নাৰীবাদ কি? ইতিহাস,পৰ্যায়, প্ৰকাৰ, লোক-প্রশাসনত নাৰীবাদৰ প্ৰভাৱ, বৰ্তমান সময়ত নাৰীবাদ

নাৰীবাদ কি? ইতিহাস, পৰ্যায়, প্ৰকাৰ, লোক-প্রশাসনত নাৰীবাদৰ প্ৰভাৱ,বৰ্তমান সময়ত নাৰীবাদ | Feminism, History, Types, Feminism in Public Administration,Feminism at Present time.

নাৰীবাদ কি? ইতিহাস,পৰ্যায়, প্ৰকাৰ,লোক-প্রশাসনত নাৰীবাদৰ প্ৰভাৱ,বৰ্তমান সময়ত নাৰীবাদ
Join Telegram channel

অৰ্থ (Meaning)

নাৰীবাদ বিংশ শতাব্দীত উদ্ভূত এটি দৰ্শন যি সভ্যতাৰ মানুহ হিচাপে পুৰুষৰ তুলনাত সকলো ক্ষেত্ৰতে নাৰীৰ সমতা আৰু স্বাধীনতাত বিশ্বাস কৰে। নাৰীবাদ সমাজত নাৰীৰ সমতা অৰ্জন, বিশেষকৈ পুৰুষৰ সমান অধিকাৰ আদায়ৰ যৌক্তিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নাৰীবাদে দাবী কৰে নাৰী পুৰুষৰ সমান সক্ষমেই নহয় সামাজিক অৱদানৰ ক্ষেত্ৰতো পুৰুষতকৈ কম নহয়। নাৰীবাদ লিংগ অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ বিষয়। নাৰীবাদ হৈছে পুৰুষৰ সমানে ৰাজনৈতিক, আইন, অৰ্থনৈতিক আৰু অন্যান্য অধিকাৰসমূহৰ ক্ষেত্ৰত সফলতা অৰ্জনৰ জৰিয়তে মহিলাৰ স্থান/মৰ্যাদা অগ্ৰগামী কৰাৰ এক তত্ত্ব বা আন্দোলন।

ইতিহাস (History)

Erich Kuerme, French Power Cable য়ে ১৮৮৪ চনত ‘নাৰীবাদ’ শব্দৰ পোন প্ৰথমে ব্যৱহাৰ কৰিছিল। সেয়ে হ’লেও ১৮৩৭ খ্ৰীঃ ফৰাচী দাৰ্শনিক তথা ইউটোপীয় সমাজবাদী চাৰ্লস ফুৰিয়ে প্ৰথম ‘নাৰীবাদ’ শব্দটিৰ আনুষ্ঠানিক ব্যৱহাৰ কৰিছিলে বুলি ধাৰণা কৰা হয়। তেওঁ নাৰীবাদক পানীৰ সোঁতৰ উপমাৰ সৈতে তুলনা কৰিছিল। ১৮৭১ চনত ফ্ৰান্সৰ এক চিকিৎসামূলক বৰ্ণনাত নাৰীবাদী শব্দৰ উল্লেখ পোৱা যায়। এই বৰ্ণনা অনুসৰি, নাৰীবাদে যৌন অংগসমূহৰ বিকাশৰ বিৰতিৰ আৰু স্ত্ৰীসুলভ শৰীৰৰ বিশিষ্ট পুৰুষক সূচায়। আন এজন ফৰাচী লেখক আলেকজেণ্ডাৰ ডুমানচে মহিলাসকলক বৰ্ণনা কৰিবলৈ ‘নাৰীবাদী’ শব্দৰ ব্যৱহাৰ কৰিছিল। ১৯৯৫ চনত ফ্ৰেইচে সুস্পষ্ট কৰি দিছিল যে চিকিৎসাবিজ্ঞানৰ ভাষাত, নাৰীবাদে পুৰুষৰ স্ত্ৰীসুলভতাক সূচায় আৰু ৰাজনৈতিক ভাষাত, এই নাৰীবাদ হৈছে মহিলাৰ পুৰুষত্বৰ প্ৰতীক। এইদৰে ১৯ শতিকাত এই ধৰণৰ লিঙ্গ সন্দেহে ত্ৰাসৰ সৃষ্টি কৰিছিল। এই শব্দৰ উদ্ভাৱনৰ পূৰ্বেই নাৰীবাদ চিন্তণ আৰু কাৰ্যৰ সূচনা হৈছিল। ১৮৪৮ চনৰ চেনেকা ফলচ্ কনভেনচন (Seneca Falls Convention) ৰ লগতে অবিভক্ত ৰাজ্যসমূহত মহিলা অধিকাৰ আন্দোলনৰ সূত্ৰপাত হৈছিল। আমেৰিকাৰ স্বাধীনতা ঘোষণাত (American Declaration of Independence) মহিলাৰ বাবে স্বাধীনতা আৰু সমতা দাবীৰ উত্থাপন কৰে। ব্ৰিটেইনটো, ১৮৪০ চনৰ পিছৰপৰা মহিলাৰ অসমতামূলক স্থিতি সমূহৰ বিৰুদ্ধে বহুতো ৰাজনৈতিক আন্দোলনৰ সৃষ্টি হৈছিল।

পৰ্যায় (phase)

প্ৰথম পৰ্যায় (First phase)

