Class 12 Geography Unit 16 অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা

Class 12 Geography Unit 16 অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 16 অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা and select needs one.

Class 12 Geography Unit 16 অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 16 অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা Solutions for All Subject, You can practice these here…

অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা

অধ্যায় – ১৬

দ্বিতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। তলত দিয়া কোনখন জিলাত অধিক দৈৰ্ঘ্যৰ পথ আছে । 

( i ) কাৰ্বি আংলং ।

( ii ) কামৰূপ । 

( iii ) নগাঁও । আৰু

( iv ) শিৱসাগৰ ।

উত্তৰঃ ( i ) কাৰ্বি আংলং ।

২। তলত দিয়া কোনটো চহৰযুটিৰ মাজত ৰেলসেৱাৰ মান বাছ সেৱাতকৈ অনুন্নত ।

( i ) গুৱাহাটী-বঙাইগাঁও ।

( ii ) গুৱাহাটী – যােৰহাট ।

( iii ) গুৱাহাটী – নগাঁও । আৰু

( iv ) গুৱাহাটী – তেজপুৰ ।

উত্তৰঃ ( iv ) গুৱাহাটী – তেজপুৰ ।

৩৷ অসমত কিমানটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আছে । 

( i ) এটা ।

( ii ) দুটা ।

( iii ) তিনিটা । আৰু

( iv ) চাৰিটা । 

উত্তৰঃ ( i ) এটা ।

৪। ৩১ নং নামৰ ৰাষ্ট্ৰীয় ঘাই পথৰ শেষ বিন্দু দুটা কি কি ? 

উত্তৰঃ ঝাৰখণ্ডৰ ৰহি আৰু গুৱাহাটীৰ জালুকবাৰী । 

৫। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথটো ক’ৰপৰাক লৈ প্ৰসাৰিত ? 

উত্তৰঃ লােহিত নদীৰ তীৰৰ ধলা নামৰ স্থানৰ পৰা গােৱালপাৰা জিলাৰ পঞ্চৰত্নলৈকে প্ৰসাৰিত । 

৬। ৫১ নং ৰাষ্ট্ৰীয় ঘাই পথটো ক’ৰ পৰাক লৈ প্ৰসাৰিত ? 

উত্তৰঃ বাইহাটা চাৰিআলিৰ পৰা জোনাই পর্যন্তপ্ৰসাৰিত হৈ আছে । 

৭। ৫৩ নং ৰাষ্ট্ৰীয় ঘাই পথটো ক’ৰ পৰাক লৈ প্ৰসাৰিত ? 

উত্তৰঃ যােৰাবাটৰ পৰা মেঘালয়ৰ তুৰালৈকে বিস্তাৰিত । 

৮। ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথটো ক’ৰপৰা ক’লৈ প্ৰসাৰিত ? 

উত্তৰঃ বদৰপুৰৰ পৰা ইম্ফললৈকে প্ৰসাৰিত হৈ আছে ।

৯। ২০০৪ চনৰ সমীক্ষা অনুসৰি অসমৰ ঘাই পথ সমূহৰ মুঠ দৈর্ঘ্য কিমান ? 

উত্তৰঃ ২,৭৮৭ কিলােমিটাৰ । 

১০৷ উত্তৰ – পূর্ব সীমান্ত ৰেল সেৱাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত ? 

উত্তৰঃ মালিগাঁৱত ।

১১। অসমৰ তিনিটা বিমানবন্দৰৰ নাম লিখা । 

উত্তৰঃ ক ) মােহনবাৰী বিমান বন্দৰ ।

খ ) লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ । আৰু 

গ ) ৰৈয়া বিমান বন্দৰ । 

১২৷ অসমৰ একমাত্র আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম লিখা । 

উত্তৰঃ গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ।

১৩। অসমত কোন চনত প্ৰথম ৰজু পথ স্থাপন হৈছিল ? 

উত্তৰঃ ১৯৬৪ চনত । 

১৪। অসমত যােগাযােগৰ মুখ্য ব্যৱস্থাটো কি ? 

উত্তৰঃ দূৰভাষ সেৱা । 

দীঘল প্রশ্নোত্তৰ

১৫। অসমৰ পৰিবহণ আৰু যােগাযোগ ব্যৱস্থাৰ সম্ভাৱনাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ অসমৰ আর্থ – সামাজিক পৰিক্ৰমা ৰাজ্যখনৰ ক্ষিপ্ৰ পৰিবহণ উন্নয়নৰ অর্থে মুঠেই সহায়ক নহয় যদিও অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভূ-ৰাজনৈতিক স্থিতিয়ে ৰাজ্যখনত পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ দ্রুত উন্নয়নৰ সপক্ষে সৱল যুক্তি প্রদর্শন কৰে । সৰ্বভাৰতীয় অৱস্থাৰ তুলনাত অসমত ৰাষ্ট্ৰীয় পথৰ ঘনত্ব প্রায় ১.৭৮ গুণ যদিও সমুদায় পথতৰ ঘন্য ৰাষ্ট্ৰীয় গড় ঘনত্বৰ আধাতকৈও কম । ইফালে অসমত ৰেলপথ তন্ত্রৰ ঘনত্ব সর্বভাৰতীয় জোখ ১,৫৩৯ গুণ । তথাপিও ঔপনিৱেশিক আৰ্হিৰে সংৰেখিত ৰাজ্যৰ ৰেলপথসমূহে আন্তঃনগৰ পৰিসৰ যাতায়াত সেৱা যথাযথভাৱে আগবঢ়োৱাত ব্যর্থ হােৱা যেন লাগে । 

