Class 12 Geography Unit 23 ভাৰতৰ কাৰিকৰী উদ্যোগ

Class 12 Geography Unit 23 ভাৰতৰ কাৰিকৰী উদ্যোগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 23 ভাৰতৰ কাৰিকৰী উদ্যোগ and select needs one.

Class 12 Geography Unit 23 ভাৰতৰ কাৰিকৰী উদ্যোগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 23 ভাৰতৰ কাৰিকৰী উদ্যোগ Solutions for All Subject, You can practice these here…

ভাৰতৰ কাৰিকৰী উদ্যোগ

অধ্যায় – ২৩

তৃতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। তলৰ কোনটো কাৰক উদ্যোগ স্থাপনৰ কাৰক নহয় — 

( i ) মূলধন ।

( ii ) বজাৰ ।

( iii ) জনসংখ্যা ঘনত্ব । আৰু

( iv ) শক্তি ।

উত্তৰঃ ( iii ) জনসংখ্যা ঘনত্ব ।

২। তলৰ কোনটো ভাৰতবৰ্ষৰ আটাইতকৈ প্রাচীন লাে-তীখা উদ্যোগ ? 

( i ) IISCO.

( ii ) TISCO.

( iii ) মহীশূৰ লাে – তীখা উদ্যোগ । আৰু

( iv ) ভিলাই লােতীখা উদ্যোগ ।

উত্তৰঃ ( i ) IISCO ।

৩। মুম্বাইত আধুনিক কপাহী উদ্যোগ স্থাপনৰ কাৰণটো হ’ল — 

( i ) মুম্বাইৰ কপাহ উৎপাদিত অঞ্চল ।

( ii ) মুম্বাইএটা বন্দৰ ।

( iii ) মুম্বাই ভাৰতৰ এটা বিত্তীয় কেন্দ্র । আৰু

( iv ) ওপৰৰ আটাইকেইটা কাৰকৰ বাবে । 

উত্তৰঃ ( iv ) ওপৰৰ আটাইকেইটা কাৰকৰ বাবে । 

৪। হুগলী ঔদ্যোগিক অঞ্চলৰ প্রাণকেন্দ্র হল – 

( i ) কলকতা-ৰিচৰা । 

( ii ) কলকতা – হাওৰা ।

( iii ) কলকতা – মেদিনীপুৰ । আৰু

( iv ) কলকতা -কোনাগৰ ।

উত্তৰঃ ( ii ) কলকতা – হাওৰা ।

৫। ভাৰতৰ দ্বিতীয় চেনী উৎপাদনকাৰী ৰাজ্য হ’ল— 

( i ) পাঞ্জাৱ । 

( ii ) উত্তৰপ্ৰদেশ ।

( iii ) মহাৰাষ্ট্র । আৰু

( iv ) তামিলনাড়ু ।

উত্তৰঃ ( ii ) উত্তৰ প্ৰদেশ ।

৬। কপাহী বয়ন উদ্যোগৰ প্ৰধান ভাগ কেইটা কি কি ? 

উত্তৰঃ ক ) যন্ত্রচালিত উদ্যোগ । 

খ ) বিদ্যুৎচালিত উদ্যোগ । আৰু

গ ) হস্তচালিত উদ্যোগ ।

৭। পেট্রোসায়নিক উদ্যোগৰ মূল কেঁচা সামগ্রী কি ? এই উদ্যোগৰ প্ৰধান উৎপাদিত দ্রব্যবােৰ কি ? 

উত্তৰঃ খনিজ তেলৰ পৰা পােৱা নানা প্রকাৰৰ খনিজ পদার্থ পেট্র’ৰাসায়নিক উদ্যোগ মূল কেঁচাসামগ্ৰী হিচাপে ব্যৱহাৰ হয় । পেট্র’ৰাসায়নিক উদ্যোগত প্রধানকৈ পলিমাৰ , সংশ্লেষিত আঁহ , পলিষ্টাৰ সূতাৰ মাহোৱা , নাইনল খণ্ড আদি উৎপাদন কৰা হয় । 

৮৷ চেনী – উদ্যোগটো কি কাৰণে ঋতুজনিত ? 

