Class 12 Geography Unit 3 জনসংখ্যাৰ গাঁথনি

Class 12 Geography Unit 3 জনসংখ্যাৰ গাঁথনি The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 3 জনসংখ্যাৰ গাঁথনি and select needs one.

Class 12 Geography Unit 3 জনসংখ্যাৰ গাঁথনি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 3 জনসংখ্যাৰ গাঁথনি Solutions for All Subject, You can practice these here…

জনসংখ্যাৰ গাঁথনি

অধ্যায় – ৩

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰাশুদ্ধউত্তৰটো বাছি উলিওৱাঃ 

১। তলৰ কোনটো কর্মক্ষম জনসংখ্যা ? 

( i ) ১৫ ৰ পৰা ৫০ বছৰ । 

( ii ) ১৫ ৰ পৰা ৫৫ বছৰ ।

( iii ) ১৫ ৰ পৰা ৫৯ বছৰ । আৰু

( iv ) ১৫ ৰ পৰা ৬৬ বছৰ ।

উত্তৰঃ ( iii ) ১৫ ৰ পৰা ৫৯ বছৰ ।

২। তলৰ কোনখন দেশৰ লিংগ অনুপাত পৃথিৱীৰ ভিতৰতে সর্বাধিক ? 

( i ) লাটভিয়া ।

( ii ) ভাৰত ।

( iii ) জাপান । আৰু

( iv ) ফ্রান্স ।

উত্তৰঃ ( i ) লাটভিয়া ।

৩। তলৰ কোনটো বয়সক এখন দেশৰ স্বাক্ষৰতা হাৰৰ সময়সীমা বুলি ধৰা হয় ? 

( i ) ৫ বছৰ । 

( ii ) ৬ বছৰ ।

( iii ) ৭ বছৰ ।

( iv ) ১২ বছৰ ।

উত্তৰঃ ( iii ) ৭ বছৰ ।

৪। জনসংখ্যা সংযুতিৰ দুটা উপাদান লিখা । 

উত্তৰঃ জনসংখ্যা সংযুতিৰ দুটা উপাদান হলঃ 

( i ) লিংগ অনুপাতিক সংবচনা । আৰু

( ii ) বয়স সংৰচনা । 

৫। জীবিকা নির্বাহৰ সংৰচনা কি ? 

উত্তৰঃ ৰাষ্ট্র এখনৰ কৰ্মৰত অথবা কর্মক্ষম পুৰুষ আৰু নাৰী শক্তিটোৱে অৱস্থা বিশেষে যিবিলাক কর্ম বা সেৱাৰ মাধ্যমেৰে অর্থ উপার্জন কৰি জীৱিকা নির্বাহ কৰে তাকে জীৱিকা নির্বাহৰ সংৰচনা বােলে । 

৬। বয়স বঢ়াৰ প্ৰক্ৰিয়াৰ জনসংখ্যা মানে কি ? 

উত্তৰঃ জনসংখ্যাৰ বয়স সংৰচনাৰ যি প্রক্রিয়াত বয়সীয়া লােকৰ সংখ্যা শিশু অথবা কিশােৰৰ পৰিমাণতকৈ ক্রমশঃ বাঢ়ি যায় তাকে বয়স বঢ়াৰ প্ৰক্ৰিয়াৰ জনসংখ্যা বুলি কোৱা হয় । 

৭। এখন দেশৰ জনসাধাৰণৰ কিদৰে আন এখন দেশৰ জনসাধাৰণৰ পৰা পৃথক ? 

উত্তৰঃ পৃথিৱীৰ প্ৰতিখন দেশৰ জনসংখ্যাৰ ক্ষেত্ৰত বয়সৰ গঠন , লিংগ অনুপাত , সাক্ষৰতা , গ্রাম্য পৌৰ বসতিৰ অনুপাত , অর্থনৈতিক বৃত্তি আদি ভিন ভিন হয় । সেয়েহে , এখন দেশৰ জনসাধাৰণ আন এখন দেশৰ জনসাধাৰণৰ পৰা পৃথক হয় । 

৮। জনপ্ৰব্ৰজনৰ দুটা আকর্ষণী কাৰক উল্লেখ কৰা । 

উত্তৰঃ জনপ্ৰব্ৰজনৰ দুটা আকর্ষণী কাৰক হ’ল– 

( i ) উন্নত শিক্ষা ব্যৱস্থা । আৰু

( ii ) অধিক নিয়োগৰ সুবিধা ।

৯। পৌৰ জনসংখ্যা বুলিলে কি ? 

