Class 11 Environment Chapter 8 পথ সুৰক্ষা

Class 11 Environment Chapter 8 পথ সুৰক্ষা Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 8 পথ সুৰক্ষা Question Answer.

Class 11 Environment Chapter 8 পথ সুৰক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 8 পথ সুৰক্ষা Notes for All Subjects, You can practice these here.

পথ সুৰক্ষা

অধ্যায় –

গোট – ৩:

প্ৰশ্নাৱলী

১। পথ সুৰক্ষাই কি বুজায়?

উত্তৰঃ পথ সুৰক্ষাই পথত দুৰ্ঘটনা, আঘাত, আৰু মৃত্যুৰ আশংকা হ্ৰাস কৰাৰ লক্ষ্যৰে সকলো ব্যৱস্থা আৰু পদ্ধতি সামৰি লয়, পথচাৰী, চাইকেল আৰোহী, আৰু মটৰচাইকেল আৰোহীকে ধৰি সকলো পথ ব্যৱহাৰকাৰীৰ নিৰাপদ চলাচল নিশ্চিত কৰে।

২। পথ সুৰক্ষাৰ ক্ষেত্ৰত ইংৰাজী বর্ণমালা ‘E’ চাৰিটাই কি বুজায়? চমুকৈ লিখা।

উত্তৰঃ পথ সুৰক্ষাৰ ক্ষেত্ৰত ইংৰাজী বর্ণমালা ‘E’ চাৰিটাই বুজাব খোজা সেই চাৰিটা কৌশলৰ বিষয়ে তলত ব্যাখ্যা কৰা হ’ল-

(i) কাৰিকৰী(Engineering): আমাৰ বাট-পথসমূহত পথচাৰী, চাইকেল, পণ্ডধনেৰে চলোৱা গাড়ী, ৰিক্সা, বাছ, ট্রাক, ব্যক্তিগত সৰু চাৰিচকীয়া গাড়ী আদি সকলো শ্রেণীৰ বাহন দেখা পাওঁ। সেয়েহে, সকলোৰে উপযোগী হোৱাকৈ বা প্রত্যেকৰে সুবিধা হোৱাকৈ বাট-পথসমূহ বিজ্ঞানসম্মতভাৱে হোৱা উচিত। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ii) বলবৎকৰণ(Enforcement): যান-বাহন বিধিত প্রয়োজনীয় বিধি-বিধান সন্নিবিষ্ট কৰি সেই সমূহ বলিষ্ঠভাৱে প্রবর্তন কৰিলে পথ-দুর্ঘটনা হ্রাস কৰাত সহায়ক হ’ব।

(iii) শিক্ষা(Education): পথ সুৰক্ষা সম্পর্কীয় বিভিন্ন কৌশল, পথ-বিধান, পথচিহ্ন, পথ-নির্দেশনা আদি সাবধনতাসমূহ জনসাধাৰণৰ মাজত প্রচাৰ কৰি সকলোকে সু-শিক্ষিত কৰিব পাৰিলে পথ-দুর্ঘটনা নিয়ন্ত্রণত সফল হোৱাটো ধুৰূপ।

(iv) জৰুৰীকালীন(Emergency): পথ দুর্ঘটনাত আহত হোৱা সকলক তাৎক্ষণিকভাৱে চিকিৎসা সেৱা দিব পাৰিলে হতাহতৰ সংখ্যা নিশ্চয় কমাব পৰা যাব। 

৩। হেলমেট মানে কি বুজা আৰু কিয় পিন্ধিব লাগে তাক চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ হেলমেট হৈছে এক প্ৰকাৰৰ সুৰক্ষা মাথোচোৱা, যাক বিশেষকৈ মটৰচাইকেল আৰু স্কুটাৰ চলোৱাৰ সময়ত পিন্ধা হয়। ই দুৰ্ঘটনাৰ সময়ত মাথাৰ আঘাত ৰোধ কৰি জীৱন ৰক্ষা কৰাত সহায় কৰে। বহু দেশত হেলমেট পিন্ধাটো আইনসন্মত, যাৰ উদ্দেশ্য চালকৰ সুৰক্ষা নিশ্চিত কৰা। লগতে, ই বাতাস, ধূলি-বালি আৰু ধোঁৱাৰ পৰা মুখ আৰু চকুকো সুৰক্ষিত ৰাখে। হেলমেট পিন্ধা ব্যক্তি সজাগ আৰু দায়িত্বশীল চালক হিচাপে গণ্য হয়, যি পথ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ। সেয়ে, জীৱন আৰু সুৰক্ষাৰ স্বাৰ্থত হেলমেট পিন্ধাটো অত্যন্ত প্ৰয়োজনীয়।

৪। ছীট বেল্টৰ প্রয়োজনীয়তা কি?

