Understanding Political Theory Unit 1 ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক

Understanding Political Theory Unit 1 ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 1 ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 1 ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক Question Answer can be of great value to excel in the examination.

Understanding Political Theory Unit 1 ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক

Join Telegram channel

Understanding Political Theory Unit 1 ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক Notes cover all the exercise questions in UGC Syllabus. Understanding Political Theory Unit 1 ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

What is Politics: Theorizing the Political

অতি চমু প্রশ্নোত্তৰঃ

১। ৰাজনীতি শব্দটো কোনে প্রথমে ব্যৱহাৰ কৰিছিল? (Who first used the word politics.)

উত্তৰঃ এৰিষ্ট টলে।

২। পলিচ শব্দৰ অৰ্থ কি? (Who does the word polish mean.)

উত্তৰঃ নগৰ ৰাষ্ট্ৰ।

৩। ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন? (Who is the father of political science?)

উত্তৰঃ এৰিষ্টট’ল।

8। বোলাণ্ড নেন্‌কে ৰাজনৈতিক তত্ত্বক কেইটা ভাগত বিভক্ত কৰিছে? (How many parts has Boland divided political theory?)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ পাঁচ ভাগত।

৫। ৰাজনীতি বিজ্ঞানৰ লগত সম্বন্ধ থকা দুবিধ সমাজ বিজ্ঞানৰ নাম লিখা। (Write the names of two types of sociology which are related to political science?)

উত্তৰঃ ইতিহাস, অর্থনীতি।

৬। গ্রীক দার্শনিক এৰিষ্ট টলে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম লিখা। (Write the name of the famous book written by the Greek Philosopher Aristotle.)

উত্তৰঃ The Politics.

৭। কোনে ‘Philosopher King’ ৰ ধাৰণাটো দিছিল? (Who gave the idea of ‘philosopher king’.)

উত্তৰঃ প্লেটোৱে।

৮। ‘Politics’ শব্দটো ক’ৰ পৰা আহিছে? (Where does the word politics come from?)

উত্তৰঃ গ্রীক শব্দ Polis ৰ পৰা আহিছে।

৯। ‘Polis’ শব্দৰ প্ৰথমতে কত ব্যৱহাৰ হৈছিল? (Where the word ‘polis’ was first used?)

উত্তৰঃ গ্ৰীকৃ ৰাষ্ট্ৰত।

১০। কোনে প্রথমে ‘Political Science” শব্দটো ব্যৱহাৰ কৰিছিল? (Who first used the term ‘political science’.)

উত্তৰঃ জ্যা বদাই।

১১। কোনে কৈছিল, ‘Political Science is the study of the state in the past, present and future? (‘Political Science is the study of the state in the past, present and future’- Who said this.)

উত্তৰঃ গেটলে।

১২। কোনে কৈছিল, ‘Political Science is the past of Social Science’? (‘Political Science is the past of social science’ who said this.)

উত্তৰঃ পল জেনেটে।

১৩। Political System’ ৰ কথা কোনে কৈছিল? (Who spoke of the political system.) 

উত্তৰঃ ডেভিড ইষ্টনে।

১৪। কোনে ৰাজনীতিক “শ্রেষ্ঠতম বিজ্ঞান” বুলি অভিহিত কৰিছিল? (Who called politics the best science.) 

উত্তৰঃ এৰিষ্ট’টলে।

১৫। ‘Political Science is a progressive Science” – কথাষাৰৰ বক্তা কোন? (“Political Science is a progressive Science” – Who is the speaker of the word.)

উত্তৰঃ ব্ৰাইচ।

১৬। “Conflict lies at the heart of politics’ কোনে কৈছিল? (“Conflict lies at the heart of politics’- Who said this.) 

উত্তৰঃ মিলাৰ।

১৭। ‘History without political science has no fruit. কাৰ উক্তি? (“History without political science has no fruit’ whose quote.)

উত্তৰঃ অধ্যাপক চিলীৰ।

১৮। অৰ্থনীতিৰ পিতৃ বুলি কাক জনা যায়? (Who is known as the father of economy?) 

উত্তৰঃ আদাম স্মিথক।

১৯। ‘ Decive’ কাৰ ৰচনা? (Who create ‘Decive’?)

উত্তৰঃ ইবচৰ।

২০। সমাজতত্ত্বৰ পিতৃ বুলি কাক জনা যায়? (Who is known as the father of sociology.)

উত্তৰঃ আগষ্ট কৰ্টে।

২১। ‘Republic’ কাৰ ৰচনা? (Who created the ‘Republic’?)

উত্তৰঃ প্লেটোৰ।

২২। পৰিভাষাটো গ্ৰীক/ লেটিন/ ফৰাচি/ টিউটোনিক শব্দ ‘থিওৰিয়াৰ পৰা উদ্ভৱ হৈছে। (The term ‘Theory’ is derived from the Greek/ Latin/ French/ Teutonic word ‘Theoria’.)

উত্তৰঃ গ্ৰীক।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। ৰাজনীতি বিজ্ঞান বুলিলে কি বুজা? (What do you mean by political science.) 

উত্তৰঃ ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰ এটা অংশ য’ত ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ বিষয়ে, ৰাষ্ট্ৰৰ সংগঠন আৰু কাৰ্য্য প্ৰণালী, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন, ৰাজনৈতিক ব্যৱস্থা তুলনামূলকভাবে অধ্যয়ন কৰা হয়। ড° গাৰ্ণাৰৰ মতে, ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন ৰাষ্ট্ৰতেই আৰম্ভ হয় আৰু ৰাষ্ট্ৰতেই শেষ হয়। সেইবাবেই বহুতে ৰাজনীতি বিজ্ঞানক ৰাষ্ট্ৰৰ বিজ্ঞান বুলিও কয়। ফৰাচী ৰাজনৈতিক পণ্ডিত পল জেনেটৰ মতে, সমাজ বিজ্ঞানৰ যিটো শাখাই ৰাষ্ট্ৰৰ ভেঁটি আৰু চৰকাৰৰ নীতিসমূহৰ বিষয়ে অধ্যয়ন কৰে তাকেই ৰাজনীতি বিজ্ঞান বোলে।

সংক্ষেপে, সমাজ বিজ্ঞানৰ যিটো শাখাই ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে পুংখানুপুংখভাৱে অধ্যয়ন কৰে তাকেই ৰাজনীতি বিজ্ঞান বোলে। আধুনিক ৰাজনৈতিক চিন্তাবিদসকলে ৰাজনীতি বিজ্ঞানক এক গতিশীল বিজ্ঞান বুলি অভিহিত কৰিছে কিয়নো ৰাষ্ট্ৰৰ প্ৰকৃতি গতিশীল। আধুনিক ৰাজনৈতিক পণ্ডিত ডেভিদ ইষ্টনৰ মতে, ৰাজনীতি বিজ্ঞান হ’ল “ক্ষমতাৰ বিৱৰণ আৰু ব্যৱহাৰৰ দ্বাৰা প্রভাৱিত মূল্যৰ কৰ্তৃত্ব সম্পন্ন বিতৰণৰ আলোচনা। গতিকে দেখা যায় যে, ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে অধ্যয়ন কৰাৰ লগে লগে বিভিন্ন দেশৰ ৰাজনৈতিক ব্যৱস্থাৱলী কি ধৰণে হোৱা উচিত সেই সম্পর্কে আলোচনা কৰে।

২।  ৰাজনৈতিক তত্ত্বৰ প্ৰাসংগিকতাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। (Briefly describe the relevance of political theory.) 

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ বিষয়ত ৰাজনৈতিক তত্ত্বৰ ভালেমান গুৰুত্ব দেখা পোৱা গৈছে। ৰাজনীতি বিজ্ঞান এটা শাখা হিচাপে গঢ় দিয়াত ৰাজনৈতিক তত্ত্বৰ গুৰুত আছে। এই তত্ত্বৰ সহায়ত ইয়াৰ অধ্যায়ত, ঘটনাৰ বিশ্লেষণ আৰু সিদ্ধান্ত গ্ৰহণ কৰা সহজ হয়। কি গ্রহণ কৰিব লাগে আৰু কি গ্রহণ কৰিব নালাগে তত্ত্বৰ প্ৰয়োগৰ জৰিয়তে জানিব পাৰি। কম্পাছে দিশ নিৰ্ণয় কৰাৰ নিচিনা তত্ত্বৰ সহায়তো ৰাজনৈতিক ঘটনা আৰু ৰাজনৈতিক সমস্যাক বিশ্লেষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি। এই তত্ত্বৰ সহায়ত অধ্যয়নৰ নতুন দিশ আৱিষ্কাৰ কৰিব পাৰি আৰু নতুন নতুন ধাৰণাৰ সৃষ্টি কৰিব পাৰি। আজিৰ দিনত ৰাজনৈতিক প্ৰাসংগিকতাৰ কথা ক’বলৈ যাওঁতে এটা কথা উল্লেখ কৰিব পাৰি যে বিজ্ঞানসন্মত ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক সমস্যা সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

৩। ৰাজনীতি বিজ্ঞানৰ লগত বুৰঞ্জীৰ সম্পৰ্ক আলোচনা কৰা। (Discuss the relationship of history with political science.) 

