Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা

Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board AHSEC Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা and select needs one.

Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা Solutions for All Subject, You can practice these here.

প্রাথমিক খণ্ডৰ জীৱিকা

অধ্যায় – ৫

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। তলৰ কোনটো ৰোপণ শস্য নহয় ?

( i ) ৰবৰ ।

( ii ) কফি ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

( iii ) কুঁহিয়াৰ । আৰু 

( iv ) ধান ।

উত্তৰঃ ( iv ) ধান । 

২। তলৰ কোনখন ৰাষ্ট্ৰই সমবায় পদ্ধতিৰ কৃষি ব্যৱস্থাত আটাইতকৈ বেছি সুফল লাভ কৰিছে – 

( i ) ভাৰত ।

( ii ) নেডাৰলেণ্ড ।

( iii ) ডেনমাৰ্ক । আৰু 

( iv ) ৰাছিয়া । 

উত্তৰঃ ( iii ) ডেনমার্ক । 

৩। ফুলৰ উৎপাদনক কোৱা হয় –

( i ) ট্রাক ফার্মিং ।

( ii ) মিশ্র কৃষি ।

( ii ) ৰোপণ কৃষি । আৰু

( iv ) ফ্ল’ৰিকালচাৰ ।

উত্তৰঃ ( iv ) ফ্ল’ৰিকালচাৰ ।

৪। ইউৰোপীয় ঔপনিবেশিকসকলে তলৰ কোন প্রকাৰৰ কৃষিকাৰ্যৰ প্ৰসাৰ ঘটাইছিল-

( i ) অস্থায়ী কৃষি ।

( ii ) মিশ্র কৃষি ।

( iii ) ভিতিকালচাৰ । আৰু

( iv ) ৰােপণ কৃষি ।

উত্তৰঃ ( iv ) ৰােপণ কৃষি ।

৫। তলৰ কোনটো অঞ্চলত বিস্তৃত বাণিজ্যিক কৃষিৰ প্ৰচলন দেখা নাযায় ? 

( i ) আমেৰিকাৰ প্রেইৰি অঞ্চল ।

( ii ) আর্জেন্টিনাৰ পাম্পাছ অঞ্চল ।

( iii ) ইউৰােপৰ ষ্টেপচ অঞ্চল । আৰু 

( iv ) আমাজান অৱবাহিকা ।

উত্তৰঃ ( iv ) আমাজান অৱবাহিকা ।

৬। তলৰ কোনবিধ কৃষি অস্থায়ী কৃষিৰ অন্য নাম ? 

( i ) বাণিজ্যিক পশুপালন ।

( ii ) আত্মনিৰ্ভৰশীল কৃষি ।

( iii ) মিশ্র কৃষি । আৰু

( iv ) সমবায় কৃষি ।

উত্তৰঃ ( ii ) আত্মনিৰ্ভৰশীল কৃষি ।

৭। তলৰ কোনবিধ কৃষি এক শস্যৰ নহয় ? 

( i ) ৰোপণ কৃষি ।

( ii ) মিশ্র কৃষি ।

( iii ) বাণিজ্যিক মাহজাতীয় শস্যৰ খেতি । আৰু

( iv ) দুগ্ধ পাম ।

উত্তৰঃ ( ii ) মিশ্র কৃষি ।

৮। তলৰ কোনটো কৃষি পদ্ধতি উত্তৰ – পূৱ ভাৰতৰ পার্বত্য অঞ্চলত পৰিচালিত হয় ? 

( i ) ট্রাক ফার্মিং । 

( ii ) মিশ্র কৃষি ।

( iii ) বাণিজ্যিক মাহজাতীয় শস্যৰ কৃষি । আৰু

( iv ) অস্থায়ী কৃষি ।

উত্তৰঃ ( iv ) অস্থায়ী কৃষি ।

৯। প্রাথমিক বৃত্তি কোনবােৰ ? 

উত্তৰঃ প্রাকৃতিক পৰিবেশত নিহিত সম্ভাৱনাসমূহক আধাৰ ৰূপে লৈ তেনেবােৰ আধাৰৰ পৰা সম্পদ আহৰণত জড়িত বৃত্তিসমূহক প্রাথমিক বৃত্তি বােলা হয় । যেনে– চিকাৰ আৰু সংগ্রহ , মৎস্য পালন , বনজ সম্পদ আহৰণ , কৃষিকাৰ্য্য ইত্যাদি । 

১০। কি স্তৰত পশুপালন কৰা হয় ? 

উত্তৰঃ পৰিবেশৰ ভাৰসাম্যতাৰ ওপৰত নিৰ্ভৰ কৰি পশুপালন কৰা হয় । যি পৰিবেশৰ লগত কোনাে জন্তু খাপ খাব পাৰে , তেনে পৰিবেশতে পশুপালন কৰা হয় । 

১১। খনিজ পদার্থ আহৰণৰ পদ্ধতি দুটা লিখা । 

উত্তৰঃ খনিজ পদার্থ আহৰণৰ পদ্ধতি দুটা হলঃ 

( ক ) মুক্ত খনন । আৰু 

( খ ) ভূগর্ভীয় খনন । 

১২। দুটা প্রাথমিক পর্যায়ৰ কাম উল্লেখ কৰা । 

উত্তৰঃ প্রাথমিক পৰ্যায়ৰ দুটা কাৰ্যহলঃ 

( ক ) কৃষিকার্য । আৰু 

( খ ) মৎস্য পালন ।

১৩। পােষক কৃষি কি ? 