উত্তৰঃ প্রতি ঘণ্টাত ৭০ কিলোমিটাৰ গতিবেগেৰে গৈ থকা গাড়ী এখনৰ চালক আৰু আৰোহী কেইজনৰ শৰীৰকেইটায়ো ৭০ কিলোমিটাৰ গতিৰেই ধাৱমান হয়। হঠাতে গাড়ীখন বৈ যাবলগীয়া অৱস্থা এটা সৃষ্টি হ’লে গাড়ীখনৰ ভিতৰত থকা ব্যক্তিকেইজনৰ শৰীৰকেইটাও ওপৰত উল্লেখ কৰি অহাৰ দৰেই ঘণ্টাত ৭০ কিলোমিটাৰ গতিৰে সমুখৰ ষ্টিয়াৰিং হুইল, ডেচ্-বর্ড বা আয়না (Wind shield)ত খুন্দা মাৰে। ফলত গাড়ীৰ আৰোহী তথা চালকৰ থিতাতে মৃত্যু নতুবা চিৰজীৱনৰ বাবে পঙ্গু হৈ পৰা দেখা যায়। সমীক্ষা মতে ছীট বেল্ট ব্যৱহাৰ নকৰাৰ বাবে দুর্ঘটনাসমূহত ৭০ শতাংশ ব্যক্তিৰ মৃত্যু হয়। গাড়ীখনৰ চালক আৰু প্রতিজন আৰোহীয়েই ইয়াক সঠিক ৰূপত ব্যৱহাৰ কৰাটো প্রয়োজনীয়। অন্যথা ই দণ্ডনীয় অপৰাধ বুলি গণ্য হয়।

৫। ড্রাইভিং লাইচেন্স কাক বোলে? কি কি শ্ৰেণীৰ যান-বাহনৰ বাবে ড্রাইভিং লাইচেন্স দিয়া হয়?

উত্তৰঃ কর্তৃত্বশীল প্রাধিকাৰীৰ দ্বাৰা জাৰি কৰা যি লাইচেন্সৰ দ্বাৰা নির্দিষ্ট শ্ৰেণীৰ গাড়ী চলাব পৰা যায় তাকে ড্রাইভিং লাইচেন্স বোলা হয়। 

কিছুমান শ্ৰেণীৰ যান-বাহনৰ বাবে ড্রাইভিং লাইচেন্স দিয়া হয়, যেনে―

(i) গিয়াৰবিহীন মটৰ চাইকেল।

(ii) প্রতিবন্ধীৰ বাহন।

(iii) পৰিবাহক যান বাহন।

(iv) গিয়াৰযুক্ত মটৰ চাইকেল।

(v) লঘু যান-বাহন।

(vi) ৰোড ৰোলাৰ।

৬। সুৰাসক্ত গাড়ী চালনাৰ ক্ষেত্ৰত যান-বাহন বিধিয়ে কি কয় তাক চমুকৈ বর্ণনা কৰা।

উত্তৰঃ সুৰাপায়ী গাড়ীচালকৰ কাৰণে বিশ্বত বহু পথ দুর্ঘটনা সংঘটিত হৈছে। সুৰাপান কৰি গাড়ী চলালে, চালকে নিজৰ লগতে অন্যলোকৰ জীৱনো বিপদৰ মুখলৈ নি নিয়ে। চালকে সুৰাপান কৰিছিল নেকি, সেইটো তেজ পৰীক্ষাৰ মাধ্যমেৰে সহজে চিনাক্ত কৰিব পৰা যায়। যদিহে এজন চালকে সুৰাপান কৰি গাড়ী চলাই থকা অৱস্থাত তেওঁৰ প্ৰতি ১০০মি. লি. তেজৰ নমুনাত ৩০ মি.গ্রা. সুৰাসাৰ (Alcohol) থকা প্রমাণিত হয় তেন্তে যান-বাহন বিধিমতে তেওঁ জৰিমনা অথবা জে’ল অথবা দুয়োটা শাস্তিৰ সন্মুখীন হ’ব পাৰে। তদুপৰি তেওঁৰ ড্রাইভিং লাইচেন্স পর্যন্ত বাতিল হ’ব পাৰে। তথ্যমতে সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে ৮৫ শতাংশ পথ দুর্ঘটনা সংঘটিত হয়।

৭। স্কুল বাছৰ ক্ষেত্ৰত প্রযোজ্য পাঁচটা বিধি-বিধান লিখা।

উত্তৰঃ স্কুল বাছৰ ক্ষেত্ৰত প্রযোজ্য পাঁচটা বিধি-বিধান হ’ল―

(i) স্কুল বাছৰ চালকজন ৫ বছৰ গধুৰ যান-বাহন চলোৱা অভিজ্ঞতা-সম্পন্ন হ’ব লাগে।

(ii) স্কুল বাছৰ কোনো চালক এবাৰলৈ হ’লেও অত্যধিক বেগত বা সুৰাসক্ত হৈ বা বিপদজ্জনকভাৱে গাড়ী চলোৱাৰ অপৰাধত অভিযুক্ত হ’লে এনে ব্যক্তিয়ে স্কুল বাছৰ চালক হৈ থকাৰ যোগ্যতা হেৰুৱাব।

