Class 12 Geography Unit 25 ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা

Class 12 Geography Unit 25 ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 25 ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা and select needs one.

Class 12 Geography Unit 25 ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 25 ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা Solutions for All Subject, You can practice these here…

ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা

অধ্যায় – ২৫

তৃতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। ভাৰতত কিমানটা ৰেলমণ্ডল আছে– 

( i ) ৯ টা ।

( ii ) ১২ টা ।

( iii ) ১৪ টা । আৰু

( iv ) ১৬ টা ।

উত্তৰঃ ( iv ) ১৬ টা । 

২। তলৰ কোনটো ভাৰতবৰ্ষৰ দীর্ঘতম ৰাষ্ট্ৰীয় ঘাই পথ –

( i ) NH – ১ 

( ii ) NH – ৬

( iii ) NH – ৭ আৰু

( iv ) NH – ৩৭ 

উত্তৰঃ ( iii ) NH – ৭ । 

৩। কোন চনত আকাশবাণী ৰেডিঅ ’ বার্তা প্রচাৰ কৰা হৈছিল — 

( i ) ১৯১১ চনত ।

( ii ) ১৯২৩ চনত ।

( iii ) ১৯২৭ চনত । আৰু

( iv ) ১৯৩৬ চনত ।

উত্তৰঃ ( ii ) ১৯২৩ চনত । 

৪। তলৰ কোন প্রকাৰৰ পৰিবহণ ব্যৱস্থা সবাতােকৈ কম খৰচী ? 

( i ) পথ পৰিবহণ ।

( ii ) ৰেল পৰিবহণ ।

( iii ) জল পৰিবহণ । আৰু

( iv ) আকাশী পৰিবহণ ।

উত্তৰঃ ( iii ) জল পৰিবহণ । 

৫। পৰিবহণৰ মূল কাৰবােৰ কি কি ? 

উত্তৰঃ পৰিবহণৰ প্রধান ভাগসমূহ হ’ল — স্থল পৰিবহণ , জল পৰিবহণ আৰু বিমান পৰিবহণ । 

৬। দুই প্রকাৰৰ জল পৰিবহণ ব্যৱস্থা কি কি ? 

উত্তৰঃ আভ্যন্তৰীণ জলপৰিবহণ আৰু সামুদ্রিক জল পৰিবহণ ।

৭৷ পূর্ব – পশ্চিম সংযােজন প্রকল্প কি ? 

উত্তৰঃ শিলচৰৰ পৰা লামডিং , গুৱাহাটী , শিলিগুড়ি , মােতিহাৰী , লক্ষ্মনৌ , ঝালি , কোটা , উদয়পুৰ আৰু ৰাজকোট হৈ পােৰবৰ সংযোগী ৩,৬৪০ কিল’মিটাৰ দীঘল এটা সুগম পথ নির্মাণ প্রস্তুতি চলাই থকা হৈছে । এই প্রকল্পকে পূর্ব – পশ্চিম সংযােজন প্রকল্প বােলা হয় । 

৮। উত্তৰ – দক্ষিণ সংযােজন প্রকল্প কি ? 

উত্তৰঃ শ্রীনগৰৰ পৰা একাদিক্রমে দিল্লী , নাগপুৰ , হাইদৰাবাদ , বাংগালুৰু আৰু মাদুৰাই প্রভৃতি চহৰসমূহৰ মাজেৰে কন্যাকুমাৰী পর্যন্ত ৪,০৭৬ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথটোক উত্তৰ দক্ষিণ সংযােজন প্রকল্প বােলা হয় । 

চমুউত্তৰ দিয়া

৯। যােগাযােগ ব্যৱস্থাৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ সামাজিক প্রাণী হিচাপে ভিন ভিন ঠাইত থকা মানুহৰ মাজত বার্তাৰ বিনিময় ঘটে । বিভিন্ন ধৰণৰ বার্তা বিনিময়ৰ লগত অর্থনৈতিক , ৰাজনৈতিক অথবা সমাজ সাংস্কৃতিক স্বার্থও পােনপটীয়াকৈ জড়িত হৈ থাকে । গতিকে , ব্যক্তিগত পর্যায়ৰ চিঠি – পত্র অথবা দূৰভাষ বার্তাই হওক বা দূৰদৰ্শন -অনাৰ্তাৰ প্রভৃতি মাধ্যমত ৰাজহুৱাকৈ সদৰী কৰা বার্তাই হওক , এনেবােৰ বার্তাই মানুহৰ কাম – কাজৰ ধৰণকৰণ নিৰ্ধাৰণ কৰে । এনেদৰে পৰিবহণ আৰু যােগাযােগ মাধ্যমসমূহ মানৱ জীৱনৰ ওপৰত বহুমুখী প্ৰভাৱ বিস্তাৰ কৰে । 

১০। ভাৰতবৰ্ষৰ পথ পৰিবহণৰ প্ৰকাৰবােৰ কি কি ? 

