Class 12 Geography Unit 2 জনসংখ্যা আৰু উন্নয়ন

Class 12 Geography Unit 2 জনসংখ্যা আৰু উন্নয়ন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 2 জনসংখ্যা আৰু উন্নয়ন and select needs one.

Class 12 Geography Unit 2 জনসংখ্যা আৰু উন্নয়ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 2 জনসংখ্যা আৰু উন্নয়ন Solutions for All Subject, You can practice these here…

জনসংখ্যা আৰু উন্নয়ন

অধ্যায় – ২

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। তলৰ কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ মাত্রা সর্বাধিক ? 

( i ) আফ্রিকাত ।

( ii ) দক্ষিণ আমেৰিকাত ।

( ii ) এছিয়াত ।

( iv ) অষ্ট্রেলিয়াত 

উত্তৰঃ ( i ) আফ্রিকাত ।

২। তলৰ কোনটো বিৰল জনবসতি অঞ্চল নহয় ? 

( i ) আটাকামা ।

( ii ) দক্ষিণ – পূর্ব এছিয়া ।

( iii ) বিষুৱীয় অঞ্চল ।

( iv ) মেৰুঅঞ্চল 

উত্তৰঃ ( ii ) দক্ষিণ – পূর্ব এছিয়া ।

৩। জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলােৱা দুটা ভৌগােলিক কাৰক উল্লেখ কৰা ।

উত্তৰঃ জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলােৱা দুটা ভৌগােলিক কাৰক হ’ল — 

( i ) জলবায়ু । আৰু 

( ii ) ভূ – প্রকৃতি ।

৪ ৷ জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাদান কি কি ? 

উত্তৰঃ জনসংখ্যাৰ পৰিৱৰ্তনৰ তিনিটা উপাদান হ’ল — 

( i ) জন্মহাৰ ( Birth rate ).

( ii ) মৃত্যুহাৰ ( Death rate ) আৰু

( iii ) প্ৰৱজন ( Migration ). 

৫। ২১ শতিকাৰ আৰম্ভণিত পৃথিৱীৰ মুঠ জনসংখ্যাৰ পৰিমাণ কিমান আছিল ? 

উত্তৰঃ ২১ শতিকাৰ আৰম্ভণিত পৃথিৱীৰ মুঠ জনসংখ্যাৰ পৰিমাণ আছিল ৬১৩২ নিযুত । 

৬। এখন দেশৰ জনসংখ্যা কেনেকৈ দেশখনৰ প্রকৃত সম্পদ হ’ব পাৰে ? 

উত্তৰঃ দেশ এখনৰ সকলাে ধৰণৰ সম্পদৰ উপযুক্ত ব্যৱহাৰৰ যােগেদি দেশখনৰ উন্নতি অৰিহণা যােগাব পাৰিলেহে সেই দেশৰ জনসংখ্যা দেশখনৰ বাবে প্রকৃত সম্পদ হ’ব পাৰে ।

৭। জনসংখ্যা ঘনত্ব বুলিলে কি বুজা ? 

উত্তৰঃ জনসংখ্যা আৰু বাসভূমিৰ ক্ষেত্রফলৰ গাণিতিক অনুপাতক জনসংখ্যা ঘনত্ব বােলে । 

৮। জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি বুলিলে কি বুজা ? 

উত্তৰঃ নির্দিষ্ট সময় পৰিসৰত অঞ্চল এটাৰ জনসংখ্যা পূর্বৰ তুলনাত কমি যােৱাক জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি বােলে । 

৯। জনসংখ্যাৰ বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে, লিখা ।

উত্তৰঃ এটা নির্ধাৰিত সময়ৰ ব্যৱধানত নির্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ বৃদ্ধিকে জনসংখ্যা বৃদ্ধি বুলি কোৱা হয় । জনসংখ্যা বৃদ্ধিৰ বিভিন্ন কাৰণসমূহৰ ভিতৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি অন্যতম । পূৰ্বতে মহামাৰী বা অন্যান্য সংক্রামক বেমাৰৰ কবলত সৰি বহুতাে মানুহ মৃত্যুৰ মুখত পৰিছিল । কিন্তু , বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ উন্নতিয়ে বিভিন্ন প্রতিষেধক আৱিষ্কাৰ কৰি এনে বেমাৰসমূহ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে । চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবেই টিউবাৰকল’চিচ বেমাৰ পূৰ্বৰ দৰে দুৰাৰােগ্য হৈ থকা নাই । 

এই উন্নতিৰ ফলতেই পলিঅ’ৰ দৰে সমস্যাও ভাৰতবৰ্ষৰ পৰা ১০০ শতাংশই নিমূল হৈছে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলস্বৰূপে , চিকিৎসাবিজ্ঞানত বিভিন্ন বিভাগ তথা বেমাৰসমূহৰ ওপৰত গৱেষণা হ’বলৈ ধৰিছে যাৰ ফলত বিভিন্ন প্রতিষেধক আৰুঔষধ আৱিষ্কাৰে ৰােগীক আৰােগ্য কৰাত সহায় কৰিছে । সেইদৰে , শল্য চিকিৎসায়াে অস্ত্রোপচাৰৰ জৰিয়তে ৰােগীক মৃত্যুমুখী বৰাগীক সূচল জীৱন যাপন কৰাত সহায় কৰে।তাৰােপৰি , চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে নাৰী আৰু পুৰুষৰ সন্তান জন্ম দিব নােৱাৰা অক্ষমতা দূৰ কৰি সন্তান জন্ম দিয়াত সহায় কৰিছে । 