অসমৰ পৰিবহন ব্যৱস্থাত আভ্যন্তৰীণ জলপথৰ গৌৰৱময় অতীত আছে যদিও আৱেগজনিত বিলাসিতাৰ উর্ধ্বত এই প্রণালীটোৰ বাস্তবসম্মত ভৱিষ্যৎ নাই বুলিবই পাৰি । কিন্তু সাম্প্রতিকভু অর্থনৈতিক পটভূমিত অসমত কিমান সেৱাৰ দ্রুত সম্প্ৰসাৰণ আৰু উন্নয়ন ঘটিব লাগিছে । ৰাজ্যখনৰ ৰে’ল আৰু পথ পৰিৱহণ তন্ত্রৰ হেঁচা লাঘৱকাৰী পৰিৱেশ সম্মত পৰিবহণ মাধ্যম হিচাপে খাৰুৱা তেল , প্রজ্বালক গেছ আৰু পৰিশােধিত পেট্রলজাত দ্রব্য সৰবৰাহৰ ক্ষেত্ৰত নলিকা বাথৰ জলপ্রিয়তা ক্রমে বৃদ্ধি পাই আহিছে । 

ভাৰতৰ আনবােৰ প্ৰদেশৰ সম্প্ৰয় গতিত ব্যক্তিগত আৰু সামূহিক পর্যায়ৰ যােগাযােগ প্রণালীসমূহে আগুৱাই আহি আছে । ইয়াৰ মাজৰে আন সকলােবােৰ যােগাযােগ প্রণালীক অতিক্ৰম কৰি চল – দূৰভাষ সেৱাই সম্প্রতি ৰাজ্যখনৰ প্ৰায় প্ৰতিটো চুক – কোণকে ঢুকি পাইছে । 

১৬। অসমত ৰজুপথ কিয় গুৰুত্বপূর্ণ ? 

উত্তৰঃ অসম এখন নদীপ্রধান ৰাজ্য । যাতায়াতৰ সুচলতাৰ বাবে নদীসমূহৰ ওপৰত দলং নির্মাণ কৰা হৈছে কিছুমান অঞ্চলত নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে সুচল নহয় , এনে অৱস্থাত বাগাযােগ ব্যৱস্থা বহু সময়ত ব্যাহত হয় । এনে ক্ষেত্ৰত ৰজুপথৰ প্ৰচলনে যােগাযােগ ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰে । এই পথৰ সহায়ত দুর্গম বস্তুৰ পৰাও সামগ্রী সৰবৰাহ কৰিব পাৰি , যাৰ বাবে আমাৰ ৰাজ্যখনৰ খনিজ সামগ্রী সৰবৰাহত সুবিধা হয় । 

১৭। চমুটোকাঃ 

( ক ) অসমত ৰৰ্জ্জুপথ ।

উত্তৰঃ অসম এখন নদীপ্রধান ৰাজ্য । যাতায়াতৰ সুচলতাৰ বাবে নদীসমূহৰ ওপৰত দলং নির্মাণ কৰা হৈছে কিছুমান অঞ্চলত নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে সুচল নহয় , এনে অৱস্থাত বাগাযােগ ব্যৱস্থা বহু সময়ত ব্যাহত হয় । এনে ক্ষেত্ৰত ৰজুপথৰ প্ৰচলনে যােগাযােগ ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰে । এই পথৰ সহায়ত দুর্গম বস্তুৰ পৰাও সামগ্রী সৰবৰাহ কৰিব পাৰি , যাৰ বাবে আমাৰ ৰাজ্যখনৰ খনিজ সামগ্রী সৰবৰাহত সুবিধা হয় । 

( খ ) অসমত ৰে’লপথৰ বিকাশ । 

উত্তৰঃ অসমত বর্তমান সৰ্বমুঠ ২,৩২৪ কিলমিটাৰ ৰেলপথৰ , ১,৩৯৮ কিল’মিটাৰ বডগজ আৰু বাকী ৯২৬ কিল’মিটাৰ মিটাৰগজ মাপৰ । ১৮৮২ চন , অর্থাৎ ভাৰতত ৰেল চলাচলৰ আৰম্ভণীৰ ২৯ বছৰ পিছত অসমত ডিব্ৰুগড়ৰ পৰা মাকুম হৈ লেখাপানীলৈকে প্ৰথমটো ৰে’লপথ স্থাপন হৈছিল । একাদিক্রমে বিভিন্ন ৰেলপথটোৰ মুকলি হৈ অহাৰ পিছত ২০১০ চনত শেহতীয়াভাৱে শিমলুগুৰি মৰাণহাট ৰেলপথছােৱা ৪১ কিল’মিটাৰ সম্প্ৰসাৰণ টাই নির্মাণাধীন বগীবিল দলঙৰ কাষেৰে ডিব্ৰুগড় চহৰক সংযােগ কৰা হৈছে । অসমত ৰ’লপথৰ ঘনত্ব সর্বভাৰতীয় নিৰিখৰ তুলনাত ভালেখিনি বেছি । কিন্তু সেই অনুপাতে ৰাজ্যখনত ৰে’ল সেৱাৰ মানদণ্ড উন্নত নহয় । অসমৰ চাৰিসীমাৰ ভিতৰত শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী লামডিং তিনিচুকীয়া হৈ ডিব্ৰুগড়মুখী পূর্বোত্তৰ সীমান্ত ৰে’লমণ্ডলৰ মুখ্য পথটোৰ দৈর্ঘ্য ৭৯৫ কিল’মিটাৰ । এই পথৰ সমান্তৰাল বিকল্প পথ নিউ বঙাইগাওঁ পঞ্চৰত্ন কামাখ্যা মাৰু শিমলুগুৰি শিৱসাগৰ ডিব্ৰুগড় ৰে’লপথ দুটাৰ দৈর্ঘ্য হৈছে যথাক্রমে ২১৩ কিল’মিটাৰ আৰু ৯৪ কিল’মিটাৰ । 

