Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ

Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ Question Answer can be of great value to excel in the examination.

Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ

Join Telegram channel

Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ Notes cover all the exercise questions in UGC Syllabus. Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Issues And Institutions in Global Politics

POLITICAL SCIENCE

GLOBAL POLITICS

(গোলকীয় ৰাজনীতি)

অতি চমু প্রশ্নোত্তৰঃ

১। অৰ্থনৈতিক বিশ্বায়ন মানে কি? (What does  economic globalization mean?)

উত্তৰঃ পৃথিৱীৰ বিভিন্ন দেশসমূহৰ মাজত থকা অৰ্থনৈতিক আদান-প্ৰদান।

২। সাংস্কৃতিক সমৰূপতা মানে কি? (What does cultural uniformity mean?)

উত্তৰঃ বিশ্বায়নৰ ফলত সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে সাংস্কৃতিক সমৰূপতা সৃষ্টি হয়।

৩। ভাৰতে কেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? (When did India start economic reforms?)

উত্তৰঃ ১৯৯১ চনত।

৪। বিশ্ব সামাজিক ফ’ৰাম কি? (What is the World Social Forum?)

উত্তৰঃ উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰা এখন বিশ্বমঞ্চ।

৫। ব্ৰিটন উডচ সমাৱেশ কোন চনত অনুষ্ঠিত হৈছিল? (In which year was the Bretton Woods held?)

উত্তৰঃ ১৯৪৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত।

৬। আন্তৰ্জাতিক মুদ্ৰা নিধি কোন চনত গঠন কৰা হৈছিল? (In which year was the International Monetary Fund formed?)

উত্তৰঃ ১৯৪৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে।

৭। বিশ্ব বেংক কোন চনত গঠন কৰা হৈছিল? (In which year was the World Bank formed?)

উত্তৰঃ ১৯৪৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে।

৮। বিশ্ব বাণিজ্য সংস্থা কোন চনত স্থাপন কৰা হৈছিল? (In which year was the WTO established?)

উত্তৰঃ ১৯৯৫ চনৰ ১ জানুৱাৰী তাৰিখে।

৯। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সদৰ কাৰ্য্যলয় ক’ত অৱস্থিত? (Where is the headquarters of the International Monetary Fund located?)

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটনত অৱস্থিত।

১০। বিশ্ব বেংকৰ সদৰ কাৰ্যালয় ক’ত অৱস্থিত? (Where is the World Bank’s headquarters located?)

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটনত অৱস্থিত।

১১। বিশ্ব বাণিজ্য সংস্থাৰ সদৰ কাৰ্যালয় ক’ত অৱস্থিত? (Where is the WTO headquarters located?)

উত্তৰঃ জেনেভাত অৱস্থিত।

১২। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সদস্য সংখ্যা কিমান? (What is the number of members of the International Monetary Fund?)

উত্তৰঃ ১৮৫ খন।

১৩। বিশ্ব বেংকৰ সদস্য সংখ্যা কিমান? (What is the number of members of the World Bank?)

উত্তৰঃ ১৮৬ খন।

১৪। বিশ্ব বাণিজ্য সংস্থাৰ সদস্য সংখ্যা কিমান? (What is the number of members of the World Trade Organization?)

উত্তৰঃ ১৫৩ খন।

১৫। বিশ্বায়নৰ অৰ্থনৈতিক দিশসমূহ কি কি? (What are the economic aspects of globalization?)

উত্তৰঃ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক।

১৬। বিশ্ব সামাজিক ফ’ৰাম কি? (What is the World Social Forum?)

 উত্তৰঃ বিশ্ব সামাজিক ফ’ৰাম হ’ল এখন উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰা এখন বিশ্বমঞ্চ।

১৭। সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ লগত জড়িত থকা ৰাষ্ট্ৰসংঘৰ দুটা অভিকৰণৰ নাম লিখা। (Write the names of two UN agencies involved in social and economic problems?)

উত্তৰঃ দুটা বিশেষ অভিকৰণ হ’ল : IMF আৰু WHO।

১৮। কেতিয়াৰ পৰা জাপাটিষ্টা আন্দোলন আৰম্ভ হৈছিল? (From when Zapatista Movement started in?)

উত্তৰঃ ১৯৯৪ চনৰ, জানুৱাৰী মাহৰ পৰা।

১৯। জাপাটিষ্টা নেচনেল লিবাৰেচন আৰ্মী চমুকৈ জাপাটিষ্টা কেতিয়া প্ৰতিষ্ঠা হৈছিল? (When was Zapatista National Liberation Army shortly Zapatista founded?)

উত্তৰঃ ১৯৮৩, ১৭ নৱেম্বৰত।

২০। ছিঅ’টলৰ প্ৰতিবাদ কেতিয়া হৈছিল? (When did seattle protests start?)

উত্তৰঃ ১৯৯৯ চনৰ, ৩০ নৱেম্বৰত।

২১। বিশ্ব সামাজিক মঞ্চ কেতিয়া গঠন হৈছিল? (When did World Social Forum form?)

উত্তৰঃ ২০০১ চনৰ, জানুৱাৰী মাহত।

২২। বিশ্ব সামাজিক মঞ্চৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? (Where is the headquarter of World Social Forum?)

উত্তৰঃ পোর্টো এলেগ্ৰে, ব্ৰাজিলত।

২৩। বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠক ক’ত অনুষ্ঠিত হৈছিল? (When was the first World Social Forum meeting organised?)

উত্তৰঃ ২০০১ চনৰ জানুৱাৰী মাহত পোৰ্টো এলেগ্ৰেত।

২৪। বিশ্ব সামাজিক সংস্থাৰ প্ৰথমখন বৈঠকৰ  শ্ল’গান কি আছিল? (When was the slogan of first World Social Forum meeting?)

উত্তৰঃ অন্য এক পৃথিৱীৰ সম্ভাৱনা আছে। (Another world is possible).

২৫। বিশ্ব সামাজিক সংস্থাৰ চতুৰ্থখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? (When was the fourth World Social Forum meeting held?)

উত্তৰঃ ২০০৪ চনত, ভাৰতত।

২৬। ভাৰতীয় সামাজিক মঞ্চ কেতিয়া গঠন কৰা হৈছিল? (When was Indian Social forum formed?)

উত্তৰঃ ২০০৬ চনৰ, নৱেম্বৰ মাহত।

২৭। এমনেষ্টি ইণ্টাৰনেচনেল কেতিয়া গঠন কৰা হৈছিল? (What Amnesty International was formed?)

উত্তৰঃ ১৯৬১ চনত।

২৮। এমনেষ্টি ইণ্টাৰনেচনেলৰ ভাৰতীয় ছেক্ৰেটাৰী জেনেৰেল কোন আছিল? (Who was Indian Secretary general of Amnesty International?)

উত্তৰঃ শলিল চেট্টী।

২৯। অলপতে এমনেষ্টি ইণ্টাৰনেচনেলে ক’ত তেওঁলোকৰ কাৰ্যালয় বন্ধ কৰিছে? (Recently in which country Amnesty International has closed its affices?)

উত্তৰঃ ভাৰতবৰ্ষ।

৩০। এমনেষ্টি ইণ্টাৰনেচনেলৰ বৰ্তমানৰ ছেক্ৰেটাৰী জেনেৰেল কোন? (Who is the current secretary general of Amnesty International?)

উত্তৰঃ এগনেচ্ কালামাৰ্ড।

চমু প্ৰশ্নোত্তৰ

১। অৰ্থনৈতিক বিশ্বায়নৰ দুটা উপাদান উল্লেখ কৰা। (Mention two elements of economic globalization?)

উত্তৰঃ অৰ্থনৈতিক বিশ্বায়নৰ দুটা উপাদান হ’ল-

(ক) বিশ্ববেংক।

(খ) আন্তৰ্জাতিক মুদ্ৰানিধি।

২। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দুটা উদ্দেশ্য লিখা। (Write two purposes of the International Monetary Fund?)

উত্তৰঃ আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দুটা উদ্দেশ্য হ’ল-

(ক) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা স্থাপন কৰা।

(খ) বৈদেশিক বিনিময় হাৰৰ অস্থিৰতা দূৰ কৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সমতা স্থাপন কৰা।

৩। বিশ্ব বেংকৰ দুটা উদ্দেশ্য লিখা। (Write two objectives of the World Bank?)

উত্তৰঃ বিশ্ব বেংকৰ দুটা উদ্দেশ্য হ’ল-

(ক) যুদ্ধ বিধ্বস্ত অৰ্থনীতিসমূহৰ পুনৰ গঠন।

(খ) অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নত সাহাৰ্য প্ৰদান।

৪। বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা কাৰ্য উল্লেখ কৰা। (Mention three functions of the World Trade Organization?)

