Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ২

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 5 Political Theory and Practice – II Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – 2 Question Answer can be of great value to excel in the examination.

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ –

Join Telegram channel

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ –

POLITICAL SCIENCE

UNDERSTANDING POLITICAL THEORY

ৰাজনৈতিক তত্ত্ববোধ

1. Give a characteristic of democracy.

Ans: গণতন্ত্রৰ এটা প্রধান বৈশিষ্ট্য হৈছে ইয়াত সংখ্যাগৰিষ্ঠৰ শাসন প্রচলন হয়। সংখ্যাগৰিষ্ঠ ৰাজনৈতিক দলে বা নিৰ্বাচনত সংখ্যাগৰিষ্ঠ পোৱা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে।

2. Give a distinct difference between authoritarian government and Totalitarian government.

Ans: দুয়োবিধ চৰকাৰৰ মাজৰ এটা প্রধান পার্থক্য হৈছে কর্তৃত্ববাদী চৰকাৰত জনসাধাৰণক ৰাজনৈতিক কার্যত অংশগ্ৰহণৰ সুবিধা দিয়া নহয়। ব্যক্তিজীৱনৰ সকলো ক্ষেত্ৰতে কর্তৃত্ববাদে নিয়ন্ত্রণ নকৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

অন্যহাতেদি সর্বাত্মকবাদত ৰাষ্ট্ৰই ব্যক্তি জীৱনৰ সকলো ক্ষেত্ৰতে নিয়ন্ত্রণ কৰে। Total বা সামগ্রিকভাৱে ৰাষ্ট্ৰই নিয়ন্ত্রণ কৰা বাবে এনে চৰকাৰক সর্বাত্মক চৰকাৰ বোলে।

3. Give an example of authoritarian government and totalitarian government.

Ans : ইৰাণত কৰ্তৃত্ববাদী চৰকাৰ আছে। হিটলাৰৰ আমোলত জার্মানীৰ ফেচিষ্ট সর্বাত্মকবাদ আছিল।

4. What kind of government can be called about the Taliban government of Afghanistan ?

Ans: এই চৰকাৰক সর্বাত্মক চৰকাৰ আখ্যা দিব পাৰি। 

5. What kind of dictatorship is prevailing in China ?

Ans: চীনত সৰ্বহাৰাৰ একনায়কত্ববাদৰ প্ৰচলন আছে। 

6. If the power is more centralised, it is called……. 

and if the power is less centralised, it is called…..

Ans: বেছি কেন্দ্ৰীকৰণ হ’লে সর্বাত্মকবাদ আৰু কম কেন্দ্রীকৰণ হ’লে কর্তৃত্ববাদ বোলে।

7. Where does the authority reside in democracy and authoritarian Government ? 

Ans: গণতন্ত্রত কর্তৃত্ব জনসাধাৰণৰ হাতত থাকে আৰু কৰ্তৃত্ববাদত কর্তৃত্ব এক মুষ্টিমেয় লোকৰ হাতত থাকে। কৰ্তৃত্ব সামৰিক শ্রেণী বা ৰাজনৈতিক দলৰ হাতত থাকিব পাৰে।

8. From which word and language the term authority derive ?

Ans: বোমান শব্দ Auctoritusৰ পৰা authority বা কর্তৃত্ব শব্দৰ উৎপত্তি হৈছে।

9. Give a name of a country where direct democracy, prevalls. 

Ans: চুইজাৰলেণ্ড।

10. Give three elements of direct democracy.

Ans: প্রত্যক্ষ গণতন্ত্রৰ উপাদান তিনিটা হ’ল— গণপ্রস্তাব, গণভোট আৰু পুনৰ আহ্বান।

11. Which continents are generally included in the third world democracy ?

Ans: এছিয়া, আফ্রিকা মহাদেশৰ আৰু লেটিন আমেৰিকাৰ দেশসমূহত এনে গণতন্ত্র আছে।

12. Democracy is a Government of the people, by the people and for the people- Who said this ? 

Ans: আব্রাহাম লিংকনে কৈছিল।

13. In what type of democracy the mixed economy prevails ?

Ans:  তৃতীয় বিশ্বৰ গণতনতন্ত্ৰত এনে অর্থনীতিৰ প্ৰচলন আছে।

14. The Western Liberal democracy lays importance to liberty than equality- Is it right ?

Ans: শুদ্ধ।

15. Mention two Characteristics of Western democracy.

Ans: (১) পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰৰ এটা প্রধান বৈশিষ্ট্য হ’ল ই বজাৰ ভিত্তিক সমাজৰ মুক্ত প্রতিযোগিতাৰ ওপৰত নিৰ্ভৰশীল। আৰু 