এনেদৰেই , বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহৰ মৃত্যু হাৰ হ্ৰাস কৰি আৰু মানুহৰ সক্ষমতা দূৰ কৰি জনসংখ্যা বৃদ্ধিত সহায় কৰে । 

১০। জনপ্ৰৱজনৰ আকৰ্ষণী আৰু বিকর্ষণী কাৰকবােৰ কি কি ? 

উত্তৰঃ জনপ্ৰৱজনৰ কাৰণসমূহক প্রধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি । সেয়া হ’ল–

( i )  আকর্ষণী কাৰক । আৰু 

( ii ) বিকর্ষণী কাৰক ।

সুবিধাজনক অঞ্চলসমূহে কম সুবিধাজনক অঞ্চলৰ বাসিন্দাসকলক সদায় আকর্ষিত কৰে । অর্থাৎ প্ৰব্ৰজনৰ লক্ষ্য স্থল , উৎসস্থলৰ তুলনাত সদায় সমৃদ্ধিশালী হয় । আৰু লক্ষ্য স্থলৰ সুবিধাসমূহ হৈ পৰে প্ৰব্ৰজনৰ আকর্ষণী কাৰক । লক্ষ্যস্থল নির্ধাৰণ কৰােতে প্রাধান্য পায় নিৰাপত্তাৰ বিষয়টোৱে । জনপ্ৰব্ৰজনৰ কেইটামান আকর্ষণী কাৰক হ’ল–কর্ম সংস্থানৰ সুবিধা , শান্তিপূর্ণ স্বাধীন নিৰাপদ জীৱন যাপন , শিক্ষাৰ সুবিধা আদি । 

আনহাতে , মানুহে বসবাসৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হলে আন সুবিধাজনক ঠাইলৈ প্ৰব্ৰজন কৰে । প্ৰব্ৰজনৰ উৎস স্থলৰ সমস্যাসমূহ প্ৰব্ৰজনৰ বিকর্ষণী কাৰক হয় । প্ৰব্ৰজনৰ বিকর্ষণী কাৰক সমূহ হ’ল – ৰাজনৈতিক অস্থিৰতা , নিম্নমানৰ জীৱন – যাপন , প্রাকৃতিক দুর্যোগ , চৰম জলবায়ু , নিয়ােগৰ সীমাবদ্ধতা , উচ্চ শিক্ষাৰ সুবিধাৰ সীমাবদ্ধতা আদি । 

১১। জনবিস্ফোৰণ ক’ত হয় ? জন বিস্ফোৰণ কিয় হয় ? 

উত্তৰঃ পৃথিৱীৰ অনুন্নত অথবা উন্নয়নশীল দেশসমূহত জনবিস্ফোৰণ হয় । জনবিস্ফোৰণৰ কাৰকসমূহ  হ’ল–

( i ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে চিকিৎসা বিজ্ঞানৰ প্ৰচুৰ উন্নতি হৈছে । নতুন নতুন ঔষধৰ আৰু প্ৰতিষেধকৰ আৱিষ্কাৰে মেলেৰিয়া , কলাজ্বৰ , বসন্ত , প্লেগ , হাইজা আদিৰ দৰে মহামাৰী ৰােগসমূহ নিমূল কৰা হৈছে । ফলত মৃত্যুৰ হাৰ কমে । 

( ii ) জন বিস্ফোৰণৰ অন্যতম কাৰণ হ’ল অনিয়ন্ত্রিত জন্মৰ হাৰ । নিৰক্ষৰতা , অন্ধবিশ্বাস , সামাজিক কু – প্রথা আদিয়ে ইয়াত অৰিহণা যােগায় , যাৰ ফলত পৰিয়াল পৰিকল্পনা কাৰ্য্যসূচী ৰূপায়ণ কৰিব নােৱাৰে । বহুতাে পৰিয়ালত পুত্র সন্তানৰ আশাত বহুবাৰ গৰ্ভধাৰণ কৰিব লগা হয় মহিলাগৰাকীয়ে । 

( iii ) বিদেশী লােকৰ আগমনেও জনবিস্ফোৰণত অৰিহণা যােগায় । উদাহৰণস্বৰূপে , ভাৰতবৰ্ষলৈ চুবুৰীয়া দেশ , বাংলাদেশ , পাকিস্তান , নেপাল , ভূটান আদিৰ লগতে তিব্বতৰ পৰা বিভিন্ন সময়ত অহা ভগনীয়াই ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা দেখা যায় । 

