Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II

Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II Question Answer can be of great value to excel in the examination.

Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II

Join Telegram channel

Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II Notes cover all the exercise questions in UGC Syllabus. Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Contemporary Global Issues – II

POLITICAL SCIENCE

GLOBAL POLITICS

(গোলকীয় ৰাজনীতি)

অতি চমু প্রশ্নোত্তৰঃ

১। UNEP ৰ সম্পূৰ্ণ ৰূপ কি? (What is the full form of UNEP?)

উত্তৰঃ United Nations Environment Programme. (ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি)।

২। ভূ-সন্মিলন মানে কি? (What does land acquisition mean?)

উত্তৰঃ ভূ-সন্মিলন হ’ল ১৯৯২ চনৰ জুনত ব্ৰাজিলৰ ৰিঅ’দি জেনেইৰ’ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় সন্মিলন।

৩। সেউজগৃহ গেছ নিৰ্গত মানে কি? (What does greenhouse gas emissions mean?)

উত্তৰঃ পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলত থাকি যায়। এই গেছকে সেউজীগৃহ গেছ বোলে।

৪। UNFCCC ৰ সম্পূৰ্ণ ৰূপটো লিখা। (What is the full form of UNFCCC?)

উত্তৰঃ United Nations Framework Convention on Climate Change (ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সভা)।

৫। বিশ্বজনীন উষ্ণতা বৃদ্ধিৰ কাৰক হিচাপে থকা দুটা গেছৰ নাম লিখা। (Write the names of the two gases that cause global warming?)

উত্তৰঃ কাৰ্বন ডাই অক্সাইড (CO₂), মিথেন।

৬। কেতিয়াৰ পৰা পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰিছিল? (When did environmental issues become important?)

উত্তৰঃ ১৯৭২ চনৰ ষ্টকহ’ম ঘোষণা পত্ৰৰ পিছৰে পৰা।

৭। ব্ৰিটানিক এনচাইক্লোপেডিয়াৰ মতে পৰিৱেশ কি? (What is the environment according to the Britanic Encyclopedia?)

উত্তৰঃ ব্ৰিটেনিকা এনচাইক্লোপেডিয়াৰ মতে – “পৰিৱেশ বুলিলে জীৱ জগতত প্ৰভাৱ বিস্তাৰ কৰা সমস্ত বাহ্যিক প্ৰভাৱ (জৈৱিক আৰু অজৈৱিক) বা জনসমাজৰ চাৰিওকাষে থকা প্ৰাকৃতিক শক্তিসমূহক বুজা যায়”।

৮। ‘গোলকীয় উমৈহতীয়া’ শব্দটো কোনটো শব্দৰ পৰিৱৰ্তে প্ৰয়োগ কৰা হয়? (The word global collective is used instead of which word?)

উত্তৰঃ পৰিৱেশ শব্দটোৰ পৰিৱৰ্তে।

৯। গোলকীয় উমৈহতীয়া বুলিলে কি বুজায়? (What do you mean by global collective?)

উত্তৰঃ সাধাৰণতে গোলকীয় উমৈহতীয়াই বিশ্বৰ সমস্ত জৈৱ সমাজত প্ৰভাৱ বিস্তাৰ কৰিব পৰা প্ৰাকৃতিক ব্যৱস্থাক বুজায়। গতিকে গোলকীয় উমৈহতীয়া বুলিলে সমগ্ৰ মানৱ জাতিয়ে একেলগে ব্যৱহাৰ কৰা বায়ুমণ্ডল, জলমণ্ডল, ভূ-মণ্ডল আৰু জীৱমণ্ডলক বুজায়।

১০। কেতিয়াৰ পৰা বিশ্ব সম্প্ৰদায়ে পৰিৱেশজনিত সমস্যাৰ ওপৰত গুৰুত্ব দিছিল? (Since when has the world community focused on environmental issues?)

উত্তৰঃ ১৯৭২ চনৰ ষ্টকহম সন্মিলনৰ পিছৰ পৰাই বিশ্ব সম্প্ৰদায়ে পৰিৱেশজনিত সমস্যাৰ ওপৰত গুৰুত্ব দিছিল।

১১। প্ৰদূষণ বুলিলে কি বুজায়? (What does pollution mean?)

উত্তৰঃ সাধাৰণতে প্ৰদূষণ বুলিলে জৈৱিক, ৰাসায়নিক আৰু জৈৱিক পৰিৱেশৰ ওপৰত হোৱা কৃত্ৰিম পৰিৱৰ্তনক বুজায়।

১২। CDM ৰ সম্পূৰ্ণ নাম কি? (What is the full form of CDM?)

উত্তৰঃ কাৰ্বন নিষ্কাশন সীমিতকৰণ প্ৰযুক্তি (Clean Development Machanism)।

১৩। ষ্টকহ’ম সন্মিলনৰ প্ৰধান উদ্দেশ্য কি আছিল? (What was the main purpose of the Stockholm Conference?)

উত্তৰঃ ষ্টকহ’ম সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল মানৱ পৰিৱেশৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক উদগণি যোগোৱা আৰু ইয়াৰ বাবে প্ৰধানকৈ মানি চলিবলগীয়া বিধিসমূহ প্ৰস্তুত কৰি উলিওৱা।

১৪। ষ্টকহ’ম সন্মিলনৰ এটা পৰামৰ্শ উল্লেখ কৰা। (Mention a suggestion of the Stockholm Summit?)

উত্তৰঃ ষ্টকহ’ম সন্মিলনৰ এটা পৰামৰ্শ হ’ল- পৰিৱেশ প্ৰদূষণ ৰোধ কৰা।

১৫। UNEP ৰ এটা কাৰ্যাৱলী লিখা। (Write the functions of the UNEP?)

উত্তৰঃ UNEP ৰ এটা কাৰ্যাৱলী হ’ল – পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত নীতি নিৰ্ধাৰণ কৰা।

১৬। কিমান চনত পৰিচালনা পৰিষদে বাসস্থান সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল? (In what year did the Board of Directors convene the International Conference on Housing?)

উত্তৰঃ ১৯৭৬ চনত পৰিৱেশ সম্পৰ্কীয় পৰিচালনা পৰিষদে বাসস্থান সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল।

১৭। বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ মূল্য লক্ষ্য কি আছিল? (What was the main purpose of celebrating World Environment Day?)

উত্তৰঃ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ মূল লক্ষ্য আছিল পৰিৱেশ সংবৰ্দ্ধন আৰু সংৰক্ষণৰ বাবে বিশ্বৰ জনগণক সচেতন কৰি তোলা।

১৮। কিমান তাৰিখৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? (On what date is World Environment Day celebrated?)

উত্তৰঃ ৫ জুন তাৰিখত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

১৯। কিমান চনৰ, কোন সন্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে জলবায়ু পৰিৱৰ্তন চুক্তিপত্ৰ স্বাক্ষৰ কৰিছিল? (In which conference of which year did the international community sign the climate agreement?)