উত্তৰঃ ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ ওতঃপ্রোত সম্পর্ক আছে। অধ্যাপক চিলীয়ে কোৱাৰ দৰে, “ৰাজনীতি বিজ্ঞান অবিহনে বুৰঞ্জী ফলহীন আৰু বুৰঞ্জী অবিহনে ৰাজনীতি বিজ্ঞান শিপাহীন।” ৰাজনীতি বিজ্ঞান আৰু ইয়াৰ ধাৰণাসমূহৰ ঐতিহাসিক ঘটনা আৰু পৰিবেশৰ সংস্পৰ্শত উৎপত্তি হৈছিল। ইতিহাসক সঠিক অৰ্থত বুজি উঠিবৰ বাবেও ৰাজনৈতিক অনুষ্ঠান আৰু নীতি নিয়মৰ জ্ঞানৰ আৱশ্যক হয়। একেদৰে ৰাজনীতি বিজ্ঞানীসকলেও ঐতিহাসিক ঘটনাৰ আলমত ৰাজনীতিৰ ব্যাখ্যা দিয়া দেখা যায়। চিলিয়ে আকৌ কৈছে যে ৰাজনৈতিক দৃষ্টিকোণৰ অভাৱত বুৰঞ্জী কেৱল সাহিত্যৰ সমল হৈ পৰিব আৰু ইতিহাসৰ স্পৰ্শ নাপালে ৰাজনীতিৰ অধ্যয়নো গুৰুত্বহীন হৈ থাকিব।

8। ৰাজনীতি বিজ্ঞান আৰু নৃতত্ত্বৰ সম্পৰ্কৰ বিষয়ে এটি টোকা লিখা। (Write a note on the relationship between political science and anthropology.)

উত্তৰঃ ৰাজনীতি বিজ্ঞান আৰু নৃতত্ত্বৰ মাজত নিকট সম্পর্ক আছে। পৰম্পৰা, মনোভাৱ, প্ৰমূল্য, আচৰণ বিন্যাস, নেতৃত্ব আদি বিষয়ত বিভিন্ন সমাজ ব্যৱস্থাত থকা অথবা পোৱা প্ৰচুৰ সমলৰ গৰাকী হ’ল নৃতত্ত্ব। ৰাজনীতি বিজ্ঞানে তুলনামূলক বিশ্লেষণ কৰিবলৈ এনে তথ্যৰ সহায় লয়। জেংকচ্ (আমেৰিকাৰ নৃতত্ত্ববিদ) আৰু মর্গান (আমেৰিকাৰ নৃতত্ত্ববিদ)ৰ দৰে লেখকে নৃতত্ত্বৰ পৰা অসংখ্য তথ্য গ্ৰহণ কৰিছে। এই তথ্যবোৰৰ আধাৰত তেওঁলোকে ৰাষ্ট্ৰৰ উৎপত্তি ব্যাখ্যা কৰিছে। জাতিগত একতাক এতিয়াও জাতীয়ত্বৰ সবল বান্ধোন বুলি গণ্য কৰা হয়। আধুনিক আইন ব্যৱস্থাটো নৃতত্ত্বই খতিয়ানভুক্ত কৰা প্ৰাচীন প্রয়োগ নীতি, পৰম্পৰা আৰু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা যথেষ্ট প্রভাবিত হৈছে।

৫। ৰাজনীতি বিজ্ঞানৰ ওপৰত অৰ্থনীতিৰ প্ৰভাৱ কেনেকুৱা? (What is the impact of economics on political science?)

উত্তৰঃ প্ৰথম অৱস্থাত ৰাজনীতি আৰু অৰ্থনীতি পৃথক বিষয়ৰূপে অধ্যয়ন কৰা নহৈছিল। বর্তমানো ‘ৰাজনৈতিক অর্থনীতি শাখাটোৱে দুয়োটা বিষয়ৰ মাজৰ ওচৰ সম্পৰ্কৰ কথা কয়। বর্তমান কালত, ৰাজনৈতিক জীৱন আৰু চৰকাৰৰ কাম-কাজ অৰ্থনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। অর্থনৈতিক পৰিস্থিতিয়ে ৰাজনৈতিক প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। কার্ল মার্ক্সৰ দিনৰে পৰা ৰাজনৈতিক ব্যৱস্থাত অর্থনীতিৰ প্রভাৱৰ প্রণালীবদ্ধ অধ্যয়ন আৰম্ভ হৈছিল। অর্থনৈতিক পৰিস্থিতিয়ে চৰকাৰৰ বাবে বহুতো সমস্যা মাতি আনে আনহাতে কিছুমান অর্থনৈতিক সমস্যাৰ সমাধান ৰাজনৈতিক আঁচনি আৰু কাৰ্যৰেহে সম্ভৱপৰ হয়। কল্যাণকামী ৰাষ্ট্ৰ আৰু মানৱ উন্নয়নৰ ধাৰণাবিলাকেও চৰকাৰী আৰু প্ৰশাসনীয় কামকাজক অর্থনৈতিক কামত পৰিণত কৰাইছে।

৬। ৰাজনীতি বিজ্ঞান অধ্যয়নৰ গুৰুত্ব কি? (What is the importance of studying political science?) 

উত্তৰঃ ৰাজনীতি বিজ্ঞান অধ্যয়নৰ বহুতো সুফল দেখা যায়। নাগৰিকসকলক নিজা অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সচেতন কৰি তোলাৰ লগতে আধুনিক ৰাজনৈতিক জীৱনধাৰাৰ মুখামুখি হ’বলৈ প্ৰস্তুত কৰি তোলাত ৰাজনীতি বিজ্ঞানে বৰঙণি যোগাইছে। ৰাজনীতি বিজ্ঞানৰ চিন্তাধাৰা, মতাদৰ্শ আৰু জ্ঞানে বৰ্তমান যুগৰ ৰাজনীতি আৰু আন্তৰাষ্ট্ৰীয় সম্পর্ক বোধগম্য হোৱাত সহায় কৰে। চৰকাৰী অনুষ্ঠান আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ সংস্কাৰ তথা উন্নয়নতো এই জ্ঞান উপযোগী হিচাপে প্ৰমাণিত হৈছে। ইবিলাকে নাগৰিকক সবল আৰু সতৰ্ক কৰি তোলে। গতিকে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ যথেষ্ট বাস্তৱিক গুৰুত্ব আছে।

৭। ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতিৰ মাজত পাৰ্থক্য দেখুওৱা। (Show the difference between political science and politics.) 

উত্তৰঃ ৰাজনীতিয়ে সাধাৰণতে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়মক বুজায়। গাৰ্ণাৰৰ মতে, ৰাজনীতিৰ অৰ্থ ৰাষ্ট্ৰৰ কাম-কাজৰ প্ৰকৃত সঞ্চালনৰ লগত সম্পর্কিত কার্যকলাপতে সীমাবদ্ধ। ৰাজনীতি শব্দই কেৱল ৰাষ্ট্ৰৰ ব্যৱহাৰিক ৰূপ বুজায়। ৰাজনীতি বিজ্ঞানী এৰিষ্ট টলে পোন প্ৰথমে ৰাষ্ট্ৰ সম্পৰ্কে লিখা পুথিখনৰ নাম ‘ৰাজনীতি’ ৰাখিছিল। কিন্তু বৰ্তমান ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞান একে অৰ্থত ব্যৱহাৰ নহয়। ৰাজনীতি বিজ্ঞানত ৰাষ্ট্ৰৰ উৎপত্তি, চৰকাৰৰ গঠন, কাৰ্য্য প্ৰণালী, ৰাষ্ট্ৰ আৰু চৰকাৰৰ লগত জনগণৰ সম্পৰ্ক আদি অধ্যয়ন কৰা হয়। ৰাজনীতি শব্দটোৱে ৰাষ্ট্ৰ পৰিচালনাৰ দৈনন্দিন নীতি নিয়মৰ লগত জড়িত। গাৰ্ণাৰৰ মতে, ৰাজনীতি হ’ল ৰাষ্ট্ৰৰ কাম-কাজৰ প্ৰকৃত ৰূপায়ন। অর্থাৎ ৰাজনীতিত ৰাষ্ট্ৰৰ ব্যৱহাৰিক দিশটোক বুজায়। গতিকে ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজত পাৰ্থক্য আছে।

৮। ৰাজনীতি বিজ্ঞানৰ পৰিৱৰ্তিত অর্থ সম্পর্কে এটি চমুটোকা লিখা। (Write a short note about the changed meaning of political science.) 

