Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 2 Traditions of Political Theory Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Question Answer can be of great value to excel in the examination.

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ

Join Telegram channel

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ

POLITICAL SCIENCE

UNDERSTANDING POLITICAL THEORY

ৰাজনৈতিক তত্ত্ববোধ

1. Examine the principles of Classical liberalism.

Ans: ধ্রুপদী উদাৰতাবাদৰ নীতি (Principle of Classical Liberalism)

(১) ৰাষ্ট্ৰৰ সীমিত কাৰ্য : ধ্রুপদী উদাৰতাবাদে ৰাষ্ট্ৰ কাৰ্য সীমিত কৰিব বিচাৰে। ৰাষ্ট্ৰৰ কাৰ্য বৃদ্ধি হ’লে ইব্যক্তিগত স্বাধীনতা খর্ব কৰিব। নেতিবাচক স্বাধীনতা ধ্রুপদী উদাৰতাবাদৰ এটা প্ৰধান নীতি বা উপাদান। ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ গুণাৱলী বিকাশৰ বাবে ব্যক্তিক নিজ ইচ্ছামতে কাম কৰাৰ সুবিধা দিব লাগে। চৰকাৰে ব্যক্তিৰ কাৰ্যত হস্তক্ষেপ কৰিব নালাগে। ইয়াকে নেতিবাচক স্বাধীনতা বোলা হয়। ব্যক্তিৰ ওপৰত বাধা থাকিব নালাগে। সেইবাবে ৰাষ্ট্ৰৰ কাৰ্য সীমিত হ’ব লাগে। এনে উদাৰ্তাবাদে বিশ্বাস কৰে যে ৰাষ্ট্ৰ এক প্ৰয়োজনীয় অশুভ অনুষ্ঠান (state is a necessary evil)। থমাচ পেইনৰ মতে ৰাষ্ট্ৰৰ আৱশ্যকতা আছে অথচ ই এক অশুভ অনুষ্ঠান। সেইবাবে ৰাষ্ট্ৰক সীমিত কাৰ্য সমাধান কৰিবলৈ দিব লাগে। বাকী কাম ব্যক্তিক এৰি দিব লাগে।

(২) অর্থনৈতিক স্বাধীনতা: ধ্রুপদী উদাবাদে অর্থনৈতিক ক্ষেত্ৰত মুক্ত স্বাধীনতা প্ৰদান কৰাত গুৰুত্ব দিয়ে। অর্থনৈতিক ক্ষেত্ৰত আৰু কার্যকলাপত ব্যক্তিৰ অসীম ক্ষমতা থাকিব লাগে। অৰ্থনীতিৰ সুস্থ ব্যৱস্থাপনাৰ নামত বা সমাজৰ বৃহত্তৰ স্বাৰ্থৰ নামত যদি ব্যক্তিৰ অৰ্থনৈতিক স্বাধীনতাত হস্তক্ষেপ কৰা হয় তেন্তে অর্থনৈতিক অৱস্থা বেমেজালি হ’ব আৰু অৰ্থনীতি ভাগি পাৰিব। এই ক্ষেত্ৰত আডাম স্মিথৰ নাম প্রথমে ল’ব লাগিব। তেওঁ ‘Wealth of Nations’ নামৰ গ্ৰন্থত ব্যক্তিৰ অৰ্থনৈতিক উদাৰতাবাদৰ পোষকতা কৰিছিল।

বজাৰ ভিত্তিক অর্থনীতিত উদাৰ্তাবাদে গুৰুত্ব দিয়ে। ব্যৱসায় বাণিজ্যত মুক্ত স্বতন্ত্রতা প্ৰদান কৰোঁতে (Market Economy) এনে উদাৰতাবাদৰ অন্যতম প্রধান উপাদান বা নীতি, ব্যৱসায়-বাণিজ্য, উদ্যোগ, আমদানী-ৰপ্তানি বিষয়ত ৰাষ্ট্ৰৰ কাৰ্য সীমিত হ’ব লাগে।