উত্তৰঃ একো একোটা অঞ্চলৰ ভৌগােলিক পৰিবেশৰ লগত খাপ – খােৱাকৈ আৰু একোটা হত জনগােষ্ঠীৰ পূর্বাপৰ ঐতিহ্যৰ অভিজ্ঞতাৰে ঘাইকৈ খাদ্যশস্য উৎপাদনত প্রাধান্য আৰােপ কৰি স্ব – নিৰ্ভৰশীল হােৱা লক্ষ্যৰে সম্পাদন কৰা কৃষি কাৰ্যক পােষক কৃষি বােলে । 

১৪। যৌথ কৃষি বুলিলে কি বুজা ? 

উত্তৰঃ কৃষি ভূমিকে ধৰি কৃষিকাৰ্যৰ উপকৰণ সমূহৰ মালিকানা আৰু কৃষিকার্যত সামূহিক শ্রম বিনিয়ােগ কার্যক মূল আধাৰ হিচাপে লৈ যি কৃষি ব্যবস্থা গঢ়ি উঠে তাকে যৌথ কৃষি বােলে । 

১৫। গ্রাম্য অঘৰীবাদ বুলিলে কি বুজা ? 

উত্তৰঃ পশু-পালনক জীৱিকা হিচাপে গ্রহণ বহু সংখ্যক মানুহে লগত তৃণভােজী প্রাণীসমূহ লৈ এঠাইৰ পৰা আন এঠাইলৈ যােৱাকে গ্রাম্য অঘৰীবাদ বােলে । এই প্রক্রিয়াত মানুহে তৃণভােজী প্রাণীসমূহৰ পৰা গাখীৰ , মাংস , ঊণ , চামৰা , প্রভৃতি দ্রব্যসমূহ সংগ্ৰহ কৰাৰ লগতে বহুসময়ত এই জন্তুবােৰক পৰিবহণৰ আহিলা হিচাপেও ব্যৱহাৰ কৰে । 

১৬। উদ্যান কৃষিৰ প্ৰচলন চহৰৰ নিকটবর্তী অঞ্চলত সীমাবদ্ধ হােৱাৰ কাৰণ দর্শোৱা ৷ 

উত্তৰঃ উদ্যান কৃষি পদ্ধতিত উৎপাদিত শস্যসমূহ যেনেঃ পাচলি , ফলমূল আৰু ফুল আদিৰ চাহিদা চহৰ অঞ্চলসমূহত অধিক দেখা যায় । এই শ্রেণীৰ শস্যবােৰ কম সময়ৰ ভিতৰতে নষ্ট হােৱাৰ সম্ভাৱনা থকা হেতুকে দূৰ দূৰণিৰ পৰা আনি বিক্ৰী কৰিবলৈ যথেষ্ট সময়ৰ প্রয়ােজন হয় আৰু সামগ্ৰীসমূহ গেলি – পচি যােৱাৰ সম্ভাৱনাও বৃদ্ধি পায় । এনে কাৰণত , সাধাৰণতে চহৰৰ পৰা ২০-২০০ কিল’মিটাৰ দূৰত্বৰ পৰিসৰত উদ্যান কৃষিৰ ক্ষেত্রসমূহ গঢ়ি উঠা দেখা যায় । 

১৭। অঘৰী পশু-পালনৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ অঘৰী পশুপালনৰ বৈশিষ্ট্যসমূহ হ’ল– 

( ক ) অঘৰী পশু-পালনত পশু-পালকসকলে পালিত প্রাণীসমূহৰ বাবে ঘাঁহ আৰু পানীৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰৱজন কৰে । 

( খ ) অঘৰী পশু-পালকসকলে পৰম্পৰাগত ভাৱে একোটা নির্দিষ্ট ভৌগােলিক পৰিসৰৰ ভিতৰত বাসস্থানৰ পৰিৱৰ্তন কৰি থাকে । 

( গ ) অঘৰী পশু-পালন বৃত্তি সম্পূর্ণৰূপে আত্মনিৰ্ভৰশীল জীৱিকা । 

( ঘ ) অঘৰী পশু-পালক সকলৰ আর্থিক অভাৱ পােহনীয়া পশুৰ দ্বাৰা পূৰণ কৰে । 

( ঙ ) অঘৰী পশু-পালনত মাটিত ঘাঁহৰ খেতি কৰা নহয় । 

( চ ) অঘৰী পশু-পালক সকলে সৰু সৰু গােষ্ঠী নাইবা জনজাতীয় গােটত দলবদ্ধ হৈ থাকে । 

১৮। তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ তৃতীয় খণ্ডৰ বৃত্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ হলঃ 