(২) ইয়াত পছন্দৰ স্বাধীনতা আছে।

16. Mention one condition for the success of federation.

Ans: জনসাধাৰণৰ ইচ্ছা যুক্তৰাষ্ট্ৰ কৃতকার্যতাৰ প্ৰধান চৰ্ত। যুক্তৰাষ্ট্ৰত যোগদান কৰিবলৈ হ’লে গোটসমূহে নিজস্ব স্বাধীনতা আৰু বৈশিষ্ট্যবোৰ ৰক্ষা হ’ব বুলি বিশ্বাস কৰিব লাগিব। তেহে জনসাধাৰণৰ ইচ্ছা হ’ব।

17. Mention one centralising tendency of modern federation. 

Ans: যুদ্ধ ৰাজনীতি কেন্দ্ৰীকৰণৰ এটা প্রধান প্ৰৱণতা। দেশৰ প্ৰতিৰক্ষা বা যুদ্ধ প্রস্তুতিৰ বাবে শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজন হয়। কেন্দ্ৰীয় প্ৰৱণতাৰ ই এটা প্রধান কাৰণ।

18. Give definition of federation.

Ans: K.C. Whareৰ মতে “যুক্তৰাষ্ট্ৰ হৈছে এটা সীমাৰ ভিতৰত কেন্দ্ৰীয় আৰু আঞ্চলিক চৰকাৰ বিলাকক সমন্বয় আৰু স্বতন্ত্ৰ কৰি ৰাখিবলৈ ক্ষমতা বিভাজন কৰা এটা পদ্ধতি।”

19. Mention two other names of the modern federation. 

Ans: আধুনিক যুক্তৰাষ্ট্ৰক Co-operative federation আৰু কেন্দ্ৰীকৰণ যুক্তৰাষ্ট্ৰ (Centralised federation) বুলিও কোৱা হয়।

20. What are the kinds of democracy? 

Ans: দুই প্ৰকাৰৰ— প্রত্যক্ষ গণতন্ত্র আৰু পৰোক্ষ গণতন্ত্র। 

21. Give a definition of democracy.

Ans: আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি লিংকনৰ মতে― “Democracy is a government of the people, by the people and for the people”.

22. Give a name of a country where direct democracy prevails.

Ans: চুইজাৰলেণ্ড।

23. Give three elements of direct democracy.

Ans: প্রত্যক্ষ গণতনতন্ত্ৰৰ উপাদান তিনিটা হল— গণপ্রস্তাৱ, গণভোট আৰু পুনৰ আহ্বান। 

24. Which continents are generally included in the third world democracy?

Ans: এনে গণতন্ত্র আছে। এছিয়া, আফ্রিকা মহাদেশৰ আৰু লেটিন আমেৰিকাৰ দেশ সমূহত

25. Where does the communist democracy exist?

Ans: চীন প্রজাতন্ত্রত আছে।

26. Mention two characteristics of Western Liberal democracy.

Ans: ১. এনে শাসন ব্যৱস্থাত এটা ৰাজনৈতিক দলৰ প্ৰাধান্য নাথাকে। বিভিন্ন ৰাজনৈতিক দলৰ মাজত ক্ষমতা দখলৰ প্ৰচেষ্টা চলে।

২. গোপনীয়তা অৱলম্বন নকৰাকৈ মুক্তভাৱে নির্বাচন অনুষ্ঠিত কৰিবলৈ, গণতান্ত্রিক পদ্ধতিৰে নেতা নির্বাচন কৰিবলৈ, গণতান্ত্রিক পদ্ধতিৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হয়।