(৩) নাগৰিক সমাজ: ধ্রুপদী উদাৰতাবাদত নাগৰিক সমাজে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। এনে সমাজ মুক্ত আৰু স্বাধীন ব্যক্তিয়ে গঠন কৰি বিভিন্ন স্বাৰ্থ পূৰণ কৰিব বিচাৰে। কোনো ব্যক্তিৰ প্ৰচেষ্টাত স্বেচ্ছমূলক সংগঠন গঢ়ি তোলা হয়। ব্যক্তি আৰু সংগঠনে এনে সমাজত নীতি গ্ৰহণ কৰি কাৰ্য সম্পাদন কৰে। তেওঁলোকে ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বিৰোধিতা কৰে। ধ্রুপদী উদাৰ্তাবাদে বিশ্বাস কৰে যে নাগৰিক সমাজে ৰাষ্ট্ৰৰ হস্তক্ষেপৰ অবিহনে কার্য সম্পাদন কৰিব পাৰে।

(৪) সামাজিক অধিকাৰ ৰক্ষা কৰা: উদাৰতাবাদে শ্রেণী বা জাতি, ধৰ্ম, জন্ম, লিংগৰ ভিত্তিত সামাজিক বৈষম্যৰ বিৰোধিতা কৰে। উচ্চ নীচ, বর্ণবৈষম্য বা সামাজিক ভেদাভেদ আঁতৰ কৰি উদাৰতাবাদে সমতাৰ ভিত্তিত এখন মুক্ত সমাজৰ পোষকতা কৰে।

(৫) ৰাজনৈতিক অধিকাৰ ব্ৰক্ষা কৰা: উদাৰতাবাদে ব্যক্তিৰ মত প্ৰকাশৰ স্বাধীনতা, ভোটদানৰ স্বাধীনতা, চৰকাৰ গঠনৰ স্বাধীনতা, চৰকাৰক সমালোচনা কৰাৰ স্বাধীনতা, পছন্দ স্বাধীনতা,ৰাজনৈতিক সংস্থা গঠনৰ স্বাধীনতা আদি বিভিন্ন স্বাধীনতা ৰক্ষণাবেক্ষণৰ সমৰ্থন কৰে। জনপ্ৰিয় সার্বভৌমত্বৰ ওপৰত এই মতবাদে অধিক গুৰুত্ব আৰোপ কৰে।

(৬) প্রশাসনীয়, ভৌগোলিক আৰু জাতিগত অধিকাৰ ৰক্ষা কৰা: উদাৰতাবাদে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, স্বায়ত্তশাসন, সংখ্যালঘিষ্ঠ স্বার্থৰ ৰক্ষণাবেক্ষণ, বিভিন্ন জাতিৰ আত্মনিৰ্ধাৰণৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰশাসনৰ ক্ষেত্ৰত যেনেকৈ কেন্দ্ৰীয় কৰ্তৃত্বৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হোৱাটোত গুৰুত্ব দিয়া হয় তেনেকৈ জাতিগতভাৱেও কোনো প্রভৃত্বশালী জাতিব নিয়ন্ত্ৰণৰ পৰা মুক্ত হ’বলৈ ক্ষুদ্র জাতিসমূহৰ আত্মনিয়ন্তণৰ অধিকাৰত গুৰুত্ব দিয়া হয়।

(৭) আন্তর্জাতিক অধিকাৰ ৰক্ষা কৰা: উদাৰতাবাদীসকলে আন্তর্জাতিক অধিকাৰত গুৰুত্ব দিয়ে। এনে অধিকাৰে আন্তৰ্জাতিক ক্ষেত্ৰত শান্তি, ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা ৰাষ্ট্ৰসমূহৰ মাজত মৈত্ৰীসংঘ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। আন অৰ্থত উদাৰতাবাদে সমগ্ৰ বিশ্বৰ বাবে একে অর্থনৈতিক ব্যৱস্থা, গোলকীয়কৰণ, মুক্ত বাণিজ্য নীতি বাহাল থকাটো বিচাৰে।

2. Meaning of liberalism?

Ans: ইংৰাজী লিবাৰেল (Liberal) শব্দৰ অসমীয়া প্রতিশব্দ ‘উদাৰ’ শব্দটো তুলনামূলকভাৱে নতুন। ১৮৩৯ চনত ইংলেণ্ডৰ হুইগ পার্টিক (Whig Party) উদাৰ দল (Liberal Party) বুলি জনা হৈছিল। কিন্তু এটা ৰাজনৈতিক দর্শন হিচাবে উদাৰতাবাদৰ প্রথম প্রকাশ ঘটিছিল। এটিয়াচ আৰু ল’কৰ (Locke) লেখনীৰ মাজেদি।

