Class 11 Bihu Chapter 6 অসমৰ জনগোষ্ঠীয় বিহুৰ পৰিচয় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Bihu Chapter 6 অসমৰ জনগোষ্ঠীয় বিহুৰ পৰিচয় Solutions and select need one. Class 11 Bihu Textbook Question Answer Assamese Medium Download PDF. Hs 1st Year Bihu Solutions in Assamese.
Class 11 Bihu Chapter 6 অসমৰ জনগোষ্ঠীয় বিহুৰ পৰিচয়
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Hs 1st Year Bihu Notes in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Bihu Question Answer for All Chapters, You can practice these here.
অসমৰ জনগোষ্ঠীয় বিহুৰ পৰিচয়
Chapter: 6
| মিচিং জনগোষ্ঠীৰ বিহুঃ আলি আঃয়ে লিগাং উৎসৱ |
| অনুশীলনী |
১। আলি আঃয়ে লিগাং উৎসৱৰ জন্ম বা উৎপত্তিৰ বিষয়ে কোনবোৰ গীতত উল্লেখ আছে?
উত্তৰঃ আলি আঃয়ে লিগাং উৎসৱৰ জন্ম বা উৎপত্তিৰ বিষয়ে পুৰণি আঃবাং গীতবোৰত উল্লেখ আছে।
২। আনী দঃঞিৰ অসমীয়া অর্থ কি?
উত্তৰঃ আনী দঃঞিৰ অসমীয়া অৰ্থ হৈছে মাতৃ সূৰ্য।
৩। আবতানি’ কোন?
উত্তৰঃ আনী দঃঞি (মাতৃ সূর্য), আবু পঃল (পিতৃ চন্দ্ৰ)ৰ সন্তান ‘আবতানি’ হৈছে পৃথিৱীৰ প্ৰথম মানৱ।
৪। আবতানিয়ে কাৰ পৰা কঠীয়া খুজি আনিছিল?
উত্তৰঃ আবতানিয়ে কঁজে জাংগ (বা য়াংগ)ৰ পৰা শস্যৰ কঠীয়া খুজি আনিছিল।
৫। কোন চনৰ পৰা সমগ্র মিচিং অধ্যুষিত অঞ্চলত একেলগে আলি আঃয়ে লিগাং উৎসৱ পালন কৰিবলৈ লোৱা হয়?
উত্তৰঃ ১৯৫৬ চনৰ পৰা সমগ্র মিচিং অধ্যুষিত অঞ্চলত একেলগে আলি আঃয়ে লিগাং উৎসৱ পালন কৰিবলৈ লোৱা হয়।
৬। দঃঞি-পঃল কোন?
উত্তৰঃ দঃঞি-পঃল’ হ’ল- মাতৃ সূৰ্য আৰু পিতৃ চন্দ্ৰ।
৭। গুম্ৰাগ কি?
উত্তৰঃ ‘গুম্ৰাগ’ হৈছে আলি আঃয়ে লিগাং উৎসৱত মিচিং ডেকা-গাভৰুৱে ৰাতি ঘৰে ঘৰে গৈ পৰিৱেশন কৰা বিশেষ এবিধ লোকনৃত্য।
৮। আলি আঃয়ে লিগাং কোন মাহৰ কোন বাৰে উদযাপন কৰা হয়?