উত্তৰঃ ১৯৯২ চনৰ ৰিঅ’ সন্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে জলবায়ু পৰিৱৰ্তন চুক্তিপত্ৰ স্বাক্ষৰ কৰিছিল।

২০। বসুন্ধৰা সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী লিখা। (Write an important arrangement of Bashundhara conference?)

উত্তৰঃ বসুন্ধৰা সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী হ’ল অৰণ্য সম্পৰ্কত গ্ৰহণ কৰা অৰণ্য ব্যৱস্থাপনা, সংৰক্ষণ আৰু সুস্থিৰ বিকাশ সম্পৰ্কীয় দলিল।

২১। কেতিয়া আৰু ক’ত ৩৯ নং আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ ব্যৱস্থাৱলীৰ সন্মিলন অনুষ্ঠিত হৈছিল? (When and where was the 39th International Conference on Environmental Conditions held?)

উত্তৰঃ ২০০৯ চনৰ ১২-১৬ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়াত ৩৯ নং আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ ব্যৱস্থাৱলীৰ সন্মিলনখন অনুষ্ঠিত হৈছিল।

২২। সেউজ জলবায়ু পুঁজি গঠনৰ মুখ্য উদ্দেশ্য কি আছিল? (What was the main purpose of creating a green climate?)

উত্তৰঃ সেউজ জলবায়ু পুঁজি গঠনৰ মুখ্য উদ্দেশ্য আছিল দুখীয়া আৰু উন্নয়নমূলক ৰাষ্ট্ৰসমূহক কাৰ্বন নিৰ্গতকৰণ ৰহিত শক্তি ব্যৱহাৰ প্ৰণালী অৱলম্বন কৰাত সহায় কৰা।

২৩। সহযোগিতামূলক নিৰাপত্তা মানে কি? (What does collaborative security mean?)

উত্তৰঃ সহযোগিতাৰ জৰিয়তে নিৰাপত্তা নিশ্চিত কৰিব বিচৰা প্ৰয়াস বা প্ৰচেষ্টাক সহযোগিতামূলক নিৰাপত্তা বুলিব পাৰি।

২৪। জনসাধাৰণে কিয় প্ৰব্ৰজন কৰে? (Why do people migrate?)

উত্তৰঃ উন্নত আৰু নিৰাপদ জীৱনৰ সন্ধানত।

২৫। নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা দুটা নতুন উৎসৰ নাম লিখা। (Write the names of two new sources that pose a threat to security?)

উত্তৰঃ বিশ্ব দৰিদ্ৰতা আৰু প্ৰব্ৰজন আৰু স্বাস্থ্য মহামাৰী।

২৬। ক্ষমতাৰ ভাৰসাম্যৰ এটা বৈশিষ্ট্য লিখা। (Write a feature of balance of power?)

উত্তৰঃ ক্ষমতাৰ ভাৰসাম্যই এক স্থিতাবস্থা বাহাল ৰখাত গুৰুত্ব দিয়ে।

২৭। ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ এটা পদ্ধতি উল্লেখ কৰা। (Mention a method of balance of power?)

উত্তৰঃ মিত্ৰতা স্থাপন।

২৮। ‘ক্ষমতাৰ বিকাশ, বৃদ্ধি আৰু প্ৰকাশেই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য।” – এই কথাষাৰ কোনে কৈছিল। (“The purpose of the state is to develop, increase and reveal power” Who said this?)

উত্তৰঃ এৰিক কাফমেনে।

২৯। মৰগেনথোৰ সামূহিক নিৰাপত্তা নীতিটো উল্লেখ কৰা। (Mention the collective safety policy of Morganathar?)

উত্তৰঃ প্ৰত্যেকেই সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকৰ বাবে।

৩০। মৰগেনথোৱে আদৰ্শক কেইটা ভাগত ভাগ কৰিছে। (How many parts has divided Morganath’s ideology?)

উত্তৰঃ তিনিটা।

চমু প্ৰশ্নোত্তৰ:

১। পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য কি? (What is the difference between traditional and non-traditional security?)

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰৰ নিৰাপত্তা, জাতীয় নিৰাপত্তা বা সামৰিক নিৰাপত্তাক বুজায়। কিন্তু অপৰম্পৰাগত নিৰাপত্তাই জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অস্তিত্বৰ লগত জড়িত দিশবোৰক বুজায়।

২। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত পাৰ্থক্য লিখা। (What is the difference between a migrant and a refugee?)

উত্তৰঃ প্ৰব্ৰজনকাৰীসকলে সাধাৰণতে স্বইচ্ছাৰে উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰ ভিতৰতে এখন ঠাইৰ পৰা আন ঠাইলৈ যায় কিন্তু শৰণাৰ্থীসকল হ’ল যুদ্ধৰ ভয়ত, প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তিৰ সন্মুখীন হৈ অন্য দেশলৈ পলাই যোৱা লোক।

৩। ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ দুটা উপাদান কি কি? (What are the two components of India’s security system?)

উত্তৰঃ বিশ্বাস প্ৰতিষ্ঠা আৰু নিৰস্ত্ৰীকৰণ, ক্ষমতাৰ ভাৰসাম্য।

৪। মানৱ নিৰাপত্তা কি? ইয়াৰ সংকীৰ্ণ আৰু বহল অৰ্থ উল্লেখ কৰা। (What is human security? Mention its narrow and wide meaning?)

উত্তৰঃ মানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা। ইয়ে ৰাষ্ট্ৰৰ সুৰক্ষাতকৈ জনগণৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়ে অৱশ্যে মানৱ নিৰাপত্তা আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা প্ৰায়েই একে হোৱা দেখা যায়। কিন্তু ৰাষ্ট্ৰ সুৰক্ষিত হ’লেই জনগণ নিজে নিজে সুৰক্ষিত নহয়। বিদেশী আক্ৰমণৰ পৰা নাগৰিকক ৰক্ষণাবেক্ষণ প্ৰদান কৰাটো ব্যক্তিৰ নিৰাপত্তাৰ এক প্ৰয়োজনীয় চৰ্ত, কিন্তু ইয়েই পৰ্যাপ্ত নহয়।

৫। যুদ্ধ পৰিহাৰ কৰাৰ বাবে কেইটামান পৰামৰ্শ উল্লেখ কৰা। (Mention a few tips to avoid war?)

উত্তৰঃ যুদ্ধৰ ভাবুকিৰ প্ৰত্যুতৰ দিবলৈ এখন চৰকাৰৰ প্রধানত তিনিটা বিকল্প থাকে।

সেইকেইটা হ’ল-

(ক) আত্মসমপৰ্ণ কৰা।

(খ) যুদ্ধত অতিমাত্ৰা ব্যয় হ’ব বুলি ঘোষণা কৰি প্ৰতিপক্ষক আক্ৰমণৰ পৰা বিৰত ৰখা।

(গ) যেতিয়া প্ৰকৃততে যুদ্ধ হয় নিজকে প্ৰতিৰক্ষা প্ৰদান কৰি আক্ৰমণকাৰী ৰাষ্ট্ৰৰ উদ্দেশ্য ব্যৰ্থ কৰা আৰু আক্ৰমণকাৰী শক্তিক ওভোতাই পঠোৱা নাইবা সম্পূৰ্ণৰূপে পৰাস্ত কৰা।

৬। বাহ্যিক নিৰাপত্তাৰ পৰা ভাবুকি অহা পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত থকা চাৰিটা উপাদান কি কি? (What are the four elements of traditional security that threaten external security?)