বর্তমান সময়ত আন্তঃৰাজ্যিক পর্যায়ৰ ৰে’ল পৰিবহণ সম্পাদনৰ গত জড়িত এই তিনিওটা ৰে’লপথত সাম্প্রতিক অৱস্থাত ৰেলগাড়ীৰ সর্বোচ্চ গতিবেগ ঘন্টাত ১২০ কিলােমিটাৰ যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত অসমৰ দুটা প্রধান সেৱান্তক ষ্টেচন গুৱাহাট আৰু ডিব্ৰুগড়ৰ পৰা দিল্লী আৰু কলিকতাৰ উপৰি মুম্বাই , অমৃতসৰ , জন্ম , চণ্ডীগড়ড , ওখ আৰু গান্ধীধাম , চেন্নাই , বাংগালুৰ , তিৰুৱনন্তপুৰম প্রভৃতি দূৰৱৰ্তী চহৰ সমূহলৈ পােনপটীয় দ্রুতগামী সেৱা উপলব্ধ কৰা হৈছে । ইফালে আন্তঃজিলা পৰিসৰৰ যাত্ৰী পৰিবহণৰ বেলিকা গুৱাহাটী , বঙাইগাওঁ , গুৱাহাটী – নগাঁও , যােৰহাট – তিনিচুকীয়া আৰু যােৰহাট – গুৱাহাটী পথই ৰে’লসেৱাৰ মান বিকল্প কছ সেৱাৰ তুলনাত অধিক আকর্ষণীয় হৈ আহিছে । গজ পৰিৱর্তন কাম সম্পূর্ণ হােৱাৰ লগে লগেই তেজপুৰ , লখিমপুৰ , শিলচৰ প্ৰভূতি চহৰসমূহেও ৰে’লসেৱা ক্ষেত্ৰত কিছু অধিক সুবিধা লাভ কৰিব পাৰিব । 

( গ ) অসমত জল পৰিবহণৰ সুবিধা ।

উত্তৰঃ নদীবহুল অঞ্চল হিচাপে অসমত আভ্যন্তৰীণ জল পৰিবহণৰ যথেষ্ট সম্ভাৱন আছে । পথ আৰু ৰে’ল পৰিবহণ ব্যৱস্থা প্রচলনৰ পূৰ্বে ৰাজ্যখনৰ স্থানীয় , আঞ্চলিক আৰু আন্তঃআঞ্চলিক পৰিসৰৰ পৰিবহণ , প্রকার্য জল পৰিবহণৰ ওপৰতে নিৰ্ভৰশীল আছিল । অসম নাব্য অর্থাৎ নাও – জাহাজ চলাচলযােগ্য জলপথৰ মুঠ দৈর্ঘ্য ৫,০২৩ কিলােমিটাৰ । এই সমুদা নাব্য জলপথৰ ৪,০৯৮ কিলােমিটাৰ একমাত্ৰ সৰু অথবা মজলীয়া হাত নাও আৰু অৱশিষ্ট ৯২৫ কিল’মিটাৰ জলপথত মেচিন নাও অথবা ১০০ টনপর্যন্ত ভাৰবাহী জাহাজ চলাচল । উপযােগীৰূপে গণ্য কৰা হৈছে । নদীবহুল অঞ্চলৰূপে সুপৰিচিত অসমৰ বেছিভাগ নদীয়ে খৰালি শুকাই যায় আৰু ভৰ বাৰিষাও নাও চলাচলৰ বাবে বিপদসংকুল হৈ পৰে । তদুপৰি নদীৰ জলপৃষ্ঠ আৰু পুঁতি সলনিৰ লগে লগে জল পৰিবহণৰ সেৱাক ক্ষেত্রসমূহ ( টার্মিনে কোনাে কোনাে ক্ষেত্ৰত প্ৰতিদিনে স্থানান্তৰ কৰাৰ অৱস্থাও আহি পৰে । বৰ্তমান অসম ব্রহ্মপুত্রকে ধৰি সৰু বৰ আন ভালেমান নদীত বহুতাে পাৰঘাট আছে । এনেবােৰ পাৰঘাট ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ পাৰত যথাক্রমে ২৯ টা আৰু ২৫ টা আৰু সােৱণশি আৰু লােহিত আদি উপনৈসমূহত ৫ টা ঘাট পােৱা যায় । 