উত্তৰঃ আলি আঃয়ে লিগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা হয়।
৯। গুম্ৰাগ নৃত্যত পৰিৱেশিত দুবিধ বাদ্যৰ নাম লিখা।
উত্তৰঃ গুম্ৰাগ নৃত্যত ব্যৱহৃত দুবিধ বাদ্য হ’ল— ঢোল আৰু তাল।
১০। আলি আঃয়ে লিগাঙৰ গুম্ৰাগ নৃত্যৰ ঢোলৰ মূল বুলনিটো লিখা।
উত্তৰঃ আলি আঃয়ে লিগাঙৰ গুম্ৰাগ নৃত্যৰ ঢোলৰ মূল বুলনিটো হ’ল-
তাক তাকি গুম ৰাগ, তাগু মাখি গুম ৰাগ।
| বড়ো জনগোষ্ঠীৰ বিহুঃ বৈছাগু |
| অনুশীলনী |
১। ৰংজালি শব্দৰ অৰ্থ লিখা।
উত্তৰঃ ‘ৰংজালি’ শব্দৰ অৰ্থ হৈছে- ৰঙীয়াল বা ৰং-ৰহইচ।
২। গাঁথাইচি বাউনায় বুলিলে কি বুজা?
উত্তৰঃ ‘গাঁথাইচি বাউনায়’ হৈছে পৰিয়ালৰ মৃত ব্যক্তিসকলৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰা বা উছৰ্গা কৰা এটি লোকআচাৰ। ইয়াত ‘গাঁথাইচি’ মানে মৃত ব্যক্তি আৰু ‘বাউনায়’ মানে প্ৰাৰ্থনা কৰা বা উৎসৰ্গা কৰা।
৩। বৈছাগু শব্দটো সামাজিক আৰু লোক-সাংস্কৃতিক দৃষ্টিৰে কেনেদৰে বিশ্লেষণ কৰিব পাৰি?
উত্তৰঃ ‘বৈছাগু’ শব্দটিক সামাজিক আৰু লোক-সাংস্কৃতিক দৃষ্টিৰে বিশ্লেষণ কৰিলে ইয়াক কৃষিজীৱী লোক-সমাজৰ সামাজিক লোকজ্ঞান আৰু দৰ্শনৰ আধাৰ বুলি ক’ব পাৰি। বৈছাগুৰ লগত জৰিত সামাজিক আচাৰ-আচৰণৰ জৰিয়তে বড়োসকলৰ সামূহিক আনন্দৰ স্বৰূপ প্ৰকাশ পায়।
৪। বড়োসকলৰ জাতীয় উৎসৱ কি?
উত্তৰঃ ড়োসকলৰ জাতীয় উৎসৱ হৈছে ‘বৈছাগু’।
৫। খুংখা জানায় কি?
উত্তৰঃ ‘খুংখা জানায়’ হৈছে ব’হাগৰ প্ৰথম দিনটোত পালন কৰা বড়োসকলৰ এটি লোকআচাৰ। ‘খুংখা’ হৈছে তিতা সোৱাদযুক্ত এবিধ উদ্ভিদ, যাৰ পাত কুকুৰা চৰাইৰ মাংসৰে ভাজি ব’হাগৰ প্ৰথম দিনটোত খালে ৰোগ-ব্যাধিৰ পৰা হাত সাৰিব পাৰি বুলি লোক-বিশ্বাস প্ৰচলিত আছে।
| দেউৰী জনগোষ্ঠীৰ বিহুঃ বিচু |
| অনুশীলনী |
১। ‘বিচু’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘বিচু’ শব্দৰ অৰ্থ হ’ল বিহু।
২। দেউৰী জনগোষ্ঠীৰ ফৈদ কেইটা? দেউৰীসকলৰ কোনটো ফৈদ বর্তমান নাইকিয়া হ’ল?
উত্তৰঃ দেউৰী জনগোষ্ঠীৰ ফৈদ চাৰিটা। দেউৰীসকলৰ পাতৰগঞা’ ফৈদটো বৰ্তমান নাইকিয়া হ’ল।
৩। দেউৰীসকলে ধৃতিক কি বুলি কয়?
উত্তৰঃ দেউৰীসকলে ধূতিকহুঁকু বুলি কয়।
৪। চিৰি বিচু মানে কি?