উত্তৰঃ বাহ্যিক নিৰাপত্তাৰ পৰা ভাবুকি অহা পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত থকা চাৰিটা উপাদান হ’ল-

(ক) সামৰিক ব্যৱস্থা।

(খ) প্ৰতিৰোধ আৰু প্ৰতিৰক্ষা।

(গ) ক্ষমতাৰ ভাৰসাম্য।

(ঘ) মিত্ৰ জোঁট গঠন।

৭। মানৱ অধিকাৰৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? (What are the different types of human rights?)

উত্তৰঃ মানৱ অধিকাৰ তিনি প্ৰকাৰৰ-

(ক) অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ।

(খ) সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ।

(গ) সামূহিক অধিকাৰ।

৮। ক্ষমতাৰ ভাৰসাম্য মানে কি? এখন ৰাষ্ট্ৰই এইটো কেনেকৈ লাভ কৰে? (What does balance of power mean? How does a state gain it?)

উত্তৰঃ ক্ষমতাৰ ভাৰসাম্যই ক্ষমতা অটুট ৰখাৰ এটা পদ্ধতিক বুজায়। ই বৃহৎ আৰু শক্তিশালী দেশসমূহক নিয়ন্ত্ৰণ কৰাৰ এটা উপায়, যাতে কোনো এখন দেশ অধিক শক্তিশালী হৈ নুঠে।

এখন ৰাষ্ট্ৰই তলত উল্লেখ কৰা উপায়বোৰৰ জৰিয়তে ক্ষমতাৰ ভাৰসাম্য অর্জন কৰে।

(ক) মিত্ৰতা স্থাপন।

(খ) বিভাজন আৰু শাসন।

(গ) অস্ত্ৰ আহৰণ।

(ঘ) নিৰস্ত্ৰীকৰণ।

(ঙ) দুই শক্তিশালী ৰাষ্ট্ৰৰ মাজত সৰু ৰাষ্ট্ৰ।

(চ) যুদ্ধ।

(ছ) আভ্যন্তৰীণ হস্তক্ষেপ।

৯। “নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাটোৱে নিৰাপত্তাৰ প্ৰতি পৰিবৰ্তনশীল ভাবুকিবোৰৰ ক্ষেত্ৰত মনোযোগ দিছে”। এই নতুন ভাবুকিবোৰ কি কি? (“The nontraditional notion of security focuses on variable security threats” What are these new threats?)

উত্তৰঃ অপৰম্পৰাগত ধাৰণাই নিৰাপত্তাৰ ভাবুকিৰ পৰিৱৰ্তনীয় প্রকৃতিৰ বিষয়ে উল্লেখ কৰিছে। যেনে-

(ক) সন্ত্ৰাসবাদ।

(খ) পৰিৱেশ অৱক্ষয়।

(গ) মানৱ অধিকাৰ উলংঘন।

(ঘ) গণহত্যা।

(ঙ) দৰিদ্ৰতা।

(চ) উচ্চ হাৰত জনসংখ্যা বৃদ্ধি।

(ছ) শৰণাৰ্থী সমস্যা।

(জ) মহামাৰী ৰোগ যেনে – এইচ.আই.ভি., এইডছ।

১০। মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত জড়িত থকা দুটা বেচৰকাৰী অনুষ্ঠানৰ নাম লিখা। (Write the names of two private programs involved in the protection of human rights?)

উত্তৰঃ দুটা বেচৰকাৰী অনুষ্ঠানৰ নাম হ’ল- আন্তৰ্জাতিক ক্ষমাদান আৰু মানৱ অধিকাৰ প্ৰহৰী বা জাগৰণ।

১১। নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ কি কি? (What are the functions of the Security Council?)

উত্তৰঃ নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ হ’ল-

(ক) শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

(খ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে কোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা প্ৰয়োগ কৰা।

(গ) নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ-শস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে আঁচনি প্ৰস্তুত কৰা।

(ঘ) নিৰ্বাচন সংক্ৰান্ত কাৰ্য্য।

১২। ২০০১ চনৰ মহিলা সৱলীকৰণ নীতিৰ চাৰিটা উদ্দেশ্য বৰ্ণনা কৰা। (Mention the four objectives of the policy of women’s empowerment in the year 2001?)

উত্তৰঃ মহিলা সৱলীকৰণ নীতি ২০০১ ৰ চাৰিটা বৈশিষ্ট্য হ’ল-

(ক) লিংগ বৈষম্য আঁতৰ কৰা।

(খ) সম-মৰ্যদা প্ৰদান কৰা।

(গ) অৰ্থনৈতিক স্বাৱলম্বিতা অৰ্জন কৰা।

(ঘ) ৰাজনৈতিক ক্ষমতা প্ৰদান কৰা।

১৩। পৰিৱেশ প্ৰদূষণৰ ফলাফলসমূহ আলোচনা কৰা। (Discuss the consequences of environmental pollution?)

উত্তৰঃ পৰিৱেশৰ প্ৰদূষণ জীৱ-জন্তুৰ বাবে বিপদজনক। ই সকলোকে ধ্বংসৰ পথলৈ লৈ যাব পাৰে। পৰিৱেশৰ প্ৰদূষণে সৃষ্টি কৰা সংকটসমূহক এইদৰে উল্লেখ কৰিব পাৰি-

(ক) পৰিৱেশৰ প্ৰদূষণে বায়ুক দূষিত কৰিব ইয়াৰ ফলত জীৱ-জন্তুৰ বাবে উপযুক্ত পৰিমাণে বিশুদ্ধ বায়ুৰ অভাৱ হ’ব। এই অভাৱ বিশেষকৈ মানুহৰ বাবে বৰ ক্ষতিকাৰক।

(খ) প্ৰদূষণৰ ফলত বানপানী আৰু খৰাং বতৰৰ সৃষ্টি হ’ব পাৰে। পৃথিৱীৰ বিভিন্ন ঠাইত এনে ধৰণৰ ঘটনা সঘনে ঘটি আছে।

(গ) প্ৰদূষণৰ এটা কাৰণ হ’ল বনাঞ্চল ধ্বংস কাৰ্য। এই কাৰ্যই মানুহ আৰু অন্যান্য জীৱ-জন্তুৰ বাবে জীয়াই থকাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ দ্বাৰা বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল মানুহ আৰু অন্যান্য প্ৰাণীৰ বিশেষ ক্ষতি হয়।

(ঘ) প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ’লে কৃষিকাৰ্যত ব্যাঘাত ঘটে আৰু মানুহৰ খাদ্যবস্তুৰ অভাৱ হয়।

(ঙ) পৰিৱেশৰ প্ৰদূষণৰ ফলত বেমাৰ-আজাৰে দেখা দিয়ে। পৰিৱেশ প্ৰদূষণৰ প্ৰক্ৰিয়া চলি থাকিলে এসময়ত ৰোগ নিবাৰণৰ সমস্যাই সীমা চেৰাই যাব পাৰে।

(চ) পৰিৱেশ প্ৰদূষণে উত্তৰ পুৰুষৰ আটাইতকৈ বেছি ক্ষতি সাধন কৰে। ই তেওঁলোকৰ ভৱিষ্যতক বিপদজনক কৰিব পাৰে।

১৪। জৈৱ বৈচিত্ৰতাৰ চুক্তিপত্ৰৰ মূল ব্যৱস্থাৱলীসমূহ কি কি? (What are the key provisions in the Biodiversity Treaty?)