( ক ) তৃতীয় খণ্ডৰ বৃত্তিত মানুহে প্ৰকৃতিৰ পৰা বস্তু আহৰণ নকৰে । 

( খ ) তৃতীয়ক খণ্ডৰ বৃত্তিত দ্রব্য উৎপাদনৰ সলনি মানুহৰ কামত অহা বিভিন্ন সেৱা কাৰ্য্যসমূহ অন্তর্গত হয় । ব্যৱসায়ী , পুলিচ , উকীল , ডাক্তৰ , গাড়ীচালক , প্রশাসক , বেংকাৰ আদি তৃতীয়ক খণ্ডৰ বৃত্তিধাৰী হয় । 

( গ ) প্রাথমিক আৰু দ্বিতীয় খণ্ডৰ দৰে তৃতীয় খণ্ডৰ বৃত্তিত অধিক সংখ্যক কর্মী নিযুক্তি কৰাটো সম্ভৱ নহয় । 

১৯। ভাৰতবৰ্ষত চিকাৰ কার্য কিয় নিষিদ্ধ কৰা হৈছে ? 

উত্তৰঃ প্রাচীন কালত মানুহৰ আর্থিক কাম-কাজ চিকাৰ আৰু সংগ্রহ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল । মাংসৰ উদ্দেশ্যে বন্য প্রাণী ধৰি বধ কৰা কাৰ্য চিকাৰ আৰু আন খাদ্য হিচাপে গ্রহণীয় উদ্ভিদৰ বীজ , ফল প্রভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্রহ বােলে । বর্তমান কালত এই বৃত্তিসমূহ ঘাইকৈ উচ্চ অক্ষাংশৰ তুন্দ্রা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ুৰ অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চল দুটাতে পােৱা যায় । ভাৰতবৰ্ষত ঘন বসতিসহ বহুমূখী আর্থিক কাম – কাজৰ ফলত অৰণ্যৰ সংকোচন ঘটাত চিকাৰ বৃত্তি নিচেই সীমিত হৈ আহিছে । তদুপৰি , পশু – পক্ষীৰ সংখ্যাও দ্রুত গতিত হ্রাস পাই অহাৰ লগতে বহুতাে প্রাণীৰ প্ৰজাতিয়েই বিলুপ্ত অথবা বিলুপ্তপ্রায় হৈ পৰিছে । সেয়েহে , ভাৰতবৰ্ষত চিকাৰ কার্য নিষিদ্ধ কৰা হৈছে । 

২০। ৰােপন কৃষি প্রধান বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ বাণিজ্যিক কৃষি পদ্ধতিৰ ভিতৰত ৰােপন কৃষি অন্যতম । বর্ষানুবর্ষী প্রজাতিৰ বৃক্ষ অথবা গুল্ম শ্ৰেণীৰ উদ্ভিদৰ ৰােপন তথা প্রতিপালনৰ মাধ্যমত সম্পন্ন কৰা বাণিজ্যিক কৃষি কার্যকে ৰোপন কৃষি বােলে ।

ৰোপন কৃষি প্রধান বৈশিষ্ট্যসমূহ হলঃ 

( ক ) এই শ্রেণীৰ কৃষিত একো একোখন বাগিছা পাতি মাত্ৰ এবিধ শস্যৰ উৎপাদন হয় । 

( খ ) ইউৰােপীয় সংস্কৃতিৰ প্ৰভাৱ থকা অঞ্চলবােৰত ৰােপন কৃষি দেখা যায় । ভাৰতবৰ্ষৰ লগতে আমেৰিকা , কানাডা , অষ্ট্রেলিয়া , আর্জেন্টিনা , দক্ষিণ আফ্রিকা , নিউজিলেণ্ড , ছােভিয়েট ৰাছিয়াত ইউৰােপীয় সংস্কৃতিৰ প্ৰভাৱত এইবিধ কৃষিৰ প্ৰচলন হয় । 

( গ ) এই কৃষি পদ্ধতিত , ঘাইকৈ আঞ্চলিক পৰ্যায়ৰ প্রাকৃতিক পৰিবেশ আৰু শ্ৰমিকৰ লণত আন্তঃআঞ্চলিক পৰিসৰৰ মূলধন , পৰিচালনা আৰু কৃষি প্রযুক্তিৰ সংযােগত উৎপাদিত শস্যসমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰত বেচা – কিনা কৰা হয় । 

