Class 12 Geography Unit 21 ভূমি সম্পদ আৰু কৃষিকাৰ্য

Class 12 Geography Unit 21 ভূমি সম্পদ আৰু কৃষিকাৰ্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 21 ভূমি সম্পদ আৰু কৃষিকাৰ্য and select needs one.

Class 12 Geography Unit 21 ভূমি সম্পদ আৰু কৃষিকাৰ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 21 ভূমি সম্পদ আৰু কৃষিকাৰ্য Solutions for All Subject, You can practice these here…

ভূমি সম্পদ আৰু কৃষিকাৰ্য

অধ্যায় – ২১

তৃতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। তলৰ কোনবিধ ভূমি ব্যৱহাৰৰ অন্তৰ্গত নহয় 

( i ) পতিত ভূমি ।

( ii ) নিগুটি কৃষিভূমি ।

( iii ) কৃষিযােগ্য পতিত ভূমি । আৰু 

( iv ) সীমামূৰীয়া ভূমি ।

উত্তৰঃ ( iv ) সীমামূৰীয়া ভূমি ।

২। তলৰ কোনটো কাৰ্য্যৰ দ্বাৰা জলসিঞ্চ নকৰা অঞ্চলৰ খেতি মাটিৰ যথেষ্ট অবনমন ঘটে 

( i ) বতাহৰ দ্বাৰা হােৱা ক্ষয়কাৰ্য্য ।

( ii ) লৱণীকৰণ ।

( iii ) জলকর্ষণ । আৰু

( iv ) বােকাৰ প্রলেপ ।

উত্তৰঃ ( ii ) লৱণীকৰণ ।

৩। তলৰ কোন দুখন দেশে HYV ঘেঁহু আৰু ধানৰ বীজ প্রস্তুত কৰে 

( i ) মেক্সিকো আৰু ফিলিপাইন । 

( ii ) মেক্সিকো আৰু চিংগাপুৰ ।

( iii ) জাপান আৰু অষ্ট্রেলিয়া । আৰু

( iv ) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপান ।

উত্তৰঃ ( i ) মেক্সিকো আৰু ফিলিপাইন ।

৪। তলৰ কোনবিধ শস্যৰ খেতি শুকান কৃষি ভূমিত উৎপাদন কৰা নহয় – 

( i ) কুঁহিয়াৰ ।

( ii ) বাদাম ।

( ii ) বজৰা । আৰু

( iv ) জোৱাৰ ।

উত্তৰঃ ( i ) কুঁহিয়াৰ ।

৯। কৃষিত ব্যৱহৃত মুঠ ভূমিৰ পৰিমাণ কেনেকৈ নির্ণয় কৰা হয় ? 

উত্তৰঃ প্ৰকৃত খেতি কৰা মাটি বা নিগুটি কৃষিভূমি আৰু বছৰেকত এবাৰতকৈ অধিকবাৰ খেতি কৰা মাটিৰ পৰিমাণ যােগকৰি কৃষিত ব্যৱহৃত মুঠ ভূমিৰ পৰিমাণ নির্ণয় কৰা হয় । 

১০। নিগুটি কৃষিভূমি আৰু কৃষিৰ যোগ্য পতিত ভূমিৰ পার্থক্য কি ? 

উত্তৰঃ কৃষিযােগ্য পতিত ভূমি কৃষিৰ উপযােগী হােৱা স্বত্বেও বিভিন্ন কাৰণত পাঁচ বছৰৰ বাবে একেৰাহে চন পৰি থাকে । ইয়াৰ বিপৰীতে নিগুটি কৃষিভূমিসমূহ কৃষিকাৰ্যৰ বাহিৰে আন যিকোনাে কামত ব্যৱহাৰ হােৱা মাটি আৰু বিভিন্ন কাৰণত আংশিক অথবা সম্পূর্ণভাৱে অব্যৱহৃত অৱস্থাত পৰি থাকে । 

১১। শুষ্কভূমিৰ কৃষি আৰু আর্দ্রভূমিৰ কৃষিৰ পার্থক্য কি ? 

উত্তৰঃ বার্ষিক বৰষুণৰ পৰিমাণ ৭৫ ছেন্টিমিটাৰতকৈ কম হােৱা অঞ্চলবােৰৰ কৃষিক শুষ্কভূমিৰ কৃষি আৰু ৭৫ ছেন্টিমিটাৰৰ অধিক বৰষুণ হােৱা অঞ্চলৰ কৃষিক আদ্রভূমিৰ কৃষি বােলে । 

চমুউত্তৰ দিয়া

১২। ভাৰতৰ ভূমি ৰাজহ বিভাগ ব্যৱহাৰ যােগ্যতাৰ ভিত্তিত ভূমিক কিদৰে বিভক্ত কৰিছে ?

উত্তৰঃ ভাৰতৰ ভূমি ৰাজহ বিভাগে ভূমিৰ ব্যৱহাৰ যােগ্যতাৰ ভিত্তিত ভূমিক ৯ টা বৰ্গত বিভক্ত কৰিছে । সেয়া হ’ল :-

( ক ) অৰণ্যক্ষেত্র :- অৰণ্য অৱয়ব সমূহৰ সামগ্রিক বিস্তাৰৰ স্বাৰ্থত আছুতীয়া কৰি ৰখা যি কোনাে অৱয়ৱপূর্ণ ভূমিক অৰণ্যক্ষেত্র বােলা হয় ।ৰাজহ বিভাগে নদ-নদীৰ অধিকৃত ক্ষেত্রকে ধৰি অৰণ্যৰ উপকণ্ঠীয় বহুতাে অব্যৱহৃত অথবা আবাদী ভূমিও এই বৰ্গৰ ভিতৰত ধৰে । 

( খ ) কৃষিভিন্ন ব্যৱহাৰ ক্ষেত্ৰঃ গ্রাম্য আৰু পৌৰ এলেকাৰ আবাদী ভূমি , ৰাস্তা – ঘাট , নলা নর্দমা , উদ্যোগ আৰু বাণিজ্য ক্ষেত্র , ক্রীয়াক্ষেত্র প্রভৃতি সাংস্কৃতিক আৰু কৃষি ভিন্ন আর্থিক কাম – কাজত ব্যৱহৃত সকলাে প্ৰকাৰৰ ব্যক্তিগত , ৰাজহুৱা আৰু চৰকাৰী মালিকানাধীন ভূমি এইটো বৰ্গৰ ভিতৰত পৰে । 

