গোলকীয় অৰ্থনীতি (Global কি? প্ৰভাৱ, বৈশিষ্ট্য, গুৰুত্ব | What is Global Economy, Impact, Importance

গোলকীয় অৰ্থনীতি (Global কি? প্ৰভাৱ, বৈশিষ্ট্য, গুৰুত্ব – What is Global Economy, Impact, Importance.

গোলকীয় অৰ্থনীতিৰ ধাৰণা (Concept of Global Economy)

Join Telegram channel

Table of Contents

গোলকীয় অৰ্থনীতি হৈছে অর্থনৈতিক প্ৰণালী, যি বিশ্বজুৰি দেশসমূহৰ মাজত বৃদ্ধি পোৱা সম্পৰ্কৰ ফলত আন্তঃসংযোগী হৈ থাকে। ই এইটো ওপৰত গুৰুত্ব দিয়ে যে কিদৰে দেশ, ব্যৱসায়, আৰু ব্যক্তিসমূহ সীমান্তৰ পাৰ হৈ পৰস্পৰেৰে সম্পৰ্ক স্থাপন কৰে আৰু তাৰ ফলত অর্থনৈতিক সম্পৰ্ক বিকশিত হয়। লগতে, এই সম্পৰ্কসমূহে বিশ্বৰ অৰ্থনৈতিক বৃদ্ধি, উন্নয়ন, আৰু স্থিৰতাৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায়, সেইটোও পৰীক্ষা কৰে।

গোলকীয় অৰ্থনীতি (Global কি

ইউৰোপৰ অৰ্থনীতি সবল কৰাৰ স্বাৰ্থত মার্শ্বেল আঁচনিৰ লগতে ব্রেটন উডছ ব্যৱস্থাও (Bretton Woods System) অন্যতম আছিল। কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিষ্ঠা কৰা ‘Bretton Woods System’ গোলকীয় অর্থনীতিৰ মৌলিক গাঁথনি হিচাপে ব্যৱহাৰ হৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বতে ৪৪ খন ৰাষ্ট্ৰৰ সহযোগত ১৯৪৪ চনত ব্রেটন উডছ সম্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনত মূলতঃ এক সুস্থিৰ আৰু সহযোগিতামূলক আন্তঃৰাষ্ট্ৰীয় বিত্তীয় ব্যৱস্থা (A stable and co-operative international monetary system) গঢ়ি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। তাৰ প্ৰেক্ষাপটতে বিশ্ব ৰাজনীতিত অর্থনৈতিক সৱলীকৰণৰ স্বাৰ্থত বিশ্ব বেংক (World Bank), আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি (International Monetary Fund), বিশ্ব বাণিজ্য সন্থা (World Trade Centre) আদি গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। এই আন্তঃৰাষ্ট্ৰীয় বিত্তীয় অনুষ্ঠানৰ আগমনে গোলকীয় অর্থনীতিৰ ধাৰাটোক গতিশীল কৰি তুলিলে। গোলকীয় অর্থনীতিয়ে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাবলৈ সক্ষম হ’ল। 

গোলকীয় অৰ্থনৈতিক প্ৰভাৱসমূহ (Impact of Global Economy)

গোলকীয় অৰ্থনৈতিক প্ৰভাৱ (Global Economic Impacts) হৈছে বিশ্বব্যাপী অৰ্থনৈতিক পৰিৱর্তনসমূহ, যি ৰাষ্ট্ৰীয় আৰু আঞ্চলিক অৰ্থনীতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। এই প্ৰভাৱ কেইটাক বিভিন্ন দিশৰ পৰা বিশ্লেষণ কৰিব পাৰি—

১। বাণিজ্য আৰু বিনিয়োগ (Trade and Investment)

(ক) মুক্ত বজাৰ নীতি আৰু বাণিজ্য চুক্তিৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বৃদ্ধি হয়।

(খ) বৈদেশিক বিনিয়োগ (FDI) ৰ ফলে উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক বৃদ্ধিত সহায় কৰে।

(গ) শুল্ক আৰু বাণিজ্য যুদ্ধ বিশ্ব বাণিজ্যক অস্থিতিশীল কৰি তোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কৰ্মসংস্থান আৰু সঞ্চালন (Employment and automation)