উত্তৰঃ দেশ স্বাধীন হােৱাৰ পাছৰ কালত দেশৰ বাটপথসমূহৰ ক্ষিপ্র উন্নয়ন লক্ষ্যৰে ১৯৬১ চনত কুৰি বছৰীয়া পথ আঁচনি এখন হাতত লােৱা হয় । এই আঁচনি অনুসৰিয়েই দেশৰ বিভিন্ন পথসমূহ গুৰুত্ব অনুসৰি নিৰ্মাণ আৰু অনুৰক্ষণ কৰাৰ উদ্দেশ্য পথসমূহক প্রধানকৈ চাৰিটা শ্ৰেণীত বিভক্ত কৰা হয় । সেয়া হ’ল –

( ১ ) ৰাষ্ট্ৰীয় পথ ।

( ২ ) ৰাজ্যিক পথ ।

( ৩ ) জিলাৰ প্ৰধান পথ । আৰু

( ৪ ) গ্রাম্য পথ । 

১১। ভাৰতৰ ৰাষ্ট্ৰীয় মহামাৰ্গৰ অগ্ৰগতিৰ আঁচনিসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ১৯৯৫ চনত ভাৰতৰ পৃষ্ঠ পৰিবহণ মন্ত্রাণালয়ৰ অধীনত ৰাষ্ট্ৰীয় প্ৰাধিকৰণ নামৰ স্বতন্ত্র প্রতিষ্ঠানটো গঢ় লয় আৰু ৰাষ্ট্ৰীয় পথসমূহৰ উন্নয়ন , অনুৰক্ষণ আৰু পর্যবেক্ষণৰ সকলাে দায়িত্ব এই প্ৰাধিকৰণৰ হাতলৈ আহে । এই প্রাধিকৰণৰ পৰিচালনাত সােণালী চতুর্ভুজ প্রকল্পৰ অধীনত দেশৰ চাৰিখন প্রধান চহৰ মুম্বাই , দিল্লী , কলকতা আৰু চেন্নাইৰ মাজত ৫,৮৬৪ কিঃমিঃ দীঘল চাৰিটা আৰু ছটাকৈ লিক থকা প্রশস্ত পথ নির্মাণ কৰি উলিওৱা হয় । 

আকৌ উত্তৰ – দক্ষিণ আৰু পূৱ – পশ্চিম সংযােজন প্রকল্পৰ অধীনত শ্রীনগৰৰ পৰা একাদিক্রমে দিল্লী , নাগপুৰ , হাইদৰাবাদ , বাংগালােৰ আৰু মাদুবাই প্রভৃতি চহৰসমূহৰ মাজেৰে কন্যাকুমাৰী পর্যন্ত ৪,০৭৬ কিঃমিঃ , দৈৰ্ঘ্যৰ প্ৰথমটো পথ আৰু শিলচৰৰ পৰা লামডিং , গুৱাহাটী , শিলিগুৰি , মােতিহাৰী , লক্ষ্মনৌ , ঝান্সি , কোটা , উদয়পুৰ আৰু ৰাজকোট হৈ পােৰবৰ সংযােগী ৩,৬৪০ কিঃমিঃ দীঘল আন এটা সুগম পথ নির্মাণ প্রস্তুতি চলােৱা হৈছে । প্রস্তাৰিত এই দুয়ােটা পথে দেশৰ সৰ্বমুঠ ১৪ খন ৰাজ্যৰ বহুতাে গুৰুত্বপূর্ণ স্থানৰ মাজেৰে পৰস্পৰ লম্বমান দিশত দেশৰ ইমূৰ – সিমূৰ সংযােগ কৰিব । 

১২। গ্ৰেণ্ড ট্রাঙ্ক ৰ’দ ( G.T. ) কোনে বনাইছিল ? গ্ৰেণ্ড ট্রাঙ্ক ৰ’দৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ গ্ৰেণ্ড ট্রাংক ৰডটোক চমুকৈ জি.টি পথ বুলি কোৱা হয় । গ্ৰেণ্ড ট্রাংক পথটো আফগান শাসনকর্তা শ্বেৰ শ্বহ চুৰিয়ে ১৫৩৯-১৫৪৮ ৰ ভিতৰ তেখেতৰ শাসনকালত নির্মাণ কৰিছিল । এই পথটো আফগানিস্থানৰ কাবুলৰ পৰা বিখ্যাত খাইবাৰ পাচেদি পেছােৱাৰৰ ওচৰত পাকিস্তানত প্রবেশ কৰিছে আৰু লাহােৰলৈ আহি বাঘা সীমান্তই দি ভাৰতত প্রবেশ কৰিছে । ভাৰতৰ কলকতা চহৰলৈকে বিস্তৃত হৈ থকা এই পথটোৰ সৰ্বমুঠ দৈর্ঘ্য ২৬০০ কিঃমিঃ । 