২১। প্রাথমিক বৃত্তি হিচাপে চিকাৰ আৰু সংগ্ৰহ কাৰ্য্যৰ বিষয়ে বর্ণনা কৰা ৷ 

উত্তৰঃ চিকাৰ আৰু সংগ্রহ কাৰ্য্য হৈছে মানুহৰ প্রাচীনতম জীৱিকা । মাংসৰ উদ্দেশ্যে বন্য প্রাণী ধৰি বধ কৰা কাৰ্যক চিকাৰ আৰু আন খাদ্য হিচাপে গ্রহণীয় উদ্ভিদৰ বীজ , ফল – মূল প্রভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্রহ বােলে । পূর্বতে , চিকাৰ আৰু সংগ্রহ কার্য কেৱল খাদ্যৰ আহৰণৰ বাবে কৰা হৈছিল । কিন্তু , সাম্প্রতিক সময়ত এই কাৰ্যৰ মাধ্যমত আহৰণ কৰা দ্রব্যসমূহ খাদ্যৰ উপৰিও উদ্যোগৰ কেঁচামাল , বিপণন দ্রব্য , বস্ত্ৰ আৰু গৃহ নির্মাণ প্রভৃতি বহুমুখী উদ্দেশ্যত ব্যৱহাৰ কৰা হয় । তদুপৰি , আধুনিক মানৱৰ দ্বাৰা পৰিচালিত চিকাৰ আৰু সংগ্রহ বৃত্তিত পেশীবলৰ উপৰিও উচ্চ মানৰ অস্ত্র – শস্ত্ৰৰাে ব্যাপক প্রয়ােগ কৰা হয় । ঘাইকৈ আদিম অর্থ ব্যৱস্থাৰ লগত জড়িত পৃথিৱীৰ বহুতাে অঞ্চলৰ লােকেই খাদ্য , বস্ত্ৰ আৰু গৃহ নির্মাণৰ আহিলা অথবা ইন্ধন দ্রব্যসমূহ এই পদ্ধতিৰে সংগ্ৰহ কৰে । গছৰ ফলমূল , জীৱ-জন্তুৰ ছাল , বাঁহ – বেত অথবা খেৰ , লা , ধূনা , তুলা প্রভৃতি বিভিন্ন ধৰণৰ দ্ৰব্য পৃথিৱীৰ বহুতাে অঞ্চলত প্রকৃতিৰ পৰা পােন পটীয়াকৈ সংগ্রহ কৰা হয় । 

২২। সমবায় কৃষি প্রধান লক্ষণসমূহ বর্ণনা কৰা । 

উত্তৰঃ সমবায় কৃষিৰ প্রধান লক্ষণসমূহ হলঃ 

( ক ) সমবায় কৃষিত কেইবাজনাে কৃষকৰ ভূমি , শ্ৰম আৰু মূলধন স্বেচ্ছাই একত্র কৰি অধিক দক্ষতাৰে লাভজনক ভাৱে পৰিচালনা কৰা হয় । 

( খ ) এই কৃষি ব্যৱস্থাত ব্যক্তিগত কৃষিভূমিৰ খণ্ডসমূহৰ অক্ষুন্নতা ৰক্ষা কৰা হয় । 

( গ ) সমবায় কৃষি ব্যৱস্থাত , এই কাৰ্য্যৰ অংশীদাৰসকলক লৈ গঠন কৰা সমিতি এখনে সমগ্ৰ কাম – কাজ তদাৰক কৰে । এই সমিতি উৎপাদন ব্যৱস্থাৰ লগত জড়িত সাৰ , পানী , বীজ , যন্ত্রপাতি আদিৰ যােগান ধৰাৰ উপৰিও উৎপাদিত দ্রব্যৰ উচিত বিপণনৰ কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

২৩। বাণিজ্যিক পশু-পালনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ বাণিজ্যিক পশু-পালনৰ বৈশিষ্ট্যসমূহ হ’ল– 

( ক ) বাণিজ্যিক পশু-পালনত বিস্তীর্ণ অঞ্চলব্যাপী উন্নত মানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেঢ়ি লােৱা হয় । 

( খ ) বাণিজ্যিক পশু-পালনত বেৰামুক্ত তৃণভূমি খণ্ড একোটাত তাৰ ধাৰণ ক্ষমতা অনুসৰি নির্বাচিত প্রজাতিৰ পােহনীয়া পশু মেলি দিয়া হয় । 

( গ ) ইয়াত শ্ৰমৰ ক্ষেত্ৰত মাত্র এজাতি পােহনীয়া পশু লালন – পালন কৰা হয় । 

( ঘ ) এই পদ্ধতি লালন – পালন কৰা পশুসমূহৰ স্বাস্থ্য , পুষ্টি আৰু বৃদ্ধিৰ বাবে বিশেষ যতন লােৱাৰ উপৰিও বংশগতি জনিত উকর্য লক্ষ্যৰে বৰ্ণসংকৰ অথবা তদনুৰূপ কাৰ্যসূচী গ্রহণ কৰা হয় । 

২৪। বিভিন্ন প্রকাৰৰ খনন বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ খনন সমূহক প্রধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি । সেয়া হ’ল – মুক্ত খনন ,আৰু ভূগর্ভীয় খনন । 