নাৰীবাদৰ বিভিন্ন পর্যায় বা তৰংগসমূহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ নাৰীবাদ ( Feminism) আটাইতকৈ প্রাচীন। ঊনবিংশ শতিকাৰ প্ৰথমাৰ্দ্ধতে নাৰীবাদৰ প্ৰথম পৰ্যায়ৰ বিকাশ হৈছে। ইয়াৰ আৰম্ভণি হৈছিল ১৮৩০ চনত আৰু ১৯৩০ চনলৈ প্রচলিত আছিল। উল্লেখযোগ্য যে এই সময়ছোৱাতে উদাৰবাদী চিন্তাধাৰাৰো বিকাশ হৈছিল। অষ্টাদশ শতিকাত ঘটা কিছুমান উল্লেখযোগ্য ঘটনা যেনে- আমেৰিকাৰ স্বাধীনতা, ফৰাচী বিপ্লৱ আদিয়ে ব্যক্তি স্বতন্ত্রতা, সমতা, ভাতৃত্ববোধ, অধিকাৰ আদিৰ দৰে ধাৰণাৰ প্ৰসাৰ সাধন কৰিছিল আৰু এই ধাৰণাসমূহে নাৰীবাদৰ প্ৰথমটো পৰ্যায়ৰ বিকাশত অৰিহণা যোগাইছিল। স্বতন্ত্রতা, সমতা, ভাতৃত্ববোধ, অধিকাৰ আদিবোৰ উদাৰবাদী চিন্তাধাৰাৰ মৌলিক উপাদান। এই উপাদানসমূহৰ ভিত্তিতেই প্রথম পৰ্যায়ৰ নাৰীবাদৰ বিকাশ হোৱাৰ বাবেই এই প্রথম পৰ্যায়ৰ নাৰীবাদক উদাৰ নাৰীবাদ বুলিও বহুলোকে ক’ব বিচাৰে।

প্রথম পৰ্যায়ৰ নাৰীবাদৰ বিকাশত মেৰি ওলস্তনক্রাফ্ট ভূমিকা গুৰুত্বপূর্ণ। অষ্টাদশ শতিকাৰ শেষৰফালে ওলস্তনক্রাফট্ ‘A Vindication of the Rights of Women’ (1792) নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছিল। উল্লেখযোগ্য যে সেইসময়লৈকে দার্শনিক হিচাপে প্রতিষ্ঠা লাভ কৰা ব্যক্তি ভল্টায়াৰ, ৰুছো, মন্টেস্কিউ আদিয়ে মহিলাৰ অধিকাৰৰ বিষয়টো গুৰুত্ব প্ৰদান কৰা নাছিল। প্রথম পৰ্যায়ৰ নাৰীবাদে এই চিন্তাবিদসকলৰ নাৰীৰ অধিকাৰক লৈ তেওঁলোকৰ স্থিতিক সমালোচনা কৰিছিল। ওলস্তনক্রাফট্ ‘A Vindication of the Rights of Women’ (1792) নামৰ গ্ৰন্থখনত ৰুছোৰ এনে স্থিতি, বিশেষকৈ শিক্ষাৰ দিশত থকা বৈষম্যমূলক ধাৰণাৰ সমালোচনা কৰিছিল। ইংৰাজ দার্শনিকদ্বয় জন ষ্টুৱাৰ্ট মিল আৰু হেৰিয়েট টেইলৰে নাৰী আৰু পুৰুষ দুয়োৰে সম-ৰাজনৈতিক আৰু সম-অর্থনৈতিক অধিকাৰৰ সমৰ্থন কৰিছিল। এই দুয়ো দার্শনিকৰ প্ৰচেষ্টাত গ্রেট ব্রিটেইনত মহিলাৰ ভোটাধিকাৰৰ সপক্ষে আন্দোলন গঢ় লৈ উঠিছিল।

প্রথম পৰ্যায়ৰ নাৰীবাদৰ সময়ছোৱাতে উদাৰ নাৰীবাদৰ সমসাময়িকভাৱে মার্ক্সবাদী নাৰীবাদ আৰু সমাজবাদী নাৰীবাদৰো বিকাশ হৈছিল। মার্ক্সবাদীসকলে পুঁজিবাদী অর্থ ব্যৱস্থা আৰু পুৰুষকেন্দ্ৰিক সমাজ-ব্যৱস্থাক নাৰীৰ ওপৰত চলা শোষণ-শাসনৰ কাৰণ বুলি অভিহিত কৰিছিল। তেওঁলোকে পুঁজিবাদী সমাজ-ব্যৱস্থাৰ বাবেই নাৰীৰ ওপৰত অন্যায় হৈছিল বুলি বিশ্বাস কৰিছিল আৰু সেয়ে পুঁজিবাদৰ অন্ত পেলাই নাৰীক প্রাপ্য মর্যাদা প্রদান কৰাটো বিচাৰিছিল।

 দ্বিতীয় পৰ্যায় (Second phase)

নাৰীবাদৰ বিকাশত দ্বিতীয় পৰ্যায়ৰ নাৰীবাদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