( iv ) বহু অঞ্চলত সামাজিক কু – প্রথা হিচাপে বাল্য বিবাহ প্রচলন থকা দেখা যায় । সােনকালে বিয়া হােৱাৰ ফলত স্বাভাৱিক জন্মৰ হাৰ বৃদ্ধি পায় । 

১২। জনসংখ্যা পৰিৱৰ্তনৰ স্থানিক বিতৰণ ব্যাখ্যা কৰা । 

উত্তৰঃ এটা নির্দিষ্ট সময়ৰ ব্যৱধানত নির্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ হ্রাস অথবা বৃদ্ধি ঘটি জনসংখ্যাৰ পৰিমাণৰ যি পৰিৱৰ্তন ঘটে তাকে জনসংখ্যাৰ পৰিৱর্তন বুলি কোৱা হয় । জনসংখ্যাৰ এই পৰিৱর্তনৰ স্থানিক বিতৰণলৈ লক্ষ্য কৰিলে দেখা যায় যে , পৃথিৱীৰ সকলাে ঠাইতে এই পৰিৱর্তনৰ হাৰ একে নহয় ।উদাহৰণস্বৰূপে , লেটিন আমেৰিকাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৬ শতাংশ আনহাতে এছিয়া মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৪ শতাংশ । সেইদৰে , অষ্ট্রেলিয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৩ শতাংশ আৰু উত্তৰ আমেৰিকাৰ ০.৯ শতাংশ । আফ্রিকা মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ সর্বাধিক । আৰু এই পৰিমাণ হ’ল ২.৪ শতাংশ । জনসংখ্যা বৃদ্ধিৰ হাৰৰ পৰিৱৰ্তন কেৱল মহাদেশ অনুসৰিয়েই হােৱা নাই । মহাদেশ সমূহৰ অন্তৰ্গত বিভিন্ন ৰাষ্ট্র তথা অঞ্চল অনুসৰিও এই পৰিৱৰ্তন পৰিলক্ষিত হয় । 

১৩। জনসংখ্যা পৰিৱৰ্তনৰ প্ৰভাৱ ব্যাখ্যা কৰা । 

উত্তৰঃ সাধাৰণতে জনসংখ্যাৰ পৰিৱৰ্তন বুলি ক’লে এটা নির্দিষ্ট সময়ৰ ব্যৱধানত নির্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যা হ্রাস অথবা বৃদ্ধি ঘটি জনসংখ্যাৰ পৰিমাণৰ যি পৰিৱৰ্তন ঘটে তাকে কোৱা হয় । কিন্তু , দিনে দিনে পৃথিৱীত জনসংখ্যাৰ পৰিমাণ বৃদ্ধি পাই আহিছে আৰু জনসংখ্যা বৃদ্ধিয়ে জনসংখ্যাৰ পৰিৱৰ্তন ঘটাইছে । গতিকে , আমি জনসংখ্যাৰ পৰিৱর্তন বুলি ক’লে জনসংখ্যা বৃদ্ধিক বুজিব লাগিব । গতিকে , এনে পৰিৱৰ্তন অর্থাৎ জনসংখ্যা বৃদ্ধিৰ হাৰ ধনাত্মক হলে মানৱ সম্পদৰ ক্ষেত্ৰত আগুৱাই দেশ এখনে বিভিন্ন দিশত আগুৱাব পাৰিব । 

আনহাতে , জনসংখ্যাৰ ঋণাত্মক বৃদ্ধিৰ ফলত খাদ্যৰ নাটনিয়ে দেখা দিয়ে আৰু দেশৰ খনিজ পদার্থৰ পৰিমাণ লাহে লাহে কমি আহে । কর্ম সংস্থানৰ অভাৱ ঘটি নিৱনুৱা সমস্যাৰ সৃষ্টি হয় । জনসংখ্যাৰ এনে বৃদ্ধিৰ ফলত উপযুক্ত বাসস্থানৰ অভাৱ ঘটে । বর্ধিত জনসংখ্যাৰ খাদ্যৰ চাহিদা পূৰ কৰিবলৈ খেতি পথাৰবােৰত এবিধ শস্যৰ পাছত আন এবিধ শস্যৰ খেতি কৰিবলৈ লােৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্রাস পায় , ফলস্বৰূপে উৎপাদন ক্ষমতা হ্রাস পায় । সেইদৰে , প্রাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত এইবােৰৰ সঞ্চিত ভাণ্ডাৰ উদং হ’বলৈ ধৰিছে । এইদৰেই জনসংখ্যাৰ পৰিৱর্তনে ভৱিষ্যতৰ বাবেও নানান প্ৰকাৰৰ সমস্যা সৃষ্টিৰ পথ প্রশস্ত কৰিছে । 

