Class 11 Bihu Chapter 2 বিহুনামৰ শ্ৰেণী বিভাজন আৰু বৈশিষ্ট্য

Class 11 Bihu Chapter 2 বিহুনামৰ শ্ৰেণী বিভাজন আৰু বৈশিষ্ট্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Bihu Chapter 2 বিহুনামৰ শ্ৰেণী বিভাজন আৰু বৈশিষ্ট্য Solutions and select need one. Class 11 Bihu Textbook Question Answer Assamese Medium Download PDF. Hs 1st Year Bihu Solutions in Assamese.

Class 11 Bihu Chapter 2 বিহুনামৰ শ্ৰেণী বিভাজন আৰু বৈশিষ্ট্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Hs 1st Year Bihu Notes in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Bihu Question Answer for All Chapters, You can practice these here.

Chapter: 2

অনুশীলনী

১। বিহুনাম বুলিলে কি বুজা?

উত্তৰঃ ৰঙালী বিহুৰ গীত-নাচৰ অন্যতম প্ৰধান উপাদান হৈছে বিহুনাম। বিহুনামত অসমীয়া কৃষিজীৱী সমাজৰ বিভিন্ন অনুভূতি, আনন্দ-উৎসাহ, প্ৰেম-ভালপোৱা, বিৰহ-বেদনা, হাস্য-ধেমালি, সামাজিক জীৱন আদি প্ৰকাশ পায়। এই গীতসমূহ বহু যুগ ধৰি মুখে মুখে প্ৰচলিত হৈ আহিছে।

২। যোজনা আৰু জোঙলা নামৰ চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ যোজনা: দুলড়ী বা ছবি ছন্দৰ বিহুনাম এফাঁকি তালহীনভাৱে লেহেমীয়াকৈ গোৱাকে যোজনা বোলা হয়। যোজনা গাওঁতে বাদ্য বজোৱা নহয়। গাঁৱত সাধাৰণতে বাদ্যযন্ত্ৰ বজোৱা নহয় আৰু প্ৰথম পংক্তি গোৱাৰ পিছত কুৰুলি বা উকিৰে ধ্বনি দিয়া হয়। দ্বিতীয় পংক্তি আৰম্ভ হোৱাৰ আগে আগে ঢোলৰ ৰগৰ বা উৰুলি বন্ধ হয় আৰু দ্বিতীয় পংক্তি গোৱা শেষ হোৱাৰ পিছত ঢোলৰ চাপৰ দিয়ে বা আন ধৰণে বিহুনাম আৰম্ভ কৰা হয়।

জোঙলা নাম: যোজনাৰ সৈতে জোঙলা নামৰ কিছু মিল আছে যদিও দুয়োটাৰ মাজত পাৰ্থক্য আছে। যোজনা তুলনামূলকভাৱে দীঘলীয়া হোৱাৰ বিপৰীতে জোঙলা নামৰ লয় কিছু দ্ৰুত। জোঙলা নামৰ প্ৰথম পংক্তি এশাৰীৰে গঠিত হয়।

৩। বিষয়বস্তু তথা ভাবৰ ভিত্তিত বিহুনামৰ ভাগকেইটা লিখা।

উত্তৰঃ বিষয়বস্তু তথা ভাবৰ ভিত্তিত বিহুনামৰ ভাগসমূহ হ’ল-

(i) প্রণাম ভাবৰ।

(ii) প্রশস্তি ভাবৰ।

(iii) আবেদনসূচক।

(iv) কৃষ্টি সম্বন্ধীয়।

(v) প্রকৃতি সম্বন্ধীয়।

(vi) বাদ্য সম্বন্ধীয়।

(vi) ধেমেলীয়া।

(vii) আশীর্বাদসূচক।

(viii) শৰাই-মাননি বিচৰা।

(ix) গামোচা-হাঁচতি-চেলেং বিচৰা।

(x) মালিতা।

(xi) বিহু উৰুৱা বিহু নাম।

(xii) বনৰীয়া নাম।

৪। গোৱাৰ ধৰণ অনুসৰি বিহুনামক প্রধানতঃ কেইভাগত ভগাব পাৰি? যিকোনো তিনিটা ধৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ গোৱাৰ ধৰণ অনুসৰি বিহুনামক প্ৰধানতঃ ছটা ভাগত ভগাব পাৰি। 

যিকোনো তিনিটা ধৰণ হ’ল-

(i) যোজনা: দুলড়ী বা ছবি ছন্দৰ বিহুনাম এফাঁকি তালহীনভাৱে লেহেমীয়াকৈ বাদ্য বজায় নোলোৱাকৈ গোৱা ধৰণটোক যোজনা বোলে। 

