Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১

Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 4 Political Theory and Practice – I Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১ Question Answer can be of great value to excel in the examination.

Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১

Join Telegram channel

Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১ Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১

POLITICAL SCIENCE

UNDERSTANDING POLITICAL THEORY

ৰাজনৈতিক তত্ত্ববোধ

১। নাগৰিক বুলিলে কি বুজি পোৱা ?

উত্তৰঃ সাধাৰণতে নাগৰিক বুলিলে নগৰবাসীকে বুজায়। 

২। নাগৰিকৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ লাস্কিৰ মতে, “নাগৰিক হ’ল জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে নিজৰ সুনিশ্চিত বিচাৰ বুদ্ধিৰ অৱদান।”

৩। নাগৰিকত্ব লাভৰ যিকোনো এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ জন্ম।

৪। নাগৰিকত্ব বিলোপৰ যিকোনো এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ বিয়াৰ পিছত স্বামীৰ ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিলেই নিজৰ ৰাষ্ট্ৰৰ নাগৰিকত্ব হেৰুৱায়।

৫। নাগৰিকৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ এজন নাগৰিক ৰাষ্ট্ৰ এখনৰ স্থায়ী বাসিন্দা। 

৬। কোনখন নাগৰিক আইনেৰে বৰ্তমান ভাৰতীয় নাগৰিকত্ব নিয়ন্ত্রিত কৰা হয় ?

উত্তৰঃ ১৯৫৫ চনৰ ভাৰতীয় নাগৰিক আইনমতে। 

৭। ভাৰতৰ জনসাধাৰণে কেতিয়াৰ পৰা নাগৰিকত্ব লাভ কৰে ?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা।

৮। নাগৰিকৰ যিকোনো এটা কর্তব্য লিখা।

উত্তৰঃ নিৰ্বাচনত ভোটদান কৰা।

৯। নাগৰিকত্ব হানি হোৱাৰ এটা কাৰণ লিখা। 

উত্তৰঃ সেনা বাহিনীৰ পৰা পলাই গ’লে নাগৰিকত্ব হানি হ’ব পাৰে।

১০। ভাৰতীয় সংবিধানে দ্বি-নাগৰিকত্বৰ ব্যৱস্থা কৰিছে? হয় নে নহয় লিখা।

উত্তৰঃ নহয়।

১১। বিশ্ব নাগৰিকত্ব মানেনো কি ?

উত্তৰঃ সাম্প্রতিক কালত শোচনীয় নাগৰিকত্বৰ ধাৰণাই ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। বিশ্ব সম্প্রদায় অর্থাৎ গোলকীয় সম্প্ৰদায়ৰ অৱস্থিতি এতিয়ালৈকে নাই যদিও সমগ্ৰ বিশ্বৰ জনসাধাৰণে ..…………পৰিসীমা অতিক্ৰম কৰি পৰস্পৰ সম্পর্কযুক্ত হৈ আছে। বিশ্ব নাগৰিকত্বৰ সমৰ্থকসকলৰ মতে বিশ্বৰ কোনো এখন দেশ বা কোনো অঞ্চলত জনসাধাৰণে প্ৰাকৃতিক দুর্যোগ বা আন কোনো কাৰণত ক্ষতিগ্রস্ত হ’লে পৃথিৱীৰ সকলো ঠাইৰ পৰা সহায়ৰ হাত আগবঢ়ায়।

তলত দিয়াবোৰৰ উত্তৰ দিয়া

১। সু-নাগৰিকৰ গুণ উল্লেখ কৰা।

উত্তৰঃ (i) এজন সুনাগৰিক বিবেকসম্পন্ন আৰু আত্মসংযমী হ’ব লাগিব।

(ii) ৰাজনৈতিক সচেতনতা সু নাগৰিকৰ উল্লেখযোগ্য গুণ।

(iii) এজন সু-নাগৰিকৰ ৰাষ্ট্ৰ আৰু ইয়াৰ সংবিধানৰ প্ৰতি আনুগত্য থাকিব লাগিব।

(iv) নিৰ্ভীকতা সুনাগৰিকৰ আন এটি গুণ।

(v) তেওঁ নিৰ্ভয়ে অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ কৰিব।

২। সু-নাগৰিকৰ চাৰিটা প্রতিবন্ধকতা উল্লেখ কৰা।

উত্তৰঃ (i) সুনাগৰিকত্বৰ প্ৰধান প্রতিবন্ধক হ’ল নাগৰিকৰ নিৰ্লিপ্ততা। উদাসীন, উৎসাহহীন মানুহ সুনাগৰিক হ’ব নোৱাৰে।

(ii) অজ্ঞতা আৰু নিৰক্ষৰতা সু-নাগৰিকৰ বাবে অভিশাপস্বৰূপ।

(iii) সুস্থ জনমত নাথাকিলে এজন ব্যক্তি সু-নাগৰিক হ’ব নোৱাৰে। 

(iv) সংকীর্ণ দলীয় মনোভাৱ সু-নাগৰিকত্বৰ আন এটা প্রতিবন্ধকতা।

৩। নাগৰিক আৰু বিদেশীৰ মাজৰ যিকোনো চাৰিটা পাৰ্থক্য লিখা। 

উত্তৰঃ (i) নাগৰিক কোনো ৰাষ্ট্ৰৰ স্থায়ী অধিবাসী। আনহাতে বিদেশী এজন সেইখন ৰাষ্ট্ৰত অস্থায়ীভাৱে বাস কৰে। নিজৰ কাম

শেষ হ’লে তেওঁ নিজৰ ৰাষ্ট্ৰলৈ গুচি যায়।

(ii) নাগৰিকে নিজৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰে। আনহাতে বিদেশীয়ে তেওঁৰ নিজৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্রকাশ কৰে। 

(iii) নাগৰিকে ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত সকলো অধিকাৰ ভোগ কৰিব পাৰে। বিদেশীক ৰাজনৈতিক অধিকাৰ ভোগ কৰিবলৈ দিয়া নহয়। 

(iv) বিদেশীক কোনো ৰাষ্ট্ৰৰ পৰা উলিয়াই দিব পাৰি। কিন্তু নাগৰিকক ৰাষ্ট্ৰৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰি। ৰাষ্ট্ৰই নাগৰিকক শাস্তি দিব পাৰে।