উদাৰতাবাদৰ এটা নির্দিষ্ট সংজ্ঞা দিয়াটো সম্ভৱ নহয়। কিয়নো উদাৰতাবাদে মানুহৰ প্ৰায় আটাইবোৰ কাৰ্যকলাপ সামৰি লৈছে। কিন্তু উদাৰতাবাদ মানুহৰ ৰাজনৈতিক কার্যকলাপতে সীমাবদ্ধ হৈ থকা নাই, ধর্মীয় বিষয়, অর্থনৈতিক, নৈতিকতা সম্পৰ্কীয় বিষয়সমূহো ইয়াত সাঙুৰি লোৱা হৈছে। সেই কাৰণে John. H. Hallowell এ উদাৰতাবাদক মানুহৰ মনস্তাত্ত্বিক বা দৃষ্টিভংগীৰ ওপৰত এক প্ৰকাৰৰ বিশ্বাস বুলি ব্যাখ্য কৰিছে। উদাৰতাবাদে মানুহৰ বাক্তিত্বৰ সীমাহীন মূল্যবোধ, সকলে ব্যক্তিৰ স্বতন্ত্রতাক স্বীকৃতি জনীয় উদাৰতাবাদে সকলে মানুহ যুক্তিবাদী আৰু সকলো মানুহৰ কিছুমান সদগুণ আছে বুলি বিশ্বাস কৰে।

ইয়াৰ উপৰিও উদাৰ্তাবাদে ৰাষ্ট্ৰ পৰিচালনাত নাগৰিকসকলৰ সন্মতি আৰু আমাৰ শাসনত বিশ্বাস কৰে। উদাৰতাবাদে মানুহৰ প্ৰাকৃতিক অধিকাৰ, প্ৰাকৃতিক আইন আকু যুক্তিৰ প্ৰাধান্যতাত বিশ্বাস কৰে। উদাৰ্তাবাদে ব্যক্তিৰ চিন্তা আৰু মতামত প্ৰকাশৰ অধিকাৰ, ধৰ্মীয় বিশ্বাস আৰু উপাসনাৰ অধিকাৰ, চলা-ফুৰা কৰাৰ অধিকাৰ, সভা-সমিতি আৰু সংগঠন গঠন কৰাৰ অধিকাৰত বিশ্বাস কৰে। এনেকৈ উদাৰতাবাদে মানুহৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক স্বতন্বতা আৰু আধ্যাত্মিকভাৱ চিন্তাক সামৰি লৈছে।

উদাৰতাবাদক ৰক্ষণশীল মতৰ বিৰোধী বুলি ব্যাখ্যা কৰা হয়। ৰক্ষণশীলসকলে পৰম্পৰাগত অনুষ্ঠানসমূহ সংৰক্ষণ কৰিব বিচাৰে আৰু যিকোনো ধৰণৰ আমূল পৰিৱৰ্তনৰ বিৰোধিতা কৰে। ইয়াৰ বিপৰীতে উদাৰবাদীসকলে প্রতিষ্ঠিত অনুষ্ঠানসমূহৰ সংস্কাৰ আৰু পৰিৱৰ্তন কৰিব বিচাৰে। উদাৰতাবাদী চিন্তাৰ মৌলিক নীতি হ’ল ব্যক্তিৰ বিবেক বা বিচাৰ শক্তি আৰু যুক্তিৰ প্ৰাধান্যতা।