বিংশ শতিকাৰ মাজভাগত আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিতীয় পর্যায় বা দ্বিতীয় তৰংগৰ নাৰীবাদৰ বিকাশ হৈছিল। ১৯৬০ৰ দশকত এই পর্যায়ৰ আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন ঠাইলৈ ই বিয়পি পৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম অৱস্থাত ‘নাৰী মুক্তি আন্দোলন’ নামেৰে এই নাবীবাদৰ আৰম্ভ হৈছিল আৰু ১৯৮০ৰ দশকলৈ প্রচলিত আছিল। মনকৰিবলগীয়া যে এই সময়ছোৱাতে চৰমপন্থী নাৰীবাদৰো বিকাশ হৈছিল। দ্বিতীয় পৰ্যায়ত নাৰীবাদে মহিলাৰ সামাজিক জীৱনৰ উপৰিও ব্যক্তিগত জীৱনত অধিকাৰ আৰু স্বতন্ত্ৰতাৰ পৃষ্ঠপোষকতা কৰিছিল। দ্বিতীয় পৰ্যায়ৰ নাৰীবাদ অনুসৰি সামাজত নাৰী-পুৰুষৰ মাজত থকা অসমতাৰ প্ৰধান কাৰণ হৈছে- লিংগ বৈষম্য আক নাৰী-পুৰুষৰ মাজত থকা প্রাকৃতিক পার্থক্য। এই সময়ছোৱাতে মহিলাৰ সামাজিক আৰু ব্যক্তিগত জীৱনত পুৰুষকেন্দ্ৰিক সমাজৰ প্ৰভাৱৰ বিষয়ে নাৰীবাদী চিন্তাবিদসকলে আলোচনা কৰিছিল। দ্বিতীয় পৰ্যায়ৰ নাৰীবাদৰ সমৰ্থকসকলৰ মতে পুৰুষতান্ত্রিক সমাজ গাঁথনিয়ে মহিলাৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিকাশত বাধা আনে; অর্থাৎ পুৰুষতান্ত্রিক সমাজ-ব্যৱস্থাই মহিলাৰ ওপৰত হোৱা অন্যায় অত্যাচাৰৰ মূল কাৰণ।

তেওঁলোকে ‘ব্যক্তিগত জীৱনো ৰাজনৈতিক জীৱন’ অর্থাৎ ‘the personal is the political’ হিচাপে গণ্য কৰিছিল।

দ্বিতীয় পৰ্যায়ৰ নাৰীবাদীসকলৰ মতে মহিলাৰ শোষণ আৰু পুৰুষতান্ত্রিক সমাজ গাঁথনিৰ আন এক কাৰণ হ’ল নাৰী-পুৰুষৰ মাজত থকা শ্ৰমৰ বিভাজন। দ্বিতীয় পৰ্যায়ৰ নাৰীবাদৰ সমৰ্থকসকলৰ মতে মহিলাসকলৰ এনে পৰিস্থিতিৰ পৰিৱৰ্তন আনিবৰ বাবে চৰমপন্থী ব্যৱস্থা গ্রহণ কৰিব লাগিব। সেয়েহে তেওঁলোকে ‘Sisterhood is Power’ অর্থাৎ ‘ভগ্নীত্ববোধেই ক্ষমতা’ বিশ্বাসেৰে মহিলাসকলক একত্ৰীকৰণৰ সমৰ্থন কৰিছিল।

কেট মিলেট, সুলামিথ ফায়াৰষ্টন আদি সকল দ্বিতীয় পৰ্যায়ৰ নাৰীবাদৰ মূল পৃষ্ঠপোষক। এই নাৰীবাদীসকলৰ বিভিন্ন ৰচনাসমূহত দ্বিতীয় পৰ্যায়ৰ নাৰীবাদৰ প্রতিফলন ঘটা দেখা গৈছিল। এইসকল ব্যক্তিৰ চিন্তাধাৰাই নাৰীবাদী ধাৰণাটোক বিশ্বব্যাপি প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাইছিল।

তৃতীয় পৰ্যায় (Third phase)

বিংশ শতিকাৰ শেষৰ দুটা দশকত নাৰীবাদৰ তৃতীয়টো পর্যায় বা তৰংগৰ উত্থান হৈছিল। ১৯৮০ৰ দশকত নাৰীবাদীসকলৰ মনত কিছুমান নতুন চিন্তাধাৰাই প্রতিক্রিয়া কৰিছিল আৰু ইয়াৰ প্ৰভাৱতেই নাৰীবাদৰ তৃতীয়টো পৰ্যায়ৰ সৃষ্টি হৈছিল।

১৯৯০ৰ দশকতো তৃতীয় পৰ্যায়ৰ নাৰীবাদ সমগ্ৰ বিশ্বতে জনপ্রিয় আছিল। প্রথম আৰু দ্বিতীয় পৰ্যায়ৰ নাৰীবাদে যদিও মহিলাৰ নানান সমস্যাসমূহ সমাধান কৰি মহিলাৰ ওপৰত চলি থকা শোষণ-শাসনৰ অন্ত পেলোৱাৰ কথা কৈছিল, তথাপি ই সকলো শ্ৰেণীৰ মহিলাৰ আশা-আকাংক্ষাবোৰ প্ৰতিফলিত কৰিব পৰা নাছিল। প্রথম আৰু দ্বিতীয় পৰ্যায়ৰ নাৰীবাদে উন্নয়নশীল দেশসমূহৰ মহিলা, সমকামী মহিলা, কৃষ্ণবর্ণী মহিলা আৰু নৱ-প্ৰজন্মৰ মহিলাসকলক পৃথক জ্ঞান কৰা নাছিল আৰু সেয়ে আন মহিলাৰ দৰেই তেওঁলোকৰ সমস্যাসমূহ পৃথকে সমাধান কৰাৰ চেষ্টা কৰা নাছিল। কিন্তু জাতি, সমাজ আৰু বৰ্ণভেদে মহিলাসকলৰ সমস্যাও ভিন ভিন হোৱা বাবে তৃতীয় পৰ্যায়ৰ নাৰীবাদৰ উত্থান হয়। তৃতীয় পর্যায়ত উপনৱেশিকোত্তৰ নাৰীবাদ (Postcolonial feminism), কৃষ্ণবর্ণী নাৰীবাদ (Black feminism), যুৱ-নাৰীবাদ (Youth feminism), পৰিবেশ-নাৰীবাদ (Eco-feminism), সমকামী নাৰীবাদ (Lesbian feminism) আদিৰ বিকাশ হয়। গায়ত্রী স্পাইভাক, কেৰল আডামচ, জুডিথ বাটলাৰ, টেভি গেভিঞ্চন আদিসকল তৃতীয় পৰ্যায়ৰ নাৰীবাদৰ সমৰ্থক।