১৪। জনসংখ্যা বৃদ্ধি ৰােধ কৰা ব্যৱস্থাৰবােৰৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ অন্তৰালত থকা অন্যতম প্রধান কাৰণ হ’ল নিৰক্ষৰতা । সমাজৰ সকলাে শ্ৰেণীৰ লােকৰ মাজৰ পৰা নিৰক্ষৰতা দূৰ কৰিব পাৰিলেহে জনসংখ্যা বৃদ্ধিৰ ৰােধ সম্ভৱ হ’ব । নিৰক্ষৰতা দূৰ কৰিব পাৰিলেহে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু – প্রথাসমূহ নির্মূল কৰিব পৰা যাব । সমাজৰ সকলাে শ্ৰেণীৰ লােকৰ সহযােগিতাইহে জনসংখ্যা বৃদ্ধি ৰোধ কৰাত সহায় কৰিব । পৰিয়াল পৰিকল্পনাৰ প্রধান পদক্ষেপ হ’ল , জন্ম নিয়ন্ত্রণ । চৰকাৰে গ্রহণ কৰা পৰিয়াল পৰিকল্পনাৰ কাৰ্য্যক্রম সমূহে যাতে সমাজৰ সকলাে শ্ৰেণীৰ লােককে স্পর্শ কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখিব লাগিব । জনসংখ্যা নিয়ন্ত্ৰণৰ উদ্দেশ্যে প্রস্তুত কৰা আঁচনিসমূহ সমাজৰ সকলাে শ্ৰেণীৰ মানুহৰ মাজত প্ৰচাৰ কৰি ৰাইজক বর্ধিত জনসংখ্যাই সৃষ্টি কৰা সমস্যাবােৰৰ প্রতি সজাগ কৰিব পাৰিলেহে আঁচনিবােৰ ফলৱতী হ’ব । জন্ম নিয়ন্ত্ৰণৰ সামগ্ৰীৰ সহজলভ্যতায়াে বর্ধিত জনসংখ্যা ৰোধ কৰাত অৰিহণা যােগায় । 

ওপৰৰ আলােচনাৰ পৰা দেখা যায় যে , জনসংখ্যা বৃদ্ধি ৰোধ কৰাত প্ৰতিটো কাৰকেই গুৰুত্বপূৰ্ণ আৰু এটা আনটোৰ ওপৰত নিৰ্ভৰশীল । উদাহৰণস্বৰূপে , নিৰক্ষৰতা দূৰ কৰিব পাৰিলে সমাজৰ পৰা অন্ধবিশ্বাস কু – প্রথা আদি নির্মূল হ’ব’ । তেতিয়া মানুহ পৰিয়াল পৰিকল্পনাৰ প্রতি সচেতন হ’ব আৰু চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়নত সহযােগিতা আগবঢ়াব পাৰিব । 

১৫। জনসংখ্যা বৃদ্ধিৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ এটা নির্ধাৰিত সময়ৰ ব্যৱধানত নির্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ হ্রাস বৃদ্ধিক এলেকাটোৰ জনসংখ্যা বৃদ্ধি বােলে । জনসংখ্যা বৃদ্ধি দুটা পদ্ধতিৰে প্ৰকাশ কৰা হয় । গণনাকালৰ আৰম্ভণি আৰু সামৰণিৰ মাজৰ সময়ছােৱাত ঘটা জনসংখ্যাৰ মুঠ বৃদ্ধি অথবা এই মুঠ বৃদ্ধি প্রাপ্ত জনসংখ্যাক গণনাকালৰ আৰম্ভণিৰ জনসংখ্যাৰ শতাংশ ৰূপত নির্দিষ্ট সময়ৰ ব্যৱধানৰ জনসংখ্যা বৃদ্ধি প্ৰকাশ কৰিব পাৰি । নির্দিষ্ট সময়সীমাৰ ভিতৰত অঞ্চল এটাৰ অধিবাসীসকলৰ মাজত ঘটা জন্ম আৰু মৃত্যু জনিত হ্রাস বৃদ্ধিৰ ফলত অঞ্চলটোত জনসংখ্যাৰ যি পৰিৱৰ্তন হয় তাক জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি বােলে । জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি আৰু অন্যান্য অঞ্চলৰ পৰা ঘটা আন্তঃপ্ৰব্ৰজনৰ তুলনাত বহিঃপ্ৰৱজন কম হােৱাৰ ফলত অঞ্চল এটাৰ জনসংখ্যা ক্রমশঃ বাঢ়ি গৈ থকা অৱস্থাটোক জনসংখ্যাৰ ধনাত্মক বৃদ্ধি বােলে । 

আনহাতে , নির্দিষ্ট সময়ৰ পৰিসৰত অঞ্চলটোৰ জনসংখ্যা পূর্বৰ তুলনাত কমি যােৱাক জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি বােলে । ব্যাপক ৰূপত দেখা দিয়া মহামাৰীৰ ফলত মৃত্যুৰ সংখ্যা জন্মৰ সংখ্যাতকৈ অধিক হােৱাত অথবা এটা অঞ্চলৰ বাসিন্দাসকলৰ বুজন অংশ একোটা আন অঞ্চললৈ প্ৰৱজন কৰাৰ ফলতেই জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি সম্ভৱ । 