( ঘ ) অসমত বিমান বন্দৰসমূহ । 

উত্তৰঃ বিমান পৰিবহণৰ ক্ষেত্ৰত অসমৰ সামগ্রিক অৱস্থাসর্বভাৰতীয় জোখতকৈ আগবঢ় ! ভাৰতত সৰ্বমুঠ ১১৪ টা আভ্যন্তৰীণ আৰু ১২ টা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ থকাৰ বিপৰীকে দেশখনৰ ২.৩৯ শতাংশ ভূভাগ আৰু ২.৫৯ শতাংশ জনসংখ্যাধাৰী অসমত এটা আন্তৰাষ্ট্ৰীয় আৰু অন্য ৫ টা আভ্যন্তৰীণ বিমান বন্দৰ আছে । তদুপৰি ৰাজ্যখনত সামৰিক বাহিনিৰ দুট ” আচুতীয়া বিমান বন্দৰৰ আছে । গুৱাহাটীৰ পশ্চিমে অৱস্থিত লােকপ্রিয় গােপীনাথ বৰদলৈ বিমান বন্দৰ অসম তথা সমগ্র উত্তৰ – পূৰ্বাঞ্চলৰ একমাত্র আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ । এই বিমান বন্দৰৰ পৰা দিল্লী , কলিকতা , চেন্নাই , মুম্বাই প্রভৃতি আভ্যন্তৰীণ পৰিসৰৰ দূৰগামী হোৱাৰ উপৰি ঘাইকৈ দক্ষিণ পূর্ব এছিয়াগামী আন্তঃৰাষ্ট্ৰীয় উৰণৰ ব্যৱস্থা আছে । ডিব্ৰুগড়ৰ , যােৰহাটৰ ৰৰৈয়া , লখিমপুৰৰ লীলাবাৰী , তেজপুৰৰ পালনি আৰু শিলচৰৰ ভীৰগ্রাম বিমান বন্দৰৰ পৰা ঘাইকৈ কলকাতা আৰু দিল্লীৰ লগতে কিছুমান নির্বাচিত চহৰমুখী বিমান সেৱা উপভােগ কৰিব পাৰি । দিনজানৰ চাবুৱা আৰু মিছা বিমানবন্দৰ দুটা কেৱল সামৰিক উশ্যতহে ব্যৱহাৰ হয় ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

১৮। অসমৰ মূখ্য পৰিবহণ ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ বিভিন্ন ধৰণৰ ভূ – প্রকৃতি সংমিশ্রণ ঘটা ৰাজ্য অসমত পথ পৰিবহনে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায় । ৩১ নং ৰাষ্ট্ৰীয় পথটোৱে অসমক ভাৰতৰ বাকী ৰাজ্যসমূহৰ লগত সংযােগ ঘটাইছে । ঝাৰখণ্ডৰ বৰহি নামৰ ঠাইৰ পৰা উত্তৰ বিহাৰৰ পূর্ণিয়া , পশ্চিম বংগৰ শিলিগুৰি হৈ বক্সিৰ হাটত অসম সােমাই জালুকবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথ স্পর্শ কৰিছে । ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে লােহিত নদীৰ তীৰৰ ধলা নামৰ স্থানৰ পৰা তিনিচুকীয়া , ডিব্ৰুগড় , শিৱসাগৰ , যােৰহাট , নগাওঁ , গুৱাহাটী আৰু গােৱালপাৰা চহৰৰ মাজেৰে পঞ্চৰত্নলৈকে সংৰেখিত ৭১৯ কিঃমিঃ দীঘল ৩৭ নং ৰাষ্ট্ৰীয় পথটো অসমৰ সর্বাধিক ব্যস্ত পথ । 

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বাইহাটা চাৰি আলিৰ পৰা পূৱমুখী ৫১ নং ৰাষ্ট্ৰীয় পথটোৱে জোনাই পর্যন্ত উত্তৰ অসমৰ প্রায় সকলাে প্রধান চহৰ চুই অৰুণাচলৰ মাজেৰে আহি লােহিত জিলাৰ ডিৰাক গেটত পুনৰ অসম সােমাই ডুমডুমাৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় পথত মিলিছে । উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা লেখাপানী পর্যন্ত ৫৬ কিঃমিঃ দীঘল ৩৮ নং ৰাষ্ট্ৰীয় পথটোৰ ওপৰত ডিগবৈ , মাৰ্ঘেৰিটা , লিডু আৰু লেখাপানী প্রভৃতি খনি তথা ঔদ্যোগিক চহৰবােৰ অৱস্থিত । 

নগাওঁ চহৰৰ পৰা ডিফু হৈ নাগালেণ্ডৰ ডিমাপুৰ পর্যন্ত বিস্তৃত ৩৬ নং ৰাষ্ট্ৰীয় পথটোৰ মুঠ দৈর্ঘ্য ১৪৫ কিঃমিঃ । গােলাঘাট জিলাৰ নুমলীগড়ৰ পৰা বােকাজান আৰু ডিমাপুৰ হৈ ক’হিমা আৰু ইম্ফলৰ মাজেৰে ম্যানমাৰ সীমান্তৰ মূৰে নামৰ ঠাইলৈ যােৱা ৩৯ নং ৰাষ্ট্ৰীয় পথটো ৪০০ কিঃমিঃ দীঘল । গুৱাহাটীৰ ওচৰৰ মােৰাবাটৰ পৰা ৪০ নং ৰাষ্ট্ৰীয় পথটো শ্বিলংমুখী হৈছে বৰাক উপত্যকাৰ ৰাষ্ট্ৰীয় পথসমূহৰ ভিতৰত শ্বিলং – বদৰপুৰ – কৰিমগঞ্জ , আগৰতলা সংযােগী ৪৪ নং ৰাষ্ট্ৰীয় পথটোক মূল পথ হিচাপে ধৰি এই পথৰ পৰাই বদৰপুৰ – শিলচৰ – ইম্ফল সংযােগী ৫৩ নং ৰাষ্ট্ৰীয় পথ আৰু শিলচৰৰ পৰা আইজল হৈ টিপাং অভিমূখী ৫৪ নং ৰাষ্ট্ৰীয় পথটো দক্ষিণ দিশত আগবাঢ়ি গৈছে । 

২০০৪ চনৰ অক্টোবৰ মাহৰ হিচাপ অনুসৰি অসমত সৰ্বমুঠ ৩৮,৩৮৫ কিঃমিঃ দৈর্ঘ্যৰ বিভিন্ন শ্রেণীভুক্ত পথ আছে । ইয়াৰ ভিতৰত ২,৭৮৭ কিঃমিঃ , ৰাষ্ট্ৰীয় পথ ৩,২৮১ কিঃমিঃ ৰাজ্যিক ঘাই পথ , ৬,৪৪৭ কিঃমিঃ কেচাপথ । অৱশ্যে , পৰবৰ্তীকালত বহুতে কেঁচাপথ পকী  হৈছে ।

১৯। অসমৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাটো কিয় পিছপৰি আছে ? 

