Class 12 Geography Unit 13 জনসংখ্যাৰ গাঁথনি Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board AHSEC Class 12 Geography Unit 13 জনসংখ্যাৰ গাঁথনি and select needs one.
Class 12 Geography Unit 13 জনসংখ্যাৰ গাঁথনি
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given SEBA AHSEC Class 12 Geography Unit 13 জনসংখ্যাৰ গাঁথনি Solutions for All Subject, You can practice these here.
জনসংখ্যাৰ গাঁথনি
অধ্যায় – ১৩
দ্বিতীয় খণ্ড
অতি চমু প্ৰশ্নোত্তৰ
১। ৫ বছৰৰ অনুৰ্ধৰ শিশুৰ অনুপাত তলত দিয়া কোনখন জিলাৰ ভিতৰত সর্বনিম্ন ?
( i ) যােৰহাট ।
( ii ) কামৰূপ ।
( i ) ধুবুৰী । আৰু
( iv ) নগাওঁ ।
উত্তৰঃ ( i ) যােৰহাট ।
২। তলত দিয়া কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ বেছি ।
( i ) যােৰহাট ।
( ii ) কামৰূপ গ্রাম্য ।
( iii ) ডিব্ৰুগড় । আৰু
( iv ) কাছাৰ ।
উত্তৰঃ ( i ) যােৰহাট ।
৩। তলৰ কোনখন জিলাৰ জনসংখ্যা ঘনত্বৰ হাৰ সৰ্বাধিক ?
( i ) যােৰহাট ।
( ii ) কামৰূপ ।
( iii ) নগাঁও । আৰু
( iv ) কাছাৰ ।
উত্তৰঃ ( iii ) নগাঁও ।
৪। তলত দিয়া কোনখন জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি –
( i ) নলবাৰী ।
( ii ) কামৰূপ ।
( iii ) দৰং । আৰু
( iv ) শিৱসাগৰ ।
উত্তৰঃ ( ii ) কামৰূপ ।
৫। তলত দিয়া কোনখন জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কম –
( i ) ধেমাজী ।
( ii ) তিনিচুকীয়া ।
( iii ) বৰপেটা । আৰু
( iv ) গােলাঘাট ।
উত্তৰঃ ( iv ) গােলাঘাট ।
৬। ২০০১ চনৰ লােক গণনা মতে অসমৰ জনসংখ্যা কিমান ?
উত্তৰঃ ২০০১ চনৰ লােক গণনা অনুসৰি অসমৰ জনসংখ্যা ২৬,৬৩৮,৪০৭ জন ।
৭। ২০০১ চনৰ তথ্যমতে অসমৰ লিংগৰ অনুপাত কিমান ?
উত্তৰঃ ২০০১ চনৰ লােকগণনা অনুসৰি অসমৰ লিংগ অনুপাত ১০০০ঃ ৯৩২ ।
৮। ২০০১ চনৰ তথ্য অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান ?
উত্তৰঃ ২০০১ চনৰ তথ্য অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ ৬৩.২৫ শতাংশ ।
৯। অসম নাৰীৰ স্বাক্ষৰতাৰ হাৰ কিমান ?
উত্তৰঃ অসমত নাৰীৰ স্বাক্ষৰতাৰ হাৰ ৫৬.০৩ শতাংশ ।
১০। অসমত পুৰু স্বাক্ষৰতাৰ হাৰ কিমান ?
উত্তৰঃ অসমত পুৰুষৰ স্বাক্ষৰতাৰ হাৰ ৭৫.৯৬ শতাংশ ।
১১। অসমৰ কোনখন জিলাৰ শিক্ষিতৰ হাৰ বেছি ?
উত্তৰঃ অসমৰ যােৰহাট জিলাত শিক্ষিতৰ হাৰ সর্বাধিক ।
১২। অসমীয়া জনসাধাৰণৰ মাজত ধর্মীয় গাঁথনিৰ বিষয়ে লিখা ।
উত্তৰঃ ২০০১ চনৰ লােক গণনা অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ৬৪.৮৯ শতাংশ হিন্দু , ৩০.৯২ শতাংশ মুছলমান , ৩.৭ শতাংশ খ্রীষ্টিয়ান , ০.১৯ শতাংশ বৌদ্ধ , ০.০৯ শতাংশ জৈন ০.০৮ শতাংশ শিখ ধৰ্মাৱলম্বী আৰু অৱশিষ্ট ১.৩ শতাংশ লােক জড়ােপাসক অথবা নাস্তিক ভাবধাৰাৰ অনুগামী ।
১৩। অসমৰ জনসাধাৰণৰ জীৱিকাৰ উপায়সমূহ কি ?
উত্তৰঃ অসমৰ জনসাধাৰণৰ জীৱিকাৰ উপায়সমূহ হ’ল –কৃষি , কুটিৰ শিল্প , উদ্যোগ আৰু সেৱাখণ্ডৰ কাৰ্যসমূহ ।
১৪। অসমীয়া নাৰীৰ জীৱিকাৰ উপায় সমূহৰ সম্পর্কে লিখা ।
উত্তৰঃ অসমীয়া নাৰীৰ জীৱিকাৰ উপায়সমূহ হ’ল কুটিৰ শিল্প , উদ্যোগ, পৰিবহ আৰু সেৱাখণ্ডৰ কাৰ্যসমূহ ।
১৫। ২০০১ চনৰ তথ্য অনুসৰি অসমৰ কৰ্মজীৱী লােকৰ সংখ্যা কিমান ?
উত্তৰঃ ২০০১ চনৰ লােকপিয়ল অনুসৰি অসমৰ কৰ্মজীৱি লােকৰ সংখ্যা ৯৫,৩৮,৫৯১ জন ।
১৬। ২০০১ চনৰ হিচাপ অনুসৰি অসমৰ কৰ্মজীবী পুৰুষৰ সংখ্যা কিমান ?
উত্তৰঃ ২০০১ চনৰ লােকপিয়ল অনুসৰি অসমৰ কৰ্মজীৱী পুৰুষৰ সংখ্যা ৬৮,৭০,৯৬০ জন ।
১৭। ২০০১ চনৰ হিচাপ অনসুৰি অসমৰ কর্মজীবী মহিলাৰ সংখ্যা কিমান ?