৪। নাগৰিকত্ব লাভৰ উপায় সমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ নাগৰিকত্ব লাভৰ প্ৰধান উপায় হৈছে

(i) জন্মৰ দ্বাৰা।আৰু

(ii) দেশীয়কৰণৰ মাধ্যমেৰে।

(i) জন্মৰ দ্বাৰা: জন্মসূত্ৰৰ দ্বাৰা নাগৰিকত্ব অৰ্জনৰ দুটা পদ্ধতি আছে। এটা হ’ল তেজৰ সম্পৰ্ক আৰু আনটো হৈছে জন্মস্থান নীতি।

(ii) দেশীয়কৰণ পদ্ধতি: দেশীয়কৰণ কিছুমান উপায়ৰ সমষ্টি মাত্র। এই উপায় সমূহ হ’ল :

(ক) বিষয় : যদি কোনো মহিলাই ভিন দেশীয় পুৰুষক বিয়া কৰাই তেনেহ’লে তেওঁ স্বামীৰ নাগৰিকত্ব পাব।

(খ) চৰকাৰী চাকৰি গ্ৰহণ: যদি কোনো ব্যক্তিয়ে আন কোনো দেশৰ চৰকাৰৰ অধীনত চাকৰি কৰে, তেনেহ’লে ইচ্ছা কৰিলে তেওঁ সেই দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিব পাৰে সেই দেশৰ আইন অনুযায়ী।

(গ) সম্পত্তি ক্রয়: আন দেশত স্থায়ী সম্পত্তি কিনি এজন ব্যক্তিয়ে সেই দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে।

(ঘ) সৈনিক বৃত্তি গ্রহণ: যদি এখন দেশৰ নাগৰিকে অন্য ৰাষ্ট্ৰৰ সেনাবাহিনীত যোগদান কৰে, তেনেহ’লৈ তেওঁৰ আগৰ নাগৰিকত্ব লোপ পায় আৰু নতুন দেশৰ নাগৰিকত্ব অর্জন কৰিব।

(ঙ) পঞ্জীয়ন: কোনো ব্যক্তিয়ে বিদেশত পঞ্জীয়নৰ মাধ্যমেৰে নাগৰিকত্ব গ্রহণ কৰিব পাৰে। অৱশ্যে দেশীয়কৰণৰ সকলো বিলাক উপায়ৰ ক্ষেত্ৰতে পঞ্জীয়নৰ প্ৰয়োজন হ’বই।

৫। নাগৰিকত্ব হেৰুৱাৰ কাৰণসমূহৰ বিষয়ে লিখা।

উত্তৰঃ ১। বিয়াৰ পিছত স্বামীৰ ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিলেই নিজৰ ৰাষ্ট্ৰৰ নাগৰিকত্ব হেৰুৱাই।

২। সেনা বাহিনীৰ পৰা পলাই গ’লেও নাগৰিকত্ব হেৰুৱাব পাৰে। 

৩। বিদেশত স্থায়ীভাৱে চাকৰি কৰিলেও এজন ব্যক্তিৰ নাগৰিকত্ব হানি হ’ব পাৰে।

৪। বিদেশত স্থায়ীভাৱে চাকৰি কৰি শেষত এজন ব্যক্তিৰ নাগৰিকত্ব হানি হ’ব পাৰে।

৫। স্বদেশত বহুদিন অনুপস্থিতিৰ ফলতো নাগৰিকত্বৰ অৱসান ঘটিব পাৰে।

৬। ৰাষ্ট্ৰবিৰোধী কোনো গুৰুতৰ অপৰাধৰ বাবেও এজন ব্যক্তিৰ নাগৰিকত্ব হানি হ’ব পাৰে।

৬। বিশ্ব নাগৰিকত্বৰ ধাৰণাটো চমুকৈ আলোচনা কৰা৷ 

উত্তৰঃ সাম্প্ৰতিক সময়ত সমগ্র পৃথিৱীততে যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু উন্নতিৰ ফলত এক পৰিৱৰ্তন আহিছে। পৃথিৱীৰ এটা অংশত সংঘটিত ঘটনা এটাই তৎক্ষণাত পৃথিৱীৰ আন অংশত প্ৰভাৱ বিস্তাৰ কৰে। তদুপৰি এখন ৰাষ্ট্ৰৰ সমস্যা অকলশৰীয়াকৈ সমাধান কৰাটো সম্ভৱ নহ’ব পাৰে। ফলত বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰবোৰে সহযোগিতাৰ মাধ্যমত সেই সমস্যাৰ সমাধান কৰিবলৈ আগবাঢ়ি অহা দেখা যায়। এইদৰে বিশ্ব নাগৰিকত্বৰ ধাৰণাটো গঢ় লৈ উঠিছে। বর্তমান উৰা জাহাজৰ শব্দতকৈও দ্রুতগতিত চলা বিমান, ক্ষেপণাস্ত্র, চেলফোন, দূৰদৰ্শন, ইন্টাৰনেট আদি অতি দ্রুত যাতায়ত আৰু যোগাযোগৰ আহিলাৰ আৱিৰ্ভৱে পৃথিৱীৰ আকাৰ আগতকৈও ক্ষুদ্রতৰ কৰি তুলিছে।

৭। নাগৰিকত্বৰ অর্থ লিখি বিভিন্ন পণ্ডিতে আগবঢ়োৱা সংজ্ঞাসমূহ উল্লেখ কৰা ?