( গ ) অকৃষিযােগ্য অব্যৱহৃত ক্ষেত্র :- অনুর্বৰ পার্বত্য এলেকা , নদী গঠিত অনুবৰ পৃষ্ঠ , মৰুভূমি , বিস্তীর্ণ শিলাপৃষ্ঠ প্রভৃতি অৱস্থানসমূহ পতিত অৱস্থাত থাকে । এনেবােৰ ভূমিক অকৃষিযােগ্য অব্যৱহৃত ভূমি ৰূপে বৰ্গীকৰণ কৰা হয় । 

( ঘ ) তৃণাঞ্চল আৰু চাৰণ ক্ষেত্র :- এই বৰ্গৰ অন্তর্ভূক্ত ভূমি সম্পদক সচৰাচৰ সার্বজনীন  ব্যৱহাৰৰ উদ্দেশ্যে মুকলি ৰখা হয় । যেনেঃ খেৰ , ইকৰা প্রভৃতি সম্পদৰ সংগ্ৰহৰ স্থান আৰু চৰণীয়া পথাৰ । এই শ্রেণীভূক্ত অধিকাংশ মাটি চৰকাৰ নাইবা গাওঁ পঞ্চায়তৰ অধীনত থাকে । 

( ঙ ) বৃক্ষৰােপণ ক্ষেত্রঃ বিভিন্ন শ্রেণীৰ বৃক্ষ ৰােপণকে ধৰি উপবন সমূহৰ অধিকৃত এলেকা হিচাপে চিনাক্ত কৰা এই বৰ্গৰ ভূমিৰ অধিকাংশই ব্যক্তিগত মালিকানাধীন । 

( চ ) কৃষিযােগ্য পতিত ভূমিঃ কৃষিৰ উপযােগী হােৱা স্বত্বেও বিভিন্ন কাৰণত কমেও পাঁচ বছৰ একেৰাহে চন পৰি থকা ভূমি এইটো বৰ্গৰ অন্তৰ্গত ।

( ছ ) সাময়িক পতিত ভূমিঃ এটা কৃষি বর্ষ অথবা তাতকৈ কম সময়ৰ বাবে চন পেলাই হােৱা মাটি এইটো বৰ্গৰ অন্তৰ্গত । 

( জ ) সাময়িক পতনভিন্ন পতিত ভূমি :- সম্পূর্ণ এটা কৃষি বৰ্ষতকৈ অধিক , কিন্তু পাঁচ বছৰৰ কম সময় অব্যৱহৃত হৈ পৰি থকা কৃষিযােগ্য ভূমি এইটো বৰ্গৰ অন্তৰ্গত । 

( ঝ ) নিণ্ডটি কৃষিভূমিঃ কৃষিকাৰ্যৰ বাহিৰে আন যিকোনাে কামত ব্যৱহাৰ হােৱা মাটি আৰু ভিন্ন কাৰণত আংশিক অথবা সম্পূর্ণভাৱে অব্যৱহৃত অৱস্থাত পৰি থকা বিভিন্ন বৰ্গৰ ভূমিক্ষেত্ৰবােৰ বাদ দিয়াৰ পাছত নিয়মীয়া কৃষিকাৰ্যৰ পৰা ফচল আহৰণত দেশৰ সার্থক ভূমিখণ্ডবােৰক নিশুটি কৃষিখণ্ড বােলা হয় । 

১৩। খাৰিফ শস্য আৰু ৰবি শস্যৰ মাজত পৃথক পৃথক টোকা লিখা । 

উত্তৰঃ দক্ষিণ পশ্চিম মৌচুমীজনিত গ্রীষ্মকালীন বৃষ্টিপাতক অৱলম্বন ৰূপে লৈ জুন আৰু ছেপ্তেম্বৰ মাহৰ পৰিসৰত উত্তৰ ভাৰতত সম্পাদন কৰা কৃষিকাৰ্যৰ নাম খাৰিফ কৃষি । ধান , কপাহ , মৰাপাট , জোৱাৰ , বজৰা , তুৰ প্রভৃতি ক্রান্তীয় শস্যবােৰ এইখাৰিফ কৃষি উৎপাদন কৰা হয় । 

আনহাতে , অক্টোবৰ আৰু মাৰ্চ মাহৰ মাজত শুকান আৰু শীতল কৃষিঋতু আৰু এই ঋতুত সম্পাদন কৰা কৃষি কার্য কৰি কৃষি নামে জনা যায় । এই কৃষিত উপক্রান্তীয় আৰু নাতিশীতােষ্ণ জলবায়ু মণ্ডলীয় লক্ষণপুষ্ট ঘেঁহু , মাকৈ , সৰিয়হ , ৰাই , কাবি প্রভৃতি শস্যসমূহ দেখা যায় । 

১৪। ভাৰতবৰ্ষৰ গােম ধান খেতিৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ ভাৰতবৰ্ষৰ মুঠ কৃষিভূমিৰ ৭.৯৪ শতাংশ মাকৈ অথবা গােমধান খেতিৰ বাবে ব্যৱহাৰ কৰা দেখা যায় । পূৱ আৰু উত্তৰ – পূৱ ভাৰতক বাদ দি সমগ্র দেশতে ইয়াৰ শস্য ক্ষেত্রসমূহ সেৰেঙাভাৱে সিঁচৰিত হৈ আছে । অৱশ্যে ইয়াৰ মাজতে মধ্যপ্রদেশ , অন্ধ্রপ্রদেশ , কর্ণাটক , ৰাজস্থান আৰু উত্তৰ প্ৰদেশত গােমধানৰ উৎপাদন বেছি । অন্যান্য মােটা শ্ৰেণীৰ অন্ন শস্যৰ তুলনাত গােমধানৰ উৎপাদন হাৰ আৰু বজাৰ দৰ বেছি । ইয়াৰ উৎপাদন হাৰ দক্ষিণ ভাৰতত সর্বাধিক হােৱাৰ বিপৰীতে উত্তৰ দিশলৈ ক্রমে কমি আহি মধ্য ভাৰতত সর্বনিম্ন অৱস্থা পাইছেগৈ । 