উত্তৰঃ ২০০১ চনৰ লােকপিয়ল অনুসৰি অসমৰ কৰ্মজীৱী মহিলাৰ সংখ্যা হ’ল – ২৬,৬৭,৬৩১ গৰাকী ।
১৮। অসমৰ লিংগ অনুপাতৰ আৰ্হিৰ সম্বন্ধে এটি চমু টোকা লিখা ।
উত্তৰঃ ২০০১ চনৰ জনগণনা অনুসৰি প্রতি হেজাৰ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা মাত্র ১০০০:৯৩২ গৰাকীহে । এই লিংগানুপাত সৰ্বভাৰতীয় পৰিসংখ্যা ৯৩৩ কৈ কিঞ্চিৎ হলেও নিম্ন পৰ্য্যায়ৰ ।
১৯। অসমৰ পাহাৰীয়া আৰু সমভূমি অঞ্চলৰ জিলাসমূহৰ মাজত সাক্ষৰতা হাৰৰ পার্থক্য পর্কে লিখা ।
উত্তৰঃ অসমৰ পাহাৰীয়া জিলাসমূহৰ স্বাক্ষৰতাহাৰ সমভূমি অঞ্চলৰ জিলাসমূহৰ তুলনাত থষ্ট কম ।
২০৷ অসমৰ পাহাৰীয়া জিলাসমূহত কৰা অন্তৰণ কৃষি সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ অসমৰ পার্বত্য জিলাসমূহত বছৰি প্রায় ৭০০ বর্গ কিঃমিঃ অৰণ্যভূমি অন্তৰণ কৃষিৰ বাবে মুকলি কৰা হয় । একেৰাহে দুবছৰ খেতি কৰাৰ পাছত এনেবােৰ কৃষিভূমি পৰিত্যাগ ৰা হয় ।
২১। অসমত কৃষকসকলে ব্যৱহাৰ কৰা অধিক উৎপাদনক্ষম ধানৰ প্ৰজাতিৰ বিষয়ে লিখা ।
উত্তৰঃ বৰ্তমান সময়ত অসমত কৃষকসকলে অধিক উৎপাদনক্ষম জয়া, পুষা , আই . বি . – ৮ , পাইজং প্রভৃতি সংকৰ প্ৰজাতিৰ ধানৰ খেতি কৰা দেখা যায় ।
২২। অসমৰ কৃষিকার্যত ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ বিষয়ে এটি চমু টোকা লিখা ।
উত্তৰঃ অসমৰ কৃষিকার্যত পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা প্রধান সামগ্রীসমূহ হ’ল – নাঙল জুৱলি , কোৰ , কটাৰী , দা , কাচি আদি । শেহতীয়াভাৱে ট্রেক্টৰ , পাৱাৰটিলা আদিসমূহে বাৰ অন্তর্ভুক্ত হৈছে ।
দীঘল প্রশ্নোত্তৰ
২৩। অসমৰ জলবায়ুৰ বৈশিষ্ট্যৰ বিষয়ে লিখা ।
উত্তৰঃ অসমৰ জলবায়ুক উপক্রান্তীয় খৰাংশী মৌচুমী শ্ৰেণীৰ ভিতৰত ধৰা হয় যদিও জ্যখনৰ বিভিন্ন অৱস্থানৰ জলবায়ুৰ মাজত ভালেমান প্রভেদ অতিশয় স্পষ্ট ৰূপত দেখা যায় । অক্ষাংশ আৰু মৌচুমী বায়ুৰ গতিবিধিৰ উপৰিও ৰাজ্যখনৰ ভিন ভিন এলেকাৰ । শিলবায়বীয় প্রতিৰূপৰাজ্যৰ এই ভূ – খণ্ডটোৰ ভৌগােলিক অৱস্থান আৰু ভূ – আকৃতি প্রভৃতি ।
আন এলানি নির্ণেয়ক কাকৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আছে । সেয়েহে সৰ্বভাৰতীয় অথবা গােলকীয় পৰিসৰত প্ৰকাশ পােৱা উপক্রান্তীয় মৌচুমী জলবায়ুৰ আদৰ্শ অৱস্থা এটা অসমত দুষ্প্রাপ্য । ক্লডিমিৰ কোপেন প্রদর্শিত জলবায়বীয় প্রতিৰূপ অনুসৰি অসমৰ জলবায়ুক উপক্রান্তীয় খৰাংশীত গুৰুতাপী লক্ষণৰ জলবায়ুৰ অন্তর্ভুক্ত কৰি অহা হৈছে ।
কিন্তু বাস্তৱ ক্ষেত্ৰত অসমৰ ভিন ভিন ঠাইত ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ সময়ছােৱাত ১৩ ছেণ্টিমিটাৰ পর্যন্ত বৰষুণ হােৱা দেখা যায় । আকৌ সমগ্র গাংগেয় ক্ষেত্ৰতে প্ৰখৰ উত্তাপ আৰু বৃষ্টিহীন গ্রীষ্ম ঋতুৰূপে চিহ্নিত এপ্রিল আৰু মে’ মাহৰ সময়ছােৱা অসমৰ বেলিকা অবিৰত বৃষ্টি মুখৰ হৈ থকাৰ ফলত তাপমান ঠিক উত্তৰ ভাৰতৰ ফেব্ৰুৱাৰী মাহৰ নিচিনা হয় । অসমৰ জলবায়ুৰ বেলিকা মৌচুমী বতাহ বৃষ্টিপাতৰ প্ৰধান কাৰণ হ’লেও ই একমাত্র কাৰণ নহয় । ঠিক সেইদৰে ৰাজ্যখনৰ বিভিন্ন অৱস্থানত অনুভূত বায়ুমণ্ডলীয় তাপমানৰ ওপৰত অক্ষাংশ অথবা উচ্চতাৰ পৰিবৰ্তে বৃষ্টিপাত মাসিক বিতৰণহে সর্বাধিক শক্তিশালী কাৰক হৈ থাকে । ইফালে ভাৰতৰ অন্যত্র বিৰল বুলিব । পৰাকৈ অসমৰ জলবায়ুত গ্রীষ্ম বুলিব পৰাকৈ কোনাে এক নির্দিষ্ট সময়সীমা নাই । মে ছেপ্তেম্বৰ মাহৰ ভিতৰত তুলনামূলকভাৱে বৃষ্টিহীন অৱস্থাৰ দিনকেইটাক গ্রীষ্মৰ দিন ৰূপে চিহ্নিত কৰিব পৰা যায় ।
২৪। অসমৰ নগৰীকৰণৰ ওপৰত এটি টোকা লিখা ।
