Class 12 Geography Unit 9 আন্তৰ্জাতিক বাণিজ্য

Class 12 Geography Unit 9 আন্তৰ্জাতিক বাণিজ্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 9 আন্তৰ্জাতিক বাণিজ্য and select needs one.

Class 12 Geography Unit 9 আন্তৰ্জাতিক বাণিজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 9 আন্তৰ্জাতিক বাণিজ্য Solutions for All Subject, You can practice these here…

আন্তৰ্জাতিক বাণিজ্য

অধ্যায় – ৯

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ 

১। ৰােমৰ পৰা চীনলৈ প্ৰসাৰিত ৰেচম পথটোৰ দৈর্ঘ্য হ’ল 

( i ) ৬০০ কি.মি. ।

( ii ) ৩০০০ কি.মি. ।

( iii ) ৫০০০ কি.মি. । আৰু

( iv ) ৬০০০ কি.মি. ।

উত্তৰঃ ( iv ) ৬০০০ কি.মি. ।

২৷ পৃথিৱীৰ বৃহত্তম বন্দৰবােৰৰ শ্রেণী হ’ল — 

( i ) নৌ সৈনিক বন্দৰ ।

( ii ) বহুমুখী বন্দৰ ।

( iii ) তৈলবাহী বন্দৰ । আৰু

( iv ) ঔদ্যোগিক বন্দৰ ।

উত্তৰঃ ( ii ) বহুমুখী বন্দৰ ।

৩। তলৰ কোনখন দেশে বিশ্ব বাণিজ্য সর্বাধিক পৰিমাণে সম্পাদন কৰে 

( i ) এছিয়া ।

( ii ) ইউৰােপ ।

( iii ) উত্তৰ আমেৰিকা । আৰু

( iv ) আফ্রিকা । 

উত্তৰঃ ( iii ) উত্তৰ আমেৰিকা ।

৪। দক্ষিণ আমেৰিকাৰ কোনখন ৰাষ্ট্র OPEC ৰ সদস্য ? 

( i ) ব্রাজিল ।

( ii ) পেৰু ।

( iii ) ভেনিজৱেলা । আৰু 

( iv ) চিলি ।

উত্তৰঃ ( ii ) ভেনিজৱেলা ।

৫। বিশ্ব বাণিজ্য সংস্থাৰ মূল কার্য সমূহ কি কি ? 

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাই গােলকীয় বাণিজ্য প্রণালীৰ নীতি – নিয়ম প্রস্তুত কৰাৰ লগতে এই সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত উদ্ভৱ হােৱা বাণিজ্যিক মতানৈক্যও মীমাংসা কৰে । তদুপৰি বেংক , দূৰ সংযােগ প্রভৃতি আন্ত:ৰাষ্ট্ৰীয় সেৱাসমূহৰ লগতে বৌদ্ধিক অধিকাৰ , প্রযুক্তি কৌশলৰ স্বত্বাধিকাৰ প্ৰভৃতিৰ বাণিজ্যিক লেনদেন প্রক্রিয়াও নিয়ন্ত্রণ কৰি যায় ।

৬। আঞ্চলিক বাণিজ্য গােট গঠনৰ পৰা পােৱা সা – সুবিধা কি ? 

উত্তৰঃ আঞ্চলিক বাণিজ গােট গঠনৰ পৰা উন্নয়নশীল তৃতীয় বিশ্বৰ ৰাষ্ট্রসমূহে সততে মুখামুখি হৈ অহা বাণিজ্যিক সমস্যাৱলী কিছু পৰিমাণে আঁতৰ হৈছে । 

৭। নৌ সৈনিক বন্দৰ বুলিলে কি বুজা ? 

উত্তৰঃ প্ৰতিৰক্ষাৰ উদ্দেশ্যত স্থাপন কৰা বন্দৰবােৰকেই নৌ – সৈনিক বন্দৰ বােলা হয় । 

৮। OPEC ৰ ৰাষ্ট্ৰ বুলিলে কি বুজা ? 