(ii) জাতনাম: বিহুনাম গোৱাৰ এই ধৰণটোত এফাকি বিহুনামৰ একাধিক আৱৰ্তন আন বিহুনামৰ ফাকিৰ লগত সংযোগ কৰি ৰজিতা খোৱাকৈ গোৱা হয়। এই একাধিকবাৰ গোৱা বিহুনাম ফাকিক জাত বুলি কোৱা হয়, আৰু বিহুনাম গোৱাৰ এই ধৰণটোক জাতনাম বুলি কোৱা হয়। 

(iii) ঠেলা নাম: বিহুনাম গাওঁতে যেতিয়া এজনে অকলেই বা সমবেত কণ্ঠেৰে এষাৰ নাম গাই শেষ কৰি সেই একেই তাল-মান-সুৰ আৰু পৰাপক্ষত একেটা বিষয়কে লৈ নাম গাবলৈ অন্য এজনলৈ এৰি দিয়ে বা ঠেলি দিয়ে তেতিয়া তেনে নামকেই ‘ঠেলা নাম’ বুলি কোৱা হয়। 

৫। বিহুনাম অতি উচ্চমানৰ জনগীত ব্যাখ্যা দাঙি ধৰা।

উত্তৰঃ বিহুনাম অসমৰ এক অতি উচ্চমানৰ জনগীত। ইয়াত অসমীয়া কৃষিজীৱী সমাজৰ জীৱন-যাপন, আশা-আকাংক্ষা, সুখ-দুখ, প্ৰেম-বিৰহ, প্ৰকৃতি আৰু সামাজিক জীৱনৰ সুন্দৰ প্ৰতিফলন ঘটিছে। সহজ-সৰল ভাষা, মধুৰ সুৰ আৰু ছন্দৰ জৰিয়তে বিহুনামে মানুহৰ মনৰ অনুভূতি প্ৰকাশ কৰে। কম কথাৰ মাজতে গভীৰ ভাব প্ৰকাশ কৰিব পৰাটো ইয়াৰ অন্যতম বৈশিষ্ট্য। সেয়েহে বিহুনামক অসমীয়া লোকসাহিত্যৰ এক অমূল্য সম্পদ আৰু উচ্চমানৰ জনগীত বুলি কোৱা হয়।

৬। লহৰী গীতৰ চমু আভাস দিয়া।

উত্তৰঃ লহৰী গীত বিহুনামৰ এক আকৰ্ষণীয় আৰু মনোমোহা অংশ। এই গীত সাধাৰণতে লহৰী নৃত্যৰ লগত পৰিৱেশন কৰা হয়। লহৰী গীতৰ লগত নৃত্যৰ বিভিন্ন ভংগিমা আৰু অংগ-সঞ্চালন জড়িত হৈ থাকে। নৃত্যৰ ভংগিমাৰ জৰিয়তে গীতৰ ভাব আৰু অনুভূতি প্ৰকাশ কৰা হয়। যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু লক্ষীমপুৰ জিলাৰ বিভিন্ন গাঁৱত লহৰী গীতৰ প্ৰচলন দেখা যায়। লহৰী গীত আৰু নৃত্যৰ সমন্বয়ে বিহুৰ লোকসংস্কৃতিক অধিক আকৰ্ষণীয় কৰি তুলিছে।

৭। বিহুনামৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ বিহুনামৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল—

(i) বিহুনাম মূলতঃ অসমৰ কৃষিজীৱী সমাজৰ জীৱন-যাত্ৰাৰ লগত জড়িত।

(ii) ইয়াত প্ৰকৃতি, পশু-পক্ষী, প্ৰেম-বিৰহ, সুখ-দুখ আৰু মানুহৰ বিভিন্ন অনুভূতিৰ প্ৰকাশ ঘটে।

(iii) বিহুনামৰ ভাষা সহজ, সৰল, স্বাভাৱিক আৰু শ্ৰুতিমধুৰ।

(iv) কম কথাৰ মাজতে গভীৰ ভাব প্ৰকাশ কৰাটো বিহুনামৰ অন্যতম বৈশিষ্ট্য।

(v) ইয়াত হাস্য-ধেমালি, প্ৰেম, কৃষিজীৱন আৰু প্ৰকৃতিৰ সুন্দৰ সমন্বয় দেখা যায়।

(vi) বিহুনামৰ সুৰ আৰু ছন্দ মধুৰ আৰু আকৰ্ষণীয়।

(vii) বিহুনাম মুখে মুখে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰচলিত হৈ আহিছে।

(viii) অসমীয়া সমাজৰ সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু জীৱনধাৰাৰ প্ৰতিফলনো বিহুনামত পোৱা যায়।

৮। চমু টোকা লিখা:

(ক) যোৰা নাম। 

উত্তৰঃ বিহুনাম গোৱা ধৰণসমূহৰ ভিতৰত যোৰা নাম এক অতি আকর্ষণীয় ধৰণ। তাহানিৰ ৰাতি বিহুত ডেকা-গাভৰুৰ মাজত বিহুনামৰ যোগেদি ভাবৰ আদান প্রদান হৈছিল। বিহুনাম গায়েই ডেকা একোজনে প্রশ্ন সুধিছিল আৰু গাভৰু একোজনীয়ে উত্তৰ দিছিল। সেইদৰে বিহুনাম গায়েই গাভৰু একোজনীয়ে প্রশ্ন সুধিছিল আৰু ডেকা একোজনে উত্তৰ দিছিল। বিহুনাম গোৱাৰ এই ধৰণটোকে যোৰা নাম বুলি কোৱা হয়। বর্তমান কালৰ ‘ডেকা-গাভৰুৰ মুকলি বিহু’ (ৰাতি বিহুৰ আৰ্হিৰ)ত যোৰানাম প্রচলিত হৈ আছে। 

যোৰানামৰ এক উদাহৰণ হ’ল-

গাভৰু:   আহু ধানৰ মৰণা      পেলাই দে বহনা

                   জোকাৰি পেলাই দে খেৰ। 

             মাৰে জানিব              বাপেৰে জানিব

                   মোলৈ চেনেহ বেথা এৰ।।

ডেকা:   আয়ে জানকে        বোপায়ে জানকে

                   জানক সমনীয়া ভাই।

           তোলৈ চেনেহ-বেথা       এৰিব লাগিলে

                   মৰিমগৈ বৰবিহ খায়।।

(খ) খণ্ড ছিগা বিহুনাম। 

উত্তৰঃ দুলৰী ছন্দত ৰচিত আৰু নিৰ্দিষ্ট সুৰ-ছন্দত গোৱা বিহুনামৰ এটা বিশেষ ৰূপ হ’ল খণ্ড ছিগা বিহুনাম। এই ধৰণৰ নাম গাওঁতে কোনো বিশেষ নামৰ সহায় লোৱা নহয় আৰু ‘হাই’, ‘হায়’ আদি শব্দও ব্যৱহাৰ কৰা নহয়। নিৰ্দিষ্ট সুৰ আৰু ছন্দ বজাই ৰাখি এনে বিহুনাম গোৱা হয়। সেইবাবে ইয়াক খণ্ড ছিগা বিহুনাম বা খণ্ডা নাম বুলি কোৱা হয়।

(গ) জাতনাম।

উত্তৰঃ বিহুনামৰ বিভিন্ন পদ বা স্তৱক একেলগ কৰি নিৰ্দিষ্ট ধৰণে গোৱা বিহুনামক জাতনাম বোলে। জাতনামত নিৰ্বাচিত পদসমূহ এক বিশেষ ক্ৰমত গোৱা হয় আৰু তাৰ লগত নিৰ্দিষ্ট ঘোষা বা পুনৰাবৃত্তি থাকে। হুঁচৰিতো জাতনামৰ প্ৰচলন দেখা যায়। বিহুনামৰ বিভিন্ন পদ একত্ৰিত কৰি সুন্দৰভাৱে পৰিৱেশন কৰাটোৱেই জাতনামৰ বিশেষত্ব।

(ঘ) ধেমেলীয়া বিহুনাম। 

উত্তৰঃ যিবোৰ বিহুনামত হাস্য-ধেমালি, ৰসিকতা আৰু আমোদ-প্ৰমোদৰ ভাব প্ৰকাশ পায়, সেইবোৰক ধেমেলীয়া বিহুনাম বোলে। এনে বিহুনামৰ জৰিয়তে মানুহক আনন্দ দিয়াৰ লগতে সামাজিক জীৱনৰ বিভিন্ন দিশ হাস্যৰসৰ মাজেৰে প্ৰকাশ কৰা হয়। ধেমেলীয়া বিহুনাম সাধাৰণতে হুঁচৰিত গোৱা হয় যদিও কিছুমান ৰাতি বিহুতো গোৱা হয়।

(ঙ) বনৰীয়া নাম।

উত্তৰঃ ডেকা-গাভৰুৱে নিজৰ প্ৰেম, যৌৱন আৰু মনৰ বিভিন্ন অনুভূতি প্ৰকাশ কৰি গোৱা কিছুমান বিহুনামক বনৰীয়া নাম বোলে। এই নামত প্ৰেম-ভালপোৱাৰ ভাব অধিক স্পষ্টভাৱে প্ৰকাশ পায় আৰু কেতিয়াবা সামাজিক বাধা-নিষেধৰ কথাও উপেক্ষা কৰা হয়। কিছুমান বনৰীয়া নামত শালীনতাৰ সীমা অতিক্ৰম কৰা ভাবো দেখা যায়। লুপ্তপ্রায় এই নামবোৰক হাবি নাম, গৰখীয়া গীত বা যৌৱনৰ গীত বুলিও কোৱা হয়। এই গীতবোৰ জনসমাগমৰ পৰা দূৰৈত গোৱা হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top