উত্তৰঃ জৈৱ বৈচিত্ৰতাৰ চুক্তিপত্ৰৰ মূল ব্যৱস্থাৱলীসমূহ হ’ল-

(ক) জৈৱিক সম্পদসমূহৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় আইন বা তেনে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা।

(খ) কোনো ৰাষ্ট্ৰৰ ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহে অন্য ৰাষ্ট্ৰৰ পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱৰ বাবে আইনী দায়বদ্ধতা আৰোপ কৰা।

(গ) উন্নত প্ৰযুক্তিসমূহ ৰেহাই মূল্যত হস্তান্তৰ কৰা।

(ঘ) জৈৱ প্ৰযুক্তিৰ কোম্পানীসমূহক নিয়ন্ত্ৰণ কৰা।

(ঙ) জৈৱিক সমগ্রীসমূহৰ মালিকীস্বত্ব আৰু এইসমূহৰ উলপব্ধকৰণ।

(চ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ জৈৱিক সামগ্ৰীসমূহ উদঘাটন কৰাৰ বাবদ ক্ষতিপূৰণ প্ৰদান, ইত্যাদি।

১৫। মানৱ পৰিৱেশ সম্পৰ্কত ঘোষণাপত্ৰৰ প্ৰধান গুৰুত্বপূৰ্ণ নীতিসমূহৰ বিষয়ে আলোচনা কৰা। (Discuss the main important principles of the Declaration on the Human Environment?)

উত্তৰঃ মানৱ পৰিৱেশ সম্পৰ্কত ঘোষণাপত্ৰৰ প্ৰধান গুৰুত্বপূৰ্ণ নীতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

(ক) মানৱীয় দায়বদ্ধতা (Human Responsibility): প্ৰত্যেক ব্যক্তিৰে সুস্থ আৰু মৰ্যাদাসম্পন্ন জীৱন যাপনৰ বাবে এক সুস্থ গুণ সম্পন্ন পৰিৱেশত জীৱন ধাৰণৰ উপযুক্ত সুবিধা লাভৰ অধিকাৰ আছে। সেয়ে প্ৰত্যেকজন ব্যক্তিয়েই বৰ্তমানৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও পৰিৱেশৰ ৰক্ষা আৰু উন্নত কৰাৰ দায়িত্বও আছে। অৰ্থাৎ সুস্থ পৰিৱেশ লাভ কৰাটো যেনেদৰে আমাৰ অধিকাৰ তেনেদৰে পৰিৱেশ সুস্থ কৰি ৰখাটো আমাৰ দায়িত্ব।

(খ) প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা (Safeguard of natural eco system): এই পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদসমূহ, যেনে- বায়ু, পানী, ভূমি, জলাশয়, জান-জুৰিকে ধৰি আমাৰ প্ৰাকৃতিক জৈৱ বৈচিত্ৰতাক সুৰক্ষিত কৰিব লাগে যাতে বৰ্তমানৰ লগতে ভৱিষ্যত প্ৰজন্ময়ো ইয়াক ভোগ কৰিব পাৰে।

(গ) পৰিৱেশ প্ৰদূষণ ৰোধ কৰা (Prevention of Environmental Pollution): মানৱৰ লগতে জলস্থলৰ জীৱকূলৰ জীৱন বিপন্ন কৰিব পৰাকৈ বায়ু, জল আৰু স্থল প্ৰদূষণ ৰোধৰ বাবে ৰাষ্ট্ৰসমূহে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

(ঘ) ৰাষ্ট্ৰৰ অধিকাৰ (Right of the States): প্ৰত্যেক ৰাষ্ট্ৰৰে নিজা চাৰিসীমাৰ ভিতৰত উপলব্ধ প্ৰাকৃতিক সম্পদৰ ওপৰত অধিকাৰ আছে। কিন্তু এই অধিকাৰ প্ৰয়োগ কৰিবলৈ যাওঁতে চাব লাগিব যাতে তেনে কাৰ্যই আন ৰাষ্ট্ৰৰ অধিকাৰ খৰ্ব নকৰে বা নিজ ৰাষ্ট্ৰীয়

 চাৰিসীমাৰ বাহিৰত গৈ ইয়াক প্ৰয়োগৰ ব্যৱস্থা কৰা নহয়।

(ঙ) আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতা (International liabilities): ৰাষ্ট্ৰসমূহে কোনো ৰাষ্ট্ৰই নিজা ৰাষ্ট্ৰীয় এলেকাত বাহিৰত কৰা পৰিৱেশৰ হানিকাৰক সম্পৰ্কীয় কাৰ্যৰ বাবে পৰিৱেশ ক্ষতি কৰা ৰাষ্ট্ৰখনৰ প্ৰতি গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাপনাৰ লগতে ভুক্তভোগী ৰাষ্ট্ৰখনৰ প্ৰাপ্য ক্ষতিপূৰণ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় আইন প্ৰস্তুত কৰাত সহযোগিতা আগবঢ়াব।

গতিকে দেখা যায় যে মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহ’ম ঘোষণাপত্ৰই ৰাষ্ট্ৰসমূহে পৰিৱেশ প্ৰদূষণ আদি সম্পৰ্কত পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যসমূহ স্পষ্ট কৰি দিছে। অৱশ্যে ষ্টকহ’ম ঘোষণাপত্ৰৰ নীতিসমূহ ৰাষ্ট্ৰসমূহে মানি চলিবলৈ বাধ্য নহয় যদিও আন্তঃৰাষ্ট্ৰীয় সজাগতা সৃষ্টি তথা বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এই দিশসমূহে প্ৰধান বিষয় হিচাপে বিবেচিত হোৱাত এই দিশসমূহ মানি চলিবলৈ ৰাষ্ট্ৰসমূহে এক প্ৰকাৰৰ বাধ্য হৈ পৰিছে।

১৬। পৰিৱেশ সুৰক্ষাৰ বাবে কৰা কেতবোৰ আনুষ্ঠানিক আৰু বিত্তীয় ব্যৱস্থাপনাৰ ব্যৱস্থা সম্পৰ্কে লিখা। (Write about some of the formal and financial arrangements made to protect the environment?)