উত্তৰঃ পৌৰ অঞ্চলত বসবাস কৰা সৰ্বমুঠ জনসংখ্যাক পৌৰ জনসংখ্যা বােলা হয় । 

১০। লিংগ সংৰচনা কেননদৰে নির্ণয় কৰা হয় ? 

উত্তৰঃ একোটা জনসংখ্যা পিৰামিডৰ বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰী জনসংখ্যা বয়সৰ ঊর্ধ্বক্রমত জনসমষ্টিটোৰ মুঠ জনসংখ্যাৰ শতাংশ স্কেলত উপস্থাপন কৰি লিংগ সংৰচনা নির্ণয় কৰা হয় । 

১২। লিংগ অনুপাত কেনেদৰে নির্ণয় কৰা হয় ? 

১৩। জনসংখ্যা গাঁথনি বা সংৰচনা কি ? 

উত্তৰঃ জনসংখ্যাৰ যিবােৰ বৈশিষ্ট্যৰ দ্বাৰা এখন ঠাইৰ জনসংখ্যাক গুণগতভাৱে আন এখন ঠাইৰ জনসংখ্যাৰ পৰা পৃথক কৰিব পাৰি তাকেই জনসংখ্যাৰ গাঁথনি বা জনসংখ্যাৰ সংৰচনা বুলি কোৱা হয় । জনসংখ্যাৰ সংযুতিৰ অধ্যয়নৰ দ্বাৰাহে এখন ঠাইৰ জনসংখ্যাৰ প্রকৃত গাঁথনিটো নিৰূপন কৰিব পাৰি । জনসংখ্যাৰ এই গাঁথনি মূলতঃ কেতবােৰ উপাদানৰ দ্বাৰা নির্ণয় কৰা হয় । সেই উপাদানবােৰ হ’ল জনসংখ্যাৰ বয়সৰ গাঁথনি , পুৰুষ মহিলাৰ অনুপাত , সাক্ষৰতা , বাসস্থান , বৃত্তি আদি উল্লেখযােগ্য । 

১৪। বয়স সংৰচনা বুলিলে কি বুজা ? 

উত্তৰঃ এখন দেশ বা একোটা অঞ্চলৰ জনসমষ্টিত বিভিন্ন বয়সৰ লােকে বসবাস কৰে । এনে একোটা অঞ্চলৰ জনসমষ্টিৰ মাজত বিভিন্ন বয়সসীমাৰ লেখেৰে ভগােৱা শ্রেণীসমূহৰ সমষ্টিক সেই জনসমষ্টিৰ বয়স সংৰচনা বুলি কোৱা হয় । বয়স সংৰচনাত , শিশু , কিশােৰ , কর্মক্ষম লােক আৰু কর্মদক্ষতা হ্রাস পােৱা লােকৰ সংখ্যা বয়স সীমাৰ ওপৰত ভিত্তি কৰি প্রকাশ কৰা হয় । 

১৫। বয়স লিংগ পিৰামিডৰ তাৎপর্য ব্যাখ্যা কৰা । 

উত্তৰঃ জনসংখ্যাৰ বয়স আৰু লিংগানুপাতিক সংৰচনা উপস্থাপনা কৰা ৰঞ্জক চিত্ৰক বয়স লিংগ পিৰামিড বুলি কোৱা হয় । এনে এটা জনসংখ্যা পিৰামিডৰ সহায়ত জনসমষ্টি এটাৰ ভালেমান জৈৱিক আৰু আর্থ – সাংস্কৃতিক চৰিত্ৰ বিচাৰি পােৱা যায় । এনে একোটা পিৰামিডৰ বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰীৰ জনসংখ্যা বয়সৰ ঊর্ধ্বক্রমত জনসমষ্টিটোৰ মুঠ জনসংখ্যাৰ শতাংশ স্কেলত উপস্থাপন কৰা হয় । চিত্ৰবােৰত আনুভূমিক ভাৱে অংকন কৰা প্ৰতিটো স্তম্ভ বয়সৰ সমান ব্যৱধানত অংকন কৰা হয় । বয়স লিংগ পিৰামিডৰ ভূমিয়ে যিদৰে শিশুক বুজায় , ইয়াৰ শীর্ষভাগে বয়সিয়াল লােক প্রতিনিধিত্ব কৰে । 