উত্তৰঃ নাগৰিকতাৰ অৰ্থ [ MEANING OF CITIZENSHIP ] 

নাগৰিক শব্দটো ঠেক আৰু বহল-এই দুটা অৰ্থত ব্যৱহাৰ কৰা দেখা যায়। প্রাচীন কালত নাগৰিক শব্দটো ঠেক অৰ্থত ব্যৱহাৰ কৰা হৈছিল। ঠেক অৰ্থত নগৰত বাস কৰা লোকসকলক নাগৰিক বোলা হয়। প্রাচীন গ্ৰীছত নাগৰিক শব্দটো ঠেক অৰ্থত ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত নগৰত বাস কৰা লোকসকলক নাগৰিক হিচাবে অভিহিত কৰা হৈছিল। নগৰত বাস কৰা লোকসকলৰ ভিতৰত আকৌ অভিজাতসকলকহে নাগৰিক হিচাবে বিবেচনা কৰা হৈছিল। কিন্তু বহল অৰ্থত ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত বাস কৰা বিদেশীৰ বাহিৰে সকলো লোককেই নাগৰিক হিচাবে অভিহিত কৰা হয়। অর্থাৎ ৰাষ্ট্ৰৰ সদস্যসকলক নাগৰিক বোলা হয়। সাম্প্রতিক কালত ৰাষ্ট্ৰৰ সকলো সদস্যই নাগৰিক। আমাৰ দেশৰ উদাহৰণেৰে সাম্প্ৰতিক কালৰ নাগৰিকত্বৰ ধাৰণা প্ৰকাশ কৰিব পাৰি। আমাৰ দেশৰ চাৰিসীমাৰ ভিতৰত থকা চহৰ, নগৰ, গীও সকলোতে বাস কৰা লোকসকল নাগৰিক। সেইদৰে পুৰুষ-মহিলা, উদ্যোগপতি-বনুৱা, ধনী-দুখীয়া, গাৱঁত বাস কৰা আৰু চহৰ নগৰত বাস কৰা সকলো ভাৰতবাসীয়ে আমাৰ দেশৰ নাগৰিক। দেশৰ চাৰিসীমাৰ ভিতৰত বাস কৰা, দেশৰ প্রতি আনুগত্য প্ৰকাশ কৰা, দেশৰ অসামৰিক, ৰাজনৈতিক অধিকাৰ ভোগ কৰা লোককেই নাগৰিক বোলা হয়।

নাগৰিকতাৰ সংজ্ঞা : [ DEFINITION OF CITIZENSHIP ]

বিভিন্ন সময়ত বিভিন্ন চিন্তাবিদে নাগৰিকতাৰ বিষয়ে সংজ্ঞা দিয়া দেখা যায়। প্রাচীন কালৰ চিন্তাবিদৰ নাগৰিকত্বৰ সংজ্ঞাৰ লগত সাম্প্ৰতিক কালৰ চিত্তাবিদৰ নাগৰিকত্ব সংজ্ঞাৰ প্ৰভেদ আছে। নাগৰিকত্বৰ বিষয়ে তলত কেইটামান সংজ্ঞা উল্লেখ কৰা হ’ল।

প্ৰাচীন কালৰ গ্ৰীছৰ চিন্তাবিদ এৰিষ্ট টলৰ মতে যি ব্যক্তিয়ে ৰাষ্ট্ৰৰ আলোচনামূলক কামত নাইবা বিচাৰ বিভাগীয় কামত অংশগ্ৰহণ কৰিব পাৰে, তেনে ব্যক্তিকেই নাগৰিক বোলা হয়। (He who has the power to take part in the deliberative or Judicial adminis tration is said by us to be a citizen of the state) নাগৰিকৰ বিষয়ে এৰিষ্ট ‘টলে আগবঢ়োৱা সংজ্ঞাৰ পৰা সিদ্ধান্তলৈ আহিব পাৰি যে নগৰত বাস কৰা সকলো লোককেই তেওঁ নাগৰিক হিচাবে বিবেচনা কৰা নাছিল। দাস, শ্রমিক, কৃষক, মহিলা আদিক তেওঁ নাগৰিক হিচাবে

বিবেচনা কৰা নাছিল। তেওঁৰ মতে নাগৰিক হ’বলৈ হ’লে জিৰণিৰ প্রয়োজন, কিন্তু দাস, শ্রমিক, কৃষক মহিলা আদিৰ জিৰণি নাই; গতিকে তেওঁলোক নাগৰিক নহয়। যি সকলে প্রশাসনীয় আৰু বিচাৰ বিভাগৰ কামত অংশগ্রহণ কৰিব পাৰে, তেওঁলোককহে এৰিষ্ট’টলে নাগৰিক হিচাবে বিবেচনা কৰিছিল। অর্থাৎ অতি কম সংখ্যক লোককহে তেওঁ নাগৰিক হিচাবে অভিহিত কৰিছিল। সেয়েহে সাম্প্রতিক কালত তেওঁৰ নাগৰিকৰ সংজ্ঞাক অ-প্রাসংগিক হিচাবে বিবেচনা কৰা হয়। ৰাষ্ট্ৰসমূহ হৈছে জাতিভিত্তিক ৰাষ্ট্ৰৰ। এনে ৰাষ্ট্ৰৰ জনসংখ্যাও বহুত বেছি। দেশত স্থায়ীভাৱে কাম কৰা, দেশৰ প্রতি আনুগত্য প্রকাশ কৰা আৰু দেশৰ অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰা নির্দিষ্ট বয়সৰ লোকক নাগৰিক হিচাবে অভিহিত কৰা হয়। 

মধ্যযুগৰ সময়ছোৱাটো অতি কম সংখ্যক লোকক নাগৰিক হিচাবে বিবেচনা কৰা হৈছিল। ৰাজনৈতিক নেতা, বেৰণ জমিদাৰ, চৰকাৰী কৰ্মচাৰী আদি শ্ৰেণীৰ লোকসকলে চৰকাৰৰ সকলো সুবিধা গ্রহণ কৰিছিল আৰু তেওঁলোককেই নাগৰিক হিচাপে বিবেচনা কৰা হৈছিল। সাধাৰণ শ্ৰেণীৰ লোকসকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈছিল; সেয়েহে তেওঁলোকক নাগৰিক হিচাবে বিবেচনা কৰা হোৱা নাছিল।।

বিচাৰপতি মিলাৰেও (Miller) নাগৰিকৰ বিষয়ে সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে নাগৰিক হৈছে ৰাজনৈতিক সমাজৰ সদস্য তেওঁলোকে গঠন কৰে; ব্যক্তিগত আৰু সামূহিক অধিকাৰ সংৰক্ষণৰ কাৰণে চৰকাৰ গঠন কৰে আৰু চৰকাৰৰ প্রতি আনুগত্য প্রকাশ কৰে। (Citizens are members of the political community to which they belong. They are the people who compose the state and who in their associate capacity have established and subjected themselves to the dominance of the government for the protection of their individual as well as their collective rights.-Miller)