উত্তৰঃ OPEC ৰ সম্পূৰ্ণৰূপ হ’ল –Organisation of Petroleum Exporting Countries । অর্থাৎ , পেট্ৰ’লিয়াম ৰপ্তানি কৰা সংগঠক । OPEC দেশ বুলি পেট্রলিয়াম ৰপ্তানি কৰা দেশসমূহকে কোৱা হৈছে । OPEC ৰ সদস্য ৰাষ্ট্ৰ কেইখন হ’ল —আলজিৰিয়া , ইণ্ডোনেছিয়া , ইৰান , ইৰাক , কোৱেইট , লিবিয়া , নাইজেৰিয়া , কাটাৰ , চৌদি আৰব , সংযুক্ত আৰব আৰু ভেনিজুৱেলা । 

৯। বিনিয়ম প্রথা মানে কি ?

উত্তৰঃ দ্ৰব্যৰ বিনিময়ত দ্রব্য সলনি কৰা কাৰ্য বা পদ্ধতিকে বিনিময় প্রথা বােলা হয় । যেনেঃ ধানৰ বিনিময়ত মাছ লােৱা কাৰ্য ।

১০। দাস ব্যৱসায় মানে কি ? 

উত্তৰঃ পঞ্চদশ শতিকাৰ শেষৰ ফালে ইউৰােপীয় ঔপনিবেশিক বণিকসকলে আফ্রিকা ভিন ভিন অঞ্চলৰ পৰা শ্ৰমিকৰ দলসমূহক ঠিক পণ্য সামগ্ৰীৰ দৰেই বেচা – কিনাৰ মাধ্যমত বল পূর্বকভাৱে নি শ্রমিক হিচাপে নিয়ােগ কৰা বাণিজ্যিক প্রক্রিয়াটোকে দাস ব্যৱসায় বােলা হয় । 

১১। মুক্ত বাণিজ্য মানে কি বুজা ? 

উত্তৰঃ এখন দেশৰ আভ্যন্তৰীণ বজাৰত আন যিকোনাে দেশত উৎপাদিত পণ্য আৰু সেৱা সম্পদৰ অবাধ পয়ােভৰ ঘটাৰ অৱস্থাটোকে সাধাৰণ অৰ্থত মুক্ত বাণিজ্য বােলে । 

১২। বাণিজ্যৰ ভাৰসাম্য মানে কি ? 

উত্তৰঃ এখন ৰাষ্ট্ৰই নির্ধাৰিত সময়সীমাৰ ভিতৰত ৰপ্তানি কৰা সম্পাদৰ মূল্যৰ ঠিক সমমূল্য সম্পদ আমদানি কৰা অৱস্থাটোকে ৰাষ্ট্ৰখনৰ বাণিজ্যিক ভাৰসাম্য বােলে । 

১৩। আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা আমদানি আৰু ৰপ্তানী কৰা দেশ এখনৰ নাম লিখ । 

উত্তৰঃ ভাৰতবর্ষ । 

১৪। বাণিজ্য সম্ভব হ’বলৈ কেইটা পক্ষৰ প্ৰয়ােজন ? 

উত্তৰঃ বাণিজ্য সম্ভৱ হ’বলৈ দুটা পক্ষৰ প্ৰয়ােজন । 

১৫। বাণিজ্য কোনটো খণ্ডৰ কাৰ্যৰ অন্তর্গত ? 

উত্তৰঃ বাণিজ্য তৃতীয় খণ্ডৰ কাৰ্যৰ অন্তৰ্গত । 

১৬। আন্তজার্তিক বাণিজ্য মানে কি ? 

উত্তৰঃ দুখন পৃথক ৰাষ্ট্ৰৰ পৰিসৰত অনুষ্ঠিত ব্যক্তিগত প্রতিষ্ঠান পর্যায়ৰ অথবা চৰকাৰী পর্যায়ৰ সকলাে ধৰণৰ বাণিজ্যিক লেনদেনক আন্তর্জাতিক বাণিজ্য বােলা হয় । 

১৭। দ্বি-পাক্ষিক বাণিজ্য বুলিলে কি বুজা ? 