১৬। পৃথিৱীৰ জনসংখ্যাৰ বয়স গাঁথনিৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ পৃথিৱীৰ প্ৰতিখন দেশৰ জনসংখ্যাৰ গাঁথনি ভিন ভিন । সেয়েই পৃথিৱীৰ প্ৰতিখন দেশৰ জনসংখ্যাৰ বয়স গাঁথনিৰ ভিন্নতাও পৰিলক্ষিত হয় । তৃতীয় বিশ্বৰ বহুতাে দেশত নৱজাতক অথবা শিশুৰ সংখ্যাধিক্য হােৱাৰ বিপৰীতে এনে দেশৰ জনসমষ্টিত বয়সস্থ লােকৰ সংখ্যা ক্ষিপ্রগতিত কমি যায় । নাইজেৰিয়া , বাংলাদেশ , বুণ্ডি , বুর্কিনা , ফেছ’ প্রভৃতি দেশত জনসংখ্যা গাঁথনিৰ এনে দৃশ্য দেখিবলৈ পােৱা যায় । অষ্ট্রেলিয়াৰ ক্ষেত্ৰত , ষাঠি বছৰমান বয়সৰ অনুধৰ্ব্ব লােকসকলৰ মাজত বিভিন্ন বয়সৰ মানুহৰ সংখ্যা প্রায় সমান অবস্থাত পােৱা যায় । অর্থাৎ কেইবাটাও দশকলৈ জনসংখ্যা হ্রাস বৃদ্ধি নহয় । ইটালী , স্পেইন , ডেনমার্ক প্রভৃতি দেশৰ জনসংখ্যাৰ গাঁথনিও অনুৰূপ হয় । 

আনহাতে , জাপান , লাটভিয়া , ইউক্রেইন , এস্তনিয়া , ৰাছিয়া আৰু ভূমধ্য সাগৰীয় ইউৰােপৰ বহুকেইখন দেশৰ ক্ষেত্ৰত জন্মহাৰ ক্ৰমে কমি অহা হেতুকে শিশু অথবা কিশােৰৰ তুলনাত প্রাপ্তবয়স্কৰ সংখ্যাহে অধিক । উদাহৰণস্বৰূপে , জাপানত ৫০-৫৫ বছৰ বয়সসীমাৰ ভিতৰত মুঠ জনসংখ্যাৰ ৮ শতাংশ মানুহ পােৱাৰ বিপৰীতে পাঁচ বছৰৰ অনূর্ধ্ব শিশুৰ সংখ্যা ৪.৫ শতাংশতকৈও কম । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

দীঘল প্ৰশ্নোত্তৰ

১৭। জনসংখ্যাৰ গ্ৰাম্য আৰু পৌৰ সংযুতিৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ জনসংখ্যাৰ গাঁথনি নির্ণয় কৰা উপাদানবােৰৰ ভিতৰত এক অন্যতম উপাদান হ’ল গ্রাম্য আৰু পৌৰ বসতিৰ সংৰচনা । বসবাস স্থানৰ ভিত্তিত দেশ বা অঞ্চল এটাৰ জনসংখ্যাক দুভাগত বিভক্ত কৰা হয় । সেয়া হ’ল গ্রাম্য জনসংখ্যা আৰু পৌৰ জনসংখ্যা । জীৱন যাপন প্রণালী আৰু ভালেমান সামাজিক পৰিবেশৰ ধৰণ – কৰণ গ্রামাঞ্চল আৰু পৌৰ অঞ্চলসমূহত একে আৰ্হিৰ নহয় । সেয়েহে , গাওঁ আৰু নগৰসমূহত বসবাস কৰা লােকসকলৰ মাজত জীৱনশৈলীৰ যথেষ্ট প্রভেদ থকা দেখা যায় । বয়স আৰু লিংগভিত্তিক জনগাঁথনি , জীৱিকাৰ উৎস , জনসংখ্যা ঘনত্ব , স্বাক্ষৰতা , উন্নয়নৰ গতিধাৰা , অন্যান্য সা – সুবিধা আৰু নিৰাপত্তাৰ দিশৰ পৰাও গাঁও আৰু চহৰ বাসীৰ মাজত যথেষ্ট পার্থক্য পৰিলক্ষিত হয় । 