উত্তৰঃ অসমত প্ৰকৃততে পৌৰ প্ৰশাসনৰ অধীনস্থ পূর্ণ পর্যায়ৰ নগৰ মাত্র ৮০ খন আৰু এই কেইখন নগৰৰ মুঠ বাসিন্দা হৈছে ৩০,৪০,৪১২ জন , অর্থাৎ ৰাজ্যখনৰ অধিবাসীৰ ১১.৪১ শতাংশহে । জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতৰ নগৰসমূহক ছটা শ্ৰেণীত বিভক্ত কৰাৰ বিষয়ে আমি আগতে পাই আহিছাে ( ১৪.৩.৩ অধ্যায় দ্রষ্টব্য ) । এই শ্রেণী বিভাগ অনুসৰি অসমত প্রথম শ্রেণীৰ চহৰ অর্থাৎ লক্ষাধিক জনসংখ্যাৰ নগৰ ৬ খন , দ্বিতীয় শ্রেণীৰ অন্তর্ভুক্ত নগৰ ( ৫০,০০০–৯৯,৯৯৯ ) ৭ খন , তৃতীয় শ্রেণী ( ২০,০০০ – ৪৯,৯৯৯ ) ২০ খন , চতুর্থ শ্রেণীৰ ( ১০,০০০—১৯,৯৯৯ ) ২৮ খন , পঞ্চম শ্রেণীৰ ( ৫,০০০—৯,৯৯৯ ) ১৭ খন আৰু সষ্ঠ শ্ৰেণীৰ ( ৫০০০ ) ২ খন নগৰ আছে ।
গুৱাহাটী ( ৮,১৮,৮০৯ ) , শিলচৰ ( ১,৫৬,৯৪৮ ) , ডিব্ৰুগড় ( ১,৩৩,৫৭১ ) , যােৰহাট ( ১,২০,৪১৫ ) , নগাওঁ ( ১,০৮,৭৮৬ ) আৰু তিনিচুকীয়া ( ১,০১,৯৫৭ ) অসমৰ প্রথম শ্রেণীৰ চহৰ । কিন্তু এইকেইখন চহৰৰ ভিতৰত একমাত্র গুৱাহাটীতহে পৌৰ নিগম গঠন হৈছে । বাকীকেইখন চহৰ এতিয়াও দ্বিতীয় অথবা তাতােকৈ তলৰ পৰ্যায়ৰ নগৰৰ বাবে প্রযােজ্য পৌৰসভা প্রশাসনৰ অধীনতে আছে । ফলস্বৰূপে এই কেইখন চহৰে নগৰ উন্নয়নৰ প্রাপ্য অনুদান প্রভৃতিৰ পৰাও বঞ্চিত হৈ আহিছে । এইকেইখন চহৰৰ পাছতে অৱস্তান কৰা অসমৰ সাতখন দ্বিতীয় শ্রেণীৰ চহৰ হৈছে একাদিক্রমে তেজপুৰ ( ৯৮,৫৫০ ) , ধুবুৰী ( ৬৪,১৬৮ ) , বঙাইগাওঁ ( ৬০,৩২৮ ) , লখিমপুৰ ( ৫৪,২৮৫ ) , শিৱসাগৰ ( ৫৩,৮৫৪ ) , কৰিমগঞ্জ ( ৫২,৬১৩ ) আৰু ডিফু ( ৫২,৩১০) । লামডিং আৰু লামডিং ৰে’লনগৰী ( পৃথক পৌৰ প্ৰশাসনাধীন ) যুগ্ম চহৰৰ মুঠ জনসংখ্যা ৫০,৫৭০ জন হােৱালৈ চাই ইয়াক এখন দ্বিতীয় শ্রেণীৰ চহৰৰ মর্যাদা বহুতাে গ্ৰন্থত প্রদান কৰা হৈছে যদিও জনগণনা অথবা পৌৰ এলেকাৰ বিভাজনৰ নিয়মৰ ভিতৰত ই সেই মর্যাদাৰ নহয় । কাৰণ ক্ষুদ্ৰ চহৰ আৰু বৃহৎ চহৰৰ গাতে লাগি থাকিও ভিন্ন প্রশাসনৰ কাৰণে একাকাৰ নােহােৱা কেইবাখনাে চহৰপুঞ্জ অসমত আছে ।
২৫। অসমৰ নগৰীকৰণ প্ৰক্ৰিয়াৰ ওপৰত এটা টোকা লিখা ।
উত্তৰঃ অসমত বৰ্ত্তমান সৰু – ডাঙৰ পৌৰ বসতি এলেকাৰ সংখ্যা ১২৫ টা । ইয়াৰে ৪৫ টা এলেকাক জনগণনা কর্তৃপক্ষই জনসংখ্যা , জনবসতিৰ ঘনত্ব আৰু জীৱিকা নির্বাহৰ লক্ষণৰ ভিত্তিত নগৰৰ মর্যদা দিছে যদিও এনে কোনাে এটা এলেকাতে নগৰ প্ৰকাৰ্যৰ অত্যাৱশ্যকীয় উপাদান নগৰ প্রশাসন এতিয়াও গঢ়ি উঠা নাই । এনেবােৰ এলেকাক জনগণনা চহৰ বােলা হয় । এনে এলেকাৰ অধিবাসীৰ সংখ্যা হৈছে ৪,২৪,৮৫৬ জন । পৌৰ প্ৰশাসনে পৌৰ সুবিধা আগবঢ়োৱাত ব্যর্থ হােৱা বাবেই এনে এলেকাৰ সংখ্যা বৃদ্ধি পাইছে । অসমত প্ৰকৃততে পৌৰ প্রশাসনৰ অধীনস্থ পূর্ণ পর্যায়ৰ নগৰ মাত্র ৮০ খন । এই আটাইকেইখন নগৰৰ মুঠ বাসিন্দা হৈছে ৩০,৪০,৪১২ জন অসমৰ একমাত্ৰ গুৱাহাটীতহে পৌৰ নিগম গঠন হৈছে । বাকী কেইখন চহৰ এতিয়াত পৌৰসভা প্রশাসনৰ অধীনতে আছে ।
২৬। ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলত জনবসতি প্রক্রিয়া সম্পর্কে এটি টোকা লিখা ।
উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকা সমভূমিৰ মাটি উর্বৰ হােৱাৰ লগতে মানুহৰ জীৱন যাত্ৰাৰ ভৌতিক তথা সাংস্কৃতিক পটভূমিও সাধাৰণ অৰ্থত অনুকূল । সেয়েহে সমগ্ৰ অসম ৰাজ্যৰ বৃহত্তম অংশটোৱেই এই নদী উপত্যকাত সিচৰিত হৈ আছে।কৃষিকেন্দ্রীক অর্থনীতিৰ ওপৰত নিৰ্ভৰশীল অসমৰ অধিকাংশ লােকেই ভূমিৰ উৰ্বৰতাকে মূলধন ৰূপে হৈ এই প্লাৱনভূমিত নিজ নিজ জীৱনযাত্রা আগুৱাই নিয়া দেখা যায় ।
২৭। অসমৰ গ্ৰাম্য বসতিৰ ওপৰত এটি টোকা লিখা ।