উত্তৰঃ অসমৰ পৰিৱেশত আভ্যন্তৰীণ জলপৰিবহণ প্রকাৰ্যটোক বিকল্পহীন অৱস্থাত জোৰা টাপলি মাৰি জীয়াই ৰখা পৰিবহণ ব্যৱস্থাৰ ঊর্ধ্বত আন কোনাে প্রকাৰৰ সুফলদায়ী বাণিজ্যিক পৰিবহণ বুলি কোনােমতেই স্বীকাৰ কৰিব পৰা নাযায় । নদী বহুল অঞ্চলৰূপে সুপৰিচিত অসমৰ বেছিভাগ নদীয়েই খৰাংকালি শুকাই যায় আৰু ভৰ বাৰিষাও নাও চলাচলৰ বাবে বহু প্ৰকাৰে বিপদ সংকুল হৈ পৰে । তদুপৰি নদীৰ জলপৃষ্ঠ আৰু সুতি সলনিৰ লগে লগে জল পৰিবহণৰ সেৱান্তক ক্ষেত্রসমূহ কোনাে কোনাে ক্ষেত্ৰত প্রতিদিনে স্থানান্তৰ কৰাৰ অৱস্থাও আহি পৰে । 

ইফালে প্রযুক্তিৰ তুলনাত অতিপাত প্রকৃতি নির্ভৰ এই জল পৰিবহণৰ ক্ষেত্ৰখনত গতিবেগকে ধৰি ভিন্ন দিশৰ আধুনিকীকৰণ নিচেই সহজ নহয় । আনহাতে ৰেলপথ , স্থলপথ আৰু নলিকা পথেৰে সৰবৰাহ সম্পূর্ণ কৰিব নােৱাৰাে পৰিমাণৰ সম্পদ অসমৰ অর্থনৈতিক ক্ষেত্ৰত সম্প্রতি আশা কৰিব পৰা নাযায় । সম্ভৱতঃ এই কাৰণেই ১৯৬৫ চন , অর্থাৎ অসমত ব্রডগজ ৰেলপথ স্থাপনৰ সময়তে ব্রহ্মপুত্র জলপথত আন্তঃজিলা পৰিসৰৰ নিয়মীয়া জাহাজ চলাচলৰৰ অন্ত পৰে । 

২০। অসমৰ বিমান পৰিবহণ ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ বিমান পৰিবহণৰ ক্ষেত্ৰত অসমৰ সামগ্রিক অৱস্থা সৰ্বভাৰতীয় জোখতকৈ আগবঢ়া । ১১৪ টা আভ্যন্তৰীণ আৰু ১২ টা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ থকাৰ বিপৰীতে দেশখনৰ ২.৩৯ শতাংশ ভূ – ভাগ আৰু ২.৫৯ শতাংশ জনসংখ্যাধাৰী অসম প্রদেশখনত ১ টা আন্তৰাষ্ট্ৰীয় আৰু অন্য ৫ টা আভ্যন্তৰীণ বিমান বন্দৰ আছে । তদুপৰি ৰাজ্যৰ মান দুটা সামৰিক বাহিনীৰ আছুতীয়া বিমান বন্দৰ আছে । গুৱহাটীত পশ্চিমে অবস্থিত লােকপ্রিয় গােপীনাথ বৰদলৈ বিমান বন্দৰ অসম তথা সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ । এই বিমান বন্দৰৰ পৰা দিল্লী , কলিকতা , মুম্বাই , চেন্নাই ইত্যাদি আভ্যন্তৰীণ পৰিসৰৰ দূৰগামী সেৱাৰ লগতে ঘাইকৈ দক্ষিণ পূর্ব এছিয়াগামী আন্তঃৰাষ্ট্ৰীয় উৰণৰ ব্যৱস্থা আছে । 

২১৷ অসমৰ যােগাযােগ ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ অসমৰ যােগাযােগ ব্যৱস্থাত ব্যক্তিগত আৰু সামূহিক পৰিসৰৰ ভালেমান মাধ্যমৰ সমাৱেশ দেখা যায় । ডাক , টেলিফোন আৰু টেলিগ্রাম ব্যৱস্থাক ৰাজ্যখনৰ শতাব্দী অতিক্রমকাৰী ব্যক্তিগত পর্যায়ৰ যােগাযােগ মাধ্যম বুলিব পাৰি । এসময়ত এই তিনিও ধৰণৰ কাম – কাজ কেন্দ্রীয় চৰকাৰৰ দ্বাৰা পৰিচালিত ডাক – তাৰ বিভাগৰ দ্বাৰা সম্পাদনা হৈছিল ৷ পৰৱৰ্তী কালত তিনিওটা মাধ্যমৰ যােগাযােগ তিনিটা পৃথক বিভাগৰ অধীনত কৰা হয় । ব্যক্তিগত পর্যায়ৰ যােগাযােগ স্থাপনকাৰী এই তিনিটা মাধ্যমৰ ভিতৰত ডাক আৰু টেলিগ্রাম সেৱাই ৰাজ্যৰ প্রতিটো চুক – কোণ স্পর্শ কৰি যােৱাৰ বিপৰীতে দূৰভাষ অথবা টেলিফোনৰ সেৱাসমূহ ঘাইকৈ চহৰকেন্দ্রীক হােৱা দেখা যায় । 

