Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 2 Traditions of Political Theory Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

18. Will Kymlicka’s Multiculturalism /

Ans: উইল কিমলিকাৰৰ বহুসাংস্কৃতিকবাদৰ তত্ত্ব : উইল কিমলিকা এজন কানাডাৰ ৰাজনৈতিক দার্শনিক। তেওঁ Liberal community, culture নামৰ গ্ৰন্থখনত বহুসাংস্কৃতিবাদৰ এক তাত্ত্বিক বিশ্লেষণ দাঙি ধৰিছিল। তেওঁৰ মতে, প্রতিজন ব্যক্তিৰেই সাংস্কৃতিক গোষ্ঠীৰ সদস্যপদৰ অধিকাৰ থাকিব লাগে। কিমলিকাৰৰ মতে এজন ব্যক্তিৰ অধিকাৰ, আন এজন ব্যক্তিৰ আপেক্ষিকতাত থকা সুবিধা। অর্থাৎ অধিকাৰসমূহ আপেক্ষিক। কিমলিকাৰে বহুসংস্কৃতিবাদ ধাৰণাটো ব্যাখ্যা কৰোতে তিনিটা অধিকাৰৰ প্ৰসংগ উল্লেখ কৰিছে।

সেই অধিকাৰসমূহ হ’ল— 

(১) স্ব-শাসনৰ অধিকাৰ।

(২) বহুগোষ্ঠীয় অধিকাৰ।

(৩) বিশেষ প্রতিনিধিত্বৰ অধিকাৰ।

কিমলিকাৰৰ মতে এই তিনিওটা অধিকাৰৰ বাস্তৱ প্ৰয়োগৰ মাজেৰে বহুসাংস্কৃতিকবাদৰ আধাৰ গঢ়ি উঠে। তেওঁৰ মতে, সংখ্যালঘু গোষ্ঠীসমূহৰ মাজৰ বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ সহায়ৰ প্ৰয়োজন হয়। ৰাষ্ট্ৰৰ বিভিন্ন নীতিৰ জৰিয়তেহে বহুসংস্কৃতিবাদী সমাজ প্রতিষ্ঠা কৰিব পৰা যায়। কিমলিকাৰে বহুসাংস্কৃতিবাদৰ আলোচনা কৰি এখন সমাজত সংখ্যালঘু সমুদায়ে সন্মুখীন হোৱা সমস্যাসমূহৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে যদিহে সখ্যাগৰিষ্ঠসকলৰ সংস্কৃতি সংখ্যালঘুৰ ওপৰত জাপি দিয়া হয়, তেন্তে সংখ্যালঘুসকল এক গভীৰ সমস্যাৰ সন্মুখীন হ’ব। এনে পৰিস্থিতিত সংখ্যালঘুসকল একাষৰীয়া বা প্রান্তিয় হৈ পৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

কিমলিকাৰে সংখ্যালঘুসকল এনে বিপদৰ সন্মুখীন নহ’বৰ বাবে কিছুমান পৰামৰ্শ দিছে। তেওঁৰ মতে বহুসংস্কৃতিবাদী নীতি বা আঁচনি, স্ব শাসন, ভাষাৰ অধিকাৰ, ভূমিৰ অধিকাৰ আদিৰ জৰিয়তে সংখ্যালঘুক বিপদমুক্ত কৰিব পৰা যায়। অৱশ্যে তাৰ বাবে ৰাষ্ট্ৰ সহায়-সহযোগৰ প্রয়োজন আছে। ৰাষ্ট্ৰই বিভিন্ন ব্যৱস্থা ল’লেহে সংখ্যালখুৰ সুৰক্ষা সম্ভৱপৰ হ’ব। এনে ব্যৱস্থাসমূহৰ অন্যতম বহুসংস্কৃতিবাদ।

কিমলিকাৰে বহুসংস্কৃতিবাদ তত্ত্বটো আগবঢ়াওঁতে সংখ্যালঘুৰ ৫ টা ভাগত বিভাজন কৰিছিল। তেওঁৰ মতে পাশ্চাত্য গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহক এই পঁচা প্ৰকাৰৰ সংখ্যালঘু আছে।

(ক) জাতীয় সংখ্যালঘু।

(খ) প্ৰৱজনকাৰী গোষ্ঠী।

(গ) নৃ-ধর্মীয় গোষ্ঠী।

(ঘ) অবৈধ প্ৰব্ৰজনকাৰী। 

(৬) আফ্রিকীয় মার্কিন।

(ক) জাতীয় সংখ্যালঘু : কিমলিকাই জাতীয় মর্যাদা পাবলৈ সংগ্রাম কৰি থকা সংখ্যালঘু জাতীয় গোষ্ঠীবোৰক জাতীয় সংখ্যালঘু বুলি কৈছে। সাধাৰণতে এখন ডাঙৰ ৰাষ্ট্ৰ আসনৰ বলী হৈ এই গোষ্ঠীসমূহে নিজৰ ৰাষ্ট্ৰীয়তা হেৰুৱাব লগা হৈছে। তেওঁ লগতে বিদেশী প্ৰৱজনকাৰীৰ হাতত নিজৰ ভূমি হেৰুৱা লোকসকলকো জাতীয় সংখ্যালঘু আখ্যা দিছে। কিমলিকাৰ মতে, প্রায় সকলোবোৰ সমাজ ব্যবস্থাতে, য’ত ভিন্নতা আছে। তাত এনেধৰণৰ সংখ্যালঘু দেখা পোৱা যায়।

(খ) প্ৰবজনকাৰী গোষ্ঠী: যিবোৰ জনগোষ্ঠীয়ে নিজৰ ঠাই এৰি আন ঠাইলৈ প্ৰব্ৰজন কৰিছে, তেওঁলোকক কিমলিকাৰে প্ৰবজনকাৰী গোষ্ঠী আখ্যা দিছে। সাধাৰণতে অর্থনৈতিক আৰু ৰাজনৈতিক কাৰণত এই লোকসকলে নিজৰ স্থান এৰি আন ঠাইত বসবাস কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে কিমলিকাই নাগৰিক হোৱাৰ অধিকাৰ থকা প্ৰব্ৰজনকাৰীকহে এই ভাগত সামৰি লৈছে।

(গ) নৃ-ধর্মীয় গোষ্ঠী: পৃথিৱীত এনে বহুতো নৃ-ধর্মীয় গোষ্ঠী আছে যিবোৰ গোষ্ঠীয়ে স্ব ইচ্ছই নিজক সমাজ আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰা আঁতৰাই ৰাখে। তেওঁলোকে ৰাষ্ট্ৰৰ কাম-কাজত অংশ ল’ব নিবিচাৰে। প্ৰধানতঃ ধর্মীয় কাৰণত তেওঁলোকে নিজক আনৰ পৰা পৃথক কৰি ৰাখে।

(ঘ) অবৈধ প্ৰব্ৰজনকাৰী: কিমলিকাৰে অবৈধ প্ৰৱজনকাৰীসকলকো সংখ্যালঘু বুলি গণ্য কৰিছিল। অবৈধ প্ৰব্ৰজনকাৰীসকল অবৈধভাৱে প্ৰৱেশ কৰি এখন ৰাষ্ট্ৰত বসবাস কৰি থাকে অথবা অনুমতি সময়চোৱাতকৈ অধিক কাল বসবাস কৰি থাকে। তেওঁলোক প্রবেশ কৰাৰ সময়ত তেওঁলোকক নাগৰিকত্ব প্রদানৰ পৰিকল্পনা কৰা নহয়। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সেই ৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা হৈ পৰে।

(ঙ) আফ্রিকীয় মার্কিন: আফিকাৰ পৰা যোৱা দাসসকলক ১৭ শতিকাৰ পৰা ১৯ শতিকাত আমেৰিকাত দাস বনুৱা হিচাপে গণ্য কৰা হৈছিল। যিহেতু তেওঁলোক দাস আছিল সেয়ে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ চেষ্টা কৰা নাছিল। এই কৃতদাসসকলৰ বংশধৰকেই আফিকীয় মার্কিন বুলি কোৱা হয়। ১৮৬০ চনত আমেৰিকাত এই দাসসকলৰ নাগৰিকত্ব প্ৰদান কৰা হয়। এই আফ্রিকীয় মার্কিনসকলে ব্যাপক গণআন্দোলনৰ মাধ্যমেৰে নিজৰ অধিকাৰৰ দাবী কৰিছিল। কিমলিকাৰে এনে সংখ্যালঘুৰ কথাও বহুসংস্কৃতিবাদ ধাৰণাত অন্তৰ্ভুক্ত কৰিছিল।

গতিকে কিমলিকাৰৰ বহুসংস্কৃতি বাদ ধাৰণা অনুসৰি সংখ্যাগৰিষ্ঠভিত্তিত গণতন্ত্রত বিভিন্ন ক্ষুদ্র জনগোষ্ঠীসমূহৰ প্ৰতি অন্যায় হয়। ৰাষ্ট্ৰীয় নীতিৰ জৰিয়তে এনে অন্যায়ৰ অন্ত পেলাব লাগে বুলি বহুসংস্কৃতিবাদে বিশ্বাস কৰে।

