Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board AHSEC Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ and select needs one.
Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ Solutions for All Subject, You can practice these here.
অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
অধ্যায় – ১৫
দ্বিতীয় খণ্ড
অতি চমু প্ৰশ্নোত্তৰ
১। তলৰ কোনবিধ খাদ্য শস্য –
( i ) নাৰিকল ।
( ii ) কমলা টেঙা ।
( iii ) পিয়াজ । আৰু
( iv ) ধান ।
উত্তৰঃ ( iv ) ধান ।
২। তলৰ কোনবিধ বাণিজ্যিক শস্যৰ অন্তৰ্গত ?
( i ) তৈলবীজ ।
( ii ) শাক – পাচলি ।
( iii ) ঘেঁহু । আৰু
( iv ) চাহ ।
উত্তৰঃ ( iv ) চাহ ।
৩। তলৰ কোনবিধ ৰােপন কৃষিৰ অন্তৰ্গত ?
( i ) ঘেঁহু ।
( ii ) তৈলবীজ ।
( iii ) চাহ । আৰু
( iv ) মাহ জাতীয় শস্য ।
উত্তৰঃ ( iii ) চাহ ।
৪। কোন চনত অসমত চাহ আৱিষ্কাৰ হৈছিল ?
( i ) ১৮১৩ ।
( i ) ১৮২৩ ।
( iii ) ১৮৩৩ । আৰু
( iv ) ১৮৪৩ ।
উত্তৰঃ ( iii ) ১৮৩৩ চনত ।
৫। অসমত কিমানটা তেল শােধনাগাৰআছে ?
( i ) দুটা ।
( ii ) তিনিটা ।
( iii ) চাৰিটা । আৰু
( iv ) ছটা ।
উত্তৰঃ ( iii ) চাৰিটা ।
৬। অসমৰ সর্বপ্রথম তেল শােধানাগাৰ কোনটো ?
উত্তৰঃ ডিগবৈ তেল শােধানাগাৰ ।
৭। অসমত কোন ধৰণৰ ধান খেতি বেছি হয় ?
উত্তৰঃ গ্রীষ্মকালীন খেতি অথাৎ শালি ধানৰ খেতি ।
৮। আঞ্চলিক কৃষি গবেষণা কেন্দ্র অসমৰ কোনখন জিলাত অৱস্থিত ?
উত্তৰঃ যােৰহাটত ।
৯। ২০০২-০৩ চনৰ তথ্য অনুসৰি অসমত কিমানখন চাহ বাগিচা আছে ?
উত্তৰঃ ৪০,৭৯৫ খন ।
১০৷ চাহ খেতি কৰিবলৈ কি ধৰণৰ মাটিৰ প্ৰয়ােজন ?
উত্তৰঃ ৰঙা আলতীয়া বা লেটাৰাইট মাটি ।
১১। অসমৰ কোনখন জিলাত চাহ বাগান দেখা নাযায় ?
উত্তৰঃ উত্তৰ কাছাৰ জিলাত ।
১২৷ চাহ খেতিৰ বাবে কেনে ধৰণৰ জলবায়ুৰ প্ৰয়ােজন ?
উত্তৰঃ ২০° -৩৫° চেঃ উত্তাপৰ জলবায়ু ।
১৩। অসমত প্ৰধানকৈ কোন কেইবিধ ফলমূলৰ খেতি কৰা হয় ?
উত্তৰঃ কল , নাৰিকল , অমিতা , কঁঠাল , মাটি কঠাল , কমলা , লিচু , আম , মধুৰী ইত্যাদি ।
১৪। অসমৰ কেইটামান ক্ষুদ্র উদ্যোগৰ নাম লিখা ।
উত্তৰঃ বয়ন শিল্প , অলংকাৰ গঢ়ন , ধাতু আৰু মাটিৰ সামগ্রী নির্মাণ , বাঁহ – বেতৰ সজুলি নির্মাণ আদিৰ উদ্যোগ সমূহ ।
১৫। অসমৰ কোন ঠাইত উৎকৃষ্টমানৰ সুমথিৰা টেঙা উৎপন্ন হয় ?
উত্তৰঃ তিনিচুকীয়া জিলাত ।
১৬। ডিগবৈ তেল শােধানাগাৰটো কোন চনত স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯০১ চনত ।
১৭। বঙাইগাঁও শােধানাগাৰ আৰু পেট্রোকেমিকলচ প্রকল্প কেতিয়া স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯৭৯ চনত ।
১৮। নুমলীগড় তেল শােধানাগাৰ কোন চনত স্থাপন কৰা হয় ?
উত্তৰঃ ১৯৯৩ চনত ।
১৯। অসমৰ দুটা তেল শােধানাগাৰৰ নাম লিখা ।
উত্তৰঃ ডিগবৈ তেল শােধানাগাৰ আৰু নুনমাটি শােধানাগাৰ ।
২০। অসমৰ পূৰ্ণাংগ মৰাপাট কলটো কোন ঠাইত অৱস্থিত ?
উত্তৰঃ নগাঁও জিলাৰ শিলঘাটত ।
২১। অসমত উৎপন্ন হােৱা দুবিধ সুঁতাৰ নাম লিখা ।
উত্তৰঃ মুগা সূতা আৰু এড়ী সূতা ।
২২। অসমৰ প্ৰধান সুতা উৎপাদনকাৰী উদ্যোগটো ক’ত অবস্থিত ?
উত্তৰঃ কামৰূপ জিলা ।
২৩। বাঁহেৰে তৈয়াৰী তিনিবিধ হস্ত শিল্পৰ নাম লিখা ।
উত্তৰঃ জুৱলি , জাকৈ আৰু চেপা ।
২৪। বেতৰ পৰা তৈয়াৰী দুটা সৰঞ্জামৰ নাম লিখা ।
উত্তৰঃ চকী আৰু টেবুল ।
চমু উত্তৰৰ প্ৰশ্ন
২৫। অসমৰ কৃষি ব্যৱস্থাৰ বেছিভাগেই কিয় বতৰৰ লগত জড়িত ?
উত্তৰঃ অসমৰ কৃষিখণ্ড পৰিয়ালকেন্দ্রীক আৰু ইয়াৰ অর্থনীতি ঘাইকৈ ৰাজ্যখনৰ পৰম্পৰাগত কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল । চাহ খেতিৰ বাহিৰে বাকী সকলাে শস্য অসংগঠিত কৃষকৰ নিজা পৰিচালিত কৃষি । গতিকে কৃষকৰ এনে কৃষিত সফলতা ঘাইকৈ নিৰ্ভৰ কৰে কৃষকৰ দক্ষতা আৰু আর্থিক ক্ষেত্ৰৰ ওপৰত । আনহাতে , ভাৰতৰ প্ৰায় প্ৰতিখন কৃষি অর্থনীতি ৰাজ্যৰ তুলনাত অসমত কৃষক পৰিচালিত কৃষি খণ্ডটো জলসিঞ্চনৰ অব্যৱস্থা , কৃষি ঋণদানৰ সীমাবদ্ধতা তথা প্রাপ্ত ঋণৰ অপপ্রয়ােগ , উন্নত যন্ত্রপাতি , বীজ আৰু সাৰ প্ৰয়ােগৰ ব্যর্থতা আদি বিভিন্ন ধৰণৰ মানৱ সৃষ্ট সমস্যাৰে ভাৰাক্ৰান্ত । সেয়েহে ব্যক্তিগতভাৱে পৰিচালিত কৃষিখণ্ডটোৱে সীমিত চৰকাৰী সুবিধা আৰু জলসিঞ্চনৰ অব্যৱস্থাৰ বাবে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ।
২৬। উজনি অসমত চাহ উৎপাদন কিয় বেছি হয় ?