উত্তৰঃ দেউৰী ভাষাত ‘চিৰি বিচু’ হৈছে দেউৰীসকলৰ পৰম্পৰাগত বিহুৰ এক পৰ্ব, য’ত ‘চিৰি’ বা ‘চিগা’ই কুকুৰা ডাক দিয়া বা ৰাতিপুৱাই পৰিৱেশন কৰা বিহুক বুজায়।
৫। ৰাইজ বকত মক বুলিলে কি বুজা?
উত্তৰঃ ৰাইজ বকত মক’ বুলিলে ফাগুন মাহৰ এক নিৰ্দিষ্ট দিনত নদীৰ পাৰত গাঁৱৰ ৰাইজে লগে-ভাগে মাছ ধৰি খোৱা ৰাইজহুৱা ভোজক বুজা যায়।
৬। বিহুতলীক দেউৰীসকলে কি বুলি কয়?
উত্তৰঃ বিহুতলীক দেউৰীসকলে বিচুকুলা’ বুলি কয়।
৭। দেউৰীসকলৰ এটি লোকনাচৰ নাম লিখা।
উত্তৰঃ দেউৰীসকলৰ এটি লোকনাচৰ নাম হ’ল- দেওধনী নৃত্য’।
৮। দেউৰীসকলৰ উপাস্য দেৱতা কোন?
উত্তৰঃ দেউৰীসকলৰ চিৰ আৰাধ্য তথা উপাস্য দেৱতা হ’ল কুণ্ডিমামা’।
৯। দেউৰীসকলৰ উপাসনা স্থানক কি বুলি কোৱা হয়?
উত্তৰঃ দেউৰীসকলৰ উপাসনা স্থানক ‘দেগ’ বা ‘থানঘৰ’ বুলি কোৱা হয়।
১০। ‘দু-গিৰেবা’ বিচু বুলিলে কি বুজা?
উত্তৰঃ ‘দু-গিৰেবা’ বিচু বুলিলে ব’হাগ বিচুৰ সময়ত দেগৰ নিৰ্মালি আৰু ‘চুজে’ গ্ৰহণ কৰি ডেকা-গাভৰুসকলে ওৰেটো ৰাতি বিহু মাৰি পুৱাই দিয়া বিহুক বুজা যায়।
| ৰাভা জনগোষ্ঠীৰ বিহু: বিছুৱা-কাতিগাছা-দুমাছি |
| অনুশীলনী |
১। ৰাভা জনগোষ্ঠীৰ বিহুক কি নামেৰে জনা যায়।
উত্তৰঃ ৰাভা জনগোষ্ঠীৰ ববিছুৱা’ নামেৰে বুলি জনা যায়।
২। বিছুৱা উৎসৱ ৰাভাসকলে কেইদিনীয়াকৈ উদযাপন কৰে?
উত্তৰঃ বিছুৱা উৎসৱ ৰাভাসকলে তিনিদিনীয়াকৈ উদযাপন কৰে।
৩। ৰাভাসকলে ব’হাগৰ প্রথম দিনটো কি হিচাপে উদযাপন কৰে?
উত্তৰঃ ৰাভাসকলে ব’হাগৰ প্ৰথম দিনটো ‘মূল বিছুৱা’ হিচাপে উদযাপন কৰে।
৪। বগেজাৰী কি?
উত্তৰঃ ‘বগেজাৰী’ হ’ল ৰাভা সমাজৰ বিছুৱা উৎসৱত ঘৰে ঘৰে গৈ গোৱা ভিন্নৰঙী আনন্দ-উৎসৱ আৰু প্ৰেম-পৰিণয়মূলক পৰম্পৰাগত গীত।
৫। ৰাভা সমাজৰ পৰম্পৰাগত খাদ্যৰ আভাস দিয়া।
উত্তৰঃ ৰাভা সমাজৰ পৰম্পৰাগত খাদ্যৰ ভিতৰত ভাত, মাছ, মাংস, শাক-পাচলি আৰু বিভিন্ন বনজ উদ্ভিদৰ খাদ্য উল্লেখযোগ্য। তেওঁলোকে মাছ-মাংসৰ লগতে বিভিন্ন ধৰণৰ শাক-পাচলি আৰু বনজ সামগ্ৰী ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে। ৰাভাসকলৰ খাদ্যাভ্যাস তেওঁলোকৰ কৃষিভিত্তিক জীৱনধাৰা আৰু প্ৰাকৃতিক পৰিৱেশৰ সৈতে গভীৰভাৱে জড়িত।
৬। কাতিগাছা কি?