নাৰীবাদ সম্পর্কে অধিক জানিবৰ বাবে আমি নাৰীবাদৰ বিকাশ সম্পর্কে অধিক জনাৰ প্ৰয়োজন আছে। নাৰীবাদী ধাৰণাৰ বিকাশ নাৰী আন্দোলনৰ বিকাশ।

মহিলাৰ প্ৰতি হোৱা অন্যায় বন্ধ কৰাৰ আন্দোলনক নাৰী আন্দোলন আখ্যা দিয়া হয়। নাৰী আন্দোলনক নাৰীবাদী আন্দোলন (Feminist movement), নাৰী মুক্তি আন্দোলন (Women’s liberation movement) আদি বুলিয়ো কোৱা হয়। মহিলাৰ প্রতি হোৱা লিংগ বৈষম্য দূৰ কৰি নাৰীক পুৰুষৰ সমান আর্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰু নীতিগত অধিকাৰ প্ৰদানৰ বাবে যি আন্দোলন হৈছে সেই আন্দোলনকে নাৰী আন্দোলন বুলি কোৱা হয়। মহিলাৰ প্ৰজনন অধিকাৰ, ঘৰুৱা হিংসা, প্রসূতিজনিত ছুটী (maternity leave), সমমজুৰি, মহিলাৰ ভোটাধিকাৰ, যৌন নির্যাতন, যৌন অপৰাধ আদিসমূহ নাৰী আন্দোলনৰ প্রধান বিষয়। স্থান, দেশ, সমাজ আৰু সংস্কৃতিভেদে এই বিষয়সমূহৰ ওপৰত বিভিন্ন আন্দোলন হোৱা দেখা পোৱা যায়। উনবিংশ শতিকাৰ শেষৰ ফালে পাশ্চাত্য দেশসমূহত নাৰী আন্দোলনৰ আৰম্ভ হয়। প্রাচ্যতো চীন আৰু ভাৰতীয় সভ্যতাত বিগত দুটা শতিকাত বিভিন্ন নাৰীবাদী আন্দোলনৰ আৰম্ভ হয়। 

চতুৰ্থ পৰ্যায় ( Fourth Phase)

নাৰীবাদৰ প্ৰথম তিনিটা পৰ্যায় নাৰীৰ বাবে এখন সম আৰু ন্যায়সংগত সমাজ গঠনত সম্পূৰ্ণ সফল নহ’ল। সেয়ে নাৰীৰ অধিকাৰৰ স্বাৰ্থত নাৰীবাদীসকলে নতুন ধৰণৰ আন্দোলনৰ সূচনা কৰে, যাক নাৰীবাদৰ চতুৰ্থ পৰ্যায় বুলি কোৱা হয়। এই পৰ্যায় ২০১৩ চনৰ পৰা আৰম্ভ হয়। এই পৰ্যায়ত নাৰীবাদীসকলে মহিলাৰ সৱলীকৰণ আৰু ইণ্টাৰনেট তথা সামাজিক মাধ্যমৰ ব্যৱহাৰক গুৰুত্ব দিয়ে। চতুৰ্থ পৰ্যায়ৰ নাৰীবাদ লিংগ, বৰ্ণ, শ্ৰেণী আদি সকলো বিষয় একেলগ কৰি নাৰীৰ ওপৰত হোৱা শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে মাত মাতে।

এই নাৰীবাদীসকলে মহিলাৰ ৰাজনীতি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অধিক প্ৰতিনিধিত্ব নিশ্চিত কৰিলে মহিলাৰ উন্নয়ন সম্ভব বুলি যুক্তি দিয়ে। তেওঁলোকে বিশ্বাস কৰে যে অধিক ন্যায়সংগত নীতি গ্ৰহণৰ জৰিয়তে মহিলাৰ সৱলীকৰণ নিশ্চিত কৰিব পাৰি। এই পৰ্যায়ৰ নাৰীবাদীসকলে ছপা মাধ্যম, সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে মহিলাৰ সমস্যা বিশ্ববাসীৰ সন্মুখত উলিয়াই আনিছে। এই মাধ্যমসমূহৰে নাৰীবাদীসকলে নিজৰ বক্তব্য প্ৰকাশ কৰি বিভিন্ন পক্ষক সংগঠিত কৰে। সামাজিক মাধ্যমই নাৰীৰ শোষণৰ বিৰুদ্ধে আওয়াজ তুলিবলৈ আৰু সমান অধিকাৰৰ দাবী জনাবলৈ এক প্ৰভাৱশালী মাধ্যম হিচাপে আত্মপ্রকাশ কৰিছে।