উত্তৰঃ বৰ্তমান সময়ত ৰাজনীতি বিজ্ঞানৰ অৰ্থ আৰু প্রকৃতিয়ে এক গতিশীল চৰিত্ৰ ধাৰণ কৰিছে। বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাচত ৰাজনীতি বিজ্ঞানৰ অৰ্থ আৰু প্ৰকৃতিয়ে  এক গতিশীল চৰিত্ৰ ধাৰণ কৰিছে। এই সময়ত ৰাজনীতি বিজ্ঞানৰ অৰ্থ আৰু প্ৰকৃতি পূর্ব পৰিবর্তন ঘটিছে। নতুন ৰাজনীতি বিজ্ঞানৰ সামাজিক সম্পৰ্কৰ সকলো দিশৰ সৈতে ঘনিষ্ট, সম্পর্ক আছে। বর্তমান ৰাজনীতিক সকলো গোট, দল, অনুষ্ঠান, প্রতিষ্ঠান আৰু সমাজত দেখা পোৱা তথা এইবোৰৰ মাজত চলা পৰিঘটনা হিচাপে চোৱা হয়। অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক খণ্ডবোৰৰ সীমিত সম্পদক লৈ চলা সহযোগিতা, আলোচনা-বিলোচনা আৰু সংঘৰ্ষৰ সৈতে জড়িত কাম-কাজৰ জৰিয়তে ৰাজনীতিৰ প্ৰকাশ ঘটে। ক্ষমতা তত্ত্ব আৰু আচৰণবাদৰ উত্থানৰ দৰে কাৰকবোৰৰ বাবে ৰাজনীতি বিজ্ঞানৰ লক্ষ্য আৰু উদ্দেশ্য সলনি হৈছে। ৰাজনীতি বিজ্ঞানৰ নতুন অর্থই স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সকলো স্তৰৰে ক্ষমতা আৰু সংঘৰ্ষৰ সৈতে জড়িত দিশবোৰ সামৰি লয়।

৯। ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতি আলোচনা কৰা। (Discuss the nature of political science.)

উত্তৰঃ ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰ এটা অংশহে। সমাজ বিজ্ঞানৰ প্ৰকৃতি অন্য বিজ্ঞানৰ দৰে নহয়। ৰাজনীতি বিজ্ঞান আচলতে বিজ্ঞান নে কলা, এই বিষয়ে বিতৰ্কৰ থল আছে।আৰম্ভণিৰে পৰা ৰাজনীতি বিজ্ঞানৰ স্থিতি সম্পর্কে পণ্ডিত সকলৰ মাজত বিতৰ্ক চলি আহিছে। বিতৰ্কৰ মূল বিষয়বস্তু হ’ল ৰাজনীতি বিজ্ঞান আচলতে বিজ্ঞান নেকলা। পোন প্ৰথমে ৰাজনীতি বিজ্ঞান’ অভিধাটো প্ৰয়োগ কৰিছিল ফৰাচী দার্শনিক জাঁ বত্তিয়ে। পৰবৰ্ত্তী সময়ত ডেভিদ হিউম, চাৰ ফ্ৰেদৰিক প’ল’ক আৰু চাৰ জন চিলীয়ে ব্যৱহাৰ কৰে। কিন্তু সকলোৰে মত পার্থক্য আছে। বিখ্যাত গ্রীক দার্শনিক এৰিষ্ট’টলৰ মতামত হ’ল– মানৱ সভ্যতাক যিয়ে বক্ষা কৰিব সেই প্রধান বিজ্ঞানটোৱেই হ’ল ৰাজনীতি বিজ্ঞান। আমেৰিকাৰ ৰাজনীতি বিজ্ঞানী ডেভিড ইষ্টনৰ দৰে আচৰণ বাদী সকলে ৰাজনীতি বিজ্ঞানৰ এটা বৈজ্ঞানিক আধাৰ প্ৰতিষ্ঠা কৰিব খুজিছিল। কিন্তু ইয়াৰ বিৰোধিতা কৰিছিল আৰ্ণেষ্ট বাৰ্কাৰ, জেম’ছ ব্ৰাইচ, চাৰ্লছ এ বেয়ার্ড আদি ৰাজনীতি বিজ্ঞানীয়ে। মূল বিজ্ঞানক যি দৰে পৰীক্ষা-নিৰীক্ষা কৰি চাব পৰা যায় ৰাজনীতি বিজ্ঞানক তেনেদৰে চাব নোৱাৰি। সেয়া হ’লেও ৰাজনীতি বিজ্ঞানক কোনো পধ্যে বিজ্ঞান বুলিব পৰা নাযায় সেয়াও ভুল। কাৰণ ৰাজনীতি বিজ্ঞান কেৱল সমাজ, চৰকাৰ, আইন আৰু মানৱীয় আচৰণৰ সৈতে জড়িত।

ৰাজনীতি বিজ্ঞানক কিয় বিশুদ্ধ বিজ্ঞান বুলিব নোৱাৰি তাৰ যুক্তি দেখুৱাই ক’ব পৰা যায়— 

(ক) ৰাজনীতি বিজ্ঞানৰ অভিধা তথা ধাৰণাবোৰৰ কোনো স্পষ্ট আৰু স্বীকৃত সংজ্ঞা নাই।

(ক) মানুহৰ প্ৰকৃতি আৰু অভ্যাস অনুসৰি ৰাজনৈতিক পৰিঘটনাবোৰৰ জটিলতা ভিন্ন হ’ব পাৰে।

(গ) ৰাজনৈতিক বিকাশ ঘটা ‘পৰিবেশ’বোৰ বেলেগ বেলেগ হ’ব পাৰে।

আকৌ ৰাজনীতি বিজ্ঞানৰ সপক্ষে আগবঢ়োৱা যুক্তিবোৰ হ’ল—

(ক) ৰাজনীতিত পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ ৰূপে এৰাই চলা নাযায়। চৰকাৰ বোলা ধাৰণাটো নিজেই এই অবিৰত পৰীক্ষা-নিৰীক্ষাৰ প্ৰক্ৰিয়া। 

(খ) সামাজিক পৰীক্ষা-নিৰীক্ষাৰ ভিত্তিত ৰাজনৈতিক পূর্বানুমান কৰাটো কিছু পৰিমাণে সম্ভৱ।

(গ) ৰাজনীতি বিজ্ঞানত বহলভিত্তিক সিদ্ধান্তত উপনীত হ’ব পৰা যায়। যেনে— স্বাধীনতা, নিৰপেক্ষ ন্যায় ব্যৱস্থা আৰু স্বতন্ত্ৰ সংবাদ মাধ্যম হ’ল গণতন্ত্ৰৰ প্ৰয়োজনীয় উপাদান। 

আমেৰিকাৰ ৰাজনীতি বিজ্ঞানী ৰবাৰ্ট ডালে কৈছে, যে ৰাজনীতি বিজ্ঞান কলা আৰু বিজ্ঞান দুয়োটাই। কলা বুলিলে সাধাৰণতে জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ কক্ষ বুজা যায়। এটা উন্নত সামাজিক তথা ৰাজনৈতিক শৃংখলা সৃষ্টি কৰিবলৈ ৰাজনীতি বিজ্ঞানে বিভিন্ন ৰাজনৈতিক ঘটনাৰ জ্ঞান ব্যৱহাৰ কৰে।

১০। ৰাজনীতি বিজ্ঞান অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীবিলাক আলোচনা কৰা। (Discuss the traditional approaches to the study of political science.)

উত্তৰঃ দাৰ্শনিক, ঐতিহাসিক, আইনগত আৰু আনুষ্ঠানিক দৃষ্টিভংগী অনুসাৰে ৰাজনীতি বিজ্ঞান। অধ্যয়ন কৰাৰ যি দৃষ্টিভংগী, তাক এলান ক’লে পৰম্পৰাগত দৃষ্টিভংগী বুলি কৈছে। 

এই প্রাচীন অথবা পৰম্পৰাগত দৃষ্টিভংগীৰ বৈশিষ্ট্য সম্পর্কে তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) প্রথমতে, প্রাচীন দৃষ্টিভংগী হৈছে বৰ্ণনাত্মক। এই দৃষ্টিভংগীৰে বিভিন্ন ৰাজনৈতিক ব্যৱস্থা সম্পর্কে আলোচনা কৰা হৈছিল যদিও বিভিন্ন ৰাজনৈতিক ব্যৱস্থাৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল। কিন্তু ঐতিহাসিক, আইনগত আৰু আনুষ্ঠানিক দৃষ্টিভংগীৰে বিভিন্ন দেশৰ চৰকাৰৰ গঠন পদ্ধতি, চৰকাৰৰ বিভিন্ন অংগৰ গঠন, ক্ষমতা আৰু কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা হৈছিল।

(খ) দ্বিতীয়তে, প্রাচীন দৃষ্টিভংগীৰ আন এটা বৈশিষ্ট্য এই যে এই দৃষ্টিভংগীৰ সংকীৰ্ণ দৃষ্টিভংগী আখ্যা দিয়া হয়। এই দৃষ্টিভংগীৰ সমৰ্থকসকলে ইংলেণ্ড, আমেৰিকা, ফ্রান্স, ছুইজাৰলেণ্ড আদি দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নৰ ওপৰতহে গুৰুত্ব দিছিল, এচিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উন্নয়নশীল আৰু অনুন্নত দেশৰ শাসন ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া নাছিল। শেষত সেয়েহে ক’ব পাৰি যে প্ৰাচীন ভংগীৰ সমৰ্থকসকলে বিভিন্ন ৰাজনৈতিক, সংস্কৃতিৰ প্রচলন থকা ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া নাছিল। সেয়েহে এই দৃষ্টিভংগীক ঠেক দৃষ্টিভংগী আখ্যা দিয়া হয়।

(গ) তৃতীয়তে, স্থিতিশীলতা প্রাচীন দৃষ্টিভংগীৰ আন এটা বৈশিষ্ট্য হিচাপে উল্লেখ কৰা হয়। এই দৃষ্টিভংগী আছিল প্রতিষ্ঠানকেন্দ্রিক। অর্থাৎ চৰকাৰৰ বিভিন্ন অংগৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে বর্ণনাত্মক আলোচনা কৰা হৈছিল। কিন্তু চৰকাৰৰ অংগৰ বাহিৰেও, বিভিন্ন সংগঠন, প্রভাৱগোষ্ঠী আদিয়ে সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

১১। ৰাজনীতি বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। (Discuss the scope of political science.)