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা কার্য হ’ল-

(ক) বাণিজ্য শুল্ক আৰু অন্যান্য বাণিজ্যিক বাধাসমূহ হ্ৰাস কৰা।

(খ) বহনক্ষম উন্নয়নৰ বাবে বিশ্বৰ সমাদৰপূৰ্ণ ব্যৱহাৰ সহজ কৰি তোলা।

(গ) আন্তৰ্জাতিক বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত বিভেদমূলক ব্যৱস্থাসমূহ দূৰ কৰা।

৫। বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান তিনিটা আইনগত ব্যৱস্থা কি কি? (What are the three main legal entities of the World Trade Organization?)

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান তিনিটা আইনগত ব্যৱস্থাসমূহ হ’ল-

(ক) শুক্ল আৰু বাণিজ্যৰ সাধাৰণ চুক্তি।

(খ) সেৱা আৰু বাণিজ্যসংক্ৰান্ত সাধাৰণ চুক্তি।

(গ) বুদ্ধি-বৃত্তি সম্পৰ্কিত সম্পত্তিৰ অধিকাৰসমূহৰ সাধাৰণ চুক্তি।

৬। বিশ্বব্যাপী হোৱা আন্তঃসংযোগবোৰ কি? ইয়াৰ উপাদানসমূহ কি কি? (What are the global interconnections? What are its components?)

উত্তৰঃ বিশ্বব্যাপী হোৱা আন্তঃসংযোগ মানে হৈছে বিশ্বৰ এটা প্ৰান্তৰৰ পৰা আন এটা প্ৰান্তৰত আদৰ্শ টকা, সম্পত্তি আৰু মানুহৰ মাজত হোৱা এটা সোঁত নাইবা আন্দোলন।

ইয়াৰ মুখ্য উপাদানসমূহ হ’ল: ধাৰণা, মূলধন, সম্পত্তি আৰু জনসাধাৰণ।

৭। গোষ্ঠী নিৰপেক্ষ আন্দোলন মানে কি? (What does group neutral movement mean?)

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰাই গোষ্ঠী নিৰপেক্ষ দাৰণাটোৱে প্ৰাধান্য লাভ কৰিবলৈ আৰম্ভ কৰে। এছিয়া আৰু আফ্ৰিকাৰ বহুতো দেশ দ্বিতীয় মহাযুদ্ধৰ আগতে পশ্চিমীয়া সাম্ৰাজ্যবাদী উপনিৱেশ আছিল। কিন্তু যুদ্ধৰ পিছত স্বাধীনতা লাভ কৰা ৰাজ্যবোৰে নিজৰ স্বাধীনতা বজাই ৰাখিবৰ বাবে চলোৱা প্ৰচেষ্টাৰ ফলশ্ৰুতিৰে গোষ্ঠী নিৰপেক্ষ আন্দোলনে গা কৰি উঠে। ১৯৪৭ চনত সমগ্ৰ এছিয়াবাসীৰ মাজত দিল্লীত এখন সন্মিলন হৈছিল। ১৯৪৭ চনৰ মাৰ্চ এপ্ৰিল মাহত হোৱা এই অনুষ্ঠানত ২৮ খন দেশে যোগদান কৰিছিল।

৮। আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ববেংক মানে কি? (What do the International Monetary Fund and the World Bank mean?)

উত্তৰঃ আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ব বেংক ১৯৪৪ চনৰ ব্ৰিটন উডচ সমাৱেশত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী ১৯৪৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ সদৰ কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটনত। বিশ্বৰ মুদ্ৰা ব্যৱস্থাৰ স্থিৰতা ৰক্ষা, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উন্নয়ন আৰু সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক লেন-দেনৰ ভাৰসাম্য ৰক্ষা কৰা আন্তৰ্জাতিক মুদ্ৰানিধিৰ মূল লক্ষ্য। আনহাতে, বিশ্ব বেংকৰ মূল উদ্দেশ্য হ’ল সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নত সাহাৰ্য প্ৰদান, দৰিদ্ৰতা আৰু দুৰ্নীতি দূৰীকৰণ ইত্যাদি। আন্তৰ্জাতিক মুদ্ৰানিধিয়ে বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰ লগতে বা পূৰ্ব চৰ্ত হিচাপে সাধাৰণতে কিছুমান অৰ্থনৈতিক সংস্কাৰৰ প্ৰস্তাৱ সদস্য ৰাষ্ট্ৰখনৰ আগত উত্থাপন কৰে। সংস্কাৰমূলক এই ব্যৱস্থাটো হৈছে আন্তৰ্জাতিক মুদানিধিৰ “সাংগঠনিক সমন্বয় ব্যৱস্থা”। 

আনহাতে, বিশ্ব বেংকৰ কাৰ্যসমূহ কৃষি খণ্ডৰ উন্নয়ণৰ পৰা বাণিজ্য নীতি আৰু জনস্বাস্থ্য আৰু শিক্ষাৰ পৰা শক্তি আৰু খনিজ সামগ্ৰীৰ উৎপাদনলৈ সম্প্ৰসাৰণ কৰা হৈছে। বিশ্ব বেংকৰ অন্তৰ্ভুক্ত আন্তৰ্জাতিক উন্নয়ন সংস্থাই নিম্ন আয়ৰ দেশবোৰক কম  সুতৰ হাৰত বা সুতবিহীন ঋণ গ্ৰহণৰ সুবিধা প্ৰদান কৰে। বিশ্ববেংকে পুঁজিবন্টন প্ৰণালী আৰু পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

৯। বিশ্ব বাণিজ্য সংস্থা কি? (What is the World Trade Organization?)

উত্তৰঃ ১৫৩ খন ৰাষ্ট্ৰ লৈ ১৯৯৪ চনৰ ১ জানুৱাৰী তাৰিখে বিশ্ব বাণিজ্য সংস্থা স্থাপন কৰা হয়। ইয়াৰ সদৰ কাৰ্যালয় জেনেভাত। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাধাসমূহ দূৰ কৰি বাণিজ্যিক উদাৰীকৰণ আৰু অবাধ বাণিজ্য ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰা ইয়াৰ মূল উদ্দেশ্য। ভাৰতবৰ্ষ বিশ্ব বাণিজ্য সংস্থাৰ এখন প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ। মৰক্কোৰ মাৰাকেশত অনুষ্ঠিত বিশ্ব বাণিজ্য সংস্থাৰ অধিৱেশনত কৃষিৰ তিনিটা ক্ষেত্ৰ চিহ্নিত কৰি দিয়া হয় – বজাৰ প্ৰৱেশ, ৰাষ্ট্ৰীয় সমৰ্থন আৰু ৰপ্তানি সাহাৰ্য। কিন্তু আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সংকটৰ পৰা ভাৰতৰ কৃষি পণ্যৰ বাণিজ্য প্ৰভাৱ মুক্ত হ’ব পৰা নাই। 

নিম্নগামী কৃষি পণ্যৰ ৰপ্তানি আৰু উৰ্দ্ধগামী কৃষিপণ্যৰ আমদানিৰ ফলত ভাৰতবৰ্ষৰ বাণিজ্যিক লেন-দেনৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰপ্তানি সামগ্ৰী সমূহ যেন- চাহ, কফি আদিৰ আন্তৰ্জাতিক বজাৰৰ দাম হ্ৰাস পোৱাৰ ফলত পৰিমাণগতভাৱে ৰপ্তানি হ্ৰাস নাপালেও বিদেশী মুদ্ৰা অর্জনত ভাৰত ক্ষতিগ্ৰস্ত হৈছে অৱশ্যে, কৃষি পণ্যৰ আন্তঃৰাষ্ট্ৰীয়  বাণিজ্যৰ এনে সংকটজনক অৱস্থা যাতে দীৰ্ঘস্থায়ী নহয়, তাৰ বাবে বিশ্ব বাণিজ্য সংস্থাই প্ৰচেষ্টা লোৱা উচিত।

১০। অৰ্থনৈতিক উন্নয়নত আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ভূমিকা বৰ্ণনা কৰা। (Describe the role of the International Monetary Fund in economic development?)

