Class 11 Bihu Chapter 5 বিহুৱা-বিহুৱতীৰ সাজ-পাৰ আৰু আ-অলংকাৰঅনুশীলনী

Class 11 Bihu Chapter 5 বিহুৱা-বিহুৱতীৰ সাজ-পাৰ আৰু আ-অলংকাৰঅনুশীলনী Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Bihu Chapter 5 বিহুৱা-বিহুৱতীৰ সাজ-পাৰ আৰু আ-অলংকাৰঅনুশীলনী Solutions and select need one. Class 11 Bihu Textbook Question Answer Assamese Medium Download PDF. Hs 1st Year Bihu Solutions in Assamese.

Class 11 Bihu Chapter 5 বিহুৱা-বিহুৱতীৰ সাজ-পাৰ আৰু আ-অলংকাৰঅনুশীলনী

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Hs 1st Year Bihu Notes in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Bihu Question Answer for All Chapters, You can practice these here.

Chapter: 5

অনুশীলনী

১। বিহুৱা আৰু বিহুৱতীৰ প্ৰধান সাজপাৰ কেইবিধৰ নাম লিখা।

উত্তৰঃ বিহুৱা আৰু বিহুৱতীৰ প্ৰধান সাজপাৰ কেইবিধৰ নাম হ’ল—

বিহুৱাৰ প্ৰধান সাজপাৰ: চুৰিয়া, চোলা, টঙালি, হাতত বন্ধা গুটি ফুলৰ হাঁচতি আৰু মূৰত বন্ধা একাষে ফুল থকা গামোচা।

বিহুৱতীৰ প্ৰধান সাজপাৰ: মোগা অথবা কপাহী মেখেলা, ৰিহা আৰু চোলা।

২। প্রাচীন কালত অসমীয়া মহিলাই পিন্ধা অলংকাৰ কেইপদৰ নাম লিখা?

উত্তৰঃ হাতৰ অলংকাৰ: মুঠি খাৰু, গাম খাৰু, আঙুলিত চিৰিপতা, জেঠীনেজীয়া, মৰানেজীয়া, পদুমকলি, মাছ বাকলীয়া, হীৰাপতা, বাখৰুৱা আৰু উকা আঙুঠি।

ডিঙিৰ অলংকাৰ: লোকাপাৰ, জোনবিৰি, ঢোলবিৰি, শিলিখা বিৰি, লতা-বাখৰুৱা বিৰি, মাদলী, দুগদুগী, ফুটমণি, সাতসৰী আৰু থোপামণি।

কাণৰ অলংকাৰ: লং কেৰু, থুৰীয়ামুখীয়া কাণফুলি, থুৰীয়া, জাংফাই, লোকাপাৰ আৰু কৰীয়া।

৩। বিহুৱাসকলে চুৰিয়া পিন্ধা ৰীতি কেনেকুৱা?

উত্তৰঃ (i) বিহুৱা ডেকাসকলে কাঁকালত মোগা বা কপাহী চুৰিয়া পৰিধান কৰে।

(ii) এই চুৰিয়াখন আঁঠু ঢাকি বা কলাফুল ঢাকি পোন্দ মাৰি পিন্ধে।

(iii) চুৰিয়াখন প্ৰস্থত বা বহলে প্ৰায় ১.২০ মিটাৰ আৰু দীঘলে প্ৰায় ৪.৩০ মিটাৰ হয়।

৪। পূৰ্বৰ বিহুৱাসকলে মূৰত গামোচাখন কেনেদৰে বান্ধিছিল? পৰম্পৰাগত গামোচাখনত আগত কেইটা ফুল বচা হয়?

উত্তৰঃ পূৰ্বৰ বিহুৱাসকলে গোটেই মূৰটো মেৰিয়াই গামোচাখন বান্ধি বিহু মাৰিছিল। পৰম্পৰাগত গামোচাখনৰ এটা আগত আঁচূ আৰু আনটো আগত ফুল বচা থাকে।

৫। পূর্বতে বিহুৱতীসকলে কেনে ৰঙৰ মেখেলা পিন্ধি বিহু মাৰিছিল?

উত্তৰঃ পূৰ্বতে বিহুৱতীসকলে ৰঙা আৰু ক’লা ৰঙৰ কপাহী মেখেলা পিন্ধিও বিহু নাচিছিল।

৬। বিহুৱা আৰু বিহুৱতীয়ে পৰিধান কৰা চোলাকেইটাৰ বিষয়ে লিখা।

উত্তৰঃ বিহুৱাৰ চোলা: বিহুৱা পুৰুষে মোগা বা কপাহী হাত-দীঘল বা চুটি দুয়োবিধ চোলা পিন্ধে। যেনে— হালোৱা চোলা, খৰা চাপকণ, ক’লা ৰঙৰ কুৰ্তা, এঙা চোলা ইত্যাদি। বুকু ফটা চোলাৰ ওপৰত সোঁফালৰ পৰা বাঁওফাললৈ সৰু সৰু জৰীৰে বন্ধা থাকে।

বিহুৱতীৰ চোলা: বিহুৱতী গাভৰুৰ বুকু চোলা বা ব্লাউজটো ৰঙা, ক’লা বা মোগা ৰঙৰ হয়। চোলাটো কাঁকাললৈকে বৈ পৰা, হাতৰ কিলাকুটি আৰু পিঠি ঢকাকৈ চিলাই কৰা হয়। চোলাৰ হাতৰ আগত চুটিয়া ক’লা বা বগা ফুল থাকিব পাৰে।

৭। বিহুৱতীয়ে পিন্ধা খাৰুৰ এটি বিৱৰণ দিয়া। 

উত্তৰঃ বিহুৱতীয়ে দুয়োখন হাতত গামখাৰু বা মুঠি খাৰু পিন্ধে। সোণ-ৰূপৰ গামখাৰু সাধাৰণতে অৰ্থনৈতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। ৰূপৰ গামখাৰুৰ ওপৰত সোণৰ পানী চৰোৱা হ’লে ই অধিক ধুনীয়া লাগে। গামখাৰুৰ ভিতৰৰ প্ৰলেপটোত তাম ব্যৱহাৰ কৰা হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top