১৫। ভাৰতবৰ্ষৰ কপাহ খেতিৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ ভাৰতৰ মুঠ কৃষিভূমিৰ ৭.৩ শতাংশত কপাহ খেতি কৰা হয় । কপাহ উৎপাদনত ভাৰতৰ স্থান চীন আৰু যুক্তৰাষ্ট্ৰৰ পাছত অর্থাৎ তৃতীয় স্থানত । ভাৰতত উৎপন্ন হােৱা কপাহক দীঘল আহী , মধ্য আঁহী আৰু হুস্বহী — এই তিনিটা শ্ৰেণীত বিভক্ত কৰা হয় । তিনিওবিধ কপাহৰ পৰিমাণ দেশৰ মুঠ উৎপাদিত কপাহৰ যথাক্রমে ৫০ শতাংশ , ৪৪ শতাংশ আৰু ৬ শতাংশ । ২০০৩-০৪ চনত ভাৰতৰ ৯২ লাখ হেক্টৰ ভূমিত কপাহৰ খেতি কৰি ২৩.৪ টন কপাহ উৎপাদন কৰা হৈছিল । আনহাতে , ১৯৫০-৫১ চনত ভাৰতত মাত্র ৫১৭ টনহেকপাহ উৎপাদন কৰা হৈছিল । পাঞ্জাৱ , মহাৰাষ্ট্র , গুজৰাট , হাৰিয়াণা , অন্ধ্রপ্রদেশ , ৰাজস্থান , কর্ণাটক , তামিলনাড়ু আৰু মধ্যপ্রদেশত দেশৰ ৯৮.৬৩ শতাংশ কপাহ উৎপাদন হয় । 

১৬। কেনে ধৰণৰ ভৌগলিক পৰিবেশত চাহ খেতি হয় আৰু ভাৰতৰ কোন কেইখন ঠাইত এই খেতি প্ৰচুৰ পৰিমাণে হয় ? 

উত্তৰঃ ক্রান্তীয় আৰু উপক্ৰান্তীয় গৰম সেমেকা জলবায়ু চাহ গছৰ উপযােগী । অতিপাত ৰ’দ আৰু পানী জমা হৈ থকা সেমেকা মাটিয়ে ইয়াৰ অনিষ্ট সাধন কৰে । সেমেকা বতাহ , সঘটনাই হােৱা কিনকিনীয়া বৰষুণ আৰু পুৰাভাগৰ কুঁৱলী চাহ গছৰ বাবে এক আদর্শ পৰিবেশ । চাহগছৰ বাবে লেটাৰাইট শ্ৰেণীৰ ৰঙা আলতীয়া অম্নগুণ বিশিষ্ট মাটি অতি উপযােগী । 

গৰম আৰু সেমেকা জলবায়ুৰ অন্তৰ্গত পানী জমা নােহােৱা এঢলীয়া পৃষ্ঠসমূহতেই ভাৰতৰ সমুদায় চাহগছ বিস্তাৰিত হৈ আছে । ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ১০০-৩০০ মিটাৰ উচ্চতাত আৰু উত্তৰ বংগ , উত্তৰাঞ্চল , হিমাচল প্রদেশ প্রভৃতি হিমালয়ৰ পাদ দেশত ১০০০ মিটাৰ উচ্চতালৈ আৰু দাক্ষিণাত্য মালভূমিত ১৮০০ মিটাৰ উচ্চতালৈ চাহগছ দেখা যায় । 

১৭। ভাৰতবৰ্ষত কফি খেতিৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ ভাৰতত কফিৰ সর্বোত্তম প্রজাতি অর্থাৎ , এবিকা প্রজাতিৰ কফি খেতি কৰা হয় । আৰু ভাৰতত পৃথিৱীৰ ৪.৩ শতাংশ কফিহে উৎপাদন কৰা হয় । কফি উৎপাদনত এই দেশৰ স্থান ষষ্ঠ  সহ্যাদি পর্বত শ্রেণীৰ উচ্চ অৱস্থানত থকা কর্ণাটক , কেৰেলা আৰু তামিলনাড়ু ৰাজ্যৰ এলেকাবােত কফি খেতি কৰা হয় । ভাৰতৰ সৰ্বমুঠ ২.২ লাখ হেক্টৰ মাটিত বছৰি ৩ লাখ টন কফি উৎপাদন কৰা হয় । ইয়াৰে প্রায় ২ লাখ টন কেৱল কৰ্ণাটক প্রদেশতে উৎপাদিত হােৱা দেখা যায় । 

১৮। স্বাধীনােত্তৰ কালত কৃষিকাৰ্যৰ উন্নতিৰ বাবে কি ব্যৱস্থা গ্রহণ কৰা হৈছে ? 

উত্তৰঃ স্বাধীনােত্তৰ কালৰ ভাৰতৰ সামগ্রিক কৃষি উন্নয়ন কার্যসূচীত জলসিঞ্চনৰ যথেষ্ট প্ৰভাৱ আছে । জলসিঞ্চন , উন্নত জাতৰ বীজ আৰু ৰাসায়নিক সাৰ প্ৰয়ােগৰ দৰে কৃষি প্রযুক্তিৰ উপৰিও শস্য নিৰাপদে ৰখাৰ উদ্দেশ্যে প্রয়ােজন সাপেক্ষে কীটনাশক ঔষধৰ প্ৰয়ােগ আৰু মাটি চহোৱাৰ পৰা শস্য চপােৱাৰ পর্যায়লৈকে বিভিন্ন ধৰণৰ অপৰম্পৰাগত সা – সঁজুলিৰ ব্যৱহাৰ দ্রুত গতিত বৃদ্ধি পাবলৈ ধৰিছে । দেশৰ শস্য ক্ষেত্ৰসমূহত কৃষি প্রযুক্তিৰ প্ৰয়ােগ ত্রুতগতিত বৃদ্ধি পাব লাগিছে । ষাঠি দশকৰ মাজভাগৰ পৰা ২০০২ চনৰ ভিতৰত দেশৰ কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰৰ প্ৰয়ােগ ১৫ গুণ বাঢ়িছে । অধিক উৎপাদনক্ষম শস্যৰ প্ৰজাতিসমূহ নানাবিধ ৰোগ আৰু পােক – পৰুৱাৰ আক্ৰমণৰ প্ৰতি যথেষ্ট সংবেদনশীল হােৱা বাবে এনে প্ৰজাতিৰ শস্যক্ষেত্ৰত ষাঠিৰ দশকৰ পৰা ঔষধ আৰু কীটনাশক প্রয়ােগ বৃদ্ধি পায় । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