১৩। ভাৰতত ৰেল পৰিবহণৰ বিকাশৰ বিষয়ে এটি বর্ণনা আগবঢ়োৱা । 

উত্তৰঃ ভাৰতত ১৮৫৩ চনত মুম্বাইৰ বড়ী – বন্দৰ ; ( বৰ্তমানৰ ছত্রপতি শিবাজী টার্মিনচ ) ষ্টেচনৰ পৰা ৩৪ কিল’মিটাৰ নিলগত অৱস্থিত ঠাণে ষ্টেচনলৈ প্ৰথমখন যাত্রীবাহী ৰেলৰ যাত্ৰা আৰম্ভ হয় । এই আৰম্ভণিৰ দিন ধৰি উন্নয়ন আৰু সম্প্ৰসাৰণৰ ডেৰশ বছৰৰাে অধিক দিনীয়া যাত্ৰাত ভাৰতীয় ৰেল পৰিবহণ খণ্ডই ক্রমান্বয়ে আগুৱাই গৈছে । একক পৰিচালনাৰ অন্তর্ভুক্ত ৰেল পৰিবহন প্রণালী হিচাপে ভাৰতৰ এই ৰেল পৰিবহন তন্ত্ৰটো পৃথিৱীৰ সৰ্ববৃহৎ । ২০০৮ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতত মুঠ ৰেলপথৰ দৈর্ঘ্য ৬৩.২৭৩ কিল’মিটাৰ আৰু বছৰত এই ৰেলপথতৰ ওপৰত ৬৫২ কোটিৰাে অধিক সংখ্যক লেযাত্ৰীয়ে গড়ে ১১৮ কিল’মিটাৰকে ৰেল ভ্রমণ কৰে । ঠিক সেইদৰে একেটা বছৰতে ৰেলযােগে ৭৯৪ নিযুত টন সামগ্রীও গড়ে ৬৫৭ কিল’মিটাৰ দূৰত্বলৈ সৰবৰাহ কৰা হয় । 

দীঘল প্ৰশ্নৰ উত্তৰ

১৪। ভাৰতবৰ্ষৰ বিভিন্ন প্রকাৰৰ পথসমূহৰ বিষয়ে বর্ণনা কৰা । 

উত্তৰঃ দেশ স্বাধীন হােৱাৰ পাছৰ কালত দেশৰ বাটপথসমূহৰ ক্ষিপ্র উন্নয়ন লক্ষ্যৰে ১৯৬১ চনত কুৰি বছৰীয়া পথ আঁচনি এখন হাতত লােৱা হয় । এই আঁচনি অনুসৰিয়েই দেশৰ বিভিন্ন পথসমূহ গুৰুত্ব অনুসৰি নিৰ্মাণ আৰু অনুৰক্ষণ কৰাৰ উদ্দেশ্য পথসমূহক প্রধানকৈ চাৰিটা শ্রেণীত বিভক্ত কৰা হয় । সেয়া হ’ল – 

( ১ ) ৰাষ্ট্ৰীয় পথ ।

( ২ ) ৰাজ্যিক পথ ।

( ৩ ) জিলাৰ প্ৰধান পথ । আৰু

( ৪ ) গ্রাম্য পথ । 

( ১ ) ৰাষ্ট্ৰীয় পথঃ ৰাষ্ট্র অথবা বৃহৎ অঞ্চল একোটাৰ ইমূৰ – সিমূৰ পৰিসৰত সংৰখন কৰা কেন্দ্রীয় চৰকাৰৰ দ্বাৰা নির্মিত আৰু প্রতি পালিত সুবৃহৎ পথসমূহক ৰাষ্ট্ৰীয় পথৰূপে শ্রেণীভুক্ত কৰা হয় । ১৯৫১ চনত এনে ৰাষ্ট্ৰীয় পথৰ মুঠ দৈর্ঘ্য ১৯,৭০০ কিল’মিটাৰ আছিল । সম্প্রতি দেশৰ ৰাষ্ট্ৰীয় পথ জালিকাৰ মুঠ দৈর্ঘ্য ৬৫,৭৬৯ কিল’মিটাৰ । এনে ৰাষ্ট্ৰীয় পথে দেশৰ সুবৃহৎ চহৰ , উদ্যোগ কেন্দ্ৰ আৰু ৰাজ্যৰ ৰাজধানী সমূহৰ মাজত শক্তিশালী পৰ্যায়ৰ পথ যােগাযােগ প্রতিষ্ঠা কৰিছে । এই শ্রেণীভুক্ত পথবােৰৰ মুঠ দৈর্ঘ্য দেশৰ সকলোবোৰ পথৰ দৈৰ্ঘ্যৰ যােগফলৰ প্রায় ২ শতাংশহে । তথাপিও , ৰাষ্ট্ৰীয় মুঠ পথ পৰিবহণৰ ৪০ শতাংশ এইসমূহ পথৰ ওপৰত সম্পন্ন হয় । 

( ২ ) ৰাজ্যিক পথ :- ৰাজ্য চৰকাৰসমূহে নির্মাণ আৰু অনুৰক্ষণ কৰা ৰাজ্যৰ ৰাজধানী আৰু জিলাৰ সদৰ সমূহকে ধৰি প্রধান চহৰসমূহৰ মাজত যাতায়াত কৰাৰ উদ্দেশ্যে নির্মিত পথবােৰক ৰাজ্যিক পথ বােলে । এইবােৰ পথৰ এটা মূৰে ৰাষ্ট্ৰীয় পথ একোটা স্পর্শ কৰি থাকে । দেশত এনে ৰাজ্যিক পথৰ মুঠ দৈর্ঘ্য ১,২৮,০০০ কিল’মিটাৰ , অর্থাৎ দেশব্যাপী পথ জালিকাৰ ৪ শতাংশ । 

( ৩ ) জিলা পথ :- জিলা সদৰ সমূহক জিলাখনৰ আনবােৰ প্রধান ঠাইৰ সৈতে সংযােগ কৰাৰ লক্ষ্যৰে সংৰেখন কৰা পথসমূহেই জিলা পথ । ভাৰতত এই শ্রেণীভুক্ত পথসমূহৰ মুঠ দৈর্ঘ্য ৪,৭০,০০০ কিল’মিটাৰ ; অর্থাৎ ৰাষ্ট্রৰ মুঠ পথ জালিকাৰ প্রায় ১৪ শতাংশ । 