(ক) বহুজাতিক কোম্পানিসমূহ উৎপাদনৰ বাবে নিম্ন-খৰচৰ দেশসমূহলৈ স্থানান্তৰিত হয়, যাৰ ফলত একদেশত চাকৰি বৃদ্ধি হয় আৰু আন দেশত হ্ৰাস পায়।

(খ) অটোমেশ্বন আৰু এআইৰ ব্যাপক প্ৰয়োগে কিছু চাকৰি নোহোৱা কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিছে।

৩। মুদ্ৰা নীতি আৰু বিনিময় হাৰ (Monetary Policy and Exchange Rate)

(ক) ডলাৰ, ইউৰো, আৰু চীনা ইউৱানৰ শক্তিশালী প্ৰভাৱ আছে বিশ্ব অৰ্থনীতিত।

(খ) মুদ্ৰাৰ মানৰ ওঠ-পতনে আমদানি-নিৰ্যাতন ক্ষেত্ৰক প্ৰভাৱিত কৰে।

৪। পৰিৱেশগত প্ৰভাৱ (Environmental Impact)

(ক) উদ্যমী কাৰখানা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিবহণ ব্যৱস্থাই কাৰ্বন নিঃসৰণ বৃদ্ধি কৰিছে।

(খ) পৰিৱেশগত সমস্যাৰ প্ৰতি বিশ্বব্যাপী সচেতনতা আৰু নীতি-নিয়মৰ প্ৰভাৱ পৰিছে।

৫। অৰ্থনৈতিক সংকট আৰু স্থিতিশীলতা (Economic Crises and Stability)

(ক) ২০০৮ ৰ বিশ্ব মন্দাৰ দৰে সংকটসমূহৰ ফলত বহুতো দেশৰ GDP হ্ৰাস পাইছিল।

(খ) COVID-19 মহামাৰীৰ দৰে বৈশ্বিক স্বাস্থ্য সংকটৰ সময়ত যোগান শৃংখল (Supply Chain) ধ্বংস হয়।

৬। Digital অৰ্থনীতি আৰু E -Commerce (Digital Economy and E -Commerce)

(ক) ই-কমাৰ্চ আৰু ফিনটেক (Fintech) শিল্পই বিশ্ব অৰ্থনীতিত বিপ্লৱ ঘটাইছে।

(খ) ক্ৰিপ্টোকাৰেন্সী আৰু ব্লকচেইন ব্যৱস্থাই নতুন অৰ্থনৈতিক সুযোগ সৃষ্টি কৰিছে।

Sl. No.CONTENTS
Unit – 1গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী
Unit – 2বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ
Unit – 3সমসাময়িক গোলকীয় সমস্যা – I
Unit – 4সমসাময়িক গোলকীয় সমস্যা – II
Unit – 5গোলকীয় পৰিবৰ্তন: ক্ষমতা আৰু প্ৰশাসন

গোলকীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ (Characteristics of Global Economy)

১। কম জনমুৰি আয়: ভাৰতত জাতীয় আয়ৰ লগতে জনমুৰি আয়ৰ মাত্ৰাও খুবেই কম। বিশ্ব বেংকৰ প্ৰতিবেদন মতে, ২০০৫ চনত ভাৰতৰ জনমুৰি আয় আছিল $৭২০। কেৱল কিছুমান দেশক বাদ দি ভাৰত পৃথিৱীৰ সবাতোকৈ কম জনমুৰি আয় থকা দেশ। ২০০৫ চনত চুইজাৰলেণ্ডৰ জনমুৰি আয় ভাৰতৰ জনমুৰি আয়তকৈ ৫৪ গুণ বেছি আছিল, USA ত ৬১ গুণ, জাৰ্মানীত ৪৮ গুণ আৰু জাপান ৫৪ গুণ বেছি ভাৰতৰ জনমুৰি আয়তকৈ। যদিও বিনিময় হাৰত গণনা কৰা জনমুৰি আয়, পৃথিৱীৰ বিভিন্ন দেশৰ জনমুৰি আয়ৰ তুলনাত অত্যুক্তি কৰিছে, ক্ৰয় শক্তি ক্ষমতা হিচাপত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনমুৰি আয় ভাৰততকে ১২ গুণ বেছি।