19. Theory of Jeremy Waldron.

Ans: বহুসংস্কৃতিবাদৰ এটা গুৰুত্বপূৰ্ণ তত্ত্ব আগবঢ়াইছে জেৰেমি ওৱালদ্বনে। তেওঁ চলমান ৰচদিৰ বহু বিতর্কিত গ্রন্থ ‘The Stanic Verses’ৰ ভিত্তি হিচাপে লৈ এই তত্ত্ব আগবঢ়াইছে। তেওঁৰ মতে বহুসংস্কৃতিবাদ নীতি উদাৰবাদ আৰু সামূহিকবাদৰ বিৰোধী। বহুসংস্কৃতিবাদে উদাৰবাদৰ এক বিকল্প ধাৰণা আগবঢ়াইছে। ওৱালড্ৰনৰ ধাৰণাই বহুত্ববাদৰ সমৰ্থন কৰে। তেওঁৰ মতে বহল অৰ্থত মানুহৰ সংস্কৃতিৰ প্ৰয়োজন আছে যদিও কেৱল এটা সংস্কৃতিৰ মাজতে আবদ্ধ থকাটো অপ্রয়োজনীয়। বহুবোৰ সংস্কৃতিৰ সংযোজনে সৃষ্টি কৰা এক বহুমাত্ৰীয় সংস্কৃতিৰো মানুহৰ জীৱন-যাপনৰ বাবে অতি প্রয়োজনীয়। জেৰেমি ওৱালড্ৰনৰ ধাৰণাই সাংস্কৃতিক ভিন্নতাক উপযুক্ত মৰ্যদা দিয়াত গুৰুত্ব দিছে।

জেমচ টুলিৰ তত্ত্ব (Theory of James Tully): জেমচ টুলি কানাডাৰ এজন ৰাজনৈতিক দার্শনিক আছিল। তেওঁ বহুসাংস্কৃতিবাদৰ

পটভূমিত সাংস্কৃতিক ভিন্নতাৰ তত্ত্বটো আগবঢ়াইছিল। টুলিৰ বহুসাংস্কৃতিবাদ তত্ত্ববটোত দৰ্শন আৰু নৃ-তত্ত্বৰ প্রভাব দেখা পোৱা যায়। টুলিয়ে গীটজব নৃ-তত্বৰ ধাৰণা আৰু লুডুইজ উইটগেনষ্ট্ৰেইনৰ দৰ্শনৰ ধাৰণাৰ পটভূমিত বহুসংস্কৃতিবাদ ধাৰণাটোৰ ব্যাখ্যা কৰিছে। টুলিয়ে আধুনিক সাংবিধানিকতাবাদ সমালোচনা কৰিছিল । আধুনিক সাংবিধানিকবাদে ৰাষ্ট্ৰৰ সার্বভৌমত্ব,নিয়মীয়তা, একতা আদিৰ ওপৰত গুৰুত্ব দিয়ে। জেমচ টুনিৰ মতে উপনিৱেশিকবাদে প্রাচীন সাংবিধানিকতাবাদ আৰু আধুনিক সাংবিধানিকতাবাদৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত সাংস্কৃতিক বিবাদৰ সৃষ্টি হৈছে।

কিমলিকাৰ, জেৰেমি ওৱালড্রন আৰু জেমচ টুলিৰ ওপৰিও এডৱাৰ্ড চেইডেৰ বহুসংস্কৃতিবাদৰ ধাৰণাটো গুৰুত্বপূৰ্ণ ধাৰণাসমূহৰ অন্যতম। এডৱার্ড চেইজে ১৯৯১ চনত ‘Orientalism: Western Conceptions of the Orient’ আৰু ১৯৯৩ চনত Cultural and Imperialism নামৰ গ্ৰন্থ দুখনত বহুসংস্কৃতিবাদৰ প্ৰসংগ উত্থাপন কৰিছিল। চেইডৰ মতে ৰাষ্ট্ৰ আৰু সমাজ তথা বিভিন্ন ৰাজনৈতিক গোষ্ঠীসমূহৰ মাজত সমন্ধ ৰক্ষাৰ ক্ষেত্ৰত সংস্কৃতিৰ এক গুৰুত্ব আছে।

জন ৰাউলচ বহুসংস্কৃতিবাদৰ এজন অন্যতম চিন্তাবিদ। তেওঁ ১৯৯৩ চনত প্ৰকাশিত Political Liberalism’ ৰ বহুসংস্কৃতিবাদৰ বিষয়ে বর্ণনা আগবঢ়াইছিল। তেওঁৰ মতে বহুসাংস্কৃতিবাদে সাংস্কৃতিক ভিন্নতাক গ্রহণ কৰি লৈছে। তেওঁৰ মতে সাংস্কৃতিক ভিন্নতা যুক্তিবাদী বহুত্ববাদৰ ওপৰত প্রতিষ্ঠিত হ’ব লাগিব। এনে যুক্তিবাদী ধাৰণাই উদাৰনৈতিক ৰাজনৈতিক অনুষ্ঠানবিলাকক শক্তিশালী কৰিব বুলি ৰাউলচে মত পোষণ কৰিছে। গতিকে ৰাউলচে বহুসংস্কৃতিবাদক উদাৰবাদৰ সৈতে সংলগ্ন কৰি ব্যাখ্যা কৰিছে।

20. Types of Multiculturalism.

Ans: বহুসংস্কৃতি বাদৰ প্ৰকাৰসমূহ : বহুসংস্কৃতিবাদৰ কিমলিকাৰ,পাৰেখ, গুৰপীত মহাজন, জন ৰাউলচ্, টুলি, ওৱালড্রন আদিৰ ধাৰণাসমূহৰ ভিত্তিত বহুসংস্কৃতিবাদক তিনিটা প্ৰকাৰত বিভক্ত কৰিব পাৰি। সেই প্ৰকাৰসমূহ হ’ল— 

(ক) ৰক্ষণশীল বহুসংস্কৃতি বাদ (Conservative Multiculturalism).

(খ) উধাৰ বহুসংস্কৃতিবাদ (Liberal Multiculturalism).

(গ) বামপন্থী উদাৰ বহুসংস্কৃতি বাদ (Left-Liberal Multiculturalism).

(ক) ৰক্ষণশীল বহুসংস্কৃতি বাদ (Conservative Multiculturalism): বহুসংস্কৃতিবাদৰ বিভিন্ন ধাৰণাসমূহৰ ভিতৰত ৰক্ষণশীল বহুসংস্কৃতিবাদ অন্যতম। ৰক্ষণশীল বহুসংস্কৃতিবাদে বিভিন্ন সংস্কৃতিৰ লোকক সমাজৰ পৰিৱৰ্তন নকৰাকৈ সমাজৰ সৈতে একত্ৰিত কৰাৰ কথা কয়। অর্থাৎ এই বহুসংস্কৃতিবাদ অনুসৰি সমাজৰ মূল সংস্কৃতিৰ একো পৰিৱৰ্তন নকৰাকৈ আন আন গোষ্ঠীসমূহেও নিজৰ নিজৰ সংস্কৃতি মানি চলিব পাৰে। ৰক্ষণশীল বহুসংস্কৃতিবাদে সংস্কৃতিক সর্বোচ্চা বুলি জ্ঞান কৰে। এই ধাৰণা অনুসৰি যিমান সম্ভব বিভিন্ন সংস্কৃতিসমূহ মূল সংস্কৃতিৰ লগত মিশ্ৰিত হ’ব আৰু তাৰ পাছত যদিহে মিশ্রণ সম্ভৱপৰ নহয় তেন্তে এক বহুৰঙী, গতিশীল সংস্কৃতিৰ সৃষ্টি কৰিব। ৰক্ষণশীল বহুসংস্কৃতিবাদৰ তিনিটা বৈশিষ্ট্য দেখা যায়। সেইসমূহ হ’ল ―

(১) ক্ষমতাৰ পৰা পৃথক নোহোৱাকৈ বর্ণবাদক অস্বীকাৰ কৰা। 

(২) বৈচিত্র্যতাৰ এক পাতল আৱৰণ।আৰু

(৩) বৈচিত্র্যতাক প্রান্তিকভাবে সম্মান কৰা।

(খ) উদাৰ বহুসংস্কৃতিবাদ (Liberal Multiculturalism): এই ধাৰণা অনুসৰি সকলোবোৰ গোষ্ঠী বা বর্ণ জন্মগতভাবে সমান। সকলো জনগোষ্ঠীৰ দক্ষতা একে। কিন্তু পৰিবেশ আৰু অভিজ্ঞতাই জনগোষ্ঠীসমূহৰ মাজত প্ৰভেদ সৃষ্টি কৰে। সামাজিক আৰু শৈক্ষিক দিশত থকা সহযোগৰ অভাৱ আৰু সুযোগৰ অসমতাই জনগোষ্ঠীসমূহৰ মাজত বৈচিত্র্যতাৰ সৃষ্টি কৰে।

উদাৰ বহুসংস্কৃতিবাদৰ প্ৰধান বৈশিষ্টসমূহ হ’ল– 

(১) এই ধাৰণাটোৱে বিশ্বাস কৰে যে বৌদ্ধিক দিশত সকলো বর্ণ বা জনগোষ্ঠী সমান।

(২) এই ধাৰণা অনুসৰি ব্যক্তিৰ স্বাধীনতাৰ বাবে ব্যক্তিৰ সংস্কৃতিৰ বিকাশ এটা পূর্বচত। 