অনেক সময়ত উদাতাবাদক ব্যক্তিবাদৰ আন এক ৰূপ বুলিও ব্যাখ্যা কৰা হয়। ব্যক্তিবাদ বা ব্যক্তিস্বাতন্ত্ৰতাবাদ উদাৰতাবাদৰ এক গুৰুত্বপূর্ণ উপাদান। কিন্তু উদাৰতাবাদ আৰু ব্যক্তিবাদ একে নহয়। জৰ্জ চেবাইনৰ ( Georg Sabine) মতে ১৯ শ শতিকাৰ তৃতীয় ভাগ বা কোৱাৰ্টাৰলৈকে উদাৰতাবাদ আৰু ব্যক্তিবাদৰ মাজত কোনো মৌলিক পার্থক্য নাছিল। এই সময়ছোৱাত অর্থনৈতিক ক্ষেত্ৰত মুক্ত প্রতিযোগিতা উদাৰতাবাদৰ মৌলিক তত্ত্ব আছিল। কিন্তু ইয়াৰ পাছৰ পৰা গোটেই সম্প্ৰদায়ৰ সামূহিক কল্যাণ আৰুজনসাধাৰণৰ সকৰাত্মক স্বাধীনতাৰ ওপৰত শুৰুত্ব আৰোপ কৰাৰ ফলস্বৰূপে উদাৰতাবাদে এক নতুন মাত্ৰা লাভ কৰিলে।

কেতিয়াবা উদাৰতাবাদক গণতন্ত্রৰ লগত একে অৰ্থতে ব্যৱহাৰ কৰা হয়। উদাৰ্তাবাদীসকলে গণতান্ত্রিক চৰকাৰ পদ্ধতিক সমৰ্থন কৰে যদিও গণতান্ত্রিক পদ্ধতিত সংখ্যাগৰিষ্ঠই সংখ্যা লঘুসকলৰ মতামত আৰু সংখ্যালঘুৰ অধিকাৰসমূহক উলাই বা উলংঘা কৰা কাৰ্যক সমর্থন নকৰে। বহুল অৰ্থত উদাৰতাবাদত দুটা পৃথক ৰাজনৈতিক উপাদানৰ মিশ্রণ দেখা পোৱা যায়। ই বিলাক হ’ল— ব্যক্তিস্বাতন্ত্রবাদ আৰু গণতন্ত্র।

3. Origin of Liberalism. 

Ans: উদাৰতাবাদৰ উৎপত্তি :

Origin of Liberalism সকলোবোৰ ভাবাদৰ্শৰ ভিতৰত উদাৰতাবা ইতিহাস আটাইতকৈ প্রাচীন আৰু দীঘলীয়া। প্রায় তিনিশ বছৰৰ আগতেই উদাৰতাবাদী চিন্তাৰ বিকাশ হৈছিল। অৱশ্যে ভালেমান লিখকে প্রাচীন গ্ৰীচত উদাৰতাবাদৰ জন্ম হৈছিল বুলি ব্যাখ্যা কৰিবলৈ যত্ন কৰে যদিও সীমিত অর্থতহে ইয়াক গ্ৰহণ কৰিব পাৰি। গ্রীকসকলে ধ্রুপদী উদাতাবাদৰ দুটা প্রধান নীতি মানি চলিছিল— মতামত প্ৰকাশৰ স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বতন্ত্রতা। কিন্তু উদাৰনৈতিক এইনীতিবিলাক কেৱল গ্রীক নাগৰিকসকলেহে উপভোগ কৰিব পাৰিছিল।

বাস্তৱিকতে ষোল্লশ শতিকাত গীৰ্জাৰ ধর্মীয় গোড়ামীৰ বিৰুদ্ধে ইউৰোপৰ ফ্রান্স, জামনী, ইংলেণ্ডত হোৱা প্ৰত্যেষ্টান্ত সংস্কাৰবাদী জনসাধাৰণৰ ধৰ্মীয় স্বাধীনতাৰ ভেটি নির্মাণ কৰিছিল। বাস্তবিকতে প্রত্যেষ্টান্ত আন্দোলনৰ পৰাহে উদাৰনৈতিক চিন্তাই বিকাশ লাভ কৰিছিল। অৱশ্যে Grotius, Locke, Leibniz Hobbes আৰু Harvey ৰ লিখনিতো জনসাধাৰণৰ ধৰ্মীয় স্বাধীনতা আলোচনাৰ প্ৰধান বিষয় আছিল। প্রত্যেষ্টান্ত সংস্কাৰবাদী আন্দোলনকাৰীসকলে যাজকসকলৰ কৰ্তৃত্ব প্রত্যাহ্বান জনাইছিল। ইউৰোপত হোৱা সংস্কাৰবাদী আন্দোলনৰ কিছু বছৰৰ পাছত ৰজাৰ ভগৱত প্রদত্ত একচ্ছত্রী ক্ষমতাৰ সমালোচনা কৰা হৈছিল আৰু এনেকৈয়ে ইউৰোপত উদাৰ্তাবাদী চিন্তাৰ বিকাশ হৈছিল। উদাৰতাবাদক ধ্রুপদী (Classical) আৰু আধুনিক (Modern) এই দুটা ভাগত ভাগ কৰিব পাৰি।