দীঘল প্ৰশ্নৰ উত্তৰ

১৯। ভাৰতৰ ঋতুজনিত শষ্যৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ উত্তৰ ভাৰতৰ উপক্ৰান্তীয় পৰিবেশত বৃষ্টিপাত আৰু বায়ুমণ্ডলীয় উষ্ণতাৰ ঋতুজ উত্থান পতন অনুসৰি বিভিন্ন শ্রেণীৰ শস্য উৎপাদনৰ সম্ভাৱনাপূর্ণ তিনিটা ঋতু পােৱা যায় । দক্ষিণ – পশ্চিম মৌচুমীজনিত গ্রীষ্মকালীন বৃষ্টিপাতক অৱলম্বন ৰূপে লৈ জুন আৰু ছেপ্তেম্বৰ মাহৰ পৰিসৰত উত্তৰ ভাৰতত সম্পাদন কৰা কৃষিকাৰ্যক খাৰিফ কৃষি বােলা হয় । আৰু এই কৃষিত উৎপাদিত হােৱা বিভিন্ন শস্যক খাৰিফ শস্য বুলি কোৱা হয় । ধান , কপাহ , মৰাপাট , জোৱাৰ , বৰা , তুৰ প্ৰভৃতি খাৰিফ শস্যৰ উদাহৰণ । অক্টোবৰ আৰু মাৰ্চ মাহৰ মাজত শুকান আৰু শীতল কৃষি ঋতু । এই ঋতুত সম্পাদন কৰা শস্যসমূহক উত্তৰ ভাৰতত ৰবি শস্য বােলা হয় । এই ৰবি শস্যসমূহৰ মাজত উপক্রান্তীয় আৰু নাতি শীতল জলবায়ু মণ্ডলীয় লক্ষণপুষ্ট ঘেঁহু , মাকৈ , সৰিয়হ , ৰাই , কবি প্রভৃতি শস্যসমূহ দেখা যায় । আনহাতে , এপ্রিল আৰু জুন মাহৰ মাজৰ আপেক্ষিক শুকান আৰু উষ্ণতা ক্রমশঃ বাঢ়ি অহাৰ সময়ছােৱাত তিয়ঁহ , তৰমুজ আৰু নানাবিধ গ্রীষ্মকালীন পাচলি উৎপাদন কৰা তুলনামূলকভাৱে চুটি কৃষি ঋতুটোক জায়দ বােলে । জায়দ শ্ৰেণীৰ বেছিভাগ শস্যই জলসিঞ্চনপুষ্ট । 

২০। ভাৰতবৰ্ষৰ ধান খেতিৰ বিষয়ে লিখা । 

উত্তৰঃ ভাৰতৰ মুঠ কৃষিভূমিৰ প্রায় ত্রিশ শতাংশ ভূমিত ধানখেতি কৰা হয় । বিশ্বৰ এক পঞ্চমাংশ উৎপাদনেৰে ভাৰতে ধান উৎপাদনৰ ক্ষেত্ৰত চীন দেশৰ পিছতে পৃথিৱীত দ্বিতীয় স্থান লাভ কৰি আহিছে । পৃথিৱীৰ সৰ্বমুঠ ১০,০০০ প্রজাতিৰ ধানৰ ভিতৰত দেশখনত প্রায় ৪০০০ বিধ ধানৰ খেতি কৰা হয় । 

১৯৫০-৫১ চনৰ পৰা ২০০৩-০৪ চনৰ সময়ছােৱাত ভাৰতত ধান খেতিৰ উদ্দেশ্যে ব্যৱহাৰ কৰা মাটি আৰু ধানৰ মুঠ উৎপাদন বহু গুণে বৃদ্ধি পােৱা দেখা যায় । ঘাইকৈ জলসিঞ্চনৰ সহায়ত অল্পবৃষ্টি অঞ্চললৈকো এই খেতিৰ সম্প্ৰসাৰণ আৰু উন্নত মানৰ বীজ ব্যৱহাৰৰ ফলত হেক্টৰে প্রতি উৎপাদন বৃদ্ধি হােৱাত এই শস্য দেশৰ সকলাে অঞ্চলত সমানে জনপ্রিয় হৈছে । থাৰ মৰুভূমি , আৰু পৰ্বতৰ অতি ওখ অৱস্থানসমূহক বাদ দি দেশৰ প্রায় সকলাে পৰিবেশত অলপ হ’লেও ধান খেতি কৰা হয় । 

কিন্তু ভাৰতৰ মুঠ উৎপাদনৰ ৫৭.৬৪ শতাংশ ধানৰ পশ্চিম বংগ , উত্তৰ প্ৰদেশ , অন্ধ্রপ্রদেশ , পঞ্জাৱ আৰু তামিলনাডু ৰাজ্যতে উৎপাদন হয় । ইয়াৰ ভিতৰত পশ্চিমবংগ আৰু তামিলনাডুৰ বাহিৰে বাকীকেইখন ৰাজ্যত ধান খেতিৰ বাবে প্রসিদ্ধ নাছিল । হেক্টৰে প্রতি উৎপাদন তামিলনাড়ুত ৩.৩৯৪ টন , পঞ্জাৱত ৩.৩৮৩ টন , হাৰিয়ানাত ২.৮০২ টন , অন্ধ্রপ্রদেশত ২.৫৫ টন , কর্ণাটকত ২.৪৪৫ টন আৰু পশ্চিমবংগত ২১২ টন । বাকীবােৰ ৰাজ্যত হেক্টৰে প্ৰতি ধানৰ উৎপাদন দুই টনতকৈ কম । 

২১। ঘেঁহু শস্যৰ বাবে আৱশ্যকীয় ভৌগােলিক পৰিবেশ আৰু ভাৰতত ঘেঁহু উৎপাদনৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ বার্ষিক ১০০ ছেঃমিঃ অধিক বৰষুণ হােৱা পলসুৱা বােকা মাটিত ১০° -২৫° চেঃ পৰিসৰত তাপমান বাঢ়ি যােৱাৰ বতৰত ঘেঁহ খেতি সফলতাৰে সম্পন্ন কৰিব পাৰি । 