উত্তৰঃ দুখন ৰাষ্ট্ৰৰ মাজত নির্ধাৰিত পৰিমাণৰ নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোখন চুক্তিত দুয়ােটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা বাণিজ্যিক দ্বি-পাক্ষিক বাণিজ্য বােলা হয় । 

১৮। বহুপাক্ষিক বাণিজ্যৰ অর্থ কি ? 

উত্তৰঃ বহুপাক্ষিক বাণিজ্যইএখন দেশে সমান্তৰালভাৱে কেইবাখনাে দেশৰ লগত বাণিজ্যিক লেনদেন চলাই যােক বুজায় । 

১৯। বহুমূখী বন্দৰৰ অর্থ কি ? 

উত্তৰঃ শ্রেণী নির্বিশেষে সকলাে প্ৰকাৰৰ যাতায়াত সামগ্রী উঠা – নমা কৰা , বৃহৎ পৰিমাণৰ সম্পদ একেলগে উঠানমা কৰা বন্দৰ সমূহকে বহুমুখী বন্দৰ বােলা হয় । 

২০। ঔদ্যোগিক বন্দৰ কি ? 

উত্তৰঃ শিল্প উদ্যোগৰ কেঁচামাল আৰু খাদ্য শস্য সৰবৰাহকাৰী বন্দৰ সমূহক ঔদ্যোগিক বন্দৰ বােলে । 

চমু উত্তৰৰ প্ৰশ্ন

২১। আন্তজার্তিক বাণিজ্য কি ? ইয়াৰ ভাগ দুটা কি কি ? প্ৰতিটোৰে একোটাকৈ বৈশিষ্ট্য লিখা । 

উত্তৰঃ দুখন পৃথক ৰাষ্ট্ৰৰ পৰিসৰত অনুষ্ঠিত ব্যক্তিগত প্রতিষ্ঠান পর্যায়ৰ অথবা চৰকাৰী পর্যায়ৰ সকলাে ধৰণৰ বাণিজ্যিক লেনদেনক আন্তর্জাতিক বাণিজ্য বােলা হয় । পণ্য অথবা সেৱা পৰ্যায়ৰ যিকোনাে ধৰণৰ সম্পদৰেইএনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্ভৱপৰ । কোনাে এখন ৰাষ্ট্রৰ ভৌগােলিক পৰিসীমাৰ অন্তৰ্গত সা – সুবিধাৰ আধাৰত দেশৰ পৰিসৰত যথেষ্ট পৰিমাণে উৎপাদন কৰিব নােৱাৰা শ্ৰেণীৰ সম্পদৰ অভাৱ আন্তর্জাতিক বাণিজ্যৰ দ্বাৰাই দূৰ কৰিবলৈ প্ৰয়াস কৰা হয় । আন্তর্জাতিক বাণিজ্যৰ প্ৰধান ভাগ দুটা হলঃ 

( ক ) পােনপটীয়া অথবা দ্বিপাক্ষীক বাণিজ্য । আৰু 

( খ ) বহুপক্ষীক বাণিজ্য ।

পােনপটীয়া অথবা দ্বিপাক্ষীক বাণিজ্যত দুখন ৰাষ্ট্ৰৰ মাজত নির্ধাৰিত পৰিমাণৰ নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোখন চুক্তিত দুয়ােটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা হয় । বহুপাক্ষিক বাণিজ্যত একেখন দেশেই সমাল ভাৱে কেইবাখনাে দেশৰ লগত বাণিজ্যিক লেনদেন চলাই যায় । 

২২। বিনিময় প্রথা বুলিলে কি বুজা ? এই ব্যৱস্থাৰ সমস্যাসমূহ কেনেদৰে আঁতৰিল ? 