( ৪ ) গ্রাম্য পথ :- দেশৰ মুঠ পথ দৈর্ঘ্যৰ পাঁচ ভাগৰ চাৰি ভাগেই গ্রাম্য পথ । গ্রামাঞ্চলৰ ভিতৰুৱা এলেকাসমূহক আন কোনাে গুৰুত্বপূৰ্ণ পথৰ লগত সংযােগ কৰা পর্যায়ৰ বহন ক্ষমতাযুক্ত এনে শ্রেণীৰ পথৰ মুঠ দৈর্ঘ্য হৈছে ২,৬৫,০০০ কিল’মিটাৰ । 

অন্যান্য পথ :- উল্লেখ কৰি অহা চাৰিটা শ্ৰেণীৰ অন্তর্ভুক্ত সৰু বৰ পথসমূহৰ উপৰিও দেশৰ বিভিন্ন অৱস্থানত বিশেষ উদ্দেশ্যত নিৰ্মাণ কৰা আন কিছুমান পথ দেখা যায় । সীমান্তপথ , ঔদ্যোগিক পথ , ব্যক্তিগত পথপ্রভৃতি আন যিকোনাে ধৰণৰ পথেই এই শ্ৰেণীৰ অন্তৰ্গত হয় । 

১৫। ভাৰতৰ বিমান পৰিবহণ ব্যবস্থাৰ ওপৰত এটি টোকা যুগুত কৰা । 

উত্তৰঃ ভাৰতৰ দৰে বৈচিত্র্যপূর্ণ ভূ – আকৃতি আৰু জলবায়ু সম্পন্ন বিশাল দেশ এখনত কম সময়ৰ ভিতৰতে দেশৰ ইমূৰ – সিমূৰ পৰিসৰ অথবা বিপদ – আপদৰ সময়ত স্থল পৰিবহণৰ অলংঘনীয় অবস্থানলৈ জৰুৰী পৰিবহণ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিমান পৰিবহণ এক অপৰিহাৰ্য মাধ্যম । ১৯১১ চনত ভাৰতত বিমান সেৱাৰ যােগেদি এলাহাবাদ আৰু নৈনীৰ মাজত ডাক পৰিবহণ আৰম্ভ কৰা হয় । কিন্তু , স্বাধীনতা লাভৰ পাছতহে দেশত বিমান সেৱাৰ প্রসাৰ ঘটে । ১৯৪৭ চনত ভাৰতত ইণ্ডিয়ান নেচনেল এয়াৰৱেজ , টাটা চন্স লিমিটেড , এয়াৰ ছার্ভিচেজ অৱ ইণ্ডিয়া আৰু ডেক্কান এয়াৰৱে জনামৰ চাৰিটা বিমান প্রতিষ্ঠান আছিল । ১৯৫১ চনত ভাৰত এয়াৰৱেজ , হিমালয়ান এভিয়েশন লিমিটেড , এয়াৰৱেজ ইণ্ডিয়া আৰু কলিংগ এয়াৰলাইন্স নামৰ আন চাৰিটা প্রতিষ্ঠানে গঢ় লয় । ১৯৫৩ চনত ভাৰতৰ বিমান পৰিবহণ খণ্ডৰ ৰাষ্ট্ৰীয়কৰণৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় পৰিসৰত বিমান সেৱা পৰিচালনাকাৰী এয়াৰ ইণ্ডিয়া ইণ্টাৰনেচনেল আৰু ইণ্ডিয়ান এয়াৰ লাইন্স নামৰ দুটা প্রতিষ্ঠান সৃষ্টি হয় । 

ভাৰতৰ বিমান বন্দৰ প্ৰাধিকৰণ নামৰ প্রতিষ্ঠানটোৰ তদাৰকীত ভাৰতৰ আকাশত বিভিন্ন বিমানৰ নিৰাপদ তথা নিৰ্ভৰযােগ্য উৰণ পৰিচালনা কৰা হয় । এই প্রাধিকৰণে সমগ্ৰ দেশৰ ১২ টা আন্তঃৰাষ্ট্ৰীয় বিমানকোঠা , ৮৬ টা ঘৰুৱা বিমান কোঠা আৰু আন ২৯ টা প্ৰতিৰক্ষা বিমান  কোঠকে ধৰি সৰ্বমুঠ ১২৬ টা বিমানকোঠৰ লগত সম্পর্ক জড়িত সকলােবােৰ দেশী – বিদেশী অসামৰিক বিমানৰ উৰণ নিয়ন্ত্রণ আৰু পৰিচালনা কৰে । বৰ্তমান ভাৰতৰ অসামৰিক বিমান কোঠবােৰত ভাৰতীয় ৰাষ্ট্ৰীয়কৃত প্রতিষ্ঠান দুটাৰ বিমানৰ উপৰিও আন বহুতাে বিদেশী বিমান আৰু ঘাইকৈ ভালে সংখ্যক ব্যক্তিগত খণ্ডৰ যাত্রীবাহী বিমান উঠা – নমা কৰা দেখা যায় । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