শ্রীনিবাস শাস্ত্ৰীয়েও নাগৰিকৰ বিষয়ে তেওঁৰ সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে যি ব্যক্তি ৰাষ্ট্ৰৰ সভ্য আৰু ৰাষ্ট্ৰত থাকি পূর্ণভাবে আত্ম বিকাশৰ কাৰণে সচেষ্ট আৰু সমাজৰ সৰ্বাধিক মংগলৰ কাৰণে সচেতন থাকে, তেনে ব্যক্তিকেই নাগৰিক বোলা হয়। নাগৰিকৰ বিষয়ে লাঙ্কিয়েও নিজৰ সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে নাগৰিকতা হৈছে সমাজৰ কল্যাণ সাধনৰ কাৰণে নিজৰ জ্ঞানপ্ৰসূত বিচাৰ-বুদ্ধিৰ প্ৰয়োগ। (Citizenship is the contribution of one’s instructed judgment for public good-Laski)

Encyclopaedia Britanica-ত সংজ্ঞা এনেদৰে দিয়া আছে। নাগৰিকতা হৈছে আইনৰ পৰা উদ্ভৱ হোৱা ব্যক্তি আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পর্ক। এই আইনে নাগৰিকৰ সৈতে কিছুমান কৰ্তব্য আৰু অধিকাৰৰ বিষয়ৰ উল্লেখ কৰে। (Citizenship is a relationship between an individual and a state Originating under terms prescribed by law and giving rise to certain duties and rights which such aw attaches to citizenship).

ওপৰত দিয়া সংজ্ঞাসমূহৰ পৰা নাগৰিকত্বৰ বিষয়ে তলত দিয়া সিদ্ধান্তসমূহত উপনীত হ’ব পাৰি। নাগৰিক হ’বলৈ হ’লে কোনো দেশত স্থায়ীভাবে বাস কৰিব লাগে, সেই দেশৰ প্ৰতি আনুগত্য প্রকাশ কৰিব লাগে, দেশে নিৰ্ধাৰণ কৰা কৰ্তব্য পালন কৰিব লাগে আৰু সেই দেশৰ অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰা ব্যক্তি হ’ব লাগে। অর্থাৎ যি ব্যক্তিয়ে কোনো এখন দেশত স্থায়ীভাবে বাস কৰে, সেই দেশৰ প্রতি আনুগত্য প্রকাশ কৰে, দেশৰ কৰ্তব্য পালন কৰে আৰু অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰে, তেনে ব্যক্তিক সেই দেশৰ নাগৰিক বোলা হয়।

৮। নাগৰিক আৰু বিদেশৰ মাজত থকা পার্থক্যসমূহ উল্লেখ কৰা ?

উত্তৰঃ নাগৰিক আৰু বিদেশী: প্রত্যেক ৰাষ্ট্ৰত দুই শ্ৰেণীৰ অধিবাসী দেখা যায়। তেওঁলোক হ’ল নাগৰিক আৰু বিদেশী। নাগৰিক ৰাষ্ট্ৰৰ স্থায়ী সদস্য। ৰাষ্ট্ৰৰ প্ৰতি তেওঁ আনুগত্য স্বীকাৰ কৰিব লাগে। এজন্য ব্যক্তি আন এখন ৰাষ্ট্ৰলৈ গৈ অস্থায়ীভাৱে বসবাস কৰিলে তেওঁক বিদেশী বোলা হয়। বিদেশী আন কোনো ৰাষ্ট্ৰৰ সদস্য। তেওঁৰ স্থায়ী আনুগত্য নিজৰ ৰাষ্ট্ৰৰ প্ৰতি। কোনো ৰাষ্ট্ৰত বসবাসকাৰী নাগৰিক আৰু বিদেশীৰ মাজত মর্যাদাগত পার্থক্য আছে।

(১) নাগৰিক কোনো ৰাষ্ট্ৰৰ স্থায়ী অধিবাসী। বিদেশীয়ে অন্য ৰাষ্ট্ৰত অস্থায়ীভাৱে বসবাস কৰে। নিজৰ কাম শেষ হ’লৈ তেওঁ স্বদেশলৈ উভতি যায়। ৰাষ্ট্ৰৰ আইন অনুযায়ী কোনো বিদেশীয়েও নাগৰিকতা অৰ্জন কৰিব পাৰে।

(২) নাগৰিকে ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত সকলো অধিকাৰ ভোগ কৰিব পাৰে। বিদেশীক ৰাজনৈতিক অধিকাৰ ভোগ কৰিবলৈ দিয়া নহয়। তেওঁলোকে পৌৰ অধিকাৰ ভোগ কৰিব পাৰে।

(৩) নাগৰিকে নিজৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্রকাশ কৰে। বিদেশীয়ে তেওঁৰ নিজৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্রকাশ কৰে।

(৪) স্বদেশ আৰু বিদেশত নাগৰিকৰ স্বাৰ্থ ৰাষ্ট্ৰই ৰক্ষা কৰে। কিন্তু ভাৰতত বাস কৰা বিদেশী অন্য ৰাষ্ট্ৰলৈ গ’লে তেওঁৰ ৰক্ষণা বেক্ষণৰ বাবে ভাৰত দায়ী নহয়।

(৫) নাগৰিকসকল ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য পালন কৰিবলৈ বাধ্য। ৰাষ্ট্ৰই তেওঁক যিকোনো দায়িত্ব পালন কৰিবলৈ বাধ্য কৰিব পাৰে। কিন্তু বিদেশীক কোনো কাম কৰিবলৈ বাধ্য কৰিব নোৱাৰি। অৱশ্যে, তেওঁ ৰাষ্ট্ৰৰ আইন-কানুন মানি চলিবলৈ বাধ্য।

(৬) বিদেশীক কোনো ৰাষ্ট্ৰৰ পৰা উলিয়াই দিব পাৰি। কিন্তু নাগৰিকক ৰাষ্ট্ৰৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰি। ৰাষ্ট্ৰই নাগৰিকক কঠোৰ শাস্তি দিব পাৰে।

(৭) ৰাষ্ট্ৰই যিকোনো সময়ত বিদেশীসকলৰ গতি-বিধি নিয়ন্ত্রণ কৰিব পাৰে। কিন্তু সামৰিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চলৰ বাহিৰে আন ঠাইত নাগৰিকৰ গতি-বিধিৰ স্বাধীনতা থাকে।

(৮) নাগৰিকে নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে চলা ফুৰা কৰিব পাৰে, কিন্তু এই বিষয়ত বিদেশীয়ে অনুমতি ল’বলগা হ’ব পাৰে।

৯। নাগৰিক আৰু ভোটাৰৰ প্ৰভেদসমূহ আলোচনা কৰা ?