উত্তৰঃ ৰাজনীতি বিজ্ঞান অধ্যয়নৰ পৰিসৰক লৈ ৰাজনৈতিক পণ্ডিতসকলৰ মাজত মতভেদ দেখা যায়। ৰাজনৈতিক বিজ্ঞানী ৰোডিৰ মতে, ৰাজনীতি বিজ্ঞানৰ সঠিক সীমাৰেখা নিৰ্দ্ধাৰণ কৰিব নোৱাৰি। কাৰণ, ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰ বা বিষয়বস্তু অতি ব্যাপক। যিহেতু ৰাষ্ট্ৰ গতিশীল, গতিকে ৰাজনীতি বিজ্ঞানৰ পৰিসৰো অতি ব্যাপক, আৰু গতিশীল। ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ মূল বিষয়বস্তু ৰাষ্ট্ৰ। ৰাজনীতি বিজ্ঞানত ৰাষ্ট্ৰৰ উৎপত্তি, ইয়াৰ প্রকৃতি, ক্রমবিকাশ, কার্যপন্থাৰ মাজতেই ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন আৰম্ভ হয়। ৰাষ্ট্ৰৰ কাৰ্যাৱলী চৰকাৰৰ দ্বাৰা বাস্তৱত ৰূপায়িত হয়। সেয়েহে ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ সৈতে চৰকাৰ আৰু জনসাধাৰণৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে।

আধুনিক যুগত ৰাজনীতি বিজ্ঞানৰ পৰিসৰ যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান ৰাজনীতি বিজ্ঞানত ৰাজনৈতিক ব্যৱস্থা আৰু মানুহৰ জীৱনৰ সামগ্রিক সমস্যাৱলীৰ আলোচনা অধিক পৰিমাণে গুৰুত্ব লাভ কৰিছে। এতিয়া ৰাজনীতি বিজ্ঞানত মানৱ সমাজৰ সমস্যাবিলাকৰ বিশ্লেষণ আৰু তাৰ সমস্যা সমাধানৰ বিষয়ে আলোচনা কৰা হয়। সমাজ বিজ্ঞানৰ এটা পৰিবৰ্ত্তনশীল বিষয় হিচাপে ৰাজনীতি বিজ্ঞানৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। 

বৰ্তমান সময়ত ৰাজনীতি বিজ্ঞানৰ পৰিসৰত তলত উল্লেখ কৰা বিষয়সমূহ অন্তর্ভুক্ত হৈছে–

(ক) ৰাজনীতি।

(খ) ৰাজনৈতিক দর্শন।

(গ) ৰাজনৈতিক তত্ত্ব।

(ঘ) ৰাজনৈতিক অনুষ্ঠান।

(চ) ৰাজনৈতিক ব্যৱস্থা আৰু সংবিধান।

(চ) ৰাষ্ট্ৰ, চৰকাৰ, নাগৰিক আৰু জনমত।

(ছ) আন্তর্জাতিক আইন আৰু সম্পৰ্ক। 

(জ) ৰাজনৈতিক দল, প্ৰভাৱগোষ্ঠী নিৰ্বাচন আৰু ৰাজনৈতিক আচৰণ।

১২। ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা দিয়া। ৰাজনৈতিক তত্ত্বৰ শ্ৰেণী বিভাজনৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। (Define political theory. Briefly discuss the class division of political theory.)

উত্তৰঃ ৰাজনৈতিক ঘটনা আৰু ৰাজনৈতিক সমস্যাৰ বিশ্লেষণত ৰাজনৈতিক তত্ত্বৰ ভূমিকা সম্পর্কত ৰাজনীতি বিজ্ঞানীসকল একমত নহয়। কিছুমান চিন্তাবিদ বিশ্বাস যে ৰাজনৈতিক তত্ত্বসমূহ অস্পষ্ট, ইয়াৰ উপযোগিতাও কম, সেয়েহে ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন কৰি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। কিন্তু সাম্প্রতিককালত এনে ধাৰণাৰ পৰিবৰ্তন হোৱা দেখা যায়। ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দি কেটলিনে মন্তব্য কৰিছে যে যিকোনো বিষয়ৰ গভীৰতা আৰু গতিশীলতাক সেই বিষয়ৰ তত্ত্বৰ অধ্যয়নৰ পৰাহে জানিব পাৰি। ডেভিদ ইষ্টনে মত প্ৰকাশ কৰি কৈছে যে গৱেষণাৰ ভিত্তিত সৃষ্টি হোৱা তত্ত্বইহে কোনো বিষয়ৰ গতিশীলতাক নির্ণয় কৰে। সেইদৰে তত্ত্বৰ পৰিবৰ্তনে কোনো বিষয়ৰ বিশ্লেষণাত্মক অধ্যয়নত সহায় কৰে ৷ কেটলিনৰ মতে তত্ত্ব শব্দটো এখন খালী চেকৰ নিচিনা, ইয়াক কেনেদৰে প্ৰয়োগ কৰা হয়, তাৰ ওপৰতহে ইয়াৰ মূল্য আৰু উপযোগিতা নিৰ্ভৰ কৰে। আর্নল্ড ব্রেষ্টৰ মতে তথ্যৰ সহায়ত সমর্থিত ধাৰণাই হৈছে তত্ত্ব।

ৰোলাও পেন্‌কে ৰাজনৈতিক তত্ত্বক প্রধানতঃ পাঁচ ভাগত বিভক্ত কৰিছে, যেনে– (ক) নৈতিক তত্ত্ব, (খ) কাল্পনিক তত্ত্ব, (গ) সমাজতাত্ত্বিক তত্ত্ব, (ঘ) আইনগত তত্ত্ব, (ঙ) বৈজ্ঞানিক তত্ত্ব।

(ক) নৈতিক ৰাজনৈতিক তত্ত্বৰ আলোচনাৰ সময়ত ৰাজনীতি বিজ্ঞানীসকলে অৱৰোহ পদ্ধতিক অনুসৰণ কৰে।

(খ) কাল্পনিক ৰাজনৈতিক তত্ত্বৰ প্ৰৱক্তাসকল কল্পনাৰ সহায়ত আদর্শ সমাজ আৰু আদৰ্শ ব্যৱস্থা প্ৰতিষ্ঠা কৰাত আগ্রহী। 

(গ) সমাজতাত্ত্বিক ৰাজনৈতিক তত্ত্বই ৰাষ্ট্ৰক এটা সামাজিক সংগঠন হিচাপে ধৰি লৈ সমাজৰ সৈতে তাৰ সম্পৰ্কক আলোচনা কৰে।

(ঘ) আইনগত ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক জীৱনৰ সকলো প্ৰকাৰৰ সম্পৰ্কক আইনগত দৃষ্টিভংগীত বিচাৰ আৰু বিশ্লেষণ কৰে।

(ঙ) বৈজ্ঞানিক ৰাজনৈতিক তত্ত্বত পর্যবেক্ষণ, বিশ্লেষণ আদি পদ্ধতিৰ সহায়ত আৰু সংগৃহীত তথ্য আৰু পৰিসংখ্যাৰ ভিত্তিত সাধাৰণ সিদ্ধান্ত, বিধি ইত্যাদি ৰচনা কৰাৰ চেষ্টা কৰা হয়।

১৩। ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ মাজত থকা সম্পৰ্কৰ বিষয়ে এটি চমুটোকা লিখা। (Write a short note on the relationship between political science and economics.)

উত্তৰঃ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ মাজত এৰাব নোৱাৰা সম্পর্ক আছে। আচলতে অর্থনীতি প্ৰথমতে ৰাজনৈতিক অর্থনীতি হিচাপে উদ্ভৱ হৈছিল। গ্রীকসকলে ৰাষ্ট্ৰৰ বাবে ৰাজহ যোগান ধৰা কলাটোক ৰাজনৈতিক অর্থনীতি বুলি গণ্য কৰিছিল। আধুনিক অর্থনীতিৰ জনক আদাম স্মিথৰ গ্ৰন্থখনৰ নামেই হ’ল ‘ৱেলথ্ অব নেচনচ্’। স্মিথে বুজাই দিছিল যে অর্থনীতি হ’ল ব্যক্তি আৰু ৰাষ্ট্ৰক সমৃদ্ধ কৰা বিজ্ঞান। মেকিয়াভেলি, জন লক, বেনথাম, জেমছ মিল আৰু জন টুৱাৰ্ট মিলৰ দৰে লিখকে ৰাজনৈতিক আৰু অৰ্থনৈতিক ঘটনাৱলী একেলগে আলোচনা কৰিছিল। 