27. Democracy is a Government of the people, by the people and for the people- Who said this?

Ans: আব্রাহাম লিংকনে কৈছিল।

28. In what type of democracy the mixed economy prevails?

Ans: তৃতীয় বিশ্বৰ গণতন্ত্রত এনে অর্থনীতিৰ প্ৰচলন আছে।

29. The Western Liberal democracy lays importance to liberty than equality – Is it right?

Ans: শুদ্ধ।

30. Mention one defect of direct democracy.

Ans: প্রত্যক্ষ গণতন্ত্রত জনসাধাৰণ নিৰক্ষৰ হ’লে এক শ্রেণী শিক্ষিত মানুহৰ অভিজাততন্ত্ৰৰ প্ৰচলন হয়।

31. Give an example of authoritarian government and totalitarian government.

Ans: ইৰানত কৰ্তৃত্ববাদী চৰকাৰ আছে। হিটলাৰৰ আমোলত জার্মানীত ফেচিষ্ট সর্বাত্মকবাদ আছিল। 

32. Mention two characteristics of authoritarian Government.

Ans: (১) ইয়াত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ঠাইত কেন্দ্ৰীকৰণ কৰা হয়।

(২) এনে চৰকাৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধ নহয়।

33. Where are be quick decision taken-in a authoritarian Government or in a democracy ? 

Ans: কর্তৃত্ববাদত ক্ষীপ্র সিদ্ধান্ত গ্রহণ কৰিব পাৰি।

34. From which word and language the term authority derive? 

Ans : ৰোমান শব্দ Auctoritusৰ পৰা authority বা কর্তৃত্ব শব্দৰ উৎপত্তি হৈছে।

35. To establish authority what important factor is essential?

Ans : কৰ্তৃত্বৰ প্ৰতিষ্ঠাৰ বাবে বৈধতাৰ অতি প্রয়োজন।

36. Mention two sources of authority. 

Ans: কর্তৃত্বৰ দুটা উৎস হৈছে – যুক্তি আৰু জ্ঞান।

37. Who said that democracy is the worst from the Government ?

Ans: এবিষ্ট’টলে।

38. The democracy based on open competition and market economy is called ?

Ans: পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্র।

39. When and where did the first Marxist democracy establish ?

Ans: ১৯১৭ চনত ছোভিয়েট ৰুছিয়াত প্রতিষ্ঠা হৈছিল। 

40. How many parties generally exist in the Marxist democracy ?

Ans : এটাই কমিউনিষ্ট দল থাকে।

Essay Type Question ( 10 mark each)

1. Define democracy. Discuss the conditions for the success of democracy.

Ans: গ্রীক ভাষাৰ শব্দ ‘Demos’ আৰু ‘Cratos’ৰ পৰা ইংৰাজী Democracy শব্দ উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হ’ল জনসাধাৰণ আৰু ক্ষমতা। সেইবাবে জনসাধাৰণৰ শাসনকে গণতন্ত্র বোলা হয়।

এৰিষ্টটলৰ মতে গণতনতন্ত্র বহুলোকৰ শাসন ব্যৱস্থা। আৰু ই নিকৃষ্টতম চৰকাৰ।

আমেৰিকাৰ ভূতপূর্ব ৰাষ্ট্ৰপতি লিংকনৰ মতে— “Democracy a government of the people, by the people and for the people.” 

চিলিৰ মতে “গণতন্ত্র হ’ল একপ্ৰকাৰৰ চৰকাৰ য’ত প্ৰত্যেকৰ অংশগ্ৰহণৰ সুবিধা থাকে।”

ক্ৰিপছৰ মতে— “গণতনতন্ত্র এনে এবিধ চৰকাৰৰ পদ্ধতি যত প্রত্যেকজন প্রাপ্তবয়স্ক নাগৰিকে নিজস্ব মতামত আৰু আকাংক্ষা প্রকাশ কৰিবলৈ সমানভাবে মুক্ত।”

লিওচেৰ মতে— “গণতন্ত্র হ’ল আলাপ-আলোচনাৰে পৰিচালিত চৰকাৰ।”