উত্তৰঃ নাগৰিক আৰু ভোটাৰ: [ CITIZEN AND VOTER]

নাগৰিক আৰু ভোটাৰ একেখন দেশৰ নাগৰিক হলেও নাগৰিক আৰু ভোটাৰৰ মাজত তলত দিয়া ধৰণৰ প্ৰভেদ আছে—

(১) কোনো এখন দেশত স্থায়ীভাবে বাস কৰা সেই দেশৰ প্ৰতি আনুগত্য প্রকাশ কৰা, দেশৰ অ-সামৰিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰা লোকসকল নাগৰিক। ভোটাৰ সকলো এই শ্রেণীৰ লোক।

(২) সকলো ভোটাৰেই নাগৰিক যদিও, সকলো নাগৰিক ভোটাৰ নহ’বও পাৰে। সাম্প্রতিক কালত নির্দিষ্ট বয়সৰ ভিত্তিত ভোটাধিকাৰ দিয়া হয়। আমাৰ দেশত ১৮ বছৰ বয়সৰ পুৰুষ-মহিলা সকলোকে ভোটাধিকাৰ দিয়া হয় । গতিকে ভোটাৰ হ’বলৈ নাগৰিক হোৱাৰ উপৰিও, নির্দিষ্ট বয়সপ্রাপ্ত লোক হ’ব লাগে।

(৩) ভোটাৰ তালিকাত নাম নথকা লোকৰ এই নির্দিষ্ট বয়স থাকিলেও তেনে লোক ভোটাৰ নহ’ব পাৰে। অৰ্থাৎ ভোটাৰ হ’ব লাগিলে ভোটাৰ তালিকাত নামভুক্ত হ’ব লাগে। যিবোৰ নাগৰিকৰ নাম ভোটাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই, তেনে নাগৰিক ভোটাৰ নহয়।

(৪) যি সকল নাগৰিক পাগল, দেউলীয়া আৰু অপৰাধী, তেনে নাগৰিকক সাধাৰণতে ভোটাধিকাৰ দিয়া নহয়।

১০। এজন ব্যক্তিয়ে কি কি পদ্ধতিৰে নাগৰিকতা অর্জন কৰিব পাৰে আলোচনা কৰা ?

উত্তৰঃ নাগৰিকতা অৰ্জনৰ পদ্ধতি [ METHODS OF ACQUIRING CITIZENSHIP ] 

সাধাৰণতে নাগৰিকতা অৰ্জনৰ দুটি পদ্ধতি আছে – 

(১) জন্মসূত্ৰৰ দ্বাৰা নাগৰিকতা অর্জন।আৰু 

(২) দেশীয়কৰণৰ মাধ্যমত অর্জিত নাগৰিকতা। ইয়াৰ বাহিৰেও কোনো এটি অঞ্চলৰ অন্তৰ্ভুক্তিৰ ফলতো নাগৰিকতা অৰ্জন কৰা যায়।

(১) জন্মসূত্ৰ: নাগৰিকতা অৰ্জনৰ প্ৰথম উপায়টো হ’ল জন্মসূত্ৰৰ দ্বাৰা : জন্মসূত্ৰতো নাগৰিকতা অর্জনৰ দুটা পদ্ধতি আছে-এটি হ’ল তেজৰ সম্পৰ্ক আৰু আনটো হ’ল জন্মস্থান নীতি। তেজৰ সম্পৰ্ক অনুসৰি কোনো ব্যক্তিয়ে পিতৃ-মাতৃৰ নাগৰিকত্ব গ্রহণ কৰে। জন্মস্থান য’তেই নহওক লাগে, পিতৃ-মাতৃৰ নাগৰিকত্ব এই নীতিৰ দ্বাৰা লাভ কৰিব পাৰি। জন্মস্থানৰ নীতি অনুসাৰে কোনো ব্যক্তি যি দেশত ভূমিষ্ঠ হয় তেওঁ সেই দেশৰ নাগৰিক। তেওঁৰ পিতৃ-মাতৃ কোন দেশৰ নাগৰিক সেইটো এই ক্ষেত্ৰত বিবেচ্য নহয়। এই দুয়োটা নীতিৰ কিছুমান সুবিধা আৰু অসুবিধা আছে। পৃথিবীৰ প্রায়বিলাক ৰাষ্ট্ৰই এই দুয়োটা নীতি নাগৰিকতা প্ৰদানৰ ক্ষেত্ৰত পালন কৰা দেখা যায়।

(২) দেশীকৰণৰ দ্বাৰা নাগৰিকত্ব অর্জন (Naturalisation): নাগৰিকতা অৰ্জনৰ দ্বিতীয় উপায় হ’ল দেশীয়কৰণ। দেশীয়কৰণ কিছুমান উপায়ৰ সমষ্টি মাত্র, এই উপায়কেইটা হ’ল—

(ক) বিয়া: যদি কোনো তিৰোতাই ভিন দেশীয় পুৰুষক বিয়া কৰায় তেনেহ’লে তেওঁ স্বামীৰ নাগৰিকত্ব পাব।

(খ) চৰকাৰী চাকৰি গ্ৰহণ: যদি কোনো ব্যক্তিয়ে আন কোনো দেশৰ চৰকাৰৰ অধীনত চাকৰি গ্ৰহণ কৰে, তেনেহ’লে তেওঁৰ আগৰ নাগৰিকত্ব লোপ পায় আৰু তেওঁ যি ৰাষ্ট্ৰৰ অধীনত চাকৰি কৰিছে, সেই ৰাষ্ট্ৰৰ নাগৰিক হ’ব।

(গ) সৈনিকবৃত্তি গ্রহণ: যদি এখন দেশৰ নাগৰিকে অন্য ৰাষ্ট্ৰ সেনাবাহিনীত যোগদান কৰে, তেমতে তেওঁৰ আগৰ নাগৰিকত্ব লোপ পাব আৰু তেওঁ নতুন দেশৰ নাগৰিকত্ব অর্জন কৰিব।