উত্তৰঃ প্রাচীন কালত মুদ্ৰাৰ অবিহনে বস্তু কিনা – বেচা কৰা হৈছিল । সেই সময়ত বস্তুৰ সলনি বস্তু সলাই লােৱা হৈছিল । প্রাচীন কালত বস্তুৰ সলনি বস্তু আদান প্রদান কৰা এই প্ৰথাটোক বিনিময় প্রথা বােলা হয় । বিনিময় প্রথাৰ বাণিজ্যিক লেনদেনৰ বিভিন্ন সমস্যাই দেখা দিয়ে । সেয়েহে এই ব্যৱস্থাৰ পর্যায়ক্রমে সংকোচনৰ সমান্তৰাল গতিত ক্রমে মুদ্রা ব্যৱস্থাৰ বাণিজ্য সুপ্রতিষ্ঠিত হৈ অহা দেখা যায় । মুদ্রা ব্যৱস্থাৰ আগমনৰ ঠিক আগৰ পৰ্যায়টোত মূল্যৱান ধাতু অথবা আন সকলােৰে গ্রহণীয় সােণৰূপ , মণি – মুকুতা , বাঘৰ নখ , উণ , খাদ্য – শস্য , নিমখ, দা – কটাৰী প্রভৃতি কিছুমান পণ্যক মুদ্ৰা ৰূপে ব্যৱহাৰ কৰা হৈছিল । পৰৱর্তী পর্যায়ত সমমান বিশিষ্ট মূল্যৱানী ধাতু খণ্ড আৰু অৱশেষত এনেবােৰ প্রতিনিধিত্বমূলক কাগজী মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয় । এনেদৰেই দ্রব্যৰ সলনি মুদ্ৰাৰ প্ৰচলনৰ যােগেদি বিনিময় প্রথাৰ সমস্যাসমূহ আঁতৰ কৰা হ’ল । 

২৩। আন্তঃজাতিক বাণিজ্যৰ ইতিহাসৰ বিষয়ে আঁতিগুৰি মাৰি এটি টোকা লিখা । 

উত্তৰঃ প্রাচীন কালত খাদ্য , বস্ত্ৰ আৰু গৃহ নির্মাণ সামগ্ৰীসমূহ সম্পূর্ণ স্থানীয় পৰিবেশৰ পৰাহে আহৰণ কৰা হৈছিল । এনেবােৰ পণ্য দ্রব্যৰ বাহিৰে অলংকাৰ , মূল্যৱান বস্ত্র প্রভৃতি অতিৰিক্ত দ্রব্যসমূহ কেৱল সীমিত শ্ৰেণীৰ সমর্থন লােকৰ মাজতেই সীমাবদ্ধ আছিল । এনে এক পৰিবেশতেই ইউৰােপীয় বণিকসকলে ইটালীত উৎপাদিত উন্নত মানৰ ঊণ আৰু চীনৰ ৰেচমী কাপােৰৰ বিনিময় কেন্দ্রীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্যিক লেনদেনৰ পৰম্পৰা আৰম্ভ কৰে ।

ৰোমান সাম্রাজ্যৰ পতন হােৱাৰ পাছত দ্বাদশ আৰু ত্রয়ােদশ শতিকাত আকৌ ইউৰােপৰ বিভিন্ন দেশৰ বনিকসকলে ইউৰােপ আৰু এছিয়াৰ দেশসমূহৰ মাজত নৌ পথেৰে বিভিন্ন পণ্যসামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য গঢ়ি তুলিছিল । আমেৰিকা ভূখণ্ড আৰু অষ্ট্রেলিয়া আৱিস্কাৰ হােৱাৰ লগে লগে বিশ্বব্যাপী ইউৰোপীয় উপনিবেশ গঢ় লােৱাৰ এক নতুন পৰম্পৰা আৰম্ভ হয় । পঞ্চদশ শতাব্দীৰ শেষৰ ফালৰ পৰা ইউৰােপীয় ঔপনিবেশিক বণিকসকলে বিভিন্ন পণ্য দ্রব্যৰ আদান প্রদানৰ লগতে দাস ব্যৱসায় আৰম্ভ কৰে । এই ব্যৱসায় পৰৱর্তী দুই শতিকাৰৰ অধিক কাল অব্যাহত আছিল । 