মুক্ত খননৰ বৈশিষ্ট্যসমূহ হ’ল –

( ক ) মুক্ত খনন পদ্ধতিত কম খৰচত সহজতে খনিজ দ্রব্যসমূহ আহৰণ কৰিব পাৰি ।

( খ ) এই পদ্ধতি ভূ – পৃষ্ঠৰ অগভীৰ অংশৰ পৰাহে খনিজ সম্পদসমূহ উদঘাটন কৰিব পাৰি । 

ভূ – গভীয় খননৰ বৈশিষ্ট্যসমূহ হ’ল–

( ক ) ভূপৃষ্ঠৰ অতি গভীৰ অংশৰ পৰা এই পদ্ধতিৰে খনিজ সম্পদসমূহ আহৰণ কৰা হয় । 

( খ ) এই পদ্ধতি অতি ব্যয় বহুল , বিপদ সংকুল আৰু জটিল । 

( গ ) এই পদ্ধতিত খনন স্থলীত অক্সিজেন , পােহৰ আৰু পৰিবহনৰ কৃত্রিম ব্যৱস্থা গ্রহণ কৰিব লগা হয় । 

২৫৷ চতুর্থক খণ্ডৰ জীৱিকাৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ চতুর্থক খণ্ডৰ জীৱিকাৰ বৈশিষ্ট্যসমূহ হ’ল — 

( ক ) চতুর্থক খণ্ডৰ জীৱিকাধাৰীসকলে তেওঁলােকৰ কাম – কাজৰ মাজেৰে উদ্যোগ অথবা আর্থিক প্ৰকৰণৰ ক্ষেত্র এখনৰ উত্থান – পতনৰ গতিধাৰা নিৰ্ধাৰণ কৰে । 

( খ ) জ্ঞান , বুদ্ধি আৰু অভিজ্ঞতা হৈছে চতুর্থ খণ্ডৰ আর্থিক কাম-কাজবােৰৰ চালিকা শক্তি 

( গ ) আর্থিক দৃষ্টিভংগীৰে গুৰুত্বপূর্ণ বিবেচিত তথ্যসমূহৰ উপাদান , সংগ্রহ আৰু সম্প্ৰসাৰণৰ লগত চতুর্থক জীৱিকা খণ্ডটো জড়িত হৈ থাকে । 

( ঘ ) উচ্চমানৰ তথ্য , কাৰি-কৰী , কৌশল আৰু প্রশাসনিক দক্ষতাজনিত কাম-কাজ বােৰক তুর্থক খণ্ডৰ ভিতৰত ধৰা হয় । 

২৬। বাণিজ্যিক পশুপালনৰ প্রকৃতি নির্ণয় কৰা । 

উত্তৰঃ বাণিজ্যিক পশুপালন কার্যক যথেষ্ট পৰিমাণে সুসংহত আৰু মূলধনকেন্দ্রীক জীৱিকাৰূপে চিহ্নিত কৰা হয় । পশুপালনৰ এই পদ্ধতি অনুসৰি বিস্তীর্ণ অঞ্চলব্যাপী উন্নত মানৰ দেশভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেৰি লােৱা হয় । এনে বেৰাযুক্ত তৃণভূমি খণ্ড একোটাত ইয়াৰ ধাৰণ ক্ষমতা অনুসৰি নির্বাচিত প্রজাতিৰ পােহনীয়া জন্তু মেলি দিয়াৰ পাছত সেই খণ্ডত ঘাঁহৰ পৰিমাণ কমি গ’লে জন্তুবােৰক কাষৰ আন এটা খণ্ডলৈ নিয়া হয় । এনে কৰাৰ ফলত ইতিমধ্যে পশুচাৰণ ঘটা তৃণভূমি খণ্ডটোত নতুন ঘাঁহ গজাৰ সুযােগ ঘটে । ‘ ণিজ্যিক পশুপালন কার্যত এখন ক্ষেত্ৰত মাত্র এজাতি পােহনীয়া জন্তু লালন – পালন কৰা হয় । এনেকৈ লালন – পালন কৰা পশুসমূহৰ স্বাস্থ্য পুষ্টি আৰু বৃদ্ধিৰ বাবে বিভিন্ন যত্ন লােৱাৰ উপৰিও এইবােৰৰ বংশগতি জনিত উৎকৰ্ষৰ লক্ষ্যৰে বৰ্ণ সংকৰ অথবা তদনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰা হয় । 

২৭। অঘৰী পশু-পালন আৰু বাণিজ্যিক পশু-পালনৰ মাজৰ পার্থক্য নির্ণয় কৰা ।

উত্তৰঃ অঘৰী পশু-পালন আৰু বাণিজ্যিক পশু-পালনৰ পাৰ্থক্য— 

( ক ) অঘৰী পশু-পালন ব্যৱস্থাত পশু-পালক সকলে পশু-সমূহৰ খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰৱজন কৰিব লগা হয় । আনহাতে বাণিজ্যিক পশু-পালন ব্যৱস্থাত পশুসমূহক একে ডােখৰ ঠাইতে লালন পালন কৰা হয় । 