দীঘল প্ৰশ্নোত্তৰ

১৬। পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বত প্ৰভাৱ পেলােৱা কাৰকসমূহ আলােচনা কৰা ।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব সকলাে ঠাইতে একে নহয় । জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব বিভিন্ন প্রাকৃতিক , অর্থনৈতিক আৰু সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । তলত এই কাৰকসমূহৰ বিষয়ে চমুকৈ আললাচনা কৰা হলঃ– 

( ক ) প্রাকৃতিক কাৰক :- ( i ) জলবায়ু :- পৃথিৱীৰ যিবােৰ অঞ্চলৰ জলবায়ু স্বাস্থ্যকৰ সেইবােৰ অঞ্চলত জনবসতি ঘন হয় । অত্যন্ত শীতল অথবা অত্যন্ত উষ্ণ , অতিশয় শুকান অথবা আর্দ্র প্রকৃতিৰ জলবায়ুৰ অঞ্চলসমূহত মানুহৰ জীৱন যাত্রা কঠিন আৰু বিপস সংকুল হয় । এনে চৰম ভাবাপন্ন জলবায়ুৰ অঞ্চলত শস্যৰ উৎপাদন সীমিত হয় , মানুহৰ শ্ৰমৰ ক্ষমতা কম হয় আৰু ৰােগ ব্যাধিৰ সম্ভাৱনা বৃদ্ধি পায় । সেয়েহে এনে অঞ্চলসমূহত জনবসতি অতি সেৰেঙা হয় । সমমণ্ডলৰ জলবায়ু উষ্ণমণ্ডল আৰু হিমমণ্ডলৰ জলবায়ুতকৈ উৎকৃষ্ট আৰু স্বাস্থ্যকৰ বাবে এনে অঞ্চলসমূহত লােক বসতি ঘন হয় । 

( ii ) পানীৰ উপলব্ধতা :- মানুহৰ জীৱন – যাপনৰ বাবে পানী অপৰিহাৰ্য । খােৱা পানীৰ উপৰিও ৰন্ধন প্রকৰণ , শােহনীয়া প্ৰাণীৰ বাবে কৃষিকার্য , উদ্যোগ আদিৰ পৰিচালনাৰ বাবে প্ৰচুৰ পৰিমাণৰ পানীৰ আৱশ্যক হয় । সাগৰ , নদী , হ্রদ প্রভৃতি জলাশয়সমূহ মৎস্য সম্পদৰ উৎস হােৱাৰ উপৰিও এই জলপৃষ্ঠবােৰ পৰিবহণ কাৰ্য্যৰ উদ্দেশ্যেও ব্যৱহৃত হয় । সেয়েহে অতি প্রাচীন কালৰে পৰা নদীৰ কাষৰীয়া অঞ্চলত জনবসতি ঘন হােৱা দেখা যায় । 

( iii ) ভূপ্রকৃতিঃ সমভূমি অঞ্চলসমূহ মানুহৰ বসবাসকে ধৰি কৃষিকাৰ্য , পৰিবহণ , ঔদ্যোগিক কাম – কাজ আদি সকলোৰে বাবে সুবিধাজনক । আনহাতে , অতিপাত ঢাল বিশিষ্ট পাহাৰীয়া অঞ্চলসমূহত মাটিৰ উৰ্বৰতা কম হােৱা হেতুকে কৃষি কাৰ্য্যত উৎপাদনৰ পৰিমাণ কম হয় । এনে অঞ্চলসমূহত যাতায়াত ব্যৱস্থাৰ সম্প্ৰসাৰণ অতি ব্যয়বহুল আৰু কষ্টসাধ্য হয় । এনেবােৰ কাৰণতে সমভূমি অঞ্চলসমূহত জনবসতি ঘন হােৱাৰ পৰিবৰ্তে পাহাৰীয়া অঞ্চলসমূহত জনবসতি সেৰেঙা হয় । 

( iv ) মাটিৰ উৰ্বৰতা :- যিবােৰ অঞ্চলৰ মাটি সাৰুৱা , সেইবােৰ অঞ্চলত জীৱিকাৰ পথ সহজ হয় বাবে অনুৰ্বৰ মাটিৰ অঞ্চল সমূহতকৈ জনবসতি ঘন হয় । নদী উপত্যকাবােৰৰ পলসুৱা মাটিৰ বাবে জনবসতি ঘন হয় । 

( v ) খনিজ সম্পদ :-যিবােৰ অঞ্চলত খনিজ সম্পদ প্ৰচুৰ পৰিমাণে পােৱা যায় সেইবােৰ ঠাইত খনিজ দ্রব্য উদ্ধাৰ কৰিবলৈ আৰু সেই খনিজ দ্রব্যবােৰৰ ভিত্তিত গঢ়ি উঠা উদ্যোগসমূহত বহুলােক কর্মী হিচাপে নিয়ােজিত হয় । এনে কাৰণতে সেই অঞ্চলসমূহত জনবসতি ঘন হয় । 