মার্ক্সৰ মতে— “সকলোৰে মুক্ত পদ্ধতিৰ বাবে প্ৰত্যেকৰে মুক্ত প্রগতি চৰ্ত থকা এটা সন্থা।” গণতন্ত্ৰত সৰ্বহাৰা একনায়কত্ববাদৰ নেতৃত্বত শোষণহীন সমাজ থাকিব।

গণতন্ত্র কৃতকার্যতাৰ বাবে প্রয়োজনীয় চৰ্তসমূহ :

গণতন্ত্ৰৰ সাফল্যৰ কেইটামান প্রধান চৰ্ত আছে। এই চৰ্তসমূহ হ’ল―

১. জনসাধাৰণৰ ইচ্ছা: গণতন্ত্র কৃতকার্য হ’বলৈ হ’লে জনসাধাৰণৰ নৈতিক চৰিত্ৰ উন্নত হ’ব লাগিব আৰু তেতিয়াহে গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ আগ্রহ থাকিব। জনসাধাৰণৰ ইচ্ছা, আস্থা আৰু সমৰ্থন নাথাকিলে গণতন্ত্র কৃতকার্য হ’ব নোৱাৰে। ইচ্ছা থাকিলেহে মানুহে সেই ব্যৱস্থাৰ প্ৰতি সমর্থন দিয়ে।

২. নাগৰিক অধিকাৰ: গণতনতন্ত্ৰ জনসাধাৰণৰ চৰকাৰ। জনসাধাৰণৰ অধিকাৰ থাকিলে আৰু অধিকাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা থাকিলে গণতন্ত্ৰৰ প্ৰতি মানুহৰ আস্থা থাকে। অধিকাৰে জনসাধাৰণৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। অযথা হস্তক্ষেপ নকৰিলে জনসাধাৰণৰ গণতন্ত্রৰ প্রতি আস্থা বাঢ়ে। এনেদৰে গণতন্ত্র সফল হ’ব পাৰে।

৩. উন্নত শিক্ষা ব্যবস্থা: উন্নত শিক্ষা ব্যবস্থা থাকিলে জনসাধাৰণক গণতান্ত্রিক পৰম্পৰাৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যায়। উন্নত শিক্ষা ব্যৱস্থাই মানুহক অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সচেতন কৰি তোলে। ই মানুহক ৰাজনৈতিক, সামাজিক সমস্যাসমূহ বুজি পোৱাত সহায় কৰে। সেইবাবে উপযুক্ত শিক্ষা ব্যৱস্থা গণতন্ত্র কৃতকার্যতাৰ প্ৰধান চৰ্ত। অজ্ঞ আৰু অশিক্ষিত মানুহে গণতন্ত্রক মূর্খ মানুহৰ শাসনত বা কর্তৃত্ববাদী শাসনত পৰিণত কৰিব পাৰে।

৪. নাগৰিকৰ কৰ্তব্য: নাগৰিকসকলে অধিকাৰৰ প্ৰতি সচেতন হোৱাৰ দৰে তেওঁলোকৰ কৰ্তব্যৰ প্ৰতিও সচেতন হ’ব লাগিব। যদি প্রত্যেক ব্যক্তিয়ে নিজৰ কৰ্তব্য, দেশৰ প্ৰতি থকা কর্তব্য পালন কৰে, তেন্তে গণতন্ত্র কৃতকার্য হ’বই। কেৱল নিজৰ অধিকাৰৰ প্ৰতি সচেতন হৈ কৰ্তব্যৰ প্ৰতি অৱহেলা কৰিলে স্থবিৰতা আহি পৰিব। অৰাজকতাই দেখা দিব। গণতন্ত্র বিফল হ’বলৈ বাধ্য হ’ব।