4. Importance of Liberalism ?

Ans: অন্যতম ৰাষ্ট্ৰ দৰ্শন হিচাবে উদ্ধাৰতাবাদৰ অপৰিসীম মূল্য আছে। ৰাজনীতি বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত ইয়াৰ অৱদান কোনেও নুই কৰিব নোৱাৰে। তলত ইয়াৰ গুৰুত্বসমূহ উল্লেখ কৰা হ’ল :

(১) ৰাষ্ট্ৰচিন্তাৰ ক্ষেত্ৰত ই এটা নতুন বিচাৰবোধ আৰু চিন্তাধাৰাৰ সূচনা কৰিছে বুলি ক’ব পাৰি।

(২) প্রচলিত বিশ্বাস আৰু কৰ্তৃত্বৰ বিৰুদ্ধে উদাৰতাবাদেই হ’ল প্রথম প্রতিক্রিয়া।

(৩) ৰক্ষণশীল আৰু ঐতিহ্যগত ধাৰণাৰ পৰিৱৰ্তে ইয়েই প্রথম প্রতিক্রিয়া৷

(৪) এই মতবাদে গণতান্ত্রিক ধ্যান-ধাৰণা আৰু আদৰ্শৰ প্ৰতি অবিচল আস্থা পোষণ।

(৫) সাম্য, স্বাধীনতা আৰু মৈত্ৰীৰ বাণী এই দৰ্শনত প্ৰথম উচ্চাৰিত হয়।

(৬) মানুহৰ স্বাধীন আৰু শাশ্বত ইচ্ছাৰ ধাৰণাক ই সমর্থন কৰে।

(৭) মানৱতাবোধৰ দৰ্শনৰ প্ৰতি ইয়াৰ আৱেদন তাৎপর্যপূর্ণ।

(৮) উদাতাবাদ গণতান্ত্রিক সংগঠন আৰু চিন্তাধাৰাৰ সমৰ্থক। জনসাধাৰণৰ সন্মতি আৰু সাৰ্বভোম অধিকাৰৰ নীতিতো ইয়াৰ গভীৰ বিশ্বাস আছে।

(৯) এই মতবাদে ৰাজনীতিৰ ক্ষেত্ৰত কিছুমান উল্লেখযোগ্য বিষয়ৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এইবিলাক হ’ল—

(ক) ব্যক্তিৰ আত্মোপলব্ধি আৰু স্বাতন্ত্র্য।

(খ) মহৎ আৰু বাস্তৱ মানুহৰ ধাৰণা।

(গ) জনকল্যাণ আৰু সমাজসংস্কাৰৰ আদর্শ।

(ঘ) পুৰণি উদাৰ্নীতিত ৰাষ্ট্ৰৰ নকাৰাত্মক ভূমিকা।

(ই) ব্যক্তিৰ উদ্যোগ আৰু উৎসাহ।আৰু

(চ) সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰগতি।

(১০) অৱশেষত কব পাৰি যে সমাজ আৰু সভ্যতাৰ নতুন মূল্যায়নত উদাৰনৈতিক দৰ্শনৰ গুৰুত্ব উল্লেখযোগ্য। আইন, গণতন্ত্র, সার্বভৌমত্ব, অস্বীকাৰ, কৰ্তব্য, আনুগত্য আদি ধাৰণাবিলাকৰ পৰিৱৰ্তনশীল পটভূমিত নতুন মূল্যায়নৰ মাজতে ইয়াৰ কৃতিত্ব প্ৰকাশ পাইছে। এতেকে মানব জীৱনৰ সকলো ক্ষেত্ৰতে ইয়াৰ অপৰিসীম গুৰুত্ব আছে বুলি ক’ব পাৰি।