উত্তৰঃ চেনী উদ্যোগটো কুঁহিয়াৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল । কুঁহিয়াৰৰ উৎপাদন ঋতুৰ ওপৰত নিৰ্ভৰশীল হােৱা হেতুকে এই উদ্যোগটো ঋতুজনিত হয় । 

৯। তথ্য – প্রযুক্তিৰ উদ্যোগৰ দ্বাৰা ভাৰতবৰ্ষত কি প্রভাৱ পৰিছে ? 

উত্তৰঃ তথ্য প্রযুক্তি উদ্যোগৰ দ্বাৰা ভাৰতবৰ্ষত আর্থিক সামাজিক পৰিৱৰ্তনৰ সূচনা হােৱাৰ লগতে এই খণ্ডটোৱে দেশখনক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰত উচ্চৰ পৰা উচ্চস্তৰলৈ উৎক্ষেপ কৰিবলৈ সক্ষম হৈছে । 

১০। লাে – তীখা উদ্যোগক সকলাে প্ৰকাৰৰ ঔদ্যোগিক উন্নয়নৰ মূল বুলি কয় কিয় ? 

উত্তৰঃ সৰু বৰ সকলাে ধৰণৰ ঔদ্যোগিক ক্ষেত্রতে লাে তীখা উদ্যোগৰ পৰা উৎপাদিত সা – সৰঞ্জাম ব্যৱহাৰ কৰাৰ বাবে লাে – তীখা উদ্যোগক সকলাে প্ৰকাৰৰ ঔদ্যোগিক উন্নয়ন মূল বুলি কোৱা হয় । 

১১। উদ্যোগৰ লগত মানুহৰ তাৎপর্য কি ? 

উত্তৰঃ মানুহে ব্যৱহাৰ কৰা সকলােবােৰ সা – সামগ্ৰীয়ে মূলতঃ উদ্যোগৰ মাধ্যমেৰে মানুহৰ ব্যবহাৰৰ উপযােগী কৰি গঢ় দিয়া হয় । 

১২। কুঁহিয়াৰ উদ্যোগ আঞ্চলিক উদ্যোগ হােৱাৰ কাৰণ কি ? 

উত্তৰঃ কুঁহিয়াৰ ওজন অধিক হােৱাৰ বাবে এইবােৰৰ পৰিবহন ব্যয় অধিক হয় । তাৰােপৰি এইবােৰৰ গুণগতমানো নিম্ন হৈ যায় । এনেবােৰ কাৰণতে কুঁহিয়াৰ খেতিৰ এলেকাতে কুঁহিয়াৰ উদ্যোগসমূহ গঢ় লােৱা দেখা যায় । সেয়েহে কুঁহিয়াৰ উদ্যোগ আঞ্চলিক উদ্যোগ হিচাপে গঢ় লয় । 

চমু উত্তৰ দিয়া

১৩। ভাৰতীয় কপাহী বয়ন উদ্যোগৰ বিকাশ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ প্রাক স্বাধীনতা কালত ভাৰতৰ প্ৰায় সকলােবােৰ কপাহ কল মুম্বাই আহমেদাবাদ চহৰত কেন্দ্রীভূত আছিল । শোলাপুৰ , নাগপুৰ , আকোলা , বুঢ়ানপুৰ , সাতা , প্রভৃতি সেই সময়ৰ ভাৰতত কপাহৰ উৎপাদনস্থলী সমূহৰ কিছুমান উপকেন্দ্ৰ আৰু পূৱ ভাৰতৰ সর্ববৃহৎ চহৰ কলকাতাৰ ওচৰে – পাজৰেও কিছুসংখ্যক কপাহকল প্রতিষ্ঠা হৈছিল । তাৰ বাহিৰে দেশৰ আন অঞ্চলত তেতিয়া কাপােৰৰ কল নাছিল বুলিবই পাৰি । ১৯৫০-৫১ চনত অর্থাৎ আধুনিক ভাৰতৰ ভেটি প্রতিষ্ঠাৰ সময়ত দেশত মুঠতে ৪২১৫ টা যন্ত্রচালিত কাপােৰৰ শাল আছিল । ইয়াৰে ৩৪০১ টা , অর্থাৎ ৮১ শতাংশ শালৰ অৱস্থান আছিল মুম্বাই , আহমেদাবাদ , নাগপুৰ আৰু আকোলা চহৰত । 