( খ ) অর্থনৈতিক কাৰকঃ ( i ) নগৰীকৰণ :- গ্রামাঞ্চলৰ তুলনাত নগৰাঞ্চলত শিক্ষা , চিকিৎসা , যাতায়াত যােগাযােগ বৱস্থাসমূহ উন্নত হােৱাত এনে অঞ্চলসমূহত জনসংখ্যা বৃদ্ধি পায় । তদুপৰি , সা – সুবিধাসমূহৰ লগে লগে এনে অঞ্চলসমূহত অর্থ উপার্জনৰ পৰিসৰ বৃদ্ধি পায় । সেইবাবে , সংস্থাপনৰ উদ্দেশ্যেও এনে অঞ্চল সমূহলৈ বিভিন্ন অঞ্চলৰ পৰা বসতি স্থাপনৰ উদ্দেশ্যে মানুহৰ আগমন ঘটে । 

( ii ) ঔদ্যোগীকৰণঃ উদ্যোগ গঢ়ি উঠাৰ ফলস্বৰূপে , একোটা অঞ্চল অতি কম দিনৰ ভিতৰতে জনাকীর্ণ হৈ পৰে । এনে অঞ্চলসমূহত কল – কাৰখানাৰ উপৰিও , পৰিবহণ , বেংক , শিক্ষা প্রতিষ্ঠান আদি গঢ় লৈ উঠাত এই খণ্ডসমূহৰ পৰিচালনাৰ বাবেও বহুত কৰ্মীৰ প্রয়ােজন হয় । এনেদৰেই ঔদ্যোগীকৰণৰ ফলত জনশূণ্য অঞ্চল এটাও জনাকীর্ণ হয়গৈ ।

( iii ) পৰিবহণ আৰু যােগাযােগ :- পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতিয়েও এটা অঞ্চল জনবহুল হােৱাত সহায় কৰে । পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে বেপাৰ বাণিজ্যত সহায় কৰে আৰু অঞ্চল এটাৰ উন্নতিত সহায় কৰে । ৰেল পৰিবহণ আৰু বিমান পৰিবহণৰ উন্নতিয়ে এই ক্ষেত্ৰত অধিক সহযােগিতা আগবঢ়ায় । পৰিবহণৰ উন্নতিয়ে ঠাই এখনক নগৰীকৰণৰ দিশত আগুৱাই নিয়ে । অধিক সা – সুবিধা ভােগ কৰাৰ অৰ্থে পিছ পৰা অঞ্চলৰ মানুহে এনে অঞ্চললৈ বসবাসৰ বাবে অহাৰ লগতে কর্ম সংস্থাপনৰ বাবেও আন অঞ্চলৰ পৰা মানুহৰ প্ৰৱজন ঘটে । 

( iv ) সমাজ – সাংস্কৃতিক কাৰকঃ সুস্থিৰ ৰাজনীতি , অর্থনীতি আৰু শৃংখলিত সমাজ ব্যৱস্থাৰ ৰাষ্ট্ৰসমূহ পৃথিৱীৰ যিকোনাে দেশৰ লােকৰ দৃষ্টিত জীৱিকা আর্জন তথা বসতি স্থাপনৰ লক্ষ্য হৈ পৰে । সেইদৰে , অস্থিৰ ৰাজনৈতিক বাতাবৰণৰ বাবে বা সামাজিক নিৰাপত্তা কমি যােৱাৰ লগে লগে কিছুমান অঞ্চলৰ পৰা বহিঃপ্ৰৱজন ঘটে । ধর্মীয় আবেগ অনুভূতিৰে পৰিচালিত বহু লোকে ধর্মীয় স্থান সমূহত বাস কৰিবলৈ বিচাৰে । সেইদৰে , উচ্চ শিক্ষাৰ সুবিধা থকা অঞ্চলসমূহলৈ শিক্ষা গ্রহণৰ বাবে বা গৱেষণাৰ বাবে বহুলােকৰ আগমন ঘটে আৰু বহুতে পাছলৈ নিগাজীকৈ থাকিবলৈ লয় । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

১৭। জনসংখ্যা পৰিৱর্তনৰ পর্যায় তিনিটা আলােচনা কৰা । 

উত্তৰঃ জনসংখ্যাৰ পৰিৱৰ্তনৰ পর্যায় তিনিটা হলঃ 

( i ) প্রথম পৰ্য্যায় ।

( ii ) দ্বিতীয় পৰ্য্যায় । আৰু

( iii ) তৃতীয় পর্যায় ।

এটা অঞ্চলৰ অধিবাসীসকল কৃষিকেন্দ্রীক গ্রাম্য নিৰক্ষৰ আর্থ সামাজিক অৱস্থাৰ পৰা ক্রমে নগৰীয়া উদ্যোগকেন্দ্রীক আৰু শিক্ষিত আর্থ সামাজিক অৱস্থা অভিমুখী পৰ্য্যায়ক্রমে আগুৱাই গৈ থাকে । এই বহুমুখী আর্থ – সামাজিক পৰিৱৰ্তনৰ প্ৰাৰম্ভিক স্তৰত অঞ্চলটোৰ অধিবাসীসকলৰ মাজত জন্মহাৰ আৰু মৃত্যুহাৰ দুয়ােটাই উচ্চ নিৰিখৰ হয় । 

