Class 11 Bihu Chapter 3 বিহুৰ বাদ্যসমূহৰ পৰিচয়

Class 11 Bihu Chapter 3 বিহুৰ বাদ্যসমূহৰ পৰিচয় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Bihu Chapter 3 বিহুৰ বাদ্যসমূহৰ পৰিচয় Solutions and select need one. Class 11 Bihu Textbook Question Answer Assamese Medium Download PDF. Hs 1st Year Bihu Solutions in Assamese.

Class 11 Bihu Chapter 3 বিহুৰ বাদ্যসমূহৰ পৰিচয়

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Hs 1st Year Bihu Notes in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Bihu Question Answer for All Chapters, You can practice these here.

Chapter: 3

অনুশীলনী

১। বিহুবাদ্য কি কি আৰু তাৰে কোনকেইটাক বিহুৰ পঞ্চবাদ্য বুলি কোৱা হয়?

উত্তৰঃ ৰঙালী বিহুৰ গীত-নাচৰ পৰম্পৰাগত অনুষ্ঠান অৰ্থাৎ হুঁচৰি, গাভৰু-বিহু আৰু ৰাতি বিহুত বজোৱা আটাইখিনি বাদ্যক একেলগে বিহুবাদ্য বোলা হয়। বিহুবাদ্য মুঠ ৭ বিধ: ঢোল, পেঁপা, টকা, গগনা, সুতুলি, তাল আৰু বাঁহী। ইয়াৰে প্ৰথম পাঁচবিধ অৰ্থাৎ ঢোল, পেঁপা, টকা, গগনা আৰু সুতুলিক বিহুৰ পঞ্চবাদ্য বুলি ধৰা হয়।

২। শাস্ত্রীয় সংগীতৰ মাৰ্গ (নির্দেশ) অনুসৰি বিহু বাদ্যকেইটাৰ কোনটো কোন শ্ৰেণীৰ লিখা।

উত্তৰঃ শাস্ত্ৰীয় সংগীতৰ মাৰ্গ অনুসৰি বিহুবাদ্যসমূহক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে: 

(i) আনদ্ধ: ঢোল। 

(ii) ঘন বাদ্য: টকা আৰু তাল। 

(iii) সুষিৰ বাদ্য: পেঁপা, সুতুলি আৰু বাঁহী।

(iv) তত বাদ্য: গগনা।

৩। ঢোলৰ এটি চিত্র অংকন কৰি ইয়াৰ বিভিন্ন অংগসমূহ নির্দিষ্টকৈ দেখুউৱা।

উত্তৰঃ

৪। পেঁপাৰ অংগকেইটাৰ নাম লিখা।

উত্তৰঃ পেঁপাৰ অংগকেইটাৰ নাম হ’ল-

(i) থোলা বা শিঙা।

(ii) থুৰি।

(iii) গপ বা নলিচা।

(iv) চুপহি।

৫। পেঁপাৰ প্রতিটো অংগৰে চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ পেঁপাৰ প্ৰতিটো অংগৰ চমু পৰিচয়—

(i) থোলা বা শিঙা: ম’হৰ শিঙৰ পৰা পেঁপাৰ খোলা বা শিঙা তৈয়াৰ কৰা হয়। শিঙটো প্ৰথমে জুইত পুৰি কোমল কৰি লোৱা হয়। তাৰ পিছত বাহিৰ আৰু ভিতৰৰ অংশ চাঁচি মিহি কৰা হয়। খোলাটো যিমান মিহি হয়, পেঁপাৰ মাতো সিমান মিঠা আৰু মিহি হয়।

(ii) থুৰি: পেঁপাৰ ধ্বনি উৎপন্ন কৰা মূল অংগটোক থুৰি বোলে। বাঁহৰ সৰু টুকুৰাৰ পৰা থুৰি তৈয়াৰ কৰা হয়। থুৰিৰ ভিতৰত এখন পাতল জিভা থাকে। জিভাখন যিমান পাতল আৰু মিহি হয়, পেঁপাৰ মাত সিমান মধুৰ হয়।

(iii) গপ বা নলিচা: গপ বা নলিচা প্ৰায় পাঁচ চেণ্টিমিটাৰ দীঘল বাঁহৰ টুকুৰাৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ এটা মূৰ খোলাৰ ভিতৰত সোমাই থাকে আৰু আনটো মূৰ খুৰিৰ লগত সংযুক্ত থাকে। গপৰ বিন্ধাৰে আঙুলিৰ সহায়ত পেঁপাৰ বিভিন্ন বোল বা স্বৰ সৃষ্টি কৰা হয়।

(iv) চুপহি: চুপহি পেঁপাৰ ধ্বনি উৎপন্ন কৰাত সহায় কৰা এটা গুৰুত্বপূৰ্ণ অংগ। গপৰ থুঁতিত বাঁহৰ এটা সৰু অংশ লগাই চুপহি তৈয়াৰ কৰা হয়। চুপহিৰ সহায়ত বায়ু প্ৰৱাহিত কৰি পেঁপাৰ বিভিন্ন বোল আৰু স্বৰ সৃষ্টি কৰা হয়।

৬। ঢোলৰ মূল বোল কেইটা আৰু কি কি?