উত্তৰঃ চাহ গছৰ ক্ষীপ্র বৃদ্ধি আৰু পত্রন কার্যৰ উদ্দেশ্যে আদর্শ পৰিবেশ হ’ল ২০° -৩৫ চে . উত্তাপ আৰু এৰা ধৰাকৈ প্রায় প্রতিদিনে হােৱা কিনকিনীয়া বৰষুণৰ বতৰ । আলসুৱা স্বভাৱৰ এই গছবিধৰ বাবে ১০-৩৫° চে.পৰিসৰৰ বাহিৰৰ তাপমান অত্যন্ত ক্ষতিকৰ । ৰঙা আলতীয়া বা লেটাৰাইট মাটিৰ হেলনীয়া পৃষ্ঠ চাহ খেতিৰ বাবে উপযােগী । সঘনাই বৰষুণ বিচৰা চাহ গছৰ গুৰিত পানী জমা হলেই বিপদ । উজনি অসমত চাহ খেতিৰ বাবে উপযুক্ত পৰিবেশ পােৱা যায় । এই অঞ্চলৰ উত্তাপ চাহ খেতিৰ উপযােগী হােৱাৰ লগতে সঘনাই হােৱা কিনকিনিয়া বৰষুণে চাহ গছৰ পত্ৰণত সহায় কৰে । আৰু তৰংগাকৃতিক পৃষ্ঠসমূহত এই খেতি কৰা বাবে গছৰ গুৰিত পানী জমা হ’বলৈ নাপায় । মুঠতে , উজনি অসমত চাহ খেতিৰ বাবে এক উপযুক্ত । ভৌগােলিক পৰিবেশ পােৱা যায় বাবে এই অঞ্চলত চাহৰ উৎপাদনৰ পৰিমাণে বেছি ।
২৭। নামনি অসমত মৰাপাটৰ খেতি কিয় বেছি হয় ?
উত্তৰঃ সচৰাচৰ পানী জমা হােৱা পলসুৱা মাটিত মার্চ – এপ্রিল মাহত মৰাপাটৰ বীজ সিঁচা হয় । চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত এই গছবােৰ গুৰিতে কাটি পানীত বুৰাই বাকলি গুচাই ইয়াৰ পৰা আঁহ উলিয়াব পাৰি । কটাৰ পিছত অহ উলিয়াবৰ কাৰণে গােৰাই থ’বলৈ মৰাপাট – খেতিৰ অঞ্চলত বিস্তীর্ণ পৰিসৰৰ গভীৰ জলাশয় থকা উচিত । ইয়াৰ আঁহ নিষ্কাষণৰ পৰ্যায়টো অতি কষ্টসাধ্য আৰু স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক । সচৰাচৰ পূৰ্ব বংগৰ পৰা আহি অসমত থিতাপি মুছলমানধর্মী লােকসকলেই এই কৃষিকার্যত অধিক অভ্যস্ত ।
নামনি অসমৰ সমতল ভুমিত বিস্তীর্ণ পৰিসৰত গভীৰ জলাশয় পােৱা যায় , যিটো মৰাপাটৰ খেতিৰ বাবে অত্যন্ত আবশ্যকীয় । দ্বিতীয়তে , ওপৰত উল্লেখ কৰাৰ দৰে এই কৃষিকার্যত অভ্যস্ত লােকসকলে প্ৰধানকৈ নামনি অসমতে বসতি স্থাপন কৰিছে । অর্থাৎ ক’ব পাৰি যে , মৰাপাট খেতিৰ বাবে নামনি অসমত উপযুক্ত ভৌগােলিক পৰিবেশ থকাৰ লগতে এই অঞ্চলৰ কৃষকসকল এইবিধ কষ্টসাধ্য কৃষিকার্যত অভ্যস্ত যিয়ে অঞ্চলটোত মৰাপাটৰ উৎপাদন বৃদ্ধিত সহায়ক হৈছে ।
চমু টোকা লিখা
২৮। অসমৰ বিভিন্ন প্রকাৰৰ কৃষি ব্যবস্থা ।
উত্তৰঃ অসমত পৰম্পৰাগতভাৱে তিনি ধৰণৰ কৃষি পদ্ধতিৰ প্ৰচলন দেখা যায় । অন্তৰণ কৃষি , কৃষক পৰিচালিত পােষক কৃষি আৰু ৰােপন কৃষি অসমৰ পার্বত্য এলেকাসমূহত বছৰি প্রায় ৭০০ বর্গ কিঃমিঃ অর্থাৎ ৭০,০০০ হেক্টৰ অৰণ্যভূমি অন্তৰণ কৃষি অথবা ঝুম খেতিৰ কাৰণে মুকলি কৰা হয় । কৃষক পৰিচালিত কৃষি ভূমিৰ পৰিমাণ অসমত মুঠতে ৩৪.৩২ লাখ হেক্টৰ ৰাজ্যখনৰ ২,৬৮,৯৮৩ হেক্টৰ ভূমি চাহ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় । পৰম্পৰাগত পােষক কৃষিৰ ক্ষেত্ৰখনত দেখা যায় যে ২০০১-০২ চনৰ পৰিসংখ্যা অনুসৰি মুঠ কৃষিভূমিৰ ৮০.২৭ শতাংশ । অর্থাৎ ২৭.৫৫ লাখ হেক্টৰ ভূমি কেৱল অনুশস্য আৰু মাহজাতীয় শস্য উৎপন্ন কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছে । আনবােৰ শস্যৰ ভিতৰত তৈলবীজ , মৰাপাট আৰু ফলমূল , পাচলি আদিৰ খেতি অতি সীমিত পৰিমাণৰ ভূমিতহে কৰা হয় । মুঠ কৃষি ভূমিৰ ৬৬.১৩ শতাংশত ধান খেতি , ৭.০ শতাংশ চাহ আৰু ১.৯৫ শতাংশ ভূমিত মৰাপাটৰ খেতি কৰা হয় ।
২৯। অসমত শস্য উৎপাদন ।
উত্তৰঃ ২০০২ – ০৩ বৰ্ষৰ পৰিসংখ্যা অনুসৰি অসমত ৩৪৩২ হাজাৰ হেক্টৰ অর্থাৎ ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৪৩.৭৫ শতাংশ ভূমি কৃষি উৎপাদনৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছিল আৰু বিভিন্ন শস্য উৎপাদনৰ মুঠ পৰিমাণ আছিল ৭৫২৮ হাজাৰ টন । তদুপৰি একেটা বর্ষতে ৰাজ্যখনত প্রায় ১৪ কোটি ৪০ লাখ নাৰিকল উৎপাদন কৰা হৈছিল । অসমত উৎপাদিত শস্যসমূহৰ ভিতৰত অনুশস্য যেনেঃ ধান , মাকৈ , ঘেঁহু , জোৱাৰ ; দাইল , যেনেঃ বুট , ৰহৰ , মাটিমাহ , তৈলবীজ যেনে – তিল , সৰিয়হ , এড়াগুটি , নাৰিকল ; আঁহ জাতীয় শস্য যেনেঃ কপাহ , মৰাপাট ; শাক – পাচলি , যেনেঃ অমিতা , আলু , ৰঙা আলু , পিয়াজ আৰু অন্যান্য পাচলি । ফলমূল যেনেঃ আম , সুমথিৰা , মাটিকঠাল ; অন্যান্য কিছুমান শস্য যেনেঃতামােল , জলকীয়া , কুঁহিয়াৰ , ধপাত , আদা , হালধি প্রভৃতি উল্লেখযােগ্য । চাহ অসমৰ এক সংগঠিত খণ্ডৰ বাণিজ্যিক কৃষি ।