চতুৰ্থ পৰ্যায়ৰ নাৰীবাদ কেৱল মহিলাৰ অধিকাৰৰ দাবী জনোৱাতেই সীমাবদ্ধ নহয়। এই নাৰীবাদীসকলে বিশ্বাস কৰে যে যিদৰে নাৰীয়ে নিজৰ আবেগ প্রকাশ কৰাৰ সুবিধা পায়, তেনেদৰে পুৰুষসকলো নিজৰ আবেগ-অনুভূতি প্ৰকাশ কৰাৰ সুবিধা পাব লাগে। এই পৰ্যায়ৰ নাৰীবাদে ইণ্টাৰনেট আৰু ডিজিটেল প্লেটফৰ্মৰ ওপৰত গুৰুত্ব দিয়ে। সাহিত্যিক কিৰা কক্রেনে (Kira Cochrane) এই পৰ্যায়ক ‘Defined by Technology’ বুলি বর্ণনা কৰিছে। Facebook, Twitter, Instagram, YouTube, Tumblr আদি সামাজিক মাধ্যমসমূহ চতুৰ্থ পৰ্যায়ৰ নাৰীবাদত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। #MeToo, #YesAllWomen আদি আন্দোলন এই পৰ্যায়ৰ অন্যতম দৃষ্টান্ত। আন কিছুমান উল্লেখযোগ্য আন্দোলন হৈছে— Everyday Sexism Project, No More Page 3, Ni Una Menos, Stop Bild Sexism, Free the Nipple, SlutWalk, 2017 আৰু 2018 ৰ Women’s Marches, Time’s Up আদি।

চতুৰ্থ পৰ্যায়ৰ নাৰীবাদ প্ৰধানকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত জনপ্রিয় যদিও, বিশ্বৰ বহুতো দেশত ইয়াৰ প্ৰভাৱ পৰিছে।

নাৰীবাদৰ প্ৰকাৰ (Types of Feminism)

১। উদাৰমূলক নাৰীবাদ (Liberalism Feminism)

উদাৰমূলক নাৰীবাদ হৈছে নাৰীবাদৰ এক প্ৰধান প্ৰকাৰ বা আৰ্হি। নাৰীবাদ বিকাশৰ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে এই প্ৰকাৰ নাৰীবাদৰ সৃষ্টি হৈছিল। নাৰীবাদৰ ই এক পৰম্পৰাগত ধাৰণা। নাৰীবাদৰ ক্ষেত্ৰত থকা অবৈজ্ঞানিক ধাৰণা সমূহ ই অস্বীকাৰ কৰে। এই প্ৰকাৰ নাৰীবাদে বিশ্বাস কৰে যে, নাৰীক পুৰুষতকৈ দুৰ্বল বুলি ভৱা সমাজৰ ধাৰণাটো মিছা। নাৰীক, পুৰুষৰ সমানে সম অধিকাৰ প্ৰদান কৰা দিশটোৰ ই সমৰ্থন কৰে। উদাৰমূলক নাৰাবাদে, উদাৰমূলক বা সংস্কাৰমুক্ত ৰাজ্যৰ পৰিসীমাৰ ভিতৰত সম অধিকাৰৰ বাবে অভিযান চলোৱা সকলোকে অন্তৰ্ভুক্ত কৰি লয়। উদাৰমূলক নাৰীবাদীসকলৰ মতে, ৰাজ্যসমূহে মহিলাক অন্যান্য সুবিধাৰ লগতে সম নাগৰিকত্ব প্ৰদানৰ বাবে পৰামৰ্শ প্ৰদান কৰিব লাগে।

২। মাৰ্ক্সবাদী নাৰীবাদ (Marxism Feminism)

নাৰীবাদৰ আন এক প্ৰকাৰ আৰ্হি হৈছে মাৰ্ক্সবাদী নাৰীবাদ। এই প্ৰকাৰ নাৰীবাদে সামাজিক ন্যায় আৰু আৰ্থ-সামাজিক পাৰ্থক্যৰ ধাৰণাটোক একত্ৰিত কৰে। বহু শতিকা ধৰি মহিলাসকলক পুৰুষৰ সম্পত্তি হিচাপে গণ্য কৰা হৈছিল, লগতে বস্তুগত ধাৰণাৰ পৰিপ্ৰেক্ষিতত মহিলাসকলক পুঁজিবাদী যন্ত্ৰ প্ৰধান অস্ত্ৰ আখ্যা দিয়া হৈছিল। মাৰ্ক্সবাদী নাৰীবাদীসকলৰ মতে, লিঙ্গৰ পথসমূহ পুঁজিবাদী সমাজৰ ধ্বংসৰদ্বাৰা পৰিচালিত হয় কিয়নো পুঁজিবাদৰ শ্ৰেণী সম্পৰ্কসমূহে হৈছে মহিলাৰ পীড়ন আৰু শোষণৰ প্ৰধান কাৰক। মাৰ্ক্সবাদী নাৰীবাদীসকলে কৰ্মক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যা যেনে— অসমান বেতন, পৰিয়াল বা বন্ধুসুলভ নীতিৰ অভাৱ ইত্যাদি ৰোধত বিশেষ গুৰুত্ব প্ৰদান কৰে। তেওঁলোকে বিশ্বাস কৰে যে, অৰ্থনৈতিক আৰু সাংস্কৃতিক পীড়ন ৰোধহে মহিলাসকলৰ বাবে প্ৰকৃত স্বীধানতা প্ৰদান কৰিব পাৰে।

৩। সমাজবাদী নাৰীবাদ (Socialism Feminism)