উত্তৰঃ ‘কাতিগাছা’ হ’ল ৰাভাসকলৰ কাতি বিহু। আহিন-কাতি মাহৰ সংক্ৰান্তিত বাঁহৰ খোলাত তেল-সলিতা দি তৈয়াৰ কৰা চাকি চ’তালৰ তুলসীৰ তলত, ভঁৰালত আৰু পথাৰৰ ধানগছৰ কাষত জলাই শস্য আৰু পৰিয়ালৰ মংগল প্ৰাৰ্থনা কৰা হয় বাবে ইয়াক ‘কাতিগাছা’ বোলা হয়।
৭। “নোক ঘুৰায়কায়” বা “ঘৰ ঘেৰণি” কি?
উত্তৰঃ মাঘ বিহুৰ উৰুকাৰ দিনা সন্ধিয়া ৰাভাসকলে সৰু-ডাঙৰ সকলো ঘৰৰ চালৰ ওপৰেদি এৱাঁ সূতাৰে ঘেৰ দিয়ে; এই পৰ্বটোক নোক ঘুৰায়কায়’ বা ঘৰ ঘেৰণি’ বোলা হয়। ইয়াৰ দ্বাৰা ঘৰখনক অমংগল আৰু ভূত-প্ৰেতৰ পৰা ৰক্ষা কৰা হয় বুলি বিশ্বাস কৰা হয়।
৮। ৰাভা সমাজত ব’হাগ বিহুত কণীযুঁজ খেলাৰ নিয়ম আছেনে?
উত্তৰঃ নাই, ৰাভা সমাজত ব’হাগ বিহুত কণীযুঁজ, কুকুৰাযুঁজ বা বিহু-হুঁচৰি গোৱাৰ নিয়ম বা পৰম্পৰা নাই।
৯। চৈতালী বাও কি?
উত্তৰঃ ‘চৈতালী বাও’ হ’ল চ’ত মাহত বলা শুকান পছোৱা বতাহৰ ফলত গা বেজবেজাই যোৱা আৰু আলস্য উপজা একবিধ অপকাৰী ব্যাধি। ইয়াৰ পৰা ৰক্ষা পাবলৈ ৰাভাসকলে ল’ৰা-ছোৱালীৰ কঁকাল, ডিঙি বা বাহুত বিশেষ ফঁহাই (ৰক্ষাসূত) বান্ধি দিয়ে।
১০। গ্রিম’বুদা বা বিছা কি?
উত্তৰঃ ‘গ্ৰিমবুদা’ বা ‘বিছা’ হ’ল ৰাভাসকলৰ শাৰদীয় উৎসৱ। ইয়াক পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰি লোৱাৰ পৰ্ব হিচাপে আহিন-কাতি মাহত উদযাপন কৰা হয়।
| কাৰ্বি জনগোষ্ঠীয় বিহু: দ’মাহীৰ পৰম্পৰা |
| অনুশীলনী |
১। দ’মাহী শব্দটোৰ মূল কি?
উত্তৰঃ ‘দ’মাহী’ শব্দটো কাৰ্বিসকলৰ ‘দ’মহী’ শব্দৰ পৰা আহিছে। ‘দ’ম’ মানে হালিজালি আৰু ‘হী’ মানে ইফালে-সিফালে। গতিকে হালি-জালি ইফালে-সিফালে নাচ-নচাকেই ‘দ’মাহী’ বোলা হয়।
২। দ’মাহী আলুন কাক বোলে? ইয়াৰ ভাগ কেইটা?
