Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ Question Answer.

Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ Notes for All Subjects, You can practice these here.

জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

অধ্যায় – ৩

গোট – ১: পৰিৱেশ শিক্ষা

প্ৰশ্নাৱলী

১। জৈৱ-বৈচিত্র্যৰ সংজ্ঞা লিখা।

উত্তৰঃ জৈৱ বৈচিত্ৰ্যই পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী, অণুজীৱ, আৰু ইহঁতে গঠন কৰা পৰিৱেশ তন্ত্ৰকে ধৰি বিভিন্ন জীৱক বুজায়। UNESCO য়ে আগবঢ়োৱা সংজ্ঞা অনুসৰি, জীৱ-বৈচিত্ৰ্য হ’ল স্থল, সমুদ্ৰ আৰু আন বিভিন্ন পৰিস্থিতি তন্ত্ৰত থকা জীৱৰ সমষ্টিৰ ভিন্নতা, যিবোৰ জটিল জৈৱ পৰিস্থিতি একো একোটা অংশ।

২। উদহৰণসহ ব্যাখ্যা কৰা– আণুবংশিক (বা জিনীয়) বৈচিত্র্য, প্ৰজাতিৰ বৈচিত্র্য আৰু পৰিস্থিতিতন্ত্র বৈচিত্র্য।

উত্তৰঃ আণুবংশিক (বা জিনীয়) বৈচিত্র্য: কিছু পার্থক্য সহজেই চকুৰে দেখা যায়, যেনে, আকাৰ আৰু ৰং। সোৱাদ আৰু গোন্ধ অনুভূতিৰ জৰিয়তেও অনুভৱ কৰিব পাৰি।

প্রজাতি বৈচিত্র্য: পৃথিৱীত থকা কোটি কোটি ধৰণৰ জীৱক শ্রেণীবদ্ধ কৰা প্রজাতিসমূহক একো একোটা গোট হিচাপে ধৰি লোৱা হয়। প্ৰতিটো প্রজাতি অন্যান্য প্রজাতিসমূহতকৈ সম্পূর্ণভাৱে পৃথক। ঘোঁৰা আৰু গাধ সম্পূর্ণ বেলেগ ধৰণৰ প্রজাতি। একেদৰে সিংহ আৰু বাঘো সম্পূর্ণ বেলেগ বেলেগ প্ৰকাৰৰ প্রজাতি। একোটাকৈ প্ৰজাতিৰ সদস্যবোৰ জিনগতভাৱে ইমানেই সাদৃশ্য আছে যে সিহঁত বংশ বৃদ্ধিৰ বাবে সস্তান প্রজননো কৰিব পাৰে। এই সাদৃশ্যই প্রজাতিবোৰক ঐক্যবদ্ধ কৰিছে। প্ৰজাতি বৈচিত্র্যক সাধাৰণতে পৰিমাপ কৰা হয় একোটা নির্দিষ্ট এলেকাত বসবাস কৰা প্ৰজাতিসমূহৰ মুঠ সংখ্যাৰ ভিত্তিত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

পৰিস্থিতিতন্ত্র বৈচিত্র্য: পৰিস্থিতিতন্ত্র হৈছে বিভিন্ন প্রকাৰৰ জীৱৰ পৰস্পৰে পৰস্পৰৰ সৈতে আৰু অজৈৱ উপাদানৰ সৈতে চলি থকা আন্তঃক্রিয়া। সেয়ে পৰিস্থিতিতন্ত্র হৈছে জীৱসমূহৰ বসতি স্থানৰ বৈচিত্র্য, যিয়ে এই ব্যৱস্থাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ জীৱক সামৰি লৈছে। পৰিস্থিতিতন্ত্র বৈচিত্র্যৰ ধাৰণা যিকোনো জৈৱ ভৌগোলিক অথবা ৰাজনৈতিক সীমাৰ ভিতৰত থকা পৰিস্থিতিতন্ত্র বিচিত্ৰতাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়।

৩। জৈৱবৈচিত্র্যৰ মূল্যসমূহ কি কি?

উত্তৰঃ জৈৱবৈচিত্র্যৰ মূল্যসমূহ হ’ল―

(i) উপভোক্তা মূল্য।

(ii) সামাজিক মূল্য।

(iii) নীতিগত মূল্য।

(iv) সৌন্দর্যমূলক মূল্য।

(v) অস্তিত্বৰ মূল্য।

৪। উপভোক্তামূলক মূল্য কি?