5. Meaning of Multiculturalism.

Ans: বহু সংস্কৃতিবাদৰ অৰ্থ আৰু সংজ্ঞা: (Meaning and Definition of Multiculturalism)É. অৰ্থগত দিশৰ পৰা চালে বহু সংস্কৃতিবাদ হৈছে বিভিন্ন সাংস্কৃতিক জনগোষ্ঠীৰ সম অধিকাৰ, সম-মযদি আৰু সামাজিক সুৰক্ষা তথা সমতা আৰু সামাজিক ন্যায়ৰ স্বীকৃতি প্ৰদানৰ এক মতাদর্শ। বহু সংস্কৃতিবাদে বিভিন্ন সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু সমবিকাশৰ ধাৰণা প্ৰদান কৰে। বহু সংস্কৃতিবাদে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতি সন্মান, সংৰক্ষণ, সাংস্কৃতিক, বৈচিত্র্যৰ উপযুক্ত আইনগত বা সাংবিধানিক সুৰক্ষা, সকলো জনগোষ্ঠীৰ সম-অধিকাৰৰ স্বীকৃতি প্রদান, সকলো ধৰ্ম্মীয় ভাষিক আৰু নৃগোষ্ঠীসমূহৰ নিজা নিজা স্বকীয় সত্বা, স্বাধীনত ৰক্ষণাবেক্ষণৰ বাবে উপযুক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰা আদি ধাৰণাক সূচায়। অর্থত, ৰাষ্ট্ৰত বসবাস কৰি থকা বিভিন্ন সাংস্কৃতিক জাতি-জনগোষ্ঠী সমূহৰ পৃথক সাংস্কৃতিক সত্ত্বা আৰু ক্ষুদ্র জাতীয় সম্বাসমূহক সাংবিধানিক স্বীকৃতিপ্ৰদানৰ ধাৰণাকে “বহু সংস্কৃতিবাদ”বুলি অভিহিত কৰা হয় । 

6. Definition of Multiculturalism.

Ans: বহু সংস্কৃতিবাদৰ অৰ্থ আৰু সংজ্ঞা : (Meaning and Definition of Multiculturalism). অৰ্থগত দিশৰ পৰা চালে বহু সংস্কৃতিবাদ হৈছে বিভিন্ন সাংস্কৃতিক জনগোষ্ঠীৰ সম অধিকাৰ, সম-মযদি আৰু সামাজিক সুৰক্ষা তথা সমতা আৰু সামাজিক ন্যায়ৰ স্বীকৃতি প্ৰদানৰ এক মতাদর্শ। বহু সংস্কৃতিবাদে বিভিন্ন সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু সমবিকাশৰ ধাৰণা প্ৰদান কৰে। বহু সংস্কৃতিবাদে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতি সন্মান, সংৰক্ষণ, সাংস্কৃতিক, বৈচিত্ৰ্য্যৰ উপযুক্ত আইনগত বা সাংবিধানিক সুৰক্ষা, সকলো জনগোষ্ঠীৰ সম-অধিকাৰৰ স্বীকৃতি প্রদান, সকলো ধৰ্ম্মীয় ভাষিক আৰু নৃগোষ্ঠীসমূহৰ নিজা নিজা স্বকীয় সত্বা, স্বাধীনত ৰক্ষণাবেক্ষণৰ বাবে উপযুক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰা আদি ধাৰণাক সূচায়। অৰ্থত, ৰাষ্ট্ৰত বসবাস কৰি থকা বিভিন্ন সাংস্কৃতিক জাতি-জনগোষ্ঠী সমূহৰ পৃথক সাংস্কৃতিক সত্ত্বা আৰু ক্ষুদ্ৰ জাতীয় সম্বাসমূহক সাংবিধানিক স্বীকৃতিপ্ৰদানৰ ধাৰণাকে “বহু সংস্কৃতিবাদ”বুলি অভিহিত কৰা হয় ।

সংজ্ঞা (Definition): বহু সংস্কৃতিবাদৰ বিভিন্ন সংজ্ঞা আছে। ষ্টেনফ’ৰ্ড ডিক্সনাৰী অৱ ফিলছফী (Standard Dictionary of Philosophy) ৰ মতে বহুসংস্কৃতিবাদ হৈছে, “সাংস্কৃতিক আৰু ধৰ্মীয় বৈচিত্যক সহাঁৰি জনোৱাৰ কাৰণে এক সঠিক পথ সম্পৰ্কে ৰাজনৈতিক দৰ্শনৰ এক চিন্তাধাৰা।” (“Multiculturalism is a body of thought in Political Philosophy about the proper way to respond to cultural and religious diversity”

