Class 12 Geography Unit 19 মানৱ সম্পদ উন্নয়ন

Class 12 Geography Unit 19 মানৱ সম্পদ উন্নয়ন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 19 মানৱ সম্পদ উন্নয়ন and select needs one.

Class 12 Geography Unit 19 মানৱ সম্পদ উন্নয়ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 19 মানৱ সম্পদ উন্নয়ন Solutions for All Subject, You can practice these here…

মানৱ সম্পদ উন্নয়ন

অধ্যায় – ১৯

তৃতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। মানব সম্পদ উন্নয়ন সুচাংকৰ ক্ষেত্ৰত তলৰ কোনখন ৰাজ্যৰ স্থন শীৰ্ষত– 

( i ) অসম । 

( ii ) কেৰেলা । 

( iii ) মিজোৰাম । আৰু

( iv ) পাঞ্জাৱ ।

উত্তৰঃ ( ii ) কেৰেলা । 

২। তলত দিয়া কোনখন ৰাজ্যত মহিলাৰ স্বাক্ষৰতাৰ হাৰ সৰ্ব্বনিম্ন 

( i ) বিহাৰ ।

( ii ) অৰুণাচল প্রদেশ ।

( iii ) ঝাৰখণ্ড । আৰু 

( iv ) কেৰেলা ।

উত্তৰঃ ( i ) বিহাৰ ।

৩। তলৰ কোনখন ৰাজ্যত দৰিদ্র সীমাৰেখাৰ তলৰ লােকৰ শতকৰা হাৰ সর্বাধিক 

( i ) অসম ।

( ii ) উৰিষ্যা ।

( iii ) পাঞ্জাব । আৰু

( iv ) ৰাজস্থান ।

উত্তৰঃ ( ii ) উৰিষ্যা । 

৪। মানৱ সম্পদ উন্নয়ন মানে কি ? 

উত্তৰঃ নিৰ্ধাৰিত সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক  দিশৰ গুণগত পৰিৱৰ্তনক অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় । 

৫। উত্তৰ – পূব ভাৰতৰ ৰাজ্যবােৰৰ মানব সম্পদ উন্নয়ন তুলনামূলকভাৱে কম হােৱাৰ দুটা কাৰণ দৰ্শোৱা । 

উত্তৰঃ ( ক ) অনুন্নত শিক্ষা ব্যৱস্থা । আৰু 

( খ ) নিম্নমানৰ জনমুৰি আয় । 

৫। ভাৰতবৰ্ষত লিংগ ভিত্তিত শিশুৰ সমপৰিমাণ নােহােৱাৰ কাৰণ দর্শোৱা । 

উত্তৰঃ সমাজত ছােৱালীৰ প্ৰতি অৱজ্ঞতাসূচক মনােভাৱ বাহাল থকাৰ লগতে গৰ্ভাৱস্থাত লিংগ নির্ধাৰণ কৌশল সুলভ হৈ অহাৰ পৰিণতি স্বৰূপেই ছােৱালীৰ সংখ্যা ল’ৰা অনুপাতে কমি আহিছে । সেয়েহে , ভাৰতবৰ্ষত লিংগ ভিত্তিত শিশুৰ পৰিমাণৰ ভিন্নতাই দেখা দিয়ে ।