৩০৷ অসমৰ ধান খেতি ।
উত্তৰঃ অসমৰ মুঠ কৃষিক্ষেত্ৰৰ ৬৬.১৩ শতাংশ এলেকাত ধান খেতি কৰা হয় । বর্তমান সময়ত অধিক উৎপাদনক্ষম জয়া , পুসা , আই আৰ -৮ , পাইজা প্রভৃতি সংকৰ প্ৰজাতিৰ ধানবােৰহে অসমৰ পথাৰত অধিক পৰিমাণে দেখা যায় যদিও বৰা , চকোৱা , কণজহা প্রভৃতি কিছু সংখ্যক উচ্চ মানবিশিষ্ট পৰম্পৰাগত প্ৰজাতিৰ ধানৰ উৎপাদন ৰাজ্যখনত এতিয়াও অব্যাহত আছে । শস্য চপােৱাৰ ঋতুভিত্তিক অসমত তিনি প্রকাৰৰ ধানৰ খেতি কৰা দেখা যায় । শৰৎকালীন , শীতকালীন আৰু গ্রীষ্ম কালীন ধানৰ খেতি ৰাজ্যখনত ধান খেতিৰ পৰিসৰ লক্ষ্য কৰিলে দেখা যায় যে ১৯৬০-৬১ চনৰ পৰা ২০০৩-০৪ চনৰ সময়চোৱাত সৰ্বভাৰতীয় পৰিসৰত ধানৰ উৎপাদন ২.৫১ গুণ বৃদ্ধি পােৱাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত এই বৃদ্ধি ২.৩৮ গুণ । আনহাতে, একে সময়তে ধান খেতিত ব্যৱহৃত কৃষি ভূমিৰ পৰিসৰ সৰ্বভাৰতীয় ক্ষেত্ৰত ৭.৪ শতাংশৰ বিপৰীতে অসমত এই বৃদ্ধি আছিল ৪৭.৩৮ শতাংশ । অর্থাৎ অসমত কৃষি ব্যৱস্থাৰ উন্নতিৰ সলনি কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণৰ দ্বাৰাহে ধানৰ উৎপাদন বৃদ্ধি পাইছে ।
৩১। অসমৰ চাহ খেতি ।
উত্তৰঃ চাহ অসমৰ প্রধান বাণিজ্যিক ৰােপণ শস্য । আৰু ৰাজ্যখনৰ সংগঠিত খণ্ডৰ একমাত্র কৃষি বুলিব পাৰি । সমগ্ৰ ভাৰতৰ ভিতৰত অসমত সর্বাধিক চাহ উৎপাদন হয় । সাধাৰণভাৱে ক’বলৈ হ’লে ভাৰতে পৃথিৱীৰ ৪০ % চাহ উৎপাদন কৰে আৰু অসমত ভাৰতৰ মুঠ উৎপাদনৰ ৫৫ % চাহ উৎপাদন হয় । গতিকে , অসমত হােৱা চাহৰ উৎপাদন পৃথিৱীৰ মুঠ উৎপাদন কম পক্ষেও বিশ শতাংশ । ২০০২ – ০৩ বিত্তীয় বৰ্ষৰ পৰিসংখ্যা অনুসৰি উজনি অসম অর্থাৎ তিনিচুকীয়াৰ পৰা গােলাঘাট জিলাৰ বন্যামুক্ত এঢলীয়া পৃষ্ঠৰ অঞ্চলসমূহতে অসমৰ ৬২ শতাংশ চাহ উৎপাদন হয় ।
ৰাজ্যখনৰ দ্বিতীয় উল্লেখযােগ্য চাহ উৎপাদনকাৰী অঞ্চলটো ভূটান আৰু অৰুণাচল সীমান্তৰ টেৰাই ভাবৰ কটিবন্ধৰ কিছু দক্ষিণে বন্যামুক্ত সু – প্রতিষ্ঠিত সমতলৰ পৰিসৰত ৯২° – ৯৫° পূৱ দ্রাঘিমাংশৰ মাজত পােৱা যায় । হেক্টৰে প্রতি উৎপাদন হােৱা চাহৰ পৰিমাণ এই অঞ্চলত দুই মেট্রিক টনতকৈও অধিক হােৱা দেখা যায় । বৰাক উপত্যকাৰ উত্তৰ পূৱ আৰু দক্ষিণৰ ওখােৰা – মােখােৰা ভূমি ভাগতাে দুশখন মান চাহ বাগিছা পােৱা যায় । উল্লেখ্য যে , অসমৰ এই তিনিওটা অঞ্চলৰ বাহিৰে অসমৰ আন আন ঠাইত মুঠতে ৫২৪ খন সৰু ডাঙৰ চাহ বাগিছা আছে । নগাওঁ আৰু মৰিগাওঁ জিলাত সৰ্বমুঠ ২১৩ খন চাহ বাগিছা আছে ।
৩২। অসমত ফলমূল উৎপাদন ।
উত্তৰঃ অসমৰ মাটি , জলবায়ু বিভিন্ন ফল – মূলৰ গছ গজাৰ অনুকুল যদিও বাণিজ্যিক ভিত্তিত ফলৰ উৎপাদন ৰাজ্যখনত এতিয়াও অসংগঠিত আৰু চালুকীয়া অৱস্থাত আছে । অসমত পৰম্পৰাগতভাৱে উৎপন্ন হােৱা ফলসমূহৰ ভিতৰত কল , নাৰিকল , অমিতা , আম , সুমথিৰা , মাটিকঁঠাল , কঠাল , মধুৰী , লিচু আদি উল্লেখযােগ্য । এইবােৰৰ লগতে ৰাজ্যৰ প্রায় সকলাে ঠাইতে বিভিন্ন প্রজাতিৰ নেমু জাতীয় ফল , জামু , বগৰী , নৰা বগৰী , আহােম বগৰী ইত্যাদি ফল অ-বাণিজ্যিক পৰিসৰত উৎপন্ন হয় । কৃষি ভূমিৰ আয়তনৰ ফালৰ পৰা অসমত যথাক্রমে কল , কঠাল , মাটিকঠাল আৰু অমিতা আৰু উৎপাদনৰ লেখেৰে কল , মাটিকঁঠাল , কঠাল আৰু অমিতাই বিভিন্ন ফলৰ ভিতৰত প্রথম চাৰিটা স্থান অধিকাৰ কৰি আছে ।
কল অসমৰ সকলাে ঠাইতে উৎপাদন কৰা হয় যদিও বাণিজ্যিক পৰিসৰত এই খেতি নামনি অসমত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে মেঘালয় সীমান্ত এলেকাতে অধিক । আনহাতে নগাওঁ , মৰিগাওঁ , কামৰূপ , নলবাৰী আৰু বৰপেটা জিলাত নাৰিকল খেতি সুফলদায়ক । কঠাল , অমিতা , মাটিকঠাল আৰু সুমথিৰা বন্যামুক্ত অঞ্চলৰ খেতি তিনিচুকীয়া, ডিব্ৰুগড় , যােৰহাট , গােলাঘাট , কামৰূপ আদি জিলাত সুমথিৰা , কাৰ্বি আংলং , উত্তৰ কাছাৰ আৰু কাছৰ জিলাত মাটিকঁঠাল অধিক পৰিমাণত উৎপন্ন হয় । আম আৰু মধুৰী ৰাজ্যৰ সকলাে অঞ্চলতে উৎপন্ন হয় । নগাওঁ , দৰং , শােণিতপুৰ , যােৰহাট জিলাত লিচু উৎপাদন সুফলদায়ক । এই সকলোবােৰ ফলৰ ৰ ভিতৰত কল , মাটিকঠাল আৰু সুমথিৰা উৎপাদনত অসমৰ একোটা স্বকীয় বৈশিষ্ট্য পােৱা যায় । অসমত কল , নাৰিকল , সুমথিৰা আৰু মাটি কঠাল প্রভৃতি সর্বত্র আদৰ পােৱা ফলৰ উৎপাদন ক্রমে বৃদ্ধি পাইছে আৰু ৰাজ্যত এনেবােৰ ফলৰ উৎপাদন বৃদ্ধিয়ে আন্তঃৰাজ্যিক বজাৰ দখলৰ লগতে ফলভিত্তিক কুঠীৰ শিল্পৰ সম্ভাৱনাও ক্রমে উজ্জ্বল কৰি আনিছে ।