শিল্প বিপ্লৱৰ লগে লগে খাদ্য – শস্য অথবা কেঁচামাল জাতীয় পণ্যৰ তুলনাত বিভিন্ন শিল্পজাত সামগ্ৰীৰ বজাৰৰ দৰ অভাৱনীয় বাৱে বৃদ্ধি পায় । ফলত শিল্প উদ্যোগত আগভাগ লােৱা ৰাষ্ট্ৰসমূহলৈ কেঁচামালকে ধৰি প্রাথমিক খণ্ডত উৎপাদিত দ্রব্যৰ আমদানি আৰু এনেবােৰ দেশৰ পৰা অনুন্নত অর্থনীতিৰ দেশবােৰলৈ শিল্পজাত দ্রব্যৰ ৰপ্তানিকাৰী একধৰণৰ বৈদেশীক বাণিজ্যই মূৰ দাঙি উঠে । উনবিংশ শতিকাৰ দ্বিতীয়ার্ধৰ ফালে এনেধৰণৰ বাণিজ্যিক পৰিবেশৰ বাবে প্রাথমিক খণ্ডৰ সম্পদ সৃষ্টিকাৰী ৰাষ্ট্ৰসমূহৰ গুৰুত্ব আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ক্রমে নগণ্য হৈ অহাৰ বিপৰীতে দ্বিতীয় খণ্ডৰ সম্পদ সৃষ্টিকাৰী দেশসমূহৰ মাজত বাণিজ্যিক লেনদেন বৃদ্ধি পাবলৈ ধৰে । 

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ওপৰত বাণিজ্যিক শুল্ক আৰােপণ পৰম্পৰা আৰম্ভ হয় । এই একেটা সময়তে অবাধ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নিয়ন্ত্রণাধীন কৰাৰ উদ্দেশ্যে বৈদেশিক বাণিজ্যৰ পৰিসৰ সীমিত কৰা হয় । যােৱাটো শতিকাৰ শেষৰ ফালে বিস্তাৰ লাভ কৰা মুক্ত অর্থনীতি অথবা বাণিজ্যিক উদাৰীকৰণ নীতিৰ প্ৰভাৱত সাম্প্রতিক কালৰ বাণিজ্য প্ৰকৰণত আন্তৰাষ্ট্ৰীয় পৰিসৰৰ বাণিজ্যৰ সম্প্ৰসাৰণ ক্রমে তীব্রতৰ হােৱা দেখা গৈছে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

২৪। কোনবােৰ কাৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যই নিজৰ স্থিতি সদায়েই বাহাল ৰাখিছে ? 

উত্তৰঃ উৎপাদন কার্যাৱলীৰ আঞ্চলিক বৈশিষ্ট্যজনিত গুণগত প্রভেদক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মৌলিক আধাৰ বুলিব পাৰি । একেবিধ পণ্য দ্রব্য অথবা সেৱাৰ উৎপাদন ব্যয় আৰু উৎপাদন কার্যৰ সা – সুবিধা পৃথিৱীৰ সকলাে ঠাইতে সমান নহয় । 