১৬। জলপৰিবহণ ব্যৱস্থাৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ গধুৰ সামগ্রী কম খৰচত সৰবৰাহ কৰাৰ ক্ষেত্ৰত জল পৰিবহণ এক উত্তম বিকল্প ব্যৱস্থা । এই পৰিবহণ প্রণালীটো ইন্ধন ৰাহিকাৰী আৰু পৰিবেশ ৰক্ষক । ভাৰতত সৰ্বমুঠ ১৪,৫০০ কিল’মিটাৰ নাব্য জলপৃষ্ঠ আছে । এনে জলপথসমূহ ব্যৱহাৰ কৰি দেশৰ মুঠ পৰিবহণ প্রকাৰ্যৰ ১ শতাংশ সৰবৰাহ কার্য সম্পাদন কৰিব পৰা যায় । ১৯৮৬ চনত প্রতিষ্ঠা হােৱা আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণে দেশৰ তিনিটা জলপথ তন্ত্রক সেইবােৰৰ গুৰুত্বলৈ লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় জলপথ ৰূপে ঘােষণা কৰে ।

ৰাষ্ট্ৰীয় জলপথ  বিস্তৃতি বৈশিষ্ট্য 
১। গংগা জলপথইলাহাবাদ – হলদিয়া (১৬২০ কিঃমিঃ )১।( i)পটনাপর্যন্ত ডাঙৰ নাও আৰু হৰিদদাৰপর্যন্ত সৰু নাও চলিব পাৰে । 
২। হলদিয়া – ফৰক্কা (৫৬০ কিঃ মিঃ ) , ফৰক্কা পটনা ( ৪৬০ কিঃমিঃ ) আৰু পটনা ইলাহাবাদ ( ৬০০ কিঃমিঃ ) তিনিটা খণ্ডত বিভক্ত কৰি উন্নয়ন কার্য হাতত ল’ব পাৰি । 
২। ব্রহ্মপুত্র জলপথশদিয়া – ধুবুৰী (৮৯১ কিঃমিঃ )মােহনাৰ পৰা ডিব্ৰুগড় পর্যন্ত ( ১৩৮৪ কিঃমিঃ )  বাংলাদেশৰ মাজেৰে জাহাজ চলাচলযোগ্য ।
৩। কেৰলৰ অন্তর্গমকোট্রাপুৰম – কোল্লুম (২০৫ কিঃমিঃ )অন্তর্গম অৱয়বৰ মাজত ৱেষ্ট কষ্ট কেনেল  ( ১৬৮ কিঃমিঃ ) , চম্পকাড়া খাল ( ২৩ কিঃমিঃ ) আৰু উদ্যোগমণ্ডল খালৰ ( ১৪ কিঃমি ) সংযোগদান । 

সামুদ্রিক পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ উপকূল ৰেখাৰ মুঠ ৭৫২০ কিল’মিটাৰ দৈৰ্ঘত ১২ টা বৃহৎ বন্দৰৰ উপৰিও ২০০ টা সৰু আৰু মজলীয়া বৰ আছে । ভাৰতৰ অর্থনৈতিক প্রকাৰ্যৰ ওপৰত এনেবােৰ বন্দৰেদি ওলােৱা – সােমােৱা কৰা সম্পদসমূহৰ অত্যন্ত শক্তিশালী প্ৰভাৱ দেখা যায় । দেশৰ প্রায় ৯৫ শতাংশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য এই বন্দৰ সমূহেৰে সম্পাদন কৰা হয় । বাণিজ্যিক লেনদেনৰ ধনৰাশিৰ লেখেৰেও এইসমূহ বন্দৰেৰে অহা – যােৱা কৰা সম্পদৰ মূল্য দেশৰ মুঠ আন্তঃৰাষ্ট্ৰীয় আয়ব্যয় প্রায় ৭০ শতাংশ । তদুপৰি একেখন ৰাষ্ট্ৰৰ অবিচ্ছেদ্য অংগ আন্দামান – নিকোবৰ , লাক্ষাদ্বীপ , আমিন দ্বীপ আৰু আনহে নালাগে সুন্দৰবন অঞ্চলৰ দ্বীপসমূহৰ লগত মূল ভূ – ভাগৰ যাতায়াত ব্যৱস্থাও ঘাইকৈ এই সামুদ্রিক পৰিবহণৰ ওপৰতে নিৰ্ভৰশীল । 

১৭। ৰেল পৰিবহণ ব্যৱস্থাৰ সুবিধা আৰু অসুবিধাসমূহ কি কি লিখা । 

উত্তৰঃ ৰেল পৰিবহণৰ সুবিধাসমূহঃ 

( ক ) পথসমূহৰ তুলনাত ৰেলপথসমূহ অধিক সুপ্রতিষ্ঠিত আৰু স্থায়ী । 

( খ ) বৃহৎ পৰিমাণৰ যাত্ৰী অথবা সামগ্রী কম খৰচত তীব্রবেগে দূৰদূৰণিলৈ পৰিবহণ কৰাৰ উপযােগী । 