(৩) সংখ্যালঘুৰ বাবে বিশেষ কিছুমান অধিকাৰ দিব লাগে বুলি এই ধাৰণাই বিশ্বাস কৰে।

(গ) বামপন্থী উদাৰ বহুসংস্কৃতিবাদ (Left-Liberal Multiculturalism): বহুসংস্কৃতিবাদৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰকাৰ হ’ল বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদ। এই বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদে সংস্কৃতিক ভিন্নতাত বিশ্বাস কৰে। এই ধাৰণাই ‘আন জনগোষ্ঠীসমূহৰ’ সংস্কৃতিক স্বাভাৱিক হিচাপে গ্ৰহণ কৰাৰ কথা কয়। ই প্রতিস্থিত নীতি আদৰ্শ প্রশ্ন নকৰাকৈ আন গোষ্ঠীসমূহৰ সদস্যতাক গ্ৰহণ কৰাৰ সমৰ্থন কৰে।

বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদৰ কিছুমান বৈশিষ্ট্য আছে। সেইবোৰ হ’ল―

(১) এই বহুসংস্কৃতিবাদে সাংস্কৃতিক ভিন্নতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে।

(২) বাওঁপন্থী বহুসংস্কৃতিবাদে সংস্কৃতিক সংকীর্ণভাৱে ব্যাখ্যা কৰিছে। 

(৩) এই ধাৰণাই এটা সংস্কৃতিৰ মাজতে থকা ভিন্নতাক গুৰুত্ব নিদিয়ে।

ওপৰত উল্লেখ কৰা তিনিটাই বহুসংস্কৃতিবাদৰ তিনিটা প্ৰধান প্ৰকাৰ।

21. Models of Multiculturalism.

Ans: বহুসংস্কৃতিবাদৰ আৰ্হিসমূহ (Models of Multiculturalism): বহুসংস্কৃতিবাদক কেন্দ্ৰ কৰি যিবোৰ বিষয়ে চৰ্চা লাভ কৰিছে। সেইসমূহৰ অন্যতম হ’ল বহুসংস্কৃতিবাদৰ আৰ্হিসমূহ। বিগত কেইটামান দশকত বিশ্বৰ বিভিন্ন দেশসমূহে নিজৰ সংবিধান সীমাবদ্ধতাৰ মাজত থাকি গণতন্ত্রৰ স্বাৰ্থত বহুসংস্কৃতিবাদী আদৰ্শক আকোৱালী লোৱা দেখা গৈছে। অৱশ্যে ৰাষ্ট্ৰভেদে বহুসংস্কৃতিবাদৰ আৰ্হিসমূহ বলেগ বেলেগ হোৱা দেখা গৈছে। বহুসংস্কৃতিবাদৰ চিন্তাবিদসকলৰ মাজতো বহুসংস্কৃতিক ৰাষ্ট্ৰ কেনে হ’ব লাগে তাৰ উমৈহতীয়া আদর্শ আহি থকা দেখা নাযায়। বহুসংস্কৃতিবাদৰ তত্ত্বসমূহ বা সংজ্ঞাসমূহ অধ্যয়ন কৰিলে এই কথা সহজেই বুজিব পৰা যায়।

বহুসংস্কৃতিবাদৰ বিকাশৰ ধাৰা অধ্যয়ন কৰিলেও দেখা যায় যে সময়ৰ পৰিবৰ্তনৰ লাগে লাগে বহুসংস্কৃতিবাদৰ প্ৰকৃতিৰে।পৰিৱৰ্তন হৈছে। এনে পৰিবৰ্তনৰ লগে লাগে বহুসংস্কৃতিবাদৰ প্ৰকৃতিৰো পৰিৱৰ্তন হৈছে। এনে পৰিবৰ্তনৰ ফলতেই বহুসংস্কৃতিবাদৰ কেইবাটাও আহি বিকশিত হোৱা দেখা গৈছে। অস্ট্রেলিয়া আৰু কানাডাৰ চৰকাৰে যি আহি বহুসংস্কৃতিবাদ ১৯৭০বা দশকত গ্ৰহণ কৰিছিল, বর্তমান বাস্তুসমূহে সেই একেই আহিক গ্ৰহণ কৰা দেখা নাযায়। ঠিক সেইদৰে উত্তৰ আমেৰিকা, ফ্রান্স আদি দেশসমূহে গ্ৰহণ কৰা অষ্ট্ৰেলিয়া আৰু কানাডাৰ সৈতে একে নহয়। ৰাষ্ট্ৰসমূহৰ দৰেই বহুসংস্কৃতিবাদৰ পণ্ডিতসকলৰো বহুসংস্কৃতিবাদৰ আৰ্হি সম্পর্কে ভিন্নতা দেখা পোৱা যায়। অর্থাৎ কিমলিকাৰৰ চিন্তাধাৰাত বি পাঁচ প্ৰকাৰৰ সংখ্যালঘু গোষ্ঠী সংস্কৃতিৰ উল্লেখ পোৱা যায়, সেই একেই আহিৰ উল্লেখ লেখিকা গুৰদ্ৰীত মহাজনৰ লেখনিত বা ভিক্ষু পাৰেখৰ লেখনিত পোৱা নাযায়। গতিকে বহুসংস্কৃতিবাদৰ বিভিন্ন আহি আছে বুলি ক’ব পৰা যায়।

বহুসংস্কৃতিবাদৰ আহি সম্পৰ্কে চিন্তাবিদসকলৰ মাজত পাৰ্থক্য থকাৰ বাবেই উমৈহতীয়া আৰ্হি দেখা পোৱা নাযায়। তথাপি বুজিবলৈ সহজ হোৱাকৈ আমি বহুসংস্কৃতিবাদক দুটা আহিত বিভক্ত কৰিব পাৰোঁ। সেই আৰ্হি দুটা হ’ল—

(১) বহুসংস্কৃতিবাদৰ প্ৰাচীন আৰ্হি।আৰু

(২) বহুসংস্কৃতিবাদৰ নতুন আৰ্হি / নতুন বহুসংস্কৃতিবাদ

(১) বহুসংস্কৃতি বাদৰ প্ৰাচীন আৰ্হি (Old Model of Multiculturalism) D বহু সংস্কৃতিবাদৰ প্রাচীন আহিয়ে বহুসংস্কৃতিবাদৰ এক দুৰ্বল ধাৰণাৰ সমৰ্থন কৰে। এই ধাৰণাই প্ৰকৃতাৰ্থত সম্পূর্ণভাৱে এক বহুসাংস্কৃতিবাদৰ প্ৰাচীন আৰ্হি অনুসৰি এখন বহুসাংস্কৃতিক সমাজত ৰাজহুৱা জীৱনত এটা গোষ্ঠীৰ সংস্কৃতি সংখ্যাগৰিষ্ঠ গোষ্ঠীৰ সংস্কৃতিত মিহলি হৈ যায়। অৱশ্যে ব্যক্তিগত জীৱনত জনগোষ্ঠীটোৱে নিজৰ সংস্কৃতি সুৰক্ষিত কৰিব পাৰে। অর্থাৎ প্রাচীন বহুসংস্কৃতিবাদী আৰ্হি অনুসৰি ব্যক্তিৰ ব্যক্তিগত বিষয়সমূহত ব্যক্তিয়ে নিজৰ সংস্কৃতি ত্যাগ কৰিব নালাগে, কিন্তু ৰাজহুৱা বিষয়সমূহত ব্যক্তিয়ে নিজৰ সংস্কৃতি ত্যাগ কৰি এক সংমিশ্ৰিত সংস্কৃতিৰ সদস্য হৈ পৰিব।

প্রাচীন বহুসংস্কৃতিবাদ কেৱল একমাত্রিক। অর্থাৎ প্রাচীন বহুসংস্কৃতিবাদে সংস্কৃতিৰ বিভিন্ন দিশবোৰক একেলগে গুৰুত্ব নিদিয়ে। সকলোবোৰ সংস্কৃতিৰ সকলোবোৰ দিশ সমান বুলি এই ধাৰণাই গণ্য নকৰে। গতিকে সমাজ বা ৰাষ্ট্ৰই সকলোবোৰ দিশক গ্ৰহণ নকৰে। প্ৰাচীন বহুসংস্কৃতিবাদ একমাত্রিক হোৱাৰ বাবে এটা জনগোষ্ঠীৰ যিকোনো এটা দিশত বহুসংস্কৃতিক স্বীকৃত প্ৰদান কৰাটোৱে পৰ্যাপ্ত বুলি জ্ঞান কৰে।

প্রাচীন বহুসংস্কৃতিবাদে বর্ণ শ্রেনী বা লিংগ, এই তিনিওটাৰ যিকোনো এটা দিশতহে গুৰুত্ব দিয়ে। অর্থাৎ এখন বহুসংস্কৃতিবাদী সমাজ বর্ণ শ্রেণী অথবা লিংগৰ দিশতহে বহুসংস্কৃতিক হ’ব পাৰে। যিহেতু প্রাচীন বহুসংস্কৃতিবাদ একমাত্রিক, গতিকে এই তিনিওটা গোটে একেলগে এখন বহুসাংস্কৃতিক সমাজ গঠন কৰিব নোৱাৰে। 

প্রাচীন বহুসংস্কৃতিবাদক পাত্ৰ আৰ্হি বুলিও ক’ব পৰা যায়। প্রাচীন বহুসংস্কৃতিবাদ ভৌগোলিকভাৱে সীমাবদ্ধ। ইয়াত সংস্কৃতি এটা ভৌগোলিক চাৰিসীমাৰ ভিতৰতে আবদ্ধ হৈ থাকে। অর্থাৎ, নির্দিষ্ট ভূ খণ্ডৰ বাহিৰৰ সংস্কৃতিক প্রাচীন বহুসংস্কৃতিবাদী আৰ্হিয়ে স্বীকৃতি প্রদান নকৰে। এখন সমাজ বা ৰাষ্ট্ৰ নিৰ্দিষ্ট ভূ-খণ্ডত থকা গোষ্ঠীসমূহৰ সংস্কৃতিৰ বাহিৰে বাহিৰে সাংস্কৃতিক ৰাষ্ট্ৰই গ্ৰহণ নকৰে। সেয়ে এই আৰ্হিকে আবদ্ধ বাকচৰ আৰ্হিৰ সংস্কৃতিবাদ বুলিও কোৱা হয়।