( খ ) অঘৰী পশুপালন ব্যৱস্থাত নির্দিষ্ট এটা অৱস্থানৰ ঘাঁহ বনবােৰ অতি কম দিনৰ ভিতৰতে তৃণভােজী জন্তুৰ বৃহৎ পাল একোটাই খাই শেষ কৰাৰ ফলত সেই ঠাইত জন্তুৰ খাদ্যৰ অভাৱ ঘটে । আনহাতে , বাণিজ্যিক পশুপালন ব্যৱস্থাত বিস্তীর্ণ অঞ্চলব্যাপী উন্নত মানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেৰি লােৱা হয় ।এনে বেৰাযুক্ত তৃণভূমি খণ্ড একোটাত ইয়াৰ ধৰণ ক্ষমতা অনুসৰি নির্বাচিত প্রজাতিৰ পােহনীয়া পশু মেলি দিয়াৰ পাছত সেই খণ্ডত ঘাঁহৰ পৰিমাণ কমি গলে পশুসমূহক কাষৰ আন এটা খণ্ডলৈ নিয়া হয় । এনেকৰাৰ ফলত পশুচাৰণ এটা তৃণভূমি খণ্ডটোত ঘাঁহ গজাৰ সুযােগ ঘটে । ইয়াৰ বাবে পশুসমূহৰ খাদ্যৰ অভাৱ নহয় । 

( গৈ ) অঘৰী পশুপালন ব্যৱস্থাত বিভিন্ন ধৰণৰ বৃহৎ সংখ্যক তৃণভােজী প্রাণীক একেলগে পালন কৰা হয় । আনহাতে , বাণিজ্যিক পশুপালন ব্যৱস্থাত বেৰাযুক্ত তৃণভূমি একোটাত ইয়াৰ ধৰণ ক্ষমতা অনুসৰি নির্বাচিত এটি প্রজাতিৰ প্ৰাণীৰ লালন – পালন কৰা হয় ।

এনেবােৰ কার্য যিকোনাে ঠাইৰ যিকোনাে পৰিবেশত সম্পাদন কৰিব নােৱাৰে।উদাহৰণস্বৰূপে , সমুদ্র তীৰৰ প্রাকৃতিক পৰিবেশতহে মাছ ধৰিব পাৰি । ঠিক সেইদৰে বিস্তীর্ণ নদী উপত্যকা অঞ্চলতহে কৃষিকার্য সফলতাৰে সম্পাদন কৰা হয় । কিন্তু , মৰুভূমি অথবা অটব্য অৰণ্যত ইযাৰ এটাও কাৰ্য্য সম্পাদন কৰিব নােৱাৰি । 

দ্বিতীয় খণ্ডৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল– যিবােৰ কাৰ্য্যৰ দ্বাৰা প্রাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্রব্যসমূহ যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভােগৰ বাবে উপযােগী কৰি তুলিবলৈ বিভিন্ন প্রক্রিয়াৰে পৰিৱর্তন , পৰিৱৰ্দ্ধত , সংযােজন বা সংশােধন কৰা হয় । তেনেকুৱা কার্যকে দ্বিতীয় খণ্ডৰ বৃত্তি বােলা হয় । শিল্প উদ্যোগ , শক্তি উৎপাদন আৰু ঘৰ নিৰ্মাণ আদি এই শ্রেণীবৃত্তিৰ অন্তৰ্গত । তৃতীয় খণ্ডৰ বৃত্তিত মূল পদার্থ বা দ্রব্যবিধৰ ৰূপান্তৰ ঘটে আৰু সাধাৰণতে সেইবােৰৰ মূল্যমান বৃদ্ধি পায় । উদাহৰণস্বৰূপে , মিলত গমৰ দানা ভাঙি গুৰি কৰি আটা আৰু ময়দা উৎপাদন কৰা হয় আৰু মানুহে এই আটা আৰু ময়দাৰ পৰা ৰুটি বনাই খায় । গমৰ গুটি বা দানা মানুহে পােনপটীয়াকৈ খাদ্য হিচাপে নাখায় । সেয়েহে , গম উৎপাদন প্রাথমিক বৃত্তি , কিন্তু আটা বা ময়দা তৈয়াৰ কৰা কাৰ্য্যক দ্বিতীয় খণ্ডৰ বৃত্তি বােলে । ঠিক সেইদৰে তীখাৰ কাৰখানাত লোৰ আকৰিকৰ পৰা অধিক উপযােগী তীখা উৎপাদন কৰা হয় । 

তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যসমূহ হ’ল–তৃতীয় খণ্ডৰ বৃত্তিত মানুহে প্ৰকৃতিৰপৰা কোনাে বস্তু আহৰণ নকৰে , নাইবা ৰূপ পৰিবৰ্তন কৰি বস্তুবােৰৰ মূল্যও বৃদ্ধিন কৰে । দ্রব্য উৎপাদনৰ সলনি বিভিন্ন সেৱা কাৰ্যসমূহ এই শ্রেণী বৃত্তিৰ অন্তৰ্গত । উদাহৰণস্বৰূপে , শিক্ষকে শিক্ষাদান কার্য , গাড়ীচালক , ব্যৱসায়ী , আইনজীৱী আদি তৃতীয় খণ্ডৰ বৃত্তিৰ অন্তৰ্গত । 