ভাৰতত মুঠ কৃষিভূমিৰ ১৪ শতাংশ এলেকাত ঘেঁহু খেতি কৰা হয় । দেশত উৎপাদিত মুঠ ঘেঁহুৰ পৰিমাণ মুঠ খাদ্য শস্যৰ ৩৫ শতাংশ । ভাৰতৰ প্রতি হেক্টৰ ঘেঁহু ক্ষেত্ৰৰ গড় উৎপাদন প্রায় ২.৮০ টন । দেশৰ মুঠ ঘেঁহু উৎপাদনৰ দুই তৃতীয়াংশ পঞ্জাৱ , হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰাই আহে । মধ্যপ্রদেশ , ৰাজস্থান , বিহাৰ গুজৰাট আৰু মহাৰাষ্ট্ৰ দেশখনৰ ঘেঁহু উৎপাদনকাৰী প্রধান ৰাজ্যসমূহৰ ভিতৰত পৰে । হেক্টৰে প্রতি উৎপাদনৰ ক্ষেত্ৰত পাঞ্জাৱত সর্বাধিক ৪.০৯ টনকৈ ঘেঁহু উৎপন্ন হয় । ইয়াৰ পাছত যথাক্রমে হৰিয়ানাত ৩.৬৮ টন , গুজৰাট ২.৭২ টন , উত্তৰ প্ৰদেশত ২.৫১ টন , ৰাজস্থানত ২.৪২ টন , বিহাৰত ২.০৬ টন । মধ্যপ্রদেশত ১.৭৪ টন আৰু মহাৰাষ্ট্ৰত ১.৪৫ টনকৈ ঘেঁহুৰ উৎপাদন হয় ।

২২। ভাৰতবৰ্ষৰ মাহ জাতীয় খেতিৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ ভাৰতত পৃথিৱীৰ প্রায় এক পঞ্চমাংশ মাহ জাতীয় শস্য উৎপন্ন হয় । এনে শস্যসমূহে দেশৰ মুঠ কৃষিক্ষেত্ৰৰ প্ৰায় ৮.২১ শতাংশ এলেকা অধিকাৰ কৰি আছে । দাক্ষিণাত্য আৰু মধ্যভাৰতৰ মালভূমি অঞ্চল আৰু উত্তৰ পশ্চিম ভাৰতৰ শুকান এলেকাবােৰত মাহ খেতিৰ প্রচলন বেছি । ভাৰতৰ প্ৰধান দাইলসমূহৰ ভিতৰত বুট , ৰহৰ আৰু মগুয়েই প্রধান । ভাৰতৰ উপক্ৰান্তীয় অঞ্চলত বুটৰ খেতি কৰা হয় । ঘাইকৈ মধ্য ভাৰত , পশ্চিম ভাৰত আৰু দেশৰ উত্তৰ পশ্চিম অঞ্চলবােৰত জলসিঞ্চন ৰহিত পৰিবেশত খৰাং ঋতুত এই শস্যৰ খেতি কৰা হয় । 

দেশৰ মুঠ কৃষিভূমিৰ মাত্র ২.৮ শতাংশ এলেকাতহে এইবিধ শস্য দেখা যায় । ৰহৰ ভাৰতৰ দ্বিতীয় প্রধান মাহজাতীয় শস্য । ভাৰতৰ মুঠ কৃষিভূমিৰ মাত্র ২ শতাংশ এলেকাতহে এই শস্যৰ গাইগুটীয়া খেতি দেখা যায় । দেশত সৰ্বমুঠ উৎপাদিত ৰহৰ মাহৰ এক তৃতীয়াংশ কেৱল মহাৰাষ্ট্ৰই উৎপাদন কৰে । উত্তৰ প্ৰদেশ , কর্ণাটক , গুজৰাট আৰু মধ্যপ্রদেশত এই শস্যৰ বাণিজ্যিক উৎপাদন পােৱা যায় । মণ্ডমাহ আৰু মাটি মাহ প্রভৃতি আনবােৰ দাইলৰ খেতি ভাৰতৰ উল্লেখযােগ্য পৰিসৰৰ কৃষিকাৰ্যৰ ভিতৰত নপৰেই বুলিব পাৰি । ইয়াৰ ভিতৰত মাটিমাহৰ খেতি সমগ্ৰ উত্তৰ ভাৰত অতিশয় পাতল ৰূপত সিঁচৰিত হৈ থকা পােৱা যায় । চম্বল উপত্যকাক কেন্দ্ৰ কৰি ৰাজস্থানৰ দক্ষিণ পূৱ আৰু মধ্যপ্রদেশৰ পশ্চিমৰ অঞ্চল দুটাত মগুমাহৰ খেতি দেখা যায় । 

২৩। কুঁহিয়াৰ খেতিৰ বাবে আৱশ্যকীয় ভৌগালিক পৰিবেশ আৰু ভাৰতত ইয়াৰ উৎপাদনৰ বিষয়ে লিখা । 

উত্তৰঃ ২১-৩০° চেঃ উত্তাপ আৰু বার্ষিক ৭৫-১৫০ ছেঃমিঃ বৰষুণৰ জলবায়ু কুঁহিয়াৰ খেতিৰ উপযােগী । অতিপাত খৰাং অঞ্চলৰ কুঁহিয়াৰ আঁহিয়া হয় । হিমপাত এই শস্যৰ ক্ষতিকাৰী । ভাৰতত ১৯৫০-৫১ আৰু ২০০৩-০৪ চনৰ মাজৰ ৫৩ বছৰ পাছত কুহিয়াৰ উৎপাদনৰ নিৰিখ হেক্টৰে প্ৰতি ৩৩.৪২ টনৰ পৰা ৬৯.৪৪ টনলৈ , অর্থাৎ আগৰ তুলনাত ২.০৮ গুণ বৃদ্ধি পাইছে । তথাপিও ইন্দোনেচিয়া , ইজিপ্ত , মেক্সিকো প্রভৃতি দেশৰ তুলনাত এই দেশৰ উৎপাদন হাৰ দুই তৃতীয়াংশ । 