| Sl. No. | সূচী-পত্ৰ |
| প্ৰথম খণ্ড | |
| Chapter 1 | মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ |
| Chapter 2 | জনসংখ্যা আৰু উন্নয়ন |
| Chapter 3 | জনসংখ্যাৰ গাঁথনি |
| Chapter 4 | মানৱ সম্পদৰ বিকাশ |
| Chapter 5 | প্রাথমিক খণ্ডৰ জীৱিকা |
| Chapter 6 | দ্বিতীয়ক খণ্ডৰ বৃত্তি |
| Chapter 7 | তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ |
| Chapter 8 | পৰিবহণ আৰু যােগাযােগ |
| Chapter 9 | আন্তৰ্জাতিক বাণিজ্য |
| Chapter 10 | জনবসতিৰ প্ৰকাৰ |
| দ্বিতীয় খণ্ড | |
| Chapter 11 | উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি |
| Chapter 12 | অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু |
| Chapter 13 | জনসংখ্যাৰ গাঁথনি |
| Chapter 14 | জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব |
| Chapter 15 | অসমৰ কৃষিখণ্ড আৰু উদ্যোগ |
| Chapter 16 | অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা |
| তৃতীয় খণ্ড | |
| Chapter 17 | ভাৰতৰ জনসংখ্যা |
| Chapter 18 | ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম |
| Chapter 19 | মানৱ সম্পদ উন্নয়ন |
| Chapter 20 | ভাৰতৰ জনবসতি |
| Chapter 21 | ভূমি সম্পদ আৰু কৃষিকাৰ্য |
| Chapter 22 | ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ |
| Chapter 23 | ভাৰতৰ কাৰিকৰী উদ্যোগ |
| Chapter 24 | ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন |
| Chapter 25 | ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা |
| Chapter 26 | আন্তর্জাতিক বাণিজ্য |
| Chapter 27 | নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপাত |
৩৩। অসমত চাহ উদ্যোগ ।
উত্তৰঃ চাহ প্রধানত কৃষিজাত দ্রব্য যদিও ইয়াক ব্যৱহাৰ আৰু ৰপ্তানিযােগ্য অৱস্থালৈ নিয়াৰ উদ্দেশ্যে নির্দিষ্ট কিছুমান ঔদ্যোগিক কার্য পালন কৰিবলগা হয় । সাধাৰণতে , এই ঔদ্যোগিক পর্যায়টো অতিক্রম কৰাৰ উদ্দেশ্য অসমৰ প্ৰায়বােৰ বৃহৎ চাহ বাগিছাতে একোটা কাৰখানা আছে । যিটোক সচৰাচৰ কলঘৰ শব্দৰে বুজোৱা হয় । অসমৰ বিভিন্ন বাগিছাত প্রায় ৬০০ টা কলঘৰ আছে । ২০০২ – ০৩ বৰ্ষৰ পৰিসংখ্যা অনুসৰি এই সকলােবােৰ শ্ৰমিকৰ সংখ্যা আছিল ৬,০২,৫৩১ জন । অর্থাৎ , ৰাজ্যৰ মুঠ কৰ্মৰত জনশক্তিৰ ৬.৩২ শতাংশই এই শিল্পত নিযুক্ত হৈ আছে । এই চাহ উদ্যোগৰ লগত আনুষাংগিকভাৱে গঢ়ি উঠা অসমৰ আন এটা উদ্যোগ হ’ল চাহ বাকচ নির্মাণ । অতি মিহি প্লাইউদেৰে ঘনক আকৃতিত প্রস্তুত কৰা এবিধ বিশেষ বাকচ চাহপাত সৰবৰাহৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয় । সাধাৰণতে , চাহ উৎপাদনৰ প্রধান কেন্দ্রসমূহত এনে উদ্যোগ দেখা যায় ।
৩৪। অসমৰ ৰেচম শিল্প ।
উত্তৰঃ অসমৰ কুটীৰ শিল্প খণ্ডটোৰ ভিতৰত ৰেচমী সূতাৰ বয়ন শিল্পক বিশ্ব বিখ্যাত বুলিব পাৰি । পৰম্পৰাগতভাৱে অসমত এড়ী , মুগা আৰু পাট এই তিনি প্রকাৰৰ ৰেচমী সূতা আৰু বয়ন শিল্পৰ প্ৰচলন আছে । মুগা উৎপাদনৰ ক্ষেত্ৰত অসমেই ভাৰতৰ একমাত্ৰ ৰাজ্য ।
অসমৰ ন হাজাৰৰাে অধিক সংখ্যক গাঁৱক ৰেচম শিল্পকেন্দ্রীক অর্থনীতিৰ গাঁওৰূপে চিহ্নিত কৰা হৈছে । এড়ী , মুগা অথবা পাট পলু পালন কৰাৰ পৰা সূতা কটা আৰু সদৌ শেষত বয়ন কার্য সম্পন্ন কৰালৈকে বিভিন্ন পর্যায়ৰ কাম এনেবােৰ গাঁৱতে সম্পন্ন কৰা হয় । অসমত উৎপাদিত এড়ী সূতাৰ প্রায় আধা অংশৰ উৎপাদন হয় ধেমাজী, কাৰ্বি আংলং আৰু যােৰহাট জিলাত । অসমত মুগা সূতা উৎপাদনৰ মুঠ পৰিমাণ হৈছে বার্ষিক ৯৪ টন । অসমৰ আঠখন জিলাত ৰাজ্যৰ প্রায় ৯০ শতাংশ মুগা সূতাৰ উৎপাদন হয় । সেই কেইখন হ’ল যথাক্রমে লক্ষীমপুৰ , শিৱসাগৰ , ডিব্ৰুগড় , যােৰহাট , গােলাঘাট , কামৰূপ , গােৱালপাৰা , আৰু তিনিচুকীয়া জিলা । অসমত ভাৰতবৰ্ষৰ প্ৰায় ১০ শতাংশ পাত সূতাৰ উৎপাদন হয় । ৰেচমী সূতা উৎপাদন ক্ষেত্ৰত ধেমাজী আৰু লক্ষীমপুৰসহ উজনি অসমৰ জিলাকেইখনেই সৰ্বমুঠ ৩১২.৩৯ টন । অর্থাৎ ৰাজ্যৰ মুঠ উৎপাদনৰ ৫২.৭৩ শতাংশ উৎপাদন কৰি আহিছে ।