22. Critique of Multiculturalism. 

Ans: বহু সংস্কৃতিবাদৰ সমালোচনা (Critique of Multiculturalism) বহুসংস্কৃতিবাদ ৰাজনৈতিক মতাদর্শই সমসাময়িক উদাৰ নৈতিক গণতান্ত্রিক ৰাজনৈতিক ব্যৱস্থাৰ ত্রুটিপূর্ণ দিশসমূহ আঙুলিয়াই দেখুওৱাৰ লগতে ভাৰতবৰ্ষৰ দৰে বহু সংস্কৃতিসম্পন্ন সমাজত গণতন্ত্র আৰু সামাজিক ন্যায়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ক্ষুদ্র বিভিন্ন সাংস্কৃতিক গোটবিলাকৰ স্বকীয় স্বকীয় পৰিচয় অক্ষুণ্ণ ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আন কথাত ক’বলৈ হ’লে কোনো এখন সমাজ ব্যৱস্থাত সাংস্কৃতিকভাৱে প্ৰতিটো সাংস্কৃতিক গোটে নাৰ্য্যতা প্রাপ্তিৰ কাৰণে বহুসংস্কৃতিবাদী পদক্ষেপ গ্রহণ কৰাটো নিতান্তই প্রয়োজনীয়।যিহেতু সম্প্রত্তি অধিকাংশ সমাজ ব্যৱস্থাতে সাংস্কৃতিকভাবে ভিন্নধর্মী গোট তথা সম্প্রদায়বিলাকৰ উপস্থিতি দেখিবলৈ পোৱা গতিকে এনে পৰিস্থিতিৰ প্ৰেক্ষাপটত বহুসংস্কৃতিবাদৰ গুৰুত্ব তথা জনপ্রিয়তা অত্যধিকভাৱে বৃদ্ধি পোৱাৰ উপক্ৰম হৈছে অৱশ্যে এই ৰাজনৈতিক মতাদৰ্শৰ বিভিন্ন ত্রুটিপূর্ণ দিশ দেখিবলৈ পোৱা যায় কাৰণে বহু সময়ত এই মতাদর্শটোৱে সমালোচনাৰ সন্মুখীন হৈআছে। 

এই আঁসোৱাহসমূহ তলত উল্লেখ কৰা হ’ল—

(১) পৰিসৰৰ সংকীর্ণতা (Limited Scope): সমালোচকসকলৰ মতে, বহুসংস্কৃতিবাদে এখন সমাজত মাত্রায়িত অনগ্ৰসৰ গৌটসমূহৰ । ক্ষেত্ৰত থকা বৈষম্যমূলক আচৰণ তথা অসমতা দূৰীকৰণ অর্থেগ্রহণ কৰা পদক্ষেপসমূহ কেৱল সাংস্কৃতিক ক্ষেত্রখনতেই সীমাবদ্ধ কৰি ৰাখিব বিচাৰিছে যিয়েই বহুসংস্কৃতিবাদৰ পৰিসৰ সংকুচিত কৰি তুলিছে। উদাৰতাবাদী গণতান্ত্রিক ৰাষ্ট্র তথা সমাজ ব্যৱস্থাত মাত্রায়িত গোটসমূহৰ অসমতা দূৰীকৰণৰ বাবে বহুদিশধর্মী নীতি অবলম্বন কৰিব লগা হয়। কিন্তু ইয়াৰ বিপৰীতে বহুসংস্কৃতিবাদে বৈষম্য দূৰীকৰণৰ বিষয়টো কেৱল সাংস্কৃতিক দৃষ্টিকোণৰ পৰা আলোচনা কৰা পৰিলক্ষিত হয়। সমালোচক সকলৰ মতে, বহুসংস্কৃতিবাদ প্রাসংগিকতা এক সংকীর্ণ পৰিসৰৰ মাজত গ্রহণযোগ্য নহয়।

(২) গোট বিশেষৰ অধিকাৰ নাথাকে: বহুসংস্কৃতিবাদ আদর্শৰ সৈতে জড়িত সংস্থা গঠন আৰু বিবেকৰ স্বাধীনতাৰ ওপৰত সমালোচকসকলে প্রশ্ন উত্থাপন কৰিছে, সন্থা গঠন আৰু বিবেকৰ স্বাধীনতাৰ দৰে দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ হ’লে সাংস্কৃতিক গোটসমূহৰ বিশেষ সুৰক্ষাৰ পৰিৱৰ্তে ব্যক্তিৰ সন্থা গঠন, বিবেকৰ স্বাধীনতাৰ অধিকাৰকহে সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তা আছে। চন্দ্ৰন কুকাথাচৰ মতে সমাজত গোটবিশেষ কোনো অধিকাৰ নাথাকে। ৰাষ্ট্ৰই সাংস্কৃতিক গোটবিলাকক বিশেষ সুৰক্ষা আৰু অধিকাৰ প্ৰদান কৰি নিজৰ পৰিসীমা অতিক্ৰম কৰিছে। কিয়নো ৰাষ্ট্ৰই বাক্তিগত অধিকাৰহে ৰক্ষণাবেক্ষণ দিব লাগে, গোট বিশেষৰ নহয়।

(৩) ৰাষ্ট্ৰীয় ঐক্য সংহতিৰ পৰিপন্থী: (Detrimental to National Unity) সমালোচকসকলৰ মতে,বহুসংস্কৃতিবাদৰ ৰাষ্ট্ৰীয় এক্য আৰু সংহতিৰ পৰিপন্থী। ৰাষ্ট্ৰীয় সমাজৰ স্খলনৰ সূচনা কৰি ৰাষ্ট্ৰীয় সত্বাৰ প্ৰতি চৰম বিপৰ্যয়ৰ সৃষ্টি কৰিছে বুলি সমালোচকসকলে যুক্তি দশাইছে। তেওঁলোকৰ মতে, বহুসংস্কৃতিবাদীসকলে বিভিন্ন সাংস্কৃতিক গোট সমূহে স্বকীয় সাংস্কৃতিক সত্বা আৰু পৰিচয় অক্ষুণ্ণ ৰাখি পাৰস্পৰিক প্ৰভাৱ আৰু সহযোগিতাৰ নীতি অনুসৰণ কৰা বুলি যি দাবী কৰিছে সেই মূল্যবোধ কিমানদূৰ স্থায়ী আৰু সমাজৰ পক্ষে সমাদৃত হ’ব সেয়া সম্পূর্ণৰূপে সন্দেহৰ আৱৰ্তত।

(৪) পুনঃবিতৰণৰ ৰাজনীতিৰ গুৰুত্ব হ্রাস (Decline of Politics of redistribution): বহুসংস্কৃতিবাদৰ বিৰুদ্ধে আন এক সমালোচনা হ’ল যে এই ভাবাদর্শটোৱে স্বীকৃতিৰ ৰাজনীতি (Politics of recognition)ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি পুনঃবিতৰণৰ ৰাজনীতিৰ গুৰুত্ব হাস কৰা পৰিলক্ষিত হয়। বহুসংস্কৃতিবাদৰ অন্যতম সমালোচক বি. বেৰীৰ মতে, বহুসংস্কৃতিবাদে ক্ষুদ্র ক্ষুদ্র সাংস্কৃতিক গোটবিলাকৰ স্বীকৃতিৰ ৰাজনীতিৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। সম্পদ পুনঃবিতৰণৰ ৰাজনীতিৰ ওপৰত গুৰুত্ব নিদিয়ে। তেওঁ কৈছে যে স্বীকৃতিৰ ৰাজনীতিয়ে মানুহৰ সমমর্যদাৰ ক্ষেত্ৰত থকা অসমতাৰ বিৰোধীতা কৰে আৰু লগতে তাৰ প্রতীকী সমাধানৰহে পোষকতা কৰে। আনহাতেদি,সম্পদ পুনঃবিতৰণৰৰ ৰাজনীতিয়ে অর্থনৈতিক ক্ষেত্ৰত থকা অসমতাৰ বিৰোধীতা কৰে আৰু সমাজৰ অৰ্থনৈতিক পুনঃ গঠনত গুৰুত্ব আৰোপ কৰে। বহুসংস্কৃতিবাদৰ তাত্বিকসকলে অর্থনৈতিক অসমতাৰ বিৰুদ্ধে মতপোষণ কৰাৰ বিপৰীতে কেৱল সাংস্কৃতিক অন্যায়ৰ বিপক্ষেহে যুক্তি দর্শোৱা পৰিলক্ষিত হয় বুলি সমালোচকসকলে যুক্তি দৰ্শাইছে।