এই প্ৰকাৰ নাৰীবাদে সামাজিক ন্যায়ৰ লগত অৰ্থ সামাজিক পাৰ্থক্যক একত্ৰিত কৰে। এই প্ৰকাৰ নাৰীবাদক দ্বৈত পদ্ধতিৰ তত্ত্ব আখ্যা দিয়া হয়। এই প্ৰকাৰ নাৰীবাদে মহিলাৰ ক্ষেত্ৰত অৰ্থনৈতিক আৰু সাংস্কৃতিক পীড়ন ৰোধৰ বাবে নাৰী-পুৰুষৰ সমূহীয়া কাৰ্যক সমৰ্থন কৰে। এই প্ৰকাৰ নাৰীবাদৰ মতে পুৰুষৰ তুলনাত মহিলাৰ নিম্ন মৰ্যাদাৰ কাৰণ হৈছে মহিলাসকল আৰ্থিকভাৱে পুৰুষৰ ওপৰত নিৰ্ভৰশীল। যাৰ ফলত কৰ্মস্থলীত পুৰুষকৰ্মীসকলে নিম্ন বেতন প্ৰদানেৰে আৰু পৰিয়ালৰ মূল্যহীন মহিলাক শোষণৰ সুবিধা ভোগ কৰে। সেয়েহে সমাজবাদী নাৰীবাদীসকলে অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত মহিলাৰ মৰ্যাদা উন্নীতকৰণৰ সমৰ্থন কৰে। উদাৰবাদ আৰু মাৰ্ক্সবাদৰ দৰে সমাজবাদী নাৰীবাদ প্ৰথম পৰ্যায়ৰ সৃষ্টিৰ ফল।

৪। সংস্কাৰকামী বা সংস্কাৰধৰ্মী নাৰীবাদ (Progressive Feminism)

নাৰীবাদৰ ই এক প্ৰধান প্ৰকাৰ হৈছে মৌলবাদী নাৰীবাদ। নাৰীবাদ বিকাশৰ দ্বিতীয় পৰ্যায়ৰ ফলতে এই প্ৰকাৰ নাৰীবাদৰ সৃষ্টি হৈছিল। মৌলবাদী নাৰীবাদসকলৰ মতে সকলো সমাজত মহিলাৰ স্থান আৰু অনুভূতিসমূহ হৃদয়ঙ্গম কৰাৰ প্ৰধান ধাৰণাসমূহ হৈছে- ‘পিতৃতন্ত্ৰ’ আৰু ‘যৌনশ্ৰেণী’।

লোক-প্রশাসনত নাৰীবাদৰ প্ৰভাৱ (Impact of Feminism in Public Administration)

প্রশাসনীয় অধ্যয়নত নাৰীবাদী দৃষ্টিভঙ্গীৰ ইতিহাস চালে দেখা পোৱা যায় যে, Mary Parker Follett এই ধাৰাৰ প্ৰধান পৃষ্ঠপোষক হিচাপে পৰিগণিত হৈছিল। প্ৰশাসনত নাৰীবাদী আলোচনাক মুখ্যতঃ দুটা ভাগত ভগাব পাৰি-বৰ্ণনাত্মক আৰু ধাৰণাত্মক। বৰ্ণনাত্মক দৃষ্টিভঙ্গীয়ে প্ৰশাসনৰ গাঁথনিৰ ভিতৰত প্ৰমাণৰ ভিত্তিত প্রচলিত লিংগ বৈষম্যৰ আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অন্যহাতেদি, ধাৰণাত্মক আলোচনাই মনোভাৱ আৰু লোক-প্ৰশাসনৰ প্ৰচলিত লিংগ ভিত্তিক দৃষ্টিভংগীৰ আদৰ্শৰ বিচাৰ কৰে। এই দুইভাগৰ ক্ষেত্ৰত দেখা যায় যে, প্রতিষ্ঠিত দার্শনিকসকলে বর্ণনাত্মক দৃষ্টিভঙ্গীৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সমান্তৰালভাৱে ধাৰণাত্মক দৃষ্টিভঙ্গী শেহতীয়াকৈহে আৰম্ভ হৈছিল। ১৯৭৫ চনমানতহে লোক-প্রশাসনত নাৰীবাদী দৃষ্টিভঙ্গীব আত্মপ্রকাশ ঘটিছিল। সেই সময়ত Nesta M. Gallas এ “Women in Public Administration” শীর্ষক এখন আলোচনাচক্র আয়োজন কৰিছিল। সেই আলোচনাচক্ৰত প্ৰশাসনত মহিলাৰ স্থান, প্রতিষ্ঠানসমূহত সেইবোৰ উন্নত কৰাৰ পৰিকল্পনা, প্রশাসনত থকা মহিলাসকলক অধিক দায়িত্ব প্রদান কৰা ইত্যাদি বিষয়বোৰ আলোচনা কৰা হৈছিল। ১৯৭৩ চনত প্রকাশিত Leonard D. Eydes “The Status of Women in State and Local Government” (1973) আৰু Judith Mohrৰ “Why Not More Women City Manager” গ্রন্থ দুখনত তথাকথিত নিৰপেক্ষ গাঁথনিবোৰৰ ভিতৰত দেখা পোৱা লিংগবৈষম্যৰ বিষয়ে আলোচনা কৰিছিল।