যি নহওক ২০০৩-০৪ চনৰ লেখেৰে সমগ্ৰ অসমত সৰ্বমুঠ ৪০০৮ টা ডাকঘৰ আৰু ১৫,৪২৭ টা লেটাৰ – বক্স সিঁচৰিত অৱস্থাত পােৱা গৈছিল ৷ ইয়াৰে প্রায় প্রতিটো ডাকঘৰৰ লগে লগে টেলিগ্রাম গ্রাহক আৰু প্ৰেৰক কক্ষও স্থাপিত হােৱা দেখা যায় । ৰাজ্যিক ভাষা অসমীয়াৰ উপৰিও ইংৰাজী , হিন্দী , বাংলা প্রভৃতি ভালেমান ভাষাত অসমৰ বিভিন্ন ঠাইৰ পৰা প্রায় ৩০ খন দৈনিক আৰু ৫ খন সাপ্তাহিক বাতৰি কাকত প্রকাশ পায় । ইয়াৰ ভিতৰতে ৰাষ্ট্ৰীয় , আঞ্চলিক আৰু স্থানীয় পর্যায়ত সম্প্রচাৰিত তিনিটা পৃথক শ্ৰেণীৰ বাতৰি কাকত পােৱা যায় । 

চমু টোকা লিখা

২২। অসমৰ জল পৰিবহণ ব্যৱস্থাৰ গুৰুত্ব ।

উত্তৰঃ নদীবহুল অঞ্চল হিচাপে অসমত আভ্যন্তৰীণ জল পৰিবহণৰ সম্ভাৱনা অস্বীকাৰ কৰিব নােৱাৰি । বিশেষতঃ পথ আৰু ৰেল পৰিবহণ ব্যৱস্থা প্রচলনৰ পূৰ্বে ৰাজ্যখনৰ স্থানীয় , আঞ্চলিক আৰু আন্তঃআঞ্চলিক পৰিসৰৰ পৰিবহণ প্রকার্য জল পৰিবহণৰ ওপৰতে নিৰ্ভৰশীল আছিল । অসমত নাব্য অর্থাৎ নাও – জাহাজ চলাচলযােগ্য জলপথৰ মুঠ দৈর্ঘ্য হৈছে ৫,০২৩ কিলমিটাৰ । এই সমুদায় নাব্য জলপথৰ ৪,০৯৮ কিল’মিটাৰ একমাত্ৰ সৰু অথবা মজলীয়া হাত – নাও আৰু অৱশিষ্ট ৯২৫ কিল’মিটাৰ জলপথত মেচিন – নাও অথবা ১০০ টন পর্যন্ত ভাৰবাহী জাহাজ চলাচল উপযােগীৰূপে গণ্য কৰা হৈছিল । 

বর্তমান অসমত ব্রহ্মপুত্রকে ধৰি সৰু – বৰ আন ভালেমান নদীত বহুতাে পাৰঘাট আছে । এনেবােৰ পাৰঘাটৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ পাৰত যথাক্রমে ২৯ টা আৰু ২৫ টা আৰু সােৱণশিৰি লােহিত আদি উপনৈসমূহত ৫ টা ঘাট পােৱা যায় । এনেবােৰ পাৰ ঘাটেৰে পাৰাপাৰ হােৱা মুঠ যাতায়াত সম্পাদনৰ বিপৰীতে ২০০১-০২ বৰ্ষত ভাড়াৰ শিতানত সংগৃহীত মুঠ ৰাজহ আছিল ১.১৪ কোটি টকা । 

২৩। অসমৰ বিমান বন্দৰ ।

উত্তৰঃ বিমান পৰিবহণৰ ক্ষেত্ৰত অসমৰ সামগ্রিক অৱস্থা সৰ্বভাৰতীয় জোখতকৈ আগবঢ়া । ১১৪ টা আভ্যন্তৰীণ আৰু ১২ টা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ থকাৰ বিপৰীতে দেশখনৰ ২.৩৯ শতাংশ ভূ – ভাগ আৰু ২.৫৯ শতাংশ জনসংখ্যাধাৰী অসম প্রদেশখনত ১ টা আন্তঃৰাষ্ট্ৰীয় আৰু অন্য ৫ টা আভ্যন্তৰীণ বিমান বন্দৰ আছে । তদুপৰি ৰাজ্যৰ মান দুটা সামৰিক বাহিনীৰ আছুতীয়া বিমান বন্দৰ আছে । গুৱহাটীত পশ্চিমে অৱস্থিত লােকপ্রিয় গােপীনাথ বৰদলৈ বিমান বন্দৰ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ । এই বিমান বন্দৰৰ পৰা দিল্লী , কলিকতা , মুম্বাই , চেন্নাই ইত্যাদি আভ্যন্তৰীণ পৰিসৰৰ দূৰগামী সেৱাৰ লগতে ঘাইকৈ দক্ষিণ পূর্ব এছিয়াগামী আন্তঃৰাষ্ট্ৰীয় উৰণৰ ব্যৱস্থা আছে ।

