উত্তৰ আধুনিকতাবাদ কি? সংজ্ঞা, বিকাশ, সমালোচনা | What is Postmodernism? Definition, Development, Criticism

উত্তৰ আধুনিকতাবাদ কি? সংজ্ঞা, বিকাশ, সমালোচনা | What is Postmodernism? Definition, Development, Criticism

Join Telegram channel

আৰম্ভণি (Introduction)

উত্তৰ-আধুনিকতাবাদ (Postmodernism) বিংশ শতাব্দীৰ দ্বিতীয়াৰ্ধত বিকাশ লাভ কৰা এটা দৰ্শন, যিয়ে ৰাষ্ট্ৰ, ক্ষমতা, নিৰাপত্তা আদি পৰম্পৰাগত ধাৰণাসমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ সমান্তৰালভাৱে, পুৰুষতান্ত্রিক সমাজ ব্যৱস্থা, সংখ্যাগৰিষ্ঠৰ প্ৰাধান্য, বর্ণবাদ, আৰু ৰাজনৈতিক স্থায়িত্বৰ ওপৰত থকা ধাৰণাসমূহো পুনৰীক্ষণ কৰা হয়। এই পৰিৱেশত মহিলা, সংখ্যালঘু, শিশু, দলিত আদি বিভিন্ন গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰতো নতুন আলোচনা আৰম্ভ হয়। ফলস্বৰূপে, বহুসংস্কৃতিবাদ, নাৰীবাদ, আৰু উত্তৰ-আধুনিকতাবাদৰ দৰে নতুন নতুন ধাৰণাসমূহৰ উত্থান হয়।

ই কেৱল ৰাজনীতি বিজ্ঞানত নহয়, উত্তৰ-আধুনিকতাবাদ শিল্প, সাহিত্য, স্থাপত্য, সংগীত, বোলছবি তথা সংস্কৃতিকেও গভীৰভাৱে প্ৰভাৱিত কৰিছে। পশ্চিমা দেশসমূহত প্ৰথমে পৰীক্ষামূলকভাৱে এই চিন্তাধাৰাৰ বিকাশ ঘটিছিল, য’ত শিল্পীসকলে আধুনিক শৈলীৰ অনুকৰণ নকৰাকৈ, সুকীয়া শৈলীত নিজৰ সৃষ্টিবোৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই পৰিকল্পনাই উত্তৰ-আধুনিকতাবাদী ধাৰাৰ জন্ম দিছিল, যি এতিয়া বিশ্বব্যাপী এক গুৰুত্বপূর্ণ দৰ্শন হিচাপে বিবেচিত।

উত্তৰ আধুনিকতাবাদ কি? সংজ্ঞা, বিকাশ, সমালোচনা

উত্তৰ-আধুনিকতাবাদৰ অৰ্থ (Meaning of Postmodernism)

সহজ অর্থত আধুনিকতাবাদৰ পাছৰ অৱস্থিতিয়েই উত্তৰ-আধুনিকতাবাদ। আন কথাত যি ধাৰণা বা মতবাদ আধুনিক নহয় সেয়াই উত্তৰ-আধুনিকতাবাদ। আধুনিক চিন্তাধাৰা, মতবাদৰ উৰ্দ্ধত থকা মতবাদ, চিন্তাধাৰাকে আমি উত্তৰ-আধুনিকতাবাদ বুলি ক’ব পাৰো। আধুনিকতাবাদৰ সৈতে উত্তৰ-আধুনিকতাবাদৰ সম্পৰ্ক আছে। এই সম্পর্ক কালক্ৰমৰ সম্পৰ্ক। চলিত আধুনিক মতবাদক সলনি কৰি সমাজ সভ্যতা অধ্যয়নৰ নতুন ধাৰা মতবাদ প্রতিষ্ঠা কৰাই হ’ল উত্তৰ-আধুনিকতাবাদ।