তৃতীয় খণ্ডৰ কাৰ্য্য যেনেঃ ব্যৱসায় , ব্যক্তিগত সেৱা কাৰ্য্য , চৰকাৰী কাম – কাজ , শিক্ষা আদি কাম-কাজ প্রাথমিক আৰু দ্বিতীয় খণ্ডৰ উৎপাদনত উচ্চ পৰ্য্যায়ৰ দক্ষতাৰ সৃষ্টি কৰিবৰ বাবে আৱশ্যক হয় । উদাহৰণস্বৰূপে , শিক্ষা দান কাৰ্য্যৰ জৰিয়তে প্রাথমিক আৰু দ্বিতীয় খণ্ডৰ বৃত্তিত নিয়ােজিত হৈ থকা কর্মীসকলৰ দক্ষতা বৃদ্ধি কৰে । ফলত , এই খণ্ডৰ বৃত্তিসমূহত উৎপাদনাে বৃদ্ধি পায় । 

২৮। ঋতুপ্রবাসী বুলিলে কিবুজা ? অঘৰী পশুপালনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ঋতুভেদে সমভূমি আৰু পার্বত্যভূমিৰ মাজত অঘৰী পশুপালকসকলৰ অভিগামী আৰু প্ৰতিগামী প্রৱজনৰ সমাহাৰক ঋতু প্রবাসী ( Transhumance ) বােলা হয় । অঘৰী শুপালক সকলে পালিত জীৱজন্তুৰ খাদ্যৰ বাবে ঘাঁহনিৰ সন্ধানত গ্রীষ্ম কালত সমভূমিৰ উচ্চভূমিলৈ আৰু শীতকালত পার্বত্য উচ্চভূমিৰ পৰা সমভূমিলৈ বাসস্থান সলনি কৰে । উদাহৰণস্বৰূপে , মধ্য এছিয়াৰ ষ্টেপ অঞ্চলত বসবাস কৰা খিৰঘিজ সম্প্রদায়ৰ লােকসকলে শীতকালত ষ্টেপ ভূমিত পালিত জন্তুবােৰৰ সৈতে বসবাস কৰাৰ পিছত গ্রীষ্মৰ আগমণৰ লগে লগে টিয়ানচান পৰ্বতৰ ধালেৰে পালিত জন্তুবােৰৰ সৈতে ঘাঁহনিৰ সন্ধানত অগ্ৰসৰ হয় । গ্রীষ্মৰ অন্তত শীতৰ আগমনৰ লগে লগে খিৰগিজ সকলে পুনৰ ষ্টেপ অঞ্চললৈ ঘূৰি আহে । সেইদৰে , হিমালয়ৰ নামনিত বাস কৰা গুৰ্জৰ , বকৰৱাল , গদ্দী আৰু ভূটীয়াসকলে শীতকালত গিৰিপদী তৃণাঞ্চলত আৰু গ্রীষ্মকালত হিমালয়ৰ উচ্চ অৱস্থানৰ তৃণভূমিও পশুচাৰণৰ লক্ষ্যৰে প্রৱজন কৰে । 

অঘৰী পশুপালনৰ চাৰিটা বৈশিষ্ট্য হলঃ–

( ক ) অঘৰী পশুপালনত পশুপালকসকলে পালিত প্রাণীবােৰৰ বাবে ঘাঁহ আৰু পানীৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰৱজন কৰে । 

( খ ) অঘৰী পশুপালক সকলে একোটা নির্দিষ্ট ভৌগােলিক পৰিসৰৰ মাজত বাসস্থান পৰিবর্তন ঘটাই থাকে । 

( গ ) অঘৰী পশুপালক সকলে আর্থিক অভাৱ পােহণীয়া জন্তুৰ দ্বাৰা পূৰণ কৰে । 

( ঘ ) অঘৰী পশুপালক সকলে সৰু সৰু গােষ্ঠী বা জনজাতীয় গােটত দলৱদ্ধ হৈ থাকে । 

২৯। স্থানান্তৰিত কৃষি আৰু স্থায়ী কৃষিপ্রধান বৈশিষ্ট্যসমূহ নির্ণয় কৰা ।

উত্তৰঃ স্থানান্তৰিত কৃষিৰ বৈশিষ্ট্যসমূহঃ 

( ক ) স্থানান্তৰিত কৃষি প্রণালীত পাহাৰৰ কোনাে এক অঞ্চলৰ হাবি কাটি জ্বলাই লৈ সেই মাটিত খেতি কৰা হয় । 

( খ ) এই কৃষি প্রণালীত প্রাচীন সাঁ – সজুলিৰ সহায়ত মাটি সামান্য ভাৱে কৰ্ষণ কৰি বীজ সিঁচি শস্যৰ খেতি কৰা হয় । 