(iii) চালকে ইউনিফর্ম পৰিধান কৰাৰ উপৰি বাছত ‘স্কুল কৰ্তব্যত’ বুলি লিখা থাকিব লাগে।

(iv) প্রতি ঘণ্টাত ৪০ কি. মি. বেগত চলাৰ বাবে ‘গতি নিয়ন্ত্রক যন্ত্র’ (Speed governor) বাছত থাকিব লাগে।

(v) শিক্ষিত লাইচেন্সধাৰী কণ্ডাক্টৰ থকাটো বাধ্যতামূলক।

৮। পথচিহ্নসমূহক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি?

উত্তৰঃ পথচিহ্নসমূহক তিনিটা ভাগত বিভক্ত কৰা হৈছে আৰু সেইকেইটা হ’ল―

(i) বাধ্যতামূলক চিহ্ন।

(ii) সতৰ্কীকৰণ চিহ্ন।

(iii) জাননী বা সূচনাত্মক চিহ্ন।

৯। পথ দুর্ঘটনা ঘটিলে গাড়ীৰ চালকে কি কৰা উচিত?

উত্তৰঃ পথ দুর্ঘটনা ঘটিলে গাড়ীৰ চালকে তৎক্ষণাত গাড়ীখন ৰখাব লাগে। যদিহে দুর্ঘটনাস্থলীত সমবেত হোৱা জনতাৰ বাবে সম্ভৱ নহয় বা আঘাতপ্ৰাপ্ত হোৱা লোকজনে বা তেওঁৰ অভিভাৱকেআন ধৰণে নিবিচাৰে, তেন্তে আহতজনক ওচৰৰ চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব আৰু ওচৰৰ আৰক্ষী আস্থানত যথা শীঘ্ৰে দুৰ্ঘটনাৰ খবৰ দিয়া আৰু বীমা কর্তৃপক্ষক দুর্ঘটনা সম্পর্কে অৱগত কৰা উচিত।

১০। অপৰিবহণ (ব্যক্তিগত) গাড়ীৰ ক্ষেত্ৰত কি কি বৈধ নথি গাড়ীত লৈ ফুৰিব লাগে?

উত্তৰঃ অপৰিবহণ (ব্যক্তিগত) গাড়ীৰ ক্ষেত্ৰত কিছুমান বৈধ নথি গাড়ীত লৈ ফুৰিব লাগে। যেনে―

(i) পঞ্জীয়ন প্রমাণ পত্র।

(ii) বীমা।

(iii) ১ বছৰৰ পুৰণি গাড়ীৰ ক্ষেত্ৰত নিয়ন্ত্ৰিত প্ৰদূষণৰ প্ৰমাণ-পত্ৰ।

(iv) চলাই থকা বাহন শ্ৰেণীৰ ড্রাইভিং লাইচেন্স।

১১। পথ দুর্ঘটনাৰ মুখ্য কাৰণ কি কি?

উত্তৰঃ পথ দুর্ঘটনাৰ মুখ্য কাৰণ হ’ল―

(i) মানৱীয় কাৰক: মানুহৰ ভুলৰ বাবে ৮৫ শতাংশ পথ দুর্ঘটনা সংঘটিত হয় বুলি তথ্যত প্রকাশ। সুৰাসক্ত, টোপনিৰ আৱেশ,অন্যমনস্ক, পথ নির্দেশনা বুজি নোপোৱা বা অমান্য কৰা, মোবাইল ফোনত কথা পাতি পাতি গাড়ী চলোৱাৰ উপৰি পথচাৰীৰ অমনোযোগিতা বা ভুলকৈ খোজকঢ়া বা মোবাইল ফোনত কথা পাতি ৰাস্তা পাৰ হোৱা আদি নানান মানৱীয় ভুলৰ বাবে পথ দুর্ঘটনা হোৱা দেখা যায়।

(ii) আন্তঃগাঁথনিমূলক কাৰক: ওখোৰা-মোখোৰা বাট-পথ, কাৰিকৰীভাৱে শুদ্ধকৈ পথ নির্মাণ নোহোৱা, ৰাস্তাৰ ভগা-ছিগা অৱস্থা আদিৰ বাবে বহু পথ-দুর্ঘটনা সংঘটিত হয়।