বিংশ শতিকাৰ ফৰাচী দার্শনিক লয় ‘টার্ড (Jean Francois Lyotard) আধুনিকোত্তৰতাবাদ দর্শনৰ চিন্তাবিদ হিচাপে বিখ্যাত আছিল। তেওঁৰ ১৯৭৯ চনত প্রকাশিত গ্রন্থ ‘The Postmodern Condition: A Report on Knowledge’ক আধুনিকোত্তৰতাবাদৰ ইস্তাহাৰ স্বৰূপ আখ্যা দিয়া হয়। তেওঁ আধুনিকোত্তৰতাবাদক আধুনিকতাবাদৰ এটা অভিন্ন অংগ বুলি কৈছিল। তেওঁ কৈছিল যে, ‘Post-modernism is an unquestionable part of modern’। লয় ‘টার্ডে প্ৰথমবাৰৰ বাবে আধুনিকতাবাদৰ ক্ষেত্ৰত ‘Grand Narrative’ শব্দটোৰ ব্যৱহাৰ কৰিছিল। তেওঁ কৈছিল যে, “Grand narrative is foundational and thus to be avoided. A grand narrative (or metanarrative) is a narrative form which seeks to provide a definitive account of reality.” অর্থাৎ আধুনিকতাবাদে ‘মহা বর্ণনা’ (Grand narrative)ত বিশ্বাস কৰে। আনহাতে উত্তৰ-আধুনিকতাবাদে ‘মহা বৰ্ণনা’ৰ পৰিৱৰ্তে ‘সূক্ষ্ম বর্ণনা’ (Micro narratives)ক হে প্রাধান্য দিয়ে। সেয়ে উত্তৰ-আধুনিকতাবাদত সৰু বিষয় এটাকে বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্লেষণৰ চেষ্টা কৰা হয়।

সংজ্ঞা (Definition)

Jurgen Habermas এ আধুনিকোত্তৰতাবাদৰ বিষয়ে কৈছিল যে, “Postmodernism is a movement beyond the tradition of rationality that European modernity understood itself in the context of time.”

The Compact Oxford English Dictionary ৰ মতে উত্তৰ-আধুনিকতাবাদৰ অর্থ হ’ল আদর্শ, আৰু তত্ত্বক এৰাই চলা শৈলী। (Postmodernism is a style and concept of the arts characterized by distrust of theories and ideologies and by the drawing of attention to conventions.)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ-আধুনিকতাবাদ বা আধুনিকোত্তৰতাবাদ হ’ল এক নতুন মতবাদ আৰু এই মতবাদে প্রচলিত আধুনিক প্রতিষ্ঠিত আদর্শ বা ধাৰণাসমূহৰ পৰিৱৰ্তে অপ্রতিষ্ঠিত সূক্ষ্ম ধাৰণাত বিশ্বাস কৰে। 

আধুনিকোত্তৰতাবাদৰ কিছুমান বৈশিষ্ট্য আছে। সেইবোৰ হ’ল-

(ক) উত্তৰ-আধুনিকতাবাদে বিশ্বাস কৰে যে পৃথিৱীত নিশ্চয়তা বুলি একো নাই ।

(খ) উত্তৰ-আধুনিকতাবাদে সার্বজনীনতা আৰু সমাজতত্ত্ব বিশ্বাস নকৰে।

(গ) উত্তৰ-আধুনিকতাবাদে সার্বজনীনতাৰ পৰিৱৰ্তে বহুত্ববাদত বিশ্বাস কৰে।

(ঘ) উত্তৰ-আধুনিকতাবাদৰ মতে কোনো কথাই চূড়ান্ত সত্য নহয়। সকলোবোৰবাসত্য কেৱল আংশিক সত্যহে।

(ঙ) উত্তৰ-আধুনিকতাবাদে ‘মহা বর্ণনা’ (Grand Narrative) বা ‘মহা তত্ত্ব’ (Grand Theory)ত বিশ্বাস নকৰে।

(চ) উত্তৰ-আধুনিকতাবাদে এটা বিষয়ৰ গভীৰতালৈ যোৱাৰ বিৰোধিতা কৰে।

(ছ) উত্তৰ-আধুনিকতাবাদে বিজ্ঞানত বিশ্বাস নকৰে।

উত্তৰ-আধুনিকতাবাদৰ বিকাশ (Development of Postmodernism)

উত্তৰ-আধুনিকতাবাদ এটা নতুন ধাৰণা, যাৰ বিকাশ ২০শ শতিকাৰ দ্বিতীয়াৰ্দ্ধত হৈছিল। আৰম্ভণিতে ই পশ্চিমীয়া সমাজৰ কলা, স্থাপত্য, আৰু সংস্কৃতিৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হৈছিল। ফ্ৰান্সত প্ৰথমে উত্তৰ-আধুনিকতাবাদৰ আবিৰ্ভাৱ হৈছিল বুলি কোৱা হয়, আৰু ১৮৭০ ৰ দশকতে এই শব্দটোৰ ব্যৱহাৰ দেখা গৈছিল।