(ঘ) সম্পত্তি ক্রয়: আন দেশত স্থায়ী সম্পত্তি কিনি এজন ব্যক্তিয়ে সেই দেশৰ নাগৰিকতা লাভ কৰিব পাৰে। তেওঁৰ স্থায়ী সম্পত্তি যি দেশত অৱস্থিত তেওঁ সেই দেশৰ নাগৰিক হ’ব।

(৬) আইনানুযায়ী স্বীকৃতি: দেশীয়কৰণ পদ্ধতিটো ব্যাপক অৰ্থত ওপৰত কৈ অহা চাৰিটা উপায় সম্পর্কে ব্যৱহাৰ কৰা হয়। কিন্তু দেশীয়কৰণ শব্দটোক এটি সংকীর্ণ অর্থতো ব্যৱহাৰ কৰা হয়। সংকীর্ণ অৰ্থত দেশীয়কৰণ হ’ল এটি আনুষ্ঠানিক পদ্ধতি যাৰ জৰিয়তে এখন ৰাষ্ট্ৰৰ নাগৰিকে কিছুমান চর্তসাপেক্ষে আন এখন দেশৰ নাগৰিকতা লাভ কৰিব পাৰে। সাধাৰণতে পঞ্জীয়নৰ দ্বাৰা এই নাগৰিকত্ব প্রদান কৰা হয়।

(চ) স্থায়ী বসতি: কোনো বিদেশীয়ে এখন দেশত বহুবছৰ ধৰি স্থায়ীভাবে বাস কৰিলে তেনে বিদেশীয়ে বাস কৰা দেশৰ নাগৰিকত্ব পাব পাৰে।

(ছ) ইচ্ছা প্রকাশ: বিদেশী পিতৃ-মাতৃৰ সন্তানে নিজে জন্মগ্রহণ। কৰা দেশৰ নাগৰিকত্ব পাব পাৰে। অৱশ্যে তেওঁলোকে সেই দেশৰ নাগৰিক হ’বলৈ ইচ্ছা প্ৰকাশ কৰিব লাগিব।

(জ) আবেদনৰ জৰিয়তে: আবেদনৰ জৰিয়তেও বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব পাৰে। আমাৰ দেশত বাস কৰা কোনো বিদেশীয়ে আমাৰ দেশৰ নাগৰিক হ’বলৈ আবেদন কৰিব পাৰে, চৰকাৰে এই আবেদনৰ ভিত্তিত তেনে বিদেশীক নাগৰিকত্ব প্ৰদান কৰিব পাৰে।

(ঝ) আংশিক বা সম্পূর্ণ দেশীয়কৰণ: দেশীয়কৰণ পদ্ধতিৰে নাগৰিকতা লাভ কৰাটো আংশিক নাইবা সম্পূর্ণ হ’ব পাৰে। দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব লাভ কৰা ব্যক্তিয়ে যেতিয়া সকলো ধৰণৰ অধিকাৰ লাভ কৰাৰ পৰা বঞ্চিত হয়, তেনে নাগৰিকত্বক আংশিক নাগৰিকত্ব বোলা হয়। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰত দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব লাভ কৰা লোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব নোৱাৰে।

(ঞ) ইংলেণ্ডত দেশীয়কৰণ আৰু স্থায়ীভাবে বাস কৰা (Denisation) নাগৰিকৰ মাজত প্ৰভেদ আছে। দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব লাভ কৰা লোকে সেই দেশৰ সকলো অধিকাৰ ভোগ কৰিব পাৰে। কিন্তু কাৰ্যপালিকাৰ নিৰ্দেশ মতে নাগৰিকত্ব লাভ কৰা লোকে সকলো ধৰণৰ অধিকাৰ ভোগ কৰাৰ সুবিধা নাপায়। অর্থাৎ দেশীয়কৰণতকৈ Denisation নিম্ন খাপৰ হিচাবে বিবেচনা কৰা হয়।

৩। কোনো অঞ্চলৰ অন্তৰ্ভূক্তিৰ ফলত নাগৰিকতা অৰ্জন: এই পদ্ধতি অনুযায়ী কোনো ৰাষ্ট্ৰ কোনো অঞ্চল আন ৰাষ্ট্ৰ সংযুক্ত হ’লে প্ৰথম ৰাষ্ট্ৰৰ সংশ্লিষ্ট অঞ্চলৰ নাগৰিকসকলক দ্বিতীয় ৰাষ্ট্ৰৰ নাগৰিক বুলি গণ্য কৰা হয়। যেনে— চিকিম ভাৰতৰ অন্তৰ্ভূক্ত হোৱাৰ ফলত চিকিমৰ নাগৰিকসকলে ভাৰতীয় নাগৰিকতা অৰ্জন কৰিছে। কোনো এখন ৰাষ্ট্ৰই এজন বিদেশীক সন্মানৰ্থে সেই দেশৰ নাগৰিকত্ব প্রদান কৰিব পাৰে। এইখিনিতে মনত উচিত যে এজন ব্যক্তিয়ে একে সময়তে দুখন ৰাষ্ট্ৰৰ নাগৰিকত্ব ভোগ কৰিব নোৱাৰে। 

১১। এজন ব্যক্তিৰ নাগৰিকতা কিদৰে অৱসান ঘটিব পাৰে আলোচনা কৰা ?