চমু উত্তৰৰ প্ৰশ্ন

৬। ভাৰতীয় পৰিকল্পনা আয়ােগে প্রস্তুত কৰা মানব সম্পদ উন্নয়নৰ সংকেটবােৰৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ ভাৰতৰ পৰিকল্পনা আয়ােগৰ সামগ্রিক লেখত ৰাষ্ট্ৰসংঘৰ ১৭২ খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ভাৰত হৈছে এখন মধ্যম পর্যায়ৰ দেশ । এই দেশৰ ৰাজ্যসমূহৰ ভিতৰত কেৰেলা শীর্ষস্থানত অৱস্থিত । আপেক্ষিকভাৱে ক্ষিপ্র উন্নয়নৰ মুখ দেখা অন্যান্য ৰাজ্যবােৰৰ ভিতৰত আছে পঞ্জাৱ , তামিলনাড়ু , মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা । আনহাতে , বিহাৰ , অসম , উত্তৰপ্ৰদেশ , মধ্যপ্রদেশ , উৰিষ্যা আৰু অন্ধ্রপ্রদেশৰ স্থান উন্নয়নৰ লেখেৰে নিম্ন পর্যায়ত হােৱা দেখা যায় । পৰিকল্পনা আয়ােগৰ মতে , ভাৰতৰ এইসমূহ ৰাজ্যত উন্নয়নৰ অগ্ৰগতিৰ পাৰস্পৰিক বৈষম্যৰ অলত এলানি অর্থনৈতিক , ৰাজনৈতিক আৰু সমাজ – সাংস্কৃতিক কাৰক পােৱা যায় । কেৰেলাৰ , উচ্চস্তৰীয় উন্নয়ন স্থিতিৰ আঁৰত ৰাজ্যখনৰ প্ৰায় পূর্ণ শতাংশৰ স্বাক্ষৰতাৰ প্ৰভাৱ নুই কৰিব নােৱাৰি ৷ ঠিক সেইদৰে , নিম্নমান উন্নয়ন ঘটা ৰাজ্য কেইখনৰ বেলিকা স্বাক্ষৰতা আৰু জনমুৰি আয় নিম্ন পর্যায়তে ৰৈ যােৱা দেখা যায় । 

৭। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহৰ মানব সম্পদ উন্নয়নৰ বৈষম্যসমূহ আলােচনা কৰা । 

উত্তৰঃ পুৰুষ আৰু মহিলাৰ স্বাক্ষৰতাৰ পাৰ্থক্যও কেৰেলাত মাত্র ৬.৩৪ শতাংশ হােৱাৰ বিপৰীতে এই পার্থক্য বিহাৰত ২৬.৭৫ শতাংশ আৰু মধ্যপ্রদেশত ২৫.৯৫ শতাংশ । 

৮। ভাৰতত মান উন্নয়ন আঞ্চলিক পার্থক্যৰ কাৰণসমূহ কি কি ? 

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰধান ৰাজ্যসমূহৰ ভিতৰত কেৰেলা মানৱ উন্নয়নৰ শীৰ্ষত অৱস্থিত । আপেক্ষিকভাৱে ক্ষিপ্র উন্নয়নমুখ দেখা অন্যান্য ৰাজ্যবােৰৰ ভিতৰত আছে পাঞ্জাৱ , তামিলনাড়ু , মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা । আনহাতে , বিহাৰ , অসম , উৰিষ্যা , উত্তৰ প্ৰদেশ , মধ্যপ্রদেশ , আৰু অন্ধ্রপ্রদেশৰ স্থান উন্নয়নৰ লেখেৰে নিম্ন পর্যায়ত হােৱা দেখা যায় । ভাৰতৰ এই ৰাজসমূহৰ উন্নয়ন অগ্রগতি পার্থক্যৰ অন্তৰালত এলানি অর্থনৈতিক , ৰাজনৈতিক , সামাজিক আৰু সাংস্কৃতিক কাৰক পােৱা যায় । কেৰেলাৰ উচ্চস্তৰীয় উন্নয়নৰ প্ৰধান কাৰণ ৰাজ্যখনৰ প্রায় পূর্ণ শতাংশৰ সাক্ষৰতাৰ প্ৰভাৱ । 

ঠিক সেইদৰে নিম্নমানৰ উন্নয়ন ঘটা ৰাজ্যসমূহৰ বেলিকা সাক্ষৰতা আৰু জনমূৰি আয় নিম্ন পর্যায়ত ৰৈ যােৱা দেখা গৈছে । আকৌ , পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ পাৰ্থক্যও কেৰেলাত মাত্র ৬.৩৪ শতাংশ হােৱাৰ বিপৰীতে এই পার্থক্য বিহাৰত ২৬.৭৫ শতাংশ আৰু মধ্য প্রদেশত ২৫.৯৫ শতাংশ হােৱা দেখা যায় । অর্থাৎ , নিম্নমানৰ উন্নয়নৰ অন্যতম কাৰক হিচাপে মহিলাৰ আদৰ অর্থাৎ মর্যদাৰ নিম্নৱস্থা বুলি ক’ব পাৰি ।