জন ৱাটকিন্স ছাপমানে (John Watkins Chapman) ফৰাচী প্ৰভাৱবাদী চিত্ৰশৈলীৰ বিকল্প হিচাপে উত্তৰ-আধুনিকতাবাদী শৈলীৰ প্ৰয়োগ কৰিছিল। ১৯১৪ চনত The Hibbert Journal ত জে. এম. থম্পচনে ধৰ্ম সমালোচনাৰ ক্ষেত্ৰত এই শব্দটো ব্যৱহাৰ কৰিছিল। ১৯১৭ চনত ৰুডলফ পানৱিট্‌জে (Rudolf Pannwitz) সংস্কৃতিক দৰ্শনৰ ভিত্তিত বর্ণনা কৰিবলৈ এই শব্দটো গ্ৰহণ কৰিছিল। ১৯২০ ৰ দশকত সংগীত আৰু কলাৰ নতুন ৰূপৰ ক্ষেত্ৰতো এই শব্দটোৰ প্ৰয়োগ দেখা গৈছিল। ১৯২৬ চনত বি. আই. বেল (B. I. Bell) এ ইয়াক লৈ আলোচনা কৰিছিল, আৰু ১৯৩৯ চনত ইতিহাসবিদ আর্নল্ড জে. টয়নবীয়ে (Arnold J. Toynbee) ইতিহাসৰ তত্ত্ব হিচাপে ইয়াক ব্যাখ্যা কৰিছিল।

১৯৩৭-১৯৫৭ চনৰ ভিতৰত পিটাৰ ফাৰ্ডিনাণ্ড দ্ৰাকাৰে (Peter Ferdinand Drucker) উত্তৰ-আধুনিকতাবাদৰ উত্থান লক্ষ্য কৰিছিল। ১৯৪০ ৰ দশকৰ শিল্পী জৰ্জ লুইচ বৰ্জেছৰ (Jorge Luis Borges) সাহিত্যত এই দৰ্শনৰ প্ৰতিফলন দেখা গৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত, বিশেষকৈ ১৯৫০ ৰ দশকত, উত্তৰ-আধুনিকতাবাদ অধিক বিস্তৃত হৈ আধুনিকতাবাদক প্ৰত্যাহ্বান জনাবলৈ আৰম্ভ কৰে।

আধুনিকোত্তৰবাদৰ প্ৰখ্যাত সমর্থকসকলৰ কৰ্মৰাজিৰ ওপৰত চকু দিলেই আধুনিকোত্তৰবাদ বা উত্তৰ-আধুনিকতাবাদৰ বিকাশ কেনেদৰে হৈছিল তাৰ আভাস পাব পাৰি। সেয়ে ডেৰিদা, জেমচন, ফুক’, লয় ‘টার্ড আদি আধুনিকোত্তৰবাদৰ প্ৰখ্যাত দার্শনিকসকলৰ অৱদান সম্পর্কে তলত চমু আলোচনা কৰা হ’ল-

ফ্রেড্রিক জেমচন (Fredric Jameson)

ফ্ৰেড্ৰিক জেমচন (১৯৩৪-) এজন আমেৰিকান সাহিত্য সমালোচক তথা মার্ক্সবাদী ৰাজনৈতিক চিন্তাবিদ। তেওঁ ডিউক বিশ্ববিদ্যালয়ৰ ‘Center for Critical Theory’-ৰ সঞ্চালক। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হল The Political Unconscious (1981) আৰু Postmodernism, or, The Cultural Logic of Late Capitalism (1991)। জেমচন আধুনিকোত্তৰবাদৰ (postmodernism) অন্যতম মুখ্য চিন্তাবিদ। তেওঁ যুক্তি প্ৰদান কৰে যে প্ৰতিটো উৎপাদন ব্যৱস্থাৰ নিজৰ এক বিশেষ সংস্কৃতি থাকে, আৰু পুঁজিবাদে এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। ফলত, সমাজ আধুনিক পৰ্যায়ৰ পৰা আধুনিকোত্তৰ পৰ্যায়লৈ উন্নীত হৈছে, য’ত নতুন এক সৰ্বহাৰা শ্ৰেণীৰ সৃষ্টি হৈছে।