১৮৫৪ চনত মুম্বাইচহৰত ভাৰতৰ প্ৰথমটো যন্ত্রচালিত কাপােৰৰ কল প্রতিষ্ঠা হয় । ২০০৩-০৪ চনৰ পৰিসংখ্যা অনুক্রমে বর্তমান ভাৰতত এহেজাৰ ছশৰাে অধিক কাপােৰৰ শালত বছৰি ২৭,৯৪৫ নিযুত বর্গমিটাৰ কাপােৰ তৈয়াৰ কৰা হয় । এই কলসমূহত ৪.৫৮ নিযুত কৰ্মচাৰী নিযুক্ত হৈ আছে । দেশত উৎপাদিত মুঠ কপাহৰ ৬৩ শতাংশ এই কলসমূহে কেঁচামাল হিচাপে ব্যৱহাৰ কৰে । সেইদৰে , এইসমূহ কলত উৎপাদিত কাপােৰৰ একাংশ ৰপ্তানি কৰি ২০০৩-০৪ চনত ভাৰতে আর্জন কৰা বৈদেশিক মুদ্ৰাৰ মূল্য আছিল । ৫৫,০০৪ কোটি টকা , অর্থাৎ দেশৰ মুঠ ৰপ্তানি দ্রব্যজাত আৰ্জনৰ ১৮.৮৬ শতাংশ । গতিকে এই বয়ন শিল্পৰ লগত দেশৰ আভ্যন্তৰীণ অর্থনীতিৰ লগতে বৈদেশিক বাণিজ্যৰ পৰিক্রমাটোও ওতঃপ্রােতভাৱে জড়িত হৈ আছে । 

১৪। ভাৰতত পেট্রোসায়নিক উদ্যোগে মুখামুখি হােৱা বিভিন্ন সমস্যা বিলাক লিখা । 

উত্তৰঃ পেট্রোসায়নিক উদ্যোগৰ পৰা উৎপাদিত বিভিন্ন সৰঞ্জামসমূহ আমাৰ দৈনন্দিন জীৱন – যাত্ৰাৰ এৰাব নােৱাৰা সহচৰ হৈ উঠিছে যদিও এনে ধৰণৰ সৰঞ্জামৰ ব্যৱহাৰৰ ফলত আন এলানি সমস্যাৰ সৃষ্টি হৈছে । সকলাে প্লাষ্টিক সামগ্ৰীয়েই অজৈৱ বিঘটনীয় হােৱা হেতুকে এইবােৰ পচি নাযায় । ফলত প্রাকৃতিক পৰিবেশত এনেবােৰ অজীর্ণ পদাৰ্থৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাই আহিছে । এইবােৰে বহুদিনলৈ মাটিত পৰি থাকি মাটিৰ গুণাগুণ নষ্ট কৰে , যাৰ ফলত মাটিৰ উৎপাদন ক্ষমতা লােপ পায় এই পদার্থবিলাকে নগৰ – চহৰৰ নলা – নর্দমাবােৰত পৰি এইবােৰ প্ৰায় পুতি পেলাই চহৰত পানী চলাচল প্রক্রিয়াত বাধা প্রদান কৰি মানুহক নানান অসুবিধা পেলায় । এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বিভিন্ন প্রদেশত বহুতাে প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । ইয়ে পেট্রোসায়নিক উদ্যেগ সমূহলৈ ভাবুকি আনিছে । প্লাষ্টিক সামগ্রীসমূহ নিষিদ্ধ হােৱাত ইয়াৰ বিকল্প দ্রব্য উৎপাদনত গুৰত্ব দিয়া হৈছে , যাৰ ফলত বহুতো প্লাষ্টিক সামগ্রীৰ চাহিদা আগৰ তুলনাত হ্রাস পাইছে । 