সাধাৰণতে , গ্রামাঞ্চলৰ বাসিন্দাসকল ঘাইকৈ কৃষি , সংগ্রহ , পশুপালন প্রভৃতি প্রাথমিক খণ্ডৰ জীৱিকাধাৰী । আনহাতে , চহৰাঞ্চলৰ বাসিন্দা সকলে উদ্যোগ , বাণিজ্য , শিক্ষা , সেৱা প্রভৃতি দ্বিতীয় আৰু তৃতীয় খণ্ডৰ জীৱিকাৰী হােৱাৰ লগতে বহুতাে লােক উদ্ভাবন , গৱেষণা প্রভৃতি চতুর্থক খণ্ডত মকৰল হৈ থাকে । 

বিশ্বৰ সকলাে দেশতে গ্রামাঞ্চলৰ আৰু চহৰাঞ্চল সমূহত লিংগৰ অনুপাত বেলেগ বেলেগ হয় । কিছুমান দেশত গ্রামাঞ্চলতকৈ চহৰাঞ্চলত পুৰুষৰ সংখ্যা বেছি হােৱাৰ বিপৰীতে আন কিছুমান দেশত চহৰতকৈ গাওঁসমূহত তুলনামূলকভাৱে অধিকসংখ্যক লােক পুৰুষ । ৰাষ্ট্ৰভেদে গাওঁ আৰু চহৰসমূহত পুৰুষ নাৰীৰ লিংগানুপাত হােৱাৰ কাৰণ ভিন ভিন । কানাডা , ফিনলেণ্ড , ব্রাজিল , নিউজিলেণ্ড আদি নব্যবসতি প্রধান ৰাষ্ট্ৰসমূহত গ্রামাঞ্চলৰ তুলনাত চহৰাঞ্চলত পুৰুষতকৈ নাৰীৰ সংখ্যা অধিক । কানাডা , ব্রাজিল প্রভৃতি দেশসমূহত বসতি আৰম্ভ হােৱাৰ পৰাই আর্থিক কাম – কাজকে ধৰি জীৱন – যাপনৰ সুবিধা আৰু নিৰাপত্তাসমূহ নগৰকেন্দ্রীক । 

তদুপৰি , এনেবােৰ দেশৰ বাসিন্দা প্রধান অংশটোৱেই প্ৰবজনমূলৰ হােৱা হেতুকে স্ত্রীজনবলৰ বুজন – অংশটো চহৰকেন্দ্রীক । আনহাতে , জিম্বাব’ৱে , ভাৰত , পাকিস্তান , নেপাল প্রভৃতি দেশসমূহত গ্রামাঞ্চলৰ তুলনাত চহৰাঞ্চলত নাৰীৰ সংখ্যা কম । কষি ভিত্তিক অর্থনীতিৰ এই দেশসমূহত কৃষিখণ্ডত স্ত্রী – জন বলক ব্যাপক পৰিমাণে মকৰল কৰা হয়, যাৰ বাবে অধিক সংখ্যক নাৰীয়ে গ্রামাঞ্চলত বসতি কৰে । 

১৮। এখন দেশৰ মানুহ কিদৰে এজন আনজনৰ পৰা পৃথক , কাৰণ দর্শোৱা । 

উত্তৰঃ পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে জীৱন – যাপন প্রণালী একে নহয় । সামাজিক পৰিবেশৰ ধৰণ কৰণ আদিও বেলেগ বেলেগ হয় । এই ভিন্নতা এখন দেশৰ মাজতো পৰিলক্ষিত হয় । 

এখন দেশত সাধাৰণতে গ্রাম্য আৰু পৌৰ দুয়ােটা বসতিৰ অঞ্চলেই দেখা যায় । গ্রামাঞ্চল আৰু পৌৰ বা চহৰাঞ্চলৰ মানুহৰ জীৱন – ধাৰণ প্ৰণালীৰ মাজত বহুতাে পার্থক্য পৰিলক্ষিত হয় । গ্রামাঞ্চলৰ লােকসকল কৃষিকাৰ্য , সংগ্রহ আৰু পশু-পালনৰ দৰে প্রাথমিক খণ্ডৰ জীৱিকাধাৰী হােৱাৰ বিপৰীতে , চহৰাঞ্চলৰ লােকসকলে উদ্যোগ , বাণিজ্য , শিক্ষা , সেৱা , উদ্ভাৱন , গৱেষণা আদিৰ দৰে ক্ৰমে দ্বিতীয়ক , তৃতীয়ক আৰু চতুর্থক খণ্ডসমূহত মকৰল হৈ থকা দেখা যায় । অর্থাৎ গ্রামাঞ্চলৰ লােকসকলে প্ৰকৃতিৰ উৎসৰ পৰা সম্পদ আহৰণ কৰে আৰু চহৰাঞ্চলৰ লােকসকলে ইতিপূর্বে আহৰণ কৰা সম্পদসমূহৰ মানদণ্ডৰ উন্নয়ন আৰু বিতৰণ প্ৰক্ৰিয়াত জড়িত হয় । 