উত্তৰঃ ঢোলৰ মূল বোল ৪ টা। সেইকেইটা হ’ল: 

(i) ঘিন।

(ii) খিত।

(iii) দাওঁ।

(iv) তাচ।

৭। ঢোলৰ কেইটামান খোলা বোল আৰু কেইটামান বন্ধ বোলৰ উদাহৰণ দাঙি ধৰা।

উত্তৰঃ বন্ধ বোল: তালিত হাতৰ তলুৱা বা আঙুলিৰে হেঁচা মাৰি আৰু কোবনিত মাৰিৰে হেঁচি আঘাত কৰি উৎপন্ন কৰা বোল।

উদাহৰণ: দিদ্, তাক্, খাক্।

খোলা বোল: তালিত বা কোবনিত হেঁচা প্ৰয়োগ নকৰাকৈ মুকলিকৈ আঘাত কৰি উৎপন্ন কৰা বোল।

উদাহৰণ: তাওঁ, দাওঁ, খাঅঁ, তা, দা, তি, টি, নি, ঘি, খি, ঘেন, ঘিন, ধিন।

৮। বোল যুক্ত বোল কাক বোলে। ঢোলত উৎপন্ন কৰা দহটা যুক্ত বোলৰ উদাহৰণ দাঙি ধৰা।

উত্তৰঃ ঢোলত দুটা বা তাতকৈ অধিক বোল একেলগে বা সংযুক্তভাৱে বজাই যি বোল সৃষ্টি কৰা হয়, তাক যুক্ত বোল বোলে। ঢোলৰ বিভিন্ন বোল সংযোগ কৰি এই যুক্ত বোলবোৰ সৃষ্টি কৰা হয়।

ঢোলত উৎপন্ন কৰা দহটা যুক্ত বোলৰ উদাহৰণ হ’ল—

ঘিনাওঁ, খিতাওঁ, খিখাওঁ, উদাওঁ, ৰিতাওঁ, দিদাওঁ, ধিনাও, ঘেনাওঁ, ধিন্দাওঁ, ঘেনদাওঁ।

৯। ঢোলত উৎপন্ন কৰা সমধ্বনি বোলৰ উদাহৰণ দিয়া।

উত্তৰঃ ঢোলত উৎপন্ন কৰা সমধ্বনি বোলৰ উদাহৰণ হ’ল—

(i) তাও, দাওঁ, খাওঁ।

(ii) ঘিন, ধিন।

(iii) তাক, খাক।

(iv) ঘিনাওঁ, খিতাওঁ, খিখাওঁ, উদাওঁ, বিতাওঁ, দিদাওঁ, ধিনাওঁ।

(v) ধিন্দাও, ঘিন্দাও।

(vi) দাখি, তাকি, তাখি, নাখি, তাঘি।

(vii) দাখিব, তাখিৰ।

(viii) তিঘেন, ইঘেন, বিঘেন, দিঘেন।

(ix) ঘিঘিন, তিঘিন।

(x) দুৰু, ঢুৰু, গুদু।

(xi) ধিনিদাও, ইদিদাও।

১০। ঢোলৰ ছেও-চাপৰৰ আঞ্চলিক বৈচিত্র্যতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ঢোলৰ ছেও-চাপৰৰ ক্ষেত্ৰত অসমৰ বিভিন্ন অঞ্চলত কিছু আঞ্চলিক বৈচিত্ৰ্য দেখা যায়। একে ঢোলৰ ছেও-চাপৰ সকলো অঞ্চলতে একে ধৰণে বজোৱা নহয়। অঞ্চলভেদে ঢোল বজোৱাৰ ধৰণ, ছেও-চাপৰৰ নাম, তাল-লয় আৰু বোলৰ ব্যৱহাৰত কিছু পাৰ্থক্য দেখা যায়। হুঁচৰি, বিহুৱতী নাচ আৰু ৰাতি বিহুত ব্যৱহাৰ কৰা ছেও-চাপৰতো এনে আঞ্চলিক বৈশিষ্ট্য লক্ষ্য কৰা যায়। এই আঞ্চলিক ভিন্নতাই অসমৰ বিহু-সংস্কৃতিক অধিক বৈচিত্ৰময় আৰু সমৃদ্ধ কৰি তুলিছে।