দ্বিতীয় পৰ্য্যায়ত মৃত্যুৰ হাৰ ক্ষিপ্র গতিত কমে যদিও জন্মৰ হাৰ প্ৰায় আগৰ দৰেই থকাৰ ফলত জনসংখ্যাৰ দ্রুত গতিত বৃদ্ধি পায় । আনহাতে , পৰৱৰ্তী পৰ্য্যায়ত জন্মহাৰ কমি গৈ মৃত্যুহাৰৰ সমান হৈ পৰে আৰু জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি শূণ্যৰ ফালে আগবাঢ়ে । অঞ্চল এটাৰ সামগ্রিক প্ৰকৰণৰ ওপৰত প্ৰাথমিক খণ্ডৰ পৰিৱর্তে দ্বিতীয় , তৃতীয়ক অথবা চতুর্থক খণ্ডসমূহৰ নিয়ন্ত্রণ শক্তিশালী হয় । ইয়াৰ সমান্তৰাল ভাৱেই কাৰিকৰী জ্ঞান , দূৰদৰ্শিতা , সুস্বাস্থ্য আদিৰ আশানুৰূপ বিকাশ ঘটে । প্রাথমিক খণ্ডত অপ্রশিক্ষিত শ্রম প্রয়ােগ আৰু উচ্চ নিৰিখৰ জন্ম আৰু মৃত্যু হাৰৰ লক্ষণধাৰী প্ৰাৰম্ভিক অৱস্থাৰ পৰা প্রশিক্ষিত কর্মী – পৰিচালিত নগৰকেন্দ্রীক শিল্প উদ্যোগ অর্থ ব্যৱস্থাসহ নিম্নমানৰ জন্ম আৰু মৃত্যু হাৰৰ অৱস্থা একোটা পােৱালৈকে সমাজ একোখনে পৰ্য্যায় ক্রমে আগুৱাই যায় । 

তলত দিয়া তালিকাৰ দ্বাৰা জনসংখ্যাৰ পৰিবৰ্তনৰ পৰ্যায় কেইটাৰ বিষয়ে ধাৰণা কৰিব পাৰিঃ 

জনসংখ্যাৰ হ্রাস / বৃদ্ধিকাৰক অর্থনীতি
( ক ) নিম্ন বৃদ্ধিঅধিকতম জন্ম আৰু মৃত্যুৰ হাৰনিম্ন কৃষিজ
( খ ) অধিক বৃদ্ধিঅধিকতম জন্ম আৰু নিম্নতম মৃত্যুৰ হাৰকিছু উন্নত কৃষিজ
( গ ) সংতুলিত / সুস্থিৰনিম্নতম জন্ম আৰু মৃত্যুৰ হাৰ ঔদ্যোগিক

১৮। পৃথিৱীৰ কম জনসংখ্যা ঘনত্বৰ অঞ্চলকেইটাৰ বিষয়ে চমু আললাচনা কৰা ৷ 

উত্তৰঃ পৃথিৱীৰ যিবােৰ অঞ্চলত প্রতি বর্গ কিলােমিটাৰ ঠাইত মাত্ৰ এজন বা দুজন মানুহে বাস কৰে , তেনে অঞ্চলকে পাতল বা বিৰল জনবসতিৰ অঞ্চল হিচাপে জনা যায় । পৃথিৱীৰ বিৰল জনবসতিৰ অঞ্চলসমূহক প্রধানকৈ চাৰিটা ভাগত বিভক্ত কৰা হৈছে । সেয়া হ’ল– 

( i ) উষ্ণ মৰুভূমি অঞ্চল ।

( ii ) অতি শীতল অঞ্চল ।

( iii ) শীতল মৰুভূমি অঞ্চল । আৰু

( iv ) বিষুবীয় অঞ্চল ।

( i ) উষ্ণমৰুভূমি অঞ্চলঃ চাহাৰা , আটাকামা , কালাহাৰি , পশ্চিম অষ্ট্রেলিয়া , আৰৱ , থৰ আদি মৰুভূমিবােৰ এই অঞ্চলৰ অন্তৰ্গত । বৰষুণহীন শুকান জলবায়ুৰ বাবে এনে অঞ্চলত জনবসতি অতি পাতল হয় । 

( ii ) অতিশীতল অঞ্চল :- চিৰকাল বৰফাবৃত অঞ্চল এই বলয়ৰ অন্তৰ্গত । কানাডাৰ উত্তৰাঞ্চল , গ্রীণলেণ্ড , ছাইবেৰিয়াৰ উত্তৰাঞ্চল আৰু কুমেৰু মহাদেশ ইয়াৰ অন্তৰ্গত । এনে অঞ্চলসমূহত জনসংখ্যা অতি কম । 

( iii ) শীতল মৰুভূমি অঞ্চলঃ মধ্য এছিয়াৰ শুকান অঞ্চলবােৰ এই বলয়ৰ অন্তৰ্গত । বিশেষকৈ , বৃষ্টিছায়া অঞ্চলত অৱস্থিত হােৱা হেতুকে এই অঞ্চলৰ জনসংখ্যা ঘনত্ব একেবাৰে কম । 