উত্তৰঃ বৈদেশিক লেন-দেনৰ মৌলিক ভাৰসাম্যহীনতা দূৰীকৰণৰ লগত অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো আন্তৰ্জাতিক মুদ্ৰানিধিয়ে এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে। মুখ্য ভূমিকাসমূহ হ’ল-

(ক) এই আন্তৰ্জাতিক অনুষ্ঠানটোৱে সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা মুদ্ৰাৰ ভাণ্ডাৰ ৰূপে স্বীকৃতি লাভ কৰিছে।

(খ) এই নিধিৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ পৰা সদস্য ৰাষ্ট্ৰসমূহে বৈদেশিক মুদ্ৰাৰ চাহিদা পূৰণ কৰাত ভালেখিনি সক্ষম হৈছে।

(গ) বৈদেশিক মুদ্ৰাৰ মাধ্যমেৰে ঋণ আগবঢ়াই আন্তৰ্জাতিক মুদ্ৰানিধিয়ে সদস্য দেশবোৰৰ হ্ৰস্বকালীন বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ সমস্যা সমাধান কৰাত সহায় কৰিছে।

(ঘ) বৈদেশিক বিনিময় মূল্যৰ স্থিৰতা ৰক্ষা আৰু বিশ্বৰ বাণিজ্যস্তৰৰ উন্নতি সাধন আৰু প্ৰসাৰ সাধন কৰি সদস্য ৰাষ্ট্ৰসমূহৰ বৰ্হিবাণিজ্যৰ স্থিৰতাৰ লগত আভ্যন্তৰীণ সুস্থিৰতা ৰক্ষাত আন্তৰ্জাতিক মুদ্ৰানিধিৰ ভূমিকা উল্লেখনীয়।

১১। ভাৰতৰ কৃষিপণ্যৰ বাণিজ্যৰ ওপৰত বিশ্ব বাণিজ্য সংস্থাৰ প্ৰভাৱ আলোচনা কৰা। (Discuss the impact of WTO on India’s trade in agricultural products ?)

উত্তৰঃ প্ৰভাৱসমূহ মিশ্ৰ প্ৰকৃতিৰ।

এইসমূহ তলত আলোচনা কৰা হ’ল-

(ক) বিশ্ব বাণিজ্য সংস্থা গঠনৰ তিনি বছৰৰ পিছত  কৃষি পণ্যৰ আমদানি উৰ্দ্ধমুখী হ’বলৈ ধৰে আৰু ৰপ্তানি ক্ষিপ্ৰ গতিত হ্ৰাস পায়। আন্তৰ্জাতিক বজাৰত কৃষি সামগ্ৰীৰ দাম দ্ৰুত গতিত হ্ৰাস পোৱাৰ ফলত ভাৰতৰ কৃষি পণ্যৰ ৰপ্তানি অধিকভাৱে ক্ষতিগ্ৰস্থ হয়।

(খ) ভাৰতৰ সাধাৰণ চাউল আৰু গমে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সন্মুখীন হ’ব পৰা নাই। ৰপ্তানি সামগ্ৰীসমূহ যেনে: চাহ, কফি আদিৰ আন্তৰ্জাতিক বজাৰৰ দাম হ্ৰাস পোৱাৰ ফলত পৰিমাণগতভাৱে ৰপ্তানি হ্ৰাস নাপালেও বিদেশী মুদ্ৰা অর্জনত ভাৰত ক্ষতিগ্ৰস্থ হৈছে।

(গ) আন্তৰ্জাতিক বজাৰত কৃষিপণ্যৰ চৰকাৰী আৰ্থিক সাহায্য বন্ধ কৰি, বাণিজ্য শুক্ল হ্ৰাস কৰি আৰু বিভিন্ন চৰকাৰী বাধা-নিষেধ আঁতৰাই বিশ্ব বাণিজ্য সংস্থাই আন্তৰ্জাতিক বজাৰখন অধিক শক্তিশালী আৰু প্ৰতিযোগিতা পূৰ্ণ কৰি তোলাৰ লক্ষ্য আগত ৰাখিছে।

১২। বৰ্তমান যুগত ৰাষ্ট্ৰসংঘক এক অতি প্ৰয়োজনীয় সংগঠন বুলি ভাৱানে? যুক্তি দিয়া। (Do you think the United Nations is a very necessary organization in the current era? Argue?)

উত্তৰঃ বৰ্তমান বিশ্বক ৰাষ্ট্ৰসংঘক এক গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সংগঠন হিচাপে বিবেচনা কৰা হয়। সমগ্ৰ বিশ্ববাসীৰ চকুত ই মানৱ জাতিৰ শান্তি আৰু প্ৰগতিক প্ৰতিনিধিত্ব কৰা অতি অপৰিহাৰ্য্য অনুষ্ঠান। এই ৰাষ্ট্ৰসংঘ নামৰ আন্তৰ্জাতিক অনুষ্ঠানটো শান্তি আৰু সহযোগিতাৰ বাবে অতি লাগতিয়াল অনুষ্ঠান। ৰাষ্ট্ৰসংঘৰ নেতৃত্বৰ ৰাষ্ট্ৰবোৰৰ সহযোগিতাই বিশ্ববাসীৰ বাবে শান্তিপূৰ্ণ জীৱন নিৰ্বাহৰ ব্যৱস্থাৰ সূচনা কৰিছে। ৰাষ্ট্ৰবোৰৰ মাজৰ সমস্যা আৰু বিবাদবোৰ আলোচনা-বিলোচনাৰ জৰিয়তে যুদ্ধ পৰিহাৰ কৰি শান্তিপূৰ্ণ সমাধানৰ পথ নিৰ্ণয় কৰাত ৰাষ্ট্ৰসংঘৰ ভূমিকা অপৰিসীম।

১৩। এক মেৰুৰ বিশ্বত ৰাষ্ট্ৰসংঘ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ভাৰসাম্য বুলি ভাবানে? কাৰণ দৰ্শোৱা। (Do you think the United States of America is the balance of the United States? Show cause?)

উত্তৰঃ ৰাষ্ট্ৰসংঘত আমেৰিকাৰ স্থান সম্পৰ্কে লক্ষ্য কৰিলে দেখা যায় যে ৰাষ্ট্ৰসংঘৰ ই অতি প্ৰভাৱশালী সদস্য। নিৰাপত্তা পৰিষদৰ ই স্থায়ী সদস্য আৰু সেইবাবে এই ৰাষ্ট্ৰৰ ভেটো ক্ষমতা আছে। ৰাষ্ট্ৰসংঘলৈ আগবঢ়োৱা আমেৰিকাৰ অৰ্থনৈতিক অৱদান উল্লেখনীয়। তদুপৰি আন্তৰ্জাতিক ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অনুমোদনৰ অবিহনে নিজাববীয়াকৈ আমেৰিকাই কোনো কোনো ক্ষেত্ৰত সামৰিক কাৰ্য চলাইছে। তথাপি ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গতিকে এনে পৰিস্থিতিত এই ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক সংগঠনটোৰ অস্তিত্ব সংকটাপন্ন হ’ব বুলি বহুত লোকে সন্দেহ প্ৰকাশ কৰে আৰু ৰাষ্ট্ৰসংঘ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ভাৰসাম্য নহয় সেই মতামত ব্যক্ত কৰে।

১৪। গোলকীয় নাগৰিক সমাজৰ কেইটামান বৈশিষ্ট্য লিখা। (Write some features of Global Civil Society.)

উত্তৰঃ গোলকীয় নাগৰিক সমাজৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হ’ল-

(ক) গোলকীয় নাগৰিক সমাজে ব্যক্তি, সংগঠন, বেচৰকাৰী সংগঠন, সামাজিক আন্দোলনৰ বৃহৎ সমূহ আৰু নেটৱৰ্কক বুজায় যিয়ে আন্তৰ্জাতিক উদ্দেশ্যৰ বাবে কাম কৰে।

(খ) গোলকীয় নাগৰিক সমাজ হৈছে গোলকীকৰণৰ বিশ্বত নাগৰিকৰ অংশগ্ৰহণৰ এক নতুন ৰূপ। ই ৰাজ্যিক বা ৰাষ্ট্ৰীয় সীমা অতিক্ৰমি কাম কৰে।

(গ) গোলকীয় নাগৰিক সমাজক ‘সমাজৰ সমাজ’ নাইবা ‘বিশ্বজনীন সমাজ’ বুলিও ক’ব পাৰি। ই এতিয়াও গোলকীয়, স্থানীয়, ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত বিকশিত হৈ আছে।

(ঘ) গোলকীয় নাগৰিক সমাজে আন্তৰ্জাতিক সম্পৰ্কত অন্যান্য ৰাজ্য MNC বা TNC, আৰু আন্তৰ্জাতিক সংগঠনতকৈ এক বিশেষ ভূমিকা পালন কৰে।

(ঙ) বেছিভাগ গোলকীয় সামাজিক আন্দোলনে গোলকীয় নাগৰিক সমাজৰ মাধ্যমেৰে প্ৰচাৰিত হয়।

১৫। গোলকীয় সামাজিক আন্দোলনৰ কেইটামান উদাহৰণ দিয়া। (Give some examples of Global Social Movement.)