উত্তৰঃ পৰিৱেশ সুৰক্ষাৰ বাবে কৰা কেতবোৰ আনুষ্ঠানিক আৰু বিত্তীয় ব্যৱস্থাপনাৰ ব্যৱস্থা সমূহ হ’ল-

(ক) পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ বাবে পৰিচালনা পৰিষদ (Governing Council for Environment Programme): ষ্টকহ’ম সন্মিলনে পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ বাবে এখন পৰিচালনা পৰিষদ গঠনৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লয়। এই পৰিচালনা পৰিষদখন ৫৪ জন সদস্যৰে গঠিত হ’ব আৰু ইয়াৰ কাৰ্যকাল তিনিবছৰীয়া হ’ব। বিশ্বৰ ভৌগোলিক অঞ্চলসমূহৰ পৰা সমানুপাতিক প্ৰতিনিধিত্বৰ ভিত্তিত এই ৫৪ জন সদস্য নিৰ্বাচিত কৰা হ’ব। এই পৰিচালনা পৰিষদৰ মুখ্য কাৰ্য হ’ব বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰৰ মাজত পৰিৱেশ সম্পৰ্কীয় দিশত সহযোগিতা বৃদ্ধি কৰা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সংগঠনৰ দ্বাৰা কাৰ্যকৰী কৰা বিভিন্ন কাৰ্যসূচীৰ সুসমন্বয় সাধন কৰা।

(খ) পৰিৱেশ সম্পৰ্কীয় সচিবালয় (Environment Secretariate): ষ্টকহ’ম সন্মিলনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা এখন পৰিৱেশ সচিবালয় প্ৰতিষ্ঠাৰ বাবে পৰামৰ্শ আগবঢ়ায়। এনে পৰিৱেশ সচিবালয়ৰ মুখ্যকাৰ্য হৈছে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহৰ সমন্বয় সাধন কৰা। আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক পৰামৰ্শ দিয়া, বিশ্বৰ বিজ্ঞানীসকলৰ মাজত সহযোগিতা বৃদ্ধি কৰা, ৰাষ্ট্ৰসংঘৰ দ্বাৰা কাৰ্যকৰীকৰণৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰা।

(গ) পৰিৱেশ সম্পৰ্কীয় পুঁজি (Environmental Fund): বিশ্ব পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ বাস্তৱত কাৰ্যকৰী কৰিব পৰাকৈ অতিৰিক্ত পুঁজি যোগান ধৰিব পৰাকৈ এক পৰিৱেশ সম্পৰ্কীয় পুঁজি গঠনৰ পৰামৰ্শ আগবঢ়ায়। সন্মিলনৰ সিদ্ধান্ত মৰ্মে এই পুঁজি ইচ্ছাধীন বৰঙণিৰ দ্বাৰা গঠন কৰা হ’ব।

(ঘ) পৰিৱেশ সম্পৰ্কীয় সহযোগিতা বোৰ্ড (Environmental Co-ordination Board): ষ্টকহ’ম সন্মিলনে বিশ্ব পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ ৰূপায়ণ তথা সমন্বয় সাধন কৰাৰ বাবে এখন পৰিৱেশ সম্পৰ্কীয় বোৰ্ড গঠনৰ বাবে পৰামৰ্শ আগবঢ়ায়। 

১৭। ধৰিত্ৰী সন্মিলনে গ্ৰহণ কৰা চূড়ান্ত দলিলৰ প্ৰধান বিষয়সমূহ লিখা। (Write the main points of the final document adopted at the Earth Summit?)

উত্তৰঃ ধৰিত্ৰী সন্মিলনে গ্ৰহণ কৰা চূড়ান্ত দলিলৰ প্ৰধান বিষয়সমূহ তলত উল্লেখ কৰা হ’ল-

(ক) দলিলখনৰ মতে উন্নত ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত কেৱল সেউজ গৃহ গেছৰ নিৰ্গতকৰণ হ্ৰাসৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আইনগতভাৱে বাধিত হোৱা অৰ্থপূৰ্ণ, বাস্তৱিক আৰু সামানুপাতিক লক্ষ্য সমূহহে (Legaly binding, meaningful, realistic and equitable targets) বিবেচনা কৰিব।

(খ) ধৰিত্ৰী সন্মিলনৰ পিছতো বাদ পৰি যোৱা ৰাষ্ট্ৰসমূহেও চুক্তিপত্ৰখনৰ অনুমোদন জনাব আৰু কাৰ্যকৰী কৰিব। 

(গ) বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহৰ ক্ষেত্ৰত সুৰক্ষিত বিকল্পৰ সন্ধান কৰিব আৰু উদ্ভাৱন হোৱা তেনে প্ৰযুক্তি অনুন্নত বা দুখীয়া ৰাষ্ট্ৰসমূহলৈও হস্তান্তৰ কৰিব।

(ঘ) উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ পৰিৱেশনৰ ফালৰ পৰা উপযুক্ত বুলি বিবেচিত প্ৰযুক্তিসমূহ হস্তান্তৰৰ বাবে উন্নত ৰাষ্ট্ৰসমূহৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।

(ঙ) জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আপুৰুগীয়া বা লুপ্তপ্ৰায় জীৱসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব।

(চ) উন্নত ৰাষ্ট্ৰসমূহে সেউজ গৃহ গেছ নিৰ্গতকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ণিত লক্ষ্যত (০.৭ শতাংশ) উপনীত হ’বৰ বাবে চেষ্টা চলাব।

(ছ) ৰাষ্ট্ৰসংঘৰ সুস্থিৰ বিকাশ আয়োগৰ (UN Commission on Sustainable Development): অধীনত অৰণ্যানিৰ সুৰক্ষাৰ বাবে আন্তঃচৰকাৰী মঞ্চ (Intergovernmental Forum) গঠন কৰিব ইত্যাদি।

১৮। কিয়ট’ আচৰণবিধিৰ মুখ্য ব্যৱস্থাৱলীসমূহ লিখা। (Write the main provisions of the Kyoto Code of Conduct?)

উত্তৰঃ কিয়ট’ আচৰণবিধিৰ মুখ্য ব্যৱস্থাৱলীসমূহ হ’ল-

(ক) ১৯৯০ চনৰ পৰ্যায়লৈকে বায়ুমণ্ডলৰ সেউজ গৃহ গেছৰ পৰিমাণ হ্ৰাস কৰিবলৈ হ’লে ‘Annex-I’³ ৰাষ্ট্ৰসমূহে গড়ে ৫.২ শতাংশ এই গেছসমূহৰ নিৰ্গতকৰণ হ্ৰাস কৰিব। সেই অনুসৰি আমেৰিকাই ২০১২ চনৰ ভিতৰত ৭ শতাংশ, ইউৰোপীয় সংঘৰ অন্যান্য সদস্য ৰাষ্ট্ৰই ৮ শতাংশ, কানাডাই ৬ শতাংশ, জাপানে ৬ শতাংশ সেউজ গৃহ গেছ নিষ্কাশন হ্ৰাস কৰিব। ৰাছিয়ায়ো ১৯৯০ চনৰ নিৰ্গতকৰণ স্তৰতে ভৱিষ্যতৰ নিৰ্গতকৰণ স্থবিৰ ৰাখিব লাগিব। অন্যহাতে অষ্ট্ৰেলিয়াই ৮ শতাংশ পৰ্যন্ত নিৰ্গতকৰণ বৃদ্ধি কৰিব পাৰিব।