উত্তৰঃ মানুহে স্মৰণাতীত কালৰ পৰা জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন উপাদান, যেনে- ইন্ধন, খাদ্য, ঔষধ, আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী ব্যৱহাৰ কৰি আহিছে। বিশ্বৰ খাদ্য যোগানৰ প্ৰায় ৯০ শতাংশ উদ্ভিদ প্রজাতিসমূহৰ পৰা আহে। শস্য আৰু পশুধনৰ জিনগত বৈচিত্ৰ্য টিকাই ৰখা অতিকে গুৰুত্বপূর্ণ, কাৰণ ই উৎপাদনশীলতা বৃদ্ধি কৰা আৰু পৰিৱেশগত পৰিৱর্তনৰ সৈতে খাপ খুৱাবলৈ সহায় কৰে। শস্য উৎপাদক তথা পালনকাৰীসকলৰ বাবে কীট আৰু বেমাৰ প্ৰতিৰোধী নতুন প্ৰকাৰৰ শস্য প্রজাতিৰ জন্ম দিয়াৰ বাবে শস্য বৈচিত্র্য অত্যন্ত প্রয়োজন। শস্য প্রজাতিসমূহৰ বৈচিত্র্যৰ ক্ষতিয়ে বিশ্বজুৰি খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত মাৰাত্মক বেয়া প্রভাৱ পেলায়। 

মাথো এটা প্ৰজাতিৰ কীটৰ ব্যাপক আক্রমণ বা এটা বেমাৰেই বৰ্তি থকা সকলো শস্য বা এক বিশেষ প্ৰকাৰৰ পশুধনক বিলুপ্ত কৰি দিব পাৰে। উন্নয়নশীল দেশবোৰৰ প্ৰায় ৮০ শতাংশ মানুহেই প্রাথমিক চিকিৎসাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে৷ এইবোৰ পৰম্পৰাগত ঔষধ ভেষজ উদ্ভিদ, কিছু জীৱ-জন্তু আৰু খনিজ উৎসৰ পৰা তৈয়াৰ কৰা হয়। এণ্টিবায়’টিক ঔষধ হিচাপে ব্যৱহৃত পেনিচিলিন ‘পেনিচিলিয়াম’ নামৰ এবিধ ফাংগাছৰ পৰা তৈয়াৰ কৰা হয়। একেদৰে, ‘বেকটেৰাম’ নামৰ জীৱাণুৰ পৰা টেট্ৰাছাইক্লিন, ‘ফিলিপেণ্ডুলৌমাৰিয়া’ উদ্ভিদৰ পৰা এছপিৰিন, আৰু ‘ছিংকোনা’ গছৰ বাকলিৰ পৰা কুইনাইন লাভ কৰা হয়। তদুপৰি, খৰি বা ইন্ধন হিচাপে কাঠ, জীৱাশ্ম ইন্ধন, প্ৰাকৃতিক গেছ, আৰু খনিজ দ্রব্যৰ ব্যৱহাৰ মানুহে দৈনন্দিন জীৱনত কৰি আহিছে।

৫। উৎপাদনমূলক মূল্য কি?

উত্তৰঃ জৈৱ বৈচিত্র্যৰ বিভিন্ন উৎসৰ পৰা বাণিজ্যিকভাৱে প্ৰস্তুত বা উৎপাদিত সামগ্ৰীবোৰক উৎপাদনমূলক সামগ্ৰী বুলি কোৱা হয়। আধুনিক যুগতো, পৰম্পৰাগত সম্প্ৰদায়সমূহৰ এক বৃহৎ অংশ সম্পূৰ্ণভাৱে বা আংশিকভাৱে এইবোৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকৰ দৈনন্দিন প্ৰয়োজন, যেনে- খাদ্য, আশ্ৰয়, পোছাক, ঘৰুৱা সামগ্ৰী, ঔষধ, সাৰ, আৰু বিনোদনৰ সামগ্ৰী লাভ কৰিবলৈ এই প্ৰাকৃতিক উৎসবোৰেই মুখ্যভাৱে সহায়ক হয়। হাতীৰ দাঁত, পাটপলুৰ পৰা তৈয়াৰ কৰা পাটৰ কাপোৰ, ভেড়াৰ নোমৰ পৰা তৈয়াৰ কৰা ঊণৰ কাপোৰ, লা পোকৰ পৰা উৎপন্ন লা আদি প্ৰাণী বৈচিত্র্যৰ পৰাই আহৰণ কৰা হয়৷ বহু উদ্যোগ ঘাইকৈ উদ্ভিদ সামগ্ৰীৰ ওপৰতে নিৰ্ভৰশীল। যেনে– কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ, চেনি উদ্যোগ, প্লাইউড উদ্যোগ, ৰেলৱেৰ শিপাৰ আদি।

৬। জৈৱবৈচিত্ৰ্যৰ প্ৰতি প্রধান ভাবুকিসমূহ কি?