উত্তৰঃ গোলকীয় সামাজিক আন্দোলনৰ কেইটামান উদাহৰণ হ’ল-

(ক) ১৯৯৯ চনৰ চিঅ’টলৰ প্ৰতিবাদ।

(খ) জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ।

(গ) পৰিৱেশ প্ৰদূষণৰ বাবে প্ৰতিবাদ।

(ঘ) নিবনুৱা সমস্যা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ।

১৬। কেইটামান আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাৰ নাম লিখা। (Write some names of International NGO.)

উত্তৰঃ কেইটামান আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা হ’ল-

(ক) বিশ্ব সামাজিক মঞ্চ।

(খ) গ্ৰাণপিচ।

(গ) এমনেষ্টি ইণ্টাৰনেচনেল।

(ঘ) ৰেইনবো এলায়েঞ্চ।

(ঙ) স্মাইল ফাউণ্ডেচন।

(চ) গিভ ফাউণ্ডেচন।

(ছ) হেলপ এজ ইণ্ডিয়া।

(জ) ক্ৰাই ইত্যাদি।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিকাশৰ কাৰণবোৰ লিখা। (Write the reasons for the development of the group neutral movement?)

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিকাশৰ কাৰণবোৰ তলত আলোচনা কৰা হ’ল-

(ক) উপনিবেশবাদৰ বিৰোধীতা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিকাশৰ মুখ্য কাৰণ আছিল।দ্বিতীয় মহাযুদ্ধৰ পিছত পশ্চিমীয়া শক্তিৰ শাসনাধীন হৈ থকা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ বহু ৰাষ্ট্ৰই উপনিবেশিকতাৰ কবলৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হয়। পূৰ্বৰ পৰা স্বাধীনভাৱে বসবাস কৰা ৰাষ্ট্ৰৰ পৰাধীনতাৰ অভিজ্ঞতাই জনসাধাৰণক ঐক্যবদ্ধ কৰি তুলিবলৈ সক্ষম হয়।

(খ) দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আমেৰিকা আৰু ৰাছিয়াই নিজৰ অনুগামী দেশবোৰক লৈ বিশ্বৰ দুই মহাশক্তিৰূপে মূৰ দাঙি উঠে। এই দুয়ো পক্ষই নিৰ্দিষ্ট গোষ্ঠীৰ অধীন হোৱাৰ পৰিৱৰ্তে দুয়োপক্ষৰ লগত মিলি থাকি নিজ নিজ দেশৰ উন্নতিৰ বাবে গ্ৰহণ কৰা মধ্যমপন্থাৰ পৰিপ্ৰেক্ষিততে গোষ্ঠীনিৰপেক্ষ আন্দোলনে শক্তিশালী ৰূপত বিকাশ হ’বলৈ ধৰিলে।

(গ) এছিয়া আৰু আফ্ৰিকাৰ উপনিবেশবোৰৰ কবলত থকা জাতীয়তাবাদী নেতা সকলে নিজ নিজ দেশৰ স্বাধীনতাৰ বাবে চলোৱা কঠোৰ সংগ্ৰামৰ ফলতে গোষ্ঠীনিৰপেক্ষ আন্দোলনে গা কৰি উঠে। তেওঁলোকে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ দৰে পৰিষদ গঠন কৰি আন্তৰ্জাতিক আৰু আভ্যন্তৰীণ শান্তি শৃংখলা বজাই ৰখা আৰু নিৰাপত্তা ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত আলোচনা বিলোচনা চলায়।

(ঘ) স্বাধীনতা ৰাষ্ট্ৰবোৰে আৰ্থিক উন্নয়নৰ বাবে আৰু অৰ্থনৈতিক অনগ্ৰসৰতা ৰোধ কৰিবৰ বাবে চলোৱা প্ৰচেষ্টাৰ ফলতো গোষ্ঠী নিৰপেক্ষবাদে গা কৰি উঠে।

(ঙ) ৰাষ্ট্ৰসংঘৰ সদস্যসকলে ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত মত বিনিময়ৰ সুবিধা পোৱাৰ ফলত সেই ৰাষ্ট্ৰবোৰৰ মাজত পাৰস্পৰিক আদান-প্ৰদানৰ সুবিধা হয়। ইয়াৰ ফলতো গোষ্ঠীনিৰপেক্ষ আন্দোলনে গা কৰি উঠে।

(চ) বিভিন্ন ঔপনিৱেশিক ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে কেৱল নেতাসকলৰ সহযোগত জনসাধাৰণে কঠোৰ সংগ্রাম কৰি দেশক স্বাধীন কৰে আৰু পুনৰ যাতে সাম্ৰাজ্যবাদীৰ কবলত নপৰে তাৰ প্ৰতি সদাসচেতন থাকে। ফলত গোষ্ঠী নিৰপেক্ষ আন্দোলনে গা কৰি উঠে।

২। সামূহিক কিন্তু পৃথক দায়বদ্ধতা বুলিলে কি বুজা? (What do you mean by collective but individual responsibility?)

উত্তৰঃ উত্তৰৰ উন্নত ৰাষ্ট্ৰসমূহে পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ এনে ৰাষ্ট্ৰসমূহৰ বৰ্তমান অৱস্থিতিৰ ওপৰত ভিত্তি কৰি আলোচনা কৰিব বিচাৰে আৰু পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় ৰোধৰ ক্ষেত্ৰত সকলো ৰাজ্যকে সমভাৱে দায়বদ্ধ থকাটো বিচাৰে। আনহাতে দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহে ভাবে যে সমগ্র বিশ্বতে পাৰিপাৰ্শ্বিকতাৰ যি অৱক্ষয় ঘটিছে তাৰ বাবে বহুলাংশে উন্নত ৰাষ্ট্ৰসমূহে সৃষ্টি কৰা উদ্যোগীকৰণ জগৰীয়া। যিহেতু উন্নত ৰাষ্ট্ৰসমূহ পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ৰ বাবে বেছি জগৰীয়া সেয়েহে তেওঁলোকে এতিয়া পাৰিপাৰ্শ্বিকতাৰ সংৰক্ষণৰ বাবে বেছি মূল্য দিব লাগিব। 

ইয়াৰোপৰি উন্নয়নশীল ৰাষ্ট্ৰসমূহে এতিয়াহে উদ্যোগীকৰণ আৰম্ভ কৰিছে। গতিকে উন্নত ৰাষ্ট্ৰসমূহত প্ৰযোজ্য হোৱা বাধা-নিষেধসমূহ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰতো সমভাৱে প্ৰযোজ্য হোৱাটো উচিত নহয়। এনেদৰে পৰিৱেশ সংক্রান্তীয় আন্তঃৰাষ্ট্ৰীয় নীতি, আইন আদিৰ সৃষ্টি, ব্যাখ্যা আৰু প্ৰয়োগৰ ক্ষেত্ৰত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিশেষ প্ৰয়োজনীয়তাসমূহ মনত ৰখা উচিত। এই যুক্তিটো ১৯৯২ চনৰ ৰিঅ’ শীৰ্ষ সন্মিলনত গৃহীত হোৱা ৰিঅ’ ঘোষণা পত্ৰত মানি লোৱা হৈছিল। এই নীতিটোক সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা বুলি জনা যায়।

ৰিঅ’ ঘোষণা পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে “পৃথিৱীক পৰিস্থিতিতন্ত্ৰৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহে বিশ্ব অংশীদায়িত্বৰ ভাৱনা উদ্বুদ্ধ হৈ সহযোগিতা কৰা উচিত। বিশ্বৰ পাৰিপাৰ্শ্বিকতা নষ্ট কৰাৰ ক্ষেত্ৰত পৃথক অংশীদায়িত্ব থকাৰ হেতুকে পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা থাকিব।উন্নত ৰাষ্ট্ৰসমূহে এই দায়িত্ব স্বীকাৰ কৰিছে যে তেওঁলোকৰ সমাজসমূহে উপভোগ কৰি অহা আৰ্থিক আৰু প্ৰযুক্তিগত সম্পদৰাজিয়ে বিশ্বৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত পেলোৱা কু-প্ৰভাৱৰ কথা মনত ৰাখি তেওঁলোকেও বহনক্ষম উন্নয়ন নীতি অনুসৰণ কৰিব। 