উত্তৰঃ অসমত মুঠতে তিনি প্ৰকাৰৰ গ্ৰাম্য বসতি আছে । পার্বত্য এলেকাৰ অনেক ঠাইত পল্লী শ্রেণীভূক্ত ক্ষুদ্র গাওঁ কিছুমানৰ জনসংখ্যা অতি কম । এনে গাওঁবােৰৰ অধিবাসীসকল নির্দিষ্ট একোটা ফৈদৰ অন্তর্ভূক্ত আৰু ফৈদটোৰ গাইগুটীয়া সংস্কৃতিৰ বাহক । এওঁলােকে সচৰাচৰ ঝুমখেতি , চিকাৰ আৰু সংগ্রহ কাৰ্যৰ দ্বাৰা জীৱিকা অর্জন কৰে ।
কৃষি , কুটীৰ শিল্প অথবা মাছধৰা আদি স্থিৰ অৰ্থনীতিৰ লগত জড়িত গাওঁসমূহক নিগাজী গাওঁ বােলা হয় । অসমত এনেবােৰ গাওঁৰ সংখ্যাই সৰহ ।
চাহ বাগিছাকে ধৰি সুসংগঠিত বৃহৎ এলেকা ব্যাপি পৰিচালনা কৰা ৰােপন কৃষি অঞ্চলত পৰিকল্পিত ভাৱে গঢ় দিয়া গ্রাম্য বসতিক বা বাগান বসতি বা লেটি ফুন্দিয়াম বােলা হয় । আর্থিক আৰু সামাজিকভাৱে সমপৰ্য্যায়ৰ শ্রমিক কর্মচাৰীসকলএনেবােৰ বসতি এলেকাত লগালগিকৈ বাস কৰে ।
| Sl. No. | সূচী-পত্ৰ |
| প্ৰথম খণ্ড | |
| Chapter 1 | মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিসৰ |
| Chapter 2 | জনসংখ্যা আৰু উন্নয়ন |
| Chapter 3 | জনসংখ্যাৰ গাঁথনি |
| Chapter 4 | মানৱ সম্পদৰ বিকাশ |
| Chapter 5 | প্রাথমিক খণ্ডৰ জীৱিকা |
| Chapter 6 | দ্বিতীয়ক খণ্ডৰ বৃত্তি |
| Chapter 7 | তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ |
| Chapter 8 | পৰিবহণ আৰু যােগাযােগ |
| Chapter 9 | আন্তৰ্জাতিক বাণিজ্য |
| Chapter 10 | জনবসতিৰ প্ৰকাৰ |
| দ্বিতীয় খণ্ড | |
| Chapter 11 | উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি |
| Chapter 12 | অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু |
| Chapter 13 | জনসংখ্যাৰ গাঁথনি |
| Chapter 14 | জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব |
| Chapter 15 | অসমৰ কৃষিখণ্ড আৰু উদ্যোগ |
| Chapter 16 | অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা |
| তৃতীয় খণ্ড | |
| Chapter 17 | ভাৰতৰ জনসংখ্যা |
| Chapter 18 | ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম |
| Chapter 19 | মানৱ সম্পদ উন্নয়ন |
| Chapter 20 | ভাৰতৰ জনবসতি |
| Chapter 21 | ভূমি সম্পদ আৰু কৃষিকাৰ্য |
| Chapter 22 | ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ |
| Chapter 23 | ভাৰতৰ কাৰিকৰী উদ্যোগ |
| Chapter 24 | ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন |
| Chapter 25 | ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা |
| Chapter 26 | আন্তর্জাতিক বাণিজ্য |
| Chapter 27 | নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপাত |
চমু টোকা লিখা
২৮। অসমৰ জনসংখ্যাৰ অসমান বিভাজনৰ কাৰণবােৰ ।
উত্তৰঃ আর্থিক কাম – কাজৰ সুচলতা অনুসৰি অসমৰ ভিন ভিন পৰিবেশৰ অঞ্চলবােৰত জনসংখ্যাৰ বিতৰণৰ প্ৰতিৰূপৰ পাৰ্থক্য সৃষ্টি হােৱা দেখা যায় । ৰাজ্যখনৰ ভিন ভিন এলেকাত যথাক্রমে মালভূমি , ভংগিল পর্বত আৰু নদী গঠিত সমভূমি অঞ্চলৰ ভিন্নধর্মী ভূ – প্রাকৃতিক অৱয়ব পােৱা যায় । এনে ভিন্ন ভূ – প্রাকৃতিক অঞ্চলত আর্থিক কাম-কাজো ভিন্ন হয় । অসমৰ মুঠ ভৌগােলিক এলেকাৰ ২০ শতাংশ আৱৰি ৰখা পর্বত অথবা মালভূমি সমূহৰ অধিকৃত এলেকাসমূহৰ অধিবাসীসকল প্রধানকৈ প্ৰাথমিক খণ্ডৰ জীৱিকাৰ ওপৰত নিৰ্ভৰশীল ।
এনেবােৰ অনুবৰ আৰু অতিশয় বন্ধুৰ প্ৰকৃতিৰ এলেকাত কৃষিকার্য সুচল নােহােৱা হেতুকে ৰাজ্যখনৰ সমগ্র পার্বত্য ভূমিত জনবসতি সেৰেঙা হােৱা দেখা যায় । আনহাতে , বৰাক আৰু ব্ৰহ্মপুত্র নদীৰ উপত্যকা সমতলৰ মাটি উর্বৰ আৰু মানুহৰ জীৱন যাত্ৰাৰ ভৌতিক তথা সাংস্কৃতিক পটভূমিও সাধাৰণ অৰ্থত অনুকূল । সেয়েহে সমগ্ৰ ৰাজ্যখনৰ বৃহত্তম অংশটোৱেই এই দুই নদী উপত্যকাত সিঁচৰিত হৈ আছে । এই এলেকাসমূহৰ উপৰিও অসমত ১২৫ টা পৌৰ এলেকা আছে । সংশ্লিষ্ট চহৰসমূহৰ আর্থিক প্রকার্য অনুসৰিও জনবসতি ভিন ভিন হােৱা দেখা যায় ।