উদাহৰণস্বৰূপে , অসমৰ পৰিবেশ চাহ উৎপাদনৰ অনুকুল হােৱা হেতুকে ইয়াত কম খৰচতে প্ৰচুৰ পৰিমাণে চাহ উৎপাদন কৰিব পাৰি । কিন্তু , ভূমি , শ্রম , মূলধন আৰু সাংগঠনিক শক্তি ব্যাপক পৰিমাণত বিনিয়ােগ কৰিলেও অসমৰ পৰিবেশত ফ্রান্স অথবা স্পেইন দেশৰ অনুৰূপ আঙুৰ উৎপাদন কার্যত সফল হ’ব পৰা নাযায় । গতিকে নিজ নিজ পৰিবেশৰ সুবিধাৰ পৰিসৰত বিভিন্ন ৰাষ্ট্রসমূহে নির্বাচিত দ্রব্য অথবা সেৱা বৃহৎ পৰিমাণে উৎপাদন কৰি স্বদেশৰ অভাৱ পূৰণৰ পাছত অতিৰিক্ত সমূহ পাৰস্পৰিক লেনদেন কৰিব পাৰিলে প্ৰতিখন ৰাষ্ট্ৰই নিজ নিজ উৎপাদিত সম্পদৰ বাহিৰেও প্রয়ােজনীয় সকলাে ধৰণৰ সম্পদকে কম খৰচত সংগ্ৰহ কৰি উপভােগ কৰিব পাৰে । এনে কাৰণৰ বাবেই আন্তৰাষ্ট্ৰীয় বাণিজ্যই প্রাচীন কালৰে পৰাই নিজৰ স্থিতি বাহাল ৰাখিছে । 

২৫। বাণিজ্যিক ভাৰসাম্যৰ ওপৰত এটি বিস্তৃত টোকা লিখা । 

উত্তৰঃ এখন ৰাষ্ট্ৰই নির্ধাৰিত সময় সীমাৰ ভিতৰত ৰপ্তানি কৰা সম্পদৰ মূল্যৰ ঠিক সমমূল্য সম্পদ আমদানি কৰা অৱস্থাটোক ৰাষ্ট্ৰখনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ভাৰসাম্য ৰক্ষা কৰা বােলে । আনহাতে , ৰপ্তানিৰ তুলনাত আমদানিৰ পৰিমাণ বৃদ্ধি পােৱাক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ঘাটি বুলি কোৱা হয় । ঠিক সেইদৰে , আমদানিৰ তুলনাত ৰপ্তানিৰ পৰিমাণ বৃদ্ধিয়ে ৰাষ্ট্র এখনক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ৰাহি অৱস্থা এটাত প্রতিষ্ঠা কৰে । বাণিজ্যিক ভাৰসাম্য অথবা বাণিজ্যিক ৰাহিৰ ভিতৰত যিকোনাে এটা অৱস্থাই ৰাষ্ট্র এখনৰ আন্তৰাষ্ট্ৰীয় বাণিজ্যত সুবিধাজনক স্থিতি সূচনা কৰে । আনহাতে , আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ঘাটিৰ পৰিমাণ ক্রমে বাঢ়ি যােৱাৰ ফলত ৰাষ্ট্রৰ ৰাজকোষ ক্রমে দুর্বল হৈ পৰে । 

২৬। আঞ্চলিক বাণিজ্যিক গােট বুলিলে কি বুজা ? ইয়াৰ মূখ্য বৈশিষ্ট্যসমূহ আলােচনা কৰা । 

উত্তৰঃ পৰস্পৰ পৰিপূৰক অথবা সদৃশ্যধর্মী বাণিজ্যিক সম্পদৰ অধিকাৰী আৰু ভৌগােলিক ভাৱে সান্নিধ্যৱর্তী ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্প্রসাৰণ আৰু উন্নয়নশীল তৃতীয় বিশ্বৰ দেশসমূহে সততে মুখামুখি হৈ অহা বাণিজ্যিক সমস্যাসমূহ সমাধানৰ উদ্দেশ্যে গােলকীয় বাণিজ্যৰ পৰিসৰত কিছুমান বাণিজ্য গােট গঢ় লৈ উঠিছে । এই বাণিজ্যিক গােটসমূহকে আঞ্চলিক বাণিজ্য ঘােট বােলে । 

আঞ্চলিক বাণিজ্য গােটৰ বৈশিষ্ট্যঃ

( ক ) সাদৃশ্যধর্মী সম্পদৰ অধিকাৰী আৰু ভৌগােলিকভাৱে সান্নিধ্যবর্তী ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্য সম্প্রসাৰণৰ উদ্দেশ্যে এনে আঞ্চলিক বাণিজ্য গােট গঢ় লৈ উঠে । 