১৫। উদাৰীকৰণৰ প্রধান বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ উদাৰীকৰণ নীতি অনুসৰি দেশৰ সামৰিক , নিৰাপত্তা আৰু পৰিবেশ ৰক্ষণাবেক্ষণৰ লগত সম্পর্ক জড়িত ৬ টা উদ্যোগখণ্ডৰ বাহিৰে আনবােৰ উদ্যোগৰ বেলিকা অনুজ্ঞাপত্ৰ সংগ্ৰহৰ ব্যৱস্থা উঠাই লােৱা হয় । তদুপৰি দেশৰ সামগ্রিক উদ্যোগ পৰিক্ৰমাত ১৯৫৬ চনৰ পৰা বাহাল থকা চৰকাৰী খণ্ডৰ অধিকাৰ ১৭ শতাংশৰ পৰা ৪ শতাংশ লৈ হ্রাস কৰা হয় । এই নীতি অনুসৰি দেশত পাৰমাণৱিক শক্তি উৎপাদন আৰু ৰেল পৰিবহণৰ লগত জড়িত উদ্যোগসমূহক সম্পূর্ণ চৰকাৰী খণ্ডত ৰখা হয় । 

আৰু দেশৰ চৰকাৰী খণ্ডৰ উদ্যোগসমূহৰ কিছুমান অংশপত্র ভালেমান বিত্তীয় প্রতিষ্ঠান আৰু জনসাধাৰণৰ মাজত বিতৰণ কৰিবলৈকো চৰকাৰে সিদ্ধান্ত হয় । আকৌ এই নীতি অনুসৰি ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহত বিনিয়ােগৰ পৰিসৰ অসীম পর্যায়লৈ সম্প্রসাৰণাৰ লগতে এনেবােৰ উদ্যোগ স্থাপনৰ উদ্দেশ্যে আগতীয়া অনুমােদনৰ প্রয়ােজন নােহােৱা হ’ল । বৰঞ্চ নির্দিষ্ট প্র-পত্রযােগে চৰকাৰক একোখন স্মাৰক প্ৰদান কৰাৰ লগে লগেই অনুজ্ঞাপত্র বিহীন এনে একোটা উদ্যোগত পুঁজিৰ বিনিয়ােগ সম্ভৱ হৈ উঠিল । 

১৬। উদ্যোগ পুঞ্জীভৱনৰ কাৰকসমূহ কি কি ? 

উত্তৰঃ ঔদ্যোগিক্ৰণৰ এলানি ভিন্নসুৰী কাৰকৰ দ্বাৰা বিভিন্ন মাত্রাত প্ৰভাৱান্বিত ভাৰতৰ উদ্যোগসমূহ দেশৰ ভিন্ ভিন্ এলেকাত অসম ৰূপত বিস্তৃতি লাভ কৰা দেখা যায় । এনে আঞ্চলিক বৈষম্যৰ পৰিণতি স্বৰূপে দেশৰ কেইটামান সুবিধাজনক অঞ্চলত নির্ধাৰিত লক্ষণৰ নিৰ্ভৰশীল ভালেমান উদ্যোগ পুঞ্জীভূত হৈছে । এটা অঞ্চলত উদ্যোগ পুঞ্জীভৱন তলৰ কাৰকসমূহৰ ওপৰত নিৰ্ভৰশীল –

( ক ) অঞ্চলটোত সমাৱেশ ঘটা উদ্যোগ প্রতিষ্ঠানৰ সংখ্যা ।

( খ ) অঞ্চলটোৰ উদ্যোগসমূহত নিযুক্ত মুঠ শ্রমিক । 

( গ ) উদ্যোগ ক্ষেত্ৰত ব্যৱহৃত মুঠ শক্তি সম্পদৰ পৰিমাণ ।

( ঘ ) উদ্যোগসমূহত উৎপাদিত পৰিসজ্জিত সম্ভাৰৰ পৰিমাণ । আৰু 

 ( ঙ ) অঞ্চলটোত অৱস্থিত সকলােবােৰ উদ্যোগক একত্ৰৰূপে লৈ উদ্যোগ ক্ষেত্ৰখনত ব্যৱহৃত মুঠ কেঁচামাল আৰু তদ্ভৱ পৰিসজ্জিত দ্রব্যৰ বজাৰ মূল্যৰ ব্যৱধান । 

১৭। গােলকীকৰণৰ প্ৰভাৱবােৰ কি কি ? 