আৰম্ভণিৰ প্ৰাথমিক তাত্ত্বিক ধাৰণাসমূহ পৰীক্ষা কৰাৰ প্ৰচেষ্টাসমূহৰ বিষয়ে প্রকাশ পাইছিল Robert B. Denhardt আৰু Jan Parkinsৰ ১৯৭৬ চনত প্রকাশিত “The Coming Death of Administrative Man” নামব লেখাটোত। এই লেখাটোরে “সমস্ত সত্যতা সাংস্কৃতিকভাবে পুংলিঙ্গ” হিচাপে যি ধাৰণা আছে, তাক সমালোচনা কৰি সাৰ্বজনীনভাৱে নিৰপেক্ষ সাংগঠনিক আদৰ্শৰ ভেটি প্রতিষ্ঠা কৰিছিল। অৱশ্যে, ১৯৯৩ চনত প্রকাশ পোৱা Camilla Stiversৰ প্ৰভাৱশালী গ্রন্থ “Gender Images in Public Administration” ত নাৰীবাদী প্ৰশাসনীয় তত্ত্বৰ আভাস পোৱা গৈছিল।

বৰ্তমান পৰিস্থিতি: (Present Situation) 

বৰ্তমান,কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদৰ কেন্দ্ৰবিন্দু হৈ আছে। পাকিস্তানে এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় সমস্যা হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰে, কিন্তু ভাৰত এইটো নিজৰ আভ্যন্তৰীণ বিষয় বুলি গণ্য কৰে। কাশ্মীৰত সন্ত্রাসবাদ, সীমান্ত সংঘাত আৰু ৰাজনৈতিক অনিশ্চয়তা এক অন্যতম সমস্যা হৈ আছে।

নাৰীবাদৰ বিভিন্ন পর্যায় বা তৰংগসমূহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ নাৰীবাদ আটাইতকৈ প্রাচীন। ঊনবিংশ শতিকাৰ প্ৰথমাৰ্দ্ধতে নাৰীবাদৰ প্ৰথম পৰ্যায়ৰ বিকাশ হৈছে। ইয়াৰ আৰম্ভণি হৈছিল ১৮৩০ চনত আৰু ১৯৩০ চনলৈ প্রচলিত আছিল। উল্লেখযোগ্য যে এই সময়ছোৱাতে উদাৰবাদী চিন্তাধাৰাৰো বিকাশ হৈছিল। অষ্টাদশ শতিকাত ঘটা কিছুমান উল্লেখযোগ্য ঘটনা যেনে- আমেৰিকাৰ স্বাধীনতা, ফৰাচী বিপ্লৱ আদিয়ে ব্যক্তি স্বতন্ত্রতা, সমতা, ভাতৃত্ববোধ, অধিকাৰ আদিৰ দৰে ধাৰণাৰ প্ৰসাৰ সাধন কৰিছিল আৰু এই ধাৰণাসমূহে নাৰীবাদৰ প্ৰথমটো পৰ্যায়ৰ বিকাশত অৰিহণা যোগাইছিল। স্বতন্ত্রতা, সমতা, ভাতৃত্ববোধ, অধিকাৰ আদিবোৰ উদাৰবাদী চিন্তাধাৰাৰ মৌলিক উপাদান। এই উপাদানসমূহৰ ভিত্তিতেই প্রথম পৰ্যায়ৰ নাৰীবাদৰ বিকাশ হোৱাৰ বাবেই এই প্রথম পৰ্যায়ৰ নাৰীবাদক উদাৰ নাৰীবাদ বুলিও বহুলোকে ক’ব বিচাৰে।

প্রথম পৰ্যায়ৰ নাৰীবাদৰ বিকাশত মেৰি ওলস্তনক্রাফ্ট ভূমিকা গুৰুত্বপূর্ণ। অষ্টাদশ শতিকাৰ শেষৰফালে ওলস্তনক্রাফট্ ‘A Vindication of the Rights of Women’ (1792) নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছিল। উল্লেখযোগ্য যে সেইসময়লৈকে দার্শনিক হিচাপে প্রতিষ্ঠা লাভ কৰা ব্যক্তি ভল্টায়াৰ, ৰুছো, মন্টেস্কিউ আদিয়ে মহিলাৰ অধিকাৰৰ বিষয়টো গুৰুত্ব প্ৰদান কৰা নাছিল। প্রথম পৰ্যায়ৰ নাৰীবাদে এই চিন্তাবিদসকলৰ নাৰীৰ অধিকাৰক লৈ তেওঁলোকৰ স্থিতিক সমালোচনা কৰিছিল। ওলস্তনক্রাফট্ ‘A Vindication of the Rights of Women’ (1792) নামৰ গ্ৰন্থখনত ৰুছোৰ এনে স্থিতি, বিশেষকৈ শিক্ষাৰ দিশত থকা বৈষম্যমূলক ধাৰণাৰ সমালোচনা কৰিছিল। ইংৰাজ দার্শনিকদ্বয় জন ষ্টুৱাৰ্ট মিল আৰু হেৰিয়েট টেইলৰে নাৰী আৰু পুৰুষ দুয়োৰে সম-ৰাজনৈতিক আৰু সম-অর্থনৈতিক অধিকাৰৰ সমৰ্থন কৰিছিল। এই দুয়ো দার্শনিকৰ প্ৰচেষ্টাত গ্রেট ব্রিটেইনত মহিলাৰ ভোটাধিকাৰৰ সপক্ষে আন্দোলন গঢ় লৈ উঠিছিল।

প্রথম পৰ্যায়ৰ নাৰীবাদৰ সময়ছোৱাতে উদাৰ নাৰীবাদৰ সমসাময়িকভাৱে মার্ক্সবাদী নাৰীবাদ আৰু সমাজবাদী নাৰীবাদৰো বিকাশ হৈছিল। মার্ক্সবাদীসকলে পুঁজিবাদী অর্থ ব্যৱস্থা আৰু পুৰুষকেন্দ্ৰিক সমাজ-ব্যৱস্থাক নাৰীৰ ওপৰত চলা শোষণ-শাসনৰ কাৰণ বুলি অভিহিত কৰিছিল। তেওঁলোকে পুঁজিবাদী সমাজ-ব্যৱস্থাৰ বাবেই নাৰীৰ ওপৰত অন্যায় হৈছিল বুলি বিশ্বাস কৰিছিল আৰু সেয়ে পুঁজিবাদৰ অন্ত পেলাই নাৰীক প্রাপ্য মর্যাদা প্রদান কৰাটো বিচাৰিছিল।