১১। বিহুৰ গীত-নাচত বাঁহীৰ ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বাঁহী এক সুষিৰ শ্ৰেণীৰ বিহুবাদ্য। বিহু অনুষ্ঠানত বাঁহী প্ৰধানকৈ বিহুনামৰ লগত সংগত কৰি বজোৱা হয় আৰু কেতিয়াবা কেৱল বিহুনামৰ সুৰ তুলিও বজোৱা হয়। বিহু অনুষ্ঠানত বাঁহীৰ কোনো নির্দিষ্ট পৰম্পৰাগত বাজনা নাই। আজিকালি বিহুত বাঁহী আৰু মুৰুলী দুয়োবিধৰ ব্যৱহাৰ দেখা যায়।

১২। নিম্নলিখিত বিহুবাদ্যকেইটিৰ চমু পৰিচয় দাঙি ধৰা:

(ক) গগনা।

উত্তৰঃ গগনা বাঁহেৰে তৈয়াৰী এবিধ সুৰীয়া বিহুবাদ্য। বিজুলী বাঁহ নোহোৱাকৈ আন প্ৰজাতিৰ বাঁহৰ আগলি অংশৰ কামিৰে গগনা তৈয়াৰ কৰা হয়। সাধাৰণতে গগনা প্ৰায় ১০ ছেণ্টিমিটাৰ দীঘল আৰু বহলৰ পৰা ১ ছেণ্টিমিটাৰমান হয়। গগনাৰ মাজত থকা জিভাখনৰ বিশেষ ভূমিকা আছে। জিভাখন ভালদৰে কাটিব পাৰিলে গগনাৰ মাত মধুৰ হয় আৰু বজাবলৈও সুবিধা হয়।

(খ) টকা।

উত্তৰঃ টকা এবিধ ঘন শ্ৰেণীৰ বিহুবাদ্য আৰু ইয়াৰ স্বকীয় বৈশিষ্ট্য আছে। পৰম্পৰাগত বিহু অনুষ্ঠানত টকা বজোৱা হয়। টকা সাধাৰণতে দুবিধ— হাত টকা আৰু মাটি টকা বা বৰ টকা। হাত টকা বাঁহৰ পৰা আৰু মাটি টকা মাটিৰ পৰা তৈয়াৰ কৰা হয়। হুঁচৰিত সাধাৰণতে হাত টকা ব্যৱহাৰ কৰা হয়। গাভৰু বিহু আৰু ৰাতি বিহুতো হাত টকা আৰু মাটি টকা দুয়োবিধ ব্যৱহাৰ কৰা হয়।

(গ) সুতুলি।

উত্তৰঃ সুতুলি এবিধ মাটিৰে তৈয়াৰী সুষিৰ শ্ৰেণীৰ বিহুবাদ্য। ইয়াৰ ভিতৰত ফোঁপোলা অংশ আৰু গাত তিনিটা ফুটাৰ ব্যৱস্থা থাকে। এই ফুটাকেইটাৰ মাজৰ দুটাৰ ওচৰত অলপ ডাগৰ থাকে। আঙুলিৰে ফুটাবোৰ বন্ধ বা মুকলি কৰি সুতুলি বজোৱা হয়। বিহুত সাধাৰণতে সুতুলিৰে বিহুনামৰ সুৰ তোলা হয় আৰু বিহুনামৰ লগত সংগতো কৰা হয়।

(ঘ) তাল।

উত্তৰঃ তাল এবিধ ঘন শ্ৰেণীৰ বিহুবাদ্য। বিহুত সাধাৰণতে তালৰ দুটা প্ৰকাৰ— হাত তাল আৰু মাটি তাল বা বৰ তাল। হাত তাল বাঁহৰ পৰা তৈয়াৰ কৰা হয় আৰু মাটি তাল দুটা মাটিৰে তৈয়াৰ কৰা হয়। দুয়োটা তাল হাতেৰে ধৰি পৰস্পৰে আঘাত কৰি বজোৱা হয়। হুঁচৰিত হাত তালৰ ব্যৱহাৰ বেছি দেখা যায় আৰু ই বিহুনামৰ লগত তাল-লয় মিলাই বজোৱা হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top