৫. ৰাজনৈতিক চেতনাবোধ: দেশৰ জনসাধাৰণে দেশৰ সমস্যাৰাজিৰ প্ৰতি সচেতন হ’লে গণতন্ত্র কৃতকার্য হয়। আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহত বিভিন্ন ভাষা, ধর্ম, উপজাতি থাকে। দেশৰ যেনেকৈ সমস্যা থাকে, বিভিন্ন গোষ্ঠীসমূহৰ মাজতো সমস্যা থাকে। আলাপ আলোচনাৰ যোগেদি, সহিষ্ণুতাৰ মাজেদি সমস্যা সমাধান কৰিব পাৰি। সেইবাবে ৰাজনৈতিক চেতনাবোধ থাকিলে গণতনতন্ত্র কৃতকার্য হয়। চেতনাবোধ থাকিলে জনসাধাৰণে গণতন্ত্রৰ প্ৰহৰীৰূপে কাম কৰিব পাৰে। ৰাজহুৱা কামৰ প্ৰতি সচেতন নহ’লে সুবিধাবাদীয়ে সংকীর্ণ স্বার্থ পূৰণ কৰিব।

৬. সুস্থ সবল জনমত: জনমত গঠনৰ যোগেদি জনসাধাৰণে চৰকাৰৰ স্বেচ্ছাচাৰিতাক বাধা দিব পাৰে। নিৰপেক্ষ বাতৰি কাকত, আলোচনীয়ে চৰকাৰৰ হেমাহি, দুর্নীতি আৰু অশুভ দিশবোৰ আঙুলিয়াই দি জনমত গঠনত সহায় কৰে। অন্যান্য প্ৰচাৰ মাধ্যম, সভা-সমিতিয়ে জনমত গঠন কৰে। জনসাধাৰণৰ সুস্থ জনমতে যেনেকৈ দেশৰ সামগ্রিক মংগলৰ পথ প্রদর্শন কৰে তেনেকৈ চৰকাৰৰ স্বেচ্ছাচাৰী প্ৰৱণতাক বাধা দি গণতন্ত্রক ৰক্ষা কৰে। সেই কাৰণেই কোৱা হয় Eternal vigilance is the Price of democracy জনমতৰ হেঁচাত সেও মানি চৰকাৰে জনসাধাৰণৰ ইচ্ছামতে কাম কৰিবলৈ বাধ্য হয়।

৭. ৰাজনৈতিক দল: শক্তিশালী বিৰোধী দল থাকিলে গণতন্ত্র কৃতকার্য হ’ব পাৰে। শক্তিশালী বিৰোধী দল থাকিলে শাসনত থকা দলৰ কাৰ্যকলাপত চকু ৰাখিব পাৰে। গঠনমূলক পৰামৰ্শ আগবঢ়াব পাৰে। চৰকাৰৰ কাৰ্যব্যৱস্থাত ভুল-ত্রুটি থাকিলে সমালোচনাৰ যোগেদি আঙুলিয়াই দিব পাৰে। চৰকাৰৰ দুৰ্নীতি আৰু দায়িত্বজ্ঞানহীন কার্যক বাধা দিব পাৰে। এনেদৰে ৰাজনৈতিক দলে গণতনতন্ত্ৰৰ কৃতকার্যতাত সহায় কৰে।

৮. সংখ্যালঘুৰ স্বাৰ্থ ৰক্ষা: এখন গণতান্ত্রিক দেশত সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘিষ্ঠ গোট থাকে। বিভিন্ন ভাষিক সংখ্যালঘু, ধর্মীয় সংখ্যালঘু, উপজাতি আৰু গোষ্ঠী আদিয়ে গণতান্ত্রিক দেশত অংশগ্রহণ কৰে। সংখ্যাগৰিষ্ঠ লোকসকলৰ স্বাৰ্থ ৰক্ষা কৰিলে সকলো জনগোষ্ঠীৰ সমর্থনত গণতন্ত্র কৃতকার্য হ’ব পাৰে। পক্ষপাতিত্ব থাকিলে গণতন্ত্র কৃতকার্য নহয়।

৯. ক্ষমতা বিকেন্দ্ৰীকৰণ: কেন্দ্ৰীয় চৰকাৰৰ হাতত অধিক ক্ষমতা থাকিলে জনসাধাৰণৰ ৰাজহুৱা বিষয়বিলাকৰ প্ৰতি আকর্ষণ কমি যায়, আমোলাতন্ত্ৰৰ ক্ষমতা বাঢ়ি যায়। স্থানীয় সমস্যাসমূহৰ প্ৰতি চৰকাৰে যথাযোগ্য মনোযোগ দিব নোৱাৰে। স্থানীয় সমস্যাসমূহ সমাধানৰ বাবে স্থানীয় প্রশাসনৰ ব্যৱস্থা কৰিলে, আৰু ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিলে জনসাধাৰণে শাসনত অংশগ্ৰহণৰ সুবিধা পায়। গণতনতন্ত্র কৃতকাৰ্যতাৰ বাবে সেইবাবে ক্ষমতা বিকেন্দ্ৰীকৰণ এটা প্রধান চৰ্ত।