(iii) যান্ত্ৰিক কাৰক: গাড়ী এখন ৰাস্তাৰে গৈ থাকোতে হঠাৎ হোৱা যান্ত্রিক বিজুতি, গাড়ীখন সঠিকভাৱে মেৰামতি নকৰা, আওপুৰণি যন্ত্রাংশ আদিৰ বাবেও পথ-দুর্ঘটনা হোৱা দেখা যায়।

(iv) পাৰিপার্শ্বিক কাৰক: সকলো ঠিকে থকাৰ পিছতো বেয়া বতৰ, প্ৰতিকূল ভৌগোলিক অৱস্থিতি, আকস্মিক প্রাকৃতিক দুর্যোগৰ বাবেও পথ দুর্ঘটনা ঘটে।

১২। ২০১১ চনত আৰম্ভ কৰা পথ সুৰক্ষা আঁচনিখনৰ নাম কি? এই আঁচনিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ২০১১ চনত আৰম্ভ কৰা পথ সুৰক্ষা আঁচনিখনৰ নাম হ’ল ‘দ্যা গ্লোবেল প্লেন ফৰ দ্য়া ডিকেদ অৱ একশ্যন ফৰ ৰোড ছেফটি ২০১১-২০২০’। এই কৰ্মসূচীৰ ভিত্তিত অধিকাংশ ৰাষ্ট্ৰই দৃঢ় পদক্ষেপ গ্ৰহণ কৰি পথ সুৰক্ষাৰ সমস্যা নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে। ২০১০ চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ঘোষিত এই আঁচনিটোৰ মূল লক্ষ্য হৈছে পথ দুৰ্ঘটনাৰ ক্ষতিৰ পৰিমাণ হ্ৰাস কৰা।

১৩। ভাৰতবর্ষত বলৱৎ হোৱা পথ সুৰক্ষা আঁচনিখন কেতিয়াৰপৰা প্রৱর্তন হৈছে?

উত্তৰঃ ভাৰতবর্ষত বলৱৎ হোৱা পথ সুৰক্ষা আঁচনিখন ২০১০ চনৰ পৰা প্রৱর্তন হৈছে।

১৪। পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ গাড়ী চলাওঁতে ল’বলগীয়া পাঁচটাকে পথ-বিধানৰ বিষয়ে লিখা।

উত্তৰঃ পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ গাড়ী চলাওঁতে ল’বলগীয়া পাঁচটাকে পথ-বিধানৰ বিষয়ে হ’ল―

(i) গাড়ী এখন যত দূৰ সম্ভৱ পথৰ বাঁওকাষেদি চলাব আৰু বিপৰীত দিশৰ পৰা অহা যান-বাহনক নিজৰ সোঁফালেদি যাবলৈ দিব।

(ii) বাঁও দিশলৈ ঘূৰোতে সদায় যিমান পাৰি সিমান বাঁওকাষলৈ গৈ সোমাব খোজা বাটটোৰ বাঁও দাঁতিয়েদি আৰু সোঁফালে ঘূৰোতে বাটটোৰ মাজভাগেদি গৈ সোমাব খোজা পথটোৰ বাঁওফালেদি প্ৰৱেশ কৰিব।

(iii) একেদিশেৰে গৈ থকা গাড়ীক সোঁফালেদি অতিক্রম কৰিব।

(iv) পশ্চাদ্ দৃশ্যৰ দাপোণ (Rear View Mirror)ত চাই-চিতি প্রয়োজন সাপেক্ষে হাতেৰে সংকেত দিহে গাড়ী চলোৱাটো বাঞ্ছনীয়।

(v) ‘ওবান ওৱে’ বুলি লিখা পথত বিপৰীত ফালৰ পৰা কেতিয়াও গাড়ী চলাই আহিব নালাগে।

১৫। বিদেশত গাড়ী চলাব খুজিলে এজন প্রবাসীয়ে কি কৰিব লাগিব?

উত্তৰঃ ভাৰতীয় নাগৰিকে বিদেশত গাড়ী চলাবলৈ হ’লে আন্তর্জাতিক গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ (International Driving Permit) প্ৰদানৰ ব্যৱস্থা যান-বাহন আইনত সন্নিবিষ্ট আছে। এই অনুজ্ঞাপত্ৰ এবছৰৰ বাবে জাৰি কৰা হয়। 

অনুজ্ঞাপত্র পাবলৈ তলত দিয়া নথিসমূহ নিৰ্ধাৰিত আবেদন প্ৰ-পত্ৰৰ লগত জমা দিব লাগিব-

(i) ভাৰতীয় ড্রাইভিং লাইচেন্সৰ নকল।

(ii) পাৰ পত্ৰ আৰু ভিছাৰ নকল।

(iii) নির্ধাবিত প্র-পত্ৰত সু-স্বাস্থ্যৰ প্ৰমাণ।

(iv) তিনিখন শেহতীয়াকৈ উঠা ফটো।

(v) নির্ধাৰিত মাচুল।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top