দীঘল উত্তৰৰ প্ৰশ্ন

৯। ভাৰতৰ মানব সম্পদ উন্নয়ন প্রতিবেদন ২০০৫ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ২০০৫ চনৰ মানৱ সম্পদ উন্নয়নৰ প্রতিবেদন অনুসৰি ১০৯ কোটি জনসংখ্যাৰ দেশ ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্যভূক্ত ১৭২ খন ৰাষ্ট্ৰৰ ১২৭ তম স্থানত অধিস্থিত । মানৱ উন্নয়ন সূচকাংক অনুসৰি সেইটা বছৰত ভাৰতৰ সূচকাংক আছিল ০.৬০২ । সেই অনুসৰি ভাৰত এখন মজলীয়া গতিত মানৱ সম্পদ উন্নয়ন ৰাষ্ট্ৰ ৰূপে চিহ্নিত হয় । 

মানব সম্পদ উন্নয়নৰ ক্ষেত্ৰত এনে এক শােচনীয় অৱস্থা ভাৰতৰ পক্ষে যথেষ্ট উদ্বেগজনক । মানৱ উন্নয়নৰ লগত সম্পর্ক জড়িত বহুতাে গুৰুত্বপূৰ্ণ কাৰক এই সূচকাংক যুগুত কৰাৰ প্রসংগত বিবেচনাও হােৱা নাই । উপনিৱেশ অথবা সাম্রাজ্যবাদৰ দৰে ঐতিহাসিক কাৰকসমূহ মানৱ অধিকাৰ উলংঘন , গােষ্ঠী , ধর্ম , লিংগ আৰু বর্ণ বৈষম্য প্রভৃতি সমাজ সংস্কৃতিক কাৰক , উগ্রবাদ আৰু অপৰাধ প্ৰৱণতা প্রভৃতি সামাজিক সমস্যাৱলীৰ গভীৰতা ; যুঁজ বাগৰ , ৰাষ্ট্ৰৰ ৰাজনৈতিক পক্কতা আৰু শাসন প্রণালী প্রভৃতি ৰাজনৈতিক পৰিক্ৰমা সমূহৰ কোনাে এটা উপকৰনাে উন্নয়নৰ লগত জড়িত কৰা নাই । কিন্তু , পৃথিৱীৰ প্রায় প্রতিখন ৰাষ্ট্ৰৰ পৰিৱেশত উল্লেখিত প্রতিধৰণৰ ঐতিহাসিক , সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কাৰকে দেশখনৰ সামগ্রিক উন্নয়নৰ গতিবিধিৰ সালসলনি ঘটায় । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

১০। ভাৰতবৰ্ষৰ মানৱ সম্পদ উন্নয়ন সূচাংক সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ নিৰ্ধাৰিত সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক  দিশৰ গুণগত পৰিৱৰ্তনক অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় । 