১৯৯২ চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সংক্রান্তীয় কাটাম চুক্তি পত্ৰয়ো এইটো ঘোষণা কৰিছে যে বিশ্বৰ সমূহ ৰাষ্ট্ৰই সমতা তথা সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা আৰু নিজৰ সামৰ্থৰ ওপৰত ভিত্তি কৰি বিশ্বৰ জলবায়ুৰ সুৰক্ষাৰ বাবে সচেষ্টা হোৱা উচিত। এই চুক্তিপত্ৰৰ স্বাক্ষৰকাৰীসকলে এইটো স্বীকৃত কৰিছিল যে বায়ুমণ্ডলত সৃষ্টি হোৱা গ্ৰীণহাউছ গেছৰ অধিকাংশই অতীতটো আৰু বর্তমানে উন্নত ৰাষ্ট্ৰসমূহৰ সৃষ্টি। এইটো কথাও স্বীকাৰ কৰা হৈছিল যে বৰ্তমানেও উন্নয়নশীল ৰাষ্ট্ৰসমূহে জনমূৰি নিৰ্গমন কৰা সেউজগৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমূৰি নিৰ্গমনৰ তুলনাত যথেষ্ট কম। 

সেয়েহে চীন, ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহক কীয়টো আচৰণ বিধিৰ পৰা ৰেহাই দিয়া হৈছিল। কীয়টো আচৰণ বিধি হ’ল এক আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰ যি উন্নত উদ্যোগীক ৰাষ্ট্ৰসমূহে নিৰ্গমন কৰা সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। কাৰ্বন-ডাই-অক্সাইড, মিথেন, হাইড্ৰফ্লুৰ কাৰ্বনৰ দৰে গেছসমূহক বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে এই গ্ৰহটোৰ প্ৰতিয়েই চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সংক্রান্তীয় কাঠাম চুক্তিপত্ৰ অনুসৰি জাপানৰ কীয়টো ১৯৯৭ চনত এই আচৰণ বিধিখন গ্ৰহণ কৰা হৈছিল।

৩। বিশ্বায়নৰ অৰ্থনৈতিক প্ৰভাৱসমূহ কি কি? (What are the economic effects of globalization?)

উত্তৰঃ অৰ্থনৈতিক বিশ্বায়ন মূলতঃ পৃথিৱীৰ বিভিন্ন দেশৰ মাজত থকা অৰ্থনৈতিক সোঁতৰ লগত জড়িত। এই সোঁতটো নাইবা আদান-প্ৰদানবোৰে বস্তু সামগ্ৰী, মূলধন মানুহ আৰু আদর্শৰ বিভিন্ন ৰূপ ল’ব পাৰে।

ইয়াৰ মূল লক্ষণসমূহ হ’ল: 

(ক) বিশ্বায়নত বিশ্বৰ চাৰিওকাষৰ বৃহৎ সামগ্ৰীৰ ব্যৱসায় জড়িত হৈ থাকে। আন দেশৰ পৰা সম্পদ আমদানিৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰই আৰোপ কৰা বাধা নিষেধসমূহ ইয়াত কমোৱা হয়।

(খ) একেদৰে বিভিন্ন ৰাষ্ট্ৰৰ মাজত মূলধনৰ চলাচলৰ ক্ষেত্ৰত থকা বাধাবোৰো কমোৱা হয়।

(গ) কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ জৰিয়তে বিশ্বায়নে জাতীয় সীমা পাৰ হৈ ভাৱৰ আদান-প্ৰদান নিশ্চিত কৰে।

(ঘ) বিশ্বায়নৰ ফলত আন্তৰ্জাতিক সংগঠন যেনে বিশ্ববেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতি আৰু বিশ্বস্বাস্থ্য সংস্থা আদিৰ সৃষ্টি হয় যাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গোটেই পৃথিৱীতেই আছে।

(ঙ) উন্নত ৰাষ্ট্ৰবোৰে সাৱধানেৰে ভিচা নীতিৰ দ্বাৰা নিজৰ সীমা পহৰা দিছে এইটো নিশ্চিত কৰিবৰ বাবে যাতে অন্য ৰাষ্ট্ৰৰ নাগৰিকে আহি তেওঁলোকৰ ৰাষ্ট্ৰৰ নাগৰিকৰ পদবীসমূহ লৈ যাব নোৱাৰে।

(চ) অৰ্থনৈতিক বিশ্বায়নে গোটেই পৃথিৱীতে মতামতৰ ক্ষেত্ৰত এটা গভীৰ বিভাজনৰ সৃষ্টি কৰিছে।

(ছ) অৰ্থনৈতিক বিশ্বায়নে গোটেই পৃথিৱীতে মতামতৰ ক্ষেত্ৰত এটা গভীৰ বিভাজনৰ সৃষ্টি কৰিছে। যিবিলাক সামাজিক ন্যায় সম্পৰ্কে উদ্বিগ্ন তেওঁলোক অৰ্থনৈতিক বিশ্বায়নৰ প্ৰক্ৰিয়াৰ কাৰণে ৰাষ্ট্ৰৰ ব্যাপক প্ৰত্যাহাৰক লৈ চিন্তিত। তেওঁলোকে দেখুৱাই দিছে যে ইয়াৰ দ্বাৰা জনসাধাৰণৰ মাত্ৰ এটা সৰু অংশহে লাভ হ’ব পাৰে। য’ত যিসকলে পদবী আৰু কল্যাণৰ বাবে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল (শিক্ষা, স্বাস্থ্য, স্বাস্থ্যপদ ইত্যাদি) তেওঁলোকক দুখীয়া কৰিছিল। তেওঁলোকে আনুষ্ঠানিক সুৰক্ষা সুনিশ্চিত কৰাৰ ওপৰত জোৰ দিছিল অথবা ‘সামাজিক সুৰক্ষা কাল’ৰ সৃষ্টি কৰাৰ ওপৰত যিয়ে অৰ্থনৈতিকভাৱে দুৰ্বলসকলৰ ওপৰত বিশ্বায়ন নেতিবাচক প্ৰভাৱক কম কৰিব পাৰে।

(জ) অৰ্থনৈতিক বিশ্বায়নৰ বক্তাসকলে যুক্তি দৰ্শায় যে অৰ্থনৈতিক বিশ্বায়নে জনসাধাৰণৰ এটা বৃহৎ অংশৰ বাবে ব্যাপক অৰ্থনৈতিক বিকাশ আৰু কল্যাণ সাধন কৰিছে যেতিয়া তাত অনিয়ন্ত্ৰণ আছে। ৰাষ্ট্ৰবোৰৰ মাজত হোৱা বৃহৎ ব্যৱসায়ে প্ৰত্যেকখন ৰাষ্ট্ৰৰ অৰ্থনীতিকে ইয়াৰ যিমান ভাল কৰিব পাৰে কৰিব দিছে। ই গোটেই বিশ্বৰেই মঙ্গল কৰিব।

১৯৯১ চনত এটা অৰ্থনৈতিক সংকটৰ মুখামুখি হওঁতে আৰু উচ্চ অৰ্থনৈতিক বিকাশৰ ইচ্ছাৰ বাবে ভাৰতে অৰ্থনৈতিক সংশোধনৰ এখন নতুন আঁচনি কৰিলে যিয়ে ব্যৱসায় আৰু বহি বিনিয়োগকে ধৰি বিভিন্ন বিষয়ত বৰ্দ্ধিতভাৱে অনিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিলে। এই আঁচনিখনৰ অধীনত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীৰ বাবে কিছু কাম মুকলি কৰি অনা হৈছিল। এটা বৃহৎ আকাৰৰ ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে লোকচান ভৰিবলগীয়া হৈছিল। তাৰোপৰি ব্যক্তিগত খণ্ডটোক বহুতো বাধাৰ পৰা মুক্ত কৰি দিয়া হৈছিল। উদ্যোগীকৰণ আৰু অন্য দেশৰ ব্যৱসায়িক ঘৰবোৰে ভাৰতত তেওঁলোকৰ নিজৰ বস্তুবোৰ উৎপাদন আৰু বিক্ৰী কৰিবৰ বাবে আৰু চাকৰি কৰিবৰ বাবে ভাৰত দর্শন কৰিছিল। শেষৰ কেইটামান বছৰত বহুতো বিদেশী কোম্পানীয়ে ভাৰতত মোবাইল, খবৰৰ প্ৰযুক্তিবিদ্যাৰ উৎপাদনৰ বাবে ভাৰতত খোপনি পুতিছে।

৪। উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নত বিশ্ব বেংকৰ ভূমিকা আলোচনা কৰা। (Discuss the role of the World Bank in the economic development of developing countries?)