উত্তৰঃ গােলকীকৰণ ব্যৱস্থা অনুসৰি সম্পত্তি , সেৱা , মূলধন , শ্রম প্রভৃতি আর্থিক সম্পদসমূহ এখন দেশৰ পৰা আন এখন দেশলৈ মুক্তভাৱে যাতায়াত কৰিব পাৰে । নিজৰ দেশৰ উৎপাদন ব্যৱস্থাটোক বিশ্বৰ প্ৰতিযােগিতামূলক বজাৰৰ কাষ চপাই দেশীয় সম্পদৰ ক্ষিপ্র উন্নয়ন সাধন কৰাই বিশ্বায়নৰ প্রধান লক্ষ্য । ভাৰতৰ আর্থ – সামাজিক অৱস্থাৰ পৰিসৰত বিদেশী বিনিয়ােগ সহায়ত দেশৰ বিভিন্ন আর্থিক খণ্ডৰ উৎপাদন বৃদ্ধিৰ যােগেদি দেশখনৰ সামগ্রিক অর্থনৈতিক উন্নয়ন সাধন কৰাই বিশ্বায়নৰ প্রাথমিক লক্ষ্য । 

দ্বিতীয়তে এই বিশ্বায়নৰ যােগেদি ভাৰতত বহুজাতিক কোম্পানীৰ মুক্ত পদার্পণ সম্ভৱ কৰি তােলা হৈছে । তৃতীয়তে , এই বিশ্বায়নৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ বহুতাে কোম্পানীৰ পক্ষে আন ৰাষ্ট্ৰৰ অর্থনৈতিৰ পৰিক্ৰমাবােৰত নিজ নিজ যােত্ৰ অনুসৰি অংশ গ্ৰহণৰ পথ প্রশস্ত হৈছে । চতুর্থত , এই নীতি অনুসৰি ভাৰতৰ বজাৰমুখী বিদেশজাত আমদানি দ্ৰব্যৰ পৰিমাণ বৃদ্ধি পােৱাৰ লগতে এনে দ্রব্যৰ ওপৰত আমদানি শুল্ক হ্রাস পাইছে । 

১৮। বিদেশী পুঁজি বিনিয়ােগৰ ফলাফল লিখা । 

উত্তৰঃ উদাৰীকৰণ নীতিৰ লগে লগে অর্থনৈতিক উন্নয়ন ক্ষিপ্রতৰ কৰাৰ উদ্দেশ্যে দেশীয় পুঁজি বিনিয়ােগৰ পৰিপূৰক স্বৰূপে দেশৰ উদ্যোগ খণ্ডসমূহত পােনপটীয়াকৈ বিদেশী পুঁজিৰ বিনিয়োগ আৰম্ভ হয় । এই ধৰণৰ পােনপটীয়া বিদেশী পুঁজি আগমনৰ ফলত দেশৰ উদ্যোগ খণ্ডসমূহৰ লগতে উপভােক্তা শ্রেণী আৰু কাৰিকৰী প্ৰযুক্তিৰ ব্যাপক উন্নতিৰ পথ মুকলি হােৱা দেখা যায় । দৰাচলতে দেশৰ সকলাে ধৰণৰ দ্ৰব্য সম্পদ আৰু মানৱ সম্পদৰ অন্তনিহিত সম্ভাৱনাসমূহক কামত লগােৱাৰ উদ্দেশ্যেই এনে বৈদেশিক বিনিয়ােগ নীতি গ্রহণ কৰা হৈছিল । 

এই উদ্যোগ নীতিৰ আধাৰত চৰকাৰে পূৱৰ উদ্যোগিক অৱস্থান সম্পর্কীয় নিয়ন্ত্রণবােৰ প্রত্যাহাৰ কৰে । অৱশ্যে , ইয়াৰ ফলত ঘটিব পৰা পৰিবেশ অৱক্ষয়ৰ প্ৰতি চৰকাৰ সজাগ হৈ থাকিল । সেয়েহে , দেশত নতুনকৈ প্ৰতিষ্ঠা কৰা পৰিবেশ দপ্তৰৰ মন্ত্রণালয়ৰ যােগেদি চহৰকেন্দ্রীক উদ্যোগপুঞ্জৰ অবাধ সম্প্ৰসাৰণ কাৰ্যক চৰকাৰে নিয়ন্ত্রণ কৰি আছে । 