(৫) জাতি বা ৰাষ্ট্ৰক দুর্বল কৰিছে: বহুসংস্কৃতিবাদে জাতি-ৰাষ্ট্ৰৰ ধাৰণাটোক দুর্বল কৰা বুলি সমালোচকসকলে যুক্তি দৰ্শাইছে। বহুসংস্কৃতিবাদে সাংস্কৃতিক একত্ৰীকৰণৰ পৰিৱৰ্তে ভিন্নতাক উৎসাহ যোগোৱাৰ জৰিয়তে জাতীয়-ৰাষ্ট্ৰৰ বাবে প্ৰয়োজনীয় আনুগত্যক বিভক্ত কৰাৰ সম্ভাৱনা কোনো প্রকাৰে নুই কৰিব নোৱাৰি। প্ৰকৃতাৰ্থত সাংস্কৃতিক গোটবিলাকৰ মাজৰ সাংস্কৃতিক ভিন্নতাই ৰাষ্ট্ৰ তথা জাতি গঠনৰ প্ৰক্ৰিয়া সবলীকৰণৰ পৰিৱৰ্তে দুর্বল কৰাতহে অৰিহণা যোগোৱা বুলি সমালোচকসকলে মন্তব্য আগবঢ়াইছে।

(৬) জাতীয়তাবাদৰ বিৰোধী মনোবৃত্তিৰ উদ্রেক হোৱাত সহায়ক হয় — সমালোচকসকলে বহুসংস্কৃতিবাদৰ ধাৰণাটোৱে জাতীয়তা বিৰোধী মনোবৃত্তিৰ উদ্ৰেক হোৱাত অৰিহণা যোগোৱা বুলি যুক্তি দৰ্শাইছে। জাতীয় ঐক্য সংহতিৰ লক্ষ্যত উপনীত হোৱাত বহুসংস্কৃতিবাদে প্রতিবন্ধকতাৰ সৃষ্টি কৰে। বহুসংস্কৃতিবাদৰ বিৰুদ্ধে নানাধৰণৰ সমালোচনা উত্থাপিত হ’লেও ইয়াৰ গুৰুত্ব কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি। গণতান্ত্রিক ৰাষ্ট্ৰ ব্যৱস্থাত প্ৰতিটো সাংস্কৃতিক গোটৰ সাংস্কৃতিক সুৰক্ষিত হ’লেহে গণতন্ত্ৰৰ ভেঁটি শক্তিশালী হ’ব। উদাৰতাবাদী গণতান্ত্রিক ব্যৱস্থাত বহুসংস্কৃতিবাদে সংখ্যালঘু তথা বিশেষ সাংস্কৃতিক গোটবিলাকৰ বিশেষ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ পোষকতা কৰি এক শক্তিশালী সমাজ গঠনৰ পোষকতা কৰিছে। এনেদৰে গণতান্তিক ৰাষ্ট্ৰত বৰকৰা সাংস্কৃতিক গোটবিলাকৰ স্বকীয় সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত হ’লেহে গণতান্ত্রিক ব্যৱস্থাটো অধিক শক্তিশালী আৰু সাফল্যমণ্ডিত হ’ব। 

23. New Multiculturalism.

Ans: নতুন বহুসংস্কৃতিবাদ ( New Multiculturalism): বহুসংস্কৃতিবাদৰ দ্বিতীয়টো আৰ্হি হ’ল নতুন বহুসংস্কৃতিবাদ। এই আৰ্হিক বহুসংস্কৃতিবাদৰ এটা শক্তিশালী আৰ্হি বুলি গণ্য কৰা হয়। বহুসংস্কৃতিবাদৰ নতুন আৰ্হিয়ে প্ৰকৃতাৰ্থত সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতিক ৰাষ্ট্ৰ বা সমাজে গ্ৰহণ কৰাৰ কথা কয়। অর্থাৎ, এই আৰ্হি অনুসৰি ব্যক্তিগত ‘জীৱন আৰু সামাজিক জীৱন, দুয়ো ক্ষেত্ৰতে ৰাষ্ট্ৰ বা সমাজে ব্যক্তিৰ সংস্কৃতিক মান্যতা প্রদান কৰিব লাগিব। এখন সমাজ বা ৰাষ্ট্ৰৰ সংস্কৃতিয়ে ব্যক্তিগত আৰু সামাজিক, দুয়ো পৰিৱেশতে সকলো জনগোষ্ঠীৰ সংস্কৃতিক গ্ৰহণ কৰিব লাগিব।

নতুন বহুসংস্কৃতিবাদৰ আৰ্হি বহুমাত্রিক। অর্থাৎ, এই আৰ্হিয়ে কেৱল এটা দিশৰ ওপৰত নিৰ্ভৰ কৰি এখন বহুসংস্কৃতিবাদী সমাজ প্রতিষ্ঠা কৰাটো নিবিচাৰে। বৰঞ্চ এই আৰ্হি অনুসৰি সকলোবোৰ দিশ সামৰি এখন প্ৰকৃত বহুসংস্কৃতিবাদী সমাজ বা ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰে । বহুসংস্কৃতিবাদৰ নতুন আৰ্হি বহুপ্রাসংগিক। অর্থাৎ, কেৱল এটা প্ৰসংগৰে বহুসংস্কৃতিক সমাজ প্রতিষ্ঠাৰ পৰিৱৰ্তে এই আৰ্হিয়ে বিভিন্ন প্ৰসংগৰ ভিত্তিত এখন বহুসংস্কৃতিবাদী সমাজ গঠন হোৱাটো বিচাৰে।

নতুন বহুসংস্কৃতিবাদৰ আৰ্হিয়ে বৰ্ণ শ্ৰেণী আৰু লিংগ, এই তিনিওটা দিশতে এখন বহুসাংস্কৃতিক সমাজ প্রতিষ্ঠা হোৱাটো বিচাৰে। অৰ্থাৎ নতুন বহুসংস্কৃতিবাদী আৰ্হি অনুসৰি এখন ৰাষ্ট্ৰ বা সমাজত সকলো বর্ণ সকলো শ্ৰেণী অৰু সকলো লিংগৰ সভ্যতা তথা সংস্কৃতি সুৰক্ষিত হ’ব লাগিব। সমাজখনে সকলো বর্ণ সকলো শ্রেণী আৰু সকলো লিংগৰ সভ্যতাক সমান আখ্যা দিব লাগিব। এটা লিংগ শ্ৰেণী বা বৰ্ণৰ সভ্যতাই আনৰ সভ্যতাক দমন বা নাশ কৰিব নোৱাৰিব।

বহুসংস্কৃতিবাদৰ নতুন আৰ্হি প্ৰাচীন আৰ্হিৰ দৰে বন্ধ নহয়। অর্থাৎ এই আৰ্হিয়ে কেৱল এটা নির্দিষ্ট ভূ-খণ্ডব সংস্কৃতিক স্বীকৃতি নিদিয়ে। ৰাষ্ট্ৰৰ বা সমাজব চাৰিসীমাৰ বাহিৰৰ সংস্কৃতিও ৰাষ্ট্ৰৰ আন সংস্কৃতিৰ সৈতে সমান। এনে নতুন বহুসংস্কৃতিবাদে নতুনকৈ প্ৰব্ৰজিত হোৱা জাতি জনগোষ্ঠীৰ সংস্কৃতি আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ সক্ষম হয়।।

প্রাচীন বহুসংস্কৃতিবাদ আৰু নতুন বহুসংস্কৃতিবাদ, এই দুয়োটা আৰ্হি অধ্যয়ন কৰিলে দেখা যায় যে প্রাচীন বহুসংস্কৃতিবাদৰ আহি সংকীৰ্ণ আহি। আনহাতে নতুন বহুসংস্কৃতিবাদৰ আৰ্হি বহল আৰু বহুমাত্রিক। বহুসংস্কৃতিবাদৰ প্ৰাচীন আৰ্হি আৰু নতুন আৰ্হিৰ দুয়োটাই বহুসংস্কৃতিবাদৰ কিছুমান পৰিৱেশৰ কথা কয়। সেইবোৰ তলত আলোচনা কৰা হ’ল—

বৰ্ণসংকৰতাঃ (Hybridity): অতি সহজ অৰ্থত বর্ণসংকৰতাৰ অৰ্থ হ’ল মিশ্রণ। প্রথম অৱস্থাত বর্ণসংকৰতা শব্দটো জীৱবিজ্ঞানত ব্যৱহৃত হৈছিল। পৰৱৰ্তি সময়ত ভাষা, নৃতত্ত্ব, সংস্কৃতি অধ্যয়ন আদিতো এই শব্দৰ প্ৰয়োগ আৰম্ভ হ’ল। নিজৰ মূল অৱস্থাৰ পৰা আতৰি আহি উন্নত অৱস্থা লাভ কৰাকে চমুকৈ বৰ্ণসংকৰতা বুলি ক’ব পৰা যায়। সংস্কৃতিৰ

ক্ষেত্ৰত এটা সমুদায় বা বৰ্ণৰ সংস্কৃতিয়ে মূল অৱস্থা এৰি আন উন্নত সংস্কৃতিৰ পৰশ পাই উন্নত হোৱাই বর্ণসংকৰতা।।

চিভনি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা নাটাল্যা লাচটিয়ে বৰ্ণসংকৰতাৰ বিষয়ে কৈছে যে দুটা বেলেগ বেলেগ বৰ্ণৰ মাজৰ মিশ্ৰণেই হৈছে বৰ্ণসংকৰতা । তেওঁ কৈছে যে “Hybridity is a cross between two separate races, plants or culture”। অর্থাৎ, দুটা পৃথক পৃথক সংস্কৃতি মিলিত হে এক বর্ণসংকৰ সংস্কৃতিৰ সৃষ্টি হ’ব পাৰে। অতীজৰে পৰা দুটা পৃথক পৃথক সংস্কৃতি মিশ্ৰিত হৈ বৰ্ণসংকৰ সংস্কৃতিৰ সৃষ্টি হৈ আহিছে। গতিকে ই একো নতুন ঘটনা নহয়। বাণিজ্য, আক্রমণ, বিদেশী ধাৰণাৰ গ্ৰহণ বিজ্ঞানৰ প্ৰসাৰ, আদৰ্শ আৰু দৰ্শনৰ প্ৰসাৰ আদিৰ ফলত বৰ্ণসংকৰ সভ্যতাৰ সৃষ্টি হয়।