জ্যাক্স ডেৰিদা (Jacques Derrida)

জ্যাক্স ডেৰিদা (১৯৩০-২০০৪) এজন প্ৰসিদ্ধ ফৰাচী দার্শনিক আছিল। তেওঁ বিখণ্ডনবাদ (Deconstruction) নামৰ এক গুৰুত্বপূৰ্ণ তত্ত্ব আগবঢ়াইছিল। ডেৰিদাৰ মতে, ভাষা সম্পূৰ্ণ স্থিৰ নহয়, তাৰ অৰ্থ সদায় পৰিৱৰ্তিত হৈ থাকে। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ Of Grammatology, Writing and Difference আৰু Speech and Phenomena। ডেৰিদাৰ চিন্তাধাৰা আইন, সাহিত্য, ৰাজনীতি বিজ্ঞান আদিৰ ক্ষেত্ৰত বহুলভাৱে গৱেষণা কৰা হয়।

মিছেল ফুক’ (Michel Foucault)

১৯২৬ চনৰ ১৫ অক্টোবৰত ফুক’ৰ জন্ম হৈছিল। তেওঁ এজন ফৰাচী দার্শনিক তথা সাহিত্য সমালোচক আছিল। তেওঁ নিজেই আধুনিকোত্তৰবাদী বুলি পৰিচয় দিয়াৰ পৰিৱৰ্তে আধুনিকতাৰ সমালোচক বুলিহে ক’ব বিচাৰিছিল। ‘Madness and Civilization’ (১৯৬১), ‘The Birth of the Clinic’ (১৯৬৩), ‘and the Order of Things’ (১৯৬৬), ‘The Archaeology of Knowledge’ (১৯৬৯), ‘Discipline and Punish’ (১৯৭৫) আৰু ‘The History of Sexuality’ (১৯৭৬) আদিবোৰ ফুক’ৰ প্ৰধান ৰচনাসমূহ। ফুক’এ চিৰন্তন সত্য, ন্যায়, মানৱ প্রকৃতি আদি ধাৰণাত বিশ্বাস কৰা নাছিল। তেওঁ ক্ষমতা আৰু জ্ঞানৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰিছিল। তেওঁ মতে জ্ঞানেই ক্ষমতা। তেওঁ মনোৰোগবিদ্যা, ঔষধ, কাৰাগাৰ ব্যৱস্থা আদিৰ সমালোচনা কৰিছিল। ফুক’ এজন উত্তৰ-কাঠামোগতবাদত (Post-Structuralism) বিশ্বাসী দার্শনিক আছিল।

AS Per UGC Syllabus Notes

Sl. No.Syllabus
1ৰাষ্ট্ৰ কি? সংজ্ঞা, উপাদান, বৈশিষ্ট্য, বিৱৰ্তন, ৰাষ্ট্ৰৰ উৎপত্তি আৰু সামাজিক চুক্তিসমূহ (What is a State? Definition, Elements, Features, Evolution, Origin of the State, and Social Contract Theories)
2উত্তৰ আধুনিকতাবাদ কি? সংজ্ঞা, বিকাশ, সমালোচনা (What is Postmodernism? Definition, Development, Criticism)
3ৰাজনৈতিক তত্ত্ব কি? ৰাজনীতিৰ অৰ্থ, উৎপতি, প্ৰকাৰ, বৈশিষ্ট্য, বিকাশ, পৰিসৰ, প্ৰকৃতি (What is Political Theory? – Meaning of Politics, Origin, Types, Features, Development, Scope, and Nature)
4বহুসংস্কৃতিবাদ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, উত্থান, তত্ত্ব, বৰ্ণসংকৰতা, সাংবিধানিক বিচিত্রতা (Definition, Features, Evolution, Emergence, Theories, Racial Hybridity, and Constitutional Diversity)
5মার্ক্সবাদ কি?- নীতি, মার্ক্সবাদী দৃষ্টিভংগীৰ  অৰ্থ আৰু পৰিসৰ, মার্ক্সবাদী দৃষ্টিভংগী আৰু ভাৰতৰ ৰাজনীতি (What is Marxism? – Principles, Meaning and Scope of the Marxist Perspective, and Marxist Perspective and Indian Politics)
6গণতন্ত্ৰ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, প্ৰকাৰ, ধাৰণা, চৰ্তসমূহ (What is Democracy? Features, Evolution, Types, Concepts, Conditions)
7নাগৰিকত্ব কি? ইয়াৰ সংজ্ঞা, বৈশিষ্ট্য, প্ৰকাৰ, বিকাশ, উদাৰবাদী, পদ্ধতিসমূহ, কাৰণ, বৈশিষ্ট্যসমূহ আৰু উপাদানসমূহ (What is Citizenship? Its Definition, Features, Types, Development, Liberal Views, Methods, Causes, Characteristics, and Elements)