ভাৰতত উল্লেখযােগ্যভাৱে কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য মুঠতে ১৩ খন । এই ৰাজ্যসমূহৰ ভিতৰত উত্তৰ প্রদেশ , বিহাৰ , হাৰিয়ানা আৰু পঞ্জাৱত দেশৰ ৫১.৮৮ শতাংশ কুঁহিয়াৰ উৎপন্ন হয় । এই কেইখন ৰাজ্যৰ চুবুৰীয়া জম্মু অঞ্চল , দক্ষিণ হিমাচল , ৰাজস্থান গংগা নগৰ জিলা আৰু মধ্যপ্রদেশৰ চম্বল উপত্যকা অঞ্চলৰ উৎপাদন শতদ্রু গংগা অৱবাহিকা সমতলত দেশৰ সৰ্বমুঠ ৫৩ শতাংশ কুহিয়াৰ উৎপন্ন হয় । গুজৰাট , মহাৰাষ্ট্র , কর্ণাটক , অন্ধ্রপ্রদেশ আৰু তামিলনাডু ৰাজ্যকে সামৰি দেশৰ দ্বিতীয় প্রধান কুহিয়াৰ উৎপাদনৰ অঞ্চলটোত দেশখনৰ ৪৬ শতাংশ কুঁহিয়াৰ উৎপন্ন হয় । মুঠ উৎপাদনৰ জোখত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তামিলনাড়ু ৰাজ্যকেইখন কুঁহিয়াৰ উৎপাদনত যথাক্রমে প্রথম , দ্বিতীয় আৰু তৃতীয় স্থানত আছে । 

২৪। ভাৰতবৰ্ষৰ কৃষিক্ষেত্ৰৰ মূল সমস্যাবােৰ আলােচনা কৰা । 

উত্তৰঃ ভাৰতৰ কৃষিক্ষেত্র সমস্যাসমূহ তলত আলােচনা কৰা হ’ল :- 

( ক ) অনিয়মিত মৌচুমী নিৰ্ভৰতাঃ ভাৰতৰ মুঠ কৃষিভূমিৰ এক তৃতীয়াংশতহে জলসিঞ্চনৰ ব্যৱস্থা আছে । অর্থাৎ , দেশখনৰ কৃষিভূমিৰ অধিক অংশই বৃষ্টি নির্ভৰ হৈ আছে । ইফালে , বৃষ্টিবাহী দক্ষিণ – পশ্চিম মৌচুমীৰ অনিয়মিত আগমনৰ ফলত নদী সংযােগ জলসি ব্যৱস্থাও সময়ােচিত পানী যােগানৰ অনুকুল হৈ নাথাকে । 

( খ ) নিম্নহাৰৰ উৎপাদনঃ ভাৰতৰ পথাৰসমূহত প্ৰায়বােৰ শস্যৰে উৎপাদন হাৰ আন্তৰাষ্ট্ৰীয় মানৰ তুলনাত নিম্ন পর্যায়ৰ । ঘাইকৈ কৃষিভূমিৰ ওপৰত ক্ষিপ্র উৎপাদন প্রক্রিয়াৰ হেঁচা আৰু কৃষিখণ্ডত কৰ্মৰত শ্ৰমিকসকলৰ সীমিত দক্ষতা প্রভৃতি কিছুমান উমৈহতীয়া কাৰকৰ ক্ষতিক প্ৰভাৱক ইয়াৰ বাবে দায়বদ্ধ কৰিব পাৰি । 

( গ ) বিত্তীয় ক্ষেত্রঃ অধিক উৎপাদনক্ষম কৃষি প্ৰণালী মাত্রেই ব্যয়বহুল । কিন্তু , ভাৰতৰ অধিকাংশ ক্ষুদ্র তথা দৰিদ্ৰ কৃষকৰ পক্ষে সীমিত গাইগুটীয়া কৃষিভূমিৰ পৰিশ্ৰত উচ্চ নিৰখৰ  মূলধনী খৰচ জোৰা মাৰিব নােৱাৰাত সঞ্চয়বিহীন অথবা ঋণদায়গ্রস্ত আর্থিক অৱস্থাৰ অধিকাংশ ভাৰতীয় কৃষকেই অবিকল্পভাৱে পৰম্পৰাগত কৃষি প্ৰণালীকে আদৰি লয় ।

( ঘ ) ভূমি সংস্কাৰহীনতাঃ স্বাধীনতা লাভৰ পাছত কৃষিভূমিৰ সংস্কাৰ কাৰ্যই অগ্রাধিকাৰ লাভ কৰাৰ পৰিবেশতাে ঘাইকৈ ৰাজনৈতিক স্বার্থৰ অন্তৰালত দেশৰ ভূমি সংস্কাৰ নীতিয়ে আশাপ্রদ সফলতা প্রদর্শন কৰা নাই । ভূমি সংস্কাৰ কাৰ্যসূচীৰ বিফলতাৰ ফলত কৃষিভূমিৰ বৈষম্যমূলক বিতৰণ অব্যাহত থকাৰ কাৰণে দেশৰ মুঠ কৃষিজাত উৎপাদন তলৰ পর্যায়তে থাকি গ’ল । 

( ঙ ) ক্ষুদ্রাকৃতিক শস্যক্ষেত্ৰ আৰু কৃষিভূমি বিখণ্ডনঃ দেশৰ ৫০ শতাংশ কৃষকৰ কৃষিভূমি এক হেক্টৰতকৈও কম । তেওঁলােকৰ মাজৰে ৪০ শতাংশ কৃষকৰ মাটি গাইপতি আধা হেক্টৰতকৈও কম । জনসংখ্যা বৃদ্ধিৰ লগে লগে উত্তৰাধিকাৰীসূত্রে মাটি ভাগ হােৱাৰ ফলত পুৰুষানুক্রমিক ভাৱে কৃষিভূমিৰ বিখণ্ডন কার্য অব্যাহত আছে । ফলত খণ্ড বিখণ্ডিত কৃষিভূমিৰ হাৰ ক্ষিপ্র গতিত কমি আহি আছে । 

