান হিচাপে মৰিগাওঁ জিলাত অৱস্থিত অসম পলিটেক্স নামৰ চৰকাৰী খণ্ডৰ অন্তৰ্গত জাগীৰােড , সূতা কটা আৰু বয়ন কাৰখানা উল্লেখযােগ্য । 

৩৫। অসমৰ মৰাপাট উদ্যোগ ।

উত্তৰঃ অসমত যথেষ্ট পৰিমাণে মৰাপাটৰ আঁহ প্রস্তুত হােৱা স্বত্বেও ৰাজ্যখনত এইটো খণ্ডৰ বয়ন শিল্পৰ স্থিতি অতিশয় পুতৌ লগা । অসমৰ একমাত্র পূর্ণাংগ মৰাপাট কলটো ১৯৭০ চনত নগাওঁ জিলাৰ শিলঘাটত সমবায়ৰ ভিত্তিত স্থাপন কৰা হৈছিল । এই মিলত মুঠতে ৩০০ খন বয়নশাল আছিল । ইয়াৰে ১০০ খন শাল চট প্রস্তুতকৰণ আৰু বাকীকেইখনত বস্তা প্রস্তুত কৰা হৈছিল । কিন্তু বিপণনৰ সুব্যৱস্থাৰ অভাৱৰ বাবেই এই বয়ন উদ্যোগটো বাস্তৱ ক্ষেত্ৰত গা কৰি উঠিব নােৱাৰিলে । এইটো পাটকলৰ উপৰিও গুৱাহাটী চহৰত আন এটা সৰু পাটকল আছে । অসম চৰকাৰৰ উদ্যোগত প্রতিষ্ঠিত আন দুটা পাটকলৰ ভিতৰত প্ৰথমটো বৰপেটা জিলাৰ গুৱাগাছাত আৰু আনটো দৰং জিলাৰ দলগাওঁ নামে ঠাইত অৱস্থিত । সম্প্রতি অসমৰ চাৰিওটা মৰাপাটকলত এৰা – ধৰাকৈ হােৱা থৈলা , চট , বেগ প্রভৃতি মৰাপাটৰ আঁহৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ওজন বছৰি প্রায় আঠ হাজাৰ টন ।

৩৬। অসমত বাঁহ বেতৰ উদ্যোগ ।

উত্তৰঃ অসম এক বৈচিত্র্যপূর্ণ উদ্ভিদ সমাৱেশৰ অঞ্চল আৰু ইয়াৰ প্ৰাকৃতিক আর্থ সংস্কৃতিক পটভূমিক বাঁহ – বেতৰ সৰঞ্জাম প্রস্তুতৰ কুঠীৰ শিল্পসমূহে সমৃদ্ধিশালী অৱস্থা লাভ কৰাৰ পক্ষে অতি অনুকুল বুলি ভাবিব পাৰি । অসমৰ অৰণ্য আৰু গ্রামাঞ্চলসমূহত অসংখ প্রজাতিৰ বাঁহ পােৱা যায় । কৃষিকাৰ্য আৰু শস্যৰ পৰা বিভিন্ন ধৰণৰ খাদ্য প্রকৰণত বাঁহ ধৰণ বাঁহ – বেতৰ সৰঞ্জাম ব্যৱহাৰ কৰা হয় । ভৌগলিক পৰিৱেশ , কৃষি , অর্থনীতি আৰু ভিন্নমুখ সাংস্কৃতিক উপদানৰ পটভূমিত অসমত বাহ – বেতৰ উদ্যোগৰ এক সমৃদ্ধ পৰম্পৰা এতিয়া অব্যাহত আছে । কৃষি সৰঞ্জাম , মাছ মৰা যতন , গৃহস্থালিৰ সৰঞ্জাম , বয়ন সৰঞ্জাম , কলাত্মক উপাদান আদি নির্মাণৰ ক্ষেত্ৰত বাহঁ – বেতৰ প্ৰয়ােগ বহুল । 

৩৭। অসমৰ তেল উদ্যোগ ।

উত্তৰঃ নিষ্কাষনৰ লগে লগেই খনিজ তেল ব্যৱহাৰৰ উপযােগী হৈ নুঠে । বিভিন্ন ধৰণৰ অপদ্রব্য মিহলি হৈ থকা এই খনিজ তেলসমূহ শোধন কৰাৰ লগে লগে ইয়াৰ পৰা বিভি ধৰণৰ পেট্রলজাত দ্রব্য প্রস্তুত কৰা হয় । অসমত বৰ্তমানলৈকে এনে চাৰিটা শােধনাগাৰ স্থাপন কৰা হৈছে । এই শােধনাগাৰসমূহ হ’ল যথাক্রমে অসম তেল কোম্পানীৰ অধীন ডিগবৈ শােধনাগাৰ , নুনমাটি শােধনাগাৰ , বঙাইগাওঁ তেল শােধনাগাৰ আৰু পেট্র’ৰাসায়নিক প্রকল্প আৰু নুমলীগড় তেল শােধনাগাৰ । 

এই শােধনাগাৰসমূহত উৎপাদিত দ্ৰৱসমূহৰ ভিতৰ কেৰাচিন , পেট্রল , স্নেহক দ্রব্য , ম’ম , ক’ক , দাহ্য গেচ , বিটুমেন , নেপথা , এভিয়ন , ডিজেল ৰন্ধন গেছ , চালফাৰ প্রভৃতি উল্লেখযােগ্য । আকৌ নামৰূপৰ অসম পেট্র’ৰাসায়নিক প্রকল্প তেল আৰু কিছুমান পেট্রলজাত সামগ্রী শোধন আৰু ৰূপান্তৰণ কৰি আন এক শ্রেণী উদ্যোগ পৰিচালনা কৰা হয় । শেহতীয়াভাৱে ৰাজ্যখনৰ পেট্রলজাত সামগ্ৰীসমূহৰ ভিত্তি উদ্যোগিক বিকাশ খৰতকীয়া কৰাৰ উদ্দেশ্য ডিব্ৰুগড় জিলাৰ লেপেট কটাত এটা গেছ ক্রেকা প্রকল্প স্থাপন কৰা হৈছে । 

৩৮। অসমৰ চাহ উদ্যোগৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ চাহ মূলতঃ কৃষিজাত দ্রব্য যদিও ইয়াক ব্যৱহাৰ আৰু ৰপ্তানিযােগ্য অৱস্থালৈ নিয়াৰ উদ্দেশ্যে নির্দিষ্ট কিছুমান ঔদ্যোগিক কার্যক্রম পালন কৰিব লাগে । সাধাৰণতে এই ঔদ্যোগি পর্যায়টো সম্পূর্ণ কৰাৰ উদ্দেশ্য প্ৰায়বােৰ বৃহৎ চাহ বাগিছাতে নিজস্ব একোটা কাৰখানা আছে অসমৰ চাহ বাগিছাসমূহত থকা এনেবােৰ ক্ষুদ্ৰ কাৰখানাক সচৰাচৰ কলঘৰ ’ শব্দৰে বুজোৱ হয় । অসমত উৎপাদন হােৱা কেঁচা চাহপাতসমূহ প্রক্ৰমণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন বাগিছাত মুঠতে ৬০০ টা মান কলঘৰ আছে । ২০০২-০৩ চনৰ পৰিসংখ্যা অনুসৰি এই সকলােবােৰ কলঘৰত নিযুক্তি প্রাপ্তকাৰিকৰী আৰু অ-কাৰিকৰি শ্রমিক – কর্মচাৰীৰ সংখ্যা আছিল ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top