ৰাজনীতি তত্ত্বৰ বোধগম্যতা

Sl. No.CONTENTS
Unit – 1ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক
Unit – 2ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ
Unit – 3ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী
Unit – 4ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – I
Unit – 5ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II

AS Per UGC Old Syllabus ৰাজনীতি তত্ত্বৰ বোধগম্যতা

Sl. No.CONTENTS
Unit – 1ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ
Unit – 2ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ
Unit – 3ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি
Unit – 4ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১
Unit – 5ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ২

জিন ফ্ৰেঙ্কইচ লয়’ টাৰ্ড (Jean Francois Lyotard)

জিন ফ্রেঙ্কইচ লয় টার্ড এজন ফৰাচী সমাজতত্ত্ববিদ, দার্শনিক তথা সাহিত্য তত্ত্ববিদ আছিল। তেওঁৰ জন্ম হৈছিল ১৯২৪ চনৰ ১০ আগষ্ট তাৰিখে পেৰিচত। লয় ‘টাৰ্ডৰ ১৯৭৯ চনত প্রকাশিত গ্রন্থ ‘The Post-modern Condition: A Report on Knowledge’ত আধুনিকোত্তৰতাবাদৰ বিষয়ে আলোচনা কৰিছিল। তেওঁ ‘মহা বর্ণনা’ ধাৰণাটো নাকচ কৰিছিল। তেওঁ আধুনিকোত্তৰতাবাদক ‘মহা বর্ণনা’ৰ প্ৰতি অবিশ্বাস বুলি আখ্যা দিছিল। তেওঁৰ ভাষাত, ‘Postmodernism is incredulity towards metanarratives’। লয় ‘টাৰ্ডৰ মতে ‘মহা বর্ণনা’ক ইতিহাসৰ সামগ্রিকৰণ বুলি ক’ব পাৰি। “Metanarratives are understood as totalising stories about history and the goals of the human race that ground and legitimise knowledges and cultural practises.”

জ্যাক্স ডেৰিদা, মিছেল ফুক’ আৰু জিন ফ্ৰেঙ্কইচ লয়’ টাৰ্ড— এই তিনিজনে উত্তৰ-আধুনিকতাবাদক শক্তিশালীভাৱে আগবঢ়াইছিল। ডেৰিদাই ভাষাৰ অৱস্থান অনিশ্চিত বুলি দেখুৱাইছিল, ফুক’এ জ্ঞান আৰু ক্ষমতাৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰিছিল, আৰু লয়’ টাৰ্ডে একক সত্যৰ পৰিৱৰ্তে বহুতো সৰু সত্যৰ গুৰুত্ব দিছিল। এই চিন্তাবিদসকলৰ তত্ত্বসমূহ আজি পৰ্যন্ত দৰ্শন, সাহিত্য, আৰু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত গভীৰভাৱে অধ্যয়ন কৰা হয়।

উত্তৰ-আধুনিকতাবাদৰ সমালোচনা (Critique of Postmodernism)

১। উত্তৰ-আধুনিকতাবাদে সার্বজনীনবাদত বিশ্বাস নকৰে। উত্তৰ-আধুনিকতাবাদ অনুসৰি পৃথিৱীত চিবন্তন সত্য বুলি একো নাই। কিন্তু সূর্য উদয় হোৱা, মানুহৰ মৃত্যু আদি চিৰন্তন সত্য। গতিকে উত্তৰ-আধুনিকতাবাদৰ এই যুক্তি গ্রহণযোগ্য নহয়।

২। উত্তৰ-আধুনিকতাবাদে ‘মহা বর্ণনা’ ধাৰণাটো গ্রহণ নকৰে। কিন্তু সমালোচকসকলৰ মতে উত্তৰ-আধুনিকতাবাদ ধাৰণাটো নিজেই এটা ‘মহা বর্ণনা’।