( চ ) বাণিজ্যিকীকৰণৰ অভাৱ :- ভাৰতৰ অধিকাংশ কৃষকেই ক্ষুদ্র অথবা প্রান্তীয় পর্যায়ৰ কৃষক হােৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলােকৰ উৎপাদন কার্য পােষক পৰিসৰতে সীমাবদ্ধ । এই শ্ৰেণীৰ কৃষকে বাণিজ্যিক শস্যতকৈ খাদ্য – শস্য উৎপাদনত প্রাধান্য দিয়ে । সেয়েহে ভাৰতত উৎপাদিত বুজন পৰিমাণৰ শস্যই বিপণন প্রণালীৰ ভিতৰত সেমােৱাৰ সুযােগ নাপায় । 

( ছ ) বিস্তীর্ণ নিম্ন নিযুক্তিঃ ভাৰতৰ কৃষিক্ষেত্ৰক আশ্রয় কৰি জীৱিকা নির্বাহ কৰি অহা কৃষক অথবা কৃষি শ্রমিকৰ যথেষ্ট সংখ্যাকেই কৃষিবর্ষ এটাৰ পৰিসৰত ৪-৮ মাহকাল শ্রমহীন ভাৱে পাৰ কৰিবলগীয়া হয় । দেশৰ কৃষিপ্রণালীটো শ্রমকেন্দ্রীক নহৈ ভূমিকেন্দ্রীক হৈ থকাৰ কাৰণে সীমিত কৃষিভূমিত কৃষিজীৱী শ্রেণীটোৰ পক্ষে পূর্ণ নিযুক্তি সম্ভৱপৰ নহয় । 

( জ ) কৃষিভূমিৰ অৱনমনঃ আঁসােৱাহপূর্ণ জলসিঞ্চন ব্যৱস্থাৰ পৰিণতি আৰু কৃষিভূমিৰ উপযুক্ত যতনৰ , অভাৱত ভাৰতৰ বিস্তীর্ণ কৃষিভূমিৰ বৃহৎ অঞ্চল কিছুমানত মাটিৰ উৰ্বৰতা হ্রাস পাইছে । কৃষিকার্যত ব্যৱহৃত কীটনাশক আৰু ৰােগনাশক ৰাসায়নিক দ্রব্যসমূহৰ বুজন অংশ একোটাই কৃষিভূমিৰ অবিৰত গতিত সংযােগ ঘটাৰ ফলত মাটিৰ স্বাভাৱিক বিৱৰ্তন প্রক্রিয়া ক্ষতিগ্রস্ত হৈছে । 

২৫। ভাৰতৰ প্ৰধান তৈল বীজৰ কৃষিকাৰ্যৰ বিষয়ে বর্ণনা কৰা । 

উত্তৰঃ বিভিন্ন প্রকাৰৰ খােৱা তেলকে ধৰি চর্বি জাতীয় খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ উদ্দেশ্যে । ভাৰতত সৰিয়হ , তিল , ৰাই , ছয়াবীন , বেলিফুল কেষ্টৰ প্ৰভৃতি বহু ধৰণৰ তেলৰ গুটিৰ খেতি কৰা হয় । তদুপৰি কপাহ আৰু জলফাই গুটি , এড়াগুটি আদিৰ পৰাও তেল উলিওৱা হয় । মালােৱা মালভূমি , মৰাঠাৱাড়া ( আভ্যন্তৰীণ মহাৰাষ্ট্র ), গুজৰাট , ৰাজস্থান , তেলেংগনা আৰু ৰায়লসীমা ( অন্ধ্রপ্রদেশ ) প্রভৃতি শুকান অঞ্চলবােৰত তৈলবীজৰ খেতি বেছিকৈ দেখা যায় । ভাৰতৰ মুঠ কৃষি ক্ষেত্ৰৰ ১৩.৫৫ শতাংশ ভূমিত তৈলবীজৰ খেতি কৰা হয় যদিও দেশৰ এই শ্ৰেণীৰ শস্যৰ গড় উৎপাদনৰ হাৰ হেক্টৰে প্রতি ১.০৭ টনতকৈও কম । 

সৰিয়হ আৰু ৰাই শ্ৰেণীৰ ভিতৰত এই দুই প্রকাৰৰ মূল শস্যৰ উপৰিও তােৰ আৰু তাৰামি নামৰ আন দুই প্রকাৰৰ সদৃশ শস্যও সােমাই আছে । ঘাইকৈ উত্তৰ আৰু মধ্য ভাৰতত ৰবি ঋতুত এনেবােৰ শস্যৰ খেতি কৰা হয় । দেশৰ মুঠ কৃষিভূমিৰ ২.৫ শতাংশ এলেকাত এই শ্ৰেণীৰ শস্য দেখা যায় । এনেবােৰ শস্য স্থলীৰ প্রায় দুই তৃতীয়াংশত জলসিঞ্চনৰ ব্যৱস্থা আছে । ৰাজস্থানৰ পূব অংশ আৰু ইন্দিৰা গান্ধী জলসিঞ্চন আঁচনিয়ে সামৰি লােৱা পশ্চিম । সীমান্তৰ জিলাসমূহত দেশৰ এক তৃতীয়াংশ এই জাতীয় তেলৰ গুটি উৎপন্ন হয় । উত্তৰ প্রদেশ , হৰিয়ানা , পশ্চিমবংগ , মধ্যপ্রদেশ ৰাজ্যতো এনে শস্যৰ প্রচলন আছে । ৰাজস্থান আৰু হৰিয়াণা ৰাজ্যত এই শ্ৰেণীৰ তৈলবীজৰ উৎপাদনৰ হাৰ সর্বোৎকৃষ্ট । 

ভাৰতত পৃথিৱীৰ ১৭ শতাংশ বাদাম উৎপন্ন হয় । এইবিধ তৈলবীজৰ অধিকৃত কৃষি ভূমিৰ পৰিসৰ দেশৰ মুঠ কৃষিক্ষেত্ৰৰ প্রায় ৩.৬ শতাংশ । উত্তৰ ভাৰতৰ শুকান এলেকাত ইয়াক খাৰিফ শস্য হিচাপে উৎপাদন কৰা হয় । দক্ষিণ ভাৰতৰ ক্রান্তীয় পৰিৱেশত বছৰৰ যিকোনাে ঋতুতে বাদামৰ খেতি কৰিব পাৰি । 

