Class 11 Environment Chapter 1 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies 1 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা Question Answer.
Class 11 Environment Chapter 1 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Environment Chapter 1 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা Notes for All Subjects, You can practice these here.
পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা
অধ্যায় – ১
গোট – ১: পৰিৱেশ শিক্ষা
প্ৰশ্নাৱলী |
১। পৰিৱেশ কি?
উত্তৰঃ পৰিৱেশ হৈছে আমাৰ চাৰিওফালে থকা জীৱিত আৰু অজীৱিত বস্তুসমূহৰ সমষ্টি, যাৰ সৈতে আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। আমি থকা পৃথিৱীখনত মুঠতে জৈৱ আৰু অজৈৱ পদার্থ থাকে। উদ্ভিদ আৰু প্ৰাণীক একেলগে জৈৱজগত বোলে। আনহাতে পানী, বায়ু আৰু মাটিৰ দ্বাৰা অজৈৱ জগত সৃষ্টি হয়। পানী, বায়ু আৰু মাটিৰ মাজৰ লগতে প্ৰাণীজগতক বিশেষকৈ মানুহৰ লগত থকা আন্তঃসম্বন্ধই হ’ল পৰিৱেশ। পৰিৱেশক তিনিটা ভাগত ভাগ কৰা হৈছে।
সেই ভগকেইটা হ’ল―
(i) প্ৰাকৃতিক পৰিৱেশ।
(ii) মানৱসৃষ্ট পৰিৱেশ।
(iii) সামাজিক পৰিৱেশ।
২। পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি কি?
উত্তৰঃ পৰিৱেশৰ বিভিন্ন উপাদানসমূহ হ’ল–
(i) অজৈৱিক উপাদান।
(ii) জৈৱিক উপাদান। আৰু
(iii) শক্তি উপাদান।
৩। পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি?
উত্তৰঃ পৰিৱেশৰ বিভিন্ন অংশসমূহ হ’ল–
(i) বায়ুমণ্ডল।
(ii) জলমণ্ডল।
(iii) ভূমণ্ডল। আৰু
(iv) জীৱমণ্ডল।
৪। বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ উল্লেখ কৰা।
উত্তৰঃ বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ হ’ল–
প্রধান উপাদন: নাইট্ৰ’জেন, N₂ (৭৮.০৮%)
অক্সিজেন, O₂ (২০.৯৪%)
লঘু উপাদান: আর্গন, Ar (৯.৩৪ × ১০⁻¹⁰%)
কার্বন-ডাই-অক্সাইড O₂ (৩.২৫ × ১০⁻²%)
অতি নগণ্য পৰিমাণৰ গেছ: নিয়ন, হিলিয়াম, মিথেন, জলীয় বাষ্প, ক্রিপটন, নাইট্ৰাছ অক্সাইড, জেনন, হাইড্ৰ’জেন, ছালফা ডাই অক্সাইড, অজ’ন, এম’নিয়া, কার্বন মন’ক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আদি।
৫। ষ্টেট’স্ফিয়েৰত থকা অজ’ন গেছৰ স্তৰৰ ভূমিকা কি?
উত্তৰঃ অজ’ন গেছ বায়ুমণ্ডলৰ ষ্ট্ৰেট’ছফিয়াৰত বিস্তৃত হৈ আছে আৰু ই আমাৰ বাবে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱনৰ বাবে এক ৰক্ষা কবচ হিচাপে এই অজ’ন গেছে কাম কৰে।
৬। পৰিৱেশ শিক্ষা সম্পর্কে তুমি কি বুজিছা?
উত্তৰঃ পৰিৱেশ শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ব্যক্তিক পৰিৱেশৰ বিষয়সমূহ অন্বেষণ কৰিবলৈ, সমস্যা সমাধানত জড়িত হ’বলৈ আৰু পৰিৱেশ উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুমতি দিয়ে। ফলত ব্যক্তিসকলে পৰিৱেশৰ বিষয়সমূহৰ ওপৰত গভীৰ বুজাবুজি গঢ়ি তোলে আৰু জ্ঞাত আৰু দায়িত্বশীল সিদ্ধান্ত লোৱাৰ দক্ষতা লাভ কৰে।
৭। পৰিৱেশগত শিক্ষাৰ বহল নীতি-নির্দেশিকাসমূহ কি কি?