Oxford English Dictionary) ৰ মতে সংস্কৃতিবাদ হ’ল – “এখন বহুসংস্কৃতিসম্পন্ন সমাজৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু নীতি বা প্ৰক্ৰিয়া য”ত এনে ধৰণৰ সমাজত থকা সাংস্কৃতিক গোটবিলাকৰ স্বতন্ত্রমূলক আত্ম পৰিচয়ৰ ৰক্ষণাবেক্ষণ দিয়ে অথবা সমর্থন আগবঢ়ায়। (Multiculturalism is the characteristics of a multicultural society and the policy or process whereby the distinctive identities of the cultural groups within such a society are maintained or supported)

Augi Flarus ৰ মতে, বহুসংস্কৃতিবাদ হ’ল ‘সমাজত বিভিন্নতাক এক ন্যায়সংগত আৰু অভিন্ন উপাদান হিচাপে উপযোগী কৰি তুলিবলৈ গ্ৰহণ কৰা নীতি, আঁচনি আৰু কাৰ্যৰ এক সমষ্টি (Multiculturalism is a set of principles, polities and practise for accommodating diversity as a legitimate and integral component of society) 

7. Left-Liberal Multiculturalism.

Ans: বহুসংস্কৃতিবাদৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰকাৰ হ’ল বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদ। এই বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদে সংস্কৃতিক ভিন্নতাত বিশ্বাস কৰে। এই ধাৰণাই ‘আন জনগোষ্ঠীসমূহৰ’ সংস্কৃতিক স্বাভাৱিক হিচাপে গ্ৰহণ কৰাৰ কথা কয়। ই প্ৰতিস্থিত নীতি আদর্শ প্রশ্ন নকৰাকৈ আন গোষ্ঠীসমূহৰ সদস্যতাক গ্ৰহণ কৰাৰ সমৰ্থন কৰে। বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদৰ কিছুমান বৈশিষ্ট্য আছে। সেইবোৰ হ’ল― 

(১) এই বহুসংস্কৃতিবাদে সাংস্কৃতিক ভিন্নতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে।

(২) বাওঁপন্থী বহুসংস্কৃতিবাদে সংস্কৃতিক সংকীর্ণভাৱে ব্যাখ্যা কৰিছে। 

(৩) এই ধাৰণাই এটা সংস্কৃতিৰ মাজতে থকা ভিন্নতাক গুৰুত্ব নিদিয়ে।

8. Liberal Multiculturalism.

Ans: এই ধাৰণা অনুসৰি সকলোবোৰ গোষ্ঠী বা বর্ণ জন্মগতভাবে সমান। সকলো জনগোষ্ঠীৰ দক্ষতা একে। কিন্তু পৰিৱেশ আৰু অভিজ্ঞতাই জনগোষ্ঠীসমূহৰ মাজত প্ৰভেদ সৃষ্টি কৰে। সামাজিক আৰু শৈক্ষিক দিশত থকা সহযোগৰ অভাৱ আৰু সুযোগৰ অসমতাই জনগোষ্ঠীসমূহৰ মাজত বৈচিত্র্যতাৰ সৃষ্টি কৰে। 

উদাৰ বহুসংস্কৃতিবাদৰ প্ৰধান বৈশিষ্টসমূহ হ’ল—

(১) এই ধাৰণাটোৱে বিশ্বাস কৰে যে বৌদ্ধিক দিশত সকলো বর্ণ বা জনগোষ্ঠী সমান।

(২) এই ধাৰণা অনুসৰি ব্যক্তিৰ স্বাধীনতাৰ বাবে ব্যক্তিৰ সংস্কৃতিৰ বিকাশ এটা পূর্বচর্ত। 

(৩) সংখ্যালঘুৰ বাবে বিশেষ কিছুমান অধিকাৰ দিব লাগে বুলি এই ধাৰণাই বিশ্বাস কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top