২৯। অসমৰ অনুন্নত পৌৰ অঞ্চল ।
উত্তৰঃ অসমত বৰ্তমান সৰু ডাঙৰ পৌৰ বসতি এলেকাৰ সংখ্যা ১২৫ টা এলেকাক জনগণনা কর্তৃপক্ষই জনসংখ্যা , জনবসতিৰ ঘনত্ব আৰু জীৱিকাৰ নির্বাহৰ লক্ষণৰ ভিত্তিত নগৰৰ মৰ্যদা দিছে যদিও এনে কোনাে এটা এলেকাতে নগৰ প্ৰকাৰ্যৰ অত্যাৱশ্যকীয় উপাদান নগৰ প্রশাসন এতিয়াও গঢ়ি উঠা নাই । পূৱৰ জনগণনাত পূর্ণ পৰ্যায়ৰ , অর্থাৎ , নগৰ প্রশাসন ব্যৱস্থাৰ অন্তর্ভূক্ত হােৱা মৰিয়ণী , জাগীৰােড , নামৰূপ , টিহু প্রভৃতি কেইখনমান উল্লেখযােগ্য নগৰৰ পৌৰ প্ৰশাসন কালক্ৰমত নিষ্ক্রিয় হৈ পৰাৰ পাছত এনেবােৰ নগৰ বৰ্ত্তমান জনগণনা চহৰ পর্যায়লৈ নামি গৈছে ।
গুৱাহাটীৰ ওচৰৰ আমিনগাওঁ আৰু ধাৰাপুৰ , যােৰহাটৰ চেকনিধৰা , নাওবৈচা , কুমাৰ কৈৱতগাওঁ , শেনচোৱা প্রভৃতিকে ধৰি ৰাজ্যৰ ত্ৰিশখন জনগণনা চহৰ প্ৰকৃততে এইবােৰক স্পর্শ কৰি থকা ডাঙৰ নগৰখনৰে সম্প্ৰসাৰিত এলেকাৰ বাহিৰে আন একো নহয় । কিন্তু , মূল নগৰখনৰ পৌৰ প্ৰশাসনে এনেবােৰ এলেকালৈ পৌৰ সুবিধা আগবঢ়োৱাত ব্যর্থ হােৱাৰ কাৰণেই এফালেদি ৰাজ্যত ডাঙৰ নগৰৰ শ্ৰীবৃদ্ধি ব্যাহত হৈছে আৰু আনফালে এনে প্রশাসন বিহীন পৌৰ এলেকাৰ সংখ্যাও বৃদ্ধি পাইছে ।
৩০। লেটিফুন্দিয়াম বসতি ।
উত্তৰঃ চাহ বাগিছাকে ধৰি সু – সংগঠিত বৃহৎ এলেকা ব্যাপী পৰিচালনা কৰা ৰােপন কৃষি অঞ্চলত পৰিকল্পিত ভাৱে গঢ় দিয়া গ্রাম্য বসতিক বাগান বসতি বা লেটিফুন্দিয়াম বসতি বােলা হয় । আর্থিক আৰু সামাজিকভাৱে সমপর্যায় শ্রমিক কর্মচাৰীসকল এনেবােৰ বসতি এলেকাত লগালগিকৈ বাস কৰে । এনে এলেকাৰ বাসিন্দাসকলে কর্মস্থলীৰ মৰ্যদা অনুসৰি কিছুমান সা – সুবিধা বহুতৰ মাজত উমৈহতীয়া আৰু আন কিছুমান সুবিধা গাইগুটীয়া পৰ্যায়ত উপভােগ কৰে । বাগিছাৰ কর্তৃপক্ষই প্রযােজন মতে কিছুমান সা – সুবিধা কম বেছি কৰিবও পাৰে । অর্থাৎ এনে বসতিৰ এলেকাত শ্ৰমৰ পর্যায় অনুসৰিহে বসতিৰ অৱস্থান আৰু মানদণ্ড সুনির্দিষ্ট হৈ থাকে ।
৩১। অসমৰ জনসংখ্যা ঘনত্ব ।
উত্তৰঃ ২০০১ চনৰ লােকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ঘনত্ব প্রতি বর্গ কিলােমিটাৰত ৩৪০ জন । কিন্তু , অঞ্চল নির্বিশেষে এই ঘনত্ব একে নহয় । নগাঁও জিলাত জনসংখ্যা ঘনত্ব ৰাজ্যখনৰ ভিতৰতে সর্বাধিক , প্রতি বর্গকিলােমিটাৰত ৬০৪ জন । ইয়াৰ পাছতেই যথাক্রমে ধুবুৰী , কামৰূপ , কৰিমগঞ্জ , নলবাৰী আৰু ৰপেটা জিলাৰ প্রতি বর্গ কিলােমিটাৰ এলেকাত ৫০০ জনৰ অধিক লােকে বসবাস কৰা দেখা যায় । মৰিগাওঁ , গােৱালপাৰা , দৰং আৰু হাইলাকান্দি জিলাত জনসংখ্যা ঘনত্ব ৪০১-৫০০ জনৰ পৰিসৰত পােৱা যায় ।
অসমৰ আঠখন জিলাত জনসংখ্যা ঘনত্ব ৰাজ্যৰ সামগ্রিক ঘনত্বৰ ওচৰে পাজৰে হােৱা দেখা যায় । এই জিলাকেইখন হল যথাক্রমে শিৱসাগৰ , যােৰহাট , লক্ষীমপুৰ , কাছাৰ , বঙাইগাঁও , ডিব্ৰুগড় , যােৰহাট , শােণিতপুৰ আৰু তিনিচুকীয়া । বাকী কেইখন জিলাৰ ভিতৰত কোকোৰাঝাৰ , গােলাঘাট আৰু ধেমাজি জিলাৰ জনবসতি সেৰেঙা হােৱা দেখা যায় । পার্বত্য জিলা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাক এতিয়াও বিৰল জনবসতিৰ এলেকা ৰূপে গণ্য কৰা হয় ।
৩২। অসমৰ পিয়ল কৰা নগৰসমূহৰ বৈশিষ্ট্যবিলাকৰ ওপৰত এটি টোকা লিখা ।