উত্তৰঃ পৰিৱেশগত শিক্ষাৰ বহল নীতি-নির্দেশিকাসমূহ হ’ল―
(i) পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি অনুভূতিশীলতা আৰু সজাগতা।
(ii) পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উপলব্ধি আৰু জ্ঞান অৰ্জন কৰা।
(iii) পৰিৱেশৰ বাবে উদ্বেগৰ মনোভাৱ আৰু পৰিৱেশগত গুণমান ৰক্ষা আৰু উন্নত কৰাৰ মানসিকতা।
(iv) পৰিৱেশগত প্রত্যাহবানসমূহ সমাধান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা কাম-কাজত অংশ গ্রহণ।
৮। পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ উল্লেখ কৰা।
উত্তৰঃ পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ হ’ল—
(i) শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ আন্তঃসম্পৰ্কত গুৰুত্ব।
(ii) সামগ্রিকভাৱে পৰিৱেশক বিবেচনা কৰা।
(iii) নিৰন্তৰ শিক্ষা হ’ল আনুষ্ঠানিক আৰু অনানুষ্ঠানিকভাৱে প্রাক-স্কুল পৰ্যায়ৰ পৰা জীৱনভৰিসলৈ চলি থকাকৈ শিকাৰ প্ৰক্ৰিয়া।
(ঘ) স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক দৃষ্টিভঙ্গীৰ পৰা ঘাই ঘাই পৰিৱেশ সংক্রান্ত বিষয়বোৰ সমালোচনামূলক দৃষ্টিৰে পৰীক্ষা কৰা৷
(ঙ) বর্তমান আৰু ভৱিষ্যৎ পৰিৱেশৰ প্ৰৱণতা আৰু অৱস্থাৰ বিষয়ে অধ্যয়ন চলোৱা।
(চ) পৰিৱেশৰ সমস্যা সৃষ্টিৰ প্ৰকৃত কাৰণবোৰ আৰু উপসৰ্গবোৰ আৱিষ্কাৰ কৰাত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা আৰু সেই মতে পৰিকল্পনা কৰা।
(ছ) চূড়ান্ত পর্যায়ত পৰিৱেশ সমস্যাবোৰৰ সমাধানৰ কাৰণে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা আৰু মূল্যবোধক জগাই তোলাৰ বাবে গুৰুত্ব প্ৰদান কৰা।
৯। পৰিৱেশ শিক্ষাৰ বহুমুখী বিষয়ৰ চৰিত্র সম্পর্কে আলোচনা কৰা।
উত্তৰঃ পৰিৱেশ শিক্ষা এটা বহুমুখী বিষয়, যাৰ বাবে বিভিন্ন ক্ষেত্ৰৰ জ্ঞান প্ৰয়োজন। উদ্ভিদ বিজ্ঞান, প্রাণী বিজ্ঞান, জৈৱ প্রযুক্তি, অনুজীৱতত্ত্ব, আৰু জৈৱ ৰসায়ন পৰিৱেশৰ জৈৱিক উপাদান আৰু ইয়াৰ আন্তঃক্রিয়া বুজিবলৈ সহায় কৰে। পদার্থবিজ্ঞান, ৰসায়ন, গণিত, আৰু পৰিসংখ্যা বিজ্ঞান পৰিৱেশৰ বিভিন্ন পৰিঘটনা বিশ্লেষণত সহায়ক। লগতে, কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি পৰিৱেশ অধ্যয়ন আৰু পৰিসংখ্যাৰ বাবে অপৰিহাৰ্য অংশ হিচাপে বিবেচিত হয়।
একেদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিৱেশ অভিযান্ত্রিক বিদ্যা (ইঞ্জিনিয়াৰিং) অত্যাৱশ্যক। অভিযান্ত্রিক বিদ্যাৰ অন্যান্য শাখাসমূহ, যেনে- ৰসায়ন, অসামৰিক, কাৰিকৰী আৰু নতুন উদ্ভাৱনমূলক প্রযুক্তিবোৰো পৰিৱেশ সুৰক্ষা কাৰ্য্যত যুক্ত। ধ্বংস হৈ গৈ থকা পৰিৱেশক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সেউজ ৰসায়ন বিজ্ঞানে এটা সুনিৰ্দিষ্ট আৰু অত্যন্ত স্পষ্ট ভূমিকা পালন কৰে। সমাজতত্ত্ব, অৰ্থনীতি, শিক্ষা, আৰু দর্শন পৰিৱেশ শিক্ষাৰ সৈতে জড়িত। পৰিৱেশ সুৰক্ষাৰ বাবে নিয়মিত পৰিৱেশ আইন প্ৰয়োগ কৰা হয়। এইদৰে, পৰিৱেশ শিক্ষা বহুমুখী স্বভাৱৰ বিষয়, য’ত বিশ্বমুখী দৃষ্টিভঙ্গীৰ মাধ্যমে বিভিন্ন দিশৰ সমন্বয় ঘটোৱা হয়।
১০। আমাৰ পৰিৱেশ সুৰক্ষিত ৰখাত পৰিৱেশগত সজাগতাই কেনেকৈ সহায় কৰে?
উত্তৰঃ আমাৰ বিশ্ব পৰিৱেশ অৱক্ষয় আৰু প্ৰদূষণৰ গভীৰ সমস্যাৰ সন্মুখীন। বনজ সম্পদৰ ক্ষয়, জনসংখ্যা বিস্ফোৰণ, ঔদ্যোগীকৰণ, অপৰিকল্পিত নগৰীকৰণ, আৰু ভূমিক্ষয়ে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰিছে। মানৱ জাতিৰ লোভ আৰু বিলাসী জীৱনশৈলীৰ ফলত প্ৰাকৃতিক সম্পদৰ অতিৰিক্ত শোষণ ঘটিছে, যি বহু জীৱ-প্ৰাণীৰ অস্তিত্বৰ বাবে ভাবুকি সৃষ্টি কৰিছে। গতিকে, পৰিৱেশৰ সুৰক্ষাৰ বাবে গণসজাগতা বৃদ্ধি কৰাটো একান্ত প্ৰয়োজনীয়। কোনো চৰকাৰেই কেৱল কিছুমান পৰিৱেশ সুৰক্ষা বিষয়ক বিধি ৰূপায়ণ কৰি এই সমস্যাৰ সমাধান কৰিব নোৱাৰে, যদিহে জনসাধাৰণে এই ক্ষেত্ৰত সহযোগিতা নকৰে। জনসাধাৰণক পৰিৱেশগতভাৱে শিক্ষিত কৰিব লাগিব। তেওঁলোকে জানিব পাৰিব লাগিব যে যদি আমি আজি আমাৰ পৰিৱেশক ধ্বংস কৰো, তেনেহলে কাইলৈ ইয়াৰ ফল ভুগিব লাগিব আৰু আমাৰ ভৱিষ্যৎ প্রজন্ম বৃহৎ বিপদৰ সন্মুখীন হ’ব। আমি পৰিৱেশৰ এক অংশ আৰু পৰিৱেশ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.