ধর্ময়াে একেখন দেশৰে মানুহ এজনক আনজনৰ পৰা পৃথক কৰে । ধর্ম অনুসৰি মানুহৰ ৰীতি – নীতি , ধ্যান – ধাৰণা বেলেগ বেলেগ হয় । সেয়েহে , একেখন দেশৰ ভিন্ন ধর্মী মানুহৰ মাজত পার্থক্য পৰিলক্ষিত হয় । 

বহুভাষা প্রচলিত দেশত ভাষায়াে এজন ব্যক্তিক বেলেগ ভাষাৰ ব্যক্তি এজনৰ পৰা পৃথক কৰিব পাৰে । তদুপৰি জাতি আৰু জনজাতি অনুসৰি ব্যক্তিৰ মাজত পার্থক্য পৰিলক্ষিত হয় । ভিন্ন জাতিৰ লােক সকলৰ আচাৰ আচৰণ বেলেগ হােৱাৰ উপৰিও ভিন্ ভিন্ জন জাতিয় লােক আৰু জনজাতি আৰু অজন জাতিয় লােকৰ মাজতো পার্থক্য পৰিলক্ষিত হয় তেওঁলােকৰ ৰীতি নীতি , আচাৰ ব্যৱহাৰ , খাদ্যভ্যাস , সাজপাৰা আদি জৰিয়তে ।

এনেদৰেই অর্থনীতিৰ ভেটি , জীৱিকা , ধর্ম , ভাষা , আচাৰ ব্যৱহাৰ , ৰীতি – নীতি , সামাজিক ব্যৱস্থা আদিৰ ভিন্নতাই এখন দেশৰ এজন মানুহক আনজনৰ পৰা পৃথক কৰে । 

১৯। পৃথিৱীত মানুহৰ জীৱিকা নির্বাহৰ সংৰচনা সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ এখন দেশৰ কৰ্মৰত বা কর্মক্ষম পুৰুষ আৰু নাৰী উভয়ে অৱস্থা বিশেষে , কৃষি , পশুপালন , মীন উৎপাদন , উদ্যোগ , নির্মাণ , পৰিবহণ আৰু বিপণন , যােগাযােগ , সেৱা আদি বিভিন্ন অর্থকাৰী খণ্ডসমূহত আত্মনিয়ােগৰ যােগেদি জীৱিকা নির্বাহ কৰে । কৃষি , খনি , পশু-পালন প্রভৃতি প্রাকৃতিক পটভূমিৰ উৎপাদিকা শক্তিক পৰিচালনা কৰি সম্পদ সৃষ্টি কৰা খণ্ডসমূহক প্রাথমিক খণ্ড বােলা হয় । 

প্রাথমিক খণ্ডত উৎপাদিত সামগ্রীসমূহক বিভিন্ন যন্ত্রপাতিৰ সহায়ত অধিক মূল্যৱান দ্রব্যলৈ ৰূপান্তৰ কৰা প্রক্রিয়াসমূহ তর্থাৎ , ঔদ্যোণিক কাম-কাজক দ্বিতীয়ক খণ্ডৰ ভিতৰত ধৰা হয় । তৃতীয়টো খণ্ড আকৌ যাতায়াত , বাণিজ্য , চিকিৎসা , শিক্ষা , যােগান , প্রশাসনিক আৰু সামৰিক সেৱা প্রভৃতি বিভিন্ন সেৱা সৃষ্টিকাৰী কাম – কাজৰ সমষ্টি । সেইদৰে , প্রাথমিক , দ্বিতীয় আৰু তৃতীয় খণ্ডৰ কাম-কাজসমূহৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে প্রয়ােজনীয় । 