জার্মান দার্শনিক কার্ল মার্ক্সৰ মতে কোনো এখন দেশৰ ৰাজনীতি কেৱল অর্থনৈতিক কাৰকেহে নিৰ্ধাৰণ কৰে। এখন চৰকাৰৰ ৰূপ আৰু কাৰ্যকলাপবোৰৰ ওপৰত অৰ্থনৈতিক শক্তিয়ে যথেষ্ট প্রভাৱ পেলায়। ব্যক্তিবাদ, সমাজবাদ আৰু সাম্যবাদৰ ধাৰণাকেইটাৰ প্ৰধান ভেঁটি হ’ল অৰ্থনৈতিক নীতি। ইয়াৰ বিপৰীতে এখন দেশৰ অৰ্থনৈতিক কার্য-কলাপবোৰক প্ৰচলিত চৰকাৰ ব্যৱস্থা আৰু ইয়াৰ নীতিবোৰে বহুলাংশ নির্ধাৰণ কৰে। চৰকাৰৰ কৰ নীতি, আমদানি-ৰপ্তানি নীতি, বিনিময় দৰ, বেংক ব্যৱস্থাৰ সৈতে জড়িত নীতি আদিয়ে দেশ এখনৰ অৰ্থনীতিক গভীৰভাৱে প্রভাৱিত কৰে। অৰ্থনৈতিক সুস্থিৰতাই ৰাজনৈতিক সুস্থিৰতা আনে আৰু ৰাজনৈতিক সুস্থিৰতাই অর্থনৈতিক সুস্থিৰতা নিশ্চিত কৰে। আধুনিক ৰাষ্ট্ৰবোৰ অসংখ্য অর্থনৈতিক সমস্যাৰে জৰ্জৰিত। কেৱল ৰাষ্ট্ৰই গ্ৰহণ কৰা ৰাজনৈতিক কাৰ্যকলাপৰ দ্বাৰাহে ইয়াৰ সমাধান সম্ভৱ। আধুনিক ৰাষ্ট্ৰক কল্যাণকামী ৰাষ্ট্ৰ বোলা হয় আৰু ইয়াৰ প্ৰধান কাৰ্যবোৰ অৰ্থনৈতিক।

১৪। ৰাজনীতি বিজ্ঞান আৰু ইতিহাসৰ মাজত থকা সম্পৰ্কৰ বিষয়ে এটি চমুটোকা লিখা ৷ (Write a short note on the relationship between political science and history.)

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ ইতিহাসৰ সৈতে ঘনিষ্ঠ সম্পর্ক আছে। ৰাজনৈতিক অনুষ্ঠানবোৰৰ উৎপত্তি আৰু বিকাশ সম্পর্কে সম্পূৰ্ণৰূপে জানিবলৈ ইতিহাসৰ সহায় ল’ব লাগিব। যেনে— বৃটেইনত ৰাজতন্ত্ৰৰ প্ৰকৃতি আৰু বৃটিছ সংসদৰ কাৰ্যাৱলী বুজিবলৈ বৃটেইনৰ ইতিহাস খৰচি মাৰি পঢ়িব লাগিব। বৃটেইনৰ ইতিহাসৰ পৰা আমি গম পাও যে ইংৰাজসকলে নিজৰেই শাসকৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে অবিৰত প্ৰতিবাদ আৰু সংঘৰ্ষ কৰিবলগীয়া হৈছিল। ইয়াৰ ফলশ্রুতিয়েই হ’ল ১৬৮৮ খৃষ্টাব্দৰ গৌৰৱময় বিপ্লৱ। ই বৃটেইনত সীমিত বাজতন্ত্ৰ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল আৰু সংসদীয় অধিকাৰবোৰে স্বীকৃতি লাভ কৰিছিল। অর্থাৎ, আজিৰ এক নিৰ্দিষ্ট ৰাজনৈতিক অনুষ্ঠানৰ উৎস অতীতত লুকাই আছে। ইতিহাস মানে কেৱল অতীতৰ ঘটনা আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লিখিত খতিয়ান নহয়। বিভিন্ন ঐতিহাসিক ঘটনা আৰু আন্দোলন সঠিক ভাৱে বুজি উঠিব পাৰিলেহে ইতিহাস অধ্যয়ন সফল হ’ব। এই দিশৰ পৰা চাবলৈ গ’লে ইতিহাস আৰু ৰাজনীতি বিজ্ঞান দুয়োটা ইটো সিটোৰ পৰিপূৰক তথা ইটোৱে সিটোলৈ আৱদান আগবঢ়ায়। ৰাজনীতি বিজ্ঞান আৰু ইয়াৰ ধাৰণাবোৰ ইতিহাসৰ কোনো এক নিৰ্দিষ্ট সময় তথা পৰিৱেশত প্রোথিত। সেয়েহে এই দুয়োটা বিষয়বে ঘনিষ্ঠ সম্পর্ক আছে আৰু ইটোৱে সিটোৰ পৰিপূৰক হিচাপে কাম কৰে। ইতিহাস ভালদৰে বুজিবলৈ ৰাজনৈতিক অনুষ্ঠান আৰু এনে অনুষ্ঠানৰ পৰিচালনা নীতি সম্পর্কে জনাটো অতি প্রয়োজন। ৰিজনীতি বিজ্ঞানীসকলে কোনো সিদ্ধান্তত উপনীত হ’বলৈ ঐতিহাসিক ঘটনাৰ আলম লয় আৰু এনে কিছুমান নীতি নির্ধাৰণ কৰে যিবোৰে ৰাজনৈতিক জীৱন পৰিচলনা কৰে। বৃটিছ ইতিহাসবিদ চাৰ জন চিলীয়ে ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ সম্পৰ্ক সুন্দৰভাৱে বৰ্ণনা কৰি কৈছে—

“ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাসৰ কোনো সুফল নাই ইতিহাস অবিহনে ৰাজনীতি বিজ্ঞানৰ কোনো শিপা নাই।।”

১৫। ৰাজনীতি বিজ্ঞান নীতি শাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞান ভূগোলৰ মাজত থকা সম্পৰ্ক আলোচনা কৰা। (Discuss the relationship between political science policy and political science geography.)

উত্তৰঃ ৰাজনীতি বিজ্ঞান আৰু নীতিশাস্ত্ৰৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে। দুয়োবিধ বিষয়বে লক্ষ্য হ’ল মানুহৰ মংগল সাধন আৰু উমৈহতীয়া কল্যাণৰ পৃষ্ঠপোষকতা কৰা। আইন শৃংখলা আৰু নৈতিকতা বৰ্তাই ৰখাৰ বাবে ৰাষ্ট্ৰ সংগঠিত কৰা হৈছিল। আচলতে মানুহৰ নৈতিক বিশ্বাস সবল কৰি তুলিব পৰাকৈ আইন-কানুনবোৰ প্ৰণয়ন কৰা উচিত। ৰাষ্ট্ৰৰ যিবোৰ কাৰ্যই নৈতিকতাৰ নীতি উলংঘা কৰে তেনে কাৰ্য্য গৰিহণাযোগ্য। সেয়েহে প্রাচীন কালৰ দাৰ্শনিকসকলে ৰাষ্ট্ৰৰ নৈতিকতাৰ দিশটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল। প্ৰাচীন গ্ৰীচৰ ৰাজনৈতিক দার্শনিক এৰিষ্ট’টলৰ মতে উন্নত জীৱনৰ খাটিৰতে ৰাষ্ট্ৰৰ উৎপত্তি হৈছিল। আধুনিক লেখকসকলেও নীতিশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞানৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ কথা কয়।

নীতিশাস্ত্রই নৈতিকতা, প্ৰমূল্য আৰু স্বীকৃত মানৱ আচৰণৰ বিষয়ে কয়। মানুহে সাধাৰণতে যুক্তিৰে পৰিচালিত সত্তা। মানুহে ভুল-শুদ্ধ আৰু ন্যায়-অন্যায়ৰ মাজৰ প্ৰভেদ বুজি পায়। প্রাচীন কালৰে পৰা সামাজিক আৰু ৰাজনৈতিক দার্শনিকসকলে ৰাষ্ট্ৰ, চৰকাৰ তথা আইন সম্পৰ্কীয় ধাৰণাবোৰৰ কিছুমান নীতিগত মানৰ সৈতে সংহতি স্থাপন কৰাৰ প্ৰয়াস কৰি আহিছে। উদাহৰণ স্বৰূপে প্ৰাচীন গ্রীক দার্শনিক প্লেটোয়ে এক আদৰ্শ ৰাষ্ট্ৰৰ তত্ত্ব আগবঢ়াইছিল। প্রাচীন গ্রীক দার্শনিক এৰিষ্ট টলে কৈছিল যে উন্নত জীৱন যাপন কৰিবৰ বাবে ৰাষ্ট্ৰৰ অস্তিত্ব বৰ্তি থাকে। মধ্যযুগৰ তত্ত্ববোৰক নীতিগত মানে প্রভাৱিত কৰি ৰাখিছে। কছো (ফৰাচী দার্শনিক), কাণ্ট (জার্মান দার্শনিক), হেগেল (জার্মান দার্শনিক), গ্রীণ (বৃটিছ দাৰ্শনিক) আৰু মহাত্মা গান্ধীৰ দৰে আধুনিক ৰাজনৈতিক চিত্রবিদসকলেও ৰাজনীতি বিজ্ঞানতনীতিশাস্ত্ৰ আৰু নৈতিকতাৰ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মহাত্মা গান্ধীয়ে কৈছিল যে নৈতিকতাহীন ৰাজনীতি মানে হ’ল মৰণ ফান্দ। বিংশ শতিকাত আচৰণবাদী আন্দোলন আৰু ক্ষমতাৰ ধাৰণাটোৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰা হ’ল বাবে ৰাজনীতি অধ্যয়নত স্বীকৃত নীতি-নিয়ম আৰু প্ৰমূল্যবোৰৰ গুৰুত্ব কমি গৈছে। কিন্তু শেহতীয়াভাৱে নৈতিক দিশটোৰ পুনৰুত্থান ঘটিছে। আধুনিক কালৰ ৰাজনীতি বিজ্ঞানৰ মৌলিক দিশ হ’ল মানুহ আৰু মানৱীয় প্ৰমূল্যৰ প্ৰতি চিন্তা।