উত্তৰঃ বিশ্ব বেংকৰ স্থাপনৰ প্ৰধান উদ্দেশ্য আছিল যুদ্ধ বিধবস্থ ইউৰোপৰ অৰ্থনৈতিক পুনৰ গঠন আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা। বিশ্ব বেংকৰ মুখ্য ভূমিকাসমূহ হ’ল-

(ক) বিশ্ব বেংকৰ পৰা পুঁজিৰ সাহায্য লৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহে বিভিন্ন উন্নয়নমূলক প্ৰকল্পসমূহৰ ৰূপায়ণত সক্ষম হ’ব পাৰিছে।

(খ) বিশ্ব বেংকৰ অন্তৰ্ভুক্ত আন্তৰ্জাতিক উন্নয়ন সংস্থাই নিম্ন আয়ৰ দেশবোৰক কম সুদৰ হাৰত বা সুদবিহীন মধ্যকালীন আৰু দীৰ্ঘকালীন ঋণ গ্ৰহণৰ সুবিধা প্ৰদান কৰে।

(গ) বিশ্ব বেংকে কৃষি, শক্তি, পৰিবহন, যোগাযোগ, উদ্যোগ, পানীযোগান, নগৰ উন্নয়ণ আদিৰ ক্ষেত্র উন্নয়নশীল ৰাষ্ট্ৰসমূহক যথেষ্ট সুযোগ-সুবিধা আগবঢ়াইছে।

(ঘ) দুৰ্নীতি দূৰীকৰণৰ অৰ্থে বিশ্ব বেংকে ৰাজনৈতিক দায়বদ্ধতা, সামাজিক সচেতনতা বৃদ্ধি, ব্যক্তিগত খণ্ডৰ মাজত প্ৰতিযোগিতাৰ বৃদ্ধি, নিৰপেক্ষ বিচাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু ৰাজহুৱা খণ্ডৰ দক্ষ পৰিচালনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(ঙ) বিশ্ব বেংকে পুঁজিৰ বিতৰণ প্ৰণালী আৰু পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰতো স্বচ্ছতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(চ) কোনো সদস্যৰাষ্ট্ৰলৈ ঋণ প্ৰদান কৰোতে বিশ্ব বেংকে ৰাষ্ট্ৰখনৰ ঋণ পৰিশোধ ক্ষমতা আৰু সুদ আদায়ৰ ওপৰতো গুৰুত্ব দিয়ে।

৫। আন্তৰ্জাতিক বিত্ত প্ৰতিষ্ঠানসমূহৰ সদস্যৰাষ্ট্ৰ হিচাপে ভাৰতৰ সুবিধা আৰু অসুবিধা সমূহ উল্লেখ কৰা। (Mention the advantages and disadvantages of India as a member state of international organizations?) 

উত্তৰঃ সুবিধাসমূহ –

(ক) ভাৰতীয় অৰ্থনীতিয়ে কৃষি, উদ্যোগ, শক্তি, পৰিবহণ, যোগাযোগ আদিৰ নিৰ্দিষ্ট প্ৰকল্পসমূহৰ উন্নয়নত অগ্ৰগতি লাভ কৰিছে।

(খ) বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন আৰু বৈদেশিক লেন-দেনৰ ঘাটি পূৰণ কৰিবলৈ চৰকাৰে সুবিধা অৰ্জন কৰিছে।

(গ) বিশ্ব বেংকৰ নেতৃত্বত গঠিত ‘ভাৰত সাহায্য সংস্থা’ৰ পৰা ভাৰতে ১৯৯৩ চনলৈ মুঠ ৬৭০০ নিযুত ডলাৰলৈ ঋণ সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে।

(ঘ) ঋণ প্ৰদানৰ পূৰ্বচৰ্ত ৰূপে আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ববেংকে ‘সাংগঠনিক সমন্বয় কর্মসূচী’ ভাৰত চৰকাৰৰ আগত উত্থাপন কৰে আৰু ফলস্বৰূপে ১৯৯১ চনত ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ আৰম্ভ কৰা হয়।

(ঙ) আভ্যন্তৰীণ ব্যক্তিগত খণ্ড বৈদেশিক বিনিয়োগৰ পৰিসৰ বঢ়াই দিয়া হয়।

(চ) ঔদ্যোগিক উৎপাদনত ৰাজহুৱা খণ্ডৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ প্ৰাধান্য দি উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰা হয়।

অসুবিধাসমূহ: 

(ক) ভাৰতবৰ্ষই মিশ্ৰ অৰ্থনীতিৰ লক্ষ্য পূৰণ কৰাত অসমৰ্থ হৈছে। 

(খ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ঋণ পৰিশোধ ক্ষমতা কম। সেয়েহে, বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যেৰে আগবঢ়োৱা হ্ৰস্বম্যাদী ঋণ ব্যৱস্থাই সমস্যা সমূহ আৰু অধিক জটিল কৰি তুলিছে।

(গ) বিশ্ব বেংকে দুৰ্নীতি দূৰীকৰণৰ নীতি গ্ৰহণ কৰিলেও বাস্তৱ ক্ষেত্ৰত পুঁজিৰ বিতৰণ আৰু পুঁজিৰ ব্যৱহাৰ স্বচ্ছ হোৱা নাই।

(ঘ) আন্তৰ্জাতিক বিত্ত অনুষ্ঠানসমূহৰ সাংগঠনিক সমন্বয় কর্মসূচীয়ে দাৰিদ্ৰ্য দূৰীকৰণ আৰু দুৰ্নীতি দূৰীকৰণ, এই উভয় ক্ষেত্ৰতেই ব্যর্থ হৈছে।

৬। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি কি? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ উদ্দেশ্যসমূহ লিখা। (What is the International Monetary Fund? Write the objectives of the International Monetary Fund?)

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি হৈছে ৰাষ্ট্ৰসংঘৰ আন এটা বিশেষ অংগ। ১৯৪৪ চনত অনুষ্ঠিত হোৱা ব্ৰেটন উদছ সন্মিলনৰ সিদ্ধান্ত মতে এই সংগঠনটো প্ৰতিষ্ঠা কৰা হৈছিল। দ্বিতীয় মহাসমৰৰ সময়ছোৱাত যুদ্ধত জড়িত দেশ কিছুমানে আন দেশৰ পৰা ঋণ লৈছিল আৰু নিজৰ দেশৰ সুবিধা মতে এই ঋণ পৰিশোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। বিভিন্ন দেশৰ মুদ্ৰাৰ মানদণ্ড আছিল বেলেগ বেলেগ। 

সেয়েহে বিনিময়ৰ হাৰো আছিল বেলেগ বেলেগ। বিভিন্ন দেশে যাতে নিজৰ সুবিধা হোৱাকৈ বিনিময় হাৰৰ পৰিৱৰ্তন কৰিব নোৱাৰে আৰু এই বিষয়ত যাতে স্থিৰতা থাকে, সেই উদ্দেশ্যে বিত্তীয় নীতি গ্ৰহণ কৰাৰ ওপৰত কিছুমান দেশে গুৰুত্ব দিছিল। উমৈহতীয়া বিত্তীয় অনুষ্ঠান এটাৰ সৃষ্টি কৰাৰ বিষয়ত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই। এই উদ্দেশ্য ১৯৪৪ চনত ব্ৰেটন উদছত এখন সন্মিলন অনুষ্ঠিত কৰা হৈছিল। এই সন্মিলনৰ সিদ্ধান্তৰ ভিত্তিতেই আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ সৃষ্টি কৰা হৈছিল।

সেই সন্মিলনৰ সিদ্ধান্ত মতে প্ৰত্যেক সদস্যৰাষ্ট্ৰই এই নিধিলৈ নিজৰ বৰঙণি আগবঢ়াব লাগিব। বৰঙণিৰ শতকৰা ২৫ভাগ সোণেৰে দিব লাগিব আৰু বাকী অংশ নিজৰ দেশৰ মুদ্ৰাৰে দিব পাৰিব। এই নিধিৰ পৰা ঋণ ল’ব পৰা ধনৰ পৰিমাণ এই সন্মিলনে নিৰ্ধাৰণ কৰি দিছিল।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ উদ্দেশ্য হৈছে তলত দিয়া ধৰণৰ-

(ক) স্থায়ী সংগঠন এটাৰ জৰিয়তে ধনৰ লেন-দেনৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সৃষ্টি কৰা।

(খ) আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰণ ঘটোৱা।

(গ) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিনিময় হাৰৰ স্থিৰতা ৰক্ষা কৰা।

(ঘ) আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণত বিনিময় হাৰে সৃষ্টি কৰা বাধাক আঁতৰ কৰা।

(ঙ) সদস্য ৰাষ্ট্ৰসমূহলৈ প্ৰয়োজনীয় ঋণ আগবঢ়োৱা।

৭। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা।(Discuss the structure and functions of the International Monetary Fund ?)