ৰাষ্ট্ৰসংঘৰ ১৭২ খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ভাৰত হৈছে এখন মধ্যম পর্যায়ৰ দেশ । এই দেশৰ ৰাজ্যসমূহৰ ভিতৰত কেৰেলা শীর্ষস্থানত অবস্থিত । আপেক্ষিকভাৱে ক্ষিপ্র উন্নয়নৰ মুখ দেখা অন্যান্য ৰাজ্যবােৰৰ ভিতৰত আছে পঞ্জাৱ , তামিলনাড়ু , মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা । আনহাতে , বিহাৰ , অসম , উত্তৰপ্ৰদেশ , মধ্যপ্রদেশ , উৰিষ্যা আৰু অন্ধ্রপ্রদেশৰ স্থান উন্নয়নৰ লেখেৰে নিম্ন পর্যায়ত হােৱা দেখা যায় । পৰিকল্পনা আয়ােগৰ মতে , ভাৰতৰ এইসমূহ ৰাজ্যত উন্নয়ন অগ্ৰগতিৰ পাৰস্পৰিক বৈষম্যৰ অন্তৰালত এলানি অর্থনৈতিক , ৰাজনৈতিক আৰু সমাজ সাংস্কৃতিক কাৰক পােৱা যায় । কেৰেলাৰ , উচ্চস্তৰীয় উন্নয়ন স্থিতিৰ আঁৰত ৰাজ্যখনৰ প্রায় পূর্ণ শতাংশৰ স্বাক্ষৰতাৰ প্ৰভাৱ নুই কৰিব নােৱাৰি । ঠিক সেইদৰে , নিম্নমান উন্নয়ন ঘটা ৰাজ্যকেইখনৰ বেলিকা স্বাক্ষৰতা আৰু জনমুৰি আয় নিম্ন পর্যায়তে ৰৈ যােৱা দেখা যায় । 

১১। জনসাধাৰণ , পৰিৱেশ আৰু উন্নয়নৰ মাজৰ সম্বন্ধ আলােচনা কৰা । 

উত্তৰঃ উন্নয়ন , বিশেষকৈ মানৱ সম্পদ উন্নয়নৰ সামগ্রিক ধাৰণাটো অতি জটিল । পৰম্পৰাগত ধাৰণা অনুসৰি উন্নয়ন সাধন হােৱা মানে সমাজ – সাংস্কৃতিক আৰু পৰিবেশজনিত সকলােবােৰ সমস্যা একত্রে নিমূল ঘটা বুলি ভবা হৈছিল । আনহাতে , বেছিভাগ উন্নয়ন কার্যসূচী ৰূপায়নৰ ফলত জীৱন যাপনক সামগ্রিক মানৰ উল্লেখনীয় উন্নতি হােৱা স্বত্বেও একেই উন্নয়ন বিৰূপ প্রতিক্রিয়া স্বৰূপ আঞ্চলিক আৰু সামাজিক বৈষম্য , বিভেদ , বঞ্চনা , শ্রেণীবিশেষ স্থানান্তৰণ , মানৱ অধিকাৰ খর্ব, মানৱীয় প্ৰমূল্যৰ অৱক্ষয় আৰু প্রাকৃতিক পৰিবেশৰ অৱনমন , প্রভৃতি নতুন এলানি সমস্যা ঘনীভূত হােৱা দেখা যায় । 

এনেবােৰ আনুষাংগিক সমস্যাৰ গুৰুত্বভিত্তিক সমধানৰ লক্ষ্য আগত ৰাখি ৰাষ্ট্ৰসংঘই ১৯৯৩ চনৰ বার্ষিক প্রতিবেদনত উন্নয়ন পৰম্পৰাগত ধাৰণাৰ ওপৰত কিছু নতুন মাত্রা সংযােগ কৰিছে । এই সংশােধন অনুসৰি উন্নয়ন কার্যসূচীসমূহত সর্বসাধাৰণৰ অংশগ্ৰহণ আৰু নিৰাপত্তাৰ লগতে গণতান্ত্রিক প্ৰমূল্য আৰু উন্নয়নৰ সুফল ভােগ কৰাৰ অধিকাৰ সম্পৰ্কীয় ধাৰণাৰ সংযােগ ঘটে । এই সময়ৰ পৰা শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰ দুখনত জনসাধাৰণক প্রত্যক্ষ জড়িত কৰাৰ ধাৰণাও শক্তিশালী হয় । এই অনুক্রমে নিৰাপত্তাৰ উদ্দেশ্যে জনসাধাৰণৰ সজাগতা বঢ়াই তুলি প্ৰতিৰক্ষা শিতানৰ খৰচ কমােৱা আৰু এই শিতানৰ ৰাহি পুঁজি উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে বিনিয়ােগ কৰাৰ প্ৰযত্ন আৰম্ভ কৰা হয় । 