উত্তৰঃ জৈৱবৈচিত্ৰ্যৰ প্ৰতি প্রধান ভাবুকিসমূহ হ’ল―

(i) বাসস্থান ধ্বংস।

(ii) পশুধনৰ অতিপাত বিচৰণ।

(iii) চোৰাং চিকাৰ।

(iv) প্রাকৃতিক দুর্যোগ।

(v) জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি।

(vi) জীৱ সম্পদৰ চোৰং সৰবৰাহ।

৭। জৈৱবৈচিত্ৰ্যৰ বহিঃ আৰু অন্তঃসংৰক্ষণ কি? প্রত্যেকটোৰে উদাহৰণ দিয়া।

উত্তৰঃ বহিঃসংৰক্ষণ: বহিঃসংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণীক প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই অন্য উপযুক্ত স্থানত সংৰক্ষণ কৰাৰ প্ৰক্ৰিয়া। ইয়াত প্ৰাণী উদ্যান, উদ্ভিদ উদ্যান, বন প্রতিষ্ঠান, আৰু কৃষি গৱেষণা কেন্দ্ৰ আদি অন্তৰ্ভুক্ত হয়। উদাহৰণস্বৰূপে― শস্য, জীৱ-জন্তু, চৰাই, আৰু মৎস প্ৰজাতিৰ জিনীয় পদার্থ সংগ্ৰহ আৰ সংৰক্ষণৰ বাবে বহু প্রচেষ্টা হাতত লোৱা হৈছে। নেশ্বনেল ব’ৰো অৱ প্লেণ্ট জেনেটিক ৰিছাৰ্ছ, নেশ্বনেল বু’ৰো অৱ এনিমেল জেনেটিক ৰিছাৰ্ছ আদি বিভিন্ন সংস্থাৰ জৰিয়তে এই কাম কৰা হৈছে।

অন্তঃসংৰক্ষণ: এই  সংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সেইসমূহৰ প্ৰাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ, অর্থাৎ নিজা আবাসস্থলতে কৰা সংৰক্ষণ। উদাহৰণস্বৰূপে― বায়’স্ফিয়েৰ ৰিজাৰ্ভ, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদি। ভাৰতত এনে সংৰক্ষণৰ এটা দীঘলীয়া পৰম্পৰা আছে। ভাৰতত ৫৩৩ তকৈ অধিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে, যিয়ে ৪.৩% ভূমি আৱৰি আছে। অসমত ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ২২ খন অভয়াৰণ্য আছে। কাজিৰঙা আৰু পবিতৰাই এশিঙীয়া গঁড় সংৰক্ষণ কৰে, আৰু মানাহ বায়’স্ফিয়াৰ ৰিজাৰ্ভ সোণালী বান্দৰ আৰু নল গাহৰিৰ বিচৰণভূমি।

৮। জীৱ সম্পদৰ চোৰাং বেহা (বা বায়’পাইৰেচি) কি?

উত্তৰঃ বায়’পাইৰেচি হৈছে এখন দেশৰ পৰা জীৱজাত সম্পদক হস্তান্তৰ কৰি আন এখন ঠাইলৈ নিয়া আৰু তাৰ পৰা উৎপাদিত দ্রব্যৰ পেটেণ্ট বা অধিকাৰ আদায় কৰা। কিছুমান দেশৰ থলুৱা লোকসকল হৈছে জ্ঞান আৰু বিশ্বাসৰ ভৰাল স্বৰূপ৷ কিছুমান কোম্পানীৰ এজেণ্ট বা মধ্যভোগীয়ে পৰম্পৰাগত জ্ঞান আৰু মূল্যবান জীৱ পদাৰ্থ সংগ্ৰহ কৰি সেইবোৰক নিজৰ পেটেণ্ট লাভ কৰিবলৈ উপযোগী কৰি তোলে। এইদৰে, তেওঁলোকে অনৈতিক প্ৰক্ৰিয়াৰে এই জীৱসম্পদৰ ব্যৱসায়-বাণিজ্যৰ অধিকাৰ লাভ কৰে। বিভিন্ন দেশত এনে ধৰণৰ বহু ঘটনা ঘটিছে। বিশেষকৈ, কিছুমান মূল্যবান জীৱসম্পদৰ চোৰাং বেহা বা বায়’পাইৰেচি জৈৱবৈচিত্র্যৰ বাবে গভীৰ ভাবুকি হৈ পৰিছে।

৯। আমাৰ দেশৰ দুটা জৈৱবৈচিত্র্য সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ আমাৰ দেশৰ দুটা জৈৱবৈচিত্র্য সংৰক্ষণৰ ব্যৱস্থা হ’ল–

(i) বহিঃসংৰক্ষণ ব্যৱস্থাৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াত এশিঙীয়া গঁড় সংৰক্ষণ কৰা হয়।

(ii) অন্তঃসংৰক্ষণ ব্যৱস্থাৰ ভিতৰত হ’ল নতুন দিল্লী, নেচনেল ব’ৰো অৱ প্লেণ্ট জেনেটিক বিছাৰ্ছ।

১০৷ ধৰিত্ৰী সন্মিলন কোনটো বছৰত অনুষ্ঠিত হৈছিল।

উত্তৰঃ ধৰিত্ৰী সন্মিলন ১৯৯২ চনত অনুষ্ঠিত হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top