আনহাতে , ৰেচম বয়ন শিল্পৰ অধিকাংশই কামৰূপ আৰু কাছাৰ জিলাতে অৱস্থিত । কুটীৰ শিল্পৰ পৰিসৰ অতিক্রমী লঘু উদ্যোগৰ পৰ্যায়ত সােমােৱা ৰেচমী বয়ন শিল্প প্রতিষ্ঠান হিচাপে মৰিগাওঁ জিলাত অৱস্থিত অসম পলিটেক্স নামৰ চৰকাৰী খণ্ডৰ অন্তৰ্গত জাগীৰােড , সূতা কটা আৰু বয়ন কাৰখানা উল্লেখযােগ্য ।
৩৫। অসমৰ মৰাপাট উদ্যোগ ।
উত্তৰঃ অসমত যথেষ্ট পৰিমাণে মৰাপাটৰ আঁহ প্রস্তুত হােৱা স্বত্বেও ৰাজ্যখনত এইটো খণ্ডৰ বয়ন শিল্পৰ স্থিতি অতিশয় পুতৌ লগা । অসমৰ একমাত্র পূর্ণাংগ মৰাপাট কলটো ১৯৭০ চনত নগাওঁ জিলাৰ শিলঘাটত সমবায়ৰ ভিত্তিত স্থাপন কৰা হৈছিল । এই মিলত মুঠতে ৩০০ খন বয়নশাল আছিল । ইয়াৰে ১০০ খন শাল চট প্রস্তুতকৰণ আৰু বাকীকেইখনত বস্তা প্রস্তুত কৰা হৈছিল । কিন্তু বিপণনৰ সুব্যৱস্থাৰ অভাৱৰ বাবেই এই বয়ন উদ্যোগটো বাস্তৱ ক্ষেত্ৰত গা কৰি উঠিব নােৱাৰিলে । এইটো পাটকলৰ উপৰিও গুৱাহাটী চহৰত আন এটা সৰু পাটকল আছে । অসম চৰকাৰৰ উদ্যোগত প্রতিষ্ঠিত আন দুটা পাটকলৰ ভিতৰত প্ৰথমটো বৰপেটা জিলাৰ গুৱাগাছাত আৰু আনটো দৰং জিলাৰ দলগাওঁ নামে ঠাইত অৱস্থিত । সম্প্রতি অসমৰ চাৰিওটা মৰাপাটকলত এৰা – ধৰাকৈ হােৱা থৈলা , চট , বেগ প্রভৃতি মৰাপাটৰ আঁহৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ওজন বছৰি প্রায় আঠ হাজাৰ টন ।
৩৬। অসমত বাঁহ বেতৰ উদ্যোগ ।
উত্তৰঃ অসম এক বৈচিত্র্যপূর্ণ উদ্ভিদ সমাৱেশৰ অঞ্চল আৰু ইয়াৰ প্ৰাকৃতিক আর্থ সংস্কৃতিক পটভূমিক বাঁহ – বেতৰ সৰঞ্জাম প্রস্তুতৰ কুঠীৰ শিল্পসমূহে সমৃদ্ধিশালী অৱস্থা লাভ কৰাৰ পক্ষে অতি অনুকুল বুলি ভাবিব পাৰি । অসমৰ অৰণ্য আৰু গ্রামাঞ্চলসমূহত অসংখ প্রজাতিৰ বাঁহ পােৱা যায় । কৃষিকাৰ্য আৰু শস্যৰ পৰা বিভিন্ন ধৰণৰ খাদ্য প্রকৰণত বাঁহ ধৰণ বাঁহ – বেতৰ সৰঞ্জাম ব্যৱহাৰ কৰা হয় । ভৌগলিক পৰিৱেশ , কৃষি , অর্থনীতি আৰু ভিন্নমুখ সাংস্কৃতিক উপদানৰ পটভূমিত অসমত বাহ – বেতৰ উদ্যোগৰ এক সমৃদ্ধ পৰম্পৰা এতিয়া অব্যাহত আছে । কৃষি সৰঞ্জাম , মাছ মৰা যতন , গৃহস্থালিৰ সৰঞ্জাম , বয়ন সৰঞ্জাম , কলাত্মক উপাদান আদি নির্মাণৰ ক্ষেত্ৰত বাহঁ – বেতৰ প্ৰয়ােগ বহুল ।
৩৭। অসমৰ তেল উদ্যোগ ।
উত্তৰঃ নিষ্কাষনৰ লগে লগেই খনিজ তেল ব্যৱহাৰৰ উপযােগী হৈ নুঠে । বিভিন্ন ধৰণৰ অপদ্রব্য মিহলি হৈ থকা এই খনিজ তেলসমূহ শোধন কৰাৰ লগে লগে ইয়াৰ পৰা বিভি ধৰণৰ পেট্রলজাত দ্রব্য প্রস্তুত কৰা হয় । অসমত বৰ্তমানলৈকে এনে চাৰিটা শােধনাগাৰ স্থাপন কৰা হৈছে । এই শােধনাগাৰসমূহ হ’ল যথাক্রমে অসম তেল কোম্পানীৰ অধীন ডিগবৈ শােধনাগাৰ , নুনমাটি শােধনাগাৰ , বঙাইগাওঁ তেল শােধনাগাৰ আৰু পেট্র’ৰাসায়নিক প্রকল্প আৰু নুমলীগড় তেল শােধনাগাৰ ।
এই শােধনাগাৰসমূহত উৎপাদিত দ্ৰৱসমূহৰ ভিতৰ কেৰাচিন , পেট্রল , স্নেহক দ্রব্য , ম’ম , ক’ক , দাহ্য গেচ , বিটুমেন , নেপথা , এভিয়ন , ডিজেল ৰন্ধন গেছ , চালফাৰ প্রভৃতি উল্লেখযােগ্য । আকৌ নামৰূপৰ অসম পেট্র’ৰাসায়নিক প্রকল্প তেল আৰু কিছুমান পেট্রলজাত সামগ্রী শোধন আৰু ৰূপান্তৰণ কৰি আন এক শ্রেণী উদ্যোগ পৰিচালনা কৰা হয় । শেহতীয়াভাৱে ৰাজ্যখনৰ পেট্রলজাত সামগ্ৰীসমূহৰ ভিত্তি উদ্যোগিক বিকাশ খৰতকীয়া কৰাৰ উদ্দেশ্য ডিব্ৰুগড় জিলাৰ লেপেট কটাত এটা গেছ ক্রেকা প্রকল্প স্থাপন কৰা হৈছে ।
৩৮। অসমৰ চাহ উদ্যোগৰ ওপৰত এটি টোকা লিখা ।
উত্তৰঃ চাহ মূলতঃ কৃষিজাত দ্রব্য যদিও ইয়াক ব্যৱহাৰ আৰু ৰপ্তানিযােগ্য অৱস্থালৈ নিয়াৰ উদ্দেশ্যে নির্দিষ্ট কিছুমান ঔদ্যোগিক কার্যক্রম পালন কৰিব লাগে । সাধাৰণতে এই ঔদ্যোগি পর্যায়টো সম্পূর্ণ কৰাৰ উদ্দেশ্য প্ৰায়বােৰ বৃহৎ চাহ বাগিছাতে নিজস্ব একোটা কাৰখানা আছে অসমৰ চাহ বাগিছাসমূহত থকা এনেবােৰ ক্ষুদ্ৰ কাৰখানাক সচৰাচৰ কলঘৰ ’ শব্দৰে বুজোৱ হয় । অসমত উৎপাদন হােৱা কেঁচা চাহপাতসমূহ প্রক্ৰমণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন বাগিছাত মুঠতে ৬০০ টা মান কলঘৰ আছে । ২০০২-০৩ চনৰ পৰিসংখ্যা অনুসৰি এই সকলােবােৰ কলঘৰত নিযুক্তি প্রাপ্তকাৰিকৰী আৰু অ-কাৰিকৰি শ্রমিক – কর্মচাৰীৰ সংখ্যা আছিল ।
দীঘল প্ৰশ্নৰ উত্তৰ লিখা
৩৯। অসমত এতিয়ালৈ কিমানখন ৰেচম গাওঁ গঢ়ি তােলা হৈছে ?