২। কৃষিক্ষেত্ৰত অত্যধিক নিৰ্ভৰতা: ভাৰতীয় অৰ্থনীতিক কৃষিৰ ওপৰত নিৰ্ভৰশীল অৰ্থনীতি বুলি কোৱা হয়। বিশ্ব বেংকৰ প্ৰতিবেদন মতে, ২০০৪ চনত ভাৰতত মুঠ কৰ্মৰত মানুহৰ ৫৮ শতাংশ মানুহ কৃষি ক্ষেত্ৰৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থাকে যদিও কৃষিবিভাগে মুঠ জাতীয় আয়ৰ ২১ শতাংশ হে প্ৰদান কৰে। কিন্তু অধিক উন্নত ৰাষ্ট্ৰ যেনে- জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ মুঠ কৰ্মৰত মানুহৰ ১-৫ শতাংশ মানুহ নিযুক্ত থাকে কৃষি ক্ষেত্ৰত।

৩। অতিমাত্ৰাত জনসংখ্যা বৃদ্ধি: স্বাধীনতাৰ পিছৰ পৰাই ভাৰতৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ আহিছে। ভাৰতত বাৰ্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১.৩১ শতাংশ ১৯৪১-৫০ চনত, ২.৫ শতাংশ ১৯৭১-৮১চনত, ২.১১ শতাংশ ১৯৮১-৯১ চনত। জনসংখ্যা বৃদ্ধিৰ অন্যতম এটা কাৰণ হল মৃত্যুৰ সংখ্যা কমি অহা। ১৯১১-২০ চনৰ ভিতৰত মৃত্যুৰ হাৰ আছিল ৪৯জন প্ৰতি হেজাৰত আৰু এই মৃত্যুৰ হাৰ কমি ৭.১ জনমুৰি হয় প্ৰতি হেজাৰত, ২০১১ চনত। অতিমাত্ৰা জনসংখ্যায়ে ভাৰতত উপলব্ধ থকা দ্ৰব্য আৰু সেৱাৰ নাটনিৰ সৃষ্টি কৰিছে।

৪। নিবনুৱা সমস্যা: পৃথিৱীৰ বিভিন্ন উন্নয়নশীল ৰাষ্ট্ৰ নিচিনা ভাৰততো নিবনুৱা সমস্যাই অৰ্থনৈতিক উন্নতিৰ পথত বাধাৰ সৃষ্টি কৰিছে। ভাৰতত কৃষিক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক মানুহ নিযুক্ত হৈ আছে যাৰ ফলত শ্ৰমিকৰ প্ৰান্তিক উৎপাদনৰ হাৰও কমি আহিছে। এন.এছ.এছ (National Sample Survey) ৰ তথ্য অনুসৰি ১৯৯০ চনলৈকে ভাৰতত নিবনুৱাৰ সংখ্যা আছিল ২৪ মিলিয়ন (২.৮ কোটি)। ১৯৯০-১৯৯৫ চনত নতুনকৈ আৰু ৩৭ মিলিয়ন নিবনুৱা শ্ৰমিকৰ সৃষ্টি হয়। অষ্টম পঞ্চবাৰ্ষিকী পৰিকল্পনা লৈকে অৰ্থাৎ ১৯৯৫ লৈকে ভাৰতত নিবনুৱা সংখ্যা বাঢ়ি গৈ হৈছিল ৬৫ মিলিয়ন (৬.৫ কোটি)। ভাৰত চৰকাৰৰ ২০১৮ চনৰ তথ্য অনুসৰি ভাৰতত নিবনুৱা সংখ্যা প্ৰায় ৩১ মিলিয়ন (৩.১ কোটি)। কিন্তু এইটো এখন বিতৰ্কিত তথ্য।

৫। নিম্নমানৰ প্ৰযুক্তিবিদ্যা: নিম্নমানৰ প্ৰযুক্তি বিদ্যা ভাৰতীয় অৰ্থনীতিৰ এটা মুল বৈশিষ্ট্য। মুলধনৰ অভাৱৰ বাবে ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই। ভাৰতত নতুন প্ৰযুক্তিবিদ্যা ব্যৱহাৰ নকৰা বা কৰিব নোৱাৰাৰ ক্ষেত্ৰত বহুত কাৰণ আছে যেনে মূলধনৰ অভাৱ, শিক্ষাৰ অভাৱ, কুসংস্কাৰ ইত্যাদি।