আকৌ নব্য মালথাছ বাদী পৰিবেশ বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি জনসংখ্যা আৰু সম্পদৰ মাজত ভাৰসাম্য প্রতিষ্ঠা নােহােৱা অৱস্থাত শান্তিপূর্ণ সামাজিক জীৱন প্রণালীসম্ভৱপৰ নহয় । অষ্টাদশ শতিকাৰ পাছৰ ফালত পৃথিৱী জুৰি সম্পদ আৰু জনসংখ্যাৰ সম্পর্ক ক্রমশঃ অৱনতি ঘটিব লাগিছে । বিগত তিনিটা শতিকাত পৃথিৱীত সম্পদ সম্ভাৰৰ সামান্য বৃদ্ধি ঘটাৰ বিপৰীতে জনসংখ্যা কেইবাগুণেও বৃদ্ধি পাইছে । ইফালে উন্নয়ন কার্যক্রমসমূহে একেবিধ সম্পদৰে বিকল্প ব্যৱহাৰৰ পৰিসৰ বৃদ্ধি কৰি যােৱাৰ লগে লগে পৃথিৱীত মুঠ সম্পদৰ চাহিদাও বৃদ্ধি পাব লাগিছে । সেয়েহে সকলাে উন্নয়ন কার্যক্রমৰ পক্ষে সম্পদ আৰু জনসংখ্যাৰ ভাৰসাম্য প্রতিষ্ঠাই হৈছে প্রাথমিক অগ্রাধিকাৰযােগ্য বিষয় । 

১২। ভাৰতৰ পৰিকল্পনা আয়ােগে যুগুত কৰা মানব উন্নয়ন সূচকসমূহৰ বিষয়ে চমুটোকা লিখা । 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি অনুসৰি ভাৰতৰ পৰিকল্পনা আয়ােগে নিজ দেশৰ মানৱ সম্পদ উন্নয়ন সম্পর্কীয় প্রতিবেদন যুগুত কৰে । এই প্রতিবেদন প্রস্তুত কৰাৰ বেলিকা প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত একো একোটা আঞ্চলিক গােট আৰু জিলাসমূহক একোটা ক্ষুদ্ৰাঞ্চলৰূপে গণ্য কৰে । ঘাইকৈ স্বাস্থ্য , শিক্ষা আৰু সম্পদৰ সান্নিধ্য কাৰকক উন্নয়নৰ মৌলিক আধাৰ হিচাপে লােৱাৰ উপৰি ভাৰতত মানৱ সম্পদৰ উন্নয়নৰ স্বৰূপ নির্ণয় কৰাৰ বেলিকা অর্থনৈতিক অৱস্থা, সামাজিক ক্ষমতা , পৰিচ্ছন্নতা সান্নিধ্য প্রভৃতি কেইবাটাও কাৰকৰ ওপৰত পর্যালােচনা কৰে । 

অর্থনৈতিক অবস্থা প্রাপ্তিৰ সংকেতক :- সম্পদৰ সমৃদ্ধি আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীলৈকে বুলি সকলাে প্ৰকাৰৰ দুৰ্বলতাৰ শ্ৰেণীৰ প্ৰতিজন নাগৰিক পর্যন্ত এই সম্পদৰ পৰা পােৱা সা সুবিধাবােৰৰ সম্প্ৰসাৰণ ঘটাব পাৰিলে ৰাষ্ট্ৰৰ উৎপাদন কল্যাণ আৰু উন্নয়নৰ পথ প্রশস্ত হয় । সেয়েহে পৃথিৱীৰ প্ৰতিখন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় মুঠ উৎপাদন আৰু জনমুৰি উৎপাদনৰ লেখেৰে নিজ নিজ দেশৰ অর্থনৈতিক আধাৰৰ বুজ লয় । ভাৰতৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰীয় মুঠ উৎপাদন হৈছে ৩২০০ হাজাৰ কোটি টকা আৰু সেই অনুক্রমে জনমুৰি বার্ষিক আয় ২০,৮১৩ টকা । এই পৰিমাণৰ জনমুৰি আয়ৰ ওপৰত নিৰ্ভৰশীল ভাৰতীয় সমাজত দৰিদ্ৰতা অর্থাৎ সীমাৱদ্ধ ক্রম ক্ষমতাজনিত অধিহাৰ , নিৰক্ষৰ , অন্ধবিশ্বাস , কুসংস্কাৰ , অসম বিতৰণ আৰু আঞ্চলিক বৈষম্য প্রভৃতিৰ অকল্যাণমুখী অৱস্থাই গােজেই গজালি মেলিছে । 