ৰাজনীতি বিজ্ঞানৰ ভূগোলৰ সৈতেও কিছু সম্পৰ্ক আছে। ব্যক্তিৰ চৰিত্ৰ আৰু জাতীয় জীৱনক ৰাষ্ট্ৰৰ ভৌতিক পৰিস্থিতিয়ে প্রভাৱিত কৰে। এনে পৰিস্থিতিবোৰ হ’ল ভূ-সংস্থান, জলবায়ুৰ অৱস্থা, দ্বৈপ্যতা, নদী অথবা পাহাৰ পৰ্বতৰ উপস্থিতি অথবা অনুপস্থিতি, সাগৰ-মহাসাগৰৰ সমীপ্য অথবা দূৰত্ব ইত্যাদি। ভৌগোলিক কাৰকবোৰৰ মাজত থকা প্ৰভেদবোৰৰ পৰাই বিভিন্ন ৰাষ্ট্ৰত প্ৰচলিত ৰাজনৈতিক চিন্তাৰ ধাৰা, অর্থনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাবোৰৰ মাজত থকা পাৰ্থক্যৰ কাৰণ অনুমান কৰিব পাৰি। বহুকেইজন লেখকে ভৌগোলিক পৰিবেশ আৰু মানৱ সৃষ্ট ৰাজনৈতিক অনুষ্ঠানবোৰৰ মাজৰ সম্পৰ্ক প্ৰমাণিত কৰাৰ চেষ্টা চলাই আহিছে। ফৰাচী ৰাজনৈতিক দার্শনিক জ্যা জ্যাক কছোই যুক্তি দর্শাইছিল। এই জলবায়ু ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক ব্যৱস্থাৰ স্বৰূপ নিৰ্ধাৰণ কৰে। ফৰাচী ৰাজনৈতিক দার্শনিক মন্টেস্কীয়ে দৃঢ়ভাৱে মত পোষণ কৰিছিল যে ভৌতিক পৰিৱেশে চৰকাৰৰ প্ৰকাৰ আৰু ব্যক্তিৰ স্বাধীনতাক প্ৰভাৱিত কৰে।

১৬। ৰাজনীতি বিজ্ঞান অর্থনীতি আৰু ৰাজনীতি বিজ্ঞান মনোবিজ্ঞানৰ মাজত থকা সম্পৰ্ক আলোচনা কৰক। (Discuss the relationship between political science economics and political science psychology.)

উত্তৰঃ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। আচলতে অর্থনীতি প্ৰথমতে ৰাজনৈতিক অর্থনীতি হিচাপে উদ্ভৱ হৈছিল। গ্রীকসকলে ৰাষ্ট্ৰৰ বাবে ৰাজহ। যোগান ধৰা কলাটোক ৰাজনৈতিক অর্থনীতি বুলি গণ্য কৰিছিল। আধুনিক অর্থনীতিৰ জনক। আদাম স্মিথৰ গ্ৰন্থখনৰ নামেই হ’ল ‘ৱেলথ্ অৱ নেচনচ্। স্মিথে বুজাই দিছিল যে অর্থনীতি হ’ল ব্যক্তি আৰু ৰাষ্ট্ৰক সমৃদ্ধ কৰা বিজ্ঞান। মেকিয়াভেলি, জন ল’ক, বেনথাম, জেমছ মিল আৰু জন ষ্টুৱাৰ্ট মিলৰ দৰে লিখকে ৰাজনৈতিক আৰু অর্থনৈতিক ঘটনাৱলী একেলগে আলোচনা কৰিছিল। জার্মান দার্শনিক কার্ল মার্ক্সৰ মতে কোনো এখন দেশৰ ৰাজনীতি কেৱল অর্থনৈতিক কাৰকেহে নিৰ্ধাৰণ কৰে। এখন চৰকাৰৰ ৰূপ আৰু কার্যকলাপবোৰৰ ওপৰত অৰ্থনৈতিক শক্তিয়ে যথেষ্ট প্রভাৱ পেলায়। ব্যক্তিবাদ, সমাজবাদ আৰু সাম্যবাদৰ ধাৰণাকেইটাৰ প্ৰধান ভেঁটি হ’ল অর্থনৈতিক নীতি। ইয়াৰ বিপৰীতে এখন দেশৰ অৰ্থনৈতিক কার্যকলাপবোৰক প্রচলিত চৰকাৰ ব্যৱস্থা আৰু ইয়াৰ নীতিবোৰে বহুলাংশ নির্ধাৰণ কৰে। চৰকাৰৰ কৰ নীতি, আমদানি-ৰপ্তানি নীতি, বিনিময় দৰ, বেংক ব্যৱস্থাৰ সৈতে জড়িত নীতি আদিয়ে দেশ এখনৰ অর্থনীতিক গভীৰভাৱে প্রভাৱিত কৰে। অর্থনৈতিক সুস্থিৰতাই ৰাজনৈতিক সুস্থিৰতা আনে আৰু ৰাজনৈতিক সুস্থিৰতাই অর্থনৈতিক সুস্থিৰতা নিশ্চিত কৰে। আধুনিক ৰাষ্ট্ৰবোৰ অসংখ্য অর্থনৈতিক সমস্যাৰে জৰ্জৰিত। কেৱল ৰাষ্ট্ৰই গ্ৰহণ কৰা ৰাজনৈতিক কার্যকলাপৰ দ্বাৰাহে ইয়াৰ সমাধান সম্ভৱ। আধুনিক ৰাষ্ট্ৰক কল্যাণকামী ৰাষ্ট্ৰ বোলা হয় আৰু ইয়াৰ প্ৰধান কাৰ্যবোৰ অর্থনৈতিক।

ৰাজনীতি বিজ্ঞানৰ মনোবিজ্ঞানৰ সৈতেও গভীৰ সম্পর্ক আছে। মনোবিজ্ঞান হ’ল মানুহৰ মন অধ্যয়ন কৰা বিজ্ঞান। মানুহৰ গোট অথবা দলৰ আচৰণ বুজাত সমাজ-মনোবিজ্ঞানে যথেষ্ট সহায় কৰে। নাগৰিকৰ মনোবৈজ্ঞানিক দিশটো উলাই কৰিলে ৰাষ্ট্ৰই প্ৰণয়ন কৰা ধাৰণা আৰু আইনবোৰ বিফল হোৱাৰ সম্ভাৱনা অধিক। সমস্যা সমাধান কৰিবলৈ ৰাজনৈতিক নেতা আৰু সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষৰ মানৱ মনৰ ক্রিয়াকলাপ সম্পর্কে গভীৰ জ্ঞান থাকা উচিত। ৰাষ্ট্ৰত বাস্তবধর্মী তথা উদ্দেশ্যধৰ্মী ৰাজহুৱা নীতি প্রণয়ন কৰিবলৈ শাসকৰ মনোবৈজ্ঞানিক জ্ঞান থকাটো অতি প্রয়োজন। আমেৰিকাৰ ৰাজনীতি বিজ্ঞানী জেমছ ব্ৰাইচৰ মতে ৰাজনীতিৰ উৎস হ’ল মনোবিজ্ঞান।

১৭৷ ৰাজনীতি বিজ্ঞান আৰু সমাজশাস্ত্ৰৰ মাজৰ সম্পৰ্ক বৰ্ণনা কৰক। (Describe the relationship between political science and sociology.)