উত্তৰঃ অসমত এতিয়ালৈ ৯ হাজাৰৰাে অধিক ৰেচম গাওঁ গঢ়ি তােলা হৈছে ।
৪০।অসমত ব্যবহৃত মাছমৰা সঁজুলিবােৰৰ বিষয়ে এটা চমুটোকা লিখা ।
উত্তৰঃ অসমত ব্যৱহৃত মাছ মৰা সঁজুলিবােৰ হ’ল— জাটক , জালুকী , পল , চেপা , খােকা , খালৈ , লাহনি , খৰা , বান ইত্যাদি । এইবােৰ বাঁহ আৰু বেতেৰে তৈয়াৰ কৰা হয় ।
৪১৷ অসমৰ কৃষিখণ্ডৰ অনগ্রসতাৰ যিকোনাে এটা কাৰণ সম্বন্ধে বহলাই আলােচনা কৰা ।
উত্তৰঃ অসমৰ জনসাধাৰণৰ পৰিয়ালকেন্দ্রিক অর্থনীতি ঘাইকৈ ৰাজ্যখনৰ পৰম্পৰাগত কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল । অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনাে প্রধানভাৱে কৃষিকাৰ্যৰ দ্বাৰা উৎপাদিত কেঁচামালৰ ওপৰতে চলি আছে । ঘাইকৈ কৃষিকেন্দ্রিক অর্থনীতিৰ ৰাজ্য হােৱা স্বত্বেও অসমৰ কৃষি ব্যৱস্থাৰ সামগ্রিক দৃশ্যপট ভাৰতৰ প্ৰায়বােৰ সমভূমি ৰাজ্যৰ তুলনাত পশ্চাৎগামী । প্রাকৃতিক পৰিৱেশ অনুকূল হােৱাৰ পিছতো অসমৰ অনুন্নত কৃষি ব্যৱস্থাটোৱে ঘাইকৈ কৃষক আৰু ৰাজ্য চৰকাৰৰ অমনোযােগীৰ কাৰণেই আগবাঢ়িব পৰা নাই ।
ধানৰ বাহিৰে আন কোনােবিধ খাদ্য শস্যৰ উৎপাদনতে অসম স্বাৱলম্বী নহয় । আকৌ চাহ খেতিৰ বাহিৰে অসমৰ কৃষিখণ্ডটোত বাকী সকলাে শস্যকে অসংগঠিত কৃষকৰ নিজা পৰিচালিত কৃষি বুলিব পাৰি । ভাৰতৰ প্ৰায় প্ৰতিখন কৃষি অর্থনীতিৰ ৰাজ্যৰ তুলনাত অসমৰ কৃষক পৰিচালিত কৃষিখণ্ডটো জলসিঞ্চনৰ অব্যৱস্থা , কৃষিঋণ দানৰ সীমাবদ্ধতা তথা প্রাপ্ত ঋণৰ অপপ্রয়ােগ , কৃষি বিপণন ব্যৱস্থাৰ অভাৱ , উন্নত যন্ত্রপাতি , বীজ আৰু সাৰ প্ৰয়ােগৰ ব্যর্থতা ইত্যাদি বিভিন্ন মানৱসৃষ্ট সমস্যাৰে শােচনীয়ভাৱে ভাৰাক্ৰান্ত । প্রাকৃতিক অৱস্থাজনিত কাৰক যেনেঃ ভূমিক্ষয় , পার্বত্য এলেকাত ক্ষুদ্রাকৃতিৰ পথাৰ , বানপানী আদিৰ কুপ্রভাৱৰ কথাও উল্লেখনীয় ।
৪২। অসমৰ কৃষি ব্যৱস্থাত ধান খেতিৰ একাধিপত্য সম্পকে চমুকৈ লিখা ।
উত্তৰঃ অসমৰ মুঠ কৃষিক্ষেত্ৰৰ ৬৬.১৩ শতাংশ এলেকাত ধান খেতি কৰা হয় । অসমত পৰম্পৰাগতভাৱে বিভিন্ন প্রজাতিৰ ধানৰ খেতি কৰা হৈছিল যদিও আজিকালি অধিক উৎপাদনক্ষম জয়া , পুসা , আই , আৰ -৮ , পাইজং ইত্যাদি সংকৰ প্ৰজাতিৰ ধানহে ৰাজ্যখনৰ পথাৰত অধিক পৰিমাণে দেখা যায় । অৱশ্যে বৰা , চকোৱা , কণজহা ইত্যাদি উচ্চমানবিশিষ্ট পৰম্পৰাগত প্ৰজাতিৰ ধানৰ উৎপাদন অসমত এতিয়াও নােহােৱা নহয় । শস্য চপােৱাৰ ঋতুভিত্তিক অসমত তিনি প্রকাৰৰ ধানৰ খেতি কৰা দেখা যায় । ( ক ) শৰৎকালীন ( খ ) শীতকালীন আৰু গ্রীষ্মকালীন । অসমৰ ক্ষেত্ৰত কৃষি ব্যৱস্থাৰ উন্নতিৰ সলনি কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণৰ দ্বাৰাহে ধান উৎপাদন বৃদ্ধি পাইছে ।
অসমত তিনিটা ঋতুত তিনিবিধ ধান চপােৱা হয় যদিও শীতকালীন ধানৰ খেতিৰেই জনপ্রিয়তা বেছি । গ্রীষ্মকালীন ধানৰ হেক্টৰে প্রতি উৎপাদন বেছি যদিও উৎপাদিত শস্যৰ গুণগত মান উন্নত নহয় । শাৰদীয় ধানসমূহৰ হেক্টৰে প্রতি উৎপাদন কম । ( তালিকাঃ ২৭.২ দ্রষ্ট – পৃষ্ঠা ৩৭৭ ) ২০০২-০৩ চনৰ পৰিসংখ্যা অনুসৰি অসমৰ সৰ্বমুঠ ২৫.৪ লাখ হেক্টৰ ধাননি পথাৰৰ ভিতৰত ১৪,৩৬ লাখ হেক্টৰত আইজং , ৰঞ্জিত , সােণালিকা , পুখা , চীনা -৬৩ , জয়া , আহু আৰ – ৮ , পংকজ প্রভৃতি অধিক উৎপাদনক্ষম সঁচৰ বীজ প্রয়ােগ কৰা হৈছিল । সেউজ বিপ্লৱৰ স্থায়ী সুফলৰূপে গণ্য কৰা উন্নত জাতৰ বীজ ব্যৱহাৰৰ পিছতাে হাজাৰ বছৰীয়া ধান খেতিৰ পৰম্পৰাবাহী ৰাজ্য অসমৰ স্থিতি মুঠেই সন্তোষজনক নহয় ।
অসমৰ প্ৰায় সকলাে পৰিৱেশতে ধান খেতি কৰিব পাৰি। ৰাজ্যখনৰ দুয়ােটা নদী উপত্যকাৰ অত্যন্ত গভীৰ জলাশয়সমূহক বাদ দি বাকী সকলাে অৱস্থানতে লাভজনকভাৱে ধান খেতি কৰিব পাৰি । ধেমাজি , কৰিমগঞ্জ , মৰিগাওঁ , নলবাৰী , লখিমপুৰ , কাছাৰ জিলাত ধান খেতিৰ বাবে ব্যৱহৃত কৃষিভূমি আৰু মুঠ কৃষি ভূমিৰ অনুপাত ৰাজ্যিক অনুপাতৰ ওপৰত । মুঠতে ধান উৎপাদনৰ ক্ষেত্ৰত অসম ৰাজ্য বহুখিনি স্বাৱলম্বী ।
৪৩। কোনবিলাক ভৌগলিক কাৰণৰ বাবে অসমখন চাহ খেতিৰ প্ৰধান অঞ্চল হৈ পৰিছে ?