( গ ) পথ পৰিবহণৰ তুলনাত ৰেল পৰিবহণত ইন্ধনৰ খৰচ ১৫-২০ শতাংশ মাত্র । 

( ঘ ) ৰেল পৰিবহণ এবিধ দূৰগামী সুবিধা প্রদানকাৰী পৰিবহণ ব্যৱস্থা । অর্থাৎ , যাতায়াত কৰিব লগা যাত্ৰী আৰু সামগ্ৰীৰ পৰিমাণ আৰু গন্তব্য স্থানৰ দূৰত্ব বাঢ়ি যােৱাৰ লগে লগে প্রতি কিলােমিটাৰ দূৰত্বৰ বাবদ প্রতিজন যাত্রী অথবা প্রতি টন সামগ্ৰীৰ ৰেলভাড়া কমি গৈ থাকে । 

ৰেল পৰিবহণৰ অসুবিধাসমূহঃ ( ক ) পথ পৰিবহণৰ তুলনাত ৰেল পৰিবহণৰ প্রতিস্থাপন আৰু পৰিচালনা কার্য অত্যন্ত খৰচী । 

( খ ) পথ পৰিবহণৰ দৰে ৰেলপথসমূহে পার্বত্যভূমি আৰু অত্যন্ত এটা বেঁকা পথত ইয়াৰ পৰিবহণ ক্ষমতা সমানে বজাই ৰাখিব নােৱাৰে । 

১৮। ভাৰতবৰ্ষৰ পথ পৰিবহণ ব্যবস্থা কেনেধৰণৰ বুজাই লিখা । 

উত্তৰঃ ভাৰতবৰ্ষত সৰ্বমুঠ ৩৩.১ লাখ কিল’মিটাৰ স্থলপথ আছে । ৰাষ্ট্ৰব্যাপী এই পথ তন্ত্ৰটোৰে দেশৰ ৮৫ শতাংশ যাত্রী আৰু ৭০ শতাংশ সামগ্রী সৰবৰাহ সম্পন্ন হয় । কম দূৰত্বৰ পৰিসৰত সীমিত পৰিমাণৰ যাত্ৰী অথবা সামগ্রী যাতায়াতৰ বাবে পথ পৰিবহনেই আটাইতকৈ সুবিধাজনক । দেশ স্বাধীন হােৱাৰ পাছৰ কালত দেশৰ বাটপথসমূহৰ ক্ষিপ্র উন্নয়ন লক্ষ্যৰে ১৯৬১ চনত কুৰি বছৰীয়া পথ আঁচনি এখন হাতত লােৱা হয় । এই আঁচনি অনুসৰিয়েই দেশৰ বিভিন্ন পথসমূহ গুৰুত্ব অনুসৰি নিৰ্মাণ আৰু অনুৰক্ষণ কৰাৰ উদ্দেশ্য পথসমূহক প্রধানকৈ চাৰিটা শ্ৰেণীত বিভক্ত কৰা হয় । সেয়া হ’ল – 

( ১ ) ৰাষ্ট্ৰীয় পথ ।

( ২ ) ৰাজ্যিক পথ ।

( ৩ ) জিলাৰ প্ৰধান পথ । আৰু 

( ৪ ) গ্রাম্য পথ । 

( ১ ) ৰাষ্ট্ৰীয় পথঃ ৰাষ্ট্র অথবা বৃহৎ অঞ্চল একোটাৰ ইমূৰ – সিমূৰ পৰিসৰত সংৰেখন কৰা কেন্দ্রীয় চৰকাৰৰ দ্বাৰা নির্মিত আৰু প্রতিপালিত সুবৃহৎ পথ সমূহক ৰাষ্ট্ৰীয় পথৰূপে শ্রেণীভুক্ত কৰা হয় । ১৯৫১ চনত এনে ৰাষ্ট্ৰীয় পথৰ মুঠ দৈর্ঘ্য ১৯,৭০০ কিল’মিটাৰ আছিল । সম্প্রতি দেশৰ ৰাষ্ট্ৰীয় পথ জালিকাৰ মুঠ দৈর্ঘ্য ৬৫,৭৬৯ কিল’মিটাৰ । এনে ৰাষ্ট্ৰীয় পথে দেশৰ সুবৃহৎ চহৰ , উদ্যোগ কেন্দ্ৰ আৰু ৰাজ্যৰ ৰাজধানী সমূহৰ মাজত শক্তিশালী পৰ্যায়ৰ পথ যােগাযােগ প্রতিষ্ঠা কৰিছে । এই শ্রেণীভুক্তপথবােৰৰ মুঠ দৈর্ঘ্য দেশৰসকলােবােৰ পথৰ দৈৰ্ঘ্যৰ যােগফলৰ প্রায় ২ শতাংশহে । তথাপিও , ৰাষ্ট্ৰীয় মুঠ পথ পৰিবহণৰ ৪০ শতাংশ এইসমূহ পথৰ ওপৰত সম্পন্ন হয় । 

( ২ ) ৰাজ্যিক পথ :- ৰাজ্য চৰকাৰসমূহে নির্মাণ আৰু অনুৰক্ষণ কৰা ৰাজ্যৰ ৰাজধানী আৰু জিলাৰ সদৰসমূহকে ধৰি প্ৰধান চহৰসমূহৰ মাজত যাতায়াত কৰাৰ উদ্দেশ্যে নির্মিত পথবােৰক ৰাজ্যিক পথ বােলে ৷ এইবােৰ পথৰ এটা মূৰে ৰাষ্ট্ৰীয় পথ একোটা স্পর্শ কৰি থাকে । দেশত এনে ৰাজ্যিক পথৰ মুঠ দৈর্ঘ্য ১,২৮,০০০ কিল’মিটাৰ , অর্থাৎ দেশব্যাপী পথ জালিকাৰ ৪ শতাংশ । 