১০. অর্থনৈতিক সমতা: অভাৱ-অনাটনৰ পৰা মুক্ত হ’ব। নোৱাৰিলে গণতন্ত্ৰ কৃতকার্য হ’ব নোৱাৰে। অৰ্থনৈতিক সমতা প্রতিষ্ঠা কৰিবলৈ হ’লে এক মুষ্টিমেয় মানুহৰ হাতত অৰ্থনৈতিক ক্ষমতা কেন্দ্রীভূত হৈ থাকিব নালাগিব। সমাজৰ সৰহসংখ্যক লোক দৰিদ্ৰ হ’লে আৰু এমুঠিমান লোক বিত্তবান হ’লে অর্থনৈতিক বৈষম্য সৃষ্টি হয়। এনে পৰিৱেশত অভাবগ্রস্ত লোকসকলে শাসনত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে। কেতিয়াবা ধনৰ প্ৰলোভনত অসৎ কামত প্রবৃত্ত হয়। ধনীসকলে ৰাজনৈতিক সুবিধা আদায় কৰে। সেইবাবে অর্থনৈতিক সমতা থাকিলেহে ৰাজনৈতিক স্বাধীনতাৰ অৰ্থ থাকিব পাৰে। তেতিয়াহে গণতন্ত্র কৃতকার্য হ’ব পাৰে।

2. Discuss the merits and demerits of democracy.

Ans: গণতন্ত্র বা ইংৰাজীৰ Democracy শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। বর্তমান যুগত গণতন্ত্রক আটাইতকৈ জনপ্রিয় ৰাজনৈতিক প্ৰমূল্য বুলি গ্ৰহণ কৰা হয়। তথাপিও ইয়াৰ বহুতো গুণ আৰু দোষ আছে। এই গণ-দোষসমূহ তলত আলোচনা কৰা হ’ল।

গণতন্ত্ৰৰ গুণ:

১. মিলে কৈছে, গণতন্ত্রই এটা ভাল চৰকাৰৰ আটাইতকৈ প্ৰয়োজনীয় চৰ্তটো পূৰণ কৰে। সেইটো হ’ল সাধাৰণ মানুহৰ বুদ্ধিবৃত্তি আৰু চাৰিত্ৰিক বৈশিষ্ট্যক কামত লগোৱা। গণতনতত্ৰই মানুহৰ ব্যক্তিগত প্রতিভা বিকাশত সহায় কৰে।

২. গণতন্ত্র জনসাধাৰণৰ চৰকাৰ। জনসাধাৰণে ইচ্ছা অনুসৰি চৰকাৰ গঠন কৰে। জনসাধাৰণৰ হাতত সার্বভৌম ক্ষমতা থাকে। জনসাধাৰণ পছন্দ নহ’কৰে এখন চৰকাৰক ক্ষমতাচ্যুত কৰিব পাৰে ; নিৰ্বাচনৰ যোগেদি নতুন চৰকাৰ গঠন কৰিব পাৰে। 

৩. গণতন্ত্র দায়িত্বশীল চৰকাৰ। গণতন্ত্ৰত চৰকাৰ সংসদৰ ওচৰত দায়ী থাকে। সংসদ জনসাধাৰণৰ ওচৰত দায়ী থাকে। জনসাধাৰণৰ ওচৰত দায়বদ্ধ হোৱাৰ বাবে চৰকাৰে স্বেচ্ছাচাৰীভাৱে কাম কৰিব নোৱাৰে। চৰকাৰে কৰা কামৰ জনসাধাৰণৰ ওচৰত কৈফিয়ৎ দিব লাগে।