১৯। গুজৰাটৰ উদ্যোগ প্রধান অঞ্চলৰ বিষয়ে লিখা । 

উত্তৰঃ গুজৰাটৰ আহমেদাবাদ আনন্দ নড়িয়াদ – বড়ােদ সংযােগী ১০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ চোৱাক অৱলম্বন কৰি গঢ় লৈ উঠা এই উদ্যোগ বলয়টো সম্প্রতি দক্ষিণে তাপ্তী নদীৰ তীৰৰ সূৰত বন্দৰৰ পৰা বীৰংগ মৰাজকোট হৈ জামনগৰ পর্যন্ত ৫৬০ কিঃমিঃ দীঘল বলয় এটাত পৰিণত হৈছে । ১৮৬০ চনৰ পাছৰ পৰা এই উদ্যোগ বলয়টোৱে ভাৰতৰ সর্বাধিক কাপােৰ উৎপাদনকাৰীক পাহীবয়ন শিল্পবলয় হিচাপে স্বকীয় স্থিতি অক্ষুন্ন ৰাখিছে । ইফালে , কাম্বে উপসাগৰৰ কাষে পাজৰে খনিজ তেলৰ উদঘাটন আৰম্ভ হােৱাৰ পাছত অংকলেশ্বৰ , বড়ােদৰা আৰু জামনগৰ প্ৰভৃতি ঠাইত পেট্র’কেমিকেলছ উদ্যোগে গা কৰি উঠিছে । কোয়ালি আৰু জামনগৰ তেল শােধানগাৰৰ কেঁছামাল আৰু কাণ্ডালাৰ বন্দৰগাৰ এনে উদ্যোগ প্রধান অৱস্থাপক বুলিব পাৰি । পৰম্পৰাগত বয়ন শিল্প আৰু পেট্র’ৰাসায়নিক শিল্পৰ উপৰিও এইটো বলয়ৰ প্ৰধান শিল্প উদ্যোগৰ পৰিসৰত মটৰগাড়ী , ট্রেক্টৰ , ডিজেলৰ পাম্পছেট , বয়ন উদ্যোগৰ যন্ত্রপাতি , কাৰিকৰী সৰঞ্জাম , ঔষধ আৰু খাদ্য প্রস্তুত কৰণৰ লগত জড়িত উদ্যোগসমূহ অগ্রগণ্য । 

দেশৰ ভিতৰতে সর্বাধিক গাখীৰ উৎপাদনৰ অঞ্চলৰূপে খ্যাত এই অঞ্চলটোৰ আনন্দ , মহেশানা আৰু হিম্মত নগৰত একোটাকৈ সুবৃহৎ কলেৱৰৰ দুগ্ধজাত দ্রব্য প্রস্তুতকৰণ কাৰখানা আছে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

২০। গুৰগাওঁ – দিল্লী – মীৰাট অঞ্চলৰ প্রধান বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ খনিজ আৰু শক্তিসম্পদ অৱস্থানৰ পৰা ভালেখিনি নিলগত দেশৰ ৰাজধানী কেন্দ্রীক গুড়গাওঁ দিল্লী – মীৰাট ঔদ্যোগিক বলয় ঘাইকৈ বজাৰ অঞ্চলৰ আধাৰত মূৰ দাঙি উঠিছে । সেয়েহে কম পৰিমাণৰ কেঁচামালৰ পৰা অধিক মূল্যৱান দ্রব্য প্রস্তুত কৰাই হৈছে এই অঞ্চলটোৰ সকলাে শ্ৰেণীৰ উদ্যোগৰে এক উমৈহতীয়া বৈশিষ্ট্য । 