বহুসংস্কৃতিবাদ আৰু বর্ণসংকৰতাৰ মাজত সম্পর্ক আছে। এখন ৰাষ্ট্ৰ বা সমাজত বহুতো জাতি, গোষ্ঠী বা বর্ণৰ লোক থাকিলে আৰু সকলো জাতিৰে সভ্যতা সংস্কৃতিক সমমর্যাদা প্রদান কৰিলে এখন বহুসংস্কৃতিক সমাজৰ সৃষ্টি হয়। এখন বহুসাস্কৃতিক সমাজত এটা জনগোষ্ঠীয়ে আন জনগোষ্ঠীৰ সংস্কৃতিক সন্মান কৰে। জনগোষ্ঠীসমূহৰ মাজত এক ভাল সামাজিক সম্পর্ক গা কৰি উঠে। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ সংস্কৃতি সভ্যতাৰ প্ৰতি আকর্ষিত হয়। সমসাময়িকভাৱে আনৰ ভাল সংস্কৃতিসমূহ আকোৱালি লয়। অর্থাৎ, এটা জনগোষ্ঠীৰ সংস্কৃতি আন জনগোষ্ঠীলৈ বিয়পি যায় বা প্ৰসাৰিত হৈ যায়। এই প্ৰসাৰণ স্বতঃস্ফুর্ত। এনে ঘটনাত সাধাৰণতে এটা জনগোষ্ঠীৰ ভাল দিশসমূহে আন জনগোষ্ঠীয়ে গ্রহণ কৰে। এনেদৰেই দুটা জনগোষ্ঠীৰ সংস্কৃতি মিশ্ৰিত হৈ বৰ্ণসংস্কৰ সংস্কৃতিৰ সৃষ্টি হয়। এনে স্বতঃস্ফূর্ত বৰ্ণসংকৰ সংস্কৃতি কেৱল বহুসংস্কৃতিবাদতহে সম্ভৱপৰ হয়। সামাজিক সংস্কাৰ, শিক্ষাৰ প্ৰভাৱ, যোগাযোগ আৰু যাতায়তৰ উন্নয়নে বর্ণসংকৰ সংস্কৃতিৰ সৃষ্টিত অৰিহণা যোগাইছে। গতিকে এখন বহুসংস্কৃতিবাদ সমাজত তাত্ত্বিকভাৱে প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ ভাষা সংস্কৃতি সুৰক্ষিত কৰিবলৈ সক্ষম হয় যদিও বাস্তৱত ই এক বর্ণসংকৰ সংস্কৃতিৰ ৰূপ ধাৰণ কৰে। গতিকে বহুতে বর্ণসংকৰতাক বহুসংস্কৃতিবাদৰ এটা আৰ্হি বুলিও গণ্য কৰে।

বর্ণসংকৰ বহুসংস্কৃতিবাদত দেখা যায় যে এটা জনগোষ্ঠীয়ে নিজৰ সংস্কৃতিসমূহ ত্যাগ কৰি আনৰ সু-সংস্কৃতি গ্ৰহণ কৰি এক নতুন সংস্কৃতিৰ সৃষ্টি কৰে। এনে কৰাৰ ফলত যদিও সমুদায়টো নিজৰ মূল সংস্কৃতিৰ পৰা আতৰি যায় তথাপি তেওঁলোকে নিজকে শোষিত বুলি গণ্য নকৰে। এই বর্ণসংকৰ সংস্কৃতি বিশ্বজনীন হ’ব পাৰে। এই নতুন বর্ণসংকৰ সংস্কৃতিত সংখ্যালঘু, সংখ্যাগুৰু সংস্কৃতি নাথাকে।

সাংবিধানিক বিচিত্রতা (Constitutional Diversity) : বহুসংস্কৃতিবাদৰ লগত জৰিত আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল সাংবিধানিক বিচিত্রতা। বহু লোকে সাংবিধানিক বিচিত্ৰতাক বহুসংস্কৃতিবাদৰ এটা আৰ্হি বুলিও গণ্য কৰে। সাংবিধানিক বিচিত্ৰতাৰ অৰ্থ হ’ল সংবিধানৰ জৰিয়তে জনগোষ্ঠীসমূহৰ বৈচিত্র্যময় সংস্কৃতিক ৰক্ষা কৰা ৷

সাংবিধানিক বিচিত্রতাই এখন দেশক সাংবিধানিকভাৱে বহুসাংস্কৃতিক কৰে। অৰ্থাৎ, এখন দেশৰ সংবিধানৰ নীতি-নিয়মসমূহৰ ক্ষেত্ৰত সকলো গোষ্ঠীৰ সংস্কৃতিক সমান গুৰুত্ব দিয়া নহয়। সাংবিধানিক বিচিত্ৰতাৰ অৰ্থ হ’ল দেশখনৰ সংবিধানখন সংখ্যাগুৰু জনগোষ্ঠীৰ প্ৰতি পক্ষপাতিত্বমূলক নহয়। দেশৰ সংবিধানে সকলো জনগোষ্ঠীক সমান ব্যৱহাৰ কৰিব আৰু সকলো জনগোষ্ঠীৰ সভ্যতা আৰু সংস্কৃতিৰ ভিত্তিত দেশখনৰ সংবিধান পৰিচালিত হ’ব।

সংবিধানিক বিচিত্রতা আৰ্হি অনুসৰি বিচিত্ৰতাৰে পূৰ্ণ নীতি-নিয়মক সংবিধানে স্বীকৃতি প্রদান কৰিব আৰু সংবিধানে সকলো জাতি-গোষ্ঠীৰ সংস্কৃতিক সন্মান কৰি নীতি-নিয়মসমূহ বলবৎ কৰিব।

এখন ৰাষ্ট্ৰ বা সমাজত কেইবাটাও জাতি বা জনগোষ্ঠী আছে। এই জাতি বা জনগোষ্ঠীসমূহৰ নিজা নিজা কিছুমান সংস্কৃতি থাকে। এনে

পৰিবেশত সাংবিধানিক বিচিত্রতা আৰ্হিৰ বহু সংস্কৃতিবাদে প্ৰতিটো জাতিৰে নিজা নিজা ৰীতি-নীতিৰে সমাজ পৰিচালনাৰ সুবিধা প্ৰদান কৰিব।

সাধাৰণতে দেখা যায় যে এখন সমাজে সহজেই বহুসংস্কৃতিবাদৰ আদর্শক আকোৱালী নলয়। সদায় সংখ্যাগুৰু তথা শক্তিশালী সংস্কৃতিয়ে দুৰ্বল সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে। সাংবিধানিক বিচিত্রতাই আইনগতভাৱে তেনে কৰাত বাধা আৰোপ কৰে। অর্থাৎ, সমাজখন স্বতঃস্ফুর্তভাৱে বহুসাংস্কৃতিক নহ’লেও ৰাষ্ট্ৰৰ নীতি-নিয়মসমূহ বহুসংস্কৃতিক হ’ব।

সাংবিধানিক বিচিত্রতাই বহুসংস্কৃতিবাদক এক চৰকাৰী আঁচনি হিচাপে গ্ৰহণ কৰে। অৰ্থাৎ, চৰকাৰৰ কাম-কাজ যিহেতু সংবিধান অনুসৰি পৰিচালিত হ’ব, গতিকে বহুসংস্কৃতিক সংবিধান এখনে চৰকাৰৰ বহুসাংস্কৃতিক নীতি গ্রহণ কৰিবলৈ বাধ্য কৰাব পাৰিব।

ৰাষ্ট্ৰ ব্যৱহাৰ উত্থানৰ সময়ত প্ৰায়বোৰ ৰাষ্টই এক জাতি, এক ৰাষ্ট্ৰ ধাৰণা গ্ৰহণ কৰিছিল। পৰৱৰ্তি সময়ত বহু ৰাষ্ট্ৰই নিজৰ সংবিধান সংশোধন কৰি বহুসংস্কৃতিক নীতিসমূহ গ্ৰহণ কৰিলে। গতিকে সাংবিধানিক বিচিত্রতা এটা নতুন ধাৰা বুলি ক’ব পাৰি। কানাডা, অস্ট্রেলিয়া আদি ৰাষ্ট্ৰসমূহে প্রথমে সাংবিধানিক বিচিত্ৰতা নীতি গ্ৰহণ কৰা দেখা গৈছে। সাংবিধানিক বিচিত্রতা আৰ্হিৰ বহুসংস্কৃতিবাদে সমাজখন বহুসংস্কৃতিবাদী নহ’লেও ৰাষ্ট্ৰৰ সংবিধানখন বহুসংস্কৃতিবাদৰ ওপৰত প্ৰতিস্থিত কৰি জাতি-জনগোষ্ঠীসমূহৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰে।