( খ ) উন্নয়নশীল ৰাষ্ট্রসমূহে সম্মুখীন হৈ অহা বাণিজ্যিক সমস্যাসমূহ এনে আঞ্চলিক গােটসমূহে সমাধানৰ চেষ্টা কৰে । 

( গ ) আঞ্চলিক পৰিসৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উপযুক্ত সম্প্রসাৰণৰ বেলিকা বিশ্ববাণিজ্য সংস্থাৰ ভূমিকা আশানুৰূপ শক্তিশালী হৈ নুঠাৰ ফলতেই আঞ্চলিক গােটসমূহ গঢ় লৈ উঠা দেখা যায় । 

২৭। বন্দৰ সমূহ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্রবেশদ্বাৰ স্বৰূপ — বহলাই আলােচনা কৰা ৷

উত্তৰঃ বন্দৰ সমূহৰ যােগেদি বিভিন্ন ৰাষ্ট্ৰসমূহৰ দ্ৰব্য সম্পদ , অথবা শ্রম , প্রযুক্তি প্রভৃতি সেৱা সম্পদ আন এখন দেশত প্ৰৱেশ কৰে । প্রত্যেক বন্দৰতে জাহাজ সমূহৰ অনুৰক্ষণ ব্যৱস্থাৰ উপৰিও সৰবৰাহ ঘটা পণ্যসামগ্ৰীৰ উঠানমা আৰু অপেক্ষাৰত সামগ্ৰীৰ মজুত ভাণ্ডাৰৰ সুব্যৱস্থা থাকে । এনেবােৰ কাম – কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে বন্দৰ কর্তৃপক্ষই যাৱতীয় ভাণ্ডাৰ গৃহ , সা – সৰঞ্জাম , শ্রমিক বল , যানবাহন প্রভৃতি সষ্টম ৰাখে । 

অন্যান্য পৰিবহণৰ তুলনাত জন পৰিবহণ অধিক সুচল আৰু কম খৰচী হােৱা হেতুকে বিশ্বৰ অধিকাংশ আন্তঃৰাষ্ট্রীয় বাণিজ্য এই পৰিবহণ ব্যৱস্থাৰ জৰিয়তে সম্ভৱ হৈ আছে । এই পৰিবহণ ব্যৱস্থাত এনে বন্দৰসমূহৰ যােগেদি এখন দেশৰ পৰা অহা দ্রব্য , সেয়া আদি আন এখনত সােমাব পাৰে এখন দেশৰ পৰা আন এখন দেশলৈ যাব পাৰে । সেয়েহে , বন্দৰসমূহক আন্তঃৰাষ্ট্রীয় বাণিজ্যৰ প্ৰৱেশ দ্বাৰ বুলিব পাৰি । 

২৮। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ৰেচম পথৰ ভূমিকা সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ ৰেচম পথ হৈছে , ৰােমৰ পৰা চীনদেশ সংযােগী প্রাচীন বাণিজ্য পথ । এই পথটোৰ দৈর্ঘ্য প্রায় ৬০০০ কিল’মিটাৰ । এই বাণিজ্য পথেৰে যাতায়াত কৰা বণিকসকলে পূৱমুখী যাত্ৰাত উণ আৰু বিপ্রতীপ পশ্চিমমুৱা যাত্ৰাত ৰেচমী কাপােক বাণিজ্যিক প্ৰকৰণৰ মূল পণ্য দ্রব্য ৰূপে বাচি লৈছিল যদিও যাতায়াত পথটোৰ মাজভাগত অৱস্থিত মধ্য এছিয়া , পাৰস্য আৰু ভাৰতত উৎপাদিত বিভিন্ন ধৰণৰ মূল্যৱান দ্রব্যৰ আন্তর্জাতিক লেনদেনো কৰা হৈছিল । এই পথকেই প্রথম আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক পথ বুলিব পাৰি ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top