উত্তৰঃ অসমৰ প্ৰতিখন প্রথম শ্রেণীৰ চহৰেই ৰাজধানী অথবা জিলাৰ সদৰ হিচাপে প্রশাসনিক কেন্দ্র হােৱাৰ উপৰিও আন্তঃআঞ্চলিক অথবা কমপক্ষেও একাধিক জিলাত প্ৰভাৱ বিস্তাৰ কৰা অর্থনৈতিক কাম – কাজৰ কেন্দ্ৰ । আনহাতে , দ্বিতীয় শ্রেণীৰ চহৰসমূহ ঘাইকৈ জিলাৰ সদৰ আৰু সামান্য পৰিমাণে হ’লেও সংশ্লিষ্ট জিলাৰ চাৰিসীমাৰ বাহিৰত থকা কিছুমান অঞ্চলৰ মানুহে কিবা একোটা বিষয়ত এনেবােৰ চহৰৰ ওপৰত নিৰ্ভৰ নকৰিলেই নহয় । তৃতীয় শ্ৰেণীৰ অন্তর্ভূক্ত কুৰিখন চহৰৰ ৯ খন জিলাৰ সদৰ আৰু আন ৫ খন মহকুমাৰ সদৰত অৱস্থিত । এই শ্ৰেণীৰ অন্তৰ্গত লামডিং লংকা আৰু ডিগবৈ অর্থনৈতিকভাৱে একোখন গুৰুত্বপূর্ণ চহৰ ।
জিলাৰ সদৰ অৱস্থানত থাকিও চতুর্থ শ্ৰেণীৰ জোখত ৰৈ যােৱা অসমৰ একমাত্র চহৰখন ধেমাজী । এই শ্রেণীৰ আন কেইখনমান বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ চহৰ হ’ল – নাহৰকটীয়া , ডুমডুমা আৰু বােকাজান । মৰিয়নী , জাগীবােড় , নামৰূপ , ডিগবৈ , নিউ বঙাইগাঁও , বেলনগৰী , চালাকাটী , বঙাইগাঁও শােধানাগাৰ , দুলিয়াজান আৰু লিডু প্রভৃতি অসমৰ বহুকেইখন গুৰুত্বপূৰ্ণন – পুৰণি চহৰ একমাত্র সক্রিয় পৌৰ প্রশাসন নথকাৰ কাৰণেই জনগণনা চহৰ মৰ্যদাৰ মাজত সােমাই আছে ।
৩৩। অসমৰ জনসংখ্যা বৃদ্ধিৰ আহিটোৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ বিট্রিছ সাম্রাজ্যৰ অন্তর্ভূক্ত হােৱাৰ সময়ত অসমৰ আনুমাণিক জনসংখ্যা আছিল প্রায় সাত লাখ । ১৮৭২ চনত সম্পাদনা কৰা ভাৰতৰ প্ৰথমটো জনগণনা অনুসৰি অসমৰ জনসংখ্যা আছিল প্রায় ২২ লাখ । আনহাতে , ১৯০১ চনৰ জনগণনাত ৰাজ্যখনৰ জনসংখ্যা ৩৩ লাখৰ কাষ চাপিছিল । তাৰ পিছৰ এটা শতিকাত ( ১৯০১ – ২০০১ ) ভাতৰতৰ মুঠ জনসংখ্যা ৪.৩১ গুণ বৃদ্ধি হােৱাৰ বিপৰীতে অসমৰ জনসংখ্যা ৮.১ গুণ বৃদ্ধি পায় । ১৯১১ ২১ চনৰ দশকত ভাৰতৰ জনসংখ্যাৰ ০.৩১ শতাংশ হ্রাস ঘটিছিল যদিও সেই সময়ছােৱাত অসমৰ জনসংখ্যা ২০.৪৮ শতাংশ বৃদ্ধি পাইছিল ।
দীঘল প্রশ্নৰ উত্তৰ লিখা
৩৪। ২০০১ চনৰ লােকপিয়ল মতে তলৰ কোনখন জিলাত লিংগ অনুপাত সর্বাধিক দেখুওৱা হৈছে ?
( ক ) লখিমপুৰ ।
( খ ) গােৱালপাৰা ।
( গ ) বঙাইগাওঁ । আৰু
( ঘ ) উত্তৰ কাছাৰ ।
উত্তৰঃ ( খ ) গােৱালপাৰা ।
৩৫। অসমৰ সামাজিক গাঁথনিত জনসংখ্যাৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ সাম্প্রতিক সময়ত অসমত বসবাস বা অধিবাসীসকল মূলতঃ ভাৰতৰ বিভিন্ন অঞ্চলকে ধৰি ওচৰৰ চুবুৰীয়া বিদেশী ৰাষ্ট্ৰৰ পৰাও ভিন্ ভিন্ সময়ত ভিন্ন ভিন্ উদ্দেশ্যে প্ৰৱজন কৰা লােকে অসমত স্থায়ী অথবা অস্থায়ীৰূপে অসমত বসবাস কৰাৰ বিষয়ে জনা যায় । বিভিন্ন সময়ত অসমলৈ আহি বসতি স্থাপন কৰা বিভিন্ন ফৈদৰ লােকসকলৰ মাজত সেয়েহে অর্থনৈতিক , সাংস্কৃতিক , গােষ্ঠীগত আৰু বৌদ্ধিক পর্যায়ৰ অনেক তাৰতম্য দেখা যায় । জীৱন – যাপন প্রণালীৰ লগত প্রত্যক্ষভাৱে জড়িত এনেবােৰ বৈচিত্ৰক আশ্রয় কৰি আকৌ ভিন ভিন ফৈদৰ লােকসকলৰ সামাজিক মর্যাদাও অৱস্থা সাপেক্ষে হীন দেৰি হয় । অসমত প্ৰাগ ঐতিহাসিক যুগৰ পৰা বসতি স্থাপন কৰি অহা বড়াে , ৰাভা , মিচিং , কাৰ্বি , তিৱা , ডিমাচা প্রভৃতি ভিন্ন সংস্কৃতিবাহী লােকসকল মংগােলীয় গােষ্ঠীৰ অন্তৰ্গত তিব্বত – বর্মীমূলীয় ভাষা ভাষী ।
আহােম , খামতি , ফাকিয়াল , আইটন , টুং প্রভৃতি উজনি অসমত কেন্দ্রীভূত মংগােল গােষ্ঠীয় লােকসকলে আকৌ ত্রয়ােদশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ মাজৰ সময়ছােৱাত চীনৰ পৰা থাইলেণ্ড হৈ অসমত প্ৰৱেশ কৰে । অসমৰ আৰ্যমূলীয় লােকসকল সাংস্কৃতিকভাবে বহুধা বিভক্ত । প্রাগ ঐতিহাসিক যুগৰ পৰা আৰম্ভ কৰি প্ৰাক্ ব্রিটিছ যুগৰ মাজৰ কালছােৱাত অসমত সােমােৱা সম্পূর্ণ অসমীয়া ভাষী আর্যমূলীয় লােকসকলৰ মাজত বৰ্ণহিন্দু , অনুসূচীত জাতিৰ হিন্দু ধর্মাৱলম্বী লােক আৰু যথেষ্ট সংখ্যক মুছলমানধর্মী লােক সন্নিবিষ্ট হৈ আছে ৷ এইসকলে গংগা উপত্যকাৰ পৰা বা উপত্যকাৰ মাজেৰে সমকালীন সংস্কৃতিসহ ভিন্ন সূত্রে অসমত প্ৰৱেশ কৰে । ব্রিটিছ শাসনকালৰ পৰা আৰম্ভ কৰি বর্তমান সময়লৈকে এই গংগে সংস্কৃতিবাহী বাংলা , হিন্দী অথবা নেপালী ভাষী আন তিনিটা গােষ্ঠীৰ লােকৰ অসমলৈ অবিৰত আগমন ঘটিছে ।