সাংস্কৃতিক সদস্যতাৰ অধিকাৰ (Right to Cultural Membership): বহুসংস্কৃতিবাদৰ লগত জৰিত এটা গুৰুত্বপূর্ণ বিষয় হ’ল ‘সাংস্কৃতিক সদস্যতাৰ অধিকাৰ। বহুসংস্কৃতিবাদে ব্যক্তিৰ সংস্কৃতিক অধিকাৰক সুৰক্ষিত কৰে। এখন সমাজৰ প্ৰতিজন ব্যক্তিৰে সংস্কৃতিক সন্মান কৰা বহুসংস্কৃতিবাদৰ আদৰ্শ। বহুসংস্কৃতিবাদ অনুসৰি সমাজখনৰ সংস্কৃতি কেৱল সংখ্যাগুৰু জনগোষ্ঠীৰ সংস্কৃতি নহয়। বৰঞ্চ সকলোবোৰ জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ সংমিশ্রণ হৈ বৃহত্তৰ সংস্কৃতিৰ সৃষ্টি হ’ব। এই বহুসংস্কৃতিবাদী সমাজত প্ৰতিজন ব্যক্তিয়ে বৃহত্তৰ সংস্কৃতিৰ সদস্য হ’ব। গতিকে প্রতিজন ব্যক্তিয়ে সংস্কৃতিক সদস্যতাৰ অধিকাৰ উপভোগ কৰিব।

আমেৰিকাৰ সমাজবিজ্ঞানী জেফনে আলেকজেণ্ডাৰে কৈছিল যে নৈতিক আদৰ্শ আৰু সামাজিক অসমতাৰ লগত জৰিত সমস্যাসমূহ বুজাত সংস্কৃতিক সদস্যতাই সহায় কৰে। সাংস্কৃতিক সদস্যতাৰ জৰিয়তে জনসাধাৰণৰ মাজৰ বিশ্বাস, সামাজিক বাধ্যবাধকতা আৰু সামাজিক অনুক্ৰমৰ বিষয়ে বুজিব পৰা যায়। সাংস্কৃতিক সদস্যতা আনুস্থানিক সদা এজন ব্যক্তি কোনো এক সংস্কৃতিৰ সদস্য হয় নে নহয়, তাক আইনগতভাৱে নিৰ্ধাৰণ কৰা নহয়। সত্যতা বা বৈধতাৰ ভিত্তিতহে ব্যক্তিৰ সংস্কৃতিক সদস্যতা নিৰ্ধাৰণ কৰা হয়। সাংস্কৃতিক সদস্যতাই এটা সংস্কৃতিৰ ভাল সদস্য আৰু বেয়া সদসাৰ মাজত প্ৰভেদ সৃষ্টি কৰে।

সাংস্কৃতিক সদস্যতা ধাৰণাৰ লগত ‘কাল্পনিক সমুদায়ৰ ধাৰণা সম্পৰ্ক দেখা যায়। প্রখ্যাত লেখক বেনেদিও এণ্ডাৰচনে ( Benedict Anderson) কাল্পনিক সমুদায় ধাৰণা অনুসৰি সমুদায় ধাৰণাটো সম্পূর্ণ কাল্পনিক। বাস্তৱত সমুদায়ৰ অস্তিত্ব নাই। ঠিক সেইদৰে সাংস্কৃতিক সদস্যতাও এটা কাল্পনিক ধাৰণা।

গতিকে আৰ্হি হিচাপে বহুসংস্কৃতিবাদৰ সাংস্কৃতিক সদস্যতাৰ অধিকাৰে ব্যক্তিক এটা সংস্কৃতিৰ অধিকাৰ প্ৰদান কৰাৰ সমৰ্থন কৰে। অর্থাৎ, ব্যক্তি এজন সংখ্যালঘু সমুদায়ৰ হ’লেও তেওঁ নিজৰ সংস্কৃতি ৰক্ষাৰ অধিকাৰ লাভ কৰিব। প্রতিজন ব্যক্তিৰে নিজৰ সংস্কৃতিৰ সদস্য তে বাৰ অধিকাৰ থাকিব। ব্যক্তিজনক নিজৰ সংস্কৃতি ত্যাগ কৰি আনৰ সংস্কৃতি গ্ৰহণ কৰাৰ বাবে বাধ্য কৰাব নোৱাৰিব।

24. Meaning and Definition of Multiculturalism.

Ans: বহু সংস্কৃতিবাদৰ অৰ্থ আৰু সংজ্ঞা: (Meaning and Definition of Multiculturalism)E, অৰ্থগত দিশৰ পৰা চালে বহু সংস্কৃতিবাদ হৈছে বিভিন্ন সাংস্কৃতিক জনগোষ্ঠীৰ সম অধিকাৰ, সম-মযদি আৰু সামাজিক সুৰক্ষা তথা সমতা আৰু সামাজিক ন্যায়ৰ স্বীকৃতি প্ৰদানৰ এক মতাদর্শ। বহু সংস্কৃতিবাদে বিভিন্ন সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু সমবিকাশৰ ধাৰণ প্রদান কৰে। বহু সংস্কৃতিবাদে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতি সন্মান, সংৰক্ষণ, সাংস্কৃতিক, বৈচিত্ৰ্যাৰ উপযুক্ত আইনগত বা সাংবিধানিক সুৰক্ষা, সকলো জনগোষ্ঠীৰ সম-অধিকাৰৰ স্বীকৃতি প্রদান, সকলো ধৰ্ম্মীয় ভাষিক আৰু নৃগোষ্ঠীসমূহৰ নিজা নিজা স্বকীয় সত্বা, স্বাধীনত ৰক্ষণাবেক্ষণৰ বাবে উপযুক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰা আদি ধাৰণাক সূচায়। অৰ্থত, ৰাষ্ট্ৰত বসবাস কৰি থকা বিভিন্ন সাংস্কৃতিক জাতি-জনগোষ্ঠী সমূহৰ পৃথক সাংস্কৃতিক সত্ত্বা আৰু ক্ষুদ্ৰ জাতীয় সম্বাসমূহক সাংবিধানিক স্বীকৃতিপ্ৰদানৰ ধাৰণাকে “বহু সংস্কৃতিবাদ “বুলি অভিহিত কৰা হয় ।

বহু সংস্কৃতিবাদৰ অৰ্থ আৰু সংজ্ঞাঃ (Meaning and Definition of Multiculturalism)E. অৰ্থগত দিশৰ পৰা চালে বহু সংস্কৃতিবাদ হৈছে বিভিন্ন সাংস্কৃতিক জনগোষ্ঠীৰ সম অধিকাৰ, সম-মযদি আৰু সামাজিক সুৰক্ষা তথা সমতা আৰু সামাজিক ন্যায়ৰ স্বীকৃতি প্ৰদানৰ এক মতাদর্শ। বহু সংস্কৃতিবাদে বিভিন্ন সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু সমবিকাশৰ ধাৰণা প্ৰদান কৰে। বহু সংস্কৃতিবাদে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতি সন্মান, সংৰক্ষণ, সাংস্কৃতিক, বৈচিত্ৰ্যাৰ উপযুক্ত আইনগত বা সাংবিধানিক সুৰক্ষা, সকলো জনগোষ্ঠীৰ সম-অধিকাৰৰ স্বীকৃতি প্রদান, সকলো ধৰ্ম্মীয় ভাষিক আৰু নৃগোষ্ঠীসমূহৰ নিজা নিজা স্বকীয় সত্বা, স্বাধীনত ৰক্ষণাবেক্ষণৰ বাবে উপযুক্ত ব্যবস্থাবলী গ্ৰহণ কৰা আদি ধাৰণাক সূচায়। অৰ্থত, ৰাষ্ট্ৰত বসবাস কৰি থকা বিভিন্ন সাংস্কৃতিক জাতি-জনগোষ্ঠী সমূহৰ পৃথক সাংস্কৃতিক সত্ত্বা আৰু ক্ষুদ্ৰ জাতীয় সম্বাসমূহক সাংবিধানিক

স্বীকৃতিপ্ৰদানৰ ধাৰণাকে “বহু সংস্কৃতিবাদ “বুলি অভিহিত কৰা হয়।

সংজ্ঞা (Definition) বহু সংস্কৃতিবাদৰ বিভিন্ন সংজ্ঞা আছে। ষ্টেফ’ৰ্ড ডিক্সনাৰী অৱ ফিলছফী (Standard Dictionary of Philosophy) ৰ মতে বহুসংস্কৃতিবাদ হৈছে, “সাংস্কৃতিক আৰু ধৰ্মীয় বৈচিত্যক সহাঁৰি জনোৱাৰ কাৰণে এক সঠিক পথ সম্পৰ্কে ৰাজনৈতিক দৰ্শনৰ এক চিন্তাধাৰা।” (“Multiculturalism is a body of thought in Political Philosophy about the proper way to respond to cultural and religious diversity”

Oxford English Dictionary) ৰ মতে সংস্কৃতিবাদ হ’ল “এখন বহুসংস্কৃতিসম্পন্ন সমাজৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু নীতি বা প্ৰক্ৰিয়া যত এনে ধৰণৰ সমাজত থকা সাংস্কৃতিক গোটবিলাকৰ স্বতন্ত্রমূলক আত্ম পৰিচয়ৰ ৰক্ষণাবেক্ষণ দিয়ে অথবা সমর্থন আগবঢ়ায়। (Multiculturalism is the characteristics of a multicultural society and the policy or process whereby the distinctive identities of the cultural groups within such a society are maintained or supported)

Augi Flarus ৰ মতে, বহুসংস্কৃতিবাদ হ’ল ‘সমাজত বিভিন্নতাক এক ন্যায়সংগত আৰু অভিন্ন উপাদান হিচাপে উপযোগী কৰি তুলিবলৈ গ্ৰহণ কৰা নীতি, আঁচনি আৰু কাৰ্যৰ এক সমষ্টি (Multiculturalism is a set of principles, polities and practise for accomodating diversity as a legitimate and integral component of society)