গৱেষণা আৰু উদ্ভাৱন প্রভৃতি কামৰ লগত জড়িত জীৱিকাসমূহক চতুর্থ শ্রেণীভূক্ত অর্থকাৰী খণ্ডৰূপে চিহ্নিত কৰা হয় । এখন দেশৰ মুঠ কর্মক্ষম জনশক্তিৰ কিমান কিমান অংশই উক্ত চাৰি শ্ৰেণীৰ অর্থকাৰী খণ্ডত নিযুক্তি লাভ কৰিছে সেই প্রতিচ্ছবিৰ পৰাই দেশখনৰ সামগ্ৰিকভাৱে আর্থিক উন্নয়নৰ থুলমূল আভাস পােৱা যায় । উন্নত দেশসমূহৰ অধিকাংশ জনশক্তিয়েই দ্বিতীয় , তৃতীয়ক আৰু চতুর্থক অর্থনৈতিক খণ্ডসমূহত নিয়ােজিত হৈ থাকে । 

আনহাতে , অর্থনৈতিকভাৱে পিচুৱাই ৰােৱা দেশসমূহৰ অধিক সংখ্যক লােকেই প্রাথমিক খণ্ডক জীৱিকাৰ উৎস হিচাপে গ্রহণ কৰে । 

২০। পৃথিৱীৰ বিভিন্ন অঞ্চলত দেখা দিয়া বয়স লিংগৰ ভাৰসাম্যহীন অৱস্থাৰ প্রধান কাৰকসমূহ আলােচনা কৰা । 

উত্তৰঃ পৃথিৱীৰ বিভিন্ন অঞ্চলত দেখা দিয়া বয়স লিংগৰ ভাৰসাম্যহীন অৱস্থাৰ প্ৰধান কাৰকসমূহ হ’ল — 

( ক ) বর্ধমান জনসংখ্যা :- পৃথিৱীৰ ভিতৰতে সর্বাধিক জন্মহাৰ ( প্রতি গৰাকী মাতৃৰ গড়ে ৮ টা সন্তান ) , দ্বিতীয় নিম্নতম স্বাক্ষৰতা ( ১৭.১ % ) আৰু চতুর্থ নিম্নতম স্বাস্থ্য সেৱা ( এক লাখ জন লােকৰ বিপৰীতে ৩ জনকৈ চিকিৎসক ) প্রভৃতি সংকেতক সমূহৰ আধাৰত সামগ্রিকভাৱে মানব সম্পদ বিকাশৰ ক্ষেত্ৰত পৃথিৱীৰ দ্বিতীয় নিম্নতম অৱস্থানত থকা ৰাষ্ট্ৰখন হ’ল আফ্রিকাৰ নাইজেরিয়া । এই শ্রেণীৰ দেশসমূহৰ ক্ষেত্ৰত জনসংখ্যাৰ পিৰামিড অৱতল পৃষ্ঠবিশিষ্ট ত্রিভূজাকৃতিক হয় । এইখন দেশকে ধৰি তৃতীয় বিশ্বৰ ভালেমান অনগ্ৰসৰ ৰাষ্ট্ৰৰ জনসংখ্যা পিৰামিডসমূহৰ ভূমি অত্যন্ত প্রশস্তৰূপত পােৱা যায় । নৱজাতক অথবা শিশুৰ সংখ্যাধিকাৰ কাৰণেই এনে ঘটে । 

আনহাতে , এনেবােৰ জনসমষ্টিত বয়স্থ লােকৰ সংখ্যা ক্ষিপ্র গতিত কমি যায় । তদুপৰি এনেবােৰ দেশত একে বয়সসীমাৰ অন্তৰ্গত মুঠ জনসংখ্যাৰ ভিতৰত পুৰুষ তুলনাত নাৰীৰ সংখ্যাও যথেষ্ট কম । বাংলাদেশ , মেক্সিকো , বুৰণ্ডি , বুর্কিনা , মােৰ্ছ প্রভৃতি দেশসমূহতাে অনুৰূপ আকৃতিৰ জনসংখ্যা পিৰামিড পােৱা যায় । উচ্চ নিৰিমত জন্মহাৰ আৰু বয়সস্থৰ সীমিত সংখ্যাই এনেবােৰ দেশত জনসংখ্যাৰ সমস্যাজনক বৃদ্ধি আৰু কর্মক্ষম অথবা স্বাস্থ্যবান লােক সীমিত সংখ্যক প্রদর্শন কৰে । 