উত্তৰঃ নাগৰিকতাৰ অৱসান (Loss of Citizenship): নাগৰিকতা লাভৰ যেনেকৈ কিছুমান পদ্ধতি আছে, ঠিক সেইদৰে কিছুমান কাৰণত নাগৰিকতাৰ অৱসান ঘটিব পাৰে। 

নাগৰিকত্ব বিলুপ্ত সাধনৰ কাৰণসমূহ হ’ল―

(১) অন্য ৰাষ্ট্ৰৰ নাগৰিকতা অৰ্জন কৰিলে পূৰ্বৱতী নাগৰিকতা বিলোপ হয়। কাৰণ এজন ব্যক্তিয়ে একেলগে দুখন ৰাষ্ট্ৰৰ নাগৰিকতা ভোগ কৰিব নোৱাৰে।

(২) কোনো তিৰোতাই যদি বিদেশীক বিয়া কৰায় তেন্তে তেওঁ স্বামীৰ ৰাষ্ট্ৰ নাগৰিকত্ব অর্জন কৰিব।

(৩) নিজৰ ৰাষ্ট্ৰৰ বিনা অনুমতিত অন্য দেশৰ চৰকাৰৰ অধীনত চাকৰি গ্ৰহণ কৰিলে নিজৰ ৰাষ্ট্ৰৰ নাগৰিকত্বৰ অৱসান ঘটে। 

(৪) স্বদেশত বহুদিন অনুপস্থিতিৰ ফলতো নাগৰিকতাৰ অৱসান ঘটিব পাৰে।

(৫) নিজৰ ৰাষ্ট্ৰৰ অনুমতি বিনে আন ৰাষ্ট্ৰৰ উপাধি গ্ৰহণ কৰিলেও নাগৰিকতা বিলুপ্ত হ’ব পাৰে। 

(৬) সেনাবাহিনীৰ পৰা পলাই গ’লে নাগৰিকতা একেবাৰেই লোপ পায়।

(৭) কোনো গুৰুতৰ অপৰাধৰ ফলতো এজন ব্যক্তি নাগৰিক অধিকাৰৰ পৰা বঞ্চিত হ’ব পাৰে। এইখিনিতে লক্ষ্য কৰা উচিত যে বিয়া, চাকৰি গ্ৰহণ আদিৰ দ্বাৰা অকল নাগৰিকতাৰ পৰিৱৰ্তন ঘটে, কিন্তু শেষোক্ত দুটি কাৰণত নাগৰিকতা একেবাৰে লোপ পায়।

১২। দ্বৈত-নাগৰিকতাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহ উল্লেখ কৰা ?

উত্তরঃ দ্বৈত-নাগৰিকতাৰ সমস্যা [ PROBLEM OF DOUBLE CITIZENSHIP ] 

নাগৰিকতা নিৰ্ধাৰণৰ ক্ষেত্ৰত তেজৰ সম্পৰ্ক আৰু জন্মস্থান এই দুয়োটা নীতিৰ দোষ আছে। সেই কাৰণে আজিকালি সহৰভাগ ৰাষ্ট্ৰই এই দুয়োটা নীতি মানি চলা, দেখা যায়। মার্কিন, যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আদি ৰাষ্ট্ৰই উভয় নীতিক মানি চলে। ইয়াৰ ফলত কেতিয়াবা নাগৰিকতাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। উদাহৰণস্বৰূপে কোনো প্রবাসী ভাৰতীয় দম্পতী সন্তান জন্ম হয় তেতিয়াহ’লে সেই শিশুটি তেজৰ সম্পৰ্ক নীতি অনুসৰি ভাৰতৰ নাগৰিক আকৌ জন্মস্থানৰ নীতি অনুসৰি সেই শিশুটি বৃটেইনৰ নাগৰিক। কিন্তু কোনো ব্যক্তি একে সময়তে একাধিক ৰাষ্ট্ৰৰ নাগৰিক হ’ব নোৱাৰে। ইয়াক দ্বি নাগৰিকত্ব বা দ্বি-জাতি সমস্যা বোলা হয়। এনে ক্ষেত্ৰত কোনো শিশু প্রাপ্ত প্রাপ্তবয়স্ক নোহোৱালৈকে তেওঁৰ নাগৰিকতা সম্পর্কে কোনো সিদ্ধান্ত ল’ব নোৱাৰি। প্ৰাপ্ত বয়স্ক হ’লৈ তেওঁক নিজৰ নাগৰিকত্ব বাছি ল’বলৈ সুযোগ দিয়া হয়। এইদৰে দ্বি-নাগৰিকত্বৰ সমস্যাৰ সমাধান কৰা হয়।

অন্যান্য উপায়েৰেও দ্বৈত নাগৰিকতাৰ সমস্যা সমাধান কৰিব পাৰি। সেই উপায়বিলাক হ’ল—

১। বহুতো ৰাষ্ট্ৰৰ নাগৰিকতা আইন অনুসৰি, নাগৰিকে তেওঁৰ জন্মস্থানৰ নাগৰিকতা নিজৰ ইচ্ছামতে ত্যাগ কৰিব আৰু আন কোনো ৰাষ্ট্ৰৰ নাগৰিকতা গ্ৰহণ কৰিব পাৰে। ভাৰতীয় নাগৰিকত্ব আইনে এই সুযোগ প্রদান কৰিছে।

(২) শিশুৰ বসবাস, লিখা-পঢ়া সাধাৰণতে প্ৰথমৰ পৰাই এখন ৰাষ্ট্ৰত সম্পন্ন হয়। অর্থাৎ এখন ৰাষ্ট্ৰ নাগৰিকতাৰ পৰিচয়ত তেওঁ মানুহ হয়। আন্তর্জাতিক আইনে এই ধৰণৰ নাগৰিকতাক “কাৰ্যকৰী নাগৰিকত্ব” (Effective Citizenship) বোলে।

(৩) ইয়াৰ বাহিৰেও চুক্তিৰ মাধ্যমত দুখন ৰাষ্ট্ৰই দ্বৈত-নাগৰিকতাৰ সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব পাৰে। এতেকে দেখা যায় যে নাগৰিকতা নিৰ্ধাৰণৰ ক্ষেত্ৰত তেজৰ সম্পৰ্ক আৰু জন্মস্থান— এই নীতি দুটাৰ কোনটো নীতি গ্রহণযোগ্য সেই বিষয়ে কোনো সিদ্ধান্ত কোনেও দিব পৰা নাই। এই নীতি দুটাৰ কোনোটোৱে পুৰাপুৰিকৈ দোষমুক্ত নহয়। কিন্তু বহুতৰ মতে “তেজৰ সম্পর্ক” নীতিটো প্রাচীন আৰু বিজ্ঞানসন্মত। এই নীতিৰ সমৰ্থনত কোৱা হয় যে, “তেজৰ সম্পৰ্ক” নীতি সুস্পষ্ট, সুনির্দিষ্ট আৰু জটিলতামুক্ত। ভ্রাম্যমান দম্পত্তিৰ সন্তান বিভিন্ন দেশত জন্মগ্ৰহণ কৰিলে তেওঁলোকৰ নাগৰিকত্বৰ ক্ষেত্ৰত জন্মস্থানৰ নীতি গ্ৰহণ কৰিলে সমস্যাৰ সৃষ্টি হয়, কিন্তু তেজৰ সম্পৰ্কৰ নীতি অনুসৰণ কৰিলে তেনে সমস্যাৰ উদ্ভৱ নহয়। মানুহৰ তেজৰ সম্পৰ্ক সঠিক আৰু সুস্থিৰ, কিন্তু জন্মস্থানৰ ক্ষেত্ৰত স্থিৰতা নাথাকিবও পাৰে। কিন্তু সৰহভাগ ৰাষ্ট্ৰই নাগৰিকতাৰ ক্ষেত্ৰত দুয়োটা নীতি মানি চলা দেখা যায়।