(খ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে নিৰ্গতকৰণৰ কোনো সীমাবদ্ধতা নাই যদিও সেউজ গৃহ গেছ নিৰ্গতকৰণৰ উৎসসমূহ নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলাব লাগিব।

(গ) সেউজ গৃহ গেছৰ গোটেই ছটা গেছৰে (কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন, HFSC, PFS আৰু ছালফাৰ হেক্সাফ্ল’ৰাইড) নিৰ্গতকৰণ হ্ৰাস কৰিব।

(ঘ) সেউজ গৃহ গেছ নিৰ্গতকৰণ সীমিতকৰণৰ সময়সীমা ২০০৮ চনৰ পৰা ২০১২ চন হ’ব।

(ঙ) নিৰ্গতকৰণ কৰ্তনৰ উপায় হিচাপে নিৰ্গতকৰণ বাণিজ্য (Emission Trading), যৌথ প্ৰকল্প কাৰ্যকৰীকৰণ বা স্বচ্ছ সঁজুলি (Clean Development Mechanism) অন্তৰ্ভুক্ত কৰা হ’ব। সাধাৰণতে ‘Non-Annex-I’ দেশসমূহে এই তিনিটা দিশৰ ওপৰত গুৰুত্ব দিব। উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহত প্ৰকল্প কাৰ্যকৰীকৰণত সহায় কৰিব পাৰিব।

(চ) যিহেতু আচৰণ বিধিয়ে শাস্তিমূলক ব্যৱস্থাৱলীৰ বিষয়ে চিন্তা কৰা নাই সেয়ে সেই বিষয়টো ১৯৯৮ চনত Buenos Aires ত অনুষ্ঠিত হ’বলগীয়া (COP4) সভাত আলোচনা কৰা হ’ব।

১৯। ভিয়েনা চুক্তিপত্ৰৰ অনুচ্ছেদ ২ ত চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ দ্বাৰা মানি চলিবলগীয়া প্ৰধান বাধ্যবাধকতাসমূহ কি কি? (What are the main obligations of the signatory states to Article 2 of the Vienna Convention?)

উত্তৰঃ ভিয়েনা চুক্তিপত্ৰৰ অনুচ্ছেদ ২ ত চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ দ্বাৰা মানি চলিবলগীয়া প্ৰধান বাধ্যবাধকতাসমূহ হ’ল-

(ক) অ’জন স্তৰৰ পৰিৱৰ্তনৰ ফলস্বৰূপে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱসমূহ ভালদৰে অনুধাৱন কৰা আৰু ইয়াৰ উপযুক্ত মূল্যায়নৰ বাবে শৃংখলাবদ্ধ পৰ্যবেক্ষণ, গৱেষণা আৰু তথ্য সৰবৰাহত সহযোগিতা আগবঢ়োৱা। 

(খ) অ’জন স্তৰৰ ক্ষয়ীভৱন ৰোধকৰণৰ বাবে ল’বলগীয়া সাৱধানতা তথা কৌশলসমূহৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰৰ চৰকাৰে ৰাষ্ট্ৰীয় আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণ কৰা।

(গ) অ’জন স্তৰৰ ক্ষয়ীভৱন ৰোধৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে সন্মতি জনোৱা ব্যৱস্থাৱলী কাৰ্যকৰীকৰণৰ বাবে সহযোগিতা আগবঢ়োৱা।

(ঘ) চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গঠন কৰা উপযুক্ত কৰ্তৃপক্ষৰ প্ৰতি সহযোগিতা আগবঢ়োৱা যাতে চুক্তিপত্ৰখনৰ ব্যৱস্থাৱলীসমূহ কাৰ্যকৰী কৰিব পৰা যায়।

১৯৮৫ চনৰ ভিয়েনা চুক্তিপত্ৰখনৰ জৰিয়তেই বিশ্ববাসীয়ে পোনপ্ৰথমবাৰৰ বাবে অ’জন স্তৰৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰে। ইয়াৰ পিছতে   ১৯৮৭ চনত অ’জন স্তৰৰ ক্ষয়ীভৱন সম্পৰ্কত মন্ত্ৰিয়ালত Montreal Protocol বা মন্ত্ৰিয়াল আচৰণ বিধি গ্ৰহণ কৰা হয় যাক ১৯৯০ চনত লণ্ডন সন্মিলনত সংশোধন কৰা হয়। তদুপৰি ১৯৮৭ চনৰ এই Montreal Protocol on Substances that Deplete the Ozone Layer ক ১৯৯২ আৰু ১৯৯৫ চনত পুনৰবাৰ কোপেনহেগেন আৰু ভিয়েনা সন্মিলনত সংশোধন কৰা হয়। ১৯৯২ চনৰ জুন মাহত ভাৰতে মন্ত্রিয়াল আচৰণ বিধিত স্বাক্ষৰ দান কৰে।

২০। ৰাষ্ট্ৰসংঘৰ চনদত মানৱ অধিকাৰসমূহ কি কি? (What are the human rights of the UN Charter?)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদত মানৱ অধিকাৰ সমূহক তিনি ভাগত ভাগ কৰি দেখুওৱা হৈছে। 

সেইসমূহ  তলত আলোচনা কৰা হ’ল-

(ক) পৌৰ আৰু ৰাজনৈতিক অধিকাৰ: এই অধিকাৰবোৰ মানুহৰ জীৱনৰ অধিকাৰ আৰু ব্যক্তি স্বাধীনতা সুৰক্ষাৰ লগত নিবিড়ভাৱে জড়িত। ব্যক্তিৰ স্বাধীনতা আৰু জীৱনৰ সুৰক্ষা, অধিকাৰ, গোপনীয়তাৰ অধিকাৰ, সম্পত্তি অৰ্জনৰ অধিকাৰ, চিন্তা, বিবেচনা, নিৰ্যাতন আৰু অমানৱীয় কাৰ্যৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় স্বাধীনতা আৰু পৌৰ আৰু ৰাজনৈতিক অধিকাৰৰ অন্তৰ্ভুক্ত।

(খ) সামূহিক অধিকাৰ: মানৱ অধিকাৰৰ তালিকাত অন্তৰ্ভুক্ত যিবিলাক অধিকাৰ ব্যক্তিসকলে সংঘবদ্ধভাৱে ভোগ কৰিব পাৰে তেনে অধিকাৰক সামূহিক অধিকাৰ বোলা হয়। এই অধিকাৰৰ ভিতৰত উন্নতি, শান্তি, নিৰাপদ পৰিৱেশ, মানৱীয় সহায়ত লাভ কৰা অধিকাৰ, ৰাষ্ট্ৰবিহীন ব্যক্তিৰ অধিকাৰ, মহিলাৰ অধিকাৰ, ভূমিপুত্ৰৰ অধিকাৰ, শৰনাৰ্থীৰ অধিকাৰ আদিক অন্তৰ্ভুক্ত কৰা হয়। 