বাণিজ্য , উদ্যোগ , চাকৰি আৰু শাৰীৰিক শ্ৰমৰ চাৰিখন প্রধান ক্ষেত্ৰত ৰাজ্যখনৰ প্রায় সকলাে অঞ্চলতে সিঁচৰিত হৈ থকা এই লােকসকল ক্রমশঃ অসমৰ নিগাজী বাসিন্দা তথা অসমীয়া ভাষী হৈ আহিছে । ব্রিটিছৰ শাসনকালত অসমত ৰােপণ পদ্ধতিৰ চাহ খেতি আৰম্ভ কৰােতে ইউৰােপীয় চাহ খেতিয়কৰ পৃষ্ঠপােষকতাত ঘাইকৈ উপদ্বীপীয় মালভূমি অঞ্চলৰ বভিন্ন ঠাইৰ পৰা অপ্রশিক্ষিত শ্রমিক অসমলৈ আনি নিগাজীকৈ বহুওৱা হয় । মূলতঃ ভিন্ ভিন এলেকাৰ ভিন ভিন সম্প্রদায়ৰ লােক আছিল যদিও চাহ বাগিছাৰ শ্ৰমকেন্দ্রীক অর্থনীতিয়ে একাকাৰ কৰি পেলােৱা এইসকল প্ৰৱজকৰ উত্তৰাধিকাৰী বৃন্দক অসমত চাহ শ্রমিক সম্প্রদায় বুলিয়েই চিনাক্ত কৰা হয় । ৰাজ্যখনৰ বিভিন্ন জাতি জনজাতিসমূহৰ প্রত্যেকেই একোটা পৰম্পৰাগত মাতৃভাষা আৰু নিজস্ব আর্থ সাংস্কৃতিক জীৱনশৈলীৰ অধিকাৰী ।বড়াে , মিচিং , তৱা , ৰাভা , ঠেঙাল আদিৰ দৰে জনগােষ্ঠীসমূহৰ একোখনকৈ স্বায়ত্ত্ব পৰিষদ আছে ।
৩৬৷ জিলা ভিত্তিক অসমৰ জনসংখ্যা বৃদ্ধি আৰু ঘনত্ব সম্পর্কে এটি টোকা লিখা ।
উত্তৰঃ অসমৰ জিলাসমূহত জনসংখ্যা বৃদ্ধিহাৰ লক্ষ্য কৰিলে দেখা যায় যে কামৰূপ জিলাতেই ১৯৯১ – ২০০১ চনৰ দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ ৰাজ্যৰ ভিতৰতে সর্বাধিক ২৬.১১ শতাংশ । বিভিন্ন জিলাৰ পৰা হােৱা গুৱাহাটীমুখী আন্তঃস্থানীয় প্ৰব্ৰজন আৰু অসমৰ বাহিৰৰ অন্যান্য ৰাজ্যৰ পৰা হােৱা আন্তঃৰাজ্যিক প্রবজনেই কামৰূপ জিলাত দ্রুত হাৰত জনসংখ্যা বৃদ্ধিৰ ঘাই কাৰণ । একেদৰেই পার্বত্য জিলা দুখনতাে ২২-২৫ শতাংশ বৃদ্ধি হােৱাৰ কাৰণ হিচাবে উন্মুক্ত ভূমিলৈ আন অঞ্চলৰ পৰা ঘটা প্ৰৱজনৰ কথা উল্লেখ কৰিব পাৰি ।
ধুবুৰী , গােৱালপাৰা , নগাওঁ , কৰিমগঞ্জ , মৰিগাঁও আৰু হাইলাকান্দি জিলাত একে সময়তে ঘটা কুৰি শতাংশৰ ওপৰৰ বৃদ্ধিৰ হাৰ ৰাজ্যখনলৈ ঘটা সন্দেহজনক অনুপ্রৱেশৰ ফল বুলিব পাৰি । আকৌ বৰপেটা , দৰং , শােণিতপুৰ , লক্ষিমপুৰ , ধেমাজী , শিৱসাগৰ , তিনিচুকীয়া , কাছাৰ প্রভৃতি ৰাজ্যৰ স্থিৰ অৰ্থনীতিৰ আঠখন জিলাত বিগত দশকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৫-২০ শতাংশ । অর্থাৎ ৰাজ্যিক বৃদ্ধি হাৰৰ প্রায় সমান । আনহাতে , কোকৰাঝাৰ , বঙাইগাওঁ , নলবাৰী , গােলাঘাট , যােৰহাট আৰু ডিব্ৰুগড় জিলাত এই সময়ছােৱাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১২-১৫ শতাংশ মাত্র ।
সামগ্রিক ৰূপত অসমত জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃ ভূ – ভাগৰ বিপৰীতে ৩৪০ জন । কিন্তু , অঞ্চল নির্বিশেষে এই ঘনত্ব একে নহয় । অসমৰ নগাঁও জিলাত জনসংখ্যা ঘনত্ব ৰাজ্যখনৰ ভিতৰতে সর্বাধিক , প্রতি বর্গ কিল’মিটাৰত ৬০৪ জন । ইয়াৰ পাছত যথাক্রমে ধুবুৰী , কামৰূপ , কৰিমগঞ্জ , নলবাৰী আৰু বৰপেটা জিলাত প্রতি বর্গ কিঃমিঃ এলেকাত ৫০০ জৈনৰ অধিক লােকে বসবাস কৰা দেখা যায় । মৰিগাওঁ, গােৱালপাৰা , দৰং আৰু হাইলাকান্দি জিলাত জনসংখ্যা ঘনত্ব ৪০১-৫০০ জনৰ পৰিসৰত পােৱা যায় ।
অসমৰ আঠখন জিলা জনসংখ্যা ঘনত্ব ৰাজ্যখনৰ সামগ্রিক ঘনত্বৰ ওচৰে – পাজৰে হােৱা দেখা যায় । এই জিলাসমূহ হৈছে যথাক্রমে শিৱসাগৰ , লক্ষিমপুৰ , কাছাৰ , বঙাইগাওঁ , ডিব্ৰুগড় , যােৰহাট , শোণিতপু আৰু তিনিচুকীয়া । বাকী কেইখন জিলাৰ ভিতৰত কোকৰাঝাৰ , গােলাঘাট আৰু ধেমাজি জিলাৰ জনবসতি সেৰেঙা হােৱা দেখা যায় । অসমৰ দুখন পার্বত্য জিলা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাক এতিয়াও বিৰল জনবসতিৰ এলেকা ৰূপে গণ্য কৰিব পাৰি ।