বৰ্তমান সময়ত নাৰীবাদ ( Feminism in Present )

নাৰীবাদ হৈছে এক সমাজিক, ৰাজনৈতিক, আৰু অৰ্থনৈতিক আন্দোলন যাৰ মূল উদ্দেশ্য হৈছে নাৰী-পুৰুষৰ সমান অধিকাৰ আৰু সুযোগ নিশ্চিত কৰা। বৰ্তমান সময়ত, এই আন্দোলন বিশ্বজুৰি এক বিশেষ গুৰুত্ব লাভ কৰিছে। আধুনিক যুগত প্রযুক্তি, শিক্ষা, আৰু সচেতনতাৰ বৃদ্ধিৰ লগে লগে নাৰীবাদৰ চৰ্চাও বেছি বিস্তৃত হৈ পৰিছে।

বৰ্তমান সময়ত নাৰীবাদৰ প্ৰাসংগিকতা:

বৰ্তমান সময়ত নাৰীবাদৰ প্ৰয়োজনীয়তা বহু গুৰুত্বপূৰ্ণ। বিশ্বব্যাপী নাৰীৰ ওপৰত হোৱা বৈষম্য, গৃহহিংসা, কর্মসংস্থলীত লিংগভিত্তিক বিভেদ আদিকে লক্ষ্য কৰি এই আন্দোলন আগবাঢ়িছে।

বৰ্তমান সময়ত নাৰীশিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি ঘটিছে, কিন্তু কিছুমান সমাজত এতিয়াও কন্যাসন্তানৰ শিক্ষা প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা সৃষ্টি হয়। শিক্ষাৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে চৰকাৰ আৰু বিভিন্ন সংগঠনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। নাৰীয়ে আজিকালি বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিলে যদিও, দৰমহা অসমতা, যৌন বৈষম্য আৰু অন্যান্য বৈষম্য এতিয়াও বিদ্যমান। বিশেষকৈ, ৰাজনৈতিক ক্ষেত্ৰ, বিজ্ঞান-প্ৰযুক্তি, খেল-ধেমালি আদি বিভিন্ন ঠাইত নাৰীয়ে সমান সুযোগ নাপায়। বৰ্তমান সময়তো গৃহহিংসা, যৌন নিৰ্যাতন, আৰু অন্যান্য অপ্ৰিয় ঘটনাবোৰ প্ৰায়েই সংঘটিত হয়। এনেকুৱা সমস্যাবোৰৰ সমাধানৰ বাবে কঠোৰ আইন প্ৰণয়ন আৰু সামাজিক সচেতনতা সৃষ্টি কৰাটো প্ৰয়োজন। বিভিন্ন সংগঠন আৰু NGO-ৰ সহযোগত নাৰীৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ লোৱা উচিত। আধুনিক যুগত চলচ্চিত্ৰ, সাহিত্য, আৰু সংবাদ মাধ্যমেও নারীবাদৰ প্ৰসাৰ ঘটাইছে। সামাজিক মাধ্যমত “#MeToo” আৰু “#TimesUp” দৰে আন্দোলনসমূহৰ জৰিয়তে বহুতো নাৰীয়ে নিজৰ অধিকাৰৰ দাবী তুলিব পাৰিছে। চৰকাৰে নাৰীবাদৰ প্ৰসাৰৰ বাবে বিভিন্ন আইন প্রণয়ন কৰিছে। দহনি ব্যৱস্থা, পণ প্ৰথা, আৰু বাল্য বিবাহৰ দৰে সমস্যাসমূহৰ সমাধানৰ বাবে কঠোৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন।

সামৰণি (Conclusion)

নাৰীবাদ কেৱল মহিলা অধিকাৰৰ বাবে আন্দোলন নহয়, বৰং সমাজৰ সকলো স্তৰত লৈ সমান অধিকাৰৰ স্থাপন কৰিবলৈ এটা বৈপ্লৱিক ধাৰণা। ইয়াৰ মূল উদ্দেশ্য হৈছে লিংগভিত্তিক বৈষম্য হ্ৰাস কৰি, নাৰীৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত সমান অধিকাৰ নিশ্চিত কৰা।

আজি নাৰীবাদ পৃথিৱীৰ ভিন্ন সমাজত বিভিন্ন ৰূপত বিকশিত হৈছে। শিক্ষাৰ প্ৰসাৰ, কাৰ্যক্ষেত্ৰত সমান সুযোগ, ন্যায়িক সুৰক্ষা, আৰু ৰাজনৈতিক ক্ষমতায়নৰ দৰে ক্ষেত্ৰত মহিলাসকল আগবাঢ়ি অহাৰ পিছতো, বহুক্ষেত্ৰত নাৰীবাদৰ লক্ষ্যসমূহ সম্পূৰ্ণ হৈ পৰা নাই। সেয়েহে, নাৰীবাদৰ যাত্ৰা অব্যাহত থকাটো প্ৰয়োজন, যাতে লিংগসমতা আৰু ন্যায়িক সমাজৰ স্থাপন নিশ্চিত কৰিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top