১৩। সুনাগৰিকৰ গুণসমূহ উল্লেখ কৰা ?

উত্তৰঃ সু-নাগৰিকৰ গুণসমূহ [ QUALITIES OF A GOOD CITIZEN.]

গ্রীক দার্শনিক এৰিষ্ট টলে কৈ গৈছে যে নাগৰিকতা ৰাষ্ট্ৰ ব্যৱস্থাৰ সৈতে সম্পর্কিত। পৰৱৰ্তীকালত ফৰাচী লিখক ভল্টেয়াৰে (Voltaire) কৈছে যে, জনগণ যেনে ধৰণৰ চৰকাৰ পোৱাৰ যোগ্য তেওঁলোকে তেনে, ধৰণৰ চৰকাৰেই পায়। ইয়াৰ পৰা বুজা যায় যে নাগৰিকসকল ৰাষ্ট্ৰৰ অবিচ্ছেদ্য অঙ্গ। নাগৰিকসকল উন্নত চৰিত্ৰৰ হ’লে ৰাষ্ট্ৰ ব্যৱস্থাৰ উন্নতি হ’ব। উন্নত ৰাষ্ট্ৰব্যৱস্থাত উন্নত চৰিত্ৰৰ নাগৰিক থাকিব লাগিব। এতিয়া গণতান্ত্রিক শাসনব্যৱস্থা সর্বোৎকৃষ্ট বুলি পৰিগণিত হৈছে। এই ব্যৱস্থাত জনগণেই হ’ল সর্বোচ্চ ক্ষমতাৰ অধিকাৰী আৰু গণতন্ত্ৰৰ সাফল্য নাগৰিকসকলৰ গুণাৱলীৰ ওপৰত নিৰ্ভৰ কৰে। সুনাগৰিক নহ’লে গণতন্ত্ৰ কৃতকার্য নহয়। সু-নাগৰিকৰ চৰিত্ৰৰ প্ৰধান বৈশিষ্ট্য হ’ল কর্তব্য পালনৰ ইচ্ছা আৰু সামর্থ্য। গণতন্ত্ৰৰ বাবে নাগৰিকৰ সংখ্যা বিবেচ্য বিষয় নহয়। তেওঁলোকৰ গুণৰ মানেই একমাত্র বিবেচ্য বিষয়। বার্ণচৰ মতে, সংখ্যাই একমাত্র বিবেচ্য বিষয় হোৱা হ’লে এপাল ভেৰাক লৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সৃষ্টি হ’লহেঁতেন। বিচাৰ-বুদ্ধি আৰু বিবেকসম্পন্ন, আত্মসংযমী, স্বাধীন মনোভাবাপন্ন আৰু সমাজৰ স্বাৰ্থৰ প্ৰতি অংগীকাৰৱন্ধ ব্যক্তিক সু নাগৰিক বোলা হয়। এজন সু-নাগৰিক হ’বলৈ হ’লে তেওঁৰ গাত কিছুমান গুণ থাকিব লাগিব।

(১) নাগৰিকসকল শিক্ষিত হোৱা উচিত। সুশিক্ষা নহ’লে ভাল নাগৰিক হ’ব নোৱাৰে।

(২) ৰাজনৈতিক সচেতনতা সু-নাগৰিকৰ আন এটি গুণ। প্রতিজন নাগৰিকে সমাজৰ সকলো সমস্যাৰ প্ৰতি সজাগ থাকিব লাগিব, তেহে ৰাষ্ট্ৰ মংগল হ’ব।

(৩) এজন সু-নাগৰিকৰ ৰাষ্ট্ৰ আৰু ইয়াৰ সংবিধানৰ প্ৰতি আনুগত্য থাকিব লাগিব।

(৪) নাগৰিকসকলে ৰাষ্ট্ৰীয় আইন আৰু নীতি-নিয়মবিলাক মানি চলিব লাগিব। 

(৫) নাগৰিকসকলে ৰাষ্ট্ৰীয় কার্য-কলাপত অংশগ্রহণ কৰিব লাগিব। সকলো বিষয়ত সক্রিয়তা সু-নাগৰিকৰ এটি বৈশিষ্ট্য।

(৬) এজন সু-নাগৰিকে ব্যক্তিগত স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব দিয়ে। 

(৭) নীতিনিষ্ঠ নহ’লে সু-নাগৰিক হ’ব নোৱাৰে। এজন নীতিহীন ব্যক্তিক সু-নাগৰিক বুলি ক’ব নোৱাৰি।।

(৮) সু-নাগৰিক স্বাধীন মনোভাবাপন্ন হ’ব লাগিব। যিকোনো বিষয়ত তেওঁৰ স্বাধীনভাবে মতামত দিবৰ ক্ষমতা থাকিব লাগিব। 

(৯) নিৰ্ভীকতা সু-নাগৰিকৰ আন এটি গুণ। তেওঁ নির্ভয়ে অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে প্রতিবাদ কৰিব।

(১০) নাগৰিকসকল উদাৰনৈতিক আৰু বহল মনোভাবাপন্ন হোৱা উচিত। সংকীর্ণমনা ব্যক্তিক কেতিয়াও সু-নাগৰিক বুলি ক’ব নোৱাৰি। 

(১১) নাগৰিকসকলে চৰকাৰী ৰাজহ নিয়মিতভাৱে পৰিশোধ কৰিব লাগে।

1 thought on “Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top