(গ) সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ: এই কেইটাৰ অধিকাৰ মানৱ অধিকাৰসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ। উপযুক্ত খাদ্য, বস্ত্ৰ, বাসস্থানৰ অধিকাৰ, ক্ষুধা নিবাৰণৰ অধিকাৰ, কৰ্মৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সামাজিক নিৰাপত্তাৰ অধিকাৰ আদি এই কেইটা অধিকাৰৰ অন্তৰ্ভুক্ত কৰিব পাৰি ইত্যাদি।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। ৰাষ্ট্ৰসংঘৰ চনদত সামূহিক নিৰাপত্তাৰ বাবে কি কি ব্যৱস্থাৰ উল্লেখ আছিল বহলাই আলোচনা কৰা। (What are the provisions for collective security mentioned in the UN Charter to be discussed in detail?)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰৰ চনদতো সামূহিক নিৰাপত্তা সম্পৰ্কে উল্লেখ কৰিছে। ৰাষ্ট্ৰসংঘৰ চনদৰ সপ্তম অধ্যায়ত সামূহিক নিৰাপত্তাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। চনদখনত নিৰাপত্তা পৰিষদৰ হাততহে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ প্ৰধান দায়িত্ব ন্যস্ত কৰিছে। এইক্ষেত্ৰত নিৰাপত্তা পৰিষদে বিশ্বশান্তিৰ বাহক হিচাপে দায়িত্ব পালন কৰিব লাগে। চনদৰ এক অনুচ্ছেদ অনুসৰি শান্তিৰ কাৰণে দেখা দিয়া ভাবুকি আঁতৰ কৰা আৰু বাধা দিবৰ কাৰণে সমূহীয়া ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আন কথাত নিৰাপত্তাত পৰিষদে কি পৰিস্থিতিত শক্তি প্ৰয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, সেই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এনে সিদ্ধান্ত সকলো সদস্য ৰাষ্ট্ৰৰ ক্ষেত্ৰতে প্ৰযোজ্য। 

নিৰাপত্তা পৰিষদে শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। নিৰাপত্তা পৰিষদে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। সামৰিক ব্যৱস্থাৰ উপৰি নিৰাপত্তা পৰিষদৰ অসামৰিক ব্যৱস্থা আছে। এনে ব্যৱস্থাৰ ফলত নিৰাপত্তা পৰিষদে অৰ্থনৈতিক যোগাযোগ ৰেল, ডাক, তাঁৰ, ৰেডিঅ’, জাহাজ বা বিমানৰ যোগাযোগ আক্ৰমণকাৰী ৰাষ্ট্ৰৰ লগত আংশিক বা সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰে। যদি আক্ৰমণকাৰী দেশখনৰ ক্ষেত্ৰত উপৰোক্ত ব্যৱস্থাৱলী যথেষ্ট নহয় তেন্তে সদস্য ৰাষ্ট্ৰবিলাকৰ সৈন্যবাহিনীৰ সমাবেশ বা অৱেৰাধ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে।

নিৰাপত্তা পৰিষদৰ অধীনত এখন সামৰিক ৰক্ষা সমিতি থাকিব আৰু সেই সমিতিখনে বিশ্বশান্তিৰ কাৰণে নিৰাপত্তা পৰিষদে বিচৰামতে ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰবোৰে সামৰিক সাহাৰ্য দিব। আন কথাত বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে প্ৰয়োজন সাপেক্ষে নিৰাপত্তা পৰিষদে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে।

তদুপৰি ৰাষ্ট্ৰসংঘৰ ৪৩ অনুচ্ছেদ অনুসৰি এই বিষয়তে নিৰাপত্তা পৰিষদক আন কৰ্তৃত্বও প্ৰদান কৰা হৈছে। এই অনুচ্ছেদ অনুসৰি বিশ্বশান্তি আৰু নিৰাপত্তা ভংগ হ’লে সেই সম্পৰ্কে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ত নিৰাপত্তা পৰিষদৰ একচেটিয়া কৰ্তৃত্ব আছে। এই বিষয়ত কোনো আঞ্চলিক সংগঠনৰ কৰ্তৃত্ব নাই। কোনো আঞ্চলিক সংগঠনে নিৰাপত্তা পৰিষদৰ অনুমতি নোলোৱাকৈ বিশ্বশান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত পৃথকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। 

অৱশ্যে নিৰাপত্তা পৰিষদৰ এই ব্যৱস্থাৰ বিষয়ত দুটা ব্যতিক্ৰম আছে। ইয়াৰে এটা ব্যতিক্ৰম হ’ল যে, ৰাষ্ট্ৰবিলাকে ব্যক্তিগত বা সমূহীয়াভাৱে তেওঁলোকৰ বিৰুদ্ধে কোনো সশস্ত্ৰ আক্ৰমণ হ’লে নিৰাপত্তা পৰিষদে বিশ্বশান্তি আৰু নিৰাপত্তা সম্পৰ্কে কোনো ব্যৱস্থা গ্ৰহণ নকৰালৈকে আত্মৰক্ষাৰ কাৰণে ব্যক্তিগত বা সমূহীয়াভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আন কথাত ৰাষ্ট্ৰসংঘৰ কোনো সদস্য ৰাষ্ট্ৰৰ বিৰুদ্ধে সশস্ত্ৰ আক্ৰমণ হ’লে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাকৈ ৰাষ্ট্ৰখনে ব্যক্তিগত বা সমূহীয়াভাৱে আত্মৰক্ষাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

আন এটা ব্যতিক্ৰম হ’ল যে দ্বিতীয় মহাযুদ্ধৰ সময়ত বৰ্তমান ৰাষ্ট্ৰসংঘৰ জনতখনৰ কোনো স্বাক্ষৰকাৰী পত্ৰ দেশ হয় তেন্তে ইয়াৰ সদস্য ৰাষ্ট্ৰখনে সেই ৰাষ্ট্ৰখনৰ বিৰুদ্ধে যেই কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে উপৰোক্ত আলোচনাৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে, ৰাষ্ট্ৰসংঘৰ চনদত জাতিসংঘতকৈয়ো অধিক উন্নত ব্যৱস্থা গ্ৰহণ কৰাৰ বিধান আছে।

ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা সামূহিক নিৰাপত্তাৰ ব্যৱস্থাৱলীৰ কাৰ্যকৰীতাৰ সম্পৰ্কে পৰ্যালোচনা কৰি চালে দেখা যায় এই ব্যৱস্থাৱলী   লীগৰ তুলনাত অধিক কাৰ্যক্ষমতাৰ আভাস পাব পাৰি। নিৰাপত্তা পৰিষদে কোৰিয়া যুদ্ধৰ সময়ত কেনো ব্যৱস্থা গ্ৰহণ কৰিছিল, সেই বিষয়ে তলত দিয়া ঘটনাৰ পৰাই স্পষ্ট আভাস পাব পাৰি। ১৯৫০ চনৰ জুন মাহত যেতিয়া উত্তৰ কোৰিয়াৰ সৈন্যবাহিনীয়ে দক্ষিণ কোৰিয়া আক্ৰমণ কৰে, তেতিয়া নিৰাপত্তা পৰিষদে কোৰিয়াক শান্তি ভংগ হৈছে বুলি দক্ষিণ কোৰিয়াৰ পৰা উত্তৰ কোৰিয়াৰ সৈন্যবাহিনী অপসাৰণৰ দাবী কৰে। 