৬। নিম্নমানৰ মানৱ সম্পদ: মানৱ সম্পদৰ নিম্নমানৰ বাবে ভাৰতীয় অৰ্থনীতি ভুগিয়াছে। ব্যাপক নিৰক্ষৰতা ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ পথত বাধাৰ সৃষ্টি কৰিছে। ২০১১ ৰ গণনা অনুযায়ী, ভাৰতত স্বাক্ষৰ মানুহৰ সংখ্যা আছিল ৭৭,৮৪,৫৪,১২০ জন যিটো ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৫শতাংশ আছিল। যাৰ ভিতৰত মহিলাৰ সংখ্যা আছিল ৩৩,৪২,৫০,৩৫৮ জন আৰু পুৰুষৰ সংখ্যা আছিল ৪৪,৪২,০৩,৭৬২ জন আৰু বাকী ২৫ শতাংশ মানুহই আছিল নিৰক্ষৰ। কিন্তু উন্নত দেশ যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, অষ্ট্ৰেলিয়াৰ নিচিনা দেশত নিৰক্ষৰতাৰ হাৰ ৩ শতাংশ তকৈও কম। নিৰক্ষৰতাই ৰক্ষণশীলতাক পুহি ৰাখে যিটো এখন দেশৰ অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে।

৭। অনুন্নত জীৱনৰ মানদণ্ড: ভাৰতত মানুহৰ জীৱনৰ মানদণ্ড খুবেই নিম্নমানৰ। ইয়াৰ এক অন্যতম কাৰণ হল কম জনমুৰি আয় আৰু কম জাতীয় আয়। International Food Policy Research Institute (IFPRI) এ প্ৰকাশ কৰা গ্লোবেল হাঙ্গাৰ ইনডেস্ক (Global Hunger Index), ২০১৯ ৰ তথ্য অনুসৰি ভাৰতৰ স্থান আছে ১০২ নম্বৰত ১১৭খন দেশৰ ভিতৰত আৰু ভাৰতে স্কোৰ পাইছে ৩০.৩, যিটো এটা বিৰাট ভয়ংকৰ অৱস্থা ভাৰতৰ বাবে।

গোলকীয় অর্থনীতিৰ গুৰুত্ব (Significance of Global Economy)

গোলকীয় ৰাজনীতিৰ গুৰুত্বপূৰ্ণ কাৰণ এইটোৱে ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্ক গঢ়ি তোলে, বিশ্বৰ স্থিৰতা নিশ্চিত কৰে, আৰু অৰ্থনৈতিক, সামাজিক আৰু পৰিৱেশ সংক্রান্ত নীতি-নিয়ম প্ৰভাৱিত কৰে। ইয়াৰ কিছু গুৰুত্বপূর্ণ দিশ হ’ল—

১। শান্তি আৰু সুৰক্ষা: কূটনীতি, চুক্তি, আৰু ৰাষ্ট্ৰসংঘ (UN) ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ জৰিয়তে সংঘাত ৰোধ কৰাত সহায় কৰে। আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ, ছাইবাৰ যুদ্ধ, আৰু নিউক্লীয়াৰ সংকট যেনেকুৱা বিশ্বব্যাপী ভয়াবহ সমস্যাসমূহ মোকাবিলা কৰে।

২। অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য: বাণিজ্য চুক্তি, অৰ্থনৈতিক জোট (যেনে WTO, IMF, বিশ্ব বেংক) গঠন কৰাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক স্থিৰতা নিশ্চিত কৰে। বিশ্ববাজৰ নিয়ন্ত্রণ আৰু বিকাশৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰে।

৩। মানৱ অধিকাৰ আৰু সমাজিক ন্যায়: গণতন্ত্ৰ, মানৱ অধিকাৰ, আৰু যুদ্ধপ্ৰবণ অঞ্চলসমূহত মানৱীয় সহায় প্ৰদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি গুৰুত্বপূৰ্ণ। দৰিদ্ৰতা, অভিবাসন সমস্যা, আৰু জাতিগত বিভেদৰ দৰে সামাজিক সমস্যাসমূহৰ সমাধানৰ বাবে কৌশল প্ৰস্তুত কৰে।

৪। পৰিৱেশ আৰু টেকসই উন্নয়ন: জলবায়ু পৰিৱৰ্তন, বনাঞ্চল সংৰক্ষণ, আৰু প্ৰাকৃতিক সম্পদৰ টেকসই ব্যৱহাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আগবঢ়ায়। পেৰিছ চুক্তি (Paris Agreement) বা SDGs (Sustainable Development Goals)ৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰিকল্পনাসমূহ বাস্তৱায়নে সহায় কৰে।