১৯৬০ চনৰ পৰৱর্তী চাৰিটা দশকত এইটো বলয়ত ঔদ্যোগিক কাম – কাজৰ পৰিসৰ দেশৰ আন যিকোনাে বলয়ৰ তুলনাত ক্ষিপ্রভাৱে বৃদ্ধি ঘটিছে । বৈদ্যুতিক সৰঞ্জাম , যন্ত্রপাতি , বস্ত্ৰ উদ্যোগ , ইলেক্ট্রনিচ সৰঞ্জাম প্রভৃতি এইটো অঞ্চলৰ প্ৰধান ঔদ্যোগিক কাম – কাজৰ ভিতৰত পৰে । তদুপৰি অঞ্চলটোত চেনী , চিমেণ্ট , খাদ্য প্রস্তুত , ট্রেক্টৰ , চাইকেল , কৃষি সঁজুলি , ঊণ আৰু কৃত্রিম আঁহৰ বয়ন উদ্যোগ প্রভৃতি বজাৰকেন্দ্রীক নানাবিধ উদ্যোগ গঢ় লােৱা দেখা যায় । 

২১। ছােটনাগপুৰ ঔদ্যোগিক অঞ্চলৰ এটি টোকা লিখা । 

উত্তৰঃ ছােটনাগপুৰ ঔদ্যোগিক অঞ্চলটো পশ্চিম বংগৰ পশ্চিম সীমান্তৰ আচানচোলৰ পৰা ঝাৰখণ্ডৰ ধনবাদ – বােকাৰােটা টানগৰ হৈ উৰিষ্যাৰ উত্তৰ অংশৰ ৰুবকেল্লা হৈ চম্বলপুৰ পর্যন্ত বিস্তৃত । এইটো অঞ্চলৰ প্ৰধান উদ্যোগ হৈছে খনি , জলবিদ্যুৎ , তাপবিদ্যুৎ আৰু ঘাইকৈ লাে তীখা শিল্প । দামােদৰ উপত্যকা অৱস্থানৰ কয়লা সম্ভাৰ আৰু ঝাৰখণ্ড আৰু উৰিষ্যাৰ আকৰিক লাে অঞ্চলটোৰ শিল্প উন্নয়নৰ প্রাথমিক তথা মৌলিক অৱস্থাপক । ভাৰতৰ সৰ্বমুঠ ১০ টা তীখা উৎপাদন কেন্দ্ৰৰ ভিতৰত ৫ টা কেন্দ্রই এই অঞ্চলত অৱস্থিত । লাে তীখা উদ্যোগৰ উপৰিও অঞ্চলটোত অভিযান্ত্রিক উদ্যোগ , যন্ত্রপাতি , ৰাসায়নিক সাৰ , চিমেন্ট , কাগজ , ৰেল – ইঞ্জিন , গুৰু বৈদ্যুতিক সৰঞ্জাম , ধাতুৰ আচবাব প্রভৃতি অনেক ধৰণৰ উদ্যোগ সুপ্রতিষ্ঠিত হৈ আছে । 

২২। উদ্যোগসমূহৰ উদাৰীকৰণৰ প্রধান বৈশিষ্ট্যসমূহ কি ? 

উত্তৰঃ উদাৰীকৰণৰ আধাৰত দেশী – বিদেশী ব্যক্তিগত খণ্ডৰ বিনিয়ােগকাৰীক দেশৰ বিভিন্ন উদ্যোগত পুঁজি বিনিয়ােগৰ বাবে উৎসাহ বৃদ্ধি কৰাৰ ফলস্বৰূপে খনি , দূৰসংযােগ , ৰাষ্ট্ৰীয় পথ নির্মাণ আৰু অনুৰক্ষণ প্রভৃতি ৰাষ্ট্ৰৰ সামগ্রিক স্বার্থ জড়িত খণ্ডবােৰত বিদেশী পুঁজি বিনিয়ােগ আৰু বিদেশী প্রতিষ্ঠানৰ কাম – কাজৰ পৰিসৰ বৃদ্ধি পায় । উদাৰীকৰণৰ ফলত বিদেশজাত আমদানি দ্ৰব্যৰ পৰিমাণ বৃদ্ধি আৰু এনেবােৰ দ্ৰব্যৰ ওপৰত আমদানি শুল্ক হ্রাস পাইছে । ফলস্বৰূপে , দেশীয় বজাৰত কম দামত উপলব্ধ বিদেশী দ্রব্যৰ লগত দেশীয় দ্রব্যৰ মুক্ত প্রতিযােগিতা আৰম্ভ হােৱাত দেশৰ উদ্যোগ খণ্ডবােৰৰ গুণগত বিকাশ বাধ্যতামূলক । 

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top