উত্তৰঃ চাহ উৎপাদনত অসম বিশ্বৰ এক শীর্ষ স্থানীয় অঞ্চল । চাহ অসমৰ এক সংগঠিত খণ্ডৰ বাণিজ্যিক কৃষি । অসমৰ মুঠ কৃষি ভূমিৰ ৭.০ শতাংশ চাহ খেতিত বিনিয়ােগ কৰা হয় । চাহ খেতিৰ সাফল্য ঘাইকৈ জলবায়ু তথা মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰশীল । সমগ্ৰ ভাৰতৰ ভিতৰত অসমত সর্বাধিক চাহ উৎপন্ন হয় । ভাৰতে পৃথিৱীৰ ৪০ শতাংশ চাহ উৎপাদন কৰে আৰু অসমত ভাৰতৰ মুঠ উৎপাদনৰ ৫৫ % চাহ উৎপন্ন হয় । ইয়াৰ বাবে অসমৰ ভৌগলিক পৰিবেশৰ অনুকূল অৱস্থিতিয়ে মূল কাৰণ ।
চাহ গছৰ ক্ষীপ্র বৃদ্ধি আৰু পত্ৰণৰ উদ্দেশ্যে আদর্শ পৰিৱেশ ২০-৩৫° চে . উত্তাপ আৰু এৰা – ধৰাকৈ প্রায় প্রতিদিনে হােৱা কিনকিনীয়া বৰষুণৰ বতৰ । ১০° – ৩৫° চে . পৰিসৰৰ বাহিৰৰ তাপমান চাহ গছৰ বাবে অত্যন্ত ক্ষতিকৰ । ৰঙা আলতীয়া অথবা লেটেৰাইট মাটিৰ হেলনীয়া পৃষ্ঠ চাহ খেতিৰ উপযােগী । সম্পূর্ণ সমতলপৃষ্ঠৰ সলনি তৰংগাকৃতিক পৃষ্ঠতহে চাহ বাগিছা দেখা যায় । অসমৰ ভৌগলিক পৰিবেশত বার্ষিক ন্যূনতম ১৫০ চেঃমিঃবৰষুণ হােৱাৰ লগতে কিছু পৰিমাণে হলেও শীতকালীন বৃষ্টিপাত হােৱা পাহাৰৰ নামনি অঞ্চলৰ প্রত্ন পলসুৱা মাটি ক্ৰমে ৰঙা আলতীয়া অথবা লেটেৰাইত মাটিলৈ ৰূপান্তৰিত হৈ থকা এলেকাসমূহকেই চাহ খেতিৰ উদ্দেশ্যে সর্বোত্তম বুলি ধৰা হয় ।
৪৪। অসমত উৎপাদিত বিভিন্ন ফলমূল সম্পর্কে এটি টোকা লিখা ।
উত্তৰঃ অসমৰ মাটি , জলবায়ু বিভিন্ন ফল – মূলৰ গছ গজাৰ অনুকূল যদিও বাণিজ্যিক ভিত্তিত ফলৰ উৎপাদন ৰাজ্যখনত এতিয়াও অসংগঠিত আৰু চালুকীয়া অৱস্থাত আছে । অসমত ৭ পৰম্পৰাগতভাৱে উৎপন্ন হােৱা ফলসমূহৰ ভিতৰত কল , নাৰিকল , অমিতা , আম , সুমথিৰা , ৰ মাটিকঠাল , কঠাল , মধুৰী , লিচু আদি উল্লেখযােগ্য । এইবােৰৰ লগতে ৰাজ্যৰ প্রায় সকলাে ঠাইতে বিভিন্ন প্রজাতিৰ নেমু জাতীয় ফল , জামু , বগৰী , নৰা বগৰী , আহােম বগৰী ইত্যাদি ফল অবাণিজ্যিক পৰিসৰত উৎপন্ন হয় । কৃষি ভূমিৰ আয়তনৰ ফালৰ পৰা অসমত যথাক্রমে কল , কঠাল , মাটিকঠাল আৰু অমিতা আৰু উৎপাদনৰ লেখেৰে কল , মাটিকঠাল , কঠাল আৰু অমিতাই বিভিন্ন ফলৰ ভিতৰত প্রথম চাৰিটা স্থান অধিকাৰ কৰি আছে ।
কল অসমৰ সকলাে ঠাইতে উৎপাদন কৰা হয় যদিও বাণিজ্যিক পৰিসৰত এই খেতি নামনি অসমত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে মেঘালয়ৰ সীমান্ত এলেকাতে অধিক । আনহাতে নগাওঁ , মৰিগাওঁ , কামৰূপ , নলবাৰী আৰুবৰপেটা জিলাতনাৰিকল খেতি সুফলদায়ক । কঠাল , অমিতা , মাটিকঁঠাল আৰু সুমথিৰা বন্যামুক্ত অঞ্চলৰ খেতি তিনিচুকীয়া, ডিব্ৰুগড় , যােৰহাট , গােলাঘাট , কামৰূপ আদি জিলাত সুমথিৰা , কাৰ্বি আংলং , উত্তৰ কাছাৰ আৰু কাছৰ জিলাত মাটিকঠাল অধিক পৰিমাণত উৎপন্ন হয় ।
আম আৰু মধুৰী ৰাজ্যৰ সকলাে অঞ্চলতে উৎপন্ন হয় । নগাওঁ , দৰং , শােণিতপুৰ , যােৰহাট জিলাত লিচু উৎপাদন সুফলদায়ক । এই সকলােবােৰ ফলৰ ভিতৰত কল , মাটিকঠাল আৰু সুমথিৰা উৎপাদনত অসমৰ একোটা স্বকীয় বৈশিষ্ট্য পােৱা যায় । অসমত কল , নাৰিকল , সুমথিৰা আৰু মাটি কঠাল প্রভৃতি সর্বত্র আদৰ পােৱা ফল উৎপাদন ক্রমে বৃদ্ধি পাইছে আৰু ৰাজ্যত এনেবােৰ ফলৰ উৎপাদন বৃদ্ধিয়ে আন্তঃৰাজ্যিক বজাৰ দখলৰ লগতে ফলভিত্তিক কুঠীৰ শিল্পৰ সম্ভাৱনাও ক্রমে উজ্জ্বল কৰি আনিছে ।
৪৫। অসমৰ বাঁহ বেত শিল্পৰ গুণগত মান আৰু ইয়াৰ সম্ভাৱনীয়তাৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ অসমৰ বৈচিত্র্যপূর্ণ প্রাকৃতিক আৰু আর্থ – সাংস্কৃতিক পটভূমি বাঁহ- বেতৰ সৰঞ্জাম প্রস্তুতৰ দৰে কুটীৰ শিল্পসমূহে সমৃদ্ধিশালী অৱস্থা লাভ কৰাৰ পক্ষে অতি অনুকূল বুলিব পাৰি । অসমৰ অৰণ্য আৰু গ্রামাঞ্চলসমূহত বিভিন্ন প্রজাতিৰ বাঁহ পােৱা যায় আৰু ইয়াৰ পৰা অধিবাসীসকলে নানাবিধ প্রয়ােজনীয় সামগ্রী প্রস্তুত কৰি আহিছে । বাঁহৰ সমানেই জনপ্রিয় বিভিন্ন জাতৰ বেতৰ পৰাও অধিবাসীসকলে বিভিন্ন নিত্যব্যবহার্য সামগ্রী প্রস্তুত কৰে । বেত এবিধ সচৰাচৰ সেমেকা পৰিবেশত পাহাৰৰ নামনিত জন্ম কাইটীয়া উদ্ভিদ।ইয়াৰ কাণ্ড লেক আৰু মসৃণ । সেয়েহে বিভিন্ন আকাৰৰ ভাঁজ দিয়াৰ সুবিধাজনক । বাহ বেতৰ পৰা অতি মিহি কাঠী অথবা সূত প্রস্তুত কৰিব পাৰি । এইবােৰৰ কাণ্ড দীঘল আঁহেৰে গঠিত হােৱা বাবে বাঁহৰ কাঠি আৰু বেতৰ সূত লেকা হ’লেও সহজে ছিগি নাযায় । মুঠতে অসমৰ ভৌগোলিক পৰিবেশ উন্নত মানৰ বাঁহ আৰু বেতৰ উৎপাদনত সহায় কৰে আৰু এই বাহ – বেতৰ পৰ প্রস্তুত কৰা সামগ্ৰীসমূহো যথেষ্ট উন্নত মানৰ হােৱা দেখা যায় ।