যি কি নহওক, ওপৰৰ সংজ্ঞাকেইটা বিশেষণ কৰি চালে বিভিন্ন ধর্মীয় গোট, ভাষিক সংখ্যালঘু জনগোষ্ঠী সমূহৰ মাজত স্থায়ী সামাজি আৰু সাংস্কৃতিক সম্পর্ক প্ৰতিষ্ঠাৰ বাবে খিলঞ্জীয়া আৰু প্ৰবজন হৈ অহা লোকসকলৰ মাজৰ আন্তঃসংযোগ গঢ়ি তোলাৰ প্ৰক্ৰিয়াটোকেই ‘বহুসংস্কৃতিবাদ’ বুলি অভিহিত কৰিব পাৰি। বহুসংস্কৃতিবাদে বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ মাজৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সম্পর্ক বৃদ্ধি কৰি প্ৰতিটো জাতি জনগোষ্ঠীবিলাকক এক শক্তিশালী সমাজ গঢ়াৰ কামত ঐক্যবদ্ধ হোৱাত অৰিহণা যোগায়। ‘বহুসংস্কৃতিবাদ’ৰ ধাৰণাটো প্রধানত ক্ষুদ্র সংখ্যালঘু জাতি-জনগোষ্ঠীবিলাকৰ অধিকাৰ আৰু স্বকীয় সাংস্কৃতিক সন্ধা সুৰক্ষাৰ লগত জড়িত। ৰাজনৈতিক ক্ষেত্ৰত বহু সংস্কৃতিবাদে “অস্তিত্বৰক্ষাৰ ৰাজনীতি”। “বিভিন্নতাৰ ৰাজনীতি” (Politics of Diversity) তথা স্বীকৃতিৰ ৰাজনীতি (Politics of Recognition) আদি ধাৰণাৰ লগত জড়িত হৈ আছে। এনেদৰে ক্ষুদ্র ক্ষুদ্র সংখ্যালঘু জাতি জনগোষ্ঠীবিলাকৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সমতা সুৰক্ষাৰ বৈধতা স্থাপন কৰাই বহু সংস্কৃতিবাদৰ প্ৰধান লক্ষ্য।

সমসাময়িক সামাজিক কালত এক অৱধাৰণা হিচাপে ‘বহু সংস্কৃতিবাদ” দুটা মূল নীতিৰ আধাৰত প্ৰতিষ্ঠিত-প্ৰথমটো নীতি অনুসৰি বহুসংস্কৃতিবাদত বিভিন্ন সংস্কৃতিৰ মাজত আন্তসংযোগ, আন্তত্ত্বক্রিয়া সাংস্কৃতিক বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিভিন্ন সংস্কৃতিৰ মাজৰ সম্বন্ধক সাংস্কৃতিক ভিন্নতা হাস কৰি বহুসংস্কৃতিবাদ গঢ়ি তুলিব পাৰি। দ্বিতীয়টো নীতি অনুসৰি বৈচিত্যতা আৰু সাংস্কৃতিক একত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সাংস্কৃতিক বিচ্ছিন্নতাই এটা জাতিৰ স্থানীয় স্বকীয় সংস্কৃতিৰ নিজস্বতা বজাই ৰাখি বিশ্ব সাংস্কৃতিক বৈচিত্ৰ্যতাৰ গাঠনিত বহু সংস্কৃতিবাদে অৰিহণা যোগাব পাৰে। মুঠৰ ওপৰত সংস্কৃতিৰ বিশেষণ আৰু পাৰস্পৰিক সংযোগ বহুসংস্কৃতিবাদৰ এক বিশ্বজনীন বৈশিষ্ট্য।

25. Characteristics of Multiculturalism.

Ans: বহুসংস্কৃতি বাদৰ বৈশিষ্ট্য : (Characteristics of Multiculturalism): বহুসংস্কৃতিবাদৰ অৱধাৰণাটো ভালদৰে বিশেষণ কৰিলে ইয়াৰ কেতবোৰ মৌলিক বৈশিষ্ট্য পৰিলক্ষিত হয়। 

(ক) সাংস্কৃতিক বিচিত্ৰতাক সমৃদ্ধি প্ৰদান কৰা: বহু সংস্কৃতিবাদৰ প্রধান চৰিত্ৰ হৈছে সাংস্কৃতিক বিভিন্নতাক সুৰক্ষা প্রদান কৰা প্রত্যেকসমাজত অনেক সাংস্কৃতিক সমল আছে। এই উপাদানবোৰৰ নিজ নিজ জীৱন-শৈলী আছে। বৈচিত্র্যতাপূর্ণ জীৱন- শৈলীৰ সংৰক্ষণ আৰু সমৃদ্ধিদানেই হ’ল বহুসংস্কৃতিবাদৰ মূল লক্ষ্য।

(খ) সংখ্যালঘূৰ সাংস্কৃতিক সুৰক্ষা: বহুসংস্কৃতিবাদে সংখ্যালঘু শ্ৰেণা বা গোষ্ঠীৰ অধিকাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। সংখ্যালঘু গোষ্ঠীর সংস্কৃতি যাতে বৃহৎ সংস্কৃতিৰ প্ৰভাৱত নাইকিয় হৈ নাযায় তাৰ বাবে সংখ্যালঘু গোষ্ঠীৰ সংস্কৃতিসমূহৰ সুৰক্ষাৰ বাবে যোগাত্মক পদক্ষেপৰ সহায়ত অধিক ব্যবস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(গ) সামাজিক ন্যায়ৰ ভিত্তিত প্রতিস্থিত: বহুসংস্কৃতিবাদ আৰু সামাজিক ন্যায়ৰ মাজত আত্মিক সম্পর্ক বিদ্যমান সামাজিক ন্যায়ৰ অনুপস্থিতিত বহুসংস্কৃতিবাদ জীয়াই থাকিব নোৱাৰে। সামাজিক ন্যায় আৰু বহুসংস্কৃতিবাদৰ সম্পৰ্কৰ বিষয়ে যথাস্থানত বহুলভাবে আলোচনা কৰা হৈছে।

(ঘ) অসমতাৰ অনুপস্থিতি: বহুসংস্কৃতিবাদী সমাজত অসমতাৰ অনুপস্থিতি লক্ষ্য কৰা যায়। অর্থাৎ চৰকাৰী আঁচনি বা সমাজ ব্যৱস্থাত কোনো সাংস্কৃতিক সমূহক উচ্চ আৰু আন সাংস্কৃতিক সমূহক নিম্ন স্তৰৰ বুলি গণ্য কৰা নহয়। অর্থাৎ, সকলো সাংস্কৃতিক গোষ্ঠীকে সমান মর্যাদাৰে চোৱা হয়।

(৬) একক সংস্কৃতিৰ বিৰোধিতা: বহু সংস্কৃতিবাদে একক সংস্কৃতিৰ বিৰুদ্ধাচৰণ কৰে কাৰণ একক সাংস্কৃতিক সমাজত কোনো সংস্কৃতিয়ে অন্যান্য সংস্কৃতিক নিয়ন্ত্ৰণ কৰাৰ লগতে তেনে সংস্কৃতিৰ বিকাশতো বাধা প্রদান কৰে কেৱল এয়ে নহয়, আনকি একক সংস্কৃতিপূর্ণ সমাজত দেখা যায় যে ৰাষ্ট্ৰ, আইন, বিদ্যালয় আদিৰ মাধ্যমেৰে মাত্ৰ এটা সংস্কৃতিৰে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰা হয়। বহুসংস্কৃতিবাদে এনে কৌশলৰ তীব্র বিৰোধিতা কৰি এখন সহনশীল সমাজৰ পোষকতা উপভোগ কৰাৰ লগতে অন্য সংস্কৃতিৰ প্ৰতিও একে সন্মানৰ মনোভাব পোষণ কৰে।

(চ) ব্যক্তিৰ পৰিচয় হিচাবে সংস্কৃতিক প্রাধান্য: বহুসংস্কৃতিবাদে ব্যক্তিৰ পৰিচয় হিচাবে এক গুৰুত্বপূর্ণ উপাদান হিচাবে চিহ্নিত কৰিছে। বহুসংস্কৃতিবাদৰ সমৰ্থকসকলৰ মতে, মানুহৰ লগত সংস্কৃতিৰ অভিন্ন সম্পর্ক আছে। সংস্কৃতিৰ প্ৰভাৱক বাদ দি মানুহ থাকিব নোৱাৰে। সেয়েহে ব্যক্তিৰ সাংস্কৃতিক পৰিচয়কো সমানে গুৰুত্ব প্ৰদান কৰা উচিত।

(ছ) সাংস্কৃতিক অধিকাৰ প্ৰদানৰ দাবী: বহুসংস্কৃতিবাদে ৰাজনৈতিক কৰ্তৃত্বৰ ওচৰত সাংস্কৃতিক অধিকাৰ প্ৰদানৰ দাবী উত্থাপন কৰে। তেওঁলোকৰ মতে, ব্যক্তিৰ অন্যান্য অধিকাৰৰ লগতে সাংস্কৃতিক অধিকাৰো অতি গুৰুত্বপূৰ্ণ অধিকাৰ। প্ৰতিজন ব্যক্তিয়ে নিজৰ সংস্কৃতি সুৰক্ষা তথা পালন কৰাৰ অধিকাৰ পোৱাৰ ওপৰত বহুসংস্কৃতিবাদে যথোচিত গুৰুত্ব প্রদান কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top