নিৰাপত্তা পৰিষদে তেওঁলোকৰ এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবৰ কাৰণে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰবোৰক সামৰিক সাহায্য দিয়াৰ আবেদন জনায় আৰু ইয়াৰ ফলত যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ১৬ খন ৰাষ্ট্ৰই কিছুসংখ্যক সৈন্য কোৰিয়াত শান্তি স্থাপনৰ কাৰণে প্ৰেৰণ কৰে। অৱশ্যে ইয়াৰ আগতে আমেৰিকাই ৰাষ্ট্ৰসংঘৰ নামত দক্ষিণ কোৰিয়ালৈ নিজ সৈন্যবাহিনী পঠাই উত্তৰ কোৰিয়াত অনুপ্ৰৱেশ কৰি ? নদীৰ ওপৰত আক্ৰমণ কৰিছিল। এনে পৰিস্থিতিত চীনে নিজৰ নিৰাপত্তা বিপদাপন্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকেও প্ৰতি আক্ৰমণ কৰিছিল। অৱশ্যে শেষত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ফলত কোৰিয়াত শান্তি স্থাপন হ’ল।

উপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সামূহিক নিৰাপত্তাৰ যি ব্যৱস্থা আছে, সেই ব্যৱস্থা অধিক ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰাটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলৰ ঐক্যমতৰ ওপৰত নিৰ্ভৰশীল। যদি নিৰাপত্তা পৰিষদে গ্ৰহণ কৰা প্ৰস্তাৱৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনে সমৰ্থন কৰে তেনেত সেই প্ৰস্তাৱ কাৰ্যকৰী কৰা বিষয়লৈ কোনো সমস্যাৰ উদ্ভৱ নহয়। আনহাতে যদি নিৰাপত্তা পৰিষদৰ স্থায়ী ৰাষ্ট্ৰকেইখনৰ কোনো এখনে ভেটো ক্ষমতা প্ৰয়োগ কৰে তেন্তে তাক কাৰ্যকৰী কৰিব নোৱাৰে। অৱশ্যে ৰাষ্ট্ৰসংঘই শেহতীয়া শান্তি প্ৰতিষ্ঠাৰ বাবে যি প্ৰস্তাৱ গ্ৰহণৰ কৰ্তৃত্ব সাধাৰণ সভাৰ হাতত ন্যস্ত কৰিছে ইয়াৰ ফলত বিশ্বৰ নিৰাপত্তা আৰু শান্তি ভংগৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰস্তাৱ কাৰ্যকৰী কৰা বিষয়লৈ নিৰাপত্তা পৰিষদে ভেটো প্ৰয়োগ কৰিলেও তাক সাধাৰণ পৰিষদে পৃথক প্ৰস্তাৱ গ্ৰহণ কৰি কাৰ্যকৰী কৰিব পাৰে।

২। ৰাষ্ট্ৰসংঘৰ চনদত সামূহিক নিৰাপত্তাৰ বাবে কেনে ব্যৱস্থা আছিল লিখা। (What was the arrangement for collective security in the UN Charter?)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদৰ সপ্তম অধ্যায়ত সামূহিক নিৰাপত্তাৰ সম্পৰ্কত উল্লেখ আছিল। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ হাততে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ সকলো দায়িত্ব থাকে। 

তলত সামূহিক নিৰাপত্তা ৰক্ষাৰ বাবে থকা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল-

(ক) নিৰাপত্তা পৰিষদে বিশ্বশান্তি ৰক্ষাৰ আৰু নিৰাপত্তা ৰক্ষাৰ বাবে শান্তি ৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বাধা আঁতৰাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(খ) নিৰাপত্তা পৰিষদে সামূহিক স্বাৰ্থ ৰক্ষাৰ বাবে সামৰিক আৰু অসামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(গ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে অৰ্থনৈতিক, ৰেল, ডাক তাঁৰ, ৰেডিঅ’, জাহাজ, বিমান আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ লগত যোগাযোগ বন্ধ কৰিব পাৰে।

(ঘ) আক্ৰমণকাৰী ৰাষ্ট্ৰৰ সৈন্যবাহিনীৰ সমাবেশ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে।

(ঙ) নিৰাপত্তা পৰিষদৰ অধীনত থকা সামৰিক ৰক্ষা সমিতিয়ে বিশ্বশান্তিৰ কাৰণে সদস্যভুক্ত ৰাষ্ট্ৰবোৰে নিৰাপত্তা পৰিষদে সামৰিক সাহায্য দিব পাৰে।

(চ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বিশ্বশান্তি ৰক্ষাৰ বাবে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(ছ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বিশ্বশান্তি ৰক্ষাৰ ক্ষেত্ৰত একচেটীয়া কৰ্তৃত্ব গ্ৰহণ কৰিব পাৰে।

(জ) ৰাষ্ট্ৰসংঘৰ কোনো আঞ্চলিক সংগঠনে নিৰাপত্তা পৰিষদৰ বিনা অনুমতিত বিশ্বশান্তি ৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত পৃথক ব্যৱস্থা ল’ব নোৱাৰে।

(ঝ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আত্মৰক্ষাৰ কাৰণে ব্যক্তিগত বা সমূহীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰি বিশ্বশান্তি ৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে।

(ঞ) ৰাষ্ট্ৰসংঘত স্বাক্ষৰকাৰী কোনো ৰাষ্ট্ৰই শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে যেই কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

৩। নিৰস্ত্ৰীকৰণ ব্যৱস্থাৰ কাৰণে জাতিসংঘই কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে? (What action can the UN take for disarmament?)

উত্তৰঃ নিৰস্ত্ৰীকৰণ ব্যৱস্থাৰ ক্ষেত্ৰত জাতিসংঘই নিম্নলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে।

(ক) জাতিসংঘৰ লীগে ১৯২০ চনত সামৰিক, নৌ আৰু বিমানবাহিনীৰ বিশেষজ্ঞক লৈ এখন স্থায়ী নিৰস্ত্ৰীকৰণ পৰামৰ্শকাৰী আয়োগ গঠন কৰে। এই আয়োগে নিৰস্ত্ৰীকৰণ সম্পৰ্কত বৰ্তমান অতি জৰুৰী পৰামৰ্শ আগবঢ়ায়।

(খ) নিৰস্ত্ৰীকৰণ সম্পৰ্কত অস্ত্ৰ সীমিতকৰণ কৰিবৰ বাবে ১৯২০ চনত এখন মিশ্ৰিত আয়োগ গঠন কৰা হয়। এই আয়োগে স্থায়ী আয়োগৰ লগত যুটীয়াভাৱে কাম কৰি পাৰস্পৰিক সহযোগিতা অস্ত্ৰ সীমিতকৰণৰ বাবে পৰামৰ্শ দিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top