ভাৰতত উৎপাদিত আনবােৰ তৈলবীজৰ ভিতৰত ছয়াবীন আৰু বেলি ফুলৰ উৎপাদন দ্রুতগতিত বাঢ়ি আহিছে । মহাৰাষ্ট্ৰ আৰু মধ্যপ্রদেশত দেশৰ ৯০ শতাংশ ছয়াবীন উৎপাদন হয় । কর্ণাটক , অন্ধ্রপ্রদেশ আৰু মধ্যপ্রদেশৰ সান্নিধ্যৱৰ্তী মহাৰাষ্ট্ৰৰ দক্ষিণ – পূর্ব অঞ্চলটোত ব্যাপক মাত্রা বেলিফুলৰ খেতি দেখা যায় । ই এক দক্ষিণ – ভাৰতকেন্দ্রিক সীমিত এলেকাৰ খেতি যদিও ইয়াৰ চাহিদা আৰু সেই অনুক্রমে উৎপাদন হাৰ ক্ষিপ্র গতিত বাঢ়ি আহিছে । স্বাস্থ্যসন্মত মানদণ্ডৰ সর্বসমাদৃত তেলৰ উৎস এইবিধ শস্য জলসিঞ্চনৰ ক্ষেত্ৰ সমূহতহে উৎপন্ন কৰা হয় । 

২৬। অনুৰ্বৰ আৰু খেতি কৰিব পৰা পতিত মাটিৰ মাজৰ পার্থক্য দেখুওৱা । 

উত্তৰঃ পার্বত্য এলেকা , মৰুভূমি , বালিচৰ , বিস্তীর্ণ শিলাপৃষ্ঠ প্রভৃতি অৱস্থানৰ মাটিবােৰ অনুর্ব হয় । এনে অৱস্থানৰ মাটিসমূহ প্রচলিত প্রযুক্তি কৌশলৰ পৰিসৰত কৃষিকাৰ্যৰ অনুপযােগী । আনহাতে , কৃষিৰ উপযােগী হােৱা সত্ত্বেও বিভিন্ন কাৰণত কমেও পাঁচ বছৰ একেবাহে চন পৰি থকা ভূমি কৃষিযােগ্য পতিত মাটিৰ অন্তৰ্গত । কৃষিকার্য সম্পাদনৰ সাময়িক অন্তৰায়সমূহ দূৰ কৰাৰ লগে লগে এইটো বৰ্গৰ ভূমি পুনৰ কৃষিৰ উপযােগী হৈ উঠে ।

২৭। ভাৰতত কৃষি উৎপাদন বৃদ্ধি আৰু প্ৰযুক্তিবিদ্যাৰ মাজৰ সম্পর্ক আলােচনা কৰা । 

উত্তৰঃ বিগত ছয় দশকৰ সময়ছােৱাত ভাৰতৰ কৃষিখণ্ডটোত উন্নত কৃষি প্রযুক্তিৰ প্ৰয়ােগ আৰু ইয়াৰ ফলােৱ ক্রমবর্ধমান উৎপাদনৰ গতিধাৰা মন কৰিবলগীয়া । 

স্বাধীনােত্তৰ ভাৰতত ১৯৫০ চনৰ পৰা ২০০৩ চনৰ সময়ছােৱাত ধানৰ উৎপাদন ৪.২৩ গুণ আৰু কুঁহিয়াৰ , তেলবীজ আৰু কপাৰ উৎপাদনাে চকুত লগাকৈ বাঢ়িছে । মাহজাতীয় শস্য চাহ মৰাপাট আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ প্ৰথম । আনহাতে ধান , ঘেহু, কুঁহিয়াৰ , বাদাম আৰু শাক পাচলি উৎপাদনত ভাৰতৰ স্থান পৃথিবীত দ্বিতীয় । ভাৰতৰ সামগ্রিক কৃষি উন্নয়ন কার্যসূচীত জল সিঞ্চনৰ প্ৰভাৱ অতিশয় শক্তিশালী । 

কাৰণ জলসিঞ্চনৰ সুব্যৱস্থা থকা পথাৰতহে উন্নত জাতৰবীজ আৰু ৰাসায়নিক সাৰ প্ৰয়ােগৰ সহায়ত আশানুৰূপ উৎপাদন বৃদ্ধি সম্ভৱ হয় । জনসিঞ্চন উন্নত জাতৰ বীজ আৰু ৰাসায়নিক সাৰ প্রয়ােগৰ দৰে কৃষি প্রযুক্তিৰ উপৰিশস্য নিৰাপদে ৰখাৰ উদ্দেশ্যে প্রয়ােজন সাপেক্ষে কীটনাশক ঔষধৰ প্ৰয়ােগ আৰু মাটি হােৱাৰ পৰা শস্য চপােৱাৰ পর্যায়লৈকে বহু ধৰণৰ অপৰম্পৰাগত সা – সজুলিৰ ব্যৱহাৰ দ্রুতগতিত বৃদ্ধি পাব লাগিছে । 

ইফালে ১৯৫০-২০০০ চনৰ কালছােৱাত দেশত নিগুটি জলসিঞ্চন ক্ষেত্ৰৰ পৰিসৰ ২০.৮৫ নিযুত হেক্টৰ পৰা ৫৪.৬৬ নিযুত হেক্টৰলৈ বৃদ্ধি ঘটিছে । দেশৰ শশ্য ক্ষেত্ৰসমূহত কৃষি প্রযুক্তিৰ প্ৰয়ােগ দ্রুতগতিত বৃদ্ধি পাব লাগিছে । সঠিৰ দশকৰ মাজভাগৰ পৰা ২০০০ চনৰ ভিতৰত দেশৰ কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰৰ প্ৰয়ােগ ১৪ গুণ বাঢ়িছে । ২০০২-০৩ চনৰ কৃষিবৰ্ষত পৃথিৱীৰ প্রতি হেক্টৰ কৃষিভূমিত গড়ে ৯০ কিলােগ্রামলৈ ৰাসায়নিক সাৰ প্ৰয়ােগ হােৱাৰ বিপৰীতে ভাৰতত এই নিৰিখ ৯১ কিলােগ্রাম । পঞ্জাৱ, হাৰিয়ানা , প্রভৃতি কৃষি সমৃদ্ধ প্রদেশৰ ক্ষেত্ৰত সাৰৰ প্ৰয়ােগৰ পৰিমাণ ৰাষ্ট্ৰীয় পৰিসংখ্যাৰ তিনি চাৰি গুণ বৃদ্ধি পােৱাও দেখা গৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top