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ গঠন : ৰাষ্ট্ৰসংঘৰ আন আন বিশেষ অংগবোৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিদিও তিনিটা বিভাগেৰে গঠিত। এই বিভাগ তিনিটা হৈছে ক্ৰমান্বয়ে- ব’ৰ্ড অৱ গৱৰ্ণৰছ, পৰিচালন সঞ্চালক আৰু মেনেজিং ডাহৰেক্টৰ। ব’ৰ্ড অৱ গৱৰ্ণৰছ এই সংগঠনৰ শ্ৰেষ্ঠ অংগ। প্ৰত্যেক সদস্য ৰাষ্ট্ৰই ইয়াত ভোটদান কৰিব পাৰে। কিন্তু যি সদস্য ৰাষ্ট্ৰই এই নিধিলৈ অধিক পৰিমাণৰ ধন আগবঢ়ায়, সেই সদস্য ৰাষ্ট্ৰৰ ভোটৰ পৰিমাণো বেছি। অৰ্থাৎ ধনী দেশবোৰৰ ইয়াত প্ৰাধান্য আছে। বছৰত এবাৰ এই ব’ৰ্ডৰ সভা অনুষ্ঠিত হোৱাৰ নিয়ম। এই ব’ৰ্ডৰ সদস্যসকলক পাঁচ বছৰৰ কাৰণে নিযুক্ত কৰা হয়। এই মুদ্ৰানিধিৰ কাৰ্যপালিকা হৈছে পৰিচালন সঞ্চালকসকল। সপ্তাহত দুই তিনিবাৰ সঞ্চালকসকলৰ অধিৱেশন অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিলৈ বেছি পৰা পৰিমাণৰ ধন আগবঢ়োৱা সদস্য ৰাষ্ট্ৰৰ পৰা এজনকৈ সদস্য নিৰ্বাচন কৰাৰ নিয়ম। বাকী সদস্যসকলক গৱৰ্ণৰ ব’ৰ্ডে নিৰ্বাচন কৰে। এই সংগঠনৰ তৃতীয় বিভাগ হৈছে সঞ্চালক প্ৰধান। তেওঁ কাৰ্যপালিকাৰ চেয়াৰমেন হিচাপেও কাৰ্যনিৰ্বাহ কৰে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ আন আন কৰ্মচাৰীসকলক তেওঁ নিয়োগ কৰে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ কাৰ্যাৱলী : ব্ৰটেন উদছ সন্মিলনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ তিনিটা কাৰ্যৰ বিষয়ে উল্লেখ কৰা হৈছিল। কিন্তু এই তিনিটাৰ উপৰিও এই সংগঠনে আন কিছুমান দায়িত্বও পালন কৰে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ দায়িত্ব আৰু কৰ্তব্য তলত উল্লেখ কৰা হ’ল-

(ক) বিনিময় হাৰ নিৰ্ধাৰণ কৰাৰ বিষয়ে নিৰ্দিষ্ট নীতি-নিয়ম প্ৰচলন কৰা।

(খ) সদস্য ৰাষ্ট্ৰসমূহলৈ ঋণ আগবঢ়োৱা।

(গ) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিষয়ত আলোচনা কৰাৰ কাৰণে উমৈহতীয়া মঞ্চৰ সৃষ্টি কৰা।

(ঘ) ঋণ পৰিশোধ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসমূহক ধাৰ দিয়া।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিত ধনী দেশসমূহৰ প্ৰাধান্য আছে যদিও অনুন্নত আৰু উন্নয়নশীল দেশসমূহলৈও কম পৰিমাণৰ সূতত ধন ধাৰে দি এনে দেশৰ অৰ্থনৈতিক বিকাশত এই সংগঠনে ভালেখিনি সহায় কৰি আহিছে। এই সংগঠনৰ পৰা পোৱা ঋণৰ সহায়ত দেশ কিছুমানৰ অৰ্থনৈতিক ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ হৈছে। মুদ্ৰা সম্পৰ্কীয় আৰু অৰ্থনৈতিক নীতি সম্পৰ্কীয় আলোচনাৰ উমৈহতীয়া মঞ্চ হিচাপে এই সংগঠনে কাৰ্যনিৰ্বাহ কৰে। বিভিন্ন দেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্প্ৰসাৰণৰ বিষয়তো এই সংগঠনে সহায় কৰি আহিছে।

৮। ‘ৰিঅ’ শীৰ্ষ সন্মিলনৰ ফলাফলবোৰ কি কি ?(What are the results of the Rio Summit ?)

উত্তৰঃ ১৯৯২ চনৰ জুন মাহত ব্ৰাজিলৰ ৰাজধানী চহৰ ৰিঅ’দা জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন বিষয়ক সভাখনে বিশ্বৰাজনীতিত পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহক গুৰুত্ব সহকাৰে প্ৰতিষ্ঠিত কৰাত প্ৰভূত বৰঙণি আগবঢ়ায়। বিশ্বৰ ১৭০ খন ৰাষ্ট্ৰ, হাজাৰোধিক বে-চৰকাৰী সংস্থা আৰু ভালে সংখ্যক বহুজাতিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা এই ৰিঅ’ সভাখনক ভূ-শীৰ্ষ সন্মিলন বুলি জনা যায়। ৰিঅ’ শীৰ্ষ সন্মিলন অনুষ্ঠিত হোৱাৰ পাঁচ বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৭ চনত প্ৰকাশ হোৱা “আমাৰ সমূহীয়া ভৱিষ্যত” শীৰ্ষক Bruht, land Report ত সকলোকে সষ্ঠম কৰি দিয়া হৈছিল যে পৰপম্পৰাগত অৰ্থনৈতিক বিকাশৰ আৰ্হিটো দীৰ্ঘদিনৰ বাবে আৰু চলি নাথাকে- বিশেষকৈ দক্ষিণ গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহৰ উদ্যোগীকৰণৰ দাবীৰ পৰিপ্ৰেক্ষিতত। 

ৰিঅ’ শীৰ্ষ সন্মিলনত এইটো স্পষ্ট হৈ পৰিছিল যে পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহত বিশ্বৰ উত্তৰ গোলাৰ্ধৰ উন্নত ৰাষ্ট্ৰসমূহৰ দৃষ্টিভংগী আৰু দক্ষিণ গোলাৰ্ধৰ দুখীয়া উন্নয়নশীল (তৃতীয় বিশ্বৰ) দেশসমূহৰ দৃষ্টিভংগীৰ মাজত পাৰ্থক্য আছে। উত্তৰৰ ধনী ৰাষ্ট্ৰসমূহ সাধাৰণতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু অ’জন স্তৰ হ্ৰাসৰ দৰে বিষয়সমূহ লৈ বেছি চিন্তিত য’ত দক্ষিণৰ দৰিদ্ৰ পিছপৰা ৰাষ্ট্ৰসমূহ মূলতঃ আৰ্থিক উন্নয়ন আৰু পাৰিপাৰ্শ্বিক ব্যৱস্থাপনাৰ মাজৰ সম্পৰ্ককলৈহে বেছি উদ্বিগ্ন।

ভূ-শীৰ্ষ সন্মিলনে জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰতা, বনানীকৰণ আদিৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত কৰি এক ২১ দফীয়া কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু ই বহুতো অমীমাংসাত জটিল বিষয় এৰাই চলিলে। অৱশ্যে আৰ্থিক উন্নয়নৰ লগত পাৰিপাৰ্শ্বিক দায়বদ্ধতা সাঙুৰি লোৱাৰ ক্ষেত্ৰত ৰিঅ’ শীৰ্ষ সন্মিলনে ঐক্যমত পোষণ কৰে। পাৰিপাৰ্শ্বিকতা বিনষ্ট নকৰাকৈ কৰা উন্নয়নৰ ধাৰণাটোক “বহনক্ষম উন্নয়ন” বুলি কোৱা হয়। অৱশ্যে এইক্ষেত্ৰত মূল সমস্যাটো হ’ল কেনেকৈ পৰিৱেশ সন্তুলিত বিকাশ লাভ কৰিব পৰা হ’ব। কিছুমান সমালোচকে ২১ দফীয়া কাৰ্যসূচীক পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ তুলনাত আৰ্থিক উন্নয়নৰ প্ৰতিহে বেছি আগ্ৰহী বুলি মত প্ৰকাশ কৰিছে।

৯। গোলকীয় প্ৰতিৰোধৰ বিষয়ে সমালোচনামূলক ব্যাখ্যা আগবঢ়োৱা।(Critically discuss about Global ressistance.)