( খ ) সুস্থিৰ জনসংখ্যা :- কিছুমান দেশৰ বেলিকা ষাঠি বছৰমান বয়সৰ অনুগ্ধ লােকসকলৰ মাজত বিভিন্ন বয়সৰ মানুহৰ সংখ্যা প্রায় সমান অৱস্থাত পােৱা যায় । উদাহৰণস্বৰূপে , অষ্ট্রেলিয়া কথা ক’ব পাৰি । এনে দেশত কেইবাটাও দেশলৈ জনসংখ্যাৰ হ্রাস বৃদ্ধি নহয় । 

( গ ) সংকোচনশীল জনসংখ্যা :- কিছুমান দেশৰ বেলিকা দেখা যায় যে, জন্মহাৰ ক্রমে কমি অহাৰ হেতু নৱজাতক আৰু শিশু অথবা কিশােৰৰ তুলনাত প্রাপ্তবয়স্কৰ সংখ্যাহে অধিক । উদাহৰণস্বৰূপে , জাপানত ৫০-৫৫ বছৰ বয়স সীমাৰ ভিতৰত মুঠ জনসংখ্যাৰ ৮ শতাংশ মানুহ পােৱাৰ বিপৰীতে পাঁচ বছৰ অনুর্ধ্ব শিশুৰ সংখ্যা ৪.৫ শতাংশতকৈও কম । 

২১।পৃথিৱীৰ জনসংখ্যাৰ বৃত্তিগত গাঁথনিৰ বিৱৰণ দিয়া । 

উত্তৰঃ কাম কৰিব পৰা সকলাে লােকেই বিভিন্ন ধৰণৰ বৃত্তিত নিয়ােজিত হৈ থাকে । অৱশ্যে সকলাে লােকেই এনে ধৰণৰ বৃত্তিত জড়িত নহয় বা সকলাে ধৰণৰ কাম কৰিব নােৱাৰে । 

মানুহৰ বৃত্তি প্রধানতঃ চাৰিটা ভাগত ভগাব পাৰি — প্রাথমিক বৃত্তি , দ্বিতীয় বৃত্তি , তৃতীয়ক বৃত্তি আৰু চতুর্থক বৃত্তি । কৃষি , বননি , চিকাৰ , মৎস্য বৃত্তি আদি প্রাথমিক বৃত্তিৰ অন্তৰ্গত কর্ম , উদ্যোগত কৰ্মৰত ব্যক্তিসকল দ্বিতীয় বৃত্তিৰ অন্তৰ্গত , যােগাযােগ আৰু অন্যান্য সেৱা খণ্ডত চাকৰি কৰা লােকসকলক তৃতীয় বৃত্তিত জড়িত আৰু গৱেষণা আৰু সৃষ্টিমূলক কার্যত জড়িত লােকসকল চতৃর্থক বৃত্তিৰ সতে জড়িত লােক । পৃথিৱীৰ অনুন্নত আৰু উন্নয়নশীল দেশবােৰৰ অধিক সংখ্যক লােক প্রাথমিক আৰু দ্বিতীয়ক বৃত্তিত জড়িত । 

আনহাতে উন্নত দেশসমূহৰ লােকসকল তৃতীয়ক আৰু চতুর্থক বৃত্তিত জড়িত । উন্নত দেশসমূহৰ বিভিন্ন প্রাথমিক আৰু দ্বিতীয়ক বৃত্তিত নিয়ােজিত লােকসকল অধিক সংখ্যকেই উন্নয়নশীল আৰু অনুন্নত দেশৰ পৰা অহা লােক । উন্নয়নশীল দেশবােৰতো কিছু পৰিমাণে লােক তৃতীয়ক আৰু চতুর্থক বৃত্তিৰ সতে জড়িত । নদীৰ কাষৰ অঞ্চলৰ লােকসকল মৎস্য বৃত্তি সতে জড়িত । নদীৰ কাষৰ অঞ্চলৰ লােকসকল মৎস্য বৃত্তি , কৃষি কার্যত জড়িত হােৱাৰ বিপৰীতে নগৰ অঞ্চল লােকসকল উদ্যোগখণ্ড , সেৱাখণ্ড আদিত জড়িত । এনেদৰে বিভিন্ন বৃত্তিৰ ভিত্তত জনসাধাৰণক পৃথক কৰিব পাৰি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top