অসমৰ কৃষিজীৱী লােকলৰ অৱসৰকালীন উপজীৱিকাৰূপে অতীজৰে পৰা বাঁহ – বেতৰ সামগ্ৰীসমূহ জনপ্রিয় হৈ আহিছে । ভৌগােলিক পৰিবেশৰ বৈচিত্র্যৰ লগতে বিভিন্ন গােষ্ঠীৰ লােকসকলৰ স্বকীয় সাংস্কৃতিক উপাদানে অসমত প্রস্তুত হােৱা বাঁহ – বেতৰ সামগ্ৰীসমূহক অধিক বৈচিত্র্যপূর্ণ কৰি তুলিছে । এনেকৈ , ভৌগােলিক পৰিবেশ , কৃষি অর্থনীতি আৰু ভিন্নসুৰী সাংস্কৃতিক উপাদানৰ পটভূমিত অসমত বাঁহ – বেত উদ্যোগৰ এক সমৃদ্ধ পৰম্পৰা বর্তমানেও অব্যাহত আছে ।
৪৬। অসমত খাৰুৱা তেল উদ্যোগ গঢ়ি উঠাত কেনে ধৰণৰ অৱস্থাই সহায় কৰিলে বহলাই লিখা ।
উত্তৰঃ ১৮৯০-১৯০০ চনৰ দশকত ডিগবৈত তৈলক্ষেত্র আৱিস্কাৰ হােৱাৰ সময়ত তৈল ক্ষেত্ৰখনৰ পৰা নিষ্কাশন কৰা খাৰুৱা তেল শােধনৰ উদ্দেশ্যে তেতিয়া অসম তথা ভাৰতবৰ্ষত কোনাে তেল শােধনাগাৰ নাছিল । তেতিয়া পৃথিৱীৰ একমাত্র তেল শােধনাগাৰটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাম অঞ্চলতহে আছিল । সেয়েহে , ডিগবৈ অঞ্চলত উৎপাদিত খাৰুৱা তেল শােধন কৰাৰ উদ্দেশ্য অসম তেল কোম্পানীতে ১৯০১ চনত পৃথিৱীৰ দ্বিতীয়টো আৰু ভাৰতবৰ্ষৰ প্ৰথমটো তেল শােধনাগাৰ ডিগবৈত প্রতিষ্ঠা কৰে । ১৯৫১ চনৰ পাছত মৰাণ , নাহৰকটীয়া আৰু গ্ৰীজান প্রভৃতি এলেকাত অধিক পৰিমাণৰ খাৰুৱা তেলৰ নিষ্কাশন আৰম্ভ হােৱাত কেন্দ্ৰীয় চৰকাৰে নুনমাটি শােধনাগাৰ স্থাপনৰ উদ্যোগ হাতত লয় । ষাঠিৰ দশকৰ পৰা উজনি অসমৰ ৰুদ্ৰসাগৰ , লাকুৱা , গেলেকী বৰহােলা প্রভৃতি ঠাইসমূহত নতুনকৈ তেলৰ পুং আৱিস্কাৰ হােৱাত অসমত তৃতীয় এটা শোধনাগাৰৰ দাবীও সজোৰে উত্থাপিত হৈছিল । ইয়াৰ ফলস্বৰূপে বঙাইগাওঁ শােধনাগাৰ আৰু পেট্র’ৰাসায়নিক প্রকল্প স্থাপন কৰা হয় । দেখা যায় যে , অসমত খাৰুৱা তেলৰ নিষ্কাশনৰ পৰিমাণ বৃদ্ধি পাই অহাৰ লগে লগে শোধনাগাৰসমূহ স্থাপন কৰা হৈছে । অর্থাৎ অসমৰ বিভিন্ন ঠাইত খাৰুৱা তেলৰ উদঘাটনৰ ফলস্বৰূপে তৈল উদ্যোগটোৱে গঢ় লৈ উঠে ।
৪৭। অসমৰ তেল শােধনাগাৰ সমূহৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ অসমত নিষ্কাশিত হােৱা তেল শােধনৰ উদ্দেশ্যে বৰ্তমানলৈ চাৰিটা তেল শােধানাগাৰ প্রতিষ্ঠা কৰা হৈছে । সেইবােৰৰ বিষয়ে তলত আলােচনা কৰা হ’ল ।
( ক ) ডিগবৈ তেল শােধানাগাৰ :- অসমৰ ডিগবৈ অঞ্চলত উৎপাদিত খাৰুৱা তেল শােধনৰ উদ্দেশ্যে অসম তেল কোম্পানীয়ে ১৯০১ চনত পৃথিৱীৰ দ্বিতীয়টো তেল শােধনাগাৰ ডিগবৈত প্রতিষ্ঠা কৰে । প্ৰথম অৱস্থাত দিনে ৫০০ বৈলে অর্থাৎ প্রায় ৪০ টন উৎপাদন ক্ষমতাযুক্ত এইটো শােধনাগাৰত কেৱল কেৰাচিন , পেট্ৰ’ল আৰু ম’ম প্রভৃতি সীমিত পৰিসৰৰ দ্ৰব্যহে উৎপাদন কৰা হৈছিল । পৰৱৰ্তী সময়ত শশাধন ক্ষমতা বৃদ্ধিৰ লগতে বিভিন্ন ধৰণৰ পেট্র’লজাত সামগ্রী উৎপাদনৰ উদ্দেশ্যে ১৯৩২ আৰু ১৯৪০ চনত ইয়াৰ ব্যাপক সংস্কাৰ সাধন কৰা হয় । বর্তমান এই শোধনাগাৰৰ বার্ষিক শোধন ক্ষমতা ৭.৫ লাখ টন ।
( খ ) নুনমাটি শোধনাগাৰঃ ১৯৫১ চনৰ পাছত মৰাণ , নাহৰকটীয়া , আৰু হুগ্ৰীজানত অধিক পৰিমাণৰ খাৰুৱা তেলৰ নিষ্কাষণ আৰম্ভ হয় । লগে লগেই গুৱাহাটীৰ ওচৰৰ নুনমাটিত শােধনাগাৰত স্থাপনৰ যাে – জা কৰা হয় । আৰম্ভণিতে এই শােধনাগাৰৰ শােধন ক্ষমতা ৭.৫ লাখ টন আছিল যদিও বর্তমান এই ক্ষমতা ১.৫ নিযুত টনলৈ বৃদ্ধি পাইছে । উজনি অসমৰ নাহৰ কটীয়াৰ পৰা ইয়ালৈ পাইপেৰে খাৰুৱা তেল সৰবৰাহ কৰা হয় । এই শােধনাগাৰটোৱে পেট্রল , ডিজেল , ম’ম , কেৰাচিন , সীহযুক্ত পেট্রল , ক’ক আদি উৎপাদন কৰে ।
( গ ) বঙাইগাওঁ শোধনাগাৰ আৰু পেট্র’ৰাসায়নিক প্রকল্পঃ ৰাজৱা খণ্ডত প্রতিষ্ঠিত এই শোধনাগাৰটো ১৯৭৯ চনত প্রতিষ্ঠা কৰা হয় । উজনি অসমৰ তৈলক্ষেত্ৰসমূহৰ পৰা ৬০০ কিঃমিঃআঁতৰৰ এই শোধনাগাৰলৈ পাইপেৰে খাৰুৱা তেল সৰবৰাহ কৰা হয় । এই শােধনাগাৰৰ বর্তমান শােধন ক্ষমতা ২.৫ নিযুত টন । এই শোধনাগাৰৰ প্ৰধান উৎপাদিত দ্রব্যসমূহ হ’ল পেট্রল , নেপথা , এভিয়ন , কেৰাচিন , কেলচিয়াম যুক্ত পেট্রল , ক’ক , ডিজেল , বিটুমেন প্রভৃতি ভিন্নধর্মী সামগ্রী ।
( ঘ ) নুমলীগড় শোধনাগাৰ :- অসমৰ চতুৰ্থ আৰু সর্ববৃহৎ তেল শােধনাগাৰটো গােলাঘাট জিলাত ধনশিৰী নদীৰ পাৰৰ নুমলীগড় নামে ঠাইত অৱস্থিত । ১৯৯৩ চনত নির্মাণ কার্য আৰম্ভ কৰি ১৯৯৭ চনৰ পৰা ইয়াত তেল শােধন আৰম্ভ হয় । ই দেশৰ ভিতৰতে অন্যতম অত্যাধুনিক মানৰ তেল শােধনাগাৰ । এই শােধনাগাৰৰ বার্ষিক শােধন ক্ষমতা তিনি নিযুত টন যদিও এতিয়ালৈকে বছৰি দুই নিযুত টনৰ পৰিসৰতে শােধন কার্য সম্পাদন কৰি আছে । ইয়াত বন্ধন গেছ , এভিয়ন , নেপথা , ক’ক উচ্চ ক্ষমতাৰ ডিজেল , কেৰাচিন , ছালফাৰ , প্রভৃতি কিছুমান বিশেষ ধৰণৰ দ্ৰব্যও সর্বসাধাৰণতে শোধনাগাৰত প্রস্তুত হােৱা দ্রব্যসমূহৰ অতিৰিক্তভাৱে উৎপাদন কৰা হয় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