৫। সাংস্কৃতিক আৰু প্ৰযুক্তিগত বিনিময়: বিজ্ঞান, প্ৰযুক্তি, আৰু শিক্ষাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰে। বিশ্বজোৰা সাংস্কৃতিক বিনিময়ৰ জৰিয়তে শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ সহায় কৰে।

সামৰণি (Conclusion)

গোলকীয় অৰ্থনীতি বিশ্বৰ সকলো দেশৰ অৰ্থনৈতিক ব্যৱস্থাক আন্তঃসংযোগী আৰু পৰস্পৰ নির্ভৰশীল কৰি তুলিছে। ইয়াৰ ফলত বাণিজ্য, বিনিয়োগ, প্রযুক্তি, আৰু জনশক্তিৰ সৰবৰাহত অভূতপূৰ্ব বৃদ্ধি ঘটিছে। গোলকীয় অৰ্থনীতিৰ সুবিধাসমূহৰ ভিতৰত বিদেশী বিনিয়োগ বৃদ্ধি, উন্নত প্ৰযুক্তি স্থানান্তৰ, আৰু বজাৰৰ বিস্তৃতি উল্লেখযোগ্য।

Sl. No.Topics
1.পৰিৱেশগত সমস্যা, উৎপত্তি, ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ চুক্তিসমূহ
2.নাৰীবাদ কি? ইতিহাস,পৰ্যায়, প্ৰকাৰ, লোক-প্রশাসনত নাৰীবাদৰ প্ৰভাৱ, বৰ্তমান সময়ত নাৰীবাদ
3.গোলকীয় অৰ্থনীতি (Global কি? প্ৰভাৱ, বৈশিষ্ট্য, গুৰুত্ব | What is Global Economy, Impact, Importance
4.গোলকীয় শাসন – অৰ্থ, উদ্দেশ্য, ক্ষেত্ৰসমূহ, ভূমিকা, উত্তৰ-দক্ষিণ বিতৰ্ক | Global Governance – Purpose, Areas, Role, Global South & North Conflict
5.গোলকীকৰণ – সংজ্ঞা, বৈশিষ্ট্য, যুক্তি, প্ৰসাৰতাৰ কাৰক, ফলাফল, ভাৰতত বিশ্বায়নৰ প্ৰভাৱ | Definition, Characteristics, Globalization in India
6.গোলকীয় প্রতিৰোধ কি? ধাৰণা, প্ৰকাৰ, গোলকীয় সামাজিক আন্দোলন, প্ৰভাৱ, এমনেষ্টী ইণ্টাৰনেচনেল | Global Resistance – Types, Global Social Movement, Impact
7.আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি? ধাৰণা, সংজ্ঞা, কাৰণ, শ্ৰেণী, বৈশিষ্ট্য, সন্ত্রাসবাদ আৰু মানৱ অধিকাৰ | International Terrorism – Definition, Causes, Class, Characteristics
8.প্ৰব্ৰজন কি? সংজ্ঞা, প্ৰকৃতি, কাৰক, প্ৰভাৱ, প্ৰব্ৰজনৰ ক্ষেত্ৰত চৰকাৰী নীতিসমূহ | What is Migration? Definition, Nature, Causes, Impact, Govt. Policy on Migration
9.পাৰমাণৱিক অস্ত্র-শস্ত্ৰ সম্প্ৰসাৰণ – বৰ্তমান সময়ৰ বিতৰ্ক, ভাৰতৰ পৰমাণু নীতি | Nuclear Weapons Proliferation, Indian Nuclear Policy
10.বাস্তৱবাদ আৰু নব্য বাস্তৱবাদ-ধাৰণা, চিন্তাবিদসকল, নব্য-উদাৰতাবাদ, নব্য-মার্ক্সবাদ | Realism and Neo-Realism, Thinkers, Neoliberalism, Neo marxism
11.সার্বভৌমত্ব কি? সংজ্ঞা, ইতিহাস, প্ৰকাৰ, বৈশিষ্ট্য, ভাৰতত সাৰ্বভৌমত্ব | Definition, History, Types, Characteristics, Sovereignty in India
12.ভৌগোলিক অখণ্ডতা – ধাৰণা, উদ্ভৱ, অখণ্ডতাৰ উদয় হোৱাৰ কাৰণসমূহ | Territoriality – Concept, Origin, Reasons for the emergence of Territoriality

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top