স্বাস্থ্য সংকেতক :- স্বাস্থ্য আৰু দীর্ঘ জীৱন দানৰ ক্ষেত্ৰত ভাৰতে ১৯৫১ চনৰ পিছৰ সময়ছােৱাত ভালেখিনি অগ্রগতিৰ মুখ দেখা বুলি ক’ব পাৰি । ১৯৫১-৯৯ চনৰ সময়ছােৱাত এই দেশত হাজাৰে প্ৰতি মৃত্যু হাৰ ২৫.১ জনৰ পৰা ৮.১ জনলৈ হ্রাস পাইছে । তদুপৰি একেটা সময়ৰ ভিতৰতে কেঁচুৱাৰ মৃত্যুৰ হাৰৰ হেজাৰত ১৪৮ ৰ পৰা ৭০ লৈ কমিছে । পুৰুষৰ ক্ষেত্ৰত প্রত্যাশিত জীৱনকাল পূর্ব ৩৭.১ বছৰৰ পৰা ৬২.৩ বছৰ আৰু তিৰােতাৰ ক্ষেত্ৰত ৩৬.২ বছৰৰ পৰা ৬৪.৩ বছৰলৈ বৃদ্ধি পাইছে । তদুপৰি এই সময়ছােৱাত জন্মহাৰ ৪০.৮ ৰ পৰা ২৬.১ লৈ হ্রাস পাইছে ।

সামাজিক কর্তৃত্ব সংকেতঃ ২০০১ চনৰ জনগণনা অনুসৰি ভাৰতৰ সামগ্রিক সাক্ষৰতাৰ হাৰ ৬৫.৪ শতাংশৰ বিপৰীতে স্ত্রী – সাক্ষৰতাৰ নিৰিখ আছিল ৫৪.১৬ শতাংশ । সামগ্রিকভাৱে উপদ্বীপীয় ভাৰতৰ ৰাজ্যসমূহত সাক্ষৰতাৰ এই দুয়ােটা নিৰিখেই সৰ্বভাৰতীয় গড়ৰ ওপৰত পােৱা গৈছিল । ৰাজ্যিক পর্যায়ত সাক্ষৰতা হাৰ কেৰালাত দেশৰ ভিতৰত সৰ্বাধিৰ ৯০,৯২ শতাংশ আৰু মিজোৰামত ৮৮.৪৯ শতাংশ পােৱাৰ বিপৰীতে বিহাৰত দেশৰ ভিতৰতে সর্বনিম্ন অর্থাৎ ৪৯.৪৩ শতাংশহে আছিল । 

ভাৰতৰ মানব উন্নয়ন সূচকাংকঃ উন্নয়নৰ সামগ্রিক লেখত ৰাষ্ট্ৰসংঘৰ ১৭২ খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ভাৰত হৈছে এখন মধ্যম পর্যায়ৰ দেশ । এই দেশৰ ৰাজ্যসমূহৰ ভিতৰত কেৰালা শীর্ষ স্থানত অৱস্থিত । আপেক্ষিক ক্ষিপ্র উন্নয়নৰ মুখ দেখা অন্যান্য ৰাজ্যবােৰৰ ভিতৰত আছে পঞ্জাৱ , তামিলনাড়ু , মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা । আনহাতে বিহাৰ , অসম , উত্তৰ প্ৰদেশ , মধ্যপ্রদেশ , উৰিষ্যা আৰু অন্ধ্রপ্রদেশৰ স্থান উন্নয়নৰ লেখেৰে নিম্ন পর্যায়ত দেখা যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top