উত্তৰঃ সমাজশাস্ত্ৰই সমাজৰ সকলো ধৰণৰ মানৱ সৃষ্ট সংগঠনৰ উৎপত্তি, বিকাশ আৰু সংৰচনা সম্পর্কে অধ্যয়ন কৰে। আনহাতে, ৰাজনীতি বিজ্ঞানে ‘ৰাষ্ট্ৰ’ বোলা কেৱল এটা মানব সৃষ্ট অনুষ্ঠান সম্পর্কে আলোচনা কৰে। এই দিশৰ পৰা চাবলৈ গ’লে ৰাজনীতি বিজ্ঞানৰ পৰিসৰ সমাজ শাস্ত্ৰতকৈ যথেষ্ট সংকীর্ণ। সমাজ শাস্ত্ৰই ৰাষ্ট্ৰৰ গঠন সম্পৰ্কেও অধ্যয়ন কৰে। এই বিষয়টো আকৌ ৰাজনীতি বিজ্ঞানৰ মৌলিক উপাদান। আচৰণবাদী ৰাজনীতি বিজ্ঞানীসকলে পৰীক্ষামূলক বাজনৈতিক তত্ত্ববোৰ সমৃদ্ধ কৰিবলৈ টেলকট পাচন্‌চ (আমেৰিকাৰ সমাজতাত্ত্বিক) আৰু ৰ’বাৰ্ট কে মর্টন (আমেৰিকাৰ সমাজতাত্ত্বিক)ৰ দৰে সমাজতাত্ত্বিকসকলৰ লেখনিৰ পৰা যথেষ্ট সহায় লৈছে। এই জনপ্রিয় ধাৰাটোৱে ৰাজনৈতিক সমাজশাস্ত্ৰ নামৰ এটা নতুন বিষয় সৃষ্টি কৰিছে। 

ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে সমাজ শাস্ত্ৰৰ নীতিবোৰ শিকাটো বাধ্যতামূলক আৰু সমাজ শাস্ত্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰ নামৰ অনুষ্ঠানটোৰ সংৰচনা তথা কাৰ্যাৱলীৰ তথ্য ৰাজনীতি বিজ্ঞানৰ পৰা আহৰণ কৰিব লাগে। ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ আৰু চৰকাৰ সম্পর্কে অধ্যয়ন কৰে। সমাজ শাস্ত্ৰই ৰাষ্ট্ৰ, জাতি, গোষ্ঠী, পৰিয়াল আৰু সকলোঁ ধৰণৰ মানৱীয় সংগঠনৰ বিষয়ে আলোচনা কৰে। যদিও দুয়োবিধ বিজ্ঞানবে শাখাবোৰ বেলেগ বেলেগ তথাপিও দুয়োটাই ইটো সিটোৰ পৰিপূৰক। যেনে— ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু ৰাষ্ট্ৰৰ বিষয়ে সমাজ শাস্ত্ৰতো আলোচনা কৰা হয়। ৰাষ্ট্ৰৰ উৎপত্তি আৰু বিৱৰ্তনৰ লগতে ৰাষ্ট্ৰ উৎপত্তিৰ কাৰক হিচাপে কাম কৰা জটিল সামাজিক শক্তিবোৰৰ বিশ্লেষণ কৰাটো হ’ল সমাজশাস্ত্ৰৰ কাম। এই কথাবোৰ উপস্থাপন কৰি সমাজশাস্ত্ৰই ৰাজনীতি বিজ্ঞানক সহায় কৰে। কেনেদৰে ৰাজনীতি বিজ্ঞানেও ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে বিতং আলোচনা আগবঢ়াই সমাজ শাস্ত্ৰক সহায় কৰে।

১৮। ৰাজনীতি বিজ্ঞান অধ্যয়নৰ ঐতিহাসিক দৃষ্টিভংগীটো আলোচনা কৰা। (Discuss the historical perspective of the study of political science.)

উত্তৰঃ ৰাজনীতি বিজ্ঞান অধ্যয়নৰ ঐতিহাসিক দৃষ্টিভংগীটো এটা প্রাচীন দৃষ্টিভংগী। ঐতিহাসিক পদ্ধতিয়ে ৰাষ্ট্ৰৰ অতীত ইতিহাসৰ পৰা সমল সংগ্ৰহ কৰি ৰাষ্ট্ৰৰ বিষয়ে অধ্যয়ন কৰে। এই পদ্ধতিটো পৰ্য্যবেক্ষণমূলক। ইতিহাসৰ পাতত লিপিবদ্ধ ৰাজনৈতিক ঘটনাসমূহ আৰু ৰাজনৈতিক অনুষ্ঠানসমূহৰ তাৎপৰ্য্য এই দৃষ্টিভংগীৰ জৰিয়তে অনুসন্ধান আৰু বিশ্লেষণ কৰা হয়। গতিকে দেখা যায় যে ৰাজনীতি বিজ্ঞান আৰু ইতিহাসৰ মাজত ওতঃপ্রোত সম্বন্ধ আছে। ফ্রীমেনে এইদৰে মন্তব্য দিছে যে “ইতিহাস হ’ল অতীতৰ ৰাজনীতি আৰু ৰাজনীতি হ’ল বৰ্তমানৰ ইতিহাস।” অতীত কালত ৰাষ্ট্ৰৰ গঠন, প্ৰকৃতি আৰু কাৰ্য্য প্ৰণালী কি ধৰণৰ আছিল সেই সম্বন্ধে জ্ঞান অর্জন কৰিলেহে বৰ্তমানৰ ৰাষ্ট্ৰৰ গঠন প্ৰকৃতি আৰু কাৰ্য্যপ্ৰণালীৰ অধ্যয়ন সম্পূৰ্ণ হ’ব। এই দৃষ্টিভংগীয়ে ইতিহাসৰ পাতৰ পৰা বিভিন্ন তথ্য সংগ্ৰহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন শুদ্ধ আৰু সম্পূৰ্ণ হ’বলৈ হ’লে মানৱ জাতিৰ ৰাজনৈতিক জীৱনৰ ইতিহাস জনাটো প্রয়োজন।

ঐতিহাসিক দৃষ্টিভংগীৰ কিছুমান সীমাবদ্ধতা আছে। এই দৃষ্টিভংগীৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন সম্ভৱ নহয়। কাৰণ ইতিহাসৰ সকলোবোৰ ঘটনাৰ ৰাজনৈতিক তাৎপৰ্য্য নাথাকে।

১৯। নীতিশাস্ত্ৰৰ লগত ৰাজনীতি বিজ্ঞানৰ সম্বন্ধ আলোচনা কৰা। (Discuss the relationship between ethics and political science.)

উত্তৰঃ ৰাজনীতি বিজ্ঞান হৈছে চৰকাৰৰ শাসন প্রণালী অধ্যয়ন কৰা বিজ্ঞান। ৰাজনীতি বিজ্ঞান আদৰ্শাত্মক আৰু ব্যৱহাৰিক বিজ্ঞান। নাগৰিকৰ সামূহিক মংগলৰ কাৰণে প্ৰয়োজনীয় নীতি-নিয়মৰ ব্যৱস্থা কৰা বিষয়টো হ’ল ৰাজনীতি বিজ্ঞান। নীতিশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞান উভয়ৰে আলোচনাৰ বিষয় হ’ল মানৱ আচৰণ। নীতি শাস্ত্ৰৰ লক্ষ্য হ’ল পৰম কল্যাণ সাধন কৰা। আৰু ৰাজনীতি বিজ্ঞানৰ উদ্দেশ্য জনকল্যাণ সাধন কৰা। ব্যক্তি কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰই ব্যক্তিৰ আচৰণ নিয়ন্ত্ৰণ কৰে। ৰাজনীতি বিজ্ঞান আৰু নীতিশাস্ত্ৰৰ মাজত সম্বন্ধ আছে যদিও এই দুটা বিষয়ৰ মাজত কিছুমান পার্থক্যও আছে। সেইবোৰ হ’ল–

(ক) নীতি শাস্ত্ৰ আৰু ৰাজনীতিৰ মান বা আদর্শ একে নহয়। নীতি শাস্ত্রব লক্ষ্য হৈছে ধৰ্ম। আনহাতে ৰাজনীতিৰ উদ্দেশ্য হৈছে ৰাইজক সুবিধা দিয়া। ৰাইজৰ সুবিধা অনুসৰি আইন প্ৰণয়ন কৰা আৰু সেইবোৰ সংশোধন কৰি নতুন নিয়ম প্ৰচাৰ কৰা।

(খ) নৈতিক অধিকাৰ সম্পূৰ্ণৰূপে ৰাজনৈতিক অধিকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। ৰাজনীতিৰ নীতি-নিয়মসমূহ নীতি শাস্ত্ৰসন্মত হোৱা উচিত। নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহ’লে ৰাষ্ট্ৰই উন্নতি কৰিব নোৱাৰে।

(গ) ৰাষ্ট্ৰৰ আইনৰ লগত শাস্তিৰ ভয় থাকে। কিন্তু নৈতিক নিয়মৰ লগত ঐচ্ছিক আনুগত্যতাৰহে সম্পর্ক থাকে।

(ঘ) ৰাজনীতি বিজ্ঞান হৈছে বিষয়নিষ্ঠ বিজ্ঞান। আনহাতে নীতিশাস্ত্ৰ হৈছে আদর্শনিষ্ঠ বিজ্ঞান। 

(ঙ) ৰাজনীতি বিজ্ঞানে সমষ্টিগত ইচ্ছা আৰু আচৰণ অধ্যয়ন কৰে। আনহাতে নীতিশাস্ত্রই ব্যক্তিগত মনৰ ঐচ্ছিক কাৰ্য্যকলাপ আৰু আচৰণ অধ্যয়ন কৰে। 

(চ) ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন পৰিধি নীতিশাস্ত্ৰতকৈ অধিক ব্যাপক।

এইদৰে দেখা যায় যে, নীতি শাস্ত্ৰ ৰাজনীতি বিজ্ঞানৰ বাবে পথ প্ৰদৰ্শক হৈ থাকিব। ৰাজনৈতিক আদর্শক নৈতিক আদৰ্শৰ পৰা পৃথক কৰিব নোৱাৰি।

২০। ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ আচৰণবাদ দৃষ্টিভংগীৰ প্ৰকৃতি আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the nature and characteristics of the behavioral approach to the study of political science.) 