( iv ) বিষুবীয় অঞ্চলঃ দক্ষিণ আমেৰিকাৰ আমাজান অৱবাহিকা , আফ্রিকাৰ কাংগাে আৱবাহিকা আৰু এছিয়াৰ ইণ্ডোনেছিয়া মালয়েছিয়া অঞ্চল এই বলয়ৰ অন্তৰ্গত । অত্যাধিক গৰম আৰু সেমেকা জলবায়ুৰ বাবে এই অঞ্চলটো বসবাসৰ অনুপযােগী । সেয়েহে , এই অঞ্চলসমূহ জনবসতি অতি পাতল । 

১৯। পৃথিৱীৰ জনসংখ্যা বিতৰণৰ প্ৰতিৰূপ আললাচনা কৰা । 

উত্তৰঃ পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ সকলাে ঠাইতে সমান নহয় । পৃথিৱীৰ প্ৰতিটো অঞ্চলৰ নিজ নিজ পৰিসৰত জনসংখ্যাৰ নির্দিষ্ট একোটা ধাৰণ ক্ষমতা আছে । ভূমিখণ্ড আৰু ইয়াৰ সামগ্রিক পৰিৱেশৰ উৎপাদিকা শক্তিৰ ওপৰত অঞ্চল একোটাৰ জনসংখ্যাৰ ধাৰণ ক্ষমতা নির্ভৰ কৰে । মানুহৰ জীৱন নির্বাহৰ বাবে নির্দিষ্ট পৰিমাণৰ সম্পদৰ প্রয়ােজন হয় । সেয়েহে অঞ্চল এটাত কিমান সংখ্যক মানুহে বসতি স্থাপন কৰিব সেয়া অঞ্চলটোত থকা মুঠ সম্পদৰ ওপৰত নিৰ্ভৰশীল । সম্পদ সমদ্ধ অঞ্চল এটা আকাৰত সৰু হলেও সম্পদ বিশিষ্ট বিশাল অঞ্চল এটাতকৈও অধিক মানুহক আশ্রয় দিব পাৰে । উদাহৰণস্বৰূপে , অষ্ট্রেলিয়া মহাদেশৰ মুঠ মাটি কালি ৭.৭ নিযুত বর্গকিলােমিটাৰ এলেকাত ১৯.৩৬ নিযুত লােকে বাস কৰাৰ বিপৰীতে মহাৰাষ্ট্রৰ মুম্বাই চহৰৰ বান্দ্রা আৰু থানে অঞ্চলৰ সৰ্বমুঠ ১০,১৬৬ বর্গ কিলােমিটাৰ এলেকাত ২০.০৪ নিযুত লােকে বাস কৰে । 

পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৬১.৭৯ শতাংশ লােকে এছিয়া মহাদেশতে বাস কৰে । তেনেদৰে আফ্রিকা ১৩ শতাংশ , ইউৰােপত ১১.৫ শতাংশ , উত্তৰ আমেৰিকাত ৭.৫ শতাংশ , দক্ষিণ আমেৰিকাত ৫.৫ শতাংশ , আৰু অষ্ট্রেলিয়াত পৃথিৱীৰ মুঠ জনসংখ্যা মাত্র ০.৪৯ শতাংশহে বসবাস কৰে । আকৌ , পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশ মাত্র ১০ শতাংশ ঠাইতে সীমাবদ্ধ হৈ আছে । 

আনহাতে , সমগ্র পৃথিৱীৰ প্ৰায় ৯৫ কোটি বর্গকিলােমিটাৰ এলেকাত জনসংখ্যা ঘনত্ব প্রতি বর্গ কিল’মিটাৰত মাত্র ১-২ জন । তেনেদৰে পৃথিৱীৰ ৬০ শতাংশ লােকে মাত্র ১০ খন মূখ্য জনবহুল দেশত বাস কৰে । এই ১০ খন দেশৰ ভিতৰত ৬ খন এছিয়া মহাদেশত , উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা আৰু আফ্রিকাত এখনকৈ আৰু দশমখন জনবহুল দেশ এছিয়া আৰু ইউৰােপত অৱস্থিত । 

পৃথিৱীৰ এই জনবহুল দেশসমূহ হ’ল ক্রমান্বয়ে -চীনদেশ , ভাৰতবর্ষ , আমেৰিকা যুক্তৰাষ্ট্র , ইণ্ডোনেছিয়া , ব্রাজিল , ৰাছিয়া , পাকিস্তান , বাংলাদেশ , জাপান আৰু নাইজেৰিয়া । এই মহাদেশ সমূহৰ ভিতৰত একোটা সুবৃহৎ অঞ্চল জনশূণ্য অথবা পাতল জনবসতিৰ । উদাহৰণস্বৰূপে , এন্টার্কটিকা , গ্রীণলেণ্ড , ছাইবেৰিয়াৰ উত্তৰাঞ্চল , আটাকামা , চাহাৰা , কালাহাৰি , আৰব মৰুভূমি আদিৰ কথা উল্লেখ কৰিব পাৰি । 

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top