৪. জনসাধাৰণে চৰকাৰ পৰিচালনাত সক্রিয় অংশগ্রহণ কৰিব পাৰে। জনসাধাৰণে ভোটদান কৰিব পাৰে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। চৰকাৰক সমালোচনা কৰিব পাৰে। নিজৰ ভাল-বেয়া বিচাৰ কৰিব পাৰে।

৫. গণতন্ত্র জনমৰ দ্বাৰা পৰিচালিত হয়। চৰকাৰে জনমতৰ ওচৰত সেও মানিব লাগে। প্ৰচাৰ মাধ্যমসমূহৰ যোগেদি সভা-সমিতি আদিৰ যোগেদি জনসাধাৰণৰ মাজত জনমত গঠন হয়। জনমৰ ইচ্ছা অনুসৰি চৰকাৰ পৰিচালনা হোৱা বাবে ই জনমতৰ ইচ্ছা পূৰণ কৰে।

৬. গণতনতত্ৰত জনসাধাৰণৰ স্বাধীনতা অক্ষুণ্ণ থাকে। স্বতন্ত্রতা গণতন্ত্ৰৰ এটা প্রধান স্তম্ভ। গণতন্ত্ৰত জনসাধাৰণৰ বিভিন্ন স্বতন্ত্রতা প্রদান কৰা হয়। চৰকাৰে ইচ্ছা কৰিলেই স্বতন্ত্ৰতাত হস্তক্ষেপ কৰিব নোৱাৰে। ন্যায়ালয়ে জনসাধাৰণৰ স্বতন্ত্রতা ৰক্ষা কৰে।

৭. গণতন্ত্ৰই ৰাজনৈতিক শিক্ষা প্ৰদান কৰে। সেইবাবেই গণতন্ত্রক প্রশিক্ষণ শিবিৰ বুলি আখ্যা দিয়া হয়। বিভিন্ন ৰাজনৈতিক দলবোৰে চৰকাৰক সমালোচনা কৰে। চৰকাৰে নিজৰ সফলতাসমূহ প্ৰকাশ কৰে।

এনেদৰে জনসাধাৰণে ৰাজনৈতিকভাৱে সচেতন হয়।

৮. গণতান্ত্রিক চৰকাৰ কল্যাণকামী চৰকাৰ। সকলো শ্ৰেণী, গোষ্ঠী, ধর্ম, সম্প্রদায়ে ইয়াত সমান সুবিধা পায়। চৰকাৰে বিভিন্ন শ্ৰেণীৰ স্বাৰ্থ পূৰণ কৰিব লাগে। জনসাধাৰণৰ চৰকাৰ হোৱাৰ বাবে চৰকাৰে কল্যাণকামী আঁচনি গ্ৰহণ কৰিব লাগে।

৯. গণতান্ত্রিক চৰকাৰে ন্যায় প্রতিষ্ঠা কৰে। সমাজৰ সকলো শ্ৰেণীৰ লোকক সমান সুবিধা প্ৰদান কৰি, অৰ্থনৈতিক সুবিধা প্ৰদান কৰি আৰু দৰিদ্ৰ পিছপৰা শ্রেণীক সুৰক্ষা দি গণতন্ত্রই সামাজিক ন্যায় প্রতিষ্ঠা কৰিব পাৰে।

১০. গণতন্ত্ৰত বিপ্লৱৰ সম্ভাৱনা কম। সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিব পাৰে কাৰণে গণতন্ত্ৰত জনসাধাৰণৰ সমৰ্থন থাকে। সেইবাবে ঐক্য প্রতিষ্ঠা হয়। ইয়াৰ বিৰুদ্ধে জনসাধাৰণে বিপ্লৱ নকৰে।

অসুবিধাসমূহ:

১. গণতন্ত্রত সংখ্যাগৰিষ্ঠ মতামতক অত্যধিক গুৰুত্ব দিয়া হয়। সংখ্যাগৰিষ্ঠই চৰকাৰ গঠন কৰে। সেইবাবে সংখ্যাগৰিষ্ঠ লোকসকলৰ ইয়াত স্বাৰ্থৰক্ষা নহয়।

