Class 11 Bihu Chapter 4 বিহুনাচৰ পৰিচয়, বৈশিষ্ট্য আৰু ভংগিমা

Class 11 Bihu Chapter 4 বিহুনাচৰ পৰিচয়, বৈশিষ্ট্য আৰু ভংগিমা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Bihu Chapter 4 বিহুনাচৰ পৰিচয়, বৈশিষ্ট্য আৰু ভংগিমা Solutions and select need one. Class 11 Bihu Textbook Question Answer Assamese Medium Download PDF. Hs 1st Year Bihu Solutions in Assamese.

Class 11 Bihu Chapter 4 বিহুনাচৰ পৰিচয়, বৈশিষ্ট্য আৰু ভংগিমা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Hs 1st Year Bihu Notes in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Bihu Question Answer for All Chapters, You can practice these here.

Chapter: 4

অনুশীলনী

১। শাস্ত্রীয় আৰু লোকনাচৰ ভিতৰত বিহুনাচ কোন শ্ৰেণীৰ অন্তর্ভুক্ত?

উত্তৰঃ শাস্ত্ৰীয় আৰু লোকনাচৰ ভিতৰত বিহুনাচ লোকনাচ বা দেশীয় নাচ শ্ৰেণীৰ অন্তর্ভুক্ত।

২। বিহুনাচেৰে ভাৱ প্ৰকাশৰ বিপৰীতে কি প্রকাশ কৰা হয়?

উত্তৰঃ বিহুনাচেৰে ভাৱ প্ৰকাশৰ বিপৰীতে আনন্দ আৰু উৎসাহ প্ৰকাশ কৰা হয়।

৩। গাভৰুসকলৰ মূল নাচোনভংগী কেইটা আৰু কি কি?

উত্তৰঃ গাভৰুসকলৰ মূল নাচোনভংগী দুটা। আৰু সেইকেইটা হ’ল-

(i) হাত মেলি নচা।

(ii) কঁকালত হাত দি কঁকাল ভাঙি নচা।

৪। বিহুৱতী গাভৰুৰ হাত মেলি নচা ভংগিমাকেইটাৰ চমু বিৱৰণ দিয়া?

উত্তৰঃ বিহুৱতী গাভৰুৰ হাত মেলি নচা ভংগিমা দুটা হ’ল—

(i) ফেটাশিঙীয়া ম’হৰ শিঙৰ দৰে: দুয়োখন হাত মেলি হাতৰ তলুৱা তললৈ কৰি কোমলভাৱে কঁকালৰ সৈতে ঘূৰাই নচা হয়।

(ii) টাকুৰিশিঙীয়া ম’হৰ শিঙৰ দৰে: দুয়োখন হাত কপালৰ ওচৰলৈ আনি হাতৰ তলুৱা ভিতৰ-বাহিৰ কৰি কঁকাল ভাঙি নচা হয়।

৫। বিহুনাচৰ ক্ষেত্রত বিহুৱতীসকলে গুৰুত্ব দিবলগীয়া যিকোনো ৪ টা বিষয় উল্লেখ কৰা।

উত্তৰঃ বিহুনাচৰ ক্ষেত্ৰত বিহুৱতীসকলে গুৰুত্ব দিবলগীয়া যিকোনো চাৰিটা বিষয় হ’ল-

(i) বিহু নাচোঁতে বিহুতলীত অতি চঞ্চল হৈ তীব্ৰ বেগত দৌৰি ফুৰাৰ দৰে নাচিব নেলাগে।

(ii) বিহুৱতীসকলে অভিনয়সূচক নাচ যেনে- হাল বোৱা, ৰোৱা-তোলা, তাঁত বোৱা, জাকৈ মৰা, ঢেঁকী দিয়া ইত্যাদি নাচসমূহ পৰিৱেশন কৰিব নালাগে।

(iii) বিহুৱতীয়ে জাপি লৈ নচা নাচ আগতে কোনো অঞ্চলতে নাছিল। সেইকাৰণে জাপি লৈ নচা নাচ পৰম্পৰাগত বিহুনাচ নহয়। বিহুৱতীয়ে জাপি লৈ বিহুনাচ নাচিব নালাগে।

(iv)  হুঁচৰিত পুৰুষ অর্থাৎ বিহুৱাইহে কাঁহী ঘূৰাই বিহু নাচে। বিহুৱতীয়ে কাঁহী ঘূৰাই নচাৰ পৰম্পৰা নাই।

৬। বিহুৱাৰ বিহুনাচৰ ৩ টা ভংগিমা উল্লেখ কৰা।

উত্তৰঃ বিহুৱাৰ বিহুনাচৰ তিনিটা ভংগিমা হ’ল-

(i) দুয়োখন হাত শৰীৰৰ আগে-পাছে মেলি নচা ভংগিমা: কঁকালৰ ওপৰৰ অংশ সামান্য হাউলি একখন হাত মুখৰ সমুখৰ ফালে আৰু আনখন হাত পিছফালে ৰাখি কঁকাল ভাঙি নাচে। 

(ii) ম’হৰ শিংৰ দৰে হাত মেলি সমুখলৈ কঁকাল ভাঙি নচা ভংগিমা: টাকুৰিশিঙীয়া বা ফেটাশিঙীয়া ম’হৰ শিংৰ দৰে হাত দুখন সমুখলৈ আনি হাতৰ সৰু গাঁঠি আৰু তলুৱা ভাঙি নাচে। 

(iii) দুয়ো হাত মূৰৰ দুয়োফালে মেলি নচা ভংগিমা: মূৰৰ দুয়োফালে ওপৰলৈ হাত মেলি নাচোঁতে ঢোলৰ তালৰ সৈতে সংগতি ৰাখি হাতৰ তলুৱা দুখন বাহিৰ-ভিতৰ কৰি নাচে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top