( ৩ ) জিলা পথ :- জিলা সদৰসমূহক জিলাখনৰ আনবােৰ প্ৰধান ঠাইৰ সৈতে সংযােগ কৰাৰ লক্ষ্যৰে সংৰেখন কৰা পথসমূহেই জিলা পথ । ভাৰতত এই শ্রেণীভুক্ত পথসমূহৰ মুঠ দৈর্ঘ্য ৪,৭০,০০০ কিল’মিটাৰ ; অর্থাৎ ৰাষ্ট্রৰ মুঠ পথ জালিকাৰ প্রায় ১৪ শতাংশ । 

( ৪ ) গ্রাম্য পথ :- দেশৰ মুঠ পথ দৈর্ঘ্যৰ পাঁচ ভাগৰ চাৰি ভাগেই গ্রাম্য পথ । গ্রামাঞ্চলৰ ভিতৰুৱা এলেকাসমূহক আন কোনাে গুৰুত্বপূৰ্ণ পথৰ লগত সংযােগ কৰা পৰ্যায়ৰ বহন ক্ষমতাযুক্ত এনে শ্রেণীৰ পথৰ মুঠ দৈর্ঘ্য হৈছে ২,৬৫,০০০ কিল’মিটাৰ । 

অন্যান্য পথ :- উল্লেখ কৰি অহা চাৰিটা শ্রেণীৰ অন্তর্ভুক্ত সৰু বৰ পথসমূহৰ উপৰিও দেশৰ বিভিন্ন অৱস্থানত বিশেষ উদ্দেশ্যত নিৰ্মাণ কৰা আন কিছুমান পথ দেখা যায় । সীমান্তপথ , ঔদ্যোগিক পথ , ব্যক্তিগত পথ প্রভৃতি আন যিকোনাে ধৰণৰ পথেই এই শ্রেণীৰ অন্তৰ্গত হয় । 

১৯। সমগ্ৰ ভাৰতবৰ্ষক সাঙুৰি ৰখা ভাৰতীয় ৰেল পৰিবহণ ব্যৱস্থাৰ বৈশিষ্ট্যবােৰ আলােচনা কৰা । 

উত্তৰঃ ভাৰতৰ ৰেল পৰিবহণ তন্ত্ৰটো বিশ্বৰ ভিতৰতে সর্ববৃহৎ । ২০০৮ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতত মুঠ ৰেলপথৰ দৈর্ঘ্য ৬৩.২৭৩ কিল’মিটাৰ । এই দৈর্ঘ্য পৃথিৱীৰ মুঠ ৰেলপথৰ ১৫ শতাংশ । এই ৰেল পথতন্ত্রৰ ওপৰত ৬৫২ কোটিৰাে অধিক সংখ্যক ৰেল যাত্ৰীয়ে গড়ে ১১৮ কিঃমিঃকৈ ৰেল ভ্রমণ কৰে । ঠিক সেইদৰে একেটা বছৰত ৰেলযােগে ৭৯৪ নিযুত টন সামগ্রীও গড়ে ৬৫৭ কিঃমিঃ দূৰত্বলৈ সৰবৰাহ কৰা হয় । 

কেন্দ্রীয় চৰকাৰৰ ৰেল মন্ত্রণালয়ৰ দ্বাৰা পৰিচালিত ভাৰতীয় ৰেলপথক কামকাজ চলােৱাৰ সুবিধাৰ উদ্দেশ্যে ১৬ টা মণ্ডলত বিভক্ত কৰা হৈছে – 

ভাৰতীয় ৰেলপথৰ মাণ্ডলিক গাঁথনি

মণ্ডলসদৰ কার্যালয়দৈর্ঘ্য (কিঃমিঃ )মণ্ডল সদৰ কার্যালয়দৈর্ঘ্য কিঃমিঃ
১।মধ্য ৰে’লপথমুম্বাই৩৮৪৯৯।উত্তৰ পশ্চিমজয়পুৰ৫২৭৫
২।পূৱ ৰে’লপথকলিকাতা২৪১৪১০।দক্ষিণ ৰে’লপথচেন্নাই৫১৬৯
৩।পূৱ-মধ্যহাজীপুৰ৩৪৬৫১১।দক্ষিণ মধ্যচেকেন্দ্ৰাবাদ৫৭৩৪
৪।পূব – উপকূলীয়ভূবনেশ্বৰ২৫৬৮১২।দক্ষিণ-পূৱকলিকাতা২৬৩৯
৫।উত্তৰ ৰে’লপথদিল্লী৬৮৫৯১৩।দক্ষিণ-পূর্ব মধ্যবিলাসপুৰ২৪৪০
৬।উত্তৰ মধ্যইলাহাবাদ৩০৭৮১৪।দক্ষিণ পশ্চিমহুৱলী৩১০৬
৭।উত্তৰ – পূবগোৰখপুৰ৩৪৪৭১৫।পশ্চিম ৰে’লপথমুম্বাই ৬৫০৯
৮।পূর্বোত্তৰ সীমান্তমালিগাঁও৩৭৫৭১৬।পশ্চিম মধ্যজবলপুৰ২৯৬৫