উত্তৰঃ গোলকীয় প্ৰতিৰোধ বৰ্তমান সময়ত প্ৰচলিত এটি অতি বহুলভাৱে প্ৰচলিত অৱধাৰণা। অৰ্থগত দিশৰ পৰা চালে ই গোলকীকৰণ বা বিশ্বায়নৰ প্ৰতিৰোধ কৰা বুজায়। অৰ্থাৎ সঁচা অৰ্থত ক’বলৈ গ’লে গোলকীয় প্ৰতিৰোধ হৈছে গোলকীকৰণৰ বিৰুদ্ধে ব্যৱহৃত এক ধাৰণা। গোলকীকৰণ হৈছে, নব্য উদাৰতাবাদৰ এক পৰিণতি। গোলকীকৰণে মূলতঃ ৰাজ্য বা দেশৰ পৰিসৰ বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখিয়েই সৃষ্টি হৈছিল। ইয়াৰ জৰিয়তে বিশ্বৰ সামগ্ৰী, উৎপাদিত দ্ৰব্য, চাকৰি, সেৱা, মূলধন, শ্ৰম আৰু জনসাধাৰণৰ মাজত আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ঐক্য স্থাপন হোৱাটোৱেই হ’ল মূল উদ্দেশ্য। 

প্ৰকৃতাৰ্থত, দেশসমূহে অৰ্থনৈতিক উন্নতিৰ বাবেই ইয়াৰ প্ৰসাৰতাৰ ওপৰত গুৰুত্ব দিয়ে। গোলকীকৰণক গ্ৰহণ কৰাৰ মুখ্য উদ্দেশ্য এয়ে আছিল যে, অৰ্থনৈতিক উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ জীৱন নিৰ্বাহ উন্নত হ’ব। কিন্তু এই উন্নয়নৰ চাবি কাঠী প্ৰভাৱশালী অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ড, প্ৰভাৱশালী নেতাৰ প্ৰভাৱতহে থকা দেখা গ’ল। যদিওবা গোলকীকৰণৰ ফলত সৰ্বোন্নয়নৰ আশা কৰা হৈছিল কিন্তু বাস্তৱত ইয়াৰ সম্পূৰ্ণ ওলোটা প্ৰতিচ্ছৱিহে পৰিলক্ষিত হয়। অৰ্থাৎ ইয়াৰ সকাৰাত্মক দিশৰ পৰিৱৰ্তে ভালেমান ক্ষেত্ৰত নঞাৰ্থক দিশৰ উমান পোৱা গ’ল। 

উন্নয়নৰ মুখ্য দিশবিলাক যেনে খাদ্য, পানী, আশ্ৰয়স্থল ইত্যাদিত কোনো বিশেষ উন্নয়ন পৰিলক্ষিত ন’হল। তাৰ পৰিৱৰ্তে পুঁজিবাদৰ এক নব্য ৰূপৰ উত্থান দেখা গ’ল। সেয়েহে বিভিন্ন বেচৰকাৰী সংস্থা, সমূহ ইত্যাদিৰ দ্বাৰা ইয়াৰ প্ৰতিবাদ সৃষ্টি হ’ল যাক অন্য অৰ্থত গোলকীয় প্ৰতিৰোধ বুলি জনা যায়। অৰ্থাৎ গোলকীয় প্ৰতিৰোধৰ উদ্ভৱ হৈছিল গোলকীকৰণ আৰু পুঁজিবাদৰ নঞাৰ্থক প্ৰভাৱৰ বিৰুদ্ধে। এই প্ৰতিৰোধক এইবাবে গোলকীয় কোৱা হ’ব যে ইয়াৰ প্ৰতিবাদ বা প্ৰতিৰোধসমূহ কোনো নিৰ্দিষ্ট দেশত সীমাবদ্ধ নাথাকি সকলো দেশতে এক সমূহীয়া সমস্যা ৰূপে প্ৰতিবাদৰ আৰম্ভ হৈছিল। অৱশ্যে ১৯৯০ চনৰ শেষভাগৰ পৰাহে গোলকীয় প্ৰতিৰোধৰ জনপ্ৰিয়ভাৱে বহিঃপ্ৰকাশ ঘটে।

১৯৯০ দশকৰ পৰাই নব্য উদাৰতাবাদী গোলকীকৰণৰ ফলাফল সমূহৰ এক অসামঞ্জস্যতা দেখা গৈছিল। কিয়নো গোলকীকৰণৰ নামত চৰকাৰসমূহে গ্ৰহণ কৰা নীতিবোৰ যিবোৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ ওপৰত উন্নয়নৰ দায়িত্ব দিছিল, যিবোৰে কেৱল ব্যক্তিগত লাভালাভ আৰু পুঁজিবাদৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ ফলত বিভিন্ন ঠাইত বিভিন্ন কাৰণত প্ৰতিবাদৰ সৃষ্টি হয় আৰু বিশ্বব্যাপী মনোনীত হয়। এই প্ৰতিবাদ বা প্ৰতিৰোধসমূহ বিভিন্ন বেচৰকাৰী সংস্থা, গোলকীয় নাগৰিক সংস্থা আৰু গোলকীয় সামাজিক আন্দোলনৰ জৰিয়তে প্ৰকাশ হৈছিল।

উদাহৰণস্বৰূপে মেক্সিকোত ১৯৯৪ চনত হোৱা জাপাটিষ্ঠা আন্দোলনৰ কথা ক’ব পাৰি।জাপাটিষ্ঠা আন্দোলনৰ মূলতঃ আছিল মেক্সিকো প্ৰশাসনে গ্ৰহণ কৰা NAFTA চুক্তি। ইয়াৰ দ্বাৰা গোলকীকৰণৰ লগত খোজ মিলোৱাৰ অৰ্থে দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে মেক্সিকো প্ৰশাসনে NAFTA গ্ৰহণ কৰি আমেৰিকা আৰু কানাডাৰ সৈতে আন্তঃসংযোগী মুক্ত ব্যৱসায়ৰ চুক্তি কৰিছিল। চুক্তিৰ এক অংশ অনুসৰি মেক্সিকোৰ থলুৱা ভূমি ব্যক্তিগত খণ্ডই ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰিব। কিন্তু এই চুক্তিয়ে থলুৱা লোকসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰতি ভয়ৰ সৃষ্টি কৰিছিল কাৰণ এই ভূমি ব্যৱহাৰে ব্যক্তিগত খণ্ডকহে লাভান্বিত কৰিব আৰু ক্ৰমান্বয়ে থলুৱা লোকসকলৰ স্বাধীনতা খৰ্ব হ’ব। সেয়েহে, জাপাটিষ্টাসকলে নব্য উদাৰতাবাদ আৰু বিশ্বায়নৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। গোলকীয় প্ৰতিৰোধৰ এইটো আছিল এটা অন্যতম আৰম্ভণি।

গোলকীয় প্ৰতিৰোধৰ অন্য এক নিদৰ্শন হৈছে, চিঅটল প্ৰতিবাদ। ১৯৯৯ চনত চিঅটলত বিশ্ব স্বাস্থ্য সংস্থাৰ এক মন্ত্ৰীসভাত অৰ্থনৈতিকভাৱে শক্তিশালী ৰাজ্যৰ অন্যায়মূলক ব্যৱসায়িক প্ৰক্ৰিয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী হৈছিল। এই প্ৰতিবাদৰ মুখ্য কাৰণ আছিল যে, গোলকীকৰণ আৰু নব্য উদাৰতাবাদৰ জৰিয়তে আৰম্ভ হোৱা ব্যৱসায়ৰ দ্বাৰা বিকাশমূলক গোলকীয় ব্যৱস্থাত উন্নয়নশীল দেশসমূহক গুৰুত্ব দিয়া হোৱা নাছিল।

গোলকীয় প্ৰতিৰোধৰ উদ্দেশ্যৰ বহুত্বতাৰ যোগেদি ইয়াৰ পৰিচয়ৰ প্ৰকাশ ঘটে। নব্য উদাৰতাবাদৰ আৰু গোলকীকৰণৰ লাভসমূহ কেৱল পুঁজিপতিৰ হাততেই সীমাবদ্ধ হৈ থাকিল। সেয়েহে, বিভিন্ন ৰাজনৈতিক পণ্ডিতে ৰাষ্ট্ৰক আকৌ আগৰ অৱস্থালৈ (ৰাষ্ট্ৰৰ হাতত সকলো ক্ষমতা) ঘূৰাই অনাৰ সমৰ্থন কৰে। কিয়নো নব্য উদাৰতাবাদৰ নীতিসমূহৰ দ্বাৰা অধিক ক্ষেত্ৰতো অন্যায়হে দেখা যায়। সেয়েহে, নব্য উদাৰতাবাদৰ নামত চলা পুঁজিবাদৰ দৌৰাত্ম্যৰ বিৰুদ্ধে বিভিন্ন গোলকীয় সামাজিক আন্দোলনৰ আৰম্ভ হ’ল। এই আন্দোলনসমূহক আগুৱাই লৈ যায় বিভিন্ন বেচৰকাৰী সংস্থা বা সমূহে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top