৩৭। অসমৰ জনসাধাৰণৰ ধর্মীয় গাঁথনি সম্পর্কে বহলাই লিখা ।
উত্তৰঃ ভাৰতৰ প্ৰায় সকলাে ধৰ্মাৱলম্বী লােক প্রতিনিধি অসমৰ অধিবাসীসক মাজত পােৱা যায় । তদুপৰি অসমৰ ভালেমান সৰু বৰ অনুসূচিত জনজাতি গােষ্ঠীৰ মাজ জড়ােপাসক লোকৰ উপস্থিতিও দেখা যায় । ২০০১ চনৰ জনগণনা অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ৬৪.৮৯ শতাংশ হিন্দু , ৩০.৯২ শতাংশ মুছলমান , ৩.৭ শতাংশ খ্রীষ্টিয়ান , ০.১২ শতাংশ বৌদ্ধ , ০.০৯ শতাংশ জৈন , ০.০৮ শতাংশ শিখ ধৰ্মাৱলম্বী আৰু অৱশিষ্ট ১.৩ শতাংশ লােক জড়ােপাসক অথবা নাস্তিক ভাবধাৰাৰ অনুগামী আছিল ।
সর্বভাৰতীয় ধর্মীয় গাঁথনি , লগত ৰিজনি কৰিলে অসমৰ অধিবাসীসকলৰ মাজত মুছলমান , খ্রীষ্টিয়ান , বৌদ্ধ আৰু জৈন ধৰ্মাৱলম্বীৰ অনুপাত উচ্চ হােৱাৰ বিপৰীতে হিন্দু আৰু শিখ ধর্মীৰ অনুপাত কম । ৰাজ্যখন মুঠ জনসংখ্যা প্রায় ৯৬ শতাংশই হিন্দু অথবা মুছলমান ধৰ্মাৱলম্বী । অর্থাৎ আনবােৰ ধৰ্মাৱলম্ব লােক সংখ্যা কম – বেছি হােৱাৰ ফলত ৰাজ্যখনত জিলাভিত্তিক ধর্মীয় গাঁথনিৰ প্ৰতিৰূপ চকুত লগা পৰিৱৰ্তন একোৱেই নঘটে ।
অসমৰ বিভিন্ন অৱস্থানত সৰ্বমুঠ ৯.৮৬,৫৮৯ জন খ্রীষ্টধর্মী , ৫১,০২৯ জন বৌদ্ধ , ২৩,৯৫৭ জন জৈন আৰু ২২,৫১৯ জন শিখধর্মী লােকে বাস কৰি আছে । মুঠ জনসংখ্যাৰ শতাংশ অনুক্রমে উত্তৰ কাছাৰ , কাৰ্বি আংলং , কোকৰাঝা আৰু গােৱালপাৰা , শােণিতপুৰ , দৰং , গােলাঘাট আৰু তিনিচুকীয়া জিলাত খ্রীষ্টিয়ান ধৰ্মাৱলীঃ অনুপাত অধিক । ৰাজ্যৰ এক চতুর্থাংশৰাে অধিক বৌদ্ধধর্মী লােক তিনিচুকীয়া জিলাৰ নিগাওঁ বাসিন্দা । খামতি , ফাকিয়াল , খ্যামাং প্রভৃতি গােষ্ঠীভুক্ত লােকসকল এই ধৰ্মাৱলম্বী । ডিব্ৰুগড় , শিৱসাগৰ , শোণিতপুৰ , কাৰ্বি আংলং , গােলাঘাট প্রভৃতি জিলাসমূহতাে এই ধৰ্মাৱলম্বী লােকসকলক কিছুমান নির্বাচিত অৱস্থানত পােৱা যায় । জৈন ধর্ম ৰাজস্থান প্রদেশৰ পৰা আছি, ব্যৱসায় – বাণিজ্য পৰিচালনাসূত্রে বসতি স্থাপন কৰা একাংশ ন – অসমীয়াৰ মাজতহে পোৱা যায় ।
৩৮। অসমৰ জনসাধাৰণৰ বিভিন্ন ধৰণৰ জীৱিকাৰ বিষয়ে বহলাই আলােচনা কৰা ।
উত্তৰঃ ২০০১ চনৰ জনগণনা অনুসৰি অসমত সৰ্বমুঠ কর্মজীৱীৰ সংখ্যা আছিল ১৫,৩৮,৫৯১ জন , অর্থাৎ মুঠ জনসংখ্যাৰ ৩৫.৭৮ শতাংশ ।ইয়াৰে ৭১,১৪,০৯৭ জন কর্মজীৱী লাক পূর্ণ পর্যায়ত কৰ্মৰত হােৱাৰ বিপৰীতে অৱশিষ্ট ২৪,২৪,৪৯৪ জন আছিল অংশকালীন । বর্যায়ৰ কর্মী । ৰাজ্যৰ মুঠ কর্মজীৱী লােকৰ ৩৭,৩০,৭৭৩ জন কৃষক , ১২,৬৩,৫৩২ জন কৃষিখণ্ডৰ শ্ৰমিক , ৩,৪৪,৯১২ জন ক্ষুদ্র আৰু কুটীৰ শিল্প খণ্ডত আৰু বাকী ৪১,৯৯,৩৭৪ জন । লাক ৰাজ্যখনৰ অন্যান্য উদ্যোগ আৰু সেৱা খণ্ডসমূহত মকৰল হৈ থকা দেখা যায়।
ঘাইকৈ চাহ বাগিছাৰ প্রাধান্য থকা জিলাসমূহত মুঠ জনসংখ্যাৰ অনুপাতে কৰ্মচাৰী লােকৰ সংখ্যা চৰাচৰ বেছি হয় । লখিমপুৰ , ধেমাজি আৰু কাৰ্বি আংলং জিলাৰ বেলিকা আকৌ প্রাথমিক গুৰ বাহিৰে দ্বিতীয় , তৃতীয়ক অথবা চতুর্থক খণ্ডৰ কাম – কাজৰ নিচেই সীমিত । সেয়েহে কবল প্রাপ্তিৰ উদ্দেশ্যে প্রশিক্ষণ লােৱাৰ অৱকাশবিহীন পৰিবেশত প্রাপ্তবয়স্ক প্রায় প্রতিজনেই । ষিখণ্ডত স্বনিয়ােজন বিচাৰি লয় । কামৰূপ , কাছাৰ , ডিব্ৰুগড় , তিনিচুকীয়া , শিৱসাগৰ প্রভৃতি জলাসমূহত মুঠ কৰ্মৰত লােকৰ বুজন অংশ একোটা দ্বিতীয়ক , তৃতীয়ক অথবা চতুর্থ খণ্ডত কল হৈ থকা পােৱা যায় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.