উত্তৰঃ দ’মাহীৰ সময়ত গোৱা গীতক দ’মাহী আলুন বোলে। ইয়াৰ ভাগ সাতটা।
৩। মুৰি বাদ্যৰ ভাগ কেইটা?
উত্তৰঃ মুৰি বাদ্যৰ ভাগ তিনিটা।
৪। কাৰ্বিসকলে দ’মাহীত আ-অলংকাৰ পৰিধান কৰেনে?
উত্তৰঃ হয়, কাৰ্বিসকলে দ’মাহীত আ-অলংকাৰ পৰিধান কৰে।
৫। কাৰ্বিসকলে চোলাক কি বোলে?
উত্তৰঃ কাৰবিসকলে পুৰুষে পিন্ধা হাত-কটা চোলাক ‘চলচাং বোলে।
৬। এটি সম্বোধনমূলক গীতৰ ভাবার্থ লিখা।
উত্তৰঃ সম্বোধনমূলক গীতত গৃহস্থক সম্বোধন কৰি অতিথিসকলক আদৰ-সাদৰ কৰিবলৈ আৰু তেওঁলোকৰ আপ্যায়নৰ বাবে মদ আদি যোগান ধৰিবলৈ কোৱা হৈছে। এই গীতৰ জৰিয়তে কাৰ্বি সমাজৰ অতিথি-সৎকাৰ, সামাজিক মিলন আৰু আনন্দ-উল্লাসৰ ভাব প্ৰকাশ পাইছে।
৭। চং বাদ্য কি কি ছালেৰে তৈয়াৰ কৰা হয়?
উত্তৰঃ চং বাদ্য আগতে গঁড়ৰ ছালেৰে তৈয়াৰ কৰা হৈছিল। বৰ্তমান গঁড়ৰ ছালৰ সলনি গৰুৰ ছালেৰে চং তৈয়াৰ কৰা হয়।
৮। ফাৰৱ’ কিকানৰ দুটা ভাগৰ নাম লিখা।
উত্তৰঃ ‘ফাৰৱ’ কিকান’ৰ দুটা ভাগ হ’ল—
(i) চেং-ন’ক কাচিংদাং।
(ii) ন’কজিৰ কিকান আছেল।
৯। কাৰ্বিসকলৰ মতে দ’মাহীৰ সময়ত আশীৰ্বাদৰ গৰাকী কোন?
উত্তৰঃ কাৰবিসকলৰ মতে দ’মাহীৰ সময়ত সৰ্বপ্ৰকাৰ কুশল আৰু আশীৰ্বাদৰ গৰাকী হ’ল- খকাখেকপ’।
১০। দ’মাহীৰ ক্রমবিকাশৰ সম্পৰ্কে এটি টোকা লিখা।
উত্তৰঃ দ’মাহী কাৰ্বিসকলৰ অতি পুৰণি পৰম্পৰা। ঐতিহাসিক ধাৰণা অনুসৰি, দিমৰীয়া ৰাজ্যত ইয়াৰ প্ৰথমে প্ৰচলন হৈছিল। ১৪৪০ খ্ৰীষ্টাব্দত ৰজা নি-সন্তান মৃগাংকৰ মৃত্যুৰ পিছত কাৰ্বিসকলে ‘ডুমৰা ৰাহাং’ নামৰ ব্যক্তিজনক ৰজা পাতে। সেই সময়ত ব’হাগ মাহত ৰাইজে ঢোল-কালীৰ সৈতে হালি-জালি নাচিছিল। তাৰ পিছত কাৰ্বিসকলৰ মাজত দ’মাহীৰ প্ৰচলন বৃদ্ধি পায় আৰু ক্ৰমে ই তিনিটা ভাগত— জাংমি দ’মাহী, ফেৰ দ’মাহীছ’ আৰু আৰখৈ দ’মাহীছ’—বিভক্ত হয়।
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