ভাৰতৰ ৰেলপথসমূহত ব্রডগজ , মিটাৰগজ আৰু নেৰ’গজ মাপৰ তিনি ধৰণৰ ৰেলপথ আছে । এই দেশৰ মুঠ ৰেলপথৰ ৫১,০৮২ কিল’মিটাৰ ব্ৰডগজ , ৯,৪৪২ কিল’মিটাৰ মিটাৰ গজ আৰু বাকী ২,৭৪৯ কিঃমি ৰেলপথ নেৰ’গজ মাপৰ । এই ৰেলপথ তন্ত্ৰটোৰ ১৮,২৭৪ কিঃমিঃ ব্রডগজ পথত বিজুলী চালিত ৰেল আৰু বাকী অংশত ডিজেল চালিত ৰেল চলি আছে । দেশখনৰ মুঠ ৰেলপথৰ ভিতৰত সঘনাই ৰেল চলাচল কৰা ২২,১১৫ কিঃমিঃ ৰেলপথ যুটীয়া অথবা তিনি চাৰিটাকৈ লাইনযুক্ত । 

ভাৰতৰ ৰেল পৰিবহণ প্রকৰণ পৰিচালনাৰ আহিলাস্বৰূপে , দেশখনত মুঠতে ৪৪ ট ভাপ – ইঞ্জিন , ৪৮৪৩ টা ডিজেল ইঞ্জিন , ৩৪৪৩ টা বিদ্যুৎ চালিত ইঞ্জিন , ৫৩৫৫৫ টা যাত্রীবাহ উবা আৰু ২,১১,০৫৯ টা বিভিন্ন আৰ্হিৰ মালবাহী ভবা আছে । 

ভাৰতৰ কলিকতা , দিল্লী মহানগৰৰ মেট্র ’ ৰেল আৰু চেন্নাই চহৰৰ উখিত ৰেল প্রভৃতি কিছুমান অত্যাধুনিক ৰেল সেৱা প্রণালী শেহতীয়াভাৱে প্রচলিত । 

২০। ভাৰতৰ নলিকা পৰিবহণ ব্যৱস্থাৰ ওপৰত এটা ভৌগােলিক টোকা লিখা । 

উত্তৰঃ ভাৰতৰ প্রায় প্রতিখন সৰু ডাঙৰ চহৰকে ধৰি বহুতাে গ্রাম্য এলেকাত খােৱাপান যােগানৰ ব্যৱস্থাসমূহ নলিকাপথৰ ওপৰত নিৰ্ভৰশীল হৈ আছে । দেশৰ বিভিন্ন অৱস্থানত সিচৰিত হৈ থকা খনিজ তেল আৰু দাহ্য প্রাকৃতিক গেছৰ অৱস্থানৰ বাৰ , এইবােৰৰ শােধন আৰু পুনৰ্ভৰণ অৱস্থান , আমদানি সংগ্ৰহণৰ বৰ আৰু বাণিজ্যিক কেন্দ্ৰবােৰৰ মাজত ঘাইকৈ নলিকা পথেৰে এনেবােৰ দ্ৰব্যৰ সৰবৰাহ সম্পাদন কৰা হয় । এই উদ্দেশ্যে দেশখনত খাৰুৱা তেল , প্রাকৃতিক গেছ আৰু খাৰুৱা তেলৰ পৰিশােধিত সম্ভাৰ সৰবৰাহকাৰী বহুতাে সুদীর্ঘ নলিকা পথ আছে । 

ভাৰতৰ পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রণালয়ৰ অধীনত খনিজ তেল আৰু প্রাকৃতিক গেছৰ উৎপাদন তথা সৰবৰাহকাৰী প্রতিষ্ঠান “ অইল ইণ্ডিয়া লিমিটেড ” এ ১৯৫৯ চনত অসমৰ নাহৰকটীয়া তৈলক্ষেত্ৰক বিহাৰৰ বাৰাউনী শোধনাগাৰৰ লগত সংযােগ কৰি এছিয়াৰ প্রথমটো সুদীর্ঘ নলিকাপথ স্থাপন কৰে । ১৯৬৬ চনত এই নলিকা পথটো কানপুৰ পর্যন্ত সম্প্ৰসাৰণ কৰা হয় । ভাৰতৰ পশ্চিম এলেকাৰ কোয়ালি তেল শােধনাগাৰৰ লগত অংকলেশ্বন আৰু মুম্বাই হাই তৈলক্ষেত্র সংযােগী নলিকাপথ আৰু হাজিৰা – বিজয়পুৰ – জগদীশপুৰ সংযােগ , নলিকাপথ তিনিটা বিশেষভাৱে উল্লেখযােগ্য । শেহতীয়াভাৱে, গুজৰাটৰ সলয়াৰ পৰা মথুৰ শোধনাগাৰ হৈ পঞ্জাৱৰ জলন্ধৰ পর্যন্ত ১২৫৬ কিঃমিঃ দীঘল আন এটা নলিকা পথৰ নিৰ্মা সম্পন্ন হৈছে । অসমৰ নুমলীগড় শোধনাগাৰৰ পৰা শিলিগুড়ি পর্যন্ত ৬৬০ কিঃমিঃ দৈর্ঘ্য আন এটা নলিকা পথৰ নিৰ্মাণ কাৰ্য্যও সম্প্রতি চলি আছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top