( গ ) স্থানান্তৰিত কৃষি প্রণালী প্ৰধানকৈ জনজাতীয় লােকসকলৰ মাজত প্রচলিত । 

( ঘ ) এইকৃষি পদ্ধতিত নাঙলৰ ব্যৱহাৰ নহয় । 

( ঙ ) এই কৃষি পদ্ধতিত একাধাৰে দুইৰ পৰা তিনিবাৰ শস্য উৎপাদন কৰাৰ পাছত মাটিৰ উৰ্বৰতা ক্ষিপ্র গতিত কমি যায় । ফলত , কৃষকে কৃষি ক্ষেত্ৰ আন ঠাইলৈ স্থানান্তৰিত কৰিব লগা হয় । অর্থাৎ , একেডৰা মাটিত দুবছৰ বা তিনি বছৰতকৈ অধিক কাল কৃষি কার্য কৰিব নােৱাৰি । 

( চ ) স্থানান্তৰিত কৃষিত উৰ্বৰতা বাবে কোনাে ৰাসায়নিক সাৰ প্ৰয়ােগ কৰা নহয় । 

স্থায়ী কৃষিৰ বৈশিষ্ট্যসমূহঃ ( ক ) স্থায়ী কৃষি পদ্ধতিত নাঙল আৰু জন্তুৰ বল স্থায়ী কৃষিৰ প্ৰধান আহিলা ।

( খ ) জলসিঞ্চন , উন্নত বীজ আৰু উন্নত প্রযুক্তিৰ প্ৰয়ােগ এই কৃষি প্ৰণালীত অতি সীমিত । 

( গ ) এই কৃষি প্রণালী পৰিয়াল কেন্দ্রীক হােৱা দেখা যায় । অর্থাৎ , নিজ নিজ পৰিয়ালৰ বাবে প্রয়ােজনীয় খাদ্য আৰু সামান্য পৰিমাণৰ কেঁচামাল জাতীয় শস্যহে উৎপাদন কৰা হয় । 

( ঘ ) এই কৃষি পদ্ধতিত শস্য ক্ষেত্ৰত কি কি প্ৰণৰ শস্য কিমান সফলতাৰে উৎপাদন কৰিব পৰা যায় সেই দিশটো প্রায় এৰাই চলা দেখা যায় । কৃষকসকলে , পূর্বানুক্রমে ব্যৱহাৰ কৰি অহা পদ্ধতিসমূহকে অনুসৰণ কৰে । 

( ঙ ) এই পদ্ধতিত ব্যৱহাৰ কৰা ভূমিখণ্ডবােৰ আকাৰত নিচেই সৰু । 

৩০। পৃথিৱীৰ চিকাৰ আৰু সংগ্রহ বৃত্তিৰ অঞ্চলবােৰৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ চিকাৰ আৰু সংগ্রহ কার্য হৈছে মানুহৰ প্রাচীনতম জীৱিকা । মাংসৰ উদ্দেশ্যে বন্য প্রাণী বধ কৰা কাৰ্যক চিকাৰ আৰু খাদ্য হিচাপে গ্রহণীয় উদ্ভিদৰ বীজ , ফল প্রভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্রহ বােলে । প্রাচীন কালত , মানুহৰ আর্থিক কাম কাজ কেৱল চিকাৰ আৰু সংগ্রহ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল । বর্তমান সময়ত এই বৃত্তি ঘাইকৈ উচ্চ অক্ষাংশৰ তুন্দ্রা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ুৰ অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চল দুটাতে অধিক মাত্রাত দেখা যায় । মধ্য অক্ষাংশৰ উপকূলীয় অঞ্চলসমূহ আধুনিক সা – সৰঞ্জাম ব্যৱহাৰ কৰি সাগৰৰ মাছ ধৰা বৃত্তিৰৰ প্ৰসাৰ ঘটা দেখা যায় । সাধাৰণতে মৰু ভূমিকে আদি কৰি চৰম পৰিবেশৰ অঞ্চলসমূহত পােষক সংগ্রহ বৃত্তিৰ প্রচলন বর্তমানেও দেখা যায় । ঘাইকৈ আদিম অর্থ ব্যৱস্থাৰ লগত জড়িত পৃথিৱীৰ বহুতো অঞ্চলৰ লােকেই খাদ্য , বস্ত্ৰ আৰু গৃহ নির্মাণৰ আহিলা অথবা ইন্ধন দ্রব্যসমূহ এই পদ্ধতিৰে সংগ্রহ কৰে । কানাডা আৰু ইউৰেছিয়াৰ উত্তৰ সীমান্ত অঞ্চল আৰু চিলিৰ দক্ষিণ প্রান্তীয় শীত প্রধান অঞ্চলসমূহত সংগ্রহ বৃত্তিধাৰী লােকৰ সংখ্যা অধিক । সেইদৰে , নিম্ন অক্ষাংশৰ আমাজান অৱবাহিকা , ক্রান্তীয় আফ্রিকা , অষ্ট্রেলিয়াৰ উত্তৰাঞ্চল , দক্ষিণ – পূর্ব এছিয়াৰ ভিতৰুৱা অঞ্চলসমূহ আৰু ক্রান্তীয় উষ্ণ মৰুভূমিৰ ঠায়ে ঠায়ে এনে বৃত্তিৰ প্ৰচলন পােৱা যায় ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top