দীঘল প্রশ্নৰ উত্তৰ লিখা

২৪। কি কি কাৰকে অসমৰ পৰিবহণ আৰু যাতায়াতৰ উন্নতিত বাধা প্রদান কৰিছে লিখা । 

উত্তৰঃ উত্তৰ – পূৱ ভাৰতৰ অন্যতম ৰাজ্য অসমৰ পৰিবহণ ব্যৱস্থাত স্থলপথ , ৰেলপথ , আভ্যন্তৰীণ জলপথ , বিমান পথ , নলিকাপথ আৰু ক্ষেত্র বিশেষে ৰজুপথৰ প্ৰচলন আছে । ভাৰতৰ আৰ্থ – সাংস্কৃতিক পৰিক্ৰমাৰ মূল মঞ্চ বুলিব পৰা কৃষি , খনি উদ্যোগ আৰু বাণিজ্যিক কাম – কাজৰ পয়ােভৰ ঘটা সিন্ধু গাংগেয় সমতল , মধ্য ভাৰতৰ মালভূমি অঞ্চল অথবা গুজৰাট আৰু মহাৰাষ্ট্ৰৰ ঔদ্যোগিক অৱস্থানসমূহৰ পৰা ভৌগােলিকভাৱে যথেষ্ট নিলগত । তদুপৰি কৃষি , উদ্যোগ আৰু বাণিজ্যিক কাম – কাজৰ লেখেৰেও সর্বভাৰতীয় পৰিসৰত অসমৰ গুৰুত্ব প্রশ্নাতীত নহয় । অসমৰ প্রায় প্রতি ধৰণৰ অর্থনৈতিক কাম – কাজেই ঘাইকৈ ৰাজ্যখনৰ ঘৰুৱা স্বার্থতহে পৰিচালিত হৈ অহা দেখা যায় । এনে এক অর্থনৈতিক পটভূমিয়েই অসমত যাতায়াত ব্যৱস্থাৰ ক্ষিপ্র উন্নয়নৰ অন্তৰায় ৰূপে দেখা দিছে । 

অর্থনৈতিকভাৱে সীমিত গুৰুত্বৰ দাবীদাৰ একেটা অঞ্চলেই আকৌ প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত অন্যতম সংবেদনশীল অঞ্চলৰূপে চিহ্নিত হােৱা দেখা যায় । ভূটান , চীন , ম্যানমাৰ আৰু বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমান্ত কেন্দ্রীক সকলাে ধৰণৰ সৰু বৰ সমস্যাৱলী নিয়ন্ত্রণ কৰি ৰাষ্ট্ৰৰ সুস্থিৰতা অব্যাহত ৰখাৰ প্ৰতিটো কাৰ্য্যক্রমেই অসমৰ এই ভূমিখণ্ড তথা ইয়াৰ অধিবাসীসকলৰ ধ্যান – ধাৰণা , কাম – কাজ আৰু ঘাইকৈ এইসকল লােকৰ আন্তৰিক সহযােগিতাৰ ওপৰতে পূৰামাত্রাত নিৰ্ভৰশীল হৈ আছে । অর্থাৎ ভূৰাজনৈতিক দৃষ্টিকোণেৰে অসম ভাৰতৰ অন্যতম অতীৱ গুৰুত্বপূৰ্ণ ৰাজ্য । এনে এক সামগ্রীক পটভূমিত অর্থাৎ অর্থনৈতিকভাৱে যথেষ্ট ধনাত্মক আৰু ভূ-ৰাজনৈতিকভাৱে অতীৱ ধনাত্মক দুই বিপৰীতধর্মী লক্ষণৰ বহুতাে কাৰকে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে । 

২৫। অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ বিভিন্ন ধৰণৰ ভূ – প্রকৃতিৰ সংমিশ্রণ ঘটাৰাজ্য অসমত পথপৰিবহনে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায় । ৩১ নং ৰাষ্ট্ৰীয় পথটোৱে অসমক ভাৰতৰ বাকী ৰাজ্যসমূহৰ লগত সংযােগ ঘটাইছে । ঝাৰখণ্ডৰ বৰহি নামৰ ঠাইৰ পৰা উত্তৰ বিহাৰৰ পূর্ণিয়া , পশ্চিমবংগৰ শিলিগুৰি হৈ বক্সিৰ হাটত অসম সােমাই জালুকবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথ স্পর্শ কৰিছে । ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে লােহিত নদীৰ তীৰৰ ধলা নামৰ স্থানৰ পৰা তিনিচুকীয়া , ডিব্ৰুগড় , শিৱসাগৰ , যােৰহাট , নগাওঁ , গুৱাহাটী আৰু গােৱালপাৰা চহৰৰ মাজেৰে পঞ্চৰত্নলৈকে সংৰেখিত ৭১৯ কিঃমিঃ দীঘল ৩৭ নং ৰাষ্ট্ৰীয় পথটো অসমৰ সৰ্বাধিক ব্যস্ত পথ । 

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বাইহাটা চাৰি আলিৰ পৰা পূৱমুখী ৫১ নংৰাষ্ট্ৰীয় পথটোৱে জোনাই পর্যন্ত উত্তৰ অসমৰ প্ৰায় সকলাে প্রধান চহৰ চুই অৰুণাচলৰ মাজেৰে আহি লােহিত জিলাৰ ডিৰাক গেটত পুনৰ অসম সােমাই ডুমডুমাৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় পথত মিলিছে । উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা লেখাপানী পর্যন্ত ৫৬ কিঃমিঃ দীঘল ৩৮ নং ৰাষ্ট্ৰীয় পথটোৰ ওপৰত ডিগবৈ , মাৰ্ঘেৰিটা , লিডু আৰু লেখাপানী প্রভৃতি পনি তপা ঔদ্যোগিক চহৰবােৰ অৱস্থিত । নগাওঁ চহৰৰ পৰা ডিফু হৈ নাগালেণ্ডৰ ডিমাপুৰ পর্যন্ত বিস্তৃত ৩৬ নং ৰাষ্ট্ৰীয় পথটোৰ মুঠ দৈর্ঘ্য ১৪৫ কিঃমিঃ । 