২. সমাজবিজ্ঞানীসকলে ক’ব খোজে যে প্রকৃত গণতন্ত্র দেখিবলৈ পোৱা নাযায়। সাধাৰণতে গণতন্ত্রত এমুঠিমান মানুহে দেশৰ জনসাধাৰণৰ নামত দেশ শাসন কৰে। সেইবাবে গণতন্ত্ৰত এমুঠিমান মানুহৰহে স্বাৰ্থ ৰক্ষা হয়।

৩. গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলসমূহে দেশৰ স্বাৰ্থতকৈ নিজ দলৰ স্বাৰ্থতহে অধিক গুৰুত্ব আৰোপ কৰে। দলীয় স্বাৰ্থত কাম কৰোঁতে ৰাজনৈতিক দলসমূহে বহু সময়ত জনসাধাৰণৰ প্ৰকৃত সমস্যাসমূহলৈ পিঠি নিদি নিজৰ সমস্যাসমূহত ব্যস্ত থাকে।

৪. এনে শাসন ব্যৱস্থা মিতব্যয়ী নহয়। বৃহৎ সংখ্যক নির্বাচিত প্রতিনিধিৰ বাবে খৰচ অধিক হয়। আইন প্রণয়ন কার্যত অথবা সময়। আৰু ধনৰ অপচয় হয়। সঘন নির্বাচনেও ব্যয়ৰ মাত্রা বৃদ্ধি কৰে।

৫. গণতান্ত্রিক চৰকাৰক অযোগ্যৰ চৰকাৰ বুলি কোৱা হয়। সকলো মানুহৰ সমান অধিকাৰ থাকে। কিন্তু সৰহসংখ্যক লোক নিৰক্ষৰ হ’লেও ভোটদানৰ ক্ষমতা একে। নিৰক্ষৰ মানুহে নিৰ্বাচিত কৰা চৰকাৰ কাৰ্যদক্ষ নহয়।

৬. গণতন্ত্ৰ প্ৰগতিৰ বিৰোধী। গণতন্ত্ৰ দেশত প্ৰত্যেক জাতি, গোষ্ঠী, সম্প্রদায় আদিয়ে নিজস্ব আচাৰ, পৰম্পৰা আৰু অভ্যাস মানি চলে। সেইবাবে মানুহবিলাকে প্রচলিত পৰম্পৰাৰ পৰা মানুহে আঁতৰিব নোখোজে। সেইবাবে নতুন সংস্কাৰ আৰু প্ৰগতিৰ ই বিৰোধী।

৭. গণতন্ত্রত জৰুৰী সময়ত ক্ষীপ্র সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰে। সিদ্ধান্তসমূহ আলাপ-আলোচনাৰ যোগেদি কৰা হয় বাবে সিদ্ধান্ত লওঁতে বহু পলম হয়।

৮. গণতান্ত্রিক ব্যৱস্থাত ৰঙা ফিটাৰ মেৰপাক থাকে। কার্যসমূহ প্রণালীবদ্ধভাৱে যাবলগীয়া হোৱাৰ বাবে ইয়াত আমোলাসকলৰ ক্ষমতা বৃদ্ধি পায়। ফলস্বৰূপে গণতন্ত্র আমোলাতন্ত্রত পৰিণত হয়।

৯. গণতন্ত্রত দুর্নীতিৰ সম্ভাৱনা বেছি। জনসাধাৰণ নিৰক্ষৰ হ’লে সহজে প্রলোভিত কৰিব পাৰি। নিৰ্বাচনত লোভ দি জনসাধাৰণক আকৃষ্ট কৰিব পৰা যায়। সেইবাবে ইয়াত দুৰ্নীতিৰ প্ৰকোপ বেছি।

১০. বহুদলীয় ব্যৱস্থা থকা গণতান্ত্ৰিক ৰাষ্ট্ৰত চৰকাৰ অস্থায়ী হয়। অস্থায়ী চৰকাৰে নীতি, আঁচনিসমূহ কার্যকৰী কৰিব নোৱাৰে। সংযুক্ত চৰকাৰ গঠন কৰিলে চৰকাৰ দুৰ্বল হয়। অন্তর্দলীয় সংঘাত বাঢ়ে। জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top