৩। নআম চমস্কিয়ে আধুনিকোত্তৰতাবাদৰ সমালোচনা কৰি কৈছে যে এই ধাৰণাৰ বিজ্ঞানসন্মত জ্ঞানৰ পৃথিৱীলৈ একো অৰিহণা নাই, সেয়ে ই অর্থহীন।

৪। দার্শনিক উইলিয়াম ক্রেইগৰ মতে উত্তৰ-আধুনিকতাবাদ ধাৰণাটো কাল্পনিক। তেওঁৰ মতে বিজ্ঞান, প্রযুক্তি, কাৰিকৰী আদি দিশত মানুহ আপেক্ষিক নহয়। সেয়ে তেওঁ উত্তৰ-আধুনিকতাবাদক অবাস্তব বুলি গণ্য কৰিছিল।

৫। সমালোচকসকলে উত্তৰ-আধুনিকতাবাদক যুক্তিৰ পৰিপন্থী বুলি সমালোচনা কৰিছে। উত্তৰ-আধুনিকতাবাদে যুক্তিক গুৰুত্ব নিদিয়ে। কিন্তু যুক্তিৰ অবিহনে সমাজ সভ্যতা আগবাঢ়ি যাব নোৱাৰিব।

৬। ৰাজনীতি বিজ্ঞানৰ বিভিন্ন ধাৰণাসমূহে ব্যক্তিৰ আচৰণ, প্ৰমূল্যবোধ, আদর্শ আদিক গুৰুত্ব প্রদান কৰে। আচৰণবাদীসকলে ৰাজনৈতিক প্ৰমূল্যবোধৰ ওপৰত গুৰুত্ব দিয়ে। উত্তৰ-আধুনিকতাবাদে ৰাজনৈতিক প্রমূল্যবোধক গুৰুত্ব নিদিয়ে।

গতিকে দেখা গৈছে যে উত্তৰ-আধুনিকতাবাদক বিভিন্ন ধৰণেৰে সমালোচনা কৰা হৈছে। বহু সময়ত উত্তৰ-আধুনিকতাবাদে নিজেই নিজৰ সমালোচক বুলিও কোৱা হয়। কিন্তু উত্তৰ-আধুনিকতাবাদৰ লক্ষ্য কৰিবলগীয়া দিশ যে উত্তৰ-আধুনিকতাবাদে এক নতুন ৰাজনৈতিক চিন্তাধাৰাৰ বাট মুকলি কৰিছে। পৰম্পৰাগত পদ্ধতিৰ বাহিৰত গৈ এই ধাৰণাই সামাজিক, ৰাজনৈতিক বিষয়সমূহ ব্যাখ্যা কৰিবলৈ সক্ষম হৈছে।

সামৰণি (Conclusion)

উত্তৰাধুনিকতাবাদ আধুনিক চিন্তাধাৰাৰ ওপৰত এটা গভীৰ প্ৰভাৱ পেলোৱা দাৰ্শনিক আৰু সাংস্কৃতিক পৰিঘটনা। ই সত্য, জ্ঞান, আৰু পৰম্পৰাগত নৈতিকতাৰ সীমাবদ্ধতাক প্ৰশ্নবিদ্ধ কৰি নতুন দৃষ্টিভংগীৰ জন্ম দিছে। এই ধাৰণাই সাহিত্য, কলা, স্থাপত্য, আৰু ৰাজনীতিৰ ক্ষেত্ৰত পৰম্পৰাগত নিয়ম-বিধি ভাঙি মুক্ত আৰু আপেক্ষিক দৃষ্টিভংগী প্ৰদান কৰিছে।

উত্তৰাধুনিকতাবাদ মূল দৰ্শন হৈছে— কিবা এটা স্থায়ী আৰু একমাত্ৰ সত্য নাই; সকলো পৃথক দৃষ্টিকোণ আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে, এই আন্দোলনে আধুনিক বিশ্বত চিন্তা আৰু অভিব্যক্তিৰ নতুন দ্বাৰ খুলিলে যদিও, কেতিয়াবা ই অপৰিৱৰ্তনশীল মৌলিক নীতিসমূহক অত্যধিক প্ৰশ্নবিদ্ধ কৰাৰ বাবে সমালোচিতও হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top