গােলাঘাট জিলাৰ নুমলীগড়ৰ পৰা বােকাজান আৰু ডিমাপুৰ হৈ ক’হিমা আৰু ইম্ফলৰ মাজেৰে ম্যানমাৰ সীমান্তৰ মূৰে নামৰ ঠাইলৈ যােৱা ৩৯ নং ৰাষ্ট্ৰীয় পথটো ৪০০ কিঃমিঃ দীঘল । গুৱাহাটীৰ ওচৰৰ যােৰাবাটৰ পৰা ৪০ নং ৰাষ্ট্ৰীয় পথটো শ্বিলংমুখী হৈছে । ৰাক উপত্যকাৰ ৰাষ্ট্ৰীয় পথসমূহৰ ভিতৰত শ্বিলং বদৰপুৰ – কৰিমগঞ্জ – আগৰতলা সংযােগী ৪৪ নং ৰাষ্ট্ৰীয় পথটোক মূল পথ হিচাপে ধৰি এই পথৰ পৰাই বদৰপুৰ – শিলচৰ – ইম্ফল সংযােগী ৫৩ নং ৰাষ্ট্ৰীয় পথ আৰু শিলচৰৰ পৰা আইজল হৈ টিপাং অভিমূখী ৫৪ নংৰাষ্ট্ৰীয় পথটো দক্ষিণ দিশত আগবাঢ়ি গৈছে । ২০০৪ চনৰ অক্টোবৰ মাহৰ হিচাপ অনুসৰি অসমত সৰ্বমুঠ ৩৮,৩৮৫ কিঃমিঃ দৈর্ঘ্যৰ বিভিন্ন শ্রেণীভুক্ত পথ আছে । ইয়াৰ ভিতৰত ২,৭৮৭ কিঃমিঃ , ৰাষ্ট্ৰীয় পথ ৩,২৮১ কিঃমিঃ ৰাজ্যিক ঘাই পথ , ৬,৪৪৭ কিঃমিঃ কেচাপথ । অৱশ্যে , পৰবৰ্তী কালত বহুতাে কেঁচাপথ পকী কৰা হৈছে । 

২৬। অসমত কেনে ধৰণৰ ভৌগলিক অৱস্থাই জল পৰিবহণ ব্যৱস্থাত সহায় কৰে লিখা । 

উত্তৰঃ অসম এখন নদী বহুল দেশ । পথ আৰু তেল পৰিবহণ ব্যৱস্থাৰ বহুল প্রচলনৰ পূর্বে ৰাজ্যখনৰ স্থানীয় , আঞ্চলিক আৰু আন্তঃআঞ্চলিক পৰিসৰৰ পৰিবহণ প্রকার্য জল পৰিবহণৰ ওপৰতে নিৰ্ভৰশীল আছিল । অসমত নাব্য অর্থাৎ নাও – জাহাজ চলাচলযােগ্য জলপথৰ মুঠ দৈর্ঘ্য হৈছে ৫০২৩ কিঃমিঃ । এই নাব্য জলপথৰ ৪,০৯৮১ কিঃমি একমাত্ৰ সৰু অথবা মজলীয়া হাত নাও আৰু অৱশিষ্ট ৯২৫ কিঃমিঃ জলপথ মেচিন নাও অথবা ১০০ টন পর্যন্ত ভাৰবাহী জাহাজ চলাচল উপযােগী হিচাপে গণ্য কৰিব পাৰি । বর্তমান অসমত ব্রহ্মপুত্রকে ধৰি সৰু বৰ ভালেমান নদীত বহুতাে পাৰঘাট আছে । এনেবােৰ পাৰঘাটৰ ভিতৰত ব্রহ্মপুত্র আৰু বৰাক নদীৰ পাৰত যথাক্রমে ২৯ টা আৰু ২৫ টা আৰু সােৱণশিৰি আৰু লােহিত আদি উপনৈসমূহৰ ৫ টা ঘাট পােৱা যায় ।

২৭। অসমৰ বিমান পৰিবহণ ব্যৱস্থাৰ বৰ্তমান অৱস্থাৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ বিমান পৰিবহণৰ ক্ষেত্ৰত অসমৰ সামগ্রিক অৱস্থা সৰ্বভাৰতীয় জোখতকৈ আগবঢ়া । ১১৪ টা আভ্যন্তৰীণ আৰু ১২ টা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ থকাৰ বিপৰীতে দেশখনৰ ২.৩৯ শতাংশ ভূ – ভাগ আৰু ২.৫৯ শতাংশ জনসংখ্যা ধাৰী অসম প্রদেশখনত ১ টা আন্তঃৰাষ্ট্ৰীয় আৰু অন্য ৫ টা আভ্যন্তৰীণ বিমান বন্দৰ আছে । তদুপৰি ৰাজ্যৰ মান দুটা সামৰিক বাহিনীৰ আছুতীয়া বিমান বন্দৰ আছে । গুৱহাটীত পশ্চিমে অৱস্থিত লােকপ্রিয় গােপীনাথ বৰদলৈ বিমান বন্দৰ । অসম তথা সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ । এই বিমান বন্দৰৰ পৰা দিল্লী , কলিকতা , মুম্বাই , চেন্নাই ইত্যাদি আভ্যন্তৰীণ পৰিসৰৰ দূৰগামী সেৱাৰ লগতে ঘাইকৈ দক্ষিণ পূর্ব এছিয়াগামী আন্তঃৰাষ্ট্ৰীয় উৰণৰ ব্যৱস্থা আছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top