উত্তৰঃ ৰাজনীতি বিজ্ঞানত আচৰণবাদ দৃষ্টিভংগী এক নতুন দৃষ্টিভংগী। বিংশ শতাব্দীৰ প্ৰথম পৰ্য্যায়ত আচৰণবাদ দৃষ্টিভংগীৰ আবির্ভাব ঘটিছিল। ৰাজনীতি বিজ্ঞানত আচৰণবাদ বুলিলে ৰাজনৈতিকভাৱে সংগঠিত সমাজৰ লোকসকলৰ ৰাজনৈতিক আচাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা বিভিন্ন সংস্থা, অনুষ্ঠানৰ কাৰ্য্যকলাপ আদিৰ অধ্যয়ন কৰা পদ্ধতিক বুজায়। আচৰণবাদৰ মুখ্য লক্ষ্য হৈছে ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ কাৰ্য্যক্ষেত্র, ব্যক্তিৰ ৰাজনৈতিক কৰ্মৰ লগত জড়িত ৰাজনৈতিক আচৰণৰ অধ্যয়ন আৰু বিশ্লেষণ কৰা।

আচৰণবাদ দৃষ্টিভংগীৰ প্ৰকৃতিঃ 

(ক) ৰাজনৈতিক প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তি আৰু গোষ্ঠীৰ আচৰণৰ ওপৰত গুৰুত্ব দি ৰাজনৈতিক ঘটনাৱলী ব্যাখ্যা কৰা।

(খ) তত্ত্ব আৰু গৱেষণাৰ মাজত সংগতি স্থাপন কৰা। 

(গ) প্রাকৃতিক বিজ্ঞানৰ দৰেই ৰাজনীতি বিজ্ঞানৰ আলোচনাত বৈজ্ঞানিক দৃষ্টিভংগী প্রয়োগ কৰা।

(ঘ) অভিজ্ঞতাবাদী ধ্যান ধাৰণা আৰু তত্ত্বৰ সহায়ত ৰাজনৈতিক ঘটনাসমূহৰ অনুসন্ধান আৰু বিশ্লেষণ কৰা।

(ঙ) ৰাজনৈতিক কাৰ্য্যৰ লগত জড়িত মানুহৰ ৰাজনৈতিক আচৰণ অধ্যয়ন কৰা। 

(চ) ৰাজনীতি বিজ্ঞানৰ আলোচনাক মূল্যমান নিৰপেক্ষ কৰি গঢ়ি তোলা।

আচৰণবাদ দৃষ্টিভংগীৰ বৈশিষ্ট্যঃ 

(ক) এই দৃষ্টিভংগীয়ে ব্যক্তি আৰু সামাজিক গোষ্ঠীৰ আচৰণক তাত্ত্বিক অভিজ্ঞতাবাদী বিশ্লেষণৰ একক হিচাপে গ্ৰহণ কৰে।

(খ) এই দৃষ্টিভংগীয়ে সমাজ বিজ্ঞানৰ শাখাসমূহৰ মাজত সংযোগ স্থাপন কৰি ব্যক্তিৰ ভূমিকা সম্পর্কে পর্যালোচনা কৰে।

(গ) এই দৃষ্টিভংগীয়ে বিজ্ঞানসন্মত পদ্ধতি অবলম্বণ কৰি ৰাজনৈতিক ঘটনা আৰু আচৰণ পর্যালোচনা কৰাত গুৰুত্ব দিয়ে।

(ঘ) এই দৃষ্টিভংগীয়ে নৈতিক প্ৰমূল্যক অভিজ্ঞতাবাদী বিশ্লেষণৰ পৰা পৃথক কৰিব বিচাৰে।

২১। ৰাজনৈতিক তত্ত্বৰ প্ৰয়োজনীয়তা। (Necessity of Political Theory.)

উত্তৰঃ ৰাজনৈতিক তত্ত্ব ৰাজনীতি বিজ্ঞানৰ অংশ। ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক বিজ্ঞানৰ কোনো এটা বিষয় সম্পর্কে বিস্তৃত আৰু পুংখানুপুংখভাবে আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হোৱাত সহায় কৰে। কোনো এটা ৰাজনৈতিক বিষয় বা সমস্যা সম্পৰ্কে ৰাজনৈতিক তত্ত্বই এক সাধাৰণ আৰু নিখুঁত সমাধান দিব পাৰে। ৰাজনীতিক তত্ত্বৰ সহায়ত ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণা বিজ্ঞানসন্মত আৰু অৰ্থপূৰ্ণ হৈ উঠিছে। ৰাজনৈতিক তত্ত্বৰ অধ্যয়নে ৰাজনীতি বিজ্ঞানক বিতং আৰু গভীৰ ভাবে জনাত সহায় কৰে।

২২। ৰাজনৈতিক তত্ত্বৰ বিৱৰ্তন সম্পর্কে আলোচনা কৰা। (Discuss the evolution of Political Theory.)

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ বিষয়ত ৰাজনৈতিক তত্ত্বৰ ভালেমান গুৰুত্ব দেখা পোৱা গৈছে। ৰাজনীতি বিজ্ঞান এটা শাখা হিচাপে গঢ় দিয়াত ৰাজনৈতিক তত্ত্বৰ গুৰুত আছে। এই তত্ত্বৰ সহায়ত ইয়াৰ অধ্যায়ত, ঘটনাৰ বিশ্লেষণ আৰু সিদ্ধান্ত গ্ৰহণ কৰা সহজ হয়। কি গ্রহণ কৰিব লাগে আৰু কি গ্ৰহণ কৰিব নালাগে তত্ত্বৰ প্ৰয়োগৰ জৰিয়তে জানিব পাৰি। কম্পাছে দিশ নিৰ্ণয় কৰাৰ নিচিনা তত্ত্বৰ সহায়তো ৰাজনৈতিক ঘটনা আৰু ৰাজনৈতিক সমস্যাক বিশ্লেষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি। এই তত্ত্বৰ সহায়ত অধ্যয়নৰ নতুন দিশ আৱিষ্কাৰ কৰিব পাৰি আৰু নতুন নতুন ধাৰণাৰ সৃষ্টি কৰিব পাৰি। আজিৰ দিনত ৰাজনৈতিক প্ৰাসংগিকতাৰ কথা ক’বলৈ যাওঁতে এটা কথা উল্লেখ কৰিব পাৰি যে বিজ্ঞানসন্মত ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক সমস্যা সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

২৩। ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ বাবে আদর্শিক পদ্ধতিৰ কেন্দ্ৰীয় ধাৰণাটোৰ সমালোচনা কৰা। (Discuss critically the central idea of the Normative Approach to the study of Political Theory.) 

উত্তৰঃ সামাজিক গণতন্ত্ৰৰ নীতি আৰু মূল চেতনাৰ সন্ধান কৰাই হৈছে আদর্শিক পদ্ধতি। ফৰাচী বিপ্লৱৰ মূল আন্দোলনৰ বিষয় আছিল স্বাধীনতা, সমতা, একতা। এইসমূহ এতিয়া ৰাজনৈতিক দলসমূহৰ মূল চেতনা বা নীতি। ঊনবিংশ শতাব্দীত বুৰ্জোৱা শ্ৰেণীৰ উত্থানৰ লগে লগে এনে ধৰণৰ মূল চেতনাৰ উদ্ভৱ হয়। সামাজিক গণতন্ত্রইও আদর্শিক পৰ্যায়ত মূল চেতনা আৰু মৌলিক অধিকাৰৰ পৰা নিৰ্দেশনা লয়।

মূল চেতনা আৰু সাধাৰণ ৰাজনৈতিক ধাৰণাকলৈ বিশেষ আলোচনা কৰা হৈছিল ২০০৭ চনত। জাৰ্মানীৰ প্ৰধান দুই দল, এচপিডি, নতুন দলীয় কার্যক্রম হাতত লয় যাৰ অন্যতম ৰাজনীতিত প্রয়োগ কৰা হয়।

লকৰ দাৰণাত স্বাধীনতাৰ তিনিটা মাত্ৰা চিহ্নিত কৰা হয়ঃ এজন ব্যক্তিৰ নিজস্ব স্বাধীনতা, এজন ব্যক্তিৰ নিজস্ব ভাৱনা আৰু অনুভূতিৰ স্বাধীনতা আৰু আইনগতভাবে প্রাপ্ত সম্পদৰ পৰা মুক্তি। স্বাধীনতাৰ এই তিনিটা ধাৰা বিভিন্ন সংবিধানত মৌলিক মানৱাধিকাৰৰ সংজ্ঞাত অন্তর্ভুক্ত কৰা হয়।

লকৰ সংজ্ঞাৰ মূল কথা হৈছে প্রকৃতিগতভাৱে এনে ধৰণৰ স্বাধীনতা প্রত্যেক ব্যক্তিৰ প্ৰাপ্য। অন্য অর্থত, এই স্বাধীনতা নতুনকৈ নহয় আগৰ পৰাই চলি আছিল। লকে নিজকে প্রাকৃতিক সমতা আৰু সমান স্বাধীনতাৰ ধাৰণাৰ মাজত আৱদ্ধ কৰি ৰখা নাই বৰং সমাজে প্রাকৃতিক সমতাক সামাজিক চুক্তিৰ মাধ্যমত অধিষ্ঠিত কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top